as_ulb/47-1CO.usfm

615 lines
138 KiB
Plaintext

\id 1CO
\ide UTF-8
\h ১ম কৰিন্থীয়া
\toc1 ১ম কৰিন্থীয়া
\toc2 ১ম কৰিন্থীয়া
\toc3 1co
\mt1 ১ম কৰিন্থীয়া
\c 1
\p
\v 1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
\v 2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।
\v 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\p
\v 4 খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ তোমালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।
\v 5 তোমালোক খ্রীষ্ট যীচুত সকলো বিষয়ত আশীৰ্ব্বাদ প্ৰাপ্ত হৈছা আৰু সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছা।
\v 6 এইদৰেই তোমালোকৰ জীৱনত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈছা।
\v 7 সেই কাৰণে তোমালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ তোমালোকে আগ্রহেৰে অপেক্ষা কৰি আছা।
\v 8 তেওঁ তোমালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত তোমালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিবা।
\v 9 ঈশ্বৰ বিশ্বাসী; তেৱেঁই তোমালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
\p
\v 10 কিন্তু হে মোৰ প্রিয় ভাই আৰু ভনীসকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই তোমালোকক বিনয় কৰো যে, তোমালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; তোমালোকৰ মাজত কোনো বিভেদ নাথাকক। তোমালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
\v 11 মোৰ প্ৰিয় ভাই-ভনীসকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, তোমালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।
\v 12 এতিয়া মই এই কথা কবলৈ বিচাৰিছো যে, তোমালোক প্রতিজনে কোৱা “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” \f + \ft কৈফা: পিতৰৰ আন এটি নাম। \f* বা “মই খ্রীষ্টৰ দলৰ।”
\v 13 তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো তোমালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? তোমালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিলা?
\v 14 মই ঈশ্বৰৰ ধন্যবাদ কৰো যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে তোমালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই।
\v 15 গতিকে কোনেও কব নোৱাৰিব যে, তোমালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছা।
\v 16 অৱশ্যে হয়, স্তিফানৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছো। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছো বুলি মোৰ মনত নপৰে।
\v 17 কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।
\p
\v 18 বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
\v 19 কাৰণ এইদৰে লিখা আছে:
\q1 “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম;
\q1 মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম” \f + \ft যিচয়া 29:14 \f*
\p
\v 20 কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
\v 21 সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জানিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।
\v 22 যিহূদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে।
\v 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰো। যিহূদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতা স্বৰূপ।
\v 24 কিন্তু যিহূদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু প্ৰজ্ঞা স্বৰূপে প্রচাৰ কৰো।
\v 25 কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ প্ৰজ্ঞাতকৈ অধিক প্ৰজ্ঞাসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
\p
\v 26 হে ভাই-ভনীসকল, ঈশ্বৰে যে তোমালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাবি চোৱা। মানুহৰ বিচাৰত তোমালোক বহুতেই জ্ঞানী নাছিলা, ক্ষমতাসম্পন্ন ব্যক্তিও নাছিলা, নাইবা অনেকে যে অভিজাত বংশত জন্মিছিলা, তেনেও নহয়।
\v 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূৰ্খ লোকক \f + \ft পদ 1:18 \f* মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
\v 28 জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।
\p
\v 29 ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
\v 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই তোমালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হলা। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
\v 31 সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।” \f + \ft যিৰিমিয়া 9:24 \f*
\c 2
\p
\v 1 হে প্রিয় ভাই আৰু ভনীসকল, যেতিয়া মই তোমালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলো, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলো।
\v 2 কিয়নো মই সিদ্ধান্ত লৈছিলো যে, তোমালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
\p
\v 3 মই তোমালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলো।
\v 4 তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ \f + \ft পবিত্ৰ আত্মাৰ \f* শক্তিৰ প্রমাণ আছিল,
\v 5 সেয়েহে তোমালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
\p
\v 6 তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয়, নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়;
\v 7 কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল।
\v 8 এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন;
\v 9 কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে,
\q1 ‘চকুৱে যি যি নেদেখিলে,
\q1 কাণে যি যি নুশুনিলে,
\q1 মনেও যি নাভাবিলে,
\q1 সেই ঈশ্বৰক প্ৰেম কৰা সকলোৰ বাবে
\q1 সেই সকলো তেওঁ যুগুত কৰিলে’, \f + \ft যিচয়া 64:4 \f*
\p
\v 10 কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
\v 11 কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
\v 12 আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালো, যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
\v 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
\v 14 কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিক ৰূপেহে বিচাৰ কৰা হয়।
\v 15 কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়।
\p
\v 16 “কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” \f + \ft যিচয়া 40:13 \f* কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।
\c 3
\p
\v 1 প্রিয় ভাই আৰু ভনীসকল, মই আত্মিক লোকক কোৱাৰ দৰে তোমালোকক কব পৰা নাই, বৰং খ্রীষ্টত তোমালোক শিশু হোৱাত, তোমালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে কলো।
\v 2 মই তোমালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলো; কিয়নো তেতিয়া তোমালোকে খাব নোৱাৰিছিলা; এনে কি, এতিয়াও নোৱাৰা;
\v 3 কাৰণ তোমালোক এতিয়াও মাংসিক হৈ আছা। কিয়নো তোমালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত তোমালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰা নে?
\v 4 কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত তোমালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?
\p
\v 5 তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি তোমালোক বিশ্বাসী হলা। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
\v 6 মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
\v 7 এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো।
\v 8 যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব।
\v 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। তোমালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহ স্বৰূপ।
\p
\v 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলো আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
\v 11 কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
\v 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে,
\v 13 তেনেহলে তেওঁৰ কর্ম প্রকাশিত হব; কিয়নো সেই দিনৰ \f + \ft সেইদিন: সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব। \f* পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
\p
\v 14 তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব।
\v 15 আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, কিন্তু অগ্নিৰ পৰা ৰক্ষা পোৱা মানুহ এজনৰ দৰে তেওঁ ৰক্ষা পাব।
\p
\v 16 তোমালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানে নে?
\v 17 কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু তোমালোকো তেনে পবিত্র।
\p
\v 18 কোনেও নিজকে নিজে নুভুলাওক। তোমালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হবলৈ মূৰ্খ হওক।
\v 19 কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতা স্বৰূপ। কিয়নো লিখা আছে,
\q1 ‘তেওঁ \f + \ft তেওঁ ঈশ্বৰে \f* জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’। \f + \ft ইয়োব 5:13 \f*
\q1
\v 20 শাস্ত্ৰে ইয়াকো কৈছে “সেই জ্ঞানী লোকৰ বাদ বিছচাৰ অসাৰ বুলি প্ৰভুৱে জানে। \f + \ft গীত 94:11 \f* ”
\p
\v 21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো তোমালোকৰেই;
\v 22 পৌল, আপল্লো বা কৈফাই \f + \ft কৈফা - পিতৰৰ আন নাম। \f* হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো তোমালোকৰ;
\v 23 তোমালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।
\c 4
\p
\v 1 লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ ভৰালী।
\v 2 কিন্তু ভৰালী জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
\v 3 মোৰ বিষয়ে তোমালোকৰ দ্বাৰা বা কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰো।
\v 4 কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নিৰ্দ্দোষী \f + \ft ইয়ো. 9:2, 15; গীত. 130:3 \f* বুলি প্ৰমাণিত; কাৰণ যি জনে মোৰ সোধবিচাৰ কৰে, তেওঁ প্রভু।
\p
\v 5 এতেকে তোমালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ, সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিবা। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
\p
\v 6 হে প্রিয় ভাই আৰু ভনীসকল, তোমালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা কলো যাতে তোমালোকে আমাৰ পৰা এই শিক্ষা পোৱা যে,
\q1 শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে। তোমালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে।
\v 7 কিয়নো তুমি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা তোমাৰ আছে? তুমি যেতিয়া দান হিচাপে পোৱা, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰা?
\p
\v 8 তোমালোকৰ যি প্রয়োজন, সেই সকলো পাই তোমালোক এতিয়া পূর্ণ হৈ আছা! এতিয়া তোমালোক ধনৱন্ত হৈছা! আমাক বাদ দিয়েই তোমালোকে ৰাজত্ব পাইছা! অৱশ্যে, তোমালোকে ৰাজত্ব পালে ভালেই হয়, সেয়ে হলে তোমালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰো।
\v 9 কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছো।
\v 10 আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছো, কিন্তু তোমালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছা। আমি দূৰ্বল, কিন্তু তোমালোক বলৱন্ত। তোমালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
\v 11 এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰ ভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
\v 12 আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছো। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছো; যেতিয়া তাড়না কৰে, আমি সহন কৰিছো;
\v 13 কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্ব ৰূপ হৈ আছো।
\p
\v 14 মই তোমালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছো, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছো।
\v 15 কিয়নো খ্ৰীষ্টত যদিও তোমালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই তোমালোকৰ পিতৃ স্বৰূপ হলো।
\v 16 এতেকে বিনয় কৰো, তোমালোক মোৰ অনুকাৰী হোৱা।
\p
\v 17 এই অভিপ্রায়েৰে মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়াইছো। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ তোমালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকো।
\v 18 মই তোমালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
\v 19 কিন্তু প্ৰভুৰ ইচ্ছা হলে, মই তোমালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
\v 20 কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
\v 21 তোমালোকৰ কি ইচ্ছা? মই লাঠি লৈ তোমালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম ?
\c 5
\p
\v 1 আমি শুনিছো যে, তোমালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-যিহূদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছো তোমালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
\v 2 তোমালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছা! ইয়াৰ পৰিৱর্তে তোমালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে, তেওঁক যেন তোমালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।
\p
\v 3 শৰীৰেৰে অনুপস্থিত থাকিলেও, আত্মাত মই তোমালোকৰ লগত আছো; যি ব্যক্তিয়ে এনে প্রকাৰৰ কার্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলো।
\v 4 তোমালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হোৱা, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলো।
\v 5 তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
\p
\v 6 তোমালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলায়, ইয়াক তোমালোকে নাজানে নে?
\v 7 নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলোৱা যাতে, তোমালোক সনা পিঠাগুড়িৰ নতুন লদা হব পাৰা; কাৰণ তোমালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰা। কাৰণ আমাৰ নিস্তাৰ পৰ্বৰ মেষ পোৱালি ৰূপে যি জনক বলিদান কৰা হ’ল, তেওঁ খ্রীষ্ট।
\v 8 এতেকে আহাঁ, আমি পুৰণি খমিৰৰ পিঠাৰে অর্থাৎ, পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে পৰ্ব পালন কৰোঁহক।
\p
\v 9 মই মোৰ পত্রত লিখিছিলো যে, তোমালোকে যেন ব্যভিচাৰী মানুহৰে \f + \ft খ্ৰীষ্টত বিশ্বাসী কৰিও যি সকলে ব্যভিচাৰ কৰে \f* সৈতে আলাপ-ব্যৱহাৰ নকৰা।
\v 10 কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হলে, তোমালোক জগতৰে বাহিৰ হব লগা হব।
\v 11 মই এতিয়া তোমালোকলৈ লিখিছো যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিবা।
\p
\v 12 কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি প্ৰয়োজন? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো তোমালোকে নকৰা?
\v 13 কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। তোমালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়া। \f + \ft দ্বি:বি: 22:21-24 \f*
\c 6
\p
\v 1 তোমালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নগৈ, অবিশ্বাসী বিচাৰকৰ অর্থাৎ, অধৰ্মি লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?
\v 2 তোমালোকে জানো নাজানা যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধবিচাৰ কৰিব? যেতিয়া তোমালোকেই জগতৰ বিচাৰ কৰিবা, তেনেহলে এতিয়া তোমালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰা?
\v 3 তোমালোকে নাজানা নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
\v 4 এতেকে তোমালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধবিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক তোমালোকে কিয় বিচাৰকৰ আসনত বহুৱা?
\v 5 তোমালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছো। তোমালোকৰ মাজত সঁচাকৈয়ে এনে জ্ঞানৱান লোক নাই নে, যি জনে ভাই, ভনীসকলৰ মাজত বিবাদ হলে, সেইবোৰৰ সোধবিচাৰ কৰি সমাধানৰ বাবে সিদ্ধান্ত লব পাৰে?
\v 6 কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ গৈ গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
\p
\v 7 তোমালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছা,। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰা কিয়? নিজৰ হানি হবলৈ কিয় নিদিয়া?
\v 8 কিন্তু তাৰ সলনি sতোমালোকে নিজেই অন্যায় কৰি আছা আৰু আন লোকক ঠগি আছা; তেওঁলোক তোমালোকৰ নিজৰেই ভাই-ভনী।
\p
\v 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহব, সেই বিষয়ে নাজানা নেকি? তোমালোক ভ্ৰান্ত নহবা; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, স্বমেহনp আদি অভ্যাসত লিপ্ত হয়,
\v 10 যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহব।
\v 11 তোমালোকো কোনো কোনো তেনেকুৱা লোক আছিলা; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হলা, পবিত্ৰীকৃত হলা, আৰু ধাৰ্মিক বুলি গণিত হলা।
\p
\v 12 “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ \f + \ft সকলো কৰিবলৈ মোৰ অধিকাৰ অৰ্থাৎ মোলৈ সকলো অবাধ \f* আছে, কিন্তু একোৰে মই দাস নহম।
\v 13 পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ্ত কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
\v 14 ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।
\v 15 তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক তোমালোকে নাজানা নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিবা নে? এনে নহওক।
\v 16 যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক তোমালোকে নাজানো নেকি? কিয়নো শাস্ত্রত কোৱা আছে, “তেওঁলোক দুয়ো এক দেহ হব”।
\v 17 কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
\v 18 ব্যভিচাৰৰ পৰা পলোৱা। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌন পাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
\p
\v 19 তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে তোমালোকৰ অন্তৰত থাকে, ইয়াক তোমালোকে নাজানা নে? তোমালোক এতিয়া নিজৰ নহয়।
\v 20 কিয়নো তোমালোকক মূল্য দি কিনা হৈছে; এই হেতুকে তোমালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰা।
\c 7
\p
\v 1 এতিয়া তোমালোকে মোলৈ যি বিষয়ে লিখিছিলা, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল \f + \ft অৰ্থাৎ কোনো মহিলাৰ সৈতে যৌন সম্পৰ্ক নৰখাই ভাল। \f* ;
\v 2 কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহবলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
\v 3 শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাব লগীয়া দিয়ক।
\v 4 ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
\v 5 তোমালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিবা; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰা; পাছত পুনৰ একেলগে মিলিত হবা, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে তোমালোকক পৰীক্ষাত নেপেলায়।
\v 6 মই এই সকলো কথা তোমালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছো, এনে নহয়; কিন্তু পৰামৰ্শ মাথোন দিছো।
\v 7 মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
\p
\v 8 অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল।
\v 9 কিন্তু ইন্দ্ৰিয় দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
\p
\v 10 এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।
\v 11 কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ স্বামীৰ সৈতে মিলন হওক; — আৰু স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক।
\p
\v 12 এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
\v 13 আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
\v 14 কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহলে, তোমালোকৰ সন্তানবোৰ অশুচি হলহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
\v 15 তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
\v 16 হে বিশ্বাসীনী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা?
\p
\v 17 প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছো।
\v 18 কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নে? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নে? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।
\v 19 চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
\v 20 ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
\v 21 যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নে? ইয়াক লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
\v 22 দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
\v 23 মূল্য দি তোমালোক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহবা।
\v 24 প্ৰিয় ভাই-ভনীসকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলো, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
\p
\v 25 যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছো।
\v 26 সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
\v 27 তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নে? তেনেহলে মুক্ত হবলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নে? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা।
\v 28 কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰায়, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা তোমালোকক ৰেহাই দিব বিচাৰোঁ।
\p
\v 29 কিন্তু, হে ভাই-ভনীসকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনে ভাবে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;
\v 30 যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনে ভাবে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনে ভাবে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনে ভাবে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।
\v 31 যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণ ভাবে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হব ধৰিছে।।
\p
\v 32 মই বিচাৰো, তোমালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰা। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাবে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব।
\v 33 কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাবে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব।
\v 34 তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাবে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
\v 35 মই তোমালোকৰ হিতৰ অর্থেই এই কথা কৈছো। তোমালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু তোমালোকে যেন শিষ্ট আচৰণ কৰা আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকা।
\p
\v 36 তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
\v 37 কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰী ভাবে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে।
\v 38 এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।
\p
\v 39 স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হলে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
\v 40 কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহলে আৰু অধিক সুখী হব। মই ভাবো যে মোতো ঈশ্বৰৰ আত্মা আছে।
\c 8
\p
\v 1 এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছো। আমি জানো যে আমাৰ সকলোৰে জ্ঞান আছে। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
\v 2 যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাবে, তেনেহলে তেওঁ যিৰূপে জনা উচিত, সেই ভাবে এতিয়াও নাজানে।
\v 3 কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেনেহলে ঈশ্বৰে তেওঁক জানে।
\p
\v 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে জগত খনত দেৱতা বুলি আচলতে একোৱে নাই আৰু এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই।
\v 5 কিয়নো স্বৰ্গতে হওক বা পৃথিৱীতে হওক, দেৱ-দেৱী বুলি কোৱা বহুতো দেৱতা আৰু বহুতো প্রভু থাকিলেও,
\v 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছো। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট আৰু আমিও জীয়াই আছো।
\p
\v 7 কিন্তু সকলোৰে এনে জ্ঞান নাই; কিয়নো কোনো লোকৰ পূৰ্বৰ মূৰ্তি পূজাৰ অভ্যাস এতিয়ালৈকে থকাত, তেওঁলোকে দেৱতালৈ উৎসর্গ কৰা খোৱা বস্তু এতিয়াও প্ৰসাদ বুলি খায়; তাতে তেওঁলোকৰ বিবেক দূৰ্বল হোৱাত, সেয়ে অশুচি হয়।
\v 8 খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণ যোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয়।
\p
\v 9 কিন্তু সাৱধান! যি সকল বিশ্বাসত দুর্বল, তোমালোকৰ এই স্বাধীনতা তেওঁলোকলৈ যেন উজুটি খুউৱা মূঢ়াস্বৰূপ নহয়।
\v 10 তোমাৰ জ্ঞান আছে; কিন্তু যি জনৰ বিবেক দুর্বল, তেওঁ যদি তোমাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেনেহলে তেওঁ জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহব?
\v 11 এই ভাবে তোমাৰ জ্ঞানৰ দ্বাৰা সেই দুর্বল বিবেকৰ ভাই বা ভনী, যাৰ কাৰণে খ্ৰীষ্ট মৰিল, তেওঁ বিনষ্ট হয়।
\v 12 তোমালোকে তোমালোকৰ ভাই-ভনী সকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেওঁলোকৰ দূৰ্বল বিবেকত আঘাত কৰিলে, তোমালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়।
\v 13 এতেকে খোৱা বস্তুৱে যদি মোৰ ভাই-ভনীৰ বাবে বিঘিনি স্বৰূপ হয়, তেনেহলে ভাই-ভনীৰ পাপৰ কাৰণ নহবলৈ মই পুনৰ কেতিয়াও মঙহ নাখাওঁ।
\c 9
\p
\v 1 মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল তোমালোকেই জানো নহয়?
\v 2 মই আনলোকলৈ পাঁচনি নহলেও, একমাত্ৰ তোমালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানা; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ তোমালোকেই৷
\p
\v 3 আমাৰ সোধবিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।
\v 4 আমাৰ জানো ভোজন আৰু পান কৰাৰ অধিকাৰ নাই?
\v 5 অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?
\v 6 বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নে?
\p
\v 7 কোন সৈনিকে নিজৰ খৰচত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে?
\v 8 মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছো? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
\p
\v 9 কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, “তোমালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা \f + \ft দ্বি: বি; 25:4 \f* ”, ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?
\v 10 নহয়, আমাৰ কথা ভাবিয়েই এই সকলো কথা কৈছে। শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে, কাৰণ যি জনে হাল বায়, তেওঁ শস্য পোৱাৰ আশা কৰিয়েই হাল বায়; আৰু যি জনে মৰণা মাৰে, তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷
\v 11 আমি তোমালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি তোমালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো কিবা অধিক পোৱা গল?
\p
\v 12 যদি তোমালোকৰ ওপৰত এই অধিকাৰ আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি তোমালোকৰ ওপৰত এই অধিকাৰ দাবী কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছো৷
\v 13 তোমালোকে জানা নে, যি সকলে \f + \ft লেবী6:16, 26;7:6; গণ5:9, 10;18:8-20; দ্বি বি18:1 \f* পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷
\v 14 এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হব।
\p
\v 15 কিন্তু মই তোমালোকৰ ক্ষেত্ৰত এই অধিকাৰ প্ৰয়োগ কৰা নাই, তোমালোকৰ পৰা তেনে ধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰো৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।
\v 16 কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰো; তেনেহলে এইয়া মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷
\p
\v 17 কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰো, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰো৷
\v 18 তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰো তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰো৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
\p
\v 19 যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলো, যেন তাৰে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰো৷
\v 20 যিহূদী সকলক জয় কৰিবৰ কাৰণে, যিহূদী সকলৰ ওচৰত যিহূদীৰ নিচিনা হলো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হলো৷
\p
\v 21 বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হলো৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকো৷
\v 22 দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হলো; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰো৷
\v 23 মই যি যি কৰো, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হবলৈহে কৰো।
\p
\v 24 তোমালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰা, যাতে পুৰস্কাৰ পাব পাৰা৷
\v 25 আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হলে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰো।
\v 26 এতেকে মই দৌৰ মাৰো, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰো, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰো;
\v 27 কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছো।
\c 10
\p
\v 1 হে প্ৰিয় ভাই আৰু ভনীসকল, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ \f + \ft যা. 13:21 \f* তলত আছিল, আৰু সকলোৱেই সাগৰৰ \f + \ft যা. 14:22 \f* মাজেদি পাৰ হৈছিল৷
\v 2 মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷
\v 3 তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ \f + \ft যা. 16:15, 35 \f* ভোজন কৰিছিল,
\v 4 সকলোৱেই একে আত্মিক জল \f + \ft যা. 17:6 \f* পান কৰিছিল৷ কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে জল পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট।
\p
\v 5 তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল।
\p
\v 6 এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰো।
\p
\v 7 তেওঁলোকৰ মাজৰ কিছুমান যেনেকৈ মূৰ্তিপূজক হৈছিল, তোমালোক তেনে নহবা; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
\v 8 তেওঁলোকৰ কিছুমানে যেনেকৈ যৌন পাপ কৰাত একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।
\v 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰো।
\v 10 তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, তোমালোক তেনেকৈ অসন্তুষ্ট নহবা৷
\p
\v 11 তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে।
\v 12 এই কাৰণে যি কোনোৱে স্থিৰে আছো বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
\v 13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা তোমালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু তোমালোকে যেন সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
\p
\v 14 এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকা৷
\v 15 মই তোমালোকক বুদ্ধিমান যেন ভাবি কওঁ, তোমালোকে নিজে মোৰ কথা বিবেচনা কৰি চাবা৷
\v 16 আমি যি আশীৰ্বাদৰ পান পাত্ৰক আশীৰ্বাদ কৰো, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ শৰিৰৰ সহভাগিতা নহয় নে?
\v 17 কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলো৷
\p
\v 18 ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰা৷ চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে?
\v 19 তেনেহলে মই কি কথা কৈছো? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
\p
\v 20 তেনে নহয়; কিন্তু অনা-যিহূদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছো; আৰু তোমালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই।
\v 21 তোমালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰা; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হব নোৱাৰা।
\v 22 নতুবা, আমি প্ৰভুৰ ঈৰ্ষা \f + \ft দ্বি. বি. 6:15; 32:21 \f* জন্মাব খুজিছো নে? আমি জানো তেওঁতকৈ বলৱন্ত?
\p
\v 23 সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।
\v 24 প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
\v 25 যি কোনো বস্তু বজাৰত বেচে, হিতাহিত জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি \f + \ft নুসুধি-নুপুচি বিচাৰ নকৰাকৈ \f* সেইবোৰ ভোজন কৰিবা;
\v 26 কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
\v 27 খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে তোমালোকক নিমন্ত্ৰণ কৰিলে, তোমালোক যদি যাবলৈ সন্মত হোৱা, তেনেহলে হিতাহিত জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি \f + \ft নুসুধি-নুপুচি বিচাৰ নকৰাকৈ \f* , যি কোনো বস্তু তোমালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিবা।
\v 28 কিন্তু কোনোৱে যদি তোমালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু হিতাহিত জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিবা।
\v 29 হিতাহিত জ্ঞান বুলি যে কৈছো, সেয়ে তোমাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ হিতাহিত জ্ঞানৰ দ্বাৰাই কিয় বিচাৰ হব লাগে?
\v 30 মই যদি কৃতজ্ঞতাৰে ভোজন কৰো, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰো, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
\p
\v 31 এতেকে তোমালোকে ভোজন-পান আদি যি যি কৰ্ম কৰা, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিবা।
\v 32 তেনেকৈ তোমালোকো যিহূদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক যেন নোহোৱা
\v 33 কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰো৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
\c 11
\p
\v 1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, তোমালোকো তেনেকৈ মোৰ অনুকাৰী হোৱা।
\v 2 তোমালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছা, তাৰ কাৰণে তোমালোকৰ প্ৰশংসা কৰিছো।
\v 3 কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন তোমালোকে জানা, এই মোৰ ইচ্ছা।
\v 4 যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
\v 5 কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
\v 6 কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
\v 7 কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হলে পুৰুষৰহে গৌৰৱ।
\v 8 কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
\p
\v 9 কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
\v 10 এই কাৰণে আৰু স্বৰ্গদূত সকলৰ \f + \ft আ. 24:64, 65 \f* কাৰেও মহিলা সকলে মূৰ ঢাকি তেওঁলোকে যেন চিন দেখোৱায় যে তেওঁলোক কৰ্ত্তৃৰ অধিনত আছে।
\v 11 তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
\v 12 কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল, কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
\v 13 তোমালোকে মনতে বিচাৰ কৰি চোৱা, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
\v 14 প্ৰকৃতিয়ে নিজেও তোমালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
\v 15 কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
\v 16 কিন্তু কোনোৱে যদি বাদ বিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
\p
\v 17 এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰো; সেই কথা এই, তোমালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খোৱা।
\v 18 কাৰণ প্ৰথমে যেতিয়া তোমালোক মণ্ডলীত গোট খোৱা, তেতিয়া তোমালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছো আৰু কিছু কিছু বিশ্বাসো কৰিছো।
\v 19 কিয়নো তোমালোকৰ মাজৰ পৰীক্ষা সিদ্ধ মানুহবোৰ প্ৰকাশিত হবলৈ, তোমালোকৰ মাজত নানা মতো হব লাগে।
\v 20 তাতে তোমালোক যেতিয়া একে ঠাইতে গোট খোৱা, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
\v 21 কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
\v 22 তেনেহলে ভোজন-পান কৰিবলৈ, তোমালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই তোমালোকক কি ক’ম? এই কথাত তোমালোকক প্ৰশংসা কৰিম নে? তোমালোকৰ প্ৰশংসা নকৰোঁ।
\p
\v 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলো, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
\v 24 সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি কলে, ‘তোমালোকৰ কাৰণে এই মোৰ যি শৰীৰ তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
\p
\v 25 এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ কলে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’।
\v 26 কিয়নো তোমালোকে যিমান বাৰ এই পিঠা খোৱা আৰু এই পাত্ৰত পান কৰা, প্ৰভু নহালৈকে সিমান বাৰ তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছা।”
\p
\v 27 এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হব।
\v 28 কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
\v 29 কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
\v 30 এই কাৰণে তোমালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
\p
\v 31 কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হলে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
\v 32 কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধবিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছো।
\p
\v 33 এতেকে, হে মোৰ ভাইসকল, তোমালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খোৱা, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিবা
\v 34 আৰু তোমালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গলেহে দিহা দিম।
\c 12
\p
\v 1 হে ভাইসকল, আত্মিক বৰৰ বিষয়ে তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
\v 2 তোমালোকে জানা, যেতিয়া তোমালোক মূৰ্তিপূজক আছিলা, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিলা।
\v 3 এই কাৰণে মই তোমালোকক জনাইছো যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও “যীচুক শাপগ্ৰস্থ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহলে, কোনেও যীচুক ‘প্ৰভু’ বুলিব নোৱাৰে”।
\p
\v 4 নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা একে;
\v 5 আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু একে;
\v 6 কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা।
\p
\v 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
\v 8 তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা,
\v 9 একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ,
\v 10 আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী কবৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা কবৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে;
\v 11 কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।
\p
\v 12 কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হলেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
\v 13 কাৰণ আমি যিহূদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হলো; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো।
\p
\v 14 কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক।
\v 15 ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়।
\v 16 আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।
\v 17 গোটেই শৰীৰেই চকু হোৱা হলে, শ্ৰৱণ ক’ত হলহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হলে, ঘ্ৰাণ ক’ত হলহেঁতেন?
\p
\v 18 কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।
\v 19 নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হলে, তেনেহলে শৰীৰ ক’ত হলহেঁতেন?
\v 20 কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক।
\p
\v 21 আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক কব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক কব নোৱাৰে।
\v 22 কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দূৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়
\v 23 শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰো, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰো;
\v 24 আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই।
\p
\v 25 কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে।
\v 26 তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।
\v 27 তোমালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ।
\p
\v 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনিসকলক, দ্বিতীয়তে ভাববাদীসকলক, তৃতীয়তে উপদেশকসকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।
\v 29 সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে?
\p
\v 30 সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?
\v 31 কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই তোমালোকক দেখুৱাওঁ।
\c 13
\p
\v 1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তাল স্বৰূপ হৈছো।
\v 2 মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
\v 3 আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰো আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
\p
\v 4 প্ৰেম সহনশীল আৰু স্নেহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
\v 5 ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
\v 6 ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
\v 7 প্ৰেমে সকলোকে আকোৱাঁলি লয়, সকলোতে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
\p
\v 8 প্ৰেম কেতিয়াও লুপ্ত নহব; কিন্তু ভাববাণী হলে লোপ হব; পৰভাষা হলে, সেইবোৰ গুচিব; জ্ঞান হলে, সেয়াও লুপ্ত হব।
\v 9 কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
\v 10 কিন্তু সম্পূৰ্ণতা উপস্থিত হলে, সেই খণ্ডবোৰ লুপ্ত হব।
\v 11 যেতিয়া মই শিশু আছিলো, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলো, শিশুৰ দৰে ভাবিছিলো, শিশুৰ দৰে বিবেচনাও কৰিছিলো৷ যেতিয়া বয়স পালো, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলো।
\v 12 কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছো; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হলো, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
\v 13 কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
\c 14
\p
\v 1 তোমালোকে প্ৰেমক খেদি যোৱা; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰা, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰা।
\v 2 কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়তত্ববোৰৰ বিষয়ে কয়।
\v 3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
\v 4 যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।
\p
\v 5 তোমালোকে যেন পৰভাষা কোৱা, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰা, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
\p
\v 6 এতিয়া, হে প্ৰিয় ভাই আৰু ভনীসকল, মই তোমালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু তোমালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে তোমালোকৰ কিবা লাভ হবনে?
\p
\v 7 শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
\v 8 কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব?
\v 9 ঠিক সেইদৰে তোমালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নোকোৱা, তেনেহলে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জানিবা? কিয়নো এইবোৰ কথা তোমালোকে বতাহত কোৱাৰ নিচিনা হব।
\p
\v 10 জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই।
\v 11 কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজো, তেনেহলে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হব।
\p
\v 12 এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, তোমালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছা যেতিয়া, মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰা।
\p
\v 13 এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰা।
\v 14 কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰো, তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
\v 15 তেনেহলে আমি কি কৰা উচিত? আমি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনেৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?
\v 16 নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপায়, কেনেকৈ তোমাৰ সেই ধন্যবাদত ‘আমেন’ কব? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
\p
\v 17 কিয়নো তুমি হলে, বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোক সকলক আত্মিক ভাবে গঢ়ি তোলা নহল।
\v 18 মই যে তোমালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছো;
\v 19 তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱাই ভাল বুলি ভাবো।
\p
\v 20 হে প্ৰিয় ভাই আৰু ভনীসকল, তোমালোক বিবেচনাত শিশুৰ দৰে নহবা; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হোৱা।
\v 21 বিধান-শাস্ত্ৰত লিখা আছে,
\q1 “প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা কম;
\q1 কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।”
\p
\v 22 এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়।
\v 23 এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে তোমালোকক বলীয়া বুলি নকব নে?
\p
\v 24 সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷
\v 25 এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্ত কথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে ‘তোমালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ সেৱা কৰিব।
\p
\v 26 এতেকে হে প্ৰিয় ভাই আৰু ভনীসকল তোমালোকে কি কৰিবা? যেতিয়া তোমালোক এঠাইত গোট খোৱা, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা \f + \ft যিচয়া 28:11, 12 \f* , কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা কবা। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
\v 27 কোনোৱে যদি পৰভাষা কয়, তেনেহলে দুজন, বা তাতকৈ অধিক হলেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক।
\v 28 কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই, তেনেহলে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক।
\p
\v 29 আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক।
\v 30 কিন্তু উপাসনাত বহি থকা সকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হলে প্ৰথম জন নিজম দি থাকক।
\p
\v 31 কিয়নো তোমালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাব আৰু সকলোকে উদগাব পাৰা৷
\v 32 কিয়নো ভাববাদী সকলৰ আত্মা ভাববাদী সকলৰ বশত থাকে।
\v 33 কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
\v 34 তেনেকৈ তোমালোকৰ মণ্ডলী সমূহতো মহিলাসকল নিজম দি থাকক; কিয়নো কথা কবলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেই দৰেই কয়।
\v 35 কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়।
\v 36 নতুবা, ঈশ্বৰৰ বাক্য তোমালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল তোমালোকৰ ওচৰলৈহে আহিছিল নে?
\p
\v 37 কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই তোমালোকলৈ যিবোৰ কথা লিখিছো, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
\v 38 কিন্তু কোনোৱে যদি নাজানে, তেনেহলে তেওঁ নাজানক।
\v 39 এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰা আৰু পৰভাষা কবলৈ নিষেধ নকৰিবা।
\v 40 কিন্তু সকলো কৰ্ম সুন্দৰকৈ শৃঙ্খলা বজাই কৰা হওক।
\c 15
\p
\v 1 হে প্ৰিয় ভাই আৰু ভনীসকল, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলো, সেয়া তোমালোকক জনাইছো; সেইবোৰ তোমালোকে গ্ৰহণ কৰিলা, আৰু তাতে থিৰেও আছা;
\v 2 আৰু যি বাক্যৰ দ্বাৰাই মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলো, সেয়া যদি তোমালোকে ধৰি আছা, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছা; নতুবা তোমালোকে বৃথাই বিশ্বাস কৰিলা।
\p
\v 3 কিয়নো মই যি শিক্ষা পালো, তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
\v 4 আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
\p
\v 5 আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
\v 6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনীসকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
\v 7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
\p
\v 8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে। \f + \ft পাঁ. 9:3, 17 \f*
\v 9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলো।
\p
\v 10 তথাপি মই যি হৈছো; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছো; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলো; কিন্তু ময়েই যে কৰিলো, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
\v 11 এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলো আৰু তোমালোকে সেইদৰে বিশ্বাস কৰিলা।
\p
\v 12 কিন্তু খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবিলাকৰ পুনৰুত্থান নাই বুলি তোমালোকৰ কোনো কোনো লোকে কেনেকৈ কোৱা?
\v 13 যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহল;
\v 14 আৰু খ্ৰীষ্টক যদি তোলা নহল, তেনেহলে আমাৰ ঘোষণা বৃথা, তোমালোকৰ বিশ্বাসো বৃথা।
\p
\v 15 আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছো বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলো যে, তেওঁ খ্ৰীষ্টক তুলিলে;
\v 16 কিয়নো, যদি মৃতবিলাকৰ তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহল;
\v 17 আৰু যদি খ্ৰীষ্টক তোলা নহল, তেনেহলে তোমালোকৰ বিশ্বাস অসাৰ্থক; তোমালোক এতিয়াও নিজ নিজ পাপতেই আছা।
\p
\v 18 তেনেহলে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
\v 19 খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছো।
\p
\v 20 কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
\v 21 কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবিলাকৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
\p
\v 22 কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
\v 23 কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মনোনীত, তেওঁৰ আগমনত সেই মৃত লোক সকলেই উঠিব।
\p
\v 24 ইয়াৰ পাছত শেষ হব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
\v 25 কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
\v 26 শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হব।
\p
\v 27 কিয়নো তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে। কিন্তু সকলোৱে বশীভূত হব বুলি যেতিয়া তেওঁ কয় তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
\v 28 আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হলে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
\p
\v 29 আৰু মৃতবিলাকৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবিলাকৰ সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
\v 30 আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
\p
\v 31 হে প্রিয় ভাই আৰু ভনীসকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত তোমালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছো, প্ৰতি দিনেই মই মৃত্যু-মুখত আছো।
\v 32 মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলো, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবিলাক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
\p
\v 33 তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গই সদাচাৰ নষ্ট কৰে।
\v 34 ধাৰ্মিক ভাৱে সচেতন হোৱা৷ পাপ নকৰিবা; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। তোমালোকে লাজ পাবলৈ মই এই কথা কৈছো।
\p
\v 35 কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
\v 36 হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
\v 37 আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম ধান হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
\v 38 কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
\v 39 সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
\v 40 স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বিলাকৰ কান্তি \f + \ft কান্তি প্ৰভাৱ \f* এক প্ৰকাৰ আৰু পাৰ্থিৱবিলাকৰ কান্তি এক প্ৰকাৰ।
\v 41 সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
\p
\v 42 সেইদৰে মৃতবিলাকৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
\v 43 যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
\v 44 যিহক ৰোৱা যায়, সেয়ে স্বাভাবিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
\p
\v 45 এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
\v 46 তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাবিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
\p
\v 47 প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
\v 48 সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
\v 49 আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলো, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
\p
\v 50 কিন্তু হে প্ৰিয় ভাই আৰু ভনীসকল তোমালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
\v 51 চাওক, মই তোমালোকক এটি নিগূঢ়তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হম।
\p
\v 52 এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হব আৰু আমি সকলোৱেই ৰূপান্তৰিত হম।
\v 53 কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
\p
\v 54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে-
\q1 “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হব”
\q1
\v 55 “হে মৃত্যু, তোমাৰ জয় ক’ত?
\q1 হে মৃত্যু, তোমাৰ হুল ক’ত?”
\p
\v 56 মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
\v 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
\p
\v 58 এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল তোমালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰা, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়া৷ তোমালোকে জানা যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
\c 16
\p
\v 1 পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হলে মই গালাতীয়াৰ মণ্ডলীসমূহক যেনেকৈ আদেশ দিলো, তেনেকৈ তোমালোকেও কৰিবা।
\v 2 সপ্তাহৰ প্ৰথম দিনা তোমালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিবা৷ মই যেতিয়া তোমালোকৰ ওচৰত উপস্থিত হম, তেতিয়া যেন দান তোলা নহয়৷
\p
\v 3 এই কাৰণে মই যেতিয়া উপস্থিত হম, তেতিয়া তোমালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰা তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাবা৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
\v 4 যদি আমি যোৱাটো উচিত হয়, তেনেহলে তেওঁলোক আমাৰ লগতে যাব।
\p
\v 5 কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ যাত্ৰা কৰিম \f + \ft মাকিদনিয়া হৈ মাকিদনিয়াৰ মাজেদি \f* , তেতিয়া মই তোমালোকৰ ওচৰলৈ আহিম।
\v 6 তোমালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো তোমালোকৰ লগত কটাম; পাছত মই যাব লগীয়া ঠাইলৈ যাবৰ বাবে তোমালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিবা৷
\p
\v 7 এতিয়া মই যাত্ৰা পথত তোমালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হলে, তোমালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছো।
\v 8 তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
\v 9 কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
\p
\v 10 এতিয়া যদি তোমালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে তোমালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
\v 11 কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে তোমালোকে তেওঁক কুশলে আগবঢ়ায় থবা; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছো।
\v 12 এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে তোমালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলো; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ তোমালোকৰ ওচৰলৈ যাব।
\p
\v 13 তোমালোক সজাগ হৈ থাকা; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হোৱা।
\v 14 তোমালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
\p
\v 15 হে ভাই সকল মই তোমালোকক এই মিনতি কৰিছো, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফল স্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্বইচ্ছাৰে ভাৰ ললে, সেই বিষয়ে তোমালোকে জানা;
\v 16 তোমালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হোৱা।
\p
\v 17 আমি সকলো আনন্দিত হৈছো, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত তোমালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
\v 18 কাৰণ তেওঁলোকে তোমালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে তোমালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিবা।
\p
\v 19 এচিয়া দেশৰ মণ্ডলী সমূহে তোমালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে তোমালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
\v 20 সকলো ভাই, ভনী সকলে তোমালোকক শুভেচ্ছা জনাইছে৷ তোমালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাবা৷
\p
\v 21 মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালো৷
\v 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
\v 23 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক।
\v 24 খ্ৰীষ্ট যীচুত মোৰ প্ৰেম তোমালোক সকলোৰে লগত থাকক। আমেন।