as_gen_text_ulb/38/12.txt

1 line
1.3 KiB
Plaintext

\v 12 পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ ভেড়াৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল। \v 13 তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।” \v 14 তাকে শুনি তামাৰে বিধৱা-বস্ত্ৰ সোলোকাই থৈ, ওৰণিৰে মুখ ঢাকি, গাত কাপোৰ মেৰিয়াই ঐনয়িমৰ দুৱাৰ-মুখত বহি থাকিল; ঐনয়িম তিম্নালৈ যোৱা বাটৰ ওচৰত আছিল। কিয়নো তাই মন কৰিছিল যে, চেলা ডাঙৰ হোৱাটো তেওঁৰ সৈতে তাইক বিয়া নিদিলে।