as_gen_text_ulb/49/28.txt

1 line
1.2 KiB
Plaintext

\v 28 এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে। \v 29 পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তিয়া ইফ্ৰোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। \v 30 সেই গুহা কনান দেশত মম্রিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্রাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তিয়া ইফ্ৰোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল। \p