as_gen_text_ulb/40/16.txt

1 line
828 B
Plaintext

\v 16 প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওধ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলো; \v 17 তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।”