as_ulb/47-1CO.usfm

1001 lines
139 KiB
Plaintext
Raw Normal View History

2016-11-14 20:14:36 +00:00
\id 1CO Assamese Old Version Revision
\ide UTF-8
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
\h ১কৰিন্থীয়া
\toc1 কৰিন্থীয়া সকলৰ প্ৰতি প্ৰথম পত্ৰ
\toc2 ১ কৰিন্থীয়া
\toc3 ১কৰি.
\mt কৰিন্থীয়া সকলৰ প্ৰতি প্ৰথম পত্ৰ
\cl ১ অধ্যায়
\s5
\c 1
\s মঙ্গলাচৰণ
\p
\v 1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।
\m
\v 2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী অর্থাৎ খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।
\v 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 4 খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।
\v 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে।
\v 6 তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে।
\s5
\v 7 সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে।
\v 8 তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেই দিন পর্যন্ত আপোনালোক নির্দোষী, পবিত্ৰ হৈ থাকিব।
\v 9 ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
\s কৰিন্থীয়া মণ্ডলীত অমিলতা
\s5
\p
\v 10 কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
\v 11 মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।
\s5
\v 12 এতিয়া মই এই কথা কবলৈ বিচাৰিছো যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ"\f + \fr 1:12 \ft কৈফা: পিতৰৰ নাম। \f* বা “মই খ্রীষ্টৰ দলৰ”।
\v 13 তেন্তে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?
\s5
\v 14 মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্রীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই।
\v 15 গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে।
\v 16 অৱশ্যে হয়, ষ্টিফেনৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে।
\s5
\v 17 কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্রুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।
\s খ্রীষ্টৰ ক্রুচৰ শুভবার্তাৰ উৎকৃষ্টতা
\s5
\p
\v 18 বিনাশৰ পথত চলা সকললৈ ক্রুচৰ শিক্ষা মুর্খতা। কিন্তু ঈশ্বৰে পৰিত্রাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
\v 19 কাৰণ এইদৰে লিখা আছে:
\q1 “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম;
\q1 মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”\f + \fr 1:19 \ft যিচয়া 29:14\f*
\s5
\p
\v 20 কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
\v 21 সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেইসকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।
\s5
\v 22 ইহুদী সকলে বিস্মিত চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে।
\v 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনিস্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।
\s5
\v 24 কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
\v 25 কাৰণ ঈশ্বৰৰ যি মুর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
\s5
\p
\v 26 ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়।
\v 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খ বিষয়বোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বল বিষয়বোৰক মনোনীত কৰিলে।
\s5
\v 28 জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।
\p
\v 29 ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।
\s5
\v 30 ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
\v 31 সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”\f + \fr 1:30 \ft যিৰিমিয়া 9:24\f*
\s5
\c 2
\p
\v 1 হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলো।
\v 2 কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
\s5
\p
\v 3 মই আপোনালোকৰ ওচৰত দুৰ্ব্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলো।
\v 4 মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ আৰু শক্তিৰ প্রমাণ আছিল,
\v 5 তাতে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
\s ঈশ্বৰৰ জ্ঞানৰ উৎকৃষ্টতা
\s5
\p
\v 6 তথাপি যিসকল লোক পৰিপক্ক, সেই লোকসকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্ত্তা সকলৰ জ্ঞান নহয়;
\v 7 কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল।
\s5
\v 8 এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন;
\v 9 কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এই দৰে লিখা আছে,
\q1 চকুৱে যি যি নেদেখিলে,
\q1 কাণে যি যি নুশুনিলে,
\q1 মনেও যি নাভাবিলে,
\q1 সেই সকলো ঈশ্বৰক যিসকলে প্ৰেম কৰে,
\q1 সেইসকলৰ বাবে তেওঁ যুগুত কৰিলে,\f + \fr 2:9 \ft যিচয়া 64:4\f*
\s5
\p
\v 10 কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।
\v 11 কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে।
\s5
\v 12 আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ।
\v 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
\s5
\v 14 কিন্তু যিসকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
\v 15 কিন্তু আত্মিক ব্যক্তিজনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধিন নহয়।
\p
\v 16 “ কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” \f + \fr 2:16 \ft যিচয়া 40:13\f*
\m কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে ।
\s5
\c 3
\s প্রচাৰকসকল ঈশ্বৰৰ পৰিচাৰক
\p
\v 1 প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো।
\v 2 মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে;
\s5
\v 3 কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ ব্যৱহাৰ নকৰে নে?
\v 4 কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?
\p
\v 5 তেন্তে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;
\s5
\v 6 মই ৰুলোঁ, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে।
\v 7 এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়; কিন্তু ঈশ্বৰ, যিজনে বৃদ্ধি কৰে, তেৱেঁই সকলো।
\s5
\v 8 যিজনে ৰুৱে আৰু যিজনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব।
\v 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্ম্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
\s5
\p
\v 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।
\v 11 কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
\s5
\v 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে,
\v 13 তেন্তে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ\f + \fr 3:13 \ft সেই দিন: সেই দিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব।\f* পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
\s5
\p
\v 14 তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয়, তেন্তে তেওঁ পুৰস্কাৰ পাব।
\v 15 আৰু কোনোজনৰ সজা কৰ্ম যদি পোৰে, তেন্তে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যিজনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।
\s5
\p
\v 16 আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?
\v 17 কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।
\s5
\p
\v 18 কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেন্তে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক।
\v 19 কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে,
\q1 তেওঁ(ঈশ্বৰে) জ্ঞানীসকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে।"\f + \fr 3:19 \ft ইয়োব 5:13\f*
\q1
\v 20 পুনৰায়, “জ্ঞানীসকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।” \f + \fr 3:20 \ft গীত 94:11\f*
\s5
\p
\v 21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;
\v 22 পৌল, আপল্লো বা কৈফাই\f + \fr 3:22 \ft কৈফা - পিতৰৰ আন নাম।\f* হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ;
\v 23 আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।
\s5
\c 4
\s যীচু খ্রীষ্টৰ পাঁচনিসকল
\p
\v 1 লোকসমূহৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ।
\v 2 কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।
\s5
\v 3 মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰো।
\v 4 কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অর্থ এয়ে নহয় যে, মই নির্দোষী বুলি প্ৰমাণিত; কাৰণ যিজনে মোৰ সোধ-বিচাৰ কৰে, তেওঁ প্রভু।
\s5
\p
\v 5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্ব্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
\s5
\p
\v 6 প্রিয় ভাই আৰু ভনী সকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা ক’লো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে,
\q1 “শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে।”
\m আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আনজনৰ বিপক্ষে গর্ব নকৰে।
\v 7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
\s5
\p
\v 8 আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনবন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ।
\v 9 কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোকসকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। আমি যেন জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।
\s5
\v 10 আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছো, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দুৰ্ব্বল, কিন্তু আপোনালোক বলবন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত।
\v 11 এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন।
\s5
\v 12 আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
\v 13 কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছো।
\s5
\p
\v 14 মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
\v 15 কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই; কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃস্বৰূপ হ’লো।
\v 16 এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক।
\s5
\p
\v 17 এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছো। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।
\v 18 মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে।
\s5
\v 19 কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।
\v 20 কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।
\v 21 আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ তোমালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?
\s5
\c 5
\s মণ্ডলীত নৈতিক সমস্যা
\p
\v 1 আমি শুনিছো যে আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনেকি শুনিবলৈ পাইছো আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
\v 2 আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে! ইয়াৰ পৰিবর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যিজন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।
\s5
\p
\v 3 শৰীৰেৰে অনুপস্থিত থাকিলেও, আত্মাত মই আপোনালোকৰ লগত আছোঁ; যি ব্যক্তিয়ে এই প্রকাৰৰ কার্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ।
\v 4 আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয়, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলো।
\v 5 তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
\s5
\p
\v 6 আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
\v 7 নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলোৱা যাতে, আপোনালোক সনা পিঠাগুড়িৰ নতুন লদা হ’ব পাৰে - আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰক। কাৰণ আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালিৰূপে যিজনক বলিদান কৰা হ’ল, তেওঁ খ্রীষ্ট।
\v 8 এতেকে আহা, আমি পুৰণি খমিৰৰ পিঠাৰে অর্থাৎ পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে আমি পৰ্ব্ব পালন কৰোহঁক।
\s5
\p
\v 9 মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে।
\v 10 কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব।
\s5
\v 11 কিন্তু মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেন্তে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।
\p
\v 12 কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে?
\v 13 কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে।
\q1 “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।” \f + \fr 5:13 \ft দ্বি:বি: 22:21-24\f*
\s5
\c 6
\s বিবাদ আৰু ব্যভিচাৰবিষয়ক কথা
\p
\v 1 আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেন্তে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়, এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধৰ্মী লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?
\v 2 আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?
\v 3 আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
\s5
\v 4 এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধ-বিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই?
\v 5 আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সচাঁই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?
\v 6 কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
\s5
\p
\v 7 আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?
\v 8 কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
\s5
\p
\v 9 যিসকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেইবিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যিসকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
\v 10 যিসকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
\v 11 আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল ।
\s5
\p
\v 12 “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ(মোলৈ সকলো অবাধ) আছে, কিন্তু একোৰে মই দাস নহ’ম।
\v 13 “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
\s5
\v 14 ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।
\v 15 আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।
\s5
\v 16 যিজন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক-দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো একদেহ হ’ব”।
\v 17 কিন্তু যিজন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক-আত্মা হয়।
\s5
\v 18 ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
\s5
\p
\v 19 আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
\v 20 কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
\s5
\c 7
\s বিবাহবিষয়ক বিধান
\p
\v 1 আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, এতিয়া তাৰ উত্তৰ দিওঁ। এজন পুৰুষে বিয়া নকৰাই ভাল;
\v 2 কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্য্যা হওক আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী হওক।
\s5
\v 3 শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্য্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাব লগীয়া দিয়ক।
\v 4 ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্য্যাৰহে আছে।
\s5
\v 5 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পিছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
\v 6 মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছো, এনে নহয়; কিন্তু অনুমতিহে মাথোন দিছোঁ।
\v 7 মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰদান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
\s5
\p
\v 8 অবিবাহিত আৰু বিধৱাসকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেন্তে ভাল।
\v 9 কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোৱাই ভাল।
\s5
\p
\v 10 এতিয়া বিবাহিত লোকসকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্য্যাই যেন স্বামীক পৰিত্যাগ নকৰে।"
\v 11 কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেন্তে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্য্যাক পৰিত্যাগ নকৰক।”
\s5
\p
\v 12 এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্য্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেন্তে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
\v 13 আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেন্তে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
\v 14 কিয়নো বিশ্বাসী ভার্য্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্য্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
\s5
\v 15 তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেন্তে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
\v 16 হে বিশ্বাসী ভার্য্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্য্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা?
\s ঈশ্বৰৰ আহ্বান অনুসাৰে জীৱনযাপন কৰা
\s5
\p
\v 17 প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱনযাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
\v 18 কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।
\v 19 চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
\s5
\v 20 ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
\v 21 যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
\v 22 দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
\v 23 মূল্য দি আপোনালোকক কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব।
\v 24 ভাই-ভনী সকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলো, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
\s বিবাহ বিষয়ক প্রশ্ন
\s5
\p
\v 25 যিসকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
\v 26 সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
\s5
\v 27 তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেন্তে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত? তেন্তে ভাৰ্য্যা পাবলৈ চেষ্টা নকৰিবা।
\v 28 কিন্তু তুমি যদি বিয়াও কৰোৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰো।
\s5
\p
\v 29 কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যিসকলৰ ভাৰ্য্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্য্যা নাই;
\v 30 যিসকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যিসকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যিসকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।
\v 31 যিসকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।।
\s5
\p
\v 32 মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব।
\v 33 কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্য্যাক সন্তুষ্ট কৰিব।
\v 34 তেওঁ ঈশ্বৰ আৰু ভার্য্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
\s5
\v 35 মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে।
\s5
\p
\v 36 তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেন্তে তেওঁ নিজৰ ইচ্ছা মতে তাইক বিয়া কৰক; তাত পাপ নহয়।
\v 37 কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে।
\v 38 এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।
\s5
\p
\v 39 স্বামী যিমান দিন জীৱিত থাকে, সিমান দিনলৈকে ভাৰ্য্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেইজনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
\v 40 কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেন্তে আৰু অধিক সুখী হ’ব। মই ভাৱো যে মোতো ঈশ্বৰৰ আত্মা আছে।
\s5
\c 8
\s দেৱতাৰ প্ৰসাদ সম্বন্ধে
\p
\v 1 এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে জ্ঞান আছে।" জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
\v 2 যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাৱে, তেন্তে তেওঁ যিৰূপে জনা উচিত, সেইভাৱে এতিয়াও নাজানে।
\v 3 কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেন্তে ঈশ্বৰে তেওঁক জানে।
\s5
\p
\v 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে “জগত খনত দেৱতা বুলি আচলতে একোৱে নাই” আৰু “এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই।”
\v 5 কিয়নো স্বর্গতে হওক বা পৃথিৱীতে হওক, দেৱ-দেৱী বুলি কোৱা “বহুতো দেৱতা আৰু বহুতো প্রভু” থাকিলেও,
\v 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলো বস্তু হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছো। আমাৰ প্রভুও মাত্র এজন। তেওঁ যীচু খ্রীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্ট আৰু আমিও জীয়াই আছো।
\s5
\p
\v 7 কিন্তু সকলোৰে এনে জ্ঞান নাই; কিয়নো কোনো লোকৰ পূৰ্ব্বৰ মূৰ্তি-পূজাৰ অভ্যাস এতিয়ালৈকে থকাত, তেওঁলোকে দেৱতালৈ উৎসর্গ কৰা খোৱাবস্তু এতিয়াও প্ৰসাদ বুলি খায়; তাতে তেওঁলোকৰ বিবেক দুৰ্ব্বল হোৱাত, সেয়ে অশুচি হয়।
\s5
\v 8 খোৱাবস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণযোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয়।
\p
\v 9 কিন্তু সাৱধান! যিসকল বিশ্বাসত দুর্বল, আপোনালোকৰ এই স্বাধীনতা তেওঁলোকলৈ যেন উজুটি খুউৱা মূঢ়াস্বৰূপ নহয়।
\v 10 তোমাৰ জ্ঞান আছে; কিন্তু যিজনৰ বিবেক দুর্বল, তেওঁ যদি তোমাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেন্তে তেওঁ জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱাবস্তু খাবলৈ উৎসাহিত নহ’ব?
\s5
\v 11 এইভাৱে তোমাৰ জ্ঞানৰ দ্বাৰা সেই দুর্বল বিবেকৰ ভাই বা ভনী, যাৰ কাৰণে খ্ৰীষ্ট মৰিল, তেওঁ বিনষ্ট হয়।
\v 12 আপোনালোকে আপোনালোকৰ ভাই-ভনী সকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেওঁলোকৰ দুৰ্ব্বল বিবেকত আঘাত কৰিলে, আপোনালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়।
\v 13 এতেকে খোৱাবস্তু যদি মোৰ ভাই-ভনীৰ বাবে বিঘিনি স্বৰূপ হয়, তেনেহলে ভাই-ভনীৰ পাপৰ কাৰণ নহবলৈ মই পুনৰ কেতিয়াও মঙহ নাখাওঁ।
\s5
\c 9
\p
\v 1 মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
\v 2 মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ আপোনালোকেই৷
\s5
\p
\v 3 আমাৰ সোধ-বিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।
\v 4 আমাৰ জানো ভোজন আৰু পান কৰাৰ অধিকাৰ নাই?
\v 5 অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্য্যা হিচাপে লগত লৈ যাবলৈ অধিকাৰ নাই ?
\v 6 বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি?
\s5
\p
\v 7 কোন সৈনিকে নিজৰ খৰছত সৈন্যদলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুজাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে? ?
\v 8 মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছো? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
\s5
\p
\v 9 \f + \fr 9.9 \ft দ্বি: বি; 25:4\f*কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, "আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব" ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?
\v 10 কিন্তু এনে নহয় আমাৰ কথা ভাৱিয়েই এই সকলো কৈছে, নহয়নে? শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে, কাৰণ যি জনে হাল বায় তেওঁ শস্য পোৱা আশা কৰিয়েই হাল বায়; আৰু যি জনে মৰণা মাৰে, তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷
\v 11 আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচি যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেন্তে সেয়া জানো অধিক বেচি পোৱা হয়?
\s5
\p
\v 12 যদি আপোনালোকৰ ওপৰত এই অধিকাৰ আনে দাবী কৰে, তেন্তে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু আমি সকলোৱে সহন কৰিছোঁ, যাতে খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মে৷
\v 13 আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদীৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷
\v 14 এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।
\s5
\p
\v 15 কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।
\v 16 কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰো; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷
\s5
\p
\v 17 কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেন্তে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷
\v 18 তাতে মই কি পুৰস্কাৰ পাম ? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ অধিকাৰ আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
\s5
\p
\v 19 যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলো, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰো৷
\v 20 ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধিন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধিন হোৱা জনৰ নিচিনা হ'লো৷
\s5
\p
\v 21 বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানৰ বাহিৰত থকা লোকৰ দৰে হ'লো৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধিনত থাকো৷
\v 22 দুৰ্ব্বলসকলক পাবলৈ, তেওঁলোকৰ ওচৰত দুৰ্ব্বলসকলৰ দৰে দুৰ্ব্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰো৷
\v 23 মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ।
\s5
\p
\v 24 আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰা যাতে পুৰস্কাৰ পাব পাৰা৷
\v 25 আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলো ভাৱে ইন্দ্ৰিয় দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ তাক কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
\v 26 এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ;
\v 27 কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।
\s5
\c 10
\s সাৱধানতা আৰু ভ্ৰাতৃ-প্ৰেম আদি
\p
\v 1 হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্ব্ব-পুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷
\v 2 মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ'ল৷
\v 3 তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল,
\v 4 সকলোৱেই একে আত্মিক জল পান কৰিছিল৷ কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট।
\s5
\p
\v 5 তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল।
\p
\v 6 এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷
\s5
\p
\v 7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; "মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল"।
\v 8 তেওঁলোকৰ কিছুমানে যেনেকৈ যৌন পাপ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।
\s5
\v 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন প্ৰভুক পৰীক্ষা নকৰোঁ।
\v 10 তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহব৷
\s5
\p
\v 11 তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে।
\v 12 এই কাৰণে যি কোনোৱে স্থিৰ আছো বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
\v 13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ উপায়ো কৰি দিব।
\s5
\p
\v 14 এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰ মূৰ্তিপূজাৰ পৰা দুৰত থাকক৷
\v 15 মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷
\v 16 আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে?
\v 17 কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলো৷
\s5
\p
\v 18 ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ চোৱা; যিলোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে?
\v 19 তেন্তে মই কি কথা কৈছোঁ ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে ?
\s5
\p
\v 20 তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই।
\v 21 আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
\v 22 নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি ? আমি জানো তেওঁতকৈ বলৱন্ত?
\s5
\p
\v 23 সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্ম্মত বৃদ্ধি নকৰে।
\v 24 প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
\s5
\v 25 যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি(বিচাৰ নকৰাকৈ) সেইবোৰ ভোজন কৰিব;
\v 26 কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
\v 27 খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেন্তে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি(বিচাৰ নকৰাকৈ), যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।
\s5
\p
\v 28 কিন্তু কোনোৱে যদি আপোনালোকক, "এয়ে বলি দিয়া আহাৰ হয় বুলি কয়," তেন্তে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
\v 29 দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
\v 30 মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেন্তে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
\s5
\p
\v 31 এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
\v 32 তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
\v 33 কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
\s5
\c 11
\ms ঈশ্বৰৰ আৰাধনা বিষয়ক কথা
\p
\v 1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
\p
\v 2 আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
\v 3 কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ, পুৰুষ মহিলাৰ মূৰস্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰস্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
\v 4 যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
\s5
\v 5 কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
\v 6 কাৰণ মহিলাই যদি ওৰণি নলয়, তেন্তে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেন্তে তেওঁ ওৰণি লওঁক।
\s5
\v 7 কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
\v 8 কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ'ল।
\s5
\p
\v 9 কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
\v 10 সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
\s5
\p
\v 11 তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
\v 12 কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
\s5
\v 13 আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
\v 14 প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
\v 15 কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
\v 16 কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেন্তে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
\s প্ৰভুৰ-ভোজৰ বিষয়ে উপদেশ
\s5
\p
\v 17 এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।
\v 18 কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।
\v 19 কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষা-সিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
\s5
\v 20 তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
\v 21 কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
\v 22 তেন্তে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে ? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীনসকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ।
\s5
\p
\v 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, 'প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
\v 24 সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ''তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা।"
\s5
\p
\v 25 এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ''এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমানবাৰ ইয়াক পান কৰা, সিমানবাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা''।
\v 26 কিয়নো আপোনালোকে যিমানবাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমানবাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।
\s5
\p
\v 27 এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব।
\v 28 কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
\v 29 কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
\v 30 এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দুৰ্ব্বলী আৰু ৰোগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
\s5
\p
\v 31 কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
\v 32 কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
\s5
\p
\v 33 এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব
\v 34 আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।
\s5
\c 12
\s পবিত্ৰ আত্মাৰ নানাবিধ বৰ প্ৰদান
\p
\v 1 হে ভাই সকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
\v 2 আপোনালোকে জানে, যেতিয়া আপোনালোক অনা-ইহুদী আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল।
\v 3 এই কাৰণে মই আপোনালোকক জনাইছো যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও "যীচুক শাপগ্ৰস্থ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ’লে, কোনেও "যীচুক প্ৰভু বুলিব নোৱাৰে।"
\s5
\p
\v 4 নানা প্ৰকাৰ আত্মিক বৰ আছে , কিন্তু আত্মা একে;
\v 5 আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু একে;
\v 6 কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্ত্তা।
\s5
\p
\v 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
\v 8 তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা,
\s5
\v 9 একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ,
\v 10 আন কোনো জনক পৰাক্ৰমকাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানাবিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে;
\v 11 কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ বাঁটি দি, সেই সকলোকে সাধন কৰিছে।
\s5
\p
\v 12 কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও।
\v 13 কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।
\s5
\p
\v 14 কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক।
\v 15 ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়।
\v 16 আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।
\v 17 গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন ? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন ?
\s5
\p
\v 18 কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।
\v 19 নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেন্তে শৰীৰ ক’ত হ’লহেঁতেন?
\v 20 কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক।
\s5
\p
\v 21 আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে।
\v 22 কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দুৰ্ব্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়
\v 23 শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ;
\v 24 আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই।
\s5
\p
\v 25 কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে।
\v 26 তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গয় মৰ্য্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।
\v 27 আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ।
\s5
\p
\v 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।
\v 29 সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰমকাৰ্য্য কৰোঁতা নে ?
\s5
\p
\v 30 সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?
\v 31 কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ।
\s5
\c 13
\s প্ৰেমৰ উৎকৃষ্টতা
\p
\v 1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
\v 2 মই যদি ভাববাণী পাওঁ, সকলো নিগুঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্ব্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
\v 3 আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভষ্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
\s5
\p
\v 4 প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
\v 5 ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
\v 6 ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
\v 7 প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
\s5
\p
\v 8 প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
\v 9 কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
\v 10 কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।
\s5
\v 11 যেতিয়া মই শিশু আছিলো, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
\v 12 কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
\v 13 কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
\s5
\c 14
\s আত্মিক দানৰ বিষয়
\p
\v 1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
\v 2 কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।
\v 3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু শান্ত্বনা দিবলৈ কথা কয়।
\v 4 যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্ম্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।
\s5
\p
\v 5 আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্ম্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেন্তে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
\p
\v 6 এতিয়া, হে প্ৰিয় ভাই আৰু ভনী সকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেন্তে আপোনালোকৰ কিবা লাভ হবনে?
\s5
\p
\v 7 শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্ট কৈ শুৱলা ধ্বনিত যদি নাবাজে , তেন্তে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
\v 8 কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেন্তে যুদ্ধলৈ কোনে নিজকে সজাব?
\v 9 ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিবাৰে নকয়, তেন্তে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব? কিয়নো এই বোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ’ব।
\s5
\p
\v 10 জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা এটাও নাই।
\v 11 কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ, তেন্তে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ’ম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হ’ব।
\s5
\p
\v 12 এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীক ধৰ্ম্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক।
\p
\v 13 এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক।
\v 14 কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেন্তে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
\s5
\v 15 তেন্তে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?
\v 16 নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপাই, কেনেকৈ তোমাৰ সেই ধন্যবাদত "আমেন'' কব ? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
\s5
\p
\v 17 কিয়নো তুমি হ’লে, বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোকসকলক আত্মিক ভাবে গঢ়ি তোলা নহল।
\v 18 মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ;
\v 19 তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।
\s5
\p
\v 20 হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰদৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশুসকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
\v 21 বিধান-শাস্ত্ৰত লিখা আছে,
\q1 "প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা ক’ম;
\q1 কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।"
\s5
\p
\v 22 এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়।
\v 23 এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নকব নে?
\s5
\p
\v 24 সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেন্তে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷
\v 25 এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে 'আপোনালোকৰ মাজত ঈশ্বৰ আছে', এই বুলি ঈশ্বৰৰ সেৱা কৰিব।
\s5
\p
\v 26 এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব ? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক'ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
\v 27 কোনোৱে যদি পৰভাষা কয়, তেন্তে দুজন, বা তাতকৈ অধিক হ’লেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক.
\v 28 কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই, তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক।
\s5
\p
\v 29 আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক।
\v 30 কিন্তু উপাসনাত বহি থকাসকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হ’লে প্ৰথম জন নিজম দি থাকক।
\s5
\p
\v 31 কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাব পাৰে আৰু সকলোকে উদগাওক৷
\v 32 কিয়নো ভাববাদীসকলৰ আত্মা ভাববাদীসকলৰ বশত থাকে।
\v 33 কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
\s5
\v 34 তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়।
\v 35 কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেন্তে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়।
\v 36 নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে ? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল ?
\s5
\p
\v 37 কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেন্তে, মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
\v 38 কিন্তু কোনোৱে যদি নাজানে, তেন্তে তেওঁ নাজানক।
\s5
\v 39 এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা ক’বলৈ নিষেধ নকৰিব।
\v 40 কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।
\s5
\c 15
\s পুনৰুত্থানৰ বিষয়
\p
\v 1 হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলো, সেয়া আপোনালোকক জনাইছো; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
\v 2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেন্তে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
\s5
\p
\v 3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
\v 4 আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থীত হ’ল;
\s5
\p
\v 5 আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
\v 6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
\v 7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
\s5
\p
\v 8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
\v 9 কিয়নো পাঁচনিসকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
\s5
\p
\v 10 তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
\v 11 এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেই দৰে ঘোষণা কৰোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
\s5
\p
\v 12 কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেন্তে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
\v 13 যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেন্তে খ্ৰীষ্টকো তোলা নহ’ল;
\v 14 আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেন্তে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
\s5
\p
\v 15 আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছো বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
\v 16 কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেন্তে খ্ৰীষ্টকো তোলা নহ’ল;
\v 17 আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেন্তে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
\s5
\p
\v 18 তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱাসকলো বিনষ্ট হৈছে।
\v 19 খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱন কাললৈ হয়, তেন্তে আমি সকলো মানুহতকৈ দুৰ্ভগীয়া হৈছোঁ।
\s5
\p
\v 20 কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃতলোক সকলৰ মাজত প্ৰথম ফল৷
\v 21 কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
\s5
\p
\v 22 কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীবন পাব।
\v 23 কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত,তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
\s5
\p
\v 24 ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
\v 25 কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
\v 26 শেষ শত্ৰু যি মৃত্যু, তাকো ধংস কৰা হ’ব।
\s5
\p
\v 27 কিয়নো "তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে।" কিন্তু ''সকলোৱে বশীভূত হ’ব বুলি যেতিয়া" তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
\v 28 আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধিন হব৷ যেন ঈশ্বৰ, যিজনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
\s5
\p
\v 29 আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেন্তে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
\v 30 আৰু আমিও বা কিয় প্ৰতি মুহুতত সঙ্কটত পৰোঁ?
\s5
\p
\v 31 হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছো, প্ৰতি দিনেই মই মৃত্যু-মুখত আছো।
\v 32 মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেন্তে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেন্তে "আহা, আমি ভোজন-পান কৰোহঁক; কিয়নো কালিলৈ আমি মৰিম।"
\s5
\p
\v 33 আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
\v 34 ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
\s5
\p
\v 35 কিন্তু কিছুমানে কয়, "মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?
\v 36 হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্যন্ত নগজে;
\s5
\v 37 আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
\v 38 কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
\v 39 সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
\s5
\v 40 স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিব শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি(প্ৰভাৱ) এক প্ৰকাৰ আৰু পাৰ্থিববোৰৰ কান্তি(প্ৰভাৱ)এক প্ৰকাৰ।
\v 41 সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰা বোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয় ।
\s5
\p
\v 42 সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
\v 43 যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দুৰ্ব্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ পাত্ৰ;
\v 44 যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেন্তে আত্মিক দেহো আছে।
\s5
\p
\v 45 এইদৰে লিখাও আছে, "প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল"; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল।
\v 46 তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হল।
\s5
\p
\v 47 প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
\v 48 সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
\v 49 আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
\s5
\p
\v 50 কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
\v 51 চোৱা, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
\s5
\p
\v 52 এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃতলোকসকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
\v 53 কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
\s5
\p
\v 54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে-
\q1 "জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব"
\q1
\v 55 "হে মৃত্যু, তোমাৰ জয় ক’ত?
\q1 হে মৃত্যু, তোমাৰ হুল ক’ত?"
\s5
\p
\v 56 মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
\v 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে।
\s5
\p
\v 58 এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণ ৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
\s5
\c 16
\s দান তোলাৰ বিধান; পত্ৰৰ উপসংহাৰ
\p
\v 1 পবিত্ৰ লোক সকলৰ কাৰণে দানতোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
\v 2 সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
\s5
\p
\v 3 এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
\v 4 যদি আমি যোৱাতো উচিত হয়, তেন্তে তেওঁলোক অামাৰ লগতে যাব।
\s5
\p
\v 5 কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ -মাকিদনিয়াৰ মাজেদি যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
\v 6 আপোনালোকৰ লগত কিজানি কিছু দিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
\s5
\p
\v 7 এতিয়া মই যাত্ৰাপথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচাৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছু দিন থাকিবলৈ মই আশা কৰি আছোঁ।
\v 8 তথাপি পঞ্চাশ-দিনীয়া পৰ্ব্বলৈকে মই ইফিচত থাকিম;
\v 9 কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
\s5
\p
\v 10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেন্তে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
\v 11 কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছো।
\v 12 এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাইসকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
\s5
\p
\v 13 আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
\v 14 আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
\s5
\p
\v 15 হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, (স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেইবিষয়ে আপোনালোকে জানে;)
\v 16 আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
\s5
\p
\v 17 আমি সকলো আনন্দিত হৈছো, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
\v 18 কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনেলোকক চিনি পাবলৈ ভুল নকৰিব ।
\s5
\p
\v 19 এচিয়া দেশৰ মণ্ডলীসমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
\v 20 সকলো ভাই,ভনীসকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
\s5
\p
\v 21 মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালো৷
\v 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
\v 23 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
\v 24 খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।