as_gen_text_ulb/32/24.txt

1 line
989 B
Plaintext

\v 24 তাতে যাকোব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পর্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে। \v 25 সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ যাকোবক পৰাজয় কৰিব পৰা নাই, তেতিয়া তেওঁ যাকোবৰ কৰঙনৰ জোৰাত আঘাত কৰিলে; তাতে তেওঁৰ কৰঙনৰ হাড়ৰ জোৰা লৰিল। \v 26 পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”