as_gen_text_ulb/09/05.txt

1 line
1.3 KiB
Plaintext

\v 5 কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। \v 6 ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব; \v 7 তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।” \p