\v 21  পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব। \v 22  মোৰ নিজৰ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াহতৰ যি ভাগ মই হাত কৰি লৈছিলো তাৰ এভাগ বেছিকৈ তোমাৰ ভাই ককাইতকৈ তোমাক দিছো।