as_ulb_w_titles/48-2CO.usfm

410 lines
90 KiB
Plaintext

\id 2CO
\ide UTF-8
\h 2 কৰিন্থীয়া
\toc1 2 কৰিন্থীয়া
\toc2 2 কৰিন্থীয়া
\toc3 2co
\mt1 2 কৰিন্থীয়া
\c 1
\s মঙ্গলাবাদ; পোৱা উপকাৰৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ
\p
\v 1 ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলী আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:
\v 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\p
\v 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
\v 4 আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰো, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে। \f + \ft গীত 86:17; যিচ 51:12, 13; যো 14:16-18; 1 থি 2:16, 17 \f*
\p
\v 5 কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনাও উপচি পৰে।
\v 6 কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে তোমালোকৰ সান্ত্বনা আৰু পৰিত্রাণ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেই জনো তোমালোকৰ সান্ত্বনাৰ বাবেs আৰু সেই সান্ত্বনাই, আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই, নিজ কাৰ্য সাধন কৰে।
\v 7 আৰু তোমালোক যেনেকৈ দুখভোগৰ, তেনেকৈ সান্ত্বনাৰো যে সহভাগী ইয়াকে জানিবলৈ পাই, \f + \ft মথি 5:4; 2 তী 2:12; 1 পি 5:10 \f* তোমালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে।
\p
\v 8 কিয়নো, হে ভাইসকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্ত ৰূপে এনে ভাৰগ্ৰস্থ হলো যে, আমাৰ জীৱনৰো আশা নাছিল।
\v 9 প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলো৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷
\v 10 তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব \f + \ft গীত 34:19, 20; 2 তী 4:16-18 \f* বুলি আমি তেওঁতেই আশা ৰাখিছো;
\p
\v 11 ইয়াতে তোমালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছা। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।
\s পৌলক দিয়া, মিছা অপবাদৰ বিষয়ে তেওঁৰ উত্তৰ
\p
\v 12 এতিয়া আমাৰ গৌৰৱ এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে তোমালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলো।
\v 13 তোমালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা, এনে কোনো কথা আমি তোমালোকলৈ লিখা নাই; এই বিষয়ত মই সুনিশ্চিত।
\v 14 এনেদৰে তোমালোকে আগেয়েও আমাক কিছু পৰিমাণে বুজি পাইছা, আমাৰ প্ৰভু যীচুৰ দিনত যেনেকৈ তোমালোক আমাৰ, তেনেকৈ আমিও তোমালোকৰ গৌৰৱৰ কাৰণ হম।
\p
\v 15 কাৰণ এই বিষয়ে মোৰ দৃঢ় প্ৰত্যয় যে, তোমালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে, মই আগেয়ে তোমালোকৰ তালৈ যাম৷
\v 16 আৰু তোমালোকক দেখা কৰি, পাছত তাৰ পৰাই মাকিদনিয়া দেশলৈ গৈ, পাছত মাকিদনিয়াৰ পৰা তোমালোকৰ ওচৰলৈ উলটি আহি, যিহূদিয়ালৈ যাবৰ বাবে তোমালোকৰ দ্বাৰাই আগবঢ়ায় থোৱা হম।
\p
\v 17 যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলো? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হবলৈ, মই মাংস অনুসাৰে ভাবো নে?
\v 18 কিন্তু ঈশ্বৰ বিশ্বাসী; এই কাৰণে তোমালোকক এবাৰ ‘হয়’, পাছত ‘নহয়’, এই ধৰণে আমি নকওঁ।
\p
\v 19 কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ, চীল আৰু তীমথিয়ৰ \f + \ft পাঁ 18:5 \f* দ্বাৰাই তোমালোকৰ আগত যি জনৰ কথা প্রচাৰ কৰা হৈছিল, সেই জনা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বাবে, ‘হয়’ পাছত ‘নহয়’ এনে নহয়; কিন্তু তেওঁত চিৰকাল ‘হয়’হে হয়।
\v 20 কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত হয়৷ এই কাৰণে, আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হবলৈ, তেওঁৰ দ্বাৰাই ‘আমেন’ বুলিও কওঁ।
\p
\v 21 এতিয়া এই জন ঈশ্বৰে, তোমালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷ \f + \ft যো 2:20, 27 \f*
\v 22 তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে। \f + \ft ইফি 1:13, 14; 4:30 \f*
\p
\v 23 তোমালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছো।
\v 24 আমি যে তোমালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছো, এনে নহয়, কিন্তু তোমালোকৰ আনন্দৰ সহকাৰী হৈছো, কিয়নো তোমালোক বিশ্বাসত স্থিৰ হৈ আছা।
\c 2
\p
\v 1 সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই তোমালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলো৷
\v 2 কিয়নো মই যদি তোমালোকক বেজাৰ দিওঁ, তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব?
\p
\v 3 আৰু এই সকলোবোৰ কথা লিখিলো, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাব লগীয়া নহয়। কিয়নো তোমালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত তোমালোক সকলোৱে আনন্দিত হবা।।
\v 4 বহু কষ্ট, মনো-বেদনা, আৰু চকুৰ পানীৰে তোমালোকলৈ লিখিলো। মই তোমালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছো যে, মই তোমালোকক কিমান প্ৰেম কৰো।
\p
\v 5 কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ তোমালোক সকলোকে দুখ দিলে।
\v 6 এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট।
\v 7 এতেকে তাতকৈ এনে মানুহক তোমালোকে ক্ষমা কৰা আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
\p
\v 8 মই তোমালোকক উৎসাহিত কৰিছো, এনে ব্যক্তিক যে তোমালোকে এতিয়াও প্ৰেম কৰা, ইয়াকে মুকলি ভাবে বুজিব দিয়া৷
\v 9 কিয়নো সকলো বিষয়ত তোমালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলো।
\p
\v 10 যদি তোমালোকে কোনো এজনৰ দোষ ক্ষমা কৰা, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰো৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলো, তেনেহলে যি ক্ষমা কৰিলো, খ্ৰীষ্টৰ সাক্ষাতে তোমালোকৰ কাৰণেই ইয়াক কৰিলো;
\v 11 কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়, কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
\s ঐশ্বৰিক নতুন নিয়মৰ উৎকৃষ্টতা
\p
\v 12 খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
\v 13 মোৰ ভাই তীতক তাত লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালো; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলো।
\p
\v 14 কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হবলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
\v 15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
\v 16 যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
\v 17 কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
\c 3
\p
\v 1 আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছো নে? নাইবা তোমালোকলৈ বা তোমালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?
\v 2 আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ তোমালোকেই হৈ আছে৷ \f + \ft কৰি 9:2 \f*
\v 3 তোমালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল,
\v 4 আৰু ঈশ্বৰৰ প্ৰতি এয়ে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালো।
\v 5 আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷
\v 6 তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ \f + \ft ইফি 3:7 \f* সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনিবোৰে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
\p
\v 7 কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা \f + \ft যা 31:18 \f* আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, \f + \ft যা 34:29, 30 \f* যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল,
\v 8 তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো প্ৰতাপযুক্ত নহব নে?
\p
\v 9 কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক প্ৰতাপযুক্ত হয়!
\v 10 কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে সেই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ’ল।
\v 11 কাৰণ লুপ্ত হৈ যোৱাটো যদি কান্তিযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত।
\s ঈশ্বৰৰ সহ-কাৰ্যকাৰী সকলৰ পৰিচৰ্যা পদ
\p
\v 12 আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ,
\v 13 আৰু ইস্ৰায়েলৰ সন্তান সকলে, সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ললে, আমি তেনেকৈ নকৰো।
\p
\v 14 কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আঁতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
\v 15 কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।
\v 16 কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘূৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।
\p
\v 17 প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা।
\v 18 আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হব লাগিছো।
\c 4
\s তেওঁলোকৰ সৰলতা আৰু সাহস
\p
\v 1 এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
\v 2 কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিত সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্যপাত্ৰ দেখুৱাইছো।
\p
\v 3 কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
\v 4 ঈশ্বৰৰ প্ৰতিমূৰ্তি \f + \ft যো 14:18; কল 1:15; ইব্ৰী 1:3 \f* যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই \f + \ft যো 14:30 \f* সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।
\p
\v 5 কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক তোমালোকৰ দাস \f + \ft কৰি 9:19 \f* বুলি প্রচাৰ কৰো।
\v 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে কলে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
\s তেওঁলোকৰ দূৰ্বলতা আৰু ধৈৰ্য
\p
\v 7 শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
\v 8 আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
\v 9 তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
\v 10 আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছো, \f + \ft গীত 44:22; ৰো 8:34 \f* যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
\p
\v 11 কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হবলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছো।
\v 12 এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে তোমালোকত নিজ কাৰ্য সাধন কৰিছে।
\p
\v 13 কিন্তু যেনেকৈ লিখা আছে, \f + \ft গীত 116:10 \f* বোলে “মই বিশ্বাস কৰিলো, এই হেতুকে কথা কলো”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছো, এই হেতুকে কথা কৈছো৷
\v 14 কাৰণ যি জনে প্ৰভু যীচুক তুলিলে \f + \ft ৰো 8:11 \f* তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
\v 15 কিয়নো এইবোৰ তোমালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পাই ধন্যবাদত উপচি পৰে।
\s স্বৰ্গ-বাসৰ আশা
\p
\v 16 এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
\v 17 আমাৰ এই লঘু আৰু ক্ষন্তেকীয়া দুখ-কষ্ট, আমি লাভ কৰিব লগীয়া অনন্ত গৈৰৱৰ লগত কোনো তুলনাই নহয়।
\v 18 এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোহঁক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।
\c 5
\p
\v 1 কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছো, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
\v 2 কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ।
\v 3 বাস্তৱিকতে তাৰে ঢকা হ’লে, আমি উলঙ্গ হৈ নপৰিম।
\p
\v 4 আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি, ভাৰগ্ৰস্তহৈহে কেঁকাই আছোঁ; কাৰণ আমি বিবস্ত্ৰ হবলৈ ইচ্ছা নকৰো; কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্ত্যক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হবলৈহে ইচ্ছা কৰো।
\v 5 ইয়াৰ বাবে যি জনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ; আৰু তেৱেঁই আমাক বইনা স্বৰূপে পবিত্ৰ আত্মা দিলে।
\p
\v 6 এতেকে সদায় দৃঢ় বিশ্বাসী হোৱা কাৰণে জানিবা যে, এই শৰীৰত নিবাস কৰালৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছো;
\v 7 (কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছো;)
\v 8 এতেকে আমি সাহিয়াল হৈছোৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছো।
\p
\v 9 এই হেতুকে নিবাস কৰো বা প্ৰবাস কৰো, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছো।
\v 10 কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হব লাগিব।
\s প্ৰচাৰক সকলৰ কাৰ্য, পৰীক্ষা আৰু লক্ষ্য
\p
\v 11 এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি জন্মাইছো; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছো আৰু মই আশা কৰো যে, তোমালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছো৷
\v 12 তোমালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছো, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত তোমালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে তোমালোকক উপায় দিছো।
\p
\v 13 কিয়নো আমি যদি হতবুদ্ধি হৈছো, তেনেহলে ঈশ্বৰৰ কাৰণেহে হৈছো।
\v 14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক নিযন্ত্ৰণ কৰিছে; কিয়নো আমি নিশ্চয় কৰিলো যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷
\v 15 আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে।
\p
\v 16 এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।
\v 17 এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চোৱা, নতুন হ’ল।
\p
\v 18 কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়।
\v 19 সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত, জগতখনৰ অপৰাধবোৰ নিলিখি; তেওঁৰে সৈতে মিলন কৰিলে, তেওঁলোকৰ আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
\p
\v 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছো৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰো: “তোমালোকে ঈশ্বৰৰ সৈতে মিলন হোৱা!”
\v 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে। \f + \ft যিচ 53:9; গালা 3:13, 14; 1 পি 2:24 \f*
\c 6
\p
\v 1 আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছো যে, তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহবা৷
\v 2 কিয়নো তেওঁ কৈছে, \f + \ft যিচ 49:8 \f*
\q1 “মই গ্ৰাহ্যকালত তোমাৰ প্ৰাৰ্থনা শুনিলো;
\q1 আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলো।” চোৱা, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷
\v 3 সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও।
\p
\v 4 বৰং, আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্যপাত্ৰ দেখুৱাইছো; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট,
\v 5 কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন,
\v 6 শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, অকপট প্ৰেম অৰ্থাৎ স্নেহ;
\v 7 সত্যৰ বাক্যত, ঈশ্বৰৰ শক্তিত, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে, যোগ্যপাত্ৰ দেখুৱাইছো ৷
\p
\v 8 কোনো কোনোৱে আমাক সন্মান জনায়, কোনো কোনোৱে লাজ দিয়ে, কোনোৱে আমাক লাজৰ কথা কয়, কোনোৱে বেয়া বুলি কয়, আমি প্ৰবঞ্চকৰ নিচিনা, কিন্তু সত্যবাদী;
\v 9 অবিদিতৰ নিচিনা, কিন্তু সুবিদিত; মৰো মৰো হোৱাৰ নিচিনা, কিন্তু চোৱা জীয়াই আছো; শাস্তি পোৱাৰ নিচিনা, কিন্তু হত হোৱা নাই৷
\v 10 শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেকক ধনৱন্ত কৰোতা; একো নথকাৰ নিচিনা, কিন্তু আমাৰ সকলো আছে।
\s কৰিন্থীয়া সকলৰ প্ৰতি পৌলৰ উদগণি
\p
\v 11 কৰিন্থীয়া সকল, আমি তোমালোকৰ বাবে, আমাৰ সকলো সত্যতাৰ বিষয়ে কলো আৰু আমাৰ হৃদয়ো বহল।
\v 12 তোমালোকৰ হৃদয় আমাৰ জীৱনত সঙ্কুচিত হোৱা নাই, কিন্তু নিজ নিজ অন্তৰতহে সঙ্কুচিত হৈ আছে৷
\v 13 কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ, সান্ত্বনাত থকা সকলক কোৱাৰ দৰে কৈছো, তোমালোকৰ হৃদয় বহল ভাৱে মুকলি কৰা।
\p
\v 14 তোমালোক অবিশ্বাসী সকলৰ সৈতে সমান ভাবে যোঁতা নহবা; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা?
\v 15 বেলিয়ালে \f + \ft ধূৰ্ত প্ৰকৃতিৰ লোক বা চয়তান \f* সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক?
\v 16 আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি সম্পৰ্ক আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, \f + \ft লে 26:12 \f*
\q1 “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম;
\q1 মই তেওঁলোকৰ ঈশ্বৰ হম
\q1 আৰু তেওঁলোক মোৰ লোক হ’ব।”
\p
\v 17 এতেকে,
\q1 প্ৰভুৱে কৈছে, \f + \ft যিচ 52:11 \f* “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহাঁ
\q1 আৰু পৃথক হোৱা,
\q1 আৰু কোনো অশুচি বস্তু নুচুবা,
\q1 তাতে মই তোমালোকক গ্ৰহণ কৰিম,
\q1
\v 18 আৰু তোমালোকৰ পিতৃ হম আৰু তোমালোকো মোৰ পো-জী হবা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”।
\c 7
\p
\v 1 এই হেতুকে হে প্ৰিয় ভাই আৰু ভনীসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
\p
\v 2 তোমালোকৰ হৃদয়ত আমাক ঠাই দিয়া! আমি কাৰো অন্যায় কৰা নাই, কাৰো অনিষ্ট কৰা নাই, কাকো ঠগোৱাও নাই।
\v 3 মই তোমালোকৰ দোষ ধৰিবলৈ এই কথা কৈছো, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো তোমালোক আমাৰ হৃদয়ত আছা বুলি আগেয়ে কৈছিলো।
\v 4 তোমালোকলৈ মোৰ আত্মবিশ্বাস অধিক, তোমালোকৰ অৰ্থে মোৰ গৌৰৱও অধিক; এইদৰে আমাৰ সকলো ক্লেশত, মই সান্ত্বনাৰে পূৰ্ণ হৈ আছো আৰু আনন্দত একেবাৰে উপচি পৰিছো।
\p
\v 5 কিয়নো যেতিয়া আমি মাকিদনিয়া দেশলৈ আহিলো, আমাৰ শাৰীৰিক একো জিৰণি নাছিল; বৰং সকলোতে অশান্তিহে পাইছিলো; বাহিৰত বিৰোধ আৰু অন্তৰত ভয় আছিল।
\v 6 কিন্তু নম্ৰ সকলৰ সান্ত্বনাদাতা ঈশ্বৰে তীতৰ আগমনৰ দ্বাৰাই আমাক সান্ত্বনা দিলে;
\v 7 কেৱল তেওঁৰ আগমনৰ দ্বাৰায়েই নহয়, কিন্তু তোমালোকৰ হাবিয়াহ, শোক আৰু আমাৰ কাৰণে তোমালোকৰ উৎসাহৰ কথা কওঁতে, তোমালোকৰ কথাত তেওঁ পোৱা শান্ত্বনাৰেও আমাক এনে সান্ত্বনা দিলে যে, তাৰেই মই অধিক আনন্দ পালো।
\p
\v 8 কিয়নো মোৰ সেই পত্ৰৰ দ্বাৰাই তোমালোক দুঃখিত হলেও মই বেজাৰ নকৰো৷ আগেয়ে যদিওঁবা বেজাৰ কৰিছিলো, এতিয়া দেখিলো যে মোৰ পত্ৰখনে তোমালোকক দুঃখিত কৰিলে, কিন্তু সেই পত্ৰই মাথোন অলপ সময়হে তোমালোকৰ দুখ জন্মাইছিল,
\v 9 এতিয়া আনন্দ কৰিছো; কিয়নো তোমালোক দুঃখিত হোৱাৰ কাৰণে নহয়, কিন্তু দুঃখিত হোৱাৰ দ্বাৰাই যে তোমালোকৰ মন পৰিৱৰ্তিত হ’ল, সেই কাৰণেহে৷ আমাৰ দ্বাৰাই তোমালোকৰ একো হানি নহয়, সেই বাবে তোমালোক ঈশ্বৰৰ ইচ্ছাৰ দৰে দুঃখিত হৈছিলা, সেই বিষয়ে তোমালোকে জানিছিলা।
\v 10 কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মনপালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
\p
\v 11 কিয়নো, ঈশ্বৰৰ মহৎ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই তোমালোকৰ অন্তৰত কেনে যত্ন, কেনে দুখৰ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াহ, কেনে উৎসাহ, কেনে প্ৰতিকাৰ সাধন কৰিলে! সেইবোৰ কথাত তোমালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলা।
\v 12 যদিওঁবা মই তোমালোকলৈ লিখিছিলো \f + \ft কৰি 5:1-5 \f* তথাপি অন্যায় কৰা জনৰ কাৰণে বা অপকাৰ পোৱা জনৰ কাৰণে নহয়, কিন্তু আমাৰ অৰ্থে তোমালোকৰ যি যত্ন, সেয়ে ঈশ্বৰৰ দৃষ্টিত তোমালোকৰ বাবে যেন প্ৰকাশিত হয়, এই কাৰণেহে লিখিছিলো।
\p
\v 13 এতেকে আমি সান্ত্বনা পালো। আৰু আমাৰ সেই সান্ত্বনাৰ ওপৰিও তীতৰ আনন্দত আমি আৰু অধিক আনন্দ পালো; কাৰণ তোমালোক সকলোৰে দ্বাৰাই তেওঁৰ আত্মা সজীৱ কৰা হ’ল।
\v 14 যদিও মই তেওঁৰ আগত তোমালোকৰ অৰ্থে গৌৰৱ কৰিলো, তথাপি মোক লাজত পেলোৱা হোৱা নাই; কিন্তু যেনেকৈ আমি তোমালোকৰ আগত সকলো কথা সঁচাকৈ কলো, তেনেকৈ তীতৰ আগত কৰা আমাৰ সেই গৌৰৱ সঁচাহে হ’ল।
\p
\v 15 আৰু তোমালোকে তেওঁৰ আজ্ঞাধীন হৈ, ভয় আৰু কম্পনেৰে যে তেওঁক গ্ৰহণ কৰিছিলা, সেই কথা তেওঁ সোঁৱৰণ কৰোঁতে, তোমালোকলৈ তেওঁৰ স্নেহ অতি অধিক হ’ল।
\v 16 সকলো বিষয়তে মই যে তোমালোকত ভাৰসা কৰিছো, ইয়াতে মই আনন্দ কৰিছো।
\c 8
\s দানশীলতাৰ উৎকৃষ্ট ফল
\p
\v 1 হে প্ৰিয় ভাই আৰু ভনীসকল, মাকিদনিয়া দেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই তোমালোকক জনাওঁ যে,
\v 2 ক্লেশৰূপ মহা পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
\p
\v 3 কিয়নো মই সাক্ষ্য দিছো যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু
\v 4 নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;
\v 5 আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।
\p
\v 6 সেই বাবে আমি তীতক উৎসাহিত কৰিলো, কিয়নো যেনেকৈ তেওঁ আগেয়ে তোমালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই তোমালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
\v 7 কিন্তু তোমালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলো বিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছা, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰা।
\p
\v 8 এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন লোকৰ প্ৰতি তোমালোক প্ৰেম, আৰু দয়াৰ সত্যতা বিবেচনা কৰিহে কৈছো।
\v 9 কিয়নো তোমালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানা৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই তোমালোক যেন ধনী হোৱা, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
\p
\v 10 এই বিষয়টো তোমালোকৰ পক্ষে উপযুক্ত, সেই কাৰণে মই পৰামৰ্শহে দিছোঁ; কিয়নো তোমালোকে এবছৰৰ আগেয়ে কিবা এটা কাৰ্য কৰিবলৈ বিচাৰিছিলা, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিলা৷
\v 11 এতিয়া সেই কাৰ্য সিদ্ধ কৰা৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিলা, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰা৷
\v 12 কিয়নো কার্য কৰিবলৈ প্ৰস্তুত থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।
\p
\v 13 কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি লব আৰু তোমালোকে কাৰ্যৰ দায়িত্ব লবা, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷
\v 14 এই বৰ্ত্তমান সময়ত তোমালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো তোমালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;
\v 15 যি দৰে লিখাও আছে, \f + \ft যা 16:18৷ \f*
\q1 “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল;
\q1 কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।
\p
\v 16 কিন্তু যি ঈশ্বৰে তোমালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য।
\v 17 কিয়নো তেওঁ আমাৰ উদগণি গ্ৰহণ কৰিলে, কিন্তু তাতকৈয়ো নিজে উৎসাহী হৈ, নিজ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ গল।
\p
\v 18 তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলো৷
\v 19 তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়েই নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হবলৈ মণ্ডলীবোৰৰ দ্বাৰাই পৰিচাৰক ৰূপে মনোনীত হোৱা৷
\p
\v 20 আৰু আমাৰ দ্বাৰাই সাধিত হব লগা এই মহাদানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছো;
\v 21 কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয়, কিন্তু মানুহৰ আগতো \f + \ft ৰো 12:17৷ \f* যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছো।
\p
\v 22 আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালো৷ তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালো আৰু তোমালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলো৷
\v 23 তীতৰ বিষয়ে হলে, তেওঁ মোৰ সহভাগী আৰু তোমালোকৰ প্ৰতি মোৰ পাঁচনি কামৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হলে, তেওঁলোক মণ্ডলীবোৰৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।
\v 24 এতেকে তোমালোকৰ প্ৰেম প্ৰকাশ কৰা আৰু আন মণ্ডলীবোৰৰ মাজত তোমালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলো, সেয়া প্ৰকাশ কৰা৷
\c 9
\p
\v 1 কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই তোমালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
\v 2 মই তোমালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত তোমালোকৰ পক্ষে গৌৰৱ কৰিছিলো৷ মই তেখেতসকলক কৈছিলো যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু তোমালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
\p
\v 3 এতিয়া মই তোমালোকৰ ওচৰলৈ ভাই সকলক পঠালো, যাতে তোমালোকৰ পক্ষে আমাৰ সেই গৌৰৱ ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলো, তোমালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকা৷
\v 4 কাৰণ মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি তোমালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি তোমালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম, মই তোমালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ তোমালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছো৷
\v 5 সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, তোমালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলো; তোমালোকে পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ যি দান, সেই বিষয়ে তেওঁলোকে তোমালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকা, কিন্তু তোমালোকে বাধ্যত পৰি দান কৰিলা, এনে যেন নহয়৷
\p
\v 6 কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব। \f + \ft হিতো 11:24, 25; 19:17; গাল 6:7, 9৷ \f*
\v 7 প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। \f + \ft যা 35:5; 1 ব 29:5, 9, 14৷ \f*
\p
\v 8 ঈশ্বৰে তোমালোকক সকলো বিষয়তে অনুগ্ৰহত যেন বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত, তোমালোক সকলো সৎকৰ্মত যেন উপচি পৰা৷
\v 9 এই বিষয়ে লিখাও আছে, \f + \ft গীত 112:9৷ \f*
\q1 “যি জনে নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে;
\q1 তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷”
\p
\v 10 যি জনে কঠীয়া সিচোঁতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগায়, তেৱেঁই তোমালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
\v 11 এইদৰে তোমালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হবা, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
\p
\v 12 কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, কিন্তু অকল এয়ে নহয়, ইয়াৰ দ্বাৰা ঈশ্বৰক অধিককৈ ধ্যনবাদ জ্ঞীপন কৰা হৈছে।
\v 13 তোমালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; তোমালোকে ঈশ্বৰক মহিমান্বিত কৰিছা, কিয়নো তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও তোমালোকে ভালেমান দান কৰিলা৷
\v 14 তেওঁলোকে তোমালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু তোমালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ তোমালোকৰ ওপৰত আছে৷
\v 15 ঈশ্বৰৰ বৰ্ণনাতীত দানৰ \f + \ft যো 3:16৷ \f* কাৰণে তেওঁৰ ধন্যবাদ হওক।
\c 10
\s পৌলৰ বিপক্ষ সকলৰ প্ৰতি তেওঁৰ উত্তৰ
\p
\v 1 মই পৌল, মই খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছো। কোনো কোনো লোকে কয় যে যেতিয়া মই তোমালোকৰ লগত থাকো তেতিয়া হেনো নম্ৰ কিন্তু তোমালোকৰ পৰা আঁতৰত হেনো সাহসী।
\v 2 কিছুমানে ভাবে যে আমি বৰ মংসিক ভাবে চলো। মই যেতিয়া তালৈ যাম তেতিয়া তেনে ভবা লোকৰ বিৰোধে বৰ কঠুৰ ভাবে সাহসী হোৱাৰ কথা ভাবিছো। কিন্তু মোৰ প্ৰাৰ্থনা এই যে, যেতিয়া মই তোমালোকৰ তালৈ যাও তেতিয়া এই একে সাহসীকতা ব্যৱহাৰ কৰাৰ যেন প্ৰয়োজন নহয়।
\v 3 কিয়নো আমি মাংসত থাকিলেও, মাংস অনুসাৰে যুদ্ধ নকৰো;
\v 4 কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে \f + \ft ইফি 6:11-17; 1 থি 5:8; 1 তী 6:12৷ \f* কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্ৱর্গীয় শক্তিৰ অস্ত্ৰ-শস্ত্ৰ যি অস্ত্ৰ-শ্ত্ৰ দ্বাৰা শত্ৰুৰ শক্তিশালী দূৰ্গও ধ্বংস হয়।
\p
\v 5 আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি চুৰমাৰ কৰি, সকলো ভাৱ আৱব্ধ কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছো;
\v 6 আৰু তোমালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হলে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছো।
\p
\v 7 সন্মুখত যি আছে, সেয়া তোমালোকে স্পষ্ট দৃষ্টিৰে চোৱা৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেওঁ যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেওঁ নিজে পুনৰায় বিবেচনা কৰি জানক।
\v 8 এইয়া অৱশ্ব্যে সচাঁ কথা যে প্ৰভুৱে আমাক দিয়া ক্ষমতাক লৈ কোনো দ্বিধাবোধ নকৰাকৈ গৌৰৱ কৰো। কিন্তু এই ক্ষমতা তেওঁ আমাক দিছে তোমালোকক বলৱান কৰিবলৈ, আঘাত দিবলৈ নহয়। সেয়ে এই দৰে গৈৰৱত আমি লজ্জিত নহও।
\v 9 তোমালোকে নাভবিবা যে মই প্ৰেৰণ কৰা পত্ৰবোৰ দ্বাৰা তোমালোকক ভীত প্ৰদৰ্শন কৰিছো।
\v 10 কিয়নো কিছুমান ব্যক্তিয়ে কয়, “তেখেতৰ পত্ৰবোৰ গুৰুত্ৱপূর্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দূৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য৷”
\p
\v 11 আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছো, উপস্থিত হলে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
\v 12 কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰো; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্ম-দৃষ্টি কৰে৷
\p
\v 13 আমাক কৰিবলৈ দিয়া কামৰ বাহিৰৰ বিষয় সমূহক লৈ আমি গৌৰৱ নকৰে, কিন্তু ঈশ্বৰে আমাক যি কাম কৰিবলৈ দিছে তাৰ ভিতৰতে আমি কৰা গৌৰৱ সীমিত ৰাখিম আৰু তোমালোকৰ কামো ইয়াতে আন্তৰ্ভুক্ত হৈ আছে।
\v 14 আমি অতিমাত্ৰা গৌৰৱ কৰা নাই। আমি অতিমাত্ৰা গৌৰৱ কৰিব পাৰিলোহেঁতেন যদি ইতি মধ্যে আমি তোমালোকৰ মাজলৈ নগলোহেঁতেন। কিন্তু খ্ৰীষ্টৰ শুভবাৰ্ত্তা লৈ আমি ইতিমধ্যে মালোকৰ মাজলৈ গলো।
\v 15 আমাক কৰিবলৈ দিয়া কামৰ ভিতৰতে আমি কৰা গৌৰৱ আমি সীমীত ৰাখিছো। যি কাম আনে ইতিমধ্যে কৰিছে তাক লৈ আমি গৌৰৱ নকৰো। আমি আশাবদী যে তোমালোকে বিশ্বসত বৃদ্ধি পাই থাকিবা আৰু আমাৰো কামো তোমালোকৰ মাজত অধিককৈ বৃদ্ধি পাব বুলি আমি আশাবাদী।
\v 16 তোমালোকৰ নগৰৰ সিপাৰৰ অঞ্চল সমূহতো শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ ইচ্ছা কৰিছো। আনৰ সাক্ষ্যৰ যোগে শুভবাৰ্ত্তা ঘোষণা কৰা অঞ্চলক লৈ আমি গৌৰৱ নকৰো।
\v 17 “কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ প্ৰভুতেই গৌৰৱ কৰক”। \f + \ft যিৰি 9:23, 24; 1 কৰি 1:29-31৷ \f*
\v 18 কিয়নো যি জনে নিজকে নিজে যোগ্যপাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্যপাত্ৰ বুলি জ্ঞান কৰে, তেওঁহে পৰীক্ষাসিদ্ধ।
\c 11
\p
\v 1 মই বিচাৰো যেন তোমালোকে মোৰ যৎকিঞ্চিত অজ্ঞানতা সহন কৰা, প্ৰকৃততে তোমালোকে মোৰ অজ্ঞানতা সহন কৰি আছা।
\v 2 কিয়নো মই তোমালোকক ঐশ্বৰিক ঈর্ষা কৰো; কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যা স্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াহেৰে, তোমালোকক একমাত্ৰ স্বামীলৈ, অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ।
\p
\v 3 কিন্তু মই ভয় কৰো, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল \f + \ft আ 3:1-6৷ \f* তেনেদৰে খ্ৰীষ্টলৈ তোমালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷
\v 4 তোমালোক এনে যি কোনো লোকক লৈ ইমান সহনশীল, যে তোমালোকৰ মাজত আহি এজনা যীচুৰ বিষয়ে কয় যি আমি কোৱা যীচুৰ সম্পূৰ্ণ বেলেগ। আমাৰ পৰা যি আত্মা আৰু শুভবাৰ্ত্তা পালা তাতকৈ সম্পূৰ্ণ বেলেগ আত্মা আৰু শুভবাৰ্ত্তা আৰু তোমালোকে তাকে গ্ৰহন কৰিবলৈ আগ্ৰহী।
\v 5 কিন্তু মই সেই মহান পাঁচনি সকলতকৈ অলপো নিকৃষ্ট নহও।
\v 6 যদিও মই বকৃতা দিয়াত সামান্য হওঁ, মই জ্ঞানত সামান্য নহওঁ; সকলো ধৰণে আৰু সকলো বিষয়তে আমি তোমালোকক সেই বিষয়ে প্ৰকাশ কৰিলো।
\p
\v 7 তোমালোক বৰ হবলৈ, মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা তোমালোকৰ আগত প্ৰচাৰ কৰোঁতে, মই পাপ কৰিলো নে?
\v 8 মই আন মণ্ডলী সমূহৰ ধন গ্ৰহন কৰিলো আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলো, যাতে ইয়াৰ যোগেদি মই তোমালোকৰ পৰিচৰ্যা কৰিব পাৰো৷
\v 9 আৰু তোমালোকৰ লগত থাকোতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই তোমালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলো; \f + \ft পাঁ 18:3; 1 থি 2:9৷ \f* কিয়নো ভাইসকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে তোমালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলো; আৰু মই নিজকে এনেদৰেই ৰাখিম।
\p
\v 10 এই বিষয়ে গৌৰৱ কৰিব পাৰো, কাৰণ খ্ৰীষ্টৰ সত্যতা মোত আছে, আখায়াৰ কোনো লোকে মোক বন্ধ কৰব নোৱাৰে।
\v 11 আৰু কিয়? মই তেমালোকক ভাল নোপোৱাৰ বাবে? ঈশ্বৰে জানে যে মই তোমালোকক ভাল পাওঁ।
\p
\v 12 কিন্তু মই এতিয়া যি কৰি আছো, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে প্ৰৱঞ্চক লোকসকলে যি বিষয়ত গৌৰৱ কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হব পাৰে, আৰু আমি যেন তেওঁলোকৰ সেই প্ৰৱঞ্চনাৰ উপায় খণ্ডন কৰিব পাৰো।
\v 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
\p
\v 14 এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।
\v 15 এতেকে তাৰ দাসসকলেও ধাৰ্মিক দাসসকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ শেষ, তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই হব৷ \f + \ft ফিলি 3:18, 19 \f*
\p
\v 16 মই আকৌ কৈছো, তোমালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিবা; কিন্তু যদিও ভাবা, তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিবা, যাতে মই যৎকিঞ্চিৎ গৌৰৱ কৰিব পাৰো৷
\v 17 মই যি দৰে এই আত্মবিশ্ৱাসী গৌৰৱৰ কথা কৈছো, তেনেদৰে প্ৰভুৱে উদগণি নিদিয়ে, কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছো।
\v 18 কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে সেই বাবে ময়ো গৌৰৱ কৰিম।
\p
\v 19 কিয়নো তোমালোকে জ্ঞানৱন্ত হৈ আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰা।
\v 20 কাৰণ কোনোৱে যদি তোমালোকক দাস কৰে, কোনোৱে যদি তোমালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি তোমাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি তোমালোকক চৰ মাৰে, তথাপি তোমালোকে সহন কৰা।
\v 21 হয়, আমি এক প্ৰকাৰ দূৰ্বলীয়েই আছিলো, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছো। যেতিয়া যি কোনো কথাত যদি কোনো ব্যক্তিয়ে গৌৰৱ কৰে, মই অজ্ঞানতাৰে কৈছো, তেনেহলে মইয়ো গৌৰৱ কৰিম।
\p
\v 22 তেওঁলোক ইব্ৰী লোক নে? ময়ো হওঁ। তেওঁলোক ইস্ৰায়েলীয়া নে? ময়ো হওঁ। তেওঁলোক আব্ৰাহামৰ বংশ নে? ময়ো হওঁ।
\v 23 তেওঁলোক খ্ৰীষ্টৰ দাস নে? (এই দৰে কবলৈ মই হত বুদ্ধি হৈছো), মই তাতোকৈ অধিক; মই পৰিশ্ৰমতো অধিক; মই বাৰবাৰে বন্দীশালত সোমোৱা হৈছে, কঠোৰ ভাবে কোব খাইছো, অনেকবাৰ প্ৰাণৰ সংশয়ৰ সন্মুখীন হৈছো৷
\p
\v 24 অৰ্থাৎ পাঁচ বাৰ যিহূদী সকলৰ হাতেৰে “একোব কম দুকুৰিকৈ” কোব খাইছিলো৷
\v 25 তিনি বাৰ বেতৰ কোব খাইছিলো, এবাৰ শিলৰ দলি খাইছিলো, \f + \ft পাঁ 14:19; 16:22৷ \f* তিনি বাৰ জাহাজ ভগাৰ দুখ পালো, অগাধ জলত এদিন এৰাতি থাকিলোঁ;
\v 26 সঘনে মই যাত্ৰাত আছিলো আৰু বিভিন্ন সংকটত পৰিছিলো; নদীৰ সংকট, ডকাইতৰ সংকট, স্বজাতীয় বিলাকৰ পৰা সংকট, অনা-যিহূদীসকলৰ পৰা হোৱা সঙ্কট, নগৰত থাকি পোৱা সঙ্কট, মৰু-প্ৰান্তত থাকি পোৱা সঙ্কট, সাগৰত থাকি পোৱা সঙ্কট, আৰু ভাঁৰিকোৱা ভাইসকলৰ মাজত থকাৰ সঙ্কটৰ সন্মুখীন হৈছিলো।
\p
\v 27 পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি খটিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলো৷
\v 28 এইবোৰৰ বাহিৰেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰ স্বৰূপ হৈ আছে।
\v 29 কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰ জ্বলা দিয়া নাই?
\p
\v 30 মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম।
\v 31 মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে।
\p
\v 32 দম্মেচকত আৰিতা ৰজাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দম্মেচকীয়া সকলৰ নগৰ পহৰা দিয়াইছিল;
\v 33 কিন্তু খিড়িকিয়েদি পাচিৰে গড়েদি নমাই দিয়াত, তেওঁৰ হাতৰ পৰা সাৰিলো।
\c 12
\s পৌলৰ স্বৰ্গীয় দৰ্শন
\p
\v 1 মই গৌৰৱ কৰিব পাৰো যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা কম।
\v 2 খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শাৰীৰিক ৰূপে নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, - তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
\p
\v 3 আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনাশৰীৰেৰে মই নাজানো, ঈশ্বৰে জানে,
\v 4 তেখেতক পৰমদেশলৈ \f + \ft লূক 23:43; প্ৰ 2:7৷ \f* নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে কব নোপোৱা কথা শুনিবলৈ পাইছিল।
\v 5 তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰো।
\p
\v 6 কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰো, তথাপি মই অজ্ঞান নহম; কিয়নো মই সঁচা কম; আৰু গৌৰৱ কৰাৰ পৰা আতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে; কিন্তু মোক যি দৰে দেখে বা যি দৰে মোৰ কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক৷
\v 7 আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰো সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকুৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
\p
\v 8 সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলো।
\v 9 তাতে তেওঁ মোক কলে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
\p
\v 10 এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
\p
\v 11 মই নির্বোধ হলো! এনে হবলৈ তোমালোকে মোক অবজ্ঞাহে কৰিলা, কিয়নো তোমালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, \f + \ft লূক 17:10; 1 কৰি 3:7; ইফি 3:8৷ \f* ‘অতি মহান পাঁচনি সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
\v 12 তোমালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
\v 13 সেয়ে আন মণ্ডলী সমূহে পোৱা সকলো বিষয় তোমালোকেও পাইছা। কেৱল এটা বিষয়ত পাৰ্থক্য থকিল যে মই তোমালোকৰ নিমিত্তে ভাৰ নহলো। ইয়াৰ বাবে তোমালোকে মোক ক্ষমা কৰিবা।
\s কৰিন্থীয়া সকলকৰ প্ৰতি শেষ নিবেদন
\p
\v 14 চোৱা! তৃতীয় বাৰ মই তোমালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছো আৰু এইবাৰো ভাৰ স্বৰূপ নহম, কিয়নো তোমালোকৰ সম্পত্তি নহয়, তোমালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্তানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
\v 15 সেইদৰে ময়ো তোমালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু নিজেও ব্যয় হম। যদি মই তোমালোকক অধিক প্ৰেম কৰো, তেনেহলে মোক তোমালোকে কমকৈ প্ৰেম কৰিবা নে?
\p
\v 16 কিন্তু যি দৰে মই তোমালোকক ভাৰ দিয়া নাছিলো কিন্তু বুদ্ধিয়ক হৈ বুদ্ধিৰে তোমালোকক ধৰিলো,
\v 17 তেনেদৰে তোমালোকৰ ওচৰলৈ যি সকলক পঠালো, তেওলোকৰ কোনো এজনৰ দ্বাৰা মই তোমালোকক ফুচুলাইছিলো নে?
\v 18 তোমালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি, তেওঁৰ লগত সেই ভাইকো পঠিয়াইছিলো। তাতে তীতে তোমালোকক ফুচুলাইছিল নে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাই নে?
\p
\v 19 আমি নিজকে ইমান সময়ে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছো বুলি তোমালোকে ভাবিছা নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত সকলো কৈছো; আৰু হে প্ৰিয়সকল, তোমালোক ধৰ্মত বৃদ্ধি হবলৈহে এইবোৰ কথা কৈছো।
\p
\v 20 কিয়নো মোৰ ভয় আছে যে, মই তোমালোকৰ ওচৰলৈ যোৱা সময়ত তোমালোক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰো, কিজানি সেই ৰূপত দেখিম আৰু তোমালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰা, মোক সেই ৰূপত দেখা; তাতে কিজানি তোমালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
\v 21 তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে তোমালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মনপালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
\c 13
\p
\v 1 তৃতীয় বাৰলৈ মই তোমালোকৰ ওচৰলৈ আহি আছো। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হব। \f + \ft দ্ৱি বি 19:15৷ \f*
\v 2 আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছো: “যদি আকৌ আহো মই তেওঁলোকক এইবাৰ ৰেহাই নিদি কঠোৰ হম৷”
\p
\v 3 মই তোমালোকক এই কথা কৈছো, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ তোমালোকে বিচাৰি আছা; তেওঁ তোমালোকলৈ দূৰ্বল নহয়, কিন্তু তোমালোকৰ মাজত বলৱান।
\v 4 কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীৱিত আছে। আমিও খ্ৰীষ্টত দুর্বল আছো, কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, খ্ৰীষ্টত আমি তোমালোকৰ মাজত জীৱিত থকা হম।
\p
\v 5 তোমালোক বিশ্বাসত আছা নে নাই, সেই বিষয়ে জানিবলৈ নিজকে পৰীক্ষা কৰি তাৰ প্ৰমাণ চোৱা। যীচু খ্ৰীষ্ট যে তোমালোকৰ অন্তৰত বাস কৰি থাকে, সেই বিষয়ে তোমালোকে অনুভৱ নকৰা নে? যদি নকৰা তেনেহলে তোমালোক অপ্ৰমাণিক লোক।
\v 6 আৰু মই সুনিশ্চিত যে, তোমালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিবা৷
\p
\v 7 এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰো, তোমালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰা৷ মানুহে আমাক পৰীক্ষা সিদ্ধ লোক ৰূপে দেখাটো প্ৰয়োজনীয় কথা নহয় বৰং তেওঁলোকে আমাক পৰীক্ষা সিদ্ধ নোহোৱা লোক ৰূপে দেখিলেও তোমালোকে যেন ন্যায় কাৰ্য কৰা কেইটোহে বৰ প্ৰয়োজনীয় কথা।
\v 8 কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
\p
\v 9 কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু তোমালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰো; আৰু তোমালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰো।
\v 10 এই কাৰণে, তোমালোকক বিনষ্ট কৰিবলৈ নহয়, কিন্তু বিশ্বাসত বলৱন্ত কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোতে, এইবোৰ কথা লিখিছো।
\p
\v 11 শেষতে, হে ভাইসকল, বিদায় মাগিছো, পূৰ্ণ-সিদ্ধি পাবলৈ যত্নপৰ হোৱা, শান্ত্বনাযুক্ত হোৱা, একে মনৰ লোক হোৱা, \f + \ft ৰো 15:5; ইফি 4:2, 3; ফিলি 2:1, 2; 1 পি 3:8৷ \f* মিলেৰে শান্তিত থাকা; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।
\v 12 পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰা।
\p
\v 13 সকলো পবিত্ৰ লোকে তোমালোকক মঙ্গলবাদ কৰিছে।
\p
\v 14 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোকৰ লগত থাকক।