as_gen_text_ulb/27/32.txt

1 line
781 B
Plaintext

\v 32 তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।” \v 33 এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।”