as_ulb/42-MRK.usfm

1258 lines
205 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id MRK
\ide UTF-8
\h মাৰ্কে লিখা শুভবাৰ্তা
\toc1 মাৰ্কে লিখা শুভবাৰ্তা
\toc2 মাৰ্কে লিখা
\toc3 mrk
\mt1 মাৰ্কে লিখা শুভবাৰ্তা
\s5
\c 1
\p
\v 1 ঈশ্বৰৰপুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
\v 2 যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
\v 3 “মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, \f + \ft মলা 3:1; যিচ 40:3 \f* ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’”
\s5
\p
\v 4 এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম দিওঁতা আৰু পাপ মোচনৰ অৰ্থে মনপালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
\v 5 তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, \f + \ft গীত 32:5; হিতো 28:13; 1 যো 8:10 \f* তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ললে।
\v 6 সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
\s5
\p
\v 7 তেওঁ ঘোষণা কৰি কলে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিতাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
\v 8 মই তোমালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।” \f + \ft পাঁ 1:5, 8; 2:1-4 \f*
\s5
\p
\v 9 সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ললে।
\v 10 তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
\v 11 আৰু এইদৰে আকাশী বাণী হ’ল, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।” \f + \ft মলা 3:1; যিচ 40:3 \f*
\s5
\p
\v 12 তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গল।
\v 13 সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
\s5
\p
\v 14 যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
\v 15 যীচুৱে প্ৰচাৰ কৰি কলে, “কাল সম্পূৰ্ণ হ’ল, \f + \ft গীত 32:5; হিতো 28:13; 1 যো 8:10 \f* আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মনপালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
\s5
\p
\v 16 পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, \f + \ft পাঁ 1:5, 8; 2:1-4 \f* চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
\v 17 তেতিয়া যীচুৱে তেওঁলোকক কলে, “মোৰ পাছত আহাঁ; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
\v 18 তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গল।
\s5
\p
\v 19 পাছত যীচুৱে অলপ দূৰ আগুৱাই যাওতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱঁত জাল মেৰামতি কৰি আছিল।
\v 20 তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱা সকলক নাৱঁৰ সৈতে এৰি যীচুৰ পাছে পাছে গল।
\s5
\p
\v 21 পাছত তেওঁলোকে কফৰনাহূমলৈ গল আৰু বিশ্ৰামবাৰ আহিলত নামঘৰত সোমাই উপদেশ দিলে।
\v 22 তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
\s5
\p
\v 23 সেই সময়ত তেওঁলোকৰ সেই নামঘৰতে অশুচি আত্মাই \f + \ft লূক 4:33-37 \f* ধৰা এজন মানুহ আছিল। তেওঁ চিঞঁৰি কলে,
\v 24 “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।”
\v 25 কিন্তু যীচুৱে তাক দবিয়াই কলে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
\v 26 তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞঁৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গল।
\s5
\p
\v 27 তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে।”
\v 28 তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গল।
\s5
\p
\v 29 পাছত তেওঁলোকে নামঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
\v 30 তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
\v 31 তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
\s5
\p
\v 32 সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগী আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
\v 33 আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
\v 34 তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদিলে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
\s5
\p
\v 35 অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
\v 36 পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গল৷
\v 37 পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে।”
\s5
\p
\v 38 তাতে তেওঁ তেওঁলোকক কলে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলো।” \f + \ft গীত 40:7-9; যিচ 61:1 \f*
\v 39 পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নামঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদিলে।
\s5
\p
\v 40 তাতে এজন কুষ্ঠ ৰোগী \f + \ft মথি 8:2-4; লূক 5:12-15 \f* তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ কলে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
\v 41 তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই কলে, “মই ইচ্ছা কৰিছো৷ শুচি হোৱা।”
\v 42 তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আঁতৰিল আৰু তেওঁ শুচি হ’ল।
\s5
\p
\v 43 যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
\v 44 যীচুৱে তেওঁক কলে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰলৈ গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ।”
\s5
\p
\v 45 কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্য ৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিব লগীয়া হ’ল, তথাপি চাৰিওফালৰ পৰা লোক সকল তেওঁৰ ওচৰলৈ আহি আছিল।
\s5
\c 2
\p
\v 1 কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,
\v 2 ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
\s5
\p
\v 3 তেতিয়া লোক সকলে চাৰি \f + \ft মথি 9:2-17; লূক 5:19-39 \f* জনে কঢ়িয়াই অনা এজন জঠৰ ৰোগীক যীচুৰ ওচৰলৈ আনিলে।
\v 4 কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু জঠৰ ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।
\s5
\p
\v 5 তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক কলে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল।”
\v 6 কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি কলে,
\v 7 “এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। ঈশ্বৰৰ বাহিৰে কোনে পাপ ক্ষমা কৰিব পাৰে?” \f + \ft যিচ 43:25; দা 9:9 \f*
\s5
\p
\v 8 তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে \f + \ft গীত 139:2; যো 2:25; প্ৰ 2:23 \f* ; সেয়েহে তেওঁলোকক কলে, “তোমালোকে অন্তৰত কিয় এনে কথা ভাবিছা?
\v 9 ‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত জঠৰ ৰোগীজনক কোনটো কবলৈ সহজ?
\s5
\p
\v 10 কিন্তু তোমালোকে যেন জানা যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ জঠৰ ৰোগীজনক কলে,
\v 11 “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা।”
\v 12 তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি কলে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
\s5
\p
\v 13 তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।
\v 14 পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক কলে, “মোৰ পাছে পাছে আহাঁ”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গল।
\s5
\p
\v 15 যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকাৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
\v 16 তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকাৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক কলে, “এওঁ কিয় কৰ সংগ্রহকাৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?
\s5
\p
\v 17 যীচুৱে ইয়াকে শুনি তেওঁলোকক কলে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয়, কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছো”।
\s5
\p
\v 18 এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”?
\v 19 তেতিয়া যীচুৱে তেওঁলোকক কলে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
\s5
\p
\v 20 কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।
\v 21 কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।
\s5
\p
\v 22 পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।
\s5
\p
\v 23 তাৰ পাছত \f + \ft মথি 12:1-15; লূক 6:1-11 \f* তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে।
\v 24 তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
\s5
\p
\v 25 তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে?
\v 26 তেওঁ কেনেকৈ অবিয়াথ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে”?
\s5
\p
\v 27 যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহল;
\v 28 এই হেতুকে মানুহৰ পুত্র বিশ্রামবাৰও অধিপতি”।
\s5
\c 3
\p
\v 1 তাৰ পাছত যীচু পুনৰ নামঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
\v 2 বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
\s5
\p
\v 3 তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক কলে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।
\v 4 তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰবধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।
\s5
\p
\v 5 তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক কলে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
\v 6 তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
\s5
\p
\v 7 তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গল; তেতিয়া গালীল আৰু যিহূদিয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
\v 8 আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
\s5
\p
\v 9 তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
\v 10 কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
\s5
\p
\v 11 আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ।’
\v 12 কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
\s5
\p
\v 13 পাছে তেওঁ পৰ্বতত উঠি \f + \ft মথি 10:1-4; লূক 10:12-16 \f* , যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
\v 14 তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
\v 15 আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
\v 16 তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
\s5
\p
\v 17 চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
\v 18 আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
\v 19 আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
\s5
\p
\v 20 পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
\v 21 তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গল।
\v 22 আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে কলে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
\s5
\p
\v 23 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে কলে, “চয়তানে চয়তানক কেনেকৈ খেদিব পাৰে?
\v 24 যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
\v 25 আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
\s5
\p
\v 26 চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
\v 27 বলৱান \f + \ft যিচ 49:24, 25 \f* জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
\s5
\p
\v 28 মই তোমালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
\v 29 কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহব; সি অনন্ত পাপৰ অধিকাৰী।”
\v 30 যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
\s5
\p
\v 31 এনেতে \f + \ft মথি 12:46-50; লূক 8:9-21 \f* তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
\v 32 তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক কলে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে।”
\s5
\p
\v 33 তাতে তেওঁ উত্তৰ দি তেওঁলোকক কলে, “মোৰ আই আৰু মোৰ ভাই সকল কোন?”
\v 34 পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ কলে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
\v 35 কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইও হয়৷”
\s5
\c 4
\p
\v 1 তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাওত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
\v 2 তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে \f + \ft মথি 13:1-33; লূক 8:4, 5৷ \f* আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:
\s5
\p
\v 3 “শুনা, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গল।
\v 4 তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
\v 5 কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোণকালে গজিল
\s5
\v 6 কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, \f + \ft গীত 1:4; ইফি 3:19; কল 2:7৷ \f* সেইবোৰ শুকাই গল।
\v 7 কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
\s5
\p
\v 8 আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল \f + \ft যো 15:5; কল 1:6, 10; ইব্ৰী 6:7, 8; 2 পি 1:8৷ \f* উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
\v 9 তেওঁ কলে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\s5
\p
\v 10 তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
\v 11 তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
\v 12 যাতে তেওঁলোকে যেতিয়া চায়, তেওঁলোকে চায় হয়,; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
\s5
\p
\v 13 পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
\v 14 সেই খেতিয়কেই বাক্য সিচেঁ।
\v 15 য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে \f + \ft পি 5:8; ইব্ৰী 2:1৷ \f* আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
\s5
\p
\v 16 সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
\v 17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
\s5
\p
\v 18 আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
\v 19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ \f + \ft লূক 21:34; 1 যো 2:16, 17৷ \f* সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
\v 20 আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
\s5
\p
\v 21 যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
\v 22 কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই \f + \ft উপ 12:14; লূক 12:2; 1 কৰি 4:5৷ \f* আৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
\v 23 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\s5
\p
\v 24 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
\v 25 কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
\s5
\p
\v 26 যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
\v 27 তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
\v 28 পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
\v 29 তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
\s5
\p
\v 30 যীচুৱে পুনৰ কলে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
\v 31 সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
\v 32 কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”
\s5
\p
\v 33 এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য কলে৷
\v 34 কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।
\s5
\p
\v 35 সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক কলে, “আমি সিপাৰলৈ যাওঁহক৷”
\v 36 তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাওত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গল; \f + \ft মথি 8:23-34; লূক 8:22-39৷ \f* আৰু আন আন নাৱোঁ তেওঁলোকৰ লগত আছিল।
\v 37 পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
\s5
\p
\v 38 সেই সময়ত তেওঁ নাৱওৰ গুৰি ফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই কলে, “হে গুৰু, আমি এতিয়া মৰোঁহে, ইয়ালৈ আপুনি চিন্তা নকৰে নে?”
\v 39 তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো কলে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আঁতৰিল, আৰু অতি শান্ত হৈ পৰিল।
\s5
\p
\v 40 যীচুৱে তেওঁলোকক কলে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?” \f + \ft যিচ 43:2৷ \f*
\v 41 তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”
\s5
\c 5
\p
\v 1 তাৰ পাছত \f + \ft মথি 8:28-34; লূক 826-39৷ \f* তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে।
\v 2 যীচুৱে নাওৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিবলৈ আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷
\s5
\p
\v 3 সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷
\v 4 তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
\s5
\p
\v 5 প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞঁৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
\v 6 যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷
\s5
\v 7 তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছো, মোক যাতনা নিদিব।”
\v 8 কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা।”
\s5
\v 9 পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক কলে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছো।”
\v 10 পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি কলে।
\s5
\p
\v 11 সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল।
\v 12 তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷”
\v 13 তাতে তেওঁ অনুমতি দিয়াৰ পাছত, সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
\s5
\p
\v 14 তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাৱঁবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱা ঘটনাটোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;
\v 15 আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
\s5
\p
\v 16 সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷
\v 17 তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ বিনয় কৰিলে৷
\s5
\p
\v 18 পাছত যীচুৱে সেই ঠাই এৰি যাবৰ বাবে নাওত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
\v 19 কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি কলে, “তুমি আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনত কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।” \f + \ft গীত 66:16; যিচ 38:19 \f*
\v 20 তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে \f + \ft মথি 9:18-26; লূক 8:40-56৷ \f* , সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।
\s5
\p
\v 21 পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল।
\v 22 এনেতে যায়ীৰ নামেৰে নাম ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
\v 23 তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
\v 24 তেতিয়া যীচু তেওঁৰ লগত গল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি ধৰিলে।
\s5
\p
\v 25 আৰু সেই সময়ত তাত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগত ভোগি থকা তিৰোতা এজনী আছিল৷
\v 26 অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷
\v 27 তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছ ফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷
\s5
\p
\v 28 কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম।’
\v 29 তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা বন্ধ গল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।
\s5
\v 30 সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”
\v 31 তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”
\v 32 কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।
\s5
\p
\v 33 তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা কলে৷
\v 34 তাতে যীচুৱে তেওঁক কলে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; \f + \ft মার্ক 10:52; লূক 7:50; 17:19৷ \f* শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
\s5
\p
\v 35 তেওঁ এই কথা কৈ থাকোতে, নাম ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি কলে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”
\s5
\p
\v 36 কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”
\v 37 পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহনৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
\v 38 তেওঁলোকে নাম ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাত ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।
\s5
\p
\v 39 পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক কলে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?
\v 40 ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গল।
\s5
\p
\v 41 পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
\v 42 সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।
\v 43 পাছত এই কথা যেন কোনেও নাজানে তাৰ বাবে তেওঁ তেওঁলোকক দৃঢ় আজ্ঞা দিলে আৰু তাইক খোৱা বস্তু দিবলৈ কলে।
\s5
\c 6
\p
\v 1 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ \f + \ft মথি 13:53-58; লূক 4:16-30৷ \f* আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
\v 2 পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা কৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এই ৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
\v 3 ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচি, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
\s5
\p
\v 4 তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
\v 5 সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
\v 6 তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
\s5
\p
\v 7 যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
\v 8 এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালৰ বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালি, পইচা, এইবোৰ নলয়;
\v 9 আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
\s5
\p
\v 10 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
\v 11 কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
\s5
\p
\v 12 পাছত তেওঁলোকে ওলাই গৈ লোক সমূহে যন মনপালটন \f + \ft যিহি 18:30-32; পাঁ 17:30; 26:20৷ \f* কৰে তাৰ কাৰণে প্রচাৰ কৰিলে; আৰ
\v 13 বহুত ভূত খেদিলে আৰু বহুত নৰিয়াত পৰা লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
\s5
\p
\v 14 এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে কব ধৰিলে বোলে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”।
\v 15 কিন্তু অন্য কিছুমানে কলে, “তেওঁ এলিয়া;” আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী।”
\s5
\p
\v 16 কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল।”
\v 17 কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্য্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
\s5
\p
\v 18 আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়।”
\v 19 এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
\v 20 কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
\s5
\p
\v 21 কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
\v 22 তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক কলে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
\s5
\p
\v 23 আৰু শপত খাই তাইক কলে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
\v 24 তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ কলে, “যোহন বাপ্তাইজকৰ মূৰ।”
\v 25 তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি কলে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন কাহিঁত আনি মোক দিয়াটো ইচ্ছা কৰো।”
\s5
\p
\v 26 তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
\v 27 তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
\v 28 আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
\v 29 পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গল আৰু মৈদাম দিলে।
\s5
\p
\v 30 পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
\v 31 তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
\v 32 তেতিয়া শিষ্য সকল নাওত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গল।
\s5
\p
\v 33 কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়ে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
\v 34 যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেওলোকক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেওলোকক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেওলোকক অনেক উপদেশ দিবলৈ ধৰিলে।
\s5
\p
\v 35 পাছত \f + \ft মথি 14:15-36; লূক 9:12-17; যো 6:5-21 \f* দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি কলে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গল;
\v 36 গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেওলোকক ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
\s5
\p
\v 37 কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোইে তেওলোকক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলিৰ \f + \ft দীনাৰ \f* পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
\v 38 কিন্তু তেওঁ শিষ্য সকলক কলে, “তোমালোকৰ লগত কেইটা পিঠা আছে?” পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে।”
\s5
\p
\v 39 তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
\v 40 তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
\v 41 তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদ \f + \ft মথি 26:26; লূক 24:30৷ \f* কৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
\s5
\v 42 তাতে সকলোৱে খাই তৃপ্ত হ’ল।
\v 43 পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
\v 44 সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
\s5
\p
\v 45 তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
\v 46 তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা \f + \ft মার্ক 1:35৷ \f* কৰিবলৈ পৰ্বতৰ ওপৰলৈ গল।
\v 47 সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজ পাইছিল আৰু তেওঁ অকলে বামত আছিল।
\s5
\p
\v 48 পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
\v 49 কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞঁৰি উঠিল;
\v 50 কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকক সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
\s5
\p
\v 51 পাছত তেওঁ শিষ্য সকলৰ লগত নাওত উঠিল আৰু বতাহো নাইকিয়া হব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
\v 52 কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
\s5
\p
\v 53 তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাওখন লগালে।
\v 54 আৰু তেওঁলোকে নাওৰ পৰা নামি আহোতে সেই ঠাইৰ লোক সকলে যীচুক চিনি পালে৷
\v 55 তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
\s5
\p
\v 56 তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া পৰা সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সেই সকলোৱে ৰক্ষা পালে।
\s5
\c 7
\p
\v 1 তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷
\s5
\p
\v 2 তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচিকৈ অৰ্থাৎ, হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল।
\v 3 কিয়নো ফৰীচী আৰু আন যিহূদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়ম তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে।
\v 4 আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে, অৰ্থাৎ, তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ বা লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।
\s5
\p
\v 5 তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে”?
\s5
\p
\v 6 তেতিয়া তেওঁ কলে, “তোমালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
\v 7 তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
\s5
\p
\v 8 তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছা।”
\v 9 তেওঁ পুনৰ কলে, “তোমালোকে এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছা।
\v 10 কিয়নো মোচিয়ে কলে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক।”
\s5
\p
\v 11 “কিন্তু তোমালোকে কোৱা - ‘যে কোনোৱে, নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে তোমালোকৰ সহায় হব পাৰিলো হেঁতেন, সেইবোৰ কৰ্ব্বান \f + \ft ঈশ্বৰলৈ উৎসৰ্গা দান কৰা হৈছে৷ \f* (অৰ্থাৎ ঈশ্বৰলৈ উৎসৰ্গা কৰা) কৰা হৈছে;
\v 12 তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই;
\v 13 এইদৰে তোমালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম তোমালোকে কৰা।”
\s5
\p
\v 14 পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ কলে, “তোমালোক সকলোৱে মোৰ কথা শুনা আৰু বুজি লোৱা।
\v 15 বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলায়, সেইবোৰেহে মানুহক অশুচি কৰে। \f + \ft কিছুমান পুৰণি অনুলিপিত লিখা আছে 16 পদ: কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক৷ \f* 16 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\s5
\s5
\p
\v 17 পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।
\v 18 তাতে যীচুৱে তেওঁলোকক কলে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
\v 19 কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি কলে।
\s5
\v 20 তেওঁ পুনৰ কলে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে।
\v 21 কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ, মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
\v 22 পৰস্ত্ৰী-গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
\v 23 এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
\s5
\p
\v 24 পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আঁতৰি গল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে।
\v 25 যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।
\v 26 সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।
\s5
\p
\v 27 তেতিয়া তেওঁ তাইক কলে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
\v 28 কিন্তু উত্তৰত তাই কলে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়।”
\s5
\p
\v 29 তাতে তেওঁ তাইক কলে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গল।”
\v 30 পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গল।
\s5
\p
\v 31 আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল।
\v 32 তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।
\s5
\p
\v 33 তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি;
\v 34 থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি কলে- “ইফফাথা, অর্থাৎ মুকলি হওক”।
\v 35 তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা কবলৈ ধৰিলে।
\s5
\p
\v 36 পাছত এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে;
\v 37 আৰু তেওঁলোকে অতিশয় বিস্ময় মানি কলে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা কবলৈ শক্তি দিয়ে।”
\s5
\c 8
\p
\v 1 সেই সময়ত \f + \ft মথি 15:32-39 \f* বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি কলে,
\v 2 “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
\v 3 যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে।”
\v 4 তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক কলে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি কৰ পৰা যোগাৰ কৰিব পাৰিম?”
\s5
\p
\v 5 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা।”
\v 6 তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
\s5
\p
\v 7 আৰু তেওঁলোকৰ লগত অলপ মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ কলে।
\v 8 তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ললে।
\v 9 তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
\v 10 তেওঁ শিষ্য সকলৰ সৈতে নাওত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গল।
\s5
\p
\v 11 তেতিয়া \f + \ft মথি 16:1-12 \f* ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
\v 12 তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই কলে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহব।”
\v 13 পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাওত উঠি সিপাৰলৈ গুচি গল।
\s5
\p
\v 14 তেতিয়া শিষ্য সকলে লগত পিঠা লবলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাওত একোৱেই নাছিল।
\v 15 এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি কলে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হবা।”
\s5
\p
\v 16 তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি কলে, “অ! আমাৰ পিঠা নাই।”
\v 17 যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক কলে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
\s5
\p
\v 18 তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
\v 19 মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলো, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে কলে, “বাৰটা”।
\s5
\p
\v 20 “আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলো, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে কলে, “সাতোটা”।
\v 21 তেতিয়া তেওঁ তেওঁলোকক কলে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
\s5
\p
\v 22 পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
\v 23 তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাৱঁৰ বাহিৰলৈ লৈ গল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
\s5
\p
\v 24 তেতিয়া তেওঁ চকু তুলি চাই কলে, “মানুহবোৰক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
\v 25 তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
\v 26 পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি কলে, “নগৰত নোসোমাবা।”
\s5
\p
\v 27 পাছত \f + \ft মথি 16:13-28; লূক 9:18-28 \f* যীচু তেওঁৰ শিষ্য সকলৰ সৈতে কৈচৰীয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
\v 28 তেতিয়া তেওঁলোকে কলে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
\s5
\p
\v 29 তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক কলে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জনা।”
\v 30 তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
\s5
\p
\v 31 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; কিন্তু তিনি দিনৰ দিনা তেওঁ পুনৰাই জী উঠিব লাগিব।
\v 32 তেওঁ এই কথা স্পষ্টভাৱে কলে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
\s5
\p
\v 33 কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই কলে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
\v 34 পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি কলে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ \f + \ft ৰো 6:6; গালা 2:20, 5:24, 6:14 \f* তুলি মোৰ পাছে পাছে আহক।
\s5
\p
\v 35 কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব। \f + \ft তী 2:11, 12 \f*
\v 36 কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱায়, তেনেহলে তেওঁৰ কি লাভ?
\v 37 কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
\s5
\p
\v 38 কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
\s5
\c 9
\p
\v 1 যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
\s5
\p
\v 2 তাৰ \f + \ft মথি 16:13-28; লূক 9:18-27 \f* ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।
\v 3 তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
\s5
\p
\v 4 তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
\v 5 তাতে পিতৰে মাত লগাই যীচুক কলে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
\v 6 কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
\s5
\p
\v 7 তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা।”
\v 8 পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
\s5
\p
\v 9 পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নকবা।”
\v 10 তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু মৃত্যুৰ পৰা পুনৰুত্থান কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
\s5
\p
\v 11 পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
\v 12 তাতে তেওঁ তেওঁলোকক কলে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনৰ প্ৰতিষ্ঠা কৰে; তেনেহলে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হব?
\v 13 কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
\s5
\p
\v 14 পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
\v 15 তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
\v 16 তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
\s5
\p
\v 17 তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
\v 18 সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদিবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলো, কিন্তু তেওঁলোকে নোৱাৰিলে।”
\v 19 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
\s5
\p
\v 20 তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
\v 21 তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ কলে, “শিশু কালৰে পৰা হৈছে;
\v 22 আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
\s5
\p
\v 23 তেতিয়া যীচুৱে তেওঁক কলে, “যদি পাৰে বুলি কলা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।” \f + \ft গীত 22:1-18; যিচ 53:3-10; দা 9:26; লূক 24:26 \f*
\v 24 তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই কলে, “বিশ্বাস কৰিছো; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
\v 25 তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে লৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই কলে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছো, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
\s5
\v 26 তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰ মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে কলে, “সি মৰিল।”
\v 27 কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
\s5
\p
\v 28 পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলো?”
\v 29 তাতে তেওঁ তেওঁলোকক কলে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
\s5
\p
\v 30 পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
\v 31 কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিনি দিনৰ পাছত তেওঁ পুনৰায় উঠিব।’
\v 32 কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
\s5
\p
\v 33 এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
\v 34 কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, \f + \ft -24; লূক 17:5, 6; যো 11:40 \f* সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
\v 35 তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি কলে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হব।
\s5
\p
\v 36 তেতিয়া তেওঁ শিশু এটাক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
\v 37 তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক কলে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকে গ্ৰহণ কৰে।”
\s5
\p
\v 38 তেতিয়া যোহনে তেওঁক কলে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলো; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলো।”
\v 39 তেতিয়া যীচুৱে কলে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
\s5
\p
\v 40 কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
\v 41 যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
\s5
\p
\v 42 কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হব।
\v 43-44 যদি তোমাৰ হাত তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
\s5
\p
\v 45-46 যদি তোমাৰ ভৰি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
\s5
\p
\v 47 আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল।
\v 48 কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
\s5
\p
\v 49 কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হব।
\v 50 লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।” \f + \ft ৰো 12:18; 14:19; 2 কৰ 13:11 \f*
\s5
\c 10
\p
\v 1 তাৰ পাছত \f + \ft মথি 19:1-12 \f* যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়াৰ সীমালৈ গল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।
\s5
\p
\v 2 তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাটো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল।
\v 3 তেতিয়া তেওঁ উত্তৰ দি কলে, “মোচিয়ে তোমালোকক কি আজ্ঞা দিলে?”
\v 4 তেওঁলোকে কলে, “এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মোচিয়ে পুৰুষক অনুমতি দিলে।” \f + \ft দ্বি বি 24:1; মথি 5:31; \f*
\s5
\p
\v 5 যীচুৱে তেওঁলোকক কলে, “তোমালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা তোমালোকৰ বাবে লিখিলে,
\v 6 কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।
\v 7 ‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,
\v 8 আৰু দুয়ো এক দেহ হব। \f + \ft আদি 1:27; 2:24 \f* গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’
\s5
\p
\v 9 এতেকে ঈশ্বৰে যাক যোগ কৰিলে, তাক কোনোও বিয়োগ নকৰক।”
\s5
\p
\v 10 পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্য সকলে এই বিষয়ে আকৌ তেওঁক সুধিলে।
\v 11 তাতে তেওঁ তেওঁলোকক কলে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷
\v 12 আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”
\s5
\p
\v 13 পাছত \f + \ft মথি 19:13-30; লূক 18:15-30 \f* লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে।
\v 14 তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ কলে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।
\s5
\p
\v 15 মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”
\v 16 পাছত তেওঁ সিহঁতক কোলাত ললে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে।
\s5
\p
\v 17 পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হবলৈ মই কি কৰিব লাগিব?”
\v 18 যীচুৱে কলে, “মোক সৎ কিয় বুলিছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
\v 19 তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
\s5
\p
\v 20 মানুহ জনে কলে, “হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছো।”
\v 21 তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি কলে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহাঁ, মোক অনুসৰণ কৰা।”
\v 22 সেই কথাত তেওঁৰ মুখ কলা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।
\s5
\p
\v 23 পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক কলে, “ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!”
\v 24 তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক কলে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, \f + \ft গীত 52:7; 62:10; 1 তীম 6:17 \f* তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
\v 25 ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।”
\s5
\p
\v 26 তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
\v 27 যীচুৱে তেওঁলোকৰ ফালে চাই কলে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”
\v 28 পিতৰে তেওঁক কবলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলো।”
\s5
\p
\v 29 যীচুৱে কলে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে,
\v 30 তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।
\v 31 কিন্তু আগ হোৱা সকলৰ অনেক লোক পাছ হব আৰু পাছ হোৱা সকল আগ হব।”
\s5
\p
\v 32 তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ \f + \ft মথি 20:17-34; লূক 18:31-43 \f* যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিব লগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক কবলৈ ধৰিলে,
\v 33 “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছো; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-যিহূদী সকলৰ হাতত শোধাই দিব৷
\v 34 তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”
\s5
\p
\v 35 পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি কলে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰো।”
\v 36 তেওঁ তেওঁলোকক কলে, “মই তোমালোকৰ বাবে কি কৰাটো তোমালোকে ইচ্ছা কৰা?”
\v 37 তেওঁলোকে কলে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পাও, এনে অনুমতি দিয়ক।”
\s5
\p
\v 38 কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি কলে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰো, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হব পাৰিবা নে?”
\v 39 তেওঁলোকে তেওঁক কলে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক কলে, “মই যি পাত্ৰত পান কৰো, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হবা।
\v 40 কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হব।”
\s5
\p
\v 41 আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হব ধৰিলে।
\v 42 যীচুৱে তেওঁলোকক ওচৰলৈ মাতি কলে, “অনা-যিহূদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।
\s5
\p
\v 43 কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
\v 44 আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হবলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।
\v 45 কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” \f + \ft যিচ 53:11, 12; দা 9:26; গালা 3:13, 14; 1 তীম 2:6 \f*
\s5
\p
\v 46 তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।
\v 47 সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি কবলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”
\v 48 তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে দবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি কলে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”
\s5
\p
\v 49 তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”
\v 50 তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
\s5
\p
\v 51 তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাটো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক কলে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।”
\v 52 তেতিয়া যীচুৱে তেওঁক কলে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।
\s5
\c 11
\p
\v 1 যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;
\v 2 আৰু তেওঁলোকক এই আদেশ দি কলে - “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।
\v 3 কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে কবা, ‘প্ৰভুৰ এইটোৰ প্ৰয়োজন আছে, আৰু সোনকালেই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”
\s5
\p
\v 4 তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।
\v 5 এনেতে, তাত থিয় হৈ থকা লোক সকলে কলে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?”
\v 6 তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।
\s5
\p
\v 7 পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল। \f + \ft জখ 9:9 \f*
\v 8 অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।
\v 9 যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে, ‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
\v 10 আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য \f + \ft যিচ 9:7; যিৰি 33:15 \f* আহিছে, সেই জন ধন্য! উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
\s5
\p
\v 11 এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গল।
\v 12 পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।
\s5
\p
\v 13 তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।
\v 14 তেতিয়া তেওঁ মাত লগাই সেই গছক কলে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি কলে শুনিলে।
\s5
\p
\v 15 পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;
\v 16 তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।
\s5
\p
\v 17 তেওঁ উপদেশ দি তেওঁলোকক কলে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? \f + \ft যিচ 56:7 \f* কিন্তু তোমালোকে তাক ডকাইতৰ গুহা \f + \ft যিৰি 7:11 \f* কৰিলা’।”
\s5
\p
\v 18 এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।
\v 19 আৰু সন্ধিয়া হলেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।
\s5
\p
\v 20 ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে।
\v 21 তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক কলে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গল।”
\s5
\p
\v 22 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;
\v 23 মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।
\s5
\p
\v 24 এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; \f + \ft মথি 17:20; যাক 1:5, 6 \f* তেতিয়াহে পাবা,
\v 25 আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা \f + \ft মথি 6:14; 18:35; কল 3:13 \f* কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কব লগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
\v 26 কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷”
\s5
\p
\v 27 এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে,
\v 28 “আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?”
\s5
\p
\v 29 তেতিয়া যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছো, সেই বিষয়ে তোমালোকক কম।
\v 30 যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়া।”
\s5
\p
\v 31 তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি কলে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ কব।
\v 32 কিন্তু মানুহৰ বুলি কম নে? তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।
\v 33 পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক কলে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
\s5
\c 12
\p
\v 1 পাছত \f + \ft মথি 21:33-46; লূক 20:9-18৷ \f* যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক কবলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গল।
\v 2 পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।
\v 3 কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।
\s5
\p
\v 4 পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।
\v 5 পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।
\s5
\p
\v 6 পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ কলে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’
\s5
\p
\v 7 কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।
\s5
\p
\v 8 তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। \f + \ft পাঁ 3:15; ইব্ৰী 13:12৷ \f*
\v 9 এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব। \f + \ft হিতো 1:24-31; যিচ 5:5-7৷ \f*
\s5
\p
\v 10 এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সাজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
\v 11 এয়ে প্ৰভুৰ পৰা হ’ল আৰু আমাৰ দৃষ্টিত আচৰিত;” \f + \ft গীত 118:22, 23৷ \f*
\v 12 তেতিয়া তেওঁলোকে যীচুৰ সেই দৃষ্টান্তটো তেওঁলোকে বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকললৈ ভয় কৰি তেওঁক এৰি গুচি গল।
\s5
\p
\v 13 পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেওঁলোকে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।
\v 14 তেওঁলোকে আহি তেওঁক কলে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ কৈচৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?”
\v 15 কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ কলে, “তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মোৰ ওচৰলৈ এটা আধলি \f + \ft আধলি দীনাৰ \f* আনা, মই চাওঁ৷”
\s5
\p
\v 16 তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক কলে, “কৈচৰৰ।”
\v 17 তেতিয়া যীচুৱে তেওঁলোকক কলে, “গতিকে যি কৈচৰৰ, সেয়া কৈচৰক দিয়া; \f + \ft ৰো 13:7; 1 পি 2:17৷ \f* আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।
\s5
\p
\v 18 পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
\v 19 “হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্য্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহণ কৰিব আৰু তেওঁক সন্তান দিব৷’
\s5
\p
\v 20 সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল।
\v 21 তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।
\v 22 সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল।
\v 23 এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”
\s5
\p
\v 24 যীচুৱে তেওঁলোকক কলে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাটোৱেই হৈছে তোমালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?
\v 25 কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰায় বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”
\s5
\p
\v 26 “কিন্তু মৃত লোকৰ বিষয়ে, অর্থাৎ, তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, \f + \ft যা 3:1-6৷ \f* ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?
\v 27 তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; তোমালোকে বৰকৈ ভুল বুজি আছা।”
\s5
\p
\v 28 তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভাল দৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”
\v 29 যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
\v 30 আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’। \f + \ft দ্ৱি বি 6:4, 5; লে 9:18৷ \f*
\v 31 দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”
\s5
\p
\v 32 তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;
\v 33 আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।” \f + \ft চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷ \f*
\v 34 তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি কলে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহল।
\s5
\p
\v 35 পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমাধান দি সেই লোক সকলক কলে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?
\v 36 কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, ‘প্ৰভুৱে মোৰ প্ৰভুক কলে, মোৰ সোঁ হাতে বহি থাকা, \f + \ft গীত 110:1৷ \f* যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’
\s5
\p
\v 37 দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।
\s5
\p
\v 38 তেতিয়া তেওঁৰ উপদেশৰ মাজত কলে, “বিধানৰ অধ্যাপক সকললৈ তোমালোক সাৱধান হোৱা; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ
\v 39 আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,
\v 40 এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”
\s5
\p
\v 41 পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।
\v 42 পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।
\s5
\p
\v 43 তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে। \f + \ft লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷ \f*
\v 44 কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল, অৰ্থাৎ, তেওঁৰ সকলো জীৱিকা দিলে।”
\s5
\c 13
\p
\v 1 পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক কলে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!”
\v 2 তাতে যীচুৱে তেওঁক কলে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”
\s5
\p
\v 3 পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
\v 4 “আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”
\s5
\p
\v 5 তেতিয়া যীচুৱে তেওঁলোকক কবলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
\v 6 অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
\s5
\p
\v 7 তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহবা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।
\v 8 কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
\s5
\p
\v 9 কিন্তু তোমালোকে নিজলৈ সাৱধান হবা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হবা।
\v 10 কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হব লাগিব।
\s5
\p
\v 11 যেতিয়া তেওঁলোকে, তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।
\v 12 তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।
\v 13 মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
\s5
\p
\v 14 কিন্তু যেতিয়া সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, -যি জনে পঢ়ে, তেওঁ বুজক,- তেতিয়া যিহূদিয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক;
\v 15 ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;
\v 16 আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন লবৰ বাবেও উলটি নাযাওঁক।
\s5
\p
\v 17 কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হব
\v 18 এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।
\v 19 কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহবও।
\v 20 যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ললে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
\s5
\p
\v 21 তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে! বা ‘চোৱা, সৌ তাত আছে! তথাপি বিশ্বাস নকৰিবা।
\v 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
\v 23 সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলো।
\s5
\p
\v 24 কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হব, চন্দ্ৰয়ো পোহৰ নিদিব
\v 25 আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হব।
\s5
\p
\v 26 তেতিয়া তেওঁলোকে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
\v 27 তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
\s5
\p
\v 28 ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
\v 29 সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
\s5
\p
\v 30 মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহব।
\v 31 আকাশ আৰু পৃথিৱী লুপ্ত হব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহব।
\v 32 কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনোও নাজানে সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
\s5
\p
\v 33 সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; \f + \ft ৰো 13:11; 1 থি 5:6; 1 পি 5:8৷ \f* কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।
\v 34 সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
\s5
\p
\v 35 এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷
\v 36 তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।
\v 37 মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলো, পৰ দি থাকা৷”
\s5
\c 14
\p
\v 1 নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
\v 2 এনেতে তেওঁলোকে কলে, “পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে৷”
\s5
\p
\v 3 পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে।
\v 4 সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি?
\v 5 কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলিতকৈয়ো অধিক পালা হেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।
\s5
\p
\v 6 কিন্তু যীচুৱে কলে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।
\v 7 দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।
\v 8 তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
\v 9 মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হব।”
\s5
\p
\v 10 পাছত ঈষ্কৰিয়োতীয়া যি যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেওঁলোকৰ ওচৰলৈ গল।
\v 11 তেওঁলোকে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।
\s5
\p
\v 12 খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেষ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?”
\v 13 তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়ালে আৰু কলে, “তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;
\v 14 আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক কবা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক’ত’?”
\s5
\p
\v 15 তেতিয়া তেওঁ আচ-বাবেৰে সজোৱা ওপৰ-মহলাৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।
\v 16 তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
\s5
\p
\v 17 পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।
\v 18 তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে কলে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে, অৰ্থাৎ, মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।”
\v 19 তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক কলে, “সেই জন নিশ্চয় মই নহয়?”
\s5
\p
\v 20 তাতে তেওঁ তেওঁলোকক কলে, “এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।
\v 21 কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ’ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ’লেই তেওঁৰ ভাল আছিল।”
\s5
\p
\v 22 তেওঁলোকে ভোজন কৰোঁতে, \f + \ft কৰি 11:23-28 \f* তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি কলে, “লোৱা; এয়ে মোৰ শৰীৰ।”
\v 23 পাছত তেওঁ পান পাত্ৰ লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে।
\v 24 তেওঁ তেওঁলোকক কলে, “বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই নিয়মৰ তেজ।
\v 25 মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰো।”
\s5
\p
\v 26 পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গল।
\v 27 তাতে যীচুৱে তেওঁলোকক কলে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম, তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’ \f + \ft জখ 13:7৷ \f*
\s5
\p
\v 28 কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
\v 29 তেতিয়া পিতৰে যীচুক কলে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।”
\v 30 তেতিয়া যীচুৱে তেওঁক কলে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”
\v 31 কিন্তু পিতৰে অতি দৃঢ়কৈ কলে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি কলে৷
\s5
\p
\v 32 পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক কলে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”
\v 33 পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হব ধৰিলে।
\v 34 তাতে তেওঁলোকক কলে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”
\s5
\v 35 পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হবলৈ প্ৰাৰ্থনা কৰি কলে,
\v 36 “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পানপাত্ৰ \f + \ft যো 18:11৷ \f* দুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
\s5
\p
\v 37 পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক কলে, “হে, চিমোন, তুমিও টোপনি গলা নে?
\v 38 এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”
\v 39 তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
\s5
\p
\v 40 পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে।
\v 41 পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক কলে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।
\v 42 উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
\s5
\p
\v 43 তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷
\v 44 তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।”
\v 45 পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে।
\v 46 তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।
\s5
\p
\v 47 তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।
\v 48 তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক কলে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?
\v 49 যেতিয়া মই তোমালোকৰ সৈতে আছিলো আৰু মন্দিৰত নিতৌ উপদেশ দিছিলো, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ শাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”
\v 50 পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰি পলাল৷
\s5
\p
\v 51 তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে;
\v 52 কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গল।
\s5
\p
\v 53 পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে।
\v 54 আৰু তেতিয়াই পিতৰে আঁতৰে আঁতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।
\s5
\p
\v 55 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
\v 56 কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।
\s5
\p
\v 57 পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে,
\v 58 “হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নসজা আন এটা সাজিম৷” \f + \ft যো 2:19-21৷ \f* আমি তেওঁক এনে কথা কোৱা শুনিলোঁ!
\v 59 কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।
\s5
\p
\v 60 তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
\v 61 কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰম ধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
\v 62 তেতিয়া যীচুৱে কলে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক
\q2 পৰাক্ৰমৰ \f + \ft লূক 22:69৷ \f* সোঁ হাতে বহি থকা
\q2 আৰু আকাশত মেঘেৰে অহা দেখিবা।”
\s5
\p
\v 63 তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি কলে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে?
\v 64 তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে।
\v 65 পাছত কোনো কোনোৱে তেওঁৰ গাত থু পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই কলে, “ভাবোক্তি প্ৰচাৰ কৰোতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
\s5
\p
\v 66 তেতিয়া পিতৰ তলৰ চোতালত থাকোতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,
\v 67 আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই কলে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।”
\v 68 কিন্তু তেওঁ অস্বীকাৰ কৰি কলে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷
\s5
\p
\v 69 কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ কবলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!”
\v 70 কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”
\s5
\p
\v 71 কিন্তু তেওঁ শাও দিলে আৰু শপত খাই কলে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।”
\v 72 তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷ \f + \ft কৰি 7:10, 11৷ \f*
\s5
\c 15
\p
\v 1 পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেওঁলোকে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
\v 2 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি যিহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
\v 3 এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহু অপবাদ দিলে।
\s5
\p
\v 4 তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
\v 5 কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে, তাতে তেওঁ বিস্ময় মানিলে।
\s5
\p
\v 6 সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে।
\v 7 সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷
\v 8 তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷
\s5
\p
\v 9 পীলাতে তেওঁলোকক উত্তৰ দি কলে, “তোমালোকৰ বাবে মই যিহুদী সকলৰ ৰজাক যেন মুকলি কৰো, তোমালোকে এনে ইচ্ছা কৰা নে?”
\v 10 কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷
\v 11 কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷
\s5
\p
\v 12 পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক যিহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?”
\v 13 তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
\s5
\p
\v 14 তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি কলে, “তাক ক্রুচত দিয়ক।”
\v 15 তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।
\s5
\p
\v 16 তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
\s5
\p
\v 17 পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে;
\v 18 মানুহবোৰে তেওঁক নমস্কাৰ জনাই কলে “হে যিহুদী সকলৰ ৰজা, জয় হওক!”
\s5
\p
\v 19 তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।
\v 20 এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গল।
\v 21 সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এওঁ আলেকজেণ্ডৰ আৰু ৰুফৰ বাপেক) লোক জনক যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
\s5
\p
\v 22 এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খনলৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷
\v 23 তাতে তেওঁলোকে যীচুক গন্ধ ৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
\v 24 পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ললে।
\s5
\p
\v 25 তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে।
\v 26 আৰু “যিহুদী সকলৰ ৰজা” এই বুলি তেওঁৰ অপৰাধৰ জাননী লিখি ওপৰত আঁৰি থলে।
\v 27 তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্রুচত দিলে।
\v 28 \f + \ft কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 28 পদ: তাতে তেওঁক অপৰাধীবোৰৰ লগত লিখা হ’ল, এই শাস্ত্ৰৰ বচন সিদ্ধ হ’ল৷ \f*
\s5
\v 29 পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
\v 30 নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম৷”
\s5
\p
\v 31 সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত কলে, “সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে।
\v 32 হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।
\s5
\p
\v 33 পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল।
\v 34 আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?” \f + \ft গীত 22:1৷ \f*
\v 35 তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি কলে, “চোৱা, ই এলিয়াক মাতিছে।”
\s5
\v 36 তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি কলে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷”
\v 37 তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে।
\v 38 তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হ’ল।
\s5
\p
\v 39 তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে কলে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷”
\v 40 সেই সময়ত বহু মহিলাই আঁতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷
\v 41 যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷
\s5
\p
\v 42 এই দিনটো আয়োজনৰ দিন; অৰ্থৎ বিশ্ৰাম দিনৰ আগদিনা আছিল৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত,
\v 43 আৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গল আৰু যীচুৰ দেহ বিচাৰিলে।
\v 44 ইতিমধ্যে পীলাতে যীচুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত, পীলাত আচৰিত হ’ল; তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীচুৰ মৃত্যুৰ বিষয়ে সুধিলে৷
\s5
\p
\v 45 যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যুৰ বিষয়ে জানি, তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷
\v 46 যোচেফে শণ সুতাৰ কাপোৰ লগত লৈ আহিছিল৷ তেওঁ যীচুক ক্ৰুচৰ পৰা নমালে আৰু লগত অনা শণ সুতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থলে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশ দ্ৱাৰ বন্ধ কৰি দিলে৷
\v 47 মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাই দেখা পালে৷
\s5
\c 16
\p
\v 1 তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।
\v 2 আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গল৷
\s5
\p
\v 3 তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি কলে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিল-চটা কোনে আমাৰ বাবে বগৰাই দিব?”
\v 4 কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷
\s5
\p
\v 5 তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।
\v 6 কিন্তু তেওঁ তেওঁলোকক কলে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
\v 7 কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
\s5
\p
\v 8 তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময় হৈছিল; তেওঁলোকে কোনো ব্যক্তিক নকলে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল।
\s5
\p
\v 9 সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।
\v 10 তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে;
\v 11 তেতিয়া তেওঁলোকে যীচু যে জী উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।
\s5
\p
\v 12 এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে।
\v 13 তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
\s5
\p
\v 14 পাছত এঘাৰ জনে ভোজনত বহি থাকোতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
\v 15 আৰু যীচুৱে তেওঁলোকক কলে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
\v 16 তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হব৷
\s5
\p
\v 17 এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা কব; সাপক হাতেৰে তুলি লব;
\v 18 আৰু প্ৰাণ নাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
\s5
\p
\v 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
\v 20 পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।