as_gen_text_ulb/33/01.txt

1 line
996 B
Plaintext

\v 1 তাৰপাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তানসকলক ভাগ কৰি দিলে। \v 2 দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তানসকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তানসকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে। \v 3 তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে।