as_ulb/49-GAL.usfm

287 lines
51 KiB
Plaintext

\id GAL
\ide UTF-8
\h গালাতীয়া পত্র
\toc1 গালাতীয়া পত্র
\toc2 গালাতীয়া পত্র
\toc3 gal
\mt1 গালাতীয়া পত্র
\s5
\c 1
\p
\v 1 মই পাঁচনি পৌল। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰা মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰা মই পাঁচনি নিযুক্ত হ’লো।
\s5
\p
\v 2 মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ \f + \ft গালাতীয়া: পৌলে এই ঠাইৰ পৰা প্রথম ধর্মযাত্রাৰ সময়ত উপদেশ দিছিল আৰু মণ্ডলী স্থাপন কৰিছিল। পা:কর্ম 13 আৰু 14 অধ্যায়। \f* মণ্ডলী সমূহৰ সমীপলৈ।
\s5
\p
\v 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;
\v 4 যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
\v 5 সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
\s5
\p
\v 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছা দেখি মই আচৰিত মানিছো।
\v 7 আচলতে কোনো বেলেগ শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে তোমালোকৰ মাজত বিভ্রান্তি সৃষ্টি কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
\v 8 কিন্তু আমি তোমালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
\v 9 আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়াও পুনৰ কৈছোঁ, “তোমালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলা, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
\s5
\p
\v 10 মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
\s5
\p
\v 11 ভাই সকল, মই তোমালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।
\v 12 কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
\s5
\v 13 তোমালোকেতো শুনিছা যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্ম্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
\v 14 ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আন সকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্ব পুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।
\s5
\v 15 কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
\v 16 মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষন্তেকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
\v 17 এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ।
\s5
\p
\v 18 ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা-পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
\v 19 তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।
\v 20 চাওক, ঈশ্বৰৰ দৃষ্টিত মই তোমালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
\s5
\p
\v 21 তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;
\v 22 তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল
\v 23 কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “আমাক, যি জনে পূৰ্বতে তাড়না কৰিছিল আৰু আমাক ধ্বংস কৰিবলৈ বিচাৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, ।”
\v 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
\s5
\c 2
\p
\v 1 চৌদ্ধ বছৰ পাৰ হ’ল। মই বার্ণব্বাৰ সৈতে যিৰূচালেমলৈ পুনৰ গৈছিলোঁ, লগত তীতকো লৈছিলোঁ।
\v 2 ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ। যি শুভবার্তা মই অনা-ইহুদী সকলৰ মাজত প্রচাৰ কৰি আছিলো, তাকে তেওঁলোকৰ আগত ব্যাখ্যা কৰিলোঁ; আৰু সেই ঠাইৰ গণ্য-মান্য নেতা সকলৰ ওচৰত মই সকলোবোৰ গোপনে ক’লো। মই ইচ্ছা কৰিছিলো, তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে।
\s5
\v 3 মোৰ সঙ্গী তীত গ্রীক মানুহ হোৱা সত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য নকৰিলে।
\v 4 গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হ’ল। খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতি-নীতিৰ দাস কৰিব পাৰে।
\v 5 কিন্তু শুভবার্তাৰ সত্য যেন তোমালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
\s5
\p
\v 6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি প্ৰখ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাক জানিবৰ মোৰ একো প্রয়োজন নাই। ঈশ্বৰৰ দৃষ্টিত সকলো মানুহ একেই ।
\v 7 এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল।
\v 8 কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে;
\s5
\v 9 যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
\v 10 তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।
\s5
\p
\v 11 কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁক সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।
\v 12 কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল।
\s5
\v 13 অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল।
\v 14 কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
\s5
\v 15 আমি ইহুদী সকল, “অনা-ইহুদী আৰু পাপী ৰূপে জন্ম গ্ৰহণ কৰা লোক নহও, কিন্তু যিহূদাৰ দৰে জন্ম পোৱা লোক”।
\v 16 তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাহে ধাৰ্মিক বুলি গণিত হয়; সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰা কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহ’ব।
\s5
\p
\v 17 কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো, তেনেহলে তাৰ অর্থ এয়ে নেকি যে, খ্ৰীষ্ট পাপৰ সেৱক? কেতিয়াও নহয়!
\v 18 কিয়নো, মই যিহকে ভাঙিলোঁ, তাকে যদি মই আকৌ সাজোঁ, তেনেহলে মই নিজকে নিজে অপৰাধী বুলি প্রমাণ কৰোঁ।
\v 19 মইতো বিধানৰ দ্বাৰা বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ।
\s5
\v 20 মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
\v 21 ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ; কিয়নো বিধান পালনৰ দ্বাৰা যদি ধাৰ্মিকতা হয়, তেনেহলে খ্ৰীষ্ট অকাৰণে মৰিল।
\s5
\c 3
\p
\v 1 হে নিৰ্বোধ গালাতীয়া লোক, কাৰ চকুৱে তোমালোকক মুগ্ধ কৰি পেলাইছে? তোমালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্ট ভাৱে বর্ণনা কৰা নাছিলো?
\v 2 মই কেৱল এই বিষয়ে তোমালোকৰ পৰা জানিব বিচাৰো যে, তোমালোকে বিধানৰ কার্যৰ দ্বাৰা আত্মা পালে নেকি? নে বার্তা শুনি, বিশ্বাস কৰাৰ দাৰা পালা?
\v 3 তোমালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া মাংসত কিয় সমাপ্ত কৰিবলৈ গৈ আছা?
\s5
\v 4 তোমালোকে বৃথাই ইমান দুখভোগ কৰিলা, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
\v 5 গতিকে কোৱাচোন, যি জনে তোমালোকক আত্মা দান কৰে আৰু তোমালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰা কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰা কৰে?
\s5
\p
\v 6 যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।”
\v 7 তেনেদৰে তোমালোকেও এই কথা জানিবা যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
\v 8 শাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰা ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।” \f + \ft আদি 12:3 \f*
\v 9 সেয়েহে, অব্রাহাম বিশ্বাস হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসীকাৰী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
\s5
\p
\v 10 কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।” \f + \ft দ্বি:বি 27:26 \f*
\v 11 এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰা ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব।” \f + \ft হবক্কুক 2:4 \f*
\v 12 বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।” \f + \ft লেবীয়া 18:5 \f*
\s5
\v 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপ স্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত \f + \ft কাঠত ক্ৰুচত \f* অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।” \f + \ft দ্বি:বি 21:23 \f*
\v 14 খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দাৰা অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দাৰা যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
\s5
\p
\v 15 ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম-পত্র থিৰ কৰা হয়, সেই নিয়ম-পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
\v 16 ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
\s5
\v 17 এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দাৰা নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞা কৰাৰ দ্বাৰা বাতিল হৈ নাযায়।
\v 18 উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে অনুগ্ৰহেৰে এক প্ৰতিজ্ঞাৰ দাৰা বিনামূল্যে এই উত্তৰাধিকাৰ অব্ৰাহামক দান কৰিলে।
\s5
\v 19 তেনেহলে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ বিষয়ে ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, সেই জনা নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দাৰা এই বিধান নিৰূপিত কৰা হৈছিল।
\v 20 এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
\s5
\p
\v 21 তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলেহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দাৰা হ’লহেঁতেন।
\v 22 কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দাৰা আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
\s5
\p
\v 23 খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ কৰা, নছিল, তেতিয়ালৈকে আমি বিধানৰ অধীনত বন্দী আছিলো।
\v 24 এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দাৰা আমি ধাৰ্মিক বুলি গণিত হ’ব পাৰোঁ।
\v 25 কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ।
\v 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দাৰা তোমালোক সকলো ঈশ্বৰৰ সন্তান হৈছা।
\s5
\v 27 কাৰণ তোমালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছা, তোমালোক সকলোৱেই নিজক খ্ৰীষ্টৰ বস্ত্ৰেৰে ঢাকিলা।
\v 28 এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত তোমালোক সকলোৱেই এক।
\v 29 তোমালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে তোমালোক অব্ৰাহামৰ বংশধৰো হৈছা আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, তোমালোক তাৰ উত্তৰাধিকাৰীও হৈছা।
\s5
\c 4
\p
\v 1 কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশু হৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
\v 2 কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।
\s5
\p
\v 3 এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;
\v 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন তিৰোতাৰ পৰা আৰু বিধানৰ অধীনত জন্ম পোৱা,
\v 5 ঈশ্বৰে ইয়াকে কৰিলে যাতে বিধানৰ অধীনত থকা লোকক তেওঁ মুক্ত কৰিব পাৰে আৰু সেইদৰে যাতে আমিও তেওঁৰ সন্তান হব পাৰো।
\s5
\p
\v 6 কাৰণ তোমালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাযই দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
\v 7 এই কাৰণে তোমালোক পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছা; আৰু যিহেতু পুত্ৰ হৈছা, সেয়েহে ঈশ্বৰৰ দাৰা উত্তৰাধিকাৰীও হৈছা৷
\s5
\p
\v 8 পূৰ্বতে তোমালোকে যেতিয়া ঈশ্বৰক জনা নাছিলা, তেতিয়া যিবোৰ প্ৰকৃত ৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ দাস আছিলা।
\v 9 কিন্তু এতিয়া তোমালোকে ঈশ্বৰৰ পৰিচয় পালা, বা আন কথাত, ঈশ্বৰে তোমালোকক জানিলে; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব খুজিছা? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিবা?
\s5
\p
\v 10 তোমালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আহিছা।
\v 11 তোমালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
\s5
\p
\v 12 হে ভাই সকল, বিনয় কৰি কৈছোঁ, তোমালোকে মোৰ নিচিনা হোৱা; কিয়নো ময়ো তোমালোকৰ নিচিনা হৈছোঁ। তোমালোকে মোৰ একো অন্যায় কৰা নাছিলা।
\v 13 মোৰ ৰুগ্ম দেহাৰ কাৰণে, মই যে প্ৰথম বাৰ তোমালোকৰ ওচৰলৈ গৈছিীলো আৰু তেতিয়াই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে তোমালোকে জানা।
\v 14 মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত তোমালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিলা; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিলা।
\s5
\p
\v 15 এতিয়া তোমালোকৰ সেই আনন্দ ক’ত? কিয়নো তোমালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন।
\v 16 এতিয়া তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
\s5
\p
\v 17 সেই লোক সকল তোমালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে তোমালোকক মোৰ কাষৰ পৰা আঁতৰাই আনিবলৈ বিচাৰে, যাতে তোমালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰো
\v 18 অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই তোমালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
\s5
\p
\v 19 হে মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে তোমালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
\v 20 এতিয়া তোমালোকৰ ওচৰত যাবৰ বাবে মোৰ মন আৰু তাত বেলেগ ভাবে এই সকলো কথা তোমালোকৰ লগত আলোচনা কৰিব পাৰিলোহেঁতেন হয়৷ তোমালোকৰ বাবে মই বিবুদ্ধিত পৰিছো।
\s5
\p
\v 21 হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কোৱাচোন, তোমালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
\v 22 কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
\v 23 কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
\s5
\p
\v 24 এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্ব ৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
\v 25 কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
\s5
\p
\v 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
\s5
\p
\v 27 কিয়নো লিখা আছে,
\q1 “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই;
\q1 বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা;
\q1 কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
\s5
\p
\v 28 এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
\v 29 কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
\s5
\p
\v 30 কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
\v 31 এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।
\s5
\c 5
\p
\v 1 খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হোৱা, পুনৰ দাসত্বৰ ফান্দত নপৰিবা।
\s5
\p
\v 2 চাওক, মই পৌলে তোমালোকক যদি তোমালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যোৱা, তেনেহলে খ্ৰীষ্টত তোমালোকৰ একো লাভ নহ’ব।
\s5
\p
\v 3 পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে, তোমালোকে যদি চুন্নৎ হবলৈ বিচাৰি আছা, তেতিয়া হলে প্ৰতিজনে বিধান পালন কৰিব লাগিব।
\v 4 পূৰ্বতে তোমালোকে খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, তোমালোক সকলোৱে বিধানৰ দাৰা বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিলা; এইদৰে তোমালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷
\s5
\p
\v 5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দাৰা ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ।
\v 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
\v 7 তোমালোকে ভালদৰে দৌৰিছিলা; পাছত কোনে তোমালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
\v 8 যি জনে তোমালোকক প্ৰৰোচনা কৰিছে, সেই জন তোমালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়।
\s5
\p
\v 9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়।
\v 10 প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তোমালোকে যে আন কোনো বিষয়ে নাভাবা; কিন্তু যি জনে তোমালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক।
\s5
\p
\v 11 হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও তাড়না ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
\v 12 কিন্তু মই বাঞ্চা কৰো যে প্ৰতিবাদকাৰী সকলে তেওঁলোকে নিজে নিজৰ অণ্ডকোষো ছেদন কৰক।
\s5
\p
\v 13 হে ভাই সকল, তোমালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’লা৷ তোমালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰা।
\v 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’
\v 15 কিন্তু তোমালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকা, তেনেহলে সাৱধান হবা, যাতে তোমালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰা৷
\s5
\p
\v 16 কিন্তু মই কওঁ, তোমালোকে আত্মাৰে চলা; তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ নকৰিবা।
\v 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা, তাক যেন তোমালোকে নকৰা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
\v 18 কিন্তু তোমালোকে যদি আত্মাৰ দাৰা চালিত হোৱা, তেনেহলে তোমালোক বিধানৰ অধীন নোহোৱা।
\s5
\p
\v 19 এতিয়া মাংসৰ কাৰ্যবোৰ জনাজাত৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
\v 20 মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
\v 21 হিংসা, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে তোমালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
\s5
\p
\v 22 কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
\v 23 মৃদুভাব, আত্ম-সংযম৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
\v 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷
\s5
\v 25 আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক।
\v 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।
\s5
\c 6
\p
\v 1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰা; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে নিজেও সাৱধান হ’ওঁক৷
\v 2 তোমালোকৰ প্ৰত্যেকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা।
\s5
\p
\v 3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
\v 4 প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
\v 5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
\s5
\p
\v 6 যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
\v 7 তোমালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা কৰিব নোৱাৰি৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
\v 8 কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
\s5
\p
\v 9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
\v 10 এই হেতুকে আহা, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁহক।
\s5
\p
\v 11 চাৱা, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি তোমালোকলৈ লিখিলোঁ।
\v 12 যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে তোমালোকক চুন্নৎ হবলৈ বাধ্য কৰায়, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
\v 13 কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; তোমালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে তোমালোক চুন্নৎ হোৱাটো তেওঁলোকে ইচ্ছা কৰে।
\s5
\p
\v 14 কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দাৰা জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
\v 15 কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
\v 16 যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
\s5
\p
\v 17 এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰিছো।
\s5
\p
\v 18 ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।