as_gen_text_ulb/04/01.txt

1 line
618 B
Plaintext

\v 1 মানুহে তেওঁৰ ভাৰ্য্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালো।” \v 2 পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন ভেড়াপালক আৰু কয়িন কৃষক হ’ল। \p