as_gen_text_ulb/47/11.txt

1 line
848 B
Plaintext

\v 11 যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে। \v 12 যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।