as_ulb/60-JAS.usfm

163 lines
36 KiB
Plaintext

\id JAS
\ide UTF-8
\h যাকোবৰ পত্ৰ
\toc1 যাকোবৰ পত্ৰ
\toc2 যাকোবৰ পত্ৰ
\toc3 jas
\mt1 যাকোবৰ পত্ৰ
\c 1
\p
\v 1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰতি হৈ থকা বাৰ ফৈদৰ লোকসকলৰ ওচৰলৈ এই সম্ভাষণ।
\v 2 হে মোৰ ভাইসকল, তোমালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰা, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিবা; \f + \ft মথি 5:11, 12; 1 পি 4:13-16৷ \f*
\v 3 কিয়নো তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, \f + \ft ৰো 5:3-5৷ \f* সেই বিষয়ে তোমালোকে জানা।
\p
\v 4 এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে তোমালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হোৱা৷
\v 5 কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ \f + \ft বা প্ৰজ্ঞা \f* অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক \f + \ft মথি 21:22; মার্ক 11:24৷ \f* আৰু তাতে তোমালোকক দিয়া হব।
\p
\v 6 কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰা; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
\v 7 এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
\v 8 কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
\p
\v 9 যি ভাই আৰ্থিক ভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ \f + \ft নিজৰ ঈশ্বৰৰ পৰা পোৱা \f* উচ্চ পদৰ বাবে গৌৰৱ কৰক;
\v 10 যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব। \f + \ft যিচ 40:6-8৷ \f*
\v 11 কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই বিলিন হৈ যাব।
\p
\v 12 যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষাত সাফল্য হলে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি \f + \ft প্ৰ 2:10৷ \f* দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
\v 13 কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক, “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছো”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
\p
\v 14 কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
\v 15 তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হলে, তাৰ ফলাফল হয় মৃত্যু৷
\v 16 হে মোৰ প্ৰিয় ভাইসকল, তোমালোক ভ্ৰান্ত নহবা।
\p
\v 17 সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ \f + \ft ওপৰৰ স্বৰ্গ \f* পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ \f + \ft নক্ষত্ৰ, গ্ৰহ, অাদি৷ \f* সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
\v 18 ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে \f + \ft যো 1:13; 1 পি 1:23৷ \f* যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
\p
\v 19 হে মোৰ প্ৰিয় ভাইসকল, তোমালোকে এই কথা জানিবা যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত, কবলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
\v 20 কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
\v 21 এতেকে তোমালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ \f + \ft তী 3:15৷ \f* তাক নম্ৰ ভাবে গ্ৰহণ কৰা।
\p
\v 22 কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা। \f + \ft মথি 7:21-72৷ \f*
\v 23 কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহৈ, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
\v 24 কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
\v 25 যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি নাযায়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হব।
\p
\v 26 কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন \f + \ft পি 3:9-11৷ \f* নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্মকৰ্ম ব্যৰ্থ।
\v 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্ক ৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্মকৰ্ম।
\c 2
\p
\v 1 হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিবা।
\v 2 কিয়নো যদি তোমালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে,
\v 3 তেতিয়া তোমালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কোৱা, “তুমি ইয়াতে স্বচ্ছন্দে বহা” আৰু সেই দৰিদ্ৰজনক যদি কোৱা, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি পীৰাৰ তলতে বহ”;
\v 4 তেনেহলে তোমালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কুবিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহলা নে?
\p
\v 5 হে মোৰ প্ৰিয় ভাইসকল শুনা, সংসাৰত যি সকল দৰিদ্ৰ \f + \ft বা আৰ্থিকভাবে দৰিদ্ৰ \f* , ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ তোমালোকক মনোনীত কৰা নাই নে?
\v 6 কিন্তু তোমালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলা! ধনৱন্ত লোকে তোমালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে তোমালোকক সোধ বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
\v 7 আৰু যি নামেৰে তোমালোক নিমন্ত্ৰীত হৈছা, সেই উত্তম নামক \f + \ft ইফি. 1:21 \f* তেওঁলোকে নিন্দা নকৰে নে?
\p
\v 8 যদিহে বিধানশাস্ত্ৰ \f + \ft বা পুস্তক সমূহ \f* ত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, \f + \ft লে 19:18; মথি 22:39৷ \f* এই ৰাজকীয় বিধান যদি তোমালোকে সিদ্ধ কৰা, তেনেহলে তোমালোকে ভাল কৰিছা;
\v 9 কিন্তু যদি পক্ষপাত কৰা, তেনেহলে পাপ কৰিছা, আৰু আজ্ঞা লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছা।
\p
\v 10 কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ’ল৷ \f + \ft দ্ৱি বি 27:26; গাল 3:10৷ \f*
\v 11 কিয়নো যিজন ঈশ্ৱৰ হয়, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, \f + \ft যা 20:13, 14৷ \f* সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰবধ নকৰিবা৷” এই হেতুকে তোমালোকে ব্যভিচাৰ নকৰিও যদি নৰবধ কৰা, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হলা।
\p
\v 12 যি সকল লোকৰ সোধবিচাৰ হব, সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হব; তোমালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
\v 13 কিয়নো যিজনে দয়া নকৰে, সোধবিচাৰো তেওঁলৈ দয়াহীন হয়৷ দয়াই বিচাৰত জয়ী হৈ গৌৰৱ কৰে!
\p
\v 14 হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?
\v 15 কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
\v 16 তোমালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু তোমালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়া, তেনেহলে কি লাভ?
\v 17 ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
\p
\v 18 তথাপি কোনোবাই কব পাৰে, “তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎ কৰ্ম আছে।” বাৰু, তেনেহলে বিনাকৰ্মৰে তোমাৰ বিশ্বাস মোক দেখুৱা আৰু মই মোৰ কৰ্মৰ দ্বাৰাই তোমাক মোৰ বিশ্বাস দেখুৱাম।
\v 19 ঈশ্বৰ এজন বুলি তুমি বিশ্বাস কৰিছা, ভাল কৰিছা; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
\v 20 কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক তুমি জানিবলৈ ইচ্ছা কৰা নে?
\p
\v 21 আমাৰ পিতৃ আব্ৰাহামে যজ্ঞবেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে? \f + \ft গাল 5:6৷ \f*
\v 22 এইদৰে চালে দেখিবা যে, বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল।
\v 23 এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, \f + \ft ইব্ৰী 11:17-19৷ \f* য’ত কোৱা আছে, “আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল। \f + \ft আ 15:6৷ \f*
\v 24 তোমালোকে দেখিছা যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়।
\p
\v 25 সেইদৰে ৰাহাব বেশ্যায়ো \f + \ft ব 20:7; যিচ 41:8৷ \f* কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
\v 26 কিয়নো যেনেকৈ আত্মাবিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।
\c 3
\p
\v 1 হে মোৰ ভাইসকল, তোমালোকৰ মাজত অনেক লোকে শিক্ষক হবলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ তোমালোকে জানা যে আমাৰ \f + \ft শিক্ষক সকলৰ \f* দৃঢ়ৰূপে অধিক সোধবিচাৰ হব।
\v 2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰো। কোনো এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
\p
\v 3 ঘোঁৰাবোৰ আমাৰ বশীভূত হবলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰো।
\v 4 লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হলেও, সেইবোৰক অতি সৰু গুৰি ব’ঠাৰে, গুৰিয়ালৰ ইচ্ছা অনুসাৰে নিয়ন্ত্ৰণ কৰা হয়।
\p
\v 5 সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহাদৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
\v 6 সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
\p
\v 7 কিয়নো পশু, পক্ষী, উৰগ আৰু জীৱ জন্তু আদি কৰি সকলোৰে স্বভাৱ মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰি আৰু বশ কৰি অহা হৈছে;
\v 8 কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
\p
\v 9 তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰো; আৰু তাৰেই ঈশ্বৰৰ সাদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
\v 10 একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাইসকল, এনে হোৱা উচিত নহয়।
\p
\v 11 একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলায় নে?
\v 12 হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? \f + \ft মথি 7:16৷ \f* তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
\p
\v 13 তোমালোকৰ মাজত জ্ঞান আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱা।
\v 14 কিন্তু তোমালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ \f + \ft বা স্বাৰ্থপৰ আকাংক্ষা \f* থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিবা আৰু মিছাকৈয়ো নকবা।
\p
\v 15 এনে জ্ঞান ওপৰৰ \f + \ft ওপৰৰ স্বৰ্গ \f* পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
\v 16 কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ \f + \ft বা স্বাৰ্থপৰ আকাংক্ষা \f* থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
\v 17 কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে \f + \ft গাল 5:22, 23৷ \f* পৰিপূৰ্ণ, নিঃসংশয় \f + \ft নিঃসংশয় পক্ষপাতহীন \f* আৰু নিৰ্মল। \f + \ft নিৰ্মল অকপট \f*
\v 18 যি সকল লোক মিলনকাৰী \f + \ft মিলনকাৰী শান্তি স্থাপনকাৰী \f* , \f + \ft যি সকলে শান্তিৰ বীজ ৰোপন কৰে৷ \f* তেওঁলোকৰ দ্বাৰাই ৰোপন \f + \ft ৰোপন স্থাপন \f* কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
\c 4
\p
\v 1 তোমালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো কৰ পৰা হয়? তোমালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
\v 2 তোমালোকৰ যি নাই, তাকে পাব বিচাৰা কিন্তু নোপোৱা৷ তেতিয়া তোমালোকে বধ কৰা আৰু হিংসা কৰা, কিন্তু তেতিয়াও তোমালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে তোমালোকে কাজিয়া কৰা, মাৰপিট কৰা৷ তোমালোকে যি বিচাৰা, সেয়া নোপোৱা, কাৰণ তোমালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰা৷
\v 3 তোমালোকে বিচাৰা, আৰু বিচাৰিলেও নোপোৱা, কাৰণ তোমালোকে অসৎ উদ্দেশ্যেৰে বিচাৰা৷ তোমালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰা৷
\p
\v 4 হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা \f + \ft যো 2:15, 16 \f* , ইয়াক তোমালোকে নাজানা নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
\v 5 অথবা শাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি তোমালোকে ভাবিছা নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
\p
\v 6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয় \f + \ft গীত 138:6; 1 পি 5:5 \f* , “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
\v 7 এতেকে তোমালোক ঈশ্বৰৰ বশীভুত হোৱা আৰু চয়তানক \f + \ft পি 5:8, 9 \f* প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।
\p
\v 8 ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতাসকল, তোমালোকৰ হাত পৰিষ্কাৰ কৰা আৰু হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুচি কৰা।
\v 9 বিলাপ, শোক আৰু ক্ৰন্দন কৰা; তোমালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
\v 10 প্ৰভুৰ দৃষ্টিত তোমালোকে নিজকে নত কৰা, তাতে তেওঁ তোমালোকক উন্নত কৰিব।
\p
\v 11 হে ভাইসকল, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা; \f + \ft ইফি 4:31, 32 \f* যি জনে ভাইৰ \f + \ft মথি 5:22 \f* বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধবিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধবিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
\v 12 বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধবিচাৰ কৰা যি তুমি, তুমি নো কোন? \f + \ft মথি 7:1-5; ৰো 14:10 \f*
\p
\v 13 শুনা, তোমালোকে কোৱা যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
\v 14 কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে তোমালোকে নাজানা আৰু তোমালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, তোমালোক সেই ভাপ স্বৰূপ৷
\p
\v 15 তাৰ সলনি বৰং এইদৰে তোমালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
\v 16 কিন্তু এতিয়া তোমালোকে নিজৰ নিজৰ পৰিকল্পনাত অহঙ্কাৰ কৰি আছা; এনে অহঙ্কাৰ অতি মন্দ।
\v 17 এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।
\c 5
\p
\v 1 এতেকে চোৱা, হে ধনৱন্ত লোক, তোমালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰা। \f + \ft লূক 6:24, হিতো. 11:28, আমো. 6:1 \f*
\v 2 তোমালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; তোমালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
\v 3 তোমালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ তোমালোকৰ মঙহ খাব। তোমালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলা।
\p
\v 4 চোৱা, তোমালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ তোমালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলা, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাৱনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
\v 5 তোমালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলা; হত্যাৰ দিনত তোমালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলা।
\v 6 যিজনে তোমালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক তোমালোকে দোষী কৰি বধ কৰিলা।
\p
\v 7 এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকা। চোৱা, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায়, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
\v 8 তেনেদৰে তোমালোকেও ধৈৰ্য ধৰা, নিজ নিজ হৃদয় থিৰে ৰাখা; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি। \f + \ft মথি 24:33; ফিলি 4:5 \f*
\p
\v 9 হে ভাইসকল, তোমালোকৰ যাতে সোধবিচাৰ নহব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিবা। চোৱা, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
\v 10 হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গল, তেখেত সকলক \f + \ft মথি. 5:12, 23:34, পাঁ. 7:52, ইব্ৰী 11:32-38 \f* ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিবা।
\v 11 চোৱা, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে তোমালোকে শুনিছা \f + \ft ইয় 1:21; 2:10 \f* আৰু প্ৰভুৰ কাৰ্যৰো শেষ \f + \ft ইয় 42:10-17 \f* দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
\p
\v 12 কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ তোমালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰে শপত নাখাবা; কিন্তু তোমালোকে যেন সোধবিচাৰত নপৰা এই কাৰণে তোমালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
\p
\v 13 তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
\v 14 কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
\v 15 তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
\p
\v 16 এতেকে তোমালোক সুস্থ হবৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহাশক্তি বিশিষ্ট।
\v 17 এলিয়া \f + \ft ৰাজা 17:1; 18:42-45 \f* আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহবলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহল।
\v 18 পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
\p
\v 19 হে মোৰ ভাইসকল, তোমালোকৰ মাজৰ কোনো জন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
\v 20 তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হব৷ \f + \ft হিতো 10:12; 1 পি 4:8 \f*