as_ulb/44-JHN.usfm

1175 lines
267 KiB
Plaintext
Raw Permalink Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id JHN
\ide UTF-8
\h যোহনে লিখা শুভবাৰ্তা
\toc1 যোহনে লিখা শুভবাৰ্তা
\toc2 যোহনে লিখা শুভবাৰ্তা
\toc3 jhn
\mt1 যোহনে লিখা শুভবাৰ্তা
\s যোহনে যোহনে লিখা শুভবাৰ্তা
\c 1
\p
\v 1 আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ।
\v 2 তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল।
\v 3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো সৃষ্টি হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহল।
\v 4 সেই বাক্যত হে জীৱন আছে আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
\v 5 সেই পোহৰ আন্ধাৰত প্ৰকাশিত হৈ আছে; কিন্তু আন্ধাৰে তাক পৰাভূত কৰিব নোৱাৰিলে।
\p
\v 6 ঈশ্বৰে যোহন নামৰ এজন ব্যক্তিক পঠাইছিল।
\v 7 তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ আহিছিল, যাতে তেওঁৰ সাক্ষ্যৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
\v 8 যোহন স্বয়ং সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
\p
\v 9 সকলো মানুহকে পোহৰ দিওঁতা, সেই পোহৰ জগতলৈ আহিছিল।
\v 10 তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক চিনি নাপালে।
\v 11 যি জগতখন তেওঁৰ নিজৰেই সৃষ্টি আছিল, তেওঁৰ সেই নিজৰ জগতৰ লোক সকলেই তেওঁক গ্ৰহণ নকৰিলে।
\v 12 কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হবলৈ তেওঁ ক্ষমতা দিলে।
\v 13 তেওঁলোকৰ জন্ম তেজৰ বা মাংহৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হ’ল।
\v 14 সেই বাক্যই মাংস \f + \ft অৰ্থাৎ তেজ-মাংহৰ শৰীৰৰ ৰূপ ধাৰণ কৰিলে৷ \f* হ’ল, আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসবাস কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ যি মহিমা, সেই মহিমা আমি দেখিলো।
\v 15 যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞঁৰি কৈছিল, “যি জনৰ বিষয়ে মই কৈছিলো, এৱেঁই সেই জন; যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
\p
\v 16 আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ উপৰিও অনুগ্রহ পালো।
\v 17 কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাইহে আহিল।
\v 18 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই হে তেওঁক প্ৰকাশ কৰিলে।
\p
\v 19 যোহনৰ সাক্ষ্য এনে ধৰণৰ: যিহূদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীয়াসকলক যোহনৰ ওচৰলৈ পঠাইছিল। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
\v 20 যোহনে অস্বীকাৰ নকৰি স্বীকাৰ কৰি কলে, “মই খ্ৰীষ্ট নহয়।”
\v 21 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন হয়? আপুনি এলিয়া নেকি?” তেওঁ কলে, “নহয়, মই নহওঁ;” তেওঁলোকে কলে, “তেনেহলে আপুনি সেই ভাববাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”
\p
\v 22 তেতিয়া তেওঁলোকে তেওঁক কলে, “তেনেহলে আপুনি কোন হয় আমাক কওক! যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰো। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
\v 23 তেওঁ কলে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰু প্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।” \f + \ft যিচয়া 40:3 \f*
\p
\v 24 যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ লোক আছিল। তেওঁলোকে যোহনক সুধিছিল,
\v 25 “আপুনি যদি খ্ৰীষ্ট নহয়, এলিয়া নহয় বা ভাববাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
\v 26 যোহনে তেওঁলোকক উত্তৰ দিলে, “মই হলে পানীতহে বাপ্তিস্ম দিছো, কিন্তু তোমালোকৰ মাজত এনে এজন ব্যক্তি থিয় হৈ আছে, যি জনক তোমালোকে চিনি নোপোৱা।
\v 27 তেৱেঁই সেই ব্যক্তি যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিতাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।”
\p
\v 28 যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
\p
\v 29 পাছ দিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি কলে, “সৌৱা চোৱা, ঈশ্বৰৰ মেষ পোৱালি, জগতৰ পাপ বহন কৰোতা জনা!
\v 30 এৱেঁই সেই জন লোক যি জনৰ বিষয়ে মই কৈছিলো, “যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল।
\v 31 মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেই বাবে মই আহি পানীত বাপ্তিস্ম দিছো।”
\p
\v 32 তাৰ পাছত যোহনে সাক্ষ্য দি কলে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলো।
\v 33 মই তেওঁক চিনি নাপালো। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁই সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
\v 34 মই সেয়া দেখিলো আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
\p
\v 35 পাছ দিনা যোহন তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
\v 36 সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে কলে, “সৌৱা, ঈশ্বৰৰ মেষ পোৱালিক চোৱা!”
\v 37 সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
\v 38 যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি কলে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক কলে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি কত থাকে?”
\v 39 যীচুৱে তেওঁলোকক কলে, “আহাঁ, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেই দিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হৈছিল।
\p
\v 40 যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
\v 41 তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই কলে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালো।”
\p
\v 42 আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই কলে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
\p
\v 43 পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই কলে, “মোৰ পাছে পাছে আহাঁ।”
\v 44 ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
\v 45 ফিলিপে পাছত নথনেলক দেখা পাই কলে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাববাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালো; তেওঁ নাচৰৎ নিবাসী যোচেফৰ পুতেক যীচু।”
\p
\v 46 নথনেলে ফিলিপক কলে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক কলে, “আহি চোৱাহি।”
\v 47 যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে কলে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
\v 48 নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে তেওঁক উত্তৰ দিলে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলো।”
\p
\v 49 নথনেলে তেওঁক কলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
\v 50 যীচুৱে উত্তৰ দি তেওঁক কলে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলো, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
\v 51 যীচুৱে কলে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”
\c 2
\p
\v 1 তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
\v 2 সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
\p
\v 3 পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক কলে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
\v 4 যীচুৱে তেওঁক কলে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
\v 5 তেওঁৰ মাকে দাস সকলক কলে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
\p
\v 6 সেই ঠাইতে যিহূদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
\v 7 যীচুৱে দাসবোৰক কলে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰালে।
\v 8 তাৰ পাছত যীচুৱে সিহঁতক কলে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে।
\v 9 ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস কৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিছিল। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি কলে,
\v 10 “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছা মতে পান কৰাৰ পাছত, তেওঁলোকে আগতকৈ নিম্ন মানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হলে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
\v 11 গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্যৰ যোগেদি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
\p
\v 12 তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
\p
\v 13 যিহূদী সকলৰ নিস্তাৰ পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গল।
\v 14 তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে গৰু, মেষ, কপৌ \f + \ft মূল গ্ৰীক ‘পেৰিট্ৰেৰা’ ইংৰাজীত dove লিখা আছে। পাৰচৰাইও হব পাৰে। \f* চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
\v 15 তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে বলদ গৰু, মেষ বোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
\v 16 যি সকলে পাৰ চৰাই বেচিছিল, তেওঁলোকক কলে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
\p
\v 17 ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।” \f + \ft গীত 69:9 \f*
\p
\v 18 তেতিয়া যিহূদী নেতাসকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা নে?”
\v 19 যীচুৱে তেওঁলোকক কলে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
\p
\v 20 তেতিয়া যিহূদীসকলে কলে, “এই মন্দিৰ নির্ম্মাণ কৰোতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিনি দিনতে তুলিবা নে?”
\v 21 কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
\v 22 সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে, তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে শাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
\p
\v 23 নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
\v 24 কিন্তু যীচুৱে হলে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
\v 25 মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।
\c 3
\p
\v 1 ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ যিহূদী পৰিষদৰ এজন অধিকাৰী আছিল।
\v 2 এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি কলে, “ৰব্বি \f + \ft ৰব্বি গুৰু \f* , আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহলে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
\p
\v 3 উত্তৰত যীচুৱে নীকদীমক কলে, “মই তোমাক সঁচাকৈয়ে কওঁ, নতুনকৈ জন্ম নহলে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
\v 4 নীকদীমে তেওঁক কলে, “মানুহ বুঢ়া হলে, কেনেকৈ তেওঁৰ জন্ম হব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
\p
\v 5 যীচুৱে উত্তৰ দিলে, “মই তোমাক সঁচাকৈয়ে কৈছো, জল আৰু আত্মাৰ পৰা জন্ম নহলে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
\p
\v 6 শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
\v 7 মই যে তোমাক ‘তোমালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি কলো, এই কথাত বিস্ময় নামানিবা।
\v 8 “বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু কৰ পৰা আহে বা কলৈনো যায়, সেই বিষয়ে তুমি নাজানা। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
\p
\v 9 নীকদীমে উত্তৰ দি তেওঁক কলে, “এইবোৰ কেনেকৈ হব পাৰে?”
\p
\v 10 যীচুৱে তেওঁক উত্তৰ দিলে, “তুমি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজা নে?
\v 11 তোমাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা।
\v 12 মই তোমালোকক পাৰ্থিৱ বিষয়ৰ কথা কলে তোমালোকে যদি বিশ্বাস নকৰা, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা কলে কেনেকৈ বিশ্বাস কৰিবা?
\v 13 যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
\v 14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটো ওপৰলৈ তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰলৈ তুলা হব,
\v 15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
\p
\v 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
\v 17 “কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
\v 18 তেওঁত বিশ্বাস কৰা জনৰ সোধবিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
\v 19 সোধ বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ অন্ধাকাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
\v 20 কিয়নো যি জনে কুআচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
\v 21 কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
\p
\v 22 তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহূদিয়া প্রদেশলৈ গল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
\v 23 যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাইত বহুত পানী থকাত তাতে বাপ্তিস্ম দিছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
\v 24 তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
\p
\v 25 সেই সময়ত যিহূদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন যিহূদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হৈছিল।
\v 26 পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ কলে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি ইতিবাচক সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
\p
\v 27 যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহলে কোনেও একোকে লাভ কৰিব নোৱাৰে।
\v 28 মই কৈছিলো যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
\v 29 যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
\v 30 তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হলে সৰু হৈ হৈ যাব লাগে।
\p
\v 31 যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
\v 32 তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহণ নকৰে।
\v 33 যি জনে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
\v 34 কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
\v 35 পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
\v 36 পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।
\c 4
\p
\v 1 যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
\v 2 যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
\v 3 তেতিয়া তেওঁ যিহূদিয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গল।
\v 4 গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
\p
\v 5 তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰখন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
\v 6 সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি ভাগৰি পৰাত, যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
\p
\v 7 এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক কলে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
\v 8 সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
\v 9 সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক কলে, “আপুনি এজন যিহূদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত যিহূদী সকলৰ চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা-মিচা নাছিল।
\v 10 যীচুৱে উত্তৰ দি তেওঁক কলে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
\p
\v 11 সেই মহিলাই তেতিয়া উত্তৰ দি কলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদো গভীৰ; তেনেহলে আপুনি কৰ পৰা সেই জীৱনময় পানী পাব?
\v 12 আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
\v 13 যীচুৱে উত্তৰ দি তেওঁক কলে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
\v 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হব।”
\v 15 সেই মহিলাই তেওঁক কলে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
\p
\v 16 যীচুৱে তেওঁক কলে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
\v 17 সেই মহিলাই কলে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক কলে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
\v 18 কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
\p
\v 19 সেই তিৰোতাই যীচুক কলে, “মহাশয়, মই দেখিছো, আপুনি এজন ভাববাদী।
\v 20 আমাৰ পূৰ্বপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু তোমালোক যিহূদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
\v 21 যীচুৱে তেওঁক কলে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
\v 22 তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰো; কিয়নো পৰিত্রাণ যিহূদী লোকৰ মাজৰ পৰাই আহিছে।
\v 23 কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
\v 24 ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰা উচিত।”
\v 25 সেই মহিলাই তেওঁক কলে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
\v 26 যীচুৱে তেওঁক কলে, “তোমাৰে সৈতে কথাবাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
\p
\v 27 তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
\p
\v 28 সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি কলে,
\v 29 “আহাঁছোন, এজন মানুহক চোৱাহি; মই যি সকলো কৰিলো, তেওঁ সেই সকলোকে মোক কলে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
\v 30 তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।
\p
\v 31 ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি কলে, “ৰব্বি \f + \ft ৰব্বি গুৰু \f* , আপুনি অলপ মান কিবা খাই লওঁক।”
\v 32 কিন্তু তেওঁ তেওঁলোকক কলে, “মোৰ এনে আহাৰ খাব লগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
\v 33 শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
\v 34 যীচুৱে তেওঁলোকক কলে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
\v 35 তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হব? কিন্তু, মই হলে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
\v 36 যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে।
\v 37 ইয়াত এই কথা সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
\v 38 মই তোমালোকক এনে শস্য দাবলৈ পঠালো, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
\p
\v 39 যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলো, তেওঁ মোক সেই সকলোকে কলে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
\v 40 লোকসকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
\v 41 তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
\v 42 তেওঁলোকে সেই মহিলা গৰাকীক কলে, “এতিয়া যে আমি বিশ্বাস কৰিছো, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালো যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
\p
\v 43 দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গল।
\v 44 কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
\v 45 তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোকসকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
\p
\v 46 পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানী দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজকর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
\v 47 তেওঁ যেতিয়া শুনিলে যে যীচু যিহূদিয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি কলে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
\v 48 যীচুৱে তেতিয়া তেওঁক কলে, “তোমালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিবা।”
\v 49 সেই ৰাজকর্মচাৰী জনে তেওঁক কলে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
\v 50 যীচুৱে তেওঁক কলে, “ঘৰলৈ যোৱা, তোমাৰ ল’ৰাই জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গল।
\v 51 তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই কলে, “আপোনাৰ ল’ৰাই জী উঠিল।”
\v 52 তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হবলৈ ধৰিলে?” সিহঁতে তেওঁক কলে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
\p
\v 53 ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “তোমাৰ ল’ৰাই জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
\v 54 যীচুৱে পুনৰ যিহূদিয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।
\c 5
\p
\v 1 এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গল, কাৰণ সেই সময়ত যিহূদীসকলৰ এটা পৰ্ব আছিল।
\p
\v 2 যিৰূচালেমত মেষদ্বাৰৰ ওচৰত এটা পুখুৰী আছিল। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈৎচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
\v 3-4 সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই ৰোগী সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
\v 5 তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
\v 6 যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হবলৈ ইচ্ছা কৰা নে?”
\v 7 ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
\v 8 যীচুৱে তেওঁক কলে, “উঠা, তোমাৰ শোৱা-পাটী তুলি লৈ খোজকাঢ়া।”
\v 9 তেতিয়াই সেই মানুহ জন সুস্থ হ’ল আৰু নিজৰ শোৱা-পাটী তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
\p
\v 10 সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে যিহূদী সকলে সুস্থ হোৱা জনক কলে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শোৱা-পাটী তুলি নিব নাপায়।”
\v 11 কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক কলে, বোলে তোমাৰ শোৱা-পাটী তুলি লৈ খোজ কাঢ়া।”
\v 12 তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শোৱা-পাটী তুলি লৈ খোজ কাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
\v 13 কিন্তু সুস্থ হোৱা মানুহ জনে তেওঁ কোন আছিল তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আঁতৰি গৈছিল।
\v 14 পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই কলে, “চোৱা তুমি এতিয়া সুস্থ হলা, আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
\v 15 তেতিয়া সেই মানুহে গৈ যিহূদী সকলক কলে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
\p
\v 16 এই কাৰণতে যিহূদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
\v 17 যীচুৱে তেওঁলোকক কলে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছো।”
\v 18 যীচুৰ এই কথাৰ কাৰণে যিহূদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
\p
\v 19 ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক কলে, “মই সঁচাকৈয়ে তোমালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
\v 20 কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। তোমালোক যেন অধিক আচৰিত হোৱা, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
\v 21 পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
\v 22 পিতৃয়ে কোনো জনৰ সোধ বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
\v 23 যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
\v 24 মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
\p
\v 25 মই তোমালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
\v 26 কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ অধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
\v 27 পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
\p
\v 28 এই কথা শুনি বিস্মিত নহবা; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
\v 29 আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
\p
\v 30 মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰো আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
\v 31 মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
\v 32 আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
\p
\v 33 তোমালোকে যোহনৰ ওচৰলৈ লোক সকলক পঠাইছিলা আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
\v 34 অৱশ্যে মানুহৰ পৰা পোৱা সাক্ষ্যৰ মোৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছো, যাতে তোমালোকে পৰিত্ৰাণ পাব পাৰা।
\v 35 সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। তোমালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিলা।
\p
\v 36 কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহৎ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছো আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
\v 37 সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। তোমালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
\v 38 তাৰ উপৰি তেওঁৰ বাক্যও তোমালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, তোমালোকে সেই জনক বিশ্বাস নকৰা।
\p
\v 39 তোমালোকে সকলো শাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়া, কাৰণ তোমালোকে ভাবা সেইবোৰৰ মাজেদিয়ে তোমালোকে অনন্ত জীৱন পাবা। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
\v 40 তথাপি তোমালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰা।
\p
\v 41 মই মানুহৰ প্রশংসা পাবলৈ চেষ্টা নকৰো;
\v 42 কিন্তু মই তোমালোকক জানো যে, তোমালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
\v 43 মই মোৰ পিতৃৰ নামেৰে আহিছো আৰু তোমালোকে মোক গ্ৰহণ নকৰা; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, তোমালোকে তেওঁক গ্ৰহণ কৰিবা।
\v 44 তোমালোকে এজনে আন জনৰ পৰা প্রশংসা গ্ৰহণ কৰিবলৈ আশা কৰা, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰা। সেয়ে তোমালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিবা?
\v 45 নাভাবিবা যে পিতৃৰ আগত মই তোমালোকক দোষী কৰিম; তোমালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত তোমালোকে আশা কৰিছা, তেৱেঁই তোমালোকক দোষী কৰিছে।
\v 46 তোমালোকে যদি মোচিক বিশ্বাস কৰা, তেনেহলে মোকো বিশ্বাস কৰিলাহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
\v 47 কিন্তু তেওঁৰ লিখনি যদি তোমালোকে বিশ্বাস নকৰা, তেনেহলে কেনেকৈ মোৰ কথা বিশ্বাস কৰিবা?”
\c 6
\p
\v 1 ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
\v 2 তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
\v 3 পাছত যীচু আৰু তেওঁৰ শিষ্যসকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
\v 4 সেই সময়ত যিহূদী সকলৰ নিস্তাৰ পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
\v 5 যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি কৰ পৰা পিঠা কিনিবলৈ পাম?”
\v 6 ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা কলে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
\v 7 ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ \f + \ft আধলিৰ=দীনাৰ \f* পিঠা কিনিলেও যথেষ্ট নহব।”
\v 8 যীচুৰ শিষ্যসকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক কলে,
\v 9 “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হব?”
\v 10 যীচুৱে কলে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইত ঘাহনি পথাৰ আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
\v 11 তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
\p
\v 12 তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক কলে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
\v 13 তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
\v 14 যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাববাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাববাদী।”
\p
\v 15 যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আঁতৰি অকলে সেই পাহাৰলৈ পুনৰ উঠি গল।
\p
\v 16 সন্ধিয়া নামি আহাত, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গল।
\v 17 তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
\v 18 বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
\v 19 শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় পালে।
\v 20 তেতিয়া যীচুৱে তেওঁলোকক কলে, “এয়া মইহে! ভয় নকৰিবা।”
\p
\v 21 শিষ্য সকলে যীচুক নাওত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাওখন তেতিয়াই সেই ঠাই পালেগৈ।
\p
\v 22 পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাওৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, তেওঁলোক অকল আঁতৰি গৈছিল।
\v 23 কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
\v 24 সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গল।
\p
\v 25 সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই কলে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
\v 26 যীচুৱে তেওঁলোকক উত্তৰ দি কলে, “মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে আচৰিত চিন দেখিছা কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা।
\v 27 ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম নকৰিবা; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ \f + \ft অনুমতি প্রদান কৰিলে \f* মাৰিলে।”
\p
\v 28 লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
\v 29 যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, তোমালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
\v 30 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
\v 31 আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।” \f + \ft গীত 78:24 \f*
\p
\v 32 যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে তোমালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে তোমালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
\v 33 কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
\v 34 লোক সকলে কলে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
\p
\v 35 যীচুৱে তেওঁ তেওঁলোকক কলে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
\v 36 মই তোমালোকক কওঁ যে, তোমালোকে মোক দেখিছা, কিন্তু তোমালোকে বিশ্বাস নকৰা।
\v 37 পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ নকৰিম।
\v 38 কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছো।
\v 39 মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই তুলো।
\v 40 মোৰ পিতৃৰ ইচ্ছা এই, যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
\p
\v 41 পাছত যিহূদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
\v 42 সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছো’ এই কথা এতিয়া তেওঁ কেনেকৈ কয়?”
\v 43 যীচুৱে তেওঁলোকক উত্তৰ দি কলে, “তোমালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰা।
\v 44 যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
\v 45 ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’ \f + \ft যিচয়া 54:13 \f* যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
\v 46 কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
\v 47 মই সঁচাকৈয়ে কৈছো, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
\v 48 জীৱন দিওঁতা আহাৰ ময়েই।
\v 49 তোমালোকৰ পূৰ্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খায়ো মৰিল৷
\p
\v 50 স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
\v 51 স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” \f + \ft ইয়াত মাংস আৰু তেজ এক ৰূপক অৰ্থত ব্যৱহাৰ কৰা হৈছে। আমাৰ মুক্তিৰ মুল্য স্বৰূপে তেওঁৰ শৰিৰ ক্ৰুচত দিয়া হল, আমাৰ কাৰণে তেজ বোৱালে, তাক বিশ্বাস কৰাৰ দ্বাৰাই আমি মুক্তি পাওঁ। \f*
\p
\v 52 এই কথাত যিহূদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাক যুদ্ধত লিপ্ত হৈ কলে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
\v 53 যীচুৱে তেওঁলোকক কলে, “সঁচাকৈয়ে মই তোমালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই।
\v 54 যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
\v 55 কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
\v 56 যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকো।
\v 57 যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছো, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
\v 58 স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পূৰ্বপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, সেইদৰে নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।”
\v 59 এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নামঘৰত কলে।
\p
\v 60 যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি কলে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
\v 61 যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ে আলোচনা কৰি আছিল; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
\v 62 মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
\v 63 আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছো, সেই কথাই আত্মা আৰু জীৱন।
\v 64 কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
\v 65 তেওঁ পুনৰ কলে, “এই কাৰণে মই তোমালোকক কৈছিলো যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
\p
\v 66 ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেকে উলটি গল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
\v 67 যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক কলে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
\v 68 চিমোন পিতৰে তেওঁক উত্তৰ দি কলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে।
\v 69 আমি বিশ্বাস কৰিছো আৰু জানিছো যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জনা।”
\v 70 যীচুৱে তেওঁলোকক কলে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল \f + \ft দিয়াবল চয়তান \f* আছে।”
\v 71 ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
\c 7
\p
\v 1 তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। যিহূদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহূদিয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।
\v 2 তেতিয়া যিহূদী সকলৰ পঁজা-পৰ্বৰ \f + \ft পঁজা-পর্ব: এই পর্ব প্রতিবছৰে সপ্তাহজুৰি পালন কৰা হয়। পর্বৰ সময়ত যিহূদীসকলে তম্বুত বাস কৰে আৰু মোচিৰ সময়ত 40 বছৰ ধৰি মৰুভূমিত ঘূৰি-ফুৰাৰ কথা স্মৰণ কৰে। \f* সময় প্রায় ওচৰ চাপিছিল।
\v 3 সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক কলে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহূদিয়ালৈ যোৱা৷
\v 4 যদি কোনোবাই নিজে জনাজাত হব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”
\v 5 কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।
\v 6 সেয়ে যীচুৱে তেওঁলোকক কলে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।
\v 7 জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
\p
\v 8 তোমালোকে পৰ্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”
\v 9 তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গল।
\v 10 তেওঁৰ ভায়েক সকল পর্বলৈ গল আৰু পাছত তেৱোঁ তালৈ গৈছিল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গল।
\v 11 পৰ্বৰ সময়ত যিহূদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন কত আছে?”
\v 12 লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে কলে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ কলে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
\v 13 কিন্তু যিহূদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নকলে।
\p
\v 14 যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।
\v 15 তাতে যিহূদী সকলে অতি আচৰিত হৈ কলে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ শাস্ত্ৰৰ কথা কেনেকৈ জানিলে?”
\v 16 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”
\v 17 যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছো।
\v 18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনোৱে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
\v 19 মোচিয়ে জানো তোমালোকক বিধান দিয়া নাই? কিন্তু তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰা। তোমালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছা?
\v 20 লোকসকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
\v 21 যীচুৱে উত্তৰত তেওঁলোকক কলে, “মই এটা কাম কৰিলো, তাতে তোমালোক সকলোৱে বিস্ময় মানিছা।
\v 22 মোচিয়ে তোমালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু তোমালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰা। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পূৰ্বপুৰুষ সকলৰ পৰাহে আহিছে);
\v 23 মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰামবাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণ ভাৱে সুস্থ কৰিলো কাৰণে তোমালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
\v 24 উপৰুৱাকৈ চাই বিচাৰ নকৰিবা, বৰং ন্যায় বিচাৰ কৰা।”
\p
\v 25 তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে কলে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
\v 26 কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
\v 27 এওঁ কৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ কৰ পৰা আহিছে।”
\v 28 তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দি উচ্চস্বৰে ক’লে, “তোমালোকে মোক জানা আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানা৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক তোমালোকে নাজানা।
\v 29 মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
\v 30 তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।
\v 31 কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”
\p
\v 32 লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।
\v 33 যীচুৱে ক’লে, “মই অলপ কালহে তোমালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।
\v 34 তোমালোকে মোক বিচাৰিবা, কিন্তু নাপাবা; আৰু মই যি ঠাইলৈ যাম, তোমালোক তালৈ যাব নোৱাৰিবা।”
\v 35 যিহূদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল যিহূদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?
\v 36 তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”
\p
\v 37 পৰ্বৰ শেষৰ দিন, যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে থিয় হৈ, উচ্চস্বৰে কলে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
\v 38 যি কোনোৱে মোত বিশ্বাস কৰে, শাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
\v 39 যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা কলে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
\p
\v 40 এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে কলে, “এওঁ সঁচাই সেই ভাববাদী।” আন কিছুমানে কলে, “এওঁ খ্ৰীষ্ট।”
\v 41 কিন্তু কিছুমানে কলে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
\v 42 শাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
\v 43 এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।
\v 44 তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
\p
\v 45 তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
\v 46 তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
\v 47 তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
\v 48 শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
\v 49 কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
\v 50 তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক কলে,
\v 51 “প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
\v 52 তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাববাদীৰ আবির্ভাৱ হোৱা নাই।”
\p
\v 53 তাৰ পাছত যিহূদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গল।
\c 8
\p
\v 1 যীচু জৈতুন পৰ্বতলৈ গল।
\v 2 অতি ৰাতিপুৱাতে তেওঁ পুনৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
\v 3 তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
\v 4 তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল।
\v 5 এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
\v 6 এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ কলে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
\v 7 কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক কলে, “তোমালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
\v 8 পাছত তেওঁ পুনৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
\v 9 এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
\v 10 যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল কলৈ গল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
\v 11 তাই কলে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে কলে, “ময়ো দোষী নকৰো; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
\p
\v 12 ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলক কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
\v 13 তেতিয়া ফৰীচী সকলে তেওঁক কলে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
\v 14 উত্তত যীচুৱে তেওঁলোকক কলে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছো, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই কৰ পৰা আহিলো, আৰু কলৈ গৈ আছো, সেই বিষয়ে মই জানো; কিন্তু তোমালোকে মই কৰ পৰা আহিছো, বা কলৈ যাওঁ সেই বিষয়ে নাজানা।
\v 15 তোমালোকে মাংসিক ভাব অনুসাৰে সোধবিচাৰ কৰিছা; মই এনেদৰে লোকৰ বিচাৰ নকৰো।
\v 16 তথাপি যদি বিচাৰ কৰো, তেনেহলে মোৰ সোধবিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
\v 17 তোমালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
\v 18 মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছো, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
\v 19 তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ কত আছে?” যীচুৱে উত্তৰ দিলে, “তোমালোকে মোকো নাজানা আৰু মোৰ পিতৃকো নাজানা; মোক জনা হলে মোৰ পিতৃকো জানিলাহেঁতেন।”
\v 20 মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা কলে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
\p
\v 21 পাছত তেওঁ আকৌ ফৰীচী সকলক কলে, “মই যাওঁ; তোমালোকে মোক বিচাৰিবা, কিন্তু তোমালোক নিজ নিজ পাপতে মৰিবা। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা।”
\v 22 তেতিয়া যিহূদী সকলে কলে, “এওঁ কি আপোনঘাতী হব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ তোমালোকে সেই ঠাইলৈ যাব নোৱাৰা’ বুলি যে কৈছে?”
\v 23 তেওঁ তেওঁলোকক কলে, “তোমালোক তলৰ পৰা আহিছা আৰু মই ওপৰৰ পৰা আহিছো; তোমালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
\v 24 এই কাৰণতে তোমালোকক কলো যে, ‘তোমালোক নিজ নিজ পাপবোৰতে মৰিবা’; তোমালোকে যদি বিশ্বাস নকৰা যে ময়েই সেই জন, তেনেহলে তোমালোক নিজ নিজ পাপবোৰতে মৰিবা।”
\v 25 তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক কলে, “সেই বিষয়ে প্ৰথমৰে পৰা মই তোমালোকক কৈ আছো।
\v 26 তোমালোকৰ বিষয়ে কবলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলো, সেই বিষয়ে জগতক কৈছো।”
\v 27 তেওঁ যে পিতৃৰ বিষয়ে এই কথা কলে ইয়াক তেওঁলোকে বুজি নাপালে।
\v 28 সেয়ে যীচুৱে কলে, “তোমালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া তোমালোকে জানিবা যে মইয়েই সেই জন আৰু মই নিজৰ পৰা একো নকৰো। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেই দৰেই এইবোৰ কথা কৈছো।
\v 29 মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰো।”
\v 30 যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
\p
\v 31 যি যিহূদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক কলে, “মোৰ বাক্যতে যদি তোমালোক থাকা, তেনেহলে সঁচাকৈয়ে তোমালোক মোৰ শিষ্য;
\v 32 আৰু তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব।”
\v 33 তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো দাসত্ব কৰা নাই; তেনেস্থলত ‘তোমালোকক মুক্ত কৰা হব’, এনে কথা তুমি কেনেকৈ কৈছা?”
\p
\v 34 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
\v 35 দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হলে সদায় পৰিয়ালত থাকে।
\v 36 এই কাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে, তেনেহলে তোমালোক অৱশ্যেই মুক্ত হবা।
\v 37 তোমালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু তোমালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছা; কাৰণ তোমালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
\v 38 মই মোৰ পিতৃৰ ওচৰত যি দেখিলো, সেই বিষয়েই কৈ থাকো আৰু তোমালোকেও তোমালোকৰ পিতৃৰ পৰা যি শুনিলা, তাকেই কৰি থাকা।”
\p
\v 39 তাৰ উত্তৰত তেওঁলোকে যীচুক কলে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক কলে, “তোমালোক যদি অব্ৰাহামৰ সন্তান হোৱা, তেনেহলে অব্রাহামে যি কৰিলে, তোমালোকও তেনে কৰ্ম কৰিলাহেঁতেন।
\v 40 ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই তোমালোকক কৈছো। তথাপি এতিয়া তোমালোকে মোকে বধ কৰিবলৈ বিচাৰিছা; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
\v 41 তোমালোকৰ পিতৃয়ে যি কর্ম কৰে, তোমালোকে তাকে কৰা।” তেওঁলোকে তেতিয়া যীচুক কলে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
\v 42 যীচুৱে তেওঁলোকক কলে, “ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হলে, তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছো; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
\v 43 তোমালোকে মোৰ কথাবোৰ কিয় নুবুজা? তাৰ কাৰণ এই যে তোমালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
\v 44 চয়তান তোমালোকৰ পিতৃ আৰু তোমালোক তাৰ পৰা হৈছা। সেই কাৰণে তোমালোকে তোমালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰা। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
\v 45 মই সত্য কথা কওঁ বাবে তোমালোকে মোক বিশ্বাস নকৰা।
\v 46 তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰা? মই যদি সত্য কথা কৈছো, তেনেহলে তোমালোকে কিয় মোক বিশ্বাস নকৰা?
\v 47 যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। তোমালোকে সেই বাবেই নুশুনা, কাৰণ তোমালোক ঈশ্বৰৰ লোক নহয়৷”
\p
\v 48 যিহূদী সকলে উত্তৰ দি তেওঁক কলে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
\v 49 যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰো; কিন্তু, তোমালোকে মোক সন্মান নকৰা।
\v 50 মই মোৰ নিজৰ মৰ্যদা নিবিচাৰো; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
\v 51 মই তোমালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।”
\p
\v 52 যিহূদী সকলে তেওঁক কলে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাববাদী সকল মৰি গল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যু ভোগ নকৰিব।’
\v 53 তুমি কি আমাৰ ওপৰ পিতৃ অব্ৰাহামতকৈয়ো মহান হলা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাববাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাবিছা?”
\v 54 যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰো, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক তোমালোকে তোমালোকৰ ঈশ্বৰ বুলি দাবী কৰা, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
\v 55 তোমালোকে তেওঁক নাজানা; মই হলে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে তোমালোকৰ নিচিনা মিছলীয়া হম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰো।
\v 56 তোমালোকৰ ওপৰপুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে হেঁতেন।”
\p
\v 57 যিহূদী সকলে যীচুক কলে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
\v 58 যীচুৱে তেওঁলোকক কলে, “সঁচাকৈয়ে মই তোমালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছো।”
\v 59 তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ললে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গল।
\c 9
\p
\v 1 যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে।
\v 2 তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি \f + \ft ৰব্বিৰ অৰ্থ ‘গুৰু’ \f* এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে, নে তেওঁৰ পিতৃ-মাতৃয়ে পাপ কৰিলে?”
\v 3 যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ পিতৃ-মাতৃয়েও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ মহিমা প্ৰকাশিত হবলৈহে হৈছে।
\v 4 দিন থাকোতেই মোক পঠোৱা জনৰ কাৰ্য আমি কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কাৰ্য কৰিব নোৱাৰিব।
\v 5 যিমান দিন মই জগতত আছো, মইয়ে জগতৰ পোহৰ।”
\v 6 এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা লিপি দিলে।
\v 7 তাৰ পাছত তেওঁক কলে, “যোৱা; চীলোহ নামৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
\p
\v 8 তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে যি জনে বহি ভিক্ষা মাগি আছিল?”
\v 9 কোনো কোনোৱে কলে, “হয়, ইয়েই সেই জন।” আন কোনোবাই কলে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে কলে, “হয়, মই সেই জনেই হওঁ।”
\v 10 তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
\v 11 তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি কলে, ‘চীলোহলৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালো।”
\v 12 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন কত আছে?” তেওঁ কলে “মই নাজানো।”
\p
\v 13 যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গল।
\v 14 যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল।
\v 15 সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক কলে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
\v 16 তাতে ফৰীচী সকলৰ কিছুমানে কলে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে কলে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।
\v 17 সেয়ে, তেওঁলোকে আকৌ সেই অন্ধ জনক সুধিলে, “যি মানুহ জনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা?” মানুহ জনে কলে, “তেওঁ এজন ভাববাদী।”
\p
\v 18 মানুহ জনৰ পিতৃ-মাতৃক মাতি আনি নুসুধা পর্যন্ত যিহূদী সকলে বিশ্বাস নকৰিলে যে এই মানুহ জন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
\v 19 তেওঁলোকে তেওঁৰ পিতৃ-মাতৃক সুধিলে, “এই জন তোমালোকৰ সেই ল’ৰা জন হয় নে, যি জনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল। তেনেহলে সি এতিয়া কেনেকৈ দেখা পাইছে?”
\v 20 তেওঁৰ পিতৃ-মাতৃয়ে উত্তৰ দিলে, “আমি জানো, ই আমাৰে ল’ৰা আৰু সি ওপজাৰে পৰা অন্ধ আছিল।
\v 21 কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সি নিজৰ বিষয়ে নিজে কব।”
\v 22 যিহূদী সকলৰ ভয়তে তেওঁৰ পিতৃ-মাতৃয়ে এই কথা কলে। কিয়নো যিহূদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ \f + \ft মচীহৰ অৰ্থ ‘খ্ৰীষ্ট’ \f* বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম ঘৰৰ পৰা বাহিৰ কৰা হব।
\v 23 এই কাৰণতে, তেওঁৰ পিতৃ-মাতৃয়ে, “সি বয়সীয়া; তাকে সোধক” বুলি কলে।
\p
\v 24 তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি কলে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
\v 25 তাতে তেওঁ উত্তৰ দিলে, “তেওঁ পাপী হয় নে নহয়, তাক মই নাজানো; কিন্তু এটা কথা জানো যে মই অন্ধ আছিলো আৰু এতিয়া দেখা পাইছো।”
\v 26 তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
\v 27 তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক আগতেই কলো, কিন্তু আপোনালোকে নুশুনিলে; তেনেহলে আকৌ কি কাৰণে শুনিব খোজিছে? আপোনালোকেও তেওঁৰ শিষ্য হবলৈ ইচ্ছা কৰে নেকি?”
\v 28 তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি কলে, “তইহে তাৰ শিষ্য; আমি হলে মোচিৰ শিষ্য।
\v 29 ঈশ্বৰে যে মোচিৰ কথা কলে, তাক আমি জানো; কিন্তু এই মানুহ কৰ পৰা আহিছে, তাক আমি নাজানো।”
\v 30 সেই মানুহে উত্তৰ দি তেওঁলোকক কলে, “কি আচৰিত কথা ! তেওঁ কৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে।
\v 31 আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা ঈশ্বৰে শুনে৷
\v 32 জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে।
\v 33 সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহলে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
\v 34 তেওঁলোকে, তেওঁক কলে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত যিহূদী সকলে তেওঁক নাম ঘৰৰ পৰা বাহিৰ কৰি দিলে।
\p
\v 35 যীচুৱে শুনিবলৈ পালে যে যিহূদী নেতা সকলে সেই লোক জনক নাম ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
\v 36 তেওঁ উত্তৰ দিলে, “প্ৰভু, তেওঁ কোন? মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰো।”
\v 37 যীচুৱে তেওঁক কলে, “তুমি তেওঁক দেখা পালা; আৰু তোমাৰে সৈতে কথা পাতি থকা জনেই সেই জন।”
\v 38 তেতিয়া মানুহ জনে কলে, “প্ৰভু, মই বিশ্বাস কৰিছো” এই বুলি তেওঁ যীচুক প্ৰণিপাত কৰিলে।
\v 39 যীচুৱে কলে, “মই এই জগতলৈ সোধবিচাৰ কৰিবলৈ আহিছো, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
\v 40 কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?”
\v 41 যীচুৱে তেওঁলোকক কলে, “তোমালোক অন্ধ হোৱা হেঁতেন তোমালোকৰ কোনো পাপেই নহলহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছো; গতিকে তোমালোকৰ পাপ থাকিল।
\c 10
\p
\v 1 যীচুৱে কলে, “মই সঁচাকৈ তোমালোকক কওঁ, যি জনে মেষৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
\v 2 যি জনে দুৱাৰেদি সোমায়, তেওঁ মেষ \f + \ft ইংৰাজীৰ Sheepৰ অৰ্থ মেষ, Ram হল মেৰছগ, মেৰ নহয় \f* ৰখীয়া।
\v 3 দ্বাৰ ৰক্ষকে মেষ ৰখীয়াক দুৱাৰ মেলি দিয়ে। মেষবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
\v 4 নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেষবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
\v 5 সিহঁতে অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
\v 6 যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো কলে; কিন্তু তেওঁ কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
\p
\v 7 তেতিয়া যীচুৱে পুনৰ তেওঁলোকক কলে, “মই তোমালোকক সঁচাই কওঁ, ময়েই মেষৰ গৰালৰ দুৱাৰ।
\v 8 মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেষবোৰে সিহঁতৰ কথা নুশুনিলে।
\p
\v 9 ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
\v 10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হলে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলো।
\p
\v 11 ময়েই মেষৰ সজ ৰখীয়া; সজ ৰখীয়াই মেষৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
\v 12 কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেষ ৰখীয়া নহয় আৰু মেষবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে যেতিয়া তেওঁ ৰাংকুকুৰ অহা দেখে, মেষবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
\v 13 এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেষবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
\p
\v 14 ময়েই সজ মেষ ৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
\v 15 পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেষৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
\v 16 মোৰ এনে অনেক মেষ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হব আৰু সিহঁতৰ ৰখীয়াও হব এজন।
\v 17 পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰো যাতে সেই প্ৰাণ পুনৰায় পাব পাৰো।
\v 18 কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰো আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছো।”
\p
\v 19 এনেবোৰ কথাৰ কাৰণে যিহূদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
\v 20 তেওঁলোকৰ মাজৰ অনেকে কলে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
\v 21 আন সকলে কলে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
\p
\v 22 তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব \f + \ft প্রতিষ্ঠাৰ পর্ব: ডিচেম্বৰৰ এক বিশেষ সপ্তাহ যাক যিহূদীসকলে পর্ব হিচাপে পালন কৰে। \f* উপস্থিত হ’ল।
\v 23 সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজ কাঢ়ি ফুৰিছিল।
\v 24 তেনেতে যিহূদীসকলে তেওঁক আগুৰি ধৰি কলে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়েই যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
\v 25 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কলো, কিন্তু তোমালোকেতো বিশ্বাসেই নকৰা; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছো, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
\v 26 তথাপি তোমালোকে বিশ্বাস নকৰা; কাৰণ তোমালোক মোৰ জাকৰ মাজৰ মেষৰ নোহোৱা।
\v 27 মোৰ মেষবোৰে হলে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
\v 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নলব।
\v 29 মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি নিব নোৱাৰে।
\v 30 মই আৰু পিতৃ এক।”
\p
\v 31 তেতিয়া যিহূদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ললে।
\v 32 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই তোমালোকক দেখুৱালো; সেইবোৰৰ কোন কৰ্মৰ কাৰণে তোমালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছা?”
\v 33 যিহূদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেই কাৰণেহে মাৰিব বিচাৰিছো।”
\v 34 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “তোমালোকৰ বিধান শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই কলো, ‘তোমালোক ঈশ্বৰবোৰ? \f + \ft গীত 82:6 পদ। যীচুৱে ধৰ্মশাস্ত্রৰ এই উদ্ধৃতি দিছে, য’ত ঈশ্বৰে তেওঁৰ অনুগামীসকলক মাতে, কাৰণ ঈশ্বৰে সেই লোকসকলক পৃথিৱীত তেওঁৰ প্রতিনিধিত্ব কৰিবলৈ মনোনীত কৰিছে। god small letterত লিখাহৈছে, অৰ্থাৎ দেৱতা বুজায়। ঈশ্বৰতকৈ সৰু। \f*
\v 35 যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ \f + \ft ঈশ্বৰৰ প্ৰতিৰূপ \f* বুলি কলে (শাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়)।
\v 36 তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক তোমালোকে কি কোৱা, ‘তুমি ঈশ্বৰ নিন্দা কৰিছা’ বুলি; কাৰণ মই কলো যে, ‘মই ঈশ্বৰৰ পুত্ৰ’?
\v 37 মোৰ পিতৃৰ কার্য যদি মই নকৰো, তেনেহলে মোক বিশ্বাস নকৰিবা;
\v 38 কিন্তু যদি কৰো, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰা, যাতে তোমালোকে জানিব পাৰা আৰু বুজিব পাৰা যে পিতৃ মোত আছে আৰু মই পিতৃত আছোঁ।”
\v 39 তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গল।
\p
\v 40 পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুনৰ গল আৰু তাতে থাকিল।
\v 41 তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
\v 42 আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।
\c 11
\p
\v 1 বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
\v 2 এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
\v 3 সেয়ে লাজাৰৰ বায়েক দুজনীয়ে যীচুলৈ এই বাৰ্ত্তা দি পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
\v 4 যীচুৱে এই কথা শুনি কলে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
\p
\v 5 মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
\v 6 তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে আৰু দুদিন থাকিল।
\v 7 তাৰ পাছতহে তেওঁ শিষ্য সকলক কলে, “বলা, আমি পুনৰ যিহূদিয়ালৈ যাওঁ।”
\p
\v 8 শিষ্য সকলে তেওঁক কলে, “ৰব্বি, এই কিছুদিনৰ আগেয়েহে যিহূদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
\v 9 যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
\v 10 কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
\v 11 এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক কলে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
\v 12 তাতে শিষ্য সকলে তেওঁক কলে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
\v 13 যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাবিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
\v 14 যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক কলে, “লাজাৰ মৰিল।
\v 15 তোমালোকৰ বাবে মই আনন্দিত হৈছো যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহাঁ, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
\v 16 তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্যসকলক কলে, “বলা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
\p
\v 17 যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
\v 18 বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ \f + \ft প্ৰায় তিনি কিলোমিটাৰ \f* দূৰত্ব;
\v 19 যিহূদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
\v 20 এনেতে মাৰ্থাই যেতিয়া যীচু আহিছে বুলি শুনিলে, তেতিয়া তেওঁক দেখা কৰিবলৈ গল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
\v 21 মাৰ্থাই যীচুক কলে, “হে প্ৰভু, আপুনি ইয়াত থকা হলে, মোৰ ভাই নমৰিলহেঁতেন;
\v 22 কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
\v 23 যীচুৱে তেওঁক কলে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
\v 24 মাৰ্থাই তেওঁক কলে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুনৰায় উঠিব।”
\v 25 যীচুৱে মার্থাক কলে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
\v 26 আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
\v 27 তেওঁ কলে, “হয় প্ৰভু; মই বিশ্বাস কৰিছো যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জনা, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
\p
\v 28 এই কথা কৈ, মার্থা তাৰ পৰা আঁতৰি গল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি কলে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
\v 29 মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গল।
\v 30 যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
\v 31 যি সকল যিহূদী মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাবিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
\v 32 যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি কলে, “হে প্ৰভু, আপুনি ইয়াত থকা হলে, মোৰ ভাই নমৰিলেহেঁতেন।”
\v 33 যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা যিহূদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত শোক কৰিলে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
\v 34 তেওঁ কলে, “তোমালোকে তেওঁক কত ৰাখিছা?” তেওঁলোকে কলে, “প্ৰভু, আহি চাওকহি।”
\v 35 তাতে যীচুৱে ক্ৰন্দন কৰিলে।
\v 36 যিহূদী সকলে কলে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
\v 37 কিন্তু তেওঁলোকৰ কোনো কোনোৱে কলে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন নে?”
\p
\v 38 তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিলেৰে ঢকি থোৱা আছিল।
\v 39 যীচুৱে কলে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক কলে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
\v 40 যীচুৱে তেওঁক কলে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
\v 41 তেতিয়া লোক সকলে শিলচটা আঁতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি কলে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
\v 42 মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছো, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
\v 43 ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে কলে, “লাজাৰ বাহিৰলৈ ওলাই আহাঁ!”
\v 44 তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক কলে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
\p
\v 45 মৰিয়মৰ ওচৰলৈ যি সকল যিহূদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
\v 46 কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।
\v 47 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি কলে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
\v 48 তাক যদি আমি এই ভাবে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু পবিত্ৰ-থান, উভয়কে অধিকাৰ কৰি লব।”
\v 49 কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহাপুৰোহিত হৈছিল, তেওঁ তেওঁলোকক কলে, “তোমালোকে একোকে নাজানা।
\v 50 তোমালোকে ভাবিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।”
\v 51 এই কথা কায়াফাই যে নিজৰ পৰা কলে এনে নহয়; কিন্তু সেই বছৰত মহাপুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে কলে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যু বৰণ কৰিব লাগিব।
\v 52 কিন্তু যীচুৱে যে কেৱল যিহূদী জাতিৰ কাৰণে মৃত্যু বৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যু বৰণ কৰিব।
\v 53 সেই দিনাখনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
\p
\v 54 সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে যিহূদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
\p
\v 55 যিহূদী সকলৰ নিস্তাৰ পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গল।
\v 56 তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱা-কুই কৰিলে, “তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?”
\v 57 প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু কত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
\c 12
\p
\v 1 নিস্তাৰ \f + \ft যিচ 49:6; যো 10:16; ইফি 2:14-18৷ \f* পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল। \f + \ft মথি 26: 6 মার্ক 14: 3৷ \f*
\v 2 সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
\v 3 তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সুগন্ধই গোটেই ঘৰ জুৰিলে।
\p
\v 4 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু কলে,
\v 5 “আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলো?”
\v 6 তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
\p
\v 7 তেতিয়া যীচুৱে কলে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
\v 8 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
\p
\v 9 যিহূদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
\v 10 সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
\v 11 কিয়নো সেই কাৰণে বহুতো যিহূদী লোকে যীচুত বিশ্বাস কৰিছিল।
\p
\v 12 পাছদিনা নিস্তাৰ পৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
\v 13 তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞঁৰি চিঞঁৰি কলে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।” \f + \ft গীতমালা: 118;25, 26 \f*
\p
\v 14 তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
\q1
\v 15 “তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী;
\q1 চোৱা তোমালোকৰ ৰজা আহিছে,
\q1 তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
\p
\v 16 এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
\p
\v 17 যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
\v 18 এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
\v 19 তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি কলে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গল।”
\p
\v 20 সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
\v 21 তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি কলে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰো।”
\v 22 ফিলিপে আহি আন্দ্ৰিয়ক এই কথা কলে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
\p
\v 23 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “মানুহৰ পুত্ৰ মহিমান্বিত হবৰ সময় হৈছে।
\v 24 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে তেতিয়া সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
\p
\v 25 যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱায় আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে।
\v 26 কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকো, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
\p
\v 27 এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি কম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে কম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলো।
\v 28 হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু কলে, “মই মহিমান্বিত কৰিলো, আকৌ মহিমান্বিত কৰিম”।
\v 29 তেতিয়া তাত লোকসকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা কলে।”
\p
\v 30 যীচুৱে উত্তৰ দি কলে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
\v 31 এতিয়া এই জগতৰ সোধবিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হব;
\v 32 আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হলে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
\v 33 তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা কলে।
\p
\v 34 তাতে লোক সকলে তেওঁক উত্তৰ দিলে, “আমি বিধান-শাস্ত্ৰত শুনিছো, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?”
\v 35 তেতিয়া যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলায়। যি জন আন্ধাৰত ফুৰে, তেওঁ কলৈ যায় সেই বিষয়ে নাজানে।
\v 36 যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
\p
\v 37 সেই কথা সিদ্ধ হবলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
\v 38 যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল,
\q1 “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?
\q1 আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হব?”
\p
\v 39 কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
\q1
\v 40 “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে,
\q1 নহলে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন
\q1 আৰু ঘুৰিলেহেঁতেন,
\q1 আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
\v 41 এইদৰে যিচয়াই এই বিষয়ে কলে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
\v 42 তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম ঘৰৰ পৰা বাহিৰ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
\v 43 কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসাতকৈ মানুহৰ পৰা পোৱা প্ৰশংসা অধিক ভাল পইছিল।
\p
\v 44 যীচুৱে অতি উচ্চস্বৰে কলে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
\v 45 আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
\p
\v 46 মই এই জগতলৈ পোহৰ হৈ আহিছো, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
\v 47 কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধবিচাৰ নকৰো; কিয়নো মই জগতৰ সোধবিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলো।
\p
\v 48 যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধবিচাৰ কৰোতা এজন আছে, আৰু মই যি বার্তা দিছো শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধবিচাৰ কৰিব।
\v 49 কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
\v 50 মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।”
\c 13
\p
\v 1 যিহূদী সকলৰ নিস্তাৰ পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
\v 2 তেওঁলোকৰ ৰাতিৰ আহাৰ ভোজৰ সময় হৈছিল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাস ঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কুবুদ্ধি সুমুৱাই দিলে।
\p
\v 3 যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
\v 4 তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
\v 5 তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
\p
\v 6 তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক কলে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
\v 7 যীচুৱে তেওঁক কলে, “মই কি কৰিছো তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”
\v 8 পিতৰে তেওঁক কলে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”
\v 9 তেতিয়া চিমোন পিতৰে তেওঁক কলে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
\p
\v 10 যীচুৱে তেওঁক কলে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
\v 11 কোনে তেওঁক বিশ্বাস ঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ কলে, “তোমালোক সকলো নিৰ্মল নহয়।”
\p
\v 12 যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক কলে, “তোমালোকৰ কাৰণে মই যি কৰিলো, সেই বিষয়ে তোমালোকে বুজিলা নে?
\v 13 তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।
\v 14 এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালো, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
\v 15 কিয়নো মই তোমালোকলৈ যি দৰে কৰিলো, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালো।
\p
\v 16 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।
\v 17 তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।
\v 18 তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছো এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলো, তেওঁলোকক জানো; কিন্তু শাস্ত্ৰৰ বচন সিদ্ধ হবলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গোৰোহা দাঙিলে।’
\p
\v 19 এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছো।
\v 20 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
\p
\v 21 এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি কলে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক বিশ্বাস ঘাতকতা কৰিব৷”
\v 22 শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা কলে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।
\p
\v 23 যীচুৰ শিষ্য সকলৰ মাজৰ যি এজনক তেওঁ বৰ প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ নিচেই কাষতে আছিল৷
\v 24 তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক কলে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?
\v 25 তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”
\p
\v 26 যীচুৱে উত্তৰ দিলে, “মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই দিম, তেৱেঁই সেই জন।” তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।
\v 27 সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক কলে, “তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা।”
\p
\v 28 কিন্তু তেওঁ কিয় এই কথা তেওঁক কলে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা সকলৰ কোনেও বুজি পোৱা নাছিল৷
\v 29 কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্ব্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা কলে।
\v 30 তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গল। সেই সময়, নিশাৰ সময় আছিল।
\p
\v 31 যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গল, যীচুৱে কলে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷
\v 32 ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ’ল, তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাতেই কৰিব।”
\v 33 মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছো। তোমালোকে মোক বিচাৰিবা; কিন্তু যিহূদী সকলক যেনেকৈ কৈছিলো যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছো।
\p
\v 34 মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলো, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰা।
\v 35 তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”
\p
\v 36 চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি কলৈ যায়?” যীচুৱে উত্তৰ দি কলে, “মই যলৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”
\v 37 পিতৰে তেওঁক কলে, “হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।”
\v 38 যীচুৱে উত্তৰ দিলে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”
\c 14
\p
\v 1 “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
\v 2 মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হলে তোমালোকক কলোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
\v 3 যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰো, তেনেহলে মই যি ঠাইত থাকো, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
\p
\v 4 মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”
\v 5 থোমাই যীচুক কলে, “হে প্ৰভু, আপুনি কলৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”
\v 6 যীচুৱে তেওঁক কলে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো যাব নোৱাৰে।
\v 7 তোমালোকে মোক জনা হলে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
\p
\v 8 ফিলিপে যীচুক কলে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হব”।
\v 9 যীচুৱে কলে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
\p
\v 10 “মই যে পিতৃত আছো আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
\v 11 মই যে পিতৃত আছো, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
\p
\v 12 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰো, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
\v 13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; যাতে পিতা, পুত্ৰৰ দ্বাৰাই মহিমান্বিত হয়।
\v 14 তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
\p
\v 15 তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
\v 16 আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷
\v 17 সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হলে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
\p
\v 18 মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
\v 19 অলপ সময়ৰ পাছত জগতে মোক পুনৰ দেখিবলৈ নাপাব, কিন্তু তোমালোকে হলে মোক দেখা পাবা; কাৰণ মই জীয়াই আছো বাবে তোমালোকো জীয়াই থাকিবা।
\v 20 সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছো আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছো।
\p
\v 21 যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
\v 22 তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক কলে, “হে প্ৰভু, কিনো হল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”
\p
\v 23 যীচুৱে তেওঁক উত্তৰ দিলে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
\v 24 যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
\p
\v 25 মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক কলো;
\v 26 কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছো, এই আটাই কথা তোমালোকক সোঁৱৰাব।
\v 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
\p
\v 28 মই তোমালোকক যি দৰে কলো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
\v 29 এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা কলো।
\p
\v 30 তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নাপাতো, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওপৰত তাৰ একো ক্ষমতা নাই।
\v 31 কিন্তু মই যে পিতৃক প্ৰেম কৰো, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰো, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”
\c 15
\p
\v 1 “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।
\v 2 মোৰ যি যি ডালত ফল নধৰে, সেই ডালবোৰ তেওঁ কাটি পেলায় আৰু যি যি ডালত ফল ধৰে; সেইবোৰ ডালত অধিক ফল ধৰিবলৈ তেওঁ সেই ডলবোৰ পৰিষ্কাৰ কৰি দিয়ে।
\p
\v 3 মই তোমালোকক কোৱা বাক্যৰ দ্বাৰাই তোমালোক এতিয়া পৰিষ্কৃত হৈছা।
\v 4 তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালে যেনেকৈ আপোনা-আপুনি ফল ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলৱন্ত হব নোৱাৰিবা।
\p
\v 5 ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকো, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
\v 6 কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহলে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
\v 7 তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহলে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।
\p
\v 8 ইয়াতে মোৰ পিতৃ মহিমান্বিত হবলৈ, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।
\v 9 পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলো; তোমালোকে মোৰ প্ৰেমতে থাকা।
\p
\v 10 তোমালোকে যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকো; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
\v 11 মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে মই তোমালোকক এইবোৰ কথা কলো।
\p
\v 12 এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলো, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰা।
\v 13 বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াত কৈ মহান প্ৰেম আন কতো নাই।
\p
\v 14 তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।
\v 15 এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলো; সেই বিষয়বোৰ তোমালোকক জনালো।
\p
\v 16 তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলো; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ যেন তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলো।
\v 17 মই তোমালোকক এইবোৰ আজ্ঞা দিছো, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা।
\p
\v 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিবা যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
\v 19 তোমালোক জগতৰ হোৱা হলে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলো, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।
\p
\v 20 মই তোমালোকক যি যি শিক্ষা দিলো, সেইবোৰ বিষয়ে সোঁৱৰণ কৰা, দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; তেওঁলোকে মোৰ বাক্য যদি পালন কৰা, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব।
\v 21 কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।
\v 22 মই আহি তেওঁলোকক কথা নোকোৱা হলে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই।
\p
\v 23 যি জনে মোক ঘৃণা কৰে, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।
\v 24 যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হলে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।
\v 25 বিধান শাস্ত্ৰৰ এই বাক্য পূর্ণ হবলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’।
\p
\v 26 পিতৃৰ পৰা মই তোমালোককৰ নিমিত্তে এগৰাকী সহায়কৰ্তা পঠিয়াম। পিতৃৰ পৰা অহা এই সহায়কৰ্তা গৰাকী হৈছে সত্যৰ আত্মা। তেওঁ যেতিয়া আহিব তেতিয়া তেৱেই মোৰ বিষয়ে সাক্ষ্য দিব।
\v 27 তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”
\c 16
\p
\v 1 “মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলো, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
\v 2 মানুহবোৰে নাম ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছো বুলি ভাবিব, এনে কাল আহি আছে।
\p
\v 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
\v 4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক কলো। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলো।
\p
\v 5 কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচাৰা, ‘আপুনি নো কলৈ গৈ আছে’?
\v 6 কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰেৰে ভৰি পৰিছে।
\p
\v 7 তথাপি, মই তোমালোকক সঁচাকৈ কৈছো; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই যদি নাযাওঁ, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গৈ তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
\p
\v 8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধবিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
\v 9 তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
\v 10 ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
\v 11 আৰু সোধবিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধবিচাৰ কৰা হ’ল।
\p
\v 12 তোমালোকক কবলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতি অধিক হব।
\v 13 কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নকব; কিন্তু যি যি কথা শুনিব, সেই বিষয়বোৰৰ বিষয়েহে কব আৰু তোমালোকক ভবিষ্যতৰ কথাও জনাব।
\v 14 তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি যি আছে, তেওঁ সেইবোৰ তোমালোকক জনাব।
\p
\v 15 পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই কলো, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
\v 16 কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নাপাবা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
\p
\v 17 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি কলে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
\v 18 এতেকে তেওঁলোকে কলে, ‘অলপ সময়’ বুলি কৈ কি তেওঁ বুজাব বিচাৰিছে? তেওঁ কি কব বিছাৰিছে আমি হলে বুজা নাই।”
\v 19 যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক কলে, “মই যে তোমালোকক কলো, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নাপাবা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
\v 20 মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দত পৰিণত হব।
\v 21 প্ৰসৱৰ সময় উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
\p
\v 22 ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
\v 23 সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
\v 24 এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
\p
\v 25 এইবোৰ কথা উপমাৰে মই তোমালোকক কলো, যি সময়ত মই তোমালোকক উপমা নিদিয়াকৈ, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
\p
\v 26 সেই দিনা পিতৃৰ পৰা যি যি খোজা, মোৰ নামেৰে খুজিবা। মই ইয়াৰে ইয়াকে কৈছো যে সেই দিনা তোমালোকৰ বাবে মই পিতৃৰ পৰা খুজিবৰ প্ৰয়োজন নহব।
\v 27 কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছো, ইয়াকো বিশ্বাস কৰিলা।
\v 28 মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলো; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
\p
\v 29 তেতিয়া তেওঁৰ শিষ্য সকলে কলে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
\v 30 এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছো।
\v 31 যীচুৱে তেওঁলোকক কলে, “এতিয়া বিশ্বাস কৰিছা নে?”
\p
\v 32 মোৰ কথা শুনা, এনে সময় আহি উপস্থিত হৈছেহি যেতিয়া তোমালোক সকলোৱেই গোট গোট হৈ যাবা। তোমালোকে মোৰ লগ এৰিবা। মই অকলশৰীয়া হম। কিন্তু প্ৰকৃততে মই অকলশৰ নহও, কাৰণ পিতৃ ঈশ্বৰ মোৰে সৈতে আছে।
\v 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলো, যাতে তোমালোকে মোৰে সৈতে শান্তি থাকিব পাৰা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলো।”
\c 17
\p
\v 1 যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি কলে, “হে পিতৃ, তোমাৰ পুত্ৰক মহিমান্বিত কৰিবলৈ এতিয়া সময় হৈছে; যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে;
\v 2 যিহেতু, সকলো লোকৰ ওপৰত তুমি পুত্ৰক ক্ষমতা দিলা যাতে যি সকলক তুমি পুত্ৰক দিলা, তেওঁলোক সকলোৱে যেন অনন্ত জীৱনৰ অধিকাৰী হয়।
\p
\v 3 সত্য ঈশ্বৰ যি তুমি; মানুহবিলাকে তোমাক আৰু তুমি পঠিয়াই দিয়া যীচু খ্ৰীষ্টক জানিব পাৰাটোৱেই অনন্ত জীৱন
\v 4 তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলো
\v 5 এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
\p
\v 6 তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলো; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
\v 7 এতিয়া তেওঁলোকে জানিছে তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ পৰাই হৈছে৷
\v 8 কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলো আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলো, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা তাকো বিশ্বাস কৰিলে।
\p
\v 9 মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছো। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছো; কিয়নো তেওঁলোক তোমাৰ৷
\v 10 মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছো।
\v 11 মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হলে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছো, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে৷
\p
\v 12 মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলো; আৰু মই তেওঁলোকক পহৰা দিলো; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
\v 13 কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছো; এই কাৰণে জগতত থাকোতেই এইবোৰ কথা কৈছো। মোৰ আনন্দ যেন তেওঁলোকে সম্পূর্ণৰূপে পায়৷
\v 14 সেই নিমিত্তে মই তোমাৰ বাক্য তেওঁলোকক দিলো; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷
\p
\v 15 তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰো, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।
\v 16 তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।
\v 17 তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।
\p
\v 18 তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালো।
\v 19 তেওঁলোকৰ কাৰণে মই নিজকে পবিত্র কৰিছো, যাতে তেওঁলোকো সত্য ৰূপে পবিত্ৰ হব পাৰে৷
\p
\v 20 মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰো, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰো,
\v 21 গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছো, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
\p
\v 22 আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলো, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰো,
\v 23 তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে যে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
\p
\v 24 হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই থাকো, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা, সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
\p
\v 25 হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলো; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
\v 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছো, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।
\c 18
\p
\v 1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁৰ শিষ্য সকলৰ সৈতে তালৈ ওলাই গল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
\v 2 শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুবাৰ সেই ঠাইলৈ গৈছিল।
\v 3 তেতিয়া যিহূদাই প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, বন্তি আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
\p
\v 4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কক বিচাৰিছা?”
\v 5 তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক কলে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
\p
\v 6 যেতিয়া তেওঁ তেওঁলোকক কলে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গল।
\v 7 তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে কলে, “নাচৰতীয়া যীচুক।”
\p
\v 8 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছো, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
\v 9 তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
\p
\v 10 তেতিয়া চিমোন পিতৰৰ এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল মল্ক।
\v 11 তেতিয়া যীচুৱে পিতৰক কলে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাক পান নকৰিম নে?”
\p
\v 12 তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু যিহূদী সকলৰ ৰক্ষকবোৰে যীচুক ধৰি বান্ধি,
\v 13 প্ৰথমতে হাননৰ ওচৰলৈ লৈ গল; কিয়নো তেওঁ আছিল সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক।
\v 14 এই কায়াফাই যিহূদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
\p
\v 15 তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গল।
\v 16 কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
\p
\v 17 তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক কলে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ কলে, “মই নহয়।”
\v 18 সেই ঠাইতে দাস আৰু ৰক্ষক বোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
\p
\v 19 তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
\v 20 যীচুৱে তেওঁক উত্তৰ দি কলে, “মই জগতৰ আগত মুকলিকৈ কলো; মই নামঘৰত আৰু মন্দিৰত, যিহূদী সকল গোট খোৱা ঠাইত সদায় শিক্ষা দিলো আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
\v 21 তোমালোকে মোক কিয় সুধি আছা? তেওঁলোকক সোধা যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি কলো, সেই বিষয়ে তেওঁলোকে জানে।”
\p
\v 22 যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰি কলে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
\v 23 যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছো, তেনেহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছো, তেনেহলে মোক কিয় মাৰিছা?”
\v 24 তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা হৈছিল।
\p
\v 25 তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি কলে, “মই নহয়।”
\v 26 মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটিছিল, তেওঁৰ সমন্ধীয় এজনে কলে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
\v 27 তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
\p
\v 28 ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়মৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোচা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
\v 29 এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
\v 30 তেওঁলোকে উত্তৰ দি পীলাতক কলে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হলে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
\p
\v 31 তেতিয়া পীলাতে তেওঁলোকক কলে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধবিচাৰ কৰা।” যিহূদী সকলে তেওঁক কলে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
\v 32 কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণেৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হবলৈ এনে হ’ল।
\p
\v 33 এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি যিহূদী সকলৰ ৰজা নে?”
\v 34 যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ কলে?”
\v 35 পীলাতে উত্তৰ দিলে, “মই জানো যিহূদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
\p
\v 36 যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হলে যিহূদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
\v 37 তেতিয়া পীলাতে তেওঁক কলে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলো। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
\p
\v 38 পীলাতে তেওঁক কলে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা যিহূদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক কলে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
\v 39 তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ যিহূদী সকলৰ ৰজাক এৰি দিম নে?”
\v 40 তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি কলে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এটা ডকাইত আছিল।
\c 19
\p
\v 1 তেতিয়া পীলাতে যীচুক চাবুকেৰে কোবাবলৈ আদেশ দিলে।
\v 2 তাৰ পাছত সৈন্য সকলে কাঁইটেৰে কিৰীটি সাজি যীচুৰ মূৰত দি, বেঙেনা বৰণীয়া \f + \ft বেঙেনা বৰণীয়া উজ্বল ৰঙৰ কপোৰ \f* কাপোৰ পিন্ধালে;
\v 3 ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে যিহূদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।
\p
\v 4 পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক কলে, “চোৱা, মই এওঁত একো দোষ নাপালো আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।”
\v 5 এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু বেঙেনা বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক কলে “চোৱা, এই জনেই সেই মানুহ!”
\v 6 তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়া সকলে যীচুক দেখি, আটাহ পাৰি কলে, “ক্রুচত দিয়ক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক কলে, “তোমালোকে নিজে এওঁক নি ক্রুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালো।”
\p
\v 7 যিহূদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।”
\v 8 তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে,
\v 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি কৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
\p
\v 10 তেতিয়া পীলাতে তেওঁক কলে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?”
\v 11 যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হলে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহলহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
\p
\v 12 এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু যিহূদী সকলে চিঞঁৰি চিঞঁৰি কলে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি কৈচৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ কৈচৰৰ বিৰুদ্ধে কথা কয়।”
\v 13 এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলেৰে বন্ধা পথ \f + \ft খোজ কাঢ়ি যোৱা পথ \f* নামেৰে ঠাইত সোধবিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
\p
\v 14 তেতিয়া নিস্তাৰ পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে যিহূদী সকলক কলে, “চোৱা, এয়া তোমালোকৰ ৰজা”
\v 15 তেতিয়া তেওঁলোকে চিঞঁৰ মাৰি কলে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক কলে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “সম্ৰাটৰ বাহিৰে আমাৰ আন ৰজা নাই।”
\v 16 তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
\p
\v 17 তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গল।
\v 18 সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজন মানুহক দুই কাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
\p
\v 19 পীলাতে এখন জাননী লিখি ক্ৰুচৰ ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, যিহূদী সকলৰ ৰজা৷”
\v 20 এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, যিহূদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
\v 21 এই কাৰণে যিহূদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক কলে, “যিহূদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই যিহূদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, “ইয়াকে লিখক।”
\v 22 পীলাতে উত্তৰ দিলে, “মই যি লিখিলো, লিখিলোঁৱেই”।
\p
\v 23 পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ললে; আৰু তেওঁৰ চোলাও ললে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
\v 24 এই কাৰণে তেওঁলোকে পৰস্পৰে কলে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷
\q1 “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ললে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
\p
\v 25 এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।
\v 26 যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক কলে, “হে নাৰী, চোৱা, তোমাৰ পুত্ৰ”!
\v 27 তেতিয়া তেওঁ সেই শিষ্যকো কলে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গল।
\p
\v 28 ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হবৰ কাৰণে কলে, “মোৰ পিয়াহ লাগিছে”।
\v 29 সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
\v 30 তাতে যীচুৱে সেই চিৰকা পাই কলে, “সিদ্ধ হ’ল”; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।
\p
\v 31 সেই দিন আয়োজনৰ দিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত যেন নাথাকে, সেই বিশ্ৰামবাৰৰ দিনটো এটা বিশেষ দিন বা পৰ্ব্বৰ দিন আছিল, কিয়নো সেই দিনাই নিস্তাৰ পৰ্বৰ আছিল, এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে যিহূদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
\v 32 তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে।
\v 33 কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
\p
\v 34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষত হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
\v 35 এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
\p
\v 36 কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, শাস্ত্ৰৰ এই বচন সিদ্ধ হবলৈহে, এই সকলো ঘটনা ঘটিল।
\v 37 শাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব।’
\p
\v 38 তাৰ পাছত যিহূদী সকলৰ ভয়ত যীচুৰ যি গৰাকী শিষ্যই নিজকে গোপনে ৰাখিছিল, আৰিমথিয়াৰ যোচেফ নামৰ সেই শিষ্যই যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ অনুমতি বিচাৰিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গল।
\v 39 তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
\p
\v 40 এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, যিহূদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷
\v 41 আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
\p
\v 42 কাৰণ সেইদিনা যিহূদী সকলৰ আয়োজনৰ দিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।
\c 20
\p
\v 1 সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আঁতৰাই থোৱা দেখিলে।
\v 2 তাতে তেওঁ দৌৰি গৈ, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক কলে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক কত থলে, সেই বিষয়ে আমি নাজানো।
\p
\v 3 তাতে পিতৰ আৰু সেই আন শিষ্য সকলে বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গল।
\v 4 তেওঁলোক দুয়ো একেলগে দৌৰি গল, কিন্তু আন শিষ্যই পিতৰক পাছ পেলাই আগত দৌৰি গৈ প্ৰথমে মৈদামৰ ওচৰ পালে;
\v 5 আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল।
\v 6 তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,
\v 7 কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে।
\p
\v 8 ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
\v 9 কাৰণ শাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল।
\v 10 তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গল।
\p
\v 11 কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,
\v 12 যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।
\v 13 তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ কলে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক কত থলে নাজানো।”
\p
\v 14 এই কথা কৈ, তেওঁ পাছ ফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
\v 15 তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কাক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক কলে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে কত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।”
\p
\v 16 যীচুৱে তেওঁক কলে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে কলে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’
\v 17 যীচুৱে তেওঁক কলে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
\v 18 তেতিয়া মগ্দলীনী মৰিয়ম গল আৰু শিষ্য সকলক এই সম্বাদ দিলে, “মই প্ৰভুক দেখিলো৷” মৰিয়মে তেওঁলোকক জনালে যে তেৱেঁই মোক এই খবৰ দিবলৈ কলে।
\p
\v 19 সেই দিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকলে এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ যিহূদী সকলৰ ভয়ত বন্ধ কৰি ৰাখিলে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ কলে “তোমালোকৰ শান্তি হওক”।
\v 20 এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।
\p
\v 21 এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াম”।
\v 22 এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই কলে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা।
\v 23 তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷”
\p
\v 24 থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল।
\v 25 এতেকে আন শিষ্য সকলে তেওঁক কলে, “আমি প্ৰভুক দেখিলো”। কিন্তু তেওঁ তেওঁলোকক কলে, “তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, আৰু তেওঁৰ কোষত হাত দি নাচালে মই কোনোমতে বিশ্বাস নকৰো।”
\p
\v 26 আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ কলে, “তোমালোকৰ শান্তি হওক।”
\v 27 তেতিয়া তেওঁ থোমাক কলে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত হাত দি চোৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।”
\p
\v 28 থোমাই উত্তৰ দি তেওঁক কলে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
\v 29 যীচুৱে তেওঁক কলে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা; যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোক ধন্য।”
\p
\v 30 যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক আচৰিত চিন দেখুৱাইছিল, যিবোৰ এই পুস্তকত লিখা নাই৷
\v 31 কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
\c 21
\p
\v 1 এই সকলোবোৰ ঘটি যোৱাৰ পাছত যীচুযৱে নিজকে তিবিৰিয়া সাগৰৰ দাঁতিত শিষ্য সকলৰ সন্মুখত দেখা দিলে \f + \ft কৰি5:7 1পি 1:8৷ \f* ৷ এই ভাবে যীচুৱে পুনৰ শিষ্য সকলক দৰ্শন দিলে \f + \ft পা 20:28; 1পি 5:2-4৷ \f* :
\v 2 চিমোন পিতৰ আৰু যাক দিদুমো বোলে, সেই থোমা, আৰু গালীল প্ৰদেশৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়ৰ পুতেক দুজন আৰু আন দুজন যীচুৰ শিষ্য, এওঁলোক সকলোৱে একে ঠাইতে আছিল।
\v 3 চিমোন পিতৰে তেওঁলোকক কলে, “মই মাছ মাৰিবলৈ যাওঁ”। তেওঁলোকে কলে, “আমিও, তোমাৰ লগত যাওঁ”। এই বুলি তেওঁলোক ওলাই গৈ নাওত উঠিল; কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে।
\p
\v 4 পাছত ৰাতি পুৱালত, যীচু বামত থিয় হ’ল; কিন্তু তেওঁ যে যীচু, ইয়াক সেই শিষ্য কেইজনে নাজানিলে।
\v 5 তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “হেৰ বন্ধু সকল, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নে?” তেওঁলোকে তেওঁক উত্তৰ দিলে, “নাই।”
\v 6 তেতিয়া যীচুৱে তেওঁলোকক কলে, “নাওৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা।” তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে।
\p
\v 7 যেতিয়া “এৱেঁই প্ৰভু” বুলি যীচুৰ প্ৰিয় শিষ্যই পিতক কলে তেতিয়া চিমোন পিতৰে খুলি থোৱা চোলাখন পিন্ধিলৈ (কাৰণ মাছ ধৰা কামত লাগিবলৈ তেওঁ চোলা খুলি ৰাখিছিল) পানিত জপিয়াই পৰিল।
\v 8 মাছে ভৰা জাল টানি টানি আন সকল শিষ্য পাৰ চাপিল, কাৰণ তেওঁলোক পাৰৰ পৰা বৰ বেচি দূৰত নাছিল।
\v 9 তেওঁলোকে নাওৰ পৰা পাৰত নমাত কয়লাৰ জ্বলিথকা জুই দেখা পাইছিল। জ্বলিথকা জুইত কেইটামান মাছ আৰু ৰুটিও আছিল৷
\p
\v 10 যীচুৱে তেওঁলোকক কলে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কেইটামান মাছ আনাগৈ”।
\v 11 তেতিয়া চিমোন পিতৰে নাওখনৰ ওচৰলৈ গল আৰু জালখন টানি পাৰলৈ চপালে। জালখনত মুঠ এশ ত্ৰেপন্নটা মাচ আছিল। মাছেৰ ডঙৰ আৰু গধুৰ আছিল, তথপি টানোতে ফটা নাছিল।
\p
\v 12 যীচুৱে তেওঁলোকক কলে, “আহাঁ তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি”। তেতিয়া তেৱেঁই যে প্ৰভু, ইয়াকে জানি ‘তুমি নো কোন? এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহল।
\v 13 পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।
\v 14 মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।
\p
\v 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক কলে, “হয় প্ৰভু; মই যে আপোনাক প্ৰীতি কৰো, তাক আপুনি জানে”। যীচুৱে তেওঁক কলে, “মোৰ মেষ বিলাকক চৰোৱা।”
\v 16 দ্বিতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক কলে, “হয় প্ৰভু; আপোনাক মই প্ৰীতি কৰো, এই বিষয়ে আপুনি জানে।” যীচুৱে তেওঁক কলে, “মোৰ মেষ বিলাকক প্ৰতিপালন কৰা।”
\p
\v 17 তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” যীচুৱা পিতৰক তিনিবাৰকৈ “তুমি মোক প্ৰেম কৰা নে” বুলি সোধাত অসন্তোষ পাই কলে, “হে প্ৰভু, আপুনি সকলো জানে; যে মই আপোনাক প্ৰেম কৰো, আপুনি জানে।” যীচুৱে তেওঁক কলে, “মোৰ মেষ বিলাকক চৰোৱা।
\v 18 মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, যলৈকে ইচ্ছা তলৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হবা, তেতিয়া হাত মেলিবা আৰু আন লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ যলৈ যাবৰ ইচ্ছা নাই, তলৈকে তোমাক লৈ যাব।”
\p
\v 19 তেতিয়া এই কথাৰে যীচুৱে পিতৰক বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্নিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক কলে, “মোৰ পাছে পাছে আহাঁ।”
\p
\v 20 তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল, ‘হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব? যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।
\v 21 তাতে পিতৰে তেওঁক দেখি, যীচুক সুধিলে, “হে প্ৰভু, এই মানুহৰ কি অৱস্থা হব?”
\p
\v 22 যীচুৱে কলে, “মই ঘূৰি অহালৈকে তেওঁ যদি জীয়াই থাকাটোক মই যদি ইচ্ছাও কৰো তাৰে তোমালোকৰ কি ভাল হব। তুমি মোক অনুসৰণ কৰা।”
\v 23 এই কথা ভাই সকলৰ মাজত বিয়পি গল; কিন্তু সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু ‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম? অকল ইয়াকেহে কৈছিল।
\p
\v 24 যি জনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে, এৱেঁই সেই শিষ্য; আমি জানো যে, তেওঁৰ সাক্ষ্য সত্য।
\p
\v 25 ইয়াৰ বাহিৰেও যীচুৱে বহু কৰ্ম কৰিলে৷ সেই সকলোকে এটা এটাকৈ লিখিবলৈ গলে, যিমানবোৰ পুস্তক হব, বোধ কৰো, সিমানবোৰ পৃথিৱীতো নধৰিব।