as_ulb/22-SNG.usfm

290 lines
37 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id SNG
\ide UTF-8
\h পরম গীত
\toc1 পরম গীত
\toc2 পরম গীত
\toc3 sng
\mt1 পরম গীত
\s5
\c 1
\s চলোমনৰ পৰমগীত।
\p
\v 1 চূলম্মীৎ আৰু যিৰুচালেমৰ জীয়াৰী-বিলাকৰ বাক্য ।
\v 2 তেওঁ নিজৰ মুখৰ চুমা কেইটামানেৰে মোক চুমা খাওঁক; কিয়নো তোমাৰ প্ৰেম দ্ৰাক্ষাৰসতকৈও উত্তম |
\v 3 তোমাৰ সুগন্ধি তেলৰ গন্ধ অতি উত্তম, তোমাৰ নাম, বাকি দিয়া সুগন্ধি তেলস্বৰুপ; সেই নিমিত্তে যুৱতীবিলাকে তোমাক প্ৰেম কৰে ।
\v 4 মোক লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে লৰি যাম । ৰজাই নিজৰ অন্ত:পুৰলৈ মোক আনিলে; আমি তোমাত আনন্দিত হৈ ৰং কৰো, দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ প্ৰেমৰ অধিক প্ৰসংসা কৰোঁ । লোকে তোমাক সৰলভাৱে প্ৰেম কৰে ।
\s চুলম্মীতৰ বাক্য ।
\p
\s5
\v 5 হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই ক’লা বৰণীয়া কিন্তু সুন্দৰী, কেদৰৰ তম্বুৰ নিচিনা, চলোমনৰ আঁৰ-কাপোৰৰ সদৃশ ।
\v 6 মই ঈষদ কলী, সূয্যই মোক বিবৰ্ণ কৰিলে, এই দেখি মোলৈ তোমালোকে কুদৃষ্টি নকৰিবা । মোৰ আইৰ পুতেকহঁতে মোক খং কৰিলে, সিহঁতে মোক দ্ৰাক্ষাবাৰীবোৰৰ ৰখীয়ানী কৰিছিল; কিন্তু মোৰ নিজৰ দ্ৰাক্ষা-বাৰী মই ৰক্ষা কৰা নাই |
\s5
\v 7 হে মোৰ প্ৰাণপ্ৰিয়, তুমি নিজৰ জাক ক’ত চৰাইছা? আৰু দুপৰ বেলা নিজৰ জাকক ক’ত জিৰোৱাইছা? তাক মোক কোৱা; কিয়নো তোমাৰ লগৰীয়াবিলাকৰ জাকবোৰৰ মাজত, ওৰণি লোৱা জনীৰ নিচিনা মই কিয় হম?
\s যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য ।
\p
\s5
\v 8 হে নাৰীবিলাকৰ মাজত পৰম সুন্দৰী, তুমি যদি তাক নাজানা, তেন্তে জাকৰ খোজৰ চিন ধৰি ধৰি যোৱা, আৰু ৰখিয়াবিলাকৰ তম্বুবোৰৰ ওচৰত তোমাৰ ছাগলী পোৱালীবোৰক চৰোৱাগৈ|
\s চলোমন আৰু চূলম্মীতৰ কথোপকথন ।
\p
\s5
\v 9 হে মোৰ প্ৰিয়া, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছো |
\v 10 বেনীৰ দাৰাই তোমাৰ গাল দুখন, আৰু মুকুতাৰ হাৰেৰে তোমাৰ ডিঙি শোভিত হৈছে|
\v 11 ঠায়ে ঠায়ে ৰুপ খটোৱা সোনৰ বেণী তোমাৰ নিমিত্তে আমি যুগুত কৰিম|
\s5
\v 12 যেতিয়া ৰজা ভোজনৰ সভাত বহি আছিল, তেতিয়া মোৰ জটামাংসীয়ে সুগন্ধ প্ৰদান কৰিছিল|
\v 13 যি গন্ধৰসৰ টুপলি মোৰ দুই স্তনৰ মাজত থাকে, মোৰ আগত মোৰ প্ৰিয় সেই টুপলিৰ নিচিনা|
\v 14 অয়িন-গদীৰ দ্ৰাক্ষা-বাৰীত থকা জেতুকা ফুলৰ থোপা যেনে, মোৰ প্ৰিয় মোৰ আগত তেনে|
\s5
\v 15 হে মোৰ প্ৰিয়া, চোৱা, তুমি সুন্দৰী, হয়, তুমি সুন্দৰী; তোমাৰ চকু যোৰি দুটি কপৌৰ নিচিনা|
\s5
\v 16 হে মোৰ প্ৰিয়, চোৱা, তুমি সুন্দৰ, এনে কি, তুমি মনোহৰ; আমাৰ শয্যা কেঁচাপতীয়া|
\v 17 আমাৰ ঘৰৰ চতি এৰচ গছৰ, আৰু আমাৰ ঘৰৰ বৰগা দেবদাৰুৰ ।
\s5
\c 2
\p
\v 1 মই চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি কনাৰি ফুল|
\s চলোমনৰ বাক্য|
\p
\v 2 কাঁইটবোৰৰ মাজত এটি কনাৰি ফুল যেনে, জীয়াৰীবিলাকৰ মাজত মোৰ প্ৰিয়া তেনে|
\s চূলম্মীতৰ বাক্য |
\p
\s5
\v 3 কাঠনিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, ডেকাবিলাকৰ মাজত মোৰ প্ৰিয় তেনে | মই বৰ আনন্দেৰে তেওঁৰ ছাঁ বহোঁ, আৰু তেওঁৰ ফল মোৰ মুখত সোৱাদ লাগে|
\v 4 তেওঁ মোক দ্ৰাক্ষাৰস পান কৰা ঘৰলৈ লৈ গল, আৰু মোৰ ওপৰত প্ৰেমেই তেওঁৰ নিচান হল|
\s5
\v 5 তোমালোকে শুকান দ্ৰাক্ষাগুটিৰে মোক সবল কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুঊৱা ; কিয়নো মই প্ৰেমতে পীড়িতা আছো|
\v 6 তেওঁৰ বাওঁহাত মোৰ মুৰৰ তলত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে|
\s5
\v 7 হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছো, প্ৰেমে নিজে ইচ্ছা নকৰে মানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা|
\s চূলম্মীতৰ বাক্য|
\p
\s5
\v 8 সেইয়া মোৰ প্ৰিয়ৰ মাত, চোৱা, তেওঁ আহিছে, পৰ্ব্বতৰ ওপৰত ডেও দি, আৰু গিৰিবোৰৰ ওপৰত জাঁপ দি আহিছে|
\v 9 মোৰ প্ৰিয় মৃগ বা যুবা হৰিণৰ নিচিনা | সৌৱা চোৱা, তেওঁ আমাৰ বেৰৰ পাছফালে থিয় হৈ আছে, খিড়িকীবোৰেদি চাই পঠাইছে, সেইবোৰৰ চিলিঙিয়েদি দেখা দিছে |
\s5
\v 10 মোৰ প্ৰিয়ই কথা কবলৈ ধৰি মোক কলে, ‘হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ|
\v 11 কিয়নো চোৱা, জাৰ-কাল গল, আৰু বৰষুণৰ সময় শেষ হল;
\s5
\v 12 পৃথিবীত ফুলবোৰে দেখা দিছে; পক্ষীবোৰৰ গানৰ সময় আহিল; আৰু আমাৰ দেশত কপৌৰ মাত শুনা গৈছে|
\v 13 ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, আৰু দ্ৰাক্ষালতাবোৰ ফুলিছে; সেইবোৰে সুঘ্ৰাণ প্ৰদান কৰিছে| হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহা|
\s5
\v 14 শিলৰ ফাটত, আৰু গড়াৰ গুপুত ঠাইত থকা হে মোৰ কপোতী, মোক তোমাৰ মুখ দেখিবলৈ আৰু তোমাৰ মাত শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত সুৱলা, আৰু তোমাৰ মুখ সুৱনী|
\s5
\v 15 তোমালোকে আমাৰ নিমিত্তে শিয়ালবোৰ, দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰোঁতা সৰু শিয়ালবোৰ ধৰা; কিয়নো আমাৰ বাৰীত দ্ৰাক্ষালতাবোৰ ফুলিছে |
\s5
\v 16 মোৰ প্ৰিয় মোৰেই, আৰু মইও তেওঁৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত নিজৰ জাক চৰায়|
\v 17 হে মোৰ প্ৰিয় দিন জুৰ নপৰে মানে, আৰু ছাঁবোৰ নুগুছেমানে, তুমি ঘূৰি গৈ বেথৰ পব্বতত মৃগ নাইবা যুবা হৰিণৰ সদৃশ হোৱা|
\s5
\c 3
\p
\v 1 ৰাতি মই মোৰ শয্যাত প্ৰাণপ্ৰিয়ক বিচাৰিলো; কিন্তু বিচাৰ কৰি তেওঁক নাপালো;
\v 2 মই এটিয়া উঠি নগৰখনত ফুৰোঁ, আলিত আৰু চকত মোৰ প্ৰাণপ্ৰিয়ক বিচাৰো, এই বুলি তেওঁক বিচাৰিলোঁ, কিন্তু নাপালো |
\s5
\v 3 নগৰত ফুৰোঁতা প্ৰহৰীবোৰ মোৰ আগত ওলাল; মই সিহঁতক সুধিলোঁ তোমালোকে মোৰ প্ৰাণপ্ৰিয়ক দেখিছিলা নে?
\v 4 পাছে সিহঁতৰ ওচৰৰ পৰা অলপ আঁতৰ হৈ গৈ, মই প্ৰাণপ্ৰিয়ক পালোঁ, যেতিয়ালৈকে মই তেওঁক মোৰ মাতৃৰ ঘৰলৈ, জননীৰ ভিতৰ-কোঁঠালিলৈ লৈ নগলো, তেতিয়ালৈকে মই তেওঁক যাব নিদি ধৰি ৰাখিলোঁ |
\s5
\v 5 হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছো, প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে,তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য|
\s5
\v 6 গন্ধৰস, কুন্দুক আদি সুগন্ধিদ্ৰব্য-ব্যৱসায়ীৰ সকলো বিধৰ সুগন্ধি বস্তুৰে সুবাসিত হৈ, ধূঁৱাৰ স্তম্ভ যেন হৈ অৰণ্যৰ পৰা সৌ জনী কোন আহিছে?
\v 7 চোৱা, সৌৱা চলোমনৰ দোলা; ইস্ৰায়েলীয়া বীৰবিলাকৰ মাজৰ ষাঠি জন বীৰে তাৰ চাৰিফালে বেৰি ধৰি আহিছে |
\s5
\v 8 তেওঁবিলাক সকলো তৰোৱাল ধৰোঁতা, আৰু ৰণবিদ্যাত পটু; ৰাতি-কালৰ ভয়ৰ কাৰণে তেওঁবিলাক প্ৰতিজনৰ কৰঙনত তৰোৱাল বন্ধা|
\v 9 চলোমন ৰজাই নিজৰ নিমিত্তে লিবানোনৰ কাঠেৰে এখন দোলা সাজিলে |
\s5
\v 10 তেওঁ তাৰ খুটাবোৰ ৰুপেৰে নিৰ্ম্মাণ কৰিলে; তেওঁ তাৰ আওজা ভাগ সোণেৰে, আৰু তাৰ বহা দলিচাখন বেঙেনা বৰণীয়া সূতাৰে কৰিলে; আৰু তাৰ ভিতৰখন যিৰুচালেমৰ জীয়াৰী-বিলাকৰ প্ৰেমেৰে শোভিত কৰা হল |
\v 11 হে চিয়োনৰ জীয়াৰীবিলাক, যি মুকুট চলোমনৰ বিবাহৰ দিনা, আৰু মনৰ আনন্দৰ দিনা তেওঁৰ মাতৃয়ে তেওঁৰ মূৰত দিলে, তোমালোকে বাহিৰলৈ গৈ সেই মুকুটেৰে বিভূষিত হোৱা চলোমন ৰজাক চোৱা |
\s চলোমনৰ বাক্য |
\s5
\c 4
\p
\v 1 হে মোৰ প্ৰিয়া, চোৱা, তুমি সুন্দৰী, চোৱা, তুমি সুন্দৰী |ওৰণিৰ ভিতৰত থকা তোমাৰ চকু যোৰি দুটিকপৌৰ নিচিনা; তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা |
\s5
\v 2 তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধোৱাই আনি নতুনকৈ নোম কটা এনে ভেৰা এজাকৰ নিচিনা |
\s5
\v 3 তোমাৰ ওঁঠ দুখন ৰঙা বৰণীয়া এডাল সূতাৰ নিচিনা | আৰু তোমাৰ মুখখনি অতি মনোহৰ; ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা |
\s5
\v 4 যি ঘৰৰ ওপৰত এক হাজাৰ ঢাল, আটাই মহাবীৰবিলাকৰ ঢাল অৰা আছে, তোমাৰ ডিঙি অস্ত্ৰ-ভৰালৰ নিমিত্তে সজা দায়ুদৰ স্তম্ভস্বৰুপ সেই ওখ ঘৰৰ নিচিনা |
\v 5 তোমাৰ স্তন দুটি, একে-লগে জগা, কনাৰি ফুলনিত চৰা দুটি মৃগ পোৱালিৰ নিচিনা |
\s চূলম্মীতৰ বাক্য |
\p
\s5
\v 6 দিন জুৰ নপৰেমানে, আৰু ছাঁবোৰৰ নুগুচেমানে, মই গন্ধৰসৰ পৰ্ব্বত আৰু কুন্দুৰুৰ পৰ্ব্বতলৈ যাওঁ |
\s চলোমনৰ বাক্য |
\p
\v 7 হে মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো কলঙ্ক নাই |
\s5
\v 8 হে কন্যা লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; অমানাৰ টিঙৰ পৰা, চনীৰ আৰু হৰ্মোণৰ টিঙৰ পৰা, সিংহবোৰৰ গাঁতৰ ওচৰৰ পৰা, আৰু নাহৰ-ফুটুকী বাঘবোৰৰ পৰ্ব্বতৰ পৰা দৃষ্টি কৰা;
\s5
\v 9 হে মোৰ ভনীস্বৰুপা কন্যা, তুমি মোৰ মন মোহিত কৰিছা, তোমাৰ চকুৰ এক কটাক্ষেৰে, তোমাৰ ডিঙিৰ এধাৰ হাৰেৰে মোৰ মন মোহিত কৰিছা |
\s5
\v 10 হে মোৰ ভনীস্বৰুপাকন্যা, তোমাৰ প্ৰেম কেনে মনমোহা | তোমাৰ প্ৰেম দ্ৰাক্ষাৰসতকৈয়ো কেনে উত্তম | তোমাৰ নানাবিধ সুগন্ধি তেলৰ ঘ্ৰাণ সকলো প্ৰকাৰ সুগন্ধি দ্ৰব্যতকৈয়ো কেনে উত্তম |
\v 11 হে কন্যা, মৌৰ কোঁহৰ পৰা পৰাৰ দৰে তোমাৰ ওঁঠৰ পৰা টোপা-টোপে মৌ পৰে; তোমাৰ জিবাৰ আগত মৌ আৰু গাখীৰ আছে, আৰু তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ গন্ধৰ নিচিনা |
\s5
\v 12 মোৰ ভনীস্বৰুপা কন্যা তলা-চাবি মাৰি বন্ধ কৰা উদ্যান, তলা-চাবি মাৰি বন্ধ কৰা নাদ, মোহৰ মৰা ভুমূকস্বৰুপ |
\v 13 তোমাৰ পুলিবোৰ উপবনস্বৰুপ; তাত উত্তম উত্তম গুটি লগা ডালিম গছ আছে; তাত জেতুকা আৰু জটামাংসী গছ আছে;
\v 14 আৰু জটামাংসীৰ লগত কুঙ্কুম, সুগন্ধি বচ, ডালচেনি, আৰু আটাই বিধৰ কুন্দুৰুকী, গন্ধৰস, অগুৰু আদি সকলো বিধৰ প্ৰধান প্ৰধান সুগন্ধি গছ আছে |
\s5
\v 15 তুমি উদ্যানৰ ভূমূক, জীবন জলৰ নাদ, আৰু লিবানোনৰ পৰা বৈ অহা জুৰিস্বৰুপ |
\s চুলম্মীতৰ বাক্য|
\p
\v 16 হে উত্তৰৰ বায়ু, সাৰ পোৱা, হে দক্ষিণৰ বায়ু, আহাঁ, সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ ওলাবৰ নিমিত্তে মোৰ উদ্যানত বলোৱা | মোৰ প্ৰিয়ই নিজ উদ্যানলৈ আহি সোমাওক, আৰু নিজৰ উত্তম ফলবোৰ ভোজন কৰক |
\s চলোমনৰ বাক্য|
\s5
\c 5
\p
\v 1 হে মোৰ ভনীস্বৰুপা কন্যা, মই মোৰ উদ্যানত সোমালোঁহি; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মোৰ মধুৰে সৈতে মোৰ মৌ-কোঁহ খালোঁ; আৰু মই নিজ গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ | হে বন্ধুবিলাক, ভোজন কৰা, হে প্ৰিয়-বিলাক,পান কৰা, এনে কি, অধিক পৰিমাণে পান কৰা ।
\s চুলম্মীতৰ বাক্য |
\p
\s5
\v 2 মই টোপনিত আছিলো, কিন্তু মোৰ মন সাৰে আছিল, এনে সময়ত মোৰ প্ৰিয়ৰ মাত শুনিলোঁ; তেওঁ দুৱাৰত টুকৰিয়াই কলে, ‘হে মোৰ ভনী, হে মোৰ প্ৰিয়া, হে মোৰ কপোতী, হে মোৰ শুদ্ধমতী, মোৰ নিমিওে দুৱাৰ মেলা; কিয়নো মোৰ মূৰ নিয়ৰেৰে, আৰু চুলি কোঁচা ৰাতিৰ জল-বিন্দুৰে পূৰ হৈছে |
\s5
\v 3 ‘মই মোৰ অঙ্গ-ৰক্ষক বস্ত্ত সোলোকাই থলোঁ, আকৌ কেনেকৈ পিন্ধিম ? মই ভৰি দুখনি ধুলোঁ, কেনেকৈ আৰু মলিন কৰিম?
\v 4 মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত মেলিলত, তেওঁলৈ মোৰ মন পুৰিবলৈ ধৰিলে |
\s5
\v 5 মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলিবলৈ উঠিলোঁ; তেতিয়া সলখাৰ নালডাল মই হাতেৰে চোৱাত, মোৰ হাতৰ পৰা গন্ধৰস, মোৰ আঙলিৰ পৰা দ্ৰৱ গন্ধৰস, টোপা-টোপে পৰিল |
\s5
\v 6 এইদৰে মই মোৰ প্ৰিয়ৰ নিমিত্তে দুৱাৰ মেলি দিলো; কিন্ত্ত মোৰ প্ৰিয় গুচি গল; তেওঁ কথা কওঁতে মোৰ প্ৰাণ ওলাই গল; মই তেওঁক বিচাৰ কৰিলো কিন্ত তেওঁক নাপালোঁ | মই তেওঁক মাতিলোঁ, কিন্ত্ত তেওঁ মোক উত্তৰ নিদিলে |
\s5
\v 7 নগৰ-ফুৰোঁতা প্ৰহৰীবোৰে মোক পালে, সিহঁতে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; গড়ৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে |
\s5
\v 8 হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ, তোমালোকে যদি মোৰ প্ৰিয়ক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই প্ৰেমতে পীড়িতা আছোঁ |
\s যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য|
\p
\s5
\v 9 হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম ? তুমি যে আমাক এনে শপত দিছা, আন আন প্ৰিয়তকৈ তোমাৰ প্ৰিয় কিহত উত্তম ?
\s চুলম্মীতৰ বাক্য |
\p
\s5
\v 10 মোৰ প্ৰিয় বগা, আৰু ৰঙচীয়া; তেওঁ দহ হাজাৰৰ ভিতৰত অগ্ৰগন্য |
\v 11 তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোঁচা কেঁকোৰা-কেঁকুৰি, আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা|
\s5
\v 12 তেওঁৰ চকু যুৰি জুৰিৰ দাঁতিত থকা দুটি কপৌৰ নিচিনা; তাক যেন গাখীৰেৰেহে ধোৱা হৈছে, আৰু সেয়ে উত্তমৰুপে পতোৱা বাখৰৰ সদৃশ;
\s5
\v 13 তেওঁ গাল দুখনি সুগন্ধি ফুল গছৰ এক ভেটিস্বৰুপ, আৰু মচলা উৎপাদক লতাৰ স্তম্ভ স্বৰুপ| তেওঁৰ ওঁঠ দুটি কনাৰি ফুলৰ সদৃশ; তাৰ পৰা দ্ৰৱ গন্ধৰস টোপটোপকৈ পৰে |
\s5
\v 14 তেওঁৰ হাত দুখনি বৈদুৰ্য্য বাখৰ পতোৱা সোণৰ আঙঠিৰ নিচিনা | তেওঁৰ শৰীৰ নীলকান্ত বাখৰেৰে ঢকা হাতীদাঁতৰ শিল্পকৰ্ম্মৰ নিচিনা |
\s5
\v 15 তেওঁৰ ভৰি দুখন উত্তম সোণৰ আধাৰত বহুৱা বগা শিলৰ দুটি স্তম্ভৰ নিচিনা | তেওঁ দেখিবলৈ লিবানোনৰ নিচিনা, এৰচ গছৰ নিচিনা উওম |
\s5
\v 16 তেওঁৰ মুখ অতিশয় মধুৰ; এনে কি, তেওঁ সম্পূৰ্ণৰুপে মনোহৰ | হে যিৰুচালেমৰ জীয়াৰীবিলাক, এই জনায়েই মোৰ প্ৰিয়, এই জনায়েই মোৰ সখা |
\s যিৰুচালেমৰ জিয়াৰীবিলাকৰ বাক্য|
\s5
\c 6
\p
\v 1 হে নাৰীবিলাকৰ মাজত পৰম-সুন্দৰী,তোমাৰ প্ৰিয় ক’লৈ গল ? আমি তোমাৰ লগত তোমাৰ প্ৰিয়ক বিচাৰিবৰ নিমিত্তে, তেওঁ কোন পিনে গল তাক কোৱা |
\s চূলম্মীতৰ বাক্য |
\p
\s5
\v 2 মোৰ প্ৰিয় উদ্যানবোৰত চৰিবৰ নিমিত্তে, আৰু কনাৰি ফুল গোটাবৰ নিমিত্তে, নিজ বাৰীলৈ, সুগন্ধি ফুল গছৰ ভেটি কেইটালৈ নামি গল |
\v 3 মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয় মোৰেই, তেওঁ কনাৰি ফুলনিৰ মাজত তেওঁৰ জাক চৰায়|
\s চলোমনৰ বাক্য |
\p
\s5
\v 4 হে মোৰ প্ৰিয়া, তুমি তিৰ্চাৰ নিচিনা সুন্দৰী, যিৰুচালেমৰ সদৃশ ৰুপৱতী, ধ্বজা থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী |
\s5
\v 5 তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক পৰাজয় কৰিলে | তোমাৰ কেশ গিলিয়দ পৰ্ব্বতৰ চালত শুই থকা ছাগ এজাকৰ নিচিনা |
\s5
\v 6 তোমাৰ দাঁতবোৰ দুটি দুটি পোৱালি থকা, আৰু কোনেও পোৱালিৰ পৰা বঞ্চিত নোহোৱা, গা ধুৱাই অনা ভেৰা এজাকৰ নিচিনা |
\v 7 ওৰণিৰ ভিতৰত থকা তোমাৰ কুম দুটি ডালিম এডুখৰিৰ নিচিনা |
\s5
\v 8 ষাঠি জনী ৰাণী আৰু আশী জনী উপপত্নী, আৰু অসংখ্য যুৱতী আছে |
\v 9 মোৰ কপোতী, মোৰ শুদ্ধমতী একমাত্ৰ; তেওঁৰ মাতৃৰ তেৱেঁই অকল এজনী; তেওঁ নিজ জননীৰ স্নেহপাত্ৰী | জীয়াৰীবিলাকে তেওঁক দেখি ধন্য বুলিলে; এনে কি, ৰাণীবিলাকে আৰু উপপত্নীবোৰে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে |
\s যিৰুচালেমৰ জীয়াৰীবালাকৰ বাক্য |
\p
\s5
\v 10 অৰুণৰ দৰে উদয়কাৰিণী, চন্দ্ৰৰ নিচিনা সুন্দৰী, সুৰ্য্যৰ দৰে নিৰ্ম্মলী, আৰু নিচান থকা সৈন্যসামন্তৰ নিচিনা ভয়ঙ্কৰী সৌ জনী স্ত্ৰী কোন ?
\s চূলম্মীতৰ বাক্য|
\p
\s5
\v 11 মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক দেখিবলৈ আকৰোটৰ বাৰিলৈ নামি গলোঁ |
\v 12 মোৰ মনে অকস্মাতে মোক তুলি মোৰ ৰাজবংশীয় প্ৰজাবিলাকৰ ৰথত থলে |
\s যিৰুচালেমৰ জীয়াৰীবিলাকৰ বাক্য |
\p
\s5
\v 13 হে চূলম্মীৎ ,উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ, উলটি আহাঁ ,আমি তোমাক চাওঁ |
\s চূলম্মীতৰ বাক্য| মহানয়িমৰ নাচৰ দৰে তোমালোকে চূলম্মীতক কিয় চাবা?
\s চলোমনৰ বাক্য |
\s5
\c 7
\p
\v 1 হে ৰাজকন্যা, জোতাত তোমাৰ ভৰি কেনে শোভা পাইছে | ধনুৰ আকৃতিৰ তোমাৰ কৰঙন দুটি নিপুণ শিল্পকাৰে কৰা দুটি অলঙ্কাৰৰ নিচিনা |
\p
\s5
\v 2 তোমাৰ নাভিদেশ, মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নোহোৱা ঘূৰণীয়া বাটিৰ নিচিনা | তোমাৰ উদৰ, কনাৰি ফুলেৰে শোভিত কৰা ঘেঁহু ধানৰ দ’মৰ নিচিনা |
\p
\s5
\v 3 তোমাৰ স্তন দুটি মৃগীৰ একে-লগে জগা পোৱালি দুটিৰ নিচিনা |
\p
\v 4 তোমাৰ ডিঙি, হাতী-দাঁতৰ স্তম্ভস্বৰুপ ওখ ঘৰৰ নিচিনা; তোমাৰ নয়ন দুটি, হিচবোনৰ বৎ–ৰব্বীম বৰ দুৱাৰৰ ওচৰত থকা দুটি পুখুৰীৰ নিচিনা; তোমাৰ নাক, দম্মেচকলৈ মুখ কৰি থকা লিবানোনৰ স্তম্ভস্বৰুপ ওখ ঘৰটোৰ নিচিনা |
\p
\s5
\v 5 তোমাৰ ওপৰত থকা তোমাৰ মুৰটো কৰ্মিলৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলি কোঁচা বেঙেনা বৰণীয়া সূতাৰ নিচিনা; তোমাৰ কেশ-পাশতে ৰজা বন্ধ আছে |
\p
\v 6 হে প্ৰেম, সন্তোষদায়ক কথাত তুমি কেনে সুন্দৰ আৰু মনোহৰ |
\p
\s5
\v 7 তোমাৰ এই দীৰ্ঘতা খাজুৰ গছৰ দীৰ্ঘতাৰ নিচিনা, আৰু তোমাৰ স্তন দুটি দুথোপা দ্ৰাক্ষা গুটিৰ নিচিনা|
\p
\v 8 মই কৈছোঁ, মই খাজুৰ জুপিত উঠিম, আৰু তাৰ বৌখাত ধৰিম; তোমাৰ স্তন দুটি দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওক, আৰু তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ ঘ্ৰাণৰ নিচিনা হওক;
\p
\s5
\v 9 তোমাৰ মুখ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওক |
\s চূলম্মীতৰ বাক্য | সেয়ে সহজে মোৰ প্ৰিয়ৰ ডিঙিলৈ যায়, আৰু টোপনি যোৱা লোকৰ ওঁঠক কথা কোৱায় |
\p
\s5
\v 10 মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
\v 11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু গাৱঁত থাকোঁগৈ |
\s5
\v 12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিম ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ প্ৰেম দান কৰিম |
\s5
\v 13 দূদাফলে নিজ সুঘ্ৰাণ প্ৰদান কৰিছে; হে মোৰ প্ৰিয়, মই তোমাৰ নিমিত্তে সাঁচি থোৱা নতুন আৰু পুৰণি সকলো বিধৰ উত্তম উত্তম ফল আমাৰ দুৱাৰবোৰৰ ওপৰত আছে |
\s5
\c 8
\p
\v 1 অহ তুমি মোৰ মাতৃৰ স্তন পান কৰা মোৰ ভাইৰ নিচিনা হোৱা হলে, কেনে ভাল আছিল | তেতিয়া মই আলিত পাই তোমাক চুমা খালোহেঁতেন; তথাপি কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন |
\s5
\v 2 তাতে, তুমি মোক শিক্ষা দিবৰ নিমিত্তে, মই তোমাক বাট দেখুৱাই মোৰ মাতৃৰ ঘৰলৈ নিলোহেঁতেন; মই তোমাক সুগন্ধি দ্ৰব্য মিহলোৱা দ্ৰাক্ষাৰস, আৰু মোৰ ডালিমৰ ৰস পান কৰালোহেঁতেন |
\v 3 তেওঁৰ বাওঁ হাত মোৰ মুৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে|
\s5
\v 4 হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |
\s উপস্থিত লোকবিলাকৰ বাক্য|
\p
\s5
\v 5 নিজ প্ৰিয়ৰ ওপৰত ভৰ দি অৰণ্যৰ পৰা উঠি অহা সৌ জনী স্ত্ৰী কোন ?
\s চলোমনৰ বাক্য| মই সুমথিৰা টেঙা গছৰ তলত তোমাক সাৰ পোৱাইছিলো; সৌ তাত তোমাৰ মাতৃয়ে তোমাক প্ৰসৱ কৰিছিল, তোমাৰ জননীয়ে সৌ তাত প্ৰসৱ কৰিছিল |
\s চূলম্মীতৰ বাক্য|
\p
\s5
\v 6 তুমি মোক মোহৰৰ দৰে হৃদয়ত, আৰু মোহৰৰ দৰে নিজ হাতত ৰাখা; কিয়নো প্ৰেম মৃত্যৰ নিচিনা বলৱান, আৰু অন্তৰ্জ্বালা চিয়োনৰ নিচিনা নিষ্ঠুৰ; তাৰ শিখা অগ্নি-শিখা, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা |
\s5
\v 7 জলসমূহেও প্ৰেমক নুমাব নোৱাৰে, আৰু বান পানীয়েও তাক তল নিয়াব নোৱাৰে; কোনোৱে যদি প্ৰেমৰ নিমিত্তে ঘৰৰ সৰ্ব্বস্বও দিয়ে, তথাপি তাক একেবাৰে তুচ্ছ কৰা যাব |
\s5
\v 8 আমাৰ এজনী সৰু ভনী আছে,তাইৰ আজিলৈকে স্তন হোৱা নাই; সেই ভনীক খোজাৰ দিনা, আমি তাইৰ নিমিওে কি কৰিম?
\s চূলম্মীতৰ ভায়েক-ককায়েকবিলাকৰ বাক্য|
\p
\s5
\v 9 তাই যদি গড়স্বৰুপ হয়, তেন্তে আমি তাৰ ওপৰত এটা ৰুপৰ বুৰুজ সাজিম, নাইবা যদি দুৱাৰস্বৰুপ হয়, তেন্তে এৰচ কাঠৰ তক্তাৰে তাক বন্ধ কৰিম |
\s চূলম্মীতৰ বাক্য|
\p
\s5
\v 10 মই গড়স্বৰুপ আছিলোঁ, আৰু মোৰ স্তন দুটি তাৰ বুৰুজস্বৰুপ আছিল; এই নিমিত্তে মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাওঁতাৰ নিচিনা হলোঁ |
\s5
\v 11 বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছিল; তেওঁ তাক কেইজনমান ৰখীয়াৰ হাতত সমৰ্পণ কৰিছিল; গুটিৰ নিমিওে প্ৰতিজনে এক এক হাজাৰ চেকল ৰুপ আনি দিবলগীয়া হৈছিল|
\v 12 মোৰ নিজৰ দ্ৰাক্ষা-বাৰী হলে, মোৰ সন্মুখত আছে; হে চলোমন, ইয়াৰ সেই এক হাজাৰ তোমাৰেই আৰু দুখ চেকল ৰুপ গুটি-ৰখীয়া কেইজনৰ হব |
\s চলোমনৰ বাক্য|
\p
\s5
\v 13 হে উদ্যান-বাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কান পাতি আছে; তাক মোকো শুনিবলৈ দিয়া |
\s চূলম্মীতৰ বাক্য|
\p
\s5
\v 14 হে মোৰ প্ৰিয়, শীঘ্ৰে ব’লা, আৰু সুগন্ধময় পৰ্ব্বতৰ ওপৰত মৃগ নাইবা যুবা হৰিণৰ সদৃশ হোৱা |