as_gen_text_ulb/06/13.txt

1 line
1.2 KiB
Plaintext

\v 13 ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানুহজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। \v 14 তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে (আলকাতাৰাজাতীয় পানী নোসোমোৱা এবিধ প্রলেপ) লিপি দিবা। \v 15 জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।