\id JOB \ide UTF-8 \h ইয়োব \toc1 ইয়োব \toc2 ইয়োব \toc3 job \mt1 ইয়োব \c 1 \p \v 1 উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল। \v 2 তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল। \v 3 তেওঁৰ সাত হাজাৰ মেষ \f + \ft sheep অসমীয়াত মেষ \f* আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল। \p \v 4 তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি গৰাকী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। \v 5 পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক শুচি কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে। \p \v 6 এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল। \v 7 তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি তাৰ ইফালে সিফালে ফুৰি আহিলোঁ।” \v 8 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” \v 9 তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখে? \v 10 আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে। \v 11 কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” \v 12 তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল। \p \v 13 এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। \v 14 তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; \v 15 এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” \v 16 এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেষৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” \v 17 সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” \v 18 এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; \v 19 এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। “আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ”। \v 20 তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে, \v 21 “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।” \v 22 এইদৰে এই সকলো ঘটিলতো, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু ভুলতো ঈশ্বৰক দোষাৰোপ নকৰিলে। \c 2 \p \v 1 আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল। \v 2 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ। \p \v 3 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।” \v 4 তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে। \v 5 কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” \v 6 তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।” \p \v 7 তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। \v 8 ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে। \v 9 পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” \v 10 তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে। \p \v 11 পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক সমবেদনা জনাৰ অৰ্থে নিজ নিজ ঠাইৰ পৰা আহি তেওঁক শান্তনা দিবলৈ আহিবলা মনস্থ কৰি আহিল। \v 12 পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে; \v 13 আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁক অতিকৈ দুখত দেখিছিল। \c 3 \p \v 1 পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে। \q1 \v 2 ইয়োবে মাত লগাই ক’লে, \q1 \v 3 ‘মোৰ জন্ম হৈছিল’ কোৱা সেই দিন বিনষ্ট হওক, \q1 আৰু ‘পুত্ৰ-সন্তান গৰ্ভত স্থিতি হল’ বুলি কোৱা ৰাতি বিনষ্ট হওক। \q1 \v 4 সেইদিন অন্ধকাৰময় হওক; \q1 ঈশ্বৰে ওপৰৰ পৰা সেই দিনলৈ দৃষ্টি নকৰক, \q1 আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক; \q1 \v 5 অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; \q1 মেঘে তাক ঢাকি ধৰক; \q1 দিনৰ আন্ধাৰময়ে সকলোকে ভয় জন্মাওক। \q1 \v 6 সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। \q1 বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, \q1 আৰু মাহৰ লেখতো নপৰক। \q1 \v 7 চোৱা, সেই ৰাতি বন্ধ্যা হওক, \q1 তাত কোনো আনন্দ-ধ্বনি নহওক। \q1 \v 8 যিসকলে দিনবোৰক শাও দিয়ে \q1 আৰু লিবিয়াথানক জগাই তোলাত নিপুন \p \v 9 সেইদিনৰ প্রভাতীয় তৰাবোৰ অন্ধকাৰ হওঁক। \m প্ৰভাতৰ যি আশা, তাক দেখা নাপাওক, \m পুৱাৰ অৰুনোদয় দেখানাপাওঁক। \q1 \v 10 কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, \q1 আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে। \q1 \v 11 মই কিয় গৰ্ভতে নমৰিলোঁ? \q1 উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ? \q1 \v 12 কোলাই মোক কিয় ল’লে? \q1 আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে? \q1 \v 13 কিয়নো সেয়ে নোহোৱা হ’লে, মই এতিয়া শান্তিৰে শুই থকিব পাৰিলোহেঁতেন, \q1 মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন। \q1 \v 14 সেই ৰজাসকলৰ অৰু মন্ত্ৰীসকলৰ লগত \q1 যি সকলে নিজৰ কাৰণে ভগ্ন ঘৰ পুনৰ নিৰ্মাণ কৰছিল। \q1 \v 15 অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ \q1 সৈতে থাকিলোহেঁতেন, \q1 যি সকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, \q1 \v 16 বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই প্ৰাণহীন হলোঁহেঁতেন, \q1 কোতিয়াও পোহৰ দেখিবলৈ নোপোৱা শিশুৰ দৰে হলোঁহেঁতেন। \q1 \v 17 সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; \q1 ভাগৰুৱাই তাত জিৰণি পায়। \q1 \v 18 তাত বন্দীয়াসকলে একেলগে নিৰাপদে থাকে; \q1 ক্তেওঁলোকে উপদ্ৰৱকাৰীৰ ডাবি-ধমকি আৰু নুশুনে। \q1 \v 19 সেই স্থানত সৰু কি বৰ সকলো একে; \q1 আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত। \q1 \v 20 দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? \q1 তিক্ত প্ৰাণক কিয় জীয়াই থাকিবলৈ দিয়া হয়? \q1 \v 21 তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, \q1 আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে। \q1 \v 22 তেওঁলোকে কবৰ আনন্দ কৰে; মহা আনন্দত \q1 উল্লাহিত হয় \q1 \v 23 যি মানুহৰ পথ গুপ্ত থাকে, আৰু যাৰ চাৰিওফালে ঈশ্বৰে \q1 বেৰা দিয়ে, \q1 এনে মানুহক কিয় পোহৰ দিয়া হয়? \q1 \v 24 কিয়নো মই খাবলৈ পোৱাৰ আগয়ে মোৰ হুমুনিয়াহ আহে, \q1 আৰু মোৰ কেঁকনি পানীৰ ধাৰাৰ দৰে ওলাই থাকে। \q1 \v 25 কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, \q1 আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে। \q1 \v 26 মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, \q1 কিন্তু দুখহে আহি থাকে।” \c 4 \p \v 1 তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে, \q1 \v 2 কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? \q1 কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে? \q1 \v 3 চোৱা, তুমি অনেকক শিক্ষা দিছিলা, \q1 দুৰ্ব্বল হাতক সবল কৰিছিলা; \q1 \v 4 তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোকক ধৰি ৰাখিছিল, \q1 আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা। \q1 \v 5 কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, \q1 আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা। \q1 \v 6 ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাস ভূমি নহয়? \q1 আৰু তোমাৰ পথৰ সিদ্ধতা জানো তোমাৰ আশা ভূমি নহয়? \q1 \v 7 ভাবি চোৱাচোন, কোন নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট \q1 হৈছিল? \q1 আৰু সৰল আচৰণ কৰাসকল ক’ত সংহাৰ হৈছিল? \q1 \v 8 মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, \q1 আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়; \q1 \v 9 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, \q1 আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সহঁত নিঃশেষ হয়। \q1 \v 10 সিংহৰ গৰ্জ্জন আৰু হিংস্ৰ সিংহৰ গোঁজৰণি \q1 আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। \q1 \v 11 আহাৰৰ অভাৱত বুঢ়া সিংহই প্ৰাণত্যাগ কৰে; \q1 সিংহিনীৰ পোৱালিবোৰ থান-বান হয়। \q1 \v 12 এটা কথা মোলৈ গোপনে আহিল; \q1 মোৰ কাণত তাৰ ফুচফুচনি পৰিল। \q1 \v 13 ৰাতি সপোন দেখোত যেতিয়া ভাবনা আহে, \q1 সকলো মানুহ ঘোৰ নিদ্ৰাত মগ্ন হয়, \q1 \v 14 মোলৈ ভয় আৰু কম্পন আহিল; \q1 মোৰ হাড়বোৰ কপি উঠিল। \q1 \v 15 মোৰ আগেদি এক আত্মা পাৰ হৈ গ’ল; \q1 মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল। \q1 \v 16 সেয়ে থমকি ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিৰ্ণয় কৰিব নোৱাৰিলোঁ; \q1 এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; \q1 তাত নীৰৱতা আছিল, আৰু মই এটা মৃদুস্বৰ শুনিলোঁ। \q1 \v 17 “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? \q1 বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে? \q1 \v 18 ঈশ্বৰে যদি নিজৰ দাসবোৰকো ভাৰসা নকৰে, \q1 নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে; \q1 \v 19 তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, \q1 যিসকলৰ গৃহৰ ভিত্তিমূল ধুলিত স্থাপিত, আৰু যাক পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, \q1 সেই সকলক ক্রুটিৰ দোষ তেওঁ আৰু কিমান অধিক গুণে ধৰিব! \q1 \v 20 সিহঁত প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত গুড়ি হয়; \q1 সিহঁত কোনোৱে চিন্তা নকৰাকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়। \q1 \v 21 সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? \q1 সিহঁত মৰে, এনে কি অজ্ঞানী হয়েই সিহঁত মৰে।” \c 5 \p \v 1 “এতিয়া মাতাচোন, তোমাক উত্তৰ দিব পৰা কোনোবা আছেনে? \q1 পবিত্ৰগন কাৰ ফালে ঘূৰিব? \q1 \v 2 কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, \q1 আৰু ঈৰ্ষাই নিৰ্ব্বোধক হত্যা কৰে। \q1 \v 3 মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, \q1 কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ। \q1 \v 4 সন্তানসকল, সিহঁত সুৰক্ষিত নহয়, \q1 সিহঁতক নগৰৰ দুৱাৰত গুড়ি কৰা হয়; \q1 সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল। \q1 \v 5 ক্ষুধাতুৰ লোকে শস্য খাই পেলালে, \q1 কাঁইটৰ বেৰা ভঙি সিহঁত হৰণ কৰে \q1 তৃষ্ণাতুৰে সিহঁতৰ সম্পতি গ্ৰাহ কৰে, \q1 \v 6 কিয়নো দুৰ্দশা ধুলিৰ পৰা উৎপন্ন নহয়, \q1 আৰু মাটিৰ পৰা ক্লেশ নগজে; \q1 \v 7 কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, \q1 তেনেকৈ মানুহ দুখ-ক্লেশৰ কাৰণে জন্মে। \q1 \v 8 কিন্তু মই হ’লে ঈশ্বৰক বিছাৰিম \q1 আৰু মোৰ নিবেদন ঈশ্বৰৰ আগত সমৰ্পণ কৰিম। \q1 \v 9 অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; \q1 অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে; \q1 \v 10 তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, \q1 আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে; \q1 \v 11 তেওঁ নম্ৰলোকক উন্নত কৰে, \q1 আৰু যি সকল দুঃখী সিহঁতক নিৰাপত্তা দিয়ে। \q1 \v 12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; \q1 যাতে সিহঁতে হাতে অভিপ্ৰায় সফল কৰিব নোৱাৰে। \q1 \v 13 তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; \q1 কুটিলমনবোৰৰ মন্ত্ৰণা নিস্ফল হৈ পৰে। \q1 \v 14 দিনতেই সিহঁতৰ ওপৰলৈ আন্ধাৰক নামি আহে, \q1 ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে। \q1 \v 15 কিন্তু তেওঁ দৰিদ্ৰক সিহঁতৰ মুখস্বৰূপ তৰোৱালৰ পৰা, \q1 আৰু পৰাক্ৰমী হাতৰ পৰা উদ্ধাৰ কৰে। \q1 \v 16 এইদৰে দীনহীনে আশা পায়, \q1 আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে। \q1 \v 17 চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; \q1 এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা। \q1 \v 18 কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; \q1 তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে। \q1 \v 19 তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; \q1 সাত সঙ্কটত অমঙ্গলে তোমাক স্পৰ্শ নকৰিব। \q1 \v 20 আকালৰ সময়ত তেওঁ তোমাক মৃত্যুৰ পৰা মুক্ত কৰিব, \q1 আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব। \q1 \v 21 জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা তোমাক লুকাই ৰখা হব; \q1 আৰু বিনাশ আহিলে তুমি ভয় নাপাবা। \q1 \v 22 বিনাশ আৰু দুৰ্ভিক্ষৰ সময়ত তুমি হাঁহিবা, \q1 আৰু পৃথিবীৰ বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা। \q1 \v 23 কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, \q1 আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব। \q1 \v 24 তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, \q1 তুমি তোমাৰ সম্পদ পৰীক্ষা কৰি দেখিবা, তোমাৰ একোৱেই হেৰুৱা নাই। \q1 \v 25 তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, \q1 আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, \q1 সেই বিষয়েও তুমি জানিবলৈ পাবা। \q1 \v 26 ডাঙৰি যেনেকৈ উচিত সময়ত মৰণা মৰা স্থনলৈ লৈ যোৱা হয়, \q1 তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব। \q1 \v 27 চোৱা, আমি অন্বেষণ কৰি ইয়াকে পালোঁ ই সত্য; \q1 ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ অৰ্থে তাক প্ৰয়োগ কৰ।” \c 6 \p \v 1 তেতিয়া ইয়োবে উত্তৰ দি ক’লে, \q1 \v 2 “অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, \q1 আৰু তোমাৰ সকলো ক্লেশকো তৰ্জুত দিব পৰা হ’লে! \q1 \v 3 কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; \q1 এই হেতুকে মোৰ কথাবাৰ্ত্তা অবিবেচনাযুক্ত হৈছে। \q1 \v 4 কিয়নো সৰ্ব্বশক্তিমান জনাৰ কাড়বোৰ মোৰ অন্তৰত সোমাল, \q1 মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; \q1 ঈশ্বৰীযৰ সন্ত্ৰসদলে সৈন্য মোৰ বিৰুদ্ধে বেহু পাতিছে। \q1 \v 5 বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? \q1 গৰুৱে দানা পালে জানো হেম্বেলিয়ায়? \q1 \v 6 যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? \q1 কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে? \q1 \v 7 মোৰ উদৰে সেইবোৰ চুবলৈ অসন্মত, \q1 সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল। \q1 \v 8 অস! মোৰ নিবেদন যেন সফল হয়, \q1 ঈশ্বৰে যেন মোৰ বাঞ্ছনীয় বিষয়বোৰ দিয়ে; \q1 \v 9 মোক গুড়ি কৰি ঈশ্বৰে যেন সন্তুষ্ট হয়, \q1 তেওঁ নিজ হাত মেলি মোক যেন কাটি পেলায়! \q1 \v 10 সেয়ে হোৱা হ’লেও মই শান্তনা পালোহেঁতেন, \q1 এনে কি, মই নিদাৰুণ যন্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; \q1 কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই। \q1 \v 11 মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? \q1 আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম? \q1 \v 12 মোৰ বল জানো শিলৰ বল? \q1 বা মোৰ মাংস জানো পিতলৰ? \q1 \v 13 নিজকে সহায় কৰিবলৈ মোৰ কিবা উপায় আছেনে? \q1 এতিয়া সফলতা সমুলি মোৰ পৰা দূৰ কৰা নহ’ল নে? \q1 \v 14 নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা অনুৰাগ পাব লাগে; \q1 যদিও তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভয় ত্যাগ কৰে। \q1 \v 15 মোৰ বন্ধুসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘতক; \q1 আকস্মিক প্লাৱন অনা নদীৰ দৰে। \q1 \v 16 সেই জলস্ৰোত ক’লা বৰণে সৈতে বৰফ মিলি বৈ যায়, \q1 আৰু বৰফ গলি তাক ঘোলা কৰে; \q1 \v 17 উতপ্ত গৰমত সেই স্ৰোত শুকাই যায়; \q1 জহকালিৰ তাপত সেইবোৰ নিজ স্থনতে অদৃশ্য হয়। \q1 \v 18 সেইবোৰৰ কাষে কাষে যোৱা মৰুযাত্ৰী দলে বাট এৰি যায়, \q1 আৰু মৰুপ্ৰান্তত গৈ বিনষ্ট হয়। \q1 \v 19 টেমাৰ মৰুযাত্ৰী দলে পানী বিচাৰে, \q1 চিবাৰ পথিকবোৰে আশাৰে অপেক্ষা কৰে; \q1 \v 20 তেওঁলোক আশাত নিশ্চিত আছিল বাবেই নিৰাশ হয়, \q1 তেওঁলোক সেই ঠাইলৈ আহি অস্বস্তি পায়। \q1 \v 21 এতিয়া মোৰ ওচৰত তোমালোক তেনেকোৱা হ’লা; \q1 মোৰ আপদ দেখি তোমালোকে ভয় পাইছা। \q1 \v 22 মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দান দিয়া; \q1 তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া? \q1 \v 23 বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা! \q1 নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা। \q1 \v 24 মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; \q1 আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া। \q1 \v 25 আন্তৰিক সততাৰ বাক্য কিমান যে শক্তিশালী! \q1 কিন্তু তোমালোকৰ যুক্তিয়েই তোমাকক দোষাৰোপ কৰ, \q1 \v 26 নিৰাশ হোৱা ব্যক্তিৰ বক্তব্য বতাহৰ কথা যেন ভাবি তোমালোকে মোক দোষাৰোপ কৰি কথাবোৰ কোৱা ন? \q1 \v 27 তোমালোকে এনেকি পিতৃহীনৰো চিঠি খেলাবা, \q1 নিজ বন্ধুকো বিক্ৰী কৰিবলৈ বিচাৰিবা। \q1 \v 28 এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; \q1 কিয়নো মই তোমালোকৰ আগত মিছা কথা নকওঁ। \q1 \v 29 মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; \q1 আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে। \q1 \v 30 মোৰ জিভাত জানো অন্যায় আছে? \q1 মোৰ জিভাই জানো চাকি চাযই মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে? \c 7 \p \v 1 পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? \q1 তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়? \q1 \v 2 সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা দাসৰ নিচিনা, \q1 আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা শ্ৰমিকৰ নিচিনা জনো নহয়? \q1 \v 3 তেনেকৈয়ে অসাৰ মোৰ ভাগত পৰিছে, \q1 আৰু ক্লেশৰ ৰাতি বোৰ মোলৈ নিৰূপিত আছে। \q1 \v 4 শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? \q1 কিন্তু ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি থাকো। \q1 \v 5 পোক আৰু ধুলি মাকতি দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; \q1 মোৰ গাৰ চাল শুকনিমুৱা হয় আৰু পকি বূজ ওলায়। \q1 \v 6 মোৰ দিনবোৰ তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, \q1 আৰু বিনা আশাৰে সেইবোৰ ঢুকায় গৈছে। \q1 \v 7 মনত ৰাখা, মোৰ জীৱন এক নিশ্বাসমাত্ৰ; \q1 মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব। \q1 \v 8 মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। \q1 যেতিয়া তোমাৰ দৃষ্টি মোৰ প্ৰতি হব আৰু মই নাথাকিম। \q1 \v 9 মেঘ যেনেকৈ কমি কমি আদৃশ্য হয়, \q1 সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠে। \q1 \v 10 তেওঁলোক নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, \q1 আৰু তেওঁলোকৰ ঠায়ে পুনৰ তেওঁলোকক মনত নাৰাখিব। \q1 \v 11 এই হেতুকে মই আৰু মুখ জপাই নাথাকিম; \q1 মই মোৰ মনৰ বেজাৰৰ কথা কম আৰু হৃদয়ৰ আৰু মোৰ প্ৰাণৰ তিক্ততাৰ কথা কৈ থাকিম; \q1 \v 12 তুমি যে মোৰ ওপৰত এজন পৰীয়া ৰাখা, \q1 মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু? \q1 \v 13 মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা দিব, \q1 মোৰ শয্যাই দুখ-সহন কৰিবলৈ মোক সহায় কৰিব’, \q1 \v 14 তেতিয়া তুমি নানা সপোন দেখোৱাই মোক ভয় লগোৱা, \q1 আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা; \q1 \v 15 যাতে মই শ্বাস ৰোধ হোৱাকে বাঞ্ছা কৰিম, \q1 আৰু মোৰ এই শৰিৰত থকাতকৈ মৃত্যুকে ইচ্ছা কৰিম। \q1 \v 16 জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; \q1 কিয়নো মোৰ দিনবোৰ এক নিশ্বাস মাত্ৰ। \q1 \v 17 মানুহনো কি, তুমি যে ইমান গুৰুত্ব দিয়া, \q1 আৰু তেওঁ প্ৰতি তুমি মনোযোগ দিয়া, \q1 \v 18 প্ৰতি ৰাতিপুৱা তেওঁৰ বুজ-বিচাৰ লোৱা, \q1 আৰু নিমিষে নিমিষে তেওঁক পৰীক্ষা কৰা? \q1 \v 19 তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? \q1 বা ঢোকা গিলিবলৈও মোক সময় নিদিবান? \q1 \v 20 হে মনুষ্যলৈ দৃষ্টি কৰোতা জনা, যদি মই পাপ কৰিলোঁ, \q1 তেন্তে তোমাৰ প্ৰতি মই কি কৰিম? \q1 কিয় তুমি মোক লক্ষ্য কৰিছা, মই কিয় তোমালৈ বোজাস্বৰূপ হৈছোঁ? \q1 \v 21 তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? \q1 মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? \q1 কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; তুমি মোক বিচাৰিবা, কিন্তু মই বিদ্যমান হৈ নাথাকিম।” **** \c 8 \p \v 1 তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে, \q1 \v 2 তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? \q1 তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব? \q1 \v 3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? \q1 সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে? \q1 \v 4 তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। \q1 আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে, \q1 \v 5 তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, \q1 আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা, \q1 \v 6 তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, \q1 তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, \q1 আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব; \q1 \v 7 আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, \q1 তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব। \q1 \v 8 কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, \q1 আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া; \q1 \v 9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো; \q1 কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ। \q1 \v 10 তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? \q1 আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে? \q1 \v 11 জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ \f + \ft প্যাপিৰাচ মিচৰদেশীয় নল-খাগৰি জাতীয় উদ্ভিদ \f* বাঢ়িব পাৰে? \q1 কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে? \q1 \v 12 সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, \q1 আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়। \q1 \v 13 ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, \q1 আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়। \q1 \v 14 তাৰ ভাৰসা উচ্ছন্ন হয়, \q1 আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়। \q1 \v 15 সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; \q1 সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব। \q1 \v 16 যি লতা সূৰ্যৰ আগত ৰসাল হয়, \q1 যাৰ ঠালবোৰ বাৰীত বিয়পি যায়, \q1 \v 17 যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, \q1 যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়, \q1 \v 18 কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, \q1 সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’। \q1 \v 19 চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; \q1 পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব। \q1 \v 20 চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, \q1 আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব। \q1 \v 21 তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, \q1 আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব, \q1 \v 22 সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; \q1 আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।” \c 9 \p \v 1 তেতিয়া ইয়োবে উত্তৰl ক’লে, \q1 \v 2 “মই নিশ্চয়ে জানো, এই কথা ঠিক; \q1 কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক হ’ব পাৰে? \q1 \v 3 যদি কোনোবাই ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, \q1 তেন্তে তেওঁ হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ তেওঁক দিব নোৱাৰিব। \q1 \v 4 ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; \q1 তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি বাধা দি কোনে কেতিয়া উন্নতি লাভ কৰিলে? \q1 \v 5 তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; সেইবোৰে একো গম নাপাই; \q1 তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলায়। \q1 \v 6 তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; \q1 তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে। \q1 \v 7 যি জনায় আজ্ঞাত সূৰ্য উদয় নহয়; \q1 আৰু তেওঁ তৰাবোৰক মোহৰ মাৰি বন্ধ কৰে। \q1 \v 8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, \q1 আৰু সমুদ্ৰৰ ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে। \q1 \v 9 তেওঁ সপ্তৰ্ষি, কালপুৰুষ, কৃত্তিকা, \q1 আৰু দক্ষিণদিশে থকা নক্ষত্ৰ মণ্ডল সৃষ্টিকৰ্ত্তা। \q1 \v 10 অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; \q1 অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে। \q1 \v 11 চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; \q1 তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ। \q1 \v 12 চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? \q1 “তুমি কি কৰিছা” বুলি তেওঁক কোনে কব পাৰে? \q1 \v 13 ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; \q1 এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়। \q1 \v 14 তেন্তে মই কেনেকৈ তেওঁক উত্তৰ দিম? \q1 তেওঁক কেনেকৈ কথাবোৰ বচি বাচি কম? \q1 \v 15 মই যদিও নিৰ্দোষী, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; \q1 মোৰ সিদ্ধান্তৰ বাবে অভিযোগকৰীৰ ওচৰত দয়াৰ কাৰণে \q1 নিবেদনহে কৰিব পাৰোঁ। \q1 \v 16 যদিও মই তেওঁক মাতিলে তেওঁ মোক উত্তৰ দিয়ে; \q1 তথাপি মই বিশ্বাস নকৰো যে তেওঁ মোৰ মাত শুনিব। \q1 \v 17 কিয়নো তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, \q1 আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব। \q1 \v 18 তেওঁ মোক উশাহকে ল’ব নিদিব, \q1 কিন্তু মোক তিক্ততাৰে পৰিপূৰ্ণ কৰিছে। \q1 \v 19 এয়ে যদি পৰাক্ৰমৰ কথা হয় তেন্তে তেৱেই শক্তিশলী, \q1 আৰু যদি বিচাৰৰ কথা হয়, \q1 তেন্তে কোনে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰিব? \q1 \v 20 মই নিৰ্দোষী হলেও মোৰ নিজৰ মুখেই মোক দোষী কৰিব; \q1 মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী প্ৰমাণ কৰিব। \q1 \v 21 মই সিদ্ধ, তথাপি মই নিজকে নাজানো; \q1 জীৱনত মোৰ ঘিণ লাগিছে। \q1 \v 22 সকলোৱেই সমান, সেই বাবে মই কওঁ, \q1 তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে। \q1 \v 23 বিপৰ্যয়ৰ অঘটনত যদি মানুহলৈ অকস্মাতে মৃত্যু নামি আহে, \q1 তেওঁ নিৰ্দ্দোষীবিলাকৰ ক্লেশ দেখি হাঁহিব। \q1 \v 24 পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; \q1 তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ চকু বন্ধ কৰে; \q1 যদি তেওঁ নহয়, তেন্তে এই কৰ্ম কোনে কৰে? \q1 \v 25 মোৰ দিন কেইটা দৌৰাত কৈয়ো দ্ৰুত বেগী; \q1 একো মঙ্গল নেদেখাকৈ সেইবোৰ উড়ি যায়। \q1 \v 26 সেইবোৰ নল খাগৰিৰ নাৱৰ দৰে বেগেৰে চলি যায়, \q1 চিকাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষীৰ নিচিনাকৈ উড়ি যায়। \q1 \v 27 যদি মই কওঁ যে, মই মোৰ বিলাপৰ কথা পাহৰি যাম, \q1 আৰু বিষন্ন মুখ দূৰ কৰি প্ৰসন্ন হম, \q1 \v 28 তথাপি মোৰ সকলো যাতনাক মই ভয় কৰো; কয়নো মই জানো যে তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা। \q1 \v 29 মোক দোষী কৰা হ’ব; \q1 তেন্তে মই কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ? \q1 \v 30 যদি মই নিজকে চাবোনেৰে ধোওঁ, \q1 আৰু খাৰেৰে হাত চাফা কৰোঁ, \q1 \v 31 তথাপি তুমিও মোক খালত জুবুৰিয়াবা, \q1 আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব। \q1 \v 32 কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, \q1 মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম। \q1 \v 33 আমাৰ দুয়োৰে মাজত মধ্যস্থ কোনো নাই, যেয়ে আমাৰ দুয়োৰে ওপৰত হাত দিব পৰিলে হয়। \q1 \v 34 যদি তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাই দিব পাৰিলেহেঁতেন, \q1 তেওঁৰ ভয়াবহতাই মোক আৰু ভয় নেদেখোৱাওক; \q1 \v 35 তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; \q1 কিয়নো মোক যিদৰে ভবা হৈছে মই তেনেকুৱা নহয়, তাক মই জানে। \c 10 \p \v 1 মোৰ জীৱনৰ প্ৰতি ঘৃণা লাগিছে; \q1 মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; \q1 মোৰ প্ৰাণৰ তিক্ততাত মই কথা কম। \q1 \v 2 মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; \q1 মোৰ বিৰুদ্ধে তোমাৰ কি গোচৰ আছে, সেয়া মোক জানিবলৈ দিয়া। \q1 \v 3 এয়া জানো ভাল দেখায় যে তুমি উপদ্ৰৱ কৰিবা, আৰু \q1 দুষ্টতাৰ মন্ত্ৰণাত প্ৰসন্ন হবা? \q1 \v 4 তোমাৰ চকু মাংসিক চকু নেকি? \q1 আৰু মানুহে দেখাৰ দৰে, তুমিও দেখা নেকি? \q1 \v 5 তোমাৰ আয়ুস কি মানুহৰ আয়ুসৰ তুল্য? \q1 বা তোমাৰ বছৰবোৰো কি মানুহৰ দিন কেইটাৰ দৰে? \q1 \v 6 তুমি কি সেইবাবেই মোৰ অপৰাধ অনুসদ্ধান কৰিছা, \q1 আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা? \q1 \v 7 তুমি জানা যে মই দুষ্ট নহওঁ, \q1 আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰিবলৈ মোৰ কোনো নাই? \q1 \v 8 তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, \q1 মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি এতিয়া তুমি মোক বিনষ্ট কৰিছা। \q1 \v 9 সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে তুমি মোক গঢ়িলা; \q1 আকৌ মোক তুমি ধুলিত লীন কৰিবা নে? \q1 \v 10 তুমি জনো গাখীৰৰ দৰে মোক ঢলা নাই নে? \q1 আৰু জানো তুমি মোক পনীৰৰ দৰে কৰা নাই নে? \q1 \v 11 তুমি মোক ছালে আৰু মাংসৰে ঢাকিলা; \q1 অস্থি আৰু সিৰাৰে মোক একে লগে গুঠিলা । \q1 \v 12 তুমি মোক জীৱন আৰু কৰিলা; মোলৈ প্ৰেম দান কৰিলা। \q1 তোমাৰ তত্ত্বাৱধানত মোৰ আত্মা প্ৰতিপালিত হৈছে। \q1 \v 13 তথাপি তুমি এই সকলোকে তোমাৰ মনত গোপনে ৰাখিছিলা, মই জানো, এইয়া তেমাৰ অভিপ্ৰায় আছিল। \v 14 মই পাপ কৰিলে তুমি মোক চাই থাকিবা, \q1 আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা; \q1 \v 15 মই দুষ্ট হলে, মোৰ সন্তাপ হ’ব, \q1 ধাৰ্মিক হলেও মই মূৰ তুলিব নোৱাৰিম, কাৰণ মই লাজে অতিকৈ পাইছো, নিজৰ ক্লেশ দেখি বিষণ্ণ হৈছো; \q1 \v 16 মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোৰ চিকাৰ কৰিবা, \q1 মোৰ অহিতে বাৰে বাৰে ভয়লগা শক্তি প্ৰদৰ্শন কৰিবা। \q1 \v 17 তুমি মোৰ অহিতে নতুন সাক্ষী আনিবা আৰু মোৰ অহিতে তোমাৰ ক্ৰুধ বঢ়াবা, তোমাৰ সৈন্য বাহিনি ধলৰ দৰে এটাৰ পাচত এটা আহিব; \q1 \v 18 তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা? \q1 নকৰা হলে মই মৰিলোহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন। \q1 \v 19 মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন, \q1 আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন। \q1 \v 20 মোৰ জীৱনৰ দিন কেইটা তাকৰ নহয়নে? মোৰ পৰা আঁতৰ হোৱা যতে মই অকলে শান্তি সময়কণ পাওঁ। \q1 \v 21 য’ৰ পৰা মই উলটি নাহিম, সেই ঠাইলৈ যোৱাৰ আগয়ে, \q1 সেই আন্ধাৰ মৃত্যুচ্ছায়াৰ দেশ, \q1 \v 22 সেই দেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, \q1 সেই দেশ মৃত্যুচ্ছায়া আৰু বিশৃংখল দেশ; \q1 তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।” \c 11 \p \v 1 তাতে নামাথীয়া চোফৰে উত্তৰ দিলে; \q1 \v 2 এই সকলো কথাৰ উত্তৰ জানো দিয়া নহব? \q1 বহু কথা কোৱা মানুহ জানো নিৰ্দ্দোষী প্ৰমাণিত হ’ব? \q1 \v 3 তোমাৰ বলকনিয়ে জানো আনকলোকক নিমাত কৰিব? \q1 তুমি নিন্দা কৰিলে কোনেও তোমাক লাজ জানো নিদিব? \q1 \v 4 কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, \q1 আৰু মই তোমাৰ দৃষ্টিতে শুচি।” \q1 \v 5 কিন্তু ইস্, ঈশ্বৰে \f + \ft তোমাৰ (ইব্ৰী) \f* কথা কোৱা হলে, আৰু তোমালোকৰ \q1 বিৰুদ্ধে নিজ মুখ মেলা হ’লে! \q1 \v 6 তেওঁ প্ৰজ্ঞাৰ নিগূঢ় বিষয়ে তোমাক প্ৰকাশ কৰিলে হয়!, কিয়নো প্ৰজ্ঞাৰ অনেক দিশ আছে। \q1 জানি থোৱা যে ঈশ্বৰে তোমাৰ অনুহাৰে জনোৱা হলে, কেনে ভাল আছিল! \q1 এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ বহু অপৰাধৰ পাহৰি পেলাইছে। \q1 \v 7 তুমি অনুসন্ধান কৰি ঈশ্বৰৰ গভীৰ তত্ত্ব পাব পাৰা নে? \q1 তুমি সৰ্ব্বশক্তিমান জনাৰ সীমা পাব পাৰা নে? \q1 \v 8 সেয়ে আকশ-মণ্ডলতকৈ ওখ; তুমি কি কৰিব পাৰা? \q1 সেয়ে \f + \ft চিয়োল (পাতাল) \f* চিয়োলতকৈ গভীৰ; তুমি কি জানিব পাৰা? \q1 \v 9 তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল, \q1 আৰু সমুদ্ৰতকৈয়ো বহল। \q1 \v 10 তেওঁ যদি পোনে পোনে আহি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, \q1 তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে? \q1 \v 11 কিয়নো তেওঁ প্ৰবঞ্চক লোকক জানে, \q1 যেতিয়া তেওঁ অধৰ্ম দেখা পায়। \q1 \v 12 কিন্তু বুদ্ধিহীন মানুহে জ্ঞান পাব, \q1 যেতিয়া বনৰীয়া গাধৰ পোৱালি মনুহ হৈ জন্মৰে পাব। \v 13 তুমি যদি নিজৰ মন শুদ্ধ কৰা, \q1 আৰু যদি তেওঁৰ ফাললৈ হাত মেলা, \q1 \v 14 কিন্তু তোমাৰ হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা, \q1 আৰু দুষ্টতাক নিজ তম্বুত থাকিবলৈ নিদিবা; \q1 \v 15 তেন্তে তুমি অৱশ্যে তোমাৰ নিষ্কলঙ্ক মুখ তুলিব পাৰিবা; \q1 এনে কি, তুমি সুস্থিৰে থাকিবা, ভয় নাপাবা, \q1 \v 16 কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, \q1 ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা যেন লাগিব। \q1 \v 17 তোমাৰ জীৱন দুপৰীয়াতকৈ উজ্জ্বল হ’ব, \q1 আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব। \q1 \v 18 কাৰণ আশা আছ; তুমি সুৰক্ষিত \f + \ft চৰিওফাল চায় লবা \f* হবা; \q1 আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা। \q1 \v 19 তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; \q1 বৰং অনেকে তোমাক দয়া বিচাৰিব। \q1 \v 20 কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, \q1 সিহঁতৰ পৰিত্ৰাণৰ সকলো উপায় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব। \c 12 \p \v 1 পাছত ইয়োবে পুনৰায় উত্তৰ দিলে, \q1 \v 2 “নিসন্দেশে, তোমালোকো মানুহে; \q1 আৰু তোমালোকৰ প্ৰজ্ঞা মৰিলে লগতে যাব। \q1 \v 3 কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে; \q1 তোমালোকতকৈ মই নিকৃষ্ট নহওঁ; \q1 এনেবোৰ কথা কোনে নাজানে? \q1 \v 4 ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ; \q1 এজন ধাৰ্মিক আৰু সিদ্ধ পুৰুষ হাঁহিয়াতৰ পাত্ৰ হৈছে। \q1 \v 5 সুখত থকা লোকৰ মনত দুখ, দুৰ্দশা আৰু অপমানৰ বিষয় থাকে । \q1 যিসকলৰ ভাগ্যই তেওঁলোকৰ পিছলাই নিয়ে। \q1 \v 6 ডকাইতবোৰৰ তম্বু শান্তিত থাকে; \q1 যি সকলে ঈশ্বৰে বিৰক্তি জন্মই তেওঁলোক নিৰ্ব্বিঘ্নে থাকে। \q1 যিসকলে নিজ হাতে সোন কঢ়িয়াই। \q1 \v 7 কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক শিকাব; \q1 আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কব। \q1 \v 8 নাইবা ভূমিক সোধাক, ইও তোমাক শিক্ষা দিব; \q1 আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক জনাব। \q1 \v 9 এইবোৰৰ মজত কোনে নাজানে যে, \q1 যিহোৱাৰ হাতে এইবোৰ কৰিছে? \q1 \v 10 সকলো জীৱজন্তুৰ প্ৰাণ, \q1 আৰু সমুদায় মনুষ্য জাতিৰ জীৱা ত্মাযিহোৱাৰ হাতত আছে। \q1 \v 11 কাণেও যেমেকৈ কথাৰ পৰীক্ষা লয়, তেনেকৈ জিভাইও আহাৰৰ আস্বাদ লয়? \q1 \v 12 বৃদ্ধ লোকসকলৰ ওচৰত প্ৰজ্ঞা আছে, \q1 দীৰ্ঘ আয়ুসত বুজাৰ সামৰ্থ থাকে। \q1 \v 13 প্ৰজ্ঞা আৰু পৰাক্ৰম ঈশ্বৰতহে আছে; \q1 পৰামৰ্শ আৰু বুজাৰ সামৰ্থ তেওঁৰহে। \q1 \v 14 তেওঁ যদি ভাঙি পেলালে হয় কোনেও পুনৰায় সজিব নোৱাৰে; \q1 তেওঁ কোৰোবাক বন্ধ কৰিলে তাক কোনেও মুকলি কৰিব নোৱাৰে। \q1 \v 15 যদি তেওঁ জল সমূহক আটক কৰে, সেইবোৰ শুকাই যায়; \q1 পুনৰ যদি সেইবোৰক বাহিৰলৈ উলিয়াই দিয়ে, পৃথিবীখন প্লাৱিত কৰে। \q1 \v 16 পৰাক্ৰম আৰু প্ৰজ্ঞা তেওঁৰ তাতহে; \q1 প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে। \q1 \v 17 তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰে, \q1 আৰু নিৰ্হোধক সকলক বিচাৰক পাতে । \q1 \v 18 তেওঁ ৰজা সকলৰ কটিবন্ধন ঢিলা কৰে, \q1 আৰু তেওঁলোকৰ ককালত ফটা কপোৰ বান্ধে। \q1 \v 19 তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, \q1 আৰু পৰাক্ৰমী সকলক ওফৰাই পেলায়। \q1 \v 20 তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে, \q1 আৰু বৃদ্ধ সকলৰ বিবেচনা শক্তি কাঢ়ি নিয়ে। \q1 \v 21 তেওঁ ৰাজকুমাৰসকলৰ ওপৰত অপমান বৰষায়, \q1 আৰু বলৱন্ত সকলৰ কটি-বন্ধন ঢিলা কৰে। \q1 \v 22 তেওঁ আন্ধাৰৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে, \q1 আৰু গভীৰ অন্ধকৰক পোহৰলৈ আনে। \q1 \v 23 তেওঁ জাতি সমূহক উন্নত কৰে, আৰু পাছত বিনষ্টও কৰে; \q1 তেওঁ জাতিসমূহক বিস্তাৰিত কৰে, আৰু পথ দেখোৱাই নিয়ে। \q1 \v 24 তেওঁ পৃথিবীৰ লোকসমূহৰ মুখ্যসকলৰ বুদ্ধি হৰণ কৰে, \q1 আৰু তেওঁলোকক বাট নথকা মৰুপ্ৰান্তত ভ্ৰমি ফুৰিবলৈ দিয়ে। \q1 \v 25 তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খেপিয়াই ফুৰে; \q1 তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়। \c 13 \p \v 1 চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, \q1 আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। \q1 \v 2 তোমালোকে যি জানা, ময়ো তাক জানো; \q1 মই তোমালোকতকৈ নিকৃষ্ট নহওঁ। \q1 \v 3 কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, \q1 আৰু মোৰ গোচৰ কাৰণে ঈশ্বৰৰ সৈতে যুক্তি-তৰ্ক কৰিব খুজিছোঁ। \q1 \v 4 কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, \q1 আৰু তোমালোক সকলোৱেই অপদাৰ্থ চিকিৎসক। \q1 \v 5 অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, সেয়ে তোমালোকলৈ প্ৰজ্ঞা স্বৰূপ হলেহেঁতেন! \q1 \v 6 এতিয়া মোৰ যুক্তি শুনা, \q1 আৰু মোৰ ওঁঠৰ ওকালতিলৈ কাণ পাতা। \q1 \v 7 তোমালোকে ঈশ্বৰৰ পক্ষে মিচা মাতিবা নে? \q1 আৰু তেওঁৰ পক্ষ হৈ প্ৰতাৰনাপূৰণ বাক্য কবা নে? \q1 \v 8 তোমালোকে কি তেওঁৰেই পক্ষপাত কৰিবা? \q1 তোমালোকে ঈশ্বৰৰ পক্ষ হৈ ওকালতি কৰিবা নে? \q1 \v 9 তেওঁ তোমালোকৰ তত্ব বিচাৰি উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? \q1 বা মানুহে যনেকৈ মনুহক প্ৰতাৰণা কৰে, তোমালোকে জানো তেওঁক প্ৰতাৰণা কৰিব পাৰিবা? \q1 \v 10 তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, \q1 তেন্তে তেওঁ অৱশ্যেই তোমালোকক দবিয়াব। \q1 \v 11 তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? \q1 তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা? \q1 \v 12 তোমালোকৰ বেচিভাগ উক্তি ভস্মস্বৰূপ \q1 তোমালোকৰ প্রতিৰোধ ধুলিৰে গঢ়া। \q1 \v 13 তোমালোকে মনে মনে থাকা, \q1 মোকেই কথা ক’বলৈ দিয়া; \q1 মোলৈ যি ঘটে, ঘটক। \q1 \v 14 মই মোৰ মাংস দাঁতত লৈ থাকিম, \q1 মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। \q1 \v 15 চোৱা, তেওঁ মোক বধ কৰিব, মোৰ কোনো আশা নাই; তথাপি তেওঁৰ আগত মই মোৰ আত্মৰক্ষাত কথা কম। \f + \ft কছুমান অনুলিপত এই দৰে লিখা আছে: “তেও যদি মোক মাৰিও পেলায়, তথৈপি মই তেওঁৰ ওপৰত আশা ৰাখিম” \f* \q1 \v 16 এয়ে মোৰ পৰিত্ৰাণৰ কাৰণ হ’ব, \q1 কিয়নো ঈশ্বৰ ভক্তিহীন লোক আৰু তেওঁৰ সন্মুখলৈ নাহে। \q1 \v 17 মনোযোগ দি মোৰ কথা শুনা; \q1 মোৰ ঘোষণা তোমালোকৰ কাণত সোমাওক। \q1 \v 18 চোৱা, মোৰ গোচৰ মই ঠিক কৰি থৈছোঁ; \q1 মই যে নিৰ্দ্দোষী প্ৰমানিত হম, তাক মই জানো। \q1 \v 19 মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? \q1 যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম। \q1 \v 20 তুমি কেৱল দুটা বস্তু মোক দিয়া; \q1 তাতে মই তোমাৰ সম্মুখৰ পৰা মই নিজকে নুলুকুৱাম। \q1 \v 21 মোৰ পৰা তোমাৰ হাত আঁতৰাই নিয়া, \q1 আৰু তোমাৰ ভয়ানক ৰূপেৰে মোক আৰু ভয় নেদেখুৱাবা। \q1 \v 22 তেতিয়া তুমি মোক মাতিবা আৰু মই উত্তৰ দিম, \q1 বা মোক কবলা দিব আৰু তুমি উত্তৰ দিবা। \q1 \v 23 মোৰ অপৰাধ আৰু পাপ কিমান? \q1 মোৰ অধৰ্ম আৰু পাপবোৰ মোক জনোৱা। \q1 \v 24 কিয় তোমাৰ মুখ লুকুৱাই ৰাখিছা, \q1 আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা? \q1 \v 25 বতহে উৰুৱাই নিয়া পাতক তুমি জানো ভয় তুমি ভয় দেখোৱা? \q1 আৰু শুকান তুহৰ পাচত জানো খেদি যাবা? \q1 \v 26 কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখিছা, \q1 আৰু মোক যৌবন কালৰ অপৰাধৰ ফল ভোগ কৰাইছা। \q1 \v 27 তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, \q1 মোৰ সকলো পথৰ ওপৰত লক্ষ্য ৰাখিছা, \q1 আৰু মোৰ ভৰিৰ তলৰ সীমা স্থিৰ কৰি ৰাখিছা, \q1 \v 28 সেয়ে মানুহ পচা বস্তুৰ নিচিনা নষ্ট হয়, \q1 আৰু পোকে খোৱা বস্ত্ৰৰ দৰে হয়। \c 14 \p \v 1 তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, \q1 তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। \q1 \v 2 তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; \q1 তেওঁ ছাঁৰ দৰে গুছি যায়, স্থায়ী ভাৱে নাথাকে; \q1 \v 3 তেনে এজন লোকৰ ওপৰত তুমাৰ দৃষ্টি; \q1 তোমাৰ লগত মোকো বিচাৰ স্থানলৈ আনিছা? \q1 \v 4 অশুচিৰ পৰা শুচি বস্তু কোনে উলিয়াব পাৰে? \q1 কোনেও নোৱাৰে। \q1 \v 5 যিহেতু তেওঁলোকৰ আয়ুসৰ কাল স্থিৰ কৰা আছে, \q1 তেওঁৰ মাহৰ সংখ্যা তুমি জানা, \q1 আৰু তেওঁলোক পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা; \q1 \v 6 তেওঁলোকৰ পৰা দৃষ্টি আঁতৰ কৰা, যাতে তেওঁলোক বিশ্ৰাম লব পাৰে, শ্ৰমিকৰ দৰে \q1 নিজৰ দিনবোৰ উপঙোগ কৰিব পাৰে। \q1 \v 7 কিয়নো গছৰ আশা আছে, \q1 তাক কাটিলেও সি আকৌ পোখা মেলিব, \q1 আৰু তাৰ কোমল গজালিৰ অভাৱ নহযব। \q1 \v 8 যদি মাটিত তাৰ শিপা বুঢ়া হয়, \q1 আৰু ভুমিত তাৰ মূঢ়াতো মৰে, \q1 \v 9 তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, \q1 আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে। \q1 \v 10 কিন্তু মানুহ মৰে আৰু শুৱাই \f + \ft কবৰত শুৱাই থোৱা কথা কৈছে \f* থোৱা হয়; \q1 মনুষ্যই প্ৰাণত্যাগ কৰে, আৰু তেওঁলোক ক’ত? \q1 \v 11 যেনেকৈ জলাহৰ পানী ঢুকাই যায়, \q1 আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, \q1 \v 12 যেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, \q1 আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপাব, \q1 আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহব। \q1 \v 13 অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, \q1 তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, \q1 মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, তুমি মোক সোঁৱৰণ কৰা হ’লে! \q1 \v 14 যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব? \q1 মই মোৰ পৰিচৰ্য্যাৰ সকলো দিনবোৰত অপেক্ষা কৰিম, যেতিয়া লৈকে মোৰ মুক্তিৰ দিন নাহিব। \q1 \v 15 তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; \q1 তুমি তোমাৰ হাতৰ কৰ্মৰ প্ৰতি আশা কৰিবা। \q1 \v 16 কিয়নো তেতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিবা; \q1 তুমি মোৰ পাপলৈ জানো লক্ষ্য কৰি থকা নাই? \q1 \v 17 মোৰ অধৰ্ম মোনা বন্ধ কৰি মোহৰ মৰা যব, \q1 আৰু তুমি মোৰ অপৰাধ ঢাকি দিবা। \q1 \v 18 কিন্তু পৰ্ব্বতো পৰি যায় আৰু বিলুপ্ত হয়; \q1 আনকি শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়। \q1 \v 19 পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, \q1 তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; \q1 সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। \q1 \v 20 তুমি চিৰকাল তেওঁলোকৰ বিপক্ষে থাকা, তেওঁলোকে লোকান্তৰলৈ যায়। \q1 তুমি তেওঁলোকৰ মুখ বিকৃত কৰি তেওঁলোকক দূৰ কৰিছা। \q1 \v 21 তেওঁলকৰ সম্তাবোৰ সন্মানিত হলেও, তেওঁলোকে সেই বিষয়ে নাজানে; \q1 আনকি তেওঁলোকৰ অৱস্থা হীন হলেও, তেওঁলোকে তাক দেখা নাপায়। \q1 \v 22 তেওঁলোকে নিজৰ শৰীৰ বেদনা বুজিব পাৰে, \q1 আৰু নিজৰ কৰণেই শোক কৰে।” \c 15 \p \v 1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে, \q1 \v 2 কোনো জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, \q1 বা পূবৰ বায়ুৱে জানো উদৰ পূৰ কৰে? \q1 \v 3 তেওঁলোকে নিস্ফল কথাৰে তৰ্ক কৰিবনে? \q1 বা যি বাক্য কোনো কামৰ নহয় এনে বাক্যৰে বাদানুবাদ কৰিবনে? \q1 \v 4 কিন্তু, তুমি ঈশ্বৰক ভয় কৰিবলা এৰি দিছা, \q1 আৰু ঈশ্বৰৰ সাক্ষাতে ধ্যান কৰিবলৈও এৰি দিছা। \q1 \v 5 কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ ব্যক্ত কৰিছে, \q1 আৰু তুমি চতুৰ জিভা মনোনীত কৰিছা। \q1 \v 6 তোমাৰ নিজ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; \q1 তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। \q1 \v 7 মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? \q1 আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল? \q1 \v 8 তুমি ঈশ্বৰৰ মন্ত্ৰণা জানো শুনিছিলা? \q1 আৰু সমস্ত প্ৰজ্ঞা জানো তুমি নিজেই ৰাখি থৈছা? \q1 \v 9 তুমি নো আমি নজনা কথা কি জানা? \q1 তুমিনো আমি নুবুজা কথা কি বুজিছা? \q1 \v 10 পকাচুলীয়া আৰু বৃদ্ধসকল আমাৰ পক্ষত আছে; \q1 তেওঁলোক তোমাৰ পিতৃতকৈয়ো বৃদ্ধ। \q1 \v 11 ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ বাবে অতি নগণ্য নে? \q1 বা তোমাৰ সৈতে কৰা মৃদু বাৰ্তালাপো জানো কম? \q1 \v 12 তোমাৰ মনেনো তোমাক কিয় দূৰলৈ নিয়ে? \q1 আৰু তোমাৰ চকু নো কিয় তিৰবিৰাই থাকে, \q1 \v 13 তুনি ঈশ্বকক বিৰুদ্ধে তোমাৰ হৃদয় বিমুখ কৰিছা? \q1 আৰু তোমাৰ মুখৰ পৰা সেই বোৰ কথা কিয় বাহিৰ কৰিছা? \q1 \v 14 মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? \q1 তিৰোতাৰ পৰা জন্মা মনুষ্যই ধাৰ্মিক হ’ব পাৰেনে? \q1 \v 15 চোৱা, ঈশ্বৰে নিজৰ পবিত্ৰবিলাকক বিশ্বাস নকৰে, \q1 আকাশ-মণ্ডলো তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়। \q1 \v 16 তেনেহলে যি ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত মনুষ্য \q1 জলৰ দৰে অপৰাধ পান কৰে, তেওঁনো কিমান পৰিমণে কম হব পাৰে? \v 17 মোৰ কথা শুনা মই তোমাক দেখোৱাম; \q1 মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিম; \q1 \v 18 জ্ঞানী সকলে যি যি কৈছিল \q1 আৰু তেওলোকৰ পূৰ্ব পূৰুষ সকলে গোপনে নাৰাখিলে, \q1 \v 19 কেৱল তেওঁলোকহে দেশ দ্য়া হৈছিল, কোনো বিগেশীয়ে তেওঁলোকৰ মাজেদি অহা যোৱা কৰা নছিল। \q1 \v 20 দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, \q1 অত্যাচাৰী জনৰ বছৰৰ সংখ্যা নিৰূপিত আছে। \q1 \v 21 ভয়ৰ শব্দ কাণত থাকে; সহঁতৰ \q1 সমৃদ্ধিৰ সময়তে বিনাশকে সিহঁতক আক্ৰমণ কৰে। \q1 \v 22 সিহঁতে আন্ধাৰৰ পৰা যে উলটি আহিব, তাৰ কোনো আশা নাই। সহঁত তৰোৱালৰ বাবেই নিৰ্ধাৰিত আছে। \q1 \v 23 সিহঁতে আহাৰৰ নিমিত্তে ভ্ৰমণ কৰি কয়, ‘সেয়া ক’ত আছে?’ \q1 সিহঁতে জানে যে, আন্ধাৰৰ দিন ওচৰত উপস্থিত আছে। \q1 \v 24 ক্লেশ আৰু বেদনাই সিহঁতক ভয় দেখুৱায়; \q1 যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে। \q1 \v 25 কাৰণ সিহঁতে ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, \q1 আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে অৱমাননা কৰিলে। \q1 \v 26 আকোৰঁগোজ হৈ সিহঁতে ডাঠ ঢাল লৈ তেওঁৰ বিৰুদ্ধে লৰমাৰি গৈছে। \q1 \v 27 কাৰণ সিহঁতে চৰ্বিৰে নিজৰ মুখ ঢাকে, \q1 আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে; \q1 \v 28 আৰু সিহঁতে জনশূণ্য নগৰত বাস কৰে; \q1 যি ঠাই ধ্বংসস্তুপ হবলৈ নিৰ্দ্ধাৰিত। \q1 \v 29 সিহঁতে ধনী নহব, আৰু সিহঁতৰ সম্পত্তি নাথাকিব; \q1 সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব। \q1 \v 30 সিহঁতে আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; \q1 অগ্নি-শিখাই তাৰ ডালবোৰ শুকুৱাব, \q1 আৰু সিহঁতে ফুলবোৰক বতাহে দূৰলৈ উৰুৱাই নিব। \q1 \v 31 সিহঁতে শূন্যতাক বিশ্বাস নকৰক; নিজকে প্ৰতাৰণা নকৰক, কাৰণ শূন্যতাই সিহঁতৰ হেচ হ’ব। \q1 \v 32 সময়ৰ পূৰ্বেই তাক সম্পূৰ্ণকৈ পৰিশোধ কৰা হ’ব, \q1 আৰু সিহঁতৰ ডাল সতেজ নহব। \q1 \v 33 সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, \q1 আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব। \q1 \v 34 কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, \q1 আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব। \q1 \v 35 সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি কষ্টেৰে প্ৰসৱ কৰে; \q1 সিহঁতৰ হৃদয়ত প্ৰতাৰণা প্ৰস্তুত হয়।” \c 16 \p \v 1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে, \q1 \v 2 মই এইৰূপ অনেক কথা শুনিলো; \q1 তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী। \q1 \v 3 বায়ুতুল্য কথাৰ জানো কেতিয়াও শেষ নহযব? \q1 বা কিহে তোমালোকক কথা কৈ থাকিবলৈ উদগাইছে? \q1 \v 4 ময়ো তোমালোকৰ দৰে মোৰ দৰে হলেহেঁতেন, \q1 তোমালোকৰ অৱস্থা যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, \q1 মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, \q1 আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন। \q1 \v 5 যদিহে মই মুখেৰে তোমালোকক প্ৰেৰণা দিব পাৰিলোহেঁতেন, \q1 আৰু মোৰ ওঠৰ শান্তনাত তোমালোকৰ দুখ উপশমহে হলহেঁতেন। \q1 \v 6 মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, \q1 আৰু নিমাতে থাকিলে জানো মোৰ দুখ গুচিব? \q1 \v 7 কিন্তু ঈশ্বৰে এতিয়া মোক ক্লান্ত কৰিলে; \q1 তেওঁ মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলে। \q1 \v 8 তেওঁ মোৰ শৰীৰ শিশৰিত কৰিছে আৰু সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; \q1 মোৰ নিশকতিয়া অৱস্থায় মোৰ বিৰুদ্ধে উঠিছে, \q1 আৰু এয়ে মোৰ চেহেৰাই সাক্ষ্য দিছে। \q1 \v 9 তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়ণাও কৰিলে; \q1 তেওঁ মোলৈ দাঁত কৰচিলে; \q1 মোৰ বিপক্ষে মোৰ বিৰুদ্ধে চকু ৰঙা কৰিছে; \q1 \v 10 লোকে মোৰ বিৰুদ্ধে মুখ মেলে; \q1 সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; \q1 সিহঁতে মোৰ অহিতে গোট খায়। \q1 \v 11 ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, \q1 আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে। \q1 \v 12 মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি দু-টুকুৰা কৰিলে, \q1 তেওঁ মোৰ ডিঙিত ধৰি মোক থেকেচিলে; \q1 আৰু মোত নিজৰ লক্ষ্য স্থপন কৰিলে। \q1 \v 13 তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; \q1 তেওঁ মোৰ বৃক্ক বিদাৰিলে, দয়া নেদেখুৱালে, \q1 তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে। \q1 \v 14 তেওঁ মোক বাৰে বাৰে আঘাত কৰে; \q1 তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে। \q1 \v 15 মই মোৰ ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, \q1 আৰু শক্তিক ধুলিৰে লেটিপেটি কৰিলোঁ। \q1 \v 16 কান্দোতে কান্দোতে মোৰ মুখ ৰঙা পৰি গৈছে, \q1 আৰু মোৰ চকুৰ পতা ক’লা পৰি গৈছে। \q1 \v 17 যদিও মোৰ হাত অত্যাচাৰৰ পৰা মুক্ত, \q1 আৰু মোৰ প্ৰাৰ্থনা বিশুদ্ধ। \q1 \v 18 হে পৃথিৱী, তুমি মোৰ তেজ ঢাকি নাৰাখিবা, \q1 আৰু মোৰ কাতৰোক্তিয়ে যেন জিৰাবলৈ ঠাই নাপায়। \q1 \v 19 চোৱা, এতিয়াও মোৰ সাক্ষ্য স্বৰ্গত আছে, \q1 আৰু মোৰ সাক্ষী উচ্চস্থানত আছে। \q1 \v 20 মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে; ঈশ্বৰৰ উদ্দেশ্যে মোৰ চকুৱে অশ্ৰুজল পেলায়, \q1 \v 21 মানুহৰ হৈ কোনোবাই ঈশ্বৰলৈ নিবেদল কৰে, \q1 সেই দৰে আজন মানুহে বন্ধুৰ কাৰণে নিবেদন কৰে! \q1 \v 22 কিয়নো মাত্র কেইবছৰ মানৰ পিচতে মই যাম, \q1 যি ঠাইৰ পৰা পুনৰ উভতি আহিব নোৱাৰি। \c 17 \p \v 1 মোৰ জীৱাত্মা ভগ্ন হৈছে, মোৰ দিনৰ অন্ত পৰিছে; \q1 মোলৈ মৈদাম যুগুত আছে। \q1 \v 2 নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ চাৰিওফালে আছে, \q1 আৰু সিহঁতে দিয়া প্ৰৰোচনাবোৰ মোৰ চকুৰ আগত আছে। \q1 \v 3 বিনয় কৰোঁ, তুমি মোৰ আৰু তোমাৰ সৈতে এটা অঙ্গীকাৰ কৰা; \q1 কোন আছে যিজনে মোৰ নিৰাপত্তা দিব; \q1 \v 4 কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; \q1 এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা। \q1 \v 5 যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, \q1 তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব। \q1 \v 6 তেওঁ মোক লোকসকলৰ আগত ঘৃণাৰ পাত্ৰ কৰিলে; \q1 যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো। \q1 \v 7 মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, \q1 আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল। \q1 \v 8 সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব, \q1 আৰু নিৰ্দ্দোষীয়ে নিজকে অসাধু সকলৰ বিৰুদ্ধে সক্ৰিয় হ’ব। \q1 \v 9 তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; \q1 যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব। \q1 \v 10 কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; \q1 আৰু মই তোমালোকৰ মাজত এজনো জ্ঞানী নাপাওঁ। \q1 \v 11 মোৰ দিন কেইটা গ’ল, মোৰ পৰিকল্পনা ভগ্ন হৈছে, \q1 মোৰ মনৰ বঞ্চাও ভগ্ন হৈছে। \q1 \v 12 সেই মানুহবোৰে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে, \q1 পোহৰক সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে। \q1 \v 13 যদি চিয়োলকেই মোৰ ঘৰ বুলি মানো, \q1 আৰু যদি আন্ধাৰকে মোৰ শয্যা বনাইছো, \q1 \v 14 যদি মই গাঁতক কওঁ “তুনি মোৰ পিতৃ” \q1 আৰু পোকক, “মোৰ মাতৃ আৰু ভনী” বুলি কওঁ, \q1 \v 15 তেনেহ’লে মোৰ আশা ক’ত? \q1 আৰু মোৰ আশাক নো কোনে দেখা পাব? \q1 \v 16 সৈই আশাৰ চিয়োলৰ দুৱাৰ পৰ্যন্ত নামি নাযাবন? \q1 কেতিয়া আমি একলগে ধূলিত মিলিত হম?” \c 18 \p \v 1 তাৰপাচত চুহীয়া বিল্দাদদে উত্তৰ দিলে, \q1 \v 2 তোমালোকেনো কিমান কাল কথা চোবাই থাকিবা? \q1 বিবেচনা কৰা; পাছত আমি কথা পাতিম। \q1 \v 3 আমি কিয় পশুতুল্য গণিত হৈছোঁ? \q1 আৰু তোমাৰ দৃ্ষ্টিত আমি নো কেলেই নিৰ্বোধ হৈছোঁ? \q1 \v 4 ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, \q1 তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, \q1 বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব? \q1 \v 5 নিশ্চয় দুষ্টৰ দীপ্তি নুমুৱাই দিয়া হ’ব যাব, \q1 আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব। \q1 \v 6 সিহঁতৰ তম্বুত পোহৰ আন্ধাৰ হ’ব, \q1 আৰু তাৰ ওপৰত থোৱা চাকি নুমাই যাব। \q1 \v 7 শক্তিৰ গতি চমু হৈ যাব, \q1 আৰু সিহঁত নিজৰ পৰামৰ্শতে নিজে নিপাত হ’ব। \q1 \v 8 কিয়নো নিজৰ ভৰিয়েই সিহঁতক জালৰ মাজত পেলাই দিব, \q1 আৰু সিহঁত গৈ গাতত \f + \ft ফান্দ পতা গাত \f* পৰিব। \q1 \v 9 সিহঁতৰ ভৰিৰ গোৰোহা ফান্দত পৰিব, \q1 আৰু ফান্দে সিহঁতক ধৰি ৰাখিব। \q1 \v 10 সিহঁতৰ নিমিত্তে মাটিত ফাচ \f + \ft ফাচ: চোঁচনি গাঠি দিয়া শকত জৰী \f* লুকুৱাই থোৱা আছে, \q1 আৰু তাৰ ফান্দ পতা আছে। \q1 \v 11 চাৰিওফালৰ নানা ত্ৰাসে সিহঁতৰ ভয় দোখোৱাব, \q1 আৰু পদে পদে সিহঁতৰ খেদি যাব। \q1 \v 12 ভোকত সিহঁতৰ বল কমি যাব, \q1 আৰু উজুটি খবলৈ দুৰ্যোগ প্ৰস্তুত হৈ আছে। \p \v 13 ৰোগে সিহঁতৰ গাৰ চাল খই পেলাইছে, জেষ্ঠ পুত্ৰৰ \q1 মৃতুৱে সিহঁতৰ সৰ্ব্বাঙ্গ গ্ৰাহ কৰিছে \q1 \v 14 সিহঁতৰ নিৰ্ভৰ কৰ তম্বুৰ পৰা সিহঁতক ছিন্ন ভিন্ন কৰা হৈছে; \q1 ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ সিহঁতক আনা হৈছে। \q1 \v 15 সিহঁতৰ তম্বুত ভিতৰত একো নাথাকে; \q1 বাসকৰ স্থানত গন্ধক ছটিওৱা হ’ব। \q1 \v 16 তলত সিহঁতৰ শিপাবোৰ শুকাব, \q1 আৰু ওপৰৰ সিহঁতৰ ডালবোৰ কটা যাব। \q1 \v 17 পৃথিবীৰ পৰা সিহঁতৰ সোঁৱৰণ লুপ্ত হ’ব, \q1 আৰু বাটে-পথে কোনেও সিহঁতৰ নাম নলব। \q1 \v 18 সিহঁতৰ পোহৰৰ পৰা আন্ধাৰলৈ ঠেলি দিয়া হ’ব, \q1 আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব। \q1 \v 19 স্বজাতীয়বোৰৰ মাজত সিহঁতৰ কোনো বংশধৰ নাথাকিব, \q1 সিহঁতৰ বসতি স্থনত কোনো অৱশিষ্ট নাথাকিব। \q1 \v 20 সিহঁতৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, \q1 আৰু পূবত থকাবোৰে আতঙ্কত চিঞৰি উঠিব। \q1 \v 21 নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, \q1 আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।” \c 19 \p \v 1 তেতিয়া ইয়োবে পুনৰ উত্তত ক’লে, \q1 \v 2 তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, \q1 আৰু বাক্যেৰে মোক গুড়ি কৰিবা? \q1 \v 3 তোমালোকে এই দহবাৰ মোক তিৰস্কাৰ কৰিছা; \q1 মোৰ প্ৰতি কৰা নিষ্ঠুৰ ব্যৱহাৰত তোমালোকে লাজ নোপোৱান? \q1 \v 4 যদি সচাকৈয়ে মই ভুল কৰিলোঁ, \q1 তেন্তে মোৰ সেই ভুলৰ ফল মোৰ লগতে আছে। \q1 \v 5 তোমালোকে যদি মোৰ ওপৰত নিজকে গৰ্ব্ব কৰা, \q1 আৰু মোৰ নম্ৰতাক মোৰ বিৰুদ্ধে এক বিতৰ্কৰ সৃষ্টি কৰা, \q1 \v 6 তেন্তে জানিবা যে, ঈশ্বৰে মোৰ প্ৰতি অন্যায় কৰিছে, \q1 আৰু মোৰ চৰিওফালে তেওঁ জাল পেলাইছে। \q1 \v 7 চোৱা, মই অন্যায়ৰ হৈছে বুলি চিঞৰিলেও কোনে উত্তৰ নাপাও; \q1 মই আৰ্তনাদ কৰো কিন্তু, ন্যায় নপাও। \q1 \v 8 মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, \q1 আৰু মোৰ পথবোৰ আন্ধাৰ কৰিছে। \q1 \v 9 তেওঁ মোৰ গৌৰৱৰ বস্ত্ৰ সোলোকাই দিলে, \q1 আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে। \q1 \v 10 তেওঁ মোক চাৰিওফালৰ পৰা মোক ফালি ছিৰা-ছিৰ কৰাত, মই বিনষ্ট হ’লো; \q1 তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে। \q1 \v 11 তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; \q1 আৰু মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে। \q1 \v 12 তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, \q1 আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে। \q1 \v 13 তেওঁ মোৰ পৰিয়ালক মোৰ পৰা দূৰ কৰিলে, \q1 আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল। \q1 \v 14 মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, \q1 আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে। \q1 \v 15 মোৰ ঘৰৰ অতিথি আৰু মোৰ দাসীবোৰেও, মোক অচিনাকিলোক যেন জ্ঞান কৰে; \q1 মই সিহঁতৰ দৃষ্টিত বিদেশী হ’লো। \q1 \v 16 মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; \q1 যদিও মই নিজ মুখেৰে তাৰ আগত বিনয় কৰো। \q1 \v 17 মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, \q1 মোৰ নিজৰ পৰিয়ালৰ বাবেও মই ঘিণলগীয়া হৈছে। \q1 \v 18 এনেকি সৰু লৰা-ছোৱলীবোৰেও মোক তুচ্ছ জ্ঞান কৰে; \q1 মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়। \q1 \v 19 মোৰ অন্তৰঙ্গ বন্ধুবোৰে মোক ঘিণ কৰে, \q1 মই যি সকলক ভাল পাও সিহঁত, মোৰ পৰা বিমুখ হ’ল। \q1 \v 20 মই হাড়ে-ছালে লাগি গলোঁ; \q1 মই কেৱল দাঁতৰ আলু খিনিৰে সৈতে বাছি আছো। \q1 \v 21 হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; \q1 কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিছে। \q1 \v 22 ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোৰ পিছত কিয় লাগি আছা? \q1 মোৰ মঙহত তোমালোকৰ জানো হেপাহ পলোৱা নাই? \q1 \v 23 অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে! \q1 অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে! \q1 \v 24 অস্, সেইবোৰ লোহাৰ কলম আৰু সীহেৰে \q1 চিৰকালৰ বাবে শিলত খোদিত কৰা হলে! \q1 \v 25 কিয়নো মই জানো, মোৰ মুক্তিদাতা জীয়াই আছে, \q1 শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। \q1 \v 26 আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, \q1 মই মাংসত ঈশ্বৰক দৰ্শন কৰিম। \q1 \v 27 মই নিজেই তেওঁক দেখা পাম, \q1 আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। \q1 মোৰ হৃদয় কেনেকৈ ক্ষীণ হৈ গৈছে। \q1 \v 28 যদি তোমালোকে কোৱা, ‘আমি তাক কেনেকৈ কষ্ট দিম \q1 কিয়নো কষ্টৰ মূল শিপা তাৰ ভতৰত পোৱা যায়,’ \q1 \v 29 তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; \q1 কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, \q1 এইদৰে তোমালোকে জানিব পাৰিবা যে, ন্যায় বিচাৰ এটা আছে।” \c 20 \p \v 1 তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ দিলে, \q1 \v 2 মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, \q1 কাৰণ এইবোৰে মোৰ অন্তৰক অধৈৰ্য কৰিছে। \q1 \v 3 অপমান সূচক গৰিহণা মই শুনিলোঁ, \q1 তথাপি মোৰ বোধৰ অগম্য এক আত্মাই মোক উত্তৰ দিছে। \q1 \v 4 তুমি নাজানানে অতীজৰ পৰা পৃথিৱীত মনুষ্যক স্থাপন হৈছিল, \q1 \v 5 যিহেতু দুষ্টবোৰৰ উল্লাস যে অলপদিনীয়া, \q1 আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া? \q1 \v 6 যদি দুষ্টলোক ওপৰলৈ উঠি আকাশ পায়গৈ, \q1 আৰু সিহঁতৰ মূৰ যদিও মেঘ স্পৰ্শ কৰে, \q1 \v 7 তথাপি সিহঁত নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, \q1 যিসকলে সিহঁতক তাক দেখিছিল, তেওঁলোকে সুধিব, সিহঁত ক’ত আছে? \q1 \v 8 সিহঁতে সপোনৰ দৰে উড়ি যাব, আৰু পুনৰ পোৱা নাযাব; \q1 ৰাতিকালৰ দৰ্শনৰ দৰে সিহঁত লুপ্ত হ’ব। \q1 \v 9 যি চকুৱে সিহঁতক দেখিছিল, সেই চকুৱে সিহঁতক পুনৰ দেখা নাপাব; \q1 সিহঁতৰ নিবাসৰ ঠায়ে সিহঁতক পুনৰ দেখা নাপাব। \q1 \v 10 সিহঁতৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, \q1 আৰু সিহঁতে নিজ হাতেৰে নিজৰ ধন-সম্পত্তি ওভোটাই দিব। \q1 \v 11 তেওঁলোকৰ শৰিৰ একালত শক্তিৰে পৰিপূৰ্ণ আছিল, \q1 সেই বুলি ধুলিত তেওঁলোকৰ লগত শুব নে। \q1 \v 12 যদিও দুষ্টতা সিহঁতৰ মুখত সোৱাদ লাগে, \q1 যদিও সিহঁতে জিভাৰ তলত তাক লুকুৱাই ৰাখে, \q1 \v 13 যদিও সিহঁতে তাক এৰি দিব নিবিচাৰে, \q1 কিন্তু মুখৰ ভিতৰতে তাক ৰাখি থয়, \q1 \v 14 তথাপি সিহঁতৰ আহাৰ পেটলৈ গৈ টেঙা হয়, \q1 সেয়ে সিহঁতৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে। \q1 \v 15 সসিহঁতৰ ধন-সম্পত্তি গ্ৰাস কৰি, তাক পুনৰাই বতিঁয়াই পেলাব; \q1 ঈশ্বৰে সিহঁতৰ পেটৰ পৰা তাক উলিয়াই পেলাব। \q1 \v 16 সিহঁতে কালসৰ্পৰ বিষ চুহিব; \q1 বিশাল সাপৰ জিভাই সিহঁতক বধ কৰিব। \q1 \v 17 সিহঁতে নদীবোৰ উপভোগ কৰিব নাপাব, \q1 য’ত মৌ আৰু দৈ বৈ যায়। \q1 \v 18 সিহঁতে নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, ভোগ নকৰিব; \q1 সিহঁতে বানিজ্যৰ পৰা পোৱা লাভ উপভোগ কৰিব নকৰিব। \q1 \v 19 কিয়নো সিহঁতে দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; \q1 যি ঘৰ নিজে নিৰ্মান কৰা নাই তেনে ঘৰ কাঢ়ি ল’লে। \q1 \v 20 সিহঁতৰ পেট কেতিয়াও তৃপ্ত নহয়; \q1 এই হেতুকে সিহঁতে লোভনীয় বস্তুৰ মাজৰ একোৱে ৰক্ষা নাপাব। \q1 \v 21 গ্ৰাস কৰিব পৰা একোৱেই বাকী নাথাকিব; \q1 এই কাৰণে সিহঁতৰ মঙ্গল চিৰকলীয়া নহ’ব। \q1 \v 22 বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সিহঁতৰ ঠেকত পৰিব; \q1 দুৰ্দশাৰ পৰাক্ৰম সিহঁতৰ ওপৰত পৰিব। \q1 \v 23 নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে সিহঁতৰ ওপৰত ক্ৰোধাগ্নি পেলাব, \q1 আৰু খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব। \q1 \v 24 সিহঁতৰ লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; \q1 কিন্তু পিতলৰ ধনুৰ কাড়ঁত বিদ্ধ হ’ব। \q1 \v 25 সেই কাঁড় সিহঁতে গাৰ পৰা টানি বাঙিৰ কৰিব; \q1 তাৰ তিৰবিৰোৱা আগ ভাগত, তাৰ পিত্তৰ পৰা বাহিৰ হ’ব; \q1 নানা ধৰণৰ ত্ৰাস সিহঁতৰ ওপৰত আহিব। \q1 \v 26 সিহঁতৰ সম্পদৰ ববে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, \q1 মানুহে নধৰা জুয়ে সিহঁতৰ গ্ৰাস কৰিব; \q1 সিহঁতৰ তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব। \q1 \v 27 আকাশ-মণ্ডলে সিহঁতৰ অপৰাধ প্ৰকাশ কৰিব, \q1 আৰু পৃথিৱী সিহঁতৰ বিৰুদ্ধে উঠিব। \q1 \v 28 সিহঁতৰ ঘৰৰ সম্পত্তি উড়ি যাব; \q1 ঈশ্বৰৰ ক্ৰোধৰ দিনা ধল পানীয়ে সম্পূৰ্ণ উটুৱাই নিব। \q1 \v 29 দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, \q1 আৰু এয়ে সিহঁতৰ বাবে ঈশ্বৰে নিৰূপণ কৰা অধিকাৰ। \c 21 \p \v 1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ দি ক’লে, \q1 \v 2 তোমালোকে মন দি মোৰ কথা শুনা; \q1 আৰু এয়ে তোমালোকৰ শান্তনা হওক। \q1 \v 3 অলপ সহন কৰা, মই কথা কম; \q1 মই কথা কোৱাৰ পাছত বিদ্ৰূপ কৰি থাকা। \q1 \v 4 মোৰ অভিযোগ জানো মানুহৰ ওচৰত? \q1 মই কিয় অধৈৰ্য নহম? \q1 \v 5 তোমালোকে মোলৈ চাই আচৰিত মানিছা, \q1 আৰু নিজৰ মুখত হাত দিছা। \q1 \v 6 যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো, \q1 তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসত মোৰ শৰীৰ কঁপি উঠে। \q1 \v 7 দুষ্টবোৰ কিয় বৃদ্ধ বোৱালৈকে জীয়াই থাকে? \q1 আৰু ক্ষমতাশালীও হয়? \q1 \v 8 সিহঁতৰ সন্মুখত সিহঁতৰ সনেতানবোৰ থাকে; \q1 সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে। \q1 \v 9 সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ নিবাপদে থাকে, \q1 আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। \q1 \v 10 সিহঁতৰ ষাঁড় গৰুবোৰে মিলন কৰিলে সেয়ে নিষ্ফল নহয়; \q1 সিহঁতৰ গাই জগে, বিনাশ নকৰে। \q1 \v 11 সিহঁতে নিজ নিজ শিশুবোৰক মেষৰ জাকৰ দৰে বাহিৰত চৰায়; \q1 আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে। \q1 \v 12 সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়, \q1 আৰু বাঁহীৰ শব্দত উল্লাস কৰে। \q1 \v 13 সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; \q1 পাছত শান্তিৰে চিয়োললৈ নামি যায়। \q1 \v 14 সিহঁতে ঈশ্বৰক কয়, “তুমি আমাক অকলে থকিবলৈ দিয়া; \q1 কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ। \q1 \v 15 সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? \q1 আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব? \q1 \v 16 সিহঁতৰ সফলই জানো সিহঁতৰ হাতৰ কৃতিত্ব নহয়; \q1 দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক। \q1 \v 17 দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? \q1 কিমানবাৰ নো সিহঁতৰ ওপৰত বিপদ সিহঁতলৈ ঘটে? \q1 কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে? \q1 \v 18 কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা, \q1 আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়? \q1 \v 19 তোমালোকে কোৱা, “ঈশ্বৰে তেওঁলোকৰ অধৰ্ম তেওঁলোকৰ সন্তানবোৰলৈ সাঁচি থয়”। \q1 সিহঁতকেই অধৰ্মৰ প্ৰতিফল দিয়ক, তাতে সিহঁতে জানিব। \q1 \v 20 সিহঁতৰ নিজ চকুৱেই নিজৰ সৰ্ব্বনাশ দেখক, আৰু \q1 সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিহঁতৰ পান কৰক। \q1 \v 21 যেতিয়া তাৰ মাহৰ সংখ্যা শেষ হ’ব, \q1 তাৰ পাছত সিহঁতে জানো নিজৰ পৰিয়ালৰ কাৰণে চিন্তা কৰিব? \q1 \v 22 যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে, \q1 এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে? \q1 \v 23 কনোৱে সম্পৰ্ণ সাফল্যতাৰে মৰে, \q1 সকলোভৱে শান্তি আৰু নিচিন্তে মৰে। \q1 \v 24 সিহঁতৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ, \q1 আৰু হাড়বোৰৰ মজ্জা ৰসযুক্ত। \q1 \v 25 আন কোনোৱে মনত তিতা লাগি মৰে; \q1 কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়। \q1 \v 26 সিহঁতে একেলগে ধুলিত শোৱে, \q1 আৰু পোকে সিহঁতক ঢাকে। \q1 \v 27 চোৱা, মই তোমালোকৰ মনৰ ভাব জানো; \q1 আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ। \q1 \v 28 কিয়নো তোমালোকে কৈছা, “সেই অধিপতিজনৰ ঘৰ ক’ত? \q1 আৰু দুষ্ট লোকজনৰ বাস কৰা তম্বুটো ক’ত আছে? \q1 \v 29 তোমালোকে পথিকবিলাকক নোসুধানে আৰু সিহঁতৰ সাক্ষ্য গ্ৰহন নকৰা নে? \q1 \v 30 যে দুষ্টই বিপদৰ সময়ত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত সিহঁতৰ উদ্ধাৰ কৰা হয়, \q1 \v 31 সিহঁতৰ স্বভাৱৰ কথা সিহঁতৰ মুখৰ আগত কোনে ক’ব? \q1 আৰু সিহঁতৰ কৰ্মৰ প্ৰতিফল কোনে দিব? \q1 \v 32 সিহঁতক মৈদামলৈ নিয়া হ’ব, \q1 আৰু লোকে সিহঁতৰ সথানত মৈদাম পৰ দি থাকিব। \q1 \v 33 উপত্যকাৰ মাটিবোৰ সিহঁতলৈ সুখৰ যেন বোধ হব; \q1 তাৰ পাছত সকলো তাৰ অনুগামী ব’ব আৰু ইয়াৰ আগেতেও অসংখ্যলোকে তেনেকৈ গৈছিল। \q1 \v 34 তেন্তে তোমালোকে কিয় মোক অনৰ্থক শান্তনা দিছা? \q1 তোমালোকৰ উত্তৰবোৰ কেৱল মিছাৰ বাহিৰে একো নাই।” \c 22 \p \v 1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তত ক’লে, \q1 \v 2 মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? \q1 জ্ঞানী লোকেও জনো তেওঁৰ উপকাৰী হ’ব পাৰে। \q1 \v 3 তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? \q1 তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব? \q1 \v 4 তুমি তেওঁক ভয়, কৰাৰা কাৰণেই জানো তেওঁ তোমাক দোষাৰোপ কৰে? \q1 সেই বাবে কি তেওঁ তোমাৰ লগত বিচাৰত সোমাব? \q1 \v 5 তোমাৰ দুষ্টতা অধিক নহয় নে? \q1 তোমাৰ অপৰাধৰ কি সীমা নই? \q1 \v 6 তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক লোৱা, \q1 আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি লোৱা। \q1 \v 7 তুমি তৃষ্ণাতুৰ লোকক পানী নিদিয়া, \q1 আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰা। \q1 \v 8 ক্ষমতাৱান লোকে ভূমি দখল কৰিব; \q1 আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল। \q1 \v 9 তুমি বিধৱাসকলক শুদা হাতে বিদায় দিয়া; \q1 আৰু পিতৃহীনসকলৰ বাহু ভঙা। \q1 \v 10 এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; \q1 আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে। \q1 \v 11 ইমান আন্ধাৰ যে তুমি দেখা পোৱা নাই নে? \q1 পনীৰ ধলে তোমাক ঢাকি পেলাইছে? \q1 \v 12 ঈশ্বৰ উচ্ছ স্থান থকা স্বৰ্গত জানো নাই? \q1 ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে? \q1 \v 13 সেই কৰণে তুমি কৈছা, “ঈশ্বৰে কি জানে? \q1 ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? \q1 \v 14 ঘন ডাৱৰৰ তেওঁক ঘেৰি ধৰে, সেই কৰণে তেওঁ দেখা নাপায়, \q1 কেৱল আকাশ-মণ্ডলত ফুৰি থাকে।” \q1 \v 15 তুমি পুৰণি পথকে ধৰি থাকিবা নে, \q1 যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে - \q1 \v 16 সিহঁতক অকালতে ধৰি নিয়া হ’ল; \q1 আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিলে। \q1 \v 17 সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” \q1 আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ কি কৰিব পাৰে?” \q1 \v 18 তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰে; \q1 কিন্তু দুষ্টবোৰৰ অভিসন্ধি মোৰ পৰা দূৰত থাকে। \q1 \v 19 তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; \q1 আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই, \q1 \v 20 “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হৈছে; \q1 আৰু সিহঁতৰ অৱশেষ অগ্নিয়ে গ্রাস কৰিছে।” \q1 \v 21 এতিয়া তুমি ঈশ্বৰৰ সৈতে সন্মত হোৱা আৰু শাস্তি লাভ কৰা; \q1 তাতে তোমাৰ মঙ্গল হব। \q1 \v 22 তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, \q1 আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। \q1 \v 23 যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, তুমি পুনৰ প্ৰতিষ্টিত হ’বা আৰু যদি তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, \q1 \v 24 যদিতোমাৰ সোণ ধূলিত দিয়া, \q1 আৰু ওফীৰৰ সোণ জলপ্ৰবাহৰ শিলবোৰৰ মাজত দিয়া; \q1 \v 25 তেতিয়া সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য সোণ হ’ব, \q1 আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপ হব। \q1 \v 26 কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, \q1 আৰু ঈশ্বৰলৈ মুখ তুলিবা। \q1 \v 27 তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; \q1 তাতে তুমি তোমাৰ সকলো সঙ্কল্প সিদ্ধ কৰিবা। \q1 \v 28 তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, \q1 সেয়ে তোমালৈ সিদ্ধ হ’ব; \q1 আৰু তোমাৰ পথত পোহৰ পৰিব। \q1 \v 29 যেতিয়া তোমালোকক ন’ত কৰা হয়, তুমি কোৱা, অহঙ্কাৰৰ বাবেই হৈছে; কিয়নো তেওঁ নম্ৰতোকক উদ্ধাৰ কৰে; \q1 আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব। \q1 \v 30 তেওঁ ৰ্দ্দোষী জনকো উদ্ধাৰ কৰিব; \q1 তোমাৰ হাতৰ শুচিতাৰ কাৰণে সিহঁতে উদ্ধাৰ পাব।” \c 23 \p \v 1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ দি কলে, \q1 \v 2 আজিও মোৰ বিলাপ তিক্ততাৰে ভৰা; \q1 মই কেঁকাই আছো তথাপি তেওঁৰ গধুৰ হাত মোৰ ওপৰত আছে। \q1 \v 3 অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, \q1 আৰু তেওঁৰ বাসস্থানলৈ যাব পাৰিলো হয়! \q1 \v 4 তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, \q1 আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন; \q1 \v 5 তেওঁ মোক যি উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, \q1 আৰু তেওঁ মোলৈ যি যি কব, তাকো বুজিলোহেঁতেন। \q1 \v 6 তেওঁ নিজৰ মহাপৰাক্রমেৰে মোৰ বিৰোধ কৰিব নে? \q1 নকৰিব, কিন্তু তেওঁ মোলৈ মনোযোগহে দিলেহেঁতেন। \q1 \v 7 তেতিয়া তাত এজন সিদ্ধ লোকে তেওঁৰ লগত ব পাৰিলেহেঁতেন; \q1 তাতে মোৰ বিচাৰকে মোক নিৰ্দোষ প্ৰমান কৰিব পাৰিলেহেঁতেন। \q1 \v 8 যদি, মই আগ ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; \q1 আৰু পিছ ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ। \q1 \v 9 তেওঁ বাওঁফালে তেওঁ লুকাই থাকে, আৰু মই তেওঁক দেখা নাপাও; \q1 সোঁ ফালে ঘূৰিলেও কিন্তু মই তেওঁক নেদেখোঁ। \q1 \v 10 কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; \q1 তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন। \q1 \v 11 মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; \q1 এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ। \q1 \v 12 তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; \q1 তেওঁৰ মুখৰ পৰা ওলোৱা আজ্ঞাবোৰ মই মোৰ হৃদয়ত সাঁচি থৈছো। \q1 \v 13 কিন্তু তেওঁ অকলে অটল, তেওঁক কোনে ঘুৰাব পাৰে? \q1 তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে। \q1 \v 14 কিয়নো তেওঁ মোলৈ যি নিৰূপিত কৰে, নিশ্চয়ে তেওঁ সিদ্ধ কৰিব; \q1 আৰু এনে অনেক কথা তেওঁৰ মনত আছে। \q1 \v 15 এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। \q1 যেতিয়া এইবোৰ ভাবো, তেওঁলৈ মোৰ ভয় লাগে। \q1 \v 16 ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, \q1 সৰ্ব্বশক্তিমান জনাই মোক ভীষণ ভয় দেখোৱাইছে; \q1 \v 17 কেৱল যদি মই আন্ধাৰত বিলীন হ’ব পাৰিলোহেঁতেন! ঘন আন্ধাৰে মোৰ মুখ ঢাকিলে হেঁতেন! \c 24 \p \v 1 সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? \v 2 অসাধু লোকে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেষৰ জাকক বলেৰে কাঢ়ি লৈ চৰায়। \v 3 সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। \v 4 সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। \v 5 অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ বিচাৰা ওলাই যায়; পতিত মাটিত সিহঁতৰ সন্তানবোৰৰ কাৰণে গেলা-পচা খাদ্য বিছাৰি যায়। \v 6 সিহঁতে আনৰ পথাৰত শস্য চপায়; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি সংগ্ৰহ কৰে। \v 7 সিহঁতে উলংগে, গাত কাপুৰ নলোৱাকৈ ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। \v 8 সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, \q1 আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱালি ধৰে। \q1 \v 9 কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, \q1 আৰু দুখীয়াৰ কেঁচুৱাক বন্ধক লয়। \q1 \v 10 তাতে সিহঁতে উদং গাৰে ফুৰে, \q1 আৰু ভোকতে থকাতো অৱস্থাতো ডাঙৰি কঢ়িয়ায়। \q1 \v 11 সিহঁতে ছাদত তেল পেৰে, \q1 আৰু গচকি দ্ৰাক্ষাৰস উলিযাই কিন্তু পিয়াহত আতুৰ হৈ থাকে। \q1 \v 12 নগৰৰ মাজ-মজিয়াত সিহঁতে মৃতপ্ৰায় অৱস্থাত কেঁকাই, \q1 আৰু আঘাত পোৱাবিলাকৰ কণ্ঠই চিঞৰে; \q1 তথাপি ঈশ্বৰে তেওঁবিলাকৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। \q1 \v 13 আৰু কোনো কোনোৱে পোহৰৰ বিদ্ৰোহী হয়, \q1 সিহঁতে এনে পৰিস্থিতিৰ আওভাও নাজানে, \q1 আৰু সেই পথতো নচলে। \q1 \v 14 নৰবধীসকলে সন্ধিয়া উঠে; \q1 সি দুখীয়া-দৰিদ্ৰক মাৰি পেলাই; \q1 আৰু ৰাতি সি চোৰৰ নিচিনা হয়। \q1 \v 15 ব্যভিচাৰীৰ চকুৱে সন্ধিয়ালৈ বাট চাই থাকে; \q1 সি কয়, ‘মই কৰো চকুত পৰা নাই”। \q1 সিহঁত ছদ্মৱেশ ধৰি মুখ ঢাকে। \q1 \v 16 সিহঁতে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে; \q1 দিনত সিহঁতে দুৱাৰ বন্ধ কৰি সোমাই থাকে; \q1 পোহৰ কি, সিহঁতে নাজানে। \q1 \v 17 কিয়নো সিহঁত সকলোৰে কাৰণে আন্ধাৰেই প্ৰভাত স্বৰূপ; \q1 কাৰণ সিহঁতৰ বন্ধুত্ব সন্ত্ৰাস আৰু আন্ধাৰৰ লগত। \q1 \v 18 এনে লোক পানীৰ ওপৰত বেগেৰে উটি যায়; \q1 সিহঁতৰ ভাগৰ মাটি অভিশপ্ত হয়; \q1 সিহঁতে দ্ৰাক্ষাবাৰীলৈ কোনো বনিকে নুঘি নাচায়। \q1 \v 19 খৰাং আৰু তাপে হিমৰ পানী শুকুৱাই নিয়ে, \q1 তেনেকৈ চিয়োলে পাপীলোকক গ্ৰাস কৰিব। \q1 \v 20 গৰ্ভই সিহঁতক পাহৰিব, \q1 আৰু পোকবোৰে সিহঁতক সোৱাদযোক্ত পাব, \q1 সিহঁতক আৰু কেতিয়াও সোঁৱৰণ কৰা নহব, গছৰ দৰে দুষ্টালিক ভাঙি পেলোৱা হ’ব। \q1 \v 21 সিহঁতে সন্তান নথকা মাতৃ আঘত দিয়ে, আৰু বিধবা প্ৰতি কোনো দয়া নেদেখায় \q1 \v 22 তথাপি ঈশ্বৰে সিহঁতৰ পৰাক্ৰমী আৰু বলৱানলোকৰ আয়ুস দীঘল কৰে; \q1 সিহঁতে তেতিয়া উঠে যেতিয়া সিহঁতৰ জীৱন নিৰাশা পূৰ্ণ হয়। \q1 \v 23 তেওঁ নিৰাপত্তা প্ৰদান কৰাত, সিহঁতে ভাৰষা পায়; \q1 আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে। \q1 \v 24 কিছু ক্ষণৰ কৰণে সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; \q1 সিহঁত তৃণৰ দৰে শেঁতা পৰে আৰু মৰহি যায় \q1 আৰু ধানৰ থোকৰ দৰে কটা হয়। \q1 \v 25 এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব? \q1 আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?” \c 25 \p \v 1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ দিলে, \q1 \v 2 প্ৰভুত্ব আৰু ভয় এই দুযো ঈশ্বৰত আছে; \q1 তেওঁ নিজৰ স্বৰ্গৰ উচ্চস্থানবোৰত শান্তি স্থাপন কৰে। \q1 \v 3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? \q1 যাৰ ওপৰত তেওঁৰ দীপ্তি প্ৰকাশিত নহয়? \q1 \v 4 তেনেহলে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? \q1 আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে? \q1 \v 5 যদও চন্দ্ৰও দীপ্তিমান নহয়, \q1 আৰু তৰাবোৰো পোহৰো নিৰ্ম্মল নহয়। \q1 \v 6 তেনেহলে পোকৰ তুল্য মনুষ্য কিমান কম হব পাৰে? \q1 মনুষ্য-সন্তান কেৱল কীট স্বৰূপ! \c 26 \p \v 1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ দিলে, \q1 \v 2 “তুমি দুৰ্ব্বলক কেনেকৈ সহায় কৰিলা! \q1 কেনেকৈ নিশকতীয় বাহুৰ নিস্তাৰ কৰিলা! \q1 \v 3 আৰু কেনেকৈ জ্ঞানহীনক পৰামৰ্শ দিলা! \q1 আৰু ভাল বুজনি দিলা! \q1 \v 4 তুমি নো কাৰ সহায়লৈ কথা কলা? \q1 কাৰ আত্মাৰে তোমাৰ মুখৰ পৰা কথা ওলাল?” \q1 \v 5 তলৰ ছাঁ কপিবলৈ ধৰিছে, জল সমূহৰ তলত নিবাস কৰা সকল; \q1 \v 6 ঈশ্বৰৰ আগত চিয়োল উলংগ, \q1 আৰু পৰিত্যাগ কৰা ঠাইৰ আৱৰণ নাই। \q1 \v 7 তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তাৰ কৰে, \q1 আৰু পৃথিবীক শূন্যত ওলোমাই থয়। \q1 \v 8 তেওঁ নিজৰ ঘন মেঘত জল বন্ধি থয়; \q1 তথাপি জলৰ ভৰত মেঘ নাফাটে। \q1 \v 9 তেওঁ পূৰ্ণিমাৰ জোনৰ মূখ ঢাকে, \q1 আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে। \q1 \v 10 তেওঁ পানীৰও পৰত চক্ৰাকাৰ ৰেখা আঁকে, \q1 আৰু আন্ধাৰ আৰু পোহৰ মাজত সীমা বান্ধে, \q1 \v 11 আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, \q1 আৰু তেওঁৰ ধমকত তধা লাগে, \q1 \v 12 তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো সান্ত কৰায়, \q1 আৰু নিজ বুদ্ধিৰে ৰাহবকো আঘাত কৰে। \q1 \v 13 তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; \q1 আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে। \q1 \v 14 চোৱা, এইবোৰ কাৰ্য্য তেওঁৰ পথৰ বহিৰ্ভাগ মাথোন, \q1 আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি জানো শুনিছো! \q1 কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে? \c 27 \p \v 1 পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে, \q1 \v 2 জীৱিত ঈশ্বৰে মোৰ অধিকা কাঢ়িলে, \q1 সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা কৰিলে, \q1 \v 3 যেতিয়ালৈকে মোত নিশ্বাস-প্ৰশ্বাস আছে, \q1 আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে; \q1 \v 4 মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, \q1 আৰু মোৰ জিভাই প্ৰবঞ্চনাৰ কথা উচ্ছাৰণ নকৰে। \q1 \v 5 তোমালোকৰ কথা যে শুদ্ধ এনে কথা মোৰ পৰা দূৰ হওক। \q1 মই নমৰোমানে মোৰ সততা মোৰ পৰা দূৰ নকৰিম। \q1 \v 6 মোৰ ধাৰ্মিকতাক মই ধৰি ৰাখিম, মই তাক যাবলৈ নিদিম; \q1 মোৰ অন্তৰে, আয়ুসৰ কোনো এটা দিনৰ কৰণে, মোক জগৰীয়া নকৰে। \q1 \v 7 মোৰ শত্ৰু দুচৰিত্ৰৰ দৰে হওঁক, \q1 আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মিক হওঁক। \q1 \v 8 যেতিয়া অধৰ্মিকৰ প্ৰাণ ঈশ্বৰে নাশ কৰিব, \q1 তেতিয়া ঈশ্বৰ নমনালোকৰ কি আশা থাকিব? \q1 \v 9 তেওঁলোকৰ ওপৰত সঙ্কটৰ আহিলে, ঈশ্বৰে তেওঁলোকৰ কাতৰোক্তি শুনিব? \q1 \v 10 সিহঁতে জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? \q1 বা নিতৌ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰেনে? \q1 \v 11 ঈশ্বৰে কেনেকৈ তেওঁৰ হাত ব্যৱহাৰ কৰে, \q1 সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, \q1 আৰু সৰ্ব্বশক্তিমান জনাত যি আছে মই তাক গোপনে নাৰাখোঁ। \q1 \v 12 তোমালোক সকলোৱে নিজেই দেখিলা; \q1 তেন্তে কিয় তোমালোকে নিৰৰ্থক হলা? \q1 \v 13 এয়ে ঈশ্বৰৰ পৰা পোৱা দুৰ্জন লোকৰ ভাগ, \q1 আৰু অত্যাচাৰীবোৰৰ অংশ, \q1 \v 14 সিহঁতৰ সন্তানবোৰ তৰোৱালৰ ধাৰৰ নিমিত্তেহে বৃদ্ধি হয়, \q1 আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়। \q1 \v 15 তাৰ অৱশিষ্টবোৰ মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, \q1 আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব। \q1 \v 16 যদি সিহঁত ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, \q1 আৰু পিন্ধা কাপোৰ বোকাৰ দৰে সৰহকৈ সংগ্ৰহ কৰে, \q1 \v 17 তেন্তে গোটাব কন্তু ধাৰ্মিক লোকেহে পিন্ধিব, \q1 আৰু নিৰ্দ্দোষীলোকে সেই ৰূপ ভাগ বাঁটি ল’ব। \q1 \v 18 সিহঁতে নিজৰ ঘৰ চৰাই বাহৰ দৰে সাজে, \q1 আৰু খেতি-ৰখীয়া টঙিৰ ঘৰৰ দৰে নিৰ্ম্মাণ কৰে। \q1 \v 19 সিহঁতে ধনী হৈ শুব, কিন্তু এই দৰে পুণৰাই নহব; \q1 চকু মেলামাত্ৰকে নাইকিয়া হয়। \q1 \v 20 ত্ৰাসে সিহঁতক ঢল পানীৰ দৰে আক্ৰমণ কৰিব। \q1 ৰাতি ঘূৰণী বতাহে অকস্মাতে সিহঁতক উড়ুৱাই নিব। \q1 \v 21 পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰিব, \q1 আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে। \q1 \v 22 ঈশ্বৰে দয়া নকৰি তাসিহঁতক আঘাত কৰিব, \q1 সি তেওঁৰ ভয়ত পলাই ফুৰিব। \q1 \v 23 লোকে তাক দেখি হাত-তালি দিব, \q1 আৰু ছি, ছি, বুলি কৈ সিহঁতক তাৰ ঠাইৰ পৰা খেদি দিব। \c 28 \q1 \v 1 নিশ্চয়ে ৰূপৰ খনি আছে আৰু সোণ খপা \q1 ঠাইও আছে। \q1 \v 2 লোহা মাটিৰ পৰা উলিওৱা হয়, \q1 আৰু আকৰ গলাই তাম উলিয়ায়। \q1 \v 3 খনিত কাম কৰা মানুহে অন্ধকাৰ অন্ত লৈকে যায়, \q1 নিচেই তলিলৈকে খান্দে, \q1 গভীৰ আন্ধাৰৰ আৰু অনুজ্জ্বল ঠাইত আকৰ পোৱাযায়। \q1 \v 4 সিহঁতে উপত্যকাত খনিৰ মুখ বিছাৰি মানুহৰ বহতিৰ পৰা আঁতৰি হয়, \q1 পথিক সকলে সিহঁতৰ পাহৰি যায়; \q1 সিহঁতে সাময়িক ভাৱে মানুহৰ পৰা দুৰৈত ইফাল সিফাল কৰি থাকে। \q1 \v 5 যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, \q1 কিন্তু ভিতৰ ভাগ অগ্মিলৈ ৰূপান্তৰীত হয় । \q1 \v 6 তাৰ শিলবোৰত নীলকান্ত বাখৰ থকে, \q1 আৰু গুড়িবোৰত সোণ। \q1 \v 7 সেই পথ চিকাৰী পক্ষীয়ে নাজানে, \q1 আৰু শেনৰ চকুৱেও তাক দেখা নাপায়। \q1 \v 8 গৰ্ব্বী হিংসুক জন্তুবোৰেও তাত খোজ দিয়া নাই, \q1 আৰু সিংহও সেই ফালেদি যোৱা নাই। \q1 \v 9 সিহঁতে অতি টান শিলত হাত দিয়ে; \q1 সিহঁতে পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়। \q1 \v 10 সিহঁতে শিলৰ মাজে মাজে নলা খান্দে, \q1 আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়। \q1 \v 11 সি জুৰিবোৰৰ উৎস তন্ন তন্নকৈ পৰিক্ষা কৰে, \q1 আৰু গুপুতে থকা বস্তু পোহৰলৈ আনে। \q1 \v 12 কিন্তু প্ৰজ্ঞা ক’ত পোৱা যায়? \q1 আৰু সুবিবেচনাৰ ঠাই বা ক’ত? \q1 \v 13 মনুষ্যই তাৰ মূল্য নাজানে, \q1 আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়। \q1 \v 14 অগাধ জলে কয়, এইটি মোত নাই, \q1 আৰু সাগৰে কয়, মোৰ ইয়াতো নাই। \q1 \v 15 সোণ দিওঁ তাক পোৱা নাযায়, \q1 আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি। \q1 \v 16 ইয়াক সোণে বা ওফীৰৰ \f + \ft ওফীৰ মানে সেই সময়ত অধিক সোণ থকা ঠাইক বুজায়। \f* দ্বাৰাই মুল্যঙ্কন কৰিব নোৱাৰি \q1 আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়। \q1 \v 17 সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, \q1 আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি। \q1 \v 18 তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, \q1 এনে কি, পদ্মৰাগ বাখৰতকৈও প্ৰজ্ঞা মূল্য অধিক। \q1 \v 19 কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, \q1 আৰু জোখত শুদ্ধ সোণও তাৰ সমান নহয়। \q1 \v 20 তেন্তে জ্ঞান ক’ৰ পৰা আহে? \q1 আৰু সুবিবেচনাৰ ঠাই বা ক’ত? \q1 \v 21 এইটো সকলো জীৱিতলোকৰ চকুৰ পৰা গুপ্ত, \q1 আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য। \q1 \v 22 বিনাশ আৰু মৃত্যুৱে কয়, \q1 আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ। \q1 \v 23 তাৰ পথ ঈশ্বৰেহে জানে, \q1 আৰু তাৰ ঠাই তেওঁৰহে জনা আছে। \q1 \v 24 কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু \q1 আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়। \q1 \v 25 তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, \q1 যেতিয়া পৰিমাণ অনুসাৰে জল সমূহ জুখি জুখি দিলে, \q1 \v 26 যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, \q1 আৰু মেঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে, \q1 \v 27 তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, \q1 তেওঁ তাক তদন্ত কৰিলে, আৰু তাৰ স্থাপনও কৰিলে; \q1 \v 28 আৰু তেওঁ মনুষ্যক কলে, \q1 চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, \q1 আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা। \c 29 \p \v 1 ইয়োবে পুণৰ কথা উপত্থাপন কৰিলি আৰু ক’লে, \q1 \v 2 অস, আগৰ মাহ কেইটাত, \q1 যি কালত ঈশ্বৰে মোৰ ওপৰত দৃষ্টি ৰাখিছিল, \q1 \v 3 যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলিছিল, \q1 আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, \q1 \v 4 মোৰ যৌৱন কালৰ সময়ত \q1 যে যেতিয়া ঈশ্বৰৰ বন্ধুত্ব মোৰ তম্বু বিৰাজ কৰিছিল, \q1 \v 5 যেতিয়া সৰ্ব্বশক্তিমান জনা মোৰ লগত আছিল, \q1 আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল, \q1 \v 6 যেতিয়া মোৰ খোজ গাখীৰেৰে ধোৱা হৈছিল, \q1 আৰু শিলে মোৰ নিমিত্তে তেলৰ সোঁত বোৱাইছিল; \q1 \v 7 যেতিয়া মই নগৰৰ দুৱাৰত উপস্থিত হৈছিলোঁ, \q1 চকত \f + \ft চকত বা ৰাজহোৱা স্থানতো হব পৰে \f* মোৰ আসন গ্ৰহন কৰিছিলোঁ, \q1 \v 8 তেতিয়া ডেকাসকলে মোক দেখি আঁতৰি গৈছিল, \q1 আৰু বৃদ্ধসকল উঠি থিয় হৈছিল; \q1 \v 9 প্ৰধান লোকসকলে কথা কবলৈ এৰি, \q1 নিজ নিজ মোখত হাত দিছিল; \q1 \v 10 যোৱৰাজ সকলৰ মাত শন্ত হৈছিল। \q1 আৰু তেওঁলোকৰ জীভা তালুত লাগিছিল. \q1 \v 11 কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, \q1 আৰু চকুৰে দেখি মোক সমৰ্থন দিছিল। \q1 \v 12 কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, \q1 আৰু পিতৃহীনক মই সহায় কৰিছিলোঁ। \q1 \v 13 দুৰ্দশাগ্ৰস্ত মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; \q1 মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ। \q1 \v 14 মই ধাৰ্মিকতাক পিন্ধিছিলোঁ, আৰু ই মোক ন্যায়ৰ চোলা \f + \ft বিশেষ মানুহে বিন্ধা হলৌ-চোলা \f* আৰু মুৰত পাগুৰি পিন্ধাইছিল। \q1 \v 15 মই অন্ধৰ চকু আছিলোঁ; \q1 আৰু খোৰাৰ ভৰি আছিলোঁ। \q1 \v 16 মই দৰিদ্ৰলোকৰ পিতৃ আছিলোঁ। \q1 আৰু মই অচিনাকি মানুহৰো মহাৰথী লৈছিলোঁ। \q1 \v 17 মই দুৰাচাৰী লোকৰ বিষ-দাঁত ভাঙিছিলোঁ, \q1 আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো। \q1 \v 18 তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, \q1 মোৰ দিন বালিৰ দৰে অসংখ্য হব; \q1 \v 19 আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, \q1 আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব; \q1 \v 20 মোৰ মৰ্য্যদাও মোত সতেজ হৈ থকিব, \q1 আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব। \q1 \v 21 সিহঁতে মোলৈ কাণ পাতি বাট চাই আছিল, \q1 আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল। \q1 \v 22 মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ দিয়া নাছিল; \q1 মোৰ বাক্য সিহঁতে ওপৰত নিয়ৰৰ দৰে পৰিছিল। \q1 \v 23 বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, \q1 আৰু বসন্ত কালৰ বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল। \q1 \v 24 সিহঁতক নিৰাশ দেখিলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, \q1 আৰু সিহঁতক মোৰ মুখৰ দীপ্তি সিহঁতলৈ শেষ নহল। \q1 \v 25 মই পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, \q1 আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে, \q1 আৰু শোকাতুৰৰ মাজত শান্তনাকাৰীৰ দৰে আছিলোঁ। \c 30 \q1 \v 1 কিন্তু মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে। \q1 সিহঁতৰ বাপেকহঁতক, মোৰ মেষ জাক ৰখা কুকুৰৰ লগতো ৰাখিবলৈও মই হেয়জ্ঞান কৰিছিলোঁ, \q1 \v 2 সিহঁতৰ হাতৰ বলত নষ্ট হলে, মোৰ কি উপকাৰ হব? \q1 \v 3 সিহঁত অভাৱত আৰু ভোকত থকে, সিহঁতে ভোকতে শুকাই যায় আৰু পৰিত্যক্ত \q1 ভূমিত মনোকষ্টৰে বাস কৰে। \q1 \v 4 আৰু সিহঁতে মল্লু \f + \ft Mallow এবিধ শাক \f* শাক আৰু জোপোহা গছৰ পাত ছিঙে, \q1 আৰু ঝাৰু \f + \ft Broom tree মনে ঝৰু গছ \f* গছৰ শিপা সিহঁতৰ খাদ্য। \q1 \v 5 সিহঁতক সমাজৰ পৰা খেদি দিয়া হয়; \q1 চোৰৰ পাছত চিঞৰাৰ দৰে লোকেসকলে সিহঁত পাছত চিঞৰে। \q1 \v 6 সিহঁক বলপূৰ্বক শুকান নদীগৰ্ভত থাকিব লগা হয়, \q1 মাটিৰ গাতত আৰু শিলৰ মাজত। \q1 \v 7 সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, \q1 আৰু চোৰাত গছৰ তলত গোট খায়। \pi \v 8 সিহঁত জ্ঞান বিহিন আৰু নীহলোকৰ সন্তান; \q1 সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল। \q1 \v 9 এতিয়া সিহঁতৰ গানৰ দ্বাৰাই মোক ইতিকিং কৰে, \q1 এতিয়া মই সিহঁতৰ ঘৃণাৰ পাত্ৰ হৈছোঁ। \q1 \v 10 সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, \q1 আৰু মোক দেখলে থু পেলাবলৈ সংকোচ নকৰে। \q1 \v 11 কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ গুণ ডাল এৰি দিলে আৰু মোক ন’ত কৰালে; \q1 সিহঁতে মোৰ সন্মুখৰ বান্ধ পেলাই দিলে। \q1 \v 12 মোৰ সোঁফালৰ লোকে বিদ্ৰোহ কৰে; \q1 সিহঁতে মোৰ ভৰি ঠেলি দিয়ে, \q1 আৰু মোৰ বিৰুদ্ধে বিনাশ পথ প্ৰস্তুত কৰে। \q1 \v 13 সিহঁতে মোৰ পথ ভাঙি পেলায়; \q1 সিহঁতে মোৰ বিনাশৰ পৃষ্ঠপোষকতা কৰে। \q1 \v 14 যদিও গড় ভাঙি বহল বাটেদি সিহঁতে আহে, \q1 ভাঙি চেপেটা কৰিবৰ উদ্দেশ্বে; \q1 \v 15 নানা ত্ৰাসে মোক আগুৰি ধৰিছে; \q1 মোৰ মান-মৰ্য্যদা বতাহৰ দৰে উড়ুৱাই নিছে; \q1 আৰু মোৰ সমৃদ্ধি মেঘৰ নিচিনাকৈ অদৃশ্য হৈছে। \q1 \v 16 সম্প্ৰতি মোৰ আত্মা মোতেই ঢালি দিয়া হৈছে, \q1 আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। \q1 \v 17 ৰাতি হাড়বোৰে যন্ত্ৰনা দিয়ে, \q1 আৰু মোক বিৰক্তি কৰা যন্ত্ৰনাই জিৰনী নলয়। \q1 \v 18 মোৰ বস্ত্ৰ বলেৰে কাঢ়িলৈ যায়; \q1 মোৰ চোলাৰ ডিঙিৰ \f + \ft Shartৰ coller \f* দৰে মোক ধৰি মেৰিয়াই। \q1 \v 19 ঈশ্বৰে মোক বোকাত পেলাই দিছে, \q1 মই ধুলি আৰু ছাঁই যেন হৈছোঁ। \q1 \v 20 মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, \q1 কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, \q1 কিন্তু তুমি মাথোন মোলৈ চাই থাকা । \q1 \v 21 তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, \q1 আৰু তোমাৰ বলিষ্ঠ হাতেৰে তুমি মোক তাড়না কৰিছা, \q1 \v 22 তুমি মোক বতাহত তুলি দি ঘূৰাইফুৰাইছা, \q1 আৰু মেঘ গৰ্জনেৰে মোক ওপৰলা মাৰি পঠাইছা। \q1 \v 23 কিয়নো মই জানো যে তুমি মোক মৃত্যুলৈ নিছা \q1 আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা। \q1 \v 24 নিশ্চয়ে দৰিদ্ৰলৈ কোনোও হাত নাদাঙে? যেতিয়া আপদত থকা কালত সহায় পাবৰ নিমিত্তে চিঞৰে? \q1 \v 25 দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? \q1 আৰু দীনহীনৰ নিমিত্তে মই দুখ কৰা নাছিলোঁ নে? \q1 \v 26 মই মঙ্গললৈ বাট চাওঁতে, অমঙ্গলহে ঘটিল, \q1 আৰু পোহৰলৈ অপেক্ষা কৰোঁতে আন্ধাৰহে আহিল। \q1 \v 27 মোৰ ভিতৰ ভগ ভগি চিৰা চিৰ হৈছে, মন শান্তি নোহোৱা হৈছে; \q1 দুখৰ দিনবোৰ মোৰ আগত উপস্থিত হৈছে। \q1 \v 28 মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, \q1 আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ। \q1 \v 29 মই শিয়ালবোৰৰ ভাই, \q1 আৰু উট পক্ষীৰ বন্ধু হলোঁ। \q1 \v 30 মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, \q1 আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে। \q1 \v 31 মোৰ বীণাৰ মাত শোকৰ ধ্বনিত পৰিণত হৈছে, \q1 আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দন কৰা সকলৰ মাত হৈছে। \c 31 \p \v 1 মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; \q1 তেন্তে মই ছোৱালীবোৰলা কেনেকৈ কাম ভাৱে চাব পাৰো? \q1 \v 2 উৰ্দ্ধবাসী ঈশ্বৰে কি ভাগ দিব? \q1 আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা পৈত্ৰিক সম্পতিৰ অংশ কি? \q1 \v 3 সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, \q1 আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়? \q1 \v 4 তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? \q1 আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে? \q1 \v 5 মই যদি মিছাতে চলিলোঁ হয়, \q1 আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলেহেঁতেন, \q1 \v 6 মোক ন্যায়ৰ তৰ্জুত জোখা হওঁক; \q1 আৰু ঈশ্বৰে মোৰ সততা জানক, \q1 \v 7 মই যদি অবাটে খোজ চলালোহেঁতেন, \q1 মোৰ মন যদি চকুৰ পাছে পাছে চলিলো হয়, \q1 আৰু মোৰ হাত দুখনত যদি কোনো দাগ থকিলেহেঁতেন, \q1 \v 8 তেন্তে মই সিচিলে তাক অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওঁক। \q1 \v 9 মই যদি পৰৰ তিৰোতাত মোহ গলোঁ হয়, \q1 আৰু যদি মই চুবুৰীয়াৰ দুৱাৰৰ চুকত লুকাই থাকিলোঁ হয়, \q1 \v 10 তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, \q1 আৰু অন্য লোকে তাইৰ লগত শয়ন কৰক। \q1 \v 11 কিয়নো সেয়ে গৰ্হিত কাৰ্য, \q1 আৰু দণ্ড পাবলগীয়া অপৰাধ; \q1 \v 12 কাৰণ সেয়ে বিনাশৰ অগ্নি, গাতলৈকে গ্ৰাহ কৰি বিসৰ্জন দিয়ে। \q1 \v 13 যদি মোৰ পুৰুষ বা তিৰুতা দাস-দাসীসকলে মোৰ আগত অভিযোগ কৰিলত, \q1 মই সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোহেঁতেন; \q1 \v 14 তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? \q1 আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম? \q1 \v 15 মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? \q1 আৰু সেই একে জনাই আমাক জানো গৰ্ভত গঠন দিয়া নাই? \q1 \v 16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোহেঁতেন, \q1 আৰু বিধৱাৰ চকু অচল কৰালোহেঁতেন, \q1 \v 17 যদি বা মই এগৰাহ খাদ্য অকলেই খালো, \q1 আৰু পিতৃহীন ল’ৰাই তাৰ অলপো ভাগ নাপালেহেঁতেন! \q1 \v 18 মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, \q1 আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক আছিলো; \q1 \v 19 যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ হয়, \q1 বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ হয়, \q1 \v 20 তাৰ কটিবস্ত্ৰয় যদি মোক আশীৰ্ব্বাদ নকৰালে হয়, \q1 আৰু মোৰ মেষৰ নোমৰ পৰা সি ফল নাপালেহেঁতেন, \q1 \v 21 আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, \q1 যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোহেঁতেন, \q1 \v 22 তেন্তে মোৰ কান্ধ পৰা পৰা মোৰ বাহুৰ খহি পৰক, \q1 আৰু মোৰ বাহু জোৰা লগা ঠাইতে পৰা ভাগি পৰক। \q1 \v 23 কিয়নো ঈশ্বৰৰ পৰা দুৰ্যোগ আহিব বুলি মই ভয় কৰিছিলোঁ, \q1 আৰু মই তেওঁৰ মহত্ত্বৰ সাক্ষ্যাতে ঠিয় হব নোৱাৰিলোঁ হয়, \q1 \v 24 মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, \q1 আৰু যদি শুদ্ধ সোণক কলোহেঁতেন “তুমি মোৰ আশ্ৰয়”, \q1 \v 25 মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ হয়, \q1 আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি উল্লাস কৰিলোঁ হয়, \q1 \v 26 মই সুৰ্য্যক দীপ্তি দিয়া সময়ত চালো হয়, \q1 বা চন্দ্ৰক উজ্জ্ব জেউতিৰে আকাশত গমন কৰা, \q1 \v 27 যদি মোৰ মন গুপুতে মোহ গল, \q1 আৰু মোৰ মুখে হাতত চুমা খালেহেঁতেন, \q1 \v 28 তেন্তে ইও, বিচাৰকৰ দ্বাৰাই দণ্ড দিবলগীয়া অপৰাধ হলহেঁতেন; \q1 আৰু মই উৰ্দ্ধত থকা ঈশ্বৰৰ আগত মিচলীয়া হলোহেঁতেন। \q1 \v 29 মোক ঘিণাওঁতাৰ আপদত যদি মই আনন্দ কৰিলোঁ হয়, \q1 আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোহেঁতেন, \q1 \v 30 সিহঁতক মৰিবলৈ শাও দিয়, \q1 মোৰ মুখকো পাপ কৰিবলৈ নিদিও; \q1 \v 31 মোৰ তম্বুৰ মানুহবোৰে জানো কেতিয়াবা কৈছে? \q1 তেওঁ দিয়া মাংস খাই তৃপ্ত হোৱা নাই! \q1 \v 32 অচিনকি পথিকে ৰাতি বাটত কটোৱ নাই, \q1 কাৰণ মই পথিকৰ অৰ্থে দুৱাৰ মেলি থও, \q1 \v 33 মই অনৰ দৰে মোৰ পাপ লুকোৱাই ৰাখিলোহেঁতেন, \q1 আৰু মোৰ বাহুতৰ তলত মোৰ অধৰ্ম গোপনে ৰাখিলো হয় \q1 \v 34 কাৰণ বৃহত জনদলৰ আগত বৰ ভয়েৰে ঠিয় দিছিলো, আৰু মোৰ পৰিয়ালৰ অৱমাননাত ভয়খাইছিলে, সেয়ে মই মনেমন আছিলো আৰু দুৱাৰৰ পৰা বাহিৰ নহৈছিলো; \q1 \v 35 অস, মোৰ কথা শুনিবলৈ কোনোবাএজন থকা হলে! \q1 (এইয়া মোৰ স্বাক্ষৰ!, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক); \q1 অস, মোৰ প্ৰতিবাদীয়ে মোক দোষৰ কৰি লিখা পত্ৰ মোৰ ইয়াত থকা হলে! \q1 \v 36 অৱশ্যে মই তাক মোৰ কান্ধত কঢ়িয়ালোহেঁতেন, \q1 আৰু ৰাজমুকুট দৰে মোৰ মূৰত বান্ধিলোলোহেঁতেন, \q1 \v 37 তেওঁৰ আগত মোৰ কাৰ্মৰ সকলো বিবৰণ দিলোহেঁতেন, \q1 আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ আগত উপস্তিত হলোহেঁতেন। \q1 \v 38 মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, \q1 আৰু তাৰ আটাই সিৰলুবোৰে যদি কান্দে, \q1 \v 39 মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোহেঁতেন, \q1 বা তাৰ গৰাকীসকলৰ প্ৰাণ হানি কৰিলোহেঁতেন, \q1 \v 40 তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, \q1 আৰু যৱৰ সলনি বন গজক। \p ইয়োবৰ বাক্য সমাপ্ত। \c 32 \p \v 1 ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। \v 2 তেতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে ধাৰ্মিক বুলি গনিত কৰাত তেওঁৰ ওপৰতো ইলীহু ক্ৰোধান্বিত হল। \p \v 3 আৰু আন এটা কাৰণ হল ইয়োবৰ তিনিজন বন্ধুৱে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰিছিল, সয়ে ইলীহু ক্ৰোধ জ্বলি উঠিল। \v 4 তেওঁবিলাক ইলীহুতকৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ ৰৈ আছিল। \v 5 পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ খংউঠিল। \p \v 6 তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ দি কলে, \q1 মই বয়সত ডেকা, তোমালোক বয়সস্থ; \q1 এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয়ত কোঁচ খাই আছিলোঁ। \q1 \v 7 মই মনতে কৈছিলোঁ, অধিক দিন জীয়াই থকা লোকেই কওক, \q1 আৰু অধিক বয়সেৰ লোকেই প্ৰজ্ঞা দিয়ক। \q1 \v 8 কিন্তু সচাকৈয়ে মনুহৰ অন্তৰত আত্মা আছে নে? \q1 সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে নে? \q1 \v 9 বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; \q1 আৰু বয়সস্থ সকলেই যে শুদ্ধ, সিও নহয়। \q1 \v 10 এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; \q1 মইও মোৰ মত প্ৰকাশ কৰোঁ। \q1 \v 11 যেতিয়া মই তোমালোকে কথালৈ অপেক্ষা কৰি আছলো, \q1 মই তোমালোকৰ কথালৈ কাণদিছিলোঁ, \q1 আৰু তোমালোকে কি কবা তালৈ চিন্তা কৰি আছিলা; \q1 \v 12 মই তোমালোকলৈ মন দি আছিলোঁ, \q1 কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাই। \q1 \v 13 তোমালোকে নকবা যে, “আমি প্ৰজ্ঞা পালোঁ; \q1 তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;” \q1 \v 14 তেওঁ মোৰ অহিতে কথা কোৱা নাই; \q1 আৰু ময়ো তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম। \q1 \v 15 তেওঁলোকে তধা লাগিল আৰু উত্তৰ নিদিলে; \q1 তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল। \q1 \v 16 যিহেতু তেওঁলোকে কথা নকয়, মই কিয় বাট চাম? \q1 তেওঁলোকে ঠৰ লাগি ৰল, আৰু কোনো উত্তৰ নিদিলে । \q1 \v 17 ময়ো নিজৰ মোৰ উত্তৰ দিম; \q1 ময়ো নিজৰ মতামত জনাম। \q1 \v 18 কিয়নো মই কথাৰে পৰিপূৰ্ণ, \q1 মোৰ অন্তৰত থকা আত্মাই মোক বাধ্য কৰাইছে। \q1 \v 19 চোৱা, মোৰ মন বিন্ধা নথকা দ্ৰাক্ষাৰসৰ নিচিনা; \q1 নতুন চালৰ মোটৰ দৰে, ফাটি যাওঁ ফাটি যাওঁ হৈছে। \q1 \v 20 মই উপশম পাবৰ নিমিত্তে কথা কম; \q1 মই মুখ মেলি উত্তৰ কৰিম। \q1 \v 21 মই কাৰো মুখলৈ নাচাম, \q1 আৰু মই কাকো খুচামোদ নকৰিম। \q1 \v 22 কিয়নো মই খুচামোদ কৰিব নাজানো; \q1 কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব। \c 33 \p \v 1 এতিয়া হে ইয়োব, মোৰ বক্তৃতা শুনা, \q1 আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। \q1 \v 2 চোৱা, মই এতিয়া মুখ মেলিলোঁ; \q1 মোৰ মুখৰ জিভাই কথা কৈছে। \q1 \v 3 মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, \q1 মোৰ জিভাই কি জানে, তাক অকপটভাবে কব। \q1 \v 4 ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, \q1 আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। \q1 \v 5 তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; \q1 মোৰ আগত কথা উঠি থিয়হৈ কথা কোৱাৰ আগতে তোমাৰ কথা যুগুত কৰা। \q1 \v 6 চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; \q1 ময়ো মাটিৰে নিৰ্ম্মিত। \q1 \v 7 চোৱা, মোলৈ ভয় কৰিব লগীয়া একো নাই, \q1 আৰু মোৰ কথাও তোমালৈ গধুৰ নহব। \q1 \v 8 বাস্তৱিকে তুমি মোৰ কাণে শুনাকৈ কথা কলা; \q1 তুমি কথা কলা মই শুনিলোঁ। \q1 \v 9 তুমি কলা, “মই শুচি, মই নিৰপৰাধী, \q1 মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই। \q1 \v 10 চোৱা, তেওঁ মোৰ অহিতে সুযোগ বিচাৰে, \q1 তেওঁ মোক শত্রু যেন জ্ঞান কৰে; \q1 \v 11 তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; \q1 তেওঁ মোৰ সকলো পথত চকু দিয়ে। \q1 \v 12 চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যতকৈ ঈশ্বৰ মহান। \q1 \v 13 তুমি কিয় তেওঁৰে সৈতে বিবাদ কৰিছা? তুমি কইছা যে, তেওঁ মোৰ কথাৰ এটিৰো উত্তৰ নিদিয়ে, । \q1 \v 14 কাৰণ ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়, কিন্তু মানুহে তালৈ মন নিদিয়ে। \q1 \v 15 যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, \q1 তেতিয়া ৰাতিৰ সপোনত আৰু দৰ্শনত কথা কয়। \q1 \v 16 এই তেতিয়া তেওলোক কাণ মুকলি কৰি, শতৰ্কবাণীৰে আতংকিত কৰে, \q1 \v 17 যতে তেওঁলকৰ কুকৰ্মৰ পৰা আঁতৰি আহে আৰু অহংঙ্কাৰৰ আঁতৰত থাকে; \q1 \v 18 তেওঁলোকৰ আত্মা গাতৰ \f + \ft গাত, ইয়াত নৰক কৱোহৈছে \f* পৰা উদ্ধাৰ কৰিবলৈ, আৰু তেওঁলোকৰ জীৱন তীব্ৰ গতিত বোৱা নদীৰ পৰা; \q1 \v 19 সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, \q1 আৰু তাৰ হাড়বোৰৰ মাজ নিতৌ যুদ্ধ হয়, \q1 \v 20 তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, \q1 আৰু সুস্বাদু খাদ্যলৈ সিহঁতৰ ভোক নজন্মে। \q1 \v 21 তাৰ মাংস এনেকৈ ক্ষয় পায় যে তাক আৰু দেখা পোৱা নাযায়, \q1 আৰু আগেয়ে নেদেখা হাড়বোৰ জলজল পটপটকৈ ওলাই পৰিছে; \q1 \v 22 সিহঁতৰ আত্মা গাতৰ \f + \ft নৰক \f* ওচৰ চাপে, \q1 আৰু তাৰ প্ৰাণে মৃতুৰ কাষ চাপে। \q1 \v 23 মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, \q1 সিহঁতৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকিলেহঁতেন, \q1 \v 24 তেওঁ সিহঁতলৈ দয়ালু হলেহেঁতন আৰু কলেহেঁতেন, \q1 “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই মুক্তিপণ পালোঁ। \q1 \v 25 তাৰ গাৰ মাংহ লৰাতকৈয়ো চিকুণ হব; \q1 সি পুনৰ যৌৱন কাললৈ ঘৰি আহক। \q1 \v 26 তেতিয়া সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলত, তেওঁ তালৈ প্ৰসন্ন হব; \q1 তাতে তেওঁৰ ঈশ্বৰে সন্মুখলৈ আনন্দেৰে আহে, \q1 আৰু তাৰ ধাৰ্মিকতা তাক ওলোটাই দিয়ে। \q1 \v 27 সি মানুহৰ আগত গান গাই কব, \q1 “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; \q1 তথাপি তাৰ প্ৰতিফল মই ভোগা কৰিবলগীয়া হোৱা নাই। \q1 \v 28 গাতলৈ \f + \ft নৰকলৈ \f* যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, \q1 আৰু মোৰ প্ৰাণে পোহৰ দেখা পালে।” \q1 \v 29 ঈশ্বৰেই এই সকলো কৰে, মানুহ কাৰনে দুবাৰ, তিনিবাৰকৈ কৰে। \q1 তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ, \q1 \v 30 মানুহক জীৱন গাতৰ পৰা উদ্ধাৰ কৰিবলৈ, যাতে সিহঁতে জীৱনৰ পোহৰ দেখা পায়; \q1 \v 31 হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; \q1 মনে মনে থাকা, মোকেই কবলৈ দিয়া। \q1 \v 32 যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; \q1 কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। \q1 \v 33 যদি নহয়, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক প্ৰজ্ঞা দিওঁ। \c 34 \p \v 1 ইলীহুৱে পুণৰ কলে, \q1 \v 2 হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; \q1 হে বিজ্ঞলোকসকল, মোলৈ কাণ পাতা। \q1 \v 3 কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, \q1 তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে। \q1 \v 4 যি ন্যায়, তাক আমি বাচি লওঁহঁক; \q1 যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক। \q1 \v 5 কিয়নো ইয়োবে কৈছিল যে, মই নিৰ্দ্দোষী, \q1 তথাপি ঈশ্বৰে মোৰ অধিকাৰ কাঢ়িলে; \q1 \v 6 মই শুদ্ধচিতৰ হলেও, মিছলীয়া গণিত হৈছোঁ, \q1 বিনাদোষে মোৰ গাত ভাল কৰিব নোৱাৰা ঘা দিলে। \q1 \v 7 পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা, \q1 \v 8 দুৰাচাৰীবোৰৰ ইয়োবৰ নিচিনা কোন আছে, যি জনে বিদ্ৰূপ পানীৰ নিছিনকৈ পান কৰে; \q1 \v 9 কিয়নো তেওঁ কৈছিল, “ঈশ্বৰত আনন্দ কৰিলে, \q1 মানুহৰ একো লাভ নহয়।” \q1 \v 10 এতেকে হে বিজ্ঞ লোকসকল মোলৈ কাণ পাতা; \q1 ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দূৰে থাকক। \q1 \v 11 কিয়নো তেওঁলোকৰ কৰ্মৰ দৰে সিহঁতক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই। \q1 \v 12 বাস্তৱিকতে ঈশ্বৰে কুকৰ্ম নকৰে। \q1 সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে। \q1 \v 13 তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? \q1 আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে? \q1 \v 14 যদি তেওঁৰ আত্মা নিজলৈ ঘূৰাই নিয়ে, \q1 আৰু নিশ্বাস নিজলৈ চপাই নিয়ে, \q1 \v 15 তেন্তে সকলো মনুষ্য এবাৰতে ধংশ হৈ যাব, \q1 আৰু মনুষ্য ধুলিত লীন হৈ যাব। \q1 \v 16 যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা। \q1 \v 17 ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? \q1 তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা? \q1 \v 18 ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? \q1 আৰু যুৱৰাজক সকলক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি? \q1 \v 19 তেন্তে, যি জনাই সম্ভান্তলোকক মুখলৈ নাচায়, \q1 আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, কাৰণ তেওঁলোক সকলোৱেই তেওঁৰ হাতৰ কৰ্ম্ম! \q1 \v 20 সিহঁতে নিমিষতে মৰে, এনে কি মাজ নিশাতেই সিহঁতক জোকাৰে আৰু সিহঁতৰ মৃতু হয়; \q1 আৰু পৰাক্ৰমীলোকক বিনাহাতে কাঢ়ি নিয়া হয়। \q1 \v 21 কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, \q1 আৰু তাৰ সকলো গতি-পথ দেখে। \q1 \v 22 এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই, য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে। \q1 \v 23 কাৰণ কোনো মনুষ্যৰ বাবে নিদ্ৰিষ্ট সময় নিদ্ধাৰি কৰি থোৱা নাই যে বিচাৰৰ অৰ্থে \q1 ঈশ্বৰৰ ওচৰলৈ যাব,। \q1 \v 24 তেওঁ অনুসন্ধান নকৰাকৈ পৰাক্ৰমীবিলাকক খণ্ড বিখণ্ড কৰে, \q1 আৰু তেওঁলোকৰ ঠাইত আন লোকক স্থাপন কৰে। \q1 \v 25 সেয়ে তেওঁ তেওঁলোকৰ কাৰ্যবোৰ জানে, \q1 আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, \q1 তাতে তেওঁলোক চুৰ্ণী-বিচুৰ্ণ হয়। \q1 \v 26 তেওঁ সকলোৰে দেখাতে তেওঁলোকক দুষ্টামিৰ কৰণে প্ৰহাৰ কৰে; \q1 \v 27 কাৰণ তেওঁলোকে, তেওঁৰ পাছে পাছে যাবলৈ এৰি, \q1 বিপথে গল আৰু তেওঁৰ পথত নচলৰ কৰণে কোনো অনুতাপ নকৰিলে, \q1 \v 28 সিহঁত দৰিদ্ৰৰ ক্ৰন্দনৰ কাৰণ হয়, যাতে সিহঁতৰ আগত উপস্থিত হয়, \q1 আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়। \q1 \v 29 তেওঁ শাস্ত হয়, কোনে তেওঁক দোষ দিব পাৰে? যেতিয়া তেওঁ নিজ মুখ ঢাকে, কোনে তাক দেখা পাব পাৰে, এটা জাতিয়েই হওঁক বা এজন ব্যক্তি? \q1 \v 30 যাতে অধৰ্মই যেন ৰাজত্ত্ব নকৰে; \q1 আৰু যি সকলে মানুহক ফান্দত পেলাবলৈ চেষ্টা কৰে? \q1 \v 31 “কাৰণ তেওঁ ঈশ্বৰক কলে ‘মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;” \q1 \v 32 যি দেখা নাই, তাক মোক শিকাওঁক; \q1 যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, \v 33 ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা। \q1 \v 34 বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব, \q1 \v 35 “ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।” \q1 \v 36 ইয়োবে যানো তেওঁক কবলৈ মানা কৰাৰ চেষ্টা কৰিছিলে; কাৰণ দুষ্টলোকৰ দৰেই তেওঁ উত্তৰ দিছিলে। \q1 \v 37 কিয়নো তেওঁ নিজৰ পাপৰ বিদ্ৰোহ যোগ দিছিলে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে। \c 35 \p \v 1 পাছত ইলীহুৱে পুনৰ কথা কবলৈ আৰম্ভ কৰি কলে, \q1 \v 2 “এইয়া ন্যায় হৈছে বুলি ভাবেনে? \q1 বা তুমি কোৱা নে, “মই ঈশ্বৰৰ দৃষ্টিত সত্যত”? \q1 \v 3 তুমি যদি শুধা “ইয়াত মোৰ কি লাভ”? \q1 মই যদি পাপ কৰো তেন্তে মই কেনেকৈ ভাল হলো? \q1 \v 4 মই তোমাক উত্তৰ দিম, লগতে তোমাৰ ন্ধুবিলাককো, \q1 \v 5 তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, \q1 তোমাতকৈ ওখত থকা মেঘবোৰলৈ চোৱা। \q1 \v 6 তুমি পাপ কৰিলা, তেওঁৰ বিৰুদ্ধে তুমি কি কৰিব পাৰা? \q1 আৰু তোমাৰ অপৰাধৰ সংখ্যা বৃদ্ধি হলে তুমি তেওঁক কি কৰিবা? \q1 \v 7 যদি তুমি ধাৰ্মিক হোৱা, তেন্তে তেওঁক কি দিব পাৰিবা? \q1 বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব ন? \q1 \v 8 তোমাৰ দুষ্টতাই আনৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, \q1 আৰু তোমাৰ ধাৰ্মিকতাই আন মনুহৰ। \q1 \v 9 কাৰণ বহু উপদ্ৰৱ পোৱা লোকে কাতৰোক্তি কৰিছে, \q1 আৰু বলৱান সকলৰ পৰা সহায় পাবলৈ তেওঁলোকে ক্ৰন্দন কৰে। \q1 \v 10 কিন্তু কোনেও নকয়, ‘আমাৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? কোনে ৰাতি শক্তি যোগায়, \q1 \v 11 যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক অধিক শিক্ষা দিছে, \q1 আৰু আমাক আকাশৰ চৰাইতকৈ বেচি জ্ঞানী কৰিছে? \q1 \v 12 তেতিয়া সিহঁতে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে, কাৰণ হ’ল দুৰাচাৰীবোৰৰ অহঙ্কাৰৰ কাৰণে। \q1 \v 13 বাস্তৱিকতে ঈশ্বৰে কৃত্ৰিম কান্দুন নুশুনে, \q1 আৰু সৰ্ব্বশক্তিমান জনাই তাক শুনিব? \q1 \v 14 তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো কম কাণ দিব, \q1 তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই আছা। \q1 \v 15 এতিয়া তেওঁৰ ক্ৰোধৰ কৰণে তেওঁ শাস্তি নিদিয়ে, \q1 আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে; \q1 \v 16 এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, \q1 অত্যাধিক জ্ঞানশূন্য কথা কৈছে। \c 36 \p \v 1 ইলীহুৱে পুনৰ কথা কবলৈ ধৰিলে, তেওঁ কলে; \q1 \v 2 আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক দেখোৱাও, \q1 কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কিছু কথা আছে; \q1 \v 3 মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, \q1 আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতাৰ গুণৰ বৰ্ণনা কৰিম। \q1 \v 4 সঁচাকৈয়ে মোৰ কথা মিছা নহয়; \q1 জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। \q1 \v 5 চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; \q1 তেওঁ শক্তিত্ত পৰাক্ৰমী আৰু বিবেচনাতো। \q1 \v 6 তেওঁ দুষ্টক জীয়াই নাৰাখে, \q1 কিন্তু যন্ত্ৰণ দি ন্যায় বচাৰ কৰে। \q1 \v 7 তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; \q1 কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, \q1 তেওঁ সৰ্ব্বতিকাললৈকে তেওঁলোকক বহুৱাই, \q1 তেওঁলোকক উন্নত হয়। \q1 \v 8 আৰু যদি তেওঁলোকক শিকলিৰে বন্ধা হয়, \q1 আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়, \q1 \v 9 তেন্তে তেওঁ তেওঁলোকক তেওঁলোকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, \q1 তেওঁলোক যে অহংকাৰ কৰিলে, তাক তেওঁলোকক জনায়। \q1 \v 10 শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, \q1 আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁলোকক আজ্ঞা দিয়ে। \q1 \v 11 যদি তেওঁলোকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, \q1 তেন্তে তেওঁলোকে তেওঁলোকৰ দিন সুখে সম্পদে নিয়ায়, \q1 আৰু তেওঁলোকৰ বছৰ কেইটা সন্তোষেৰে কটায়। \q1 \v 12 কিন্তু যদি তেওঁলোকে নুশুনে তেন্তে তৰোৱালৰ অস্ত্ৰাঘাতত মৃতু হয়, \q1 আৰু জ্ঞানৰ অভাৱতে প্ৰাণত্যাগ কৰে। \q1 \v 13 অধৰ্মী মনৰ লোকে ক্ৰোধ সাঁচি থয়; \q1 ঈশ্বৰ সিহঁতৰ পাচত থকিলেও, সহায়ৰ কাৰণে সিহঁতে কাতৰোক্তি নকৰে। \q1 \v 14 সিহঁত ডেকা কালতে মৰে, \q1 আৰু অসন্মানতে সিহঁতৰ প্রাণৰ অন্ত পৰে। \q1 \v 15 তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, \q1 আৰু দুৰ্দশাৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। \q1 \v 16 তেওঁ তোমাক সঙ্কটলৈ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ, যত কোনো বাধা নাই, এনে ঠাইলৈ উলিয়াই আনিবলৈ প্ৰলোভিত কৰে; \q1 আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব; \q1 \v 17 কিন্তু তুমি দুষ্টৰ বিচাৰত আকৃষ্ট হলে, \q1 তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব। \q1 \v 18 সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, \q1 তোমাৰ মহানতা আৰু মুক্তিৰ মুল্যৰ অবাটে লৈ নাযাওঁক। \q1 \v 19 তোমাৰ ক্ৰন্দনে দুৰ্দশাৰ পৰা ৰক্ষা পাবলৈ কিবা সুযোগ আগবঢ়াবনে? \q1 নতুবা তুমাৰ সকলো শক্তিয়েই যথেষ্ট হব? \q1 \v 20 যেতিয়া লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, \q1 এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। \q1 \v 21 সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; \q1 কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। \q1 \v 22 চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; \q1 তেওঁৰ দৰে শিক্ষা দিব পাৰে? \q1 \v 23 কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? \q1 বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে? \q1 \v 24 ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, \q1 তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। \q1 \v 25 সকলো মানুহে তাক নিৰীক্ষণ কৰে; \q1 মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। \q1 \v 26 চোৱা, ঈশ্বৰ মহান, আৰু আমি তেওঁক নাজানো; \q1 তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য। \q1 \v 27 কিয়নো তেওঁ টোপালবোৰ সংগ্ৰহ কৰে; \q1 তেওঁৰ সেই নিয়ৰ বোৰকেই বৰষুনলৈ ৰূপন্তৰিত কৰে; \q1 \v 28 সেইবোৰক আকাশে বৰষায়, \q1 মানুহৰ ওপৰত প্ৰচুকৈ পেলায়। \q1 \v 29 বাস্তৱিকতে তেওঁৰ মেঘৰ বিস্তাৰণ, \q1 আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে? \q1 \v 30 চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; \q1 আৰু তেওঁ সাগৰৰ তলি ঢাকে। \q1 \v 31 কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকসকলক শাসন কৰে, \q1 আৰু প্ৰচুৰ পৰিমাণে আহাৰ বস্তু দান কৰে। \q1 \v 32 তেওঁ বিজুলীৰে নিজৰ হাত আবৃত কৰে, \q1 লক্ষ্যত ভেদ কৰিবলৈ আজ্ঞা দিয়ে। \q1 \v 33 তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, \q1 আৰু অধৰ্মীবোৰ প্ৰতি ক্ৰোধ আৰু ঈৰ্ষা কথা জনায়। \c 37 \p \v 1 ইয়াতো মোৰ হৃদয় কঁপিছে, \q1 আৰু নিজৰ ঠাই পৰা জাপয়াই উঠো। \q1 \v 2 শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, \q1 সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ। \q1 \v 3 সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই, \q1 আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে। \q1 \v 4 তাৰ পাছত গাজনি মাৰে, \q1 তেওঁ নিজৰ বৰ মাতেৰে গৰ্জ্জন কৰে; \q1 যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেই বিজুলি নথমায়। \q1 \v 5 ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে; \q1 তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে। \q1 \v 6 কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’, \q1 আৰু বৰষুণক বৰষিবলৈ কয়, \q1 ‘ধাৰাসাৰে বৰষুণ বৰ্ষাই’। \q1 \v 7 তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে \q1 তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে। \q1 \v 8 তেতিয়া জন্তুবোৰ চোঙত সোমায়; \q1 আৰু নিজ নিজ বাসস্থানত থাকে। \q1 \v 9 ধুমুহা কোঁঠালিৰ পৰা ওলাই আহে, \q1 আৰু প্ৰবল বতাহৰ পৰা জাৰ আহে। \q1 \v 10 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়, \q1 আৰু বহল জল সমূহ শীঘ্ৰে হিমলৈ ৰূপান্তৰিত হয়। \q1 \v 11 এনে কি, তেওঁ ঘন মেঘত পানী জমা থয়, \q1 মেঘে তাৰ বিজুলী বিস্তাৰিত কৰে। \q1 \v 12 গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে ঘূৰি ফুৰে কৰে, যাতে বসবাস কৰা এই ধৰণীত তেওঁৰ সকলো আদেশ সম্পূৰ্ণ হয়, । \q1 \v 13 তেওঁ এইবোৰ শুধৰণিৰ বাবে বা তেওঁৰ ধৰণী বাবে, বা প্ৰেমৰ বাবেই হওঁক, তেওঁ তাক হ’ব দিয়ে। \q1 \v 14 হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; \q1 থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্মৰ বিবেচনা কৰা। \q1 \v 15 ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে, \q1 আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে? \q1 \v 16 তুমি জানানে, কেনেকৈ আকাশত মেঘ ভাহি থাকে, \q1 ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যবোৰ, যি জনাৰ জ্ঞানত কোন নিখুত তেওঁ হে কৰ্ম? \q1 \v 17 যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী স্তব্ধ হয়, \q1 তেতিয়া বস্ত্ৰ কেনেকৈ গৰম হয়? \q1 \v 18 তুমি জানো আকাশ-মণ্ডলক, সাঁচত ঢলা দৰ্পণৰ দৰে কঠিন হোৱাটো বিচাৰানে? \q1 \v 19 আমি তেওঁক কি ক’ম, সেয়া আমাক শিকোৱা; \q1 কিয়নো অন্ধকাৰৰ কাৰণে, আমাৰ যুক্তিৰ উদ্দেশ্যে আমি একো উলিয়াব পৰা নাই। \q1 \v 20 মই কথা কবলৈ ইচ্ছা কৰছো বুলি তেওঁৰ আগত জনোৱা জানো ভাল হব? \q1 বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব? \q1 \v 21 সম্প্ৰতি মানুহে আকাশৰ মহা-জ্যোতি চাব নোৱাৰে; \q1 কিন্তু বতাহ চলিলে তেওঁলোকলৈ আকাশ পৰিস্কাৰ হয়। \q1 \v 22 উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে; \q1 ঈশ্বৰৰ চাৰিওঁ ফালে ভয়ানক প্ৰভাৱ আছে। \q1 \v 23 সৰ্ব্বশক্তিমান জনা আমি বাচাৰি নাপাওঁ, তেওঁৰ মহান পৰাক্ৰমত, ন্যায় বিচাৰ আৰু প্ৰচুৰ ধাৰ্মিকতা কেতিয়াও ভঙ্গ নকৰে। \q1 \v 24 এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে; \q1 কিন্তু যি সকল লোকে নিজকে জ্ঞানী বুলি ভাবে, তেনেলোকলৈ তেওঁ মনোযোগ নিদিয়ে। \c 38 \p \v 1 তেতিয়া যিহোৱাই ঘূৰণই বতাহৰ মাজৰ পৰা ইয়োবক উত্তৰ দলে, \q1 \v 2 “জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰা, এইজন কোন? \q1 \v 3 পুৰুষৰ দৰে কঁকাল বান্ধা; \q1 মই তোমাক প্ৰশ্ন কৰো, তুমি মোক উত্তৰ দিবা। \q1 \v 4 যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? \q1 যদি তোমাৰ বোজাৰ সামৰ্থ, তেন্তে মোক কোৱা। \q1 \v 5 কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? \q1 বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? তুমি নিশ্চয়ে জানা। \q1 \v 6 তাৰ মুলবোৰ কোনে মাটিত পোতিলে? \q1 বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? \q1 \v 7 যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, \q1 আৰু স্বৰ্গীয় প্ৰাণীবোৰে আনন্দত জয়ধ্বনি কৰিছিল; \q1 \v 8 গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, \q1 তেতিয়া কোনে তাৰ দুৱাৰৰ বন্ধ কৰছিল? \q1 \v 9 যেতিয়া মই মেঘক তাৰ বস্ত্ৰ বনালো, \q1 আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ, \q1 \v 10 আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, \q1 আৰু দুৱাৰত ডাং লগাই কৈছিলো; \q1 \v 11 আৰু কৈছিলো, ‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; \q1 ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’ \q1 \v 12 তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ দিনত, তুমি তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে? \q1 \v 13 যাতে পৃথিৱীৰ চাৰিও প্ৰান্তত বিতৰণ হয়, \q1 আৰু দুষ্টবোৰক জোকাৰি উলিয়াইছিল নে? \q1 \v 14 সাগৰৰ গৰ্ভত বোকা-মাটিৰ দৰে ৰূপ পৰিৱৰ্ত্তন কৰে, আৰু কপোৰৰ দৰে শুকন কৰে; \q1 \v 15 আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, \q1 আৰু সিহঁতৰ উন্নত হাত ভঙা হয়। \q1 \v 16 তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? \q1 বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা? \q1 \v 17 মৃত্যুৰ দুৱাৰ যনো তুমি সলনি কৰিছিলা? \q1 বা গভীৰ আন্ধাৰৰ দুৱাৰ যানে দেখিছিলা? \q1 \v 18 তুমি বিশাল পৃথিৱীৰ বুজ পালা নে? \q1 এই সকলো যদি জানা, তেন্তে কোৱা। \q1 \v 19 পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত \q1 সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত? \q1 \v 20 তুমি তাৰ সীমালে যাব পাৰা, ঠাইৰ স্থান আৰু পথ গমপাব; \q1 \v 21 তুমি কাৰ পৰা জন্মিছিলা, নিশ্চয়ে জানা! \q1 আৰু তোমাৰ মহান দিনবোৰৰ সংখ্যা! \q1 \v 22 হিম সঞ্চয় কৰা ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, \q1 নতুবা তুমি শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে? \q1 \v 23 এই বস্তুবোৰ সঙ্কট সময়ৰ বাবে, \q1 ৰণ বা যুদ্ধ দিনৰ বাবে মই সঞ্চয় কৰি ৰাখিছো; \q1 \v 24 কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, \q1 বা কি নিয়মেৰে পূবৰ বায়ু পৃথিৱীত বিয়পি পৰে? \q1 \v 25 প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, \q1 বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে, \q1 \v 26 বৰষুণ আনিবৰ কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, \q1 আৰু পৰিত্যক্তভূমিত য’ত এজনো জীৱিত মানুহ নাই; \q1 \v 27 সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, \q1 কোমল ঘাঁহ গজাই তোলে? \q1 \v 28 বৰষুণৰ জানো পিতৃ আছে? \q1 নিয়ৰৰ টোপল কোনে নিজৰ বুলি তুলি ললে? \q1 \v 29 কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? \q1 কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে? \q1 \v 30 জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, \q1 তলৰ গভীৰ ভাগত সি হিমলৈ ৰূপান্তৰিত হয়। \q1 \v 31 তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? \q1 বা নক্ষত্ৰ মণ্ডলৰ বান্ধ জানো সোলোকাব পাৰা? \q1 \v 32 আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? \q1 বা তুমি ভলুকক জানো তাৰ পোৱালিৰ সৈতে বাট দেখুৱাব পাৰা? \q1 \v 33 তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? \q1 পৃথিৱীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে? \q1 \v 34 ঢল পানীৰে তোমাক ঢাকিবৰ বাবে \q1 তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে? \q1 \v 35 তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? \q1 সেইবোৰে জানো তোমাক ক’ব নে, ‘আমি ইয়াত আছো?’ \q1 \v 36 প্ৰজ্ঞাক কোনে ভিতৰ ভগত থলে? \q1 চিত্তক কোনে বিবেচনা শক্তি দিলে? \q1 \v 37 এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? \q1 কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে? \q1 \v 38 যেতিয়া ধুলিবোৰ গৈ গোট খায় চপৰা হয়, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে? \q1 \v 39 তুমি সিংহিনীৰ নিমিত্তে চিকাৰ কৰিবা নে? \q1 বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে? \q1 \v 40 যেতিয়া সিবঁতে নিজ নিজ চোঙত চোপ লৈ থাকে, \q1 আৰু আৰত বাগৰি বাটচায় থাকে? \q1 \v 41 ঢোঁৰা-কাউৰীক কোনো আহাৰ যোগায়, যেতিয়া সিহঁতৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, \q1 আৰু আহাৰৰ অভাৱত ফুৰে? \c 39 \q1 \v 1 তুমি জানো পৰ্ব্বতৰ ছাগলীবোৰৰ \f + \ft বনৰীয়া ছাগলী \f* জগা কাল জানা? \q1 হৰিণীয়ে পোৱালি জগাৱা জানো তুমি অনুসন্ধান কৰা? \q1 \v 2 সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? \q1 বা সিহঁতে পোৱালি দিয়া সময় তুমি জানা নে? \q1 \v 3 সিহঁতে কেতিয়া পোৱালি দিয়ে, \q1 আৰু নিজৰ পোৱালি প্ৰসৱ কৰে। \q1 \v 4 সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; \q1 সিহঁত বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে। \q1 \v 5 বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? \q1 কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে? \q1 \v 6 মই তৃণভূনিত তাৰ ঘৰ কৰিলোঁ, \q1 আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ। \q1 \v 7 সি নগৰৰ কোলাহল ভল নাপায় কৰে; \q1 চলাওঁতাৰ ডাবি শুনিবলৈ নাপায়। \q1 \v 8 চৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; \q1 সি খাবৰ বাবে সকলো বিধৰ সেউজীয়া বন বিচাৰি ফুৰে। \q1 \v 9 বনৰীয়া ভদা ছাগলীয়ে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? \q1 তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে? \q1 \v 10 তুমি ইয়াক জৰীৰে সীৰলুত বন্ধি ৰাখিব পাৰা নে? \q1 সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে? \q1 \v 11 তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? \q1 তোমাৰ কাম তাক গতাই দিবা নে? \q1 \v 12 সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, \q1 তোমাৰ মৰণা মৰা চোতালত ধান চপাব বুলি, তুমি তাক বিশ্বস কৰা নে? \q1 \v 13 উট চৰাইৰ ডেউকাই উল্লাহত কোবাই, \q1 যদিও তাইৰ পাখিৰে উৰিব নোৱাৰে। \q1 \v 14 তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, \q1 আৰু ধুলিত উম পাবলৈ দিয়ে। \q1 \v 15 কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, \q1 বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ পাহৰি যায়। \q1 \v 16 পৰৰ পোৱালিৰ দৰে তাই নিজৰ পোৱালিবোৰলৈ কঠোৰ ব্যৱহাৰ কৰে, \q1 আৰু তাইৰ শ্ৰম বিফল হলেও তাই মনত দুখ নাপায়। \q1 \v 17 কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, \q1 আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে। \q1 \v 18 কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, \q1 তেতিয়া তাই ঘোঁৰা আৰু তাত উঠা জনক হেয়জ্ঞান কৰে। \q1 \v 19 ঘোঁৰাক জানো তুমি বল দিলা? \q1 তুমি জানো তাৰ ডিঙি কেশৰেৰে ভুষিত কৰানাই? \q1 \v 20 তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? \q1 তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক। \q1 \v 21 সি প্ৰবল শক্তিৰে ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, \q1 সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হবলৈ ওলায় যায়। \q1 \v 22 সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; \q1 সি তৰোৱালৰ মুখৰ পৰা উলটি নাহে। \q1 \v 23 টোণ \f + \ft কাড়ৰ থোৱা ঠাই \f* জোকাৰ খাই শব্দ কৰে; \q1 চিকমিকীয়া বৰছা আৰু যাঠিয়েও। \q1 \v 24 সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; \q1 শিঙা-ধ্বনি শুনিলে, সি থিৰে থাকিব নোৱাৰে। \q1 \v 25 শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; \q1 সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, \q1 সি সেনাপতিসকলৰ গৰ্জ্জন আৰু চিঞৰ মৰা শুনে। \q1 \v 26 তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, \q1 আৰু দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে? \q1 \v 27 ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ নোঠে, \q1 আৰু অতি ওখ ঠাইত বাহ নাসাজে? \q1 \v 28 সি শিলত বাস কৰে, তাতেই তাৰ বাহ; \q1 সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে। \q1 \v 29 সেই ঠাইৰে পৰা সি চিকাৰ বিচাৰে; \q1 তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে। \q1 \v 30 তাৰ পোৱালিবোৰে তেজ পিয়ে; \q1 য’তে মৰা শৱ থাকে, ত’তে সিও থাকে।” \c 40 \p \v 1 যিহোৱাই ইয়োবক আৰু ক’লে, \q1 \v 2 সৰ্ব্বশক্তিমান জনাৰ দোষ ধৰোঁতাই জানো শন্তি পাব? \q1 ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক। যো \p ইয়োবৰ উত্তৰ \v 3 তাতে ইয়োবে যিহোৱাক ক’লে, \q1 \v 4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? \q1 মই মোৰ মুখত হাত দিওঁ। \q1 \v 5 মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; \q1 এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।” \p \v 6 তেতিয়া যিহোৱাই বা-মাৰলী বতাহৰ মাজৰ পৰা ইয়োবক উত্তৰ দিলে, \q1 \v 7 “তুমি পৰুষৰ দৰে গৈ কঁকাল বান্ধা; \q1 মই তোমাক সোধিম, তুমি মোক উত্তৰ দিবা। \q1 \v 8 তুমি মোৰ ন্যায় সঁচাকৈয়ে ভুল বুলি কবা নে? \q1 বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে? \q1 \v 9 তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? \q1 তুমাৰ জানো মেঘ-গৰ্জ্জনৰ দৰে মাত মাতিব পাৰা? \q1 \v 10 তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, \q1 প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা; \q1 \v 11 তুমি অতিমাত্ৰা ক্ৰোধ দলিয়া পেলোৱা, \q1 প্ৰত্যেক অহঙ্কাৰীকে চোৱা, তেওঁলোকক নত কৰা। \q1 \v 12 সকলো অহঙ্কাৰীবোৰক চোৱা আৰু তেওঁলোকক নত কৰা হ’ল, \q1 দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা; \q1 \v 13 সিহঁতক একেবাৰে ধুলিত পুতি পেলোৱা হ’ল, \q1 সিহঁতৰ মুখবোৰ ভূমিৰ তলত \f + \ft কবৰত \f* বান্ধি ৰাখা। \q1 \v 14 তেতিয়া তোমাৰ সোঁ হাতে তোমাক বিজয় দান কৰিব বুলি \q1 মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম। \q1 \v 15 “বহেমোৎলৈ চোৱা” যাক কেৱল তোমাৰ কাৰণে স্ৰজন কৰিলোঁ; \q1 সি গৰুৰ দৰে ঘাঁহহে খায়। \q1 \v 16 চোৱা, তাৰ বল তাৰ কঁকালত আছে, \q1 তাৰ শক্তি তাৰ পেটৰ পেশীত আছে। \q1 \v 17 সি নিজৰ নেজ এৰচ গছৰ \f + \ft এবিধ সেওজীয়া গছ \f* ডালৰ দৰে লৰায়; \q1 তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা। \q1 \v 18 তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, \q1 তাৰ অস্থিবোৰ লোহাৰ দণ্ডৰ দৰে। \q1 \v 19 ঈশ্বৰৰ সৃষ্টিৰ মাজত এয়ো প্ৰথম আৰু প্ৰধান; \q1 কোৱল সৃষ্টিকৰ্ত্তাইহে তৰোৱাল হাতত লৈ তাৰ আগত যাব পাৰে। \q1 \v 20 পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; \q1 তাতে আটাই বনৰীয়া জন্তুৱে খেলে-ধেমালি কৰে। \q1 \v 21 সি পদুমনিৰ তলত শোৱে, \q1 নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়। \q1 \v 22 পদুম গছবোৰে তাক ছাঁ দি ধৰে; \q1 নদীৰ বাইচি গছবোৰ পানী নথকা নদী গৰ্ভই তাৰ ঘেৰি ৰাখে। \q1 \v 23 চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; \q1 যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে। \q1 \v 24 কোনোবাই জানোতাক হাঁকোটাৰে ধৰিব পাৰে? \q1 বা ফান্দত পলাই তাৰ নাক জানো বিন্ধিব পাৰে? \c 41 \p \v 1 তুমি জানো বৰশীৰে লিবিয়াথন \f + \ft কিম্বদন্তীমূলক কাহিনি, বৰ্ণনালৈ মন কৰিলে ডাইনচৰ যেন লাগে \f* জানো তুলিব \p পাৰা? \q1 বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা? \q1 \v 2 তুমি তাৰ নাকত নাকী লগাব পাৰা নে? \q1 বা বৰশীৰে তাৰ দাঁতৰ পাৰি বিন্ধা কৰিব পাৰা নে? \q1 \v 3 সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? \q1 বা তোমাৰ লগত জানো ভদ্ৰ ভৱে কথা ক’ব? \q1 \v 4 চিৰকাললৈকে তোমাৰ দাস হবলৈ \q1 সি তোমাৰ লগত চুক্তি কৰিব নে? \q1 \v 5 চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? \q1 বা তোমাৰ ছোৱলাৰ বাবে তুমি তাক জৰীৰে বান্ধি ৰাখিবা নে? \q1 \v 6 বণিক সকলে তাক ডাকত দিব নে? \q1 সিহঁতে সদাগৰ সকলৰ মাজত তাক জানো ভাগ বাঁটি দিব? \q1 \v 7 তুমি জানো তাৰ ছাল শেলেৰে, \q1 বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো ভেদ কৰিব পাৰিবা? \q1 \v 8 তাৰ গাত হাত দি চাবাচোন; \q1 সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা। \q1 \v 9 চোৱা, তাক ধৰিবলৈ চেষ্টা কৰা নিৰাশাজনক? \q1 তাক দেখিলেই মানুহ বদ্ধস্ত নহব নে? \q1 \v 10 এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; \q1 তেনেহলে তাৰ আগত থিয় হ’ব পৰা কোন আছে? \q1 \v 11 কোনে তাৰ মুখামুখি হৈ আৰু কুশলে ওভতি আহে? \q1 আকাশ-মণ্ডলৰ তলত থকা, কোন? \q1 \v 12 মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, \q1 নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে। \q1 \v 13 তাৰ ওপৰৰ আৱৰণ কোনে গুচাব পাৰে? \q1 কোনে তাৰ দুতৰপীয়া বৰ্মৰ \f + \ft কৱচ \f* কোনে ভেদ পাৰে? \q1 \v 14 তাৰ মুখৰ দুৱাৰ দুখলপা \f + \ft মুখ মেল \f* কোনে মেলিব পাৰে? \q1 তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে। \q1 \v 15 তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; \q1 সেইবোৰ কটকটীয়া মোহৰ মৰাৰ থাকে। \q1 \v 16 সেইবোৰ এটাৰ ওপৰত আনটো এনেদৰে লগলাগি আছে, \q1 যে তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে। \q1 \v 17 সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; \q1 একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি। \q1 \v 18 তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; \q1 তাৰ চকু পিৰঠি \f + \ft চকুৰ পতা \f* পুৱাৰ অৰুণৰ দৰে। \q1 \v 19 তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; \q1 জুইৰ ফিৰিঙটি ওলায়। \q1 \v 20 উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, \q1 তাৰ নাকৰ পৰা ধোঁৱা ওলাই। \q1 \v 21 তাৰ নিশ্বাসে এঙাৰ জ্বলায়, \q1 তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়। \q1 \v 22 তাৰ ডিঙিত বল থাকে, \q1 আৰু ত্ৰাসে তাৰ আগত নাচি থাকে। \q1 \v 23 তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, \q1 সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি। \q1 \v 24 তাৰ কলিজা শিলৰ নিচিনা টান; \q1 এনে কি, জাতৰ তলৰ শিলৰ দৰে টান। \q1 \v 25 যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, \q1 আৰু ত্ৰাসৰ কাৰণে তেওলোক পিছুৱাই আহে। \q1 \v 26 যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, \q1 বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব। \q1 \v 27 সি লোহাক খেৰৰ নিচিনা জ্ঞান, \q1 আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে। \q1 \v 28 ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; \q1 ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়। \q1 \v 29 সি গদাক ঘুলা যেন মানে, \q1 আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে, \q1 \v 30 তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; \q1 সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা শ্লেজ \f + \ft বৰফত চলা এবিধ গাড়ি \f* গাড়িৰ যেন হয়। \q1 \v 31 সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, \q1 আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে। \q1 \v 32 সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, \q1 আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়। \q1 \v 33 ভয়হীন ৰূপে স্ৰজন কৰা হয়, \q1 তাৰ তুল্য কোনো জন্তুৱেই পৃথিৱীত নাই। \q1 \v 34 সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; \q1 সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা। \c 42 \p \v 1 তেতিয়া ইয়োবে যিহোৱাক উত্তৰলে, \q1 \v 2 “মই জানো যে, তুমি সকলো কৰিব পাৰা; \q1 কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়। \q1 \v 3 তুমৰ জ্ঞানৰ পৰা কোনে তেওঁৰ মন্ত্ৰণা গুপুতে ৰাখিব পাৰে? \q1 সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ। \q1 \v 4 মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক উত্তৰ দিয়া। \q1 \v 5 পূৰ্বতে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ। \q1 \v 6 এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।” \p \v 7 যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যি শুদ্ধ তাক কথা কোৱা নাই। \v 8 এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেষ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।” \v 9 তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে। \p \v 10 যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে। \v 11 পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁৰ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্তনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে। \v 12 এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেষ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধ হ’ল। \v 13 তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী ছোৱালী হ’ল। \v 14 তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে। \v 15 ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে। \v 16 ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে। \v 17 এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।