as_ulb/61-1PE.usfm

183 lines
39 KiB
Plaintext

\id 1PE
\ide UTF-8
\h পিতৰ 1 পিতৰ
\toc1 পিতৰ 1 পিতৰ
\toc2 1 পিতৰ
\toc3 1pe
\mt1 পিতৰ 1 পিতৰ
\c 1
\p
\v 1 প্ৰভু যীচু খ্ৰীষ্টৰ এগৰাকী মনোনীত \f + \ft ৰো 8:28-30; ইফি 1:4; 2 থি 2:13 \f* পাঁচনি, পিতৰৰ পৰা: ঈশ্বৰৰ নিৰ্ব্বাচিত, পৃথিৱীত, প্ৰবাসী ৰূপে গোটেই পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ থকা, লোক সকলৰ সমীপলৈ৷
\p
\v 2 তোমালোকক পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হবলৈ পবিত্ৰ আত্মাৰে পৱিত্ৰকৰণ কাৰ্য্যেৰে আৰু তেজ ছটিৱাৰ দ্বাৰা পৱিত্ৰ কৰা হৈছে। তোমালোকলৈ প্ৰচুৰ অনুগ্ৰহ আৰু শান্তি হওক!
\p
\v 3 ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰা জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম \f + \ft পি 1:23; যো 1:13 \f* দিলে;
\v 4 সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
\v 5 শেষৰ কালত প্ৰকাশিত হবলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰা ৰক্ষিত হৈ আছা।
\p
\v 6 যদিও এতিয়া বিভিন্ন দুখ-কষ্টই তোমালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি তোমালোকে আনন্দ কৰা৷
\v 7 তোমালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হোৱা উচিত, কিয়নো তোমালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি তোমালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত তোমালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাবা৷
\p
\v 8 তেওঁক তোমালোকে দেখা নাই, কিন্তু তোমালোকে তেওঁক প্ৰেম কৰিছা; এতিয়াও তোমালোকে তেওঁক দেখা নাই কিন্তু তোমালোকে তেওঁক বিশ্বাস কৰি আছা আৰু তোমালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছা৷
\v 9 এতিয়া তোমালোকৰ নিজৰ বিশ্বাসৰ ফল তোমালোকে গ্ৰহণ কৰিছা, সেয়া তোমালোকৰ আত্মাৰ পৰিত্রাণ৷
\v 10 যি ভাববাদীসকলে তোমালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেওঁলোকে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
\p
\v 11 কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিব লগীয়া আছিল, সেই বিষয়ে তেওঁলোকে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবল গীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিব লগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেওঁলোকক আগতীয়াকৈ কৈছিল৷ \f + \ft লূক 24:25-27; পাঁ 10:43; প্ৰ 19:10 \f*
\v 12 এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেওঁলোকে নিজৰ কাৰণে নহয়, কিন্তু তোমালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰা সম্প্ৰতি তোমালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
\p
\v 13 এতেকে মনৰ কঁকাল বান্ধা৷ তোমাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত তোমালোকলৈ যি অনুগ্ৰহ দিয়া হব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখা৷
\v 14 আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ তোমালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহবা৷
\v 15 তোমালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হোৱা৷
\v 16 কিয়নো লিখা আছে \f + \ft লে 11:44 \f* , ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
\v 17 আৰু যি জনে পক্ষপাত নকৰাকৈ \f + \ft পাঁ 10:34; ৰো 2:22 \f* প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধবিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছা, তেনেহলে তোমালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াবা৷
\p
\v 18 তোমালোকে জানা যে, তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, তোমালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰা যে মুক্ত হলা, এনে নহয়,
\v 19 কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেষ-পোৱালি স্বৰূপ \f + \ft যো 1:29 \f* খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হলা৷
\p
\v 20 জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ তোমালোকৰ কাৰণে প্ৰকাশিত হ’ল;
\v 21 তেওঁৰ দ্বাৰা তোমালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হলা; তাতে তোমালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
\p
\v 22 তোমালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃ প্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ \f + \ft যো 17:17; পাঁ 15:9 \f* , পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰা।
\v 23 কিয়নো তোমালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰা নতুন জন্ম পাইছা। \f + \ft যো 1:13; যাক 1:18 \f*
\p
\v 24 কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ।
\q1 তৃণ শুকায় আৰু ফুলো সৰে;
\q1
\v 25 কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; \f + \ft যিচ 10:6-8 \f* যি বাক্য তোমালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।
\c 2
\p
\v 1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপট, হিংসা আৰু পৰচৰ্চা, দূৰ কৰা৷
\v 2 নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অধিক হাবিয়াহ কৰা, আৰু তাৰ দ্বাৰা পৰিত্রাণৰ অৰ্থে তোমালোক বৃদ্ধি হোৱা, \f + \ft তী 3:16, 17 \f*
\v 3 যদিহে তোমালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালা৷
\p
\v 4 তেওঁৰ ওচৰলৈ আহাঁ, যি জন জীৱনময় শিল মানুহৰ দ্বাৰা অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰা মনোনীত আৰু বহুমুলীয়া৷
\v 5 তোমালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ \f + \ft ৰো 12:1; ইব্ৰী 13:15 \f* উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হবৰ অৰ্থে এক আত্মিক ঘৰ \f + \ft ইফি 2:19-22; ইব্ৰী 3:6 \f* হৈ উঠিছা।
\p
\v 6 কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, \f + \ft যিচ 28:26 \f*
\q1 চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰো;
\q1 যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব।
\p
\v 7 এতেকে বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু,
\q1 অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে,
\q1 সেয়ে চুকৰ প্ৰধান শিল হ’ল,
\p
\v 8 আৰু,
\q1 “উজুটি খুউৱা শিল,
\q1 আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
\p
\v 9 কিন্তু তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা যাতে, যি জনে তোমালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰা৷ এই কাৰণে
\q1
\v 10 আগেয়ে তোমালোক প্ৰজা নাছিলা,
\q1 কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হলা;
\q1 দয়াৰ পাত্ৰ নাছিলা,
\q1 কিন্তু এতিয়া দয়াৰ পাত্ৰ হলা। \f + \ft হো 2:23; ৰো 9:25-26 \f*
\p
\v 11 হে প্ৰিয় সকল, তোমালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই তোমালোকক মিনতি কৰো যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকা৷ \f + \ft ৰো 8:12, 13; গাল 5:16-21 \f*
\v 12 তোমালোকক অনা-যিহূদীসকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে তোমালোকৰ সৎকৰ্ম দেখি \f + \ft মথি 5:16 \f* কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
\p
\v 13 তোমালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰা স্থাপিত সকলো ৰীতিৰ বশীভূত হোৱা; \f + \ft মথি 22:21; ৰো 13:1-7 \f* যেনেদৰে ৰজা সকলোৰে ওপৰ,
\v 14 আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰা পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হোৱা।
\v 15 তোমালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰা, ঈশ্বৰৰ এই ইচ্ছা৷
\v 16 তোমালোকে স্বাধীন লোকৰ নিচিনা হয়; কিন্তু সেই স্বাধীনতাক \f + \ft গাল 5:13 \f* দুষ্টতাৰ ঢাকনি নকৰিবা, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰা।
\v 17 সকলোকে সমাদৰ কৰা৷ ভাই মাত্ৰকে প্ৰেম কৰা৷ ঈশ্বৰৰলৈ ভয় ৰাখা৷ ৰজাক সমাদৰ কৰা।
\p
\v 18 হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল মনৰ লোক সকলৰো বশীভূত হোৱা।
\v 19 কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়ে প্ৰশংসনীয়।
\v 20 কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।
\p
\v 21 কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গল।
\q1
\v 22 তেওঁ কোনো পাপ নকৰিলে; \f + \ft কৰি 5:21; ইব্ৰী 4:15; 1 যো 3:5 \f*
\q1 তেওঁৰ মুখত কোনো ছলনা পোৱা নগল;
\v 23 তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; \f + \ft মথি 27:12, 32-44 \f* দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
\p
\v 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, \f + \ft ৰো 6:11 \f* আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ \f + \ft কাঠৰ ক্ৰুচ \f* ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰা তোমালোক সুস্থ হলা৷
\v 25 তোমালোক সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিলা; কিন্তু এতিয়া তোমালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ তোমালোক উভতি আহিছা৷
\c 3
\p
\v 1 সেই দৰে হে ভাৰ্যাসকল, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; তেওঁলোকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰা,
\v 2 তোমালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰা বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হোৱা।
\p
\v 3 কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক।
\v 4 কিন্তু তোমালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা তোমালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
\p
\v 5 কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেওঁলোকেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেই দৰে নিজক বিভূষিত কৰিলে;
\v 6 সেই দৰে চাৰাই আব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া তোমালোকেও যদি উচিত কৰ্ম কৰা আৰু তোমালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে তোমালোক তেওঁৰ জীয়ৰী৷
\p
\v 7 সেই দৰে হে স্বামী সকল, তোমালোকে তোমালোকৰ স্ত্ৰীসকলৰ সৈতে কেনেদৰে চলিবা তালৈ চিন্তা কৰা। তেওঁলোক দুৰ্ব্বল আৰু, জীৱনময় অনুগ্ৰহৰ দান বুলি জানি, তেওঁলোকৰ প্ৰতি তোমালোকৰ আচৰণ সমাদৰৰ হওঁক। তোমালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেওঁলোকে সৈতে জ্ঞানেৰে সহবাস কৰিবা।
\p
\v 8 শেষত কওঁ, তোমালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হোৱা৷
\v 9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰিবা, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰা, কিয়নো ইয়াৰ বাবে তোমালোক আমন্ত্ৰিত, তোমালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ \f + \ft মথি 5:44; 1 কৰি 12, 13 \f* কিয়নো আশীৰ্বাদৰ অধিকাৰী হবৰ কাৰণে তোমালোক আমন্ত্ৰিত হলা।
\q1
\v 10 “কাৰণ, \f + \ft গীত 34:12-16 \f* যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেওঁ কুকথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ বন্ধ ৰাখক;
\q1
\v 11 কুপথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷
\q1
\v 12 প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেতসকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কুকৰ্মী, তেওঁলোকলৈ প্ৰভুৰ মুখ বিৰোধী৷”
\p
\v 13 যি ভাল, তালৈ যদি তোমালোকে ইচ্ছা কৰা, তেনেহলে তোমালোকক কোনে ক্ষতি কৰিব?
\v 14 কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি তোমালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ \f + \ft যিচ 8:12, 13 \f* আৰু ব্যাকুল নহবা৷
\p
\v 15 ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে তোমালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিবা; যি কোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিবা, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিবা৷
\v 16 যি সকলে খ্ৰীষ্টত থাকি কৰা তোমালোকৰ সদাচৰণৰ নিন্দা কৰে, তোমালোক যি বিষয়ত নিন্দিত হোৱা, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে তোমালোকে উত্তম বিবেক ৰাখিবা।
\v 17 কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা ভাল৷
\p
\v 18 খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হলে পুনৰ্জীৱিত হ’ল;
\v 19 সেই আত্মাৰে তেওঁ গল আৰু এতিয়া কাৰাগাৰত \f + \ft কাৰাগাৰত কয়দত \f* থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷
\v 20 সেই লোক বিলাক নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ গৰাকী আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷
\p
\v 21 সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে তোমালোকে ৰক্ষা পালা৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে তোমালোকে ৰক্ষা পালা৷
\v 22 তেওঁ স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁ স্থান লৈ দূতগনে সৈত্য, কৰ্ত্তৃত্য আৰু সকলো ক্ষমতাৰ ওপৰত শাসন চলাই আছে।
\c 4
\p
\v 1 এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, তোমালোকে নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰা৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
\v 2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
\p
\v 3 যিহেতু অনা-যিহূদীসকলে কৰি অহা, নৈতিকতাহীন, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
\v 4 তাতে তোমালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি তোমালোকক নিন্দা কৰে।
\v 5 কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধবিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
\v 6 কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
\p
\v 7 কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকা; \f + \ft লূক 21:34-36৷ \f*
\v 8 বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে অবিৰাম প্ৰেমৰ প্ৰতিপালন কৰা; কিয়নো প্ৰেমে আনৰ পাপসমূহ ঢাকে।
\v 9 আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথি পৰায়ণ হোৱা।
\p
\v 10 তোমালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালা, \f + \ft ৰো 12:6-8; 1 কৰি 12:6-13৷ \f* তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰ দৰে, তোমালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰা;
\v 11 যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰ দৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
\p
\v 12 হে প্ৰিয় লোক সকল, তোমালোকক পৰীক্ষা কৰিবৰ কাৰণে তোমালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, \f + \ft যিচ 48:10; জখ 13:9; 1 পি 1:6, 7৷ \f* এইবোৰত তোমালোকে বিস্মিত নহবা, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিবা৷
\v 13 কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে তোমালোকে আনন্দ কৰা, \f + \ft মথি 5:10-12; যাক 1:2৷ \f* ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত তোমালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিবা।
\v 14 তোমালোক ধন্য, যদি তোমালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হোৱা; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা তোমালোকৰ ওপৰত স্থিৰ হৈ আছে।
\p
\v 15 কিন্তু তোমালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰা;
\v 16 যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
\p
\v 17 কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধবিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হব?
\v 18 আৰু যদি
\q1 ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়,
\q1 তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে কত মুখ দেখুৱাব?
\v 19 এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।
\c 5
\p
\v 1 মই তোমালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হবলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷ \f + \ft ৰো 8:17-19৷ \f*
\v 2 গতিকে, মই তোমালোকক দৃঢ় আহ্বান কৰো, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক তোমালোকে যত্ন লোৱা৷ তেওঁলোকক প্ৰতিপালন কৰা, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰা, অসৎ লাভৰ বাবেও নহয়৷
\v 3 যি সকল লোকৰ ওপৰত তোমালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিবা; কিন্তু জাকৰ আর্হি হৈ \f + \ft তী 4:12৷ \f* তেওঁলোকৰ তত্বাৱধান কৰক;
\v 4 যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া তোমালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি \f + \ft তী 4:8; প্ৰ 2:10৷ \f* পাবা।
\p
\v 5 সেইদৰে হে ডেকা লোকসকল, তোমালোক পৰিচাৰকস কলৰ বশীভূত হোৱা; তোমালোক সকলোৱে ইজনে সিজনৰ প্ৰতি অতি নম্ৰ হোৱা উচিত যিহেতু,
\q1 ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ
\q1 দান কৰে। \f + \ft যাক 4:6৷ \f*
\p
\v 6 সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰা, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে তোমালোকক উন্নত কৰিব৷
\v 7 তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; \f + \ft গীত 55:22; মথি 6:25-34৷ \f* কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
\p
\v 8 সচেতন হোৱা, পৰ দি থাকা। তোমালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। \f + \ft ইয় 1:7; প্ৰ 12:12 \f*
\v 9 তাৰ বিৰুদ্ধে থিয় হোৱা৷ তোমালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখা৷ এইটো জানিবা যে, গোটেই জগতত থকা তোমালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
\p
\v 10 তোমালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে তোমালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
\v 11 তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন।
\p
\v 12 মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰো আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ তোমালোকলৈ লিখিলো৷ তোমালোকক প্ৰবোধ দিলো আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলো৷ মই তোমালোকক দৃঢ় আহ্বান কৰো আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলো৷ ইয়াতে তোমালোক দৃঢ় হৈ থাকা৷
\v 13 তোমালোকৰ সৈতে মনোনীত হোৱা বাবিল দেশত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে তোমালোকক মঙ্গলবাদ জনাইছে।
\v 14 প্ৰেমৰ চুমাৰে তোমালোকে পৰস্পৰক মঙ্গলবাদ দিয়া। খ্ৰীষ্টত যি সকল আছে, তোমালোক সকলোৰে শান্তি হওক।