as_gen_text_ulb/24/01.txt

1 line
1.2 KiB
Plaintext

\v 1 অব্ৰাহাম অতিশয় বৃদ্ধ অৱস্থালৈ জীয়াই আছিল। আৰু যিহোৱাই সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল। \v 2 পাছত অব্ৰাহামে সকলো কাৰ্য্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া। \v 3 মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহিৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা, \v 4 তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।” \p