as_ulb/19-PSA.usfm

9460 lines
640 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id PSA
\ide UTF-8
\sts PSALMS
\rem সামসঙ্গীত
\h প্রথম খণ্ড
\toc1 প্রথম খণ্ড
\toc2 প্রথম খণ্ড
\toc3 psa
\mt1 প্রথম খণ্ড
\cl গীতমালা
\s5
\c 1
\q
\p
\v 1 ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে,
\q পাপীসকলৰ পথত থিয় নহয়,
\q নিন্দকসকলৰ সমাবেশত নবহে;
\q
\v 2 কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
\q আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
\q
\s5
\v 3 সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে,
\q যি গছে বতৰত ফল দিয়ে,
\q আৰু যাৰ পাত জঁয় নপৰে;
\q তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে।
\q
\s5
\v 4 দুষ্টসকল তেনেকুৱা নহয়;
\q তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে।
\q
\v 5 এই কাৰণে দুষ্টসকল ন্যায়-বিচাৰত থিয় হ’ব নোৱাৰিব,
\q আৰু পাপীলোকে ধাৰ্ম্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
\q
\s5
\v 6 কাৰণ যিহোৱাই ধাৰ্ম্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,
\q কিন্তু দুষ্টসকলৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
\s5
\c 2
\q
\v 1 কিয় অস্থিৰ হৈ জাতিসমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে?
\q কিয় লোকসমূহে অনর্থক ষড়যন্ত্র কৰিছে?
\q
\v 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে,
\q শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;
\q
\v 3 তেওঁলোকে কৈছে, “আঁহা আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ,
\q আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
\q
\s5
\v 4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে;
\q যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
\q
\v 5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব,
\q তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।
\q
\s5
\v 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
\q
\v 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম;
\q যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
\q
\s5
\v 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম,
\q পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
\q
\v 9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা;
\q কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
\q
\s5
\v 10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা;
\q হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
\q
\v 11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; কম্পনেৰে সৈতে উল্লাস কৰা।
\q
\s5
\v 12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হব,
\q তোমালোক নিজৰ পথতে বিনষ্ট হবা;
\q কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে।
\q ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
\s5
\c 3
\s পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!
\q মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
\q
\v 2 অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক উদ্ধাৰ নকৰে।” (চেলা)
\q
\s5
\v 3 কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;
\q তুমিয়েই মোৰ গৌৰৱ;
\q তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
\q
\v 4 মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;
\q তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
\q
\s5
\v 5 মই শুই পৰিলো আৰু টোপনি গলোঁ; পুণৰ সাৰ পালো;
\q কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
\q
\v 6 মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,
\q কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
\q
\s5
\v 7 হে যিহোৱা উঠি আহাঁ!
\q হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;
\q তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;
\q দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
\q
\v 8 পৰিত্রাণ যিহোৱাতে আছে;
\q তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)
\s5
\c 4
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে মোৰ ধার্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো,
\q তেতিয়া তুমি মোক উত্তৰ দিয়া।
\q বিপদে যেতিয়া মোক হেঁচি ধৰিলে,
\q কিন্তু তুমিয়ে মোক বহল ঠাই দিলা;
\q মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
\q
\s5
\v 2 হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা?
\q কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি
\q অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।
\q
\v 3 কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক
\q তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে।
\q মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
\q
\s5
\v 4 তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা;
\q নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।
\q
\v 5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
\q
\s5
\v 6 অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেতেঁন!”
\q হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
\q
\v 7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,
\q তাতোকৈও অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
\q
\v 8 মই শান্তিৰে শুই টোপনি যাম।
\q কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
\s5
\c 5
\s প্ৰধান বাদ্যকৰৰ প্রতি: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।
\q
\v 2 হে মোৰ ৰজা, মোৰ ঈশ্বৰ,
\q তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা;
\q কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।
\q
\v 3 হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা;
\q ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
\q
\s5
\v 4 তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা;
\q দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
\q
\v 5 যিসকল অহঙ্কাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব;
\q সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।
\q
\v 6 যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা;
\q যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
\q
\s5
\v 7 কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি
\q তোমাৰ গৃহত সোমাম,
\q মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই
\q মোৰ মূৰ নত কৰিম।
\q
\v 8 হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে
\q তুমি মোক তোমাৰ নিজ ধাৰ্ম্মিকতাৰ পথত চলাই নিয়া;
\q তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
\q
\s5
\v 9 মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই।
\q সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে।
\q সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম,
\q সিহঁতে কপটভাৱে জিবাৰে প্রশংসাৰ কথা কয়।
\q
\v 10 হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া;
\q সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক।
\q সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া;
\q কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
\q
\s5
\v 11 কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক;
\q তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক,
\q তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা
\q যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
\q
\v 12 কিয়নো হে যিহোৱা, যিসকল ধার্মিক, তুমি তেওঁলোকক আশীৰ্ব্বাদ কৰা;
\q তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
\s5
\c 6
\s প্ৰধান বাদ্যকৰৰ প্রতি: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, তুমি খংত মোক ধমকি নিদিবা;
\q তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
\q
\v 2 হে যিহোৱা, মোক কৃপা কৰা,
\q কিয়নো মই দুর্বল;
\q হে যিহোৱা মোক সুস্থ কৰা,
\q কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
\q
\s5
\v 3 মোৰ প্ৰাণও ভয়তে ব্যাকুল হৈছে;
\q হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
\q
\v 4 হে যিহোৱা, মোলৈ ঘূৰি চোৱা,
\q মোৰ প্ৰাণ ৰক্ষা কৰা;
\q তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
\q
\v 5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;
\q চিয়োলত (মৈদাম) কোনে তোমাৰ প্রশংসা কৰিব?
\q
\s5
\v 6 মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;
\q গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াওঁ;
\q মোৰ বিচনা তিতি যায়।
\q
\v 7 দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;
\q শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
\q
\s5
\v 8 হে দুষ্ট কার্য কৰা লোকসকল,
\q তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;
\q কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
\q
\v 9 যিহোৱাই মোৰ নিবেদন শুনিলে;
\q তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
\q
\v 10 মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;
\q সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।
\s5
\c 7
\s বিন্যামীনীয়া কুচৰ প্রতি: যিহোৱাৰ উদ্দেশ্যে দায়ুদে গোৱা চিগগায়োন নামৰ গীত।
\q
\v 1 হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ!
\q মোৰ পাছে পাছে খেদি অহাসকলৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
\q
\v 2 নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব,
\q সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
\q
\s5
\v 3 হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছো,
\q যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,
\q
\v 4 যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছো,
\q বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছো,
\q
\s5
\v 5 তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক,
\q সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক,
\q মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
\q
\s5
\v 6 হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা,
\q মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা,
\q মোৰ অৰ্থে তুমি সাৰ পোৱা;
\q হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
\q
\v 7 সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক;
\q তুমি উর্দ্ধলৈ উলটি গৈ পুণৰ লোকসমূহৰ ওপৰত ৰাজত্ব কৰা।
\q
\s5
\v 8 যিহোৱাই যেন লোকসমূহৰ বিচাৰ কৰে;
\q হে যিহোৱা, মোৰ ধাৰ্ম্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে
\q তুমি মোৰ বিচাৰ কৰা।
\q
\v 9 হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা;
\q তুমি দুষ্টৰ দুষ্টতা শেষ কৰা,
\q কিন্তু ধাৰ্ম্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
\q
\s5
\v 10 ঈশ্বৰ মোৰ ঢাল;
\q যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।
\q
\v 11 ঈশ্বৰ এজন ন্যায়বিচাৰক,
\q তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
\q
\s5
\v 12 কোনোৱে যদি মন পালটন নকৰে,
\q তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব;
\q তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
\q
\v 13 তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে;
\q নিজৰ জ্বলন্ত ক্ষেপণাস্ত্রবোৰ তৈয়াৰ কৰিছে।
\q
\s5
\v 14 ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে;
\q সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে
\q আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
\q
\v 15 তেওঁলোকে মাটি খান্দি দ গাঁত কৰে,
\q আৰু নিজেই খন্দা গাঁতত নিজে পৰে।
\q
\v 16 তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে,
\q তেওঁলোকে যি অনিষ্ট কৰে,
\q সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।
\q
\s5
\v 17 সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায়বিচাৰ কৰে;
\q মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।
\s5
\c 8
\s প্ৰধান বাদ্যকৰৰ প্রতি: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
\q তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
\q
\v 2 শিশু আৰু পিয়াহ খোৱা কেচুঁৱাৰ মুখৰ প্রশংসাৰে
\q তোমাৰ শত্রুবোৰৰ কাৰণে
\q তুমি এক কোঁঠ স্থাপন কৰিলা,
\q যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
\q
\s5
\v 3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু
\q তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
\q
\v 4 তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা?
\q মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
\q
\v 5 কিয়নো তুমি তেওঁলোকক স্বর্গদূততকৈ অলপহে সৰু কৰিলা,
\q গৌৰৱ ও মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
\q
\s5
\v 6 তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা;
\q সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
\q
\v 7 ভেড়া, ষাড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
\q
\v 8 আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ
\q আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
\q
\s5
\v 9 হে যিহোৱা, আমাৰ প্ৰভু,
\q গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
\s5
\c 9
\s প্ৰধান বাদ্যকৰৰ প্রতি: মূৎ-লব্বেন সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম
\q আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
\q
\v 2 মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম;
\q হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
\q
\s5
\v 3 মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল,
\q তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
\q
\v 4 তোমাৰ সিংহাসনত বহি, তুমি ন্যায়বিচাৰ কৰিছা।
\q কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
\q
\s5
\v 5 তুমি আন জাতিবোৰক ধমকি দিছা,
\q দুষ্টবোৰক বিনষ্ট কৰিছা;
\q তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
\q
\v 6 শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল;
\q তাৰ নগৰবোৰ তুমি উভালি পেলালা,
\q সেইবোৰৰ নাম তুমি মচি পেলালা।
\q
\s5
\v 7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে;
\q তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
\q
\v 8 তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে,
\q তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
\q
\s5
\v 9 উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব;
\q তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
\q
\v 10 যিসকলে তোমাক জানে,
\q তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,
\q কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,
\q তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
\q
\s5
\v 11 যিহোৱা চিয়োনত আছে।
\q তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা;
\q জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
\q
\v 12 কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়,
\q ঈশ্বৰে তেওঁক পাহৰি নাযায়;
\q পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
\q
\s5
\v 13 হে যিহোৱা, মোক কৃপা কৰা;
\q চোৱা, ঘৃণাওতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো।
\q মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
\q
\v 14 মই তোমাৰ প্রশংসা প্রচাৰ কৰিম;
\q চিয়োন জীয়াৰীৰ দুৱাৰত
\q তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
\q
\s5
\v 15 আন জাতিবোৰ নিজে খন্দা গাঁতত ডুবিল;
\q তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
\q
\v 16 ন্যায়বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে;
\q তেওঁ দুষ্টসকলক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।
\q
\s5
\v 17 যি জাতিয়ে ঈশ্বৰক পাহৰি যায়,
\q তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;
\q
\v 18 অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব,
\q অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
\q
\s5
\v 19 হে যিহোৱা, তুমি উঠা;
\q মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা;
\q তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
\q
\v 20 হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক;
\q আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।
\s5
\c 10
\q
\v 1 হে যিহোৱা, তুমি কিয় দূৰৈত থিয় হৈ আছা?
\q সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
\q
\v 2 অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;
\q তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
\q
\v 3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;
\q লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
\q
\s5
\v 4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;
\q “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”
\q তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।”
\q
\v 5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;
\q তোমাৰ ন্যায়বিচাৰ ইমান ওপৰত আছে যে,
\q সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;
\q তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
\q
\s5
\v 6 তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।
\q আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
\q
\v 7 তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;
\q তেওঁলোকৰ জিবাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
\q
\s5
\v 8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;
\q সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দোষীক হত্যা কৰে;
\q কোনোবা অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
\q
\v 9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;
\q তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;
\q তাৰপাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
\q
\v 10 তেওঁলোকে চাপৰি কুঁজা হৈ
\q অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
\q
\s5
\v 11 তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;
\q তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
\q
\v 12 হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;
\q নির্যাতিত সকলক পাহৰি নাযাবা।
\q
\s5
\v 13 দুষ্ট লোকসকলে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?
\q তেওঁলোকে কিয় মনে মনে ভাৱে যে,
\q “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
\q
\v 14 কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;
\q অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,
\q তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;
\q অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;
\q অনাথক সহায় কৰোঁতা তুমিয়েইতো হয়।
\q
\s5
\v 15 দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;
\q তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
\q
\v 16 যিহোৱা চিৰকালৰ ৰজা;
\q তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
\q
\s5
\v 17 হে যিহোৱা, নম্র লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;
\q তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,
\q তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
\q
\v 18 এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুণৰ ভয় দেখুৱাব নোৱাৰিব;
\q তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
\s5
\c 11
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\q
\v 1 মই যিহোৱাতে আশ্ৰয় লৈছোঁ।
\q তোমালোকে কেনেকৈ মোক ক’ব পাৰা,
\q “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
\q
\v 2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে
\q দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে,
\q তেওঁলোকে তাত কাঁড় লগাইছে।
\q
\s5
\v 3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়,
\q তেন্তে ধার্মিকসকলে কি কৰিব পাৰিব?
\q
\v 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;
\q তেওঁৰ সিংহাসন স্বর্গতে আছে।
\q তেওঁ মানুহলৈ চাই থাকে,
\q তেওঁৰ চকুৱে মনুহক পৰীক্ষা কৰে।
\q
\s5
\v 5 যিহোৱাই ধার্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;
\q কিন্তু যিসকল দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
\q
\v 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;
\q তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
\q
\v 7 যিহোৱা ধার্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;
\q সৎ লোকে তেওঁৰ মুখ দেখা পাব।
\s5
\c 12
\s প্ৰধান বাদ্যকৰৰ প্রতি: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;
\q বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
\q
\s5
\v 2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়;
\q তেওঁলোকে তৈলমোদী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
\q
\v 3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
\q
\v 4 সেই সকলে কয়, “আমাৰ জিবাৰেই আমি জয় কৰিম;
\q আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,
\q কোন আমাৰ ওপৰত প্রভু হ’ব?”
\q
\s5
\v 5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে
\q মই এতিয়া জাগি উঠিম।
\q নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
\q
\s5
\v 6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।
\q সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;
\q সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
\q
\v 7 হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা।
\q এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।
\q
\v 8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,
\q দুষ্টবোৰে তেতিয়া বিনা বাধায় চাৰিওফালে ঘূৰি ফুৰে।
\s5
\c 13
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, আৰু কিমান কাল?
\q তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?
\q মোৰ পৰা কিমান দিনলৈ
\q তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
\q
\v 2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?
\q কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
\q
\s5
\v 3 হে মোৰ ঈশ্বৰ যিহোৱা,
\q মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!
\q মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
\q
\v 4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলো;”
\q মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
\q
\s5
\v 5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;
\q তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
\q
\v 6 মই যিহোৱাৰ উদেশ্যে গান গাম,
\q কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।
\s5
\c 14
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\q
\v 1 এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।”
\q তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে ঘৃণনীয় কার্যবোৰ কৰে;
\q তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
\q
\s5
\v 2 যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে;
\q তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই;
\q তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচৰা কোনো জ্ঞানী আছে নে নাই।
\q
\v 3 তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল;
\q সকলো উচ্ছৃঙ্খল হ’ল;
\q সৎকৰ্ম্ম কৰোঁতা কোনো নাই, এজনো নাই।
\q
\s5
\v 4 যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূণ্য যে,
\q মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু
\q তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
\q
\s5
\v 5 ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে।
\q সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
\q
\v 6 দুষ্টতাৰ কার্য কৰা যি তোমালোক,
\q তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা,
\q কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
\q
\s5
\v 7 অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক!
\q যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুণৰ পৰিবর্তন কৰিব,
\q তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব;
\q ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।
\s5
\c 15
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন?
\q তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
\q
\v 2 সেইসকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়,
\q ন্যায় কৰ্ম্ম কৰে,
\q সত্য ভৰা অন্তৰেৰে কথা কয়;
\q
\s5
\v 3 যিসকলৰ জিবাই পৰচর্চ্চা নকৰে,
\q বন্ধুৰ ক্ষতি নকৰে,
\q চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
\q
\s5
\v 4 যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়,
\q কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়,
\q যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
\q
\v 5 যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে,
\q আৰু ভেঁটি লৈ নিৰ্দোষীৰ ক্ষতি নকৰে।
\q যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
\s5
\c 16
\s মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
\q কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
\q
\v 2 মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;
\q তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
\q
\v 3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;
\q তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
\q
\s5
\v 4 যিসকলে আন দেৱতাক মনোনীত কৰে,
\q তেওঁলোকৰ অধিক যাতনা হ’ব,
\q তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;
\q দেৱতাৰ নামো মোৰ ওঁঠত নলম।
\q
\s5
\v 5 যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পানপাত্র;
\q মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
\q
\v 6 মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,
\q অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
\q
\s5
\v 7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;
\q ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
\q
\v 8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;
\q তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
\q
\s5
\v 9 এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,
\q মোৰ হৃদয়ে উল্লাস কৰে;
\q মোৰ শৰীৰ নিৰাপদে থাকিব।
\q
\v 10 কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,
\q তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।
\q
\s5
\v 11 তুমি মোক জীৱনৰ পথ শিকাইছা;
\q তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;
\q তোমাৰ সোঁহাতত আছে অনন্ত সুখ।
\s5
\c 17
\s দায়ুদৰ প্ৰাৰ্থনা।
\q
\v 1 হে যিহোৱা, তুমি ন্যায় কথা শুনা;
\q মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া;
\q ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
\q
\v 2 মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়;
\q যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।
\q
\s5
\v 3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা;
\q ৰাতি মোৰ কাষলৈ আহাঁ;
\q যদি মোক খপি পুৰি পৰীক্ষাও কৰা,
\q তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা;
\q মোৰ মুখে অপৰাধ নকৰে।
\q
\s5
\v 4 মানুহে যিবোৰ কার্য কৰে, সেয়া নকৰি,
\q মই তোমাৰ ওঁঠৰ বাক্যৰ সহায়ত উচ্ছৃঙ্খল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছোঁ।
\q
\v 5 তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো;
\q মোৰ ভৰি পিছল খোৱা নাই।
\q
\s5
\v 6 হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ,
\q কিয়নো তুমি মোক উত্তৰ দিবা;
\q মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
\q
\v 7 তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা;
\q হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়,
\q তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
\q
\s5
\v 8 চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা;
\q তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
\q
\v 9 যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে,
\q সেই দুষ্ট লোকসকলৰ পৰা,
\q যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে,
\q সেই শত্রুবোৰৰ পৰা,
\q তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।
\q
\v 10 তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে,
\q তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;
\q
\s5
\v 11 তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে;
\q তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে,
\q যাতে মোক মাটিত পেলাব পাৰে।
\q
\v 12 তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা;
\q গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।
\q
\s5
\v 13 হে যিহোৱা, তুমি উঠা,
\q তেওঁলোকক আক্ৰমণ কৰা,
\q তেওঁলোকক দলিয়াই পেলোৱা;
\q তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
\q
\v 14 হে যিহোৱা,
\q মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা;
\q সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে।
\q তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক,
\q তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক,
\q শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
\q
\s5
\v 15 কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম;
\q মই যেতিয়া সাৰ পাম,
\q তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।
\s5
\c 18
\s প্ৰধান বাদ্যকৰৰ প্রতি: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত। যিহোৱাই যেতিয়া দায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্রুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ যিহোৱাৰ উদ্দেশ্যে এই গীত গাইছিল।
\b
\q
\v 1 হে যিহোৱা, তুমিয়েই মোৰ বল;
\q মই তোমাক অতি প্ৰীতি কৰোঁ।
\q
\s5
\v 2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা;
\q তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ,
\q মই তেওঁতে আশ্ৰয় লৈছোঁ;
\q তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং,
\q মোৰ উচ্চ আশ্রয়স্থান।
\q
\v 3 যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ;
\q তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
\q
\s5
\v 4 মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলো,
\q পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।
\q
\v 5 চিয়োলৰ জৰীয়ে মোক মেৰাই ধৰিছিল,
\q মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল।
\q
\s5
\v 6 সঙ্কটৰ কালত মই যিহোৱাক মাতিলো,
\q সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালো;
\q তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে,
\q মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
\q
\s5
\v 7 তেতিয়া পৃথিবী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে;
\q পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল;
\q কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
\q
\v 8 তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল,
\q তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল;
\q তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।
\q
\s5
\v 9 তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল;
\q তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।
\q
\v 10 তেওঁ কৰূবত উঠি উড়ি আহিল,
\q বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
\q
\s5
\v 11 তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে;
\q চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।
\q
\v 12 তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি,
\q শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
\q
\s5
\v 13 যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে;
\q শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠাৰ মাজেদি সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।
\q
\v 14 তেওঁ কাড়ঁ মাৰি শত্রুবোৰক থানবান কৰিলে,
\q আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
\q
\s5
\v 15 হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল;
\q পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
\q
\s5
\v 16 তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে,
\q মহাজলসমুহৰ পৰা মোক তুলি আনিলে।
\q
\v 17 মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে,
\q যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে;
\q তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
\q
\s5
\v 18 বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল,
\q কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
\q
\v 19 তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে;
\q তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
\q
\s5
\v 20 যিহোৱাই মোৰ ধাৰ্ম্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে,
\q মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
\q
\v 21 কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ,
\q কুকৰ্ম্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
\q
\s5
\v 22 তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে,
\q মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
\q
\v 23 তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ,
\q পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলো।
\q
\v 24 এই কাৰণে যিহোৱাই মোৰ ধাৰ্ম্মিকতা অনুসাৰে,
\q তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
\q
\s5
\v 25 হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা;
\q নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
\q
\v 26 তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা,
\q কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
\q
\s5
\v 27 কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা,
\q কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
\q
\v 28 কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা;
\q হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
\q
\v 29 তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰো,
\q মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি গড় পাৰ হ’ব পাৰো।
\q
\s5
\v 30 ঈশ্বৰৰ পথ হলে সিদ্ধ;
\q যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত;
\q তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
\q
\v 31 যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে?
\q আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে ?
\q
\v 32 ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে;
\q তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
\q
\s5
\v 33 মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে;
\q ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
\q
\v 34 তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়;
\q তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
\q
\s5
\v 35 তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা;
\q তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে;
\q তোমাৰ সাহার্যৰ কোমলতাই মোক মহান কৰিছে।
\q
\v 36 তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা;
\q তাতে মোৰ ভৰি পিছলি নগল।
\q
\s5
\v 37 মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ;
\q তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
\q
\v 38 মই তেওঁলোকক এনেকৈ আঘাট কৰিলো,
\q যাতে তেওঁলোক পুণৰ উঠিব নোৱাৰে।
\q তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
\q
\v 39 তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা;
\q তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
\q
\s5
\v 40 তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা;
\q যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলো।
\q
\v 41 তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে,
\q কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল;
\q তেওঁলোকে যিহোৱাৰ আগত চিঞঁৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
\q
\v 42 মই তেওঁলোকক গুড়ি কৰি মাৰিলো,
\q বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলো।
\q বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
\q
\s5
\v 43 লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা;
\q তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা।
\q মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
\q
\v 44 মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ অধীনতা স্বীকাৰ কৰিলে;
\q বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
\q
\v 45 বিদেশীসকল নিৰাশ হ’ল;
\q তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
\q
\s5
\v 46 যিহোৱা জীৱিত!
\q মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক,
\q মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
\q
\v 47 তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে,
\q তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
\q
\s5
\v 48 মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালো!
\q অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা!
\q উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
\q
\v 49 হে যিহোৱা, সেয়েহে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম,
\q তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
\q
\s5
\v 50 যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে;
\q নিজৰ অভিষিক্তজনৰ প্রতি,
\q দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ,
\q তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।
\s5
\c 19
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে;
\q আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।
\q
\v 2 দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে;
\q ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।
\q
\v 3 কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই;
\q তাৰ শব্দও শুনা নাযায়।
\q
\s5
\v 4 তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়;
\q সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়;
\q আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।
\q
\v 5 সূৰ্য্যই দৰাৰ দৰে নিজৰ শোৱনি কোঠাৰ পৰা ওলাই আহে;
\q নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
\q
\v 6 সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ;
\q তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে
\q
\s5
\v 7 যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে;
\q যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
\q
\v 8 যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে;
\q যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
\q
\s5
\v 9 যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী;
\q যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধার্মিক।
\q
\v 10 সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়;
\q সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
\q
\s5
\v 11 তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে;
\q সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
\q
\v 12 কোনে নিজৰ ভুলবোৰ গমিব পাৰে?
\q মোক গুপুত পাপৰ পৰা শুচি কৰা।
\q
\s5
\v 13 গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা;
\q সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে;
\q তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।
\q
\v 14 হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা,
\q মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
\s5
\c 20
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক!
\q যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক!
\q
\v 2 তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;
\q তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
\q
\s5
\v 3 তোমাৰ সকলো উৎসর্গৰ কথা তেওঁ সোঁৱৰণ কৰক;
\q তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
\q
\v 4 তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।
\q তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
\q
\s5
\v 5 তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম;
\q আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম;
\q যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
\q
\v 6 এতিয়া মই জানো,
\q যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব,
\q তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণৰে সৈতে,
\q তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
\q
\s5
\v 7 অনেকে তেওঁলোকৰ ৰথত,
\q অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;
\q কিন্তু আমি হলে অহংকাৰ কৰো আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
\q
\v 8 তেওঁলোক পৰিব আৰু পতন হ’ব।
\q কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
\q
\s5
\v 9 হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা;
\q আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।
\s5
\c 21
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে!
\q তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!
\q
\v 2 তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা,
\q তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)
\q
\s5
\v 3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা,
\q তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
\q
\v 4 তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে;
\q তাতে তুমি তেওঁক তাক দিলা;
\q তুমি তেওঁক অনেক আয়ুস দিলা।
\q
\s5
\v 5 তোমাৰ সাহার্যত তেওঁৰ গৰিমা মহান হয়;
\q তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;
\q
\v 6 তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা;
\q তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
\q
\s5
\v 7 কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে;
\q সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
\q
\v 8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব;
\q তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
\q
\s5
\v 9 তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা;
\q যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব;
\q অগ্নিয়ে তেওঁলোকক দহন কৰিব।
\q
\v 10 পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা;
\q মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তানসকলক উচ্ছন্ন কৰিবা।
\q
\s5
\v 11 যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে,
\q যদি অপকর্মৰ পৰিকল্পনা কৰে,
\q তেওঁলোক সফল হ’ব নোৱাৰিব।
\q
\v 12 কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা,
\q তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।
\q
\s5
\v 13 হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা!
\q আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।
\s5
\c 22
\s প্ৰধান বাদ্যকৰৰ প্রতি: সুৰ - “ৰাতিপুৱাৰ হৰিণী।” দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা?
\q মোক সাহার্য কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আতঁৰত থাকা?
\q
\v 2 হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া,
\q ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
\q
\s5
\v 3 কিন্তু তুমি হলে পবিত্ৰ,
\q ইস্ৰায়েলৰ প্ৰশংসাৰূপ সিংহাসনত তুমি বহি আছা।
\q
\v 4 তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল;
\q তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
\q
\v 5 তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে;
\q তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
\q
\s5
\v 6 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ;
\q মানুহে মোক নিন্দা কৰে,
\q লোকসমূহে মোক তুচ্ছ জ্ঞান কৰে।
\q
\v 7 যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে;
\q তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
\q
\v 8 “তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক;
\q যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক,
\q কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
\q
\s5
\v 9 কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই;
\q মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
\q
\v 10 জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল;
\q মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ হ’লা।
\q
\s5
\v 11 তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা;
\q কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে;
\q মোৰ সহায়কাৰী কোনো নাই।
\q
\v 12 মোৰ চাৰিওফালে যেন অনেক ষাঁড়ে বেৰি ধৰিছে;
\q বাচানৰ শক্তিশালী ষাঁড়বোৰে যেন মোক আগুৰি ৰাখিছে।
\q
\v 13 ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে,
\q তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
\q
\s5
\v 14 মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল,
\q মোৰ গোটেই হাড়ৰ জোৰা লৰিল;
\q মোৰ অন্তৰ মমৰ নিচিনা হৈ
\q মোৰ বুকুতে গলি গলি গৈছে;
\q
\v 15 মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে
\q মোৰ শক্তি শুকাই আহিছে;
\q মোৰ জিবা তালুত লাগি ধৰিছে;
\q তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
\q
\s5
\v 16 কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে,
\q দুষ্ট কার্য কৰা লোকসমূহে মোক বেৰি আছে;
\q মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
\q
\v 17 মোৰ আটাইবোৰ হাড় মই লেখিব পাৰো;
\q সেই লোকসকলে মোলৈ একেথৰে চাইছে;
\q উল্লাসৰ দৃষ্টিৰে চাইছে।
\q
\s5
\v 18 নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে;
\q মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
\q
\v 19 কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা!
\q হে মোৰ শক্তি,
\q মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
\q
\s5
\v 20 তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা;
\q সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
\q
\v 21 সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা!
\q তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
\b
\q
\s5
\v 22 ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম;
\q সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
\q
\v 23 তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা!
\q হে যাকোবৰ সমুদায় বংশধৰসকল, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা;
\q ইস্ৰায়েলৰ সমুদায় বংশধৰসকল, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
\q
\s5
\v 24 তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে,
\q ঘৃণাৰ চকুৰে নাচালে;
\q যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে,
\q বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
\q
\v 25 মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে;
\q তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
\q
\s5
\v 26 দুখী লোকসকলে খাই তৃপ্ত হব;
\q যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব।
\q তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
\q
\v 27 পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব;
\q আন জাতিবোৰৰ সকলো জনগোষ্ঠীয়ে তেওঁক প্ৰণিপাত কৰিব।
\q
\s5
\v 28 কিয়নো ৰাজ্য যিহোৱাৰেই,
\q সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
\q
\v 29 পৃথিবীৰ ধনী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব;
\q নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব।
\q মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
\q
\s5
\v 30 ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব;
\q ভাবী বংশৰ লোকসকলৰ ওচৰত
\q যিহোৱাৰ বিষয়ে কোৱা হ’ব।
\q
\v 31 যিসকলৰ এতিয়াও জন্ম হোৱা নাই,
\q তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব;
\q ক’ব যে তেৱেঁই এই কার্য কৰিলে।
\s5
\c 23
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।
\q
\v 2 তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;
\q আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।
\q
\s5
\v 3 তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;
\q নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্মপথত চলায়।
\q
\s5
\v 4 এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰো,
\q কিয়নো তুমি মোৰ সঙ্গত আছা;
\q তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
\q
\s5
\v 5 তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;
\q তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;
\q মোৰ পান-পাত্ৰ উপচি পৰিছে।
\q
\s5
\v 6 অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হব,
\q আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
\s5
\c 24
\s দায়ুদৰ ৰচিত গীত:
\b
\q
\v 1 পৃথিবী আৰু তাৰ সকলোৱেই যিহোৱাৰ,
\q জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
\q
\v 2 কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে,
\q পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
\q
\s5
\v 3 যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?
\q তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হব পাৰে?
\q
\v 4 কেৱল তেঁৱেই পাৰে,
\q যাৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল;
\q যিজনে মিছা কথালৈ নিজৰ মন নেমেলে,
\q আৰু ছল কৰি মিছা শপত নাখায়।
\q
\s5
\v 5 তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;
\q তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্ম্মিকতা পাব।
\q
\v 6 এই লোকসকলেই যিহোৱাক বিচাৰে,
\q যাকোবৰ (ইস্রায়েলৰ) ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে;
\q তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
\q
\s5
\v 7 হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা!
\q হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,
\q প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
\q
\v 8 সেই প্ৰতাপী ৰজা কোন?
\q তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান,
\q তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
\q
\s5
\v 9 হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা!
\q হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,
\q প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
\q
\v 10 সেই প্ৰতাপী ৰজা কোন?
\q তেওঁ বাহিনীসকলৰ যিহোৱা,
\q তেওঁ গৌৰৱৰ ৰজা। (চেলা)
\s5
\c 25
\s দায়ুদৰ ৰচিত গীত:
\b
\q
\v 1 হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছো!
\q
\v 2 হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ;
\q তুমি মোক লাজত পৰিবলৈ নিদিবা;
\q মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
\q
\v 3 তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা;
\q কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব ।
\q
\s5
\v 4 হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;
\q তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
\q
\v 5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;
\q কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ;
\q ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
\q
\s5
\v 6 হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা,
\q কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
\q
\v 7 মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোৱঁৰণ নকৰিবা;
\q হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
\q
\s5
\v 8 যিহোৱা মঙ্গলময় আৰু সৎ;
\q সেয়েহে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
\q
\v 9 তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়,
\q তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
\q
\s5
\v 10 যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে,
\q তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্বস্ততাৰে পৰিপূর্ণ।
\q
\v 11 হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ;
\q তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
\q
\s5
\v 12 কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে?
\q তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।
\q
\v 13 তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব;
\q তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
\q
\s5
\v 14 যি সকলে যিহোৱালৈ ভয় ৰাখে,
\q যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে;
\q আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
\q
\v 15 মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ;
\q কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
\q
\v 16 মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা;
\q কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
\q
\s5
\v 17 মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা;
\q মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।
\q
\v 18 মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা,
\q মোৰ সকলো পাপ ক্ষমা কৰা।
\q
\v 19 মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক;
\q তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।
\q
\s5
\v 20 মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা;
\q মোক লাজত পৰিবলৈ নিদিবা,
\q কাৰণ মই তোমাতেই আশ্ৰয় লৈছো।
\q
\v 21 মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক;
\q কাৰণ মই তোমালৈকে অপেক্ষা কৰিছো।
\q
\s5
\v 22 হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।
\s5
\c 26
\s দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে যিহোৱা, মোৰ বিচাৰ কৰা,
\q কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,
\q অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
\q
\v 2 হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;
\q মোৰ হৃদয় আৰু মনক খপি চোৱা।
\q
\v 3 কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,
\q মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰো।
\q
\s5
\v 4 প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।
\q অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
\q
\v 5 মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;
\q দুষ্ট লোকৰ লগত নবহো।
\q
\s5
\v 6 হে যিহোৱা, মই মোৰ নির্দোষিতাত হাত ধুওঁ,
\q আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰো,
\q
\v 7 যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰো;
\q তোমাৰ আচৰিত কৰ্ম্মবোৰ প্ৰচাৰ কৰিব পাৰো।
\q
\v 8 হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,
\q তোমাৰ গৌৰৱ সেই ঠাইত থাকে,
\q মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
\q
\s5
\v 9 পাপীসকলৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;
\q ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
\q
\v 10 তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;
\q তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
\q
\s5
\v 11 কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;
\q মোক মুক্ত কৰা; মোক কৃপা কৰা।
\q
\v 12 মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;
\q মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।
\s5
\c 27
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1
\x -
\xo 27.1
\xt
\x* যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;
\q মই কাক ভয় কৰিম?
\q যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,
\q মই কাৰ বাবে ত্ৰাসযুক্ত হম?
\q
\s5
\v 2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,
\q তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
\q
\v 3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,
\q মোৰ হৃদয়ে ভয় নকৰিব;
\q মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,
\q তেতিয়াও মই সাহসেৰে থাকিম।
\q
\s5
\v 4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছো,
\q মই তাকেই অন্বেষণ কৰিম:
\q মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
\q আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
\q মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰো।
\q
\s5
\v 5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,
\q নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;
\q তেওঁ মোক শিলৰ ওপৰত তুলি থব।
\q
\v 6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,
\q তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;
\q মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।
\q মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
\q
\s5
\v 7 হে যিহোৱা, মই মাতিলে, তুমি শুনা।
\q মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
\q
\v 8 মোৰ হৃদয়ে (তুমি কোৱা) তোমাৰ এই কথাকে ক’লে, “আঁহা, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচৰা!”
\q হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
\q
\s5
\v 9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;
\q ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।
\q তুমিয়েই মোৰ সহায় হৈ আহিছা;
\q হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
\q
\v 10 মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
\q
\s5
\v 11 হে যিহোৱা,
\q মোৰ শত্রুবোৰৰ কাৰণে,
\q তুমি মোক তোমাৰ পথ শিকোৱা;
\q তুমি মোক সমান পথত চলোৱা।
\q
\v 12 মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;
\q কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;
\q তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
\q
\s5
\v 13 মই বিশ্বাস কৰো যে,
\q জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
\q
\v 14 তুমি যিহোৱালৈ অপেক্ষা কৰা;
\q সবল হোৱা;
\q তোমাৰ অন্তঃকৰণ সাহিয়ল হওঁক;
\q পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
\s5
\c 28
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ;
\q হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা।
\q কাৰণ, তুমি যদি মনে মনে থাকা,
\q তেন্তে মৈদামৰ গাঁতলৈ নামি যোৱাসকলৰ দৰে মোৰ দশা হ’ব।
\q
\v 2 সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ,
\q তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো,
\q তেতিয়া তুমি মোৰ নিবেদন শুনা।
\q
\s5
\v 3 যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে,
\q যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়,
\q অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে,
\q সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
\q
\v 4 তেওঁলোকৰ কাৰ্য্য অনুসাৰে আৰু তেওঁলোকৰ কৰ্ম্মৰ দুষ্টতা অনুসাৰে,
\q তুমি তেওঁলোকক প্ৰতিফল দিয়া;
\q তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া।
\q তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
\q
\v 5 কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে;
\q সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব,
\q আৰু পুণৰায় গঢ় নিদিব।
\q
\s5
\v 6 সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
\q
\v 7 যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;
\q মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।
\q সেইবাবেই মই সহায় পাইছোঁ।
\q সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;
\q মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰো।
\q
\v 8 যিহোৱা তেওঁৰ লোকসকলৰ বল;
\q তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
\q
\s5
\v 9 হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা,
\q তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা;
\q তুমি তেওঁলোকৰ ৰখীয়া হোৱা
\q আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।
\s5
\c 29
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 হে ঈশ্বৰৰ সন্তানসকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
\q যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
\q
\v 2 যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;
\q পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
\q
\s5
\v 3 জলসমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়;
\q গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে,
\q যিহোৱা মহাজলসমুহৰ ওপৰত বিদ্যমান।
\q
\v 4 যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ;
\q যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
\q
\v 5 যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে;
\q যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
\q
\s5
\v 6 তেওঁ লেবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়;
\q চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
\q
\v 7 যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
\q
\v 8 যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে;
\q কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
\q
\s5
\v 9 যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে,
\q ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে,
\q কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
\q
\v 10 যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল,
\q যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
\q
\s5
\v 11 যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক!
\q যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
\s5
\c 30
\s মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ৰ গান; দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা।
\q মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
\q
\v 2 হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
\q
\v 3 হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা,
\q তুমি মোক গাঁতলৈ যাব নিদি জীয়াই ৰাখিলা।
\q
\s5
\v 4 হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
\q
\v 5 কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে;
\q ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে,
\q কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
\q
\s5
\v 6 সুখৰ দিনত মই কৈছিলোঁ,
\q “মোক কোনেও লৰাব নোৱাৰিব।”
\q
\v 7 হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা;
\q কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
\q
\v 8 হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলো,
\q মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলো:
\q
\s5
\v 9 “মোৰ মৃত্যুত বা মই গাঁতলৈ নামি যোৱাত জানো কিবা লাভ আছে?
\q ধুলিয়ে জানো তোমাৰ প্রশংসা
\q নাইবা তোমাৰ বিশ্বস্ততা প্ৰচাৰ কৰিব?
\q
\v 10 হে যিহোৱা, শুনা, মোক কৃপা কৰা,
\q হে যিহোৱা, মোৰ সহায় হোৱা।”
\q
\s5
\v 11 শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা;
\q শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,
\q
\v 12 যাতে মোৰ অন্তৰ নীৰৱে নাথাকে
\q বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়;
\q হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।
\s5
\c 31
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্ম্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
\q
\v 2 মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা;
\q মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা,
\q মোৰ দৃঢ় কোঁঠ হোৱা।
\q
\s5
\v 3 তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথদৰ্শক হৈ মোক চলাই নিবা।
\q
\v 4 মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা;
\q কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
\q
\s5
\v 5 হে যিহোৱা, হে মোৰ বিশ্বস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
\q
\v 6 যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰো;
\q কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
\q
\v 7 তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম;
\q কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা;
\q মোৰ দুর্দশাত তুমি চিন্তিত হ’লা
\q
\s5
\v 8 তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা;
\q বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
\q
\v 9 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছো;
\q দুখত মোৰ চকু সোমাই গৈছে;
\q মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
\q
\s5
\v 10 মই শোকতে মোৰ জীৱন পাৰ কৰিলো,
\q হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে;
\q মোৰ অপৰাধৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
\q
\v 11 মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র,
\q চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়,
\q মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ;
\q বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
\q
\s5
\v 12 মৃত ব্যক্তিক পাহৰাৰ দৰে মানুহবোৰে মোক পাহৰি গৈছে;
\q মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
\q
\v 13 মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত আহিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে!
\q তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে,
\q মোৰ প্ৰাণ লবলৈ ষড়যন্ত্র কৰিছে।
\q
\s5
\v 14 কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছো;
\q মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
\q
\v 15 তোমাৰ হাততেই মোৰ সকলো সময় আছে,
\q মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
\q
\v 16 তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।
\q
\s5
\v 17 হে যিহোৱা, মই তোমাক মাতিছো,
\q তুমি মোক লাজত পৰিবলৈ নিদিবা;
\q দুষ্ট লোক বৰং লাজত পৰক,
\q চিয়োলত নীৰৱে থাকক।
\q
\v 18 অহঙ্কাৰ আৰু তুচ্ছ ভাৱ লৈ
\q যিসকলে ধাৰ্ম্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়,
\q সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
\q
\s5
\v 19 অহ! তোমাৰ মঙ্গল কিমান যে মহান!
\q যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা;
\q তোমাত আশ্ৰয় লোৱা সকললৈ, সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
\q
\v 20 তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয়স্থানত ৰাখি,
\q মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা;
\q বিতর্কমূলক জিবাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয়স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
\q
\s5
\v 21 যিহোৱা ধন্য হওঁক;
\q যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলো,
\q তেওঁ মোলৈ আশ্চর্যভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
\q
\v 22 মই আতঙ্কিত হৈ যদিও কৈছিলো, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”;
\q তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
\q
\s5
\v 23 হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা;
\q যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে,
\q কিন্তু অহংকাৰীসকলক তেওঁ অধিক প্ৰতিফল দিয়ে।
\q
\v 24 তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা,
\q তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।
\s5
\c 32
\s মচকীল নামেৰে দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 ধন্য সেই লোক, যাৰ অপৰাধ ক্ষমা কৰা হয়;
\q যাৰ পাপ ঢকা হয়।
\q
\v 2 ধন্য সেই ব্যক্তি, যি মানুহৰ অপৰাধ যিহোৱাই গণনা নকৰে,
\q আৰু যাৰ মনত কোনো ছলনা নাই।
\q
\s5
\v 3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
\q
\v 4 কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,
\q মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
\q
\s5
\v 5 তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;
\q মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলো;
\q মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”;
\q তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
\q
\v 6 সেই বাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক;
\q বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
\q
\s5
\v 7 তুমি মোৰ গুপ্তস্থান;
\q তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;
\q মুক্তিৰ জয়ধ্ৱনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
\q
\v 8 মই তোমাক বুদ্ধি দিম;
\q তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম ।
\q
\s5
\v 9 তোমালোক ঘোঁৰা বা খচ্চৰৰ নিচিনা নহবা,
\q সিহঁতৰ বুজন শক্তি নাই;
\q মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়,
\q নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
\q
\v 10 দুষ্টলোকৰ যাতনা অধিক;
\q কিন্তু যিজনে যিহোৱাত নিৰ্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
\q
\s5
\v 11 হে ধাৰ্ম্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা;
\q যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
\s5
\c 33
\b
\q
\v 1 হে ধাৰ্ম্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা,
\q তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।
\q
\v 2 বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।
\q
\v 3 তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্ৱনি কৰা।
\q
\s5
\v 4 যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্য্যত তেওঁ বিশ্বাসযোগ্য।
\q
\v 5 তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়;
\q সমগ্র পৃথিবী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
\q
\v 6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল,
\q তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
\q
\s5
\v 7 তেওঁ সমুদ্ৰৰ জলসমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে;
\q মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।
\q
\v 8 গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক;
\q জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।
\q
\v 9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল,
\q তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
\q
\s5
\v 10 যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে,
\q তেওঁ লোকসমুহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
\q
\v 11 যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে;
\q তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
\q
\v 12 ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা;
\q সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
\q
\s5
\v 13 যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে;
\q তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
\q
\v 14 পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
\q
\v 15 তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্য্যই তেওঁ নিৰীক্ষণ কৰে।
\q
\s5
\v 16 বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়;
\q মহা-শক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
\q
\v 17 জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা;
\q মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।
\q
\s5
\v 18 যিসকলে যিহোৱালৈ ভয় ৰাখে,
\q যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,
\q যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
\q
\v 19 যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণৰক্ষা কৰিব পাৰে;
\q আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
\q
\s5
\v 20 আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে;
\q তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
\q
\v 21 আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
\q
\s5
\v 22 হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক,
\q কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।
\s5
\c 34
\s দায়ুদৰ ৰচিত গীত। ৰজা অবীমেলকৰ আগত দায়ুদে পগলাৰ ভাও ধৰিছিল যাতে অবীমেলকে তেওঁক খেদাই দিয়ে। দায়ুদে সেই সময়ত এই গীতটো লিখিছিল।
\b
\q
\v 1 মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
\q
\s5
\v 2 মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্র লোকে আনন্দ কৰক।
\q
\v 3 তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা;
\q আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক।
\q
\s5
\v 4 মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে;
\q মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
\q
\v 5 তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে।
\q তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
\q
\v 6 এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে,
\q সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
\q
\s5
\v 7 যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
\q
\v 8 যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
\q
\v 9 হে যিহোৱাৰ পবিত্র লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা;
\q কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
\q
\s5
\v 10 যুবা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়:
\q কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
\q
\v 11 হে সন্তানসকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
\q
\s5
\v 12 তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে?
\q সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
\q
\v 13 তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
\q
\v 14 তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম্ম কৰা,;
\q তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
\q
\s5
\v 15 যিহোৱাৰ দৃষ্টি ধার্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
\q
\v 16 যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে,
\q তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।
\q
\v 17 ধাৰ্ম্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে;
\q যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
\q
\s5
\v 18 যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
\q
\v 19 ধাৰ্ম্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
\q
\v 20 যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
\q
\s5
\v 21 দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্ম্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
\q
\v 22 যিহোৱাই তেওঁৰ দাসসকলৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।
\s5
\c 35
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা;
\q যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
\q
\v 2 তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
\q
\v 3 মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা;
\q তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্রাণ।”
\q
\s5
\v 4 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;
\q যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
\q
\v 5 তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খদি যাওঁক।
\q
\v 6 তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
\q
\s5
\v 7 কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাঁতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাঁত খান্দিলে।
\q
\v 8 হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক;
\q তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক;
\q সেই বিনাশত তেওঁলোক পতিত হওঁক।
\q
\s5
\v 9 তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
\q
\v 10 মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?”
\q তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা,
\q দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
\q
\s5
\v 11 অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে;
\q মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
\q
\v 12 তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
\q
\s5
\v 13 কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলো; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল।
\q
\v 14 মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলো;
\q মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
\q
\s5
\v 15 কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল;
\q তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল;
\q মোৰ অজ্ঞাতে সেই অত্যাচাৰীসকলে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
\q
\v 16 তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
\q
\s5
\v 17 হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা?
\q তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা;
\q সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
\q
\v 18 মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
\q
\s5
\v 19 মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা;
\q অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
\q
\v 20 কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়,
\q কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকসলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
\q
\s5
\v 21 মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছো।”
\q
\v 22 হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
\q
\v 23 হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
\q
\s5
\v 24 হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্ম্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা;
\q তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
\q
\v 25 তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।”
\q তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক গ্ৰাস কৰিলোঁ।”
\q
\v 26 মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক;
\q যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
\q
\s5
\v 27 যিসকলে মোৰ ধাৰ্ম্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক;
\q তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
\q
\v 28 তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব;
\q ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।
\s5
\c 36
\s প্ৰধান বাদ্যকৰৰ প্রতি: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়;
\q দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
\q
\v 2 তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।
\q
\s5
\v 3 তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ;
\q তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।
\q
\v 4 তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে;
\q অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
\q
\s5
\v 5 হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত,
\q আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।
\q
\v 6 তোমাৰ ধাৰ্ম্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা;
\q তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা।
\q হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
\q
\s5
\v 7 হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য!
\q সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্ৰয় লয়।
\q
\v 8 তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়;
\q তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
\q
\v 9 কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে;
\q তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
\q
\s5
\v 10 যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে,
\q যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
\q
\v 11 মোক অহঙ্কাৰীসকলৰ ভৰিৰ তলত নেপেলাবা;
\q দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।
\q
\v 12 যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল;
\q উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।
\s5
\c 37
\s দায়ুদৰ ৰচিত গীত
\b
\q
\v 1 তুমি দুষ্ট লোকসকলৰ কাৰণে অস্থিৰ নহবা;
\q কুকার্য কৰাসকলক দেখি হিংসা নকৰিবা।
\q
\v 2 কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব,
\q সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
\q
\s5
\v 3 যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম্ম কৰা;
\q দেশত বাস কৰা আৰু নিৰাপদে থকা।
\q
\v 4 যিহোৱাত আনন্দ কৰা;
\q তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
\q
\s5
\v 5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;
\q তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
\q
\v 6 তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;
\q তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।
\q
\s5
\v 7 যিহোৱাৰ আগত শান্ত হোৱা;
\q ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা।
\q যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
\q
\s5
\v 8 ক্ৰোধ এৰা, কোপ ত্যাগ কৰা;
\q বেজাৰ নকৰিবা, কেৱল হানিহে হয়।
\q
\v 9 কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।
\q
\v 10 কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
\q
\s5
\v 11 কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।
\q
\v 12 দুষ্টই ধাৰ্ম্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে;
\q তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।
\q
\v 13 প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে;
\q কিয়নো তেওঁ দেখছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
\q
\s5
\v 14 দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ,
\q দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
\q
\v 15 কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব,
\q আৰু তেওঁলোকৰ ধনু ভঙা হব।
\q
\s5
\v 16 দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো,
\q ধাৰ্ম্মিকৰ অলপ সম্পত্তিয়েই ভাল।
\q
\v 17 কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব।
\q কিন্তু যিহোৱাই ধাৰ্ম্মিকসকলক ধৰি ৰাখিব।
\q
\s5
\v 18 সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,
\q আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
\q
\v 19 সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,
\q আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
\q
\s5
\v 20 দুষ্টবোৰ বিনষ্ট হব,
\q যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব;
\q তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।
\q
\v 21 দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে;
\q কিন্তু ধাৰ্ম্মিক লোক দয়াৱান আৰু দানশীল।
\q
\s5
\v 22 যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব,
\q কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।
\q
\v 23 যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে;
\q তেওঁ তেওঁৰ পথত সন্তোষ পায়।
\q
\v 24 তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব;
\q কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
\q
\s5
\v 25 মই যুৱক আছিলো, এতিয়া বুঢ়া হ’লোঁ;
\q কিন্তু মই ধাৰ্ম্মিকক ত্যাগ কৰা,
\q নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
\q
\v 26 ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে;
\q তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।
\q
\v 27 তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম্ম কৰা;
\q তুমি চিৰকাল জীয়াই থাকিবা।
\q
\s5
\v 28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,
\q তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;
\q অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;
\q কিন্তু দুষ্টসকলৰ বংশক হলে ধ্বংস কৰা হ’ব।
\q
\v 29 ধাৰ্ম্মিকসকল পৃথিবীৰ অধিকাৰী হব;
\q তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।
\q
\v 30 ধাৰ্ম্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,
\q তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
\q
\s5
\v 31 তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;
\q তেওঁলোকৰ ভৰি পিছলি নাযায়।
\q
\v 32 দুষ্টলোকে ধাৰ্ম্মিকলৈ খাপ পাতি থাকে,
\q তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
\q
\v 33 কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব,
\q বিচাৰত তেওঁলোকক দোষী নকৰিব।
\q
\s5
\v 34 যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা;
\q তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।
\q দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
\q
\s5
\v 35 মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলো,
\q লেবানোনৰ এৰচ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
\q
\v 36 কিন্তু মই পুণৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল;
\q মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।
\q
\s5
\v 37 সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা;
\q কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
\q
\v 38 কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব;
\q দুষ্টলোকৰ বংশ ধ্বংস হ’ব।
\q
\s5
\v 39 ধাৰ্ম্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে;
\q সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
\q
\v 40 যিহোৱাই তেওঁলোকক সাহার্য আৰু ৰক্ষা কৰে;
\q দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে,
\q কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।
\s5
\c 38
\s দায়ুদৰ ৰচিত গীত; স্মৰণাৰ্থক উৎসর্গৰ গীত।
\b
\q
\v 1 হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা;
\q তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।
\q
\v 2 কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে,
\q তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।
\q
\s5
\v 3 তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই;
\q মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।
\q
\v 4 মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে;
\q সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।
\q
\s5
\v 5 মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।
\q
\v 6 মই দুখ পাই অতিশয় কুঁজা হৈ পৰিছো,
\q ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।
\q
\s5
\v 7 মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে,
\q মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।
\q
\v 8 মই অতিশয় দুৰ্ব্বল আৰু ভগ্ন হৈছোঁ;
\q মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
\q
\s5
\v 9 হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা;
\q মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
\q
\v 10 মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে;
\q এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
\q
\s5
\v 11 মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে,
\q মোৰ চুবুৰীয়াসকলেও আতঁৰত থাকে।
\q
\v 12 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে,
\q যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়;
\q তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
\q
\s5
\v 13 মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো;
\q মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হৈ গ’লো।
\q
\v 14 যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
\q
\s5
\v 15 হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছো;
\q হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
\q
\v 16 মই প্রার্থনা কৰোঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
\q
\s5
\v 17 মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
\q
\v 18 মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছো।
\q
\s5
\v 19 যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী।
\q যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
\q
\v 20 মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰো, তেওঁলোক মোৰ বিৰোধী।
\q
\s5
\v 21 হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আতঁৰত নাথাকিবা।
\q
\v 22 হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা! মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।
\s5
\c 39
\s প্ৰধান বাদ্যকৰৰ প্রতি: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম;
\q যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ;
\q যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মূৰ মুখত সোপা দি ৰাখিম।”
\q
\s5
\v 2 মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
\q
\v 3 মই মোৰ অন্তর্জ্বালাত দহিছো।
\q মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলো, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
\q
\s5
\v 4 “হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা;
\q মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া;
\q মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
\q
\v 5 চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা;
\q তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা;
\q বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
\q
\s5
\v 6 বাস্তবিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে;
\q তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে;
\q তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
\q
\v 7 “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
\q
\s5
\v 8 মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা ;
\q বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
\q
\v 9 মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
\q
\s5
\v 10 মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা;
\q তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
\q
\v 11 তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা,
\q তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া।
\q বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
\q
\s5
\v 12 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাঁতৰোক্তিলৈ কাণ পাতা;
\q মোৰ চকুলো দেখি নিৰৱে নাথাকিবা!
\q মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছো।
\q
\v 13 মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আতঁৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে,
\q পুণৰ হাঁহিব পাৰো।”
\s5
\c 40
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 মই ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ;
\q তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাঁতৰোক্তি শুনিলে।
\q
\v 2 তেওঁ মোক বিনাশৰ গাঁতৰ পৰা তুলি আনিলে,
\q পঙ্কিল জলাশয়ৰ পৰা তুলিলে।
\q শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
\q
\s5
\v 3 তেওঁ মোৰ মুখত এটি নতুন গীত দিলে,
\q আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে;
\q অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
\q
\v 4 ধন্য সেই লোক, যি জনে যিহোৱাৰ ওপৰত ভাৰসা কৰে;
\q যি জনে অহঙ্কাৰীসকলৰ ফালে নুঘূৰে,
\q নাইবা মিছা দেৱতাসকলৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
\q
\s5
\v 5 হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা!
\q আমাক লৈ তোমাৰ পৰিকল্পনা অনেক!
\q তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি,
\q মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰো, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
\q
\v 6 তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা;
\q তুমি মোক শুনিবলৈ শ্ৰৱন শক্তি দিলা;
\q হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
\q
\s5
\v 7 তেতিয়া মই ক’লো, “এইয়া মই আহিছো;
\q পুস্তকখনত মই অহাৰ বিষয়ে লিখা আছে।
\q
\v 8 হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ;
\q তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
\q
\v 9 মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰো;
\q হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
\q
\s5
\v 10 তোমাৰ উদ্ধাৰৰ সাহার্যৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই;
\q তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলো;
\q তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
\q
\v 11 হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা;
\q তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
\q
\s5
\v 12 কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে;
\q মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে;
\q মই অপৰাধবোৰ দেখা নোপোৱা হ’লো;
\q সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।
\q
\v 13 হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা;
\q হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।
\q
\s5
\v 14 যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;
\q যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
\q
\v 15 যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে!” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।
\q
\s5
\v 16 কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক;
\q তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান!”
\q
\v 17 কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে,
\q হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা;
\q তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।
\s5
\c 41
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে;
\q যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
\q
\v 2 যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব;
\q তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।
\q
\v 3 তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে;
\q নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।
\q
\s5
\v 4 মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা,
\q কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
\q
\v 5 মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
\q
\v 6 তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়;
\q তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।
\q
\s5
\v 7 মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়;
\q তেওঁলোকে মোৰ অনিষ্ট চিন্তা কৰে।
\q
\v 8 তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছো, তাৰ পৰা পুণৰায় নুঠিম।”
\q
\v 9 মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল,
\q মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
\q
\s5
\v 10 কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা;
\q মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰো।
\q
\v 11 ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট,
\q কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
\q
\v 12 তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা;
\q তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
\q
\s5
\v 13 ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা,
\q অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত।
\q আমেন, আৰু আমেন।
\s5
\c 42
\s প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ বংশৰ মচকীল নামৰ গীত ।
\b
\q
\v 1 হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে,
\q তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
\q
\v 2 ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে;
\q মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?
\q
\s5
\v 3 মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল,
\q কিয়নো লোকসকলে ওৰে দিনটো মোক কয়,
\q “তোমাৰ ঈশ্বৰ ক’ত আছে?”
\q
\v 4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে,
\q তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ
\q পর্ব পালন কৰা লোকসমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
\q
\s5
\v 5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?
\q কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?
\q ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।
\q তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
\q
\v 6 মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে;
\q সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা
\q তোমাৰ কথা ভাৱিছো।
\q
\s5
\v 7 তোমাৰ জলপ্ৰপাতৰ শব্দত জলসমূহে জলসমূহক মাতিছে;
\q তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে ।
\q
\v 8 যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়;
\q মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
\q
\s5
\v 9 মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা?
\q মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”
\q
\v 10 মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে”
\q তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।
\q
\s5
\v 11 হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা?
\q কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?
\q ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।
\q তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ ।
\s5
\c 43
\b
\q
\v 1 হে ঈশ্বৰ, মোৰ বিচাৰ কৰা;
\q ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা;
\q ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
\q
\v 2 কিয়নো তুমিয়েই মোৰ ঈশ্বৰ মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা?
\q মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?
\q
\s5
\v 3 তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক;
\q সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ
\q আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।
\q
\v 4 তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম,
\q মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম;
\q হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম ।
\q
\s5
\v 5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?
\q কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?
\q ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।
\q তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
\s5
\c 44
\s প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ বংশৰ মচকীল নামৰ গীত।
\b
\q
\v 1 হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণৰে শুনিলোঁ;
\q পূৰ্ব্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য্য কৰিছিলা,
\q সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
\q
\v 2 তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা;
\q সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা।
\q তুমি সেই সকলো লোকৰ নাশ কৰিলা,
\q কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিছিলা।
\q
\s5
\v 3 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল,
\q নিজৰ বাহুৰ শক্তিত জয়লাভ কৰা নাছিল;
\q কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল;
\q কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
\q
\v 4 হে মোৰ ঈশ্বৰ, তুমিয়েই মোৰ ৰজা; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
\q
\s5
\v 5 আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম;
\q আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম ।
\q
\v 6 মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰো,
\q মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
\q
\s5
\v 7 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
\q
\v 8 ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছো;
\q চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম । (চেলা)
\q
\s5
\v 9 কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা;
\q আমাৰ সৈন্যসমূহৰ লগত তুমি যাত্রা নকৰা।
\q
\v 10 শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা;
\q আমাক শত্রুবোৰে আমাক লুট কৰিছে।
\q
\v 11 তুমি আমাক কাটিবলৈ নিয়া ভেড়াৰ দৰে কৰিলা;
\q জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
\q
\s5
\v 12 তুমি তোমাৰ লোকসমূহক বিনামূল্যেই বেচিলা,
\q তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
\q
\v 13 ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা;
\q চাৰিওফালৰ লোকসমূহৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
\q
\v 14 অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা;
\q লোকসমূহৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
\q
\s5
\v 15 ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
\q
\v 16 মোক নিন্দা আৰু তুচ্ছজ্ঞান কৰাসকলৰ কথাৰ কাৰণে,
\q শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
\q
\v 17 আমালৈ এই সকলো ঘটিল;
\q তথাপি আমি তোমাক পাহৰা নাই,
\q অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই ।
\q
\s5
\v 18 তোমাৰ পৰা আমাৰ মন ঘূৰা নাই;
\q তোমাৰ পথৰ পৰাও আমাৰ ভৰি আতৰি যোৱা নাই।
\q
\v 19 তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা,
\q মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
\q
\v 20 আমাৰ ঈশ্বৰক যদি আমি পাহৰিলো,
\q নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
\q
\v 21 তেন্তে ঈশ্বৰে জানো তাক নাজানিব?
\q কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
\q
\v 22 কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ;
\q আমি বধ কৰিব লগীয়া ভেড়াৰ নিচিনা গণিত হৈছোঁ।
\q
\s5
\v 23 হে যিহোৱা ,সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা?
\q জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
\q
\v 24 তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা?
\q আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
\q
\s5
\v 25 আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে,
\q আমাৰ শৰীৰ মাটিত লাগি গৈছে।
\v 26 উঠি আহা, আমাক সহায় কৰা;
\q তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা ।
\s5
\c 45
\s প্ৰধান বাদ্যকৰৰ প্রতি: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত ।
\b
\q
\v 1 মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে;
\q ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো;
\q মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
\q
\v 2 মানুহৰ সন্তানসকলতকৈ তুমি পৰম সুন্দৰ;
\q তোমাৰ ওঁঠযুৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ;
\q ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে ।
\q
\s5
\v 3 হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা;
\q গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
\q
\v 4 ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা;
\q তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য্য শিকাওঁক।
\q
\s5
\v 5 তোমাৰ ধনুৰ কাঁড়বোৰ চোকা;
\q ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়;
\q জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;
\q
\v 6 হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে;
\q তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
\q
\v 7 তুমি ধাৰ্ম্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা;
\q সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ
\q অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
\q
\s5
\v 8 গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে।
\q হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।
\q
\v 9 তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে;
\q তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
\q
\s5
\v 10 হে কন্যা, মন দি কাণ পাতি শুনা;
\q তোমাৰ লোকসকলক তুমি পাহৰি যোৱা;
\q তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
\q
\v 11 তেতিয়াহে ৰজাই আপোনাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব;
\q কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
\q
\s5
\v 12 তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব;
\q ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।
\q
\v 13 ৰাজপ্রসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব;
\q তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
\q
\s5
\v 14 নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব;
\q তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
\q
\v 15 আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব;
\q তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।
\q
\s5
\v 16 তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব;
\q লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।
\q
\v 17 মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম;
\q সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।
\s5
\c 46
\s প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত ।
\b
\q
\v 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,
\q সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
\q
\v 2 এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
\q
\v 3 যদিও জলসমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে,
\q যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
\q
\s5
\v 4 এখন নদী আছে; তাৰ সুতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে,
\q আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থানক।
\q
\v 5 ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।
\q অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
\q
\s5
\v 6 জাতিবোৰে হৈ চৈ কৰিছে; ৰাজ্যবোৰ উচ্ছন্ন হৈছে;
\q তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিবী দ্রৱীভূত হ’ল।
\q
\v 7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
\q যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
\q
\s5
\v 8 আঁহা, যিহোৱাৰ কার্য-কলাপ চোৱা,
\q তেওঁ পৃথিবীত ধ্বংস আনিছে।
\q
\v 9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে,
\q তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে,
\q ৰথবোৰ জুইত পোৰে।
\q
\s5
\v 10 যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা!
\q সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব,
\q পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
\q
\v 11 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;
\q যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা )
\s5
\c 47
\s প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ সন্তানসকলৰ ৰচিত গীত।
\b
\q
\v 1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;
\q আণ্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
\q
\v 2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;
\q সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
\q
\s5
\v 3 তেওঁ লোকসমূহক আমাৰ অধীন কৰিলে,
\q জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
\q
\v 4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;
\q সেই অধিপত্য তেওঁৰ প্রেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
\q
\v 5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;
\q যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
\q
\s5
\v 6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,
\q প্ৰশংসাৰ গান কৰা;
\q তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,
\q প্রশংসাৰ গান কৰা।
\q
\v 7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;
\q তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
\q
\s5
\v 8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;
\q তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
\q
\v 9 জাতিসকলৰ ৰাজপুত্রসকল গোট খাইছে;
\q অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;
\q কিয়নো পৃথিবীৰ ঢালবোৰ (শাসনকর্তা) ঈশ্বৰৰ;
\q তেৱেঁই সবাবোকৈ মহান।
\s5
\c 48
\s এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত।
\b
\q
\v 1 আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত,
\q যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য!
\q
\v 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত;
\q ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ;
\q গোটেই পৃথিবীকে আনন্দ দিয়ে।
\q
\v 3 ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত
\q নিজক দুৰ্গস্বৰূপে প্রকাশ কৰিছে।
\q
\s5
\v 4 ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
\q
\v 5 তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল;
\q তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
\q
\v 6 সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল,
\q প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
\q
\s5
\v 7 যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়,
\q তেনেকৈ তেওঁলোকক ভাঙিলে।
\q
\v 8 বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত;
\q আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ;
\q দেখিলো, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
\q
\s5
\v 9 হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰো।
\q
\v 10 হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে।
\q তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
\q
\s5
\v 11 তোমাৰ ন্যায়বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক,
\q যিহূদাৰ নগৰবোৰ উল্লাসিত হওক ।
\q
\s5
\v 12 তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা,
\q আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা ।
\q
\v 13 তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা;
\q তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা
\q যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তানসকলক ক’ব পাৰা।
\q
\s5
\v 14 এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।
\s5
\c 49
\s প্ৰধান বাদ্যকৰৰ প্ৰতি: কোৰহৰ সন্তানসকলৰ ৰচিত গীত।
\b
\q
\v 1 হে সমুদায় জাতি, তোমালোকে এইকথা শুনা;
\q হে জগত-নিবাসী, কাণ পাতা।
\q
\v 2 উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
\q
\s5
\v 3 মোৰ মুখে জ্ঞানৰ কথা কব;
\q মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
\q
\v 4 মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম;
\q বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।
\q
\v 5 মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে,
\q সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?
\q
\s5
\v 6 সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহঙ্কাৰ কৰে।
\q
\v 7 কোনেও কাকো কোনো প্রকাৰে মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে।
\q নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে,
\q যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
\q
\v 8 কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক;
\q মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
\q
\s5
\v 9 যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাঁতলৈ নাযাব।
\q
\v 10 আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়;
\q নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই
\q তেওঁলোক বিনষ্ট হয়।
\q তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
\q
\s5
\v 11 তেওঁলোকৰ মনোভাৱ এই যে, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী,
\q তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব,
\q সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে ।
\q
\s5
\v 12 কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়;
\q তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
\q
\v 13 যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে,
\q আৰু তেওঁলোকৰ পাছত যি লোকসকলে তেওঁলোকৰ কথাত হয়ভৰ দি চলে,
\q সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
\q
\s5
\v 14 তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা ভেড়াৰ জাকস্বৰূপ;
\q মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হব;
\q ঈশ্বৰ-ভক্তসকলে ৰাতিপুৱাই তেওঁলোকৰ ওপৰত কর্তৃত্ব কৰিব;
\q তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব;
\q তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।
\q
\v 15 কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব;
\q মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা) ।
\q
\s5
\v 16 যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা;
\q তেওঁৰ পৰিয়ালৰ ধন-সম্পদ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
\q
\v 17 কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব;
\q তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব ।
\q
\s5
\v 18 যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে,
\q কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
\q
\v 19 তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব,
\q যিসকলে পুণৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
\q
\v 20 কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়;
\q তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
\s5
\c 50
\s আচফৰ ৰচিত গীত ।
\b
\q
\v 1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে,
\q সূৰ্য্যৰ উদয়স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
\q
\v 2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা,
\q ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
\q
\s5
\v 3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব;
\q তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব,
\q তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
\q
\v 4 তেওঁ নিজৰ লোকসকলৰ ন্যায়বিচাৰ কৰিবৰ কাৰণে,
\q তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে ।
\q
\v 5 “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা,
\q যিসকলে উৎসর্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
\q
\s5
\v 6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা ঘোষণা কৰিছে;
\q কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা । (চেলা)
\q
\s5
\v 7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম;
\q হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম;
\q মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
\q
\v 8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই;
\q তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
\q
\s5
\v 9 তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ;
\q তোমাৰ গৰাঁলৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
\q
\v 10 কিয়নো সকলো বনৰীয়া জন্তু মোৰেই,
\q অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
\q
\v 11 এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো;
\q পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
\q
\s5
\v 12 “মোৰ ভোক লাগিলেও মই তোমাক নক’ম;
\q কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
\q
\v 13 ভতৰাৰ মাংস মই ভোজন কৰিম নে?
\q মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
\q
\s5
\v 14 ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা;
\q সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
\q
\v 15 সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা;
\q মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
\q
\s5
\v 16 কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে,
\q “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
\q
\v 17 কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা;
\q মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
\q
\s5
\v 18 চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা;
\q তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
\q
\v 19 দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা,
\q তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
\q
\v 20 তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক;
\q একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
\q
\s5
\v 21 এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ;
\q তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন।
\q কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
\q
\v 22 তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা;
\q নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম;
\q তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
\q
\s5
\v 23 যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে;
\q যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
\s5
\c 51
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত । বৎচেবাৰ লগত ব্যভিচাৰ কৰাৰ পাছত যেতিয়া নাথন ভাৱবাদী দায়ুদৰ ওচৰলৈ আহিছিল সেই সময়ৰ গীত।
\b
\q
\v 1 হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোৰ প্রতি কৃপা কৰা,
\q তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।
\q
\v 2 মোৰ সকলো অধৰ্ম্ম তুমি ধুই পেলোৱা;
\q মোৰ পাপৰ পৰা মোক শুচি কৰা।
\q
\s5
\v 3 মোৰ পাপবোৰ মই নিজে জানিছোঁ;
\q মোৰ পাপ সদায় মোৰ আগত আছে।
\q
\v 4 তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিছো;
\q তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলো;
\q তুমি তোমাৰ বাক্যত ধাৰ্ম্মিক, তোমাৰ বিচাৰ নিখুঁত।
\q
\s5
\v 5 চোৱা, অধৰ্ম্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে ।
\q
\v 6 তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা;
\q সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।
\q
\s5
\v 7 এচোব বনেৰে তুমি মোৰ পবিত্র কৰা আৰু মই শুচি হ’ম;
\q মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হম।
\q
\v 8 মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া;
\q তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
\q
\v 9 মোৰ পাপসমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা;
\q মোৰ সকলো অপৰাধ মোচন কৰা।
\q
\s5
\v 10 হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা;
\q মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
\q
\v 11 তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা;
\q তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা ।
\q
\s5
\v 12 তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা;
\q তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা ।
\q
\v 13 তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম,
\q তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।
\q
\s5
\v 14 হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ,
\q ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা;
\q তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
\q
\v 15 হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা;
\q মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।
\q
\v 16 কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন;
\q হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।
\q
\s5
\v 17 ঈশ্বৰৰ বলি ভগ্ন মন;
\q হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।
\q
\v 18 তোমাৰ হিত-ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা;
\q যিৰূচালেমৰ প্রাচীৰ তুমি পুণৰ নিৰ্ম্মাণ কৰা ।
\q
\v 19 তেতিয়া ধাৰ্ম্মিকতাৰ বলি উৎসর্গ,
\q হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত
\q তুমি আনন্দিত হ’বা।
\q তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।
\s5
\c 52
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল যে, “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে।” গীতটো সেই সময়ৰ ৰচিত গীত।
\b
\q
\v 1 হে বীৰ, তুমি দুষ্কৰ্ম্মত কিয় গৰ্ব্ব কৰিছা?
\q ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
\q
\v 2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা;
\q হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
\q
\s5
\v 3 তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা,
\q সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা] ।
\q
\s5
\v 4 হে ছলনাকাৰী জিভা,
\q যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
\q
\v 5 কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব;
\q তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব;
\q জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
\q
\s5
\v 6 ধাৰ্ম্মিকসকলে তাকে দেখি ভয় কৰিব;
\q তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
\q
\v 7 “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্রয়ত নির্ভৰ নকৰিলে,
\q কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে,
\q দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্রয় ল’লে।”
\q
\s5
\v 8 কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জলফাই গছৰ নিচিনা;
\q মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰো।
\q
\v 9 হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম;
\q তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।
\s5
\c 53
\s প্ৰধান বাদ্যকৰৰ প্রতি: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।”
\q তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে;
\q তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
\q
\v 2 ঈশ্বৰে স্বর্গৰপৰা মানবজাতিলৈ দৃষ্টি কৰে,
\q তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই;
\q ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
\q
\v 3 তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল;
\q সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
\q
\s5
\v 4 “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি?
\q লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়।
\q তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
\q
\v 5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল;
\q কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনী পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব।
\q তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
\q
\s5
\v 6 ইস্রায়েলৰ পৰিত্রাণ চিয়োনৰ মাজৰ পৰাই আহঁক!
\q যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুণৰ স্থাপন কৰিব,
\q তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।
\s5
\c 54
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযু্ক্ত যন্ত্ৰেৰে গাব লগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনালে যে দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে। গীতটো সেই সময়ৰ।
\b
\q
\v 1 হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;
\q তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা ।
\q
\v 2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,
\q মোৰ মুখৰ কথালৈ কাণ দিয়া।
\q
\v 3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,
\q হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;
\q তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]
\q
\s5
\v 4 কিন্তু ঈশ্বৰ মোৰ সহায়কৰ্ত্তা;
\q ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
\q
\v 5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;
\q তোমাৰ বিশ্বস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
\q
\s5
\v 6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;
\q হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
\q
\v 7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;
\q মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে ।
\s5
\c 55
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযু্ক্ত যন্ত্ৰেৰে গাব লগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,
\q মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা ।
\q
\v 2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;
\q
\v 3 শত্ৰুৰ কথাৰ কাৰণে,
\q দুষ্টৰ অত্যাচাৰৰ বাবে,
\q তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে,
\q তেওঁলোকে ক্ৰোধৰে মোক নির্যাতন চলাইছে।
\q
\s5
\v 4 মোৰ হৃদয়ত অত্যন্ত যান্ত্ৰণা পাইছে,
\q মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
\q
\v 5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;
\q আতঙ্কিত হৈ ভয়ভিভূত হৈছো।
\q
\s5
\v 6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!
\q তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন।
\q
\v 7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলো হয়;
\q গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা]
\q
\s5
\v 8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,
\q শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।
\q
\v 9 হে’ প্ৰভু, তেওঁলোকক ধংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;
\q মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।
\q
\s5
\v 10 তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;
\q অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।
\q
\v 11 ইয়াৰ ভিতৰত মন্দতা আছে;
\q পথবোৰৰ পৰা উপদ্ৰব আৰু প্রতাৰণা নুগুচে।
\q
\s5
\v 12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;
\q কৰা হলে, মই তাক সহিলোহেঁতেন;
\q মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়;
\q কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
\q
\v 13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;
\q মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।
\q
\v 14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;
\q আমি লোকসমূহে সৈতে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
\q
\s5
\v 15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,
\q জিয়াই জিয়াই চিয়োললৈ নামি যাওঁক;
\q কিয়নো তেওঁলোকৰ বাসস্থানত আৰু মনত দুষ্টতা আছে।
\q
\s5
\v 16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;
\q তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।
\q
\v 17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;
\q তাতে তেওঁ মোৰ মাত শুনিব।
\q
\v 18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;
\q মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।
\q
\s5
\v 19 ঈশ্বৰ, যি জন অৱশেষ অনাদিকালৰ পৰা আছে;
\q তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব।[চেলা]
\q যি জন মানুহৰ পৰিবৰ্ত্তন নাই;
\q তেওঁলোকে ঈশ্বৰক ভয় নকৰে।
\q
\s5
\v 20 মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;
\q তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।
\q
\v 21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,
\q কিন্তু তেওঁৰ অন্তৰ বিদ্রোহি;
\q তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া,
\q সেইবোৰ খাপৰ পৰা উলোৱা তৰোৱালৰ দৰে।
\q
\s5
\v 22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;
\q তেওঁ ধার্মিকলোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
\q
\v 23 কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাঁতলৈ নমাই আনিবা;
\q ৰক্তপাতকৰা আৰু ছলনাকাৰি মানুহবোৰে আধা বয়সো নাপাব;
\q কিন্তু মই হলে, তোমাৰ ওপৰত ভৰসা কৰিম।
\s5
\c 56
\s প্ৰধান বাদ্যকৰৰ নিমিত্তে । যোনৎএলম ৰহোকীম সুৰত গাব লগীয়া । মিকতাম নামে দায়ূদৰ ৰচিত গীত । পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত ।
\b
\v 1 হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে ।
\v 2 মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহঙ্কাৰ কৰি যুদ্ধ কৰা অনেক ।
\s5
\v 3 যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম ।
\v 4 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰো; মাংসপিণ্ডই মোক কি কৰিব পাৰে ?
\s5
\v 5 সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক ।
\v 6 সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে ।
\s5
\v 7 অধৰ্ম্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে ? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা ।
\v 8 তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে ?
\s5
\v 9 সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ ।
\v 10 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম ।
\v 11 মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে ?
\s5
\v 12 হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিব লগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম ।
\v 13 কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা ?
\s5
\c 57
\s প্ৰধান বাদ্যকৰৰ নিমিত্তে। অল-তচহেৎ সুৰত গাব লগীয়া। মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত ।
\b
\v 1 হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
\s5
\v 2 মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্য্যসাধক ঈশ্বৰক নিবেদন কৰিম ।
\v 3 মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা । ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব ।
\s5
\v 4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিবা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।
\v 5 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
\s5
\v 6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে । সিহঁতে মোৰ সন্মুখত গাঁত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল । [চেলা ।
\s5
\v 7 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম ।
\v 8 হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবেল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম ।
\s5
\v 9 হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোকসমূহৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম ।
\v 10 কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে ।
\v 11 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক ।
\s5
\c 58
\s প্ৰধান বাদ্যকৰৰ প্ৰতি: অলতচহেৎ সুৰত গাবলগীয়া। মিকটাম নামে দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে?
\q হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা?
\q
\v 2 বৰং তোমালোকৰ মনত আছে অন্যায়, আৰু দুষ্টতাৰ কার্য কৰিছা;
\q তোমালোকে পৃথিবীত নিজৰ হাতৰ উপদ্ৰৱ তুলেৰে জুখিদিছা।
\q
\s5
\v 3 দুষ্টবোৰ গৰ্ভত থকাৰ পৰা বিপথগামী;
\q তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপদগামি হয়।
\q
\v 4 সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ;
\q তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
\q
\v 5 সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে,
\q কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
\q
\s5
\v 6 হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা;
\q হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
\q
\v 7 বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক;
\q যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাড়বোৰ আগ ছিগা যেন হওক।
\q
\v 8 শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক,
\q সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
\q
\s5
\v 9 তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই,
\q তেওঁ সেইবোৰক ঘূর্ণিবতাহেৰে উড়াই নিব।
\q
\v 10 ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব;
\q তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।
\q
\v 11 তাকে দেখি লোকসকলে কব, “সচাঁকৈয়ে ধাৰ্ম্মিক জনে পুৰস্কাৰ পাব;
\q বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।
\s5
\c 59
\s প্ৰধান বাদ্যকৰৰ প্রতি: অল-তচহেৎ সুৰত গাব লগীয়া। মিকটাম নামে দায়ূদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত, সিহঁতে দায়ূদক বধ কৰিবৰ ছলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত।
\b
\q
\v 1 হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা;
\q মোৰ বিৰুদ্ধে উঠাসকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।
\q
\v 2 অধৰ্ম্মাচাৰীসকলৰ পৰা মোক ৰক্ষাকৰা;
\q ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
\q
\s5
\v 3 কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে;
\q হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।
\q
\v 4 তেওঁলোকে মোক বিনাদোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে;
\q তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
\q
\s5
\v 5 হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ,
\q তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা;
\q কোনো দুর্নীতিপৰায়ণ পাপিক দয়া নকৰিবা। [চেলা]
\q
\s5
\v 6 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে;
\q নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।
\q
\v 7 চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে,
\q তেওঁলোকৰ ওঁঠত তৰোৱাল আছে;
\q কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
\q
\s5
\v 8 কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা;
\q তুমি সকলো জাতিকে উপহাস কৰিবা ।
\q
\v 9 ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম;
\q কিয়নো হে’ ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
\q
\s5
\v 10 মোৰ দয়ালু ঈশ্বৰ মোৰ লগ হ’ব তেওঁৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা;
\q ঈশ্বৰে মোৰ শত্ৰুবোৰৰ পৰাজয় হোৱা মোক দেখিবলৈ দিব।
\q
\v 11 তেওঁলোকক বধ নকৰিবা, মোৰ লোকসকলৰ সংকল্প যেন পাহৰি নাযায়;
\q হে প্ৰভু, আমাৰ ঢাল! তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা ।
\q
\s5
\v 12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে;
\q তেওঁলোকে তেওঁলোকৰ অহঙ্কাৰত ধৰা পৰক।
\q
\v 13 তুমি ক্ৰোধত তেঁওলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে;
\q যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে,
\q পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা]
\q
\s5
\v 14 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক;
\q নগৰত চাৰিওফালে ভ্ৰমণ কৰক।
\q
\v 15 তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব;
\q যদি তৃপ্ত নহয়, তেনেহলে গোটেই ৰাতি উজাগৰে থাকিব।
\q
\s5
\v 16 কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম;
\q এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম;
\q কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
\q
\v 17 হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম;
\q কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ ।
\s5
\c 60
\s প্ৰধান বাদ্যকৰৰ প্রতি: চূচন-এদূৎ সুৰত গাব লগীয়া। মিকটাম নামে দায়ূদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম-নহৰয়িম আৰু অৰাম-চোবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু যোৱাবে উভটি লবন উপত্যকাত ইদোমৰ বাৰ হাজাৰ লোকক বধ কৰিছিল, সেই সময়ৰ গীত।
\b
\q
\v 1 হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা;
\q তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
\q
\s5
\v 2 তুমি দেশ খনত কঁপণি তুলি তাক বিচিন্ন কৰিলা;
\q তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেয়বোৰে জোকাৰণি খাইছে।
\q
\v 3 তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা;
\q তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসও খাবলৈ দিলা;
\q
\s5
\v 4 যি সকলে তোমালৈ ভয় কৰে তেওঁলোকক তুমি এখন পতকা দিছা;
\q যাতে সেই পতকাখন সত্যৰপক্ষে তুলি ধৰা হয়। [চেলা]
\q
\v 5 তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব;
\q তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
\q
\s5
\v 6 ঈশ্বৰে নিজৰ পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম;
\q মই চিখিম ভাগ বাঁটি দিম, আৰু চূক্কোতৰ উপত্যকা জুখি দিম।
\q
\v 7 গিলিয়দ মোৰেই আৰু মনচিও মোৰেই;
\q ইফ্ৰয়িম মোৰ শিৰোৰক্ষক;
\q যিহূদা মোৰ বিচাৰ-দণ্ড;
\q
\s5
\v 8 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;
\q মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম;
\q হে ফিলিষ্টিয়া, তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা।”
\q
\v 9 কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব?
\q কোনে মোক ইদোমলৈ লৈ যাব?”
\q
\s5
\v 10 হে’ ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে?
\q হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্যসমূহৰ লগত যুদ্ধলৈ নোযোৱা।
\q
\v 11 শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা;
\q কিয়নো মানুহৰ সহায় যে বৃথা।
\q
\v 12 ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ কৰিম;
\q কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।
\s5
\c 61
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া। দায়ূদৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;
\q মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
\q
\v 2 মোৰ মন দুখত যেতিয়া ভাঙি পৰে,
\q মই পৃথিবীৰ অন্তত থাকিলেও তাৰপৰা তোমাক মাতিম;
\q তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
\q
\v 3 কিয়নো তুমি মোৰ আশ্ৰয়,
\q শত্ৰুৰ পৰা ৰক্ষাকৰোতা দৃঢ় দুৰ্গ।
\q
\s5
\v 4 মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম;
\q তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্ৰয় পাম। [চেলা]
\q
\v 5 কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা।
\q তোমাৰ নামলৈ শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
\q
\s5
\v 6 তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা;
\q তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
\q
\v 7 তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব;
\q তেওঁৰ ৰক্ষাৰ অৰ্থে, দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
\q
\s5
\v 8 তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম;
\q প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।
\s5
\c 62
\s প্ৰধান বাদ্যকৰৰ প্রতি: যিদূথনৰ অৰ্থে। দায়ূদৰ ৰচিত গীত।
\b
\q
\v 1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;
\q তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।
\q
\v 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
\q তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
\q
\s5
\v 3 এজন মানুহক, তোমালোকে কিমান দিনলৈকে আক্ৰমণ কৰি থাকিবা?
\q হলি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনাকৈ;
\q তোমালোক সকলোৱে উলোটাই তাকেই নষ্ট কৰিবা নে?
\q
\v 4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;
\q তেওঁলোকে মিছা কথাত সন্তোষ পায়;
\q মুখেৰে আশীৰ্বাদ কৰে, কিন্তু অন্তৰৰে তেওঁলোকে শাও দিয়ে।[চেলা]
\q
\s5
\v 5 হে মোৰ অন্তৰ নিৰন্তৰে, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;
\q কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে।
\q
\v 6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
\q তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
\q
\s5
\v 7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;
\q মোৰ শক্তি মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
\q
\v 8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;
\q তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;
\q তোমালোকৰ মনৰসকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;
\q কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল। [চেলা]
\q
\s5
\v 9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;
\q তেওঁলোক তৰ্জুত দাং খাব;
\q ভাপতকৈয়ো তেওঁলোক একেবাৰে পাতল।
\q
\v 10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা;
\q বৃথা ধনী হবলৈ আশা নকৰিবা,
\q ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
\q
\s5
\v 11 ঈশ্বৰে এবাৰ কলে;
\q মই ইয়াক দুবাৰ শুনিলোঁ,
\q যে পৰাক্ৰম ঈশ্বৰৰহে।
\q
\v 12 হে প্ৰভু, অঙ্গীকাৰ আৰু বিশ্বস্ততা তোমাৰ অধিন;
\q কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম্মৰ দৰে প্ৰতিফল দিছা।
\s5
\c 63
\s দায়ূদৰ ৰচিত গীত। যিহূদাৰ অৰণ্যত থকা সময়ৰ।
\b
\q
\v 1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম;
\q পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,
\q মোৰ প্ৰাণ তৃষ্ঞাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
\q
\v 2 এই দৰে, মই তোমাৰ আশ্রয়স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰস্থানত তোমাক চাইছিলো।
\q
\s5
\v 3 কিয়নো তোমাৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম;
\q মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
\q
\v 4 এইদৰে, মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম,
\q তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
\q
\s5
\v 5 লোকসকলে, যেতিয়া মগজু আৰু তেলীয়া মাংসত সন্তোষ্ট হয়, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হব;
\q আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
\q
\v 6 যেতিয়া মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো;
\q নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
\q
\s5
\v 7 কিয়নো তুমি মোৰ সহায়কর্তা;
\q তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
\q
\v 8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে;
\q তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
\q
\s5
\v 9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে,
\q তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
\q
\v 10 তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হব;
\q আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হব।
\q
\s5
\v 11 কিন্তু ৰজা জনে ঈশ্বৰত আনন্দ কৰিব;
\q তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,
\q কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হব।
\s5
\c 64
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ূদৰ ৰচিত গীত।
\q p
\v 1 হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা;
\q শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
\q
\v 2 দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা;
\q দুৰাচাৰীসকলৰ মানসিক উত্তেজনাৰ অপৰাধ বোৰৰপৰা মোক গুপুতে ৰাখা।
\q
\s5
\v 3 তেওঁলোকে তৰোৱাল ধৰোৱাদি নিজৰ জিভা ধৰাইছে;
\q তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
\q
\v 4 নির্দোষিজনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে;
\q তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
\q
\s5
\v 5 সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে;
\q গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে;
\q সিহঁতে কয়, “আমাক কোনে দেখিব?”
\q
\v 6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে;
\q তেওঁলোকে কয়, আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ;
\q প্ৰত্যেকৰ আন্তৰিক ভাৱ আৰু হৃদয় গভীৰ।
\q
\s5
\v 7 কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব;
\q অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
\q
\v 8 তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল;
\q যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব;
\q তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব।
\q
\v 9 সকলো মানুহে ভয় কৰিব;
\q তেওঁলোকে ঈশ্বৰৰ কার্য ঘোষণা কৰিব,
\q ঈশ্বৰৰ কাৰ্য্যৰ বিষয়ে জ্ঞানেৰে বিবেচনা কৰিব।
\q
\s5
\v 10 ধাৰ্ম্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় লব;
\q ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।
\s5
\c 65
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ূদৰ ৰচিত গীত, সঙ্গীত।
\b
\q
\v 1 হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;
\q তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
\q
\v 2 হে প্ৰাৰ্থনা শুনোতা জনা,
\q তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
\q
\v 3 আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;
\q তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
\q
\s5
\v 4 ধন্য সেইলোক যি জনক তুমি বাচিলৈ নিজৰ কাষলৈ আনা;
\q তোমাৰ চোতাল কেইখনত বাস কৰিব,
\q আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তোষ্ট হম।
\q
\s5
\v 5 তোমাৰ ধার্মিকর্তাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;
\q ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;
\q পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;
\q সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকাসকলৰো।
\q
\s5
\v 6 এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ বনাই দৃড় কৰে;
\q শক্তিস্বৰূপ টঙালিৰে বিশেষভাৱে নিজকে বান্ধে।
\q
\v 7 সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰোতা,
\q আৰু তাৰ ঢৌৰ গর্জন,
\q লোকসমূহৰ কোলাহল শান্ত কৰোঁতা;
\q
\s5
\v 8 পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;
\q সূর্য উঠা দিশৰ পৰা অস্তযোৱালৈকে আনন্দিত কৰোতা।
\q
\v 9 তুমি পৃথিবীৰ বুজ-বিচাৰ ললা, আৰু তাত জল বৰষালা;
\q তুমি তাক বহু ফলৱান কৰিলা;
\q ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;
\q তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
\q
\s5
\v 10 তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;
\q তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;
\q তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;
\q তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
\q
\v 11 তুমি তোমাৰ মঙ্গলৰ মুকুটৰে বছৰটো ভূষিত কৰিলা;
\q আৰু তোমাৰ ৰথ যোৱা পথবোৰ পুষ্টিকৰ দ্ৰব পোৱা যায়।
\q
\v 12 অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;
\q আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
\q
\s5
\v 13 চৰণীয়া পথাৰবোৰত জাক জাক ভেড়াৰ বস্ত্ৰেৰে বিভূষিত হৈছে;
\q উপত্যকাবোৰ শস্যেৰে ঢকা হৈছে;
\q সেইবোৰে জয়-ধ্বনিকৰে আৰু গীতগান কৰে।
\s5
\c 66
\s প্ৰধান বাদ্যকৰৰ প্রতি: গীত, সঙ্গীত।
\b
\q
\v 1 হে গোটেই পৃথিবীৰ লোকসকল,
\q তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
\q
\v 2 তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;
\q তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
\q
\s5
\v 3 তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্য্যবোৰ কেনে আতঙ্কজনক!
\q তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত সমর্পণ কৰিব।
\q
\v 4 গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব,
\q তোমাৰ উদ্দেশ্যে গীত গান কৰিব;
\q তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা]
\q
\s5
\v 5 আহাঁ, ঈশ্বৰৰ কাৰ্য্যবোৰ চাওগৈ;
\q তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য-সন্তানসকলে ভয়ঙ্কৰ যেন মানিলে।
\q
\v 6 তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে;
\q লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল;
\q সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
\q
\v 7 তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে;
\q তেওঁ জাতিসকললৈ চকু ৰাখে;
\q বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। [চেলা]
\q
\s5
\v 8 হে জাতিসকল, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা,
\q আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
\q
\v 9 যি জনাই আমাক জীয়াই ৰাখে,
\q যি জনাই আমাৰ ভৰি লৰচৰ হবলৈ নিদিয়ে।
\q
\s5
\v 10 কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা,
\q ৰূপ খপাৰ দৰে আমাক পৰিক্ষা কৰিলা ।
\q
\v 11 তুমি আমাক জালৰে মেৰিয়াই আনিলা;
\q তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
\q
\v 12 তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা,
\q আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ;
\q কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
\q
\s5
\v 13 মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম;
\q আমি তোমাৰ ওচৰত প্রতিজ্ঞা পূৰণ কৰিম।
\q
\v 14 মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰো,
\q দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
\q
\v 15 ভেড়া ছাগলী আৰু ধূপেৰে সৈতে,
\q মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম;
\q ছাগলীৰ সৈতে ডামুৰীকো বলিদান উৎসর্গ কৰিম। [চেলা]
\q
\s5
\v 16 হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আঁহা, শুনা;
\q তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
\q
\v 17 মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ,
\q আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হল।
\q
\v 18 যদি মই অন্তঃকৰণত অধৰ্ম্ম মানিলোহেঁতেন,
\q তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
\q
\s5
\v 19 কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে;
\q তেওঁ মোৰ প্ৰৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
\q
\v 20 ঈশ্বৰ ধন্য হওক,
\q তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে,
\q আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।
\s5
\c 67
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া গীত, সঙ্গীত।
\b
\q
\v 1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা,
\q তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
\q
\v 2 গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;
\q সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।
\q
\s5
\v 3 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;
\q সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
\q
\v 4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;
\q এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা,
\q পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]
\q
\s5
\v 5 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,
\q সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
\q
\v 6 পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে;
\q ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব।
\q
\s5
\v 7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,
\q আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
\s5
\c 68
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত, সঙ্গীত।
\b
\q
\v 1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক;
\q তেওঁক ঘিণাওঁতাসকল তেওঁৰ আগৰ পৰা দূৰ হওঁক।
\q
\v 2 ধূঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া;
\q মম যেনেকৈ জুইৰ ওচৰত গলি যায়,
\q তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
\q
\v 3 কিন্তু ধাৰ্ম্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক;
\q তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
\q
\s5
\v 4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা;
\q মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা;
\q তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
\q
\v 5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
\q
\v 6 অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে;
\q তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে;
\q কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
\q
\s5
\v 7 হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোকসমূহৰ আগে আগে গৈছিলা, [চেলা]
\q
\v 8 তেতিয়া পৃথিবী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল;
\q এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত;
\q ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
\q
\s5
\v 9 হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা;
\q তুমি তোমাৰ শুকান দেশত পুণৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
\q
\v 10 তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে;
\q হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
\q
\s5
\v 11 যিহোৱাই লোকসমূহক আদেশ দিয়ে;
\q সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
\q
\v 12 তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!”
\q ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
\q
\v 13 যদিও তেওঁলোকে ভেড়াৰ গঁৰালবোৰৰ মাজত থাকে -
\q তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
\q
\s5
\v 14 সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে,
\q তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
\q
\v 15 হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত;
\q হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
\q
\v 16 হে অনেক শৃঙ্গ সম্বলিত পর্বত,
\q ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা?
\q সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
\q
\s5
\v 17 ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ;
\q প্ৰভু যেনেকৈ চীনয় পবিত্ৰস্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে।
\q
\v 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা,
\q তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা;
\q লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল,
\q যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
\b
\q
\s5
\v 19 প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
\q
\v 20 আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ।
\q যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
\q
\v 21 কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰি দিব,
\q যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব ।
\q
\s5
\v 22 প্ৰভুৱে কলে, “মই বাচন দেশৰ পৰা তেওঁলোকক লৈ আনিম;
\q সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
\q
\v 23 যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা,
\q আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছামতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
\q
\s5
\v 24 হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে;
\q পবিত্ৰস্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
\q
\v 25 আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল,
\q খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
\q
\s5
\v 26 তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা;
\q হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
\q
\v 27 তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে;
\q সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল,
\q সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
\q
\s5
\v 28 হে ঈশ্বৰ তোমাৰ পৰাক্ৰমক মাতা;
\q হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
\q
\v 29 যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
\q
\s5
\v 30 নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া;
\q বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া।
\q যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা;
\q যিসকল জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰি দিয়া।
\q
\v 31 মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কূচে (ইথিওপিয়া) ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব ।
\q
\s5
\v 32 হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
\q
\v 33 তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা।
\q শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
\q
\s5
\v 34 ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা;
\q তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
\q
\v 35 হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে।
\q ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে।
\q ঈশ্বৰৰ প্রশংসা হওঁক!
\s5
\c 69
\s প্ৰধান বাদ্যকৰৰ প্রতি: চোচন্নীম সুৰত গাব লগীয়া দায়ূদৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;
\q কিয়নো মই পানীত ডুবি যাবলৈ ধৰিছো।
\q
\v 2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;
\q গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
\q
\s5
\v 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাল গ’ল;
\q মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
\q
\v 4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধীক;
\q অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল, অতি শক্তিশালী;
\q তাতে মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
\q
\s5
\v 5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;
\q আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
\q
\v 6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;
\q হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
\q
\s5
\v 7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;
\q তেওঁলোকে মোক সম্পূর্ণভাবে অপদস্থ কৰিলে।
\q
\v 8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;
\q তেওঁলোকে মোক বিদেশীৰদৰে ব্যৱহাৰ কৰে।
\q
\v 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;
\q আৰু তোমাক নিন্দা কৰাসকলৰ নিন্দা মোৰ ওপৰত পৰিল।
\q
\s5
\v 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ;
\q তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হল ।
\q
\v 11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;
\q তেতিয়া মই তেওঁলোকৰ দৃষ্টান্তস্বৰূপ হলোঁ।
\q
\v 12 নগৰৰ দুৱাৰ-মুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;
\q মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
\q
\s5
\v 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰো তাক তুমি গ্রহণ কৰা;
\q তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
\q
\v 14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;
\q মোক ঘিণাওঁতাসকলৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
\q
\v 15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;
\q আৰু কবৰৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
\q
\s5
\v 16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ অঙ্গীকাৰ বিশ্বস্ততা উত্তম;
\q তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
\q
\v 17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;
\q কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
\q
\s5
\v 18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;
\q মোৰ মক্তিপণদি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
\q
\v 19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;
\q মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
\q
\s5
\v 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;
\q কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,
\q কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
\q
\v 21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;
\q মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস(ভিনেগাৰ) পান কৰালে।
\q
\s5
\v 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰদৰে হ’ব;
\q আৰু যেতিয়া তেওঁলোকে নিৰাপদে আছো বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।
\q
\v 23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;
\q তুমি তেওঁলোকৰ কঁকাল সদায় কপি থকা কৰা।
\q
\s5
\v 24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;
\q তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
\q
\v 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;
\q তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
\q
\s5
\v 26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;
\q তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
\q
\v 27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;
\q তেওঁলোকে তোমাৰ ধাৰ্ম্মিকতাৰ ভাগী নহওক।
\q
\s5
\v 28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;
\q আৰু ধাৰ্ম্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
\q
\v 29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;
\q হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
\q
\s5
\v 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;
\q ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
\q
\v 31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ষাড়গৰুতকৈ উত্তম;
\q নাইবা শিং আৰু খুৰা থকা শাড়তকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
\q
\s5
\v 32 নম্ৰসকলে তাকে দেখি আনন্দিত হব;
\q হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
\q
\v 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;
\q আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
\q
\s5
\v 34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;
\q সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
\q
\v 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;
\q লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
\q
\v 36 তেওঁৰ দাসসকলৰ বংশয়ো তাক অধিকাৰ কৰিব;
\q তেওঁৰ নাম প্ৰেম কৰোতাসকলে তাত বাস কৰিব।
\s5
\c 70
\s প্ৰধান বাদ্যকৰৰ প্রতি:দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।
\b
\q
\v 1 হে ঈশ্বৰ, মোক ৰক্ষা কৰা!
\q হে যিহোৱা, শিঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
\q
\v 2 যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক;
\q মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
\q
\v 3 যিসকলে মোক আহা আহা বোলে;
\q তেওঁলোকে লাজ পাই উলটি যাওক।
\q
\s5
\v 4 তোমাক বিচাৰোতাসকল তোমাত আনন্দকৰি উল্লাসিত হওক;
\q তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতাসকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
\q
\v 5 কিন্তু মই হলে অভাবগ্রস্ত আৰু দৰিদ্ৰ;
\q হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আঁহা;
\q তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা;
\q হে যিহোৱা, পলম নকৰিবা।
\s5
\c 71
\b
\q
\v 1 হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ;
\q মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
\q
\v 2 তোমাৰ ধাৰ্ম্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা;
\q মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
\q
\v 3 মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ;
\q তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা,
\q কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
\q
\s5
\v 4 হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,
\q অধৰ্ম্মী আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
\q
\v 5 কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা;
\q সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি।
\q
\s5
\v 6 গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ;
\q মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই;
\q মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
\q
\v 7 মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ;
\q কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয়স্থান।
\q
\s5
\v 8 মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হব,
\q আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
\q
\v 9 বয়সস্ত সময়ত মোক ত্যাগ নকৰিবা;
\q মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
\q
\s5
\v 10 কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে;
\q যি সকলে মোৰ জীবন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
\q
\v 11 তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে;
\q খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
\q
\s5
\v 12 হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা;
\q হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
\q
\v 13
\x -
\x* মোৰ প্ৰাণৰ বিৰুদ্ধিসকল লজ্জিত হৈ উচ্ছন্ন হওক;
\q মোৰ অনিষ্টকৰিবলৈ চেষ্টা কৰোঁতাসকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
\q
\s5
\v 14 কিন্তু মই হলে, সদায় তোমাক আশা কৰি থাকিম,
\q তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
\q
\v 15 মই মুখেৰে তোমাৰ ধাৰ্ম্মিকতাৰ কথা কম,
\q ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
\q তথাপিও মই বুজি পোৱা নাই।
\q
\v 16 মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্য্যবোৰ কীৰ্ত্তন কৰিম;
\q মই কেৱল তোমাৰ ধাৰ্ম্মিকতা, কেৱল তোমাৰেই ধাৰ্ম্মিকতা উল্লেখ কৰিম।
\q
\s5
\v 17 হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা;
\q আৰু এতিয়ালৈকে মই তোমাৰ আছৰিত কাৰ্য্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
\q
\v 18 প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা,
\q মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম;
\q আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
\q
\s5
\v 19 হে ঈশ্বৰ, তোমাৰ ধাৰ্ম্মিকতা গগণস্পৰ্শী;
\q হে ঈশ্বৰ, মহৎ কাৰ্য্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন?
\q
\v 20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা,
\q তুমি আকৌ আমাক পুনৰায় জীবিত কৰা;
\q পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
\q
\s5
\v 21 তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা;
\q পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
\q
\v 22 হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম;
\q হে ইস্ৰায়েলৰ পবিত্ৰ জনা,
\q মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
\q
\s5
\v 23 মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, মোৰ ওঁঠ অতিশয় আনন্দিত হয়;
\q তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।
\q
\v 24 মই তোমাৰ ধাৰ্ম্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম;
\q মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাসকল পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হল।
\s5
\c 72
\s চলোমনৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,
\q আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্ম্মিকতা প্ৰদান কৰা।
\q
\v 2 তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;
\q ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
\q
\v 3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;
\q পাহাৰবোৰেও ধার্মিকর্তা উৎপাদন কৰিব।
\q
\s5
\v 4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,
\q অভাৱগ্রস্ত সন্তানসকলক ৰক্ষা কৰিব;
\q কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
\q
\v 5 সূৰ্য্য চন্দ্ৰ থাকেমানে, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
\q
\s5
\v 6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,
\q তেও তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
\q
\v 7 তেওঁৰ সময়ত ধাৰ্ম্মিক জন জকমকাব;
\q যিমান দিনলৈ চন্দ্ৰ থাকিব তিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
\q
\s5
\v 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আনএখন সমুদ্ৰলৈকে ৰাজ্যশাসন কৰিব,
\q আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
\q
\v 9 মৰুভূমিৰ নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;
\q আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
\q
\v 10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
\q চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
\q
\s5
\v 11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;
\q আৰু সকলো জাতিৰলোকসকল তেওঁৰ সেৱা কৰিব।
\q
\v 12 কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;
\q আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
\q
\s5
\v 13 তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;
\q দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
\q
\v 14 অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;
\q তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হব।
\q
\s5
\v 15 ৰজাসকল জীয়াই থাকিব! আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;
\q লোকসকলে নিতৌ তেওঁৰ প্ৰাৰ্থনা কৰিব,
\q ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীর্বাদ কৰিব।
\q
\v 16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব;
\q সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব;
\q আৰু নগৰৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
\q
\s5
\v 17 ৰজাৰ নাম চিৰস্থায়ী হব;
\q সূৰ্য্য থাকেমানে তেওঁৰ নাম থাকিব;
\q লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব;
\q সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলি ক’ব।
\q
\s5
\v 18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;
\q যি জন কেৱল আচৰিত কৰ্ম্ম কৰোঁতা।
\q
\v 19 তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;
\q আৰু সমুদায় পৃথিবীত তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
\q
\v 20 যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
\s5
\c 73
\s আচফৰ ৰচিত গীত: গীতমালা তৃতীয় খণ্ড
\b
\q
\v 1 অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক;
\q তেওঁ শুদ্ধ-চিত্তীয়াসকললৈ শুভ কৰোঁতা।
\q
\v 2 কিন্তু মোৰ ভৰি হলে প্ৰায় পিছল খাইছিল;
\q মোৰ খোজ প্ৰায়েই পিছলি গৈছিল।
\q
\v 3 তেতিয়া অহঙ্কাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল;
\q মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
\q
\s5
\v 4 কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়;
\q কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।
\q
\v 5 তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়;
\q অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোকে বিপদতো নপৰে।
\q
\s5
\v 6 এই কাৰণে অহঙ্কাৰ তেওঁলোকৰ দিঙিৰ হাৰস্বৰূপ;
\q অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণস্বৰুপ হৈছে।
\q
\v 7 তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়;
\q তেওঁলোকৰ মন্দ চিন্তা শেষপর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।
\q
\s5
\v 8 তেওঁলোকে মহাবিদ্রোপৰে দুষ্টতাৰ কথা কয়;
\q তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।
\q
\v 9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়;
\q তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
\q
\s5
\v 10 এই কাৰণে ঈশ্বৰৰ সন্তানসকল তেওঁলোকৰ ফালে ঘূৰি যায়;
\q গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।
\q
\v 11 তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব?
\q সৰ্ব্বোপৰি জনে জানো কিহবলৈ গৈ আছে তাক জানিব?”
\q
\v 12 চোৱা তেওঁলোক দুষ্ট;
\q তেওঁলোকৰ মনৰ ভাৱ সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।
\q
\s5
\v 13 নিশ্চয় মই অনর্থক মোৰ হৃদয় সংৰক্ষণ কৰি ৰাখিলোঁ;
\q হাত ধুই নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিলোঁ।
\q
\v 14 কিয়নো মই ওৰে দিনটো আঘাতিত হলো;
\q প্ৰতি ৰাতিপুৱা বিনয়ী হ’লোঁ।
\q
\v 15 যদি মই কলোহেতেন, “সেইদৰে কম বুলি ভাবিলোহেঁতেন;
\q তেন্তে চোৱা, তোমাৰ সন্তানসকলৰ বংশলৈ বিশ্বাসঘাতক হলোহেঁতেন।
\q
\s5
\v 16 যেতিয়া এইবোৰ কাম মই কেনেকৈ বুজিম বুলি চিন্তা কৰিছিলোঁ;
\q এইটো মোৰ কাৰণে বহুত কঠিন আছিল।
\q
\v 17 তেতিয়া, মই ঈশ্বৰৰ পবিত্ৰস্হানত নোসোমোৱালৈকে;
\q আৰু তেওঁলোকৰ বিশ্বাস বিবেচনাকৰি বুজিনোপোৱালৈকে, মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল।
\q
\s5
\v 18 সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা;
\q তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
\q
\v 19 তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়!
\q নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হব।
\q
\v 20 তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছজ্ঞান কৰাৰ নিচিনাকৈ;
\q হে ঈশ্বৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছজ্ঞান কৰিবা।
\q
\s5
\v 21 যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ;
\q আৰু মোৰ অন্তৰত আঘাত লাগিছিল।
\q
\v 22 তেতিয়া মই অজ্ঞান আৰু মনৰকল্পনা অভাব বোধ কৰিছিলোঁ;
\q তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।
\q
\s5
\v 23 তথাপি মই সদায় তোমাৰ লগতে আছোঁ;
\q তুমি মোৰ সোঁ হাতখনত ধৰি ৰাখিলা।
\q
\v 24 তুমি তোমাৰ উপদেশৰে মোক পথ দেখুৱাবা,
\q পৰবর্তীসময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
\q
\s5
\v 25 তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে?
\q তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
\q
\v 26 মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল;
\q কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।
\q
\s5
\v 27 কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব;
\q তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা।
\q
\v 28 কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল;
\q মই প্রভুযিহোৱাক মোৰ আশ্রয়স্থান গ্রহণ কৰিলো;
\q মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।
\s5
\c 74
\s মচকীল নামে আচফৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, তুমি কিয় আমাক চিৰকাললৈকে অস্বীকাৰ কৰিলা?
\q তোমাৰ চৰণীয়া পথাৰৰ ভেড়া জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
\q
\v 2 তুমি পূৰ্ব্বে মুক্ত কৰা কোলসকলৰ উদ্দেশ্যে;
\q তোমাৰ অধিকাৰৰ ফৈদ হবলৈ ক্রয় কৰা;
\q আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
\q
\s5
\v 3 তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা;
\q পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
\q
\v 4 তোমাৰ বিৰোধী তোমাৰ পবিত্রস্থানৰ মাজত গৰ্জ্জন কৰিছে;
\q তেওঁলোকে তাত যুদ্ধৰ পতকা সংস্থাপন কৰিছে।
\q
\v 5 ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
\q
\v 6 তেওঁলোকে নক্সা কটা(খোদিত কৰা) আটাই কাঠবোৰ থেটালি ভাঙিছে;
\q কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
\q
\s5
\v 7 তেওঁলোকে তোমাৰ পবিত্রস্থানত জুই লগাই দিছে;
\q তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
\q
\v 8 তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধংস কৰো।”
\q তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভাগৃহ পুৰি ভস্ম কৰিলে।
\q
\s5
\v 9 আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই,
\q তাত কোনো ভাৱবাদীও নাই;
\q কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
\q
\v 10 হে ঈশ্বৰ,শত্রুৱে নো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব?
\q বিৰোধিসকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিবনে?
\q
\v 11 তুমি কিয় তোমাৰ হাত খন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা?
\q তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধংস কৰা।
\q
\s5
\v 12 তথাপিও ঈশ্বৰ পূৰ্ব্বকালৰে পৰা মোৰ ৰজা;
\q তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
\q
\v 13 তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা;
\q তুমিয়েই সাগৰৰ পানীতথকা দৈত্যৰ মূৰ থেতালি ভাঙিছিলা।
\q
\s5
\v 14 তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা;
\q তুমিয়েই তাক মৰুভূমিৰ নিবাসীসকলৰ আহাৰৰ বাবে দিছিলা।
\q
\v 15 তুমিয়েই পৰিতক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা;
\q সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
\q
\s5
\v 16 দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই;
\q তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
\q
\v 17 তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা;
\q তুমিয়েই শীত আৰু গ্রীস্মকাল বনালা।
\q
\s5
\v 18 হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাত্তা নিন্দা কৰিছে;
\q মূর্খ লোকসকলে যে তোমাৰ নাম অনাদৰ কৰিছে।
\q
\v 19 তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা;
\q তোমাক অপদস্থ কৰা সকলৰ জিৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
\q
\s5
\v 20 তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা;
\q কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰিসকলৰ বাসস্থানৰে ভৰি পৰিছে।
\q
\v 21 উপদ্ৰব পোৱাসকলক লাজ পাই উলটি নাহক;
\q দুখী-অভাবীলোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
\q
\s5
\v 22 হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা;
\q মূর্খব্যক্তিযে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
\q
\v 23 তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা;
\q তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।
\s5
\c 75
\s প্ৰধান বাদ্যকৰৰ প্রতি: অলতচেৎ সুৰত গাব লগীয়া। আচফৰ ৰচিত গীত, সঙ্গীত।
\b
\q
\v 1 হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম;
\q আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা;
\q লোকসকলে তোমাৰ আছৰিত কাৰ্য্যবোৰ বৰ্ণনা কৰি আছে।
\q
\v 2 যেতিয়া নিৰুপিত সময় উপস্থিত হব ;
\q তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
\q
\v 3 যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভযাতুৰ আৰু দুর্বল;
\q তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]
\q
\s5
\v 4 মই অহঙ্কাৰীসকলক কলোঁ, “তোমালোকে অহঙ্কাৰৰে কাৰ্য্য নকৰিবা;”
\q দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা;
\q দুষ্টসকল জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহওক।
\q
\v 5 তোমালোক জয়ী হবলৈ অত্যন্ত নিশ্চিন্ত নহবা;
\q তোমালোকে গর্বকৰি কথা নকবা।”
\q
\v 6 কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয়লাভ নহয়।
\q
\s5
\v 7 কিন্তু ঈশ্বৰ ন্যায় বিচাৰক;
\q কোনোক তললৈ নমায়, কোনোক উপৰলৈ তোলে।
\q
\v 8 কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে;
\q আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে;
\q পৃথিৱীৰ আটাই দুষ্টলোকসকলক অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।
\q
\s5
\v 9 কিন্তু মই হলে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম;
\q মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতিগান কৰিম।
\q
\v 10 তেওঁ ক’লে,“মই দুষ্টলোকসকলৰ আটাই শিং কাটি পেলাম;
\q কিন্তু ধাৰ্ম্মিক লোকসকলৰ শিং উচ্চ কৰিম।”
\s5
\c 76
\s প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত ।
\b
\q
\v 1 যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;
\q ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
\q
\v 2 চালেমত তেওঁৰ তম্বু আছে;
\q চিয়োনত তেওঁৰ বসতিস্থান আছে।
\q
\v 3 তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;
\q ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]
\q
\s5
\v 4 তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;
\q যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা।
\q
\v 5 এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল;
\q তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল।
\q পৰাক্ৰমীসকল অসহায় হ’ল।
\q
\s5
\v 6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,
\q ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
\q
\v 7 তুমি, হয় তুমিয়েই আতঙ্কজনক;
\q তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে?
\q
\s5
\v 8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়;
\q পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল।
\q
\v 9 হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা;
\q পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।[চেলা]
\q
\s5
\v 10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব;
\q তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা।
\q
\s5
\v 11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;
\q তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
\q
\v 12 তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব;
\q তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
\s5
\c 77
\s প্ৰধান বাদ্যকৰৰ প্রতি: যিদুথনৰ অৰ্থে, আচফৰ ৰচিত গীত।
\b
\q
\v 1 মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম;
\q মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
\q
\s5
\v 2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো;
\q গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলো; মই ক্লান্ত হৈ নপৰো।
\q মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
\q
\v 3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰো, তেতিয়া ক্রন্দন কৰোঁ;
\q মই মনতে চিন্তা কৰো আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]
\q
\s5
\v 4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা;
\q মই অতিশয় যাতনাত আছিলো আৰু সেয়ে কথাও কব পৰা নাছিলো।
\q
\v 5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলো;
\q অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলো।
\q
\s5
\v 6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে;
\q ৰাতি মই মোৰ হৃদয়ত গভীৰভাৱে চিন্তা কৰিছিলো;
\q মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে:
\q
\v 7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি?
\q তেওঁ মোক পুণৰ কেতিয়াও দয়া নকৰিব নেকি?
\q
\s5
\v 8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি?
\q তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
\q
\v 9 ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি?
\q তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা]
\q
\s5
\v 10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
\q
\s5
\v 11 যিহোৱাই কৰা সকলো কাৰ্য্যৰ কথা মই সোঁৱৰিম;
\q পূর্ব কালত তুমি কৰা আচৰিত কৰ্ম্মবোৰ মই সোঁৱৰণ কৰিম।
\q
\v 12 তোমাৰ সকলো কাৰ্য্যৰ বিষয়ে মই ধ্যান কৰিম;
\q তোমাৰ মহৎ কার্যবোৰ গভীৰভাৱে চিন্তা কৰিম।
\q
\s5
\v 13 হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ;
\q আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
\q
\v 14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিবোৰৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
\q
\v 15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তানসকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা]
\q
\s5
\v 16 হে ঈশ্বৰ, সমুদ্রৰ জলসমূহে তোমাক দেখিলে;
\q জলসমূহে তোমাক দেখি ভয় খালে;
\q তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
\q
\v 17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে;
\q তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
\q
\s5
\v 18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল;
\q তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
\q
\v 19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল;
\q মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
\q
\v 20 মোচি আৰু হাৰোণৰ হতুৱাই ভেড়াৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।
\s5
\c 78
\s মচকীল নামে আচফৰ ৰচিত গীত
\b
\q
\v 1 হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা।
\q
\v 2 মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্ব্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
\q
\s5
\v 3 এই সকলো যি যি কথা আমি শুনিলো আৰু জানিলো, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
\q
\v 4 তেওঁলোকৰ বংশৰ সন্তানসকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম;
\q আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম;
\q তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
\q
\s5
\v 5 কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে,
\q ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে;
\q তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
\q
\v 6 যাতে ভাবী-বংশৰ সন্তানসকলে, যিসকলে এতিয়াও জন্মগ্রহণ কৰা নাই,
\q তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তানসকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
\q
\s5
\v 7 তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব,
\q তেওঁৰ কাৰ্য্যবোৰ তেওঁলোকে নাপাহৰিব,
\q কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
\q
\v 8 তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব;
\q সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনও সমর্পিত আৰু বিশ্বস্ত নাছিল।
\q
\s5
\v 9 ইফ্ৰয়িমৰ বংশৰ সন্তানসকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
\q
\v 10 তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে,
\q তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
\q
\v 11 তেওঁ যি যি কার্য কৰিছিলে, তাক তেওঁলোকে পাহৰি গ’ল।
\q তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
\q
\s5
\v 12 ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল;
\q মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
\q
\v 13 তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে,
\q তেওঁ জলসমূহক দম কৰাৰ দৰে থিয় কৰিলে।
\q
\v 14 দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
\q
\s5
\v 15 মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
\q
\v 16 তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে,
\q সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
\q
\s5
\v 17 কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল,
\q সর্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
\q
\v 18 তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবি কৰি,
\q তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
\q
\s5
\v 19 তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে,
\q “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
\q
\v 20 তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল;
\q সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে?
\q তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
\b
\q
\s5
\v 21 এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল;
\q যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল;
\q ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;
\q
\v 22 কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল;
\q তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
\q
\s5
\v 23 তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
\q
\v 24 লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে,
\q স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
\q
\v 25 মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে;
\q তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
\q
\s5
\v 26 তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে;
\q তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
\q
\v 27 তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে,
\q সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
\q
\v 28 তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে
\q তেওঁ সেইবোৰক পৰিবলৈ দিলে।
\q
\s5
\v 29 তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল;
\q তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
\q
\v 30 কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই,
\q এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
\q
\s5
\v 31 ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল;
\q তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে,
\q ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
\q
\v 32 তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল,
\q তেওঁৰ আচৰিত কৰ্ম্মত বিশ্বাস নকৰিলে।
\q
\s5
\v 33 সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে চুটি কৰিলে,
\q তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।
\q
\v 34 তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে;
\q তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
\q
\s5
\v 35 তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা,
\q সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
\q
\v 36 কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে,
\q জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
\q
\v 37 তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল,
\q তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
\q
\s5
\v 38 তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে,
\q তেওঁলোকক ধংস নকৰিলে;
\q এনে কি তেওঁ অনেক বাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
\q
\s5
\v 39 তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে;
\q তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুণৰ ঘূৰি নাহে।
\b
\q
\v 40 মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে!
\q সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
\q
\v 41 বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে,
\q ইস্ৰায়েলৰ পবিত্ৰ জনাক অসন্তুষ্ট কৰিলে।
\q
\s5
\v 42 তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে,
\q মনত নাৰাখিলে সেই দিনৰ কথা-
\q যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
\q
\v 43 যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
\q
\s5
\v 44 সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল,
\q যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
\q
\v 45 তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল,
\q সেইবোৰে তেওঁলোকক গ্রাস কৰিলে;
\q তেওঁ ভেকুঁলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
\q
\v 46 তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।
\q
\s5
\v 47 তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে,
\q আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।
\q
\v 48 তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে,
\q বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।
\q
\v 49 তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে;
\q সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
\q
\s5
\v 50 তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে;
\q তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে,
\q কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।
\q
\v 51 তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে,
\q হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।
\q
\s5
\v 52 তাৰ পাছত তেওঁ নিজৰ লোকসকলক ভেড়াৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি ভেড়াৰ জাকৰ দৰে তেওঁলোকক চলালে।
\q
\v 53 তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে;
\q কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
\q
\s5
\v 54 তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে;
\q যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।
\q
\v 55 তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে;
\q সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে;
\q আৰু ইস্ৰায়েলৰ জনগোষ্ঠীসকলক নিজ নিজ তম্বুত বাস কৰালে।
\b
\q
\s5
\v 56 কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;
\q তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
\q
\v 57 তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে;
\q ত্রুটিপূর্ণ ধনুৰ কাড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
\q
\s5
\v 58 তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে;
\q তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
\q
\v 59 এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে;
\q তেওঁ ইস্ৰায়েলক সম্পূর্ণভাৱে অগ্রাহ্য কৰিলে।
\q
\s5
\v 60 চীলোত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
\q
\v 61 নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
\q
\s5
\v 62 তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে;
\q আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
\q
\v 63 তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে;
\q তেওঁলোকৰ ছোৱালীবোৰৰ কাৰণে বিবাহৰ গীত গোৱা নহ’ল।
\q
\s5
\v 64 তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল,
\q তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
\q
\v 65 তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল;
\q দ্ৰাক্ষাৰস পান কৰি চিঞঁৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
\q
\v 66 তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আতঁৰাই দিলে;
\q তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।
\q
\s5
\v 67 পাছত তেওঁ যোচেফৰ বংশৰ তম্বুক অগ্ৰাহ্য কৰিলে;
\q ইফ্ৰয়িমৰ জনগোষ্ঠীক তেওঁ মনোনীত নকৰিলে;
\q
\v 68 কিন্তু তেওঁ যিহূদা জনগোষ্ঠীক মনোনীত কৰিলে,
\q সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
\q
\v 69 তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে,
\q তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
\q
\s5
\v 70 তেওঁ নিজ দাস দাযু়দক মনোনীত কৰিলে,
\q তেওঁ তেওঁক ভেড়াৰ গৰাঁলৰ পৰা আনিলে।
\q
\v 71 গাখীৰ দিয়া ভেড়াৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে,
\q যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক,
\q যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
\q
\v 72 দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে;
\q তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।
\s5
\c 79
\s আচফৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল;
\q তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে;
\q তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
\q
\v 2 তোমাৰ দাসসকলৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে;
\q তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে ।
\q
\v 3 যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে;
\q তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
\q
\s5
\v 4 চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ;
\q আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
\b
\q
\v 5 হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে?
\q তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
\q
\s5
\v 6 তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া,
\q তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া ।
\q
\v 7 কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে,
\q তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
\b
\q
\s5
\v 8 আমাৰ পূৰ্ব্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা;
\q শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া,
\q কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
\q
\v 9 হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ,
\q তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা;
\q তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
\q
\s5
\v 10 আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?”
\q তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত,
\q তোমাৰ দাসসকলৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
\q
\v 11 বন্দীসকলৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক;
\q যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে,
\q তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।
\q
\s5
\v 12 হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক যি অপমান কৰিছে,
\q তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
\q
\v 13 তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ ভেড়া যি আমি,
\q আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম,
\q আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।
\s5
\c 80
\s প্ৰধান বাদ্যকৰৰ প্রতি: চোচন্নীম-এদূৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত
\b
\q
\v 1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা;
\q তুমি যোচেফৰ বংশক ভেড়াৰ জাকৰ দৰে চলাই আনিছা!
\q তুমি কৰূববোৰৰ ওপৰত বহি,
\q আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
\q
\v 2 তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি জনগোষ্ঠীৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা,
\q আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।
\q
\v 3 হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;
\q আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰো।
\b
\q
\s5
\v 4 হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
\q
\v 5 তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা,
\q আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
\q
\v 6 তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে।
\q আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
\q
\s5
\v 7 হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;
\q আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰো।
\q
\v 8 তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা;
\q আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
\q
\s5
\v 9 তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা;
\q তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
\q
\v 10 তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল;
\q তাৰ ডালবোৰে বহৎ এৰচ গছবোৰ ঢাকি পেলালে;
\q
\v 11 সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
\q
\s5
\v 12 তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা?
\q সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
\q
\v 13 বনৰ বৰাহে আহি তাক নষ্ট কৰে;
\q পথাৰৰ পশুবোৰেও তাক খায়।
\q
\s5
\v 14 হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আঁহা;
\q স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখা-শুনা কৰা,
\q
\v 15 যি পুলিগছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা;
\q যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
\q
\v 16 সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে;
\q তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
\q
\s5
\v 17 কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা;
\q হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।
\q
\v 18 তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম;
\q তুমি আমাক পুণৰ জীৱন দিয়া,
\q আমি তোমাৰ নামত নিবেদন কৰিম।
\q
\s5
\v 19 হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;
\q আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰো।
\s5
\c 81
\s প্ৰধান বাদ্যকৰৰ প্রতি: গিত্তীৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত।
\b
\q
\v 1 আমাৰ বলস্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা;
\q যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
\q
\v 2 গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা;
\q নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
\q
\v 3 ন জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
\q
\s5
\v 4 কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
\q
\v 5 যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল,
\q তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে।
\q মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
\q
\s5
\v 6 “মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আতঁৰাই দিলো;
\q পাঁচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
\q
\v 7 তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ;
\q মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ;
\q মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
\q
\s5
\v 8 হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা,
\q হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
\q
\v 9 তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক;
\q কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
\q
\v 10 ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;
\q ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো;
\q তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
\q
\s5
\v 11 কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে;
\q ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
\q
\v 12 সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলো,
\q যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
\q
\s5
\v 13 হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়,
\q হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়,
\q
\v 14 তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলো হয়,
\q তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলো হয়!
\b
\q
\s5
\v 15 যিহোৱাক ঘিণাওঁতাসকল তেওঁৰ সন্মুখত অৱনত হ’ব;
\q তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
\q
\v 16 কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম;
\q মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”
\s5
\c 82
\s আচফৰ ৰচিত গীত।
\b
\q
\v 1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;
\q দেৱতাসকলৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।
\q
\v 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
\q
\s5
\v 3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায়বিচাৰ কৰা;
\q দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।
\q
\v 4 দুখীয়া আৰু কঙালক বঁচোৱা;
\q দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
\q
\s5
\v 5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;
\q চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;
\q পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।
\q
\s5
\v 6 মই ক’লো, “তোমালোকেই দেৱতাসকল;
\q তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।
\q
\v 7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;
\q অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”
\b
\q
\s5
\v 8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;
\q কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
\s5
\c 83
\s সঙ্গীত: আচফৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
\q
\v 2 চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে;
\q তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।
\q
\s5
\v 3 তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে;
\q তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
\q
\v 4 তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক,
\q যাতে ইস্ৰায়েলৰ নাম পুণৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
\q
\v 5 তেওঁলোকে একমনা হৈ‌ ষড়যন্ত্র কৰিছে;
\q তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
\q
\s5
\v 6 তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল,
\q মোৱাবীয়া আৰু হাগৰীয়াসকল,
\q
\v 7 গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তুৰ নিবাসীসকলৰ সৈতে ফিলিষ্টীয়াসকল;
\q
\s5
\v 8 অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে;
\q লোটৰ উত্তৰপুৰুষসকলৰ
\f +
\fr 83.8
\ft লোটৰ উত্তৰপুৰুষ অর্থাৎ “মোৱাবীয়া আৰু অম্মোনীয়া।”
\f* বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।
\q
\s5
\v 9 তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ প্রতি তাকেই কৰা।
\q
\v 10 চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল।
\q তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিলা।
\q
\s5
\v 11 তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা;
\q তেওঁলোক সকলো অধিপতিসকলৰ দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
\q
\v 12 তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”
\q
\s5
\v 13 হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা,
\q বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
\q
\v 14 বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে,
\q জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
\q
\v 15 সেইদৰে, তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা,
\q আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
\q
\s5
\v 16 হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া,
\q যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,
\q
\v 17 তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণভাৱে আতঙ্কিত হওঁক;
\q তেওঁলোক অপমানিত হৈ বিনষ্ট হওক।
\q
\s5
\v 18 তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা,
\q তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
\s5
\c 84
\s প্ৰধান বাদ্যকৰৰ প্রতি: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত।
\b
\q
\v 1 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!
\q
\v 2 যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে।
\q জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।
\b
\q
\s5
\v 3 হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে,
\q ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে,
\q তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।
\q
\v 4 ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে;
\q তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)
\q
\s5
\v 5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে,
\q যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
\q
\v 6 শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে;
\q প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।
\q
\s5
\v 7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়;
\q তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাসকলৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
\q
\v 8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;
\q হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা! (চেলা)
\q
\v 9 হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা;
\q তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।
\q
\v 10 কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম;
\q দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।
\q
\s5
\v 11 কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢালস্বৰূপ;
\q তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে;
\q যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
\q
\v 12 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নিৰ্ভৰ কৰা লোক ধন্য।
\s5
\c 85
\s প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ বংশৰ ৰচিত গীত।
\b
\q
\v 1 হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা।
\q তুমি যাকোবৰ ভৱিষ্যত পুণৰ স্থাপন কৰিলা।
\q
\v 2 তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা;
\q তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
\q
\s5
\v 3 তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
\q
\v 4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুণৰ উদ্ধাৰ কৰা;
\q আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
\q
\v 5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি?
\q সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
\q
\s5
\v 6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে,
\q তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
\q
\v 7 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা;
\q তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
\b
\q
\s5
\v 8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম;
\q কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বসী অনুগামীসকলক শান্তিৰ কথা ক’ব,
\q যেন সেই লোকসকল পুণৰায় মুর্খতাৰ ফালে ঘূৰি নাযায়।
\q
\v 9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্রাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট;
\q তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
\q
\s5
\v 10 গভীৰ প্রেম আৰু বিশ্বস্ততাৰ মিলন ঘটিব;
\q ধাৰ্ম্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
\q
\v 11 দেশৰ ভূমিৰ পৰা বিশ্বস্ততাৰ গজালি ওলাব;
\q স্বৰ্গৰ পৰা ধাৰ্ম্মিকতাই তললৈ দৃষ্টি কৰিব।
\q
\s5
\v 12 যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব।
\q আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
\q
\v 13 ধাৰ্ম্মিকতা যিহোৱাৰ আগে আগে চলিব;
\q তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।
\s5
\c 86
\s দায়ুদৰ প্ৰাৰ্থনা।
\b
\q
\v 1 হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া;
\q কিয়নো মই দুখী আৰু দৰিদ্ৰ।
\q
\v 2 মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত;
\q তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
\q
\s5
\v 3 হে প্ৰভু, মোক কৃপা কৰা;
\q কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছো।
\q
\v 4 তোমাৰ দাসৰ মনত আনন্দ দান কৰা;
\q কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছো।
\q
\s5
\v 5 হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী;
\q তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
\q
\v 6 হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা,
\q মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
\q
\v 7 সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম;
\q কিয়নো তুমি মোক উত্তৰ দিবা।
\q
\s5
\v 8 হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই;
\q তোমাৰ কাৰ্য্যৰ লগত কোনো কাৰ্য্যৰ তুলনা নহয়।
\q
\v 9 হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব;
\q তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
\q
\s5
\v 10 কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম্ম কৰোঁতা।
\q কেৱল তুমিয়েই ঈশ্বৰ।
\q
\v 11 হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া,
\q যাতে মই তোমাৰ সত্যত চলিব পাৰো;
\q তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
\q
\v 12 হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্রশংসা কৰিম,
\q চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
\q
\s5
\v 13 কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম;
\q চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।
\q
\v 14 হে ঈশ্বৰ, অহঙ্কাৰীসকল মোৰ বিৰুদ্ধে উঠিছে;
\q অত্যাচাৰীসকলৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে;
\q তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
\q
\s5
\v 15 কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ;
\q তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্বস্ততাত মহান।
\q
\v 16 তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা;
\q তোমাৰ দাসক তোমাৰ শক্তি দান কৰা;
\q তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
\q
\v 17 মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা,
\q যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়;
\q কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।
\s5
\c 87
\s কোৰহৰ বংশৰ ৰচিত গীত। এটি সঙ্গীত।
\b
\q
\v 1 যিহোৱাই পবিত্ৰ পৰ্ব্বতশ্রেণীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
\q
\v 2 যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
\q
\v 3 হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)
\q
\s5
\v 4 “মই মোৰ চিনাকিসকলৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম;
\q ফিলিষ্টীয়া, তুৰ আৰু ইথিওপিয়াৰ (কুচক) কথাও চর্চা কৰিম,
\q তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে।’”
\q
\s5
\v 5 এনে কি, চিয়োনৰ বিষয়েও এইবুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল;
\q সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
\q
\v 6 যিহোৱাই জাতিসমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)
\q
\s5
\v 7 গায়ক আৰু নাচনীসকলে একেভাৱে কব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”
\s5
\c 88
\s এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। প্ৰধান বাদ্যকৰৰ প্রতি: সুৰ -মহলৎ-লিয়ান্নোৎ। ইজ্ৰাহীয়া হেমনৰ মচকীল গীত।
\b
\q
\v 1 হে মোৰ পৰিত্রাণৰ ঈশ্বৰ যিহোৱা,
\q মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাঁতৰোক্তি কৰিছো।
\q
\v 2 তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক;
\q তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।
\q
\s5
\v 3 কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে,
\q মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে।
\q
\v 4 গাঁতলৈ নামি যোৱাসকলৰ লগত মই গণিত হৈছোঁ;
\q মই অসহায় লোকৰ দৰে বলহীন হৈছো;
\q
\s5
\v 5 মই মৃতসকলৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছো;
\q মৈদামত পৰি থকা হত লোকসকলৰ নিচিনা হৈছোঁ,
\q যিসকলক তুমি সোঁৱৰণো নকৰা,
\q যিসকল তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।
\q
\v 6 তুমি মোক গাঁতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা,
\q অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।
\q
\s5
\v 7 হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে,
\q তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)
\q
\s5
\v 8 তুমি মোৰ চিনাকিসকলক মোৰ পৰা দূৰ কৰিছা;
\q তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা;
\q মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।
\q
\s5
\v 9 দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে;
\q হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ;
\q মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
\q
\v 10 মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম্ম কৰা?
\q মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)
\q
\s5
\v 11 মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?
\q
\v 12 অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম্ম জনা যাব?
\q যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্ম্মিকতাৰ কার্য জনা যাব?
\q
\s5
\v 13 হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ,
\q ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
\q
\v 14 হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা?
\q তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?
\q
\s5
\v 15 মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ;
\q মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছো।
\q মই হতাশ হৈ পৰিছো।
\q
\v 16 তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে;
\q তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
\q
\s5
\v 17 সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে;
\q চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
\q
\v 18 মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা;
\q এতিয়া অন্ধকাৰেই মোৰ সংগী।
\s5
\c 89
\s ইজ্ৰাহীয়া এথনৰ মচকীল গীত।
\b
\q
\v 1 মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম;
\q মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
\q
\v 2 মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে;
\q তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
\q
\s5
\v 3 তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ,
\q মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
\q
\v 4 ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম;
\q বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম।’” (চেলা)
\b
\q
\s5
\v 5 হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্ম্মৰ প্ৰশংসা কৰে;
\q পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
\q
\v 6 আকাশমণ্ডলৰ মাজত এনে কি আছে
\q যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি?
\q স্বর্গৰ দূতসকলৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
\q
\s5
\v 7 পবিত্ৰ দূতসকলৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে;
\q তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভীতিজনক।
\q
\v 8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু?
\q তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
\q
\s5
\v 9 তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা;
\q তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
\q
\v 10 তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা;
\q তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
\q
\s5
\v 11 আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই;
\q জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
\q
\v 12 উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি;
\q তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
\q
\s5
\v 13 তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা;
\q তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
\q
\v 14 ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল;
\q প্রেম আৰু বিশ্বস্ততা তোমাৰ আগে আগে চলে।
\q
\s5
\v 15 ধন্য সেই লোক, যি সকলে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে;
\q হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
\q
\v 16 ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে;
\q তোমাৰ ধাৰ্ম্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
\q
\s5
\v 17 তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা;
\q তোমাৰ অনুগ্ৰহতে আমাৰ শক্তিৰ শিং উন্নত হব।
\q
\v 18 আমাৰ ৰজা ইস্রায়েলৰ পবিত্র জনাৰ দ্বাৰায়েই নিযুক্ত,
\q আমাৰ সেই ঢাল যিহোৱাৰেই।
\b
\q
\s5
\v 19 এসময়ততুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ;
\q লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলো।
\q
\v 20 মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ;
\q মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
\q
\v 21 মোৰ হাত সদায় তেওঁৰ লগত থাকিব;
\q মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
\q
\v 22 কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব,
\q কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
\q
\v 23 মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম;
\q যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
\q
\s5
\v 24 মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব;
\q মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
\q
\v 25 মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম,
\q আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
\q
\v 26 তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ,
\q মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!
\q
\s5
\v 27 মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম,
\q পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
\q
\v 28 তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম;
\q মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
\q
\v 29 মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম,
\q আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
\q
\s5
\v 30 তেওঁৰ সন্তানসকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে,
\q আৰু মোৰ নিয়মৰ পথত নচলে,
\q
\v 31 যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে,
\q মোৰ আজ্ঞাবোৰ পালন নকৰে,
\q
\v 32 তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম,
\q তেওঁলোকৰ অধৰ্ম্মৰ শাস্তি চাবুকেৰে দিম।
\q
\s5
\v 33 কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম;
\q মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
\q
\v 34 মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম,
\q মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
\q
\s5
\v 35 মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ;
\q মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকও।
\q
\v 36 তেওঁৰ বংশ চিৰকাললৈকে থাকিব,
\q তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্য্যৰ দৰে চিৰস্থায়ী হব।
\q
\v 37 সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
\b
\q
\s5
\v 38 কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা;
\q তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
\q
\v 39 তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা;
\q তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
\q
\v 40 তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা;
\q তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
\q
\s5
\v 41 তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে;
\q তেওঁ ওচৰ-চুবুৰীয়াসকলৰ নিন্দাৰ পাত্র হৈছে।
\q
\v 42 তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা;
\q তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
\q
\v 43 তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
\q
\s5
\v 44 তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা;
\q তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
\q
\v 45 তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা;
\q তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
\b
\q
\s5
\v 46 হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নেকি?
\q কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
\q
\v 47 মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা;
\q কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
\q
\v 48 কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে?
\q চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)
\b
\q
\s5
\v 49 হে যিহোৱা, তোমাৰ পূৰ্ব্ব-কালৰ সেই অটল প্রেম ক’ত?
\q সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
\q
\v 50 হে যিহোৱা, তোমাৰ দাসসকলক কৰা অপমান সোঁৱৰণ কৰা;
\q সোৱঁৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ;
\q কেনেকৈ মই মোৰ বুকুত বহন কৰি আছো।
\q
\v 51 হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে,
\q তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
\q
\s5
\v 52 যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।
\s5
\c 90
\ms গীতমালা‍ চতুর্থ খণ্ড
\s ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।
\b
\q
\v 1 হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।
\q
\v 2 পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,
\q পৃথিৱী আৰু জগত সৃষ্টিৰ পূৰ্ব্বেই,
\q অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।
\q
\s5
\v 3 তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা;
\q তুমি কোৱা, “হে মনুষ্য-সন্তানসকল উভটি যোৱা”।
\q
\v 4 তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;
\q যেন ৰাতিৰ এক প্ৰহৰ মাত্র।
\q
\s5
\v 5 তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা,
\q তেওঁলোক এক সপোনৰ দৰে;
\q তেওঁলোক যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;
\q
\v 6 ৰাতি পুৱালেই সেয়ে গজি উঠি বাঢ়িবলৈ ধৰে;
\q গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।
\q
\s5
\v 7 তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে,
\q তোমাৰ কোপত আমি ব্যাকুল হওঁ।
\q
\v 8 তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা;
\q তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
\q
\s5
\v 9 তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়;
\q নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
\q
\v 10 আমাৰ আয়ুস মাত্র সত্তৰ বছৰ,
\q হয়তো শক্তি থাকিলে, আশী বছৰও হ’ব পাৰে;
\q তথাপিতো আমি গর্ব কৰিব পৰা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে;
\q বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
\q
\s5
\v 11 তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে?
\q তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
\q
\v 12 সেয়েহে, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;
\q যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰো।
\q
\v 13 হে যিহোৱা, আৰু কিমান কাল?
\q তুমি ঘূৰি আহাঁ! তোমাৰ দাসসকলৰ প্রতি সদয় হোৱা!
\q
\s5
\v 14 পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা,
\q যেন আমি আয়ুস থাকেমানে গোটেই জীৱনত আনন্দ আৰু উল্লাস কৰিব পাৰো।
\q
\v 15 যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু,
\q যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
\q
\v 16 তোমাৰ দাসসকলৰ আগত তোমাৰ কৰ্ম্ম,
\q আৰু তেওঁলোকৰ সন্তানসকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
\q
\s5
\v 17 আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক;
\q তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা;
\q হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।
\s5
\c 91
\q
\v 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
\q যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
\q
\v 2 তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
\q তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভৰসা কৰো।”
\q
\s5
\v 3 তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা
\q আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।
\q
\v 4 তেওঁ নিজৰ পাখিৰে তোমাক আবৰি ৰাখিব,
\q তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা;
\q ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
\q
\s5
\v 5 তুমি ৰাতিৰ আতঙ্কলৈ;
\q আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।
\q
\v 6 অন্ধকাৰত ঘূৰি ফুৰা মহামৰীলৈ
\q নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাটলৈ তুমি ভয় নকৰিবা।
\q
\v 7 হয়তো তোমাৰ ফালে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক,
\q আৰু তোমাৰ সোঁফালে অযুত অযুত;
\q কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।
\q
\s5
\v 8 তুমি কেৱল নিজ চকুৰে দেখা পাবা;
\q দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।
\q
\v 9 ‘হে প্রভু, হয়, তুমিয়েই মোৰ আশ্রয়!
\f +
\fr 91.9
\ft কিয়নো তুমি যিহোৱাক তোমাৰ আশ্ৰয় কৰিলা!
\f*
\b
\q তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।
\q
\s5
\v 10 সেইবাবে তোমালৈ কোনো বিপদ নঘটিব;
\q আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।
\q
\v 11 কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ,
\q তেওঁ নিজৰ দূতসকলক তোমাৰ বিষয়ে আজ্ঞা দিব।
\q
\s5
\v 12 তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব,
\q যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাট নাপায়
\q
\v 13 তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা।
\q তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।
\q
\s5
\v 14 কিয়নো তেওঁ মোত প্রেম কৰে, সেয়েহে মই তেওঁক উদ্ধাৰ কৰিম;
\q মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
\q
\v 15 তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম;
\q সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম;
\q মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
\q
\v 16 মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম;
\q মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।
\s5
\c 92
\s এটি গীত। বিশ্ৰাম-বাৰৰ অৰ্থে সঙ্গীত।
\b
\q
\v 1 যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;
\q হে সৰ্ব্বোপৰিজনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতিগান কৰা উত্তম;
\q
\v 2 ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা
\q আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
\q
\v 3 দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,
\q গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
\q
\s5
\v 4 কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;
\q মই তোমাৰ হাতে কৰা কাৰ্য্য দেখি আনন্দেৰে গীত গান কৰো।
\q
\v 5 হে যিহোৱা, তোমাৰ কাৰ্য্যবোৰ কেনে মহৎ!
\q তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
\q
\s5
\v 6 নির্বোধ লোকে নাজানে,
\q বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
\q
\v 7 দুষ্ট লোকসকল যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,
\q অন্যায়কাৰীসকলে যদিও উন্নতি লাভ কৰে,
\q তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
\q
\s5
\v 8 কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
\q
\v 9 কিয়নো, হে’ যিহোৱা, তোমাৰ শত্ৰুবোৰ,
\q তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;
\q তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
\q
\s5
\v 10 কিন্তু বনৰীয়া ষাড়ঁৰ শিঙৰ দৰে তুমি মোৰ শিং তুলি ধৰিলা;
\q তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
\q
\v 11 মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলো;
\q মোৰ বিৰুদ্ধে উঠা সেই দুষ্ট লোকসকলৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালো।
\q
\s5
\v 12 ধাৰ্ম্মিকলোক খেজুৰ গছৰ দৰে উজ্বলি উঠিব;
\q লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
\q
\v 13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;
\q তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
\q
\s5
\v 14 তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;
\q তেওঁলোক ৰসাল আৰু সেউজী হৈ থাকিব;
\v 15 তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;
\q তেৱেঁই মোৰ শিলা,
\q তেওঁত কোনো অধার্মিকতা নাই।
\s5
\c 93
\b
\q
\v 1 যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত;
\q যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে;
\q জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
\q
\v 2 তোমাৰ সিংহাসন পূৰ্ব্বৰে পৰা স্থাপন কৰা হ’ল;
\q তুমি অনাদি কালৰে পৰা বিদ্যমান।
\q
\s5
\v 3 হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে,
\q নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে;
\q নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
\q
\v 4 মহা জলসমূহৰ কল্লোলধ্বনিতকৈয়ো,
\q সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
\q
\s5
\v 5 তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য;
\q হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।
\s5
\c 94
\q
\v 1 হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা,
\q হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
\q
\v 2 হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা,
\q অহঙ্কাৰী লোকসকলক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
\q
\s5
\v 3 হে যিহোৱা, দুষ্টবোৰে কিমান কাল,
\q দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
\q
\v 4 তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে;
\q সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
\q
\s5
\v 5 হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে;
\q তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
\q
\v 6 বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে;
\q অনাথ সকলক হত্যা কৰিছে;
\q
\v 7 তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
\q
\s5
\v 8 হে বিবেকহীন লোকসকল, তোমালোকে বিবেচনা কৰা;
\q হে নিৰ্বোধ লোকসকল, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
\q
\v 9 যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব?
\q যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
\q
\s5
\v 10 যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে,
\q তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
\q
\v 11 যিহোৱাই মানুহৰ সকলো চিন্তা জানে;
\q তেওঁ জানে যে তেওঁলোক সকলো শ্বাসমাত্র।
\q
\s5
\v 12 হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা,
\q আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
\q
\v 13 যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়,
\q যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাঁত খন্দা শেষ নহয়।
\q
\s5
\v 14 কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব,
\q নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
\q
\v 15 ন্যায়বিচাৰ পুণৰ ধাৰ্ম্মিকতাৰ ওচৰলৈ উভটি আহিব;
\q শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
\q
\v 16 কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব?
\q মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
\q
\s5
\v 17 যদি যিহোৱাই মোক সহায় নকৰে,
\q তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেতেঁন।
\q
\v 18 যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে,
\q তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
\q
\v 19 মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে,
\q তেতিয়া তোমাৰ শান্ত্বনাবোৰে মোৰ প্রাণত আনন্দ দান কৰে।
\q
\s5
\v 20 দুর্নীতিপৰায়ন শাসনকর্তাসকলে দুস্কার্যৰ কাৰণে বিধি স্থাপন কৰে,
\q তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
\q
\v 21 তেওঁলোকে ধাৰ্ম্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়;
\q তেওঁলোকে নির্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
\q
\s5
\v 22 কিন্তু যিহোৱাই মোৰ দুৰ্গ;
\q মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
\q
\v 23 তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব,
\q তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব;
\q আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।
\s5
\c 95
\b
\q
\v 1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোহকঁ;
\q আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
\q
\v 2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ;
\q স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দধ্বনি কৰোঁহক।
\q
\v 3 কিয়নো যিহোৱা মহান ঈশ্বৰ,
\q সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
\q
\s5
\v 4 পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে,
\q পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
\q
\v 5 সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে;
\q তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মান কৰিলে।
\q
\s5
\v 6 আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ,
\q আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
\q
\v 7 কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা;
\q তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ ভেড়াৰ নিচিনা।
\q “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলাহেতেঁন!”
\q
\s5
\v 8 তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা;
\q তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
\f +
\fr 95.8
\ft মিৰীবা অর্থাৎ বিবাদ, মচ্ছা অর্থাৎ পৰীক্ষা (যাত্রা 17:7 পদ)
\f*
\q
\v 9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল,
\q তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
\q
\s5
\v 10 চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো।
\q মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
\q
\v 11 এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলো, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”
\s5
\c 96
\b
\q
\v 1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা;
\q হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।
\q
\v 2 যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা;
\q দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।
\q
\s5
\v 3 বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা,
\q সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম ঘোষণা কৰা।
\q
\v 4 কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য;
\q তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।
\q
\s5
\v 5 কিয়নো সকলো জাতিৰ দেৱতাসকল অসাৰ মাত্র,
\q কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
\q
\v 6 মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে;
\q পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰস্থানত বিদ্যমান।
\q
\s5
\v 7 হে জাতিবোৰৰ জনগোষ্ঠীসমূহ,
\q তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
\q যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।
\q
\v 8 তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা,
\q নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।
\q
\s5
\v 9 যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা;
\q হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।
\q
\v 10 বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা,
\q “যিহোৱা ৰজা!
\q জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব।
\q তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”
\q
\s5
\v 11 আকাশমণ্ডলে আনন্দ কৰক,
\q পৃথিৱীয়ে উল্লাস কৰক;
\q সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।
\q
\v 12 পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক;
\q তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।
\q
\v 13 যিহোৱাৰ সন্মুখতে গান কৰিব;
\q কিয়নো তেওঁ আহি আছে;
\q তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
\q তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব;
\q নিজ সত্যতাৰে জাতিসমূহৰ বিচাৰ কৰিব।
\s5
\c 97
\b
\q
\v 1 যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;
\q দ্বীপসমূহেও আনন্দ কৰক।
\q
\v 2 তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;
\q ধাৰ্ম্মিকতা আৰু ন্যায়বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
\q
\s5
\v 3 অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;
\q চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
\q
\v 4 তেওঁৰ বিজুলীৰ চমকে জগতখন আলোময় হ’ল;
\q তাকে দেখি পৃথিৱী কম্পমান হ’ল।
\q
\v 5 পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,
\q সমুদায় পৃথিৱীৰ সন্মুখত।
\q
\s5
\v 6 আকাশমণ্ডলে তেওঁৰ ধাৰ্ম্মিকতা প্রচাৰ কৰিছে,
\q সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
\q
\v 7 লজ্জিত হওঁক সেইসকল,
\q যিসকলে মূর্তি পূজা কৰে;
\q যিসকলে অসাৰ প্রতিমাত গর্ব কৰে;
\q যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
\q
\v 8 হে যিহোৱা, তোমাৰ ন্যায়বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,
\q যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
\q
\s5
\v 9 হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰিজনা;
\q সকলো দেৱতাৰ পৰা অতি ওপৰত তোমাৰ স্থান।
\q
\v 10 যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে;
\q তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,
\q দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
\q
\v 11 ধাৰ্ম্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;
\q সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
\q
\s5
\v 12 হে ধাৰ্ম্মিক লোকসকল,
\q যিহোৱাত আনন্দ কৰা,
\q তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
\s5
\c 98
\s এটি গীত।
\b
\q
\v 1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;
\q কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;
\q তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে
\q আমাক জয়ী কৰিলে।
\q
\v 2 যিহোৱাই তেওঁৰ পৰিত্রাণৰ কথা জনালে;
\q তেওঁ জাতিসমূহৰ দৃষ্টিগোচৰত নিজৰ ধাৰ্ম্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
\q
\s5
\v 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোৱঁৰণ কৰিলে;
\q পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
\q
\v 4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;
\q উচ্চধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
\q
\s5
\v 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,
\q বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
\q
\v 6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দধ্বনি কৰা।
\q
\s5
\v 7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;
\q জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
\q
\v 8 নদীবোৰে হাত-তালি দিয়ক;
\q পর্বতবোৰে একেলগে আনন্দ গান কৰক,
\q
\v 9 যিহোৱাৰ সন্মুখতে তেনে কৰক;
\q কিয়নো তেওঁ আহি আছে;
\q পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।
\q তেওঁ ধাৰ্ম্মিকতাৰে জগতৰ বিচাৰ কৰিব;
\q নিজ ন্যায়েৰে জাতিসমূহৰ বিচাৰ কৰিব।
\s5
\c 99
\b
\q
\v 1 যিহোৱাই ৰজা; জাতিসমূহ কম্পিত হওঁক!
\q তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;
\q পৃথিৱী কঁপি উঠক!
\q
\v 2 চিয়োনত যিহোৱা মহান;
\q সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
\q
\v 3 জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;
\q তেওঁ পবিত্ৰ!
\b
\q
\s5
\v 4 যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়;
\q তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;
\q তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা।
\q
\v 5 আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,
\q তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;
\q তেওঁ পবিত্ৰ!
\b
\q
\s5
\v 6 তেওঁৰ পুৰোহিতসকলৰ মাজত মোচি আৰু হাৰোণ আছিল;
\q যিসকলে তেওঁৰ নামত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ মাজত চমূৱেল আছিল।
\q তেওঁলোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল; তাতে তেওঁ উত্তৰ দিছিল।
\q
\v 7 তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;
\q তেওঁলোকে তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিছিল।
\q
\s5
\v 8 হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;
\q তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,
\q তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
\q
\v 9 তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
\q তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:
\q কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।
\s5
\c 100
\s ধন্যবাদাৰ্থক গীত।
\b
\q
\v 1 হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দধ্বনি কৰা।
\q
\v 2 আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;
\q আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আঁহা;
\q
\s5
\v 3 তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;
\q তেঁৱেই আমাক নিৰ্ম্মান কৰিলে, আমি তেওঁৰেই;
\q আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেষ।
\q
\s5
\v 4 তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,
\q তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;
\q তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
\q
\v 5 কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;
\q তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
\s5
\c 101
\s দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম;
\q হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।
\q
\s5
\v 2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;
\q তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?
\q মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
\q
\v 3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;
\q বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,
\q সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।
\q
\s5
\v 4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;
\q দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
\q
\v 5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,
\q তেওঁক মই উচ্ছন্ন কৰিম;
\q গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম।
\q
\v 6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;
\q তেওঁলোকে মোৰ সৈতে বাস কৰিব।
\q যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।
\q
\s5
\v 7 ছলনাকাৰীসকল মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;
\q মিথ্যাবাদীসকল মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
\q
\v 8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;
\q যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
\s5
\c 102
\s এজন দুখীৰ প্রার্থনা; তেওঁ যেতিয়া হতাশ হয়, তেওঁৰ দুখৰ কথা যিহোৱাক কৈছিল।
\b
\q
\v 1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;
\q মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
\q
\v 2 সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;
\q মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
\q
\s5
\v 3 কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে,
\q মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
\q
\v 4 ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে;
\q এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
\q
\s5
\v 5 মই বৰকৈ কেকাঁই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
\q
\v 6 মই মৰুভূমিত বাস কৰা অকলশৰীয়া এটি ফেঁচাৰ নিচিনা হ’লো,
\q ধ্বংসস্তূপত থকা সৰু ফেঁচাটোৰ দৰে হ’লো।
\q
\s5
\v 7 মই টোপনি যাব নোৱাৰো;
\q ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
\q
\v 8 মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে;
\q মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
\q
\s5
\v 9 বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ;
\q পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
\q
\v 10 ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ;
\q কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
\q
\s5
\v 11 মোৰ দিনবোৰ সন্ধ্যা পৰৰ ছাঁৰ নিচিনা হৈছে;
\q মই তৃণৰ দৰে শুকাই গৈছোঁ।
\q
\v 12 কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা;
\q তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
\q
\s5
\v 13 তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা;
\q এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে,
\q কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
\q
\v 14 তোমাৰ দাসসকলৰ ওচৰত তাৰ শিলবোৰ প্রিয়,
\q তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
\q
\v 15 যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব,
\q পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্রতাপত ভীত হ’ব।
\q
\v 16 কিয়নো যিহোৱাই পুণৰ চিয়োনক নিৰ্ম্মান কৰিব;
\q তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
\q
\s5
\v 17 সেই সময়ত তেওঁ দীনহীনসকলৰ প্রার্থনাৰ উত্তৰ দিব,
\q তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
\q
\v 18 ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব,
\q যাতে এতিয়া জন্ম নোহোৱা সন্তানসকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
\q
\s5
\v 19 কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে;
\q যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টিপাত কৰিলে,
\q
\v 20 যাতে বন্দীসকলৰ কেকঁনি শুনিব পাৰে,
\q মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
\q
\s5
\v 21 চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব,
\q যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
\q
\v 22 যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে
\q সকলো জাতি আৰু ৰাজ্যবোৰ একেলগে একত্রিত হ’ব।
\b
\q
\s5
\v 23 জীৱন পথৰ মাজতেই তেওঁ মোৰ শক্তি কমাই দিলে;
\q মোৰ আয়ুস চুটি কৰি দিলে।
\q
\v 24 সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা;
\q তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
\q
\s5
\v 25 অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা;
\q আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
\q
\v 26 সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা;
\q কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব;
\q তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা;
\q তাতে সেইবোৰ আৰু নাথাকিব।
\q
\v 27 কিন্তু তুমি হ’লে সদায় একে,
\q তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
\q
\s5
\v 28 তোমাৰ দাসসকলৰ সন্তানসকল জীয়াই থাকিব;
\q তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।
\s5
\c 103
\s দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা;
\q হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
\q
\v 2 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা,
\q তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
\q
\s5
\v 3 যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে,
\q তোমাৰ সকলো ৰোগ সুস্থ কৰে,
\q
\v 4 যি জনাই তোমাৰ জীৱন বিনাশৰ গর্তৰ পৰা মুক্ত কৰে,
\q যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,
\q
\v 5 যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে,
\q তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
\b
\q
\s5
\v 6 যিহোৱাই উচিত কাৰ্য্য কৰে;
\q উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
\q
\v 7 তেওঁ মোচিক নিজৰ পথবোৰ,
\q আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্য্যবোৰ জনালে
\q
\v 8 যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
\q
\s5
\v 9 তেওঁ সদায় ধমকি দি নাথাকিব,
\q চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
\q
\v 10 তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই,
\q আমাৰ অধৰ্ম্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
\q
\s5
\v 11 কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ,
\q তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়া সিমান মহৎ।
\q
\v 12 পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ,
\q তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
\q
\v 13 বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
\q
\s5
\v 14 কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
\q
\v 15 মানুহৰ আয়ুস তৃণৰ নিচিনা;
\q যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।
\q
\v 16 ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়;
\q সেই স্থানেও তাক চিনি নাপাব।
\q
\s5
\v 17 কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,
\q আৰু তেওঁৰ ধার্মিকতা বংশৰ পিছত বংশ ধৰি বর্তি থাকে।
\q
\v 18 তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোৱঁৰণ কৰি পালন কৰে।
\q
\v 19 যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে;
\q তেওঁৰ শাসন সকলোৰে ওপৰত আছে।
\q
\s5
\v 20 হে যিহোৱাৰ দূতসকল! তোমালোক পৰাক্রমী বীৰ;
\q যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল,
\q তোমালোকে তেওঁৰ ধন্যবাদ কৰা;
\q
\v 21 হে যিহোৱাৰ বাহিনীসমূহ!
\q যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল,
\q তেওঁৰ ধন্যবাদ কৰা।
\q
\v 22 হে যিহোৱাৰ সকলো নির্মিত বস্তু,
\q তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা;
\q হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
\s5
\c 104
\b
\q
\v 1 হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।
\q হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান;
\q তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
\q
\v 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা,
\q আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
\q
\v 3 তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা;
\q মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা,
\q বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
\q
\s5
\v 4 তুমি বতাহক তোমাৰ দূত
\f +
\fr 104.4
\ft নিজৰ দূতসকলক বায়ুস্বৰূপ কৰে।
\f* কৰিছা;
\q অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
\q
\v 5 তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা;
\q সেয়ে কেতিয়াও লৰচৰ নহ’ব।
\q
\s5
\v 6 তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা।
\q সেই জলসমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
\q
\v 7 কিন্তু সেই জলসমূহ তোমাৰ ধমকিত পলাল;
\q তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
\q
\s5
\v 8 পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল;
\q তুমি জলসমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
\q
\v 9 এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা,
\q যাতে পানীয়ে পুণৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
\q
\s5
\v 10 উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া;
\q সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
\q
\v 11 সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়;
\q বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
\q
\v 12 জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়,
\q গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
\q
\s5
\v 13 তেওঁ নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে;
\q তোমাৰ কৰ্ম্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
\b
\q
\v 14 তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ ব্যৱহাৰৰ কাৰণে শস্য উৎপন্ন হবলৈ দিয়া,
\q যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
\q
\v 15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস,
\q মুখ উজ্জ্বল কৰা তেল,
\q আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
\q
\s5
\v 16 যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;
\q তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
\q
\v 17 সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
\q
\v 18 ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস;
\q শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
\q
\s5
\v 19 ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মান কৰিলা;
\q তুমি নিৰূপন কৰা অনুসাৰে সূৰ্য্যই নিজৰ অস্ত যোৱা সময় জানে।
\q
\v 20 তুমি অন্ধকাৰ কৰিলে ৰাতি হয়;
\q অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
\q
\s5
\v 21 যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে;
\q ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
\q
\v 22 সূৰ্য্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাঁতত শয়ন কৰে।
\q
\s5
\v 23 মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়;
\q সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
\b
\q
\v 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী!
\q তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা;
\q সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
\q
\s5
\v 25 সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ;
\q তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
\q
\v 26 তাৰ মাজত জাহাজবোৰ চলে;
\q তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মান কৰিলা।
\q
\s5
\v 27 সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে;
\q যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
\q
\v 28 তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়;
\q তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
\q
\s5
\v 29 তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়;
\q তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ উভটে।
\q
\v 30 তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়,
\q আৰু তুমি ভূমিতল নবীন কৰি তোলা।
\q
\s5
\v 31 যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক;
\q যিহোৱাই নিজ কাৰ্য্যবোৰত আনন্দ কৰক।
\q
\v 32 তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়:
\q তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
\q
\s5
\v 33 মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;
\q মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
\q
\v 34 তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;
\q মই যিহোৱাত আনন্দ কৰিম।
\q
\s5
\v 35 পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক;
\q দুষ্টলোক আৰু নাথাকক।
\q হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 105
\b
\q
\v 1 যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা;
\q জাতিবোৰৰ মাজত তেওঁৰ কাৰ্য্যবোৰ জনোৱা।
\q
\v 2 তেওঁৰ উদ্দেশ্যে গীত গোৱা,
\q তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা;
\q তেওঁৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে কোৱা।
\q
\v 3 তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা;
\q যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
\q
\s5
\v 4 তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচৰা;
\q নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচৰা।
\q
\v 5 তেওঁ কৰা আচৰিত কাৰ্য্যবোৰ সোঁৱৰণ কৰা;
\q তেওঁৰ অদ্ভূত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।
\q
\v 6 তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ,
\f +
\fr 105.6
\ft ইস্রায়েল জাতি (1 বংশাৱলী 16:13)
\f*
\q তেওঁৰ মনোনীত যাকোবৰ সন্তান।
\q
\s5
\v 7 তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা;
\q তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।
\q
\v 8 তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে,
\q আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
\q
\s5
\v 9 সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
\q
\v 10 তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে,
\q ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
\q
\v 11 তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম;
\q সেয়াই হ’ব তোমাৰ আধিপত্য।
\q
\s5
\v 12 সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল,
\q তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;
\q
\v 13 তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ,
\q এক ৰাজ্যৰ পৰা আন লোকসমুহৰ মাজত ভ্ৰমি ফুৰিছিল,
\q
\s5
\v 14 তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে;
\q বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
\q
\v 15 “তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা;
\q মোৰ ভাৱবাদীসকলৰো কোনো অপকাৰ নকৰিবা।”
\q
\s5
\v 16 তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে,
\q তেওঁলোকৰ খাদ্যৰ অভাৱ ঘটিল।
\q
\v 17 তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যোচেফক পঠালে;
\q তেওঁক দাসৰূপে বেচা হ’ল।
\q
\s5
\v 18 লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে;
\q লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।
\q
\v 19 যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়,
\q তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।
\q
\s5
\v 20 ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে,
\q লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।
\q
\v 21 তেওঁ তেওঁক নিজৰ ৰাজবাৰীৰ প্রভু কৰিলে,
\q সকলো সম্পত্তিৰ কর্তা কৰিলে।
\q
\v 22 যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে,
\q আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
\b
\q
\v 23 তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল,
\q যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
\q
\s5
\v 24 ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে,
\q শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
\q
\v 25 তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে,
\q তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে;
\q তেওঁৰ দাসসকলৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
\q
\v 26 তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
\q
\v 27 তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভূত লক্ষণবোৰ দেখুৱালে;
\q
\s5
\v 28 তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল;
\q তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।
\q
\v 29 তেওঁলোকৰ জলসমূহক তেওঁ তেজলৈ পৰিণত কৰিলে;
\q তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
\q
\v 30 তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল;
\q এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।
\q
\s5
\v 31 তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।
\q
\v 32 তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে;
\q গোটেই দেশ বিজুলী আৰু ঢেৰেকনিৰ অগ্নি বৰষালে।
\q
\v 33 তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাট কৰিলে,
\q আৰু দেশৰ গছবোৰ ভাঙি পেলালে।
\q
\s5
\v 34 তেওঁৰ কথাতেই কাকতি ফৰিং আহিল,
\q অসংখ্য সৰু ফৰিঙো আহিল।
\q
\v 35 সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।
\q
\v 36 তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠপুত্র সংহাৰ কৰিলে।
\b
\q
\s5
\v 37 পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে;
\q তেওঁৰ জনগোষ্ঠীসকলৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
\q
\v 38 তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে,
\q কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
\q
\v 39 তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে;
\q ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
\q
\s5
\v 40 তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বতা চৰাই আনি দিলে;
\q আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।
\q
\v 41 তেওঁ শিল খুলি দিলে, তাতে জলসমূহ ওলাই আহিল;
\q সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
\b
\q
\v 42 তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে;
\q তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
\q
\s5
\v 43 এইদৰে তেওঁ নিজৰ লোকসমূহক আনন্দেৰে সৈতে,
\q তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
\q
\v 44 তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে;
\q সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,
\q
\v 45 যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে।
\q তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
\s5
\c 106
\b
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\q তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;
\q কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
\q
\v 2 কোনে যিহোৱাৰ মহৎ কাৰ্য্যবোৰ বৰ্ণনা কৰিব পাৰে?
\q কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?
\q
\s5
\v 3 ধন্য সেইসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্ম্মাচৰণ কৰে।
\q
\v 4 হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰমভাৱ প্রকাশ কৰাৰ সময়ত মোকো সোৱঁৰণ কৰিবা;
\q তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।
\q
\v 5 তাতে মই যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ,
\q তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ
\q আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰো।
\b
\q
\s5
\v 6 আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলো;
\q আমি অধর্ম কৰিলো, দুষ্টতাৰ কার্য কৰিলো।
\q
\v 7 মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে;
\q তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে;
\q বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চুফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
\q
\s5
\v 8 তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে,
\q যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।
\q
\v 9 তেওঁৰ ধমকিত চুফ সাগৰ শুকাই গ’ল;
\q তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।
\q
\s5
\v 10 এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীসকলৰ হাতৰ পৰা ৰক্ষা কৰিলে,
\q শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।
\q
\v 11 জলসমুহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে,
\q এজনো বাচি নাথাকিল।
\q
\v 12 তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে;
\q তেওঁৰ প্ৰশংসাৰ গান কৰিলে।
\b
\q
\s5
\v 13 কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে;
\q তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;
\q
\v 14 কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে,
\q মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।
\q
\v 15 তেওঁলোকে যিহকে বিচাৰিছিল, তেওঁ তাকে তেওঁলোকক দিলে;
\q কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।
\b
\q
\s5
\v 16 তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি,
\q আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।
\q
\v 17 পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।
\q
\v 18 তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল।
\q অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।
\b
\q
\s5
\v 19 তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে,
\q আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।
\q
\v 20 এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।
\q
\v 21 তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল,
\q যি জনাই মিচৰত অনেক মহৎ কাৰ্য্য কৰিছিল;
\q
\s5
\v 22 হাম দেশত কৰা নানা আচৰিত কাৰ্য্যবোৰৰ বিষয়ে
\q আৰু চুফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।
\q
\v 23 সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব।
\q কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল,
\q আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
\b
\q
\s5
\v 24 তাৰপাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে,
\q তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;
\q
\v 25 নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে,
\q যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।
\q
\s5
\v 26 তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে,
\q “মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;
\q
\v 27 তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম।
\q বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।
\q
\s5
\v 28 পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল;
\q মৃত লোকসকলৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।
\q
\v 29 এই দৰে তেওঁলোকে নিজৰ অপকৰ্ম্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে।
\q তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।
\q
\s5
\v 30 তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে,
\q তাতে মহামাৰী নিবৃত্ত হ’ল।
\q
\v 31 পীনহচৰ পক্ষে সেয়া ধার্মিকতা বুলি গণিত হ’ল;
\q পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।
\q
\s5
\v 32 তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল,
\q আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ ;
\q
\v 33 তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে,
\q তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।
\b
\q
\v 34 যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল,
\q তেওঁলোকে তাক নকৰিলে।
\q
\v 35 বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে,
\q আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
\q
\v 36 তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে,
\q আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।
\q
\s5
\v 37 এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।
\q
\v 38 তেওঁলোকে নিৰ্দ্দোষীসকলৰ ৰক্তপাত কৰিলে,
\q তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে,
\q কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সেই সন্তানসকলক বলি দিলে,
\q গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।
\q
\v 39 এইদৰেই তেওঁলোক নিজ নিজ কৰ্ম্মৰ দ্বাৰাই অশুচি হ’ল;
\q কাৰ্য্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।
\b
\q
\s5
\v 40 তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল;
\q নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
\q
\v 41 তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে;
\q তেওঁলোকক ঘিণ কৰাসকলেন তেওঁলোকক শাসন কৰিলে।
\q
\s5
\v 42 তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে,
\q তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
\q
\v 43 তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে;
\q কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল;
\q নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
\q
\s5
\v 44 তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।
\q
\v 45 তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে;
\q নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
\q
\v 46 যিসকলে তেওঁলোকক বন্দী কৰিছিল,
\q তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।
\q
\s5
\v 47 হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা,
\q জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা,
\q যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰো,
\q যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰো।
\q
\v 48 অনাদি কালৰ পৰা অনন্ত কাললৈকে,
\q ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা;
\q সকলো লোকে “আমেন” বুলি কওক।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 107
\s গীতমালাৰ পঞ্চম খণ্ড।
\b
\q
\v 1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;
\q কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
\q
\v 2 যিহোৱাৰ পৰা মুক্ত লোকসকলে এই কথা কওঁক,
\q যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
\q
\v 3 যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে,
\q পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
\b
\q
\s5
\v 4 তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল,
\q তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
\q
\v 5 তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল;
\q তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
\q
\v 6 তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে;
\q তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
\q
\v 7 তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে;
\q যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
\q
\s5
\v 8 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে
\q আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
\q
\v 9 কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে;
\q আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
\b
\q
\v 10 কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল;
\q সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
\q
\s5
\v 11 কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল;
\q সৰ্ব্বোপৰি জনাৰ পৰামর্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
\q
\v 12 সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে;
\q তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
\q
\v 13 তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে;
\q তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
\q
\s5
\v 14 তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে;
\q তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
\q
\v 15 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে
\q আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
\q
\v 16 তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে;
\q আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
\b
\q
\s5
\v 17 যি সকল নির্বোধ,
\q তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
\q
\v 18 তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে;
\q তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
\q
\v 19 সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে;
\q তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
\q
\s5
\v 20 তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে;
\q তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
\q
\v 21 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে
\q আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
\q
\v 22 তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক;
\q আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
\b
\q
\s5
\v 23 যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে,
\q আৰু মহা জলসমুহৰ ওপৰেদি ব্যৱসায় কৰে,
\q
\v 24 তেওঁলোকে যিহোৱাৰ কাৰ্য্যবোৰ দেখে,
\q গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
\q
\s5
\v 25 তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল;
\q তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
\q
\v 26 ঢৌবোৰ আকাশ পর্যন্ত উঠে, পুণৰ জলাধিতললৈ নামি আহে;
\q বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
\q
\v 27 মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰি ফুৰে;
\q তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
\q
\s5
\v 28 সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে,
\q তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
\q
\v 29 তেওঁ ধুমুহাক প্রশমিত কৰে,
\q তাৰ ঢৌবোৰক শান্ত কৰে।
\q
\v 30 সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে;
\q তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
\q
\s5
\v 31 মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে
\q আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্রশংসা কৰক।
\q
\v 32 সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক,
\q বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
\b
\q
\s5
\v 33 নদীবোৰক তেওঁ মৰুভূমিলৈ,
\q জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
\q
\v 34 তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে,
\q সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
\q
\v 35 তেওঁ মৰুভূমিক জলাশয়লৈ,
\q শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
\q
\s5
\v 36 ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়;
\q তেওঁলোকে তাত নগৰ স্থাপন কৰে।
\q
\v 37 তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে,
\q আৰু প্রচুৰ ফল চপায়।
\q
\v 38 তেওঁ তেওঁলোকক আশীৰ্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়;
\q তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
\b
\q
\s5
\v 39 উপদ্ৰৱ, বিপদ আৰু শোকত পুণৰ তেওঁলোক সংখ্যাত হ্রাস পায়,
\q তেওঁলোকৰ নীহ অৱস্থা হ’য়।
\q
\v 40 তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়,
\q পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
\q
\s5
\v 41 কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চপদত স্থাপন কৰে,
\q আৰু ভেড়াৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
\q
\v 42 তাকে দেখি ধার্মিক লোকে আনন্দ কৰে,
\q কিন্তু সকলো অধৰ্ম্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
\q
\v 43 যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক,
\q যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
\s5
\c 108
\s সঙ্গীত। দায়ুদৰ ৰচিত গীত।
\b
\q
\v 1 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে;
\q মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
\q
\v 2 হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
\q
\s5
\v 3 হে যিহোৱা, জাতিসকলৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম।
\q তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
\q
\v 4 কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ;
\q তোমাৰ বিশ্বস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
\b
\q
\s5
\v 5 হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা;
\q গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
\q
\v 6 তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়,
\q তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা,
\q আৰু মোক উত্তৰ দিয়া।
\q
\s5
\v 7 ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে,
\q “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম,
\q চক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
\q
\v 8 গিলিয়দ মোৰেই, মনচিও মোৰেই;
\q ইফ্ৰয়িম মোৰ শিৰোৰক্ষক;
\q যিহূদা মোৰ বিচাৰদণ্ড;
\q
\s5
\v 9 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;
\q ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম;
\q পলেষ্টীয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
\b
\q
\v 10 কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব?
\q কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
\q
\s5
\v 11 হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই?
\q আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুণৰ নোযোৱা।
\q
\v 12 শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ;
\q কিয়নো মানুহৰ সাহার্য বৃথা।
\q
\v 13 ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য্য কৰিম;
\q কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
\s5
\c 109
\s প্ৰধান বাদ্যকৰৰ নিমিত্তে দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
\q
\v 2 কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে;
\q তেওঁলোকে মিছলীয়া জিবাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
\q
\v 3 তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে;
\q বিনা কাৰণতে মোক আক্রমণ কৰিছে।
\q
\s5
\v 4 মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে;
\q কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
\q
\v 5 মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে;
\q মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।
\b
\q
\s5
\v 6 “তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা;
\q বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
\q
\v 7 বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক;
\q তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।
\q
\s5
\v 8 তেওঁলোকৰ আয়ুস চুটি হওঁক;
\q অন্য লোকে তেওঁলোকৰ পদবী প্রাপ্ত কৰক।
\q
\v 9 তেওঁলোকৰ সন্তানসকল অনাথ হওঁক;
\q তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
\q
\v 10 তেওঁলোকৰ সন্তানসকলে পথে পথে ভিক্ষা কৰি ফুৰক,
\q উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
\q
\s5
\v 11 মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক;
\q বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
\q
\v 12 তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক;
\q তেওঁলোকৰ অনাথ সন্তানসকলৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
\q
\v 13 তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক;
\q দ্বিতীয় পুৰুষতে তেওঁলোকৰ নাম লুপ্ত হওক!
\q
\s5
\v 14 তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্ম্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক;
\q তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
\q
\v 15 সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক,
\q আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
\q
\v 16 কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে,
\q কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।
\q
\s5
\v 17 তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক।
\q তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
\q
\v 18 তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে;
\q সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে,
\q তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
\q
\s5
\v 19 সেই শাওৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক;
\q কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”
\b
\q
\v 20 মোৰ বিৰোধীসকল, যিসকলে মোৰ বিৰুদ্ধে বেয়া কথা কয়,
\q তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।
\q
\s5
\v 21 কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা;
\q কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।
\q
\v 22 কিয়নো মই দুখী আৰু দৰিদ্ৰ;
\q মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।
\q
\v 23 আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো;
\q কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
\q
\s5
\v 24 লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে;
\q মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।
\q
\v 25 মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ;
\q মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
\b
\q
\s5
\v 26 হে মোৰ ঈশ্বৰ যিহোৱা!
\q মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
\q
\v 27 তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত;
\q তুমিয়েই, হে যিহোৱা, এই সকলো কার্য কৰিলা।
\q
\s5
\v 28 তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা;
\q তেওঁলোকে উঠিলে লজ্জিত হ’ব;
\q কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
\q
\v 29 মোৰ বিৰোধীসকলে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক;
\q চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
\q
\s5
\v 30 মই নিজ মুখেৰে অতিশয়ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম;
\q লোকসমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
\q
\v 31 কিয়নো, তেওঁ অভাৱীজনৰ সোঁফালে থিয় হৈ থাকে,
\q যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে।
\s5
\c 110
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 যিহোৱাই মোৰ প্ৰভুক ক’লে,
\q “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,
\q তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
\b
\q
\s5
\v 2 যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,
\q তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
\q
\v 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,
\q পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;
\q ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
\q
\s5
\v 4 “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”
\q যিহোৱাই এই শপত খালে;
\q তেওঁ নিজৰ মন সলনি নকৰিব।
\q
\s5
\v 5 যিহোৱা তোমাৰ সোঁহাতে আছে;
\q ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
\q
\v 6 তেওঁ জাতিসমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,
\q তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;
\q তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
\q
\s5
\v 7 তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;
\q তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।
\s5
\c 111
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\q মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম;
\q ধার্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
\q
\v 2 যিহোৱাৰ কাৰ্য্যবোৰ মহৎ;
\q যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।
\q
\v 3 তেওঁৰ কাৰ্য্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ;
\q তেওঁৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে।
\q
\s5
\v 4 তেওঁ নিজৰ আচৰিত কাৰ্য্যবোৰ স্মৰণীয় কৰিলে;
\q যিহোৱা কৃপাময় আৰু দয়ালু।
\q
\v 5 তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়;
\q নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।
\q
\v 6 অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি
\q তেওঁ নিজৰ কাৰ্য্যৰ শক্তি তেওঁলোকক দেখুৱালে।
\q
\s5
\v 7 তেওঁৰ হাতৰ কাৰ্য্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ;
\q তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।
\q
\v 8 সেইবোৰ অনন্ত কাললৈকে অলৰ;
\q সেইবোৰ বিশ্বস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।
\q
\v 9 নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে;
\q তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে;
\q তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
\q
\s5
\v 10 যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ;
\q যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়;
\q তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।
\s5
\c 112
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\q ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতিশয় আনন্দিত হয়।
\q
\v 2 তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;
\q ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
\q
\s5
\v 3 তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;
\q তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে।
\q
\v 4 ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;
\q তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্ম্মিক।
\q
\v 5 যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;
\q তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।
\q
\s5
\v 6 কাৰণ ধার্মিক লোকত কেতিয়াও লৰচৰ নহ’ব;
\q ধাৰ্ম্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
\q
\v 7 দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;
\q তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;
\q তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
\q
\s5
\v 8 তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;
\q শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।
\q
\v 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;
\q তেওঁলোকৰ ধাৰ্ম্মিকতা চিৰকাললৈকে থাকে;
\q তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।
\q
\s5
\v 10 দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;
\q দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
\s5
\c 113
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\q হে যিহোৱাৰ দাসসকল, প্ৰশংসা কৰা, যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
\q
\v 2 এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
\q
\s5
\v 3 সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
\q
\v 4 যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
\q
\s5
\v 5 আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে?
\q যি জনাৰ আসন আকাশৰ ওপৰত সমাসীন,
\q
\v 6 যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
\q
\s5
\v 7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়,
\q সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
\q
\v 8 যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে,
\q নিজৰ লোকসমূহৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
\q
\s5
\v 9 তেওঁ বন্ধ্যা মহিলাক সন্তানসকলৰ সুখী মাতৃ কৰি পৰিয়াল দান কৰে।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\s5
\c 114
\q
\v 1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,
\q যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
\q
\v 2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,
\q ইস্ৰয়েল হ’ল তেওঁৰ ৰাজ্য।
\q
\s5
\v 3 সমুদ্ৰই (চূফ সাগৰ) তাকে দেখি পলায়ন কৰিলে;
\q যৰ্দন নদী উজাই গ’ল।
\q
\v 4 পর্বতবোৰে মতা ভেড়াৰ নিচিনাকৈ,
\q পাহাৰবোৰে ভেড়া পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
\q
\s5
\v 5 হে সমুদ্ৰ, তোমাৰ কি হ’ল?
\q কিয় তুমি পলাই গ’লা?
\q হে যর্দন, কিয় তুমি উজাই গ’লা?
\q
\v 6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা ভেড়াৰ দৰে জপিয়াঁবলৈ ধৰিলা?
\q হে পাহাৰসমূহ, কিয় তোমালোকে ভেড়া পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
\q
\v 7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,
\q যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
\q
\s5
\v 8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে,
\q চকমকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।
\s5
\c 115
\q
\v 1 হে যিহোৱা, আমাক নহয়, আমাক নহয়,
\q কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা;
\q তোমাৰ অসীম প্রেম আৰু বিশ্বস্ততাৰ অর্থেই কৰা।
\q
\v 2 আন জতিবোৰে কিয় ক’ব,
\q “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”
\b
\q
\s5
\v 3 আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে;
\q তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।
\q
\v 4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ,
\q মনুষ্যৰ হাতৰ কাৰ্য্য।
\q
\s5
\v 5 সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে;
\q চকু আছে, কিন্তু নেদেখে;
\q
\v 6 কাণ আছে, কিন্তু নুশুনে;
\q নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;
\q
\s5
\v 7 হাত আছে, কিন্তু চুব নোৱাৰে;
\q ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে;
\q কন্ঠই একো মাত উলিয়াব নোৱাৰে।
\q
\v 8 যিসকলে সেইবোৰক নিৰ্ম্মান কৰে আৰু সেইবোৰত নির্ভৰ কৰে,
\q তেওঁলোক সেইবোৰৰ নিচিনাই।
\q
\s5
\v 9 হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা!
\q তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
\q
\v 10 হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা;
\q তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
\q
\v 11 হে যিহোৱাৰ ভয়কাৰীসকল, যিহোৱাত ভাৰসা কৰা;
\q তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
\q
\s5
\v 12 যিহোৱাই আমাক সোঁৱৰণ কৰিলে,
\q সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব;
\q ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব;
\q হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
\q
\v 13 যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব,
\q সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
\q
\v 14 যিহোৱাই তোমালোকক বৃদ্ধি কৰক;
\q তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক।
\q
\s5
\v 15 যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা,
\q তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
\q
\v 16 স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ;
\q কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
\q
\s5
\v 17 মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে;
\q যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়,
\q তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
\q
\v 18 কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম,
\q এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 116
\q
\v 1 মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
\q
\v 2 তেওঁ মোৰ কথালৈ কাণ পাতিলে,
\q সেয়েহে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
\q
\s5
\v 3 মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলো,
\q চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো,
\q মই দুখ-কষ্ট পাইছিলো;
\q
\v 4 তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ,
\q “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”
\q
\s5
\v 5 যিহোৱা দয়াময় আৰু ধার্মিক;
\q বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।
\q
\v 6 যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে;
\q মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
\q
\s5
\v 7 হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা,
\q কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
\q
\v 8 কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ,
\q চকুলোৰ পৰা মোৰ চকু,
\q উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।
\q
\s5
\v 9 মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।
\q
\v 10 যেতিয়া মই কৈছিলো, “মই অতিশয় উৎপীড়িত হৈছো”
\q তেতিয়াও মই বিশ্বাসত আছিলো।
\q
\v 11 মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”
\b
\q
\s5
\v 12 যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে
\q মই তেওঁক কি দিম?
\q
\v 13 মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম,
\q আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম;
\q
\v 14 মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;
\q তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
\q
\v 15 যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।
\q
\s5
\v 16 হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ;
\q মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ;
\q তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
\q
\v 17 মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম;
\q মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
\q
\s5
\v 18 মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;
\q তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
\q
\v 19 হে যিৰূচালেম, তোমাৰেই মাজত,
\q যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\s5
\c 117
\q
\v 1 হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা;
\q হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।
\q
\v 2 কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম,
\q যিহোৱাৰ বিশ্বস্ততা অনন্তকাল স্থায়ী।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\s5
\c 118
\q
\v 1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,
\q কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
\q
\v 2 ইস্ৰায়েলে কওঁক,
\q “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
\q
\s5
\v 3 হাৰোণৰ বংশই কওঁক,
\q “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
\q
\v 4 যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক,
\q “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
\q
\s5
\v 5 মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ;
\q যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
\q
\v 6 যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ;
\q মানুহে মোক কি কৰিব পাৰে?
\q
\v 7 মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে;
\q গতিকে মই মোৰ বিৰোধীসকলৰ পৰাজয় দেখা পাম।
\q
\s5
\v 8 মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
\q
\v 9 অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
\q
\s5
\v 10 সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে;
\q মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
\q
\v 11 তেওঁলোকে মোক আগুৰি ধৰিলে,
\q হয়, মোক আগুৰি ধৰিলে;
\q মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
\q
\v 12 তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে;
\q কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল;
\q মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
\q
\s5
\v 13 মই যেন পৰি যাও, তাৰবাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল,
\q কিন্তু যিহোৱাই মোক সহায় কৰিলে।
\q
\v 14 যিহোৱা মোৰ বল আৰু প্রবল শক্তি;
\q তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।
\q
\s5
\v 15 ধাৰ্ম্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল;
\q “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য্য কৰিলে।”
\q
\v 16 যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল;
\q যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য্য কৰিলে।
\q
\s5
\v 17 মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম,
\q আৰু যিহোৱাই কৰা কাৰ্য্যবোৰ ঘোষণা কৰিম।
\q
\v 18 যিহোৱাই মোক বৰকৈ শাস্তি দিলে;
\q কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
\q
\s5
\v 19 মোলৈ ধাৰ্ম্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া,
\q যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰো।
\q
\v 20 এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্ম্মিকসকল সোমায়।
\q
\v 21 মই তোমাৰ ধন্যবাদ কৰো;
\q কিয়নো তুমি মোক উত্তৰ দিলা;
\q তুমি মোৰ পৰিত্ৰাণ হ’লা।
\q
\s5
\v 22 ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে,
\q সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
\q
\v 23 এইয়া যিহোৱাৰেই কার্য,
\q আমাৰ দৃষ্টিত অতি আচৰিত লাগে।
\q
\s5
\v 24 এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;
\q আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
\q
\v 25 হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা!
\q হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা!শুভ কৰা।
\q
\s5
\v 26 ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে;
\q আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।
\q
\v 27 যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে;
\q তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।
\q
\v 28 তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম;
\q তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।
\q
\s5
\v 29 তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;
\q তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
\s5
\c 119
\s আলেফ।
\q
\v 1 ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ;
\q যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
\q
\v 2 ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে;
\q যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
\q
\s5
\v 3 তেওঁলোকে অন্যায় নকৰে,
\q যিহোৱাৰ পথত চলে।
\q
\v 4 তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।
\q
\s5
\v 5 ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক;
\q মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰো!
\q
\v 6 যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম,
\q তেতিয়া মই লজ্জিত নহ’ম।
\q
\s5
\v 7 তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ,
\q তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।
\q
\v 8 মই তোমাৰ বিধিবোৰ পালন কৰিম;
\q মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।
\s বেইৎ।
\b
\q
\s5
\v 9 যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে?
\q তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
\q
\v 10 মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;
\q তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
\q
\s5
\v 11 তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো,
\q যেন তোমাৰ অহিতে পাপ নকৰোঁ।
\q
\v 12 ধন্য তুমি, হে যিহোৱা;
\q মোক তোমাৰ বিধিবোৰ শিকোৱা।
\q
\s5
\v 13 তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী,
\q মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
\q
\v 14 ধন-সম্পদত লোকে যিমান আনন্দ পায়,
\q তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।
\q
\s5
\v 15 মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,
\q তোমাৰ সকলো পথলৈ মনোযোগ দিম।
\q
\v 16 মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;
\q মই তোমাৰ বাক্য নাপাহৰিম।
\s গীমেল।
\b
\q
\s5
\v 17 তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো,
\q আৰু তোমাৰ বাক্য পালন কৰিব পাৰো।
\q
\v 18 মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।
\q
\s5
\v 19 মই পৃথিৱীত প্ৰবাসী মাথোন,
\q তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।
\q
\v 20 সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ,
\q মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।
\q
\s5
\v 21 তুমি অহঙ্কাৰীসকলক ধমক দিছা;
\q তেওঁলোকতো শাপগ্রস্ত,
\q তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।
\q
\v 22 তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা;
\q কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।
\q
\s5
\v 23 যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়,
\q তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।
\q
\v 24 তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়,
\q সেইবোৰে মোক পৰামর্শ দিয়ে।
\s দালেৎ।
\b
\q
\s5
\v 25 মোৰ প্রাণ ধুলিত সংলগ্ন;
\q তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।
\q
\v 26 মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ,
\q আৰু তুমি মোক উত্তৰ দিলা।
\q মোক তোমাৰ বিধিবোৰ শিকোঁৱা।
\q
\s5
\v 27 তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া;
\q তাতে মই তোমাৰ আচৰিত কাৰ্য্যবোৰ ধ্যান কৰিম।
\q
\v 28 দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে;
\q তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।
\q
\s5
\v 29 মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা;
\q দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।
\q
\v 30 মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ;
\q মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
\q
\s5
\v 31 হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ;
\q তুমি মোক লজ্জিত হ’বলৈ নিদিবা।
\q
\v 32 তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম,
\q কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
\s হেই।
\b
\q
\s5
\v 33 হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথ সম্বন্ধে মোক শিকোৱা;
\q তাতে মই শেষলৈকে তাক পালন কৰিম।
\q
\v 34 তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰো,
\q সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰো।
\q
\s5
\v 35 তোমাৰ আজ্ঞা- পথত মোক চলোৱা;
\q কিয়নো তাতেই মই সন্তোষ পাওঁ।
\q
\v 36 তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা,
\q স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
\q
\s5
\v 37 অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা;
\q তোমাৰ পথত চলিবলৈ মোক পুণৰ সঞ্জীৱিত কৰা।
\q
\v 38 তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা;
\q যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
\q
\s5
\v 39 মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰো;
\q কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
\q
\v 40 চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাঙ্ক্ষা কৰি আছো;
\q তোমাৰ ধাৰ্ম্মিকতাৰে মোক সঞ্জীৱিত কৰা।
\s বাৱ।
\b
\q
\s5
\v 41 হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া;
\q তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
\q
\v 42 তেতিয়া মই মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম;
\q কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
\q
\s5
\v 43 তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা;
\q কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
\q
\v 44 যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
\q
\s5
\v 45 মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম;
\q কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলো।
\q
\v 46 তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম;
\q মই লজ্জিত নহ’ম।
\q
\s5
\v 47 তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;
\q কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
\q
\v 48 তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰো,
\q কাৰণ মই সেইবোৰ ভাল পাওঁ;
\q মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
\s জয়িন।
\b
\q
\s5
\v 49 তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা;
\q তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
\q
\v 50 দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়;
\q তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
\q
\s5
\v 51 অহঙ্কাৰীসকলে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে;
\q তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
\q
\v 52 হে যিহোৱা, মই তোমাৰ পূৰ্ব্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰো, আৰু মই নিজে শান্ত্বনা লভো।
\q
\s5
\v 53 দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত উঠে,
\q কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
\q
\v 54 মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
\q
\s5
\v 55 হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ,
\q আৰু তোমাৰ ব্যৱস্থা মানি চলো।
\q
\v 56 এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলো।
\b
\s হেৎ
\q
\s5
\v 57 যিহোৱা মোৰ অধিকাৰৰ অংশ;
\q মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।
\q
\v 58 মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্রহ বিচাৰিছো; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।
\q
\s5
\v 59 মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলো,
\q আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
\q
\v 60 মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলো, পলম নকৰিলো।
\q
\s5
\v 61 যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছো,
\q তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।
\q
\v 62 তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।
\q
\s5
\v 63 যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
\q
\v 64 হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ;
\q মোক তোমাৰ বিধিবোৰ শিকোৱা।
\s টেইট।
\b
\q
\s5
\v 65 তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা;
\q হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
\q
\v 66 তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা;
\q কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
\q
\s5
\v 67 কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
\q
\v 68 তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা;
\q মোক তোমাৰ বিধিবোৰ শিকোৱা।
\q
\s5
\v 69 অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে;
\q কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
\q
\v 70 তেওঁলোকৰ অন্তঃকৰণ চর্বিৰ দৰে মোটা;
\q কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
\q
\s5
\v 71 মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক,
\q তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছো।
\q
\v 72 তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
\s ইয়োদ।
\b
\q
\s5
\v 73 তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে;
\q তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
\q
\v 74 তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব;
\q কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
\q
\s5
\v 75 হে যিহোৱা, মই জানো যে , তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ,
\q তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
\q
\v 76 তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা,
\q সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
\q
\s5
\v 77 মোলৈ তোমাৰ কৃপা নামি আহঁক,
\q যাতে মই জীয়াই থাকিব পাৰো;
\q কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
\q
\v 78 অহঙ্কাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে;
\q কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
\q
\s5
\v 79 যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক,
\q যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
\q
\v 80 মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
\s কফ।
\b
\q
\s5
\v 81 তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে;
\q মই তোমাৰ বাক্যত আশা কৰিছোঁ।
\q
\v 82 তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে;
\q মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
\q
\s5
\v 83 কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লোঁ;
\q তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
\q
\v 84 তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব?
\q মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
\q
\s5
\v 85 অহঙ্কাৰীসকলে মোৰ বাবে গর্ত খান্দিছে;
\q তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
\q
\v 86 তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য;
\q লোকসকলে অকাৰণতে মোক তাড়না কৰে;
\q তুমি মোক সহায় কৰা।
\q
\s5
\v 87 তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে;
\q কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
\q
\v 88 তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা,
\q তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
\s লামেদ।
\b
\q
\s5
\v 89 যিহোৱা অনন্ত কাললৈকে বিদ্যমান;
\q তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
\q
\v 90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী;
\q তুমি পৃথিৱীক স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
\q
\s5
\v 91 তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে;
\q কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
\q
\v 92 তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন,
\q তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লোহেতেন।
\q
\s5
\v 93 মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম;
\q কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
\q
\v 94 মই তোমাৰেই, মোক ৰক্ষা কৰা;
\q কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলো।
\q
\s5
\v 95 দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে;
\q কিন্ত মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
\q
\v 96 মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
\s মেইম।
\b
\q
\s5
\v 97 ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!
\q সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
\q
\v 98 তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে;
\q কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
\q
\s5
\v 99 মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান;
\q কিয়নো তোমাৰ আজ্ঞা-বোৰ মোৰ ধ্যানৰ বিষয়।
\q
\v 100 মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ;
\q কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
\q
\s5
\v 101 মই সকলো কু-পথৰ পৰা মোৰ ভৰি আতঁৰাই ৰাখিলো,
\q যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰো।
\q
\v 102 মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই;
\q কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
\q
\s5
\v 103 তোমাৰ বাক্যবোৰ মোৰ জিবাত কেনে মিঠা লাগে!
\q সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
\q
\v 104 তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰো;
\q সেইবাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
\s নুন।
\b
\q
\s5
\v 105 তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ-স্বৰূপ আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।
\q
\v 106 তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ,
\q আৰু স্থিৰ কৰিলোঁ।
\q
\s5
\v 107 হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ;
\q তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
\q
\v 108 হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা,
\q আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
\q
\s5
\v 109 মইমোৰ প্ৰাণ সদায় আঁচলত বান্ধি লৈ ফুৰিছোঁ;
\q তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
\q
\v 110 দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
\q
\s5
\v 111 তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য;
\q সেইবোৰ মোৰ মনৰ আনন্দজনক।
\q
\v 112 চিৰকাললৈকে শেষ পর্যন্ত তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
\s চামেক।
\b
\q
\s5
\v 113 দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
\q
\v 114 তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
\q
\s5
\v 115 হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
\q
\v 116 তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম;
\q মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
\q
\s5
\v 117 মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
\q
\v 118 তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা;
\q কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
\q
\s5
\v 119 পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা;
\q এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
\q
\v 120 তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে;
\q তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
\s অয়িন।
\b
\q
\s5
\v 121 মই ন্যায়বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীসকলৰ হাতত এৰি নিদিবা।
\q
\v 122 তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা;
\q অহঙ্কাৰীসকলক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
\q
\s5
\v 123 তোমাৰ ধার্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
\q
\v 124 তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা;
\q তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
\q
\s5
\v 125 মই তোমাৰ দাস; মোক বোধশক্তি দিয়া,
\q যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰো।
\q
\v 126 হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য্য কৰাৰ সময় হৈছে,
\q কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে ।
\q
\s5
\v 127 মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ;
\q সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
\q
\v 128 এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
\s পেই।
\b
\q
\s5
\v 129 তোমাৰ আজ্ঞাবোৰ আচৰিত;
\q সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
\q
\v 130 তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে;
\q সৰলমনা লোকক বুজন শক্তি দান কৰে।
\q
\s5
\v 131 মই মুখ মেলি ফোপাইছিলো;
\q কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
\q
\v 132 তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা,
\q তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।
\q
\s5
\v 133 তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্ম্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।
\q
\v 134 মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা,
\q তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।
\q
\s5
\v 135 তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা;
\q তোমাৰ বিধিবোৰ মোক শিকোৱা।
\q
\v 136 মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে;
\q কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
\s চাধেই।
\b
\q
\s5
\v 137 হে যিহোৱা, তুমি ধাৰ্ম্মিক, আৰু তোমাৰ ন্যায়বিচাৰ যথাৰ্থ।
\q
\v 138 তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্ম্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।
\q
\s5
\v 139 তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে;
\q কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।
\q
\v 140 তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে;
\q সেয়ে তোমাৰ দাসে তাক ভাল পায়।
\q
\s5
\v 141 যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
\q
\v 142 তোমাৰ ধাৰ্ম্মিকতা চিৰস্থায়ী ধাৰ্ম্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
\q
\s5
\v 143 সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল;
\q তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
\q
\v 144 তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধার্মিক;
\q মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।
\s কোফ।
\b
\q
\s5
\v 145 মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া;
\q মই তোমাৰ বিধিবোৰ পালন কৰিম।
\q
\v 146 মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা;
\q মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
\q
\s5
\v 147 মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলো;
\q তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
\q
\v 148 ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,
\q যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰো।
\q
\s5
\v 149 তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা;
\q হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
\q
\v 150 কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে;
\q তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।
\q
\s5
\v 151 কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;
\q
\v 152 বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছো যে,
\q তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।
\s ৰেচ
\q
\s5
\v 153 তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা;
\q কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।
\q
\v 154 মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা;
\q তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;
\q
\s5
\v 155 দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে;
\q কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।
\q
\v 156 হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি;
\q তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
\q
\s5
\v 157 মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আতৰি যোৱা নাই।
\q
\v 158 মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।
\q
\s5
\v 159 চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ!
\q হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
\q
\v 160 তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
\s চীন।
\b
\q
\s5
\v 161 অধিকাৰী সকলে মোক অকাৰণে তাড়না কৰে;
\q কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
\q
\v 162 মই তোমাৰ বাক্যত আনন্দ কৰো,
\q যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
\q
\s5
\v 163 মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ;
\q কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
\q
\v 164 তোমাৰ ধাৰ্ম্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
\q
\s5
\v 165 যি সকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়;
\q একোতেই তেওঁলোক উজুটি নাখায়।
\q
\v 166 হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছো;
\q মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
\q
\s5
\v 167 মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে;
\q মই সেইবোৰক অতিশয় প্ৰেম কৰোঁ।
\q
\v 168 মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ;
\q কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।
\s তাৱ।
\b
\q
\s5
\v 169 হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক;
\q তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
\q
\v 170 মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক;
\q তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।
\q
\s5
\v 171 মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক;
\q কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।
\q
\v 172 মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক;
\q কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
\q
\s5
\v 173 তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক;
\q কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
\q
\v 174 হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাঙ্ক্ষা কৰিছো;
\q তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়
\q
\s5
\v 175 মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰো;
\q তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
\q
\v 176 হেৰোৱা ভেড়াৰ দৰে মই ভ্ৰান্ত হলোঁ;
\q তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।
\s5
\c 120
\s মন্দিৰ অভিমুখে আৰোহন-যাত্রাৰ সঙ্গীত।
\q
\v 1 মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।
\q
\v 2 “হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”
\q
\s5
\v 3 হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?
\q
\v 4 তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।
\b
\q
\s5
\v 5 হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ;
\q কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।
\q
\v 6 যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছো।
\q
\v 7 মই শান্তি ভাল পাওঁ;
\q কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।
\s5
\c 121
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,
\q ক’ৰ পৰা মোৰ সহায় আহিব?
\q
\v 2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
\q
\s5
\v 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;
\q তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
\q
\v 4 চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,
\q তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
\q
\s5
\v 5 যিহোৱা তোমাৰ ৰক্ষক;
\q যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
\q
\v 6 দিনত সূৰ্য্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
\q
\s5
\v 7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;
\q তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
\q
\v 8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
\s5
\c 122
\s দায়ুদৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে,
\q “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”
\q
\v 2 হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।
\q
\v 3 সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।
\q
\s5
\v 4 সকলো জনগোষ্ঠী সেই ঠাইলৈ উঠি যায়,
\q তেওঁলোক যিহোৱাৰ লোকসকলৰ জনগোষ্ঠী;
\q তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
\q
\v 5 কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে,
\q দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।
\q
\s5
\v 6 তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা;
\q “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
\q
\v 7 তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক,
\q আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”
\q
\s5
\v 8 মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”
\q
\v 9 আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰিম।
\s5
\c 123
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা,
\q মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
\q
\v 2 গৰাকীৰ হাতলৈ যেনেকৈ দাসসকলৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীনীৰ হাতৰ ফালে থাকে,
\q তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
\q
\s5
\v 3 আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা;
\q কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
\q
\v 4 আমাৰ প্রাণে বহন কৰিব পৰাতকৈ অধিক হ’ল সেই সুখী লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীসকলৰ অপমান।
\s5
\c 124
\s দায়ুদৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেতেঁন,
\q
\v 2 শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল,
\q তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,
\q
\v 3 তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,
\q
\s5
\v 4 তেতিয়া জলসমুহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;
\q
\v 5 ওফন্দি উঠা জলসমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।
\q
\s5
\v 6 ধন্য যিহোৱা,
\q যি জনাই আমাক চিকাৰ স্বৰূপে
\q তেওঁলোকৰ দাঁতত পেলাই নিদিলে।
\q
\v 7 আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল;
\q ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।
\b
\q
\s5
\v 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে,
\q সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।
\s5
\c 125
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,
\q তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
\q
\v 2 যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,
\q তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;
\q এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
\q
\v 3 ঈশ্বৰ-ভক্ত লোকসকলে যাতে অধৰ্ম্ম কার্যলৈ হাত নেমেলে,
\q সেইবাবে ধাৰ্ম্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।
\q
\s5
\v 4 হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;
\q যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।
\q
\v 5 কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,
\q যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।
\q ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক!
\s5
\c 126
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 যিহোৱাই যেতিয়া চিয়োনক পুণৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে,
\q তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লোঁ।
\q
\s5
\v 2 তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল,
\q আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল;
\q আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে,
\q “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে।”
\q
\v 3 যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে; সেয়ে আমি আনন্দ কৰিলো।
\b
\q
\s5
\v 4 হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ,
\q তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
\q
\v 5 যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দধ্বনিৰে দাব।
\q
\v 6 যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দগানেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
\s5
\c 127
\s চলোমনৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 যিহোৱাই গৃহ নিৰ্ম্মান নকৰিলে, নিৰ্ম্মান কৰাসকলৰ পৰিশ্ৰম বৃথা;
\q যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
\q
\v 2 মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা,
\q আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা;
\q কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।
\b
\q
\s5
\v 3 সন্তানসকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।
\q
\v 4 বীৰৰ হাতত কাড়ঁবোৰ যেনে,
\q যুবা সন্তানসকলো তেনে।
\q
\v 5 সেই পুৰুষ সুখী, যিজনৰ এনে কাড়েঁসমূহেৰে পূর্ণ কাড়ঁ থোৱা চূঙা থাকে।
\q নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
\s5
\c 128
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
\q
\v 2 তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা,
\q তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
\b
\q
\s5
\v 3 তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব;
\q তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তানসকল জিতগছৰ পুলিৰ নিচিনা হ’ব।
\q
\v 4 এইদৰে, যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
\b
\q
\v 5 যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব;
\q তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
\q
\v 6 এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা।
\q ইস্ৰায়েলৰ ওপৰত শান্তি হওক!
\s5
\c 129
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 ইস্ৰায়েলে কওঁক,
\q “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
\q
\v 2 “যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;
\q তথাপি মোক জিনিব পৰা নাই।
\q
\v 3 হালোৱাই মোৰ পিঠিত হাল বালে;
\q তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
\q
\s5
\v 4 যিহোৱা ধাৰ্ম্মিক; তেওঁ দুষ্টবোৰৰ জৰী ছিঙি পেলালে।
\q
\v 5 যিসকলে চিয়োনক ঘিণ কৰে,
\q তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।
\q
\s5
\v 6 তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,
\q যি নৌ বাঢ়োতেই শুকাই যায়;
\q
\v 7 যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,
\q যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।
\q
\v 8 বাটৰুৱাসকলে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়,
\q “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক!
\q যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”
\s5
\c 130
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
\q
\v 2 হে প্ৰভূ, মোৰ স্বৰ শুনা!
\q মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
\b
\q
\s5
\v 3 হে যিহোৱা, তুমি যদি অপৰাধৰ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
\q
\v 4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে,
\q যেন মনুহে তোমাক ভয় কৰে।
\b
\q
\s5
\v 5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে,
\q মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
\q
\v 6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে,
\q হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে,
\q যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
\b
\q
\s5
\v 7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে;
\q তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
\q
\v 8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব,
\q সকলো অপৰাধৰ পৰা মুক্ত কৰিব।
\s5
\c 131
\s দায়ুদৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়,
\q নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই,
\q নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহয়।
\q
\s5
\v 2 কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলো,
\q যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে;
\q মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।
\q
\v 3 হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা,
\q এতিয়াৰ পৰা অনন্ত কাললৈকে।
\s5
\c 132
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;
\q
\v 2 তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল,
\q যাকোবৰ সর্বশক্তিমানজনাৰ ওচৰত সঙ্কল্প কৰিছিল।
\q
\s5
\v 3 তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম,
\q নিজৰ শয্যাতো শয়ন নকৰিম,
\q
\v 4 মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম,
\q চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,
\q
\v 5 যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ,
\q যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”
\b
\q
\s5
\v 6 চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ,
\q কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।
\q
\v 7 “আঁহা, আমি তেওঁৰ আবাসলৈ যাওঁ,
\q তেওঁৰ চৰণতলত প্ৰণিপাত কৰোঁ।”
\b
\q
\v 8 হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আঁহা;
\q তুমি আঁহা আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
\q
\s5
\v 9 তোমাৰ পুৰোহিতসকলে ধাৰ্ম্মিকতাৰূপ বস্ত্ৰ পিন্ধক,
\q তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।
\q
\v 10 তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”
\b
\q
\s5
\v 11 যিহোৱাই দায়ুদৰ আগত নিশ্চিতৰূপে এই শপত খালে,
\q তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব;
\q “ তোমাৰ ঔৰসত জন্মা সন্তানসকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
\q
\v 12 তোমাৰ সন্তানসকলে যদি মোৰ নিয়মটি পালন কৰে,
\q আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম,
\q তেন্তে তেওঁলোকৰ সন্তানসকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
\b
\q
\s5
\v 13 কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে,
\q তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
\q
\v 14 তেওঁকলে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰামস্থান;
\q মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।
\q
\s5
\v 15 মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম,
\q মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
\q
\v 16 মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধাম;
\q ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰিব।
\q
\s5
\v 17 মই সেই ঠাইত দায়ুদৰ কাৰণে এটি শিং উদ্ভৱ কৰিম,
\q মই মোৰ অভিষিক্তজনৰ কাৰণে এক প্ৰদীপ যুগুত কৰালোঁ।
\q
\v 18 মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম,
\q কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
\s5
\c 133
\s দায়ুদৰ ৰচিত আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,
\q যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
\q
\s5
\v 2 তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা,
\q যি তললৈ দাঢ়িলৈকৈ নামি আহে,
\q হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ
\q তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
\q
\v 3 সেয়ে হর্মোণ পর্বতৰ নিয়ঁৰৰ নিচিনা,
\q যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল;
\q কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে,
\q অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
\s5
\c 134
\s আৰোহন-যাত্ৰাৰ সঙ্গীত।
\q
\v 1 হে যিহোৱাৰ দাসসকল,
\q তোমালোক, যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা,
\q তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা;
\q
\v 2 তোমালোকে পবিত্ৰস্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
\q
\s5
\v 3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
\s5
\c 135
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
\q যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
\q হে যিহোৱাৰ দাসসকল, তেওঁৰ প্রশংসা কৰা।
\q
\v 2 তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
\q
\s5
\v 3 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;
\q তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
\q
\v 4 কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,
\q নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
\q
\s5
\v 5 কিয়নো মই জানো যে যিহোৱা মহান,
\q আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
\q
\v 6 আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
\q
\s5
\v 7 তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;
\q তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
\q
\s5
\v 8 তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তানসকলক আঘাত কৰিছিল;
\q মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
\q
\v 9 হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;
\q ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
\q
\s5
\v 10 তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
\q
\v 11 ইমোৰীয়াসকলৰ ৰজা চিহোন,
\q বাচানৰ ৰজা ওগক বধ কৰিলে;
\q কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
\q
\s5
\v 12 তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;
\q নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
\q
\v 13 হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;
\q হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
\q
\s5
\v 14 কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,
\q নিজ দাসসকলক কৃপা কৰিব।
\q
\v 15 জাতিসমূহৰৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;
\q সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য্য।
\q
\v 16 সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;
\q চকু আছে, কিন্তু নেদেখে;
\q
\v 17 কাণ আছে, কিন্তু নুশুনে,
\q সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
\q
\v 18 সেইবোৰৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;
\q সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
\q
\s5
\v 19 হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
\q
\v 20 হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
\q হে যিহোৱালৈ ভয় ৰখা ভক্ত লোকসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
\q
\v 21 চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;
\q তেওঁ যিৰূচালেমত নিবাস কৰে।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 136
\q
\v 1 যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,
\q কাৰণ তেওঁৰ প্রেম চিৰ-কাললৈকে থাকে।
\q
\v 2 দেৱতাসকলৰো ঈশ্বৰৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 3 প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\b
\q
\s5
\v 4 যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম্ম কৰে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 5 যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 6 যি জনাই জল সমুহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 7 যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 8 দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 9 যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 10 যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 11 যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 12 যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 13 যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 14 যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 15 যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্যসমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 16 যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 17 যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 18 যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 19 যি জনাই ইমোৰীয়াসকলৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 20 যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 21 যি জনাই তেওঁলোকৰ দেশ আধিপত্যস্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 22 যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 23 যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\s5
\v 24 যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 25 যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\q
\v 26 স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা,
\q কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
\s5
\c 137
\q
\v 1 বাবিলৰ নদীবোৰৰ তীৰত বহি আমি কান্দিছিলো,
\q যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল।
\q
\v 2 সেই ঠাইৰ মাজত থকা বাইচী গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।
\q
\s5
\v 3 কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল,
\q সেই উপদ্রৱকাৰীসকলে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল;
\q তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”
\q
\v 4 আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?
\q
\s5
\v 5 হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাত যেন নিজে অকেজা হৈ যায়।
\q
\v 6 যদি মই তোমাক সোঁৱৰণ নকৰোঁ,
\q যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,,
\q তেন্তে, মোৰ জিভা তালুত লাগি ধৰক।
\q
\s5
\v 7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা;
\q তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা,
\q একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
\q
\s5
\v 8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব;
\q তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা,
\q ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
\q
\v 9 ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।
\s5
\c 138
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;
\q দেৱতাসকলৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
\q
\v 2 তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;
\q তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্বস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;
\q কিয়নো তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।
\q
\s5
\v 3 মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;
\q তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
\q
\v 4 হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;
\q কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।
\q
\s5
\v 5 তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;
\q কিয়নো যিহোৱাৰ গৌৰৱ মহান।
\q
\v 6 কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;
\q কিন্তু অহঙ্কাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
\q
\s5
\v 7 যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ,
\q তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা;
\q তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
\q
\v 8 যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;
\q হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।
\q তুমি তোমাৰ হাতৰ কৰ্মক ত্যাগ নকৰিবা।
\s5
\c 139
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।
\q
\v 2 তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
\q
\s5
\v 3 তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা;
\q মোৰ সকলো পথ তুমি ভালদৰে জানা।
\q
\v 4 কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
\q
\v 5 আগ-পাছ সকলোফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।
\q
\v 6 এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
\b
\q
\s5
\v 7 তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰো?
\q তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?
\q
\v 8 যদি স্বৰ্গত গৈ উঠো, তাতো তুমি;
\q যদি চিয়োলত মোৰ শয্যা পাৰো, চোৱা, তাতো তুমি থাকা।
\q
\s5
\v 9 যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,
\q
\v 10 তাতো তোমাৰ হাতে মোক চলাব,;
\q তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।
\q
\s5
\v 11 যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;
\q
\v 12 বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে;
\q বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়;
\q তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।
\q
\s5
\v 13 তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
\q
\v 14 মই তোমাৰ প্রশংসা কৰো;
\q কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যভাৱে নিৰ্ম্মিত হলোঁ;
\q তোমাৰ কাৰ্য্যবোৰ আচৰিত,
\q তাক মই ভালদৰেই জানো।
\q
\s5
\v 15 যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,
\q যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলো,
\q তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
\q
\v 16 তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,
\q তোমাৰ পুস্তকত সকলো লিখা আছিল;
\q মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
\q
\s5
\v 17 হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!
\q
\v 18 যদি মই সেইবোৰ গণিব খুজো,, সংখ্যাত সেইবোৰ বালিতকৈয়ো অধিক হয়;
\q মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাতে থাকো।
\q
\s5
\v 19 হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা,
\q হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।
\q
\v 20 তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়,
\q তোমাৰ শত্ৰুবোৰে তোমৰ বিৰুদ্ধে বৃথাই উঠে।
\q
\s5
\v 21 হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ?
\q যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
\q
\v 22 মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰো; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।
\q
\s5
\v 23 হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা;
\q মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
\q
\v 24 মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।
\s5
\c 140
\s প্ৰধান বাদ্যকৰৰ প্রতি: দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,
\q অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
\q
\v 2 তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
\q
\v 3 তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে;
\q তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে![চেলা]
\b
\q
\s5
\v 4 হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,
\q অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা;
\q মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
\q
\v 5 অহঙ্কাৰীসকলে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে;
\q তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে;
\q তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে।[চেলা]
\b
\q
\s5
\v 6 মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ;
\q হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”
\q
\v 7 হে যিহোৱা, মোৰ প্রভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা;
\q যুদ্ধৰ দিনা তুমিয়েই মোৰ মূৰ ঢাকিলা।
\q
\v 8 হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা;
\q তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা।[চেলা]
\q
\s5
\v 9 যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে,
\q তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে,
\q সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
\q
\v 10 তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক!
\q তেওঁলোকক জুইত পেলোৱা হওঁক!
\q তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাঁতত পেলোৱা হওঁক!
\q
\v 11 নিন্দক লোকসকলক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা;
\q অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
\q
\s5
\v 12 মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব,
\q অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
\q
\v 13 ধাৰ্ম্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব;
\q ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।
\s5
\c 141
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, মই তোমাক মাতিছো;
\q তুমি শীঘ্রেই মোৰ ওচৰলৈ আঁহা।
\q মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
\q
\v 2 মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক,
\q মই ওপৰলৈ তোলা মোৰ হাত সন্ধ্যা উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
\q
\s5
\v 3 হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা,
\q মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।
\q
\v 4 কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা,
\q মই যেন অধার্মিক লোকসকলৰ সৈতে দুষ্টতাৰ কাৰ্য্য নকৰো;
\q তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰো।
\q
\s5
\v 5 ধাৰ্ম্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব;
\q তেওঁ মোক অনুযোগ কৰক,
\q সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব;
\q মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক।
\q কিন্তু মোৰ প্রার্থনা সকলো সময়তে
\q দুষ্ট লোকসকলৰ কার্যৰ বিৰুদ্ধে থাকিব।
\q
\v 6 তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব,
\q তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।
\q
\v 7 মানুহে হাল বাই যেনেকৈ মাটি ভাঙে,
\q তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে।
\q
\s5
\v 8 কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে;
\q , মই তোমাতেই আশ্ৰয় লৈছো,
\q মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।
\q
\v 9 তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে,
\q তাৰ পৰা মোক ৰক্ষা কৰা,
\q অধার্মিক সকলৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
\q
\v 10 দুষ্ট লোকসকল তেওঁলোকৰ নিজৰ জালত নিজেই পৰক,
\q আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।
\s5
\c 142
\s গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা।
\q
\v 1 মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ,
\q মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।
\q
\v 2 মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো,
\q তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালো।
\q
\s5
\v 3 মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়,
\q তেতিয়া তুমি মোৰ পথ জানা;
\q মই অহা-যোৱা কৰা পথত লোকসকলে মোৰ বাবে গোপনে ফান্দ পাতিলে;
\q
\v 4 মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা,
\q মোৰ খবৰ লওঁতা কোনো নাই;
\q মোৰ বাবে আশ্রয়স্থান নাই,
\q মোৰ বাবে কোনেও চিন্তা নকৰে।
\q
\v 5 হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো,
\q “তুমিয়েই মোৰ আশ্ৰয়, জীৱিতলোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
\q
\s5
\v 6 তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া,
\q কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ;
\q মোৰ তাড়নাকাৰীসকলৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,
\q কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
\q
\v 7 কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা,
\q যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰো;
\q ধার্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব;
\q কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।
\s5
\c 143
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা,
\q মোৰ কাকুতিলৈ কাণ পাতা!
\q তোমাৰ বিশ্বস্ততা আৰু ধাৰ্ম্মিকতাত মোক উত্তৰ দিয়া;
\q
\v 2 তোমাৰ দাসক বিচাৰলৈ নিনিবা;
\q কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্ম্মিক নহয়।
\q
\s5
\v 3 শত্ৰুৱে মোক পাছে পাছে খেদি আহিল,
\q তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে,
\q দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকসকলৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
\q
\v 4 সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে;
\q মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
\q
\s5
\v 5 মই পূৰ্ব্বকালৰ দিনৰ কথা মনত পেলাও,
\q মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ,
\q তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
\q
\v 6 মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ;
\q শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে।[চেলা]
\q
\s5
\v 7 হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া,
\q কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে;
\q মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা,
\q মই গাঁতলৈ নামি যোৱাসকলৰ নিচিনা হৈ পৰিম।
\q
\v 8 ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,
\q কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;
\q তুমি মোক মই চলিব লগীয়া পথ শিকোৱাঁ,
\q কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছো।
\q
\s5
\v 9 হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা;
\q মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
\q
\v 10 তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা,
\q কিয়নো তুমিয়েই মোৰ ঈশ্বৰ;
\q তোমাৰ মঙ্গলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
\q
\s5
\v 11 হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা;
\q তোমাৰ ধাৰ্ম্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
\q
\v 12 তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা;
\q মোৰ সকলো বিপক্ষসকলক তুমি ধ্বংস কৰা,
\q কিয়নো মই তোমাৰ দাস।
\s5
\c 144
\s দায়ুদৰ ৰচিত গীত।
\q
\v 1 যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা;
\q তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
\q
\v 2 তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ,
\q মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা;
\q তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্রয় লওঁ।
\q তেৱেঁই মোৰ লোকসকলক মোৰ অধীনত আনে।
\q
\s5
\v 3 হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা?
\q মনুষ্যৰ সন্তানেই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?
\q
\v 4 মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
\q
\s5
\v 5 হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ;
\q পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
\q
\v 6 তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাড়ঁ মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
\q
\s5
\v 7 তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া;
\q মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা;
\q সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
\q
\v 8 তেওঁলোকৰ মুখে মিছা কথা কয়,
\q তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।
\b
\q
\s5
\v 9 হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম;
\q দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
\q
\v 10 তুমিয়েই ৰজাসকলক জয়দান কৰা;
\q তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
\q
\v 11 নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীসকলৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা;
\q তেওঁলোকৰ মুখে মিছা কথা কয়,
\q তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।
\b
\q
\s5
\v 12 আমাৰ পুত্ৰসকল যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়,
\q আমাৰ কন্যাসকল যেন ৰাজঅট্টালিকাৰ গাথঁনিত খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;
\q
\v 13 আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে;
\q আমাৰ ভেড়াবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালী জগায়;
\q
\s5
\v 14 বহুতো পোৱালীৰে সৈতে আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে;
\q দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়;
\q আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
\q
\v 15 ধন্য সেই জাতি, যাৰ এনেৰূপ আশীর্বাদপূর্ণ অৱস্থা হয়;
\q ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।
\s5
\c 145
\s দায়ুদৰ দ্বাৰা ৰচিত প্ৰশংসাৰ গীত।
\q
\v 1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম;
\q যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
\q
\v 2 মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
\q
\v 3 যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
\q
\s5
\v 4 এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত
\q তোমাৰ কাৰ্য্যবোৰৰ শলাগ ল’ব,
\q তোমাৰ মহৎ কাৰ্য্যবোৰ প্ৰকাশ কৰিব।
\q
\v 5 মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ
\q আৰু তোমাৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে ধ্যান কৰিম।
\q
\s5
\v 6 লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্য্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
\q
\v 7 তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব,
\q তোমাৰ ধাৰ্ম্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
\q
\s5
\v 8 যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
\q
\v 9 যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
\b
\q
\s5
\v 10 হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব;
\q তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
\q
\v 11 তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্য্যবোৰৰ বিষয়ে ক’ব,
\q
\v 12 যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
\q
\s5
\v 13 তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
\q
\s5
\v 14 যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে;
\q অৱনত সকলক তেওঁ তুলি ধৰে।
\q
\v 15 সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে;
\q তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
\q
\v 16 তুমি সকলো জীৱকুলৰ বাঞ্ছা হাত মেলি পূৰ্ণ কৰি থাকা।
\q
\s5
\v 17 যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক আৰু সমুদায় কাৰ্য্যতে দয়াৱান।
\q
\v 18 যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে,
\q সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে,
\q যিহোৱা সেই সকলো লোকৰে ওচৰ।
\q
\v 19 যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে।
\q তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
\q
\s5
\v 20 যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে,
\q কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
\q
\v 21 মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব;
\q সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
\s5
\c 146
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
\q
\v 2 মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম,
\q জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
\b
\q
\s5
\v 3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা;
\q তেওঁলোকে সহায় কৰিব নোৱাৰে।
\q
\v 4 তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়;
\q সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
\b
\q
\s5
\v 5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য;
\q যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
\q
\v 6 তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা,
\q তেওঁ অনন্তকাল বিশ্বস্ত থাকে।
\q
\s5
\v 7 তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে,
\q ক্ষুধাতুৰসকলক আহাৰ দান কৰে;
\q যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
\q
\v 8 যিহোৱাই অন্ধসকলৰ চকু মুকলি কৰে,
\q নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে;
\q যিহোৱাই ধাৰ্ম্মিক লোকক প্ৰেম কৰে;
\q
\s5
\v 9 যিহোৱাই বিদেশীসকলক ৰক্ষা কৰে,
\q তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে,
\q কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
\b
\q
\v 10 যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 147
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা;
\q কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম!
\q কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
\q
\s5
\v 2 যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মান কৰে;
\q সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।
\q
\v 3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
\q
\s5
\v 4 তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
\q
\v 5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্রম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
\q
\s5
\v 6 যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে;
\q দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
\q
\v 7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা;
\q বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
\q
\s5
\v 8 যি জনাই আশাক-মণ্ডলক মেঘেৰে ঢাকে,
\q যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে,
\q যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
\q
\v 9 পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালীবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
\q
\s5
\v 10 ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ (যোদ্ধাৰ) ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
\q
\v 11 কিন্তু যিসকলে যিহোৱাক ভয় কৰে,
\q আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে,
\q তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
\q
\s5
\v 12 হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
\q
\v 13 কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তানসকলক আশীৰ্ব্বাদ দিলে।
\q
\v 14 তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে;
\q তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
\q
\s5
\v 15 তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
\q
\v 16 তেওঁ ভেড়াৰ নোমৰ সদৃশ তুষাৰ দিয়ে,
\q ছাঁইৰ দৰে দৰে নিয়ৰ সিঁচি দিয়ে।
\q
\s5
\v 17 তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
\q
\v 18 তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে;
\q তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
\q
\s5
\v 19 তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে;
\q আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
\q
\v 20 অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই;
\q তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 148
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\q স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চস্থানত তেওঁৰ প্ৰশংসা কৰা।
\q
\v 2 হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা;
\q হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
\q
\s5
\v 3 হে সূৰ্য্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা;
\q হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
\q
\v 4 হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা!
\q হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জলসমূহ, তেওঁৰ প্রশংসা কৰা!
\q
\s5
\v 5 সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক;
\q কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
\q
\v 6 তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে;
\q তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
\q
\s5
\v 7 হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ,
\q পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
\q
\v 8 হে বিজুলী আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুৱঁলী,
\q আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
\q
\s5
\v 9 হে সকলো পর্বত আৰু পাহাৰবোৰ,
\q আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
\q
\v 10 হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ,
\q আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
\q
\s5
\v 11 হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি,
\q অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
\q
\v 12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল,
\q তেওঁৰ প্ৰশংসা কৰা!
\b
\q
\s5
\v 13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক;
\q কিয়নো কেৱল তেওঁৰেই নাম মহান;
\q তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
\q
\v 14 তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে;
\q সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা,
\q সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 149
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\q যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,
\q ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
\q
\s5
\v 2 ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;
\q চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
\q
\v 3 তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,
\q খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
\q
\s5
\v 4 কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;
\q তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
\q
\v 5 ভক্তসকলে গৌৰৱতে উল্লাসিত হওক;
\q তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
\q
\s5
\v 6 তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,
\q তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
\q
\v 7 যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,
\q আৰু লোক সমুহক শাস্তি দিব পাৰে;
\q
\s5
\v 8 যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,
\q তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
\q
\v 9 যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,
\q এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\s5
\c 150
\q
\v 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
\q ঈশ্বৰৰ পবিত্ৰস্থানত তেওঁৰ প্ৰশংসা কৰা;
\q তেওঁৰ শক্তিৰে গঢ়া আকাশ-মণ্ডলত তেওঁৰ প্ৰশংসা কৰা।
\q
\v 2 তেওঁৰ মহৎ কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,
\q তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।
\q
\s5
\v 3 শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;
\q নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
\q
\v 4 খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;
\q তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।
\q
\v 5 কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;
\q কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।
\q
\s5
\v 6 শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।
\q তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।