as_gen_text_ulb/33/12.txt

1 line
1.2 KiB
Plaintext

\v 12 পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম। \v 13 যাকোবে তেওঁক ক’লে, “মোৰ প্রভুৱেতো জানেই যে এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা ভেড়া-গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালীও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব। \v 14 তাতোকৈ বৰং মোৰ প্রভুৱে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”