\id TIT \s5 \c 1 \s মঙ্গলাচৰণ; মণ্ডলী শাসন সম্বন্ধীয় কথা \p \v 1 ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি পৌল, ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰে সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷ \v 2 সেই অনন্ত জীৱনৰ\f + \fr 1.2 \ft ১ যো ৫:৯-১১\f* আশাত আমাৰ সেই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পুৰ্ব্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷ \v 3 ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্ৰচাৰৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷ \s5 \p \v 4 সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওঁক। \p \v 5 অসম্পূর্ণ কার্য্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতি দ্বীপত মই তোমাক থৈ আহিলো। \s5 \p \v 6 যি জন নির্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তানসকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তি পৰিচাৰকৰূপে গণ্য হব।\f + \fr 1.6 \ft ১ তী ৩: ২-৯\f* \v 7 ঈশ্বৰৰ লোকসকলক পৰিচালিত কৰা লোক ঈশ্বৰৰ ঘৰগিৰীৰদৰে। সেয়ে, সেই ব্যক্তিৰ সুনাম থকাটো প্রয়োজন। তেওঁ অহঙ্কাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷ \s5 \p \v 8 কিন্তু অতিথি সেৱক, সাধুক স্নেহ কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ'ব লাগে৷ \v 9 আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ'বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে। \s5 \p \v 10 কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোকসকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীনতা, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷ \v 11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে। \s5 \p \v 12 তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে "ক্ৰীতিৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।" \v 13 এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰা। \s5 \p \v 14 আৰু যিহুদীয়া আখ্যানলৈ আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷ \s5 \p \v 15 শুচিসকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিতবোৰলৈ আৰু বিশ্বাস নকৰাসকললৈ একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত। \v 16 ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্য্যত তাক অস্বীকাৰ কৰে৷\f + \fr 1.16 \ft যিহি ৩৩: ৩০-৩২; মথি ১৫:৮; ২ তী ৩:৫; ১ যো ৪:২০\f* তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকর্মৰ বাবে অনুপযোগী। \s5 \c 2 \s মণ্ডলীভুক্ত নানা লোকক দিব লগীয়া শিক্ষাৰ বৃত্তান্ত \p \v 1 কিন্তু তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা৷ \v 2 পৰিচাৰকসকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্য্যত নিৰাময় হয়৷ \s5 \p \v 3 সেইদৰে পৰিচাৰীকাসকলেওঁ যেন পবিত্ৰ লোকসকলৰদৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ আসক্ত নহৈ, যেন উত্তম শিক্ষা দিওঁতা হয়; \v 4 ইয়াৰ দ্বাৰা তেওঁলোকে যেন যুৱতীসকলক তেওঁলোকৰ চিন্তাধাৰাত সুস্হিৰ হবলৈ, পতি-প্ৰিয়া আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত কৰে, বিবেচক হবলৈ, \v 5 নিৰ্দোষী, ঘৰ-ধৰোতা, সু-স্বভাবী, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তোলে, এনে শিক্ষাৰ দিয়া যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷ \s5 \p \v 6 সেইদৰে যুৱকসকলকো সুবোধ হবলৈ উদগোৱা৷ \v 7 নিজে সকলো বিষয়তে সৎ কর্ম্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধতা, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য প্ৰকাশ কৰা; \v 8 তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব। \s5 \p \v 9 দাসসকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষ-দায়ক হব লাগে কিন্তু উত্তৰা-উত্তৰি নকৰি \v 10 আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবলৈ তেওঁলোকক উদগোৱা যাতে আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰে৷\f + \fr 2.10 \ft মথি ৫:১৬; ফিলি ২:১৫; ১ পি ২:৯\f* \s5 \p \v 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল; \v 12 আৰু আমি ভক্তি লঙ্ঘণ আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্ম্মিক আৰু ভক্তিভাবে এই বর্তমান সংসাৰত যেন জীবন যাপন কৰোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। \v 13 এতিয়া আমি পৰম ধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাবলৈ যেন অপেক্ষা কৰি থাকো৷ \s5 \p \v 14 আমাক সকলো অধর্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তিসকলৰদৰে সকলো সৎকর্মত উদ্দোগী হওঁ। \s5 \v 15 তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা। \s5 \c 3 \p \v 1 তুমি তেখেতসকলক সোঁৱৰাবা; তেখেতসকলে যেন আধিপত্য আৰু ক্ষমতা পোৱা লোকসকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে \v 2 আৰু কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাবী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷ \s5 \p \v 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ দাস্য-কর্ম্ম কৰা, হিংসা আৰু অসূয়তাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ। \s5 \p \v 4 কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ মধুৰ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল, \v 5 তেতিয়া আমি কৰা ধর্ম্ম-কর্ম্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ\f + \fr 3:5 \ft যো ৩:৩,৫\f* স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷ \s5 \p \v 6 তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্ট্‌ৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে, \v 7 যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গনিত হৈ, অনন্ত জীৱণৰ আশা অনুসাৰে উত্তৰাধিকাৰী\f + \fr 3:7 \ft ১ পি ১:৩-৫\f* হব পাৰো৷ \s5 \p \v 8 এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক। \s5 \p \v 9 কিন্তু মূঢ় বাদ-বিচাৰ, বংশাৱলী, বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক। \v 10 দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰা; \v 11 তেনে মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, তাক তুমি জানা। \s শেষ-আদেশ আৰু মঙ্গলবাদ \s5 \p \v 12 মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালো, নীকপলিত মোৰ তালৈ বেগাই আহিবলৈ তুমি যত্ন কৰা; কিয়নো মই সেই ঠাইতে জাৰ-কালি কটাবলৈ স্থিৰ কৰিলোঁ। \v 13 পণ্ডিত চিনাক আৰু আপল্লকো অতি যত্নেৰে পঠাবা যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়। \s5 \p \v 14 আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ কাৰণে প্ৰয়োজনীয় অভাব দূৰ কৰিবলৈ সৎকর্মত লাগি থাকিবলৈ শিকক। \s5 \p \v 15 মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰীতি কৰা সকলক মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন....................................................