as_gen_text_ulb/24/05.txt

1 line
1.3 KiB
Plaintext

\v 5 তেতিয়া সেই দাসে তেওঁক ক’লে, “যদি কোনো ছোৱালী মোৰ লগত এই দেশলৈ আহিবলৈ মান্তি নহয়? পাছত আপুনি যি দেশৰ পৰা ওলাই আহিল, মই আপোনাৰ পুত্ৰক লৈ আকৌ সেই দেশলৈ যাম নে?” \v 6 অব্ৰাহামে তেওঁক ক’লে, “সাৱধান হোৱা, তুমি মোৰ পুত্ৰক সেই দেশলৈ কেতিয়াও ওলোটাই নিনিবা! \v 7 স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা। \p