\v 11 তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ, \v 12 আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল। \p \v 13 লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া, \v 14 পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। ফিলিস্তানীসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল। \p