as_gen_text_ulb/31/48.txt

1 line
1.2 KiB
Plaintext

\v 48 তেতিয়া লাবনে ক’লে, “এই স্তূপেই আজি তোমাৰে মোৰে মাজত সাক্ষী হৈছে।” এই হেতুকে এই স্তূপৰ নাম গলেদ ৰখা হ’ল। \v 49 তাৰ উপৰি ইয়াৰ নাম মিস্পাও (প্ৰহৰিস্থান) ৰখা হ’ল, কিয়নো লাবনে ক’লে, “আমি ইজনে সিজনে চকুৰ আঁতৰা-আঁতৰি হ’লে, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক। \v 50 তুমি যদি মোৰ ছোৱালী দুজনীক বেয়া ব্যৱহাৰ কৰা নাইবা মোৰ ছোৱালীবোৰ থকাতো আন মহিলাক গ্রহণ কৰা, তেতিয়া যদিও আমাৰ ওচৰত কোনো মানুহ নাথাকিব, কিন্তু মনত ৰাখিবা ঈশ্বৰ তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”