as_gen_text_ulb/35/01.txt

1 line
1.4 KiB
Plaintext

\v 1 তাৰপাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যি জনাই তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।” \v 2 তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা। \v 3 তাৰপাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যি জনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।