as_ulb/44-JHN.usfm

1710 lines
270 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id JHN
\ide UTF-8
\sts Assamese Old Version Revision
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
\h যোহন
\toc1 যোহনে লিখা শুভবাৰ্তা
\toc2 যোহন
\toc3 jhn
\mt1 যোহনে লিখা শুভবাৰ্তা
\s5
\c 1
\cl ১ অধ্যায়
\s ঈশ্বৰৰ বাক্যই মানুহৰূপে জন্ম গ্রহণ কৰিলে
\p
\v 1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
\v 2 এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
\v 3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
\s5
\v 4 জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
\v 5 সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
\p
\s5
\v 6 ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
\v 7 তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
\v 8 যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
\p
\s5
\v 9 সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
\s5
\v 10 তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
\v 11 যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
\s5
\v 12 কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
\v 13 তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে হৈছে।
\s5
\v 14 সেই বাক্যই মাংস
\f +
\fr 1:14
\ft অৰ্থাৎ শৰীৰ ৰূপ ধাৰণ কৰিলে৷
\f* হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
\v 15 যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞঁৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
\p
\s5
\v 16 আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালো।
\v 17 কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
\v 18 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
\s যীচুৰ বিষয়ে যোহনৰ সাক্ষ্য
\p
\s5
\v 19 যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
\v 20 যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “ মই খ্ৰীষ্ট নহয়।"
\v 21 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেন্তে কোন? আপুনি এলিয়া নেকি?”
\m তেওঁ ক’লে, “নহয়, মই নহওঁ;”
\m তেওঁলোকে ক’লে, “তেন্তে আপুনি সেই ভাৱবাদী নেকি?
\m তেওঁ উত্তৰ দিলে, “নহওঁ।”
\p
\s5
\v 22 তেতিয়া তেওঁলোকে তেওঁক ক’লে, "তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰো। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
\v 23 তেওঁ ক’লে,
\q1 “ যিচয়া ভাৱবাদীয়ে যিদৰে কৈছিল,
\q1 ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়,
\q1 প্ৰভুৰ পথ পোন কৰা।”
\f +
\fr 1:23
\ft যিচয়া 40:3
\f*
\p
\s5
\v 24 যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে,
\v 25 “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেন্তে কিয় বাপ্তিস্ম দিছে?”
\s5
\v 26 যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছো, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়।
\v 27 তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটা খুলিবৰো যোগ্য নহওঁ।
\p
\v 28 যর্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
\s ঈশ্বৰৰ মেৰ-পোৱালি
\p
\s5
\v 29 পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
\v 30 এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল।
\v 31 মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেইবাবে মই আহি পানীত বাপ্তিস্ম দিছো।”
\p
\s5
\v 32 তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ।
\v 33 মই তেওঁক চিনি নাপালো। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেইজনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
\v 34 মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।"
\s যীচুৰ প্রথম শিষ্য সকল
\p
\s5
\v 35 পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
\v 36 সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”
\m
\s5
\v 37 সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
\v 38 যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
\v 39 যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।" তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেই দিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
\p
\s5
\v 40 যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
\v 41 তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
\p
\v 42 আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা" নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
\s যীচুৱে ফিলিপ আৰু নথনেলক আমন্ত্রণ কৰা
\p
\s5
\v 43 পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
\v 44 ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
\v 45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচি আৰু ভাৱবাদী সকলে যি জনৰ বিষয়ে বিধান-শাস্ত্ৰত লিখিছিল, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।
\p
\s5
\v 46 নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
\v 47 যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্রায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!"
\v 48 নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
\p
\s5
\v 49 নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
\v 50 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
\v 51 যীচুৱে ক’লে, “মই তোমালোকক সচাঁকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”
\s5
\c 2
\cl ২ অধ্যায়
\s কান্না নগৰৰ বিয়াত যীচুৰ প্রথম আচৰিত চিন
\p
\v 1 তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
\v 2 সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
\p
\s5
\v 3 পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
\v 4 যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
\v 5 তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
\p
\s5
\v 6 সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে আশীৰ পৰা এশ লিটাৰ পানী ধৰে।
\v 7 যীচুৱে দাসবোৰক ক’লে, “পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া পাত্রকেইটাৰ কাণলৈকে পানী ভৰাই দিলে।
\v 8 তাৰ পাছত যীচুৱে সিহতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।" তাতে দাসবোৰে সেইদৰে কৰিলে।
\s5
\v 9 ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে,
\v 10 “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছা মতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।
\s5
\v 11 গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
\p
\s5
\v 12 তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
\s যীচুৱে যিৰূচালেমলৈ গৈ মন্দিৰ পৰিস্কাৰ কৰা
\p
\s5
\v 13 ইহুদী সকলৰ নিস্তাৰ-পৰ্ব্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
\v 14 তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, ভেড়া, পাৰচৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
\s5
\v 15 তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, ভেড়াৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
\v 16 যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
\p
\s5
\v 17 ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
\f +
\fr 2:17
\ft গীত 69:9
\f*
\p
\v 18 তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ কৰিবলৈ যে তুমি অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
\v 19 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
\p
\s5
\v 20 তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
\v 21 কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
\v 22 সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্রৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
\p
\s5
\v 23 নিস্তাৰ পৰ্ব্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
\v 24 কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
\v 25 মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।
\s5
\c 3
\cl ৩ অধ্যায়
\s যীচুৰ ওচৰলৈ নীকদীমৰ আগমণ
\p
\v 1 ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
\v 2 এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
\p
\s5
\v 3 উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সচাঁকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
\v 4 নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
\p
\s5
\v 5 যীচুৱে উত্তৰ দিলে, “মই আপোনাক সচাঁকৈয়ে কৈছো, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।"
\v 6 শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
\s5
\v 7 মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।
\v 8 বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
\p
\s5
\v 9 নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
\p
\v 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, "আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
\v 11 আপোনাক সচাঁকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখোঁ সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
\s5
\v 12 মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেন্তে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
\v 13 যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
\s5
\v 14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
\v 15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
\p
\s5
\v 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
\v 17 কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
\v 18 তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
\s5
\v 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
\v 20 কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
\v 21 কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে৷
\s যীচু আৰু বাপ্তিস্মদাতা যোহন
\p
\s5
\v 22 তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহূদিয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
\v 23 যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
\v 24 তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
\p
\s5
\v 25 সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
\v 26 পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
\p
\s5
\v 27 যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
\v 28 মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
\s5
\v 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পুৰ্ণ হ’ল।
\v 30 তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
\s স্বর্গৰ পৰা যি জন আহিল
\p
\s5
\v 31 যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
\v 32 তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
\v 33 যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
\s5
\v 34 কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
\v 35 পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
\v 36 পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”
\s5
\c 4
\cl অধ্যায়
\s যীচু আৰু চমৰীয়া তিৰোতা
\p
\v 1 যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
\v 2 যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
\v 3 তেতিয়া তেওঁ যিহূদিয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।
\s5
\v 4 গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
\p
\v 5 তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
\s5
\v 6 সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
\p
\v 7 এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক ক’লে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
\v 8 সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
\s5
\v 9 সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।
\v 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেন্তে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
\p
\s5
\v 11 সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
\v 12 আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
\s5
\v 13 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
\v 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
\s5
\v 15 সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
\p
\v 16 যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
\s5
\v 17 সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, ”তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
\v 18 কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
\p
\s5
\v 19 সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
\v 20 আমাৰ পিতৃপুৰুষ সকলে এই পৰ্ব্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
\s5
\v 21 যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্ব্বতত নাইবা যিৰূচালেমত নকৰিবা।
\v 22 তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
\s5
\v 23 কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনেকি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
\v 24 ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
\s5
\v 25 সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
\v 26 যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
\p
\s5
\v 27 তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
\p
\s5
\v 28 সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ কলহ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
\v 29 “আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এইজনেই সেই খ্ৰীষ্ট নেকি?”
\v 30 তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
\p
\s5
\v 31 ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
\v 32 কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
\v 33 শিষ্য সকলে পৰস্পৰে কোৱাকুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা-বস্তু আনি দিলে নেকি?”
\s5
\v 34 যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
\v 35 তোমালোকে প্রায়েই নোকোৱানে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?' কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
\v 36 যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে।
\s5
\v 37 ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়।
\v 38 মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আনলোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
\p
\s5
\v 39 যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে", তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
\v 40 লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
\s5
\v 41 তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
\v 42 তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালো যে, এওঁ সচাঁকৈয়ে জগতৰ ত্ৰাণকৰ্ত্তা।”
\s এজন ৰাজ-কর্মচাৰীৰ পুতেকক সুস্থ কৰা
\p
\s5
\v 43 দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
\v 44 কাৰণ যীচুৱে নিজে কৈছিল যে এজন ভাৱবাদীৰ নিজ দেশত মৰ্য্যদা নাই;
\v 45 তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্ব্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
\p
\s5
\v 46 পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
\v 47 তেওঁ যেতিয়া শুনিলে যে যীচু যিহূদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
\s5
\v 48 যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
\v 49 সেই ৰাজ-কর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
\v 50 যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
\s5
\v 51 তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।"
\v 52 তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “যোৱাকালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
\p
\s5
\v 53 ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।" তেতিয়া সেই ৰাজ-কর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
\v 54 যীচুৱে পুণৰ যিহূদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় অদ্ভুত চিন দেখুৱালে।
\s5
\c 5
\cl ৫ অধ্যায়
\s যীচুৱে এজন ৰোগীক বিশ্ৰাম বাৰে সুস্থ কৰা
\p
\v 1 এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব্ব আছিল।
\p
\v 2 যিৰূচালেমত মেৰ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
\v 3-4 সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোকসকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যিজনে পানীত নামিব পাৰে, তেওঁৰ যিকোনো ৰোগ ভাল হৈ যায়।
\s5
\v 5 তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
\v 6 যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
\s5
\v 7 ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
\v 8 যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি ফুৰা।”
\s5
\v 9 তেতিয়াই সেই মানুহ জনে সুস্থ হ'ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
\p
\s5
\v 10 সেই দিনটো বিশ্ৰাম বাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰাম বাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
\v 11 কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি ফুৰা।”
\s5
\v 12 তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজ কাঢ়ি যোৱা’ বুলি কোৱা সেই মানুহ জন কোন?”
\v 13 কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
\s5
\v 14 পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
\v 15 তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
\s পুত্রৰ অধিকাৰ
\p
\s5
\v 16 এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রাম বাৰে এইবোৰ কৰ্ম কৰিলে।
\v 17 যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।
\v 18 যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰাম বাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
\p
\s5
\v 19 ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সচাঁকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
\v 20 কাৰণ, পিতৃয়ে পুত্ৰক ভাল পায় আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
\s5
\v 21 পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
\v 22 পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
\v 23 যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
\s5
\v 24 মই সচাঁকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
\p
\s5
\v 25 আপোনালোকক সচাঁকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
\s5
\v 26 কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
\v 27 পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
\p
\s5
\v 28 এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
\v 29 আৰু ওলাই আহিব। সৎকৰ্ম্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
\s প্রভু যীচুৰ বিষয়ে সাক্ষ্য
\p
\s5
\v 30 মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰোঁ।
\v 31 মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেন্তে মোৰ সেই সাক্ষ্য সত্য নহয়।
\v 32 আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
\p
\s5
\v 33 আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
\v 34 অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছো, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
\v 35 সেই যোহন আছিল এটি প্রদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
\p
\s5
\v 36 কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
\v 37 সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনোকালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
\v 38 তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
\p
\s5
\v 39 আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
\v 40 তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
\p
\s5
\v 41 মই মানুহৰ প্রশংসা(মহিমা) পাবলৈ চেষ্টা নকৰো;
\v 42 কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
\s5
\v 43 মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
\v 44 আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা(মহিমা) পাবলৈ আশা কৰে, কিন্তু যি প্রশংসা(মহিমা) একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
\s5
\v 45 নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।
\v 46 আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেন্তে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
\v 47 কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেন্তে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?”
\s5
\c 6
\cl ৬ অধ্যায়
\s যীচুৱে পাঁচ হাজাৰ মানুহক খুউৱা
\p
\v 1 ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
\v 2 তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
\v 3 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
\s5
\v 4 সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্ব্বৰ দিন ওচৰ চাপি আহিছিল।
\v 5 যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
\v 6 ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এইকথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
\s5
\v 7 ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলি(দীনাৰ)ৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
\v 8 যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
\v 9 “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
\s5
\v 10 যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান ঘাঁহ আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
\v 11 তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
\p
\v 12 তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
\s5
\v 13 তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
\v 14 যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
\p
\v 15 যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
\s যীচুৱে পানীৰ ওপৰত খোজ কঢ়া
\p
\s5
\v 16 যেতিয়া সন্ধ্যা নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
\v 17 তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
\v 18 বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
\s5
\v 19 শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজ কাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
\v 20 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
\p
\v 21 শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
\s জীৱনৰ আহাৰৰ বিষয়ে শিক্ষা
\p
\s5
\v 22 পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
\v 23 কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
\s5
\v 24 সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
\p
\v 25 সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
\s5
\v 26 যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
\v 27 ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”
\p
\s5
\v 28 লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
\v 29 যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
\s5
\v 30 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
\v 31 আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা ৰুটি দিলে’।”
\f +
\fr 6:31
\ft গীত 78:24
\f*
\p
\s5
\v 32 যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সচাঁকৈয়ে কওঁ, স্বর্গৰ পৰা সেই ৰুটি মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত ৰুটি দিয়ে
\v 33 কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া ৰুটি।”
\v 34 লোক সকলে ক’লে, “তেন্তে প্ৰভু, সেই ৰুটি আমাক সকলো সময়তে দিয়ক।”
\p
\s5
\v 35 যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
\v 36 মই আপোনালোকক কৈছোয়ে যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
\v 37 পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
\s5
\v 38 কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বর্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
\v 39 মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
\v 40 মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
\p
\s5
\v 41 পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
\v 42 সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেইজনেই নহয়নে? তেন্তে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
\s5
\v 43 যীচুৱে তেওঁলোকক উত্তৰ দি ক'লে,“আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
\v 44 যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
\v 45 ভাববাদী সকলৰ পুস্তকত এইবুলি লিখা আছে, “তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।”
\f +
\fr 6:45
\ft যিচয়া 54:13
\f* যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
\s5
\v 46 কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
\v 47 মই সচাঁকৈয়ে কৈছো, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
\s5
\v 48 জীৱন দিওঁতা আহাৰ ময়েই।
\v 49 আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
\p
\s5
\v 50 স্বর্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
\v 51 স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেন্তে তেওঁ চিৰকাল জীব; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস
\f +
\fr 6:51
\ft অৰ্থাৎ জীৱন, শৰীৰ
\f* ।”
\p
\s5
\v 52 এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
\v 53 যীচুৱে তেওঁলোকক ক’লে, “সচাঁকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
\s5
\v 54 যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
\v 55 কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
\v 56 যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেইজন মোত থাকে, ময়ো তেওঁত থাকোঁ।
\s5
\v 57 যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছো, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
\v 58 স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।”
\v 59 এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
\s অনন্ত জীৱনৰ বাক্য যীচুত আছে
\p
\s5
\v 60 যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
\v 61 যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
\s5
\v 62 মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ক’বা?
\v 63 আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
\s5
\v 64 কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
\v 65 তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
\p
\s5
\v 66 ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা যোৱা নকৰিলে।
\v 67 যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰানে?”
\v 68 চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে।
\v 69 আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
\s5
\v 70 যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল(চয়তান) আছে।”
\v 71 ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
\s5
\c 7
\cl অধ্যায়
\ms পঁজা-পর্বৰ সময়ত প্রভু যীচুৰ উপদেশ
\s যীচুৰ ভায়েক সকলৰ অবিশ্বাস
\p
\v 1 তাৰ পাছত যীচুৱে গালীল প্রদেশৰ মাজতে ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকাত যীচুৱে যিহূদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।
\v 2 তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ
\f +
\fr 7:2
\ft পঁজা-পর্ব: এই পর্ব প্রতিবছৰে সপ্তাহজুৰি পালন কৰা হয়। পর্বৰ সময়ত ইহুদী সকলে তম্বুত বাস কৰে আৰু মোচিৰ সময়ত 40 বছৰ ধৰি মৰুভূমিত ঘূৰি-ফুৰাৰ কথা স্মৰণ কৰে।
\f* সময় প্রায় ওচৰ চাপিছিল।
\s5
\v 3 সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷
\v 4 যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেন্তে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেন্তে জগতৰ সন্মুখত নিজকে দেখুউৱা।”
\s5
\v 5 কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।
\v 6 সেয়ে যীচুৱে তেওঁলোকক ক’লে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।
\v 7 জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
\p
\s5
\v 8 তোমালোকে পৰ্ব্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”
\v 9 তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গ’ল।
\s5
\v 10 তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।
\v 11 পৰ্ব্বৰ সময়ত ইহুদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন ক’ত আছে?”
\s5
\v 12 লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
\v 13 কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।
\p
\s5
\v 14 যেতিয়া পৰ্ব্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।
\v 15 তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”
\v 16 যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”
\s5
\v 17 যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেন্তে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছো।
\v 18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্য্যদা বিচাৰে; কিন্তু যি জনে পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেন্তে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
\s5
\v 19 মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
\v 20 লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
\s5
\v 21 যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
\v 22 মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও এজন মানুহৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে;)
\s5
\v 23 মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেন্তে মই বিশ্ৰাম বাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
\v 24 উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায় বিচাৰ কৰক।”
\p
\s5
\v 25 তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
\v 26 কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সচাঁই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
\v 27 এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”
\s5
\v 28 তেতিয়া যীচুৱে মন্দিৰত উচ্চস্বৰে শিক্ষা দি ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
\v 29 মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
\s5
\v 30 তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।
\v 31 কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?"
\s যীচুক বন্দী কৰিবলৈ চেষ্টা কৰা
\p
\v 32 লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।
\s5
\v 33 যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছো। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।
\v 34 আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
\s5
\v 35 ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ গ্রীক সকলক শিক্ষা দিব নেকি?
\v 36 তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”
\s বিশ্বাসীজনে পবিত্র আত্মা পাব
\p
\s5
\v 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে থিয় হৈ, ডাঙৰ মাতেৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
\v 38 যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
\s5
\v 39 যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
\p
\s5
\v 40 এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সচাঁই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”
\v 41 কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
\v 42 ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম চহৰত আছিল, তেওঁ তাৰ পৰাই আহিব?"
\s5
\v 43 এইদৰে যীচুৰ বিষয়ে লোক সকলৰ মাজত মতভেদৰ সৃষ্টি হ’ল।
\v 44 তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
\p
\s5
\v 45 তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
\v 46 তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
\s5
\v 47 তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
\v 48 শাসনকৰ্ত্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
\v 49 কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
\s5
\v 50 তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে তেওঁৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,
\v 51 “প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
\v 52 তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”
\s এজনী ব্যভিচাৰিণী তিৰোতা, আৰু তাইৰ অপবাদকাৰী সকল
\p
\s5
\v 53
\f +
\fr 7:53
\ft কোনো কোনো গ্রীক প্রতিলিপিত যোহন 7:53-8:11 পদ পোৱা নাযায়।
\f* তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।
\s5
\c 8
\cl ৮ অধ্যায়
\p
\v 1 যীচু জৈতুন পৰ্ব্বতলৈ গ’ল।
\v 2 অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
\v 3 তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ-কৰ্ম্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
\s5
\v 4 তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ-কৰ্ম্ম কৰোঁতেই ধৰা পৰিল।
\v 5 এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
\v 6 তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ এই কথা ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
\s5
\v 7 কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
\v 8 পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
\s5
\v 9 এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
\v 10 যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি"?
\v 11 তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।" যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
\s যীচু জগতৰ পোহৰ
\p
\s5
\v 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
\v 13 তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
\s5
\v 14 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলো, আৰু ক’লৈ গৈ আছো, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
\v 15 আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰো।
\v 16 তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
\s5
\v 17 আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেন্তে ই সত্য হয়।
\v 18 মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
\s5
\v 19 তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।
\v 20 মন্দিৰত ধনৰ ভঁৰাল-ঘৰৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
\s যীচুৱে নিজৰ মৃত্যুৰ বিষয়ে জনোৱা
\p
\s5
\v 21 পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
\v 22 তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
\s5
\v 23 তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
\v 24 এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেন্তে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
\s5
\v 25 তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছো।”
\v 26 আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।"
\v 27 তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।
\s5
\v 28 সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছো।
\v 29 মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষ জনক কাম কৰোঁ।”
\v 30 যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
\s যীচুৰ বিৰুদ্ধে ইহুদী সকল
\p
\s5
\v 31 যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেন্তে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
\v 32 আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
\v 33 তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনে স্থলত 'আপোনালোকক মুক্ত কৰা হ’ব', এনে কথা তুমি কেনেকৈ কৈছা?”
\p
\s5
\v 34 যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সচাঁই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
\v 35 দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু পুত্ৰ হ’লে সদায় থাকে।
\v 36 এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।
\s5
\v 37 আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
\v 38 মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
\p
\s5
\v 39 তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।”
\m যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
\v 40 ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছো। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
\v 41 আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।”
\m তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
\s5
\v 42 যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা অহা নাই, কিন্তু ঈশ্বৰেহে মোক পঠিয়ালে।
\v 43 আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
\v 44 চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেইকাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰ-বধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু মিছলীয়াৰ বাপেক।
\s5
\v 45 মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
\v 46 আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছো, তেন্তে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
\v 47 যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেইবাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷"
\p
\s5
\v 48 ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সচাঁকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
\v 49 যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে।
\s5
\v 50 মই মোৰ নিজৰ মৰ্য্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
\v 51 মই আপোনালোকক সচাঁকৈয়ে কওঁ, “কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।”
\p
\s5
\v 52 ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সচাঁই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’
\v 53 তুমি কি আমাৰ ওপৰ পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
\m
\s5
\v 54 যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেন্তে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
\v 55 আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেন্তে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
\v 56 আপোনালোকৰ ওপৰ পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেই দিন দেখিলে আৰু আনন্দ কৰিলে।”
\p
\s5
\v 57 ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
\v 58 যীচুৱে তেওঁলোকক ক’লে, “সচাঁকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছো।”
\v 59 তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।
\s5
\c 9
\cl ৯ অধ্যায়
\s যীচুৱে এজন অন্ধক দৃষ্টি দিয়া
\p
\v 1 যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে।
\v 2 তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে নে তেওঁৰ মাক-বাপেকে কৰিলে?”
\s5
\v 3 যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।
\v 4 আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
\v 5 যিমান দিন মই জগতত আছো, মইয়ে জগতৰ পোহৰ।”
\s5
\v 6 এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা লিপি দিলে।
\v 7 তাৰ পাছত তেওঁক ক’লে, “যোৱা; চিলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চিলোহ’ৰ অনুবাদিত অর্থ পঠোৱা হ’ল) ; তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
\p
\s5
\v 8 তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
\v 9 কোনো কোনোৱে ক’লে, “হয়,ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
\m
\s5
\v 10 তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
\v 11 তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি ক’লে, চীলোহলৈ গৈ ধুই পেলোৱা; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
\v 12 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন ক’ত আছে?” তেওঁ ক’লে “মই নাজানো।”
\s যীচুৱে আৰোগ্য কৰা অন্ধ জনক ইহুদী সকলে প্রশ্ন কৰা
\p
\s5
\v 13 যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গ’ল।
\v 14 যি দিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰাম বাৰ আছিল।
\v 15 সেইকাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
\s5
\v 16 তাতে ফৰীচী সকলৰ কিছুমানে ক’লে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰাম বাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে ক’লে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।
\v 17 সেয়ে, তেওঁলোকে আকৌ সেই অন্ধ জনক সুধিলে, “যি মানুহ জনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা?" মানুহ জনে ক’লে, “তেওঁ এজন ভাৱবাদী।”
\p
\v 18 মানুহ জনৰ মাক-বাপেকক মাতি আনি নুসুধা পর্যন্ত ইহুদী সকলে বিশ্বাস নকৰিলে যে এই মানুহ জন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
\s5
\v 19 তেওঁলোকে তেওঁৰ মাক-বাপেকক সুধিলে, “এই জন তোমালোকৰ সেই ল’ৰা জন হয় নে, যি জনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল। তেন্তে সি এতিয়া কেনেকৈ দেখা পাইছে?”
\v 20 তেওঁৰ মাক-বাপেকে উত্তৰ দিলে, “আমি জানো, ই আমাৰে ল’ৰা আৰু সি ওপজাৰে পৰা অন্ধ আছিল।
\v 21 কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সিয়ে নিজৰ বিষয়ে নিজে ক’ব।
\s5
\v 22 ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ(খ্ৰীষ্ট) বুলি স্বীকাৰ কৰে, তেন্তে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
\v 23 এই কাৰণতে, তেওঁৰ মাক-বাপেকে ক’লে, “সি বয়সীয়া; তাক সোধক।”
\p
\s5
\v 24 তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
\v 25 তাতে তেওঁ উত্তৰ দিলে, “তেওঁ পাপী হয় নে নহয়, তাক মই নাজানো; কিন্তু এটা বিষয় জানো যে মই অন্ধ আছিলো আৰু এতিয়া দেখা পাইছো।”
\s5
\v 26 তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
\v 27 তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক অথনিয়ে ক’লো, কিন্তু আপোনালোকে নুশুনিলে; তেন্তে আকৌ কি কাৰণে শুনিব খোজিছে? অাপোনালোকেও তেওঁৰ শিষ্য হ’বলৈ ইচ্ছা কৰে নেকি?
\v 28 তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক’লে, “তইহে তাৰ শিষ্য; আমি হ’লে মোচিৰ শিষ্য।”
\v 29 ঈশ্বৰে যে মোচিৰ কথা ক’লে, তাক আমি জানো; কিন্তু এই মানুহ ক’ৰ পৰা আহিছে, তাক আমি নাজানো।”
\s5
\v 30 সেই মানুহে উত্তৰ দি তেওঁলোকক ক’লে, “কি বিস্ময়জনক বিষয়! তেওঁ কৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে।
\v 31 আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা, ঈশ্বৰে শুনে৷
\s5
\v 32 জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে।
\v 33 সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ’লে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
\v 34 তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
\p
\s5
\v 35 যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
\v 36 তেওঁ উত্তৰ দি ক’লে, “প্ৰভু, তেওঁ কোন?মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ।”
\v 37 যীচুৱে তেওঁক ক’লে, “তুমি তেওঁক দেখা পালা; আৰু তোমাৰে সৈতে কথা পাতি থকা জনেই সেই জন।”
\v 38 তেতিয়া মানুহ জনে ক’লে, “প্ৰভু, মই বিশ্বাস কৰিছোঁ” এই বুলি তেওঁ যীচুক সেৱা কৰিলে।
\s5
\v 39 যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
\v 40 কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?
\v 41 যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অন্ধ হ’য়, তেন্তে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছোঁ; গতিকে তোমালোকৰ পাপ থাকি গ’ল।
\s5
\c 10
\cl ১০ অধ্যায়
\s প্রভু যীচু সজৰখীয়া
\p
\v 1 যীচুৱে ক’লে, “মই সচাঁকৈ আপোনালোকক কওঁ, যি জনে ভেড়াৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিবর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
\v 2 যি জনে দুৱাৰেদি সোমায়, তেওঁ ভেড়াৰখীয়া।
\s5
\v 3 দ্বাৰ-ৰক্ষকে ভেড়াৰখীয়াক দুৱাৰ মেলি দিয়ে। ভেড়াবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ ভেড়াবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
\v 4 নিজৰ সকলো ভেড়াক বাহিৰ কৰাৰ পাছত তেওঁ ভেড়াবোৰৰ আগে আগে যায় আৰু ভেড়াবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
\s5
\v 5 সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
\v 6 যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
\p
\s5
\v 7 তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সচাঁই কওঁ , ময়েই ভেড়াৰ গৰালৰ দুৱাৰ।
\v 8 মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু ভেড়াবোৰে সিহঁতৰ কথা নুশুনিলে।
\p
\s5
\v 9 ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
\v 10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলো।
\p
\s5
\v 11 ময়েই সজ ভেড়াৰখীয়া; সজ ভেড়াৰখীয়াই তেওঁৰ ভেড়াৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
\v 12 কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে ভেড়াৰখীয়া নহয় আৰু ভেড়াবোৰ তেওঁৰ নিজৰ নহয়; সেইবাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, ভেড়াবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
\v 13 এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; ভেড়াবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
\p
\s5
\v 14 ময়েই সজ ভেড়াৰখীয়া; মই নিজৰ ভেড়াবোৰক জানো আৰু মোৰ মেৰবোৰেও মোক জানে;
\v 15 পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ ভেড়াৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
\v 16 মোৰ এনে অনেক ভেড়া আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
\s5
\v 17 পিতৃয়ে মোক এইবাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্রাণ সমর্পণ কৰোঁ যেন পুনৰায় তাক পাব পাৰো।
\v 18 কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ নকৰে, কিন্তু মই নিজৰ পৰাই তাক সমর্পণ কৰোঁ। তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে, আৰু পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে; এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছো।”
\p
\s5
\v 19 এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
\v 20 তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
\v 21 আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
\s নিজৰ ক্ষমতাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\s5
\v 22 তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব্ব
\f +
\fr 10:22
\ft প্রতিষ্ঠাৰ পর্ব: ডিচেম্বৰৰ এক বিশেষ সপ্তাহ যাক ইহুদী সকলে পর্ব হিচাপে পালন কৰে।
\f* উপস্থিত হ’ল।
\v 23 সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
\v 24 তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেন্তে আমাক স্পষ্টকৈ কোৱা।”
\s5
\v 25 যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
\v 26 তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ ভেড়াৰ জাকৰ মাজৰ নহয়।
\s5
\v 27 মোৰ ভেড়াবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
\v 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
\s5
\v 29 মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।
\v 30 মই আৰু পিতৃ এক।”
\p
\v 31 তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।
\s5
\v 32 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
\v 33 ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেইকাৰণেহে বিচাৰিছো।”
\s5
\v 34 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, তোমালোক ঈশ্বৰ’
\f +
\fr 10:34
\ft গীত 82:6 পদ। যীচুৱে ধৰ্মশাস্ত্রৰ এই উদ্ধৃতি দিছে, য’ত ঈশ্বৰে তেওঁৰ অনুগামী সকলক মাতে, কাৰণ ঈশ্বৰে সেই লোক সকলক পৃথিৱীত তেওঁৰ প্রতিনিধিত্ব কৰিবলৈ মনোনীত কৰিছে।
\f* ?
\v 35 যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়৷),
\v 36 তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা, কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’?
\s5
\v 37 মোৰ পিতৃৰ কার্য যদি মই নকৰো, তেনেহলে মোক বিশ্বাস নকৰিব;
\v 38 কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছো।”
\v 39 তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।
\p
\s5
\v 40 পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।
\v 41 তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱাকুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
\v 42 আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।
\s5
\c 11
\cl ১১ অধ্যায়
\s লাজাৰৰ মৃত্যু আৰু পুণৰজীৱন
\p
\v 1 বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থা সেই গাৱঁতে থাকে।
\v 2 এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
\s5
\v 3 সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক ভাল পায়, তেওঁ নৰিয়াত পৰি আছে।”
\v 4 যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
\p
\s5
\v 5 মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
\v 6 তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
\v 7 তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহূদীয়ালৈ যাওঁ।”
\p
\s5
\v 8 শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
\v 9 যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেন্তে তেওঁ উজুতি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
\s5
\v 10 কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেন্তে তেওঁ উজুতি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
\v 11 এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
\s5
\v 12 তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেন্তে ভাল হৈ যাব।”
\v 13 যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
\v 14 যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
\s5
\v 15 তোমালোকৰ বাবে মই আনন্দিত হৈছো যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।"
\v 16 তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
\s বৈথনিয়াত যীচু
\p
\s5
\v 17 যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰিদিন হ’ল।
\v 18 বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
\v 19 ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে শান্তনা দিবলৈ আহিছিল।
\v 20 এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
\s5
\v 21 মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
\v 22 কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
\v 23 যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
\s5
\v 24 মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
\v 25 যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীব;
\v 26 আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
\s5
\v 27 তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
\s যীচুৱে ক্রন্দন কৰিলে
\p
\v 28 এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
\v 29 মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
\s5
\v 30 যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মার্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
\v 31 যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক শান্তনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
\v 32 যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
\s5
\v 33 যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
\v 34 তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
\v 35 যীচুৱে ক্ৰন্দন কৰিলে।
\s5
\v 36 ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে ভাল পাইছিল!”
\v 37 কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
\p
\s5
\v 38 তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
\v 39 যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
\v 40 যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
\s5
\v 41 তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
\v 42 মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এইকথা কৈছো, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।"
\s5
\v 43 ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে কলে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
\v 44 তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোছাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
\p
\s5
\v 45 মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
\v 46 কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
\s5
\v 47 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
\v 48 তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেন্তে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোমীয়া সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।
\s5
\v 49 কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা।
\v 50 তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগতে আমাৰ জাতিৰ বিনাশ হোৱাতকৈ বৰং আপোনালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱা ভাল।
\s5
\v 51 এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাৱবাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব ।
\v 52 কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
\v 53 সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
\p
\s5
\v 54 সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
\p
\v 55 ইহুদী সকলৰ নিস্তাৰ-পৰ্ব্বৰ দিন ওচৰ চাপি আহিছিল আৰু বহুলোকে দেশৰ পৰা পর্বৰ আগেয়ে নিজক শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।
\s5
\v 56 তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱাকুই কৰিলে, “ তেওঁ কি এই পৰ্ব্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?”
\v 57 প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে তাক যদি কোনোবাই জানে, তেন্তে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
\s5
\c 12
\cl ১২ অধ্যায়
\s যীচুক সুগন্ধি তেল ঘঁহা আৰু ইয়াৰ অৰ্থ
\p
\v 1
\f +
\fr 12.1
\ft যিচ ৪৯:৬; যো ১০:১৬; ইফি২:১৪-১৮৷
\f* নিস্তাৰ-পর্ব্বৰ ছয়দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
\f +
\fr 12.1
\ft মথি২৬: ৬ মার্ক ১৪: ৩৷
\f*
\v 2 সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
\v 3 তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
\p
\s5
\v 4 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহুদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
\v 5 "আমি এই তেল তিনিশ আধলি(দীনাৰ)ত বিক্ৰি কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলো ?"
\v 6 তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
\p
\s5
\v 7 তেতিয়া যীচুৱে ক’লে, "তেওঁক অকলে থাকিবলৈ দিয়া ! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
\v 8 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকোঁ"।
\p
\s5
\v 9 ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
\v 10 সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
\v 11 কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
\s যীচু জয়-যাত্ৰা
\p
\s5
\v 12 পাছদিনা নিস্তাৰ-পৰ্ব্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
\v 13 তেতিয়া তেওঁলোকে খেজুৰ পাত হাততলৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি -চিঞৰি ক’লে, "জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।"
\f +
\fr 12.13
\ft গীতমালা: ১১৮;২৫,২৬
\f*
\p
\s5
\v 14 তেতিয়া যীচুৱে এটা গাধ পোৱালী দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
\q1
\v 15 "তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী;
\q1 চোৱা তোমালোকৰ ৰজা আহিছে,
\q1 তেওঁ গাধ পোৱালীৰ ওপৰত উঠি আহিছে"৷
\p
\s5
\v 16 এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
\p
\s5
\v 17 যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
\v 18 এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
\v 19 তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱাকুই কৰি কলে, "তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল"।
\s কেইজনমান গ্ৰীক লোকে যীচুৰ লগত সাক্ষাৎ কৰা
\p
\s5
\v 20 সেই সময়ত নিস্তাৰ পর্ব্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
\v 21 তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, "হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।"
\v 22 ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
\p
\s5
\v 23 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে ।
\v 24 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেন্তে তাত অনেক গুটি ধৰে।
\p
\s5
\v 25 যি কোনোৱে নিজৰ প্ৰাণ প্ৰিয় বুলি মানে, তেওঁ তাক হেৰুৱাই আৰু যিকোনোৱে এই জগতত নিজৰ প্ৰাণ অপ্ৰিয় বুলি মানে, তেওঁ অনন্ত জীৱনলৈ তাক ৰাখে।
\v 26 কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেন্তে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেন্তে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
\p
\s5
\v 27 এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলো। হে পিতৃ, তোমাৰ নাম মহিমান্বিত কৰা”।
\v 28 তেতিয়া স্বর্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলো, আকৌ মহিমান্বিত কৰিম”।
\v 29 তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে”।
\p
\s5
\v 30 যীচুৱে উত্তৰ দি ক’লে, "মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
\v 31 এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ শাসনকৰ্তাক বাহিৰ কৰা হ’ব;
\s5
\v 32 আৰু মই পৃথিবীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।"
\v 33 তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
\p
\s5
\v 34 তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, "আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেন্তে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰনো কোন’?”
\v 35 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পিছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষযে নাজানে।
\v 36 যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা"।
\s যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
\p
\s5
\v 37 সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
\v 38 যাতে যিচয়া ভাববদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল,
\q1 "হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে?
\q1 আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?"
\p
\s5
\v 39 কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
\q1
\v 40 তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে,
\q1 নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন
\q1 আৰু ঘুৰিলেহেঁতেন
\q1 আৰু তেওঁলোকক সুস্থ কৰিলোহেঁতেন"।
\m
\s5
\v 41 যিচয়াই এই বিষয়ে ক’লে, কাৰণ তেওঁৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
\v 42 তথাপি শাসনকৰ্ত্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
\v 43 কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা(মহিমা)তকৈ মানুহৰ পৰা পোৱা প্ৰশংসা(মহিমা)ক বেছি প্ৰেম কৰিছিল।
\p
\s5
\v 44 যীচুৱে বৰ মাতেৰে ক’লে," যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
\v 45 আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
\p
\s5
\v 46 মই এই জগতলৈ পোহৰহৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
\v 47 কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলো।
\p
\s5
\v 48 যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে; মই যে বার্তা দিছো শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
\v 49 কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, কি শিক্ষা দিব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
\v 50 মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।
\s5
\c 13
\cl ১৩ অধ্যায়
\s যীচুৱে শিষ্য সকলৰ ভৰি ধুই দিয়া
\p
\v 1 ইহুদী সকলৰ নিস্তাৰ পৰ্ব্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
\v 2 ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যীহুদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
\p
\s5
\v 3 যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
\v 4 তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
\v 5 তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
\p
\s5
\v 6 তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, "হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?"
\v 7 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা”।
\v 8 পিতৰে তেওঁক ক’লে "আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব"। যীচুৱে উত্তৰ দিলে, "যদি তোমাৰ ভৰি নুধুৱাওঁ, তেন্তে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।"
\v 9 তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, "হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।"
\p
\s5
\v 10 যীচুৱে তেওঁক ক’লে, "গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷"
\v 11 কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল ; এই কাৰণে তেওঁ ক'লে, "তোমালোক সকলো শুচি নহয়।"
\p
\s5
\v 12 যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, "তোমালোকৰ কাৰণে মই যি কৰিলো, সেই বিষয়ে তোমালোকে বুজিলা নে?
\v 13 তোমালোকে যে মোক 'গুৰু' আৰু 'প্ৰভু' মাতিছা, সেয়া ঠিকেই কৈছা; কিয়নো মই সেয়েই হওঁ।
\v 14 এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
\v 15 কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
\p
\s5
\v 16 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস দাঙৰ নহয়; আৰু পঠোৱা জনতকৈ পাঁচনি ডাঙৰ নহয়।
\v 17 তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা ।
\v 18 তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছো এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; 'যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।'
\p
\s5
\v 19 এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছো।
\v 20 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।"
\s যীচুক শত্ৰুৰ হাতত শোধাই দিওঁতা জন প্ৰকাশিত হোৱা
\p
\s5
\v 21 এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সচাঁকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷"
\v 22 শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা কলে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হল ।
\p
\s5
\v 23 যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷
\v 24 তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক সুধিলে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?
\v 25 তেতিয়া তেওঁ যীচুৰ বুকুলৈ হলি গৈ সুধিলে, “হে প্ৰভু, সেই জননো কোন?
\p
\s5
\v 26 যীচুৱে উত্তৰ দিলে, 'মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন'। তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।
\v 27 সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, "তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা"।
\p
\s5
\v 28 কিন্তু তেওঁ কিয় এই কথা কলে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷
\v 29 কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে,"পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ” যীচুৱে তেওঁক এই কথা ক'লে, ।
\v 30 তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।
\s জীৱনৰ বিষয়ে শিষ্য সকলৰ সৈতে যীচুৰ কথোপকথন
\p
\s5
\v 31 যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গল, যীচুৱে ক’লে, "এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হল৷
\v 32 ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হল, তেতিয়া ঈশ্বৰেও মানব পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব"।
\v 33 মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছো। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, "মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা", তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।
\p
\s5
\v 34 মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
\v 35 তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেন্তে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।"
\p
\s5
\v 36 চিমোন পিতৰে তেওঁক সুধিলে, "হে প্ৰভু, আপুনি ক’লৈ যায়?" যীচুৱে উত্তৰ দি কলে, "মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।"
\v 37 পিতৰে তেওঁক ক’লে, "হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।"
\v 38 যীচুৱে উত্তৰ দি কলে, "মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।"
\s5
\c 14
\cl ১৪ অধ্যায়
\p
\v 1 "তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
\v 2 মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
\v 3 যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
\p
\s5
\v 4 মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।"
\v 5 থোমাই যীচুক ক’লে, "হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?"
\v 6 যীচুৱে তেওঁক ক’লে, "ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযায়।
\v 7 তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।"
\p
\s5
\v 8 ফিলিপে যীচুক ক’লে, "হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক সেয়ে আমালৈ যথেষ্ট হব”।
\v 9 যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?"
\p
\s5
\v 10 মই যে পিতৃত আছো আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে ।
\v 11 মই যে পিতৃত আছো, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
\p
\s5
\v 12 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
\v 13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
\v 14 তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেন্তে সেয়া মই পূর্ণ কৰিম।
\p
\s5
\v 15 তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
\v 16 আৰু মই পিতৃৰ ওচৰত নিবেদন কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্ত্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷
\v 17 সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
\p
\s5
\v 18 মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
\v 19 অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছো বাবে তোমালোকো জীয়াই থাকিবা।
\v 20 সেই দিনা তোমালোকে জানিবা যে, মই পিতৃত আছো আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছো।
\p
\s5
\v 21 যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম"।
\v 22 তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, "হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?"
\p
\s5
\v 23 যীচুৱে উত্তৰ দি তেওঁক ক’লে, "কোনোৱে যদি মোক প্ৰেম কৰে, তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
\v 24 যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
\p
\s5
\v 25 মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লোঁ;
\v 26 কিন্তু সেই সহায়কর্ত্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছো, এই আটাই কথা তোমালোকক সোঁৱৰাব।
\v 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
\p
\s5
\v 28 মই তোমালোকক যি দৰে কলোঁ, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ মোক প্ৰেম কৰা হ’লে, মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
\v 29 এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
\p
\v 30 তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
\v 31 কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।
\s5
\c 15
\cl ১৫ অধ্যায়
\s কাৰ্যৰ বিষয়ে শিষ্য সকলৰ সৈতে যীচুৰ কথোপকথন
\p
\v 1 "ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।
\v 2 যি যি ডালত গুটি নধৰে, তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰত পুনৰ অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে।
\p
\s5
\v 3 মই তোমালোকক কোৱা শিক্ষাৰ যোগেদি তোমালোক এতিয়া পৰিষ্কৃত হৈছা।
\v 4 তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হব নোৱাৰিবা।
\p
\s5
\v 5 ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
\v 6 কোনোৱে যদি মোৰ লগত নাথাকে, তেন্তে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
\v 7 তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেন্তে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।
\p
\s5
\v 8 ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।
\v 9 পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ; তোমালোকে মোৰ প্ৰেমতে থাকা।
\p
\s5
\v 10 যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
\v 11 মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।
\p
\s5
\v 12 এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
\v 13 বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক'তো নাই।
\p
\s5
\v 14 তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেন্তে তোমালোক মোৰ বন্ধু।
\v 15 এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
\p
\s5
\v 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।
\v 17 মই তোমালোকক এইবোৰ আজ্ঞা দিছো, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা ।
\p
\s5
\v 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেন্তে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
\v 19 তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰদৰে ভাল পালেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।
\p
\s5
\v 20 মই তোমালোকক যি শিক্ষা দিলো সেই বিষয়ে সোঁৱৰণ কৰা, 'এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়’৷ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেন্তে তোমালোকৰ বাক্যও পালন কৰিব।
\v 21 কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।
\v 22 মই আহি তেওঁলোকক কথা নোকোৱা হ’লে, তেওঁলোকৰ পাপ নহ’লহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই।
\p
\s5
\v 23 যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।
\v 24 যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মকো তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।
\v 25 বিধান-শাস্ত্ৰৰ এই বাক্য পূর্ণ হবলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’।
\p
\s5
\v 26 কিন্তু যেতিয়া সেই সহায়কৰ্ত্তা আহিব, পিতৃৰ পৰা ওলোৱা, তেওঁৰ সেই অগ্রসৰ হোৱা সত্যৰ আত্মা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব।
\v 27 তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।
\s5
\c 16
\cl ১৬ অধ্যায়
\p
\v 1 "মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
\v 2 মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
\p
\s5
\v 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
\v 4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো।
\p
\s5
\v 5 কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, 'তুমি নো কলৈ গৈ আছা?
\v 6 কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
\p
\v 7 তথাপি, মই তোমালোকক সঁচাকৈ কৈছো; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কৰ্ত্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
\p
\s5
\v 8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
\v 9 তেওঁ পাপৰ সম্পর্কত চেতনা দিব , কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
\v 10 ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
\v 11 আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ শাসনকৰ্তাৰ সোধ-বিচাৰ কৰা হ’ল।
\p
\s5
\v 12 তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
\v 13 কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
\v 14 তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
\p
\s5
\v 15 পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
\v 16 কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।"
\p
\s5
\v 17 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, "তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; 'কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ '? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই"৷
\v 18 এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, 'অলপ সময়'? তেওঁ কি কথা কৈ আছে আমি নাজানো।"
\p
\s5
\v 19 যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, "মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?"
\v 20 মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
\v 21 প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
\p
\s5
\v 22 ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা ; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
\v 23 সেই দিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেন্তে তেওঁ তোমালোকক দিব।
\v 24 এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
\p
\s5
\v 25 এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
\p
\s5
\v 26 সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত বিচাৰিম;
\v 27 কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্রেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
\v 28 মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলো; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।"
\p
\s5
\v 29 তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, "চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
\v 30 এতিয়া আমি বুজি পালো যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
\v 31 যীচুৱে তেওঁলোকক কলে, "এতিয়া বিশ্বাস কৰিছা নে?"
\p
\s5
\v 32 চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
\v 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।"
\s5
\c 17
\cl ১৭ অধ্যায়
\s যীচুৰ প্ৰাৰ্থনা
\p
\v 1 যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি ক’লে, "হে পিতৃ, এতিয়া সময় হৈছে; তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে৷
\v 2 যিদৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা।
\p
\s5
\v 3 এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
\v 4 তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ
\v 5 এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
\p
\s5
\v 6 তুমি এই জগতৰ মাজৰ পৰা যিসকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
\v 7 এতিয়া তেওঁলোকে জানিছে, তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ কাষৰ পৰাই হৈছে৷
\v 8 কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলো, ইয়াকো তেওঁলোকে সচাঁকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
\p
\s5
\v 9 মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যিসকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
\v 10 মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ।
\v 11 মই এই জগতত বেছি দিন নাথাকোঁ; কিন্তু এই লোকসকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছো, তেওঁলোকো তেনেকৈ যেন এক হব পাৰে৷
\p
\s5
\v 12 মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
\v 13 কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ; এই কাৰণে জগতত থাকোতেই এইবোৰ কথা কৈছোঁ। মোৰ আনন্দ যেন তেওঁলোকে সম্পূর্ণৰূপে পায়৷
\v 14 মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷
\p
\s5
\v 15 তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰো, কিন্তু তুমি তেওঁলোকক মন্দ শক্তিৰ পৰা ৰক্ষা কৰা।
\v 16 তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।
\v 17 তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।
\p
\s5
\v 18 তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ।
\v 19 তেওঁলোকৰ কাৰণে মই নিজকে নিযুক্ত কৰিছোঁ, যাতে তেওঁলোকো সত্যতাৰ যোগেদি তোমাৰ সেৱাত নিজকে নিযুক্ত কৰিব পাৰে৷
\p
\s5
\v 20 মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰো, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰোঁ,
\v 21 গতিকে তেওঁলোক যেন সকলোৱে এক হয় ; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছো, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
\p
\s5
\v 22 আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলো, সেইকাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰো, তাৰ বাবে-
\v 23 মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
\p
\s5
\v 24 হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছো, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্ব্বেই তুমি মোক প্ৰেম কৰিলা৷
\p
\s5
\v 25 হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
\v 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।
\s5
\c 18
\cl ১৮ অধ্যায়
\s যীচুক ধৰি, হানন আৰু কায়াফাৰ আগলৈ নিয়া। পিতৰে তেওঁক অস্বীকাৰ কৰা
\p
\v 1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
\v 2 শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
\v 3 তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
\p
\s5
\v 4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, "তোমালোকে কোন জনক বিচাৰিছা?"
\v 5 তেওঁলোকে উত্তৰ দিলে, "নাচৰতীয়া যীচুক"। যীচুৱে তেওঁলোকক ক’লে, "ময়েই সেই জন"। তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহুদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
\p
\s5
\v 6 যেতিয়া তেওঁ তেওঁলোকক ক’লে, "ময়েই সেই জন", তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ'ল।
\v 7 তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, "তোমালোকে কোন জনক বিচাৰিছা"? তেওঁলোকে ক’লে, "নাচৰতীয়া যীচুক"।
\p
\s5
\v 8 যীচুৱে উত্তৰ দিলে, "মই তোমালোকক কৈছো, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেন্তে এওঁলোকক যাবলৈ দিয়া"।
\v 9 তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল; তেওঁ কৈছিল "মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই"।
\p
\s5
\v 10 তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল 'মল্ক'।
\v 11 তেতিয়া যীচুৱে পিতৰক ক’লে, "তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?"
\p
\s5
\v 12 তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
\v 13 প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
\v 14 এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, 'লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল'।
\p
\s5
\v 15 তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকাত, যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
\v 16 কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
\p
\s5
\v 17 তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, "তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে"? তেওঁ কলে "মই নহয়"।
\v 18 সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
\p
\s5
\v 19 তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ আৰু শিক্ষাৰ বিষয়ে সুধিলে।
\v 20 যীচুৱে তেওঁক উত্তৰ দিলে, "মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু ধৰ্মধামত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
\v 21 তোমালোকে মোক কিয় সুধিছা? তেওঁলোকক সোধা যি সকলে মোৰ কথা শুনিলে, তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে"।
\p
\s5
\v 22 যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা ৰখীয়াবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, "এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা "?
\v 23 যীচুৱে তেওঁক উত্তৰ দিলে, "যদি মই কিবা অন্যায় কথা কৈছো, তেতিয়া হলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি ভাল কথা কৈছোঁ, তেন্তে মোক কিয় মাৰিছা?"
\v 24 তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
\p
\s5
\v 25 তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁলোকক সুধিলে, "তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে"? তেওঁ অস্বীকাৰ কৰি ক’লে, "মই নহয়"।
\v 26 মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, "মই তোমাক তেওঁৰ লগত বাগীচাত দেখা নাছিলো নে"?
\v 27 তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
\s পীলাতৰ আগত যীচুৰ সোধ-বিচাৰ আৰু প্ৰাণদণ্ডৰ আজ্ঞা
\p
\s5
\v 28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
\v 29 এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, "তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?"
\v 30 তেওঁলোকে উত্তৰ দি পিলাতক ক’লে, "এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেতেন"।
\p
\s5
\v 31 তেতিয়া পীলাতে তেওঁলোকক ক’লে, 'এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা"। ইহুদী সকলে তেওঁক ক’লে, "কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই"।
\v 32 কি দৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
\p
\s5
\v 33 এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে "তুমি ইহুদী সকলৰ ৰজা নে?"
\v 34 যীচুৱে উত্তৰ দিলে, "তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?"
\v 35 পীলাতে উত্তৰ দিলে, "মই জানো ইহুদী মানুহ? তোমাৰ স্বজাতিয় লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা"?
\p
\s5
\v 36 যীচুৱে উত্তৰ দিলে, "মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।"
\v 37 তেতিয়া পীলাতে তেওঁক ক’লে, "তেন্তে তুমি ৰজা নে? যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলো। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে”৷
\p
\s5
\v 38 পীলাতে তেওঁক ক’লে, "সত্য নো কি?" এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক'লে , "মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
\v 39 তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?"
\v 40 তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, "এই মনুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক”। সেই বাৰাব্বা এটা ডকাইত আছিল।
\s5
\c 19
\cl ১৯ অধ্যায়
\p
\v 1 তেতিয়া পীলাতে যীচুক চাবুকেৰে কোবাবলৈ আদেশ দিলে।
\v 2 তাৰ পাছত সৈন্য সকলে কাঁইটেৰে কিৰীটি সাজি যীচুৰ মূৰত দি, বেঙেনা বৰণীয়া কাপোৰ পিন্ধালে;
\v 3 ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, "অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক"! এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।
\p
\s5
\v 4 পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক’লে, "চোৱা, মই এওঁত একো দোষ নাপালো আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।”
\v 5 এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু বেঙেনা বৰণীয়া কাপোৰেৰে বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে "চোৱা এইজনেই সেই মানুহ!"
\v 6 তেতিয়া প্ৰধান পুৰোহিত আৰু ৰক্ষক সকলে যীচুক দেখি, আটাহ পাৰি ক’লে, "ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক"। পীলাতে তেওঁলোকক ক’লে, "তোমালোকে নিজে এওঁক নি ক্ৰুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালো"।
\p
\s5
\v 7 ইহুদী সকলে পিলাতক উত্তৰ দিলে, "আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে"।
\v 8 তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে,
\v 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে," তুমি ক’ৰ পৰা আহিছা?" কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
\p
\s5
\v 10 তেতিয়া পীলাতে তেওঁক ক’লে, "তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্ৰুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?"
\v 11 যীচুৱে তেওঁক উত্তৰ দিলে, "ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।"
\p
\s5
\v 12 এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেন্তে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।"
\v 13 এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলপতা নামেৰে ঠাইত সোধ-বিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
\p
\s5
\v 14 তেতিয়া নিস্তাৰ-পৰ্ব্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, "চোৱা, এয়া তোমালোকৰ ৰজা!"
\v 15 তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে,"দূৰ কৰক, দূৰ কৰক, ক্ৰুচত দিয়ক"। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, ''চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।"
\v 16 তেতিয়া পীলাতে যীচুক ক্ৰুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
\s যীচুৰ ক্ৰুচত মৃত্যু
\p
\s5
\v 17 তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা
\f +
\fr 19.17
\ft বা মুৰৰ লাওখোলা(কালভাৰি)
\f* বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
\v 18 সেই ঠাইতে তেওঁলোকে যীচুক ক্ৰুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্ৰুচত দিলে।
\p
\s5
\v 19 পীলাতে এখন জাননী লিখি ক্ৰুচৰ ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, ''নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা''৷
\v 20 এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্ৰুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহু লোকে সেই জাননী খন পঢ়িলে।
\s5
\v 21 এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, ''ইহুদী সকলৰ ৰজা' এই কথা নিলিখিব; কিন্তু 'মই ইহুদী সকলৰ ৰজা', এই বুলি এওঁ কৈছিল, ইয়াকে লিখক।"
\v 22 পীলাতে উত্তৰ দিলে, "মই যি লিখিলোঁ, লিখিলোঁৱেই"।
\p
\s5
\v 23 পাছত সৈন্য সকলে যীচুক ক্ৰুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
\v 24 এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, "এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷" শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ'ল৷
\q1 "তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ বাঁটি ল’লে৷.
\pi ইয়াক নাফালি কোনে পাব চিঠি খেলালে"৷
\p
\s5
\v 25 এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।
\v 26 যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে, "হে নাৰী, চোৱা, তোমাৰ পুত্ৰ!
\v 27 তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, "চোৱা, সৌৱা তোমাৰ মাতৃ"! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ'ল।
\p
\s5
\v 28 ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, "মোৰ পিয়াহ লাগিছে'।
\v 29 সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
\v 30 তাতে যীচুৱে সেই চিৰকা পাই ক’লে, "সিদ্ধ হ’ল"; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।
\s যীচুক মৈদাম দিয়া
\p
\s5
\v 31 সেই দিন আয়োজন-দিন হোৱাত, বিশ্ৰাম বাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (কিয়নো সেই বিশ্ৰাম বাৰ বৰ-দিন আছিল,) এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
\v 32 তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয়জনৰো ভৰি ভাঙিলে।
\v 33 কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
\p
\s5
\v 34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
\v 35 এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
\p
\s5
\v 36 কিয়নো "তেওঁৰ এডাল হাড়ো ভঙা নহব", ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল ।
\v 37 ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, "তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব'।
\p
\s5
\v 38 ইয়াৰ পাছত অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীচুৰ এজন শিষ্যই, যি জন ইহুদী সকলৰ ভয়ত গোপনে আছিল, সেই জনে যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ সুধিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গ'ল।
\v 39 তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথমবাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰসেৰে মিহলি হোৱা ত্ৰিশ কিলোগ্ৰাম মিহলি কৰা সুগন্ধি আনিলে।
\p
\s5
\v 40 এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷
\v 41 আৰু যি ঠাইত যীচুক ক্ৰুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
\p
\v 42 কাৰণ সেই দিনা ইহুদী সকলৰ আয়োজন-দিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।
\s5
\c 20
\cl ২০ অধ্যায়
\p
\v 1 সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে।
\v 2 তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক'ত থলে, সেই বিষয়ে আমি নাজানো।
\p
\s5
\v 3 তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল।
\v 4 তেওঁলোক দুয়ো একেলগে দৌৰি গ'ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ আগেয়ে মৈদামৰ ওচৰ পালেগৈ;
\v 5 আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল।
\s5
\v 6 তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,
\v 7 কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে।
\p
\s5
\v 8 ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
\v 9 কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাই।
\v 10 তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল।
\s মগ্দলীনী মৰিয়মে পুনৰুত্থিত যীচুক দেখা পোৱা
\p
\s5
\v 11 কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,
\v 12 যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।
\v 13 তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, "হে নাৰী, কিয় কান্দিছা''? তেওঁ ক’লে কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক'ত থলে নাজানো"।
\p
\s5
\v 14 এইকথা কৈ, তেওঁ পাছ ফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
\v 15 তেতিয়া যীচুৱে তেওঁক সুধিলে, "হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?" তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, "হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।"
\p
\s5
\v 16 যীচুৱে তেওঁক ক’লে, ''অ’, মৰিয়ম''৷ তাতে তেওঁ মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে "ৰব্বুণি" ইয়াৰ অৰ্থ, হে "গুৰু"৷
\v 17 যীচুৱে তেওঁক ক'লে, ''তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা গৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷"
\v 18 তেতিয়া মগ্দলীনী মৰিয়ম গ'ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, "মই প্ৰভুক দেখিলোঁ"৷ মৰিয়মে তেওঁলোকক জনালে যে তেৱেঁই মোক এই কথা ক’লে।
\s শিষ্য সকল আৰু থোমাৰ বিশ্বাস
\p
\s5
\v 19 এতিয়া সন্ধ্যাৰ সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল'লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে "তোমালোকৰ শান্তি হওক"।
\v 20 এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।
\p
\s5
\v 21
\x -
\xo 20:21
\xt
\x* এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম"।
\v 22 এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, "পবিত্ৰ আত্মা গ্ৰহণ কৰা"।
\v 23 তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷"
\p
\s5
\v 24 থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল।
\v 25 এতেকে আন শিষ্য সকলে তেওঁক ক’লে, ''আমি প্ৰভুক দেখিলোঁ"। কিন্তু তেওঁ তেওঁলোকক ক’লে, ''তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, অাৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।"
\p
\s5
\v 26 আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, "তোমালোকৰ শান্তি হওক"।
\v 27 তেতিয়া তেওঁ থোমাক ক’লে, ''ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা"।
\p
\s5
\v 28 থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ"!
\v 29 যীচুৱে তেওঁক ক’লে, ''মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য"।
\s উপসংহাৰ—এই শুভবাৰ্তা লিখাৰ উদ্দেশ্য
\p
\s5
\v 30 যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক চিন দেখুৱাইছিল, যি বোৰ এই পুস্তকত লিখা নাই৷
\v 31 কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
\s5
\c 21
\cl ২১ অধ্যায়
\s গালীল সাগৰৰ তীৰত যীচুৱে কেইজনমান শিষ্যক দৰ্শন দিয়া
\p
\v 1
\f +
\fr 21.1
\ft ২ কৰি৫: ১পি ১:৮৷
\f* এই সকলোবোৰ ঘটি যোৱাৰ পাছত যীচুয়ে নিজকে তিবিৰিয়া সাগৰৰ দাঁতিত শিষ্য সকলৰ সন্মুখত দেখা দিলে৷ এই ভাবে যীচুৱে পুনৰ শিষ্য সকলক দৰ্শন দিলে:
\v 2
\f +
\fr 21.2
\ft পা ২০:২৮; ১পি ৫:২-৪৷
\f* চিমোন পিতৰ আৰু যাক দিদুমো বোলে, সেই থোমা, আৰু গালীল প্ৰদেশৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়ৰ পুতেক দুজন আৰু আন দুজন যীচুৰ শিষ্য, এওঁলোক সকলোৱে একে ঠাইতে আছিল।
\v 3 চিমোন পিতৰে তেওঁলোকক ক’লে, "মই মাছ মাৰিবলৈ যাওঁ"। তেওঁলোকে ক’লে "আমিও, তোমাৰ লগত যাওঁ"। এই বুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল; কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে।
\p
\s5
\v 4 পাছত ৰাতি পুৱালত, যীচু বামত থিয় হ’ল; কিন্তু তেওঁ যে যীচু, ইয়াক সেই শিষ্যকেইজনে নাজানিলে।
\v 5 তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, "হেৰ যুব সকল, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নে?" তেওঁলোকে তেওঁক উত্তৰ দিলে, "নাই"।
\v 6 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা"। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে।
\p
\s5
\v 7 তেতিয়া যীচুৰ প্ৰিয়(প্রেমৰ) শিষ্যই পিতৰক ক’লে, "এৱেঁই প্ৰভু"। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)।
\v 8 কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল।
\v 9 পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷
\p
\s5
\v 10 যীচুৱে তেওঁলোকক ক’লে, "এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ"।
\v 11 তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।
\p
\s5
\v 12 যীচুৱে তেওঁলোকক ক’লে, "আহা তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি"। তেতিয়া, তেৱেঁই যে প্ৰভু, ইয়াকে জানি "তুমি নো কোন?" এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহ’ল।
\v 13 পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।
\v 14 মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।
\s যীচুৱে পিতৰক প্ৰশ্ন ধৰা, আৰু আদেশ দিয়া
\p
\s5
\v 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, "হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে? "পিতৰে তেওঁক ক’লে, "হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে''। যীচুৱে তেওঁক ক’লে "মোৰ মেৰ পোৱালি সকলক চৰোৱা"।
\v 16 পুনৰ দ্বিতীয় বাৰ তেওঁ সুধিলে, "হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?" পিতৰে তেওঁক ক’লে, "হয় প্ৰভু; আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে"। যীচুৱে তেওঁক ক’লে, "মোৰ মেৰবোৰ প্ৰতিপালন কৰা''।
\p
\s5
\v 17 তৃতীয় বাৰ তেওঁ সুধিলে, "হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?" পিতৰে অসন্তোষ কৰি ক’লে, তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, "তুমি মোক ভাল পোৱা নে?" তেওঁ ক'লে "হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে''। যীচুৱে তেওঁক ক’লে, "মোৰ মেৰবোৰক চৰোৱা।
\v 18 মই তোমাক সচাঁকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, য’লৈকে ইচ্ছা ত’লৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হ’বা, তেতিয়া হাত মেলিবা আৰু অান লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ য’লৈ যাবৰ ইচ্ছা নাই, ত’লৈকে তোমাক লৈ যাব''।
\p
\s5
\v 19 তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এই বুলি যীচুৱে তেওঁক ক’লে, "মোৰ পাছে পাছে আহা"।
\p
\s5
\v 20 তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল "হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব?" যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।
\v 21 তাতে পিতৰে তেওঁক দেখি, যীচুক সুধিলে," হে প্ৰভু, এই মানুহ জনৰ কি অৱস্থা হ’ব?"
\p
\s5
\v 22 তেতিয়া যীচুৱে ক’লে, "'মই অহালৈকে তেওঁ যেন মোক ৰখি থাকে', মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাৰ পৰা তোমাৰ কি হব? তুমি মোক অনুসৰণ কৰা"।
\v 23 এই কথা ভাই সকলৰ মাজত বিয়পি গ’ল; সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু "মই অহালৈকে তেওঁ যেন মোক ৰখি থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম? অকল ইয়াকেহে কৈছিল।"
\p
\s5
\v 24 যি জনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে, এৱেঁই সেই শিষ্য; আমি জানো যে, তেওঁৰ সাক্ষ্য সত্য।
\p
\v 25 ইয়াৰ বাহিৰেও যীচুৱে বহু কৰ্ম কৰিলে৷ সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ’লে, যিমানবোৰ পুস্তক হ’ব, বোধ কৰোঁ, সিমানবোৰ পৃথিবীতো নধৰিব।