as_ulb/51-PHP.usfm

166 lines
33 KiB
Plaintext

\id PHP
\ide UTF-8
\h ফিলিপীয়া পত্ৰ
\toc1 ফিলিপীয়া পত্ৰ
\toc2 ফিলিপীয়া সকলৰ প্ৰতি পত্ৰ
\toc3 php
\mt1 ফিলিপীয়া পত্ৰ
\c 1
\p
\v 1 খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে, তেওঁলোকৰ সৈত তেওঁলোকৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।
\v 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\p
\v 3 তোমালোক যেতিয়াই মোৰ মনলৈ আহা, তেতিয়াই মই, মোৰ ঈশ্ৱৰৰ ধন্যবাদ কৰোঁ৷
\v 4 প্ৰতিবাৰে মই তোমালোকৰ বাবে আনন্দৰে নিবেদন কৰো৷
\v 5 প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত তোমালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷
\v 6 মোৰ দৃঢ় বিশ্বাস যে জনে তোমালোকৰ অন্তৰত উত্তম কৰ্ম আৰম্ভ কৰিলে, তেৱেই তাক যীচু খ্ৰীষ্টৰ পুনৰাগমণৰ দিনলৈকে সিদ্ধ কৰিব। \f + \ft কৰি 1:8; 2 পি 3:10 \f*
\p
\v 7 তোমালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ তোমালোক মোৰ হৃদয়ত আছা, মই বন্দী অৱস্হাত থাকোতেও আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাতেও, যি অনুগ্ৰহ পালোঁ, তাৰে তোমালোকো সহভাগী হৈছে।
\v 8 কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই তোমালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।
\p
\v 9 আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে তোমালোকে প্ৰেমত ওপচি পৰা, সেইদৰে জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰা৷
\v 10 যাতে তোমালোকে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰা আৰু এইদৰে খ্ৰীষ্টৰ দিন নহালাকে নিজকে নিৰ্দোষী আৰু নিৰ্ঘূণী ৰাখা৷
\v 11 নিবেদন কৰোঁ, তোমালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হোৱা। \f + \ft মথি 5:16; যো 15:8 \f*
\p
\v 12 এতিয়া হে ভাই সকল, তোমালোকে এই কথা জানি লোৱাটো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল।
\v 13 কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷
\v 14 আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছো, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয় ৰূপে ক’বলৈ অধিক সাহস কৰিছো।
\p
\v 15 কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷
\v 16 এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ।
\v 17 কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশাৰেহে তাকে কৰে।
\p
\v 18 তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।
\v 19 কিয়নো মই জানো যে, তোমালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷
\p
\v 20 এয়ে মোৰ আকাংক্ষা আৰু আশা যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব। \f + \ft ৰো 14:7-9 \f*
\v 21 কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।
\p
\v 22 কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷
\v 23 কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম! \f + \ft কৰি 5:8; 2 তীম 4:6-8 \f*
\v 24 কিন্তু এতিয়া তোমালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।
\p
\v 25 আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি তেমালোকৰ লগত থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে তোমালোক সকলোৰে লগত থাকিবলৈ পাম৷
\v 26 মোৰ উপস্থিতিয়ে যাতে তোমালোকৰ আনন্দ খ্ৰীষ্ট যীচুত উপচি পৰে৷
\v 27 তোমালোকে নিশ্চিত ভাবে এনে জীৱন-যাপন কৰা যি জীৱন-যাপনৰ খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ সৈতে সংঙ্গতি থাকে, যতে মই তোমালোকৰ মাজলৈ আহিলেও বা নাহিলেও যেন তোমালোকৰ বিষয়ে ভাল খবৰ শুনিবলৈ পাঁও। শুভবাৰ্তাৰ যোগেদি যি বিশ্বাস তোমালোকলৈ আহিছে সেই বিশ্বৰ পক্ষে তোমালোকে একেটা উদ্দেশেৰে প্ৰাণপন কৰি সকলোৱে একেলগে বলিষ্ঠ অন্তৰেৰে যে কাম কৰি আছা সেই বিষয়ে যেন মই শুনিবলৈ পাওঁ।
\p
\v 28 তোমালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’বা; সেয়ে তেওঁলোকৰ অৰ্থে বিনাশ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়।
\v 29 কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো, তোমালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল \f + \ft মথি 5:11, 12; পাঁ 4:41 \f* ,
\v 30 যিহেতু তোমালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলা, আৰু এতিয়াও কৰি থকা শুনিছা, সেইদৰে তোমালোকেও যুদ্ধ কৰা৷
\c 2
\p
\v 1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
\v 2 তেনেহলে তোমালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰা৷
\p
\v 3 তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ আনক উত্তম বুলি মান্য কৰা৷
\v 4 প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু আনৰ বিষয়ে ভাবক। \f + \ft কৰি 10:24, 33 \f*
\p
\v 5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে তোমালোকৰো হওক \f + \ft মথি 11:29; যো 13:15; 1 পি 2:21 \f* ,
\q1
\v 6 যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ \f + \ft কল 1:15; ইব্ৰী 1:3 \f*
\q2 তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
\q1
\v 7 বৰং নিজকে শূণ্য কৰিলে৷
\q2 আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷
\q2 তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷
\q1 আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
\q2
\v 8 তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে,
\q2 এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল। \f + \ft মথি 26:39; ইব্ৰী 5:8; 12:2 \f*
\p
\v 9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে,
\q2 আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম \f + \ft ইব্ৰী 1:4 \f* তেওঁক দান কৰিলে,
\p
\v 10 যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে \f + \ft প্ৰ 5:13 \f* যীচুৰ নামত আঁঠু লয় \f + \ft যিচ 45:23 \f* ৷
\p
\v 11 আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
\p
\v 12 তোমালোক যেনেকৈ সদায় আজ্ঞাধীন আছিলা, মোৰ সাক্ষাতেও যি ৰূপে আজ্ঞাধীন আছিলা কেৱল সেই ৰূপে আজ্ঞাধীন নহৈ বৰং মোৰ অনুপস্থিততো সেইদৰে অধীক আজ্ঞাধীন হৈ ভয় আৰু কম্পমানেৰে সম্পন্ন কৰা। \f + \ft পি 1:5-11 \f*
\v 13 কাৰণ ঈশ্বৰ, নিজৰ হিত-সঙ্কল্পৰ কাৰণে তোমালোকৰ অন্তৰত কাম কৰোঁতা আৰু তেওঁৰ সৎ- ইচ্ছাৰে কাৰ্য সাধন কৰোঁতা ।
\p
\v 14 বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰা;
\v 15 যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান \f + \ft মথি 5:45; ইফি 5:1, 2; 1 যো 3:1-3 \f* হ’বৰ কাৰণে, তোমালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হোৱা আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেওঁলোকৰ মাজত তোমালোক দীপ্তি স্বৰূপ হোৱা৷
\v 16 জীৱনময় বাক্য ধাৰণ কৰা, এয়ে খ্ৰীষ্টৰ আগমনৰ দিনত মোৰ বাবে গৌৰৱৰ কাৰণ হ’ব; কিয়নো মই বৃথাতে দৌৰ মৰা নাই আৰু বৃথাতে পৰিশ্ৰমো কৰা নাই।
\p
\v 17 কিন্তু তোমালোকৰ বিশ্বাস ৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে বাকী দিয়া হওঁ, তথাপি মই তোমালোকৰ সকলোৰে সৈতে আনন্দ কৰোঁ।
\v 18 এই বিষয়ে তোমালোকও আনন্দ কৰা আৰু মোৰে সৈতে প্ৰফুল্লিত হোৱা৷
\p
\v 19 মই প্ৰভু যীচুত আশা ৰাখিছো যেতিয়া তোমালোকৰ বিষয়ে জানিবলৈ তালৈ মই তীমথিয়ক পঠাম তেতিয়া তোমালোকৰ বাৰ্ত্তা শুনি সন্তুষ্ট হ’ম।
\v 20 কিয়নো তোমালোকৰ বিষয়ে হিত চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক কোনো মোৰ লগত নাই।
\v 21 কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
\p
\v 22 কিন্তু তোমালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানা, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱা কৰি আহিছে৷
\v 23 এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷
\v 24 কিন্তু মই নিজেও সোনকালে তোমালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস ৰাখিছো।
\p
\v 25 মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা তোমালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেওঁক তোমালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷
\v 26 কিয়নো তেওঁ নৰিয়াত পৰা বাৰ্তা তোমালোকে শুনিলা, তেওঁ তোমালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছে আৰু তেওঁ বৰ উদিগ্ন হৈ আছে।
\v 27 তেওঁ নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
\p
\v 28 এতেকে তোমালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হোৱা আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেওঁক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷
\v 29 সম্পূৰ্ণ আনন্দেৰে তোমালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিবা আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিবা,
\v 30 কিয়নো মোৰ সেৱা শুশ্ৰূষাত তোমালোকৰ যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেওঁ প্ৰাণ-পণে যত্ন কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।
\c 3
\p
\v 1 শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰা। এই একে কথাকে তোমালোকলৈ বাৰা বাৰে লিখিবলৈ মোৰ কোনো দ্ধিধা-বোধ হোৱা নাই আৰু এই আনন্দই তোমালোকক নিৰাপদে ৰাখিব৷
\p
\v 2 সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হোৱা আৰু যি বিলাকে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতৰ পৰাও সাৱধানে থাকা। \f + \ft গাল 5:1-12৷ \f*
\v 3 কিয়নো আমিহে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
\p
\v 4 তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ।
\v 5 মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
\p
\v 6 মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী \f + \ft পাঁ 22:3, 4; গাল 1:13, 14৷ \f* আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
\v 7 কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো।
\p
\v 8 মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
\v 9 আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
\v 10 এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত \f + \ft পি 4:13৷ \f* মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
\v 11 যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
\v 12 এই সকলো মই এতিয়াই পালো নতুবা এতিয়াই সিদ্ধ হলো এনে নহয়; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিমন্ত্ৰণ কৰা হ’ল, মই যেন তাক কোনো প্ৰকাৰে ধৰিব পাৰোঁ, তালৈ খেদি গৈ আছোঁ।
\v 13 হে ভাই সকল, মই যে এতিয়াই ধৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে হোৱা নাই; কিন্তু এটা কথা:
\v 14 পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰি খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইলৈ লৰি গৈ আছোঁ। \f + \ft কৰি 9:24; 2 তী 4:7, 8; ইব্ৰী 12:1৷ \f*
\p
\v 15 এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবোহঁক আৰু যদি কোনো বিষয়ত তোমালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে তোমালোকলৈ প্ৰকাশ কৰিব।
\v 16 কেৱল আমি যি পথৰে চলি এইখিনি পালোহি তাতেই চলি থকোহঁক।
\p
\v 17 হে ভাই সকল, তোমালোকেও মোৰ অনুকাৰী হোৱা আৰু তোমালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেওঁলোকক অনুসৰণ কৰা।
\v 18 মই তোমালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো টুকিয়েই কওঁ, তোমালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছা;
\v 19 তেওঁলোকৰ শেষ গতি সৰ্ব্বনাশ, পেটেই তেওঁলোকৰ ঈশ্বৰ, নিজ নিজ লাজত তেওঁলোকৰ গৌৰৱ আছে, তেওঁলোকে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
\p
\v 20 কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ; \f + \ft কৰি 1:7; ইব্ৰী 9:28৷ \f*
\v 21 তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব। \f + \ft কৰি 15:40-53৷ \f*
\c 4
\p
\v 1 এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, তোমালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত তোমালোকে স্থিৰে থাকা৷
\p
\v 2 মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।
\v 3 প্ৰকৃততে, মই তোমালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, তোমালোকে সেই ভনী দুজনীক সহায় কৰা; কিয়নো তেওঁলোকেই ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷ \f + \ft প্ৰ 3:5; 13:8;20:12; 21:27৷ \f*
\p
\v 4 তোমালোকে প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।
\v 5 তোমালোকেৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ হৈছে।
\v 6 তোমালোকে একোলৈ চিন্তা নকৰিবা, \f + \ft মথি 6:25; 1 পি 5:7৷ \f* কিন্তু সকলো বিষয়তে তোমালোকেৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
\v 7 তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত তোমালোকেৰ হৃদয় আৰু মতিক পহৰা দিব।
\p
\v 8 শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় চৰ্চা কৰা।
\v 9 তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা আৰু মোক যেনে দেখিলা, তেনেদৰে সকলোৱে আচৰণ কৰা; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ তোমালোকেৰ লগত থাকিব।
\p
\v 10 মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে তোমালোকৰ চিন্তা শেষত নবীকৰণ হ’ল৷ যদিও তোমালোকে আগতে চিন্তা কৰিছিলা, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।
\v 11 নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। \f + \ft তী 6:6-8; ইব্ৰী 13:5৷ \f*
\v 12 মই অভাৱত থাকিবলৈ শিকিলো আৰু উপচি পৰা সময়তো থাকিবলৈ শিকিলো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিকিলোঁ।
\v 13 মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। \f + \ft যো 15:5; 2 কৰি 12:9৷ \f*
\p
\v 14 তথাপি তোমালোকে যে, মোৰ ক্লেশত সহভাগী হ’লা, সেই বিষয়ে বৰ ভাল কৰিলা।
\v 15 হে ফিলিপীয়া সকল, তোমালোকে নিজেও জানা যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল তোমালোকেইহে হৈছিলা;
\v 16 এনে কি, মই থিচলনীকীত থাকোঁতেও, তোমালোকে বাৰে বাৰে মোৰ প্ৰয়োজনীয় সহায় আগ বঢ়াইছিলা।
\v 17 মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু তোমালোকেৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
\p
\v 18 সকলো বিষয়তে মই প্ৰয়োজনতকৈ অধিক পাইছো৷ মই উভৈ-নদিকৈ পইছো। মই ইপাফ্ৰদীতৰ দ্ৱাৰাই তোমালোকেৰ পৰাও উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ \f + \ft আ 8:11; ইফি 5:2৷ \f* আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷ \f + \ft ইব্ৰী 13:16; 1 পি 2:5৷ \f*
\v 19 আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
\v 20 এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
\p
\v 21 খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিবা। মোৰ লগৰ ভাই সকলে তোমালোকেক মঙ্গলবাদ কৰিছে।
\v 22 সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে তোমালোকক মঙ্গলবাদ কৰিছে।
\p
\v 23 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক।