as_gen_text_ulb/31/38.txt

1 line
1.2 KiB
Plaintext

\v 38 মই আপোনাৰ লগত বিশ বছৰ ধৰি আছিলোঁ। এই কালছোৱাত আপোনাৰ কোনো মাইকী ভেড়া বা ছাগলীৰ গর্ভফল বিনষ্ট হোৱা নাছিল নাইবা আপোনাৰ জাকৰ কোনো এটা মতা ভেড়াও মই মাৰি খোৱা নাছিলো। \v 39 এনেকি বন্য জন্তুৱে মৰা কোনো পশুও মই আপোনাৰ ওচৰলৈ অনা নাছিলো; সেই ক্ষতি মই নিজেই বহন কৰিছিলো; কিন্তু কোনো পশু চুৰ হ’লে - সেইয়া দিনতেই হওঁক বা ৰাতিয়েই হওঁক, আপুনি তাৰ ক্ষতিপূৰণ মোৰ পৰা আদায় কৰিছিল। \v 40 মই দিনৰ গৰমত পুৰিছিলো আৰু ৰাতিৰ ঠাণ্ডাত কঁপিছিলো, মোৰ চকুত টোপনি নাছিল; তাত মোৰ অৱস্থা এয়ে আছিল।