as_gen_text_ulb/13/10.txt

1 line
963 B
Plaintext

\v 10 তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্ব্বে এই সমতল ভূমি তেনেকুৱা আছিল। \v 11 তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আনজনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।