as_ulb/33-MIC.usfm

520 lines
42 KiB
Plaintext

\id MIC
\ide UTF-8
\sts Book of Micah
\h ভাববাদী মীখাৰ পুস্তক
\toc1 ভাববাদী মীখাৰ পুস্তক
\toc2 ভাববাদী মীখাৰ পুস্তক
\toc3 mic
\mt1 ভাববাদী মীখাৰ পুস্তক
\s5
\c 1
\p
\v 1 যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টীয়া মীখালৈ অহা যিহোৱাৰ বাক্য।
\s চমৰিয়া আৰু যিৰূচালেমৰ ভাবী দণ্ড। মীখাৰ বিলাপ।
\q1
\s5
\v 2 হে লোকসকল, সকলোৱে শুনক।
\q1 হে পৃথিবী আৰু তাত থকা সকলোৱে শুনক।
\q1 প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা
\q1 আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
\q1
\v 3 চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে;
\q1 তেওঁ নামি আহিব আৰু
\q1 পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।
\q1
\v 4 জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব,
\q1 এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।
\q1
\s5
\v 5 যাকোবৰ বিদ্ৰোহ,
\q1 আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হব;
\q1 যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল?
\q1 চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি ? যিৰূচালেম নহয়নে ?
\q1
\s5
\v 6 দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে
\q1 মই চমৰীয়াক পথাৰত ধ্বংস স্তূপ কৰিম।
\q1 মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম,
\q1 মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।
\q1
\v 7 তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব,
\q1 আৰু তেওঁক দিয়া সকলো উপহাৰ জুইৰে পোৰা যাব,
\q1 তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম;
\q1 কাৰণ তেওঁৰ বেশ্যাবৃত্তিলৈ অহা উপহাৰৰ পৰা তেওঁ সেইবোৰ গোটালে,
\q1 আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে তেওঁলোকে ঘূৰাই দিব।”
\q1
\s5
\v 8 এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম,
\q1 মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম;
\q1 মই শিয়ালৰ দৰে চিঞৰিম
\q1 আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম,
\q1
\v 9 কাৰণ তেওঁৰ ঘাবোৰ সুস্থ হ’ব নোৱাৰা;
\q1 সেইবোৰ যিহূদালৈকে আহিল,
\q1 আৰু যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈও সেইবোৰ আহি পালে।
\q1
\v 10 গাত নগৰত এই বিষয়ে নকবা,
\q1 আৰু একেবাৰে নাকান্দিবা,
\q1 বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।
\q1
\s5
\v 11 বিবস্ত্ৰ আৰু লজ্জিত হৈ
\q1 চাফীৰৰ নিবাসি সকলৰ মাজেৰে যোৱা।
\q1 চাননৰ নিবাসি সকল বাহিৰলৈ ওলাই নাহিল।
\q1 তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে
\q1 বৈৎ-এচেলে বিলাপ কৰিলে।
\q1
\v 12 কাৰণ মাৰোৎ-নিবাসি সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল,
\q1 কিন্তু যিৰূচালেমৰ দুৱাৰলৈ,
\q1 যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।
\q1
\s5
\v 13 লাখীচ নিবাসি সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা।
\q1 চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ;
\q1 কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।
\q1
\v 14 সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব;
\q1 ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।
\q1
\s5
\v 15 মাৰেচা-নিবাসি সকলক মই আপোনাৰ ওচৰলৈ আনিম,
\q1 তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব,
\q1 ইস্ৰায়েলৰ মূখ্যলোকসকল অদুল্লম গুহালৈকে যাব।
\q1
\v 16 যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে,
\q1 চুলি কাটক,
\q1 আৰু মূৰ খুৰাওক।
\q1 ঈগল চৰাইৰ দৰে নিজকে টপা কৰক;
\q1 কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।
\s5
\c 2
\s ইস্ৰায়েলৰ প্ৰধান লোকসকলৰ পাপ। ইস্ৰায়েলৰ পুনৰ স্থাপন ।
\q1
\v 1 যিবোৰে নিজৰ নিজৰ শযাত অধৰ্ম কল্পনা কৰে,
\q1 আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
\q1 ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে;
\q1 কাৰণ তেওঁলোকৰ শক্তি আছে।
\q1
\v 2 তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়,
\q1 আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰে;
\q1 এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ,
\q1 মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে।
\q1
\s5
\v 3 সেই কাৰণে যিহোৱাই এই কথা কৈছে:
\q1 “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম,
\q1 যি দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা,
\q1 আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা,
\q1 কাৰণ এয়া অমঙ্গলৰ সময়।
\q1
\v 4 সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ সৈতে ক্রন্দনেৰে
\q1 তোমাৰ বিষয়ে এটি গীত গাব,
\q1 তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ;
\q1 যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে;
\q1 তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব?
\q1 বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভাগ কৰি দিছে।
\q1
\v 5 সেই বাবে যিহোৱাৰ সমাজত
\q1 চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।
\q1
\s5
\v 6 “ভাববাণী প্ৰচাৰ নকৰিবা,”
\q1 তেওঁলোকে কয়,
\q1 “তেওঁলোকে এইবোৰৰ বিষয়ে নিশ্চয় ভাববাণী প্ৰচাৰ কৰিব নালাগে;
\q1 ভৰ্তসনা নিশ্চয় আহিব নালাগে।”
\q1
\v 7 যাকোবৰ বংশক এইদৰে সঁচাই ক’ব লাগে নে?
\q1 “যিহোৱাৰ আত্মা ক্রোধত আছে নে?
\q1 এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?”
\q1 যি কোনোৱে ন্যায়ত চলে
\q1 তেওঁলোকলৈ মোৰ বাক্যই উপকাৰ নকৰিব নে?
\q1
\v 8 অলপতে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে;
\q1 সৈন্যসকলে নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহাৰ দৰে,
\q1 যিসকলক সন্দেহ কৰা নাযায় তেনে পথিকৰ পৰা তুমি পোচাক, বস্ত্র খুলি লৈছা;
\q1
\s5
\v 9 তোমালোকে মোৰ লোকসকলৰ মহিলা সকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা;
\q1 তুমি তেওঁলোকৰ তৰুণবয়স্ক সন্তানসকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।
\q1
\v 10 উঠা, আৰু এই ঠাই এৰি যোৱা,
\q1 অশুচিতাৰ কাৰণে
\q1 এই ঠাই তোমালোক থাকিবৰ বাবে নহয়;
\q1 সম্পূৰ্ণ ধ্বংসৰ দ্বাৰাই ইয়াক ধ্বংস কৰা হ’ব।
\q1
\v 11 মিথ্যা আত্মা আৰু মিছা কথাৰে যদি কোনো এজন তোমাৰ ওচৰলৈ আহি কয়,
\q1 “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম,”
\q1 তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
\p
\s5
\v 12 হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম;
\q1 মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম।
\q1 গৰালত থকা ভেড়াবোৰৰ দৰে
\q1 আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে মই তেওঁলোক একত্রিত কৰিম।
\q1 অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।
\q1
\v 13 কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব;
\q1 তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ উলাই যাব;
\q1 তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে উলাই যাব,
\q1 যিহোৱা তেওঁলোকৰ আগধঁৰোতা হ’ব।
\s5
\c 3
\q1
\v 1 মই কলোঁ,
\q1 “ যাকোবৰ মূখ্যলোকসকল
\q1 আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা:
\q1 ন্যায় বুজিপোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
\q1
\v 2 তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে,
\q1 আৰু পাপক ভাল পোৱা,
\q1 তোমালোকে তেওঁলোকৰ ছাল বখলিয়াই,
\q1 আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাই,
\q1
\v 3 তোমালোকে মোৰ লোকসকলৰ ছাল বখলিওৱা,
\q1 তেওঁলোকৰ হাড় ভাঙা,
\q1 পাত্রৰ বাবে মাংস,
\q1 আৰু কেৰাহিত দিয়া মাংসৰ দৰে,
\q1 তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
\q1
\s5
\v 4 সেই সময়ত শাসনকৰ্ত্তাসকল তোমালোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিব,
\q1 কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব।
\q1 সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব,
\q1 কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
\q1
\s5
\v 5 ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে,
\q1 মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে:
\q1 যিসকলে তেওঁলোকক আহাৰ খোৱাই, তেওঁলোকৰ বাবে
\q1 তেওঁলোকে ঘোষণা কৰে, “তাত উন্নতি হ’ব।’
\q1 কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে
\q1 তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
\q1
\v 6 সেই কাৰণে তোমালোকৰ বাবে একো দৰ্শন নোপোৱাকৈ তোমালোকলৈ ৰাতি হব,
\q1 আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হব;
\q1 ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব,
\q1 আৰু সেই দিন তেওঁলোকৰ বাবে আন্ধাৰ হ’ব।
\q1
\v 7 দৰ্শকসকলক লাজত পেলোৱা হ’ব,
\q1 আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব।
\q1 তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব;
\q1 কাৰণ ঈশ্বৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাই।”
\q1
\s5
\v 8 কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ
\q1 আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ,
\q1 মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি,
\q1 ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
\q1
\s5
\v 9 সকলো সৎ কাৰ্মত বিপথে যোৱা,
\q1 আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মুখ্যলোকসকল
\q1 আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা।
\q1
\v 10 তোমালোকে ৰক্তপাতেৰে চিয়োন,
\q1 আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা।
\q1
\v 11 তোমালোকৰ মুখ্যসকল উৎকোচৰ বাবে বিচাৰ কৰে,
\q1 তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে,
\q1 আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে।
\q1 তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা,
\q1 “যিহোৱা আমাৰ লগত নাই নে?
\q1 কোনো আপদ আমালৈ নাহিব।
\q1
\s5
\v 12 এই হেতুকে তোমালোকৰ কাৰণে
\q1 পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব,
\q1 যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব,
\q1 আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হব।
\s5
\c 4
\s ইস্ৰায়েলৰ ভাবী মঙ্গল।
\q1
\v 1 কিন্তু শেষৰ দিনত এইদৰে ঘটিব
\q1 যিহোৱাৰ গৃহৰ পৰ্ব্বতটো
\q1 আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব।
\q1 এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব;
\q1 আৰু লোকসকল ইয়ালৈ প্রবাহিত হ’ব।
\q1
\s5
\v 2 অনেক দেশৰ লোক যাব আৰু ক’ব,
\q1 “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠো,
\q1 আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক।
\q1 তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব,
\q1 আৰু আমি তেওঁৰ পথত চলিম।”
\q1 কিয়নো চিয়োনৰ পৰা বিধান
\q1 আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
\q1
\v 3 তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব,
\q1 আৰু দূৰত থকা বহুতো দেশীয় লোকৰ বিষয়ে সিদ্ধান্ত ল’ব;
\q1 তেওঁলোক তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল,
\q1 আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব।
\q1 এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব,
\q1 অথবা তেওঁলোকে যুদ্ধবিদ্যা আৰু নিশিকিব।
\q1
\s5
\v 4 তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী
\q1 আৰু ডিমৰু গছৰ তলত বহিব।
\q1 কোনেও তেওঁলোকক ভয় খোৱাব নোৱাৰিব;
\q1 কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল।
\q1
\v 5 কাৰণ সকলো লোকে
\q1 নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে,
\q1 কিন্তু আমি চিৰকাললৈকে
\q1 আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে চলিম।
\q1
\s5
\v 6 যিহোৱাই কৈছে, “সেই দিনা মই পঙ্গুক একগোট,
\q1 আৰু অনুন্নত লোকসকলক একত্রিত কৰিম;
\q1
\v 7 মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম,
\q1 আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম;
\q1 আৰু যিহোৱাই এতিয়া আৰু চিৰকাললৈকে
\q1 চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিব।
\q1
\v 8 তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ,
\q1 আৰু তোমালোকলৈ
\q1 চিয়োন জীয়াৰীৰ পাহাৰ,
\q1 পূৰ্ব্বৰ শাসন,
\q1 যিৰূচালেম জীয়াৰীৰ ৰাজ্য আহিব।
\q1
\s5
\v 9 তেনেহ’লে কিয় তোমালোক চিঞৰি কান্দিছা?
\q1 তোমালোকৰ মাজত কোনো ৰজা নাই নে?
\q1 আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হল নে?
\q1 যে প্ৰসৱ কৰা মহিলাৰ দৰে তোমালোকৰ আকস্মিক বেদনা হয়;
\q1
\v 10 চিয়োন জীয়াৰী,
\q1 বেদনা অনুভৱ কৰা,
\q1 প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে,
\q1 উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা,
\q1 কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ,
\q1 পথাৰত থাকিব লাগিব,
\q1 আৰু বাবিললৈ যাব লাগিব;
\q1 সেই ঠাইতে তোমালোক উদ্ধাৰ পাবা,
\q1 সেই ঠাইতেই যিহোৱাই তোমাৰ
\q1 শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব।
\q1
\s5
\v 11 এতিয়া অনেক দেশবোৰ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব;
\q1 তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া,
\q1 আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।”
\q1
\v 12 ভাববাদীয়ে কৈছে, তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে,
\q1 নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে;
\q1 কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।
\q1
\s5
\v 13 যিহোৱাই কৈছে, “হে চিয়োন জীয়াৰী উঠা, আৰু প্রহাৰ কৰা;
\q1 কাৰণ মই তোমাৰ শিং লোহাৰ
\q1 আৰু তোমাৰ খুৰা পিতলৰ কৰিম।
\q1 তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা;
\q1 মই যিহোৱা নিজলৈ তেওঁলোকৰ অন্যায়ৰ সম্পত্তি মই উৎস্বৰ্গ কৰিম,
\q1 তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।
\s5
\c 5
\q1
\v 1 যিৰূচালেমৰ লোকসকল,
\q1 এতিয়া একলগ হৈ যুদ্ধলৈ শাৰীত আহাঁ,
\q1 তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে,
\q1 কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক
\q1 লাঠিৰে গালত প্রহাৰ কৰিব।
\q1
\s5
\v 2 কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা,
\q1 যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ,
\q1 তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ
\q1 তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব,
\q1 যিজনৰ আৰম্ভণী পূৰ্ব্বকালৰ পৰা অনন্তকাললৈকে।
\q1
\v 3 এই হেতুকে যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিয়ে,
\q1 ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব;
\q1 আৰু তেওঁৰ ভাইসকলৰ অৱশিষ্ট সকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
\q1
\s5
\v 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব
\q1 আৰু তেওঁৰ পশুৰ জাক চৰাব,
\q1 তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত
\q1 তেওঁলোকে বাস কৰিব;
\q1 কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
\q1
\v 5 তেঁৱেই আমাৰ শান্তি হ’ব;
\q1 যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব,
\q1 আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব,
\q1 তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া,
\q1 আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
\q1
\s5
\v 6 এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ,
\q1 আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্ৰোদৰ দেশ শাসন কৰিব।
\q1 যেতিয়া অচূৰে আমাৰ দেশত সোমাব,
\q1 আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব,
\q1 তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
\q1
\v 7 বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক,
\q1 যিহোৱাৰ পৰা অহা নিয়ৰ,
\q1 আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব।
\q1 সেইবোৰে মানুহৰ,
\q1 আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে।
\q1
\s5
\v 8 দেশৰ আৰু বহুতো মানুহৰ মাজত
\q1 যাকোবৰ অৱশিষ্ট লোক,
\q1 জংঘলত জন্তুৰ মাজত থকা সিংহ,
\q1 আৰু ভেড়াৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব।
\q1 যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়,
\q1 তেওঁ তেওঁলোকক গচকিব আৰু ফালি টুকুৰা টুকুৰ কৰিব,
\q1 আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
\q1
\v 9 তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক,
\q1 আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।
\q1
\s5
\v 10 “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে,
\q1 “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোৰাবোৰ ধ্বংস কৰিম,
\q1 আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
\q1
\v 11 মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম,
\q1 আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
\q1
\s5
\v 12 মই তোমালোকৰ হাতৰ মায়াকাৰ্য নষ্ট কৰিম,
\q1 আৰু তোমালোকৰ কোনো গণক নাথাকিব।
\q1
\v 13 মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ,
\q1 আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম।
\q1 তোমালোকৰ নিজৰ হাতৰ কার্যক আৰু প্ৰণিপাত নকৰিবা;
\q1
\v 14 মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম,
\q1 আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
\q1
\v 15 যি দেশে মোৰ কথা নুশুনে সেই দেশৰ ওপৰত
\q1 মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।
\s5
\c 6
\s যিহোৱাৰ অভিযোগ আৰু লোকসকলৰ উত্তৰ ।
\q1
\v 1 যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা।
\q1 মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক,
\q1 পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
\q1
\v 2 হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল,
\q1 যিহোৱাৰ অভিযোগ শুনা;
\q1 কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে,
\q1 আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।
\q1
\s5
\v 3 “হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ?
\q1 মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ?
\q1 মোৰ অহিতে সাক্ষ্য দিয়া।
\q1
\v 4 কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ,
\q1 আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ;
\q1 মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
\q1
\v 5 হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল,
\q1 আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা।
\q1 তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল,
\q1 সেই সকলো যিহোৱাৰ ন্যায় কাৰ্য তোমালোকে জানিব পাৰিবা।
\q1
\s5
\v 6 সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে,
\q1 মই যিহোৱালৈ কি লৈ যাম?
\q1 মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰীৰ সৈতে
\q1 হোম-বলি লৈ যোৱা উচিত নে?
\q1
\v 7 হাজাৰ হাজাৰ ভেড়া,
\q1 বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হব নে?
\q1 মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান,
\q1 আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
\q1
\v 8 হে মনুষ্য, যিহোৱাই যি ভাল,
\q1 সেই বিষয়ে তোমালোকক ক’লে;
\q1 আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে:
\q1 ন্যায়ৰূপ কাৰ্য কৰা,
\q1 দয়াশীলতাক ভাল পোৱা,
\q1 আৰু তোমালোকৰ ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
\q1
\s5
\v 9 যিহোৱাৰ মাতে নগৰলৈ ঘোষণা কৰিছে,
\q1 এনে কি এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে:
\q1 “তোমালোকে দণ্ড ডালিলৈ
\q1 আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে তেওঁলৈ মনোযোগ দিয়া।
\q1
\v 10 দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ,
\q1 আৰু মিছা জোখবোৰ ঘিণলগীয়া।
\q1
\s5
\v 11 অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক
\q1 ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
\q1
\v 12 ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ,
\q1 তাৰ নিবাসী সকলে মিছা কথা কয়,
\q1 আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
\q1
\s5
\v 13 এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ;
\q1 তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ।
\q1
\v 14 তোমালোকে খাবা কিন্তু তৃপ্ত নহবা,
\q1 তোমালোকৰ পেট খালীয়ে হৈ থাকিব;
\q1 তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা;
\q1 আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
\q1
\v 15 তোমালোকে সিচিবা কিন্তু দাবলৈ নাপাবা;
\q1 তোমালোকে জলফাই গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা;
\q1 তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
\q1
\s5
\v 16 অম্রীৰ বিধিবোৰ,
\q1 আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা,
\q1 তোমালোকে তেওঁলোকৰ উপদেশত চলিলা;
\q1 সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম,
\q1 আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব,
\q1 মোৰ লোকসকলৰ অবজ্ঞা তোমালোকে বহন কৰিবা।”
\s5
\c 7
\q1
\v 1 মোৰ সন্তাপ হল!
\q1 মোৰ বাবে এইয়া গ্রীষ্মকালৰ ফল চপোৱা,
\q1 চেৰ পৰা দ্ৰাক্ষাগুটি গোটোৱাৰ পাছত গুটি বিচৰাবিলাকৰ নিচিনা হলোঁ ; খাবলৈ এথোপাও নাই, মোৰ প্ৰাণে হাবিয়াহ কৰা প্ৰথমে পকা ডিমৰু গুটিও নাই ।
\v 2 পৃথিবীৰ পৰা সাধু লোক উচ্ছন্ন হল, মানুহবিলাকৰ মাজত ধাৰ্ম্মিক লোক কোনো নাই ; সিহঁত আটায়ে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, সিহঁত প্ৰতিজনে নিজ নিজ ভাইক জালেৰে ধৰিবলৈ চেষ্টা কৰে ।
\s5
\v 3 সিহঁতৰ হাত দুখন পৰিশ্ৰমেৰে মন্দ কাৰ্য্য কৰিবলৈ যুগুত ; অধিপতিয়ে খোজে, আৰু বিচাৰকৰ্ত্তাই ভেঁটিৰ অৰ্থে কাৰ্য্য কৰে ; আৰু বৰ লোকে নিজৰ মনৰ দুষ্টতা মুখেৰে প্ৰকাশ কৰে ; সিহঁত সকলোৱে মিলি জাল গোঁঠে ।
\v 4 সিহঁতৰ মাজৰ উত্তম জন চোৰাতৰ নিচিনা, অতি সৰল জন কাঁইটীয়া জেওৰাতকৈয়ো বেয়া ; তোমাৰ প্ৰহৰীবিলাকৰ দিন, তোমাৰ দণ্ডৰ দিনেই উপস্থিত ; এতিয়া সিহঁত ব্যাকুল হব ।
\s5
\v 5 তোমালোকে বন্ধুত প্ৰত্যয় নকৰিবা, প্ৰণয়ৰ বন্ধুত বিশ্বাস নকৰিবা ; তোমাৰ বুকুত শোওঁতা জনীৰ পৰা নিজ মুখৰ দুৱাৰ বন্ধ কৰা ।
\v 6 কিয়নো পুতেকে বাপেকক অমান্য কৰে, জীয়েক নিজ মাকৰ, আৰু বোৱাৰীয়েকে নিজ শাহুৱেকৰ বিৰুদ্ধে উঠে ; নিজ নিজ পৰিয়ালেই মানুহৰ শত্ৰু হয় ।
\p
\s5
\v 7 কিন্তু মই হলে, যিহোৱালৈ অপেক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম ; মোৰ ঈশ্বৰে মোলৈ কাণ দিব ।
\v 8 হে মোৰ শত্ৰু, মোৰ অহিতে আনন্দ নকৰিবা ; যদিও মই পৰিলোঁ, তথাপি মই আকৌ উঠিম, আৰু যদিও মই আন্ধাৰত বহিছোঁ, তথাপি মোৰ পক্ষে যিহোৱা পোহৰ হব ।
\s5
\v 9 যিহোৱাই মোৰ অভিযোগ প্ৰতিবাদ, আৰু মোৰ নিমিত্তে বিচাৰ নিষ্পত্তি নকৰালৈকে, তেওঁৰ অহিতে মই পাপ কৰাৰ কাৰণে মই তেওঁৰ ক্ৰোধৰ ভাৰ বম ; তেওঁ মোক পোহৰলৈ আনিব, তাতে মই তেওঁৰ ন্যায় কাৰ্য্য দেখিবলৈ পাম ।
\s5
\v 10 তেতিয়া, তোমাৰ ঈশ্বৰ ক’ত ? এই বুলি মোৰ আগত কোৱা মোৰ শত্ৰুৱে তাক দেখিব, আৰু সেই শত্ৰুক লাজে ঢাকিব ; মোৰ চকুৱে তাক সন্তোষেৰে চাব ; তাক বাটৰ বোকাৰ নিচিনাকৈ গচকা হব ।
\s5
\v 11 তোমাৰ গড়বোৰ সাজিবৰ দিন আহিছে ; সেই দিনা আজ্ঞাটি দূৰলৈকে প্ৰচাৰিত হব ।
\v 12 সেই দিনা, অচূৰৰ পৰা মিচৰৰ নগৰবোৰলৈকে, মিচৰৰ পৰা নদীখনলৈকে, এক সমুদ্ৰলৈকে, আৰু এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈকে য’ত লোক আছে, সেই সকলোৱেই তোমাৰ ওচৰলৈ আহিব ।
\v 13 তথাপি দেশ-নিবাসীবিলাকৰ কাৰণে, তেওঁবিলাকৰ কাৰ্য্যফলৰ কাৰণেই দেশ উচ্ছন্ন হব ।
\p
\s5
\v 14 অকলশৰীয়া হৈ বাস কৰা তোমাৰ আধিপত্যৰ ভেড়াৰ জাক তোমাৰ প্ৰজাক তুমি লাখুটি লৈ কৰ্মিলৰ মাজত থকা কাঠনিত চৰোওৱা ; তেওঁবিলাকে আগৰ দৰে বাচানত আৰু গিলিয়দত চৰক ।
\v 15 তুমি মিচৰৰ পৰা ওলাই অহা দিনা তোমাক দেখুউৱাৰ দৰে মই তেওঁবিলাকক নানা আচৰিত কাৰ্য্য দেখুৱাম ।
\s5
\v 16 জাতিবিলাকে তাকে দেখি নিজৰ আটাই পৰাক্ৰমৰ বিষয়ে লাজ পাব, মুখত হাত দিব, আৰু সিহঁতৰ কাণ কলা হব ।
\v 17 সিহঁতে সাপৰ নিচিনাকৈ ধূলি চেলেকিব, আৰু পৃথিবীৰ বগাই ফুৰা প্ৰাণীৰ নিচিনাকৈ নিজ নিজ গোপনীয় ঠাইৰ পৰা কঁপি কঁপি ওলাব ; সিহঁতে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু তোমালৈ ভয় কৰিব ।
\p
\s5
\v 18 অপৰাধ ক্ষমা কৰোঁতা আৰু নিজ আধিপত্যৰ অৱশিষ্ট ভাগৰ দাই এৰি দিওঁতা তোমাৰ নিচিনা ঈশ্বৰ কোন আছে ? তেওঁ দয়া ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে ।
\s5
\v 19 তেওঁ পুনৰায় ঘূৰি আমাক কৃপা কৰিব, আৰু আমাৰ অপৰাধবোৰ ভৰিৰে গচকিব ; আৰু তুমি তেওঁবিলাকৰ আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিব ।
\v 20 তুমি আগৰ কালত আমাৰ পূৰ্ব্ব-পুৰুষবিলাকৰ আগত যি শপত খাইছিলা, সেই শপতৰ দৰে যাকোবলৈ সত্য ব্যৱহাৰ কৰিবা, আৰু অব্ৰাহামক দয়াপ্ৰাপ্ত কৰিবা ।