as_ulb/26-EZK.usfm

2194 lines
477 KiB
Plaintext

\id EZK
\ide UTF-8
\sts Book of Ezekiel
\h যিহিষ্কেল ভাববাদীৰ পুস্তক ।
\toc1 যিহিষ্কেল ভাববাদীৰ পুস্তক ।
\toc2 যিহিষ্কেল ভাববাদীৰ পুস্তক ।
\toc3 ezk
\mt1 যিহিষ্কেল ভাববাদীৰ পুস্তক ।
\s5
\c 1
\s যিহিষ্কেলক কাৰ্য্যত নিযুক্ত কৰাৰ দৰ্শন।
\p
\v 1 ত্ৰিশ বছৰৰ বছৰি চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত দেশান্তৰিত লোকবিলাকৰ মাজত থাকোঁতে, স্বৰ্গ মেলা হ’ল, আৰু মই ঈশ্বৰীয় দৰ্শন পালোঁ।
\v 2 যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা,
\v 3 কল্দীয়াবিলাকৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ যিহিষ্কেল পুৰোহিতৰ ওচৰলৈ যিহোৱাৰ বাক্য স্পষ্টকৈ আহিল, আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।
\p
\s5
\v 4 আৰু মই চাই দেখিলোঁ, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহিছে, চিকমিকোৱা অগ্নি আৰু চাৰিওফালে থকা দীপ্তিৰে সৈতে এখন ডাঙৰ মেঘ আহিছে; আৰু তাৰ মাজত, সেই জুইৰ মাজত উজ্জল ধাতু যেন লগা গ’ল।
\v 5 আৰু তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা কোনো এক পদাৰ্থ দেখা গ’ল। তেওঁবিলাকৰ আকৃতি এনেকুৱা; তেওঁবিলাকৰ ৰূপ মানুহৰ নিচিনা।
\v 6 প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ, আৰু চাৰিখন চাৰিখন ডেউকা;
\s5
\v 7 তেওঁবিলাকৰ ভৰি পোন, তেওঁবিলাকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা; সেইবোৰে চকা পিতলৰ নিচিনা চকমক কৰিছিল;
\v 8 তেওঁবিলাকৰ চাৰিওকাষে ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা হাত আছিল। তেওঁবিলাক চাৰিওজনৰ মুখ আৰু ডেউকা এইৰূপ আছিল,
\v 9 তেওঁবিলাকৰ ডেউকা পৰস্পৰে লগালগি, যোৱা সময়ত তেওঁবিলাক কোনো ফালে নুঘূৰে, তেওঁ বিলাক প্ৰতিজনে পোনে পোনে যায়।
\s5
\v 10 তেওঁবিলাকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, তেওঁবিলাকৰ মুখ মানুহৰ নিচিনা, আৰু সোঁফালে তেওঁবিলাক চাৰিওজনৰে সিংহৰ মুখ, আৰু বাওঁফালে চাৰিওজনৰে গৰুৰ মুখ, আকৌ চাৰিওজনৰে কুৰৰ পক্ষীৰ মুখ আছিল।
\v 11 তেওঁবিলাকৰ মুখ আৰু ডেউকা ওপৰৰফালে বেলেগ বেলেগ; প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰে লগালগি, আৰু দুখন দুখন ডেউকাই তেওঁবিলাকৰ গা ঢাকে।
\v 12 তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়; যি ফালে আত্মা যাব খোজে, তেওঁবিলাক সেই ফালেই যায়; যোৱা সময়ত তেওঁবিলাক নুঘূৰে।
\s5
\v 13 সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপৰ বিযয়ে হ’লে, তেওঁবিলাকৰ আভা জ্বলি থকা জুইৰ আঙঠা আৰু আৰিয়াবোৰৰ নিচিনা; সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰলৈ তলৈ অহা-যোৱা কৰে; সেই জুই উজ্জ্বল, আৰু সেই জুইৰ পৰা বিজুলী ওলায়।
\v 14 সেই জীৱিত প্ৰাণী কেইজনৰ গমনা-গমন বিজুলীৰ চমকৰ নিচিনা দেখা যায়।
\p
\s5
\v 15 মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁবিলাকৰ চাৰিখন মুখৰ প্ৰতিখনৰ প্ৰতিখনৰ নিমিত্তে তেওঁবিলাকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।
\v 16 সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা, আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখ যায়; সেই চাৰিওটা একে ৰকমৰ; সেইবোৰৰ আভা, আৰু সেইবোৰৰ গঠন দেখিলে, চক্ৰৰ মাজত চক্ৰ থকা যেন দেখা যায়।
\s5
\v 17 যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।
\v 18 সেইবোৰৰ পুঠিৰ বিষয়ে হ’লে, সেইবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰৰ পুঠিবোৰ চাৰিওফালে চকুৰে ভৰা।
\s5
\v 19 আৰু প্ৰাণী কেইজন যোৱা সময়ত, চক্ৰ কেইটা তেওঁবিলাকৰ কাষে কাষে চলে; আৰু যেতিয়া প্ৰাণী কেইজন মাটিৰ পৰা দাং খায়, তেতিয়া চক্ৰ কেইটাও দাং খায়।
\v 20 য’লৈকে আত্মা যাব খোজে, ত’লৈকে তেওঁবিলাকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁবিলাকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
\v 21 তেওঁবিলাক গ’লে, সেইবোৰো যায়; তেওঁবিলাক ৰ’লে, সেইবোৰো ৰয়; আৰু তেওঁবিলাক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁবিলাকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
\p
\s5
\v 22 আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিকৰ বৰণৰ, তেওঁবিলাকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।
\v 23 চন্দ্ৰতাপখনৰ তলত তেওঁবিলাকৰ ডেউকা পৰস্পৰৰ ফালে পোন, আৰু গা ঢাকিবৰ নিমিত্তে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
\s5
\v 24 তেওঁবিলাক যোৱা সময়ত, মহাজলসমূহৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰেই নিচিনা মই তেওঁবিলাকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্যসামন্তৰ ধ্বনিৰ নিচিনা কোলাহলৰ শব্দ শুনিলোঁ; তেওঁবিলাক ৰোৱা সময়ত তেওঁবিলাকে নিজ নিজ ডেউকা চপায়।
\v 25 তেওঁবিলাকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁবিলাক ৰোৱা সময়ত, তেওঁবিলাকে নিজ নিজ ডেউকা চপায়।
\p
\s5
\v 26 তেওঁবিলাকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ আকৃতিৰে এখন সিংহাসন যেন এক বস্তু আছিল; সেই সিংহাসন যেন বস্তুটোৰ ওপৰত ওখত, এজনা মানুহৰ আকৃতি যেন এক মুৰ্ত্তি তাৰ ওপৰত আছিল।
\s5
\v 27 আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ নিচিনা জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তলতৈ জুইৰ আকৃতি যেন দেখিলোঁ, আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।
\v 28 বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱ যেন পদাৰ্থটোৰ এই ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ, আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।
\s5
\c 2
\p
\v 1 তেওঁ মোক কলে, হে মনুষ্য-সন্তান, ভৰিত ভৰ দি থিয় হোৱা, মই তোমাৰে সৈতে কথা হওঁ।
\v 2 তেওঁ মোক কথা কওঁতেই আত্মাই মোৰ অন্তৰত সোমাই মোক থিয় কৰিলে, আৰু মোক কোৱা জনাৰ বাক্য মই শুনিলোঁ।
\v 3 তেওঁ মোক কলে, হে মনুষ্য সন্তান, আহাঁ, মই তোমাক ইস্ৰায়েলৰ সন্তানবিলাকৰ গুৰিলৈ, মোৰ অহিতে বিদ্ৰোহ কৰা বিদ্ৰোহী জাতিবিলাকৰ গুৰিলৈ পঠাওঁ; তেওঁবিলাকে আৰু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকে আজিলৈকে মোৰ অহিতে অপৰাধ কৰি আহিছে।
\s5
\v 4 সেই সন্তানবিলাক নিলাজ আৰু অবাধ্য; মই তেওঁবিলাকৰ গুৰিলৈ তোমাক পঠাওঁ; তুমি তেওঁবিলাকক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে।
\v 5 তেওঁবিলাকে শুনক বা নুশুনক,(কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ), তেওঁবিলাকৰ মাজত যে এজন ভাববাদী উপস্থিত হ’ল, তাক তেওঁবিলাকে জানিব।
\s5
\v 6 যদিও কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি তোমাৰ লগত আছে, আৰু যদিও কেঁকোৰা-বিছাবোৰৰ মাজত তুমি বাস কৰিছা, তথাপি হে মনুষ্য-সন্তান তুমি তেওঁবিলাকলৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ কথালৈ নকৰিবা; যদিও তেওঁবিলাক বিদ্ৰোহী বংশ, তথাপি তেওঁবিলাকৰ কথালৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ মুখ দেখি ব্যাকুল নহ’বা।
\s5
\v 7 তেওঁবিলাকে শুনক বা নুশুনক, তুমি মোৰ বাক্য তেওঁবিলাককক ক’বা; কিয়নো তেওঁবিলাক অত্যন্ত বিদ্ৰোহী।
\p
\v 8 কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে, মই কোৱা কথা শুনা, সেই বিদ্ৰোহী বংশৰ নিচিনা তুমিও বিদ্ৰোহী নহ’বা; মুখ মেলা, মই তোমাক যি দিওঁ তাক খোৱা।
\s5
\v 9 তেতিয়া মই চাই দেখিলোঁ, এখন হাত মোলৈ মেলা হৈছে; আৰু চোৱা, সেই হাতত এখন নুৰিওৱা পুথি আছে।
\v 10 তেওঁ মোৰ আগত তাক মেলিলে; সেই পুথিখন ইলুটিয়ে সিলুটিয়ে দুই লুটিয়ে লিখা আছিল, আৰু তাত বিলাপ, শোক, আৰু সন্তাপৰ কথা লিখা আছিল।
\s5
\c 3
\p
\v 1 পাছে তেওঁ মোক কলে, হে মনুষ্য-সন্তান, তোমাৰ আগত যি আছে তাক খোৱা; এই নুৰিওৱা পুথিখন খাই পেলাই, গৈ ইস্ৰায়েল বংশক কথা কোৱা।
\v 2 তাতে মই মুখ মেলিলত, তেওঁ মোক সেই পুথিখন খুৱাই দিলে।
\v 3 তেওঁ মোক কলে, হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত, সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।
\p
\s5
\v 4 পাছে তেওঁ মোক কলে, হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ বংশৰ ওচৰলৈ গৈ তেওঁবিলাকক মোৰ বাক্য কোৱা।
\v 5 কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক নপঠাই ইস্ৰায়েল-বংশৰ ওচৰলৈ পঠোৱা হৈছে।
\v 6 যি জাতিবিলাকৰ বাক্য তুমি বুজিব নোৱাৰা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে অনেক জাতিৰ ওচৰলৈ তোমাক পঠোৱা নাই। মই যদি তোমাক সিহঁতৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে সিহঁতে তোমাৰ কথা শুনিলেহেঁতেন।
\v 7 কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁবিলাকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ টান-কপলীয়া আৰু কঠিন চিত্তীয়া।
\s5
\v 8 চোৱা, মই তেওঁবিলাকৰ মুখৰ আগত তোমাৰ মুখ কঠিন, আৰু তেওঁবিলাকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।
\v 9 মই তোমাৰ কপাল চকমকি পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁবিলাক বিদ্ৰোহী বংশ হলেও, তেওঁবিলাকলৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ মুখ দেখি ব্যাকুল নহ’বা।
\s5
\v 10 তেওঁ মোক আৰু কলে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা কওঁ, সেই আটাই কথা অন্তৰত গ্ৰহণ কৰা, আৰু কাণত ঠাই দিয়া।
\v 11 আৰু তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তানবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকক কথা কোৱা; তেওঁবিলাকে শুনক বা নুশুনক, প্ৰভূ যিহোৱাই এই কথা কৈছে, এই বুলি তেওঁবিলাকক কোৱা।
\p
\s5
\v 12 তেতিয়া আত্মাই মোক দাঙি ললত, “ নিজ ঠাইৰ পৰা ওলাই যোৱা যিহোৱাৰ গৌৰৱ ধন্য”, এই বাক্য, অতি বেগেৰে যোৱা শব্দেৰে মোৰ পাছৰ পৰা শুনিলোঁ;
\v 13 আৰু প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগালগি হোৱাত, সেইবোৰৰ শব্দ, এনেকি অতি বেগেৰে যোৱাৰ মহাশব্দ শুনিলোঁ।
\s5
\v 14 এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মই বেজাৰত, আৰু মোৰ অন্তৰৰ তাপত গ’লো, আৰু যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
\v 15 পাছে কবাৰ নদীৰ পাৰত থকা তেল-আবীব-নিবাসী দেশান্তৰিত লোকবিলাকৰ গুৰিত মই উপস্থিত হলোঁ, আৰু তেওঁবিলাক বহি থকা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁবিলাকৰ মাজত সাত দিন বহি থাকিলোঁ।
\p
\s5
\v 16 সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,
\v 17 হে মনুষ্য সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ নিমিত্তে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা।
\v 18 তুমি নিশ্চয়ে মৰিবা, এই বুলি মই দুষ্টক কোৱা সময়ত তুমি তাক সতৰ্ক নকৰিলে, বা তাৰ প্ৰাণ নিস্তাৰ কৰিবৰ নিমিত্তে তাৰ মন্দ পথৰ পৰা তাক সাৱধান হ’বলৈ নক’লে, সেই দু্ষ্ট লোক নিজ অপৰাধত মৰিব: কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
\v 19 কিন্তু তুমি তাক সতৰ্ক কৰাতো সি নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰিলে, সি নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
\s5
\v 20 আকৌ ধাৰ্ম্মিক লোকে নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰিলে, আৰু মই তোমাৰ আগত উজুটি খোৱা মূঢ়া ৰাখিলে, তেওঁ মৰিব; কিন্তু তুমি তেওঁক সতৰ্ক নকৰিলে তেওঁ নিজ পাপত মৰিব, আৰু তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰ সোঁৱৰণ কৰা নাযাব; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
\v 21 আৰু ধাৰ্ম্মিকলোকে পাপ নকৰিবৰ নিমিত্তে তুমি যদি তেওঁক সতৰ্ক কৰা, আৰু তেওঁ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।
\s ভাববাদীৰ মুখ বন্ধ হোৱা।
\p
\s5
\v 22 আৰু সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু তেওঁ মোক কলে,উঠা, উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা হ’ম।
\v 23 তাতে মই উঠি উপত্যকালৈ ওলাই গ’লো, আৰু দেখিলোঁ, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনা যিহোৱাৰ গৌৰৱ তাত ৰৈ আছে; তাতে মই উবুৰি হৈ পৰিলোঁ।
\s5
\v 24 পাছে আত্মাই মোৰ অন্তৰত সোমাই মোক থিয় কৰিলে, আৰু তেওঁ মোৰ লগত কথা হৈ মোক, তুমি গৈ তোমাৰ ঘৰ বন্ধ কৰি ভিতৰত থাকা।
\v 25 হে মনুষ্য সন্তান, মানুহবিলাকে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, তাতে তুমি বাহিৰ হৈ তেওঁবিলাকৰ মাজলৈ যাব নোৱাৰিবা;
\s5
\v 26 আৰু মই তোমাৰ জীভা তালুত লগাম, তাতে তুমি বোবা হ’বা, আৰু তেওঁবিলাকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।
\v 27 কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত তোমাৰ মুখ মেলিম’ তাতে প্ৰভূ যিহোৱাই এই কথা কৈছে বুলি তুমি তেওঁবিলাকক ক’বা। যি জনে শুনে, তেওঁ শুনক, আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।
\s যিৰূচালেমক অৱৰোধ কৰাৰ বিষয়ে দেখুউৱা কেইটামান চিন।
\s5
\c 4
\p
\v 1 হে মনুষ্য সন্তান, তুমি এটা ইটা লৈ, তাক নিজৰ আগত ৰাখি তাৰ ওপৰত এখন নগৰৰ অৰ্থাৎ যিৰূচালেমৰ নক্সা আঁকা;
\v 2 আৰু তাক অৱৰোধ কৰা, তাৰ অহিতে কোঁঠা সাজা, তাৰ অহিতে হাদাম বান্ধা, তাৰ অহিতে চাৰিওফালে ছাউনি পাতা,আৰু তাৰ অহিতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
\v 3 আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা, আৰু তাৰ ফালে কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব, আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ নিমিত্তে এয়ে চিন হ’ব।
\p
\s5
\v 4 তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁবিলাকৰ অপৰাধ ববা।
\v 5 কিয়নো মই তেওঁবিলাকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ নিমিত্তে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
\s5
\v 6 আৰু তুমি এইবোৰ সম্পূৰ্ণ কৰি আকৌ সোঁকাষে শুবা, আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ নিমিত্তে এক এক দিন কৰিলোঁ।
\v 7 তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰূদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
\v 8 চোৱা, মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিব।
\s5
\v 9 আৰু তুমি নিজৰ নিমিত্তে ঘেঁহু,যৱ, মাহ, মচূৰ বজৰা, আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
\v 10 তোমাৰ খোৱা আহাৰ জোখ কৰি দিনে দিনে বিশ চেকল খাবা; তুমি বিশেষ বিশেষ দিনত তাক খাবা।
\v 11 আৰু তুমি পানীও জোখ কৰি হীনৰ ছয় ভাগৰ এভাগ পান কৰিবা।
\s5
\v 12 আৰু তুমি যৱৰ পিঠাৰ নিচিনাকৈ তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁবিলাকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
\v 13 যিহোৱাই আৰু কলে, যি জাতিবিলাকৰ মাজলৈ মই এই ইস্ৰায়েল সন্তানবিলাকক খেদিম, সেই জাতিবিলাকৰ মাজত তেওঁবিলাকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।
\s5
\v 14 তেতিয়া মই কলোঁ, হায় হায় প্ৰভূ যিহোৱা, চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই; কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে নিজে মৰা বা জন্তুৰে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।
\v 15 তেতিয়া তেওঁ মোক কলে, মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ খুটি দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
\s5
\v 16 তাৰ বাহিৰে, তেওঁ মোক কলে, হে মনুষ্য সন্তান, চোৱা, মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁবিলাক পিঠা আৰু পানীৰ অভাৱত পৰিবৰ নিমিত্তে, আৰু পৰস্পৰে আচৰিত হৈ তেওঁবিলাকৰ অপৰাধত ক্ষীণাই যাবৰ নিমিত্তে,
\v 17 তেওঁবিলাকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।
\s5
\c 5
\p
\v 1 আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছে এখন তৰ্জ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।
\v 2 নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা, আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।
\s5
\v 3 আৰু তুমি তাৰে অলপ লৈ, তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।
\v 4 পাছে তুমি তাৰে অলপ লৈ, জুইৰ মাজত পেলাই জুইত পুৰিবা; তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
\p
\s5
\v 5 প্ৰভূ যিহোৱাই এই কথা কৈছে, এয়ে যিৰূচালেম; মই ইয়াক জাতিবিলাকৰ মাজত স্থাপন কৰিলোঁ, আৰু ইয়াৰ চাৰিওফালে দেশবোৰ আছে।
\v 6 আৰু ই জাতিবিলাকতকৈয়ো অধিক দুষ্কৰ্ম্ম কৰি মোৰ শাসন-প্ৰণালীবোৰৰ বিৰুদ্ধে, আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকবিলাকতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো ইবিলাকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে হ’লে ইবিলাকে সেইবোৰত নচলিলে।
\s5
\v 7 এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য্য নকৰিলা।
\v 8 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ময়েই তোমাৰ বিপক্ষ; আৰু মই জাতিবিলাকৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
\s5
\v 9 যিহক মই কেতিয়াও কৰা নাই, আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যবোৰৰ নিমিত্তে তাকেই তোমাৰ মাজত কৰিম।
\v 10 এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব, আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম, আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম।
\s5
\v 11 এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে, আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্য্যেৰে তুমি মোৰ পবিত্ৰস্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম।
\v 12 তোমাৰ তিনি ভাগৰ এভাগলোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম, আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।
\p
\s5
\v 13 এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব, আৰু মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁবিলাকে জানিব, যে, মই যিহোৱাই মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
\v 14 ইয়াৰ বাহিৰে, আটাই পথিকবিলাকৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবিলাকৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।
\s5
\v 15 তাতে, মই ক্ৰোধত, কোপত, আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলে, তোমাৰ চাৰিওফালে থকা সেই জাতিবিলাকৰ নিমিত্তে সেই নগৰ ধিক্কাৰ, বিদ্ৰোপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।
\v 16 মই সেই সময়ত তেওঁবিলাকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম, আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।
\v 17 মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব, আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ।
\s ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।
\s5
\c 6
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, আৰু কোৱা,
\v 3 হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক,প্ৰভূ যিহোৱাৰ বাক্য শুনা; প্ৰভূ যিহোৱাই পৰ্ব্বতবোৰক, উপপৰ্ব্বত –বোৰক, জুৰি বৈ যোৱা ঠাইবোৰক, আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম, আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
\s5
\v 4 তাতে তোমালোকৰ যজ্ঞ-বেদিবোৰ ধ্বংস কৰা হ’ব, আৰু তোমালোকৰ সূৰ্য্য-প্ৰতিমাবোৰ ভঙা হ’ব, আৰু মই তোমালোকৰ হত লোকবিলাকক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।
\v 5 আৰু মই ইস্ৰায়েলৰ সন্তানবিলাকৰ শৱ তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম, আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচৰিত কৰিম।
\s5
\v 6 তোমালোকৰ যজ্ঞ-বেদিবোৰ উচ্ছন্ন আৰু ধ্বংস কৰাৰ হ’বৰ নিমিত্তে, আৰু তোমালোকৰ হাতৰ কাৰ্য্যবোৰ লোপ পাবৰ নিমিত্তে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব,
\v 7 আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\p
\s5
\v 8 তাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবিলাক লোক যেন জাতিবিলাকৰ মাজত হ’ব, এই নিমিত্তে মই এক অৱশিষ্ট ভাগ এৰিম;
\v 9 আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁবিলাকৰ বেশ্যালী মন আৰু তেওঁবিলাকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁবিলাকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকবিলাকে তেওঁলাকক বন্দী কৰি নিয়া জাতিবিলাকৰ মাজত মোক সোঁৱৰণ কৰিব, আৰু তেওঁবিলাকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁবিলাকে কৰা মন্দ কাৰ্য্যৰ নিমিত্তে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
\v 10 আৰু মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব; মই যে তেওঁবিলাকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।
\s5
\v 11 প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দি, আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হায় হায় কৰা; কিয়নো তেওঁবিলাক তৰোৱাল, আকাল,আৰু মহামাৰীত পতিত হ’ব।
\v 12 দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব, আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
\s5
\v 13 য’ত তেওঁবিলাকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎলৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত, আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁবিলাকৰ যজ্ঞ-বেদিৰ চাৰিওফালে নিজ নিজ মুৰ্ত্তিৰ মাজত যেতিয়া তেওঁবিলাকৰ হত লোকবিলাক পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\v 14 আৰু মই তেওঁবিলাকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁবিলাকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s যিহূদাৰ পতনৰ বিষয়ৰ বিলাপ।
\s5
\c 7
\p
\v 1 পাছে, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে, অন্ত পৰিল, দেশৰ চাৰি চুকলৈ অন্ত আহিল। এতিয়া তোমাৰ অন্ত উপস্থিত;
\s5
\v 3 মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠাম, তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম, আৰু তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম।
\v 4 মই তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম; কিন্তু মই তোমাৰ আচৰণৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাক মাজত থাকিব, তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।
\p
\s5
\v 5 প্ৰভূ যিহোৱাই এই কথা কৈছে, অমঙ্গল, কেৱল একেটা অমঙ্গল; চোৱা, সেয়ে পালেহি।
\v 6 অন্ত উপস্থিত, সেই অন্তই উপস্থিত; সেয়ে তোমাৰ অহিতে জাগিল; চোৱা সেয়ে পালেহি।
\v 7 হে দেশ নিবাসী লোক, তোমাৰ দণ্ডাজ্ঞা তোমালৈ আহিল; সময় উপস্থিত, দিন ওচৰ চাপিছে পৰ্ব্বতবোৰৰ ওপৰত আনন্দ-ধ্বনিৰ দিন নহয়, কোলাহলৰহে দিন!
\s5
\v 8 এতিয়া অলপতে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, তোমাৰ অহিতে মোৰ কোপ সিদ্ধ কৰিম, আৰু তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিম; মই তোমাৰ সকলো ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালৈ ফলিওৱাম।
\v 9 মই কৃপাদৃষ্টি নকৰিম, আৰু দয়াও নকৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমালৈ ফলিওৱাম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাৰ মাজত থাকিব; তাতে মই যিহোৱায়েই যে প্ৰহাৰ কৰোঁ,তাক তোমালোকে জানিবা।
\p
\s5
\v 10 চোৱা, সেই দিন সৌৱা; চোৱা, সেয়ে পালেহি; তোমাৰ দণ্ডাজ্ঞা প্ৰকাশিত হ’ল; দণ্ডডালি ফুলিল, অহঙ্কাৰে কলি ধৰিলে।
\v 11 দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল; তেওঁবিলাকৰ, আৰু তেওঁবিলাকৰ লোক সমূহৰ মাজৰ কোনো বা তেওঁবিলাকৰ ধন-সম্পত্তিৰ একো অৱশিষ্ট নাথাকিব; তেওঁবিলাকৰ মাজত প্ৰাধান্যও নাথাকিব।
\s5
\v 12 সময় উপস্থিত, দিন ওচৰ চাপিছে; কিনোতাই আনন্দ, কি বেচোঁতাই বেজাৰ নকৰক; কাৰণ তাৰ আটাই লোকসমূহৰ ওপৰত ক্ৰোধ উপস্থিত।
\v 13 কিয়নো তেওঁবিলাক সেই সময়লৈকে জীয়াই থাকিলেও, বেচোঁতাই বেচা বস্তুলৈ নুলটিব; কাৰণ সেই দৰ্শন তাৰ আটাই লোকসমূহৰ সম্পৰ্কীয়; কোনেও নুলটিবচ বা নিজ নিজ অপৰাধত কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব।
\p
\s5
\v 14 তেওঁবিলাকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ কোনো নাযায়; কিয়নো মোৰ ক্ৰোধ তাৰ আটাই লোকসমূহৰ ওপৰত পৰিল।
\v 15 বাহিৰত তৰোৱাল, ভিতৰত মহামাৰী আৰু আকাল; যি মানুহ পথাৰত আছে, তেওঁ তৰোৱালত মৰিব, আৰু যি মানুহ নগৰত আছে তেওঁক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।
\v 16 কিন্তু তেওঁবিলাকৰ মাজৰ যিবোৰ সাৰিব, তেওঁবিলাক সাৰি আটাইবিলাকে নিজ নিজ অপৰাধত শোক কৰি, উপত্যকা বাসী কপৌৰ দৰে পৰ্ব্বতত থাকিব।
\s5
\v 17 সকলোৰে হাত দুৰ্ব্বল হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব।
\v 18 তেওঁবিলাকে কঁকালত চট বান্ধিব, আৰু মহাত্ৰাস তেওঁবিলাকৰ আৱৰণস্বৰূপ হ’ব; আটাইৰে মুখ বিবৰ্ণ হ’ব, আৰু তেওঁবিলাক আটাইৰে মূৰ টকলা কৰা হ’ব।
\v 19 তেওঁবিলাকে নিজ নিজ ৰূপ বাটত পেলাই দিব, আৰু তেওঁবিলাকৰ সোণ অশুচি বস্তু যেন হ’ব; যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ সোণ আৰু ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব; সেইবোৰে তেওঁবিলাকৰ প্ৰাণ তৃপ্ত বা তেওঁবিলাকৰ উদৰ পূৰ কৰিব নোৱাৰিব, কিয়নো সেয়ে তেওঁবিলাকৰ অপৰাধজনক বিঘিনি।
\s5
\v 20 তেওঁৰ সুন্দৰ ভূষমৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁবিলাকে তাত তেওঁবিলাকৰ ঘিণলগীয়া দেৱতাৰ মুৰ্ত্তি, আৰু তেওঁবিলাকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে, এই কাৰণে মই তাক তেওঁবিলাকলৈ অশুচি বস্তু যেন কৰিলোঁ।
\v 21 মই তাক চিকাৰস্বৰূপে বিদেশীবিলাকৰ হাতত, আৰু লুটদ্ৰব্যস্বৰূপে পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম; তাতে সিহঁতে তাক অপবিত্ৰ কৰিব।
\v 22 আৰু মই মোৰ মুখ তেওঁবিলাকৰ পৰা ঘূৰাম; তাতে সিহঁতে মোৰ গুপ্তস্থান অশুচি কৰিব, আৰু ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।
\p
\s5
\v 23 তুমি এডাল শিকলি গঢ়োৱা; কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ, আৰু নগৰ অত্যাচাৰেৰে ভৰিল।
\v 24 এই নিমিত্তে মই জাতিবিলাকৰ মাজৰ অতি দুষ্টবোৰক আনিম, আৰু সিহঁতে তেওঁবিলাকৰ ঘৰবোৰ অধিকাৰ কৰিব, মই বলৱানবিলাকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তেওঁবিলাকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব।
\v 25 সংহাৰ আহিব লাগিছে; তেওঁবিলাকে শান্তি বিচাৰিব, কিন্তু নাপাব।
\s5
\v 26 আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব, সেই কালত তেওঁবিলাকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিতৰ পৰা ব্যৱস্থা আৰু বৃদ্ধবিলাকৰ পৰা মন্ত্ৰণা লোপ পাব।
\v 27 ৰজাই শোক কৰিব, মন্ত্ৰীয়ে ধ্বংসৰূপ বস্ত্ৰ পৰিধান কৰিব, আৰু দেশৰ প্ৰজাবিলাকৰ হাত কঁপিব; মই তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁবিলাকৰ বিচাৰ কৰিম; তাতে মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s যিহূদীবিলাকৰ নানাবিধ দেৱপূজাৰ দৰ্শন।
\s5
\c 8
\p
\v 1 ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে, আৰু যিহূদাৰ বৃদ্ধ-বিলাক মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভূ যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল।
\v 2 তেতিয়া মই চাই অগ্নি যেন এক মুৰ্ত্তি দেখিলোঁ; তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তলৈ অগ্নি যেন দেখা গ’ল, আৰু কঁকালৰ পৰা ওপৰলৈ দীপ্তি যেন, উজ্জ্বল ধাতু যেন দেখা গ’ল।
\s5
\v 3 পাছে তেওঁ হাত যেন বস্তুটো মেলি মোৰ মূৰৰ একোচা চুলিত ধৰিলে, আৰু আত্মাই মোক দাঙি, ঈশ্বৰীয় দৰ্শনত যিৰূচালেমলৈ অন্তৰ্জ্বালাজনক অন্তৰ্জ্বালা-মুৰ্ত্তি স্থাপিত হোৱা, ভিতৰ-চোতালৰ উত্তৰ ফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ গ’ল।
\v 4 আৰু মই দেখিলোঁ, উপত্যকাত দৰ্শনত দেখা বস্তুটোৰ দৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ তাত আছিল।
\p
\s5
\v 5 তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফাললৈ চোৱা। তাতে মই উত্তৰ ফাললৈ চকু তুলি চাই যজ্ঞ-বেদিৰ বাট-চৰাৰ উত্তৰফালে প্ৰৱেশস্থানত সেই অন্তৰ্জ্বালা-মুৰ্ত্তি দেখিলোঁ।
\v 6 পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, লোকবিলাকে কি কৰিছে তাক তুমি দেখিছা নে? মোৰ পবিত্ৰস্থানৰ পৰা মই আঁতৰ হ’বৰ নিমিত্তে ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো আৰু বৰ ৰব ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা;
\s5
\v 7 এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’লত, মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।
\p
\v 8 তেতিয়ে তেওঁ মোক কলে, হে মনুষ্য সন্তান, দেৱাল খানা; তাতে মই দেৱাল খানিলত এখন দুৱাৰ দেখিলোঁ।
\v 9 তেওঁ মোক আৰু কলে, তুমি ভিতৰলৈ গৈ তেওঁবিলাকে তাত কৰা ঘিণলগীয়া দুষ্কৰ্ম্মবোৰ চোৱা।
\s5
\v 10 তাতে মই ভিতৰলৈ গৈ চাই দেখিলোঁ, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি, আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত কটা আছে;
\v 11 আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ বৃদ্ধবিলাকৰ সত্তৰজন পুৰুষ আৰু তেওঁবিলাকৰ মাজত চাফনৰ পুতেক যাজনিয়া থিয় হৈ আছে, প্ৰতিজনৰ হাতত এটা এটা ধূপৰ পাত্ৰ; আৰু ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠিছে।
\s5
\v 12 তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ বৃদ্ধবিলাকে দেৱালত মুৰ্ত্তি কটা নিজ নিজ কোঁঠালিত আন্ধাৰত কি কৰিছে তাক তুমি দেখিছা নে? তেওঁবিলাকে কয়, যিহোৱাই আমাক দেখা নাপায়, যিহোৱাই পৃথিৱী ত্যাগ কৰিলে।
\v 13 তেওঁ মোক আৰু কলে, তুমি আকৌ তেওঁবিলাকে কৰা ইয়াতকৈয়ো আৰু বৰ বৰ ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা।
\p
\s5
\v 14 পাছে তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক নিলত, মই দেখিলোঁ, সেই ঠাইত তিৰোতাবোৰে বহি তম্মুজৰ নিমিত্তে কান্দি আছে।
\v 15 তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি এইবোৰতকৈয়ো আৰু বৰ বৰ ঘিণলগীয়া কাৰ্য্য দেখিবলৈ পাবা।
\p
\s5
\v 16 পাছে তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ নিলত, মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞ-বেদিৰ মাজত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি, আৰু পূৱফাললৈ মুখ কৰি পঞ্চাশজন মান মানুহে সূৰ্য্যৰ আগত প্ৰণিপাত কৰিছে।
\s5
\v 17 তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য্য কৰিছে, সেই সকলো কাৰ্য্য জানো তেওঁবিলাকলৈ লঘূ বিষয়? কিয়নো তেওঁবিলাকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে, আৰু মোক বেজাৰ দিবৰ নিমিত্তে পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁবিলাকে ডালবোৰ নাকত লগাইছে।
\v 18 এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম, কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁবিলাকে বৰ মাতেৰে মোৰ কাণত কাতৰুক্তি কৰিলেও, মই তেওঁবিলাকৰ কথা নুশুনিম।
\s যিৰূচালেম-নিবাসীবিলাকক বধ কৰাৰ দৰ্শন।
\s5
\c 9
\p
\v 1 পাছে তেওঁ বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল, যে, নগৰখনৰ দণ্ড দিব লগীয়াবিলাকক চপোৱা; প্ৰতিজনে হাতত বিনাশক অস্ত্ৰ লৈ আহক।
\v 2 তাতে মই দেখিলোঁ, উত্তৰ দিশৰ ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত গদা লৈ ছয় জন মানুহ আহিল; তেওঁবিলাকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত লিখকৰ মৈলাম থকা এজন পুৰুষ আছিল। তেওঁবিলাক সোমাই পিতলৰ যজ্ঞ-বেদিৰ কাষত থিয় হ’ল।
\p
\s5
\v 3 এনেতে, যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ গ’ল। পাছে শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত মৈলাম থকা সেই পুৰুষজনক যিহোৱাই মাতি কলে,
\v 4 পাছে মই শুনাকৈ তেওঁ আনকেইজনক মাতি কলে, তোমালোকে এইজনৰ পাছে পাছে নগৰৰ মাজেদি গৈ, তাৰ মাজত কৰা সকলো ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়া।
\s5
\v 5 পাছে মই শুনাকৈ তেওঁ আনকেইজনক কলে, তোমালোকে এই জনৰ পাছে পাছে নগৰৰ মাজেদি গৈ, প্ৰহাৰ কৰা, কৃপাদৃষ্টি কি দয়াও নকৰিবা;
\v 6 বুঢ়া, ডেকা, যুৱতী, শিশু আৰু তিৰোতা আদি সকলোকে নিঃশেষে বধ কৰা; কিন্তু চিন থকা কোনো মানুহৰ ওচৰলৈ নাযাবা; আৰু মোৰ পবিত্ৰস্থানৰ পৰা আৰম্ভ কৰা। তেতিয়া তেওঁবিলাকে গৃহৰ সন্মূখত থকা সেই বৃদ্ধ কেইজনৰ পৰা আৰম্ভ কৰিলে।
\s5
\v 7 পাছে তেওঁ তেওঁবিলাককক কলে, গৃহটি অশুচি কৰা, চোতাল কেইখন হত লোকেৰে পূৰ কৰা তোমালোক ওলাই যোৱা। তাতে তেওঁবিলাকে ওলাই গৈ নগৰৰ মাজত প্ৰহাৰ কৰিলে।
\v 8 তেওঁবিলাকে প্ৰহাৰ কৰোঁতে মই অৱশিষ্ট থাকিলত,উবুৰি হৈ পৰি চিঞৰি কান্দি কলোঁ, হায় হায় প্ৰভূ যিহোৱা, তুমি যিৰূচালেমৰ ওপৰত তোমাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ আটাই অৱশিষ্ট ভাগ বিনষ্ট কৰিবা নে?
\p
\s5
\v 9 তেতিয়া তেওঁ মোক কলে, ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় বৰ, আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন অন্যায় বিচাৰেৰে ভৰা; কিয়নো তেওঁবিলাকে কয়, যিহোৱাই পৃথিৱী ত্যাগ কৰিলে, যিহোৱাই দেখা নাপায়।
\v 10 মই হ’লে কৃপাদৃষ্টি কি দয়াও নকৰিম; কিন্তু তেওঁবিলাকৰ কাৰ্য্যৰ ফল তেওঁবিলাকৰ মূৰত ফলিওৱাম।
\v 11 পাছে চোৱা, শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু কঁকালত মৈলাম থকা সেই পুৰুষজনে, তুমি মোক হুকুম দিয়ামতে মই কৰিলোঁ, এই বুলি বাৰ্ত্তা দিলেহি।
\s ঈশ্বৰীয় অগ্নি যিৰূচালেমৰ ওপৰত পৰাৰ দৰ্শন।
\s5
\c 10
\p
\v 1 তেতিয়া মই চাই দেখিলোঁ, কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটোত, তেওঁবিলাকৰ ওপৰত, এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থ প্ৰকাশ পাইছিল।
\v 2 পাছে তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কলে, তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁবিলাকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচৰিত কৰি পেলোৱা; তাতে সেই পুৰুষজন মোৰ চকুৰ আগতে তাত সোমাল।
\s5
\v 3 সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল, আৰু ভিতৰ চোতালখন মেঘডোখৰেৰে পৰিপূৰ্ণ আছিল।
\v 4 তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল, আৰু গৃহটি মেঘডোখৰেৰে, আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল;
\v 5 আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ নিচিনাকৈ কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
\s5
\v 6 পাছে, তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাই পৰা জুই লোৱা বুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিলত, তেওঁ সোমাই গৈ এটা চক্ৰ কাষত থিয় হ’ল।
\v 7 তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁবিলাকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে; তেওঁ তাক লৈ বাহিৰ হ’ল।
\v 8 আৰু কৰূব কেইজনৰ গাত, তেওঁ বিলাকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
\p
\s5
\v 9 পাছে মই চাই দেখিলোঁ, এজন কৰূবৰ কাষত এটা চক্ৰ, আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাইটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
\v 10 আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে ৰকমৰ, যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
\v 11 যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফাললৈ পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
\s5
\v 12 আৰু তেওঁবিলাকৰ গোটেই গা, আৰু তেওঁবিলাকৰ পিঠি, হাত, ডেউকা, আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁবিলাক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
\v 13 সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
\v 14 প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ, আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
\p
\s5
\v 15 পাছে কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবিলাক।
\v 16 কৰূব কেইজডন যোৱা সময়ত চক্ৰকেইটাও তেওঁবিলাকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁবিলাকৰ কাষ নেৰে।
\v 17 তেওঁবিলাক ৰ’লে, সেইবোৰো ৰয়, আৰু তেওঁবিলাক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁবিলাকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
\s5
\v 18 পাছে যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
\v 19 কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ আগতে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁবিলাকৰ কাষে কাষে চক্ৰকেইটাও চলিল; আৰু তেওঁবিলাক যিহোৱাৰ গৃহৰ পূৱফালৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু তেওঁবিলাকৰ ওপৰত ওখত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
\s5
\v 20 কবাৰ নদীৰ ওচৰত ইস্ৰায়েলৰ ঈশ্বৰৰ তলত মই দেখা প্ৰাণী এইবিলাক; তাত এইবিলাক যে কৰূব, তাক মই জানিলোঁ।
\v 21 প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ, আৰু চাৰিখন চাৰিখন ডেউকা, আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু আছিল।
\v 22 তেওঁবিলাকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ, আৰু একে আকৃতি, একে বস্তু; তেওঁবিলাক প্ৰতিজনে পোনে পোনে যায়।
\s বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খোজা লোকবিলাকৰ অহিতে কোৱা ভাববাণী।
\s5
\c 11
\p
\v 1 পাছে আত্মাই মোক দাঙি যিহোৱাৰ গৃহৰ পূৱফালে মুখ কৰা পূৱ ফালৰ বাট-চৰাৰ ওচৰলৈ নিলে; আৰু চোৱা, সেই বাট-চৰাৰ দুৱাৰ মুখত পঁচিশজন পুৰুষ আছিল; আৰু তেওঁবিলাকৰ মাজত অজ্জুৰৰ পুতেক যাজনিয়া আৰু বনায়াৰ পুতেক পলটিয়া প্ৰজাবিলাকৰ এই দুজন অধ্যক্ষক মই দেখিলোঁ।
\s5
\v 2 তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, এই নগৰত কু-কল্পনা কৰোঁতা কু-মন্ত্ৰণা দিওঁতা লোক এইবিলাক।
\v 3 ইবিলাকে কয়, ঘৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী, আৰু আমি মাংস- স্বৰূপ।
\v 4 এই হেতুকে ইবিলাকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰা।
\p
\s5
\v 5 তাতে যিহোৱাৰ আত্মা মোত স্থিতি হ’লত, তেওঁ মোক কলে, তুমি কোৱা, যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েল-বংশ, তোমালোকে এই এই ৰূপ কথা কৈছা; কিয়নো তোমালোকৰ মনত উদয় হোৱা কথা মই জানিছোঁ;
\v 6 তোমালোকে এই নগৰত তোমালোকৰ হত লোকবিলাকৰ সংখ্যা বৃদ্ধি কৰিলা, আৰু ইয়াৰ আলিবোৰ হত লোকেৰে পৰিপূৰ্ণ কৰিলা।
\v 7 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, ইয়াৰ মাজত তোমালোকে পেলোৱা, তোমালোকৰ হত লোকবিলাকহে মাংস, আৰু নগৰখন কেৰাহী; কিন্তু তোমালোকক ইয়াৰ মাজৰ পৰা বাহিৰ কৰা হ’ব।
\s5
\v 8 তোমালোকে তৰোৱাললৈ ভয় কৰিছা, মই তোমালোকৰ ওপৰলৈ তৰোৱালকহে আনিম, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\v 9 আৰু মই তোমালোকক ইয়াৰ মাজৰ পৰা উলিয়াই পেলাম, আৰু বিদেশীবিলাকৰ হাতত সমৰ্পণ কৰি, তোমালোকৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
\v 10 তোমালোক তৰোৱালত পতিত হ’বা, মই ইস্ৰায়েলৰ সীমাতেই তোমালোকক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 11 এই নগৰখন তোমালোকৰ কেৰাহী নহ’ব, আৰু তোমালোক ইয়াৰ মাজত থকা মাংস নহ’বা; মই ইস্ৰায়েলৰ সীমাতেই তোমালোকক দণ্ড দিম;
\v 12 তাতে, মই যে যিহোৱা তোমালোকে জানিবা। কিয়নো তোমালোকে মোৰ বিধিবোৰত চলা নাই, বা মোৰ শাসন প্ৰণালীবোৰ পালন কৰা নাই, কিন্তু তোমালোকৰ চাৰিওফালৰ জাতিবিলাকৰ শাসন প্ৰণালী অনুসাৰে কাৰ্য্য কৰিলা।
\p
\s5
\v 13 পাছে মই ভাববাণী প্ৰচাৰ কৰা সময়ত বনায়াৰ পুতেক পলটিয়া মৰি গ’ল; তাতে মই উবুৰি হৈ পৰি চিঞৰি কলোঁ, হায় হায় প্ৰভূ যিহোৱা, তুমি ইস্ৰায়েলৰ অৱশিষ্ট ভাগক নিঃশেষে বিনষ্ট কৰিবা নে?
\s5
\v 14 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,
\v 15 হে মনুষ্য সন্তান, তোমাৰ ভাইবিলাক, তোমাৰেই ভাইবিলাক, তোমাৰ জ্ঞাতি-কুটুম্ববিলাক, ইস্ৰায়েলৰ গোটেই বংশ, এই আটাইবিলাককে যিৰূচালেম নিবাসীবিলাকে কয়, তোমালোক যিহোৱাৰ পৰা আঁতৰ হোৱা, অধিকাৰৰ অৰ্থে এই দেশ আমাকহে দিয়া হ’ল।
\s5
\v 16 এই হেতুকে তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই যদিও তেওঁবিলাকক জাতি-বিলাকৰ মাজলৈ দূৰ কৰিলোঁ, আৰু যদিও মই দেশবোৰৰ মাজত তেওঁবিলাকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁবিলাক যি যি দেশলৈ গ’ল, সেই সেই দেশত মই অলপকাল তেওঁবিলাকৰ ধৰ্ম্মধাম হ’ম।
\v 17 এই হেতুকে তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক চপাম, আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰবোৰৰ পৰা তোমালোকক গোটাম, আৰু তোমালোকক ইস্ৰায়েল দেশ দিম।
\v 18 তেওঁবিলাকে সেই দেশলৈ যাব, আৰু তাৰ আটাই গৰ্হিত আৰু ঘিণলগীয়া বস্তু তাৰ মাজৰ পৰা দূৰ কৰিব।
\s5
\v 19 তেওঁবিলাকে মোৰ বিধিত চলিবৰ, আৰু মোৰ শাসন-প্ৰণালী পালন কৰি সেই অনুসাৰে কাৰ্য্য় কৰিবৰ নিমিত্তে মই তেওঁবিলাকক একেটা চিত্ত দান কৰিম,
\v 20 আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থিতি কৰিম, আৰু তেওঁবিলাকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তেওঁবিলাকক মাংসৰূপ মন দিম; তাতে তেওঁবিলাক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম।
\v 21 কিন্তু প্ৰভূ যিহোৱাই কৈছে, যিবোৰৰ হৃদয় সিহঁতৰ গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ হৃদয়ৰ পাছত চলে, সিহঁতৰ বিষয়ে হ’লে, মই সিহঁতৰ নিজৰ নিজৰ মূৰতে সিহঁতৰ কাৰ্য্যৰ ফল ফলিওৱাম।
\p
\s5
\v 22 পাছে কৰূব কেইজনে নিজ নিজ ডেউকা দাঙিলে; তেওঁবিলাকৰ কাষে কাষে চক্ৰকেইটাও আছিল, আৰু তেওঁবিলাকৰ ওপৰত ওখত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
\v 23 আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গৈ নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।
\s5
\v 24 পাছে আত্মাই মোক দাঙি দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ শক্তিৰে কল্দীয়া দেশলৈ দেশান্তৰিত লোকবিলাকৰ ওচৰলৈ আনিলে। এইদৰে মই দেখা দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।
\v 25 পাছে যিহোৱাই মোক দেখুওৱা সকলো বিষয় মই দেশান্তৰিত লোকবিলাকক কলোঁ।
\s ৰজা আৰু প্ৰজাক দেশান্তৰলৈ নিয়া বুজাবৰ দৃষ্টান্ত।
\s5
\c 12
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁবিলাকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁবিলাকে নুশুনে; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।
\s5
\v 3 এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ নিমিত্তে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা, আৰু দিনতে তেওঁবিলাকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা; তুমি তেওঁবিলাকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা; তেওঁবিলাক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।
\s5
\v 4 তুমি দিনতে তেওঁবিলাকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা, আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁবিলাকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।
\v 5 তুমি তেওঁবিলাকৰ চকুৰ আগতে গড় খানি তাৰ মাজেদি সামগ্ৰী উলিয়াবা।
\v 6 তেওঁবিলাকৰচকুৰ আগতে তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি ভূমি নেদেখিবৰ নিমিত্তে তোমাৰ মুখ ঢাকিবা; কিয়নো মই ইস্ৰায়েল বংশৰ নিমিত্তে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।
\p
\s5
\v 7 তাতে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ, আৰু গধূলি মোৰ হাতেৰেই গড় খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁবিলাকৰ চকুৰ আগতে কান্ধত লৈ গ’লো।
\p
\s5
\v 8 পাছে ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 9 হে মনুষ্য সন্তান, তুমি কি কৰিছা? এইবুলি বিদ্ৰোহী বংশ ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই?
\v 10 তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, এই ভাৰে যিৰূচালেমত থকা অধিপতিজনক, আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।
\s5
\v 11 তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁবিলাকলৈ কৰা হ’ব; তেওঁবিলাক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
\v 12 আৰু তেওঁবিলাকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁবিলাকে সামগ্ৰী উলিয়াবৰ নিমিত্তে গড় খানিব; তেওঁ নিজৰ মুখ ঢাকিব,কাৰণ তেওঁ চকুৰে ভূমি নেদেখিব।
\v 13 মোৰ জালো, মই তেওঁৰ ওপৰত মেলিম, তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াবিলাকৰ দেশলৈ বাবিললৈ নিম; তথাপি তেওঁ তাক নেদেখিব; অথচ তেওঁ তাতেই মৰিব।
\s5
\v 14 আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।
\v 15 যেতিয়া মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত তেওঁবিলাকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁবিলাকে জানিব।
\v 16 কিন্তু তেওঁবিলাক যি জাতিবিলাকৰ মাজলৈ যাব, সেই জাতিবিলাকৰ মাজত তেওঁবিলাকে নিজৰ ঘিণলগীয়া কাৰ্য্য প্ৰকাশ কৰিবৰ নিমিত্তে, তৰোৱালৰ পৰা, আকালৰ পৰা, আৰু মহামাৰীৰ পৰা তেওঁবিলাকৰ কেতবিলাক লোকক মই অৱশিষ্ট ৰাখিম; তাতে, মইযে যিহোৱা তাক তেওঁবিলাকে জানি।
\p
\s5
\v 17 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 18 হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা;
\s5
\v 19 আৰু তুমি দেশৰ লোকবিলাকক কোৱা, ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীবিলাকৰ বিষয়ে প্ৰভূ যিহোৱাই এই কথা কৈছে, তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁবিলাকৰ দেশ উচ্ছন্ন হ’বৰ নিমিত্তে, তেওঁবিলাকে সাৱধানেৰে তেওঁবিলাকৰ আহাৰ ভোজন কৰিব, আৰু বিস্ময়েৰে তেওঁবিলাকৰ জল পান কৰিব।
\v 20 আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব, আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা।
\s5
\v 21 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 22 হে মনুষ্য সন্তান, “দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”,ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?
\v 23 এই হেতুকে তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই এই প্ৰচলিত কথা লুপ্ত কৰিম, আৰু ই ইস্ৰায়েলৰ মাজত আৰু নচলিব; কিন্তু তেওঁবিলাকক কোৱা, দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ।
\s5
\v 24 কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন, বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।
\v 25 কাৰণ ময়েই যিহোৱা; মই ক’ম, আৰু মই কোৱা বাক্য সিদ্ধ হ’ব; তাক আৰু আগলৈ থোৱা নহ’ব; কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভূ যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম, আৰু তাক সিদ্ধও কৰিম।
\p
\s5
\v 26 আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 27 হে মনুষ্য সন্তান, চোৱা, ইস্ৰায়েল-বংশই কয়, তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে; তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।
\v 28 এই হেতুকে তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব, এয়ে প্ৰভূ যিহোৱাৰ বচন।
\s ইস্ৰায়েলৰ মিছা ভাববাদী আৰু ভাববাদিনীবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।
\s5
\c 13
\p
\v 1 পাছে, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতাবোৰক কোৱা, তোমালোকে যিহোৱাৰ বাক্য শুনা;
\v 3 প্ৰভূ যিহোৱাই এই কথা কৈছে, নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব।
\v 4 হে ইস্ৰায়েল, তোমাৰ ভাববাদীবোৰ উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।
\s5
\v 5 যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে গড়ৰ ভঙা বাটত উঠা নাই, বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে গড় নিৰ্ম্মান কৰা নাই।
\v 6 যিহোৱাই নপঠোৱাকৈয়ে যিহোৱাই কৈছে বুলি কওঁতাবোৰে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়, আৰু বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
\v 7 তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা।
\p
\s5
\v 8 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে অনৰ্থক বাক্য কৈছা, আৰু মিছা দৰ্শন পাইছা; এই কাৰণে, প্ৰভূ যিহোৱাই কৈছে, চোৱা, মই তোমালোকৰ বিপক্ষ।
\v 9 মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীবোৰৰ বিপক্ষ হ’ব; সিহঁত মোৰ প্ৰজাবিলাকৰ সভাত নাথাকিব, বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত সিহঁতৰ নাম লিখা নহ’ব, বা সিহঁত ইস্ৰায়েল দেশত নোসোমাব; তাতে মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 10 শান্তি নোহোৱাকৈয়ে সিহঁতে শান্তি বুলি কৈ মোৰ প্ৰজাবিলাকক ভুলায়; আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া সিহঁতে তাক চূণেৰে লিপে।
\v 11 এই হেতুকে চূণেৰে লিপাবোৰক তুমি কোৱা, ই পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; হে বৃষ্টিৰ মহাশিলবিলাক, তোমালোক পৰিবা; আৰু মহা বতাহে তাক ভাঙিব।
\v 12 চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, তোমালোকে যি লেও দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে?
\s5
\v 13 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব।
\v 14 এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম; সেয়ে পৰিব, আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 15 মোৰ ক্ৰোধ দেৱালৰ ওপৰত, আৰু চূণেৰে লিপাবোৰৰো ওপৰত, মই এইদৰে সিদ্ধ কৰিম, আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,
\v 16 অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা, আৰু শান্তি নথকাতো তাৰ নিমিত্তে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\p
\s5
\v 17 আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, সিহঁতৰ অহিতে তুমি মুখ কৰা, আৰু সিহঁতৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা,
\v 18 প্ৰভূ যিহোৱাই এই কথা কৈছে, লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা, আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ নিমিত্তে ওৰণি তৈয়াৰ কৰোঁতা তিৰোতাবোৰৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাবিলাকৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ নিমিত্তে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?
\s5
\v 19 মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাবিলাকৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাবিলাকৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাবিলাকৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ নিমিত্তে মোৰ প্ৰজাবিলাকৰ মাজত মোক অপবিত্ৰ কৰিলা।
\s5
\v 20 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ নিচিনাকৈ তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ, আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ নিচিনাকৈ তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।
\v 21 মই তোমালোকৰ ওৰণিও ফালিম, আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাবিলাকক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁবিলাক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 22 মই দুখ নিদিয়া ধাৰ্ম্মিকবিলাকৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে, আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ নিমিত্তে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,
\v 23 তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা, আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাবিলাকক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা।
\s যিহোৱাক সোধা দেৱপূজকবোৰৰ বিষয়।
\s5
\c 14
\p
\v 1 পাছে ইস্ৰায়েলৰ বৃদ্ধবিলাকৰ মাজৰ জনদিয়েক পুৰুষ মোৰ ওচৰলৈ আহি মোৰ আগত বহিলত,
\v 2 যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 3 হে মনুষ্য সন্তান, এই মানুহবিলাকে নিজ নিজ মুৰ্ত্তিক হৃদয়ত ঠাই দিছে, আৰু নিজৰ নিজৰ সন্মূখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে; মই জানো তেওঁবিলাকক কোনোমতে মোক সুধিবলৈ দিম?
\s5
\v 4 এই নিমিত্তে তুমি তেওঁবিলাকক এই বুলি কোৱা প্ৰভূ যিহোৱাই এই কথা কৈছে ইস্ৰায়েল-বংশৰ যি কোনো মানুহে নিজ মুৰ্ত্তিবোৰক হৃদয়ত ঠাই দিব, আৰু নিজৰ সন্মূখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব, আৰু কোনো এজন ভাববাদীৰ ওচৰলৈ আহিব,
\v 5 ইস্ৰায়েলৰ গোটেই বংশ তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ দ্বাৰাই মোৰ পৰা আঁতৰ হোৱাৰ কাৰণে মই তেওঁবিলাকৰ নিজ নিজ হৃদয়ৰূপ ফান্দত তেওঁবিলাকক ধৰিবৰ নিমিত্তে, সেই অহা মানুহৰ মুৰ্ত্তিবোৰৰ বাহুল্য অনুসাৰে মই যিহোৱাই নিজেই তাক উত্তৰ দিম।
\s5
\v 6 এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমাললোক ওলোটা, তোমালোকৰ মুৰ্ত্তিবোৰৰ পৰা ঘূৰা, আৰু তোমালোকৰ আটাই ঘিণলগীয়া বস্তুলৈ পিঠি দিয়া।
\s5
\v 7 কিয়নো, ইস্ৰায়েল বংশৰ মাজত, আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে বেলেগ কৰিব, নিজৰ মুৰ্ত্তিবোৰক হৃদয়ত ঠাই দিব, আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব, আৰু নিজৰ নিমিত্তে মোক সুধিবলৈ কোনো এজন ভাববাদীৰ ওচৰলৈ আহিব, মই যিহোৱাই নিজেই তাক উত্তৰ দিম।
\v 8 আৰু মই সেই মানুহৰ বিৰুদ্ধে মুখকৰি চিন আৰু দৃষ্টান্ত হ’বলৈ তাক আচৰিতৰ বিষয় কৰিম আৰু মোৰ প্ৰজাবিলাকৰ মাজৰপৰা তাক উচ্ছন্ন কৰিম, তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 9 আৰু যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ কোনো বাক্য় কয়, তেন্তে মই যিহোৱাই সেই ভাব –বাদীক ভ্ৰান্ত কৰিলোঁ, আৰু মই তাৰ ওপৰলৈ হাত মেলি মোৰ প্ৰজা ইস্ৰায়েলৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম।
\v 10 এইদৰে তেওঁবিলাকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। ভাববাদীৰ গুৰিলৈ যোৱাটোৰ অপৰাধ আৰু ভাববাদীৰ অপৰাধ দুয়ো সমান হ’ব;
\v 11 ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁবিলাকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁবিলাক যেন মোৰ প্ৰজা হয়, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\p
\s5
\v 12 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 13 হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে, আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো, আৰু তালৈ আকাল পঠাই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ,
\v 14 তেন্তে, নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক তাত থাকিলেও, তেওঁবিলাকে নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব, এয়ে প্ৰভূ যিহোৱাৰ বচন।
\s5
\v 15 বা যদি সেই দেশৰ সকলো ফাললৈ হিংসক জন্তু পঠাই দিওঁ, আৰু সেইবোৰে তাক সন্তানহীন কৰে, আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ সেয়ে উচ্ছন্ন হয়,
\v 16 তেন্তে সেই তিনিজনলোক তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো বা জীহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।
\s5
\v 17 বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনি, হে তৰোৱাল, দেশৰ মাজেদি যা, এই বুলি কৈ মই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ,
\v 18 তেন্তে সেই তিনিজন লোক তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো বা জীহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব।
\s5
\v 19 বা যদি মই সেই দেশলৈ এক মহামাৰী পঠাওঁ, আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,
\v 20 তেন্তে, নোহ, দানিয়েল, আৰু ইয়োব তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো কি জীক উদ্ধাৰ নকৰিব, নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব।
\p
\s5
\v 21 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে,সেই দেশৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ মই যেতিয়া তৰোৱাল, আকাল, হিংসক জন্তু আৰু মহামাৰী মোৰ এই চাৰিওটা মহা-আপদ যিৰূচালেমৰ বিৰুদ্ধে পঠাম, তেতিয়া আৰু কিমান অসাধ্য হ’ব!
\s5
\v 22 তথাপি চোৱা, তাৰ মাজত ৰক্ষা পোৱা কেতবিলাক পুতেক আৰু জীয়েকক বাহিৰলৈ অনা যাব; চোৱা তেওঁবিলাক তোমালোকৰ ওচৰলৈ ওলাই আহিব, আৰু তোমালোকে তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁবিলাকৰ কাৰ্য্য দেখিবলৈ পাবা; তাতে যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে, তালৈ মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
\v 23 তোমালোকে তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য দেখিলে, তেওঁবিলাকে তোমালোকক শান্তনা দিব; কিয়নো তোমালোকে বুজিবা, যে, মই তাৰ মাজত কৰা একোকে বিনাকাৰণে কৰা নাই, এয়ে প্ৰভূ যিহোৱাৰ বাক্য।
\s দ্ৰাক্ষালতাৰ কাঠৰ উপমা।
\s5
\c 15
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
\v 3 কোনো কাৰ্য্য কৰিবলৈ মানুহে জানো তাৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুঁটি আনিব?
\v 4 চোৱা, তাক পুৰিবলৈ জুইত দিয়াৰ পাছত জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ ডেই গ’লে সেয়ে জানো কোনো কাৰ্য্যৰ যোগ্য হ’ব?
\s5
\v 5 চোৱা, সেয়ে সম্পৰ্ণ থাকোঁতেও কোনো কাৰ্য্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে ডেই গ’লে কোনো কামৰ নিমিত্তে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
\v 6 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে,কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীবিলাককো কৰিম।
\s5
\v 7 মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম; তেওঁবিলাক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুয়ে তেওঁবিলাকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁবিলাকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে, যিহোৱা, তাক তোমালোকে জানিবা।
\v 8 আৰু তেওঁবিলাকে সত্য লঙ্ঘন কৰা বাবে, মই দেশ উচ্ছন্ন কৰিম, ইয়াক যিহোৱাই কৈছে।
\s যিৰূচালেমক অসতী তিৰোতাৰ লগত তুলনা কৰা।
\s5
\c 16
\p
\v 1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্য্যবোৰ বুজুউৱা, আৰু কোৱা,
\v 3 প্ৰভূ যিহোৱাই যিৰূচালেমক কৈছে, তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াবিলাকৰ দেশ; তোমাৰ বাপেৰা ইমোৰীয়া আৰু তোমাৰ মাৰা হিত্তীয়া আছিল।
\s5
\v 4 তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল, বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল।
\v 5 তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল; কিন্তু তোমাৰ জন্মদিনা, তোমাৰ গা ঘিণলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল।
\p
\s5
\v 6 সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক কলোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক কলোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা।
\v 7 পাছে পথাৰত গজা তৃণৰ নিচিনাকৈ মই তোমাক অধিককৈ বঢ়ালোঁ, আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল হ’লা,আৰু অতি সুন্দৰী হ’লা; তোমাৰ স্তন পূৰ্ণ হ’ল, আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।
\s5
\v 8 তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা, তোমাৰ সময় প্ৰেমৰ সময়; এই নিমিত্তে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ; আৰু প্ৰভূ যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, তাতে তুমি মোৰ হ’লা।
\s5
\v 9 পাছে মই তোমাক পানীৰে ধুলোঁ, এনে কি, তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ।
\v 10 মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ, আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ।
\v 11 মই তোমাক অলঙ্কাৰেৰেও সঁজালোঁ, তোমাৰ হাতত খাৰু, আৰু ডিঙিত হাৰ দিলোঁ।
\v 12 মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।
\s5
\v 13 এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল, আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা।
\v 14 আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবিলাকৰ মাজত ব্যাপিল; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ নিমিত্তে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।।
\p
\s5
\v 15 কিন্তু তুমি নিজ সৌন্দৰ্য্যত নিৰ্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা, আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম্ম কৰিলা; তাৰহে ভোগ হ’ল।
\v 16 আৰু তুমি নিজৰ কেইখনমান কাপোৰ ললৈ, তাৰে নিজৰ নিমিত্তে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।
\s5
\v 17 মই তোমাক দিয়া মোৰ সোণ, আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ নিমিত্তে তাৰে পুৰুষাকৃতিৰ মুৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম্ম কৰিলা।
\v 18 আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা, আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা।
\v 19 প্ৰভূ যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল, আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা, আৰু সেইদৰেই হ’ল।
\s5
\v 20 ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীবিলাক লৈ, গ্ৰাস কৰিবৰ নিমিত্তে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্ম্মবোৰ সামান্য বিষয় আছিল নে,
\v 21 যে তুমি মোৰ সন্তানবিলাকক বধ কৰিলা, আৰু সেইবোৰৰ উদ্দেশ্যে সিহঁতক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা?
\v 22 তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যত আৰু বেশ্যাকৰ্ম্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।
\s5
\v 23 আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত(প্ৰভূ যিহোৱাই কৈছে, তোমাৰ সন্তাপ হ’ব, তোমাৰ সন্তাপ হ’ব),
\v 24 তুমি নিজৰ নিমিত্তে এক বেশ্যালয় সাজিলা, আৰু প্ৰত্যেক চকত নিজৰ নিমিত্তে এডোখৰ ওখ ঠাই কৰিলা।
\s5
\v 25 তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা, আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
\v 26 তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াবিলাকৰ লগতো তুমি বেশ্যাকৰ্ম্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।
\s5
\v 27 এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ, আৰু তোমাৰ বেশ্যা চাবৰ নিমিত্তে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াহঁতৰ জীয়াৰীবোৰৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ।
\v 28 তুমি তৃপ্ত নোহোৱাত অচূৰীয়াহঁতে সৈতেও বেশ্যাকৰ্ম্ম কৰিও তৃপ্ত নহ’লা।
\v 29 তুমি বাণিজ্যদেশ কলদীয়ালৈকে তোমাৰৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নহ’লা।
\p
\s5
\v 30 প্ৰভূ যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা তিৰোতাৰ দৰে এই আটাইবোৰ কাৰ্য্য কৰিছা;
\v 31 তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মান কৰিছা, আৰু তুমি বেশ্যা কৰ্ম্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।
\s5
\v 32 তুমি ব্যভিচাৰিণী, তোমাৰ পতিৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী।
\v 33 আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া, আৰু তোমাৰ লগত বেশ্যাকৰ্ম্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ নিমিত্তে সিহঁতক ভেঁটী দিয়া।
\v 34 বেশ্যাকৰ্ম্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্ম্মৰ এই কথাত আন তিৰোতাতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, এই দেখি তুমি বিপৰীত।
\p
\s5
\v 35 এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা;
\v 36 প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য্য কৰা বাবে, আৰু তোমাৰ প্ৰেমকাৰীবোৰৰ লগত কৰা তোমাৰ বেশ্যাকৰ্ম্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে, আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ, আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তানবিলাকৰ ৰক্তপাতৰ কাৰণে, চোৱা,
\v 37 তুমি যিবোৰৰ লগত আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক, আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই সিহঁতক গোটাম, আৰু সিহঁতে তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ সিহঁতৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।
\s5
\v 38 আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা তিৰোতাক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
\v 39 মই সিহঁতৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে সিহঁতে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব, আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; সিহঁতে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।
\s5
\v 40 সিহঁতে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব,
\v 41 এইদৰে অনেক তিৰোতাৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।
\v 42 মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তাতে তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব, আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
\s5
\v 43 তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্য্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা, প্ৰভূ যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম; আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
\p
\s5
\v 44 চোৱা, যোজনা দিয়া প্ৰতিজনে, মাক যেনে জীয়েক তেনে, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব।
\v 45 নিজ পতি আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাৰাৰ জীয়েক তুমি; নিজ পতি আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাৰা হিত্তীয়া, আৰু তোমালোকৰ বাপেৰা ইমোৰীয়া আছিল।
\s5
\v 46 তোমাৰ বায়েৰা নিজ জীয়েকহঁতে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰিয়া, আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকহঁতে সৈতে থকা চদোম।
\s5
\v 47 তথাপি তুমি সিহঁতৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা সিহঁতৰ ঘিণলগীয়া কাৰ্য্য অনুসাৰে যে কাৰ্য্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি সিহঁততকৈ অধিক ভ্ৰষ্টা হ’লা।
\v 48 প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ জীয়েৰাহঁতে কৰা নিচিনাকৈ তোমাৰ ভনীয়েৰা চদোমে আৰু তাইৰ জীয়েকহঁতে কৰা নাই।
\s5
\v 49 চোৱা, তোমাৰ ভনীয়েৰা চদোমৰ এই অপৰাধ আছিল, যে, তাইৰ আৰু তাইৰ জীয়েকহঁতৰ অহঙ্কাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল।
\v 50 সিহঁত গৰ্ব্বী আছিল, আৰু সিহঁতে মোৰ আগত ঘিণলগীয়া কাৰ্য্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি সিহঁতক দূৰ কৰিলোঁ।
\s5
\v 51 চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি সিহঁততকৈ তোমাৰ ঘিণলগীয়া কাৰ্য্য অধিক বৃদ্ধি কৰিলা, আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্ম্মিক পাতিলা।
\v 52 তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি সিহঁততকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই সিহঁত তোমাতকৈ অধিক ধাৰ্ম্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্ম্মিক পতাত নিজেও বিবৰ্ণ হোৱা, আৰু নিজ অপমান ভোগ কৰা।
\p
\s5
\v 53 আৰু সিহঁতলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্য্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ নিমিত্তে,
\v 54 মই সিহঁতৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীয়েকহঁতৰ আৰু সিহঁতৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
\v 55 আৰু জীয়েকহঁতে সৈতে চদোম আৰু জীয়েকহঁতে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীয়েৰাহঁতে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।
\s5
\v 56 তোমাৰ গৰ্ব্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদোমৰ নাম নোলাল।
\v 57 অৰামৰ জীয়াৰীবোৰে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছজ্ঞান কৰোঁতা পলেষ্টীয়াহঁতৰ জীয়াৰীবোৰে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্ত্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেই দিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল।
\v 58 যিহোৱাই কৈছে, তুমি নিজ ব্যভিচাৰৰ আৰু ঘিণলগীয়া কাৰ্য্যৰ ফল ভোগ কৰিছা।
\s5
\v 59 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা নিচিনাকৈয়ে মই তোমালৈ কাৰ্য্য কৰিছোঁ।
\p
\s5
\v 60 তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম, আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম।
\v 61 আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই সিহঁতক জীয়েৰাস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।
\s5
\v 62 আৰু প্ৰভূ যিহোৱাই কৈছে, তুমি কৰা সকলো কাৰ্য্যৰ নিমিত্তে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ, আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম;
\v 63 তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।
\s চিদিকিয়াই শপত লঙ্ঘন কৰা আৰু তাৰ ফল।
\s5
\c 17
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ বংশৰ আগত এটা নিগূঢ় বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।
\v 3 তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, নানা বৰণৰ পাখিৰে ভৰা, ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ কুৰৰ পক্ষীয়ে লিবানোনলৈ আহি এৰচ গছজোপাৰ আগডোখৰ লৈ গ’ল।
\v 4 সি তাৰ পোখাবোৰৰ মাজৰ সকলোতকৈ ওখ পোখাটি ছিঙি বাণিজ্যদেশলৈ লৈ গৈ, বেপাৰীবিলাকৰ নগৰত তাক ৰাখিলে।
\s5
\v 5 সি দেশৰ গুটিৰ মাজৰ এটি গুটিও লৈ উৰ্ব্বৰা মাটিত ৰুলে; সি জলসমূহৰ কাষত তাক থলে; সি বাইশী গছ হ’ব বুলি তাক ৰুলে।
\v 6 পাছে সেয়ে গজি বাঢ়ি, যাৰ ডালবোৰে সেই কুৰৰ পক্ষীৰ ফাললৈ মুখ কৰিছিল, আৰু যাৰ শিপাবোৰ তাৰ তলত আছিল, এনে চাপৰ আৰু ব্যাপি যোৱা এডাল দ্ৰাক্ষালতা হ’ল; সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডাল মেলিলে আৰু পোখালে।
\p
\s5
\v 7 ডাঙৰ ডেউকা আৰু বহুত পাখি থকা আন এটা কুৰৰ পক্ষী আছিল; আৰু চোৱা, সি পানী দিবৰ নিমিত্তে, এই দ্ৰাক্ষালতাই নিজকে ৰোৱা ভেটিৰ পৰা তাৰ ফাললৈ শিপা মেলিলে, আৰু তাৰ ফাললৈ ডালবোৰ ঢাল খুৱালে।
\v 8 সেয়ে ডাল মেলি আৰু ফল ধৰি উত্তম দ্ৰাক্ষালতা হ’বৰ নিমিত্তে, বহু জলসমূহৰ ওপৰত সুন্দৰ মাটিত তাক ৰোৱা হৈছিল।
\s5
\v 9 তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, সেয়ে উন্নতি লাভ কৰিব নে? সেয়ে শুকাবৰ নিমিত্তে, নতুনকৈ ওলোৱা তাৰ আটাই পাত লেৰেলা পৰিবৰ নিমিত্তে তেওঁ জানো তাৰ শিপাবোৰ নুঘালিব, আৰু তাৰ গুটিবোৰ নাকাটিব? তাৰ শিপাই সৈতে তাক উঘালিবলৈ অধিক বল কি অনেক মানুহ নালাগিব।
\v 10 চোৱা, সেয়ে ৰোপিত হ’লেও উন্নতি লাভ কৰিব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে নুশুকাবনে? সেযে গজা ভেটিতে শুকাই যাব।
\p
\s5
\v 11 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,
\v 12 তুমি সেই বিদ্ৰোহী বংশক কোৱা, এইবোৰৰ অৰ্থ কি, তাক জানো তোমালোকে নাজানা? তেওঁবিলাকক কোৱা, চোৱা, বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজা আৰু তাৰ অধ্যক্ষবিলাকক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ গ’ল।
\s5
\v 13 আৰু তেওঁ ৰাজবংশীয় এজনক লৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে।
\v 14 ৰাজ্যখন যেন সামান্য হয়, নিজকে যেন বৰ বুলি নামানে, কিন্তু তেওঁৰ নিয়মটি পালন কৰাৰ দ্বাৰাই যেন থাকিব পাৰে, এই নিমিত্তে তেওঁসেই জনক শপতৰ অধীনো কৰিলে, আৰু দেশৰ বীৰ বিলাকক লৈ গ’ল।
\s5
\v 15 কিন্তু তেওঁ মিচৰীয়াহঁতৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ মনেৰে মিচৰলৈ নিজ দূত পঠাই তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ জানে নিয়মটি ভাঙিও ৰক্ষা পাব?
\v 16 প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, যি ৰজাই তেওঁক ৰজা পাতিলে, যেৰ শপত তেওঁ তুচ্ছ কৰিলে, আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, সেই ৰজা থকা ঠাইত বাবিলৰমাজত তেওঁৰ তাতেই তেওঁ মৰিব।
\s5
\v 17 অনেক লোকক উচ্ছন্ন কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্যসামন্ত আৰু মহাদলে সৈতে ৰণত তেওঁৰ উপকাৰ কৰিব নোৱাৰিব।
\v 18 কিয়নো তেওঁ নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাত যোৰ কৰাৰ পাছেও, এই আটাই কাৰ্য্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
\s5
\v 19 এই কাৰণে প্ৰভূ যিহোৱাই এই কথা কৈছে,মোৰ জীৱনৰ শপত, তেওঁ তুচ্ছ কৰা মোৰ শপতটোৰ আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ ফল মই নিশ্চয়ে তেওঁৰ মূৰত ফলিওৱাম।
\v 20 আৰু মই তেওঁৰ ওপৰত মোৰ জাল মেলিম, আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব; তাতে মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ নিমিত্তে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।
\v 21 তেওঁৰ সকলো দলৰ আটাই পলৰীয়া লোক তৰোৱালত মৰা পৰিব, আৰু অৱশিষ্টবোৰক চাৰিওফালে বায়ুত উড়ুৱাই দিয়া যাব; তাতে মই যিহোৱায়েই যে এই কথা কলোঁ, তাক তোমালোতকে জানিবা।
\p
\s5
\v 22 প্ৰভূ যিহোৱাই এই কথা কৈছে, ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম।
\v 23 ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰোম; তাতে সি ডাল মেলি ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব, আৰু সকলো বিধৰ চৰায়ে তাৰ তলত বাস কৰিব, তাৰ ডালবোৰৰ ছাঁতেই সিহঁতে বাস কৰিব।
\s5
\v 24 আৰু মই যিহোৱায়েই যে ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ, কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ, ইয়াক পথাৰৰ আটাইবোৰ গছে জানিব মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।
\s প্ৰতিজন মানুহে নিজৰ দোষত দণ্ড পোৱা উচিত।
\s5
\c 18
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খালে পুতেকহঁতৰ দাঁত টেঙায়, এইবুলি ইস্ৰায়েল দেশৰ তোমালোকে যে যোজনা দিয়া, তাৰ অৰ্থ কি?
\s5
\v 3 প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু নাপাবা।
\v 4 চোৱা, আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব।
\p
\s5
\v 5 যদি কোনো মানুহ ধাৰ্ম্মিক হয়, যি উচিত আৰু ন্যায় তাকে তেওঁ কৰে,
\v 6 পৰ্ব্বতবোৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, বা নিজ ওচৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে, নাইবা কোনো তিৰোতা অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ নাযায়, আৰু কাকো অন্যায় নকৰে,
\s5
\v 7 কিন্তু ধৰুৱাক তাৰ বন্ধক ওলোটাই দিয়ে, কাৰো বস্তু বলেৰে কাঢ়ি নলয়, ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে,
\v 8 আৰু নাঙঠাক কাপোৰেৰে ঢাকে, সুতলৈ ধাৰ নিদিয়ে, নাইবা বাঢ়ি নলয়, অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰে, মোৰ বিধিবোৰত চলে,
\v 9 আৰু যথাৰ্থ কাৰ্য্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্ম্মিক, প্ৰভূ যিহোৱাই কৈছে, তেওঁহে অৱশ্যে জীয়াই থাকিব।
\p
\s5
\v 10 আৰু যদি কোনো মানুহৰ ঔৰসত এটা পুতেক জন্ম হৈ, সি ডকা দিয়া ৰক্তপাত কৰা আদি কোনো কাৰ্য্য কৰে,
\v 11 আৰু সেইবোৰ কৰ্ত্তব্য কৰ্ম্মৰ কোনো কৰ্ত্তব্য কৰ্ম্ম নকৰে, কিন্তু পৰ্ব্বতবোৰত ভোজন কৰে, নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰে,
\s5
\v 12 দুখী-দৰিদ্ৰক অন্যায় কৰে, বলেৰে কাঢ়ি লয়, বন্ধক ওলোটাই নিদিয়ে, মুৰ্ত্তিবোৰলৈ চকু তোলে, ঘিণলগীয়া কাৰ্য্য কৰে,
\v 13 সুতলৈ ধাৰ দিয়ে, আৰু বাঢ়ি লয়, তেনেহলে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব; সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য্য কৰে; সি অৱশ্যে মৰিব, আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ গাত থাকিব।
\p
\s5
\v 14 আৰু চোৱা, যি পুতেকে, বাপেকে কৰা সকলো পাপ দেখিও ভয় কৰে তেনে কাৰ্য্য নকৰে,
\v 15 পৰ্ব্বতবোৰৰ ওপৰত ভোজন নকৰে, বা ইস্ৰায়েল বংশৰ মুৰ্ত্তিবোৰলৈ চকু নোতোলে, তেওঁৰ চুবুৰীয়াৰ তিৰোতাক অশুচি নকৰে,
\s5
\v 16 বা কাকো অন্যায় নকৰে, বন্ধকৰ নিমিত্তে একো নলয়, নাইবা বলেৰে কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে,
\v 17 দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা বাঢ়ি নলয়, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, মোৰ বিধিবোৰত চলে, এনে পুতেক যদি সেই মানুহৰ ঔৰসত জন্ম হয়, তেন্তে সেই পুতেক নিজৰ বাপেকৰ অপৰাধৰ নিমিত্তে নমৰিব; তেওঁ অৱশ্যে জীয়াই থাকিব।
\s5
\v 18 তেওঁৰ বাপেকৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাৰ, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাৰ, আৰু নিজৰ লোকবিলাকৰ মাজত, যি ভাল নহয়, তাকে কৰাৰ কাৰণে, চোৱা, তেওঁ নিজ অপৰাধৰ নিমিত্তে মৰিব।
\s5
\v 19 তথাপি তোমালোকে কোৱা, পুতেকে বাপেকৰ অপৰাধৰ ভাৰ কিয় নবয়? যেতিয়া পুতেকে উচিত আৰু ন্যায় কাৰ্য্য কৰে, মোৰ সকলো বিধি পালন কৰে, আৰু সেইবোৰৰ মতে কৰ্ম্ম কৰে, তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব।
\v 20 পাপ কৰা প্ৰাণীহে মৰিব; পুতেকে বাপেকৰ, বাপেকে পুতেকৰ অপৰাধৰৰ ভাৰ নবব; ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতা ধাৰ্ম্মিকৰ গাত, আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
\s5
\v 21 কিন্তু যদি দুষ্টই নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে, উচিত আৰু ন্যায় সকলো কাৰ্য্য কৰে, তেন্তে সি অৱশ্যে জীয়াই থাকিব, নমৰিব।
\v 22 সি কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি নিজ ধাৰ্ম্মিকতাৰ নিমিত্তেহে জীয়াই থাকিব।
\s5
\v 23 প্ৰভূ যিহোৱাই কৈছে, দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকিব, ইয়াত সন্তুষ্ট নহৈ তাৰ মৃত্যুত জানো মই কোনো সন্তুষ পাওঁ?
\s5
\v 24 কিন্তু যদি ধাৰ্ম্মিকে তেওঁৰ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু দুষ্টই কৰা আটাই ঘিণলগীয়া কাৰ্য্যৰ দৰে কাৰ্য্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰৰ কোনোটোকে সোঁৱৰণ কৰা নাযাব, তেওঁ কৰা অপৰাধতেই, আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।
\p
\s5
\v 25 তথাপি তোমালোকে কোৱা, প্ৰভূৰ পথ সমান নহয়; হে ইস্ৰায়েল বংশ, বাৰু, শুনা, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়?
\v 26 ধাৰ্ম্মিক লোকে যদি নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, আৰু তাত মৰে, তেন্তে তেওঁ কৰা অপৰাধতেই মৰে।
\s5
\v 27 আকৌ দুষ্টই যদি সি কৰা দুষ্কৰ্ম্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেন্তে সি নিজ প্ৰাণ জীয়াই ৰাখিব।
\v 28 সি বিবেচনা কৰি সি কৰা আটাই দুষ্কৰ্ম্মৰ পৰা ঘূৰাত, সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব।
\s5
\v 29 তথাপি ইস্ৰায়েল বংশই কয়, প্ৰভূৰ পথ সমান নহয়, হে ইস্ৰায়েল বংশ, মোৰ পথহে সমান নহয়নে? তোমালোকৰ পথহে জানো অসমান নহয়?
\v 30 এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম। তোমালোক ওলোটা, আৰু তোমালোকৰ সকলো অধৰ্ম্মৰ পৰা ঘূৰা; তাতে অপৰাধ তোমালোকৰ সৰ্ব্বনাশৰ কাৰণ নহ’ব।
\s5
\v 31 যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধ তোমালোকৰ পৰা দূৰ কৰা, আৰু তোমালোকৰ নিজ নিজৰ নিমিত্তে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, কিয় তোমালোক মৰিবা?
\v 32 কিয়নো, প্ৰভূ যিহোৱাই কৈছে, কোনো লোক মৰিলে মই তাৰ মৃত্যুত সন্তোষ নাপাওঁ। এই হেতুকে তোমালোক ঘূৰি জীয়াই থাকা।
\s যিহূদাৰ অধিপতিবিলাকৰ বিষয়ৰ বিলাপ।
\s5
\c 19
\p
\v 1 তুমি ইস্ৰায়েলৰ অধিপতিবিলাকৰ বিষয়ে বিলাপ আৰাম্ভ কৰা,
\v 2 আৰু কোৱা, তোমাৰ মাৰা কি আছিল? তাই এজনী সিংহী; তাই সিংহবোৰৰ মাজত শুইছিল, তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।
\v 3 তাই নিজৰ পোৱালিবোৰৰ মাজৰ এটা পোৱালি তোলাত, সি ডেকা সিংহ হৈ উঠিল; আৰু সি চিকাৰ ধৰিবলৈ শিকি মানুহ খালে।
\v 4 জাতিবিলাকে তাৰ বিষয়ে শুনাত, সি সিহঁতৰ গাঁতত ধৰা পৰিল, আৰু সিহঁতে তাৰ নাকত হাঁকোটা লগাই মিচৰ দেশলৈ নিলে।
\s5
\v 5 যেতিয়া তাই দেখিলে; যে, তাই বাট চাই থাকোঁতে থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।
\v 6 সি সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে কৰোঁতে ডেকা সিংহ হৈ উঠিল; সি চিকাৰ ধৰিবলৈ শিকি মানুহ খালে।
\v 7 সি সিহঁতৰ অট্টালিকাবোৰ চিনি পাইছিল, আৰু সিহঁতৰ নগৰবোৰ ধ্বংস কৰিছিল; তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল।
\s5
\v 8 তেতিয়া জাতিবিলাকে প্ৰদেশবোৰৰ পৰা সকলো ফালে তাক আক্ৰমণ কৰিলে, আৰু সিহঁতে তাৰ ওপৰত সিবিলাকৰ জাল মেলিলে; সি সিহঁতৰ গাঁতত ধৰা পৰিল।
\v 9 সিহঁতে তাৰ নাকত হাঁকোটা লগাই সজাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ নিলে; ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ সিহঁতে তাক দুৰ্গম ঠাইত ৰাখিলে।
\p
\s5
\v 10 তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাৰা জলসমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰুপ আছিল; সেয়ে বহু জলসমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।
\v 11 আৰু তাৰ শকত ডালবোৰ শাসনকৰ্ত্তাবিলাকৰ ৰাজদণ্ডৰ যোগ্য আছিল; সেয়ে বাঢ়ি ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু অধিক ডাল আৰু ওখৰ কাৰণে তাক ভালকৈ দেখা গ’ল।
\s5
\v 12 কিন্তু ক্ৰোধত তাক উঘালি মাটিত পেলোৱা হ’ল, আৰু পূবৰ বতাহে তাৰ ফল শুকুৱালে তাৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ অন্ত কৰিলে।
\v 13 এতিয়া তাক অৰণ্যত, খৰাং আৰু শুকান দেশত ৰোৱা হৈছে।
\s5
\v 14 আৰু তাৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাৰ ফল এনেকৈ গ্ৰাস কৰিলে, যে, শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাৰ মাজত আৰু নাথাকিল। এয়ে বিলাপ, আৰু বিলাপৰ অৰ্থে হ’ব।
\s ইস্ৰায়েলৰ পূৰ্ব্বৰ আৰু বৰ্ত্তমানৰ বিপথ-গমন, তাৰ দণ্ড, আৰু তেওঁবিলাকৰ ভাবী নিস্তাৰ।
\s5
\c 20
\p
\v 1 সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ বৃদ্ধবিলাকৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
\s5
\v 2 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 3 হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ বৃদ্ধকেইজনে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে মোক সুধিবলৈ আহিছা নে? প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।
\s5
\v 4 হে মনুষ্য় সন্তান, তুমি তেওঁবিলাকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ ঘিণলগীয়া কাৰ্য্যবোৰ তেওঁবিলাকক জানিবলৈ দিয়া, আৰু তেওঁবিলাকক কোৱা।
\v 5 প্ৰভূ যিহোৱাই এই কথা কৈছে, মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ, আৰু যাকোবৰ বংশৰ সন্তানবিলাকৰ পক্ষে হাত দাঙি শপত কৰিছিলোঁ, আৰু মই তোমালোকৰ ঈশ্বৰ যিহোৱা বুলি কৈ তেওঁবিলাকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁবিলাকক চিনাকি দিছিলোঁ,
\v 6 সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁবিলাকৰ নিমিত্তে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁবিলাকক উলিয়াই নিম বুলি তেওঁবিলাকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁবিলাকক কৈছিলোঁ,
\s5
\v 7 তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা, আৰু মিচৰৰ মুৰ্ত্তিবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা।
\s5
\v 8 কিন্তু তেওঁবিলাকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল; তেওঁবিলাকে তেওঁবিলাকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ মুৰ্ত্তিবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁবিলাকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
\v 9 কিন্তু মিচৰ দেশৰ পৰা তেওঁবিলাকক উলিয়াই অনাৰ দ্বাৰাই তেওঁবিলাক থকা যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ মোৰ নামৰ নিমিত্তে, উদ্দেশ্যে মোৰ কাৰ্য্য কৰিলোঁ।
\p
\s5
\v 10 মই তেওঁবিলাকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
\v 11 আৰু যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ, আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁবিলাকক দেখুৱালোঁ।
\v 12 ইয়াৰ বাহিৰে, মই যে তেওঁবিলাকক পবিত্ৰ কৰোঁতা যিহোৱা, তাক তেওঁবিলাকে জানিবৰ নিমিত্তে মোৰ আৰু তেওঁবিলাকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
\s5
\v 13 কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে; তেওঁবিলাকে মোৰ বিধিমতে নচলিলে, আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰামদিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁবিলাকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
\v 14 কিন্তু যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক উলিয়াই আনিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ নিমিত্তে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য্য কৰিলোঁ।
\s5
\v 15 ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁবিলাকক দান কৰা দেশৰ মাজলৈ তেওঁবিলাকক নিনিও বুলি মই অৰণ্যত তেওঁবিলাকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ;
\v 16 কাৰণ তেওঁবিলাকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁবিলাকৰ মন তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছিল।
\v 17 তথাপি মই তেওঁবিলাকলৈ কৃপাদৃষ্টি কৰি তেওঁবিলাকক বিনষ্ট নকৰিলোঁ, আৰু অৰণ্যত তেওঁবিলাকক নিঃশেষে সংহাৰ নকৰিলোঁ।
\p
\s5
\v 18 আৰু অৰণ্যত মই তেওঁবিলাকৰ সন্তানবিলাকক কলোঁ, তোমালোকে তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ বিধিবোৰত নচলিবা, বা তেওঁবিলাকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁবিলাকৰ মুৰ্ত্তিবোৰেৰে তোমালোকক অশুচি নকৰিবা।
\v 19 ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য্য কৰা।
\v 20 আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, তাক তোমালোকে জানিবৰ নিমিত্তে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।
\s5
\v 21 কিন্তু সেই সন্তানবিলাকে মোৰ অহিতে বিদ্ৰোহ কৰিলে; তেওঁবিলাকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসনপ্ৰণালীবোৰ তেওঁবিলাকে পালন নকৰিলে: তেওঁবিলাকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তাতে মই অৰণ্যত তেওঁবিলাকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
\v 22 তথাপি, যি জাতিবিলাকৰ সাক্ষাতে মই তেওঁবিলাকক উলিয়াই আনিছিলোঁ, সেই জাতিবিলাকৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ নিমিত্তে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য্য কৰিলোঁ।
\s5
\v 23 ইয়াত বাজে, জাতিবিলাকৰ মাজত তেওঁবিলাকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁবিলাকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁবিলাকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ;
\v 24 কাৰণ তেওঁবিলাকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে আৰু তেওঁবিলাকৰ চকু তেওঁবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ মুৰ্ত্তিবোৰত আসক্ত থাকিল।
\s5
\v 25 ইয়াত বাজেও, যি বিধি ভাল নহয়, আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁবিলাকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁবিলাকক দিলোঁ।
\v 26 মই যে যিহোৱা, ইয়াক যেন তেওঁবিলাকে জানিব, এই নিমিত্তে মই তেওঁবিলাকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা আটাইকে তেওঁবিলাকে জুইৰ মাজেদি গমন কৰোৱাৰ দ্বাৰাই, তেওঁবিলাকক তেওঁবিলাকৰ উপহাৰেৰে অশুচি কৰিলোঁ।
\p
\s5
\v 27 এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশই সৈতে কথা হৈ তেওঁবিলাকক এই কথা কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষবিলাকে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে।
\v 28 কিয়নো যি দেশ তেওঁবিলাকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁবিলাকক আনিলোঁ, তেতিয়া তেওঁবিলাকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত, আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁবিলাকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
\v 29 তাতে মই তেওঁবিলাকক কলোঁ, যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” [ওখ ঠাই] নামেৰে প্ৰসিদ্ধ।
\p
\s5
\v 30 এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ নিচিনাকৈ তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁবিলাকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
\v 31 আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তানবিলাকক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই মুৰ্ত্তিৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাললোকক মোক সুধিবলৈ নিদিওঁ।
\v 32 আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবিলাক দেশে-বিদেশে থকা গোষ্ঠীবিলাকৰেই নিচিনা হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব।
\s5
\v 33 প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
\v 34 পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
\v 35 মই তোমালোকক জাতিবিলাকৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
\s5
\v 36 প্ৰভূ যিহোৱাই কৈছে, মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ লগত প্ৰতিবাদ কৰা নিচিনাকৈ তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।
\v 37 আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম, আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
\v 38 আৰু মই বিদ্ৰোহীহঁতক, আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাবোৰক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; সিহঁতে প্ৰবাস কৰা দেশৰ পৰা মই সিহঁতক উলিয়াম, কিন্তু সিহঁত ইস্ৰায়েল দেশত নোসোমাব¨ তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।
\s5
\v 39 হে ইস্ৰায়েল-বংশ, প্ৰভূ যিহোৱাই এইদৰে কৈছে, তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ মুৰ্ত্তিবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা, আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ মুৰ্ত্তিৰে তোমালোকে আৰু অশুচি নকৰিবা।
\p
\s5
\v 40 কিয়নো, প্ৰভূ যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁবিলাকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁবিলাকক গ্ৰহণ কৰিম, আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ, আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
\v 41 যেতিয়া মই তোমালোকক জাতিবিলাকৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
\s5
\v 42 যি দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া নিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\v 43 আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য তাত তোমালোকে মনত কৰিবা, আৰু তোমালোকে কৰা সকলো কুকৰ্ম্মৰ নিমিত্তে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
\v 44 আৰু প্ৰভূ যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু আচৰণ বা তোমালোকৰ দুষ্কৰ্ম্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\s প্ৰতিকাৰ সাধিবলগা যিহোৱাৰ তৰোৱাল।
\p
\s5
\v 45 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,
\v 46 হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
\v 47 আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, যিহোৱাৰ বাক্য শুনা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম, আৰু সেই জুয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব, আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব;
\s5
\v 48 তাতে, মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকোল মত্ত্যই তাক জানিব; তাক নুমৱা নহ’ব।
\v 49 তেতিয়া মই কলোঁ, হায় হায়, প্ৰভূ যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে?
\s5
\c 21
\p
\v 1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰস্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা আৰু ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
\v 3 তুমি ইস্ৰায়েল দেশক কোৱা, যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ বিপক্ষ; মই ফাকৰ পৰা মোৰ তৰোৱাল উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম।
\s5
\v 4 মই ধাৰ্ম্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেই নিমিত্তেই দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ফাকৰ পৰা ওলাব।
\v 5 আৰু মই যিহোৱায়েই যে ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব ই পুনৰায় নুলটিব।
\s5
\v 6 এই হেতুকে হে মনুষ্য সন্তান, হুমুনিয়াহ পেলোৱা, কঁকাল ভগাকৈ আৰু মনৰ বেজাৰেৰে সৈতে তেওঁবিলাকৰ আগত হুমুনিয়াহ পেলোৱা।
\v 7 তাতে, কিয় তুমি হুমুনিয়াহ পেলাইছা? এইবুলি যেতিয়া তেওঁবিলাকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে, আৰু প্ৰত্যেকৰ হৃদয় দ্ৰৱ হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা, প্ৰভূ যিহোৱাই কৈছে, সেয়ে আহিছে, আৰু সকলো সিদ্ধ হ’ব।
\p
\s5
\v 8 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 9 হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, যিহোৱাই এই কথা কৈছে, তুমি কোৱা, তৰোৱাল! তৰোৱাল! তাক ধাৰ দিয়া আৰু মজাও হৈছে।
\s5
\v 10 বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হৈছে, বিজুলীৰ নিচিনা হ’বৰ নিমিত্তে তাক মজা হৈছে তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে।
\v 11 তাক হাতত ল’বৰ নিমিত্তে, তেওঁ তাক মাজিবলৈ আজ্ঞা দিছে; বধ কৰোঁতাৰ হাতত দিবৰ নিমিত্তে তৰোৱালখন ধাৰ দিয়া হৈছে, এনে কি মজাও হৈছে।
\s5
\v 12 হে মনুষ্য সন্তান, চিঞৰি কন্দা আৰু হাহাকাৰ কৰা; কিয়নো সেয়ে মোৰ প্ৰজাবিলাকৰ আৰু ইস্ৰায়েলৰ আটাই অধ্যক্ষবিলাকৰ ওপৰলৈ আহিল; তেওঁবিলাকক মোৰ প্ৰজাবিলাকে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।
\v 13 কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতো দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব? এয়ে প্ৰভূ যিহোৱাৰ বচন।
\s5
\v 14 এই হেতুকে হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা, আৰু হাত তালি দিয়া; তৰোৱাল –খনে অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক; সেয়ে সিহঁতৰ ভিতৰ-কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল।
\s5
\v 15 তেওঁবিলাকৰ হৃদয় দ্ৰৱ হ’বৰ নিমিত্তে আৰু তেওঁবিলাকৰ উজুটি খাই পৰা লোক সৰহ হ’বৰ নিমিত্তে এই তৰোৱালখনৰ আগটো তেওঁবিলাকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ; হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ নিমিত্তে তাক ধাৰ দিয়া হ’ল।
\v 16 হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা, যুগুত হৈ বাওঁফালে ঘূৰা; যি ফাললৈ তুমি মুখ কৰি আছা, সেই ফাললৈ গমন কৰা।
\v 17 ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱায়েই ইয়াক কলোঁ।
\p
\s5
\v 18 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 19 হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ নিমিত্তে তুমি দুটা পথ আঁকা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।
\v 20 তৰোৱালখন অম্মোনৰ সন্তানবিলাকৰ ৰব্বা নগৰলৈ আহিবৰ নিমিত্তে এটা পথ, আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত যিৰূচালেম নগৰলৈ আহিবৰ নিমিত্তে এটে পথ তুমি আঁকা।
\s5
\v 21 কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হৈছে, তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিলে, গৃহ দেৱতাবোৰক সুধিলে, আৰু আগ মঙহ চালে।
\v 22 পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ নিমিত্তে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল।
\v 23 আৰু সিহঁতৰ আগত শপত খোৱাবিলাকৰ মানত সেই মঙ্গলচোৱা কাৰ্য্যটো বৃথা হ’ব¨ কিন্তু তেওঁবিলাক ধৰা পৰিবৰ নিমিত্তে তেওঁ অপৰাধ সোঁৱৰণ কৰাব।
\p
\s5
\v 24 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই কাৰ্য্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ল; এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম্ম সোঁৱৰণ কৰালা, আৰু তোমালোকলৈ মোৰ মনত পৰিল; এতেকে তোমালোক ধৰা পৰিবা।
\s5
\v 25 অন্তজনক অপৰাধৰ কালত দিন উপস্থিত হোৱা হত হ’বলগীয়া ইস্ৰায়েলৰ অধিপতি হে দুষ্ট,
\v 26 প্ৰভূ যিহোৱাই এই কথা কৈছে, পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা; এইবোৰ আৰু নাথাকিব, চাপৰক ওখ কৰা হ’ব, আৰু ওখক চাপৰ কৰা হ’ব।
\v 27 মই নষ্ট কৰিম, নষ্ট কৰিম, নষ্ট কৰিম; স্বত্ব থকা জনা নহালৈকে নিশ্চয়েএইবোৰ আৰু নাথাকিব; আৰু মই এইবোৰ সেই জনাক দিম।
\p
\s5
\v 28 হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই অম্মোনৰ সন্তানবিলাকৰ, আৰু সিহঁতে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে, তুমি কোৱা, অন্তজনক অপৰাধৰ সময়ত দিন উপস্থিত হোৱা হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ,
\v 29 সিহঁতে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত, তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ নিমিত্তে তাক সজা হৈছে।
\s5
\v 30 তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম।
\v 31 আৰু মই তোমাৰৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকবিলাকৰ হাতত তোমাক শোধাই দিম।
\s5
\v 32 তুমি জুইৰ খৰিস্বৰূপ হ’বা; দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব; তোমাক আৰু সোঁৱৰণ কৰা নাযাব; কিয়নো মই যিহোৱাই ইয়াক কলোঁ।
\s অপৰাধী ইস্ৰায়েলৰ ঘটিব লগা দণ্ড।
\s5
\c 22
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য্য তাইক বুজুউৱা।
\v 3 আৰু তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, ই কেনেকুৱা নগৰী, যে, নিজৰ সময় আহিবৰ নিমিত্তে নিজৰ মাজত ৰক্তপাত কৰে, আৰু নিজকে অশুচি কৰিবলৈ নিজৰ নিমিত্তে মুৰ্ত্তি নিৰ্ম্মান কৰে।
\s5
\v 4 হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী হ’লা, আৰু তুমি নিৰ্ম্মান কৰা তোমাৰ মুৰ্ত্তি -বোৰৰ দ্বাৰাই তুমি অশুচি হ’লা; আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবিলাকৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্ৰোপৰ বিষয় কৰিম।
\v 5 হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।
\s5
\v 6 চোৱা, ইস্ৰায়েলৰ অধ্যক্ষবিলাকে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
\v 7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে; তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
\v 8 তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা।
\v 9 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে, তোমাৰ মাজত ব্যভিচাৰ কৰে,
\s5
\v 10 তোমাৰ মাজত পিতৃবিলাকৰ উলঙ্গতা প্ৰকাশ কৰে, তোমাৰৰ মাজত ঋতু-স্নান হোৱা তিৰোতাক বলৎকাৰ কৰে।
\v 11 কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ তিৰোতাৰে সৈতে ঘিণলগীয়া কাৰ্য্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কু-কৰ্ম্মৰে অশুচি কৰে, আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলৎকাৰ কৰে।
\v 12 ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়; তুমি সুত আৰু বাঢ়ি লওঁতা, আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\p
\s5
\v 13 এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি কৰা ৰক্তপাতত মই হাত তালি দিছোঁ।
\v 14 মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।
\v 15 মই জাতিবিলাকৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ অশৌচ দূৰ কৰিম।
\v 16 আৰু তোমাক জাতিবিলাকৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব; আৰু মই যে যিহোৱা, তাক তুমি জানিবা।
\p
\s5
\v 17 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 18 হে মনুষ্য সন্তান, ইস্ৰায়ল বংশ মোৰ দৃষ্টিত ভাঁজস্বৰূপ হ’ল; তেওঁবিলাক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁবিলাক ৰূপৰ ভাঁজস্বৰূপ।
\v 19 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সকলোৱেই ভাঁজস্বৰূপ হোৱাৰ বাবে নিমিত্তে চোৱা, মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।
\s5
\v 20 মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ নিমিত্তে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ নিচিনাকৈ মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম, আৰু তোমালোকক তাত পেলাই গলাম।
\v 21 এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
\v 22 মূহীৰ মাজত ৰূপ গলা নিচিনাকৈ তাৰ মাজত তোমালোক গলিবা; তাতে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা।
\p
\s5
\v 23 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 24 হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ।
\v 25 তাৰ মাজত তাৰ ভাববাদীবোৰে চক্ৰান্ত কৰিছে; সিহঁতে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; সিহঁতে মনুষ্যক গ্ৰাস কৰে; সিহঁতে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; সিহঁতে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
\s5
\v 26 তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; সিহঁতে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; সিহঁতে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা সিহঁতৰ চকু ঢাকে, আৰু মই সিহঁতৰ মাজত অপবিত্ৰীকৃত হ’লোঁ।
\v 27 অন্যায় লাভ কৰিবৰ নিমিত্তে ৰক্তপাত কৰিবলৈ, আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যবিলাক চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
\v 28 যিহোৱাই নোকোৱাকৈয়ে প্ৰভূ যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীবোৰে কৈ, অনৰ্থক দৰ্শন দেখি, আৰু তেওঁবিলাকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁবিলাকৰ নিমিত্তে চূণেৰে লিপে।
\s5
\v 29 দেশৰ প্ৰজাবিলাকে উপদ্ৰপ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে, আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
\s5
\v 30 আৰু মই দেশ নষ্ট নকৰিবৰ নিমিত্তে, চাৰিওফালে গড় নিৰ্ম্মান কৰিব পৰা, আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁবিলাকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
\v 31 এই হেতুকে মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁবিলাকক সংহাৰ কৰিম; প্ৰভূ যিহোৱাই কৈছে, মই তেওঁবিলাকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁবিলাকৰ মূৰত ফলিওৱাম।
\s অহলা আৰু অহলীবা নামেৰে দুজনী তিৰোতাৰ দৃষ্টান্ত।
\s5
\c 23
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, দুজনী তিৰোতা আছিল; সিহঁত একেজনী মাকৰে জীয়েক।
\v 3 সিহঁতে মিচৰত বেশ্যাকৰ্ম্ম কৰিছিল, যৌৱন কালতেই বেশ্যাকৰ্ম্ম কৰিছিল; তাত সিহঁতৰ পিয়াহ মোচৰা হৈছিল আৰু তাত সিহঁতৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
\v 4 সিহঁতৰ মাজৰ বৰ জনীৰ নাম অহলা [তম্বু], আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা [তাইৰ মাজত মোৰ তম্বু ]; সিহঁত মোৰ হ’ল আৰু সিহঁতে পো-জী প্ৰসৱ কৰিলে। সিহঁতৰ নামে এই বুজায়, অহলা চমৰীয়া, আৰু অহলীবা যিৰূচালেম।
\p
\s5
\v 5 অহলা মোৰ হৈয়ো, তাই বেশ্যাকৰ্ম্ম কৰিলে; নীলবস্ত্ৰ পিন্ধা, দেশাধিপতি আৰু শাসনকৰ্ত্তা হোৱা তাইৰ ওচৰ-চুবুৰীয়া অচূৰ দেশৰ প্ৰেমকাৰীবোৰত তাই আসক্ত হ’ল;
\v 6 সিহঁত সকলোৱেই মনোহৰ যুৱা, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী।
\v 7 তাই সিহঁতে সৈতে বেশ্যাকৰ্ম্ম কৰিলে; সিহঁত আটাইবোৰ অচূৰৰ মনোনীত লোক; আৰু তাই যিবোৰত আসক্ত হ’ল, সিহঁতৰ আটাই মুৰ্ত্তিৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
\s5
\v 8 মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাই; কিয়নো তাইৰ যৌৱন কালত সিহঁতেই তাইৰ লগত শয়ন কৰি, তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু সিহঁতে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম্ম কৰিছিল।
\v 9 এই হেতুকে মই তাইৰ প্ৰেমকাৰীবোৰৰ, তাই আসক্ত হোৱা অচূৰীয়াহঁতৰ হাতত তাইক শোধাই দিলোঁ।
\v 10 সিহঁতে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে, তাইৰ পো-জী বিলাকক নিলে আৰু তাইক তৰোৱালেৰে বধ কৰিলে; এইদৰে তাই তিৰোতাবিলাকৰ মাজত দৃষ্টান্তস্বৰূপা হ’ল আৰু দণ্ড ভোগ কৰিলে।
\p
\s5
\v 11 তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত, আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্ম্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল।
\v 12 অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাবিলাকত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াহঁতত তাই আসক্ত হ’ল;
\v 13 সিহঁত সকলোৱেই মনোহৰ যুৱা। আৰু মই দেখিলোঁ, তাই অশুচি হ’ল; দুয়ো জনীয়ে একে পথ ললে।
\s5
\v 14 তাই নিজ বেশ্যালি বঢ়ালে; কিয়নো তাই, দেৱালত অঁকা পুৰুষবিলাকক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কল্দীয়াহঁতৰ নক্সা দেখিলে;
\v 15 সিহঁতৰ ককাঁলত টঙালি বন্ধা, মূৰত ওলোমাই পাগুৰী মৰা; সিহঁত সকলোৱেই দেখিবলৈ সেনাপতিৰ নিচিনা, যি বাবিলীয়াহঁতৰ জন্মদেশ কল্দীয়া, সেই বাবিলীয়াহঁত যেন দেখা যায়।
\s5
\v 16 তাই সিহঁতক দেখিয়েই সিহঁতত আসক্ত হ’ল আৰু কল্দীয়া দেশলৈ সিহঁতৰ গুৰিলৈ দূত পঠালে।
\v 17 তাতে বাবিলীয়াহঁতে তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্ম্মেৰে তাইক অশুচি কৰিলে; তাতে, তাই সিহঁতৰ দ্বাৰাই কলুষিত হ’লত তাইৰ মনত সিহঁতলৈ ঘিণ লাগিল।
\s5
\v 18 এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে; তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল।
\v 19 তথাপি তাই মিচৰ দেশত বেশ্যাকৰ্ম্ম কৰা নিজ যৌৱন কাল সোঁৱৰণ কৰি নিজৰ বেশ্যালি বৃদ্ধি কৰিলে।
\s5
\v 20 গাধৰ মাংসৰ নিচিনা মাংস থকা, আৰু ঘোঁৰাৰ বীৰ্য্যৰ নিচিনা বীৰ্য্য থকা তাইৰ উপপতিবোৰত তাই আসক্ত হ’ল।
\v 21 যৌৱন কালৰ পিয়াহ বুলি মিচৰীয়াহঁতে তোমাৰ পিয়াহৰ মূৰ টিপা সময়ত হোৱা তোমাৰ যৌৱন কালৰ ব্যভিচাৰ এইদৰে পুনৰায় কৰিবলৈ তুমি চেষ্টা কৰিলা।
\p
\s5
\v 22 এই হেতুকে হে অহলীবা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তোমাৰ মনত যি প্ৰেমকাৰী -বোৰলৈ ঘিণ লাগিল, মই সিহঁতক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে সিহঁতক আনিম।
\v 23 বাবিলীয়া আৰু আটাই কল্দীয়াহঁতক, পকোদ, চোৱা আৰু কোৱাক আৰু সিহঁতে সৈতে আটাই অচূৰীয়াহঁতক মই আনিম; সিহঁত সকলোৱেই মনোহৰ যুৱা, দেশাধিপতি আৰু শাসনকৰ্ত্তা; সিহঁত সেনাপতি আৰু বিখ্যাত লোক; সিহঁত আটাইবোৰ অশ্বাৰোহী।
\s5
\v 24 সিহঁতে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী, আৰু লোকসমূহে সৈতে তোমাৰ বিৰুদ্ধে আহিব; সিহঁতে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব; মই সিহঁতৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তাতে সিহঁতে সিহঁতৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব।
\v 25 আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্জালা প্ৰজ্বলিত কৰিম; তাতে সিহঁতে তোমালৈ ক্ৰোধ কৰিব, তোমাৰ নাক আৰু কাণ কাটিব, আৰু তোমাৰ অৱশিষ্ট ভাগ তোমাৰ তৰোৱালৰ দ্বাৰাই পতিত হ’ব; সিহঁতে তোমাৰ পো-জীবোৰক নিব আৰু তোমাৰ অৱশিষ্ট ভাগ জুইত পোৰা হ’ব।
\s5
\v 26 সিহঁতে তোমাক উলঙ্গও কৰিব; আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
\v 27 এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ, আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নাইকিয়া কৰিম; তাতে তুমি সিহঁতলৈ আৰু চকু তুলি নাচাবা, নাইবা মিচৰলৈ আৰু সোঁৱৰণ নকৰিবা।
\s5
\v 28 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তুমি হিংসা কৰাবোৰৰ হাতত, যিবোৰলৈ তোমাৰ মনত ঘিণ লাগিল, সিহঁতৰেই হাতত মই তোমাক শোধাই দিম।
\v 29 সিহঁতে তোমাক হিংসা কৰিব, তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব, আৰু তোমাক উলঙ্গিনী ও বিবস্ত্ৰতা কৰি এৰিব; তাতে তোমাৰ বেশ্যাকৰ্ম্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব।
\p
\s5
\v 30 তুমি বেশ্যাহৈ জাতিবিলাকৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি সিহঁতৰ মুৰ্ত্তিবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য্য তোমালৈ কৰা যাব।
\v 31 তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।
\s5
\v 32 প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা; সেই পান পাত্ৰত বহুত ধৰে।
\s5
\v 33 তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণা হ’বা; তোমাৰ বায়েৰা চমৰিয়াৰ পানপাত্ৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ।
\v 34 তুমি তাত পান কৰিবা, চুঁচি খাবা, তাৰ খোলাবোৰ চোবাবা, আৰু স্তন বিদাৰিবা; কিয়নো, প্ৰভূ যিহোৱাই কৈছে, ময়েই ইয়াক কলোঁ।
\s5
\v 35 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই নিমিত্তে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্ম্মৰ ফল ভোগ কৰিবা।
\p
\s5
\v 36 যিহোৱাই মোক আৰু ক’লে হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ নকৰা নে? তেন্তে সিহঁতৰ ঘিণলগীয়া কাৰ্য্যবোৰ সিহঁতক বুজুউৱা।
\v 37 কিয়নো সিহঁতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতৰ হাতত তেজ লাগি আছে; সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰে সৈতে ব্যভিচাৰ কৰিলে, আৰু সিহঁতে মোৰ নিমিত্তে প্ৰসৱ কৰা সিহঁতৰ সন্তানবিলাক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে।
\s5
\v 38 সিহঁতে মোলৈ এইটোও কৰিলে, যে, সিহঁতে সেই দিনাই মোৰ ধৰ্ম্মধাম অশুচি কৰিলে, আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে।
\v 39 কিয়নো, সিহঁতে সিবিলাকৰ মুৰ্ত্তিবোৰৰ উদ্দেশ্যে নিজ নিজ সন্তানবিলাকক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্ম্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে; চোৱা, মোৰ গৃহৰ মাজতে সিহঁতে এই প্ৰকাৰ কৰিলে।
\s5
\v 40 আৰু ইয়াৰ বাহিৰেও তোমালোক দুজনীয়ে দূৰৰ মানুহক আহিবলৈ মাতিলা, সিহঁতলৈ এজন দূত পঠোৱা হৈছিল; আৰু চোৱা; সিহঁত আহিল; সিহঁতৰ নিমিত্তে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা, আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা;
\v 41 আৰু তুমি ৰাজকীয় শয্যাত বহিলা, আৰু তাৰ আগত এখন মেজ সজোৱা হ’লত তাৰ ওপৰত তুমি মোৰ ধুপ মোৰ তেল থলা।
\s5
\v 42 আৰু নিশ্চিন্তে থকা লোকসমূহৰ কোলাহল তাইৰ তাত শুনা গ’ল, আৰু সামান্য শ্ৰেণীৰ মানুহবিলাকৰ লগত অৰণ্যৰ পৰা মতোৱালবোৰ অনা হ’ল; সিহঁতে সেই দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট দিলে।
\p
\s5
\v 43 তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, সিহঁতে তাইৰ লগত আৰু তাই সিহঁতৰ লগত এতিয়া বেশ্যাকৰ্ম্ম কৰিব।
\v 44 পাছে পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ সিহঁতে তাইত গমন কৰিলে; এইদৰে সিহঁতে সেই ব্যভিচাৰিণী তিৰোতা অহলা আৰু অহলীবাত গমন কৰিলে।
\v 45 মানুহে ব্যভিচাৰিণীক ও ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে ধাৰ্ম্মিকবিলাকে সিহঁত দুজনীক দণ্ড দিব; কিয়নো সিহঁত ব্যভিচাৰিণী; আৰু সিহঁতৰ হাতত তেজ লাগি আছে।
\s5
\v 46 কাৰণ প্ৰভূ যিহোৱাই এই কথা কৈছে, মই সিহঁতৰ বিৰুদ্ধে সমাজক আনিম; আৰু মই সিহঁতক ত্ৰাসৰ বিষয় ও লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;
\v 47 সমাজে সিহঁতলৈ শিল দলিয়াব, আৰু নিজ নিজ তৰোৱালেৰে সিহঁতক ডোখৰ ডোখৰ কৰিব; তেওঁবিলাকে সিহঁতৰ পো-জীবোৰক বধ কৰিব, আৰু জুই দি সিহঁতৰ ঘৰবোৰ পুৰিব।
\s5
\v 48 এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম; তাতে সকলো তিৰোতাই তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য্য নকৰিবলৈ শিকিব।
\v 49 আৰু লোকবিলাকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব, আৰু তোমালোকে তোমালোকৰ মুৰ্ত্তিসম্বন্ধীয় পাপৰ ভাৰ ববা; তাতে, মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।
\s কঁহে ধৰা টৌৰ দৃষ্টান্ত।
\s5
\c 24
\p
\v 1 পুনৰায় নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি এই দিনৰ, এই দিনৰেই নাম লিখা; আজি এই দিনাই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।
\s5
\v 3 তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি টৌটো বহোৱা, তাক বহোৱা আৰু তাত পানী বাকি দিয়া।
\v 4 তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া, উত্তম হাড়বোৰেৰে তাক পূৰ কৰা।
\v 5 জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা, আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা, তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত হাড়বোৰ সিজক।
\p
\s5
\v 6 এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠী নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
\s5
\v 7 কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে; তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে, ধূলিৰে ঢাকি ৰাখিবৰ নিমিত্তে মাটিৰ ওপৰত তাক ঢলা নাই।
\v 8 প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তুলিবলৈ, তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ নিমিত্তে মই তাক শুদা শিলত ৰাখিলোঁ।
\s5
\v 9 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰিম।
\v 10 খৰি দমোৱা, জুই বৰকৈ জ্বলোৱা, মাংস ভালকৈ সিজোৱা, জোল ডাঠ কৰা, আৰু হাড়বোৰ জ্বলি যাব দিয়া।
\s5
\v 11 তাৰ পাছত টৌটো গৰম হ’বলৈ, তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ, আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালিকৈ বহোৱা।
\v 12 সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; তাক জুইত দিব লাগে।
\s5
\v 13 তোমাৰ অশৌচ ব্যভিচাৰযুক্ত; মই তোমাক শুচি কৰিবলৈ যত্ন কৰোঁতা তুমি শুচি নহ’লা, এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশৌচৰ পৰা আৰু শুচি নহ’বা।
\s5
\v 14 মই যিহোৱাই ইয়াক কলোঁ; এয়ে ঘটিব, আৰু মই ইয়াক সিদ্ধ কৰিম; মই ক্ষান্ত নহ’ম, দয়া নকৰিম, বা মন নাপালটাম; তোমাৰ আচৰণ আৰু কাৰ্য্য অনুসাৰে তোমাক দণ্ড দিয়া যাব, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\s ভাববাদীৰ ভাৰ্য্যাৰ মৃত্যু।
\p
\s5
\v 15 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 16 হে মনুষ্য সন্তান, চোৱা, মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপি তুমি বিলাপ কি ক্ৰন্দন নকৰিবা, আৰু তোমাৰ চকুলো বৈ নাযাওক।
\v 17 তুমি হুমুনিয়াহ পেলোৱা; কিন্তু বৰকৈ নহয়; মৃত লোকৰ নিমিত্তে শোক নকৰিবা, তোমাৰ মূৰত পাগুৰি বান্ধা, আৰু ভৰিত জোতা পিন্ধা, তোমাৰ ওঁঠ নাঢাকিবা, আৰু মানুহবিলাকে দিয়া পিঠা নাখাবা।
\s5
\v 18 ৰাতিপুৱা মই মানুহবিলাকক এইদৰে কলোঁ; গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল, আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা কৰিলোঁ।
\p
\s5
\v 19 লোকবিলাকে মোক কলে, তুমি যে এইবোৰ কৰিছা, এইবোৰনো আমাত কেনেকৈ খাতিছে? তুমি আমাক নোকোৱা নে?
\v 20 তেতিয়া মই তেওঁবিলাকক কলোঁ, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 21 তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, তোমালোকৰ বলদায়ক অহঙ্কাৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম্ম –ধাম, তাক মই অপবিত্ৰ কৰিম, আৰু তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
\s5
\v 22 তাতে মই কৰাৰ দৰে তোমালোকেও কৰিবা; তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা, বা মানুহবিলাকে দিয়া পিঠা নাখাবা;
\v 23 তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত, আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা, আৰু এজনে আনজনৰ আগত কেঁকাবা।
\v 24 এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।
\p
\s5
\v 25 আৰু হে মনুষ্য সন্তান, শুনা; যি দিনা মই তোমালোকৰ বল, তেওঁবিলাকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁবিলাকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু, আৰু তেওঁবিলাকৰ পো-জীবিলাকক তেওঁবিলাকৰ পৰা দূৰ কৰিম,
\v 26 সেই দিনা পলাই ৰক্ষা পোৱা লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ নাহিব নে?
\v 27 সেই দিনা তোমাৰ মুখ পলাই ৰক্ষা পোৱাজনৰ আগত মুকলি হ’ব; তাতে তুমি কথা ক’বা, বোবা আৰু নহ’বা। এইদৰে তুমি তেওঁবিলাকৰ আগত চিনস্বৰূপ হ’বা, আৰু মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s অম্মোনৰ সন্তানবিলাকৰ বিৰুদ্ধে কোৱা ভাববাণী।
\s5
\c 25
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল,
\v 2 বোলে, হে মনুষ্য সন্তান,তুমি অম্মোনৰ সন্তানবিলাকৰ ফাললৈ মুখ কৰি সিহঁতৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
\s5
\v 3 তুমি অম্মোনৰ সন্তানবিলাকক কোৱা, তোমালোকে প্ৰভূ যিহোৱাৰ বাক্য শুনা। প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ ধৰ্ম্মধাম অপবিত্ৰ হ’লত তাৰ অহিতে ইস্ৰায়েল-ভূমি ধ্বংস কৰা হ’লত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ গ’লত সেই বংশৰ অহিতে ভাল হৈছে বুলি তুমি ক’লা।
\v 4 এই হেতুকে চোৱা, অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় সন্তানবিলাকৰ হাতত শোধাই দিম; সিহঁতে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজ নিজ বসতিস্থান কৰিব; সিহঁতে তোমাৰ ফল খাব, আৰু তোমাৰ গাখীৰ পান কৰিব।
\v 5 আৰু মই ৰব্বাক উটশাল, আৰু অম্মোনৰ সন্তানবিলাৰ দেশ মেৰ শোৱা গঁৰাল কৰিম; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা।
\s5
\v 6 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা, আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণৰ সম্পূৰ্ণ হিংসাৰে আনন্দ কৰিলা.
\v 7 এই হেতুকে চোৱা, মই তোমাৰ অহিতে মোৰ হাত মেলি জাতিবিলাকৰ গুৰিত লুটদ্ৰব্যস্বৰূপ তোমাক শোধাই দিম; মই জাতিবিলাকৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম। মই তোমাক বিনষ্ট কৰিম; তাতে, মই যে যিহোৱা, তাক তুমি জানিবা ।
\s মোৱাবৰ, ইদোমৰ, আৰু পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে কোৱা ভাববাণী।
\p
\s5
\v 8 প্ৰভূ যিহোৱাই এই কথা কৈছে, “চোৱা, যিহূদা-বংশ আন আটাই জাতিৰে নিচিনা হ’ল”,
\v 9 এই হেতুকে চোৱা, নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
\v 10 অম্মোনৰ সন্তানবিলাকৰ অহিতে যালৈ পূৱদেশীয় সন্তানবিলাকৰ নিমিত্তে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ সন্তানবিলাক জাতিবিলাকৰ সোঁৱৰণত নাথাকিবৰ নিমিত্তে মই অধিকাৰৰ অৰ্থে সেইবেৰ সিহঁকত দিম।
\v 11 আৰু মই মোৱাবক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।
\p
\s5
\v 12 প্ৰভূ যিহোৱাই এই কথা কৈছে, ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য্য কৰিলে, আৰু তেওঁবিলাকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।
\v 13 এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম; আৰু তৈমনৰে পৰা মই ততাক ধ্বংসস্থান কৰিম, দদানলৈকে সিহঁত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
\s5
\v 14 মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম; আৰু তেওঁবিলাকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য্য কৰিব; তেতিয়া, প্ৰভূ যিহোৱাই কৈছে, মই প্ৰতিকাৰ সধা কি, তাক সিহঁতে জানিব।
\p
\s5
\v 15 প্ৰভূ যিহোৱাই এই কথা কৈছে, পলেষ্টীয়াহঁতে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিকাৰ সাধিলে।
\v 16 এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই পলেষ্টীয়াহঁতৰ অহিতে মোৰ হাত মেলি কৰেথীয়াহঁতক উচ্ছন্ন কৰিম, আৰু সমূদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম।
\v 17 আৰু কোপযুক্ত নানা ধমকি দি মই সিহঁতৰ ওপৰত মহাপ্ৰতিকাৰ সাধিম; আৰু মই প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s তূৰৰ বিনাশৰ বিষয়ে কোৱা ভাববাণী।
\s5
\c 26
\p
\v 1 পাছে একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে কলে, “ভাল হৈছে, জাতিবিলাকৰ দুৱাৰ ভগ্ন হ’ল; সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম”;
\s5
\v 3 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, হে তূৰ, চোৱা, মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌ উঠুওৱাদি মই তোমাৰ অহিতে অনেক জাতিক উঠাম।
\v 4 তাতে সিহঁতে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব; আৰু মই তাৰ পৰা ধূলি চুৰুকি পেলাই তাক শুদা শিল কৰিম।
\s5
\v 5 সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই ইয়াক কলো, আৰু নগৰ জাতিবিলাকলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
\v 6 আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীবিলাকক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক সিহঁতে জানিব।
\p
\s5
\v 7 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবুখদৰেচৰক তূৰলৈ আনিম।
\v 8 তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীয়েৰাহঁতক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব, তোমাৰ অহিতে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব।
\s5
\v 9 আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব।
\v 10 তেওঁৰ ঘোঁৰাবোৰ অধিক হোৱাত সেইবোৰৰ ধুলিয়ে তোমাক ঢাকিব; মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।
\v 11 তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাবিলাকক বধ কৰিব, আৰু তোমাৰ দৃঢ় স্তম্ভবোৰ মাটিৰে সমান হ’ব।
\s5
\v 12 শত্ৰূবোৰে তোমাৰ সম্পত্তি লুট কৰিব, আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব; সিহঁতে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জলসমূহৰ মাজত পেলাব।
\v 13 মই তোমাৰ গানৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।
\v 14 আৰু মই তোমাক শুদা শিল কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই যিহোৱাই ইয়াক কলোঁ।
\p
\s5
\v 15 প্ৰভূ যিহোৱাই তূৰক এইদৰে কৈছে, যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে?
\v 16 সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজ নিজ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ ,সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
\s5
\v 17 আৰু তেওঁবিলাকে তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীবিলাকক নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীবিলাকে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট হ’লা!
\v 18 তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।
\p
\s5
\v 19 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, নিবাসীশূণ্য নগৰবোৰৰ নিচিনা যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জলসমুহ আনিম, আৰু মহাজলসমুহে তোমাক ঢাকিব;
\v 20 তেতিয়া তুমি বাসস্থান নহ’বৰ নিমিত্তে, মই তোমাক গাঁতলৈ নামিব লগাবোৰে সৈতে আগৰ কালৰ লোকবিলাকৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাঁতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।
\v 21 মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব, এয়ে প্ৰভূ যিহোৱাৰ বচন।
\s তূৰৰ বিনাশৰ কাৰণে বিলাপ।
\s5
\c 27
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,
\v 3 আৰু সাগৰৰ প্ৰৱেশস্থান-নিবাসিনী অনেক দ্বীপত জাতিবিলাকৰ বাণিজ্যকাৰিণী তূৰক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে তূৰ, তুমি কৈছিলা মই পৰম সুন্দৰী।
\s5
\v 4 তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মানকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
\v 5 সিহঁতে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; সিহঁতে তোমাৰ নিমিত্তে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।
\s5
\v 6 সিহঁতে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; সিহঁতে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠত লগোৱা হাতী দাঁতৰ তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ কৰিছিল।
\v 7 তোমালৈ নিচানস্বৰূপ হ’বৰ নিমিত্তে, তোমাৰ পাল মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰে কৰা হৈছিল; তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
\s5
\v 8 চীদোন আৰু অৰ্বদ-নিবাসীবোৰ তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোক তোমাৰ মাজত তোমাৰ আৰকাটি আছিল।
\v 9 গবলৰ বৃদ্ধবিলাক আৰু তাৰ জ্ঞানীলোকবিলাক তোমাৰ মাজত তোমাৰ বিন্ধা মাৰোঁতা আছিল; তোমাৰ বাণিজ্য-দ্ৰব্য তোলা-নমা কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাবিকবোৰ তোমাৰ মাজত আছিল।
\s5
\v 10 পাৰস্য, লূদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্তৰ মাজত তোমাৰ ৰণুৱা আছিল; সিহঁতে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল সিহঁতে তোমাক সুশোভিতা কৰিছিল।
\v 11 তোমাৰ সৈন্য-সামন্তেৰে সৈতে অৰ্বদৰ লোকবিলাক চাৰিওফালে তোমাৰ গড়ৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকবিলাক তোমাৰ ওখ ঘৰবোৰত আছিল; সিহঁতে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল; সিহঁতে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
\p
\s5
\v 12 তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ বণিক আছি; সিহঁতে ৰূপ, লোহা, বগীতাম আৰু সীহ দি তোমাৰ মাল লৈছিল।
\v 13 যাবন, তুবল, আৰু মেচেক তোমাৰ বেপাৰী আছিল; সিহঁতে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
\s5
\v 14 তোগৰ্মা-বংশীয় মানুহবোৰে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খচৰ দি তোমাৰ মাল লৈছিল।
\v 15 দদানৰ মানুহবোৰ তোমাৰ বেপাৰী আছিল; অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল; সিহঁতে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অব্লুচ কাঠ তোমাক সলনি দিছিল।
\s5
\v 16 তোমাৰ হাতেৰে সজা অনেক বস্তুৰ নিমিত্তে অৰাম তোমাৰ বণিক আছিল; সিহঁতে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, কাৰচিপি বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
\v 17 যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ বেপাৰী আছিল, তেওঁবিলাকে মিন্নীতৰ ঘেহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ মাল লৈছিল।
\v 18 তোমাৰ হাতেৰে সজা অধিক বস্তু আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকবিলাকে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু ভেড়াৰ বগা নোম আনিছিল।
\s5
\v 19 উজালত থকা বদানে আৰু যাবনে তোমাৰ বস্তুৰ নিমিত্তে বাণিজ্য কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্যৰ মাজত উজ্জ্বল লোহা, তেজপাত আৰু সুগন্ধি বচ আছিল।
\v 20 ঘোঁৰাত উঠিবৰ নিমিত্তে জীন কাপোৰৰ, দদান তোমাৰ বেপাৰী আছিল.
\v 21 আৰব, আৰু কেদৰৰ আটাই মুখ্যলোক তোমাৰ অধীনৰ বণিক আছিল, তেওঁবিলাক ভেড়া পোৱালি, মতা মেৰ, আৰু মতা ছাগ, এইবোৰৰ তোমাৰ বণিক আছিল।
\s5
\v 22 চিবাৰ আৰু ৰয়মাৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল; সিহঁতে সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য, সকলো বিধৰ বহুমূল্য পাথৰ আৰু সোণ দি তোমাৰ মাল লৈছিল।
\v 23 হাৰণ, কন্নি, এদন চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল।
\s5
\v 24 বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই সিহঁত তোমাৰ বেপাৰী আছিল।
\v 25 তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল, আৰু তুমি পৰিপূৰ্ণা হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা।
\p
\s5
\v 26 তোমাৰ বঠা বাওঁতাবোৰে তোমাক মহাজলসমূহৰ মাজলৈ লৈ গ’ল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ভাঙিলে।
\v 27 তোমাৰ মাজত থকা ধন-সম্পত্তি, মাল, বাণিজ্য দ্ৰব্য, নাৱিক, আৰকাটি, বিন্ধা-মাৰোতা, বাণিজ্য-দ্ৰব্যবোৰ তোলা নমা কৰোঁতাবোৰ, আৰু সকলো যুদ্ধাৰু তোমাৰ মাজত থকা সকলো লোক সমুহে সৈতে তোমাৰ পতনৰ দিনা সমুদ্ৰৰ মাজত পতিত হ’ল;
\s5
\v 28 তোমাৰ আৰকাটিবোৰৰ চিঞঁৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিছে।
\v 29 আটাই বঠা বাওঁতা নাৱিক আৰু সমুদ্ৰৰ আৰকাটিয়ে নিজ নিজ জাহাজৰ পৰা নামি বামত থিয় হৈ,
\v 30 তোমাৰ বিষয়ে সিহঁতৰ মাত শুনাইছে, বৰ বেজাৰেৰে চিঞৰি নিজ নিজ মূৰত ধূলি ছটিয়াই ছাইত বাগৰিছে,
\s5
\v 31 তোমাৰ নিমিত্তে নিজৰ নিজৰ মূৰ টকলা কৰিছে, ছট কাপোৰেৰে কঁকাল বান্ধিছে, আৰু অত্যন্ত শোকেৰে মনৰ তাপত তোমাৰ নিমিত্তে কান্দিছে।
\v 32 আৰু হাহাকাৰ কৰোঁতে সিহঁতে তোমাৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰি তোমাৰ বিষয়ে এই বিলাপৰ কথা কৈছে, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?
\v 33 সমুদ্ৰৰ পৰা তোমাৰ মাল ওলোৱা সময়ত তুমি অনেক জাতিক পৰিপূৰ্ণ কৰিছিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাবিলাকক তুমি চহকী কৰিছিলা।
\s5
\v 34 সমুদ্ৰৰ দ্বাৰাই জলসমূহৰ গভীৰ ঠাইবোৰত তুমি ভগ্ন হোৱা সময়ত, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল তোমাৰ মাজত পতিত হ’ল।
\v 35 দ্বীপ নিবাসী সকলোৱে তোমাক দেখি আচৰিত হৈ, আৰু সিহঁতৰ ৰজাবিলাকৰ নোম শিয়ৰি উঠিছে, আৰু তেওঁবিলাকৰ বদন বিকৃত হৈছে।
\v 36 জাতিবিলাকৰ মাজত থকা বণিকবিলাকে তোমাক দেখি ইচ ইচ কৰিছে। তুমি ত্ৰাসৰ বিষয় হ’লা, তুমি আৰু কেতিয়াও নহ’বা।
\s তূৰৰ অধিপতিজনৰ পতন।
\s5
\c 28
\p
\v 1 পাছে যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি তূৰৰ অধিপতিজনক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমাৰ হৃদয় গৰ্ব্বিত হ’ল, আৰু তুমি কৈছা, মই ঈশ্বৰ, মই সমুদ্ৰৰ মাজত ঈশ্বৰৰ আসনত বহি আছোঁ; যদিও তুমি নিজ মনক ঈশ্বৰৰ মন বুলি মানিছা, তথাপি তুমি মানুহ মাথোন, ঈশ্বৰ নোহোৱা।
\v 3 চোৱা তুমি দানিয়েলতকৈ জ্ঞানী; লোকে তোমাৰ পৰা লুকুৱাই ৰাখিব পৰা কোনো গুপুত কথা নাই।
\s5
\v 4 তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে চহকী কৰিলা, সোণ, আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
\v 5 তুমি নিজৰ মহৎ জ্ঞান আৰু বাণিজ্যৰ দ্বাৰাই তোমাৰ ধন-সম্পত্তি বঢ়ালা, আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল।
\s5
\v 6 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি নিজ মনক ঈশ্বৰৰ মন বুলি মানিছা;
\v 7 এই কাৰণে চোৱা, মই বিদেশীবোৰক, জাতিবিলাকৰ মাজৰ ভয়ানকবোৰকেই তোমাৰ অহিতে আনিম; সিহঁতে তোমাৰ জ্ঞান-কান্তিৰ অহিতে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াব, আৰু তোমাৰ উজ্জ্বলতা কলুষিত কৰিব।
\s5
\v 8 সিহঁতে তোমাক গাঁতলৈ নমাব; আৰু তুমি হত লোকৰ দৰে সাগৰৰ মাজ ঠাইত মৰিবা।
\v 9 যি লোকে তোমাক বধ কৰিব, সেই লোকৰ আগত তুমি তেতিয়াও মই ঈশ্বৰ বুলি ক’বানে? যি জনে তোমাক মাৰিব,সেই জনৰ হাতত তুমি মনুষ্য মাত্ৰ, ঈশ্বৰ নোহোৱা।
\v 10 তুমি বিদেশীবোৰৰ হাতত অচুন্নৎহঁতৰ দৰে মৰিবা; কিয়নো প্ৰভূ যিহোৱাই কৈছে, মই ইয়াক কলোঁ।
\p
\s5
\v 11 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 12 হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰিবলৈ ধৰা, আৰু তেওঁক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ।
\v 13 তুমি ঈশ্বৰৰ বাৰী এদনত আছিলা; চুনী, পীত মণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্য্যকান্ত, নীলকান্ত, পদ্মৰাগ, মৰকত আদি সকলো বহুমূল্য পাথৰ, আৰু সোণ তোমাৰ আৱৰণ আছিল; তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল; তুমি সৃষ্ট হোৱা দিনাই সেইবোৰ যুগুত কৰা হৈছিল।
\s5
\v 14 তুমি ঢাকি ধৰোঁতা অভিষিক্ত কৰূব আছিলা; ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত তুমি থাকিব পৰাকৈ মই তোমাক স্থাপন কৰিছিলোঁ; তুমি জুইৰ নিচিনা চকমকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা;
\v 15 তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনাৰ পৰা তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।
\s5
\v 16 তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে আৰু তুমি পাপ কৰাৰ কাৰণে, মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ নিচিনা চকমকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ।
\v 17 তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা; মই তোমাক মাটিৰ সমান কৰি, ৰজাবিলাকে তোমাক দেখিবৰ নিমিত্তে তোমাক তেওঁবিলাকৰ আগত ৰাখিলোঁ।
\s5
\v 18 তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্ম্মধামবোৰ তুমি অপবিত্ৰ কৰিলা; এই হেতুকে মই তোমাৰ মাজৰ পৰা অগ্নি উলিয়ালোঁ, সেয়ে তোমাক গ্ৰাস কৰিলে; আৰু তোমাক দেখাবিলাকৰ সাক্ষাতে মই তোমাক মাটিত ভষ্ম কৰি পেলালোঁ।
\v 19 জাতিবিলাকৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিছে; তুমি ত্ৰাসৰ বিষয় হ’লা, তুমি আৰু কেতিয়াও নহ’বা।
\s চীদোনৰ বিৰুদ্ধে কোৱা ভাববাণী।
\p
\s5
\v 20 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 21 হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,
\v 22 আৰু কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে চীদোন চোৱা, মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম। যেতিয়া মই তাক দণ্ড দিম, আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s5
\v 23 কিয়নো মই তাৰ মাজলৈ মহামাৰী, আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠাম; আৰু চাৰিওফালে তাৰ বিৰুদ্ধে ফাকৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই তাৰ মাজত হত হোৱা লোক পতিত হ’ব, তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।
\v 24 তেতিয়া, ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট, তেওঁবিলাকৰ চাৰিওফালে থকা তেওঁবিলাকক হেয়জ্ঞান কৰা লোকবিলাকৰ মাজত আৰু নহ’ব; তাতে, মই যে প্ৰভূ যিহোৱা, তাক সিহঁতে জানিব।
\p
\s5
\v 25 প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল বংশ ছিন্ন-ভিন্ন হোৱা জাতিবিলাকৰ পৰা মই যেতিয়া তেওঁবিলাকক গোটাম, আৰু জাতিবিলাকৰ সাক্ষাতে তেওঁবিলাকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মোৰ দাস যাকোবক মই দিয়া তেওঁবিলাকৰ নিজ দেশতে তেওঁবিলাকে বাস কৰিব।
\v 26 তেওঁবিলাকে নিৰ্ভয়ে বাস কৰিব; এনে কি, তেওঁবিলাকৰ চাৰিওফালে তেওঁবিলাকক হিংসা কৰোঁতাবোৰক যেতিয়া মই দণ্ড দিম, তেতিয়া তেওঁবিলাকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব, আৰু নিৰ্ভয়ে বাস কৰিব; তাতে, মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s মিচৰৰ পতন আৰু পুনঃস্থাপন।
\s5
\c 29
\p
\v 1 দশম বছৰৰ দশম মাহৰ দ্বাদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,
\v 3 আৰু কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ নৈ মোৰ নিজৰেই, আৰু নিজৰ নিমিত্তেই মই তাক কৰিলোঁ, এই বুলি কৈ নিজ নৈবোৰৰ মাজত পৰি থকা বৃহৎ নগৰ, হে মিচৰৰ ৰজা ফৰৌণ চোৱা, মই তোমাৰ বিপক্ষ।
\s5
\v 4 মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, তোমাৰ নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম, আৰু তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক উলিয়াই আনিম।
\v 5 মই তোমাক, আৰু তোমাৰ নৈবোৰৰ আটাই মাছ অৰণ্যত পেলাই যাম; তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম;
\s5
\v 6 তাতে, মই যে যিহোৱা, তাক মিচৰ নিবাসী সকলোৱে জানিব। সিহঁত ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ;
\v 7 (যেতিয়া তেওঁবিলাকে তোমাক খামোচ মাৰি ধৰে, তেতিয়া তুমি ফাটি তেওঁবিলাকৰ আটাইৰে হাত ফালা; আৰু যেতিয়া তেওঁবিলাকে তোমাৰ ওপৰত ভৰ দিয়ে তেতিয়া তুমি ভাগি তেওঁবিলাকৰ আটাইৰে কঁকালৰ জোৰা লৰাই তেওঁবিলাকক অচল কৰা)।
\p
\s5
\v 8 এই কাৰণে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অহিতে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।
\v 9 মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তাতে, মই যে যিহোৱা, তাক সিঁহতে জানিব। কাৰণ সি কৈছে, নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।
\v 10 এই নিমিত্তে চোৱা, মই তোমাৰ আৰু তোমাৰ নৈবোৰৰৰ বিপক্ষ; মিগ্দোলৰ পৰা চিবেনিলৈকে, এনে কি, কূচৰ সীমালৈকে মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম।
\s5
\v 11 মানুহ কি পশু তাৰ মাজেদি নচলিব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব।
\v 12 ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
\p
\s5
\v 13 তথাপি প্ৰভূ যিহোৱাই এই কথা কৈছে, যি জাতিবিলাকৰ মাজত মিচৰীয়াহঁত ছিন্ন-ভিন্ন হ’ব, সেই জাতিবিলাকৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত সিহঁতক চপাম।
\v 14 মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু সিহঁতৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ সিহঁতক ওলোটাম; তাতে সেই ঠাইত সিহঁত এক সামান্য ৰাজ্য হ’ব।
\s5
\v 15 সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, জাতিবিলাকৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু জাতিবিলাকৰ ওপৰত প্ৰভূত্ত্ব নকৰিবৰ নিমিত্তে মই সিহঁতক হ্ৰাস কৰিম।
\v 16 সিহঁত ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি আৰু নহ’ব আৰু সিহঁতৰ পাছত যাবলৈ তেওঁবিলাকে মুখ কৰা কালত সিহঁত অপৰাধ সোঁৱৰণ কৰাওঁতাওঁ আৰু নহ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s যিহোৱাই মিচৰক বাবিলৰ ৰজাক দিয়া, আৰু তাৰ ধ্বংস অৱস্থা।
\p
\s5
\v 17 আৰু সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 18 হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবুখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে, আটাইৰে মূৰ টকলা কৰা হ’ল, আৰু আটাইৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ নিমিত্তে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।
\s5
\v 19 এই হেতুকে, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ ৰজা নবুখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ লোকসমূহক লৈ যাব, তাৰ দ্ৰব্য লুট কৰিব, আৰু তাৰ কাঢ়ি লোৱা বস্তু লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব।
\v 20 তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম; কাৰণ প্ৰভূ যিহোৱাই কৈছে, সিহঁতে মোৰ অৰ্থে কাৰ্য্য কৰিলে।
\p
\s5
\v 21 সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ নিমিত্তে এক শিং গজাম, আৰু তেওঁবিলাকৰ মাজত তোমাৰ মুখ খুলি দিম; তাতে মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।।
\s5
\c 30
\p
\v 1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে হাহাকাৰ কৰি কোৱা, হায়, হায়, সেয়ে কেনে দিন!
\v 3 কিয়নো সেই দিন ওচৰ, এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন ওচৰ; সেয়ে জাতিবিলাকৰ কাল হ’ব।
\s5
\v 4 তৰোৱাল মিচৰৰ ওপৰত পৰিব; আৰু যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব, তাৰ লোকসমূহক নিয়া হ’ব, আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব তেতিয়া কূচত যাতনা হ’ব।
\v 5 কূচ, পূট, লূদ, মিহলি থকা আটাই লোকবিলাক কূব আৰু নিয়মটি পতা দেশৰ লোকবিলাক সিহঁতৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
\p
\s5
\v 6 যিহোৱাই এই কথা কৈছে, যিবিলাক মিচৰৰ স্তম্ভস্বৰূপ সিবিলাকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; মিগ্দোলৰ পৰা চিবেনিলৈকে তাৰ লোকবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, ইয়াক প্ৰভূ য়িহোৱাই কৈছে।
\v 7 আৰু ধ্বংস কৰা দেশবোৰৰ মাজত সিহঁতো ধ্বংস অৱস্থা পোৱা লোক হ’ব, আৰু তাৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।
\s5
\v 8 মই যেতিয়া মিচৰত জুই লগাম, আৰু তাৰ আটাই সাহাৰ্য্যকাৰীবোৰ নষ্ট হ’ব তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\v 9 সেই দিনা নিশ্চিন্তে থকা কূচীয়াহঁতক ভয় লগাবলৈ দূতবিলাকে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু মিচৰৰ দিনৰ নিচিনাকৈ সিহঁতৰ মাজত যাতনা হ’ব; কিয়নো চোৱা, সেয়ে আহিছে।
\p
\s5
\v 10 প্ৰভূ যিহোৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজা নবুখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোকসমূহক লুপ্ত কৰিম।
\v 11 তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাবিলাকক, জাতিবিলাকৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু সিহঁতে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰপৰা উলিয়াই হত লোকেৰে দেশ পৰিপূৰ্ণ কৰিব।
\s5
\v 12 মই নদীবোৰ শুকান ঠাই কৰিম, আৰু দেশ দুষ্টবোৰৰ হাতত বেচিম; মই বিদেশী লোকৰ হাতৰ দ্বাৰাই দেশ আৰু তাত থকা সকলোকে উচ্ছন্ন কৰিম ইয়াক মই যিহোৱাই কলোঁ।
\p
\s5
\v 13 প্ৰভূ যিহোৱাই এই কথা কৈছে, মই মুৰ্ত্তিবোৰো নষ্ট কৰিম, আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম; আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব; মই মিচৰ দেশত ভয় জন্মাম।
\v 14 ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম, আৰু নো নগৰক দণ্ড দিম।
\s5
\v 15 আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম।
\v 16 আৰু মই মিচৰত জুই লগাম, চীনে যাতনাত ধৰফৰ কৰিব আৰু নো নগৰক ভঙা হ’ব; আৰু দিনতে শত্ৰূৱে নোফক আক্ৰমণ কৰিব।
\s5
\v 17 আবনৰ আৰু পী-বেচতৰ ডেকাবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকবিলাক বন্দী অৱস্থালৈ যাব।
\v 18 যেতিয়া মই তহপেনহচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব, আৰু তাৰ জীয়াৰীবিলাক বন্দী অৱস্থালৈ যাব।
\v 19 এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s ফৰৌণৰ বাহু ভগ্ন হোৱা।
\p
\s5
\v 20 একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 21 হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ, আৰু চোৱা, তৰোৱাল ধৰিবলৈ শক্তি পাবৰ নিমিত্তে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।
\s5
\v 22 এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই মিচৰৰ ৰজা ফৰৌণৰ বিপক্ষ, আৰু তাৰ বলী ও ভগা বাহু এই দুয়োকো মই ভাঙিম, আৰু তাৰ হাতৰ পৰা এতৰোৱালখন পৰি যোৱা কৰিম।
\v 23 আৰু মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
\v 24 মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মাৰ তৰোৱাল দিম; কিন্তু মই ফৰৌণৰ বাহু দুটা ভাঙিম, তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা মানুহে কেঁকোৱাৰ দৰে তেওঁৰ আগত সি কেঁকাব।
\s5
\v 25 আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা দাঙি ধৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে পৰিব; যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম, আৰু তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক মেলিব, তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\v 26 মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s ফৰৌণক অচূৰৰূপ বৃহৎ এৰচ গছৰ লগত তুলনা কৰা।
\s5
\c 31
\p
\v 1 একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তাৰ লোকসমূহক কোৱা, তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
\s5
\v 3 চোৱা, অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ, আৰু ওখ হৈ থকা এজোপা এৰচ গছ স্বৰূপ আছিল; তাৰ ওপৰ ভাগ মেঘস্পৰ্শী হৈছিল।
\v 4 জলসমূহে তাক ডাঙৰ-দীঘল কৰিছিল, অগাধ জলে তাক বঢ়াইছিল, তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
\s5
\v 5 এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু তাৰ শাখাবোৰ দীঘল হৈছিল
\v 6 তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল, আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
\v 7 এইদৰে, তাৰ শিপা অনেক জলসমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
\s5
\v 8 ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল, দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
\v 9 মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল।
\p
\s5
\v 10 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
\v 11 মই তাক জাতিবিলাকৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ; তেওঁ তাৰ বিৰুদ্ধে উচিত কাৰ্য্য কৰিলে; মই তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিলোঁ।
\s5
\v 12 আৰু জাতিবিলাকৰ ভয়ানক বিদেশীবোৰে তাক কাটি এৰি গ’ল; পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগিল; আৰু পৃথিৱীৰ সকলো জাতিবিলাক তাৰ ছাঁৰ পৰা নামি গ’ল, তাক এৰি গুচি গ’ল।
\s5
\v 13 পৰি থকা সেই গছডালত আকাশৰ পক্ষীবোৰে বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু আছে।
\v 14 জলসমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰাবৰ নিমিত্তে, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাবিলাকৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ নিমিত্তে, মই ইয়াক কৰিলোঁ; কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ অধোভাগলৈ, গাঁতলৈ নামিব লগাবোৰে সৈতে মনুষ্য-সন্তানবিলাকৰ মাজত সমৰ্পিত হ’ল।
\p
\s5
\v 15 প্ৰভূ যিহোৱাই এই কথা কৈছে, সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ নিমিত্তে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজলসমূহক স্থগিত কৰা হ’ল; মই তাৰ নিমিত্তে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ নিমিত্তে জঁয় পৰিল।
\s5
\v 16 গাঁতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবিলাকক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অধোভাগত শান্তনা পালে।
\s5
\v 17 যিবিলাকে তাৰ বাহুস্বৰূপ আছিল, যিবিলাকে জাতিবিলাকৰ মাজত তাৰ ছাঁত বাস কৰিছিল, সিবিলাকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল।
\p
\v 18 এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ নিচিনা? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰে সৈতে অচুন্নৎহঁতৰ মাজত তুমিও পৰি থাকিবা। প্ৰভূ যিহোৱাই কৈছে, ফৰৌণ আৰু তাৰ আটাই লোকসমূহৰ এইৰূপ গতি হ’ব।
\s মিচৰ আৰু ফৰৌণৰ বিষয়ৰ বিলাপ।
\s5
\c 32
\p
\v 1 দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰা, আৰু তাক কোৱা, তুমি নিজকে জাতিবিলাকৰ যুৱা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জলসমূহ আস্ফালন কৰিছা, আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা।
\s5
\v 3 প্ৰভূ যিহোৱাই এই কথা কৈছে, মই অনেক লোকসমূহে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু সিহঁতে তোমাক মোৰ জালেৰে আনিব।
\v 4 পাছে মই তোমাক বামত এৰি দিম, তোমাক পথাৰত পেলাই দিম, আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰাম, আৰু গোটেই পৃথিৱীৰ জন্তুবোৰক তোমাক খাবলৈ দি সিহঁতৰ হেপাহ পলোৱাম।
\s5
\v 5 মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম, আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম।
\v 6 তুমি সাঁতোৰা দেশখন মই পৰ্ব্বতলৈকে তোমাৰ তেজেৰে ভেজাম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব।
\s5
\v 7 আৰু মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্য্যক ঢাকিম, আৰু চন্দ্ৰই পোহৰ নিদিব।
\v 8 আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰৰ কোনোটোকে মই তোমাৰ ওপৰত পোহৰ কৰিবলৈ নিদিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\s5
\v 9 যেতিয়া মই জাতিবিলাকৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই অনেক দেশৰ লোকৰ হৃদয়ত বেজাৰ দিম।
\v 10 এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু সিহঁতৰ ৰজাবিলাকৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবিলাকক মই তোমাৰ বিষয়ে বিস্ময় মনাম, আৰু সেই ৰজাবিলাকে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁবিলাক প্ৰতিজনে নিজ নিজ প্ৰাণৰ নিমিত্তে প্ৰত্যেক মূহূৰ্ত্তে কঁপিব।
\p
\s5
\v 11 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাক আক্ৰমণ কৰিব।
\v 12 বীৰবিলাকৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোকসমূহক নিপাত কৰিম; তেওঁবিলাক সকলোৱেই জাতিবিলাকৰ ভয়ানক লোক; তেওঁবিলাকে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোকসমূহ নষ্ট হ’ব।
\s5
\v 13 মই অনেক জলসমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম, আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীবোৰ আৰু নলৰাব।
\v 14 সেই কালত মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম, আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম, এয়ে প্ৰভূ যিহোৱাৰ বচন।
\s5
\v 15 যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম, যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\v 16 এয়ে বিলাপ কৰিবলগীয়া সিহঁতৰ বিলাপ; জাতিবিলাকৰ জীয়াৰীবোৰে ইয়াৰে বিলাপ কৰিব, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\p
\s5
\v 17 পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 18 হে মনুষ্য সন্তান, তুমি মিচৰৰ লোকসমূহৰ বিষয়ে হাহাকাৰ কৰা, আৰু সিহঁতক তললৈ পেলাই দিয়া; তাক আৰু বিখ্যাত জাতিবিলাকৰ জীয়াৰীবোৰে গাঁতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অধোভাগলৈ পেলাই দিয়া।
\s5
\v 19 তুমি কাতকৈ সুন্দৰ? নামি যোৱা অচুন্নৎহঁতৰ লগত শয়ন কৰা।
\v 20 সিহঁত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাকৰ মাজত পতিত হ’ব; তাক তৰোৱালত শোধাই দিয়া হৈছে; তোমালোকে তাক আৰু তাৰ লোকসমূহক টানি লৈ যোৱা।
\v 21 পৰাক্ৰমী বীৰবিলাকে চিয়োলত তাৰ আৰু তাৰ সহায়কাৰীবোৰক কথা ক’ব; তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎহঁত তললৈ নামি গৈ পৰি আছে।
\p
\s5
\v 22 অচূৰ আৰু তাৰ আটাই লোকসমূহ তাত আছে;তাৰ মৈদামবোৰ তাৰ চাৰিওফালে আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
\v 23 সিহঁতৰ মৈদামবোৰ গাঁতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোকসমূহ তাৰ মৈদামৰ চাৰিওফালে আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল; সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল।
\p
\s5
\v 24 এলম, আৰু তাৰ মৈদামৰ চাৰিওফালে তাৰ লোকসমূহ ততাত আছে; সিহঁত আটাইবোৰ হত হ’ল, তৰোৱলৰ দ্বাৰাই পতিত হ’ল; সিহঁত অচুন্নৎ-অৱস্থাৰেই পৃথিৱীৰ অধোভাগলৈ নামি গ’ল; সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
\v 25 হত লোকবিলাকৰ মাজত, তাৰ আটাই লোকসমূহে সৈতে তাৰ নিমিত্তে এক শয্যা যুগুত কৰা হ’ল; তাৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; সিহঁত আটাইবোৰ অচুন্নৎ, সিহঁত তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; হত লোকবিলাকৰ মাজত তাক ৰখা হৈছে।
\p
\s5
\v 26 মেচেক-তূবল, আৰু তাৰ আটাই লোকসমূহ তাতত আছে; তাৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে, সিহঁত আটাইবোৰ অচুন্নৎ, সিহঁত তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো সিহঁতে জীৱিতবিলাকৰ দেশত ত্ৰাস জন্মাইছিল।
\v 27 যি বীৰবিলাক অচুন্নৎ-অৱস্থাৰে পতিত হ’ল, যিবিলাকে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিবিলাকৰ তৰোৱাল তেওঁবিলাকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতবিলাকৰ দেশত বীৰবিলাকৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিবিলাকৰ হাড়বোৰত তেওঁবিলাকৰ অপৰাধ লাগি আছে, সেই বীৰবিলাকৰ লগত, সিহঁত নুশুব।
\s5
\v 28 তুমিও অচুন্নৎহঁতৰ মাজত ভগ্ন হ’বা, আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত শয়ন কৰিবা।
\p
\v 29 ইদোম, তাৰ ৰজাবিলাক, আৰু তাৰ আটাই প্ৰধান লোক তাত আছে; সিহঁত পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত সিহঁতক ৰখা হৈছে; সিহঁত অচুন্নৎহঁতৰ লগত, গাঁতলৈ নামি যোৱাবোৰৰ লগত শুব।
\s5
\v 30 হত হোৱাবোৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে; সিহঁতে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো সিহঁতে লাজ পাইছে; আৰু সিহঁতে তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত অচুন্নৎ-অৱস্থাৰেই পৰি আছে, আৰু গাঁতলৈ নামি যোৱাবোৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
\p
\s5
\v 31 ফৰৌণে সিহঁতক দেখি নিজৰ আটাই লোকসমূহৰ নিমিত্তে শান্ত্বনা পাব; এনে কি, প্ৰভূ যিহোৱাই কৈছে, ফৰৌণে আৰু তৰোৱালৰ দ্বাৰাই হত বোৱা তাৰ আটাই সৈন্যসান্তই শান্ত্বনা পাব।
\v 32 কিয়নো মই জীৱিতবিলাকৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভূ যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাবোৰৰ লগত অচুন্নৎহঁতৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোকসমূহক ৰখা হ’ব।
\s লোকবিলাকৰ পক্ষে ভাববাদী এজন নিযুক্ত প্ৰহৰীস্বৰূপ।
\s5
\c 33
\p
\v 1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিলে, যদি সেই দেশৰ লোকবিলাকে তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহক লৈ তেওঁবিলাকৰ নিমিত্তে তাক প্ৰহৰী নিযুক্ত কৰে,
\v 3 আৰু তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি যদি শিঙা বজাই লোকবিলাকক সতৰ্ক কৰে,
\v 4 তেন্তে যেয়ে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁক লৈ যায়, তেনেহলে তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ মূৰতে পৰিব।
\s5
\v 5 তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; যদি তেওঁ সতৰ্ক হ’লহেতেন, তেন্তে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন।
\v 6 কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু মানুহবিলাক সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহ লৈ যায়, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণে নিয়া হ’ব; কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।
\p
\s5
\v 7 হে মনুষ্য সন্তান, এইদৰে মই তোমাকেই ইস্ৰায়েলবংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; এই হেতুকে তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা।
\v 8 হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা, এই বুলি মই যেতিয়া দুষ্টক কওঁ, আৰু তুমি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবৰ নিমিত্তে একো নোকোৱা, তেতিয়া সেই দুষ্ট নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।
\v 9 কিন্তু যদি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু সি নিজ পথৰ পৰা নুঘূৰে, তেন্তে সি নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
\p
\s5
\v 10 আৰু হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, তোমালোকে কৈছা, আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ক্ষীণাই গৈছোঁ; তেন্তে আমি কেনেকৈ জীয়াই থাকিম?
\v 11 তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে, তাতহে মই সন্তোষ পাওঁ; ঘূৰা, তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?
\s5
\v 12 আৰু হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকক কোৱা, ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ নকৰিব; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, সি নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই পতিত নহ’ব; বা ধাৰ্ম্মিক জনে পাপ কৰা দিনা নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।
\v 13 যেতিয়া মই ধাৰ্ম্মিকৰ বিষয়ে, তেওঁ জীয়াই থাকিব বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্ম্মিকতাত নিৰ্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্ম্মকৰ্ম্মবোৰৰ কোনোটোও সোঁৱৰণ কৰা নহ’ব, কিন্তু তেওঁ কৰা অপৰাঘৰ নিমিত্তে তেওঁ মৰিব।
\s5
\v 14 পুনৰায়, তুমি অৱশ্যে মৰিবা বুলি যেতিয়া মই দুষ্টক কওঁ, তেতিয়া যদি সি নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য্য কৰে,
\v 15 যদি দুষ্টই বন্ধক ওলোটাই দিয়ে, কাঢ়িলোৱা বস্তু পুনৰায় দিয়ে, কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চলে, তেন্তে সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব।
\v 16 সি কৰা পাপবোৰৰ কোনো পাপকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি উচিত আৰু ন্যায় কাৰ্য্য কৰিলে; সি অৱশ্যে জীয়াই থাকিব।
\p
\s5
\v 17 তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমাৰ জাতিৰ সন্তানবিলাকে কয়; কিন্তু তেওঁবিলাকৰেই পথ সমান নহয়।
\v 18 যেতিয়া ধাৰ্ম্মিকে নিজ ধাৰ্ম্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেৱোঁ তাৰ দ্বাৰাই মৰিব।
\v 19 আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেতিয়া সিও তাৰ দ্বাৰাই জীয়াই থাকিব।
\v 20 তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমালোকে কোৱা। হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ বিচাৰ কৰিম।
\s যিহিষ্কেলে যিৰূচালেমৰ পতনৰ বাৰ্ত্তা পোৱা।
\p
\s5
\v 21 পাছে আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি ক’লে, নগৰখন শত্ৰুৰ হাতত পৰিল।
\v 22 পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যা পৰত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ঘুৰিলৈ আহিব দেখি তেওঁ মোৰ মূখ মেলিলে, আৰু মোৰ মুখ মুকলি হ’লত, মই আৰু বোবা হৈ নাথাকিলোঁ।
\p
\s5
\v 23 তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল বোলে,
\v 24 হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকবিলাকে কয়, অব্ৰাহাম এজন মাত্ৰ, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক, অধিকাৰৰ অৰ্থে দেশ আমাকেই জিয়া হৈছে।
\s5
\v 25 এই হেতুকে তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা, আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা?
\v 26 তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য্য কৰা, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা?
\s5
\v 27 তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ জীৱনৰ শপত, ধ্বংসস্থান -বোৰত বাস কৰা লোকবিলাক অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, মুকলি পথাৰত থকাটোক খাবৰ নিমিত্তে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ ও গুহাত থকাবোৰ মহামাৰীত মৰিব।
\v 28 আৰু মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তাতে তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব।
\v 29 তাতে, তেওঁবিলাকে কৰা তেওঁবিলাকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে যেতিয়া মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\p
\s5
\v 30 আৰু হে মনুষ্য সন্তান, তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তানবিলাকে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ-মুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, ব’লা যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, তাক আমি শুনোগৈহঁক।
\v 31 আৰু প্ৰজাবিলাক অহাদি তেওঁবিলাক তোমাৰ ওচৰলৈ আহে, আৰু মোৰ প্ৰজা বুলি তেওঁবিলাক তোমাৰ আগত বহে, আৰু তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে; কিয়নো তেওঁবিলাকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁবিলাকৰ অন্তৰ তেওঁবিলাকৰ লাভৰ পাছত চলে।
\s5
\v 32 আৰু চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙিৰ মানুহৰ, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গানযেন হে; কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে।
\v 33 আৰু যেতিয়া সেয়ে ঘটিব,( চোৱা, সেয়ে ঘটিবৰ দিন ওচৰ হৈছে), তেতিয়া, তেওঁবিলাকৰ মাজত যে এজন ভাববাদী আছিল, তাক তেওঁবিলাকে জানিব।
\s ইস্ৰায়েলৰ নিৰ্দ্দয় ভেড়া-ৰখীয়াবিলাকৰ বিষয়, আৰু দেশ পুনঃস্থাপন।
\s5
\c 34
\p
\v 1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান তুমি ইস্ৰায়েলৰ ভেড়া-ৰখীয়াবিলাকৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা, ভাববাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ ভেড়াৰখীয়াবিলাক সন্তাপৰ পাত্ৰ; ভেড়া-ৰখীয়াবিলাকে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে?
\v 3 তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে কাপোৰ কৰি লোৱা, তোমালোকে হৃষ্টপুষ্ট ভেড়াবোৰ বধ কৰা, কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।
\s5
\v 4 তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, ৰোগীয়াটোক সুস্থ নকৰিলা, হাৰ ভগাটোৰ ভগা ঠাই নাবান্ধিলা, নাইবা খেদি লৈ যোৱাটোক পুনৰাই নানিলা, বা হেৰোৱাটোক নিবিচাৰিলা; কিন্তু বল আৰু উপদ্ৰৱেৰে তোমালোকে সেইবোৰক শাসন কৰিলা।
\v 5 আৰু ৰখীয়া নোহোৱাত সেইবোৰ ছিন্ন-ভিন্ন হ’ল, আৰু সেইবোৰ আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল, ছিন্ন-ভিন্ন হৈ গ’ল।
\v 6 মোৰ ভেড়াবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে; এনে কি, মোৰ ভেড়াবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল, আৰু সেইবোৰক চাওঁতা কি বিচাৰোঁতা কোনো নাই।
\p
\s5
\v 7 এই হেতুকে হে ভেড়া-ৰখীয়াবিলাক, যিহোৱাৰ বাক্য শুনা।
\v 8 প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ভেড়া-ৰখীয়াবিলাকে মোৰ ভেড়াবোৰ নিবিচৰাত, আৰু মোৰ ভেড়াবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰাত, ৰখীয়া নাইকিয়াতেই মোৰ ভেড়াবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
\s5
\v 9 এই হেতুকে হে ভেড়া-ৰখীয়াবিলাক, যিহোৱাৰ বাক্য শুনা।
\v 10 প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ভেড়া-ৰখীয়াবিলাকৰ বিপক্ষ; মই সিবিলাকৰ হাতৰ পৰা মোৰ ভেড়াবোৰ আদায় কৰিম, আৰু সিবিলাকক ভেড়া-ৰখীয়া বাবৰ পৰা গুচাম; ভেড়া ৰখীয়াবিলাকে নিজদকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ ভেড়াবোৰ সিবিলাকলৈ আহাৰ নহ’বৰ নিমিত্তে মই সিবিলাকৰ মুখৰ পৰা সেইবোৰক উদ্ধাৰ কৰিম।
\p
\s5
\v 11 কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ময়েই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
\v 12 ভেড়া ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজ ভেড়াবোৰৰ মাজত থকা দিনা নিজৰ ভেড়াৰ জাকক বিচাৰি উলিুওৱাৰ নিচিনাকৈ, মই মোৰ ভেড়াৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।
\v 13 আৰু মই জাতিবিলাকৰ মাজৰ পৰা সেইবোৰক উলিয়াই আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই সেইবোৰৰ নিজ দেশলৈ নিম; আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
\s5
\v 14 মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম, আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰৰ চৰণীয়া ঠাই হ’ব; সেইবোৰে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব, আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।
\v 15 ময়েই মোৰ ভেড়াবোৰক চৰাম আৰু ময়েই সেইবোৰক শয়ন কৰাম, এয়ে প্ৰভূ যিহোৱাৰ বচন।
\v 16 মই হেৰোৱাটোক বিচাৰিম, খেদি নিয়াটোক ঘূৰাই আনিম, হাড় ভগাটোৰ ভগা ঠাই বান্ধিম, ৰোগীয়াটোক সবল কৰিম, হৃষ্টপুষ্ট আৰু বলীটোক সংহাৰ কৰিম, আৰু ন্যায়েৰে সেইবোৰক প্ৰতিপালন কৰিম।
\p
\s5
\v 17 আৰু হে মোৰ ভেড়াৰ জাক, তোমালোকৰ বিষয়ে হ’লে, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম, মতা ভেড়া আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম।
\v 18 এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহ তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
\v 19 মোৰ ভেড়াবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।
\p
\s5
\v 20 এই হেতুকে প্ৰভূ যিহোৱাই তেওঁবিলাকক এই দৰে কৈছে, মই ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ ভেড়াবোৰৰ মাজত বিচাৰ কৰিম।
\v 21 তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা।
\s5
\v 22 এই নিমিত্তে মই মোৰ ভেড়াৰ জাকক ৰক্ষা কৰিম; সেইবোৰ আৰু লুটদ্ৰব্য নহ’ব, আৰু মই এটা এটাকৈ ভেড়াৰ জাকৰ বিচাৰ কৰিম।
\v 23 আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম; তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
\v 24 মই যিহোৱাই মোৰ লোকবিলাকৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁবিলাকৰ মাজত অধিপতি হ’ব, ইয়াক মই যিহোৱাই কলোঁ।
\p
\s5
\v 25 আৰু মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; তাতে তেওঁবিলাকে অৰণ্যত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
\v 26 আৰু মই তেওঁবিলাকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম, আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
\v 27 আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব,পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁবিলাক নিজৰ দেশত নিৰ্ভয়ে থাকিব; যেতিয়া মই তেওঁবিলাকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁবিলাকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিম, তেতিয়া মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s5
\v 28 আৰু তেওঁবিলাক জাতিবিলাকৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁবিলাকক গ্ৰাস নকৰিব; কিন্তু তেওঁবিলাকে নিৰাপদে বাস কৰিব, আৰু তোনেও তেওঁবিলাকক ভয় নলগাব।
\v 29 মই গৌৰৱৰ অৰ্থে তেওঁবিলাকৰ নিমিত্তে এটি পুলি উৎপন্ন কৰিম; তেওঁবিলাক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবিলাকে দিয়া লাজ তেওঁবিলাকে আৰু ভোগ নকৰিব।
\s5
\v 30 আৰু প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকৰ ঈশ্বৰ মই যিহোৱা যে তেওঁবিলাকৰ লগত আছোঁ আৰু তেওঁবিলাক ইস্ৰায়েল বংশ যে মোৰ প্ৰজা, তাক তেওঁবিলাকে জানিব।
\v 31 আৰু প্ৰভূ যিহোৱাই কৈছে, মোৰ ভেড়াবোৰ, মোৰ চৰণীয়া ভেড়াবোৰ যি তোমালোক, তোমালোক মানুহ, আৰু মই তোমালোকৰ ঈশ্বৰ।
\s ইদোমৰ বিষয়ে কোৱা বাক্য।
\s5
\c 35
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা,
\v 3 আৰু তাক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে চেয়ীৰ পৰ্ব্বত, তোৱা, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস আৰু বিস্ময় ঠাই কৰিম।
\s5
\v 4 মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম: আৰু তোমাক ধ্বংস কৰা হ’ব; তাতে মই যে যিহোৱা তাক তুমি জানিবা।
\v 5 তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, ইস্ৰায়েলৰ সন্তানবিলাকৰ আপদৰ কালতেই তুমি তেওঁবিলাকক তৰোৱালৰ হাতত শোধাই দিলা।
\v 6 এই নিমিত্তে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব।
\s5
\v 7 এইদৰে মই চায়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
\v 8 মই তাৰ হত লোকেৰে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম; তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত, আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকবিলাক পতিত হ’ব।
\v 9 মই তোমাক চিৰকলীয়া ধ্বংসস্থান কৰিম, তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\p
\s5
\v 10 তুমি ক’লা, সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।
\v 11 এই হেতুকে, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁবিলাকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই সিহঁতৰ মাজত নিজকে চিনাকি দিম।
\s5
\v 12 ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই যিহোৱাই যে শুনিলোঁ, তাক তুমি জানিবা।
\v 13 আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা, আৰু মোৰ অহিতে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
\s5
\v 14 প্ৰভূ যিহোৱাই এই কথা কৈছে, গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
\v 15 ইস্ৰায়েলবংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ অৰ্থে কৰা মঙ্গল-প্ৰতিজ্ঞা।
\s5
\c 36
\p
\v 1 আৰু হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, হে ইসেৰ্য়েলৰ পৰ্ব্বতবিলাক, তোমালোকে যিহোৱাৰ বাক্য শুনা।
\v 2 প্ৰভূ যিহোৱাই এই কথা কৈছে, শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল”।
\v 3 এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, জাতিবিলাকৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ নিমিত্তে, সিহঁতে তোমালোকক ধ্বংস আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকবিলাকে চৰ্চ্চিফুৰাৰ বিষয় হ’লা।
\s5
\v 4 এই কাৰণে এই কাৰণেইহে, হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক, তোমালোকে প্ৰভূ যিহোৱাৰ বাক্য শুনা,; চাৰিওফালে থকা জাতিবিলাকৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভূ যিহোৱাই এইদৰে কৈছে,
\v 5 সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভূ যিহোৱাই এইদৰে কৈছে,লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবিলাকৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ নিমিত্তে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, সিহঁতৰ অহিতে মোৰ অন্তৰ্জ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
\v 6 এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, জাতিবিলাকে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।
\s5
\v 7 এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকেহে নিজ নিজ লাজ ভোগ কৰিব।
\p
\s5
\v 8 কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ নিমিত্তে তোমালোকে ফল উৎপন্ন কৰিবা; কিয়নো তেওঁবিলাকৰ অহা সময় ওচৰ চাপিছে।
\v 9 কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
\s5
\v 10 আৰু মই তোমালোকৰ ওপৰত মানুহবিলাকক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইবিলাককে বঢ়াম; আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
\v 11 আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবিলাকে বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\v 12 এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁবিলাকৰ অধিপত্য হ’বা, আৰু তুমি তেওঁবিলাকক পুনৰায় সন্তানহীন নকৰিবা।
\s5
\v 13 প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি মনুষ্য গ্ৰাসকীৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী বুলি তেওঁবিলাকে তোমালোকক কয়;
\v 14 এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা;
\v 15 আৰু জাতিবিলাকে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকবিলাকৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভূ যিহোৱাই কৈছে।
\s ইস্ৰায়েলক শুচি কৰা।
\p
\s5
\v 16 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 17 হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল,, তেতিয়া তেওঁবিলাকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা তিৰোতাৰ অশৌচৰ নিচিনা আছিল।
\v 18 এই হেতুকে, তেওঁবিলাকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁবিলাকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ নিমিত্তে, মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
\s5
\v 19 আৰু মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁবিলাক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
\v 20 আৰু তেওঁবিলাক যি জাতিবিলাকৰ গুৰিলৈ গ’ল, সেই জাতিবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁবিলাকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
\v 21 কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবিলাকৰ মাজত তেওঁবিলাকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ নিমিত্তে মোৰ দয়া জন্মিল।
\p
\s5
\v 22 এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিমিত্তে কাৰ্য্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবিলাকৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
\v 23 আৰু জাতিবিলাকৰ মাজত তেওঁবিলাকে অপবিত্ৰ কৰা জাতিবিলাকৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভূ যিহোৱাই কৈছে,যেতিয়া মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই, যে যিহোৱা, তাক জাতিবিলাকে জানিব।
\s5
\v 24 কিয়নো মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ নিম।
\v 25 আৰু মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
\s5
\v 26 মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
\v 27 আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবা।
\v 28 আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
\s5
\v 29 মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।
\v 30 তোমালোকে জাতিবিলাকৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ নিমিত্তে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।
\v 31 তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্য্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
\s5
\v 32 প্ৰভূ যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য্য নকৰোঁ, ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ নিমিত্তে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।
\v 33 প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুৰায় নিৰ্ম্মান কৰা হ’ব।
\v 34 আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ চহোৱা হ’ব;
\s5
\v 35 আৰু লোকে ক’ব, এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।
\v 36 মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মান কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, তাক তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবিলাকে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।
\p
\s5
\v 37 প্ৰভূ যিহোৱাই এই দৰে কৈছে, আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ নিমিত্তে ইয়াক কৰিম, এই নিমিত্তে তেওঁবিলাকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই ভেড়াৰ জাকৰ দৰে তেওঁবিলাকক মানুহেৰে বৃদ্ধি কৰিম।
\v 38 পবিত্ৰ ভেড়াৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ ভেড়াৰ জাকৰেই নিচিনাকৈ ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।
\s ইস্ৰায়েল জাতিক পুনৰায় জীউৱা।
\s5
\c 37
\p
\v 1 পাছে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে; সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ।
\v 2 তেওঁ চাৰিওফালে সেইবোৰৰ ওচৰে ওচৰে মোক ফুৰালে, আৰু চোৱা, সেই উপত্যকাটিত অনেক অনেক হাড় আছিল, আৰু চোৱা, সেইবোৰ অতি শুকান।
\v 3 পাছে তেওঁ মোক কলে,হে মনুষ্য সন্তান,এই হাড়বোৰ জীৱ পাৰেনে? তাতে মই কলোঁ হে প্ৰভূ যিহোৱা, আপুনিহে জানে।
\s5
\v 4 তেতিয়া তেওঁ মোক কলে, তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, হে শুকান হাড়বিলাক, যিহোৱাৰ বাক্য শুনা।
\v 5 প্ৰভূ যিহোৱাই এই হাড়বোৰক এই কথা কৈছে, চোৱা, মই তোমালোকৰ ভিতৰত প্ৰাণবায়ু সুমুৱাম; তাতে তোমালোক জীৱা।
\v 6 আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\p
\s5
\v 7 পাছে মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল; মৰ মৰ শব্দ হ’ল; আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।
\v 8 আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে; কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।
\s5
\v 9 পাছে তেওঁ মোক কলে, বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা; হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা প্ৰভূ যিহোৱাই এই কথা কৈছে হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা।
\v 10 তাতে তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে, আৰু অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।
\p
\s5
\v 11 পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ: চোৱা, তেওঁবিলাকে কয়, আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আসা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো।
\v 12 এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা হে নোৰ প্ৰজাবিলাক, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম,আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম।
\s5
\v 13 আৰু হে মোৰ প্ৰজাবিলাক, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
\v 14 আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম; তাতে তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহোৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ, তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
\p
\s5
\v 15 পাছে যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,
\v 16 হে মনুষ্য সন্তান,তুমি নিজৰ নিমিত্তে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, “যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তানবিলাক”, পাছে আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, “যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ”,
\v 17 আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ নিমিত্তে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ নিমিত্তে এডাল কৰা।
\s5
\v 18 আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে ? এইবুলি তোমাৰ জাতিৰ সন্তানবিলাকে যেতিয়া তোমাক সুধিব,
\v 19 তেতিয়া তুমি তেওঁবিলাকক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবিলাকক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁবিলাক মোৰ হাতত এডাল হ’ব।
\v 20 আৰু তুমি লিখা কাঠ দুডাল তেওঁবিলাকৰ আগত তোমাৰ হাতত থাকিব।
\s5
\v 21 আৰু তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, ইস্ৰায়েলৰ সন্তানবিলাক যোৱা জাতিবিলাকৰ মাজৰ পৰা মই তেওঁবিলাকক লৈ চাৰিওফালৰ পৰা তেওঁবিলাকক গোটাই তেওঁবিলাকৰ নিজ দেশলৈ লৈ যাম।
\v 22 পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁবিলাকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁবিলাক আটাইৰে ৰজা হ’ব; তেওঁবিলাক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
\v 23 আৰু তেওঁবিলাকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণ লগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁবিলাকে পাপ কৰা তেওঁবিলাকৰ আটাই বাসস্থানৰ পৰা মই তেওঁবিলাকক ৰক্ষা কৰিম, আৰু তেওঁবিলাকক শুচি কৰিম; তাতে তেওঁবিলাক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম।
\p
\s5
\v 24 আৰু মোৰ দাস দায়ুদ তেওঁবিলাকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁবিলাক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁবিলাকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব।
\v 25 আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁবিলাকে বাস কৰিব; তেওঁবিলাকে তেওঁবিলাকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁবিলাকৰ অধিপতি হ’ব।
\s5
\v 26 ইয়াৰ বাহিৰে মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁবিলাকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁবিলাকক স্থাপন কৰি তেওঁবিলাকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁবিলাকৰ মাজত মোৰ ধৰ্ম্মধাম স্থাপন কৰিম।
\v 27 মোৰ আবাসো তেওঁবিলাকৰ লগত থাকিব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম, আৰু তেওঁবিলাক মোৰ প্ৰজা হ’ব।
\v 28 আৰু যেতিয়া মোৰ ধৰ্ম্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবিলাকে জানিব।
\s অন্তিম কালত গোগে ইস্ৰায়েলক আক্ৰমণ কৰা। গোগৰ বিনাশ।
\s5
\c 38
\p
\v 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
\v 2 হে মনুষ্য সন্তান,, মাগোগদেশীয়, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা,
\v 3 প্ৰভূ যিহোৱাই এই কথা কৈছে,, চোৱা, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।
\s5
\v 4 মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাই তোমাক , আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; সিহঁত আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; সিহঁত আটাইবোৰ তৰোৱালধাৰী।
\v 5 সিহঁতৰ লগত পাৰস্য, কোচ, আৰু পুট আছে; সিহঁত আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।
\v 6 গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোমগাৰ বংশ, আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।
\s5
\v 7 তুমি যুগুত হোৱা, নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি সিহঁতৰ ৰখীয়া হোৱা।
\v 8 বহুদিনৰ পাছত তোমাৰ সৈন্যসমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতিসমূহৰ পৰা গোটোৱা লোকবিলাকৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকবিলাকক জাতিবিলাকৰ মাজৰ পৰা উলিওৱা হ’ল, আৰু তেওঁবিলাক আটায়ে নিৰাপদে বাস কৰিছে।
\v 9 তুমি উঠি ধুমুহাৰ নিচিনাকৈ যাত্ৰা কৰিবা; তুমি আৰু তোমাৰ আটাই দলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিয়ে মেঘৰ দৰে দেশ ঢাকিবা।
\p
\s5
\v 10 প্ৰভূ যিহোৱাই এইদৰে কৈছে, সেই দিনা তোমাৰ মনত নানা ভাৱ উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা;
\v 11 আৰু তুমি ক’বা, লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবিলাকৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ,
\v 12 গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকবিলাকৰ তালৈ যাম।
\s5
\v 13 চিবা, দদান, তৰ্চীচৰ বণিকবিলাক, আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, ভেড়া আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?
\p
\s5
\v 14 এই হেতুকে, হে মনুষ্য সন্তান, তুমি ভাববামী প্ৰচাৰ কৰি গোগক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, সেইদিনা যেতিয়া মোৰ প্ৰজা ইস্ৰায়েলে নিৰাপদে বাস কৰিব,তেতিয়া তুমি দানো তাক নাজানিবা?
\v 15 াৰু তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা, াৰু তোমাৰে সৈতে অনেক জাতি যাব; সিহঁত আটাইবোৰ অশ্বাৰোহী, সিহঁত মহাদল আৰু পৰাক্ৰমী সৈন্যসামন্ত.
\v 16 তুমি এডোখৰ মেঘৰ নিচিনাকৈ দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবিলাকৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবিলাকে মোক জানিবৰ নিমিত্তে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।
\p
\s5
\v 17 প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাববাণী প্ৰচাৰ কৰা মোৰ দাস ভাববাদীবিলাকৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে?
\v 18 আৰু প্ৰভূ যিহোৱাই কৈছে, গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব।
\s5
\v 19 কিয়নো মোৰ অন্তৰ্জ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে এনে মহৎ কম্পন হ’ব যে,
\v 20 সমুদ্ৰৰ মাছ,আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰগ জন্তু, আৰু পৃথিৱীৰ ওপৰত থকা সকলো মানুহ মোৰ সন্মুখত কঁপিব, আৰু পৰ্ব্বতবোৰ পেলোৱা হ’ব, গড়া ঠাইবোৰ খহি পৰিব, আৰু প্ৰত্য়েক গড় মাটিৰে সমান হ’ব।
\s5
\v 21 আৰু প্ৰভূ যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব।
\v 22 আৰু মই মহমাৰী আৰু ৰক্তপাতেৰে তাক বিচাৰ সিদ্ধ দণ্ড দিম: আৰু মই তাৰ, তাৰ দলসমূহৰ, আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।
\v 23 আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s5
\c 39
\p
\v 1 আৰু হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই দৰে কৈছে, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ চোৱা, মই তোমাৰ বিপক্ষ।
\v 2 আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।
\v 3 আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম, আৰু তোমাৰ সোঁ -হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।
\s5
\v 4 তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবিলাকে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তুক তোমাক দিম।
\v 5 প্ৰভূ যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
\v 6 আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠাম; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।
\s5
\v 7 আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম, আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তাতে, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবিলাকে জানিব।
\v 8 প্ৰভূ যিহোৱাই কৈছে, চোৱা, সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মইৱ কোৱা দিন এয়ে।
\s5
\v 9 সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীবিলাকে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাটি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁবিলাকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।
\v 10 তেওঁবিলাকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁবিলাকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকক লুট কৰাবোৰক তেওঁ বিলাকে লুট কৰিব আৰু তেওঁবিলাকক অপহৰণ কৰিবোৰক তেওঁবিলাকে অপহৰণ কৰিব।
\p
\s5
\v 11 আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাবিলাকৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁবিলাকে গোগ আৰু তাৰ আটাই লোকসমুহক পুতিব; আৰু তেওঁবিলাকে তাৰ নাম হামোন-গোগৰ[গোগৰ লোকসমুহৰ] উপত্যকা থ’ব।
\s5
\v 12 আৰু দেশ শুচি কৰিবৰ নিমিত্তে ইস্ৰায়েল বংশই সাত মাহলৈকে সিহঁতক পুতি থাকিব।
\v 13 এনে কি, দেশৰ আটাই লোকে সিহঁতক পুতিব; প্ৰভূ যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁবিলাকলৈ যশস্যাৰ কাৰণ হ’ব।
\s5
\v 14 লোকবিলাকে কামত অনবৰত লাগি থাকিব পৰা মানুহক বাচি ল’ব; সিহঁতে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টবিলাকক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁবিলাকে বিচাৰি ফুৰিব।
\v 15 আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।
\v 16 আৰু হামোনা [ লোকসমূহ ]বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁবিলাকে দেশ শুচি কৰিব।
\p
\s5
\v 17 আৰু হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই এই দৰে কৈছে, আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, তোমালোকে গোট খাই আহা; তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্ৰ হোৱা।
\v 18 তোমালোকে বীৰবিলাকৰ মাংস খাবা আৰু মতা ভেড়া, ভেড়া পোৱালি, ছাগ, আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিবিলাকৰ ৰক্ত পান কৰিবা; সিবিলাক আটাইবিলাক বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।
\s5
\v 19 আৰু তোমালোকৰ নিমিত্তে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা, আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
\v 20 আৰু প্ৰভূ যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা।
\p
\s5
\v 21 এইদৰে মই জাতিবিলাকৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু সিহঁতৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।
\v 22 ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা তাক জানিব।
\s5
\v 23 আৰু জাতিবিলাকে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁবিলাকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁবিলাকৰ পৰা মোৰ মুখ ঢাকি তেওঁবিলাকৰ শত্ৰুৰ হাতত তেওঁবিলাকক শোধাই দিছিলোঁ, আৰু তেওঁবিলাক আটাইবিলাক তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
\v 24 তেওঁবিলাকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁবিলাকলৈ কাৰ্য্য কৰিছিলোঁ, আৰু তেওঁবিলাকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
\p
\s5
\v 25 কিন্তু প্ৰভূ যিহোৱাই কৈছে,এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
\v 26 আৰু এতিয়া তেওঁবিলাকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁবিলাকক ভয় নেদেখুৱাব,
\v 27 যেতিয়া মই তেওঁবিলাকক জাতিবিলাকৰ মাজৰ পৰা ওলোটাই আনি, তেওঁবিলাকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁবিলাকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁবিলাকে নিজৰ লাজৰ, আৰু তেওঁবিলাকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।
\s5
\v 28 আৰু মই তেওঁবিলাকক জাতিবিলাকৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁবিলাকৰ দেশলৈ আনি তেওঁবিলাকক গোটালে, মই যে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁবিলাকে জানিব আৰু মই তাত তেওঁবিলাকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
\v 29 আৰু মই তেওঁবিলাকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভূ যিহোৱাই কৈছে,মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।
\s নতুন মন্দিৰৰ বৰ্ণনা।
\s5
\c 40
\p
\v 1 আমি দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।
\v 2 তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।
\s5
\v 3 তেওঁ মোক তালৈ নিলে, আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমান-নল লোৱা পিতলৰ আভাৰ নিচিনা আবা থকা এজন পুৰুষ আছিল; তেওঁ বাট-চৰাত থিয় হৈ আছিল।
\v 4 পাছে সেই পুৰুষে মোক কলে, হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা, আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়োলা অনা হ’ল; তুমি যি যি দেখিবা, সসেই সকলোকে ইস্ৰায়েল বংশক জনাবা।
\p
\s5
\v 5 আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুকিবৰ নিমিত্তে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল।
\v 6 তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটীয়েদি উঠিল, আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এখ নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল।
\v 7 আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল।
\s5
\v 8 তেওঁ বাট-চৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে।
\v 9 পাছে তেওঁ বাট-চৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে, আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ জুখি দুহাত দুহাত পালে, আৰু বাট-চৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল।
\v 10 আৰু সেই পূৱফালৰবাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, প্বৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ।
\s5
\v 11 পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে, আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে।
\v 12 আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এখ হাতৰ সিফালে এখ হাতৰ সীমা আছিল, আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইপালে ছহাত সিফালে ছহাত আছিল।
\v 13 আৰু তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি।
\s5
\v 14 আৰু তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল।
\v 15 আৰু বাট-চৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাট-চৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাশ হাত।
\v 16 প্ৰহৰী –কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকী আছিল, আৰু সেই খিড়িকী ভিতৰে কেউফালে আছিল, আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল।
\p
\s5
\v 17 পাছে তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে, আৰু চোৱা, চোতালখনৰ কেউফালে সজাঅনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল।
\v 18 আৰু ঠাইডোখৰ বাট-চৰাকেইটাৰ কাষে কাষে আছিল; সেয়ে বহলে বাট-চৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিলপাৰি দিয়া চাপৰ ঠাই।
\v 19 পাছে তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে।
\p
\s5
\v 20 পাচে তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে।
\v 21 তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল, আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত, আৰু প্ৰস্থ পঁচিশ হাত।
\s5
\v 22 তাৰ খিড়িকীবোৰ, তাৰ খিলনিবোৰ, আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল।
\v 23 উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুকি এশ হাত পালে।
\p
\s5
\v 24 পাছে তেওঁ মোক দক্ষিণ ফাললৈ নিলে, আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে।
\v 25 তাত আৰু তাৰ কেউফালে থকা খিলানবোৰত ওপৰে কোৱা খিড়িকীৰ নিচিনাই খিড়িকী আছিল, তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
\s5
\v 26 তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল, আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল।
\v 27 আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে।
\p
\s5
\v 28 পাচে তেওঁ মোক দক্ষিণফালৰ বাট-চৰাইদি ভিতৰ চোতালখনলৈ নিলে, আৰু তেওঁ দক্ষিণৰ বাট-চৰা জুখি সেই পৰিমাণমতেই পালে;
\v 29 তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকী আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
\v 30 আৰু কেউফালে পঁচিশ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল;
\v 31 তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল, আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
\p
\s5
\v 32 পাছে তেওঁ মোক পূৱফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে, আৰু বাট-চৰাটো জুখি সেই পৰিমাণতেই পালে;
\v 33 তাৰ প্ৰহৰী-কোঁঠালিবোৰ,তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকী আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল।
\v 34 তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
\p
\s5
\v 35 পাছে তেওঁ মোক উত্তৰ বাট-চৰাটোলৈ নিলে, আৰু তেওঁ তাক জুখি সেই পৰিমাণমতেই পালে।
\v 36 তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতোই আছিল, আৰু কেউফালে তাত খিড়িকী আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁছিশ হাত আছিল।
\v 37 তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল, আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
\s5
\v 38 প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়।
\v 39 হোম-বলি, পাপৰ্থক-বলি, আৰু দোষাৰ্থক-বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল।
\s5
\v 40 আৰু উত্তৰ ফালৰ বাট-চৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল, আৰু আনফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল।
\v 41 এইদৰে বাট-চৰাটোৰ ভিতৰত চাৰিখন আৰু বাট-চৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল; বলি কাটিবলৈ সৰ্ব্বমুঠ আঠখন মেজ আছিল।
\s5
\v 42 আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়।
\v 43 আৰু ভিতৰে কেউফালে চাৰি আঙুলিয়া হাঁকোটিবোৰ লগোৱা আছিল, আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়।
\p
\s5
\v 44 আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নবিলাকৰ নিমিত্তে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল,
\v 45 আৰু তেওঁ মোক কলে, দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতবিলাকৰ নিমিত্তে।
\s5
\v 46 আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতবিলাকৰ নিমিত্তে; তেওঁ বিলাক চাদোকৰ সন্তান; লেবীৰ সন্তানবিলাকৰ মাজৰ পৰা তেওঁবিলাকেই যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।
\v 47 আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, লেয়ে চাৰিওপালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল।
\p
\s5
\v 48 পাছে তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিপালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত সিফালে তিনি হাত পালে।
\v 49 বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত, আৰু প্ৰস্থ বাৰ হাত আছিল, আৰু তালৈ উঠিব পৰা খটখটী আছিল; আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।
\s5
\c 41
\p
\v 1 পাছে তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে; সেয়ে তম্বুৰ বহলৰ সমান।
\v 2 আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত, আৰু প্ৰস্থ জুখি বিশ হাত পালে।
\s5
\v 3 পাছে তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে, আৰু প্ৰৱশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
\v 4 আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু এয়ে অতি পবিত্ৰস্থান বুলি তেওঁ মোক কলে।
\p
\s5
\v 5 পাছে তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে, আৰু কেউফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
\v 6 কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল, আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল, আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল।
\v 7 আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।
\s5
\v 8 আৰু মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
\v 9 কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত, আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।
\s5
\v 10 কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল।
\v 11 আৰু কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
\p
\s5
\v 12 আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত, আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।
\v 13 পাছে তেওঁ গৃহ জুখি এশ হাত দীঘল পালে, আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।
\v 14 আৰু তেওঁ পূৱফালে গৃহৰ, আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।
\p
\s5
\v 15 আৰু পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে।
\v 16 এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকী, আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকীলৈকে তক্তা লগোৱা আছিল: খিড়িকীবোৰ ঢকা আছিল।
\v 17 আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।
\s5
\v 18 কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল।
\v 19 এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ, আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে যুৱা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।
\v 20 মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।
\p
\s5
\v 21 মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুঁটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰস্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা।
\v 22 বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ তুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক কলে, এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।
\v 23 মন্দিৰ আৰু অতি পবিত্ৰস্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল;
\v 24 আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।
\s5
\v 25 দেৱালত কৰা নিচিনাকৈ সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল।
\v 26 বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকী আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।
\s5
\c 42
\p
\v 1 পাছে তেওঁ মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি, আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নি,
\v 2 এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰিলে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত।
\v 3 সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলল পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।
\s5
\v 4 আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল।
\v 5 ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত টেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল।
\v 6 কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ নিচিনা সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল।
\s5
\v 7 আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত, আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল।
\v 8 কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত।
\v 9 বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।
\s5
\v 10 চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।
\v 11 এইবোৰৰ আগত যি এটা বট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল, আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ নিচিনা, আৰু সেই ৰকমেই।
\v 12 বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।
\p
\s5
\v 13 পাছে তেওঁ মোক কলে, পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতবিলাকে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁবিলাকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপৰ্থক বলি, আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
\v 14 যেতিয়া পুৰোহিতবিলাক পবিত্ৰস্থানত সোমায়, তেতিয়া তেওঁবিলাকে তেওঁবিলাকৰ পৰিচৰ্য্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁবিলাকে আন বস্ত্ৰ পিন্ধি লোকবিলাকৰ ঠাইলৈ যায়।
\p
\s5
\v 15 পাছে তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি নোক উলিয়াই নিলে, আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।
\s5
\v 16 তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
\v 17 তেওঁ ঘূৰি উত্তৰফলে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
\v 18 তেওঁ দক্ষিণফালে পৰিমাণ-নলেৰে জুখি পাঁচশ হাত পালে।
\v 19 আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ-নলেৰে জুখি পাঁচশ হাত পালে।
\s5
\v 20 তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।
\s নতুন মন্দিৰত যিহোৱাৰ প্ৰৱেশ। যজ্ঞ-বেদিৰ আৰু তাৰ প্ৰতিষ্ঠাৰ বিষয়।
\s5
\c 43
\p
\v 1 পাছে তেওঁ বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।
\v 2 আৰু চোৱা, পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জলসমূহৰ শব্দৰ নিচিনা, আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল।
\s5
\v 3 মই দৰ্শনত দেখা পদাৰ্থৰ নিচিনা, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল, আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰেই নিচিনা এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ।
\v 4 আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।
\v 5 পাছে আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে।
\p
\s5
\v 6 আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিলোঁ; আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।
\v 7 তেওঁ মোক কলে, হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁবিলাকে বা তেওঁবিলাকৰ ৰজাবিলাকে নিজৰ বেশ্যাকৰ্ম্মেৰে, আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰণ কালত তেওঁবিলাকৰ মৰ শৱেৰে মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব;
\v 8 তেওঁবিলাকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁবিলাকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁবিলাকৰ দুৱাৰ খুটা দি, মোৰ আৰু তেওঁবিলাকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁবিলাকে কৰা তেওঁবিলাকৰ ঘিণলগীয়া কাৰ্য্যেৰে তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই নিমিত্তে মই ক্ৰোধত তেওঁবিলাকক নষ্ট কৰিলোঁ।
\s5
\v 9 এতিয়া তেওঁবিলাকৰ বেশ্যাকৰ্ম্ম, আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰা শৱ তেওঁবিলাকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁবিলাকৰ মাজত চিৰকাললৈকে বাস কৰিম।
\p
\s5
\v 10 হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ নিমিত্তে তুমি তেওঁবিলাকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁঠা গৃহটি তেওঁবিলাকে জোখক।
\v 11 আৰু তেওঁবিলাকে কৰা আটাই কাৰ্য্যৰ নিমিত্তে যদি তেওঁবিলাক লজ্জিত হয়, তেন্তে তেওঁবিলাকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ, আৰু তাৰ আটাই ব্যৱস্থা তেওঁবিলাকক জনোৱা, আৰু তেওঁবিলাকৰ আগতে লিখা।
\s5
\v 12 এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা, গৃহটিৰ ব্যৱস্থা এয়ে।
\p
\s5
\v 13 আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই।(সেই হাত, এক হাত চাৰি আঙুল)।তল ভাগ এক হাত, প্ৰস্থ এক হাত, আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।
\v 14 আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত, আৰু বহলে এক হাত হ’ব।
\s5
\v 15 আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব, আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।
\v 16 যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল, আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব।
\v 17 আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল, আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।
\p
\s5
\v 18 পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই এই কথা কৈছে, যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ।
\v 19 প্ৰভূ যিহোৱাই কৈছে, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ ওচৰতথকা চাদোক বংশৰ লেবীয়া পুৰোহিতবিলাকক তুমি পাপাৰ্থক বলিৰ নিমিত্তে এটা ডেকা ভতৰা দিবা।
\s5
\v 20 আৰু তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাইটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত, আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।
\v 21 পাছে পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্ম্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।
\s5
\v 22 দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ নিমিত্তে এটা নিৰ্ঘূণী মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিবিলাকে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা নিচিনাকৈ যজ্ঞ-বেদিটো শুচি কৰিব।
\v 23 তাক শুচি কৰি এঁটালে তুমি এটা নিৰ্ঘূণী ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিৰ্ঘূণী মতা মেৰ উৎসৰ্গ কৰিবা।
\v 24 তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতবিলাকে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁবিলাকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।
\s5
\v 25 তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁবিলাকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিৰ্ঘূণী মেৰ উৎসৰ্গ কৰিব।
\v 26 সাতদিনলৈকে তেওঁবিলাকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁবিলাকে তাৰ প্ৰতিষ্ঠা কৰিব।
\v 27 আৰু দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতবিলাকে যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভূ যিহোৱাই কৈছে, মই তোমালোকক গ্ৰহণ কৰিম।
\s নতুন মন্দিৰত কাম কৰা মানুহবিলাকৰ বিষয়।
\s5
\c 44
\p
\v 1 পাছে তেওঁ ধৰ্ম্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে বন্ধ আছিল।
\v 2 পাছে যিহোৱাই মোক কলে, এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক সোমোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইপিনে প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।
\v 3 অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব, আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।
\p
\s5
\v 4 পাছে তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে, আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ।
\v 5 পাছে যিহোৱাই মোক কলে, হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্ম্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।
\s5
\v 6 আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে,
\v 7 হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ নিমিত্তে মোৰ ধৰ্ম্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়বোৰক মোৰ ধৰ্ম্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
\s5
\v 8 আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্ম্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।
\p
\v 9 প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত থকা বিজাতীয়বোৰৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্ম্মধামত নোসোমাব।
\s5
\v 10 কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াবোৰে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াবোৰে নিজ নিজ অপৰাধৰ ভাৰ বব।
\v 11 সিহঁতে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্য্যা কৰি মোৰ ধৰ্ম্মধামত পৰিচাৰক হ’ব; সিহঁতেই হোম-বলি আৰু প্ৰজাবিলাকৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাবিলাকৰ পৰিচৰ্য্যা কৰিবলৈ সিহঁতেই সিহঁতবিলাকৰ আগত থিয় হ’ব।
\v 12 সিহঁতে প্ৰজাবিলাকৰ মুৰ্ত্তিবোৰৰ আগত সিবিলাকৰ পৰিচৰ্য্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, মই সিহঁতৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, সিহঁতে নিজ নিজ অপৰাধৰ ভাৰ বব।
\s5
\v 13 আৰু সিহঁতে মোৰ ওচৰত পুৰোহিত কৰ্ম্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু সিহঁতৰ লাজৰ আৰু সিহঁতে কৰা ঘিণলগীয়া কাৰ্য্যৰ ভাৰ বব।
\v 14 গৃহটিৰ সকলো সেৱকীয়া কাৰ্য্যত, আৰু তাত কৰিব লগা আটাই কৰ্ম্মত মই সিহঁতক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।
\p
\s5
\v 15 কিন্তু ইস্ৰায়েলৰ সন্তানবিলাক মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্ম্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতবিলাকে হ’লে, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।
\v 16 তেওঁবিলাকে মোৰ ধৰ্ম্মধামত সোমাব, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।
\s5
\v 17 আৰু তেওঁবিলাকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁবিলাকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁবিলাকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্য্যা কৰোঁতে তেওঁবিলাকৰ গাত নোমৰ কাপোৰ নাথাকিব।
\v 18 তেওঁবিলাকৰ মুৰত শণ সূতীৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁবিলাকে কঁকালত নাবান্ধিব।
\s5
\v 19 যেতিয়া তেওঁবিলাকে বাহিৰ চোতালখনলৈ, তেওঁবিলাকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁবিলাকে তেওঁবিলাকৰ পৰিচৰ্য্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁবিলাকৰ বস্ত্ৰেৰে তেওঁবিলাকক পবিত্ৰ নকৰিবৰ নিমিত্তে আন বস্ত্ৰ পিন্ধিব।
\s5
\v 20 তেওঁবিলাকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।
\v 21 ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।
\v 22 তেওঁবিলাকে বিধৱা, বা পৰিত্যক্ত তিৰোতা বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।
\s5
\v 23 আৰু তেওঁবিলাকে মোৰ প্ৰজাবিলাকক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।
\v 24 আৰু কোনো বিবাদ হ’লে, তেওঁবিলাকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰেহে তেওঁবিলাকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁ- বিলাকে পালন কৰিব; আৰু তেওঁবিলাকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
\s5
\v 25 আৰু তেওঁবিলাকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুবৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ নিমিত্তে নিজকে অসুচি কৰিব পাৰে।
\v 26 কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ নিমিত্তে সাত দিন নিৰূপণ কৰা হ’ব।
\v 27 প্ৰভূ যিহোৱাই কৈছে, ধৰ্ম্মধামত পৰিচৰ্য্যা কৰিবলৈ, ধৰ্ম্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।
\p
\s5
\v 28 আৰু পুৰোহিতবিলাকে এক আধিপত্য পাব; ময়েই তেওঁবিলাকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁবিলাকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁবিলাকৰ আধিপত্য।
\v 29 ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁবিলাকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জ্জিত বস্তু তেওঁবিলাকৰেই হ’ব;
\s5
\v 30 আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ, আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতবিলাকৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ নিমিত্তে তুমি তোমাৰ খৰচীয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা;
\v 31 আৰু চৰাই হওক কি পশু হওক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতবিলাকে নাখাব।
\s নতুন ইস্ৰায়েলৰ অধিপতিজনে, পুৰোহিতে আৰু লেবীয়াবিলাকে পাব লগা ভাগবোৰৰ বিষয়।
\s5
\c 45
\p
\v 1 ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠী-খেলেৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাকিওফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
\v 2 তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ নিমিত্তে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ নিমিত্তে কেউপিনে পঞ্চাশ হাত থাকিব।
\s5
\v 3 আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল টাই এডোখৰ জুখিবা, আৰু ততাত পবিত্ৰ ধৰ্ম্মধাম হ’ব।
\v 4 সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ অহা ধৰ্ম্মধামৰ পৰিচাৰক পুৰোহিতবিলাকৰ নিমিত্তে হ’ব; আৰু সেয়ে তেওঁবিলাকৰ ঘৰৰ নিমিত্তে ঠাই হ’ব, আৰু ধৰ্ম্মধামৰ নিমিত্তে পবিত্ৰস্থান হ’ব।
\v 5 বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দব হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াবিলাকৰ আধিপত্যৰ অৰ্থে হ’ব।
\s5
\v 6 আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ নিমিত্তে হ’ব।
\v 7 পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে, আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই বাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।
\s5
\v 8 দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিবিলাকে মোৰ প্ৰজাবিলাকক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁবিলাকক দেশ দিব।
\p
\s5
\v 9 প্ৰভূ যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েলৰ অধিপতিবিলাক, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভূ যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাবিলাকক খেদাই দিবলৈ ক্ষান্ত হোৱা।
\v 10 তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা, আৰু ন্যায় বৎ হ’ব লাগে।
\v 11 বতত এক হোমৰৰ দহ ভাগৰ এভাগ, আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ নিমিত্তে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।
\v 12 আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।
\p
\s5
\v 13 তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাল ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।
\v 14 আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।
\v 15 আৰু প্ৰভূ যিহোৱাই কৈছে, লোকবিলাকক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ নিমিত্তে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।
\s5
\v 16 দেশৰ সকোল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
\v 17 আৰু পৰ্ব্বতবোৰত ন জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য, আৰু পেয় নৈবেদ্য উৎলৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।
\s নানা সময়ত দিব লগা নতুন ইস্ৰায়েলৰ বলিদান আৰু নৈবেদ্যৰ বিষয়।
\p
\s5
\v 18 প্ৰভূ যিহোৱাই এই কথা কৈছে, প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।
\v 19 পুৰোহিতে সেই পাপৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চাটোৰ দুৱাৰৰ খুটাত লগাব।
\v 20 আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ নিমিত্তেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।
\s5
\v 21 প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
\v 22 সেই দিনা অধিপতিজনে নিজৰ নিমিত্তে আৰু দেশৰ আটাই প্ৰজাৰ নিমিত্তে পাপৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।
\s5
\v 23 আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ নিমিত্তে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা ভেড়া উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ নিমিত্তে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।
\v 24 আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা ভেড়াৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।
\s5
\v 25 সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য, আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।
\s5
\c 46
\p
\v 1 প্ৰভূ যিহোৱাই এই কথা কৈছে,পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।
\v 2 আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতবিলাকে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছে ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।
\s5
\v 3 আৰু দেশৰ প্ৰজাবিলাকে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব।
\v 4 আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী ভেড়া পোৱালি, আৰু এটা নিৰ্ঘূণী মতা ভেড়া হ’ব।
\v 5 মতা ভেড়াটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু ভেড়া পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।
\p
\s5
\v 6 আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা ভেড়া পোৱালি আৰু এটা মতা ভেড়া হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।
\v 7 আৰু ভতৰাটোৰ লগত এক ঐফা, মতা ভেড়াটোৰ লগত এক ঐফা, ভেড়া পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।
\v 8 যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব, আৰু সেই একে বাটেদিয়েই ওলাই যাব।
\p
\s5
\v 9 কিন্তু যেতিয়া দেশৰ প্ৰজাবিলাক নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে ৰোনে ওলাই যাব।
\v 10 আৰু তেওঁবিলাক সোমোৱা সময়ত অধিপতিজন তেওঁবিলাকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁবিলাক সকলোৱে একেলগে ওলাব।
\s5
\v 11 পৰ্ব্ববোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।
\v 12 আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থকবলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ নিমিত্তে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা নিচিনাকৈ নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।
\p
\s5
\v 13 আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ নিমিত্তে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা।
\v 14 আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ, আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।
\v 15 এইদৰে তেওঁবিলাকে প্ৰতিৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, নেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।
\p
\s5
\v 16 প্ৰভূ যিহোৱাই এই কথা কৈছে, যদি অধিপতিজনে তেওঁৰ পুত্ৰবিলাকৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰবিলাকৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁবিলাকৰ স্বত্ব থাকিব।
\v 17 কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তিৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰবিলাকৰ হ’ব।
\v 18 ইয়াৰ বাহিৰে, অধিপতিজনে প্ৰজাবিলাকৰ আধিপত্যৰ পৰা তেওঁবিলাকক খেদাবৰ নিমিত্তে তেওঁবিলাকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাবিলাকৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্-ভিন্ন নহ’বৰ নিমিত্তে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰবিলাকক আধিপত্য দিব।
\p
\s5
\v 19 পাছে তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিত বিলাকৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা, পশ্চিমদিশে পাছফালে এখন ঠাই আছিল।
\v 20 তেতিয়া তেওঁ মোক কলে, পুৰোহিতবিলাকে লোকবিলাকক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ নিমিত্তে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।
\s5
\v 21 পাছে তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল।
\v 22 চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ।
\v 23 সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিও- ফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ নিমিত্তে চৌকা পতা আছিল।
\v 24 পাছে তেওঁ মোক কলে, গৃহটিৰ পৰিচাৰকবিলাকে তেওঁবিলাকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।
\s নতুন মন্দিৰৰ তলৰ পৰা ওলাই অহা নদী। নতুন ইস্ৰায়েল দেশৰ সীমা।
\s5
\c 47
\p
\v 1 পাছে তেওঁ মোক গৃহটিৰ দুৱাৰমুখলৈ ওলোটাই নিলে; আৰু চোৱা, গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জলসমূহ ওলাই পূৱ দিশলৈ বৈ গৈছিল কিয়নো গৃটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল।
\v 2 পাছে তেওঁ মোক বাট-চৰাটোৰ বাটেদি উত্তৰফলে ওলিয়াই নিলে, আৰু মোক ঘূৰাই আহিবৰ বাটেদি, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ যোৱা পথেদি বাহিৰ বাট-চৰাটোলৈ নিলে, আৰু চোৱা, সোঁ ফালে জলসমূহ ওলাই বৈ গৈছিল।
\p
\s5
\v 3 পাছে পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে, আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।
\v 4 আকৌ তেওঁ এক হাজাৰ হাত জুখিলে, আৰু জলসমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে, আৰু মোক জলসমূহৰ মাজেদি নিলে; সেয়ে একাঁকলীয়া পানী।
\v 5 পাছে তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জলসমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।
\p
\s5
\v 6 তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।
\v 7 মই উলটিলত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।
\v 8 পাছে তেওঁ মোক কলে, এই জলসমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
\s5
\v 9 আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱজন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জলসমূহ সমূদ্ৰলৈ গ’লে তাৰ জলসমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।
\v 10 তাৰ পাৰত মাছমৰীয়াবিলাক থিয় হ’ব, আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; সিহঁতৰ মাছ মহাসমূদ্ৰৰ মাছৰ নিচিনাকৈ নানা বিধৰ অসংখ্য মাছ হ’ব।
\s5
\v 11 কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।
\v 12 আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জলসমূহ ধৰ্ম্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ নিমিত্তে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ নিমিত্তে হ’ব।
\s5
\v 13 প্ৰভূ যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ নিমিত্তে দেশ ভাগ বাঁটবা, সেই সীমা এই; যোচেফে দুভাগ পাব।
\v 14 আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
\p
\s5
\v 15 আৰু দেশৰ সীমা এই হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।
\v 16 হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
\v 17 এইদৰে সীমাটো সমূদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব, আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।
\s5
\v 18 এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক,ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।
\v 19 এয়ে পূৱ ফাল। আৰু দক্ষিণদিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জলসমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।
\v 20 আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।
\p
\s5
\v 21 এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ নিমিত্তে ভাগ বাঁটিবা।
\v 22 তোমালোকে নিজৰ নিজৰ নিমিত্তে, আৰু বিদেশী লোকবিলাকে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, সিহঁতৰ নিমিত্তেও তাক আধিপত্যৰ অৰ্থে চিঠী-খেলেৰে বাগ বাঁটিবা; আৰু সিহঁত ইস্ৰায়েলেৰে সন্তানবিলাকৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; সিহঁতে ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
\v 23 আৰু প্ৰভূ যিহোৱাই কৈছে, যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।
\s নতুন ইস্ৰায়েল দেশ বাগ বাঁটি দিয়া।
\s5
\c 48
\p
\v 1 ফৈদবিলাকৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
\v 2 আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব।
\v 3 আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।
\s5
\v 4 আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব।
\v 5 আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।
\v 6 আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব।
\v 7 আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
\p
\s5
\v 8 আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্ম্মধাম তাৰ মাজত হ’ব।
\v 9 যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল, আৰু দহ হাজাৰ হাত বহল হ’ব।
\s5
\v 10 আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতবিলাকৰ নিমিত্তে হ’ব। সেয়ে উতত্ততৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দব হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্ম্মধাম থাকিব।
\v 11 ইস্ৰায়েলৰ সন্তানবিলাক বিপথে যোৱা সময়ত লেবীয়াবিলাকে বিপথে যোৱাৰ নিচিনাকৈ বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তানবিলাকৰ মাজৰ পবিত্ৰীকৃত পুৰোহিত বিলাকৰ নিমিত্তে সেয়ে হ’ব।
\v 12 সেয়ে তেওঁবিলাকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াবিলাকৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
\p
\s5
\v 13 আৰু লেবীয়াবিলাকে পুৰোহিতবিলাকৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
\v 14 তেওঁবিলাকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
\p
\s5
\v 15 আৰু পঁচিস হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকিল ঠাইৰ নিমিত্তে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব।
\v 16 তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত, আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত;
\s5
\v 17 আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
\v 18 আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব, আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকবিলাকৰ আহাৰৰ নিমিত্তে হ’ব।
\s5
\v 19 আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকবিলাকে নগৰখনত কাম কৰে, তেওঁবিলাকে তাক চহাব।
\v 20 গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
\s5
\v 21 পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইপালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ নিমিত্তে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ, আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ নিমিত্তে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্ম্মধাম তাৰ মাজ ঠাইত হ’ব।
\v 22 অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াবিলাকৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।
\p
\s5
\v 23 আৰু অৱশিষ্ট ফৈদবিলাকৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব;
\v 24 আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব;
\v 25 আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব;
\v 26 আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবুলূনে এক অংশ পাব;
\s5
\v 27 আৰু জবুলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব।
\v 28 গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবৎ-কাদেচৰ জলসমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব।
\v 29 প্ৰভূ যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবিলাকৰ নিমিত্তে তোমালোকে চিঠী-খেলেৰে বাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁবিলাকৰ অংশ।
\p
\s5
\v 30 আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু
\v 31 নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন, আৰু লেবীৰ এখন।
\v 32 আৰু পূৱ ফালে চাৰি হাজাৰ পাঁত শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।
\s5
\v 33 আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবুলূনৰ এখন।
\v 34 আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
\v 35 চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা সৌ তাত আছে”, এই নামেৰে প্ৰখ্যাত হ’ব।