as_gen_text_ulb/07/01.txt

1 line
999 B
Plaintext

\v 1 তাৰপাছত যিহোৱাই নোহক ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্ম্মিক হৈ আছা। \v 2 তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা। \v 3 আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা। \p