as_ulb/49-GAL.usfm

353 lines
51 KiB
Plaintext
Raw Normal View History

2016-11-14 20:14:36 +00:00
\id GAL Assamese Old Version Revision
\ide UTF-8
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
\h গালা.
\toc1 গালাতীয়া সকলৰ প্রতি পত্র
\toc2 গালাতীয়া
\toc3 গালা.
\mt1 গালাতীয়া সকলৰ প্রতি পত্র
\s5
\c 1
\cl ১ অধ্যায়
\p
\v 1 মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
\p
\v 2 মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ\f + \fr 1:2 \ft গালাতীয়া: পৌলে এই ঠাইৰ পৰা প্রথম ধর্মযাত্রাৰ সময়ত উপদেশ দিছিল আৰু মণ্ডলী স্থাপন কৰিছিল। পা:কর্ম 13 আৰু 14 অধ্যায়।\f* মণ্ডলীবোৰৰ সমীপলৈ।
\s5
\p
\v 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;
\v 4 যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
\v 5 সেই পিতৃ ঈশ্বৰৰ মহিমা সদা-সৰ্ব্বদায় হওক। আমেন।
\s শুভবার্তা এটাই
\s5
\p
\v 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্ত্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
\v 7 আচলতে কোনো অন্য শুভবাৰ্ত্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্ত্তা বিকৃত কৰিবলৈ বিচাৰে।
\s5
\v 8 কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্ত্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্ত্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেন্তে তেওঁ অভিশপ্ত হওক।
\v 9 আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্ত্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্ত্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেন্তে তেওঁ অভিশপ্ত হওক।”
\p
\v 10 মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
\s পৌলৰ পাঁচনি বাবৰ বিৱৰণ
\s5
\p
\v 11 ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্ত্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।
\v 12 কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
\s5
\v 13 আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন কটাইছিলো; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
\v 14 ইহুদী ধর্মচর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলো।
\s5
\v 15 কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
\v 16 মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
\v 17 এনেকি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলো।
\s5
\p
\v 18 ইয়াৰ তিনি বছৰৰ পিছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
\v 19 তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনিকে মই দেখা নাপালো।
\v 20 চাওঁক, ঈশ্বৰৰ সাক্ষাতে মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
\s5
\p
\v 21 তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ অঞ্চলবোৰলৈ গ’লো;
\v 22 তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহূদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল
\v 23 কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্ব্বে আমাক তাড়না কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, যি তেওঁ পূৰ্ব্বে ধ্বংস কৰিবলৈ বিচাৰিছিল।”
\v 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ধৰিলে।
\s5
\c 2
\cl ২ অধ্যায়
\s পাঁচনি সকলে পৌলক গ্রহণ কৰা
\p
\v 1 চৌদ্ধ বছৰ পাৰ হ’ল। মই বার্ণব্বাৰ সৈতে যিৰূচালেমলৈ পুনৰ গৈছিলোঁ, লগত তীতকো লৈছিলো।
\v 2 ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ। যি শুভবার্তা মই অনা-ইহুদী সকলৰ মাজত প্রচাৰ কৰি থাকো, তাকে তেওঁলোকৰ আগত ব্যাখ্যা কৰিলো; কিন্তু সেই ঠাইৰ গণ্য মান্য নেতা সকলৰ ওচৰত মই সকলোবোৰ গোপনে ক’লো। মই বিচাৰিছিলো, তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে।
\s5
\v 3 মোৰ সঙ্গী তীতক গ্রীক মানুহ হোৱা সত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য নকৰিলে।
\v 4 গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হ’ল। খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাবে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতি-নীতিৰ দাস কৰিব পাৰে।
\v 5 কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
\s5
\p
\v 6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই । ঈশ্বৰে মানুহৰ মুখলৈ নাচায়।
\v 7 এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক চুন্নৎ নোহোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল।
\v 8 কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো পাঁচনি কাৰ্য সাধন কৰিছে;
\s5
\v 9 যেতিয়া মান্য হিচাবে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্রহ পাইছো, তেতিয়া মোক আৰু বাৰ্ণাব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগী হিচাবে গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
\v 10 তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখোঁ। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলো।
\s পিতৰ আৰু পৌলৰ মতৰ অমিল
\s5
\p
\v 11 কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ বিৰোধিতা কৰিলো; কাৰণ তেওঁ ভুল কৰিছিল।
\v 12 কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল।
\s5
\v 13 অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনেকি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল।
\v 14 কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেন্তে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
\s5
\v 15 আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী" নহয়।
\v 16 তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্ম্মিক বুলি গণিত হয়; সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্ম্মিক বুলি গণিত নহ’ব।
\s5
\p
\v 17 কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্ম্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো, তেন্তে তাৰ অর্থ এয়ে নেকি যে, খ্ৰীষ্ট পাপৰ সেৱক? কেতিয়াও নহয়!
\v 18 কিয়নো, মই যিহকে ভাঙিলোঁ, তাকে যদি মই আকৌ সাজোঁ, তেন্তে মই নিজকে নিজে অপৰাধী বুলি প্রমাণ কৰোঁ।
\v 19 মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰো।
\s5
\v 20 মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
\v 21 ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ; কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্ম্মিকতা হয়, তেন্তে খ্ৰীষ্ট অকাৰণে মৰিল।
\s5
\c 3
\cl ৩ অধ্যায়
\s বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পোৱা যায়
\p
\v 1 হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্ৰুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
\v 2 মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে, আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি? নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে?
\v 3 আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি, এতিয়া কিয় মাংসত সমাপ্ত কৰিবলৈ গৈ আছে?
\s5
\v 4 আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে, যদি বাস্তৱিকতে সেই দুখভোগ অনর্থক হৈ থাকে?
\v 5 গতিকে কওঁকছোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
\s5
\p
\v 6 যেনেকৈ অব্ৰাহামে “ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতাৰ স্বীকৃতি দিলে।”
\v 7 তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান।
\v 8 শাস্ত্রত এই বিষয়ে পূর্ব্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্ব্বাদ প্রাপ্ত হ’ব।”\f + \fr 3:8 \ft আদি 12:3\f*
\v 9 সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্ব্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্ব্বাদ প্ৰাপ্ত হয়।
\s5
\p
\v 10 কিয়নো যিমান মানুহে বিধানৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শপগ্রস্ত।”\f + \fr 3:10 \ft দ্বি:বি 27:26\f*
\v 11 এতিয়া এইটো সু-স্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ ওচৰত কোনো ধাৰ্ম্মিক বুলি গণিত নহয়, কাৰণ “ধাৰ্ম্মিক জন বিশ্বাসৰ দ্বাৰাই জীব।”\f + \fr 3:11 \ft হবক্কুক 2:4\f*
\v 12 বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীয়াই থাকিব।”\f + \fr 3:12 \ft লেবীয়া 18:5\f*
\s5
\v 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”\f + \fr 3:13 \ft দ্বি:বি 21:23\f*
\v 14 খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্ব্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্ব্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি অঙ্গীকৃত আত্মা পাব পাৰো।
\s বিধান আৰু প্রতিজ্ঞা
\s5
\p
\v 15 ভাই সকল, মই এজন মানুহৰ দৰে কৈছোঁ। মানুহৰ মাজত এবাৰ যেতিয়া এখন চুক্তিপত্র থিৰ কৰা হয়, সেই চুক্তি কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে।
\v 16 ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত “বংশবোৰলৈ” বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে “তোমাৰ বংশলৈ” বুলি ক’লে; সেই বংশ খ্রীষ্ট।
\s5
\v 17 এতিয়া মই ইয়াকে কওঁ, পূৰ্ব্বে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হ’ল আৰু তাৰ চাৰিশ ত্রিশ বছৰৰ পাছত বিধান আহিল। তাতে পূর্বৰ সেই নিয়মৰ চুক্তি বিধানৰ দ্বাৰা বাতিল কৰ হৈ নাযায়।
\v 18 উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেন্তে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।
\s5
\v 19 তেন্তে ঈশ্বৰে বিধান কিয় দিলে? বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল; যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল, অব্রাহামৰ সেই বংশ নহালৈকে, তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বর্গদূত সকলৰ যোগেদি এজন মধ্যস্থৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল।
\v 20 এতিয়া এজন মধ্যস্থৰ উপস্থিতিয়ে ইয়াকে বুজায় যে, তাত এজনতকৈ অধিক লোক আছে; কিন্তু ঈশ্বৰ হ’লে এজনহে।
\s5
\p
\v 21 তেন্তে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেন্তে ধাৰ্ম্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।
\v 22 কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধিনত ৰাখিলে। সেইবাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা; যেন যি সকলে বিশ্বাস কৰে, তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয়।
\s5
\p
\v 23 খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে, যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে, আমি বিধানৰ অধিনত বন্দী আৰু ৰক্ষিত আছিলো।
\v 24 এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ’ল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্ম্মিক বুলি গণিত হ’ব পাৰো।
\v 25 কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধিন নহওঁ।
\v 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে।
\s5
\v 27 কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।
\v 28 এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
\v 29 আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেন্তে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।
\s5
\c 4
\cl অধ্যায়
\p
\v 1 কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
\v 2 কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ত্বাবধায়ক সকলৰ অধিনত থাকে।
\s5
\p
\v 3 এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলো, আমিও তেনেকৈ পৰৰ মৌলিক সৰ্বশ্ৰেষ্ঠ ত্ৰিজগতৰ বিধিৰ অধিনত দাস আছিলো;
\v 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধিনত উৎপন্ন হোৱা,
\v 5 কিয়নো ব্যৱস্থাৰ অধিনত থকা সকলোকে স্বাধীন কৰিব পাৰে, যাতে আমাৰ সকলোকে তেওঁৰ সন্তান ৰূপে স্বীকৃতি দিয়ে৷
\s5
\p
\v 6 কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, "আব্বা, পিতৃ", এই বুলি মাতে।
\v 7 এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে; যিহেতু পুত্ৰ হৈছে, সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷
\s ঈশ্বৰৰ অনুগ্ৰহত থিৰে থাকিবলৈ নিবেদন
\s5
\p
\v 8 পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ দাস্য কৰ্ম কৰিছিল।
\v 9 কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰিও ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনেস্থলত কেনেকৈ পুনৰ সেই দূৰ্ব্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ দাস্যকৰ্ম্ম কৰিব পাৰিব?
\s5
\p
\v 10 আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে।
\v 11 আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
\s5
\p
\v 12 হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওঁক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছো। আপোনালোকে মোৰ একো অপকাৰ কৰা নাছিল।
\v 13 মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
\v 14 মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনেকি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
\s5
\p
\v 15 এতিয়া আপোনালোকৰ সেই আনন্দ ক'ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলো যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেতেঁন।
\v 16 এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
\s5
\p
\v 17 সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
\v 18 অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
\s5
\p
\v 19 হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছো৷
\v 20 এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলো হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছো।
\s5
\p
\v 21 হে বিধানৰ অধিন হ’ব খোজা সকল, মোক কওঁকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
\v 22 কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
\v 23 কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
\s5
\p
\v 24 এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই নিয়ম হৈছে; এক নিয়ম চিনয় পৰ্ব্বতৰ পৰা হোৱা বন্দী অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ;
\v 25 কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্ব্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
\s5
\p
\v 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন ; তেওঁ হৈছে, আমাৰ মাতৃ।
\p
\v 27 কিয়নো লিখা আছে,
\q1 "হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই ;
\q1 বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা;
\q1 কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব"।
\s5
\p
\v 28 এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
\v 29 কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
\s5
\p
\v 30 কিন্তু শাস্ত্ৰই কি কয়? 'বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব'।
\v 31 এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।
\s5
\c 5
\cl ৫ অধ্যায়
\p
\v 1 খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰো; এতেকে সু-স্থিৰ হওঁক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।
\p
\v 2 চাওঁক, মই পৌলে আপোনালোকক কৈ আছো, যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায়, তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ’ব।
\s5
\p
\v 3 পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে, আপোনালোকে যদি চুন্নত হবলৈ বিচাৰি আছে, তেতিয়াহলে প্ৰতিজনে বিধান পালন কৰিব লাগিব।
\v 4 পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰ হোৱাটো বিচাৰিছিল; সেয়েহে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷
\s5
\p
\v 5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিকতাৰ আশা লৈ বাট চাই আছো।
\v 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্যসাধন কৰে।
\v 7 আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
\v 8 যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে, সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়।
\s5
\p
\v 9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়।
\v 10 আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওঁক।
\s5
\p
\v 11 হে ভাই সকল, মই যদি চুন্নতৰ বিধি ৰাজহুৱা ভাবে প্ৰচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছো? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ'লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
\v 12 যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক।
\s5
\p
\v 13 হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওঁক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ দাস্য কৰ্ম কৰক।
\v 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ'ল, 'তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা'৷
\v 15 কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ'ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷
\s আত্মাৰ বশত থিৰে থাকিবলৈ উদগণি
\s5
\p
\v 16 কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনো মতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।
\v 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
\v 18 কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধিন নহয়।
\s5
\p
\v 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট-আচৰণ,
\v 20 মূৰ্তি পূজা, মায়াকৰ্ম্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
\v 21 হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
\s5
\p
\v 22 কিন্তু আত্মাৰ ফল হ'ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাব, বিশ্বাস,
\v 23 মৃদুভাব, ইন্দ্ৰিয়দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
\v 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্ৰুচত দিলে৷
\s5
\v 25 আমি যদি আত্মাৰে জীয়াই থাকো, তেন্তে আত্মাৰে চলোহঁক।
\v 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহঁক।
\s5
\c 6
\cl ৬ অধ্যায়
\p
\v 1 হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ'ব৷
\v 2 আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
\s5
\p
\v 3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকে প্ৰতাৰণা কৰে।
\v 4 প্ৰতিজনে নিজ কৰ্ম পৰীক্ষা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
\v 5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব'ব।
\s5
\p
\v 6 যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
\v 7 আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
\v 8 কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত-জীৱনৰূপ শস্য দাব।
\s5
\p
\v 9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
\v 10 এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা সকলোৰ বাবে হিতজনক কৰ্ম কৰোঁ আহক।
\s5
\p
\v 11 চাওঁক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
\v 12 যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
\v 13 কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
\s5
\p
\v 14 কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওঁক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্ৰুচত হত হলোঁ।
\v 15 কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
\v 16 যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
\s5
\p
\v 17 এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছো।
\p
\v 18 ভাই সকল, আমাৰ প্ৰভূ যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।