\id SNG \ide UTF-8 \h চলোমনৰ পৰমগীত \toc1 চলোমনৰ পৰমগীত \toc2 চলোমনৰ পৰমগীত \toc3 sng \mt1 চলোমনৰ পৰমগীত \c 1 \cl ১ \p \v 1 চলোমনৰ পৰমগীত - \sp \q1 \v 2 তেওঁ নিজৰ মুখৰ চুম্বনবোৰেৰে মোক চুমা খাওঁক, \q1 কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। \q1 \v 3 তোমাৰ সুগন্ধ তেলে সৌৰভ আনে; \q1 বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; \q1 সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়। \q1 \v 4 মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে লৰি যাম। \q1 ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; \q1 আমি তোমাক লৈ উল্লাসিত হম, আনন্দ কৰিম; \q1 আমি দ্রাক্ষাৰসতকৈও অধিককৈ তোমাৰ প্রেমৰ প্ৰশংসা কৰিম; \q1 বাস্তৱিক সিহঁতে তোমাক ভাল পায়। \sp \p \v 5 হে যিৰূচালেমৰ \q1 ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; \q1 মই কেদৰৰ তম্বুৰ নিচিনা ক’লা; কিন্তু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী । \p \v 6 মই ক’লা, কাৰণ সূর্যৰ তাপে মোক ডেই নিলে; তাৰবাবে তোমালোকে মোলৈ এনেদৰে চাই নাথাকিবা। \q1 মোৰ ভাই-ককাইসকলে \q1 মোৰ ওপৰত খং কৰিলে মোক \q1 দ্ৰাক্ষাবাৰীবোৰৰ ৰখীয়া পাতিলে; \q1 কিন্তু মই মোৰ নিজৰ \f + \ft নিজৰ সৌন্দর্য \f* দ্ৰাক্ষাবাৰী ৰক্ষা কৰা নাই। \sp \q1 \v 7 হে মোৰ প্ৰাণৰ প্রিয়তম! \q1 মোক কোৱা, তুমি তোমাৰ মেষৰ জাকক কোন ঠাইত চৰোৱা? \q1 তুমি তোমাৰ জাকবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? \q1 তোমাৰ লগৰীয়াৰ জাকবোৰৰ কাষত, \q1 মই কিয় ওৰণি লোৱা জনীৰ নিচিনাকৈ ফুৰিম? \sp \q1 \v 8 হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, \q1 তুমি যদি তাক নাজানা, \q1 তেন্তে মোৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু \q1 মেষ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে তোমাৰ ছাগলী পোৱালিবোৰক চৰোৱা। \p \v 9 হে মোৰ প্ৰিয়তমা, \q1 ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, \q1 মই তোমাক তুলনা কৰিছোঁ। \q1 \v 10 গালৰ দুইপাশৰ গহণাৰে সৈতে তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, \q1 আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে। \p \v 11 আমি তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত \q1 সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। \sp \p \v 12 ৰজাই যেতিয়া ভোজনৰ সভাত বহিছিল, \q1 তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল। \q1 \v 13 মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, \q1 যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে। \q1 \v 14 মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, \q1 যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। \sp \q1 \v 15 চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; \q1 তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। \sp \q1 \v 16 চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; \q1 তুমি কিমান যে সুন্দৰ! \q1 আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা। \q1 \v 17 এৰচ গছ আমাৰ ঘৰৰ চতি, \q1 দেবদাৰু আমাৰ ঘৰৰ বাটাম। \c 2 \cl ২ \sp \p \v 1 মই চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। \sp \p \v 2 কাঁইটবোৰৰ মাজত এটি লিলি \f + \ft লিলি কনাৰি \f* ফুল যেনে \q1 ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে। \sp \p \v 3 বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। \q1 মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, \q1 মোৰ মুখত তাৰ ফল মিঠা লাগে। \q1 \v 4 তেওঁ মোক ভোজৰ গৃহলৈ লৈ গ’ল, \q1 আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান। \q1 \v 5 কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, \q1 আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; \q1 কিয়নো মই প্ৰেম-পীড়িতা হৈছোঁ। \q1 \v 6 মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, \q1 আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে। \q1 \v 7 হে যিৰূচালেমৰ যুৱতীসকল, \q1 মই তোমালোকক কাতৰ অনুৰোধ কৰিছো, \q1 মৃগ আৰু বনৰ হৰিণীবোৰৰ নামেৰে শপত দি কৈছো, \q1 তোমালোকে প্ৰেমক উত্তেজিত নকৰিবা বা নজগাবা, \q1 যেতিয়ালৈকে তাৰ ইচ্ছা নহয়। \p \v 8 সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! \q1 সেয়া চোৱা, তেওঁ আহিছে, \q1 তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি \q1 ডেও দি জপিয়াই আহিছে। \q1 \v 9 মোৰ প্ৰিয়, মৃগ বা যুৱা হৰিণৰ নিচিনা; \q1 সৌৱা চোৱা, তেওঁ আমাৰ প্ৰাচীৰৰ পাছফালে থিয় হৈ আছে, \q1 তেওঁ খিড়িকিবোৰৰ মাজেদি চাইছে, \q1 চিলিঙৰ মাজেদি উকি মাৰিছে, \q1 \v 10 মোৰ প্ৰিয়ই কথা ক’লে, মোক ক’লে, \q1 প্ৰিয়াৰ কথা য়া \q1 “হে মোৰ প্ৰিয়া, উঠা; \q1 হে মোৰ সুন্দৰী, আহাঁ। \q1 \v 11 কিয়নো চোৱা, শীতকাল গ’ল, \q1 বর্ষাও শেষ হৈ গুছি গ’ল। \q1 \v 12 ভূমিত ফুলবোৰ ফুলি উঠিছে; \q1 (পক্ষীবোৰে) গান গোৱাৰ সময় আহিছে; \q1 আমাৰ দেশত কপৌৰ মাত শুনা গৈছে। \q1 \v 13 ডিমৰু গছৰ কুমলীয়া গুটি পূৰঠ হ’ব ধৰিছে, \q1 ফুল ধৰা দ্ৰাক্ষালতাই সুঘ্ৰাণ বিয়পাইছে। \q1 হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ। \q1 \v 14 শিলৰ ফাটত আৰু পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই থকা, হে মোৰ কপৌজনী, \q1 মোক তোমাৰ মুখ চাবলৈ দিয়া; \q1 তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; \q1 কিয়নো তোমাৰ মাত মধুৰ আৰু \q1 তোমাৰ ৰূপ শুৱনি।” \sp \q1 \v 15 তোমালোকে আমাৰ কাৰণে সেই শিয়ালবোৰক, \q1 সৰু সৰু শিয়ালবোৰক ধৰা, \q1 যিবিলাকে দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। \q1 কিয়নো আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে। \sp \q1 \v 16 মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; \q1 তেওঁ লিলি ফুলৰ মাজত নিজৰ জাক চৰায়। \q1 \v 17 ভোৰ নোহোৱালৈকে, অন্ধকাৰৰ ছায়াঁবোৰে পলায়ন নকৰেমানে, তুমি ঘূৰি আহাঁ, হে মোৰ প্ৰিয়, \q1 মৃগ বা যুৱা হৰিণৰ দৰে হোৱা, \q1 বেথৰ পৰ্বতশ্ৰেণীৰ \f + \ft প্ৰাচীৰ (2:9) বিবাস বিচ্ছিন্নতাৰ আৰম্ভণি বা চিন \f* ৰলৈ উঠি আহাঁ। \c 3 \cl ৩ \q1 \v 1 ৰাতি মই মোৰ শয্যাত \q1 মোৰ প্ৰাণৰ প্ৰিয়তমক বিচাৰিলো; \q1 মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ; \q1 \v 2 মই ক’লো “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; \q1 ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; \q1 তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” \q1 মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। \q1 \v 3 নগৰ ঘূৰি ফুৰি পহৰা দিয়া প্ৰহৰীবোৰে \q1 মোক দেখা পালে। \q1 মই সুধিলোঁ, “আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?” \q1 \v 4 মই তেওঁলোকৰ ওচৰৰ পৰা অলপ আগুৱাই গলো, \q1 তেনেতে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। \q1 মই তেওঁক ধৰিলো, \q1 মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, \q1 মই তেওঁক এৰি নিদিলোঁ, \q1 যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, \q1 মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক আনিলো। \sp \q1 \v 5 হে যিৰূচালেমৰ যুৱতীসকল, \q1 মই তোমালোকক কাতৰ অনুৰোধ কৰিছো, \q1 পথাৰৰ মৃগ বা যুৱা হৰিণৰ দৰে \q1 তোমালোকে প্ৰেমক উত্তেজিত নজগাবা \q1 যেতিয়ালৈকে তেওঁ নিজে ইচ্ছা নকৰে \q1 \v 6 ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাৰে বনোৱা গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে, সুবাসিত হৈ \q1 মৰুভূমিৰ পৰা অ’হা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন? \q1 \v 7 চোৱা, সৌৱা চলোমনৰ দোলা; \q1 তেওঁক ষাঠিজন বীৰ যোদ্ধাই ঘেৰি ৰাখিছে; \q1 তেওঁলোক ইস্রায়েলৰ বীৰসকল। \q1 \v 8 তেওঁলোক সকলোৰে লগত তৰোৱাল আছে; যুদ্ধত তেওঁলোক সুদক্ষ; \q1 ৰাতিৰ বিপদৰ কাৰণে তেওঁলোক প্ৰতিজনে \q1 নিজৰ তৰোৱাল ককালত বান্ধি লৈছে । \q1 \v 9 ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে \q1 এটি দোলা নির্মাণ কৰিলে। \q1 \v 10 দোলাৰ খুটাবোৰ ৰূপেৰে \q1 তলভাগ সোণেৰে, \q1 আসনৰ দলিচাখন বেঙেনা বৰণেৰে তৈয়াৰী; \q1 যিৰূচালেমৰ ৰমণীসকলে \q1 তাৰ ভিতৰ অংশ প্রেমেৰে সৈতে শোভিত কৰিলে। \q1 \v 11 হে চিয়োনৰ যুৱতীসকল, \q1 তোমালোক বাহিৰলৈ ওলাই আহাঁ, \q1 চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; \q1 তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, \q1 তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে। \c 4 \cl ৪ \sp \p \v 1 প্ৰিয়া মোৰ, চোৱা তুমি কিমান যে সুন্দৰী! \q1 তুমি সুন্দৰী। \q1 ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; \q1 তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা। \q1 \v 2 এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেষৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। \q1 সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, \q1 আৰু সিহঁতৰ মাজত এটাও মৃত পোৱালি নাই। \q1 \v 3 তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে; \q1 কি যে মনোহৰ তোমাৰ মুখ! \q1 ওৰণিৰ তলত তোমাৰ গাল দুখন \q1 দুফাল কৰা আধা ডালিমৰ নিচিনা। \q1 \v 4 তোমাৰ ডিঙি, অস্ত্ৰ ভড়ালৰ বাবে নিৰ্মিত দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, \q1 য’ত অৰা আছে এহেজাৰ ঢাল; \q1 সেই সকলোবোৰেই মহাবীৰসকলৰ ঢাল। \q1 \v 5 তোমাৰ স্তন দুটা মৃগৰ যমজ পোৱালীৰ নিচিনা, যি লিলি ফুলৰ বনত চৰি ফুৰে। \p \v 6 ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে, \q1 মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰলৈ দ্ৰুত গতিৰে যাম। \p \v 7 মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; \q1 তোমাত কোনো খুঁত নাই। \q1 \v 8 হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ। \q1 লিবানোনৰ পৰা মোৰ লগতে আহাঁ; \q1 অমানাৰ ওখ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা, \q1 সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানবোৰ পৰা চোৱা \q1 \v 9 মোৰ ভনী, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; \q1 তোমাৰ চকুৰ এক চাৱনীৰে, \q1 তোমাৰ ডিঙিৰ এডাল হাৰেৰে \q1 তুমি মোৰ মন বন্দী কৰিলা। \q1 \v 10 হে মোৰ ভনী, মোৰ কইনাজনী, \q1 তোমাৰ ভালপোৱা কিমান যে মন জুৰুৱা! \q1 তোমাৰ ভালপোৱা দ্ৰাক্ষাৰসতকৈয়ো কেনে উত্তম আৰু \q1 সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম। \q1 \v 11 হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে; \q1 তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে; \q1 তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ গন্ধৰ নিচিনা। \q1 \v 12 মোৰ ভনী, মোৰ কইনাজনী বন্ধ হৈ থকা এক উদ্যান; \q1 এক বন্ধ হৈ থকা জুৰি, বন্ধ কৰি ৰখা এটি ভুমুক। \q1 \v 13 তোমাৰ পুলিবোৰ এক উদ্যান; \q1 তাত সুস্বাদু ফল ধৰা ডালিম গছ আছে, \q1 সুগন্ধি জেতুকা আৰু জটামাংসীৰে ভৰা। \q1 \v 14 জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি, \q1 আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। \q1 তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে। \q1 \v 15 তুমি উদ্যানৰ এক ভুমুক, \q1 তুমি জীৱন জলৰ এটি কুৱাঁ আৰু \q1 লিবানোনৰ পৰা প্ৰবাহিত জলস্রোত। \sp \p \v 16 হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; \q1 মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। \q1 মোৰ প্রিয়ই নিজৰ উদ্যানলৈ সোমাই আহঁক আৰু তাৰ সুস্বাদু ফলবোৰ ভোজন কৰক। \c 5 \cl ৫ \sp \p \v 1 মোৰ ভনী, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; \q1 মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; \q1 মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; \q1 মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। \q1 ভোজন কৰা, হে বন্ধুগণ! \q1 পান কৰা। \q1 অধিক তৃপ্তিৰে পান কৰা। \sp \p \v 2 মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, \q1 মোৰ প্ৰিয়ৰ মাত শুনা, তেওঁ দুৱাৰত টুকুৰিয়াই ক’লে, \q1 “হে মোৰ ভনী, মোৰ প্ৰিয়া, মোৰ কপৌ, মোৰ অকলুষিতজনী, \q1 দুৱাৰখন খুলি দিয়া। \q1 মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, \q1 ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।” \q1 \v 3 “মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? \q1 মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?” \q1 \v 4 মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি তেওঁৰ হাত ভৰালে, \q1 মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল। \q1 \v 5 মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; \q1 মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, \q1 তৰল গন্ধৰস মোৰ আঙুলিৰ পৰা টোপা-টোপে পৰিল \q1 দুৱাৰৰ শলখাডালো ভিজি গ’ল। \q1 \v 6 মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; \q1 কিন্তু মোৰ প্ৰিয় উলটি গ’ল, গুচি গ’ল; \q1 তেওঁ কথা কোৱাত, মোৰ হৃদয় জপিয়াই উঠিল। \q1 মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; \q1 মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে। \q1 \v 7 নগৰ ঘূৰি ফুৰি পহৰা দিয়া প্ৰহৰীবোৰে \q1 মোক দেখা পালে; \q1 তেওঁলোকে মোক প্ৰহাৰ কৰিলে, মোক ক্ষতবিক্ষত কৰিলে; \q1 নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা আবৰণ কাঢ়ি নিলে। \q1 \v 8 হে যিৰূচালেমৰ ৰমণীসকল, \q1 মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, \q1 তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, \q1 তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্ৰেমত পীড়িতা হৈছোঁ। \sp \p \v 9 হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, \q1 তোমাৰ প্রিয়তম অন্যান্য প্ৰেমিকতকৈ কিহত উত্তম? \q1 তুমি যে আমাক এইৰূপে অনুৰোধ কৰিছা, \q1 তোমাৰ প্রিয়তমনো আন প্রেমিকতকৈ কিহত উত্তম? \sp \p \v 10 মোৰ প্ৰিয়তম বগা আৰু ৰক্তবৰ্ণ; \q1 তেওঁ দহ হাজাৰজনৰ মাজত অগ্ৰগণ্য। \q1 \v 11 তেওঁৰ মূৰ অতি নিৰ্ম্মল সোণৰ নিচিনা; \q1 তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা। \q1 \v 12 তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; \q1 তাক যেন গাখীৰেৰে ধোৱা আৰু উত্তমতাৰে খোদিত কৰা হৈছে। \q1 \v 13 তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, \q1 য’ৰ পৰা সুঘ্রাণ ওলায়। \q1 তেওঁৰ ওঁঠযুৰি তৰল গন্ধৰস বাগৰি অহা লিলি ফুলৰ নিচিনা। \q1 \v 14 তেওঁৰ হাত দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; \q1 তেওঁৰ শৰীৰ হাতী দাঁতৰ শিল্পকৰ্মৰে তৈয়াৰ কৰা আৰু নীলকান্ত মণিৰে ঢকা। \q1 \v 15 তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। \q1 তেওঁ দেখাত লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম। \q1 \v 16 তেওঁৰ মুখখন অতি মধুৰ; \q1 সৰ্বতোভাৱে তেওঁ সুন্দৰ ব্যক্তি। \q1 হে যিৰূচালেমৰ ৰমণীসকল, \q1 এইজনেই মোৰ প্রিয়তম, মোৰ বন্ধু। \c 6 \cl ৬ \sp \q1 \v 1 হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, \q1 তোমাৰ প্ৰিয় ক’লৈ গ’ল? \q1 তোমাৰ প্রিয়তম কোন দিশে গ’ল? \q1 আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। \sp \p \v 2 মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, \q1 সুগন্ধি মছলাৰ দলিচাখনলৈ; \q1 তেওঁ উদ্যানত নিজৰ জাকক চৰাবলৈ আৰু লিলি ফুল গোটাবলৈ গৈছে। \q1 \v 3 মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; \q1 তেওঁ লিলি ফুলৰ বনত নিজৰ জাকক চৰায়। \sp \p \v 4 তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, মোৰ প্ৰিয়া, \q1 যিৰূচালেমৰ দৰে মনোৰম, ধ্বজা উৰুৱা সৈন্যৰ নিচিনা তোমাৰ জাকজমকতা। \q1 \v 5 তুমি মোৰ পৰা তোমাৰ চকু আঁতৰ কৰা; \q1 কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। \q1 তোমাৰ চুলিকোছা যেন গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাক। \q1 \v 6 তোমাৰ দাঁতবোৰ যেন এইমাত্র গা ধুই অহা মেষৰ জাক। \q1 সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, \q1 আৰু সিহঁতৰ মাজত এটিও মৃত পোৱালী নাই। \q1 \v 7 ওৰণিৰ তলত তোমাৰ গাল দুখন \q1 দুফাল কৰা আধা ডালিমৰ নিচিনা। \q1 \v 8 ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে; \q1 \v 9 কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; \q1 তেওঁ নিজ মাতৃৰ একমাত্ৰ জী, \q1 তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। \q1 জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; \q1 ৰাণী আৰু উপপত্নীসকলে তেওঁৰ প্ৰশংসা কৰি কলে, \p \v 10 “ধলপুৱাৰ দৰে দেখা দিয়া, \q1 চন্দ্ৰৰ নিচিনা সুন্দৰী, \q1 সূৰ্যৰ দৰে উজ্জ্বল, \q1 আৰু তৰাগনে শোভাযাত্ৰা কৰাৰ দৰ্ গাম্ভীৰ্যপূৰ্ণ \q1 কোন এইগৰাকী যুৱতী?” \sp \p \v 11 উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, \q1 দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু \q1 ডালিম গছত ফুল ফুলিছে নে নাই, তাক চাবলৈ \q1 মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ। \q1 \v 12 মই অনুভৱ কৰাৰ মোৰ বাসনাই \q1 মোক এখন ৰাজকীয় ৰথত বহাই দিলে। \sp \p \v 13 হে চূলম্মীৎ \f + \ft চূলম্মীৎ নিখুঁত যুৱতী, চলোমনৰ পত্নী \f* , উলটি আহাঁ, উলটি আহাঁ; \q1 আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। \sp \q1 মহনয়িমৰ \f + \ft মহনয়িম - অর্থাৎ সৈন্যসমূহ (আদি ৩২:১,২) \f* নৃত্য চোৱাৰ দৰে, \q1 তোমালোকে চূলম্মীতক কিয় চাবলৈ বিচাৰিছে? \c 7 \cl ৭ \sp \p \v 1 হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন \q1 দেখাত কিমান যে ধুনীয়া! \q1 তোমাৰ বক্র আকৃতিৰ দুটি কৰঙনৰ গড় মণি-মুক্তাৰ দৰে, \q1 সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য। \p \v 2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; \q1 তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। \q1 তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, \q1 যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। \p \v 3 তোমাৰ স্তন দুটা যেন \q1 হৰিণীৰ দুটি পোৱালি, \q1 এটি মৃগৰ যমজ পোৱালি। \p \v 4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা \q1 তোমাৰ ডিঙিৰ গঠণ; \q1 তোমাৰ নয়ন দুটি হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীবোৰৰ নিচিনা; \q1 তোমাৰ নাক দম্মেচকৰ ফালে মুখ কৰি থকা লিবানোনৰ এক ওখ স্তম্ভৰ নিচিনা। \p \v 5 তোমাৰ দেহৰ ওপৰত থকা মূৰটো \q1 কৰ্মিল পাহাৰৰ নিচিনা, আৰু \q1 তোমাৰ মূৰৰ চুলিকোছা \q1 বেঙেনা বৰণীয়া; \q1 তোমাৰ চুলিকোছাত ৰজা বন্দী হৈ আছে। \p \v 6 হে মোৰ প্রিয়া, তোমাৰ উল্লাসেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মোহময়ী! \p \v 7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, \q1 বুকুখন যেন তাৰ দুটা থোক। \p \v 8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” \q1 তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, \q1 তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক; \p \v 9 তোমাৰ মুখৰ তালু মোৰ বাবে \q1 সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক। \sp \q1 সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়লৈ বাগৰি যাওঁক। \p \v 10 মই মোৰ প্ৰিয়ৰ, \q1 আৰু তেওঁৰ বাঞ্ছা মোলৈ; \q1 \v 11 হে মোৰ প্ৰিয়, ব’লা, আমি পথাৰলৈ যাওঁ, \q1 আৰু গাওঁবোৰত গৈ থাকোঁগৈ। \q1 \v 12 ব’লা, আমি ৰাতিপুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; \q1 দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, \q1 তাৰ ফুল ফুলিছে নে নাই, \q1 আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; \q1 মই তাতে তোমাক মোৰ ভালপোৱা দান কৰিম। \q1 \v 13 দুদাফলে \f + \ft ‘দুদাফল’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে। \f* নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; \q1 আমাৰ দুৱাৰতে নতুন আৰু পুৰণি \q1 সকলো ধৰণৰ ফল আছে। \q1 হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো ৰাখিছো। \c 8 \cl ৮ \p \v 1 অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, \q1 যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! \q1 তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, \q1 তোমাক চুমা খাব পাৰিলোহেঁতেন; \q1 কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন। \q1 \v 2 মই তোমাক পথ দেখুৱাই মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, \q1 আৰু তেওঁ মোক শিক্ষা দিব। \q1 আৰু মই তোমাক সুগন্ধি মচলাযুক্ত দ্রাক্ষাৰস, \q1 আৰু মোৰ ডালিমৰ ৰস পান কৰালোহেঁতেন। \q1 \v 3 তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, \q1 আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে। \q1 \v 4 হে যিৰূচালেমৰ যুৱতীসকল, \q1 মই তোমালোকক অনুৰোধ কৰিছো \q1 তোমালোকে প্ৰেমক নজগাবা বা উত্তেজিত নকৰিবা \q1 যেতিয়ালৈকে তাৰ সময় নাহে। \sp \p \v 5 নিজৰ প্ৰিয়ৰ ওপৰত ভৰ দি \q1 মৰুভূমিৰ পৰা এই জন কোন আহিছে? \sp \q1 মই তোমাক সুমথিৰা টেঙাৰ গছৰ তলত জগালো \q1 সেই ঠাইতে তোমাৰ মাতৃয়ে প্ৰসৱ বেদনা ভোগ কৰিছিল, \q1 আৰু তোমাক প্ৰসৱ কৰিছিল। \q1 \v 6 তুমি মোক মোহৰ মাৰাৰ দৰে \q1 তোমাৰ হৃদয়ত আৰু \q1 তোমাৰ বাহুত ৰাখা; \q1 কিয়নো প্ৰেম মৃত্যুৰ দৰেই শক্তিশালী, \q1 হাংসা চিয়োলৰ দৰে নিষ্ঠুৰ; \q1 ই এক প্ৰজলিত শিখাৰ দৰে জ্বলি থাকে, \q1 সেয়া যিহোৱাৰ এক উত্তপ্ত শিখা। \q1 \v 7 জল সমূহেও প্ৰেমক নিবাৰণ কৰিব নোৱাৰে, \q1 আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; \q1 যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, \q1 তথাপিও তাক অৱশ্যেই অতি তুচ্ছ কৰা হ’ব। \sp \q1 \v 8 আমাৰ এজনী সৰু ভনী আছে, \q1 তাইৰ আজিলৈকে বুকু উঠা নাই; \q1 আমি আমাৰ ভনীৰ কাৰণে সেইদিনা কি কৰিম \q1 যি দিনা তাইৰ বিবাহৰ কথা হ’ব? \p \v 9 তাই যদি এক প্রাচীৰস্বৰূপ হয়, \q1 তেন্তে আমি তাৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। \q1 তাই যদি এক দুৱাৰ হয়, \q1 তেন্তে আমি এৰচ কাঠৰ তক্তাৰে \q1 তাইক বন্ধ কৰি ৰাখিম। \sp \p \v 10 মইতো এক প্ৰাচীৰ, \p আৰু মোৰ বক্ষযুগল তাৰ মিনাৰস্বৰূপ, \p তেতিয়া মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত হ’লো। \q1 \v 11 বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছিল; \q1 তেওঁ তাক চোৱা-চিতা কৰিবলৈ \q1 কেইজনমান ৰখীয়াৰ হাতত সমৰ্পণ কৰিছিল। \q1 তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে \q1 এক এক হাজাৰ ৰূপৰ মুদ্ৰা দিব লাগিছিল। \q1 \v 12 মোৰ নিজৰ দ্ৰাক্ষাবাৰী হলে মোৰ সন্মুখতে আছে, \q1 হে চলোমন, সেই এক হাজাৰ মুদ্ৰা তোমাৰেই হ’ব \q1 আৰু দুশ মুদ্ৰা তেওঁলোকৰ কাৰণে থাকক \q1 যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। \sp \p \v 13 হে উদ্যানবাসিনী, \q1 মোৰ লগৰীয়াবোৰে \q1 তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; \q1 তাক মোক শুনিবলৈ দিয়া। \sp \p \v 14 হে মোৰ প্ৰিয়, \q1 শীঘ্ৰে আহা, \q1 সুগন্ধময় পাহাৰৰ ওপৰত \q1 তুমি মৃগৰ দৰে হোৱা; \q1 অথবা যুবা হৰিণৰ সদৃশ হোৱা।