as_ulb/54-2TH.usfm

95 lines
17 KiB
Plaintext

\id 2TH
\ide UTF-8
\h থিচলনীকীয়াসকলৰ প্ৰতি পত্ৰ
\toc1 থিচলনীকীয়াসকলৰ প্ৰতি পত্ৰ
\toc2 থিচলনীকীয়াসকলৰ প্ৰতি পত্ৰ
\toc3 2th
\mt1 থিচলনীকীয়াসকলৰ প্ৰতি পত্ৰ
\s5
\c 1
\p
\v 1 পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়াসকলৰ মণ্ডলীৰ সমীপলৈ;
\s5
\p
\v 2 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 3 হে ভাইসকল, তোমালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; তাকো সত্যেৰে কাৰণ তোমালোকৰ বিশ্বাস দিনক দিনে বৃদ্ধি পাইছে আৰু তোমালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছা;
\v 4 তোমালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছা, সেই সকলৰ মাজতো তোমালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছা, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত তোমালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
\s5
\p
\v 5 এই সকলো বিষয়ত ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে তোমালোকে দুখভোগ কৰিছা, সেই ৰাজ্যৰ যোগ্যপাত্র ৰূপে তোমালোক গণিত হবা।
\s5
\v 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে তোমালোকক ক্লেশ দিয়ে, সেই সকলকে তেওঁ ক্লেশ দিব,
\v 7 আৰু তোমালোক যি সকলে এতিয়া ক্লেশত আছা, তোমালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমী দূত সকলৰ সৈতে জ্বলন্ত শিখাৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
\v 8 তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাত বিশ্বাস নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।
\s5
\v 9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব।
\v 10 সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; তোমালোকো সেই বিশ্বাসী সকলৰ মাজত আছা, কাৰণ তোমালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলা।
\s5
\v 11 এই কাৰণে আমিও তোমালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে তোমালোকক তেওঁৰ আমন্ত্রণৰ যোগ্যপাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত তোমালোককে যেন মঙ্গল ভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰা;
\v 12 তাতে যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম তোমালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু তোমালোকো তেওঁত মহিমান্বিত হোৱা।
\s5
\c 2
\p
\v 1 হে প্ৰিয় সকল, এতিয়া আমি যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ ক্ষেত্ৰত তোমালোকক কিছু কথা জানাও। আমি তোমালোকক সেই সময় খিলিৰ কথা জনাব খোজিছো, যিখিনি সময়ত আমি তোমালোকক একেলগে লগ পাম।
\v 2 প্ৰভুৰ দিন ইতিমধ্যে আহিল বুলি যেতিয়া তোমালোকে শুনা তেতিয়া তোমালোক সোনকালে বিচলিত নহবা। কোনো লোকে ইয়াক ভৱবাণী বা কোনো প্ৰকাৰৰ বণীৰ জৰিয়তে কব পাৰে, নাইবা তোমালোকে কোনো পত্ৰ পঢ়ি এই বিষয়ে জানিব পাৰিছা যি পত্ৰ আমাৰ ফলৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি কোনো লোকে কব পাৰে।
\s5
\v 3 তোমালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিবা; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰ পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
\v 4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
\s5
\v 5 এইবোৰ যে ঘটিব সেই কথা মই তোমালোকৰ লগত থাকোতেই তোমালোকক কৈছিলোঁ; সেই বিষয়ে তোমালোকৰ মনত নপৰেনে?
\v 6 সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া তোমালোকে জানা।
\v 7 কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
\s5
\v 8 তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰা তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰা তাক শেষ কৰিব।
\v 9 চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
\v 10 বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
\s5
\v 11 সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
\v 12 যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
\s5
\p
\v 13 প্ৰভুৰ প্ৰিয় ভাইসকল, তোমালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো তোমালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা তোমালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
\v 14 আমাৰ শুভবার্তাৰ দ্বাৰা পৰিত্রাণ পাবলৈ তেওঁ তোমালোকক আমন্ত্রণ কৰিলে যাতে তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়।
\v 15 এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি তোমালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখা।
\s5
\p
\v 16 এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে তোমালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
\v 17 আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত তোমালোকৰ মন সুস্থিৰ কৰক।
\s5
\c 3
\p
\v 1 শেষত হে ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰিবা। প্ৰার্থনা কৰা যাতে তোমালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুত গতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
\v 2 প্ৰার্থনা কৰা যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
\v 3 কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই তোমালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
\s5
\p
\v 4 তোমালোকৰ সম্বন্ধে প্ৰভুত আমাৰ দৃঢ় বিশ্বাস আছে যে, আমি দিয়া সকলো আদেশ তোমালোকে পালন কৰিছা আৰু আগলৈও কৰি থাকিবা।
\v 5 প্ৰভুৱে তোমালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।
\s5
\p
\v 6 ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত ভাবে চলে আৰু আমাৰ পৰা তোমালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰা।
\v 7 কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে তোমালোকে নিজে জানা। তোমালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
\v 8 মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি তোমালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে কষ্টেৰে পৰিশ্ৰম কৰিছিলোঁ৷
\v 9 ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু তোমালোক যেন আমাৰ অনুকাৰী হোৱা, তাৰ বাবে তোমালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
\s5
\p
\v 10 কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো নকৰক, এই বুলি তোমালোকৰ মাজত থাকোতেই, আমি তোমালোকক আদেশ দিছিলোঁ।
\v 11 কাৰণ, আমি শুনিবলৈ পাওঁ যে, তোমালোকৰ কোনো কোনোৱে এলেহুৱা হৈ অনিয়মত চলি আছে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
\v 12 এনে লোক সকলক আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আদেশ আৰু উপদেশ দিওঁ, তেওঁলোকে শান্তভাবে কাম কৰি নিজৰ নিজৰ আহাৰ ভোজন কৰক।
\s5
\v 13 হে ভাইসকল, সৎ কাম কৰিবলৈ যাওতে তোমালোক কেতিয়াও নিৰুৎসাহ নহবা।
\v 14 এই পত্ৰৰ দ্বাৰা জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে তোমালোকে সেই মানুহক চিনি ৰাখিবা আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিবা;
\v 15 কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিবা, বৰং ভাই বুলি চেতনা দিয়া।
\s5
\p
\v 16 এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলো ভাৱে তোমালোকক শান্তি দান কৰক। প্ৰভু তোমালোক সকলোৰে সঙ্গী হওক।
\s5
\v 17 মোৰ এই শুভেচ্ছা, মই পৌলে নিজ হাতে লিখিলোঁ; এয়েই মোৰ প্ৰত্যেক পত্ৰৰ চিন; মই এনেকৈয়ে লিখোঁ।
\s5
\v 18 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।