\id COL \ide UTF-8 \h কলচীয়া পত্ৰ \toc1 কলচীয়া পত্ৰ \toc2 কলচীয়া পত্ৰ কলচীয়া সকলৰ প্ৰতি পত্ৰ \toc3 col \mt1 কলচীয়া পত্ৰ \c 1 \p \v 1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই, \v 2 কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা তোমালকলৈ অনুগ্ৰহ আৰু শান্তি হওক। \p \v 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনাই তোমালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷ \p \v 4 আমি ঈশ্বৰক ধন্যবাদ দিও, কাৰণ যীচু খ্ৰীষ্টত থকা তোমালকৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো লোকৰ প্ৰতি থকা তোমালোকৰ প্ৰেমৰ বিষয়ে শুনিলো। \v 5 তোমালকৰ যি স্বৰ্গীয় আশা আছে তাৰ বাবেই তোমালোকে খ্ৰীষ্টত বিশ্বাস ৰাখিছা আৰু ঈশ্বৰৰ লোকসকলক প্ৰেম কৰিছা আৰু তোমালোকে জানা যে যি যি বিষয়ত আশা ৰাখিছা সেই স্বৰ্গত তোমালোকৰ বাবে সঞ্চিত আছে। তোমালকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলা; \v 6 আৰু যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা তোমালকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷ \p \v 7 সেইবোৰ তোমালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলা; তেওঁ আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক; \v 8 আৰু পবিত্ৰ আত্মাৰ গুণত \f + \ft গালা 5:22 \f* তোমালোকৰ যি প্ৰেম আছে, তাক তেৱেঁই আমাৰ আগত প্ৰকাশ কৰিলে৷ \p \v 9 এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি তোমালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, তোমালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা৷ \v 10 আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, প্ৰভুত তোমলোকে সকলো ভাবে উপযুক্ত জীৱন-যাপন কৰা আৰু সকলো দিশত তেওঁক সন্তুষ্ট কৰা, সৎকৰ্মত ফলৱন্ত হোৱা, আৰু ঈশ্বৰৰ তত্ত জ্ঞানতো বৃদ্ধি পোৱা ৷ \p \v 11 আমি নিবেদন কৰোঁ যে, তোমালোকে যেন আনন্দ মনে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হোৱা৷ \v 12 পিতৃ ঈশ্বৰক ধ্যবাদ দিও, যিজনে তোমালোকক সাধু সকলৰ সৈত্য সই পোহৰৰ ৰাজ্যত অংশীদাৰ হবলৈ যোগ্য কৰিলে। \p \v 13 তেৱেঁই আমাক আন্ধাৰ অধিপত্যৰ পৰা উদ্ধাৰ কৰি নিজ পুত্ৰৰ প্ৰেমৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷ \v 14 তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি আৰু পাপৰ ক্ষমা আছে। \p \v 15 সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ \f + \ft কৰি 4:4; ইব্ৰী 1:3 \f* তেওঁ গোটেই সৃষ্টিৰ প্ৰথমে জন্মা; \v 16 কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁৰ দাৰাই আৰু তেওৰ কাৰণেই সৃষ্ট হ’ল। শাসক হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷ \v 17 তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷ \p \v 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত \f + \ft পাঁ 26:23; 1 কৰি 15:20, 23; প্ৰ 1:5 \f* এই কাৰণে সকলো বিষয়তে তেওঁ সৰ্ব্বোচ্চ। \v 19 সেই কাৰণে ঈশ্বৰে সন্তুষ্ট হৈ সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা \f + \ft যো 1:16; কল 2:9 \f* বাস কৰা উচিত; \v 20 আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে। \p \v 21 তোমালোকেও, এসময়ত ঈশ্বৰৰ পৰা পৃথকে আছিলা আৰু দুষ্কৰ্মৰ কৰনে মনেৰে শত্ৰু আছিলা৷ \v 22 তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত তোমালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন কৰিলে৷ \v 23 তোমালোকে যি শুভবাৰ্ত্তা শুনিলা সেই শুভবাৰ্তাতেই যদি তোমালোকৰ বিশ্বাস অব্যাহত ৰাখা, তেতিয়া খ্ৰীষ্টে নিজেই তোমালোকত এই কাম সন্পন্ন কৰিব। তোমালোকে তোমালোকৰ বিশ্বাসত বলৱান আৰু নিশ্চত হোৱা উচিত। শুভবাৰ্ত্তাই দান কৰা আশাৰ পৰা তোমালোক লৰচৰ হোৱা অনুচিত। সেই, একে শুভবাৰ্ত্তা জগতৰ সকলো লোককে দিয়া হৈছে। মই পৌলো সেই শুভবাৰ্ত্তা ঘোষণা কৰাত ব্ৰতী হৈ আছো। \p \v 24 এতিয়া তোমালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ \f + \ft মথি 25:40, 45; পাঁ 9:5; ফিলি 3:10 \f* যি অৱশিষ্টখিনি অসপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ। \v 25 সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, তোমালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰী বাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷ \v 26 সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে; \v 27 ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-যিহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন তোমালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷ \p \v 28 সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷ \v 29 তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে \f + \ft ফিলি 4:13 \f* , সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণ-পণে মই পৰিশ্ৰমো কৰি আছোঁ। \c 2 \p \v 1 মই, তোমালোকৰ কাৰণে কিমান কঠোৰ সংগ্ৰামৰ সন্মূখীন হৈছোঁ, সেই বিষয়ে তোমালোকে জনাটো মই বিচাৰো, লগতে যি সকল লায়দিকেয়াত আছে আৰু যিমান লোকে ব্যক্তিগত ভাৱে মোৰ লগত সাক্ষাত হোৱা নাই, তেওঁলোকেও মোৰ সংগ্ৰামৰ কথা জনাটো বিচাৰো ৷ \v 2 মোৰ উদ্দেশ্য এই যে তেওঁলোকৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেওলোক প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷ \v 3 সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে। \p \v 4 কোনেও যেন তোমালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ। \v 5 আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে তোমালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি তোমালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত তোমালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ। \p \v 6 এতেকে তোমালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰা৷ \f + \ft যো 2:16 \f* \v 7 তেওঁতেই শিপা ধৰি, আৰু গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিলা, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকা, আৰু ধন্যবাদত উপচি পৰা। \p \v 8 কোনোৱে যেন তোমালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হবা; সেই সকল লোকে পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়। \v 9 কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে। \p \v 10 যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই তোমালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছা৷ \v 11 তেওঁতেই তোমালোকক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই তোমালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’লা৷ \v 12 বাপ্তিস্মত তোমালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’লা \f + \ft ৰো 6:3-5 \f* আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’লা। \f + \ft ৰো 8:11; ইফি 2:7 \f* \p \v 13 আৰু তোমালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে তোমালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷ \v 14 আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণপত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে \f + \ft ইফি 2:15, 16 \f* আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷ \v 15 তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলি ভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভা যাত্ৰাত তেওঁলোকক চালিত কৰিলে৷ \p \v 16 এতেকে কোনেও তোমালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক। \v 17 এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট। \p \v 18 কোনো কোনো লোকে এনে আচৰণ যেন তেওঁলোক স্বভাৱিকতেই নম্ৰ লোক। তেওঁলোকে স্বৰ্গ দূতক আৰাধনা কৰি ভালপায়। তেওঁলোকে দেখা নানা দৰ্শনৰ কথা কয়। তোমালোকে এইবোৰ নকৰা, সেয়া তোমালোকৰ “ভুল” বুলি তোমালোকক দোষাৰোপ কৰিবলৈ এনে বিলাক মানুহক সুবিধা নিদিবা। এনে বিলাক মানুহ মূৰ্খামী আৰু অহঙ্কাৰেৰে পূৰ্ণ, কৰণ তেওঁলোক সদয় মানুহৰ ভবাৰ দৰেহে ভাবে, ঈশ্বৰৰ ভবাৰ দৰে নহয়। \v 19 এওঁলোকে নিজকে মূৰৰ \f + \ft মূৰৰ হৈছে খ্ৰীষ্ট \f* নিয়ন্ত্ৰণত নাৰাখে । কিন্তু গোটেই শৰিৰ খ্ৰীষ্টৰ সিৰা-উপসিৰা ওপৰত নিৰ্ভৰ কৰে। খ্ৰীষ্টৰ কৰণে শৰীৰৰ আটাইবিলাক অঙ্গ-প্ৰত্যঙ্গই পৰস্পৰে পৰস্পৰক যতন লয়, পৰস্পৰে-পৰস্পৰক সহায় কৰে। শৰিৰৰ এনে প্ৰতিক্ৰিয়াই শৰিৰটোক শক্তিশালী কৰি ৰাখে আৰু তাৰ ফলত ঈশ্বৰে বিচৰাৰ দৰে শৰিৰৰ বৃদ্ধি হয়। \p \v 20 যদি তোমালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিলা, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছা: \v 21 আন কথাত, তোমালোক কিয় “এইবোৰ নাখাবা, এইবোৰ নাচাকিবা, এইবোৰ নুচুবাএ” বোলা, নিয়মৰ বশবৰ্ত্তী হৈ থাকিব লগীয়া হৈছে? এই সকলোবোৰ নিয়ম ক্ষয় পাবৰহে নিয়ম কাৰণ; এইবোৰ নিয়ম মানুহৰ আদেশ আৰু আদেশৰ ভিত্তিত প্ৰতিস্থিত নিয়ম। \v 22 লোক এই সকলো ক্ষয় পাবৰ কাৰেণেহে হৈছে, এই সকলোৰ ভিত্তি মনুশ্যৰ আদেশ আৰু উপদেশ৷ \v 23 এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰক দুখ দিয়া নিয়ম, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সমৰ্থ নহয়। \c 3 \p \v 1 তোমালোক যিহেতু খ্ৰীষ্টৰ সৈতে তোলা হ’লা; গতিকে যি ঠইত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে ভাবা৷ \v 2 ওপৰৰ বিষয়বোৰ ভাবা, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিবা; \v 3 কিয়নো তেওঁলোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে তেওঁলোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। \v 4 আমাৰ জীৱনৰ স্বৰূপ, \f + \ft যো 11:25; 14:6৷ \f* খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে তেওঁলোকো প্ৰতাপেৰে প্ৰকাশিত হ’ব। \f + \ft যো 3:2৷ \f* \p \v 5 এতেকে তেওঁলোকে, সকলো পাৰ্থিৱ স্বভাৱ ত্যাগ কৰা, \f + \ft ৰো 8:13; গাল 5:24৷ \f* ; যেনে, ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ, লোভ, আৰু মূৰ্তিপূজা ইত্যাদি৷ \v 6 এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ আহে; \v 7 পূৰ্বতে তোমালোকে এই পথতে চলিছিলা।, \v 8 কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰা৷ \p \v 9 ইজনে সিজনক মিছা কথা নকবা; কিয়নো তোমালোকে পূৰ্ব্বৰ কর্মৰ সৈতে সেই পূৰাতন পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালা; \v 10 আৰু নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰা হৈ আছা, \f + \ft ইফি 4:22-24৷ \f* সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে sপিন্ধিলা৷ \v 11 এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া \f + \ft প্ৰাচীন চিদিয়া দেশৰ মানুহ \f* , দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয়ত আৰু সকলোতে ব্যাপ্ত৷ \p \v 12 এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা; \v 13 তোমালোকে পৰস্পৰ সহনশীল হোৱা; ইজনে সিজনৰ প্ৰতি দয়ালু; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰা; কিয়নো প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ ক্ষমা কৰা৷ \v 14 কাৰণ প্ৰেমে এক নিখুঁত একতাৰ উদ্দেশে সকলোকে এক বান্ধোনত ৰাখে। \p \v 15 এতিয়া তোমালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; তোমালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’লা; আৰু তাৰ বাবে কৃতজ্ঞ হোৱা। \v 16 খ্ৰীষ্টৰ বাক্যৰ জ্ঞান তোমালোকৰ সৈতে বাহুল্য ৰূপে বাস কৰা। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। \v 17 আৰু তোমালোকে যি কৰিব পাৰা, বাক্যতে হওক বা কাৰ্যতে হওক, \f + \ft কৰি 10:31৷ \f* সকলোকে প্ৰভু যীচুৰ নামত কৰা; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা। \p \v 18 হে ভাৰ্যা সকল, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা \f + \ft ইফি 5:22-33; 1 পি 3:1-7৷ \f* কিয়নো এয়ে প্ৰভুৰ মতে উচিত। \v 19 হে পুৰুষ সকল, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিবা। \v 20 হে সন্তান সকল, তোমালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; \f + \ft ইফি 6:1-3৷ \f* কিয়নো প্ৰভুত সেয়ে সন্তোষজনক। \v 21 হে পিতৃ সকল, তোমালোকে নিজ নিজ সন্তান সকলক বিৰক্ত কৰি নাথাকিবা, তাতে তেওঁলোক যেন নিৰাশ নহয়। \p \v 22 হে দাস সকল, তোমালোকে সকলো বিষয়তে নিজ নিজ পাৰ্থিব প্ৰভু সকলৰ আজ্ঞাধীন হোৱা। তোমালোকে কেৱল মানুহৰ দৃষ্টিত সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰা৷ \v 23 তোমালোকে যি কৰা, সেই সকলো মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰা \v 24 তোমালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি তোমালোকে জানা৷ তোমালোকে প্ৰভু যীচু খ্ৰীষ্টৰ কাৰণে সেৱা কৰা। \f + \ft ইফি 6:5-8৷ \f* \v 25 কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই। \c 4 \p \v 1 হে প্ৰভু সকল, তোমালোকে নিজ দাস সকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়া \f + \ft ইফি 6:9৷ \f* আৰু মনত ৰাখিবা যে স্বৰ্গত তোমালোকৰো এজন প্ৰভু আছে৷ \p \v 2 তোমালোকে প্ৰাৰ্থনাত লাগি থাকা আৰু ধন্যবাদেৰে সচেতনে থাকিবা। \f + \ft লূক 18:1; ফিলি 4:6৷ \f* \v 3 আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিবা, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ \f + \ft ইফি 6:19, 20 \f* কাৰণে আমি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্য প্ৰচাৰৰ কৰণে দুৱাৰ মেলি দিয়ে৷ \v 4 আৰু প্ৰাৰ্থনা কৰিবা যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷ \p \v 5 বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিবা আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিবা। \v 6 তোমালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহ যুক্ত হৈ থাকে আৰু আস্বাদ যুক্ত লোণৰ দৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন তোমালোকে জ্ঞাত হোৱা। \p \v 7 তুখিকে তোমালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷ \v 8 মই তেওঁক তোমালোকৰ তালৈ পঠিয়ালোঁ, যাতে তোমালোকৰ আগত আমাৰ উদ্দেশ্য, আৰু অৱস্থা প্ৰকাশ কৰিব পাৰে আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে৷ \v 9 আৰু তেওঁৰ লগত ওনীচিমক \f + \ft ফি 10 পদ৷ \f* , যি জন তোমালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা তোমালোকক জনাব। \p \v 10 মোৰ লগৰ বন্দীয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক \f + \ft পাঁ 15:37; 2 তী 4:11৷ \f* , যিজনৰ বিষয়ে তোমালোকে ইতিমধ্যে আদেশ পালা সেয়ে তেওঁ যদি তোমালোকৰ তালৈ যায় তেন্তে গ্ৰহণ কৰিবা। \v 11 আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে তোমালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল। \p \v 12 ইপাফ্ৰা, তোমালোকৰ মাজৰ এজন ভাই আৰু খ্ৰীষ্ট যীচুৰ দাস, তেৱোঁ তোমালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ সদায় তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, যাতে তোমালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু পৰিপক্ক হৈ থাকা৷ \v 13 কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ তোমালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে \v 14 লূক, \f + \ft তী 4:10, 11৷ \f* প্ৰিয় চিকিৎসক আৰু দীমায়ো তোমালোকক মঙ্গলবাদ কৰিছে। \p \v 15 লায়দিকেয়াত থকা ভাই সকলক, নুম্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মোৰ মঙ্গলবাদ দিবা। \v 16 তোমালোকৰ তাত এই পত্ৰ পাঠ কৰা হ’লে, লায়দিকেয়াত থকা মণ্ডলীতো যেন পাঠ কৰা হয়, এনে চেষ্টা কৰিবা; আৰু লায়দিকেয়াৰ পৰা যি পত্ৰ পাবা, সেই পত্ৰ তোমালোকেও পাঠ কৰিবা। \v 17 আৰ্খিপ্পক এই কথা কবা, “তুমি প্ৰভুত যি পৰিচৰ্যা পদ পালা, সেয়া সিদ্ধ কৰিবৰ কাৰণে সাৱধান হ’বা।” \p \v 18 মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। তোমালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিবা। তোমালোকৰ লগত অনুগ্ৰহ থাকক।