with section titles

This commit is contained in:
Larry Versaw 2023-08-03 11:15:08 -06:00
parent 8c5daa3d13
commit db812bafed
3 changed files with 4434 additions and 0 deletions

1610
41-MAT.usfm Normal file
View File

@ -0,0 +1,1610 @@
\id MAT
\ide UTF-8
\h মথিয়ে লিখা শুভবাৰ্তা
\toc1 মথিয়ে লিখা শুভবাৰ্তা
\toc2 মথিয়ে লিখা শুভবাৰ্তা
\toc3 mat
\mt1 মথিয়ে লিখা শুভবাৰ্তা
\c 1
\s যীচুৰ বংশাৱলী
\p
\v 1 যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক আছিল। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই:
\p
\v 2 অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
\p
\v 3 যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ অৰাম৷
\v 4 অৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
\v 5 চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
\v 6 যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্য্যা।
\p
\v 7 চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচাফ;
\v 8 আচাফৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
\v 9 উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
\v 10 হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
\v 11 যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
\p
\v 12 বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
\v 13 জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
\v 14 আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
\v 15 ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
\v 16 যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
\p
\v 17 এইদৰে অব্ৰাহামৰ পৰা দায়ুদলৈ মুঠ চৈধ্য় পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৈধ্য় পুৰুষ; পুনৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৈধ্য় পুৰুষ।
\s যীচুৰ জন্ম
\p
\v 18 যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱাটো জানিব পাৰিলে।
\v 19 তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
\p
\v 20 কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি কলে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্য্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
\v 21 তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
\p
\v 22 এই সকলো ঘটিছিল যাতে ভাববাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া সিদ্ধ হয়:
\v 23 “চোৱা \f + \ft যিচয়া 7:14; \f* , সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব,
\q1 আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল \f + \ft যিচয়া 8:8, 10 \f* থব;”
\q1 এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ \f + \ft মথি 28:20 \f* ।
\p
\v 24 পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
\p
\v 25 কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু \f + \ft মথি 1:21 \f* থলে।
\c 2
\s জ্যোতিষী পণ্ডিত সকল অহা
\p
\v 1 হেৰোদ যেতিয়া যিহূদিয়াৰ ৰজা আছিল, তেতিয়া যিহূদিয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,
\v 2 “যিহূদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ কত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালো, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছো।”
\p
\v 3 এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।
\v 4 তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, “খ্ৰীষ্ট ক’ত জন্ম গ্রহণ কৰিব?”
\v 5 তেওঁলোকে তেওঁক কলে, “যিহূদিয়া প্রদেশৰ বৈৎলেহম নামৰ ঠাইত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে,
\q1
\v 6 ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম,
\q1 তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে
\q1 নগণ্য নোহোৱা।
\q1 কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা
\q1 ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’” \f + \ft মীখা 5:2 \f*
\p
\v 7 তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা দেখা দিয়াটো সঠিকৰূপে কিমান দিন হৈছে, সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে।
\v 8 তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ পঠিয়াই দি কলে, “তোমালোক যোৱা আৰু সেই শিশুটিৰ বিষয়ে ভালদৰে বিচাৰ লোৱা; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।”
\v 9 ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ শিশুটি থকা ঠাই পালে, আৰু সেই ঠাইৰ ওপৰত ৰৈ থাকিল।
\v 10 তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত অতি আত্মহাৰা হ’ল।
\v 11 তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।
\v 12 পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধান বাণী পোৱাত, তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উভটি গল।
\s বৈৎলেহমৰ পুত্র সন্তান সকলক বধ কৰা
\p
\v 13 তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভাৱ হৈ যোচেফক কলে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
\v 14 সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গল,
\v 15 আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” \f + \ft হোচেয়া 11:1 \f* এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।
\p
\v 16 তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধাম্বিত হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দিলে।
\v 17 তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া সিদ্ধ হ’ল: \f + \ft যিৰিমিয়া 31:15 \f*
\q1
\v 18 “ৰামাত এটা মাত শুনা গল,
\q1 বিলাপৰ ৰোল আৰু মহা-শোক,
\q1 ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু
\q1 তেওঁ শান্তনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই।”
\s মিচৰৰ পৰা যোচেফ আৰু মৰিয়মৰ প্রত্যাৱর্তন
\p
\v 19 পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভাৱ হৈ যোচেফক কলে,
\v 20 “উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
\v 21 তেতিয়া যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।
\v 22 কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহূদিয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে সপোনত সাৱধানত কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
\v 23 আৰু তাত নাচৰত নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হব, এই যি বচন ভাববাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।
\c 3
\s যোহন বাপ্তাইজকৰ প্ৰচাৰ কার্য
\p
\v 1 সেই কালত যোহন বাপ্তাইজক \f + \ft যো. 1:6, 7 \f* আহি, যিহূদিয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
\v 2 তেওঁ কলে, “মনপালটন কৰা। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
\p
\v 3 এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল,
\q1 “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷
\q1 তেওঁৰ বাট পোন কৰা।” \f + \ft যিচয়া 40:3 \f*
\p
\v 4 যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
\v 5 সেই সময়ত যিৰূচালেম, সমগ্র যিহূদিয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে।
\v 6 লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
\p
\v 7 যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী \f + \ft ফৰীচী: যিহূদী সকলৰ এক গোড়া ধর্মীয় সম্প্রদায়, যি সকলে নিজকে পুৰণি যিহূদী ধর্ম, মোচিৰ বিধান আৰু ৰীতি-নীতি কঠোৰভাৱে পালনকাৰী হিচাপে দাবী কৰে। এওঁলোক সমাজত অত্যন্ত পূজনীয় আৰু ধর্মীয় শিক্ষা দিছিল। \f* আৰু চদ্দূকী সকল \f + \ft চদ্দূকী: যিহূদী ধর্মালম্বী সকলৰ এক বিশেষ সম্প্রদায়, যি সকলে পুৰণি ধর্ম নিয়মৰ কেৱল প্রথম পাচঁটা পুস্তকক স্বীকৃতি দিয়ে আৰু মৃত্যুৰ পাছত পুণৰুত্থান বিশ্বাস নকৰে। \f* বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক কলে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে তোমালোকক কোনে চেতনা দিলে?
\v 8 মনপালটনৰ উপযুক্ত ফল \f + \ft পাঁ 26:20 \f* ধৰি ফলৱান হোৱা।
\v 9 তোমালোকে নিজৰ মনতে আমাৰ পুৰ্ব্ব পুৰুষ অব্ৰাহাম আছে বুলি চিন্তাও নকৰিবা; কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
\v 10 গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
\p
\v 11 তোমালোকে মনপালটন কৰা বাবে মই \f + \ft যো. 1:26, পাঁ. 1:5 \f* তোমালোকক পানীত বাপ্তিস্ম দিছো, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ তোমালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব।
\v 12 তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, কেতিয়াও নুনুমুৱা জুইত পুৰি পেলাব।
\s যীচুৰ বাপ্তিস্ম
\p
\v 13 সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল।
\v 14 কিন্তু যোহনে তেওঁক বাধা দি কলে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজিত হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
\v 15 কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে সিদ্ধ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
\p
\v 16 যীচুৱে বাপ্তিস্ম লৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
\v 17 তেতিয়া এই আকাশবাণী হল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”
\c 4
\s যীচুৰ পৰীক্ষা
\p
\v 1 তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গল।
\v 2 তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল।
\v 3 তেতিয়া পৰীক্ষকে ওচৰলৈ আহি তেওঁক কলে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”
\v 4 তাতে তেওঁ উত্তৰ দি কলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।” \f + \ft দ্বি বি 8:3 \f*
\p
\v 5 তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গল;
\v 6 আৰু যীচুক কলে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে,
\q1 তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু
\q1 তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়,
\q1 এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।” \f + \ft গীত 91:11-12 \f*
\p
\v 7 যীচুৱে তাক কলে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।” \f + \ft দ্বি বি 6:16 \f*
\p
\v 8 তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
\v 9 চয়তানে তেওঁক কলে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”
\v 10 তেতিয়া যীচুৱে তাক কলে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”
\v 11 তেতিয়া চয়তানে তেওঁক এৰি গুচি গল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
\s প্রভু যীচুৱে প্ৰকাশকৈ কাৰ্য আৰম্ভ কৰা
\p
\v 12 যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গল।
\v 13 তেওঁ নাচৰৎ এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
\p
\v 14 যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক সিদ্ধ কৰিবলৈ এই সকলো ঘটিল:
\q1
\v 15 “জবূলূন দেশ আৰু নপ্তালী দেশ,
\q1 সাগৰৰ তীৰত, যৰ্দ্দনৰ সিপাৰত
\q1 অনা-যিহূদী সকলৰ গালীল!
\q1
\v 16 যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল
\q1 তেওঁলোকে মহাজ্যোতি দেখিবলৈ পালে।
\q1 যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল
\q1 তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।” \f + \ft যিচয়া 9:1-2 \f*
\s যীচুৰ শিষ্য নির্বাচন
\p
\v 17 সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মনপালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।”
\p
\v 18 পাছত যীচুৱে গালীল সাগৰৰ পাৰত ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল।
\v 19 যীচুৱে তেওঁলোকক কলে, “মোক অনুসৰণ কৰি আহাঁ, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
\v 20 তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গল।
\p
\v 21 তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাওত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
\v 22 তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গল।
\s গালীলত যীচুৰ পৰিচর্যা
\p
\v 23 যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নামঘৰ বোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; আৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।
\v 24 সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\v 25 তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহূদিয়াৰ লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
\c 5
\s পৰ্বতত দিয়া যীচুৰ উপদেশ
\p
\v 1 তেতিয়া যীচুৱে বহু লোকৰ সমাগম দেখা পাই পাহাৰৰ ওপৰলৈ উঠি গল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁৰ ওচৰলৈ আহিল।
\v 2 তেওঁ মাত লগাই তেওঁলোকক এই বুলি উপদেশ দিবলৈ ধৰিলে,
\q1
\v 3 আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য
\q2 তেওঁলোকৰ।
\q1
\v 4 শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে
\q2 শান্তনা পাব।
\q1
\v 5 নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশখন
\q2 অধিকাৰ কৰিব।
\q1
\v 6 ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল
\q2 ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।
\q1
\v 7 দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে
\q2 দয়া পাব।
\q1
\v 8 নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
\q1
\v 9 মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
\q1
\v 10 ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
\p
\v 11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কুকথা কব, তেতিয়া তোমালোক ধন্য।
\v 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
\s শিষ্য সকল লোণ আৰু পোহৰ সদৃশ
\p
\v 13 তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুনৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হব।
\v 14 তোমালোক \f + \ft ইফি. 5:8, ফিল. 2:15, যো. 8:12 \f* জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হব নোৱাৰে।
\v 15 মানু্হে চাকি লগাই দোণেৰে \f + \ft দোণ: বাহেৰে বনোৱা সৰু পাচি, ধান জোখাত ব্যৱহাৰ হৈছিল। \f* ঢাকি নথয়, \f + \ft মাৰ্ক 4:21, লূক. 8:16; 11:33 \f* কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।
\v 16 এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
\s পুৰণি নিয়ম সম্পর্কে যীচুৰ শিক্ষা
\p
\v 17 মই বিধানবা \f + \ft মথি 7:12 \f* ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছো বুলি নাভাবিবা, কিন্তু সিদ্ধ \f + \ft ৰো. 10:4, 13:8 \f* কৰিবলৈহে আহিলো।
\v 18 কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
\p
\v 19 এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হব।
\v 20 কিয়নো মই তোমালোকক কওঁ, তোমালোকৰ ধাৰ্মিকতা, ধর্মীয় অধ্যাপক আৰু ফৰীচী সকলতকৈ অধিক নহলে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত প্রৱেশ কৰিব নোৱাৰিবা।
\s ক্রোধৰ সম্পর্কে যীচুৰ শিক্ষা
\p
\v 21 তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ বধ নকৰিবা \f + \ft তুমি নকৰিবা। যাত্রা 20:13, দ্বি. বি. 5:17 \f* আৰু যি কোনোৱে নৰ বধ কৰে, সি সোধ বিচাৰত দণ্ডৰ পাত্ৰ হব।
\v 22 কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ \f + \ft ভায়েক: কেৱল নিজৰ ভায়েকেই নহয় চুবুৰীয়া, সহ-বিশ্বাসী বা আনকোনো ব্যক্তিও হবপাৰে। \f* ওপৰত খং কৰে, তেওঁ সোধ বিচাৰত দণ্ডৰ পাত্ৰ হব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এই বুলি কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি মুৰ্খ’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হব।
\p
\v 23 এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
\v 24 তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুনৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
\p
\v 25 তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
\v 26 মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিব লগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
\s ব্যভিচাৰৰ বিষয়ে শিক্ষা
\p
\v 27 “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
\v 28 কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
\v 29 যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল।
\v 30 যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।”
\s বিবাহ বিচ্ছেদৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 31 এইদৰেও কোৱা হৈছিল, ‘যদি কোনোৱে নিজৰ ভার্য্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্য্যাক ত্যাগপত্ৰ দিয়ক।’
\v 32 কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষৰ বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্য্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰায় তেৱোঁ ব্যভিচাৰ কৰে।
\s শপতৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 33 তোমালোকে ইয়াকো শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
\v 34 কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
\v 35 আৰু পৃথিৱীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰিৰ পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
\v 36 এনে কি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
\v 37 কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
\s প্রতিশোধ লোৱা বিষয়ত শিক্ষা
\p
\v 38 তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
\v 39 কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
\v 40 কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা লব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
\v 41 যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
\v 42 যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
\s শত্রুক প্রেম কৰাৰ বিষয়ে শিক্ষা
\p
\v 43 তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
\v 44 কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
\v 45 তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য্য উদয় হবলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
\v 46 কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
\v 47 তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক কি কৰিলা? অনা-যিহূদী সকলেও জানো তাকে নকৰে?
\v 48 এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।
\c 6
\s দান দিয়াৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 1 সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
\v 2 এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নামঘৰে, নামঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
\v 3 কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
\v 4 কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
\s প্রার্থনাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 5 তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নামঘৰে, নামঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
\v 6 কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
\p
\v 7 প্ৰাৰ্থনা কৰা সময়ত অনা-যিহূদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুনৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাবে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
\v 8 এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
\v 9 এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা;
\q1 ‘হে আমাৰ স্বৰ্গত থকা পিতৃ,
\q1 তোমাৰ নাম পূজনীয় হওক;
\q1
\v 10 তোমাৰ ৰাজ্য হওক;
\q1 যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
\q1
\v 11 আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
\q1
\v 12 আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
\q1
\v 13 আমাক পৰীক্ষালৈ নিনিবা,
\q1 কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’ \f + \ft কিছুমান পুৰণি অনুলিপিত পোৱা যায়, “কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম সদা সৰ্ব্বদয় তোমাৰেই হওক৷ আমেন৷” \f*
\p
\v 14 কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
\v 15 কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
\s লঘোনৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 16 যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
\v 17 কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই লবা;
\v 18 যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।
\s সাংসাৰিক আৰু পৰমাৰ্থিক চিন্তা
\p
\v 19 যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;
\v 20 কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
\v 21 কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হব।
\p
\v 22 চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হব;
\v 23 কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব!
\v 24 কোনেও দুজন গৰাকীৰ ওচৰত খাটিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
\p
\v 25 এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’ এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’ এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
\v 26 আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
\v 27 আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
\v 28 বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি \f + \ft লিলি: আগৰ অনুবাদত কনাৰি বুলি আছিলে \f* ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;
\v 29 তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।
\v 30 এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
\v 31 এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।
\v 32 কিয়নো অনা-যিহূদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।
\v 33 কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হব।
\p
\v 34 এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
\c 7
\s লোকৰ বিচাৰ কৰাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 1 তোমালোকে অন্য লোকৰ সোধবিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহব।
\v 2 কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধবিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হব।
\v 3 তুমি নিজৰ চকুত থকা চতি ডালিলৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
\v 4 তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহাঁ, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা?
\v 5 হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডালি উলিয়াবলৈ ভালকৈ দেখিবা।
\p
\v 6 কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
\s প্ৰাৰ্থনাৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 7 খোজা, তেতিয়াহে তোমালোকক দিয়া হব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব।
\v 8 কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
\v 9 তোমালোকৰ মাজত এনে কোনো মানুহ আছে যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব?
\v 10 নাইবা মাছ খুজিলে সাপ দিব?
\v 11 তোমালোক দুৰ্জ্জন হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোকসকলক জানো তেওঁ অধিক ভাল বস্তু নিদিব?
\p
\v 12 এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।
\s স্বৰ্গীয় পথৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 13 ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল; তাৰ মাজেদি সোমোৱা লোকো অনেক।
\v 14 কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
\s আনৰ কার্য লক্ষ্য কৰা
\p
\v 15 ভুৱা ভাববাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেষৰ বেশ ধৰি আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
\v 16 সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে?
\v 17 ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে।
\v 18 ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।
\v 19 যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।
\v 20 এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
\v 21 যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
\v 22 সেইদিনা বহুলোকে মোক কব, ‘হে প্ৰভু, হে প্ৰভু’ আমি তোমাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? তোমাৰ নামেৰে ভূত খেদোৱা নাই নে? তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
\v 23 তেতিয়া মই সিহঁতক স্পষ্টকৈ কম, “মই তহঁতক কেতিয়াও চিনি নাপাও, হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ।”
\s দুই ধৰণৰ লোকৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 24 সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা, যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
\v 25 পাছত বৰষুণ আৰু ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
\v 26 পুনৰ ক’ও যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।
\v 27 পাছত বৰষুণ আৰু ধলও আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰটোত খুন্দা লাগিল; তাতে সেই ঘৰটো ভাঙি সম্পূর্ণকৈ ধ্বংস হ’ল।
\p
\v 28 যীচুৱে যেতিয়া কথা কৈ শেষ কৰিলে, তেতিয়া লোক সকলে তেওঁৰ শিক্ষাত বিস্ময় মানিলে;
\v 29 কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন ক্ষমতাশালী লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।
\c 8
\s যীচুৱে এজন কুষ্ঠ ৰোগীক সুস্থ কৰা
\p
\v 1 যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
\v 2 সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক কলে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
\v 3 যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই কলে, “মই ইচ্ছা কৰিছো; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গল।
\v 4 তেতিয়া যীচুৱে মানুহ জনক কলে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ গুৰিলৈ গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হলা।’
\s যীচুৱে এশৰ সেনাপতিৰ দাসক সুস্থ কৰা
\p
\v 5 ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি কলে,
\v 6 “হে প্ৰভু, মোৰ এজন দাস বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
\v 7 যীচুৱে তেওঁক কলে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
\v 8 সেই সেনাপতিয়ে উত্তৰ দিলে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হব।
\v 9 মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি আহে আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
\v 10 যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ কলে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, ইস্ৰায়েলৰ মাজতো ইমান বিশ্বাস মই কাৰো দেখা নাই।
\p
\v 11 মই তোমালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক লোক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
\v 12 কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
\v 13 তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক কলে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেই দৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
\s পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰা
\p
\v 14 পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
\v 15 যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
\v 16 সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদিলে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
\v 17 ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন সিদ্ধ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ললে আৰু আমাৰ ৰোগৰ ভাৰ বলে।” \f + \ft যিচয়া 53:4 \f*
\p
\v 18 যীচুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি শিষ্য সকলক গালীল সাগৰৰ সিপাৰলৈ যাবৰ বাবে আজ্ঞা দিলে।
\v 19 সেই সময়ত বিধানৰ অধ্যাপক এজনে যীচুৰ ওচৰলৈ আহি কলে, “হে গুৰু, আপুনি যলৈকে যায়, ময়ো আপোনাৰ পাছে পাছে তালৈ যাম।”
\v 20 যীচুৱে তেওঁক কলে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”
\v 21 শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক কলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।”
\v 22 যীচুৱে তেওঁক কলে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহাঁ।”
\s ধুমুহা বতাহ শান্ত কৰা
\p
\v 23 তাৰ পাছত যীচু নাওত উঠিল আৰু তেওঁৰ শিষ্য সকলেও তেওঁক অনুসৰণ কৰিলে।
\v 24 হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল।
\v 25 শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই কলে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰোহে।”
\v 26 তেতিয়া যীচুৱে তেওঁলোকক কলে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ শান্ত হ’ল।
\v 27 ইয়াকে দেখি লোক সকলে বিস্ময় মানিলে আৰু কলে, “এওঁ কেনে ধৰণৰ মানুহ যে বতাহ আৰু সাগৰেও এওঁৰ কথা মানে।”
\s দুজন মানুহৰ পৰা ভূত খেদোৱা
\p
\v 28 যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল।
\v 29 সিহঁতে চিঞঁৰি কলে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
\p
\v 30 সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল।
\v 31 ভূতবোৰে যীচুক কাকুতি কৰি কলে, আপুনি যদি আমাক খেদিবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক।
\v 32 তেওঁ সিহঁতক কলে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গল আৰু সাগৰৰ পানীত ডুবি মৰিল।
\v 33 তেতিয়া গাহৰি চৰোৱা ৰখীয়াবোৰে দৌৰি গৈ নগৰত থকা মানুহবোৰক সকলোবোৰ কথা জনালে; বিশেষকৈ ভূতে পোৱা লোক দুজনৰ বিষয়েও সম্বাদ দিলে।
\v 34 তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি কলে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।
\c 9
\s এজন পক্ষাঘাত ৰোগীক যীচুৱে সুস্থ কৰা
\p
\v 1 পাছত যীচুৱে নাওত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
\v 2 এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত \f + \ft পুৰণি বাইবেলত ‘জঠৰ ৰোগ’ বুলি উল্লেখ আছে৷ ইংৰাজীত: Paralyse। \f* ৰোগত আক্রান্ত ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ বিশ্বাস দেখি যীচুৱে ৰোগীজনক কলে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
\v 3 তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
\v 4 যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই কলে, ‘তোমালোকে মনে মনে বেয়া চিন্তা কৰিছা কিয়?
\v 5 কোনটো কোৱা সহজ ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
\v 6 কিন্তু তোমালোকে যেন জানিব পাৰা যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক কলে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
\v 7 তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গল।
\v 8 ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
\s মথিক আহ্বান কৰা
\p
\v 9 যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক কলে, “মোৰ পাছত আহাঁ।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গল।
\v 10 ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ \f + \ft কৰ সংগ্রহকাৰী: যিহূদী সকলৰ পৰা কৰ তুলিবলৈ নিযুক্ত ৰোমৰ চৰকাৰী কর্মচাৰী। ৰোমীয় (অন-যিহুদী) সকলৰ তলত কাম কৰাৰ কাৰনে, যিহূদী সকলে তেওঁলোকক বিশ্বাসঘাতক আৰু পাপী বুলি ঘৃণা কৰিছিল। \f* সংগ্রহকাৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
\v 11 ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকাৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
\v 12 এই কথা শুনি যীচুৱে কলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
\v 13 “মই বলিদান নোখোজো, দয়াহে বিচাৰো,” \f + \ft হোচেয়া 6:6 \f* শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাঁগৈ। কিয়নো মই ধাৰ্মিক লোকক মন পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে আহিছো।”
\s লঘোনৰ বিষয়ে শিক্ষা
\p
\v 14 তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি কলে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
\v 15 তেতিয়া যীচুৱে তেওঁলোকক কলে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
\p
\v 16 “কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
\p
\v 17 এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰস \f + \ft দ্রাক্ষাৰস - আঙুৰৰ ৰস \f* চামৰাৰ পুৰণি মোটত \f + \ft মোট - পনীয়া দ্রব্য সংৰক্ষণৰ বাবে পশুৰ ছালেৰে বনোৱা মোনা। \f* নথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰসো বৈ ঢুকাই যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
\s এগৰাকী অসুস্থ মহিলাৰ আৰোগ্য লাভ আৰু যায়ীৰৰ জীয়েকৰ জীৱন দান
\p
\v 18 যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি কলে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জী উঠিব।”
\v 19 তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গল।
\p
\v 20 সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
\v 21 তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰো, তেনেহলেও মই ভাল হৈ যাম।”
\v 22 যীচুৱে মুখ ঘূৰাই তেওঁক দেখি কলে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
\p
\v 23 তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
\v 24 যীচুৱে কলে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
\v 25 পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
\v 26 পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
\s দুজন অন্ধ আৰু এজন বোবাক সুস্থ কৰা
\p
\v 27 যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গল। তেওঁলোকে চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
\v 28 পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কাম কৰিব পাৰো বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক কলে, “হয় প্ৰভু, কৰো।”
\v 29 তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই কলে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
\v 30 সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰ ভাৱে সাৱধান কৰি দি কলে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
\v 31 কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
\p
\v 32 সেই দুজন মানুহ যেতিয়া ওলাই গল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
\v 33 যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ কলে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
\v 34 কিন্তু ফৰীচী সকলে কলে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
\s বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা
\p
\v 35 যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ যিহূদী সকলৰ নামঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
\v 36 তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেষৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
\v 37 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
\v 38 এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
\c 10
\s যীচুৱে প্রচাৰৰ বাবে পাঁচনি সকলক পঠোৱা
\p
\v 1 যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।
\v 2 সেই বাৰ জন পাঁচনিৰ নাম এই, প্ৰথম চিমোন, যি জনক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহন,
\v 3 ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়,
\v 4 জাতীয়তাবাদী \f + \ft জাতীয়তাবাদী- ৰোমান শাসনৰ পৰা যিহূদী সকলক মুক্ত কৰিবলৈ বিচৰা এক দল। \f* চিমোন আৰু যীচুক যি জনে শত্রুৰ হাতত শোধাই দিছিল, সেই ঈষ্কৰিয়োতীয়া যিহূদা।
\p
\v 5 এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-যিহূদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
\v 6 কিন্তু ইস্ৰায়েল জাতিৰ হেৰোৱা মেষবোৰৰ ওচৰলৈ যোৱা।
\v 7 বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’
\v 8 অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
\v 9 তোমালোকৰ কটিবন্ধত \f + \ft ককালৰ টঙালি \f* তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা।
\v 10 বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।
\p
\v 11 তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি লবা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা।
\v 12 যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা।
\v 13 সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
\v 14 যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা।
\v 15 মই তোমালোকক সঁচাকৈ কওঁ, মহাবিচাৰৰ দিনা সেই নগৰৰ দশাত কৈ চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হব।”
\s শিষ্য সকললৈ যীচুৰ সতর্ক বাণী
\p
\v 16 শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেষ \f + \ft মেষ: ইৰজীত Sheep, অসমীয়ত মেষ \f* পোৱালিৰ \f + \ft মেষ পোৱালি ৰূপে প্ৰভুৱে নিজৰ শিষ্য সকলক কৈছে৷ \f* নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।
\v 17 সাৱধানে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নামঘৰবোৰত তোমালোকক কোবাব।
\v 18 মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হব, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-যিহূদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
\v 19 লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা কব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা কব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হব।
\v 20 কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে \f + \ft যো. 15:26, তৃত্বক ঈশ্বৰৰ এটা ৰূপ, যেনেকৈ: পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ সেই দৰে পবত্ৰ আত্মাও ঈশ্বৰ এই তিনিও এক, একেই তিনিজন। এয়ে আমাৰ বিশ্বাস। \f* তোমালোকৰ ভিতৰৰ পৰা কব। \f + \ft লূক 12:12, পাঁ. 4:8, 6:10, \f*
\v 21 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
\v 22 মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা; কিন্তু যি জনে শেষলৈকে সহি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
\v 23 যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছো, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
\v 24 শিষ্য কেতিয়াও গুৰুতকৈ ওপৰত নহয়, দাসো প্ৰভুতকৈ ওপৰত নহয়।
\v 25 শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!
\p
\v 26 গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো লুকুৱাই ৰখা সকলো বিষয়েই প্রকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়েই জনোৱা হব।
\v 27 মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা আৰু তোমালোকে কাণেৰে যি শুনিছা, সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা।
\v 28 যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
\v 29 দুটা ঘৰ চিৰিকা এপইচাত নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে।
\v 30 তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে।
\v 31 এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া।
\v 32 এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;
\v 33 কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।
\p
\v 34 মই পৃথিৱীত শান্তি দিবলৈ আহিলো বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলো।
\v 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলো;
\v 36 নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হব।
\v 37 যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়।
\v 38 যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেওঁও মোৰ উপযুক্ত নহয়।
\v 39 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।
\p
\v 40 যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।
\v 41 এজন ভাববাদীক যদি কোনোৱে ভাববাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব।
\v 42 যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
\c 11
\p
\v 1 যীচুৱে এইদৰে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গল।
\s যোহন বাপ্তাইজকৰ প্ৰশ্ন; যীচুৰ উত্তৰ
\p
\v 2 যোহনে \f + \ft এওঁ বাপ্তিস্ম দিওঁতা যোহন। \f* বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
\v 3 তেওঁলোকে আহি সুধিলে, “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
\v 4 উত্তৰত যীচুৱে তেওঁলোকক কলে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
\v 5 অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুনৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
\v 6 ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
\p
\v 7 যোহনৰ শিষ্য সকল যেতিয়া উলটি গল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “তোমালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল, বতাহে লৰোৱা নল-খাগৰি?
\v 8 তেনেহলে কি চাবলৈ ওলাই গৈছিলা, মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
\v 9 তেনেহলে কি চাবলৈ ওলাই গৈছিলা, এজন ভাববাদীক নে? হয়, মই তোমালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
\v 10 এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে,
\q1 ‘চোৱা, মই তোমাৰ আগত
\q1 মোৰ বার্তাবাহকক পঠাম,
\q1 তেওঁ তোমাৰ আগত
\q1 তোমাৰ পথ প্রস্তুত কৰিব।’
\p
\v 11 মই তোমালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
\v 12 যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য পৰাক্ৰমেৰে আগ বাঢ়ি গৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
\v 13 যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
\v 14 তোমালোকে যদি এই কথা গ্ৰহণ কৰিব খোজা, তেনেহলে আহিব লগা যি এলিয়া \f + \ft এলিয়া - মলাখী 4:5, 6 \f* , এই যোহনেই সেই জন।
\v 15 যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
\p
\v 16 এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
\v 17 ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
\v 18 যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
\v 19 মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু প্ৰজ্ঞা যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
\s অবিশ্বাসী সকলৰ উদ্দেশ্যে যীচুৰ সতর্ক বাণী
\p
\v 20 যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন পালটন নকৰিলে।
\v 21 “হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলো হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মনপালটন কৰিলেহেঁতেন।
\v 22 কিন্তু মই তোমালোকক কওঁ, সোধ বিচাৰৰ দিনা তোমালোকতকৈ তুৰ আৰু চীদোনৰদশা \f + \ft তুৰ আৰু চীদোন - লেবাননৰ দুখন চহৰ, য’ত দুষ্ট লোক সকল বাস কৰিছিল। \f* সহিব পৰা হব।
\v 23 তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে পঠোৱা হব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেঁতেন।
\v 24 কিন্তু মই তোমালোকক কওঁ, সোধ বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবলৈ অধিক সহজ হব।”
\s যীচুৰ প্ৰাৰ্থনা; পৰিশ্ৰান্ত সকলক নিমন্ত্ৰণ কৰা
\p
\v 25 সেই সময়ত যীচুৱে মাত লগাই কলে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰো, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
\v 26 হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
\v 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
\v 28 হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম।
\v 29 মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
\v 30 কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
\c 12
\s বিশ্ৰামবাৰৰ বিষয়ে শিক্ষা
\p
\v 1 এদিন বিশ্ৰামবাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাইছিল।
\v 2 ইয়াকে দেখি ফৰীচী সকলে তেওঁক কলে, “চাওক, বিধানৰ মতে বিশ্ৰামবাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
\v 3 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো তোমালোকে পঢ়া নাই?
\v 4 কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধানৰ মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।
\v 5 তাৰোপৰি তোমালোকে মোচিৰ বিধান শাস্ত্ৰত পঢ়া নাই নে, বিশ্রামবাৰে যে পুৰোহিত সকলে মন্দিৰত কাম কৰি বিশ্ৰামবাৰৰ নিয়ম উলঙ্ঘন কৰিলেও নিৰ্দোষী হয়?
\v 6 কিন্তু মই তোমালোকক কওঁ, মন্দিৰতকৈয়ো মহান এজন ইয়াত আছে।
\v 7 ‘মই বলিদান নোখোজো, দয়াহে খোজো’ \f + \ft হোচেয়া 6:6 \f* শাস্ত্রৰ এই কথাৰ অৰ্থ তোমালোকে জনা হলে, নিৰ্দ্দোষী সকলক দোষী নকৰিলাহেঁতেন।
\v 8 কিয়নো মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ অধিপতি।”
\s যীচুৱে এজন পঙ্গুক সুস্থ কৰা
\p
\v 9 তাৰ পাছত যীচু সেই ঠাইৰ পৰা গল আৰু তেওঁলোকৰ নামঘৰত সোমাল।
\v 10 সেই সময়ত তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক দোষাৰোপ কৰাৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে?”
\v 11 তাতে তেওঁ তেওঁলোকক কলে, “তোমালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা মেষ \f + \ft Sheepৰ অসমীয়া মেষ, ‘মেৰ’ ভুল অনুবাদ \f* থাকে আৰু সেই মেষটো যদি বিশ্ৰামবাৰে গাতত পৰে, তেনেহলে তাক ধৰি তুলি আনিবলৈ নোযোৱা কোনোবা আছে নে?
\v 12 তেনেহলে মেষতকৈ মানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰামবাৰে ভাল কৰ্ম কৰা বিধানযুক্ত।”
\v 13 তাৰ পাছত যীচুৱে সেই মানুহ জনক কলে, “তোমাৰ হাত খন মেলি দিয়া।” তাতে মানুহ জনে নিজৰ হাত খন মেলি দিয়াত, সেই হাত খন সম্পূর্ণ সুস্থ হৈ আন খন হাতৰ নিচিনা হ’ল।
\v 14 তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
\s যীচু ঈশ্বৰৰ মনোনীত দাস
\p
\v 15 যীচুৱে সেই বিষয়ে বুজি পোৱাত, তেওঁ তাৰ পৰা আঁতৰি গল৷ তেতিয়া বহু মানুহ তেওঁৰ পাছে পাছে গল আৰু সেই লোকসকলক তেওঁ সুস্থ কৰিলে।
\v 16 যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগত কৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।
\v 17 এইদৰে যিচয়া ভাববাদীৰ যোগেদি কোৱা এই কথা সিদ্ধ হ’ল; \f + \ft যিচয়া 42:1-4 \f* বোলে:
\q1
\v 18 “চোৱা, তেওঁ মোৰ সেৱক,
\q1 তেওঁক মই মনোনীত কৰিলো।
\q1 তেৱেঁই মোৰ প্ৰিয়জন,
\q1 মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়।
\q1 মই তেওঁৰ ওপৰত মোৰ আত্মা দিম,
\q1 তাতে তেওঁ অনা-যিহূদী \f + \ft পুৰণি বাইবেলত ‘পৰজাতি’ বুলি লিখা আছে। অনা-যিহুদীৰ অৰ্থ যি সকলৰ যিহুদী নহয় অৰ্থাৎ যিহুদী জতিৰ বাদে সকলো জাতিক বুজায়৷ আমিও অন-যিহুদীৰ ভিতৰত পৰো। \f* সকলৰ আগত
\q1 ন্যায়বিচাৰ ঘোষণা কৰিব।
\p
\v 19 তেওঁ তৰ্ক-বিতৰ্ক নকৰিব বা আটাহ নাপাৰিব;
\q1 আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব!
\q1
\v 20 ন্যায়বিচাৰ জয়যুক্ত নহয় মানলৈকে
\q1 তেওঁ থেতেলি যোৱা নল নাভাঙিব,
\q1 লিতাও নুনুমাব;
\q1
\v 21 আৰু অনা-যিহূদী সকলে তেওঁৰ নামত আশা ৰাখিব।”
\s ভূতে পোৱা এজন লোকক সুস্থ কৰা; ফৰীচী সকলে যীচুক নিন্দা কৰা আৰু ক্ষমা নোহোৱা পাপ
\p
\v 22 সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা কলে আৰু দৃষ্টিও পালে।
\v 23 তাতে সকলো লোকে বিস্ময় মানি কলে, “এই মানুহ দায়ুদৰ বংশধৰ হব পাৰে নে?”
\p
\v 24 ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি কলে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায়ত ভূতবোৰক খেদায়।”
\v 25 কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাব বুজিব পাৰি তেওঁলোকক কলে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
\p
\v 26 চয়তানে যদি চয়তানকে খেদায়, তেনেহলে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?
\v 27 মই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহঁতক খেদায়? গতিকে তোমালোকৰ অনুগামী সকলে তোমালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰা।
\p
\v 28 কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিবা যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই তোমালোকৰ ওচৰ আহি পালে।
\v 29 বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
\v 30 যি জন মোৰ পক্ষত নহয়, তেওঁ মোৰ বিপক্ষ; আৰু যি জনে মোৰ সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
\v 31 এই হেতুকে মই তোমালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহব।
\v 32 মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা কলে, তেওঁক ক্ষমা কৰা হব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কলে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
\s ফলৰ দ্বাৰা গছ চিনিব পাৰি
\p
\v 33 গছ ভাল হলে ফল ভাল হয় আৰু গছ বেয়া হলে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
\v 34 সৰ্পৰ বংশধৰ \f + \ft মথি 3:7, 23:33 \f* সকল! নিজে বেয়া হৈ কেনেকৈ তোমালোকে ভাল কথা কব পাৰিবা? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
\v 35 ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
\v 36 কিন্তু মই তোমালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
\v 37 কিয়নো তোমাৰ নিজৰ কথাৰ দ্বাৰাই তুমি নিৰ্দ্দোষী বুলি প্ৰমাণিত হবা আৰু তোমাৰ নিজৰ কথাৰ দ্বাৰাই তোমাক দোষী বুলি প্ৰমাণিত কৰা হব।
\s ফৰীচী সকলে যীচুৰ ওচৰত চিন বিচৰা
\p
\v 38 তাৰ পাছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি কলে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাপে এটা পৰাক্ৰম কাৰ্য চাবলৈ ইচ্ছা কৰো।”
\v 39 কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিলে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰী লোক \f + \ft যাকো. 4:4 \f* সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
\v 40 যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
\p
\v 41 বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মনপালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
\p
\v 42 বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
\p
\v 43 যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
\v 44 তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলো, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ চাফ-চিকোণ কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;
\v 45 তেতিয়া সেই অশুচি আত্মাই গৈ নিজতকৈয়ো দুষ্ট আন সাতোটা ভূতৰ আত্মাক লগত লৈ আনে আৰু তাতে সোমাই বাস কৰে। তাতে সেই মানুহৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হৈ যায়। এই কালৰ দুষ্ট লোক সকলৰ অৱস্থাও তেনে হব।”
\s যীচুৰ অনুকাৰী সকলেই তেওঁৰ পৰিয়াল
\p
\v 46 যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
\v 47 তেনেতে কোনো এজন লোকে তেওঁক কলে, “চাওক, আপোনাৰ মা আৰু ভাই সকলে আপোনাৰ লগত কথা পাতিবৰ কাৰণে বাহিৰত থিয় হৈ আছে।”
\v 48 যীচুৱে তেতিয়া সেই লোক জনক কলে, “কোন মোৰ মা নাইবা মোৰ ভাই সকলেই বা কোন?”
\v 49 তাৰ পাছত তেওঁ নিজৰ হাত খন মেলি শিষ্য সকলৰ ফালে দেখুৱাই কলে, “এয়া চাওক, এওঁলোকেই মোৰ মা আৰু মোৰ ভাই সকল!
\v 50 কাৰণ, যি কোনোৱে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই, ভনী আৰু মা।
\c 13
\s এজন খেতিয়কৰ দৃষ্টান্ত
\p
\v 1 সেইদিনা যীচুৱে ঘৰৰ পৰা ওলাই সাগৰৰ তীৰত গৈ বহিছিল।
\v 2 তাতে তেওঁৰ চাৰিওফালে বহুতো লোক আহি গোট খোৱাত, তেওঁ এখন নাওত উঠি বহিল আৰু সেই গোট খোৱা সকলো মানুহ বামতে থিয় হৈ থাকিল।
\v 3 তেতিয়া যীচুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা কবলৈ ধৰিলে। তেওঁ কলে, “এজন খেতিয়কে কঠিয়া সিচিঁবলৈ গল।
\v 4 তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে।
\v 5 কিছুমান কঠিয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱা কাৰণে যদিও সোণকালে গজালি ওলাল,
\v 6 তথাপি সূৰ্য্য উদয় হোৱাৰ পাছত, শিপা গভীৰ নোহোৱা কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গল।
\v 7 আন কিছুমান কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত, সেইবোৰ হেচি ধৰি মাৰিলে।
\v 8 আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।
\v 9 যাৰ কাণ আছে, তেওঁ শুনক।”
\s দৃষ্টান্ত কোৱাৰ উদ্দেশ্য
\p
\v 10 যীচুৰ শিষ্য সকলে আহি তেওঁক সুধিলে, “আপুনি কিয় দৃষ্টান্তৰ মাধ্যমেৰে লোক সকলৰ আগত কথা কয়?”
\v 11 উত্তৰত তেওঁ শিষ্য সকলক কলে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
\v 12 কিয়নো যাৰ আছে, তেওঁক অধিক দিয়া হব, তাতে তেওঁৰ প্রচুৰ হব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হব।
\v 13 সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
\v 14 এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ সিদ্ধ হৈছে,
\q1 ‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা;
\q1 দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
\q1
\v 15 কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে,
\q1 আৰু কাণ গধুৰ হৈ গৈছে,
\q1 তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে
\q1 তাতে তেওঁলোকে চকুৰে নেদেখে,
\q1 কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে,
\q1 আৰু তেওঁলোক যেন পুনৰ ঘূৰি নাহে,
\q1 আৰু মই তেওঁলোকক যেন সুস্থ নকৰো’। \f + \ft যিচয়া 6:9-10 \f*
\p
\v 16 কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।
\v 17 তোমালোকক মই সঁচাকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ অনেক ভাববাদী আৰু ধাৰ্মিক লোকে চাবলৈ ইচ্ছা কৰিও দেখা নাপালে, আৰু তোমালোকে যিবোৰ শুনিছা, এইবোৰ শুনিবলৈ নাপালে।”
\s খেতিয়কৰ দৃষ্টান্তৰ অর্থ
\p
\v 18 “এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা।
\v 19 যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
\p
\v 20 শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে।
\v 21 কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। পাচত যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
\p
\v 22 কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়।
\v 23 ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
\s বিনৈ বনৰ গুটিৰ দৃষ্টান্ত
\p
\v 24 এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। তেওঁ কলে, “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিঁচিলে।
\v 25 পাছত যেতিয়া সকলো মানুহ টোপনি গল, তেতিয়া সেই মানুহ জনৰ শত্রুৱে আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গল।
\v 26 শেষত যেতিয়া সেই ধান গছ বাঢ়ি থোক ওলাল, তেতিয়া তাৰ মাজত বিনৈ বনো গজালি মেলি দেখা দিলে।
\v 27 পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক কলে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেনেহলে এতিয়া বিনৈ বন কৰ পৰা হ’ল?
\v 28 তেওঁ সিহঁতক কলে, ‘কোনোবা শত্ৰুৱে এইটো কাম কৰিছে।’ দাস সকলে তেওঁক কলে, ‘তেনেহলে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম?
\v 29 গৃহস্থই কলে, ‘এতিয়া নালৈগে, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা!
\v 30 গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক কম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
\s সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত
\p
\v 31 যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ কলে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
\v 32 সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত আটাই জোপোহা \f + \ft ইৰাজীত shrubs অৰ্থ যি কোনো জোপোহা শাক \f* শাকতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”
\p
\v 33 যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি কলে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
\v 34 যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা কলে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নকলে।
\v 35 ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন সিদ্ধ হয়, তাৰ বাবেই এইদৰে ঘটিল:-
\q1 মই দৃষ্টান্তৰে মোৰ মুখ মেলিম,
\q1 জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম। \f + \ft গীতমালা 78:21 \f*
\s বিনৈ বনৰ দৃষ্টান্তৰ অৰ্থ
\p
\v 36 পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে, “পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।”
\v 37 তেওঁ উত্তৰ দি কলে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ।
\v 38 পথাৰখন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান।
\v 39 যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত।
\v 40 এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হব।
\v 41 মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
\v 42 তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
\v 43 সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনাকৈ উজ্জ্বল হব। যাৰ কাণ আছে, তেওঁ শুনক।
\s গুপ্ত ধন আৰু মুকুতাৰ দৃষ্টান্ত
\p
\v 44 “স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ললে।”
\v 45 “পুনৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল।
\v 46 যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ললে।”
\s মাছ ধৰা জালৰ দৃষ্টান্ত
\p
\v 47 “আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত লাগিল
\v 48 জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাচি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে।
\v 49 জগতৰ শেষ কালতো এইদৰেই হব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব;
\v 50 তাত ক্ৰন্দন আৰু দাঁত কৰচনি হব।”
\p
\v 51 তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে কলে, “হয়, পালোঁ।”
\v 52 তেতিয়া যীচুৱে তেওঁলোকক কলে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
\s যীচু নিজ নগৰত অগ্ৰাহ্য হোৱা
\p
\v 53 যীচুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গল।
\p
\v 54 তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নামঘৰলৈ গৈ লোক সকলক শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্ময় মানিলে। তেওঁলোকে কলে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?
\v 55 ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
\v 56 ইয়াৰ ভনীয়েকো সকলো ইয়াত আমাৰ মাজতে নাই জানো? তেনেহলে ই এইবোৰ কৰ পৰা পালে?”
\p
\v 57 এইদৰে যীচুক লৈ লোক সকলে বিঘিনি পালে। তেতিয়া যীচুৱে তেওঁলোকক কলে, “ভাববাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়।”
\v 58 লোক সকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেচি পৰাক্ৰম কাৰ্য নকৰিলে।
\c 14
\s যোহন বাপ্তাইজকক বধ কৰা
\p
\v 1 সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
\v 2 সেইয়ে তেওঁ নিজৰ দাস সকলক কলে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
\v 3 কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্য্যা হেৰোদিয়াক ভাৰ্য্যা ৰূপে ৰাখিছিল আৰু সেই হেৰোদিয়াৰ কাৰণে এইদৰে বন্দী কৰিছিল।
\v 4 কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক তুমি ভার্য্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
\v 5 সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ লোক সকলে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
\p
\v 6 পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
\v 7 সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
\v 8 ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই কলে, “এখন কাহিঁত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
\v 9 তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
\v 10 তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদন কৰালে।
\v 11 পাছত মূৰটো এখন কাহিঁত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গল।
\v 12 তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
\s পাঁচ হাজাৰ মানুহক খুউৱা
\p
\v 13 যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাওত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ললে।
\v 14 তেওঁ নাওৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
\v 15 তেতিয়া গধূলি হবলৈ ধৰিছিল, সেয়ে শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি কলে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
\v 16 যীচুৱে তেওঁলোকক কলে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
\v 17 শিষ্য সকলে তেওঁক কলে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
\v 18 যীচুৱে কলে, “সেইখিনিকে মোৰ ওচৰলৈ আনা।”
\v 19 পাছত তেওঁ লোক সকলক ঘাঁহৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আৰ্শীবাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ ভগাই দিলে।
\v 20 তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে বাচি যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ললে।
\v 21 তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
\s পানীৰ ওপৰত খোজ কঢ়া
\p
\v 22 ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাওত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
\v 23 পাচত লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
\v 24 ইতিমধ্যে নাওখনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
\v 25 শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
\v 26 শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
\v 27 যীচুৱে তেতিয়াই তেওঁলোকক কলে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
\p
\v 28 পিতৰে তেওঁক উত্তৰ দি কলে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
\v 29 যীচুৱে কলে, “আহাঁ।” পিতৰে তেতিয়া নাওৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গল।
\v 30 কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
\v 31 যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি কলে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিছা?”
\v 32 পাছত যেতিয়া যীচু আৰু পিতৰ নাওত উঠিল, বতাহ নাইকিয়া হ’ল।
\v 33 তেতিয়া নাওত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি কলে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
\p
\v 34 তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
\v 35 তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
\v 36 তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।
\c 15
\s অশুচিতাৰ বিষয়ে শিক্ষা
\p
\v 1 সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
\v 2 “আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
\v 3 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে তোমালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰা?”
\p
\v 4 কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’ \f + \ft যাত্রা 21:17 \f*
\v 5 কিন্তু তোমালোকে কোৱা, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু তোমালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
\v 6 সেয়ে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই তোমালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা।
\p
\v 7 তোমালোক কপটীয়া! যিচয়া ভাববাদীয়ে তোমালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
\q1
\v 8 “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে,
\q1 কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
\q1
\v 9 তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে।
\q1 কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
\p
\v 10 তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি কলে, “মোৰ কথা শুনা আৰু বুজা।
\v 11 মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
\p
\v 12 তেতিয়া শিষ্য সকলে আহি যীচুক কলে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
\v 13 যীচুৱে উত্তৰ দি কলে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা হব।
\v 14 তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
\p
\v 15 তেতিয়া পিতৰে যীচুক কলে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
\v 16 তেওঁ কলে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
\v 17 তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দোৱাৰেদি বাহিৰলৈ ওলায়।
\p
\v 18 কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
\v 19 কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰবধ, ব্যভিচাৰ, যৌন পাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
\v 20 এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
\s এগৰাকী কনানীয়া মহিলাৰ জীয়েকক সুস্থ কৰা
\p
\v 21 তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গল।
\v 22 সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
\v 23 কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি কলে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞঁৰি চিঞঁৰি আমাৰ পাছে পাছে আহি আছে।”
\p
\v 24 কিন্তু যীচুৱে উত্তৰ দিলে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল বংশৰ হেৰোৱা মেষৰ ওচৰলৈহে পঠোৱা হৈছে।”
\v 25 তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি কলে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
\v 26 কিন্তু যীচুৱে উত্তৰ দিলে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
\p
\v 27 তাই কলে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
\v 28 তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
\p
\v 29 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
\v 30 তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\v 31 তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
\s চাৰি হাজাৰ মানুহক খুউৱা
\p
\v 32 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি কলে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত তেওঁলোক অসুস্থ হৈ পৰিব পাৰে।”
\v 33 তেতিয়া শিষ্য সকলে তেওঁক কলে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা কত পাম?”
\v 34 যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে কলে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
\v 35 তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
\p
\v 36 তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
\v 37 তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
\v 38 যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
\v 39 তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাওত উঠি মগদনৰ অঞ্চললৈ গল।
\c 16
\s ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰা
\p
\v 1 ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ কলে।
\v 2 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “সন্ধিয়া হলে তোমালোকে কোৱা, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
\p
\v 3 ৰাতিপুৱা কোৱা, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ তোমালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানা, অথচ সময়ৰ চিন বুজিব নোৱাৰা।
\v 4 এই যুগৰ পাপী আৰু ব্যভিচাৰী লোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গল।
\s ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষালৈ সাৱধান
\p
\v 5 পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গল।
\v 6 যীচুৱে তেওঁলোকক কলে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।”
\v 7 শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে কলে নেকি৷”
\v 8 এই কথা বুজিব পাৰি যীচুৱে কলে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছো বুলি কিয় আলোচনা কৰিছা?
\p
\v 9 তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে, সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা?
\v 10 নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
\p
\v 11 মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছো।”
\v 12 তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হবৰ বাবে কৈছে।
\s যীচু অভিষিক্ত জনা বুলি প্ৰকাশিত হোৱা
\p
\v 13 তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া ফিলিপীৰ অঞ্চললৈ গল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰক \f + \ft মানুহৰ পুত্ৰ: প্ৰভু যীচুৰ আন এটা নাম৷ দানিয়েল 7: 13-14: \f* লোক সকলে কোন বুলি ভাৱে?”
\v 14 তেওঁলোকে কলে, “কোনো কোনোৱে কয় যোহন বাপ্তাইজক; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাববাদী সকলৰ এজন বুলি কয়৷”
\v 15 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?”
\v 16 তেতিয়া চিমোন পিতৰে উত্তৰ দিলে, “আপুনি সেই অভিষিক্ত জনা অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
\p
\v 17 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক কলে, “হে যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
\v 18 ময়ো তোমাক কওঁ যে, ‘তুমি পিতৰ অৰ্থাৎ শিলা’, আৰু এই শিলাৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, নৰকৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।
\v 19 মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ ৰখা হব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হব।”
\v 20 তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জনা”।
\s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
\p
\v 21 সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
\v 22 তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি কলে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
\v 23 কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ কলে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
\p
\v 24 তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
\v 25 কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব।
\v 26 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
\v 27 কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
\v 28 মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”
\c 17
\s যীচুৱে অন্যৰূপ ধৰা
\p
\v 1 ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গল।
\v 2 যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্য্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গল।
\p
\v 3 তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
\v 4 তাতে পিতৰে মাত লগাই যীচুক কলে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছো৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম, এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
\p
\v 5 তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
\v 6 এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
\v 7 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক স্পৰ্শ কৰি কলে, “উঠা, ভয় নকৰিবা।”
\v 8 তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
\p
\v 9 পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি কলে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”
\v 10 তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “তেনেহলে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
\v 11 তেওঁ উত্তৰ দি কলে, “এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
\v 12 কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গল আৰু লোকসকলে তেওঁক চিনি নাপালে; লোকসকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব লাগিব।”
\v 13 তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ যোহন বাপ্তাইজকৰ বিষয়ে তেওঁলোকক কৈ আছে।
\s যীচুৱে এজন অসুস্থ লৰাক সুস্থ কৰা
\p
\v 14 যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠু লৈ কলে,
\v 15 “হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
\v 16 মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।”
\p
\v 17 তেতিয়া যীচুৱে উত্তৰ দিলে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।”
\v 18 তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
\p
\v 19 তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদিব নোৱাৰিলো?”
\v 20 যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ অল্পবিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
\v 21 প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।”
\s নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱা
\p
\v 22 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থকা সময়ত যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
\v 23 লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জী উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
\s মন্দিৰৰ কৰ
\p
\v 24 যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গল৷ যি সকল কৰ সংগ্ৰহকাৰী সকলে পিতৰৰ ওচৰলৈ আহি কলে, “তোমালোকৰ গুৰুৱে মন্দীৰৰ কৰ নিদিয়ে নে?”
\v 25 তেওঁ কলে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি, প্ৰথমে যীচুক জনালত, যীচুৱা কলে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ সন্তানৰ পৰা নে আন লোকৰ পৰা?”
\p
\v 26 পিতৰে কলে “আন লোকৰ পৰা”, যীচুৱে তেওঁক কলে, “তেনেহলে নিজৰ সন্তান সকল কৰ দিয়াৰ পৰা মুক্ত।
\v 27 তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটা মুদ্ৰা পাবা; সেইটো আনি, মোৰ আৰু তোমালোকৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”
\c 18
\s স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন
\p
\v 1 সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
\v 2 তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
\v 3 “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশুসকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনো মতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
\v 4 এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
\v 5 আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
\v 6 মোক বিশ্বাস কৰা এই নৰ্ম সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
\p
\v 7 উজুটি খোৱা মূঢ়া যেন এই জগতৰ সন্তাপ হওঁক! \f + \ft যো 2:15-17 \f* কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হব৷
\v 8 তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল।
\v 9 তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল।
\p
\v 10 সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু বিলাকৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় দেখা পায়।
\v 11 কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
\p
\v 12 তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেষছাগ আছে আৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব নে?
\v 13 আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
\v 14 এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
\s ক্ষমাৰ বিষয়ে শিক্ষা
\p
\v 15 কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
\v 16 কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
\v 17 যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-যিহূদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
\v 18 মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
\v 19 পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হব
\v 20 কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকো।”
\p
\v 21 তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক কলে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?”
\v 22 যীচুৱে তেওঁক কলে, “সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত, সত্তৰ গুণ বাৰ বুলিহে কওঁ।
\v 23 স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
\v 24 যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল, যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰ \f + \ft ইংৰাজী বাইবেলত talents বুলি লিখা আছে, প্ৰায় এজন লোকৰ পোন্ধৰ বছৰৰ পাৰিশ্ৰমিকৰ সমান \f* ঋণ আছিল।
\v 25 কিন্তু পৰিশোধ কৰিবলৈয়ো তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
\v 26 তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি কলে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’
\v 27 তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণো ক্ষমা কৰি দিলে।
\v 28 পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা \f + \ft মুদ্ৰা, ইংৰাজী বাইবেলত “denari” বুলি লিখা আছে। \f* ঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি কলে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
\v 29 তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি কলে, ‘ধৈর্য ধৰক, মই আপোনাৰ সকলো ধাৰ পৰিশোধ কৰিম’।
\v 30 কিন্তু তেওঁ সন্মত নহল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।
\v 31 তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে।
\p
\v 32 তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলো
\v 33 তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলো, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’?
\p
\v 34 তেতিয়া ৰজাৰ খং উঠিল আৰু দিব লগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
\p
\v 35 ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”
\c 19
\s ত্যাগপত্ৰৰ বিষয়ে শিক্ষা
\p
\v 1 এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়াৰ সীমালৈ আহিল৷
\v 2 মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
\p
\v 3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”
\v 4 তাতে যীচুৱে উত্তৰ দি কলে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে তোমালোকে জানো পঢ়া নাই নে? \f + \ft আদি 1:27, 5:2 \f*
\v 5 তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হব’? \f + \ft আদি2: 24 \f*
\v 6 তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যাক যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
\p
\v 7 তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগপত্ৰ দি ভার্য্যাক এৰিবলৈ আজ্ঞা দিছে”?
\v 8 যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্য্যাক ত্যাগ কৰিবলৈ তোমালোকক আজ্ঞা দিছে; আৰম্ভণিতে কিন্তু এনেকুৱা নাছিল।
\v 9 সেয়ে, মই তোমালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্য্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্য্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
\p
\v 10 তেতিয়া শিষ্য সকলে যীচুক কলে, “যদি নিজৰ ভার্য্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।
\v 11 যীচুৱে তেওঁলোকক কলে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।
\v 12 কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুনৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
\s শিশু সকলক আশীৰ্বাদ কৰা
\p
\v 13 তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল, যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।
\v 14 তেতিয়া যীচুৱে কলে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”
\v 15 ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গল।
\s ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা
\p
\v 16 এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”?
\v 17 যীচুৱে তেওঁক কলে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
\p
\v 18 মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে কলে, “নৰবধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
\v 19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।
\p
\v 20 সেই যুৱক জনে তেতিয়া তেওঁক কলে, “মইতো এই সকলোবোৰ পালন কৰি আহিছো; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?
\v 21 যীচুৱে তেওঁক কলে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহাঁ, মোৰ অনুকাৰী হোৱা”।
\v 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।
\p
\v 23 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।
\v 24 পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তি ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধায়েদি উট সৰকি যোৱাই উজু।”
\p
\v 25 এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ কলে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?”
\v 26 যীচুৱে তেওঁলোকলৈ চাই কলে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
\v 27 তেতিয়া পিতৰে উত্তৰ দি তেওঁক কলে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছো, তেনেহলে আমি পাম নে?”
\v 28 যীচুৱে তেওঁলোকক কলে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধবিচাৰ কৰিবা।
\v 29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।
\v 30 যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেকে পিছ পৰিব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোকে আগ হব।”
\c 20
\s বনুৱা সকলৰ দৃষ্টান্ত
\p
\v 1 “স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গল।
\v 2 তেওঁ এক এক দীনাৰ \f + \ft এক দীনাৰ সেই সময়ৰ এদিনৰ মজুৰী \f* দিবলৈ বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।
\v 3 প্রায় নটা বজাত তেওঁ আকৌ ওলাই গল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক কলে,
\v 4 ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গল।
\p
\v 5 আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে।
\v 6 পুনৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা?
\v 7 সিহঁতে তেওঁক কলে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক কলে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’
\v 8 পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক কলে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
\v 9 পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈ পালে।
\v 10 তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক দীনাৰহে পালে।
\v 11 সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি কলে,
\v 12 “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলো; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।”
\v 13 তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা?
\v 14 তোমালোকক যিমান দিছো, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাব লগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷
\v 15 যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
\v 16 এইদৰে পাছ হোৱা সকল আগ হব আৰু আগ হোৱা সকল পাছ হব।”
\s নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা
\p
\v 17 তাৰ পাছত যীচু যিৰূচালেমলৈ যোৱাৰ পথত, বাৰ জন শিষ্যক একাষৰীয়া কৰি মাতি নি কলে,
\v 18 “চোৱা, আমি যিৰূচালেমলৈ গৈ আছো; তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হব; তাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব;
\v 19 তেওঁলোকে তেওঁক বিদ্রূপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্রুচত দিবলৈ অনা-যিহূদী সকলৰ হাতত শোধাই দিব; কিন্তু তিনি দিনৰ দিনা তেওঁক তোলা হব।”
\s চিবদিয়ৰ দুজন পুত্ৰৰ মাকৰ নিবেদন
\p
\v 20 তাৰ পাছত চিবদিয়ৰ পুতেক দুজনক সিহঁতৰ মাকে লগত লৈ যীচুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে।
\v 21 তেতিয়া যীচুৱে তেওঁক সুধিলে “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক কলে, “আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁ হাতে, আনটোৱে বাওঁহাতে বহিবলৈ পায়।”
\p
\v 22 যীচুৱে উত্তৰ দি কলে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছো, তোমোলোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে?” তেওঁলোকে তেওঁক কলে ‘পাৰিম’।
\v 23 তেওঁ তেওঁলোকক কলে, “তোমালোকে মোৰ পান পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁ হাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই৷ মোৰ পিতৃয়ে যি লোক সকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে, তেওঁলোককহে দিয়া হব।”
\v 24 এই কথা শুনি আন দহ জন শিষ্যই এই দুজন ভাই-ককায়েকৰ প্ৰতি অসন্তুষ্ট হল।
\p
\v 25 তেতিয়া যীচুৱে শিষ্য সকলক মাতি কলে, “তোমালোকে এই কথা জানা যে, অনা-যিহূদী সকলৰ শাসনকৰ্তা সকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু নেতা সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়।
\v 26 তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱক হওক৷
\v 27 যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক,
\v 28 মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”
\s দুজন অন্ধক চকু দিয়া
\p
\v 29 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে, অনেক লোক যীচুৰ পাছে পাছে গল।
\v 30 তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞঁৰি চিঞঁৰি কবলৈ ধৰিলে, “হে দায়ুদৰ সন্তান আমাক দয়া কৰক”।
\v 31 কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞঁৰি কলে, “হে প্ৰভু, দায়ুদৰ সন্তান, আমাক দয়া কৰক”।
\p
\v 32 তেতিয়া যীচু থমকি ৰল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?”
\v 33 সিহঁতে যীচুক কলে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।”
\v 34 তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গল।
\c 21
\s যীচুৰ যিৰূচালেমলৈ জয়যাত্ৰা
\p
\v 1 যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
\v 2 “তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
\v 3 যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”
\q1
\v 4 যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,
\q1
\v 5 “তোমালোকে চিয়োন-জীয়ৰীক কোৱা,
\q1 চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে,
\q1 তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি,
\q1 অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি, তোমাৰ ওচৰলৈ আহিছে; ৷”
\p
\v 6 সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,
\v 7 গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।
\v 8 তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;
\p
\v 9 আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই কলে,
\q1 “হোচানা! হোচানা \f + \ft হোচানা ইব্ৰী শব্দ; ইয়াৰ অৰ্থ হ’ল ‘এতিয়াই ৰক্ষা কৰা’ \f* ! দায়ুদৰ সন্তান৷
\q1 যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
\q1 উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
\p
\v 10 যেতিয়া যীচুৱে যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলৰ মাজত বিক্ষোভ সৃষ্টি হল আৰু কব ধৰিলে “এই জন কোন?”
\v 11 তাতে লোক সকলে কলে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাববাদী যীচু।”
\p
\v 12 পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰা, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
\v 13 যীচুৱে তেওঁলোকক কলে, “এনে লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
\v 14 তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
\p
\v 15 কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞঁৰি “জয়! জয়! দায়ুদৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷
\v 16 তেতিয়া তেওঁলোকে যীচুক কলে, “লোক সকলে কি কৈছে তুমি শুনিছানে?” যীচুৱে তেওঁলোকক কলে, “হয়! তোমালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
\v 17 পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গল আৰু নিশাটো তাতেই থাকিল।
\s ফলহীন ডিমৰু গছক শাও দিয়া
\p
\v 18 ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
\v 19 এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ কলে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গল৷
\p
\v 20 যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি কলে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গল?”
\v 21 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হব।
\v 22 তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
\s যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন
\p
\v 23 যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
\v 24 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “ময়ো তোমালোকক এই কথা সুধো; যদি তোমালোকে মোক কোৱা, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছো, সেই বিষয়ে তোমালোকক কম। কোৱাচোন:
\p
\v 25 বাপ্তিস্ম দিওঁতা যোহন তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি কলে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক কব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
\v 26 কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোকসকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
\v 27 পাছত তেওঁলোকে যীচুক উত্তৰ দিলে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক কলে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰো, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
\s দুজন পুত্ৰৰ দৃষ্টান্ত
\p
\v 28 “কিন্তু তোমালোকে কি ভাবা? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ কলে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
\v 29 তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি দ্ৰাক্ষাবাৰীলৈ গল।
\v 30 দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে কলে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতাই’; কিন্তু তেওঁ নগল।
\v 31 এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে কলে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তোমালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
\v 32 কিয়নো যোহন তোমালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি তোমালোকে তেওঁত বিশ্বাস নকৰিলা; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; তোমালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা।”
\s কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত
\p
\v 33 “আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গল।
\v 34 যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
\v 35 কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
\v 36 পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
\v 37 পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
\v 38 কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে কলে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহাঁ, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হব’।
\v 39 এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
\p
\v 40 এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
\v 41 লোক সকলে তেওঁক কলে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বছৰৰ উৎপাদিত সামগ্ৰী শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
\p
\v 42 যীচুৱে তেওঁলোকক কলে, “এই শাস্ত্ৰীয় বচন তোমালোকে পঢ়া নাই নে,
\q1 ‘ঘৰ সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে,
\q1 সেয়ে চুকৰ প্ৰধান শিল হ’ল;
\q1 এয়ে প্ৰভুৰ পৰা হ’ল,
\q1 আৰু আমাৰ দেখাত আচৰিত’?
\p
\v 43 এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হব।
\v 44 এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
\p
\v 45 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
\v 46 কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।
\c 22
\s বিয়াৰ ভোজৰ দৃষ্টান্ত
\p
\v 1 যীচুৱে দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা কলে,
\v 2 “স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
\v 3 এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
\v 4 পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলো। মোৰ বলদ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
\v 5 কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গল।
\v 6 আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
\v 7 তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰখন পুৰি পেলালে।
\v 8 তেতিয়া তেওঁৰ দাসবোৰক কলে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
\v 9 এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
\v 10 তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া ঘৰ ভৰি পৰিল।
\p
\v 11 কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
\v 12 ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
\v 13 তাতে ৰজাই তেওঁৰ দাস সকলক মাতি কলে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব’।
\v 14 কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
\s সম্ৰাটক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন
\p
\v 15 তাৰ পাছত ফৰীচী সকল গুচি গল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
\v 16 এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক কলে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
\v 17 গতিকে আমাক কওকচোন, ‘সম্ৰাটক \f + \ft চীজাৰৰ অসমীয়া সম্ৰাট \f* কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, সম্ৰাটক কৰ দিব পায় নে নাপায়?”
\p
\v 18 যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া লোক সকল, কিয় মোক পৰীক্ষা কৰিছা?
\v 19 কৰ দিয়া ধন মোক দেখুৱা৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি \f + \ft আধলি: ইংৰাজীত দীনাৰ \f* এটা আনিলে।
\p
\v 20 যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
\v 21 তেতিয়া তেওঁলোকে তেওঁক কলে, “সম্ৰাটৰ৷” তেতিয়া যীচুৱে তেওঁলোকক কলে, “তেনেহলে যি সম্ৰাটৰ, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।”
\v 22 এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গল।
\s মৃত লোকৰ পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন
\p
\v 23 সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
\v 24 “হে গুৰু মোচিয়ে কৈছিল, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
\p
\v 25 আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গল।
\v 26 পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
\v 27 সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
\v 28 তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
\p
\v 29 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছা।
\v 30 কিয়নো পুনৰুত্থানত বিয়া নকৰায়, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
\p
\v 31 মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল বোলে,
\v 32 ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; \f + \ft যাত্ৰা 3:6 \f* তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
\v 33 ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
\s প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন
\p
\v 34 যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
\v 35 তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে,
\v 36 “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
\p
\v 37 যীচুৱে তেওঁক কলে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
\v 38 এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
\v 39 এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল, ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
\v 40 এই দুটা \f + \ft ৰো. 13:8, 10 \f* আজ্ঞাই গোটেই বিধান \f + \ft গালা. 5:14 \f* আৰু ভাববাদী সকলৰ কথা নির্ভৰ কৰে।”
\s দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
\p
\v 41 ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
\v 42 “খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক কলে, “দায়ুদৰ সন্তান”।
\p
\v 43 যীচুৱে তেওঁলোকক কলে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু কলে,
\q1
\v 44 প্ৰভুৱে মোৰ প্ৰভুক কলে, মই
\q1 তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে,
\q1 মোৰ সোঁ হাতে বহি থাকা৷
\p
\v 45 এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হব পাৰে?”
\v 46 তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহল।
\c 23
\s যীচুৱে ফৰীচী আৰু অধ্যাপক সকলৰ দোষ দেখুওৱা
\p
\v 1 তেতিয়া যীচুৱে লোক সকল আৰু তেওঁৰ শিষ্য সকলক কলে,
\v 2 “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷
\v 3 এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।
\p
\v 4 হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।
\v 5 তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
\v 6 ভোজত প্ৰধান ঠাই, আৰু নামঘৰত প্ৰধান আসন,
\v 7 হাট-বজাৰত নমস্কাৰ বিছাৰে আৰু লোক সকলে ‘ৰব্বি’ \f + \ft ৰব্বিৰ অৰ্থ গুৰু \f* সম্বোধন কৰিলে তেওঁলোকে ভাল পায়।
\v 8 কিন্তু তোমালোকে হলে, ‘ৰব্বি’ বুলি মতা নহবা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।
\v 9 পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
\v 10 আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহবা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।
\v 11 কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হব।
\v 12 যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হব।
\p
\v 13 কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা; কাৰণ তোমালোকে নিজেও নোসোমোৱা, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়া।
\v 14 হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! তোমালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰা আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰা, এই হেতুকে তোমালোকে অধিক দণ্ড পাবা।
\v 15 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে এজনক যিহূদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰা।
\p
\v 16 হায় হায় অন্ধ পথ প্ৰর্দশক! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে কোৱা যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
\v 17 হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
\p
\v 18 তোমালোকে কোৱা যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।
\v 19 হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?
\p
\v 20 এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;
\v 21 আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।
\v 22 যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।
\p
\v 23 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়া। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা তোমালোকৰ উচিত আছিল।
\v 24 হে অন্ধ পথদৰ্শক সকল, তোমালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খোৱা!
\p
\v 25 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰা, কিন্তু ভিতৰফাল লোভ আৰু অসংযমেৰে পৰিপূৰ্ণ।
\v 26 হে অন্ধ ফৰীচী সকল, তোমালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰা, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হব।
\p
\v 27 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ৷ তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰ ফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰ ফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷
\v 28 সেইদৰে তোমালোকও বাহিৰসফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছা।
\p
\v 29 হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছা, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছা৷
\v 30 তোমালোকে কোৱা যে, ‘আমাৰ পূৰ্বপুৰুষ সকলৰ দিনত আমি থকা হলে, ভাববাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।
\v 31 এইদৰে, তোমালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা।
\p
\v 32 এই হেতুকে চোৱা, তোমালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰা।
\v 33 হে সৰ্পগণ, কালসৰ্পৰ বংশ, তোমালোকে নো কেনেকৈ নৰকৰ সোধ বিচাৰৰ পৰা সাৰিবা?
\p
\v 34 এই কাৰণে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক তোমালোকে বধ কৰিবা, ক্রুচত দিবা; কিছুমানক তোমালোকে নামঘৰত কোবাবা, আৰু নগৰে নগৰে তাড়না কৰিবা।
\v 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক তোমালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিলা, তেওঁৰ ৰক্তপাতৰ পৰা ধৰি পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতলৈকে দোষ তোমালোকৰ ওপৰত পৰিব।
\v 36 মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হব।”
\s যিৰূচালেমৰ কাৰণে বিলাপ
\p
\v 37 “যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলো, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলো, কিন্তু তুমি সন্মত নহলা।
\v 38 চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;
\v 39 কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”
\c 24
\s যিৰূচালেমৰ বিনাশ; যীচুৰ পুনৰাগমনৰ বিষয়ে জনোৱা
\p
\v 1 যীচু ধৰ্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।
\v 2 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক কলে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহব।”
\p
\v 3 পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হব? আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।”
\v 4 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
\v 5 কিয়নো অনেকে মোৰ নামেৰে আহি, ‘মই খ্ৰীষ্ট’ বুলি অনেকক ভুলাব।
\p
\v 6 তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহবা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।
\v 7 জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হব৷
\v 8 এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণি হে।
\p
\v 9 সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।
\v 10 তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব।
\v 11 বহুতো মিছা কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷
\p
\v 12 কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।
\v 13 কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
\v 14 সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।
\p
\v 15 এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাববাদীৰ দ্ৱাৰাই কোৱা \f + \ft দান. 9:27, 11:31, 12:11 \f* হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে \f + \ft দান. 9:22, 23, 25; প্ৰ. বা. 1:3 \f* যি জনে পঢ়ে, তেওঁ বুজক৷
\v 16 তেতিয়া যিহূদিয়াত থকা মানুহবোৰ পৰ্বতলৈ পলাই যাওঁক;
\v 17 ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক;
\v 18 পথাৰত থকা জনে, তেওঁৰ কাপোৰ খন লবলৈ উলটি নাযাওঁক।
\v 19 কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হব।
\v 20 তোমালোক পলোৱা সেইদিন যেন জাৰকালি বা বিশ্ৰামবাৰে নহয়, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা।
\v 21 কিয়নো সেই কালত মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও।
\p
\v 22 সেই দিনৰ সংখ্যা কম নকৰা হলে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হব।
\p
\v 23 তেতিয়া যদিও তোমালোকক কোনোৱে কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে’ বা ‘তাত আছে’! তথাপি বিশ্বাস নকৰিবা।
\v 24 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হলে, মনোনীত লোক সকলকো ভুলাব।
\v 25 চোৱা, এই কথা মই আগেয়ে তোমালোকক কলো।
\p
\v 26 এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট মৰুপ্ৰান্তত আছে’; তেনেহলে ওলাই নাযাবা; নাইবা, ‘চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে’ বুলিলেও বিশ্বাস নকৰিবা।
\v 27 কিয়নো বিজুলীয়ে যেনেকৈ পূবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমন হব।
\v 28 য’ত মৰা শ থাকে, সেই ঠাইত শগুনো গোট খায়।
\p
\v 29 কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য্য অন্ধকাৰময় হব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হব।
\p
\v 30 যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।
\v 31 তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
\p
\v 32 ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
\v 33 সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
\v 34 মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহব।
\v 35 আকাশ আৰু পৃথিৱী লুপ্ত হব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহব।
\p
\v 36 কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।
\p
\v 37 নোহৰ দিনৰ দৰে সেইদিনা মানুহৰ পুত্ৰৰ আগমন হব।
\v 38 কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সুমুৱা দিনলৈকে যেনেকৈ মানুহবোৰে ভোজন-পান কৰি বিয়া কৰাই, বিয়া দি আছিল,
\v 39 আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰেই মানুহৰ পুত্ৰৰ আগমন হব।
\p
\v 40 তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হব আৰু এজনক ত্যাগ কৰা হব।
\v 41 দুজনী তিৰোতাই জাঁতেৰে পিহি থাকোতে এজনীক গ্ৰহণ কৰা হব আৰু এজনীক ত্যাগ কৰা হব।
\v 42 এই হেতুকে পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহুৰ্ত্তত আহিব, সেই বিষয়ে তোমালোকে নাজানা।
\p
\v 43 কোন পৰত চোৰ আহিব, সেই বিষয়ে গৃহস্থ জনে আগেয়ে জনা হলে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
\v 44 এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।
\p
\v 45 এই কাৰণে বুদ্ধিমান আৰু বিশ্বাসী দাস কোন জন হয়, উচিত সময়ত আহাৰ দিবলৈ যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেই জন নহয় নে?
\v 46 প্ৰভু অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য।
\v 47 মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত সেই জনক ঘৰগিৰী পাতিব।
\p
\v 48 কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, এই বুলি সেই দুষ্ট দাসে মনতে কৈ,
\v 49 যদি তাৰ সহদাস সকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে,
\v 50 তেনেহলে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ৰ বিষয়ে সি নাজানে, সেই সময়তে তাৰ প্ৰভু আহি,
\v 51 তাক দুডোখৰ কৰি কপটীয়া সকলৰ লগত তাৰ পাব লগীয়া ভাগ নিৰূপণ কৰিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব।
\c 25
\s দহ জনী কন্যা আৰু গাগৰিৰ দৃষ্টান্ত
\p
\v 1 তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হব।
\v 2 তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল।
\v 3 কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নললে;
\v 4 কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে।
\p
\v 5 পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গল।
\v 6 কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞঁৰিলে।
\p
\v 7 তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে।
\v 8 এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক কলে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
\v 9 কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি কলে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
\p
\v 10 কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
\v 11 পাছত আন কেইজনী কন্যাই আহি কলে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
\v 12 কিন্তু তেওঁ উত্তৰ দিলে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
\v 13 এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
\p
\v 14 কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
\v 15 তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে।
\v 16 তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
\p
\v 17 সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে।
\v 18 কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থলে।
\v 19 বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে।
\v 20 তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি কলে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলো’।
\v 21 প্ৰভুৱে তেওঁক কলে, ‘ধন্য উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
\p
\v 22 পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি কলে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলো’।
\v 23 তেতিয়া প্ৰভুৱে তেওঁক কলে, ‘ধন্য উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
\p
\v 24 পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি কলে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলো; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়;
\v 25 সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’।
\p
\v 26 কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক কলে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিঁচো তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
\v 27 তেনেহলে ধন পোদাৰ হাতত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন।
\p
\v 28 এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া।
\v 29 কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হব।
\v 30 এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব।’
\s শেষ-কালৰ মহা-বিচাৰৰ দিনৰ বৰ্ণনা
\p
\v 31 “যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
\v 32 সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেষবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি,
\v 33 মেষবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থব।
\p
\v 34 তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক কব, ‘আহাঁ, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
\v 35 কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলো, মোক আশ্ৰয় দিছিলা:
\v 36 উদঙে আছিলো, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলো, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলো, তাতো মোৰ ওচৰলৈ গৈছিলা’।
\p
\v 37 তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি কব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলো? পিয়াহ লাগোতে পান কৰাইছিলো?
\v 38 আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলো? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো?
\v 39 আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলো’?
\v 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক কব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
\p
\v 41 তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
\v 42 কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা;
\v 43 অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলো, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলো; মোক চাবলৈ নগলা’।
\p
\v 44 তেতিয়া সিহঁতে উত্তৰ দি কব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’?
\v 45 তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি কব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।
\v 46 এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”
\c 26
\s সমৰ্পিত হোৱাৰ বিষয়ে জনোৱা আৰু সুগন্ধি তেল ঘঁহা
\p
\v 1 যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক কলে,
\v 2 “তোমালোকে জানা নে, যে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হব।”
\p
\v 3 তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহাপুৰোহিতৰ চোতালত গোট খালে;
\v 4 তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
\v 5 তেওঁলোকে কলে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
\p
\v 6 পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
\v 7 এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোতে, তেওঁৰ মুৰত বাকি দিলেহি।
\v 8 শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ কলে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
\v 9 কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গলহেতেন’।
\p
\v 10 কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পাই, তেওঁলোকক কলে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
\v 11 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
\p
\v 12 এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
\v 13 মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হব।”
\s ঈষ্কৰিয়োতীয়া যিহুদাৰ বন্দবস্ত
\p
\v 14 তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গল,
\v 15 আৰু কলে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি কলে৷
\v 16 তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
\s নিস্তাৰ পৰ্বৰ ভোজ খোৱা আৰু প্ৰভুৰ ভোজ স্থাপন কৰা
\p
\v 17 পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ পৰ্বৰ ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
\v 18 তেওঁ কলে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ পৰ্বৰ ভোজ পালন কৰিম”।
\v 19 তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
\p
\v 20 পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
\v 21 এনেতে তেওঁলোকে ভোজন কৰোতে, তেওঁ কলে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
\v 22 তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
\p
\v 23 যীচুৱে উত্তৰ দি কলে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
\v 24 মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হলেই ভাল আছিল’।
\v 25 তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই কলে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক কলে, “তুমি নিজৰ কথা নিজেই কলা”।
\p
\v 26 পাছত তেওঁলোকে ভোজন কৰোতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি কলে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
\p
\v 27 পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;
\v 28 কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
\v 29 কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰো”।
\p
\v 30 পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গল।
\s পিতৰে যীচুক অস্বীকাৰ কৰা
\p
\v 31 তেতিয়া যীচুৱে তেওঁলোকক কলে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে,
\q1 ‘মই মেষ ৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেষবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’
\p
\v 32 কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
\v 33 তেতিয়া পিতৰে তেওঁক কলে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
\v 34 যীচুৱে তেওঁক কলে, “মই তোমাক সঁচাকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।
\v 35 পিতৰে তেওঁক কলে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো কলে।
\s গেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনা
\p
\v 36 তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক কলে, “মই সৌ খিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।
\v 37 পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হবলৈ ধৰিলে।
\v 38 তেতিয়া তেওঁ তেওঁলোকক কলে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।
\p
\v 39 পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি কলে “হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেনেহলে এই দূখৰ পান পাত্ৰ মোৰ পৰা দূৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
\v 40 পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক কলে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
\v 41 পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
\v 42 পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি কলে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান পাত্ৰ দূৰ হব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
\v 43 পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
\v 44 পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
\v 45 তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক কলে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
\v 46 উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
\s শত্ৰুৰ হাতত সমৰ্পিত হোৱা
\p
\v 47 যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
\v 48 তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
\v 49 তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
\v 50 যীচুৱে তেওঁক কলে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
\v 51 চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
\v 52 তেতিয়া যীচুৱে তেওঁক কলে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।
\v 53 ‘মোৰ পিতৃক এতিয়াই মোলৈ বাৰ বাহিনীতকৈও \f + \ft এটা লেগিয়নচ্ বাহিনীত ছয় হাজাৰ \f* অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’ বুলি মই নিবেদন কৰিব নোৱাৰো বুলি তুমি ভাবিছা নে?
\v 54 কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হবলৈ নঘটিব নে?”
\v 55 সেই সময়ত যীচুৱে লোক সকলক কলে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলো, তেতিয়া তোমালোকে মোক নধৰিলা,
\v 56 কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গল।
\s মহাসভাৰ আগত সোধ বিচাৰ
\p
\v 57 পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহাপুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
\v 58 কিন্তু পিতৰে মহাপুৰোহিতৰ চোতাললৈকে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
\v 59 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
\v 60 অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু কলে,
\v 61 “এওঁ কৈছিল ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিনি দিনৰ ভিতৰতে তাক সাজিব পাৰো’।”
\v 62 তেতিয়া মহাপুৰোহিতে উঠি যীচুক কলে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
\v 63 কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহাপুৰোহিতে তেওঁক কলে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছো, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
\v 64 যীচুৱে তেওঁক কলে, “তুমি সঁচাকৈ কলা; তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিবা।”
\v 65 তেতিয়া মহাপুৰোহিতে নিজৰ কাপোৰ ফালি কলে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
\v 66 গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি কলে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
\v 67 তেতিয়া তেওঁলোকে যীচুৰ মুখত থু পেলাই ভুকুৱালে;
\v 68 আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হেৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
\s পিতৰে যীচুক অস্বীকাৰ কৰা
\p
\v 69 সেই সময়ত পিতৰ বাহিৰ ফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু কলে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
\v 70 কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি কলে, ‘তুমি কি কৈছা, মই বুজা নাই’।
\v 71 পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গল, তাতো আন এজনী চাকৰণীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত কলে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
\v 72 তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি কলে, “মই সেই মানুহ জনক চিনি নাপাও”।
\v 73 অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক কলে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
\v 74 তাতে তেওঁ শাও দি আৰু শপত খাই কলে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
\v 75 তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।
\c 27
\s পীলাতৰ আগত যীচুৰ সোধ বিচাৰ আৰু প্ৰাণদণ্ডৰ আজ্ঞা
\p
\v 1 পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে;
\v 2 তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।
\v 3 তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহূদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে;
\v 4 আৰু কলে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলো”; কিন্তু তেওঁলোকে কলে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’।
\v 5 তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ললে।
\v 6 পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ কলে, “এই ৰূপ তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থোৱা বিধান সন্মত নহয়”।
\v 7 তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে।
\v 8 এই কাৰণে আজিলৈকে সেই পথাৰ ‘তেজৰ মাটি’ বুলি জনাজাত।
\v 9 তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ‘ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ ত্রিশ টা ৰূপৰ মুদ্ৰা সিহঁতে ললে,
\v 10 আৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে’, এই বচন সিদ্ধ হ’ল।
\p
\v 11 যীচুক পাছত সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি যিহূদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক কলে, ‘ঠিক তুমিয়েই কৈছা’।
\v 12 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে।
\v 13 তেতিয়া পীলাতে তেওঁক কলে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’?
\v 14 কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
\p
\v 15 সেই পৰ্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো দাবী কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়াৰ এনে প্ৰথা আছিল।
\v 16 সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল।
\v 17 তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, ‘মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক’?
\v 18 কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল।
\v 19 পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোতে তেওঁৰ ভাৰ্য্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলো বহুত দুখ পালো’।
\v 20 কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে বাৰাব্বাক মুকলি কৰি দিবলৈ আৰু যীচুক বধ কৰিবলৈ লোক সকলক উচটালে।
\v 21 তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁলোকক কলে, ‘এই দুই জনৰ মাজত মই কোন জনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা’? তেওঁলোকে কলে, ‘বাৰাব্বাক’।
\v 22 পীলাতে তেওঁলোকক কলে, ‘তেনে হলে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম’? সকলোৱে কলে, ‘তাক ক্রুচত দিয়ক’।
\v 23 তাতে তেওঁ কলে, ‘কিয়? তেওঁ কি দোষ কৰিলে’? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি কলে, ‘তাক ক্রুচত দিয়ক’।
\p
\v 24 তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই কলে, ‘এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা’।
\v 25 তাতে সকলোৱে উত্তৰ দিলে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।
\v 26 তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্রুচত দিবলৈ শোধাই দিলে।
\p
\v 27 তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;
\v 28 আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ \f + \ft মূল গ্ৰীক ভাষাৰ পৰা ইংৰাজী অনুবাদত Scarlet. ৰঙা উজ্জল বস্ত্ৰ। \f* ৰাজবস্ত্ৰ পিন্ধাই দিলে৷
\v 29 কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মূৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে, “হে, যিহূদী সকলৰ ৰজা, জয় হওক”!
\v 30 তাতে তেওঁলোকে যীচুৰ গাত থু পেলালে আৰু দণ্ড ডাল লৈ মূৰত কোবালে।
\v 31 এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্রুচত দিবলৈ লৈ গল।
\s যীচুৰ ক্ৰুচত মৃত্যু
\p
\v 32 পাছত তেওঁলোক ওলাই যাওঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক বিচাৰি পালে, তেওঁলোকে তেওঁক যীচুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে।
\v 33 তেওঁলোকে তেতিয়া গলগথা, অৰ্থাৎ ‘মুৰৰ লাওখোলা’ নামৰ এখন ঠাই পালে।
\v 34 তাতে তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে।
\v 35 পাছত তেওঁলোকে যীচুক ক্রুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ বাঁটি ললে;
\v 36 আৰু তাতে বহি তেওঁলোকে যীচুক পহৰা দি থাকিল।
\v 37 তেওঁৰ এই অপবাদ লিখি মুৰত এখন ফলক আৰি দিলে, “এই জন যিহূদী সকলৰ ৰজা যীচু৷”
\p
\v 38 সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্রুচত দিয়া হ’ল।
\v 39 তাতে যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাসকলে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি কলে,
\v 40 “হেৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহাঁ”।
\v 41 সেইদৰে প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলে বিদ্ৰূপ কৰি কলে,
\v 42 “তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।
\p
\v 43 তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভাল পায়, তেনেহলে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।”
\v 44 তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰেই নিন্দা কৰিলে।
\p
\v 45 পাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
\v 46 আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”?
\v 47 তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি কলে, “তেওঁ এলিয়াক মাতিছে”।
\v 48 তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পূৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে।
\v 49 কিন্তু আনবোৰে কলে, “অকলে থাকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ”।
\v 50 তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণ ত্যাগ কৰিলে।
\p
\v 51 চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;
\v 52 তেতিয়া মৈদামবোৰ মুকলি হৈ গল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল।
\v 53 তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ’ল আৰু বহু ব্যক্তিক দেখা দিলে।
\v 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই কলে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’।
\v 55 গালীল প্ৰদেশৰ পৰা তেওঁক শুশ্ৰূষা কৰা বহু মহিলা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷
\v 56 তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷
\s যীচুক মৈদাম দিয়া
\p
\v 57 তেতিয়া গধূলি হৈ আহিছিল, তালৈ অৰিমাথিয়া নগৰৰ পৰা এজন ধনী মানুহ আহিল, তেওঁৰ নাম যোচেফ, তেওঁ যীচুৰ শিষ্য আছিল৷
\v 58 তেওঁ পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ খুজিলে; তেতিয়া পীলাতে দেহ দিবলৈ আজ্ঞা দিলে।
\v 59 পাছত যোচেফে দেহ লৈ, শণ সূতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে,
\v 60 আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল, তাৰ ভিতৰত দেহটো শুৱাই থলে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গল।
\v 61 কিন্তু মগ্দলীনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ, মৈদামৰ বিপৰীত দিশত বহি আছিল।
\v 62 পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা, প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে পীলাতৰ ওচৰত গোট খাই কলে,
\v 63 “হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোতে কৈছিল, ‘তিনি দিনৰ দিনা মই পুনৰাই উঠিম’, এতিয়া এই কথা আমাৰ মনত পৰিছে।
\v 64 এই হেতুকে, তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক; কিজানি তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক কব, ‘তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল’; যদি সেয়ে হয় তেনেহলে ই প্ৰথম ভ্ৰান্তিতকৈয়ো শেষ ভ্ৰান্তি অধিক হানিজনক হব”।
\v 65 তেতিয়া পীলাতে তেওঁলোকক কলে, “তোমালোকে এদল চন্তৰী লোৱা; এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ”।
\v 66 তাৰ পাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এদল চন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।
\c 28
\s যীচুৰ পুনৰুত্থান
\p
\v 1 তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গল।
\v 2 চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
\v 3 তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
\v 4 কিন্তু সেই মহিলা কেইজনীক,
\v 5 দূতে মাত লগাই কলে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছো।
\v 6 তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহাঁ, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
\v 7 এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱা গৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক কলো”।
\v 8 তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গল।
\v 9 তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ কলে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
\v 10 তেতিয়া যীচুৱে তেওঁলোকক কলে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
\p
\v 11 পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
\v 12 তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি কলে,
\v 13 “আমি টোপনিত থাকোতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি কবা।
\v 14 এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়টোৰ পৰা দূৰত ৰাখিম”।
\v 15 তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা যিহূদী সকলৰ মাজত বিয়পি গল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
\s শিষ্যবোৰৰ প্ৰতি যীচুৰ শেষ আজ্ঞা
\p
\v 16 পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গল;
\v 17 আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
\v 18 তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক কলে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ’ল।
\v 19 এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
\v 20 মই যি যি আজ্ঞা তোমালোকক দিলো, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছো”। মাৰ্কে লিখা শুভবাৰ্তা

1053
42-MRK.usfm Normal file
View File

@ -0,0 +1,1053 @@
\id MRK
\ide UTF-8
\h মাৰ্কে লিখা
\toc1 মাৰ্কে লিখা
\toc2 মাৰ্কে লিখা
\toc3 mrk
\mt1 মাৰ্কে লিখা
\c 1
\s যোহন বাপ্তাইজকৰ প্ৰচাৰ
\p
\v 1 ঈশ্বৰৰপুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
\v 2 যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে,
\q1 ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ,
\q1 তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
\q1
\v 3 “মৰুপ্ৰান্তত \f + \ft শিলম, গছ-গছনি নথকা পৰিত্যাক্ত ভূমি \f* এজনৰ কণ্ঠস্বৰ শুনা গৈছে, \f + \ft মলা 3:1; যিচ 40:3 \f*
\q1 ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা,
\q1 তেওঁৰ বাট পোন কৰা৷’”
\p
\v 4 এইদৰে মৰুপ্ৰান্তত, মনপালটন আৰু পাপ মোচনৰ অৰ্থে বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহি উপস্থিত হল।
\v 5 তাতে গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, \f + \ft গীত 32:5; হিতো 28:13; 1 যো 8:10 \f* তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ললে।
\v 6 সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
\p
\v 7 তেওঁ ঘোষণা কৰি কলে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, মূৰ দোঁৱাই তেওঁৰ পাদুকাৰ ফিতাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।
\v 8 মই তোমালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।” \f + \ft পাঁ 1:5, 8; 2:1-4 \f*
\s যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা
\p
\v 9 সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ললে।
\v 10 তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
\v 11 আৰু এই আকাশী বাণী হ’ল, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।” \f + \ft মলা 3:1; যিচ 40:3 \f*
\p
\v 12 তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গল।
\v 13 সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
\s যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য যোহন বাপ্তাইজকক বধ কৰা
\p
\v 14 যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
\v 15 যীচুৱে প্ৰচাৰ কৰি কলে, “কাল সম্পূৰ্ণ হ’ল, \f + \ft গীত 32:5; হিতো 28:13; 1 যো 8:10 \f* আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মনপালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা।”
\p
\v 16 পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, \f + \ft পাঁ 1:5, 8; 2:1-4 \f* চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
\v 17 তেতিয়া যীচুৱে তেওঁলোকক কলে, “মোৰ পাছত আহাঁ; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”
\v 18 তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গল।
\p
\v 19 পাছত যীচুৱে অলপ দূৰ আগুৱাই যাওতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱঁত জাল মেৰামতি কৰি আছিল।
\v 20 তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱা সকলক নাৱঁৰ সৈতে এৰি যীচুৰ পাছে পাছে গল।
\p
\v 21 পাছত তেওঁলোকে কফৰনাহূমলৈ গল আৰু বিশ্ৰামবাৰ আহিলত নামঘৰত সোমাই উপদেশ দিলে।
\v 22 তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
\p
\v 23 সেই সময়ত তেওঁলোকৰ সেই নামঘৰতে অশুচি আত্মাই \f + \ft লূক 4:33-37 \f* ধৰা এজন মানুহ আছিল। তেওঁ চিঞঁৰি কলে,
\v 24 “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।”
\v 25 কিন্তু যীচুৱে তাক দবিয়াই কলে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
\v 26 তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞঁৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গল।
\p
\v 27 তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে।”
\v 28 তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গল।
\p
\v 29 পাছত তেওঁলোকে নামঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
\v 30 তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
\v 31 তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
\p
\v 32 সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগী আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
\v 33 আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
\v 34 তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদিলে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
\p
\v 35 অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
\v 36 পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গল৷
\v 37 পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে।”
\p
\v 38 তাতে তেওঁ তেওঁলোকক কলে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলো।” \f + \ft গীত 40:7-9; যিচ 61:1 \f*
\v 39 পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নামঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদিলে।
\p
\v 40 তাতে এজন কুষ্ঠ ৰোগী \f + \ft মথি 8:2-4; লূক 5:12-15 \f* তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ কলে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
\v 41 তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই কলে, “মই ইচ্ছা কৰিছো৷ শুচি হোৱা।”
\v 42 তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আঁতৰিল আৰু তেওঁ শুচি হ’ল।
\p
\v 43 যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
\v 44 যীচুৱে তেওঁক কলে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰলৈ গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গা কৰাগৈ।”
\p
\v 45 কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্য ৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিব লগীয়া হ’ল, তথাপি চাৰিওফালৰ পৰা লোক সকল তেওঁৰ ওচৰলৈ আহি আছিল।
\c 2
\s এজন জঠৰ ৰোগীক সুস্থ কৰা
\p
\v 1 কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,
\v 2 ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
\p
\v 3 তেতিয়া লোক সকলে চাৰি \f + \ft মথি 9:2-17; লূক 5:19-39 \f* জনে কঢ়িয়াই অনা এজন পক্ষ্যাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে।
\v 4 কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষ্যাঘাত ৰোগীজনক শোৱা-পাটীৰে সৈতে তললৈ নমাই দিলে।
\p
\v 5 তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক কলে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল।”
\v 6 কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি কলে,
\v 7 “এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। ঈশ্বৰৰ বাহিৰে কোনে পাপ ক্ষমা কৰিব পাৰে?” \f + \ft যিচ 43:25; দা 9:9 \f*
\p
\v 8 তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে \f + \ft গীত 139:2; যো 2:25; প্ৰ 2:23 \f* ; সেয়েহে তেওঁলোকক কলে, “তোমালোকে অন্তৰত কিয় এনে কথা ভাবিছা?
\v 9 ‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত জঠৰ ৰোগীজনক কোনটো কবলৈ সহজ?
\p
\v 10 কিন্তু তোমালোকে যেন জানা যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ জঠৰ ৰোগীজনক কলে,
\v 11 “মই তোমাক কওঁ, উঠা, তোমাৰ শোৱা-পাটী তুলি লৈ, নিজৰ ঘৰলৈ যোৱা।”
\v 12 তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শোৱা-পাটী তুলি লৈ ওলাই গল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি কলে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
\s লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে যোহন বাপ্তাইজকক বধ কৰাশিক্ষা
\p
\v 13 তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।
\v 14 পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক কলে, “মোৰ পাছে পাছে আহাঁ।” তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গল।
\p
\v 15 যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকাৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
\v 16 তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকাৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক কলে, “এওঁ কিয় কৰ সংগ্রহকাৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে?”
\p
\v 17 যীচুৱে ইয়াকে শুনি তেওঁলোকক কলে, “নিৰোগী মানুহৰ বেজৰ সকাম নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয়, কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছো।”
\p
\v 18 এবাৰ যোহনৰ শিষ্য আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি?”
\v 19 তেতিয়া যীচুৱে তেওঁলোকক কলে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
\p
\v 20 কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।
\v 21 কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।
\p
\v 22 পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়।”
\s বিশ্রামবাৰৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 23 তাৰ পাছত তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে। \f + \ft মথি 12:1-15; লূক 6:1-11 \f*
\v 24 তাতে ফৰীচী সকলে যীচুক কলে, “চাওক, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে?”
\p
\v 25 তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে?
\v 26 তেওঁ কেনেকৈ অবিয়াথৰ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে?”
\p
\v 27 যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহয়;
\v 28 এই হেতুকে মানুহৰ পুত্র বিশ্রামবাৰও অধিপতি।”
\c 3
\p
\v 1 তাৰ পাছত যীচু পুনৰ নামঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
\v 2 বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
\p
\v 3 তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক কলে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা।”
\v 4 তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম কৰা উচিত নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰবধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়?” কিন্তু তেওঁলোক মনে মনে থাকিল।
\p
\v 5 তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক কলে, “তোমাৰ হাত খন মেলি দিয়া।” তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
\v 6 তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
\s অনেক মানুহ যীচুৰ পাছে পাছে যোৱা
\p
\v 7 তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গল; তেতিয়া গালীল আৰু যিহূদিয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
\v 8 আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
\p
\v 9 তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
\v 10 কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
\p
\v 11 আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু আটাহ পাৰি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ।’
\v 12 কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
\s বাৰ জনক পাঁচনি পদ দিয়া
\p
\v 13 পাছে তেওঁ পৰ্বতত উঠি \f + \ft মথি 10:1-4; লূক 10:12-16 \f* , যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
\v 14 তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
\v 15 আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
\v 16 তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
\p
\v 17 চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
\v 18 আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
\v 19 আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
\s যীচুক নিন্দা কৰা, আৰু ক্ষমা নোহোৱা পাপ
\p
\v 20 পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
\v 21 তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গল।
\v 22 আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে কলে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
\p
\v 23 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে কলে, “চয়তানে চয়তানক কেনেকৈ খেদিব পাৰে?
\v 24 যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
\v 25 আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
\p
\v 26 চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
\v 27 বলৱান \f + \ft যিচ 49:24, 25 \f* জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
\p
\v 28 মই তোমালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলে কৰা সকলো বিধৰ পাপ, ক্ষমা কৰা হয়;
\v 29 কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ পাপ কোনো কালে ক্ষমা নহব; সি অনন্ত পাপৰ অধিকাৰী।”
\v 30 যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
\p
\v 31 এনেতে \f + \ft মথি 12:46-50; লূক 8:9-21 \f* তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
\v 32 তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক কলে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে।”
\p
\v 33 তাতে তেওঁ উত্তৰ দি তেওঁলোকক কলে, “মোৰ আই আৰু মোৰ ভাই সকল কোন?”
\v 34 পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ কলে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
\v 35 কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইও হয়৷”
\c 4
\s এজন খেতিয়কৰ দৃষ্টান্ত
\p
\v 1 তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাওত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
\v 2 তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে \f + \ft মথি 13:1-33; লূক 8:4, 5৷ \f* আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:
\v 3 “শুনা, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গল।
\v 4 তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
\v 5 কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোণকালে গজিল
\v 6 কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, \f + \ft গীত 1:4; ইফি 3:19; কল 2:7৷ \f* সেইবোৰ শুকাই গল।
\v 7 কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
\p
\v 8 আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল \f + \ft যো 15:5; কল 1:6, 10; ইব্ৰী 6:7, 8; 2 পি 1:8৷ \f* উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
\v 9 তেওঁ কলে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\p
\v 10 তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
\v 11 তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
\q1
\v 12 যাতে তেওঁলোকে যেতিয়া চায়, তেওঁলোকে চায় হয়; কিন্তু দেখা নাপায়,
\q1 আৰু তেওঁলোকে শুনে; কিন্তু বুজি নাপায়,
\q1 অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
\p
\v 13 পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
\v 14 সেই খেতিয়কেই বাক্য সিচেঁ।
\v 15 য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে \f + \ft পি 5:8; ইব্ৰী 2:1৷ \f* আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
\p
\v 16 সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
\v 17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
\p
\v 18 আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
\v 19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ \f + \ft লূক 21:34; 1 যো 2:16, 17৷ \f* সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
\v 20 আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
\p
\v 21 যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
\v 22 কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই \f + \ft উপ 12:14; লূক 12:2; 1 কৰি 4:5৷ \f* আৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
\v 23 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\p
\v 24 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
\v 25 কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
\s শস্য গজি বঢ়াৰ দৃষ্টান্ত
\p
\v 26 যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
\v 27 তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
\v 28 পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
\v 29 তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
\s সৰিয়হ গুটিৰ দৃষ্টান্ত
\p
\v 30 যীচুৱে পুনৰ কলে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
\v 31 সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
\v 32 কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই জোপোহা শাকতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস সাজিব পাৰে।”
\p
\v 33 এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য কলে৷
\v 34 কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।
\s ধুমুহা বতাহ শান্ত কৰা
\p
\v 35 সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক কলে, “আমি সিপাৰলৈ যাওঁহক৷”
\v 36 তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাওত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গল; আৰু আন আন নাৱোঁ তেওঁলোকৰ লগত আছিল।
\v 37 পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
\p
\v 38 সেই সময়ত তেওঁ নাৱওৰ গুৰি ফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই কলে, “হে গুৰু, আমি এতিয়া মৰোঁহে, ইয়ালৈ আপুনি চিন্তা নকৰে নে?”
\v 39 তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো কলে, “শান্ত হ আৰু থিৰে থাক৷” তেতিয়া বতাহ আঁতৰিল, আৰু অতি শান্ত হৈ পৰিল।
\p
\v 40 যীচুৱে তেওঁলোকক কলে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
\v 41 তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”
\c 5
\s ভূতে পোৱা মানুহ এজনক সুস্থ কৰা
\p
\v 1 তাৰ পাছত \f + \ft মথি 8:28-34; লূক 826-39৷ \f* তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে।
\v 2 যীচুৱে নাওৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিবলৈ আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷
\p
\v 3 সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷
\v 4 তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
\p
\v 5 প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞঁৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
\v 6 যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷
\v 7 তাৰ পাছত তেওঁ আটাহ পাৰি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছো, মোক যাতনা নিদিব।”
\v 8 কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা।”
\v 9 পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক কলে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছো।”
\v 10 পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি কলে।
\p
\v 11 সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল।
\v 12 তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷”
\v 13 তাতে তেওঁ অনুমতি দিয়াৰ পাছত, সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
\p
\v 14 তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাৱঁবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱা ঘটনাটোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;
\v 15 আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
\p
\v 16 সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷
\v 17 তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ বিনয় কৰিলে৷
\p
\v 18 পাছত যীচুৱে সেই ঠাই এৰি যাবৰ বাবে নাওত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
\v 19 কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি কলে, “তুমি আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনত কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।” \f + \ft গীত 66:16; যিচ 38:19 \f*
\v 20 তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলেz, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।
\s এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা
\p
\v 21 পাছত যীচুৱে যেতিয়া নাৱেঁৰে আকৌ সিপাৰলৈ গল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল। \f + \ft মথি 9:18-26; লূক 8:40-56৷ \f*
\v 22 এনেতে যায়ীৰ নামেৰে নাম ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
\v 23 তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
\v 24 তেতিয়া যীচু তেওঁৰ লগত গল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি ধৰিলে।
\p
\v 25 আৰু সেই সময়ত তাত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগত ভোগি থকা তিৰোতা এজনী আছিল৷
\v 26 অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷
\v 27 তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছ ফালেদি আহি, তেওঁৰ দহি চুলে৷
\p
\v 28 কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ দহি মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম।’
\v 29 তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা বন্ধ গল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।
\v 30 সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”
\v 31 তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”
\v 32 কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।
\p
\v 33 তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা কলে৷
\v 34 তাতে যীচুৱে তেওঁক কলে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; \f + \ft মার্ক 10:52; লূক 7:50; 17:19৷ \f* শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
\p
\v 35 তেওঁ এই কথা কৈ থাকোতে, নাম ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি কলে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”
\p
\v 36 কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”
\v 37 পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহনৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
\v 38 তেওঁলোকে নাম ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাত ক্ৰন্দন আৰু বিলাপ কৰাবোৰক দেখিলে।
\p
\v 39 পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক কলে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?
\v 40 ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গল।
\p
\v 41 পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, উঠা।”
\v 42 সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।
\v 43 পাছত এই কথা যেন কোনেও নাজানে তাৰ বাবে তেওঁ তেওঁলোকক দৃঢ় আজ্ঞা দিলে আৰু তাইক খোৱা বস্তু দিবলৈ কলে।
\c 6
\s যীচুৱে নিজ নগৰত অগ্রাহ্য হোৱা
\p
\v 1 তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ \f + \ft মথি 13:53-58; লূক 4:16-30৷ \f* আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল।
\v 2 পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা কৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এই ৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?
\v 3 ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচি, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
\p
\v 4 তেতিয়া যীচুৱে তেওঁলোকক কলে, “নিজৰ নগৰ, নিজৰ জ্ঞাতি আৰু নিজৰ ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”
\v 5 সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷
\v 6 তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
\s পাঁচনি সকলক পঠিওৱা
\p
\v 7 যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি,
\v 8 এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালৰ বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত \f + \ft টঙালি বা কটিবন্ধন ককালত বন্ধা কাপুৰ, তাৰ ভাজত টকা-পইচাও লৈযাব পৰে। \f* পইচাও, নলয়;
\v 9 আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
\p
\v 10 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।
\v 11 কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
\p
\v 12 পাছত তেওঁলোকে ওলাই গৈ লোক সমূহে যন মনপালটন \f + \ft যিহি 18:30-32; পাঁ 17:30; 26:20৷ \f* কৰে তাৰ কাৰণে প্রচাৰ কৰিলে; আৰ
\v 13 বহুত ভূত খেদিলে আৰু বহুত নৰিয়াত পৰা লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
\s যোহন বাপ্তাইজকক বধ কৰা
\p
\v 14 এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে কব ধৰিলে বোলে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে।”
\v 15 কিন্তু অন্য কিছুমানে কলে, “তেওঁ এলিয়া;” আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী।”
\p
\v 16 কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল।”
\v 17 কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্য্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
\p
\v 18 আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়।”
\v 19 এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল।
\v 20 কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
\p
\v 21 কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশভোজলৈ নিমন্ত্ৰণ কৰিছিল৷
\v 22 তাতে হেৰোদিয়াৰ জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক কলে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম।”
\p
\v 23 আৰু শপত খাই তাইক কলে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷”
\v 24 তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ কলে, “যোহন বাপ্তাইজকৰ মূৰ।”
\v 25 তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি কলে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন কাহিঁত আনি মোক দিয়াটো ইচ্ছা কৰো।”
\p
\v 26 তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে,
\v 27 তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে,
\v 28 আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।
\v 29 পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গল আৰু মৈদাম দিলে।
\s পাঁচ হাজাৰ মানুহক খুউৱা৷
\p
\v 30 পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
\v 31 তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
\v 32 তেতিয়া শিষ্য সকল নাওত উঠি নিৰ্জন ঠাই এখনলৈ গল।
\p
\v 33 কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়ে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
\v 34 যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেওলোকক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেওলোকক ৰখীয়া নোহোৱা মেষৰ নিচিনা আছিল৷ তেওঁ তেওলোকক অনেক উপদেশ দিবলৈ ধৰিলে।
\p
\v 35 পাছত \f + \ft মথি 14:15-36; লূক 9:12-17; যো 6:5-21 \f* দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি কলে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গল;
\v 36 গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেওলোকক ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
\p
\v 37 কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোইে তেওলোকক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলিৰ \f + \ft দীনাৰ \f* পিঠা কিনি তেওঁলোকক খাবলৈ দিম নে?”
\v 38 কিন্তু তেওঁ শিষ্য সকলক কলে, “তোমালোকৰ লগত কেইটা পিঠা আছে?” পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে।”
\p
\v 39 তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
\v 40 তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
\v 41 তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদ \f + \ft মথি 26:26; লূক 24:30৷ \f* কৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
\v 42 তাতে সকলোৱে খাই তৃপ্ত হ’ল।
\v 43 পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
\v 44 সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
\s পানীৰ ওপৰত খোজ কঢ়া
\p
\v 45 তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
\v 46 তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা \f + \ft মার্ক 1:35৷ \f* কৰিবলৈ পৰ্বতৰ ওপৰলৈ গল।
\v 47 সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজ পাইছিল আৰু তেওঁ অকলে বামত আছিল।
\p
\v 48 পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
\v 49 কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞঁৰি উঠিল;
\v 50 কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকক কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
\p
\v 51 পাছত তেওঁ শিষ্য সকলৰ লগত নাওত উঠিল আৰু বতাহো নাইকিয়া হব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
\v 52 কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
\p
\v 53 তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাওখন লগালে।
\v 54 আৰু তেওঁলোকে নাওৰ পৰা নামি আহোতে সেই ঠাইৰ লোক সকলে যীচুক চিনি পালে৷
\v 55 তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
\p
\v 56 তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া পৰা সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সেই সকলোৱে সুস্থ হল।
\c 7
\s অশুচিতাৰ বিষয়ে শিক্ষা
\p
\v 1 তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷
\p
\v 2 তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচিকৈ অৰ্থাৎ, হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল।
\v 3 কিয়নো ফৰীচী আৰু আন যিহূদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়ম তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে।
\v 4 আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে, অৰ্থাৎ, তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ বা লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।
\p
\v 5 তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে?”
\p
\v 6 তেতিয়া তেওঁ কলে, “তোমালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
\q1
\v 7 তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে,
\q1 আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
\p
\v 8 তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছা।”
\v 9 তেওঁ পুনৰ কলে, “তোমালোকে এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছা।
\v 10 কিয়নো মোচিয়ে কলে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক।”
\p
\v 11 “কিন্তু তোমালোকে কোৱা, ‘যে কোনোৱে, নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে তোমালোকৰ সহায় হব পাৰিলো হেঁতেন, সেইবোৰ কৰ্ব্বান \f + \ft ঈশ্বৰলৈ উৎসৰ্গা দান কৰা হৈছে৷ \f* (অৰ্থাৎ ঈশ্বৰলৈ উৎসৰ্গা কৰা) কৰা হৈছে;
\v 12 তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই;
\v 13 এইদৰে তোমালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম তোমালোকে কৰা।”
\p
\v 14 পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ কলে, “তোমালোক সকলোৱে মোৰ কথা শুনা আৰু বুজি লোৱা।
\v 15 বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলায়, সেইবোৰেহে মানুহক অশুচি কৰে। \f + \ft কিছুমান পুৰণি অনুলিপিত লিখা আছে 16 পদ: কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক৷ \f* 16 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\p
\v 17 পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে।
\v 18 তাতে যীচুৱে তেওঁলোকক কলে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,
\v 19 কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি কলে।
\v 20 তেওঁ পুনৰ কলে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে।
\v 21 কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ, মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,
\v 22 পৰস্ত্ৰী-গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
\v 23 এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
\s এজনী অনা-যিহূদী তিৰোতাৰ জীয়েকক সুস্থ কৰা
\p
\v 24 পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আঁতৰি গল। তাতে এখন ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে।
\v 25 যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল।
\v 26 সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।
\p
\v 27 তেতিয়া তেওঁ তাইক কলে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
\v 28 কিন্তু উত্তৰত তাই কলে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়।”
\p
\v 29 তাতে তেওঁ তাইক কলে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গল।”
\v 30 পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গল।
\s কলা আৰু খোনা মানুহ এজনক সুস্থ কৰা
\p
\v 31 আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল।
\v 32 তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।
\p
\v 33 তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি;
\v 34 থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি কলে- “ইফ্ ফাথা, অর্থাৎ মুকলি হওক”।
\v 35 তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা কবলৈ ধৰিলে।
\p
\v 36 পাছত এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে;
\v 37 আৰু তেওঁলোকে অতিশয় বিস্ময় মানি কলে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা কবলৈ শক্তি দিয়ে।”
\c 8
\s প্ৰায় চাৰি হাজাৰ মানুহক খাবলৈ দিয়া
\p
\v 1 সেই সময়ত \f + \ft মথি 15:32-39 \f* বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি কলে,
\v 2 “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
\v 3 যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে।”
\v 4 তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক কলে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি কৰ পৰা যোগাৰ কৰিব পাৰিম?”
\p
\v 5 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা।”
\v 6 তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
\p
\v 7 আৰু তেওঁলোকৰ লগত অলপ মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ কলে।
\v 8 তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ তুলিলত সাতোটা পাচি ভৰি পৰিল।
\v 9 তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
\v 10 তেওঁ শিষ্য সকলৰ সৈতে নাওত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গল।
\s ফৰীচী সকলৰ শিক্ষালৈ সাৱধান কৰোঁৱা
\p
\v 11 তেতিয়া \f + \ft মথি 16:1-12 \f* ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
\v 12 তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই কলে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহব।”
\v 13 পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাওত উঠি সিপাৰলৈ গুচি গল।
\p
\v 14 তেতিয়া শিষ্য সকলে লগত পিঠা লবলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাওত একোৱেই নাছিল।
\v 15 এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি কলে, “চাবা, তোমালোকে ফৰীচী আৰু হেৰোদৰ খমিৰলৈ সাৱধান হবা।”
\p
\v 16 তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি কলে, “অ! আমাৰ পিঠা নাই।”
\v 17 যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক কলে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
\p
\v 18 তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
\v 19 মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলো, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে কলে, “বাৰটা”।
\p
\v 20 “আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলো, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে কলে, “সাতোটা”।
\v 21 তেতিয়া তেওঁ তেওঁলোকক কলে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
\s এজন অন্ধক চকু দিয়া
\p
\v 22 পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
\v 23 তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাৱঁৰ বাহিৰলৈ লৈ গল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
\p
\v 24 তেতিয়া তেওঁ চকু তুলি চাই কলে, “মানুহবোৰক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
\v 25 তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
\v 26 পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি কলে, “নগৰত নোসোমাবা।”
\s যীচু সেই অভিষিক্ত জনা; যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
\p
\v 27 পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে কৈচৰীয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গল \f + \ft মথি 16:13-28; লূক 9:18-28 \f* ৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
\v 28 তেতিয়া তেওঁলোকে কলে- “কিছুমানে যোহন বাপ্তাইজক; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
\p
\v 29 তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক কলে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জনা।”
\v 30 তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
\p
\v 31 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; কিন্তু তিনি দিনৰ দিনা তেওঁ পুনৰাই জী উঠিব লাগিব।
\v 32 তেওঁ এই কথা স্পষ্টভাৱে কলে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
\p
\v 33 কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই কলে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
\v 34 পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি কলে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ \f + \ft ৰো 6:6; গালা 2:20, 5:24, 6:14 \f* তুলি মোৰ পাছে পাছে আহক।
\p
\v 35 কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব। \f + \ft তী 2:11, 12 \f*
\v 36 কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱায়, তেনেহলে তেওঁৰ কি লাভ?
\v 37 কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
\p
\v 38 কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
\c 9
\p
\v 1 যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
\s যীচুৱে অন্যৰূপ ধৰা
\p
\v 2 তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল। \f + \ft মথি 16:13-28; লূক 9:18-27 \f*
\v 3 তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
\p
\v 4 তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
\v 5 তাতে পিতৰে মাত লগাই যীচুক কলে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
\v 6 কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
\p
\v 7 তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা।”
\v 8 পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
\p
\v 9 পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নকবা।”
\v 10 তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু মৃত্যুৰ পৰা পুনৰুত্থান কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
\p
\v 11 পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
\v 12 তাতে তেওঁ তেওঁলোকক কলে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনৰ প্ৰতিষ্ঠা কৰে; তেনেহলে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হব?
\v 13 কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
\s ভূতে ধৰা এটা ল’ৰাক সুস্থ কৰা
\p
\v 14 পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
\v 15 তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
\v 16 তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
\p
\v 17 তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
\v 18 সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদিবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলো, কিন্তু তেওঁলোকে নোৱাৰিলে।”
\v 19 তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
\p
\v 20 তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
\v 21 তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ কলে, “শিশু কালৰে পৰা হৈছে;
\v 22 আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
\p
\v 23 তেতিয়া যীচুৱে তেওঁক কলে, “যদি পাৰে বুলি কলা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।” \f + \ft গীত 22:1-18; যিচ 53:3-10; দা 9:26; লূক 24:26 \f*
\v 24 তেতিয়া সেই ল’ৰা জনৰ বাপেকে বৰমাতেৰে কলে, “বিশ্বাস কৰিছো; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
\v 25 তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে লৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই কলে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছো, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
\v 26 তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰ মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে কলে, “সি মৰিল।”
\v 27 কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
\p
\v 28 পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলো?”
\v 29 তাতে তেওঁ তেওঁলোকক কলে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
\s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱা
\p
\v 30 পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
\v 31 কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিনি দিনৰ পাছত তেওঁ পুনৰায় উঠিব।’
\v 32 কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
\s নম্ৰতা আৰু প্ৰেমৰ বিষয়ে শিক্ষা
\p
\v 33 এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
\v 34 কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, \f + \ft -24; লূক 17:5, 6; যো 11:40 \f* সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
\v 35 তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি কলে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হব।
\p
\v 36 তেতিয়া তেওঁ শিশু এটিক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
\v 37 তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক কলে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকে গ্ৰহণ কৰে।”
\p
\v 38 তেতিয়া যোহনে তেওঁক কলে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলো; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলো।”
\v 39 তেতিয়া যীচুৱে কলে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
\p
\v 40 কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
\v 41 যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
\p
\v 42 কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হব।
\v 43-44 যদি তোমাৰ হাত তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
\p
\v 45-46 যদি তোমাৰ ভৰি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
\p
\v 47 আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল।
\v 48 কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
\p
\v 49 কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হব।
\v 50 লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।” \f + \ft ৰো 12:18; 14:19; 2 কৰ 13:11 \f*
\c 10
\s ত্যাগ-পত্ৰৰ বিষয়ে শিক্ষা
\p
\v 1 তাৰ পাছত যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়াৰ সীমালৈ গল \f + \ft মথি 19:1-12 \f* ; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।
\p
\v 2 তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাটো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল।
\v 3 তেতিয়া তেওঁ উত্তৰ দি কলে, “মোচিয়ে তোমালোকক কি আজ্ঞা দিলে?”
\v 4 তেওঁলোকে কলে, “এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মোচিয়ে পুৰুষক অনুমতি দিলে।” \f + \ft দ্বি বি 24:1; মথি 5:31; \f*
\p
\v 5 যীচুৱে তেওঁলোকক কলে, “তোমালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা তোমালোকৰ বাবে লিখিলে,
\v 6 কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।
\q1
\v 7 ‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,
\q1
\v 8 আৰু দুয়ো এক দেহ হব। \f + \ft আদি 1:27; 2:24 \f* গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’
\p
\v 9 এতেকে ঈশ্বৰে যাক যোগ কৰিলে, তাক কোনোও বিয়োগ নকৰক।”
\p
\v 10 পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্য সকলে এই বিষয়ে আকৌ তেওঁক সুধিলে।
\v 11 তাতে তেওঁ তেওঁলোকক কলে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷
\v 12 আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”
\s শিশু সকলক আশীৰ্বাদ কৰা
\p
\v 13 পাছত লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে। \f + \ft মথি 19:13-30; লূক 18:15-30 \f*
\v 14 তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ কলে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।
\p
\v 15 মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”
\v 16 পাছত তেওঁ সিহঁতক কোলাত ললে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে।
\s ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা
\p
\v 17 পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হবলৈ মই কি কৰিব লাগিব?”
\v 18 যীচুৱে কলে, “মোক সৎ কিয় বুলিছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
\v 19 তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
\p
\v 20 মানুহ জনে কলে, “হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছো।”
\v 21 তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি কলে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহাঁ, মোক অনুসৰণ কৰা।”
\v 22 সেই কথাত তেওঁৰ মুখ কলা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।
\p
\v 23 পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক কলে, “ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!”
\v 24 তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক কলে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, \f + \ft গীত 52:7; 62:10; 1 তীম 6:17 \f* তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
\v 25 ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।”
\p
\v 26 তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
\v 27 যীচুৱে তেওঁলোকৰ ফালে চাই কলে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”
\v 28 পিতৰে তেওঁক কবলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলো।”
\p
\v 29 যীচুৱে কলে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে,
\v 30 তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।
\v 31 কিন্তু আগ হোৱা সকলৰ অনেক লোক পাছ হব আৰু পাছ হোৱা সকল আগ হব।”
\s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা
\p
\v 32 তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ \f + \ft মথি 20:17-34; লূক 18:31-43 \f* যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিব লগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক কবলৈ ধৰিলে,
\v 33 “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছো; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-যিহূদী সকলৰ হাতত শোধাই দিব৷
\v 34 তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”
\s যাকোব আৰু যোহনৰ নিবেদন আৰু যীচুৰ উত্তৰ
\p
\v 35 পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি কলে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰো।”
\v 36 তেওঁ তেওঁলোকক কলে, “মই তোমালোকৰ বাবে কি কৰাটো তোমালোকে ইচ্ছা কৰা?”
\v 37 তেওঁলোকে কলে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পাও, এনে অনুমতি দিয়ক।”
\p
\v 38 কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি কলে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰো, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হব পাৰিবা নে?”
\v 39 তেওঁলোকে তেওঁক কলে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক কলে, “মই যি পাত্ৰত পান কৰো, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হবা।
\v 40 কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হব।”
\p
\v 41 আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হব ধৰিলে।
\v 42 যীচুৱে তেওঁলোকক ওচৰলৈ মাতি কলে, “অনা-যিহূদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।
\p
\v 43 কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
\v 44 আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হবলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।
\v 45 কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” \f + \ft যিচ 53:11, 12; দা 9:26; গালা 3:13, 14; 1 তীম 2:6 \f*
\s অন্ধ বাৰতীময়ক চকু দিয়া
\p
\v 46 তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।
\v 47 সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি কবলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”
\v 48 তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে দবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি কলে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”
\p
\v 49 তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”
\v 50 তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
\p
\v 51 তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাটো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক কলে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।”
\v 52 তেতিয়া যীচুৱে তেওঁক কলে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।
\c 11
\s যীচুৰ জয়-যাত্ৰা
\p
\v 1 যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;
\v 2 আৰু তেওঁলোকক এই আদেশ দি কলে, “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।
\v 3 কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে কবা, ‘প্ৰভুৰ এইটোৰ প্ৰয়োজন আছে, আৰু সোনকালেই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”
\p
\v 4 তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।
\v 5 এনেতে, তাত থিয় হৈ থকা লোক সকলে কলে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?”
\v 6 তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।
\p
\v 7 পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল। \f + \ft জখ 9:9 \f*
\v 8 অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।
\v 9 যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে,
\q1 ‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
\q1
\v 10 আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য \f + \ft যিচ 9:7; যিৰি 33:15 \f* আহিছে, সেই জন ধন্য!
\q1 উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
\p
\v 11 এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গল।
\v 12 পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।
\s ফলহীন ডিমৰু গছক শাও দিয়া, দ্বিতীয় বাৰ মন্দিৰ পৰিস্কাৰ কৰা
\p
\v 13 তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।
\v 14 তেতিয়া তেওঁ মাত লগাই সেই গছক কলে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি কলে শুনিলে।
\p
\v 15 পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;
\v 16 তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনাত ব্যৱহাৰ কৰা একো আচবাব \f + \ft বেচা-কিনাত ব্যৱহাৰ হোৱা টেবুল চকি \f* লৈ যাব নিদিলে।
\p
\v 17 তেওঁ উপদেশ দি তেওঁলোকক কলে, “এনেদৰে লিখা নাই নে?,
\q1 ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? \f + \ft যিচ 56:7 \f*
\q1 কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা’ \f + \ft যিৰি 7:11 \f* ।”
\p
\v 18 এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।
\v 19 আৰু সন্ধিয়া হলেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।
\p
\v 20 ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে।
\v 21 তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক কলে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গল।”
\p
\v 22 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;
\v 23 মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।
\p
\v 24 এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; \f + \ft মথি 17:20; যাক 1:5, 6 \f* তেতিয়াহে পাবা,
\v 25 আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা \f + \ft মথি 6:14; 18:35; কল 3:13 \f* কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কব লগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
\v 26 কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷”
\p
\v 27 এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে,
\v 28 “আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?”
\p
\v 29 তেতিয়া যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছো, সেই বিষয়ে তোমালোকক কম।
\v 30 যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল? মোক উত্তৰ দিয়া।”
\p
\v 31 তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি কলে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ কব।
\v 32 কিন্তু মানুহৰ বুলি কম নে? তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।
\v 33 পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক কলে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
\c 12
\s কেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্ত
\p
\v 1 পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক কবলৈ ধৰিলে, \f + \ft মথি 21:33-46; লূক 20:9-18৷ \f* “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী পাতিলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গল।
\v 2 পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।
\v 3 কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।
\p
\v 4 পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।
\v 5 পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।
\p
\v 6 পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ কলে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’
\p
\v 7 কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।
\p
\v 8 তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। \f + \ft পাঁ 3:15; ইব্ৰী 13:12৷ \f*
\v 9 এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব। \f + \ft হিতো 1:24-31; যিচ 5:5-7৷ \f*
\p
\v 10 এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে?
\q1 ‘ঘৰ-সাজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে,
\q1 সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
\q1
\v 11 এয়ে প্ৰভুৰ পৰা হ’ল
\q1 আৰু আমাৰ দৃষ্টিত আচৰিত;” \f + \ft গীত 118:22, 23৷ \f*
\v 12 তেতিয়া তেওঁলোকে যীচুৰ সেই দৃষ্টান্তটো তেওঁলোকৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকললৈ ভয় কৰি তেওঁক এৰি গুচি গল।
\s কৈচৰকlll কৰ দিয়াৰ বিষয়ে প্ৰশ্ন
\p
\v 13 পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেওঁলোকে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।
\v 14 তেওঁলোকে আহি তেওঁক কলে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ কৈচৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?”
\v 15 কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ কলে, “তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মোৰ ওচৰলৈ এটা আধলি \f + \ft আধলি দীনাৰ \f* আনা, মই চাওঁ৷”
\p
\v 16 তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “ইয়াত কাৰ চাব আছে?” তেওঁলোকে তেওঁক কলে, “কৈচৰৰ।”
\v 17 তেতিয়া যীচুৱে তেওঁলোকক কলে, “গতিকে যি কৈচৰৰ, সেয়া কৈচৰক দিয়া; \f + \ft ৰো 13:7; 1 পি 2:17৷ \f* আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।
\s পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন
\p
\v 18 পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
\v 19 “হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্য্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহণ কৰিব আৰু তেওঁক সন্তান দিব৷’
\p
\v 20 সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল।
\v 21 তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।
\v 22 সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল।
\v 23 এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”
\p
\v 24 যীচুৱে তেওঁলোকক কলে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাটোৱেই হৈছে তোমালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?
\v 25 কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰায় বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”
\p
\v 26 “কিন্তু মৃত লোকৰ বিষয়ে, অর্থাৎ, তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, \f + \ft যা 3:1-6৷ \f* ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?
\v 27 তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; তোমালোকে বৰকৈ ভুল বুজি আছা।”
\s প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন
\p
\v 28 তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভাল দৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোৰ মাজত প্ৰথম?”
\v 29 যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
\v 30 আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’। \f + \ft দ্ৱি বি 6:4, 5; লে 9:18৷ \f*
\v 31 দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”
\p
\v 32 তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;
\v 33 আৰু সকলো হৃদয়, সকলো বোধ শক্তি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।” \f + \ft চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷ \f*
\v 34 তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি কলে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাহোৱা।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহল।
\s দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
\p
\v 35 পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমাধান দি সেই লোক সকলক কলে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?
\v 36 কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল,
\q1 ‘প্ৰভুৱে মোৰ প্ৰভুক কলে,
\q1 মোৰ সোঁ হাতে বহি থাকা, \f + \ft গীত 110:1৷ \f*
\q1 যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’
\p
\v 37 দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।
\s অধ্যাপক সকলৰ দোষ দেখুৱাই দিয়া
\p
\v 38 তেতিয়া তেওঁৰ উপদেশৰ মাজত কলে, “বিধানৰ অধ্যাপক সকললৈ তোমালোক সাৱধান হোৱা; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ
\v 39 আৰু হাট-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,
\v 40 এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”
\s দৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়া
\p
\v 41 পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।
\v 42 পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।
\p
\v 43 তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে। \f + \ft লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷ \f*
\v 44 কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল, অৰ্থাৎ, তেওঁৰ সকলো জীৱিকা দিলে।”
\c 13
\s যিৰূচালেমৰ বিনাশ, যীচুৰ পুনৰাগমনৰ বিষয়ে জনোৱা
\p
\v 1 পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক কলে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!”
\v 2 তাতে যীচুৱে তেওঁক কলে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা হয়? কিন্তু ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”
\p
\v 3 পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
\v 4 “আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”
\p
\v 5 তেতিয়া যীচুৱে তেওঁলোকক কবলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
\v 6 অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
\p
\v 7 তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহবা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।
\v 8 কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
\p
\v 9 কিন্তু তোমালোকে নিজলৈ সাৱধান হবা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হবা।
\v 10 কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হব লাগিব।
\p
\v 11 যেতিয়া তেওঁলোকে, তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।
\v 12 তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।
\v 13 মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
\p
\v 14 কিন্তু যেতিয়া সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, যি জনে পঢ়ে, তেওঁ বুজক, তেতিয়া যিহূদিয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক;
\v 15 ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;
\v 16 আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন লবৰ বাবেও উলটি নাযাওঁক।
\p
\v 17 কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হব
\v 18 এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।
\v 19 কিয়নো সেই কেইটা দিনত বহু কষ্টদায়ক হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহবও।
\v 20 যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ললে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
\p
\v 21 তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে! বা ‘চোৱা, সৌ তাত আছে! তথাপি বিশ্বাস নকৰিবা।
\v 22 কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
\v 23 সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলো।
\p
\v 24 কিন্তু সেই কষ্টদায়ক দিনবোৰৰ পাছত,
\q1 সুৰ্য্য অন্ধকাৰময় হব,
\q1 চন্দ্ৰয়ো পোহৰ নিদিব
\q1
\v 25 আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব
\q1 আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হব।
\p
\v 26 তেতিয়া তেওঁলোকে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
\v 27 তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
\p
\v 28 ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
\v 29 সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
\p
\v 30 মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহব।
\v 31 আকাশ আৰু পৃথিৱী লুপ্ত হব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহব।
\v 32 কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনোও নাজানে সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
\p
\v 33 সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; \f + \ft ৰো 13:11; 1 থি 5:6; 1 পি 5:8৷ \f* কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।
\v 34 সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
\p
\v 35 এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷
\v 36 তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।
\v 37 মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলো, পৰ দি থাকা৷”
\c 14
\s যীচুক ধৰিবৰ কাৰণে কুমন্ত্ৰণা; যীচুৰ গাত সুগন্ধি তেল ঘঁহা; ঈষ্কৰিয়োতীয়া যিহূদাৰ বন্দবস্ত
\p
\v 1 নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;
\v 2 এনেতে তেওঁলোকে কলে, “পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে৷”
\p
\v 3 পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত বাকী দিলে।
\v 4 সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি?
\v 5 কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলিতকৈয়ো অধিক পালো হেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।
\p
\v 6 কিন্তু যীচুৱে কলে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।
\v 7 দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।
\v 8 তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
\v 9 মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হব।”
\p
\v 10 পাছত যি ঈষ্কৰিয়োতীয়া যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেওঁলোকৰ ওচৰলৈ গল।
\v 11 তেওঁলোকে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।
\s নিস্তাৰ পৰ্বৰ ভোজ খোৱা; আৰু প্ৰভু-ভোজ স্থাপন কৰা
\p
\v 12 খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেষ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?”
\v 13 তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়াই কলে, “তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;
\v 14 আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক কবা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ পৰ্বৰ ভোজ খাম, সেই আলহী কোঠা ক’ত’?”
\p
\v 15 তেতিয়া তেওঁ আচবাবেৰে সজোৱা ওপৰ মহলাৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।
\v 16 তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
\p
\v 17 পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।
\v 18 তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে কলে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে, অৰ্থাৎ, মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।”
\v 19 তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক কলে, “সেই জন নিশ্চয় মই নহয়?”
\p
\v 20 তাতে তেওঁ তেওঁলোকক কলে, “এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।
\v 21 কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ’ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ’লেই তেওঁৰ ভাল আছিল।”
\p
\v 22 তেওঁলোকে ভোজন কৰোঁতে, \f + \ft কৰি 11:23-28 \f* তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি কলে, “লোৱা; এয়ে মোৰ শৰীৰ।”
\v 23 পাছত তেওঁ পান পাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে।
\v 24 তেওঁ তেওঁলোকক কলে, “মোৰ যি নিয়মৰ তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
\v 25 মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰো।”
\s পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি জনোৱা
\p
\v 26 পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গল।
\v 27 তাতে যীচুৱে তেওঁলোকক কলে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে,
\q1 ‘মই মেষৰখীয়াক আঘাত কৰিম,
\q1 তাতে মেষবোৰ সিচঁৰতি হৈ যাব।’ \f + \ft জখ 13:7৷ \f*
\p
\v 28 কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
\v 29 তেতিয়া পিতৰে যীচুক কলে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।”
\v 30 তেতিয়া যীচুৱে তেওঁক কলে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”
\v 31 কিন্তু পিতৰে অতি দৃঢ়কৈ কলে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি কলে৷
\s গেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনা
\p
\v 32 পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক কলে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”
\v 33 পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় দুঃখিত আৰু ব্যাকুল হব ধৰিলে।
\v 34 তাতে তেওঁলোকক কলে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”
\v 35 পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হবলৈ প্ৰাৰ্থনা কৰি কলে,
\v 36 “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পানপাত্ৰ \f + \ft যো 18:11৷ \f* দুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
\p
\v 37 পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক কলে, “হে, চিমোন, তুমিও টোপনি গলা নে?
\v 38 এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”
\v 39 তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
\p
\v 40 পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে।
\v 41 পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক কলে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।
\v 42 উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
\s শত্ৰুৰ হাতত সমৰ্পিত হোৱা
\p
\v 43 তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷
\v 44 তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।”
\v 45 পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে।
\v 46 তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।
\p
\v 47 তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।
\v 48 তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক কলে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?
\v 49 যেতিয়া মই তোমালোকৰ সৈতে আছিলো আৰু মন্দিৰত নিতৌ উপদেশ দিছিলো, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ শাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”
\v 50 পাছত যীচুৰ লগত থকা সকলোৱে তেওঁক ত্যাগ কৰি পলাল৷
\p
\v 51 তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক ধৰিলে;
\v 52 কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গল।
\s মহাসভাৰ আগত যীচুৰ সোধ-বিচাৰ
\p
\v 53 পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে।
\v 54 আৰু তেতিয়াই পিতৰে আঁতৰে আঁতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।
\p
\v 55 তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
\v 56 কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।
\p
\v 57 পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে,
\v 58 “হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নসজা আন এটা সাজিম৷” \f + \ft যো 2:19-21৷ \f* আমি তেওঁক এনে কথা কোৱা শুনিলোঁ!
\v 59 কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।
\p
\v 60 তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
\v 61 কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰম ধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
\v 62 তেতিয়া যীচুৱে কলে, “মই হওঁ,
\q1 আৰু তোমালোকে মানুহৰ পুত্ৰক
\q2 পৰাক্ৰমৰ \f + \ft লূক 22:69৷ \f* সোঁ হাতে বহি থকা
\q2 আৰু আকাশত মেঘেৰে অহা দেখিবা।”
\p
\v 63 তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি কলে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে?
\v 64 তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে।
\v 65 পাছত কোনো কোনোৱে তেওঁৰ গাত থু পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই কলে, “ভাবোক্তি প্ৰচাৰ কৰোতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
\s পিতৰে যীচুক অস্বীকাৰ কৰা
\p
\v 66 তেতিয়া পিতৰ তলৰ চোতালত থাকোতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,
\v 67 আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই কলে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।”
\v 68 কিন্তু তেওঁ অস্বীকাৰ কৰি কলে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷
\p
\v 69 কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ কবলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!”
\v 70 কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”
\p
\v 71 কিন্তু তেওঁ শাও দিলে আৰু শপত খাই কলে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।”
\v 72 তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷ \f + \ft কৰি 7:10, 11৷ \f*
\c 15
\s পীলাতৰ আগত যীচুৰ সোধ-বিচাৰ, তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা
\p
\v 1 পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেওঁলোকে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
\v 2 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি যিহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
\v 3 এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহু অপবাদ দিলে।
\p
\v 4 তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
\v 5 কিন্তু যীচুৱে আৰু কোনো উত্তৰ নিদিলে, তাতে তেওঁ বিস্ময় মানিলে।
\p
\v 6 সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে।
\v 7 সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷
\v 8 তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷
\p
\v 9 পীলাতে তেওঁলোকক উত্তৰ দি কলে, “তোমালোকৰ বাবে মই যিহুদী সকলৰ ৰজাক যেন মুকলি কৰো, তোমালোকে এনে ইচ্ছা কৰা নে?”
\v 10 কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷
\v 11 কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷
\p
\v 12 পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক যিহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?”
\v 13 তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
\p
\v 14 তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি কলে, “তাক ক্রুচত দিয়ক।”
\v 15 তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।
\s যীচুক ক্ৰুচত দিয়া
\p
\v 16 তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
\p
\v 17 পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে;
\v 18 মানুহবোৰে তেওঁক নমস্কাৰ জনাই কলে “হে যিহুদী সকলৰ ৰজা, জয় হওক!”
\p
\v 19 তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।
\v 20 এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গল।
\v 21 সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এওঁ আলেকজেণ্ডৰ আৰু ৰুফৰ বাপেক) লোক জনক যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
\p
\v 22 এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খনলৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷
\v 23 তাতে তেওঁলোকে যীচুক গন্ধ ৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
\v 24 পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ললে।
\p
\v 25 তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে।
\v 26 আৰু “যিহুদী সকলৰ ৰজা” এই বুলি লিখি তেওঁৰ ক্ৰুচৰ ওপৰত আঁৰি থলে।
\v 27 তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্রুচত দিলে
\v 28 \f + \ft কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 28 পদ: তাতে তেওঁক অপৰাধীবোৰৰ লগত লিখা হ’ল, এই শাস্ত্ৰৰ বচন সিদ্ধ হ’ল৷ \f*
\v 29 পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
\v 30 নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম৷”
\p
\v 31 সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত কলে, “সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে।
\v 32 হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।
\p
\v 33 পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল।
\v 34 আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?” \f + \ft গীত 22:1৷ \f*
\v 35 তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি কলে, “চোৱা, ই এলিয়াক মাতিছে।”
\v 36 তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি কলে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷”
\v 37 তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে।
\v 38 তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হ’ল।
\p
\v 39 তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে কলে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷”
\v 40 সেই সময়ত বহু মহিলাই আঁতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷
\v 41 যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷
\s যীচুক মৈদাম দিয়া
\p
\v 42 এই দিনটো আয়োজনৰ দিন; অৰ্থৎ বিশ্ৰাম দিনৰ আগদিনা আছিল৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত,
\v 43 আৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গল আৰু যীচুৰ দেহ বিচাৰিলে।
\v 44 ইতিমধ্যে পীলাতে যীচুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত, পীলাত আচৰিত হ’ল; তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীচুৰ মৃত্যুৰ বিষয়ে সুধিলে৷
\p
\v 45 যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যুৰ বিষয়ে জানি, তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷
\v 46 যোচেফে শণ সুতাৰ কাপোৰ লগত লৈ আহিছিল৷ তেওঁ যীচুক ক্ৰুচৰ পৰা নমালে আৰু লগত অনা শণ সুতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থলে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশ দ্ৱাৰ বন্ধ কৰি দিলে৷
\v 47 মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাই দেখা পালে৷
\c 16
\p
\v 1 তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।
\v 2 আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গল৷
\p
\v 3 তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি কলে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিল চটা কোনে আমাৰ বাবে বগৰাই দিব?”
\v 4 কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷
\p
\v 5 তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।
\v 6 কিন্তু তেওঁ তেওঁলোকক কলে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।
\v 7 কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
\p
\v 8 তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময় হৈছিল; তেওঁলোকে কোনো ব্যক্তিক নকলে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল।
\s যীচুৰ পুনৰুত্থান
\p
\v 9 সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।
\v 10 তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে;
\v 11 তেতিয়া তেওঁলোকে যীচু যে জী উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।
\p
\v 12 এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে।
\v 13 তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।
\p
\v 14 পাছত এঘাৰ জনে ভোজনত বহি থাকোতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
\v 15 আৰু যীচুৱে তেওঁলোকক কলে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
\v 16 তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হব৷
\p
\v 17 এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা কব; সাপক হাতেৰে তুলি লব;
\v 18 আৰু প্ৰাণ নাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”
\p
\v 19 এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল।
\v 20 পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন

1771
43-LUK.usfm Normal file
View File

@ -0,0 +1,1771 @@
\id LUK
\ide UTF-8
\h লূকে লিখা শুভবার্তা
\toc1 লূকে লিখা শুভবার্তা
\toc2 লূকে লিখা শুভবার্তা
\toc3 luk
\mt1 লূকে লিখা শুভবার্তা
\c 1
\s পাতনি
\p
\v 1 আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
\v 2 আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
\v 3 এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলো আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলো।
\v 4 মই ইচ্ছা কৰো, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
\s যোহন বাপ্তাইজকৰ জন্মৰ বিষয়ে স্বর্গ দূতে জনোৱা
\p
\v 5 যিহূদিয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত \f + \ft ‘অবিয়ৰ দল’- পুৰোহিতৰ দল। যিহূদী পুৰোহিত সকল 24 টা দলত বিভক্ত আছিল। 1 বংশাৱলী 24। \f* জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্য্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
\v 6 এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ লোক আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
\v 7 কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
\p
\v 8 এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
\v 9 কিয়নো পুৰোহিত সকলৰ কার্যপ্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
\v 10 ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
\v 11 এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
\v 12 স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
\v 13 কিন্তু সেই দূতে তেওঁক কলে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্য্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
\v 14 তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
\v 15 কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
\v 16 ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
\v 17 তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
\v 18 তেতিয়া জখৰিয়াই সেই দূতক কলে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছো আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
\v 19 তাতে দূতে উত্তৰ দি কলে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকো; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
\v 20 চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
\p
\v 21 আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
\v 22 পাছত তেওঁ যেতিয়া বাহিৰলৈ ওলাই আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰে হে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
\v 23 ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গল।
\p
\v 24 কিছুদিনৰ পাছত তেওঁৰ ভার্য্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ কলে
\v 25 “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়া দৃষ্টি কৰিলে।”
\s যীচুৰ জন্মৰ বিযয়ে স্বৰ্গৰ দূতে জনোৱা
\p
\v 26 এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী আছিল, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰৎ নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
\v 27 এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
\v 28 তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি কলে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
\v 29 কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
\p
\v 30 স্বর্গৰ দূতে তেওঁক কলে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
\v 31 চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
\v 32 তেওঁ মহান হব, আৰু সর্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
\v 33 যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।”
\v 34 তেতিয়া মৰিয়মে স্বর্গৰ দূতক কলে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
\v 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক কলে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
\v 36 আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বন্ধ্যা বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
\v 37 কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
\v 38 মৰিয়মে কলে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গল।
\s এলীচাবেতৰ লগত মৰিয়মৰ সাক্ষাৎ
\p
\v 39 তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহূদিয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গল
\v 40 তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে।
\v 41 তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল।
\v 42 তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য।
\v 43 মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
\v 44 কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল।
\v 45 তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।”
\s মৰিয়মে ঈশ্বৰৰ প্রশংসা কৰা
\v 46 তেতিয়া মৰিয়মে কলে,
\q1 “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
\q1
\v 47 মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
\q1
\v 48 কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে;
\q1 আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
\q1
\v 49 কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
\q1
\v 50 যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
\q1
\v 51 তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে।
\q1 নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
\q1
\v 52 তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে।
\q1
\v 53 তেওঁ ক্ষুধাতুৰ লোকক উত্তম বস্তু দিলে আৰু ধনৱন্তক শুদা-হাতে পঠাই দিলে।
\q1
\v 54 তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু;
\q1
\v 55 অব্রাহাম আৰু তেওঁৰ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে,
\q1 যেনেকৈ তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সেই বিষয় তেওঁ সোঁৱৰণ কৰিলে।”
\p
\v 56 পাছত এলীচাবেতৰ লগত মৰিয়ম তিনি মাহ মান থাকি নিজৰ ঘৰলৈ উলটি আহিল।
\s যোহন বাপ্তাইজকৰ জন্ম
\p
\v 57 পাছত এলীচাবেতৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
\v 58 তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
\v 59 তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুন্নৎ কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰিয়া থব খুজিছিল;
\v 60 কিন্তু মাকে উত্তৰ দি কলে, “নহয় ইয়াৰ নাম যোহন হব।”
\v 61 তেতিয়া তেওঁলোকে এলীচাবেতক কলে, “তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই।”
\v 62 পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।
\v 63 তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, “ইয়াৰ নাম ‘যোহন’।” তাতে সকলোৱে বিস্ময় মানিলে।
\v 64 তেতিয়াই জখৰিয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গল আৰু তেওঁ ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
\v 65 তেতিয়া আশে-পাশে থকা লোক সকল আচৰিত হ’ল আৰু যিহূদিয়াৰ গোটেই পার্বত্য অঞ্চলৰ লোক সকলে যি ঘটিল সেই বিষয়ে কোৱা-কুই কৰিবলৈ ধৰিলে।
\v 66 যি সকলে এই কথা শুনিলে, তেওঁলোকে মনে মনে বিষয়টো ভাবি কবলৈ ধৰিলে, “ভৱিষ্যতে এই ল’ৰা তেনেহলে কি হব?” কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে।
\s জখৰিয়াই ঈশ্বৰৰ প্রশংসা কৰা
\p
\v 67 পাছত ল’ৰা জনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ, এই ভাবোক্তি প্ৰচাৰ কৰিলে।
\q1
\v 68 ‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবিলাকলৈ দৃষ্টি কৰি মুক্ত কৰিলে;
\q1
\v 69 তেওঁৰ আপোন পবিত্ৰ নিয়ম, অৰ্থাৎ আমাৰ পিতৃ আব্ৰাহামৰ আগত যি শপত খালে,
\v 70 সেই শপত সুঁৱৰি, যাতে আমাৰ ওপৰ-পুৰুষসকললৈ কৃপা দেখুৱাব,
\q1
\v 71 আৰু যাতে আমি শত্ৰুবিলাকৰ হাতৰ পৰা ৰক্ষা পাই, নিৰ্ভয়ে তেওঁৰ আৰাধনা কৰি,
\q1
\v 72 সৰলতা আৰু ধাৰ্মিকতাৰে তেওঁৰ আগত আমাৰ সকলো দিন নিয়াব পাৰিম,
\q1
\v 73 এই নিমিত্তে, তেওঁ পূৰ্ব্বৰে পৰা পবিত্ৰ ভাববাদী সকলৰ দ্বাৰাই যেনেকৈ কোৱাইছিল,
\v 74 তেনেকৈ তেওঁৰ সেৱক দায়ূদৰ বংশত তেওঁ ত্ৰাণৰ শিং,
\q1
\v 75 অৰ্থাৎ আমাৰ শত্ৰুবিলাকৰ আৰু সকলো ঘিণাওঁতাবিলাকৰ হাতৰ পৰা মুক্তি উৎপন্ন কৰিলে।
\q1
\v 76 আৰু, হে ল’ৰাটি, তুমিও সৰ্ব্বপৰি জনাৰ ভাববাদী বুলি প্ৰখ্যাত হবা;
\q1
\v 77 কিয়নো আমাৰ ভৰি কুশলৰ পথত চলাবলৈ, আৰু আন্ধাকাৰ আৰু মৃত্যুচ্ছায়াঁত বহি থকাবিলাকক পোহৰ দিবলৈ,
\q1
\v 78 ঈশ্বৰৰ যি দয়ালু চিত্তৰ দ্বাৰাই ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে, সেই দয়ালু চিত্ত হোৱাৰ কাৰণে পাপ মোচন হোৱাত যি পৰিত্ৰাণ,
\q1
\v 79 সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ, তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা।
\p
\v 80 পাছে সেই ল’ৰাটি বাঢ়ি, আত্মাত শক্তিশালী হৈ গল; আৰু ইস্ৰায়েল জাতিৰ আগত মুকলিকৈ প্ৰকাশিত হোৱা দিনলৈকে, তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।
\c 2
\s যীচু খ্ৰীষ্টৰ জন্ম
\p
\v 1 সেই সময়ত আগষ্টচ কৈচৰে \f + \ft কৈচৰৰ অৰ্থ সম্ৰাট \f* নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
\v 2 চিৰিয়াৰ ৰাজ্যপাল কুৰীণিয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল।
\v 3 সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গৈছিল।
\p
\v 4 ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰৎ নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গৈছিল।
\v 5 যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মকো লগত লৈ নাম লিখাবৰ বাবে গৈছিল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল।
\v 6 পাছত তেওঁলোক তাতে থাকোতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ্ণ হৈছিল।
\v 7 তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থৈছিল; কাৰণ অতিথিশালাত তেওঁলোকৰ বাবে থাকিবলৈ ঠাই নাছিল।
\s যীচুৰ বিষয়ে স্বর্গ দূতে মেষ ৰখীয়াক জনোৱা
\p
\v 8 সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল।
\v 9 হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল।
\v 10 তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰো যে,
\v 11 আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু।
\v 12 তোমালোকলৈ এয়ে চিন হব যে, ল’ৰাটিক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।”
\p
\v 13 তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ লাগিলে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে,
\q1
\v 14 “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা,
\q1 আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
\p
\v 15 পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষ ৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “বলা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ বলা।”
\v 16 তাৰ পাছত তেওঁলোকে বেগাই বিচাৰি গল, তাতে বিচাৰি যোৱাত মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা ল’ৰাটিক দেখা পালে।
\v 17 এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা তেওঁলোকে লোক সকলক জনালে।
\v 18 তাতে মেষ ৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে।
\v 19 কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে।
\v 20 ইয়াৰ পাছত মেষ ৰখীয়াবিলাকে তেওঁলোকক যি দৰে কৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গল।
\p
\v 21 পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃ গর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।
\s শিশু যীচুক মন্দিৰলৈ নিয়া আৰু চিমিয়োনে যীচুক দেখা
\p
\v 22 মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে।
\v 23 কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।”
\v 24 আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল।
\p
\v 25 তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল।
\v 26 প্ৰভুৰ অভিষিক্ত \f + \ft অভিষিক্ত জনাই খ্ৰীষ্ট \f* জনাক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল।
\p
\v 27 সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে।
\v 28 তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি কলে,
\q1
\v 29 হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক।
\q1
\v 30 কিয়নো পৰজাতিবিলাকক পোহৰ দিবলৈ আৰু আপোনাৰ ইস্ৰায়েল লোকৰ গৌৰৱ হবলৈ,
\q1
\v 31 যি পৰিত্রাণ আপুনি সকলো লোকৰ সন্মুখত প্রস্তুত কৰিলে।
\q1
\v 32 সেই পৰিত্ৰাণ মোৰ চকুৱে দেখিবলৈ পালে।
\p
\v 33 শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা কলে, সেই বিষয়ে শুনি মাক-বাপেকে বিস্ময় মানিলে।
\v 34 তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক কলে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হব যাৰ বিৰুদ্ধে অনেকেই কথা কব;
\v 35 তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।”
\s হান্নাই যীচুক দেখা
\p
\v 36 সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল
\v 37 আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
\v 38 ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে কবলৈ ধৰিলে।
\p
\v 39 প্ৰভুৰ বিধানৰ মতে কৰিব লগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল।
\v 40 পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিশালী হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।
\s যীচুৰ ক্লেশোৰ কাল
\p
\v 41 নিস্তাৰপৰ্ব \f + \ft নিস্তাৰ পর্ব: যিহূদী সকলৰ এটি গুৰুত্বপূর্ণ পবিত্র দিন। ঈশ্বৰে মোচিৰ দ্বাৰা তেওঁলোকক মিচৰৰ বন্দী অৱস্থাৰ পৰা মুকলি কৰি আনিছিল। এই দিনত তাকে স্মৰণ কৰে। \f* পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়।
\v 42 যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল।
\v 43 পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল।
\v 44 তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে।
\v 45 কিন্তু মানুহৰ মাজত বিচাৰি নাপাযই যিৰূচালেমলৈ পুনৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে।
\v 46 তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল।
\v 47 আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
\v 48 মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে যীচুক কলে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছো।”
\v 49 তেতিয়া তেওঁলোকক তেওঁ কলে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
\v 50 কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে।
\p
\v 51 তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে।
\v 52 কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।
\c 3
\s যোহন বাপ্তাইজকৰ প্রচাৰ
\p
\v 1 কৈচৰ তিবিৰিয়া ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদিয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ শাসনকৰ্তা \f + \ft ৰোসাম্ৰাজ্যৰ তলতীয়া শাসনকৰ্তা। ইংৰাজী (NRSV) বাইবেলত Ruler শব্দ ব্যেৱহাৰ কৰা হৈছে। \f* ; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ শাসনকৰ্তা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ শাসনকৰ্তা।
\v 2 হানন আৰু কায়াফা আছিল যিহূদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
\v 3 তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মনপালটন কৰে আৰু বাপ্তিস্ম \f + \ft baptisma এটি গ্রীক শব্দ, যাৰ পৰা বপ্তিস্ম শব্দ লোৱা হৈছে অর্থ হল কোনো ব্যক্তিক অলপ সময়ৰ কাৰণে পানীত ডুব দিয়া। জলদীক্ষা। \f* লয়।
\v 4 ভাববাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে:
\q1 “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে,
\q1 তোমালোকে প্ৰভুৰ পথ যুগুত কৰা,
\q1 তেওঁৰ বাট পোন কৰা।
\q1
\v 5 আটাই উপত্যকা পূৰ কৰা হব,
\q1 প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব,
\q1 একা-বেকা পথবোৰ পোন হব,
\q1 খলা-বমা পথবোৰ সমান কৰা হব,
\q1
\v 6 আৰু সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।” \f + \ft যিচ 40:3-5 \f*
\v 7 তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক কলে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে তোমালোকক সতর্ক কৰি দিলে?
\v 8 তোমালোকে যে মনপালটন কৰিছা, তাৰ উপযুক্ত ফলেৰে ফলবান হোৱা। নিজৰ মনতে নাভাবিবা যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই তোমালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে আব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
\v 9 গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
\p
\v 10 তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
\v 11 তেওঁ উত্তৰ দি তেওঁলোকক কলে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
\v 12 তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
\v 13 তেওঁ সেই লোক সকলক কলে, “যিমান কৰ আদায় কৰা উচিত তাতকৈ অধিক ধন নলবা।”
\p
\v 14 কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হব? আমি কি কৰিম?” তেওঁ তেওঁলোকক কলে, “বলেৰে কাৰো পৰা ধন নলবা। কাকো মিছাকৈ দোষাৰোপ নকৰিবা। তোমালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিবা।”
\p
\v 15 লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয়, সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
\v 16 যোহনে উত্তৰ দি সকলোকে কলে, “মই তোমালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিতাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
\v 17 শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
\p
\v 18 এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
\v 19 ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্য্যা হেৰোদিয়াক বিয়া কৰোৱা আৰু তেওঁ কৰা অন্যান্য কুকর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
\v 20 তেতিয়া হেৰোদে পুনৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
\s যোহনৰ দ্বাৰা যীচুৰ বাপ্তিস্ম
\p
\v 21 সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
\v 22 সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
\s যীচু খ্রীষ্টৰ বংশাৱলী
\p
\v 23 প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলেৰ জনাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
\q1
\v 24 এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
\q1
\v 25 যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
\q1
\v 26 নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
\q1
\v 27 যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
\q1
\v 28 নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
\q1
\v 29 এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
\q1
\v 30 লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
\q1
\v 31 ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
\q1
\v 32 দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
\q1
\v 33 নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
\q1
\v 34 যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
\q1
\v 35 নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
\q1
\v 36 চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
\q1
\v 37 লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহললেলৰ; মহললেল কৈননৰ পুত্ৰ;
\q1
\v 38 কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।
\c 4
\s চয়তানৰ দ্বাৰা যীচু পৰীক্ষিত হোৱা
\p
\v 1 ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গল।।
\v 2 তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।
\p
\v 3 তেতিয়া চয়তানে যীচুক কলে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”
\v 4 যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।” \f + \ft দ্বিতীয় বিৱৰণ 8:3 \f*
\p
\v 5 তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে।
\v 6 চয়তানে তেওঁক কলে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰো, তেওঁকে এইবোৰ দিব পাৰো।
\v 7 এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।”
\v 8 তেতিয়া যীচুৱে উত্তৰ দি তাক কলে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’” \f + \ft দ্বিতীয় বিৱৰণ 6:13 \f*
\p
\v 9 তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই কলে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক।
\v 10 কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব \f + \ft গীতমালা 91:11 \f* আৰু
\p
\v 11 ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব \f + \ft গীতমালা 91:12 \f* ’।”
\p
\v 12 তেতিয়া যীচুৱে উত্তৰ দি কলে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।” \f + \ft দ্বিতীয় বিৱৰণ 6:16 \f*
\p
\v 13 এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আঁতৰি গল।
\s যীচুৰ শিক্ষা আৰু নিজ নগৰত অগ্ৰাহ্য হোৱা
\p
\v 14 তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল।
\v 15 তেওঁ তেওঁলোকৰ নাম ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
\p
\v 16 এদিন যীচু নাচৰতলৈ গল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নামঘৰত \f + \ft নামঘৰ: এই ঠাইত যিহূদী সকলে প্রার্থনা, শাস্ত্রপাঠ আৰু সাধাৰণ সভাৰ কাৰণে গোট খায়। ইংৰাজীত “Synagogue”. \f* সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
\v 17 তেওঁৰ হাতত ভাববাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
\q1
\v 18 “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে,
\q1 কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে।
\q1 তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা
\q1 আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে।
\q1 চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
\q1
\v 19 ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা
\q1 কৰিবলৈ মোক পঠালে।” \f + \ft যিচয়া 61:1-2 \f*
\p
\v 20 পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নামঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল।
\v 21 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন তোমালোকে শুনিলা, সেয়া আজি পূর্ণ হ’ল।”
\p
\v 22 তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে কলে, “এওঁ যোচেফৰ পুতেক নহয় জানো?”
\p
\v 23 যীচুৱে তেওঁলোকক কলে, “অৱশ্যেই তোমালোকে প্রচলিত এই দৃষ্টান্তটো মোক কবা, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁতো কৰা।”
\v 24 তেওঁ পুনৰ কলে, “মই সঠিক ভাবে তোমালোকক কওঁ, কোনো ভাববাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।
\v 25 মই সত্যতাৰে তোমালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;
\v 26 কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-যিহূদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
\v 27 পুনৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”
\p
\v 28 এইবোৰ কথা শুনি নামঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
\v 29 তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গল।
\v 30 কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গল।
\s যীচুৱে কফৰনাহূমত বিশ্রামবাৰে উপদেশ দিয়া আৰু অনেকক সুস্থ কৰা
\p
\v 31 তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নামঘৰত উপদেশ দি আছিল।
\v 32 তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল।
\p
\v 33 নামঘৰত সেইদিনা ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞঁৰি কৈছিল,
\v 34 “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।”
\v 35 যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গল।
\p
\v 36 ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”
\v 37 পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গল।
\p
\v 38 যীচু নামঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গল। তাতে চিমোনৰ শাহুৱেক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
\v 39 তেতিয়া যীচুৱে চিমোনৰ শাহুৱেকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।
\p
\v 40 সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
\v 41 তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
\p
\v 42 যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
\v 43 কিন্তু তেওঁ তেওঁলোকক কলে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
\p
\v 44 তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নামঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।
\c 5
\s আচৰিতৰূপে অনেক মাছ ধৰা
\p
\v 1 এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
\v 2 এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
\v 3 তাৰে এখন নাওত যীচু উঠিল, সেই নাওখন চিমোনৰ আছিল। যীচুৱে তেওঁক নাওখন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে কলে; তাৰ পাছত তেওঁ নাওত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
\p
\v 4 তেওঁৰ কথা শেষ হোৱাত চিমোনক কলে, “এতিয়া দ পানীলৈ নাওখন লৈ বলা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
\v 5 চিমোনে উত্তৰ দি কলে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালো; তথাপি আপোনাৰ কথাত মই জাল পেলাও।”
\v 6 পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
\v 7 তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাওত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাওত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল।
\v 8 ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি কলে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আঁতৰি যাওক।”
\v 9 ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গল।
\v 10 চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনো আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক কলে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
\v 11 পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
\s যীচুৱে দুজন ৰোগীক সুস্থ কৰা
\p
\v 12 এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক কলে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
\v 13 তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই কলে, “মই এতিয়াই ইচ্ছা কৰিছো, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
\v 14 তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”
\p
\v 15 তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
\v 16 কিন্তু যীচুৱে প্রায়ে আঁতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
\p
\v 17 এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
\v 18 তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত \f + \ft ইংৰাজীত পেৰেলাইজ ৰোগী বুলি লিখা আছে; অসমীয়াত ‘পক্ষাঘাতগ্ৰস্ত৷’ \f* ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
\v 19 কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
\v 20 তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে কলে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
\v 21 তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”
\v 22 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই কলে, “তোমালোকে মনলৈ কিয় এই প্রশ্ন আনিছা?
\v 23 কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
\v 24 কিন্তু তোমালোকে যেন জানিব পাৰা যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ \f + \ft মানুহৰ পুত্র- যীচু, দানি 7:13-14; খ্রীষ্টৰ কাৰণে এই নাম ব্যৱহাৰ কৰা হৈছে; তেওঁক ঈশ্বৰে জগতৰ ত্ৰাণকৰ্তা ৰূপে পঠাইছিল। \f* ক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক কলে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
\v 25 লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গল।
\v 26 তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি কলে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলো।”
\s যীচুৱে লেবীক আহ্বান কৰা
\p
\v 27 এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ সংগ্রাহক বহি থকা দেখি তেওঁক কলে, “মোৰ পাছে পাছে আহাঁ।”
\v 28 তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।
\p
\v 29 তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ সংগ্রাহক আৰু আন আন কিছুমান লোকো ভোজৰ মেজত বহি খাইছিল।
\v 30 তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি কলে, “তোমালোকে কিয় কৰ সংগ্রাহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
\v 31 তেতিয়া যীচুৱে উত্তৰ দি কলে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।
\v 32 মই ধাৰ্মিক জনক নহয়; কিন্তু মনপালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।”
\p
\v 33 তেওঁলোকে যীচুক কলে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।”
\v 34 তেতিয়া যীচুৱে তেওঁলোকক কলে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
\v 35 কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”
\p
\v 36 তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।
\p
\v 37 পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসো পৰি যাব আৰু মোটো নষ্ট হব।
\v 38 নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।
\v 39 পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”
\c 6
\s বিশ্রামবাৰ সম্বন্ধে যীচুৰ শিক্ষা
\p
\v 1 এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল।
\v 2 ইয়াকে দেখি কেইজনমান ফৰীচীয়ে কলে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”
\v 3 তাৰ উত্তৰত যীচুৱে তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা তোমালোকে জানো পঢ়া নাই?
\v 4 তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
\v 5 যীচুৱে তেওঁলোকক পুনৰ কলে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
\s বিশ্রামবাৰে যীচুৱে এজন লোকক সুস্থ কৰা
\p
\v 6 আন এদিন বিশ্ৰামবাৰে যীচুৱে নামঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
\v 7 বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
\v 8 যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ কলে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
\v 9 তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক কলে, “মই তোমালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
\v 10 তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক কলে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গল।
\v 11 তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায়, সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
\s যীচুৱে বাৰ জন শিষ্যক পাঁচনি বাব দিয়া
\p
\v 12 সেই সময়তে যীচুৱে প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
\v 13 পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ \f + \ft পাঁচনি: যি সকলক যীচুৱে নিজৰ কার্যৰ বিশেষ সহায়ক হিচাপে মনোনীত কৰিছিল। \f* পদ দিলে।
\v 14 সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
\v 15 মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
\v 16 যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
\p
\v 17 তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
\v 18 তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
\v 19 তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।
\s পৰ্বতৰ ওপৰত দিয়া যীচুৰ উপদেশ
\p
\v 20 পাছত তেওঁ শিষ্য সকলৰ ফালে চাই কলে,
\q1 “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
\q1
\v 21 ধন্য তোমালোক, যি সকল এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হবা।
\q1 ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।
\q1
\v 22 ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
\p
\v 23 সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষ সকলেও ভাববাদী সকলক এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
\p
\v 24 কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
\p
\v 25 হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।
\p
\v 26 যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
\s শত্রুক প্রেম কৰা
\p
\v 27 কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা।
\v 28 যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
\p
\v 29 কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও লবলৈ বাধা নিদিবা।
\v 30 যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
\v 31 লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।
\p
\v 32 তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে।
\v 33 তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।
\v 34 ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুনৰ ঘূৰাই পোৱাৰ আশা কৰে।
\v 35 কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হবা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।
\v 36 তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।
\s নিজক প্রথমে চোৱা
\p
\v 37 তোমালোকে পৰৰ সোধবিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হব।
\v 38 দান কৰা, তাতে তোমালোককো দান দিয়া হব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হব।
\p
\v 39 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে?
\v 40 দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।
\v 41 নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
\v 42 তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক কব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহাঁ সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।”
\s দুই প্রকাৰৰ ফল
\p
\v 43 “এনে কোনো ভাল গছ নাই, য’ত বেয়া ফল ধৰে; এনে কোনো বেয়া গছ নাই, য’ত ভাল ফল ধৰে।
\v 44 কাৰণ প্রত্যেক গছকে তাৰ ফলৰ দ্বাৰাই চিনা যায়। কিয়নো মানুহে কাঁইটীয়া জোপোহাৰ পৰা ডিমৰু ফল সংগ্রহ নকৰে। পুলি কাঁইটৰ পৰাও আঙুৰ নাপাৰে।
\v 45 ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
\s দুই প্রকাৰৰ লোক
\p
\v 46 তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
\v 47 যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ-
\v 48 তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
\v 49 কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”
\c 7
\s সেনাপতিৰ দাসক সুস্থ কৰা
\p
\v 1 যীচুৱে কব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কফৰনাহূম চহৰত সোমাল৷
\p
\v 2 সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷ \f + \ft মথি 8: 5-13 \f*
\v 3 কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ যিহূদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷
\v 4 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি কলে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছো, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷
\v 5 কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নামঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷”
\p
\v 6 তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ;
\v 7 সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছো বুলি নাভাবিলো; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হব।
\v 8 কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহাঁ বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”
\p
\v 9 যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক কলে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
\v 10 পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
\s এজনী বাঁৰী তিৰোতাৰ পুতেকক জীউৱা
\p
\v 11 ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।
\v 12 যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।
\v 13 তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু কলে, “তুমি নাকান্দিবা।”
\v 14 পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ কলে, “হে ডেকা, মই তোমাক ইয়াকে কৈছো, তুমি উঠা।”
\v 15 তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। \f + \ft মার্ক 5:42; যো 11:44 \f* তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত গতাই দিলে।
\p
\v 16 ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাববাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
\v 17 পাছত গোটেই যিহূদিয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চল সমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গল।
\s যোহন বাপ্তাইজকৰ প্ৰশ্ন আৰু যীচুৰ উত্তৰ
\p
\v 18 পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সম্বাদ দিলে। \f + \ft মথি 11:2-19 \f*
\v 19 তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
\v 20 তেতিয়া সেই লোক দুজন যীচুৰ ওচৰলৈ আহিল আৰু কলে, “বাপ্তাইজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু সুধিছে যে, ‘আহিবলগীয়া জন আপুনিয়েই নে? নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম’?”
\p
\v 21 সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল।
\v 22 তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি কলে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু কবা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,
\v 23 আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”
\p
\v 24 পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গল, তেতিয়া যীচুৱে লোক সকলৰ আগত যোহনৰ বিষয়ে কবলৈ ধৰিলে, “তোমালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ ওলাই গৈছিলা, বতাহে লৰোৱা নল নে?
\v 25 তেনেহলে কি চাবলৈ গৈছিলা, এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যি সকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখভোগেৰে জীয়াই থাকে, এনে মান্যৱন্ত লোক ৰাজভৱনতহে থাকে।
\v 26 তেনেহলে কি চাবলৈ গৈছিলা, ভাববাদীক নে? হয়, মই তোমালোকক কওঁ, ভাববাদীতকৈয়ো বহু শ্ৰেষ্ঠ জনক।
\p
\v 27 এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল:
\q1 ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছো, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’ \f + \ft মলা 3:1 \f*
\p
\v 28 মই তোমালোকক কওঁ, ‘নাৰীৰ পৰা জন্ম পোৱা মানুহৰ মাজত, যোহনতকৈ মহান কোনো ব্যক্তি নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈয়ো সৰু জনেই তেওঁতকৈ মহান’।”
\p
\v 29 সকলো মানুহে আৰু কৰ সংগ্রহকাৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ন্যায়ৱান \f + \ft ৰো 3:4 \f* বুলি স্বীকাৰ কৰিলে;
\v 30 কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷
\p
\v 31 “এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
\v 32 যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলো, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
\p
\v 33 কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি তোমালোকে কোৱা, ‘তেওঁ ভূতে পোৱা’।
\v 34 মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও তোমালোকে কোৱা, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু’।
\v 35 কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
\s অনুতাপিত তিৰোতালৈ যীচুৰ দয়া
\p
\v 36 এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়ে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
\v 37 সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
\v 38 তাৰ পাছত তেওঁ যীচুৰ পাছ ফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মূৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
\v 39 তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে কলে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
\v 40 তেতিয়া যীচুৱে উত্তৰ দি তেওঁক কলে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ কলে, “হে গুৰু, কওক।”
\p
\v 41 যীচুৱে কলে, “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ ডীনাৰী, \f + \ft অৰ্থাৎ এদিনৰ মজুৰী \f* এজনৰ পঞ্চাশ ডীনাৰী ৰূপ ধাৰ আছিল;
\v 42 পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
\v 43 তেতিয়া চিমোনে উত্তৰ দি কলে, “বোধ কৰো, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক কলে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
\p
\v 44 তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক কলে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলো, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
\v 45 তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।
\p
\v 46 তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
\v 47 এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”
\v 48 পাছত তেওঁ সেই তিৰোতাক কলে, “তোমাৰ পাপ ক্ষমা হ’ল।”
\v 49 তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?”
\v 50 কিন্তু যীচুৱে সেই তিৰোতাক কলে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।” \f + \ft লূক 8:48; 18:42 \f*
\c 8
\p
\v 1 তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷
\v 2 ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী নামেৰে খ্যাত হোৱা সেই মৰিয়ম;
\v 3 আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্য্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। \f + \ft মথি 27:55 \f*
\s এজন খেতিয়কৰ দৃষ্টান্ত
\p
\v 4 সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত একগোট হৈছিল৷ \f + \ft মথি 13:1-23; মার্ক 4:1-20 \f* তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি কলে, “এজন খেতিয়কে বীজ সিচিঁবলৈ গল;
\v 5 তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।
\v 6 কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গল।
\p
\v 7 কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে।
\v 8 কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷” এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে কলে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷”
\p
\v 9 পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?”
\v 10 তাতে তেওঁ কলে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
\p
\v 11 দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য। \f + \ft পি 1:23 \f*
\v 12 বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷।
\v 13 আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। \f + \ft গীত 106:12, 13 \f*
\p
\v 14 আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকল শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত,এওঁলোকৰ একো ফল সিদ্ধ নহয়। \f + \ft তী 6:9, 10; 1 যো 2:15-17 \f*
\v 15 কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে। \f + \ft যিহি 11:19, 20 \f*
\p
\v 16 কোনেও চাকি লগাই পাত্ৰৰে আঁৰ কৰি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।
\v 17 কিয়নো যি প্ৰকাশিত নহব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।
\v 18 এতেকে তোমালোকে কি দৰে শুনিছা সেয়া বিবেচনা কৰিবা; কিয়নো যিয়ে শুনিছে, তেওঁক পুনৰ দিয়া হব; কিন্তু যিয়ে শুনা নাই, তেওঁৰ যি আছে বুলি নিজে ভাবে, সেয়াও তেওঁৰ পৰা নিয়া হব।”
\s যীচুৰ প্ৰকৃত আই আৰু ভাই
\p
\v 19 সেই সময়ত যীচুৰ মাক আৰু ভায়েক সকল \f + \ft মথি 12:46-50; মার্ক 3:31-35 \f* তেওঁৰ ওচৰলৈ আহিছিল; কিন্তু লোক সকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে।
\v 20 তেতিয়া তেওঁক এই সম্বাদ দিয়া হ’ল যে, “আপোনাৰ আই আৰু ভাই সকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে।”
\v 21 কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক কলে, “যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁলোকেই মোৰ আই আৰু মোৰ ভাই।”
\s ধুমুহা বতাহক শান্ত কৰা
\p
\v 22 পাছত এদিন যীচুৱে শিষ্য সকলে সৈতে এখন নাওত উঠি, তেওঁলোকক কলে, “আহাঁ, আমি সৰোবৰৰ সিপাৰলৈ যাওঁ।” \f + \ft মথি 8:23-34; মার্ক 4:35-41:20 \f* তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গল।
\v 23 কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল।
\v 24 তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই কলে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল।
\v 25 তেতিয়া যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ বিশ্বাস কত?” তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক কলে, “এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!”
\s ভূতে পোৱা এজন মানুহক সুস্থ কৰা
\p
\v 26 পাছত তেওঁলোকে গালীল প্ৰদেশৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ।
\v 27 তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।
\p
\v 28 সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে কব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছো, মোক যাতনা নিদিব।”
\v 29 কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আদেশ দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল।
\p
\v 30 তেতিয়া যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” তেতিয়া সি কলে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।
\v 31 পাছত সেই ভূতবোৰক \f + \ft প্ৰ 20:1-3 \f* অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে।
\p
\v 32 সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷
\v 33 সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।
\p
\v 34 এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাৱেঁ-ভুয়ে সম্বাদ দিলে।
\v 35 তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে।
\p
\v 36 আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাসকলে সেই বিষয়ে আন লোকসকলৰ আগত কলে।
\v 37 তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।
\p
\v 38 সেয়ে তেওঁ নাওত উঠি, উলটি গল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গৈছিল, সেই মানুহ জন যীচুৰ লগত থাকিবলৈ মিনতি কৰিলে; \f + \ft গীত 73:27, 28 \f* কিন্তু তেওঁ তাক পঠিয়াই দি কলে,
\v 39 “তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনত কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।” তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।
\s এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা
\p
\v 40 পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।
\v 41 আৰু সেই ঠাইৰ নামঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে \f + \ft মথি 9:18-26; মার্ক 5:21-43 \f* আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;
\v 42 কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷
\p
\v 43 সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগত ভোগি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷
\v 44 সেই জনী তিৰোতাই যীচুৰ পাছ ফালেদি আহি, তেওঁৰ কাপোৰৰ দহি স্পৰ্শ কৰোতেই তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গল।
\v 45 তাতে যীচুৱে কলে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে কলে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।”
\v 46 কিন্তু যীচুৱে কলে, “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালো।”
\p
\v 47 তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত কলে।
\v 48 তেতিয়া যীচুৱে তেওঁক কলে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”
\p
\v 49 তেওঁ এই কথা কৈ থাকোতেই, নামঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি অধিকাৰী জনক কলে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।”
\v 50 কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা, তাই সুস্থ হব।”
\p
\v 51 পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে।
\v 52 আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ কলে, “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।”
\v 53 কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে।
\p
\v 54 কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি কলে, “আইটি, উঠা।”
\v 55 তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল৷ তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে৷
\v 56 তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আদেশ দিলে।
\c 9
\s বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা
\p
\v 1 পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ \f + \ft মথি 10; মার্ক 6:7-13 \f*
\v 2 ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
\v 3 তেওঁ তেওঁলোকক কলে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;
\v 4 আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
\p
\v 5 আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবিলাকৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
\v 6 পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গল।
\p
\v 7 সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে, যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল \f + \ft মথি 14:1-12; মার্ক 6:14-29 \f* ,
\v 8 আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুনৰ আবির্ভুত হৈছে” আৰু কিছুমানে কলে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জী উঠিছে৷”
\v 9 হেৰোদে কলে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলো; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছো?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।
\s যীচুৱে লোক সকলক খুউৱা
\p
\v 10 পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গল।
\v 11 কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।
\p
\v 12 দিনৰ প্ৰায় শেষ ভাগত \f + \ft মথি 14:15-21; মার্ক 6:30-40; যো 6:5-14 \f* বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি কলে, “আমি যি ঠাইত আহি আছো সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷”
\v 13 কিন্তু যীচুৱে তেওঁলোকক কলে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে কলে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷”
\v 14 কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক কলে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”
\p
\v 15 তেতিয়া তেওঁলোকে আটাইকে তেনেদৰেই বহিবলৈ দিলে।
\v 16 যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
\v 17 তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। \f + \ft গীত 107:9 \f* পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।
\s যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
\p
\v 18 এদিন যীচুৱে নিৰ্জন ঠাইত প্ৰাৰ্থনা কৰা সময়ত শিষ্য সকলো তেওঁৰ লগত আছিল, সেই সময়ত তেওঁ শিষ্য সকলক সুধিলে, “লোক সকলে মোক কোন বুলি কয়?” \f + \ft মথি 16:13-28; মার্ক 8:27-38 \f*
\v 19 তেতিয়া তেওঁলোকে উত্তৰ দি কলে, “যোহন বাপ্তাইজক, কিন্তু আন কিছুমানে এলিয়া বুলি ভাৱে, আন কিছুমানে পূৰ্বকালৰ ভাববাদী সকলৰ কোনো এজন পুনৰায় জীৱিত হৈ উঠা লোক বুলি ভাবে।”
\p
\v 20 তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” তাতে পিতৰে উত্তৰ দি কলে, “ঈশ্বৰৰ অভিষিক্ত, খ্ৰীষ্ট।”
\v 21 তেতিয়া এই কথা কাকো নকবলৈ তেওঁ তেওঁলোকক সাৱধান কৰি আদেশ দিলে;
\v 22 আৰু তেওঁ কলে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”
\p
\v 23 যীচুৱে সকলোৰে আগত কলে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে দমন কৰক আৰু প্ৰতি দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহক। \f + \ft ৰো 8:13; কল 3:5 \f*
\v 24 কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব।
\v 25 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?
\p
\v 26 কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
\v 27 কিন্তু মই তোমালোকক সঁচাকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”
\s যীচুৱে অন্যৰূপ ধৰা
\p
\v 28 এই \f + \ft মথি 17:1-20; মার্ক 9:1-29 \f* কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গল।
\v 29 তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।
\p
\v 30 সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
\v 31 তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল।
\p
\v 32 তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।
\v 33 তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক কলে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
\p
\v 34 এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিও ফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
\v 35 তেতিয়া সেই মেঘৰ পৰা এই বাণী হ’ল “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জনা, এওঁৰ কথা শুনা।” \f + \ft পি 1:16-18 \f*
\v 36 সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷
\s ভূতে ধৰা এটা ল’ৰাক সুস্থ কৰা আৰু শিক্ষা দিয়া
\p
\v 37 তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।
\v 38 সেই সময়ত জন দলৰ মাজৰ পৰা এজনে ৰিঙিয়াই কলে, “হে গুৰু, মই মিনতি কৰো, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।
\v 39 আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়।
\v 40 মই সেই অশুচি আত্মাক খেদিবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলো, কিন্তু তেওঁলোকে নোৱাৰিলে।”
\p
\v 41 তেতিয়া যীচুৱে উত্তৰ দি কলে, “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।”
\v 42 তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।
\v 43 তাতে ঈশ্বৰৰ মাহাত্ম্য দেখি সকলোৱে বিস্ময় মানিলে; কিন্তু তেওঁ কৰা কৰ্মবোৰত লোক সকলে বিস্ময় মানি থাকোঁতে, তেওঁ শিষ্য সকলক কলে,
\v 44 “এই সকলো কথা তোমালোকে মনত ৰাখিবা; কিয়নো মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হব।”
\v 45 কিন্তু তেওঁলোকে সেই কথা নুবুজিলে আৰু বুজি নাপাবলৈ সেই বিষয়ক তেওঁলোকৰ পৰা গুপুতে ৰখা হ’ল৷ তেওঁলোকে সেই কথাৰ বিষয়ে যীচুক সুধিবলৈও ভয় কৰিলে।
\p
\v 46 পাছত \f + \ft মথি 18:1-14; মার্ক 9:33-50 \f* তেওঁলোকৰ মাজত কোন শ্ৰেষ্ঠ এই কথাক লৈ তেওঁলোকৰ বাদ-বিচাৰ হৈছিল।
\v 47 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ বিবেচনা বুজি পোৱাত সৰু ল’ৰা এজনক নিজৰ কাষত বহুৱাই ললে৷
\v 48 তাৰ পাছত তেওঁলোকক কলে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”
\p
\v 49 পাছত যোহনে মাত লগাই কলে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলো; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলো।”
\v 50 তেতিয়া যীচুৱে তেওঁক কলে, “তেওঁক নিষেধ নকৰিবা; কিয়নো যি জন তোমালোকৰ বিপক্ষ নহয়, তেওঁ তোমালোকৰ সপক্ষ।”
\s যীচুৱে শেষ বাৰ যিৰূচালেমলৈ যাবলৈ ওলোৱা
\p
\v 51 পাছত যীচুৰ স্ৱর্গলৈ যোৱাৰ সময় প্ৰায় পূর্ণ হোৱাৰ অৱস্থাত, তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মনস্থ কৰিলে৷ \f + \ft মথি 19:1; মার্ক 10:1 \f*
\v 52 তেওঁ সেই ঠাই গৈ পোৱাৰ আগেয়ে কিছুমান বার্তাবাহকক পঠালে, তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ যুগুত কৰিবলৈ চমৰীয়া সকলৰ এখন গাঁৱত সোমাল।
\v 53 কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।
\p
\v 54 ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?” \f + \ft কিছুমান অনুলিপিত লিখা আছে, ‘এলিয়াই যেনেদৰে কৰিছিল, তেনেদৰে স্বৰ্গৰ পৰা জুই পেলাই ভস্ম কৰিব বিচাৰে’। \f*
\v 55 কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়ালে।
\v 56 তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গল।
\p
\v 57 তেওঁলোকে বাটত যাওঁতে, এজন মানুহে যীচুক কলে, “আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম।”
\v 58 যীচুৱে তেওঁক কলে, “শিয়ালৰ গাত আছে আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ মূৰ থবলৈ কোনো ঠাই নাই।”
\p
\v 59 পাছত যীচুৱে আন এজনক কলে, “তুমি মোৰ পাছে পাছে আহাঁ।” কিন্তু তেওঁ কলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷”
\v 60 তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক, কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”
\v 61 আন এজনে কলে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম, কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।”
\v 62 যীচুৱে তেওঁক কলে, “যি কোনোৱে নাঙলত হাত থৈ পাছ ফালে ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”
\c 10
\s যীচুৱে সত্তৰ জনক নিযুক্ত কৰি পঠিওৱা
\p
\v 1 এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
\v 2 আৰু তেওঁলোকক কলে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
\p
\v 3 তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেষ-পোৱালি স্বৰূপে পঠিয়াইছো। \f + \ft মথি 9:37, 38 \f*
\v 4 তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ \f + \ft সম্ভাষণ বা নমস্কাৰ জনোৱা কার্যটো যিহূদী সম্প্ৰদায় বা ইস্ৰায়েল জাতিৰ কাৰণে এটা দিঘলীয়া প্ৰথা; সেয়েহে প্ৰভু যীচুৱে বাটত যাওঁতে এই কথা পালন কৰি সময় নষ্ট কৰিব দিয়া নাই৷ \f* নজনাবা।
\p
\v 5 তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে কবা, ‘এই ঘৰৰ কুশল হওক৷’
\v 6 যদি তাত কুশলৰ পাত্ৰ থাকে, তেনেহলে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব, কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেনেহলে তোমালোকলৈ ঘূৰি আহিব।
\v 7 আৰু তোমালোকে যি ঘৰত থাকিবা, তাতে তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা আন ঘৰলৈ নাযাবা।
\p
\v 8 তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা;
\v 9 সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক কবা।
\p
\v 10 কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা কবা,
\v 11 তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে, সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো; তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’
\v 12 মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হব।
\p
\v 13 হায় হায় কোৰাচীন! \f + \ft মথি 11:20-24 \f* হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলো হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
\v 14 কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হব।
\v 15 হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হবা বুলি? তুমি নৰকলৈহে পেলোৱা হবা।
\p
\v 16 যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
\p
\v 17 পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি কলে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।”
\v 18 যীচুৱে তেওঁলোকক কলে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলো।
\v 19 চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলো; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে ক্ষতি কৰিব নোৱাৰিব। \f + \ft যো 12:31; প্ৰ 12:9 \f*
\v 20 তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, \f + \ft প্ৰ 13:8; 21:27 \f* সেই বাবেহে অধিক আনন্দ কৰা।”
\p
\v 21 সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ কলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।” \f + \ft মথি 11:25-27 \f*
\p
\v 22 “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে \f + \ft মথি 28:18 \f* আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
\p
\v 23 ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে কলে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;
\v 24 কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাববাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”
\s এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত
\p
\v 25 ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”
\v 26 তেতিয়া যীচুৱে কলে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”
\v 27 তেওঁ উত্তৰ দি কলে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, \f + \ft দ্বি বি 6:5; লে 19:18 \f* আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
\v 28 তেতিয়া যীচুৱে তেওঁক কলে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷” \f + \ft ৰো 10:5; গাল 3:11-14 \f*
\p
\v 29 কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক কলে, “মোৰ চুবুৰীয়া নো কোন?”
\v 30 তেতিয়া যীচুৱে সমিধান দি কলে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গল।
\p
\v 31 এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গল।
\v 32 সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গল।
\p
\v 33 কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
\v 34 তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গল আৰু তেওঁক শুশ্ৰূষা কৰিলে।
\v 35 পাছদিনা তেওঁ দুটা ডীনাৰী \f + \ft দুটা ডীনাৰী অৰ্থাৎ, এদিনৰ মজুৰী \f* উলিয়াই আলহী-ঘৰৰ গৰাকীক দি কলে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।
\p
\v 36 এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”
\v 37 তেতিয়া বিধান পণ্ডিত জনে কলে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক কলে, “তুমিও সেইদৰে কৰা।”
\s যীচু মার্থা আৰু মৰিয়মৰ ঘৰত আলহী হৈ থকা
\p
\v 38 পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
\v 39 আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
\p
\v 40 কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বৰ ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি কলে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়ে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
\v 41 কিন্তু প্ৰভুৱে উত্তৰত তেওঁক কলে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
\v 42 মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”
\c 11
\s প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা
\p
\v 1 এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি কলে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।”
\p
\v 2 তেতিয়া যীচুৱে তেওঁলোকক কলে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে কবা, ‘হে পিতৃ, \f + \ft ৰো 8:15 \f* তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;
\p
\v 3 আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া।
\v 4 আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলো। \f + \ft মথি 18:21-35 \f* আৰু আমাক পৰীক্ষালৈ নিনিবা’।”
\p
\v 5 ইয়াৰ পাছত যীচুৱে তেওঁলোকক কলে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰলৈ গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া;
\v 6 কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’
\v 7 তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’
\v 8 কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত \f + \ft লূক 18:1-8 \f* এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।
\p
\v 9 মই তোমালোকক পুনৰ কওঁ, খোজা \f + \ft যিৰি 29:12, 13; যো 15:7; 1 যো 5:14, 15 \f* তেতিয়া তোমালোকক দিয়া হব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হব।
\v 10 কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
\p
\v 11 তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?
\v 12 নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?
\v 13 এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
\s ভূতবোৰৰ বিষয়ে শিক্ষা
\p
\v 14 এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা কবলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে।
\v 15 কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূবৰ \f + \ft বেলচবূব চয়তান \f* সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।”
\p
\v 16 আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
\v 17 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় কলে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷
\p
\v 18 চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূবৰ দ্বাৰাই ভূতবোৰক খেদাও৷
\v 19 যদি মই বেলচবূবৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।
\v 20 কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল।
\p
\v 21 যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰখন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে;
\v 22 কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।
\v 23 যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
\p
\v 24 যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলো, সেই ঘৰলৈকে উভতি যাম’।
\v 25 পাছত উভতি আহি সি যেতিয়া সেই ঘৰখন চাফ-চিকোণ আৰু সজোৱা-পৰোৱা দেখে,
\v 26 তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া \f + \ft ষো 5:14; ইব্ৰী 10:26, 27; 2 পি 2:20, 21 \f* হৈ যায়।”
\p
\v 27 এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক কলে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।”
\v 28 কিন্তু তেওঁ কলে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”
\s সৰলতাৰ বিষয়ে শিক্ষা
\p
\v 29 এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ কবলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইঁহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ \f + \ft যোনা এজন ভাববাদী \f* চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।
\v 30 কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব।
\p
\v 31 দক্ষিণ দেশৰ ৰাণীয়ে \f + \ft ৰা 10:1-10 \f* মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।
\p
\v 32 মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মনপালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।
\p
\v 33 কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়।
\v 34 তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়।
\v 35 এতেকে তোমাৰ ভিতৰত থকা পোহৰ যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা।
\v 36 এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷”
\p
\v 37 এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল;
\v 38 আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে।
\p
\v 39 তেতিয়া প্ৰভুৱে তেওঁক কলে, “তোমালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰ ফাল পৰিষ্কাৰ কৰা, কিন্তু তোমালোকৰ ভিতৰ ফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ।
\v 40 হে নির্ব্বোধ সকল! যি জনে বাহিৰ ফাল নির্মাণ কৰিলে সেই জনে ভিতৰ ফালো নির্মাণ নকৰিলে নে?
\v 41 ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।
\p
\v 42 কিন্তু হায় হায় ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ৷ তোমালোকে পদিনা, আৰুদ \f + \ft এবিধ সেউজীয়া তিতা জোপোহা ঔষধি গছ, ইংৰাজীত Rue \f* আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰা, কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰা৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰাটো তোমালোকৰ প্ৰয়োজন আছিল৷
\p
\v 43 হায় হায় ফৰীচী সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে নামঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণ ভাল পোৱা।
\v 44 হায় হায়! তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা তোমালোক।”
\p
\v 45 সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক কলে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে, সেই কথাবোৰে আমাক অপমান কৰে।”
\v 46 তেতিয়া যীচুৱে কলে, “হায় হায় বিধান পণ্ডিত সকল! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়া, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱা।
\p
\v 47 হায় হায়! তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছা, কিন্তু তোমালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল।
\v 48 সেয়ে ইয়াত তোমালোক সাক্ষী হৈছা আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছা, কিয়নো তেওঁলোক ভাববাদী সকলক বধ কৰিছিল, এতিয়া তোমালোকে মৈদাম সাজিছা।
\p
\v 49 ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিউৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷
\v 50 সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷
\v 51 হয়, মই তোমালোকক কওঁ-হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ \f + \ft জখৰিয়া এজন ভাববাদী \f* হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে, এই কালৰ লোক সকল দায়ী হব৷
\p
\v 52 হায় হায় বিধানৰ অধ্যাপক সকল! তোমালোক সন্তাপৰ পাত্ৰ৷ কিয়নো তোমালোকে জ্ঞানৰ চাবি ধৰি আছা, কিন্তু তাত প্ৰৱেশ নকৰিলেও প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছা।”
\p
\v 53 যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি,
\v 54 তেওঁ কোৱা কথাৰেই তেওঁক ফান্দত পেলাব বিচাৰিলে৷
\c 12
\s কপট আৰু লোভৰ বিষয়ে যীচুৰ শিক্ষা
\p
\v 1 এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।”
\p
\v 2 “কিন্তু যি প্ৰকাশিত নহব, এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।
\v 3 এতেকে তোমালোকে আন্ধাৰত যি যি কথা কলা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হব।
\p
\v 4 হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা। \f + \ft যিচ 51:7-13; যিৰি 1:8; মথি 10:28 \f*
\v 5 কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
\p
\v 6 পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়।
\v 7 কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
\p
\v 8 মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
\v 9 কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।
\v 10 যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
\p
\v 11 যেতিয়া তেওঁলোকে নামঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷
\v 12 কিয়নো যি যি কথা সেই সময়ত কব লগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্‌হুর্ত্ততেই তোমালোকক শিকাই দিব।”
\p
\v 13 তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক কলে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।”
\v 14 কিন্তু যীচুৱে তেওঁক কলে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”
\v 15 তেওঁ তেওঁলোকক পুনৰ কলে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
\p
\v 16 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।
\v 17 তাতে তেওঁ মনতে ভাবি কলে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?
\v 18 পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।
\v 19 তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
\p
\v 20 কিন্তু ঈশ্বৰে তেওঁক কলে \f + \ft যাক 4:13-16 \f* , ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ \f + \ft ইয় 27:8; গীত 52:7 \f* তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হব?
\v 21 ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, \f + \ft মথি 6:20; 1তীম 6:17-19; যাক 2:5 \f* তেওঁ তেনেকুৱা লোক।”
\p
\v 22 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।
\v 23 কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।
\p
\v 24 কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰাল বা মেৰো \f + \ft মেৰ: ধান থোৱা ডুলি \f* নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!
\v 25 আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
\v 26 এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোক কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা?
\v 27 পথাৰৰ কনাৰি ফুল \f + \ft কনাৰি ফুল, লিলি বুলিও কোৱা হয় \f* কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল।
\v 28 কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!
\p
\v 29 তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে চিন্তা নকৰিবা আৰু অস্থিৰ নহবা।
\v 30 কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ চিন্তা কৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।
\p
\v 31 কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হব। \f + \ft গীত 34:10; ৰো 8:31, 32; ফিলি 4:19 \f*
\v 32 হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
\p
\v 33 তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷
\v 34 কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”
\s পৰ দি থকা
\p
\v 35 “তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক, \f + \ft ইফি 6:14;1 পি 1:13 \f*
\v 36 আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷ \f + \ft মথি 24:36-51 \f*
\p
\v 37 প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।
\v 38 তেওঁ মাজৰাতি বা শেষ ৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।
\p
\v 39 কোন সময়ত চোৰ \f + \ft থি 5:2-8, 2 পি 3:10-12, প্ৰ 3:3; 16:15 \f* আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
\v 40 তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”
\p
\v 41 তেতিয়া পিতৰে কলে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে কলে নে, নাইবা সকলোকে কৈছে?”
\v 42 তাতে প্ৰভুৱে কলে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?
\v 43 প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।
\v 44 মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।
\p
\v 45 কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়
\v 46 তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হব৷
\p
\v 47 যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
\v 48 কিন্তু যি জনে নাজানি \f + \ft লে 5:17; 1 তী 1:13 \f* কোবৰ যোগ্য কর্ম কৰে, সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
\p
\v 49 মই পৃথিৱীত জুই পেলাবলৈ আহিলো আৰু অহ! যদি এই জুই এতিয়াই প্ৰজ্বলিত হলহেতেন।
\v 50 কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হব লাগে, \f + \ft মথি 20:22; মার্ক 10:38 \f* আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছো!
\p
\v 51 মই পৃথিৱীত শান্তি দিবলৈ আহিছো বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলো।
\v 52 এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজন হব।
\v 53 পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”
\p
\v 54 ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই কলে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, তোমালোকে কোৱা ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।
\v 55 দক্ষিণ ফালৰ বতাহ বলিলে কোৱা ‘বৰ জহ হব’; পাছত সেইদৰে ঘটে।
\v 56 হে কপটীয়া সকল, তোমালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানা; কিন্তু এই কালৰ বিষয়ে কিয় তোমালোকে বিচাৰ কৰিব নাজানা?
\p
\v 57 নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰা?
\v 58 কিয়নো তোমাৰ গুচৰিয়াৰ সৈতে তুমি যেতিয়া বিচাৰকৰ ওচৰলৈ যোৱা, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰা, যাতে তেওঁ তোমাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।
\v 59 মই তোমালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে তুমি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিবা৷”
\c 13
\s মনপালটনৰ বিষয়ে শিক্ষা
\p
\v 1 সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।
\v 2 যীচুৱে উত্তৰ দি তেওঁলোকক কলে, “তোমালোকে ভাবিছা নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?
\v 3 মই তোমালোকক কওঁ তেনে নহয়; কিন্তু মনপালটন নকৰিলে, তোমালোক সকলোৱে সেইদৰে বিনষ্ট হবা।
\p
\v 4 চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, তোমালোকে ভাবা নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
\v 5 মই তোমালোকক কওঁ তেনে নহয়; কিন্তু মনপালটন নকৰিলে, তোমালোকো বিনষ্ট হবা।”
\s অপ্ৰয়োজনীয় গছৰ শিক্ষা
\p
\v 6 তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি কলে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
\v 7 তেতিয়া গৰাকীয়ে বাৰীচোৱাক কলে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছো, কিন্তু একোৱে নাপাও; সেয়ে ইয়াক কাটি পেলোৱা। কিয় ই অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?
\p
\v 8 তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি কলে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
\v 9 পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাম’।”
\s বিশ্ৰামবাৰে এজন ৰোগীক সুস্থ কৰা;
\p
\v 10 এদিন বিশ্ৰামবাৰে এটা নামঘৰত যীচুৱে উপদেশ দি আছিল।
\v 11 তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
\p
\v 12 যীচুৱে তাইক দেখি মাতি কলে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”
\v 13 তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
\v 14 কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নামঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক কলে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
\p
\v 15 প্ৰভুৱে তেওঁক উত্তৰ দি কলে, “কপটীয়া সকল! বিশ্ৰামবাৰে তোমালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়া?
\v 16 তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা আব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”
\p
\v 17 তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷
\s সৰিয়হ গুটি আৰু খমিৰৰ দৃষ্টান্ত
\p
\v 18 তাৰ পাছত যীচুৱে কলে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?
\v 19 ই হল এটা সৰু সৰিয়হৰ বীজৰ দৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”
\p
\v 20 তেওঁ আকৌ কলে, “ঈশ্বৰৰ ৰাজ্য মই কিহৰ লগত তুলনা কৰিম?
\v 21 ঈশ্বৰৰ ৰাজ্য খমীৰৰ দৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷”
\s পৰিত্ৰাণলৈ প্ৰাণপণে চেষ্টা কৰাৰ বিষয়ে শিক্ষা
\p
\v 22 এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গল।
\v 23 তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক কলে
\v 24 “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
\p
\v 25 কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই কবা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি তোমালোকক কব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;
\v 26 তেতিয়া তোমালোকে কবা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলো আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে।
\v 27 কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!
\p
\v 28 তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হব! তাতে তোমালোকে আব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হব৷
\v 29 তাতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,
\v 30 আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগ বাঢ়িব৷”
\p
\v 31 কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক কলে, “তুমি ইয়াৰ পৰা আতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
\v 32 যীচুৱে তেওঁলোকক কলে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।
\v 33 যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷
\p
\v 34 হে যিৰূচালেম! যিৰূচালেম! তুমি ভাববাদী সকলক বধ কৰা আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিওৱা, কিমান বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলো, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলো: কিন্তু তুমি সন্মত নহলা৷
\v 35 চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই তোমালোকক কওঁ যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’ তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।”
\c 14
\s বিশ্ৰামবাৰে এজন ৰোগীক সুস্হ কৰা
\p
\v 1 এদিন বিশ্ৰামবাৰে এইদৰে হৈছিল, যীচুৱে ফৰীচী সকলৰ এজন প্ৰধান অধিকাৰীৰ ঘৰত পিঠা খাবলৈ সোমাল, তাতে লোক সকলে তেওঁক ভালদৰে চাবলৈ ধৰিলে।
\v 2 সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল।
\v 3 তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?”
\p
\v 4 কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।
\v 5 আৰু তেওঁলোকক কলে, “তোমালোকৰ কাৰোবাৰ বলধ বা গাধ নাদত পৰিলে, তৎক্ষণাত নুতুলিবা নে?”
\v 6 তেতিয়া তেওঁলোকে সেই কথাৰ উত্তৰ দিব নোৱাৰিলে।
\p
\v 7 তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি কলে,
\v 8 “কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰিত হৈছে;
\v 9 পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক কব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
\p
\v 10 কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে কব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা।
\v 11 কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হব।
\p
\v 12 তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে কলে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব।
\p
\v 13 কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।
\v 14 তাতে তোমাক প্ৰতিদান ৰূপে ঘূৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
\p
\v 15 যি সকলে যীচুৰ সৈতে ভোজনত বহিছিল, তেওঁলোকৰ মাজৰ এজনে এই কথা শুনি, তেওঁক কলে, “যি কোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য।”
\v 16 কিন্তু যীচুৱে তেওঁক কলে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে।
\v 17 পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক কলে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে।
\p
\v 18 তাতে সকলো লোকে একে ভাবেৰে ক্ষমা বিচাৰি তেওঁক কবলৈ ধৰিলে; প্ৰথম জনে তেওঁক কলে, ‘মই এডৰা মাটি কিনিলো; মই তোমাক অনুৰোধ কৰিছো; মই সেই মাটি চাবলৈ যাব লাগে’।
\v 19 আন এজনে কলে, ‘মই পাঁচ হাল বলধ কিনিলো; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছো, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’।
\v 20 আন এজনে কলে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’।
\p
\v 21 তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই গৈ দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ।
\v 22 পাছত সেই দাসে কলে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে।
\p
\v 23 তেতিয়া ঘৰৰ গৰাকীয়ে দাসক কলে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক মাতি আনাগৈ।
\v 24 কিয়নো মই তোমালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”
\s প্রকৃত শিষ্যৰ লক্ষণ
\p
\v 25 তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই কলে,
\v 26 “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেন্তে তেওঁ মোৰ শিষ্য হব নোৱাৰে।
\v 27 যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
\p
\v 28 কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা তোমালোকৰ মাজত কোন আছে?
\v 29 তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি কব,
\v 30 ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে।’
\p
\v 31 অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে যে, তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
\v 32 যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
\v 33 এতেকে তোমালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হব নোৱাৰে।
\p
\v 34 লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুনৰাই সোৱাদ কৰা হব?
\v 35 সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
\c 15
\s মন পালটোৱা পাপী মানুহৰ পৰিত্ৰাণত ঈশ্বৰৰ যে আনন্দ হয়, সেই বিষয়ৰ তিনিটা দৃষ্টান্ত
\p
\v 1 সেই সময়ত কৰ সংগ্রহকাৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল।
\v 2 তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে গৰিহণা কৰি কলে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।”
\p
\v 3 তেতিয়া তেওঁলোকক এই দৃষ্টান্ত দি তেওঁ কলে, “এশ মেষ থকা কোনো মানুহৰ যদি এটা হেৰায়,
\v 4 তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেষক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
\v 5 আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।
\p
\v 6 এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেষ-পোৱালিটো পালো’।
\v 7 মই তোমালোকক কওঁ, সেইদৰে মনপালটন কৰিবলৈ প্ৰয়োজন নথকা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।
\p
\v 8 অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰায়, তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে?
\v 9 আৰু হেৰুৱাটো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটাই কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালো’।
\v 10 সেইদৰে মই তোমালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
\p
\v 11 তেওঁ পুনৰ কলে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল;
\v 12 সৰুটোৱে বাপেকক কলে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।
\p
\v 13 অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
\v 14 তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।
\v 15 তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ললে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে।
\v 16 তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।
\p
\v 17 শেষত তেওঁ চেতনা পাই কলে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেট ভৰাই খাবলৈ পায়, কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছো।
\v 18 মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলো;
\v 19 আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক।’
\p
\v 20 পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু মৰম লগাত তেওঁক লৰি গৈ সাৱটি চুমা খালে।
\v 21 তেতিয়া পুতেকে কলে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলো। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
\p
\v 22 কিন্তু বাপেকে দাসবোৰক কলে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দিয়া; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দিয়া;
\v 23 পোহনীয়া পশুটো আনি মাৰা আৰু আহাঁ, আমি ভোজন কৰি, ৰং কৰোঁহক;
\v 24 কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছো’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।
\p
\v 25 সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।
\v 26 তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, ‘এইবোৰ নো কি হৈছে’?
\v 27 তেতিয়া দাস জনে কলে, ‘তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে, পোহনীয়া পশুটো মাৰিব দিলে।’
\p
\v 28 তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,
\v 29 তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি কলে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলো, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।
\v 30 কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰচ কৰি এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘূৰি আহোতেই তাৰ কাৰণে পোহনীয়া পশুটো মাৰিলে।’
\p
\v 31 তেতিয়া বাপেকে সেই ল’ৰাক কলে, ‘বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।
\v 32 কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জী উঠিল; হেৰোৱা হৈয়ো পালো; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”
\c 16
\s ধন ব্যৱহাৰ কৰাৰ বিষয়ে এটা দৃষ্টান্ত
\p
\v 1 যীচুৱে শিষ্য সকলক কলে, “এজন ধনী মানুহৰ এজন ঘৰগিৰী \f + \ft তত্বাৱধায়ক \f* আছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ উঠিল৷
\p
\v 2 তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি কলে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’
\p
\v 3 তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা আঁতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷
\v 4 মোক ঘৰগিৰী দায়িত্বৰ পৰা আতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছো৷’
\p
\v 5 তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?
\v 6 তেওঁ কলে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক কলে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’
\v 7 তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিব লগীয়া ঋণ আছে? তেওঁ কলে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক কলে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’
\p
\v 8 তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷
\v 9 মই তোমালোকক কওঁ, অযথার্থ ধনেৰে তোমালোকে নিজলৈ বন্ধু লাভ কৰা, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে তোমালোকক অনন্ত নিৰ্বাসত গ্ৰহণ কৰিব৷
\p
\v 10 যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷
\p
\v 11 এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত তোমাক কোনে বিশ্বাস কৰিব?
\v 12 যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নোহোৱা, তেনেহলে যি তোমাৰ নিজৰ তাক কেনেকৈ তোমাক দিব৷
\p
\v 13 কোনো চাকৰে দুজন গৰাকীত খাটিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে খাটিব কৰিব নোৱাৰা৷”
\p
\v 14 এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
\v 15 তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক প্ৰমাণিত কৰোঁতা, কিন্তু ঈশ্বৰে তোমালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷
\p
\v 16 যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷
\v 17 কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ৷
\p
\v 18 যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে, তেৱোঁ ব্যভিচাৰ কৰে৷
\p
\v 19 কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷
\v 20 লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷
\v 21 সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি আছিল৷ \f + \ft মথি 6:20; 1তীম 6:17-19; যাক 2:5 \f*
\p
\v 22 কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি আব্ৰাহামৰ কোলালৈ তেওঁক লৈ গল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷
\v 23 ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত আব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷
\p
\v 24 তেতিয়া ধনী ব্যক্তি জনে চিঞঁৰি কলে, ‘পিতৃ আব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’
\p
\v 25 কিন্তু আব্ৰাহামে তেওঁক কলে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷
\v 26 এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।
\p
\v 27 ধনী ব্যক্তি জনে কলে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷
\v 28 তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিব লগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷
\p
\v 29 কিন্তু আব্ৰাহামে তেওঁক কলে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’
\v 30 তেতিয়া সেই ধনী ব্যক্তি জনে কলে, ‘তেনে নহওক পিতৃ আব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’
\p
\v 31 তেতিয়া তেওঁক আব্ৰাহামে কলে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷”
\c 17
\s বিঘিনি, ক্ষমা, বিশ্বাস, আৰু নম্ৰতাৰ বিষয়ে শিক্ষা
\p
\v 1 যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
\v 2 সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
\v 3 তোমালোকে নিজৰ বিষয়ে সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
\v 4 তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মনপালটন কৰিছো’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
\p
\v 5 তেতিয়া পাঁচনি সকলে প্ৰভুক কলে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
\v 6 তেতিয়া প্ৰভুৱে কলে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক কব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোপিত হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
\p
\v 7 তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক কবা নে, ‘তুমি এতিয়াই আহাঁ, ভোজনত বহা৷’
\v 8 তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
\v 9 সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
\v 10 তোমালোকৰ ক্ষেত্ৰতো সেই একেই কথা প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত কবা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলো’।”
\s দহ জন কুষ্ঠ ৰোগীক সুস্থ কৰা
\p
\v 11 যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
\v 12 সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
\v 13 বৰ মাতেৰে কলে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
\p
\v 14 তেতিয়া তেওঁ তেওঁলোকক দেখি কলে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
\v 15 তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
\v 16 আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন চমৰীয়া আছিল।
\v 17 ইয়াকে দেখি যীচুৱে কলে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন কত?
\v 18 এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাৰ স্তুতি কৰিবলৈ উলটি নাহিল?”
\v 19 পাছত যীচুৱে তেওঁক কলে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
\s ঈশ্বৰৰ ৰাজ্যৰ আগমনৰ বিষয়ে শিক্ষা
\p
\v 20 ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে সোধাত, তেওঁ উত্তৰ দি কলে,
\v 21 “ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চোৱা, ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতে আছে।”
\p
\v 22 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক কলে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
\v 23 মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক কব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
\v 24 কিয়নো বিজুলী যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেই দৰেই হব।
\p
\v 25 কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হব লাগিব।
\v 26 নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হব।
\v 27 নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
\p
\v 28 সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
\v 29 কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
\v 30 সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হব।
\v 31 সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
\p
\v 32 লোটৰ তিৰোতাক সোঁৱৰা।
\v 33 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
\p
\v 34 মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হব, আন জনক ত্যাগ কৰা হব।
\v 35 দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোতে এজনীক গ্ৰহণ কৰা হব।
\v 36 দুজন মানুহ পথাৰত থাকোতে এজনক গ্ৰহণ কৰা হব, এজনক ত্যাগ কৰা হব।”
\v 37 তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “কত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক কলে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”
\c 18
\s সফল প্রাৰ্থনাৰ বিষয়ে দুটা দৃষ্টান্ত
\p
\v 1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি কলে,
\v 2 “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।
\p
\v 3 সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।
\v 4 তাতে তেওঁ কিছু দিনলৈ সন্মত নহল; কিন্তু পাছত নিজৰ মনতে কলে, ‘মই যদিও ঈশ্বৰক ভয় নকৰো, আৰু মানুহকো নামানো,
\v 5 তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুনৰ আহি মোক আমনি দিব’।”
\p
\v 6 পাছত প্ৰভুৱে কলে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, শুনা।
\v 7 তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকুতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?
\v 8 মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
\p
\v 9 ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
\v 10 “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকাৰী।
\p
\v 11 ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰো।
\v 12 মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰো।’
\p
\v 13 কিন্তু কৰ সংগ্রহকাৰী জনে আঁতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈকো সাহস নকৰি, নিজৰ হিয়া ভুকুৱাই ভুকুৱাই কলে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক।’
\v 14 মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হব।” শিশু সকললৈ যীচুৰ অনুগ্রহ
\s শিশু সকললৈ যীচুৰ অনুগ্রহ
\p
\v 15 এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক দবিয়ালে।
\v 16 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি কলে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে হে।”
\v 17 এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ কলে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
\s এজন ধনী শাসনকর্তাৰ প্রশ্ন আৰু উত্তৰ
\p
\v 18 এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”
\v 19 যীচুৱে কলে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
\v 20 তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
\v 21 তাতে শাসনকর্তাই কলে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছো।”
\p
\v 22 যীচুৱে এই কথা শুনি তেওঁক কলে, “এতিয়াও এটা বিষয়ত তোমাৰ ত্ৰুটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহাঁ৷”
\v 23 তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
\p
\v 24 তেতিয়া যীচুৱে তেওঁক দেখি কলে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
\v 25 কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”
\p
\v 26 যি সকল লোকে এই কথা শুনিলে তেওঁলোকে কলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
\v 27 যীচুৱে উত্তৰ দি কলে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”
\p
\v 28 তেতিয়া পিতৰে কলে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলো।”
\v 29 তেতিয়া যীচুৱে তেওঁলোকক কলে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,
\v 30 এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।”
\s নিজৰ মৃত্যু আৰু পুনৰুত্থান বিষয়ে তৃতীয় বাৰ জনোৱা
\p
\v 31 পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক কলে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছো; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হব।
\v 32 কিয়নো অনা-যিহূদী লোকৰ হাতত তেওঁক শোধাই দিয়া হব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থু পেলাব,
\v 33 আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।”
\p
\v 34 কিন্তু এই কথা তেওঁ কিয় কলে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে।
\s যিৰীহোত এজন অন্ধক চকু দিয়া
\p
\v 35 পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি আছিল।
\v 36 তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে।
\v 37 তেতিয়া তেওঁলোকে তেওঁক কলে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।”
\p
\v 38 তেতিয়া তেওঁ ৰিঙিয়াই কলে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।”
\v 39 তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক দবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি কলে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।”
\p
\v 40 তেতিয়া যীচু থমকি ৰল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে।
\v 41 পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ কলে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”
\p
\v 42 তেতিয়া যীচুৱে তেওঁক কলে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”
\v 43 সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
\c 19
\s চক্কেয়ৰ মনপালটন
\p
\v 1 পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে।
\v 2 সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰাহক সকলৰ প্ৰধান আৰু ধনী আছিল।
\p
\v 3 তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন জানিবৰ বাবে, তেওঁক চাবলৈ বহু চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল।
\v 4 সেয়ে তেওঁ সকলোৰে আগত বেগাই গল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে।
\p
\v 5 পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি কলে, “হে চক্কেয়, বেগাই নামি আহাঁ, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷”
\v 6 তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গল।
\v 7 তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হবলৈ গৈছে।” \f + \ft মথি 9:11; লূক 5:30; \f*
\p
\v 8 তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ কলে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰো আৰু মিছা অপবাদ দি কোনো মানুহৰ পৰা যদি কিবা লৈছো, তেনেহলে তাৰ চাৰি গুণ \f + \ft যা 22:1 \f* ওভোতাই দিওঁ।”
\v 9 তেতিয়া যীচুৱে তেওঁক কলে, “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ আব্ৰাহামৰেই সন্তান।
\v 10 কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।” \f + \ft তী 1:15 \f*
\s দহ মিনা (অৰ্থাৎ, এশ দিনৰ মজুৰী) বা সোণৰ মুদ্ৰাৰ দৃষ্টান্ত
\p
\v 11 যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি কবলৈ ধৰিলে, \f + \ft মথি 25:14-30; মাৰ্ক 13:34 এমিনাৰ মূল্য প্ৰায় এশ টকা৷ \f*
\v 12 “এজন সম্ভ্ৰান্ত পৰিয়ালৰ লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ দেশলৈ যাত্ৰা কৰিলে।
\p
\v 13 তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি কলে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’
\v 14 কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।
\v 15 তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলটি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক সুধিব ধৰিলে৷
\p
\v 16 তেতিয়া প্ৰথম জন দাসে আহি কলে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’।
\v 17 তাতে তেওঁ তাক কলে, বাহ্-বাহ্ উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।
\p
\v 18 পাছত দ্বিতীয় জন দাসে আহি কলে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’।
\v 19 তাতে তেওৰ প্ৰভুৱে কলে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’।
\p
\v 20 আৰু আন এজন দাসে আহি কলে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছো, এয়া চাওক,
\v 21 কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলো’।
\p
\v 22 তেওৰ প্ৰভুৱে কলে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলো, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;
\v 23 তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হলে, মই আহি সূতে সৈতে তাক উলিয়াই ললোহেঁতেন’?
\p
\v 24 পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ কলে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’।
\v 25 তেতিয়া তেওঁলোকে তেওঁক কলে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’।
\p
\v 26 ‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হব; \f + \ft মথি2514-30; মাৰ্ক 13:34 \f* কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হব।
\v 27 কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাটো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
\s যীচুৰ জয় যাত্ৰা
\p
\v 28 এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে।
\p
\v 29 পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই
\v 30 কলে, “সন্মুখৰ গাওঁখনলৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ;
\v 31 আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সুধে, তেনেহলে এইদৰে কবা, ‘প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে’।”
\p
\v 32 তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰ দৰেই সকলোকে পালে।
\v 33 তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকীয়ে সুধিলে, “গাধ পোৱালিটো কিয় মেলিছা?”
\v 34 তেতিয়া তেওঁলোকে কলে, “প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে।”
\v 35 পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে;
\v 36 আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে।
\p
\v 37 পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে,
\v 38 আৰু কলে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, \f + \ft গীত 11:26, লূক 13:35 \f* তেওঁ ধন্য! স্বৰ্গত শান্তি, \f + \ft লূক 2:14; ইফি 2:14 \f* আৰু উৰ্দ্ধলোকত মহিমা হওক!”
\p
\v 39 তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক কলে, “হে গুৰু, আপোনাৰ শিষ্য সকলক দবিয়াওক।”
\v 40 তেতিয়া যীচুৱে উত্তৰ দি কলে, “মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”
\s যিৰূচালেমৰ কাৰণে বিলাপ কৰা
\p
\v 41 পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে
\v 42 আৰু কলে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হলে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে।
\p
\v 43 কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনাৰ কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
\v 44 সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”
\s মন্দিৰ পৰিস্কাৰ কৰা
\p
\v 45 পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক \f + \ft মথি 9:12, 13; মাৰ্ক 11:15, 16; যো 20:14-16 \f* বাহিৰ কৰিবলৈ ধৰিলে, আৰু
\v 46 সিহঁতক কলে, “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হব’, \f + \ft যিচ 56:7 \f* কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।” \f + \ft যিৰি 7:11 \f*
\p
\v 47 তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিব ধৰিলে;
\v 48 কিন্তু সকলো মানুহে তেওঁৰ কথা একান্ত মনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে।
\c 20
\s যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন
\p
\v 1 এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷
\v 2 তেওঁলোকে তেওঁক সুধিলে, “আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? বা তোমাক এই ক্ষমতা দিওঁতা জন কোন?”
\p
\v 3 তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক কলে, “ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, তোমালোকে মোক উত্তৰ দিয়া!
\v 4 যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা, নে মানুহৰ পৰা হৈছিল?”
\p
\v 5 তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি কলে, “‘স্বৰ্গৰ পৰা’ বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ কব।
\v 6 কিন্তু আমি যদি কওঁ, ‘মানুহৰ পৰা’, তেনেহলে লোক সকলে আমাক শিল দলিয়াই মাৰিব; কাৰণ লোক সকলে যোহনক এজন ভাব বাদী ৰূপে দৃঢ় বিশ্বাস কৰে।”
\p
\v 7 তেওঁলোকে তেতিয়া উত্তৰ দি কলে, “সেয়ে কৰ পৰা আহিল, সেই বিষয়ে আমি নাজানো।”
\v 8 তেতিয়া যীচুৱে তেওঁলোকক কলে, “তেনেহলে, কি ক্ষমতাৰে মই এইবোৰ কৰো, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
\s কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত
\p
\v 9 পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি কবলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গল। \f + \ft যিচ 5:1-7 \f*
\v 10 পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
\v 11 আকৌ তেওঁ আন এজন দাসক পঠিওৱাত, তেওঁলোকে তেওঁকো কোবাই, অপমান কৰি শুদা-হাতে খেদি দিলে।
\v 12 তৃতীয় বাৰ আন এজনক পঠিওৱাত, তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে।
\p
\v 13 তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কলে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব!
\v 14 কিন্তু খেতিয়ক সকলে তেওঁক দেখি ইজনে সিজনে কোৱা-মেলা কৰি কলে, ‘এৱেঁই উত্তৰাধিকাৰী; \f + \ft গীত 2:7, 8; ইব্ৰী 1:2 \f* আহাঁ, উত্তৰাধিকাৰ আমাৰ হবলৈ এওঁক বধ কৰোঁহক৷’
\p
\v 15 এই বুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁলোকক কি কৰিব?
\v 16 তেওঁ আহি সেই খেতিয়ক সকলক সংহাৰ কৰি, আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব৷” তেতিয়া এই কথা শুনা লোক সকলে কলে, “ঈশ্বৰে এনে নকৰক!”
\p
\v 17 তাতে তেওঁ তেওঁলোকলৈ চাই কলে, “এই লিখা বচনৰ অৰ্থ কি?
\q1 ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল?” \f + \ft গীত 18: 22 \f*
\p
\v 18 সেই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত সেই শিল পৰিব, তেওঁক ধূলিৰ দৰে গুড়ি কৰি পেলাব।”
\s ৰাজকৰ, পুনৰুত্থান আৰু দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন
\p
\v 19 বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত কলে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
\v 20 তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে।
\p
\v 21 পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানো।
\v 22 কিন্তু বিধানৰ মতে আমি কৈচৰক \f + \ft ৰোমৰ সম্ৰাটক কৈচৰ বুলি কোৱা হৈছিল \f* কৰ দিব পায় নে নাপায়?”
\p
\v 23 যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক কলে,
\v 24 “মোক এটা আধলি \f + \ft দীনাৰক আধলি বুলি কোৱা হৈছে \f* দেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে কলে, “কৈচৰৰ।”
\p
\v 25 তেতিয়া তেওঁ তেওঁলোকক কলে, “তেনেহলে যি কৈচৰৰ, তাক কৈচৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”
\v 26 তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে লোক সকলৰ আগত তেওঁৰ কথাত দোষ ধৰিব নোৱাৰিলে৷ তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল।
\p
\v 27 পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে,
\v 28 “হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
\p
\v 29 বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
\v 30 ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
\v 31 তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
\v 32 অৱশেষত সেই পত্নীও ঢুকাল।
\v 33 এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
\p
\v 34 তেতিয়া যীচুৱে তেওঁলোকক কলে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;
\v 35 কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয় \f + \ft প্ৰ 3:4 \f* , তেওঁলোকে বিয়া নকৰায় আৰু বিয়া দিয়াও নহয়।
\v 36 তেওঁলোকৰ মৃত্যু হব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
\p
\v 37 মোচিয়ে জোপোহাৰ আঁৰত থকা \f + \ft যা 3:5 \f* প্ৰভুক, আব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
\v 38 এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।” \f + \ft ৰো 6:10, 11 \f*
\p
\v 39 তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি কলে, “হে গুৰু, আপুনি ভাল কৈছে।”
\v 40 কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহল।
\p
\v 41 যীচুৱে তেওঁলোকক কলে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?
\v 42 কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, \f + \ft গীত 110:1, পাঁ 2:36 \f*
\q1 প্ৰভুৱে মোৰ প্ৰভুক কলে,
\q1 ‘মোৰ সোঁ হাতে বহি থাকা,
\q1
\v 43 যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীৰা নকৰো।’
\p
\v 44 এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হব পাৰে?”
\s অধ্যাপক সকলৰ পৰা সাৱধানে থাকিবলৈ আদেশ
\p
\v 45 পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক কলে,
\v 46 “এতেকে সেই সকললৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নামঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভাল পায়;
\v 47 আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”
\c 21
\s প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা
\p
\v 1 পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে। \f + \ft মাৰ্ক 12:41-44 \f*
\v 2 কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
\v 3 তাতে তেওঁ কলে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে। \f + \ft কৰি 8:12 \f*
\v 4 কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
\s খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে জনোৱা
\p
\v 5 পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ কলে,
\v 6 “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হব।”
\p
\v 7 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
\v 8 তাতে যীচুৱে কলে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া কব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা। \f + \ft ইফি 5:6; 2 থি 2:3 \f*
\v 9 যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহবা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।” \f + \ft গীত 46:1-3 \f*
\p
\v 10 তেতিয়া তেওঁ পুনৰ তেওঁলোকক কলে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
\v 11 আৰু বৰ বৰ ভূমিকম্প হব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।
\p
\v 12 কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নামঘৰ আৰু বন্দীশালত শোধাই দিব; \f + \ft পাঁ 4:3; 5:18; 12:4; 16:24 \f* আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হব।
\v 13 সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
\p
\v 14 এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;
\v 15 কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম। \f + \ft পাঁ 6:10 \f*
\p
\v 16 আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হবা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
\v 17 তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হবা। \f + \ft মথি 10:22; যো 17:14 \f*
\v 18 কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহব।
\v 19 তোমালোকে নিজ ধৈৰ্যৰে, \f + \ft ইব্ৰী 10:36; যাক 1:4 \f* নিজ নিজ প্ৰাণ লাভ কৰিবা।
\p
\v 20 যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।
\v 21 তেতিয়া যিহূদিয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভুইয়ে থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।
\v 22 এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হব।
\p
\v 23 সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হব।
\v 24 তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হব; আৰু অনা-যিহূদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-যিহূদী মানুহৰ ভৰিৰে গচকা হব।
\p
\v 25 তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হব৷
\v 26 পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হব।
\p
\v 27 তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। \f + \ft প্ৰ 1:7; 14:14 \f*
\v 28 কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
\p
\v 29 পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি কলে, “ডিমৰু আদি সকলো গছ চোৱা;
\v 30 সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
\v 31 সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।
\p
\v 32 মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।
\v 33 স্বৰ্গ আৰু পৃথিৱী লুপ্ত হব; কিন্তু মোৰ বাক্য লুপ্ত নহব। \f + \ft যিচ 40:8 \f*
\p
\v 34 কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰ গ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা \f + \ft 1 থি 5:2; 2 পি 3:10; প্ৰ 16:15 \f* সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা। \f + \ft ৰো 13:12, 13; 1 থি 5:6-8; 1 পি 4:7 \f*
\v 35 কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
\p
\v 36 কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
\p
\v 37 সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
\v 38 সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।
\c 22
\s যীচুৰ বিপক্ষে কুমন্ত্ৰণা
\p
\v 1 সেই যি পৰ্বক নিস্তাৰ পৰ্বও বোলা হয় সেই খমিৰহীন পিঠাৰ পৰ্ব ওচৰ হোৱাত
\v 2 প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল।
\p
\v 3 তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল।
\v 4 তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল।
\p
\v 5 তেতিয়া তেওঁলোক আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল।
\v 6 তাতে তেওঁ মান্তি হ’ল আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে।
\s যীচুৱে নিস্তাৰ পৰ্বৰ ভোজ পালন কৰা আৰু প্ৰভুভোজ স্থাপন কৰা
\p
\v 7 খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেষ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত,
\v 8 যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি কলে, “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰপৰ্বৰ ভোজ যুগুত কৰাগৈ।”
\v 9 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি কত যুগুত কৰাটো আপুনি ইচ্ছা কৰে?”
\p
\v 10 তেওঁ তেওঁলোকক কলে, “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷
\v 11 তেতিয়া ঘৰৰ গৰাকীক কবা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি কত আছে’?
\p
\v 12 তাতে সেই মানুহে সজোৱা ওপৰ মহলাৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।”
\v 13 তেতিয়া তেওঁলোক গল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ পৰ্বৰ ভোজ যুগুত কৰিলে।
\p
\v 14 সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল।
\v 15 তেতিয়া তেওঁ তেওঁলোকক কলে, “মোৰ দুখ-ভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলো।
\v 16 কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।”
\p
\v 17 পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি কলে, “এইয়া লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা;
\v 18 কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰো।”
\p
\v 19 তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি কলে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।” \f + \ft কৰি 11:23-26 \f*
\v 20 পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান পাত্ৰকো লৈ কলে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷
\p
\v 21 কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।
\v 22 কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!” \f + \ft পাঁ 2:23; 4:28 \f*
\v 23 তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে।
\s শিষ্য সকলক অনুযোগ কৰা, আৰু পিতৰক সতৰ্ক কৰা
\p
\v 24 তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল। \f + \ft মথি 20:25, 26; মাৰ্ক 9:34: 10:42; লূক 9:46 \f*
\v 25 কিন্তু তেওঁ তেওঁলোকক কলে, “অনা-যিহূদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।
\p
\v 26 কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক।
\v 27 কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছো৷ \f + \ft মথি 20:26-28; যো 13:13, 14; ফিল 2:7 \f*
\p
\v 28 কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷
\v 29 মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্য \f + \ft মথি 8:11; লূক 12:32; 14:15; প্ৰ 19:9 \f* দান কৰিলো,
\v 30 মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছো৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধবিচাৰ কৰিবা।
\p
\v 31 চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি লব খুজিলে;
\v 32 কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলো; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।” \f + \ft যো 17: 9, 11, 15 \f*
\p
\v 33 পাছত পিতৰে তেওঁক কলে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছো।”
\v 34 তেতিয়া যীচুৱে কলে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।”
\p
\v 35 পাছত যীচুৱে তেওঁলোকক কলে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে কলে, “কোনো অভাৱ হোৱা নাছিল।”
\v 36 তেতিয়া তেওঁ তেওঁলোকক কলে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।
\p
\v 37 কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা \f + \ft যিচ 53:12 \f* আছে, সেয়ে মোত সিদ্ধ হব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।”
\v 38 তেতিয়া তেওঁলোকে কলে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক কলে, “সেয়ে যথেষ্ট।”
\s গেৎচিমানীত যীচুৰ আন্তৰিক যাতনা
\p
\v 39 পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গল।
\v 40 সেই ঠাই পাই তেওঁ তেওঁলোকক কলে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।” \f + \ft মথি 6:13 \f*
\p
\v 41 পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি কলে,
\v 42 “হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দুখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।” \f + \ft যো 5:30; 6:38 \f*
\p
\v 43 তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে।
\v 44 পাছত তেওঁ অতি যাতনা পাই \f + \ft যো 12:17; ইব্ৰী 5:7, 8 \f* বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গল।
\p
\v 45 পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি কলে,
\v 46 “তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।”
\s শত্ৰুৰ হাতত সমৰ্পিত হোৱা
\p
\v 47 তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গল।
\v 48 কিন্তু যীচুৱে তাক কলে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?”
\p
\v 49 পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে কলে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?”
\v 50 আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে।
\v 51 তেতিয়া যীচুৱে সতৰ্ক কৰি কলে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে।
\p
\v 52 তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে কলে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?
\v 53 যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলো, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাকাৰৰ অধিকাৰ।”
\s পিতৰে যীচুক তিনি বাৰ অস্বীকাৰ কৰা
\p
\v 54 পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গল।
\v 55 পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল।
\p
\v 56 তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই কলে, “এই মানুহ জনো তেওঁৰ লগত আছিল।”
\v 57 কিন্তু তেওঁ অস্বীকাৰ কৰি কলে, “হে নাৰী, মই তেওঁক চিনি নাপাও।”
\v 58 অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই কলে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে কলে, “হে’ৰা, মই নহওঁ।”
\p
\v 59 প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ কলে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।”
\v 60 কিন্তু পিতৰে কলে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে।
\p
\v 61 তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’
\v 62 সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে। \f + \ft কৰি 7:10, 11 \f*
\p
\v 63 পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে;
\v 64 আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?”
\v 65 আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা কলে।
\s মহাসভাৰ আগত যীচুৰ সোধবিচাৰ
\p
\v 66 পাছত দিন হলত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
\v 67 তেওঁলোকে কলে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক কলে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,
\v 68 আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা।
\p
\v 69 কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।” \f + \ft ইব্ৰী 1:3; 8:1 \f*
\v 70 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক কলে, “তোমালোকেই কোৱা যে, মই হওঁ।”
\v 71 তেতিয়া তেওঁলোকে কলে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলো।”
\c 23
\s পীলাত আৰু হেৰোদৰ আগত যীচুৰ সোধবিচাৰ; প্ৰাণদণ্ডৰ আজ্ঞা
\p
\v 1 ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷
\v 2 তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছো যে, এই মানুহজন কৈচৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
\p
\v 3 তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি যিহূদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি কলে, “তুমিয়েই কৈছা।”
\v 4 তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক কলে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।” \f + \ft ইব্ৰী 7:26; 1 পি 2:22 \f*
\v 5 কিন্তু তেওঁলোকে পুনৰ কলে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহূদিয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচটাই আছে।”
\p
\v 6 পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
\v 7 পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
\p
\v 8 যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
\v 9 তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। \f + \ft যিচ 53:7 \f*
\v 10 আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
\p
\v 11 পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, \f + \ft যিচ 53:3 \f* ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
\v 12 সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
\p
\v 13 পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা আৰু লোক সকলক মাতি গোট খুৱালে৷
\v 14 আৰু তেওঁলোকক কলে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধবিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালো।
\p
\v 15 হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
\v 16 এই হেতুকে এওঁক শাস্তি দি এৰি দিম।” \f + \ft কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 17 পদ: সেই পৰ্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল৷ \f*
\v 17 সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিব লগীয়া আছিল।
\p
\v 18 কিন্তু সকলোৱে একেলগে আটাহ পাৰি কলে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।” \f + \ft পাঁ 3:14 \f*
\v 19 সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
\p
\v 20 তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ কলে,
\v 21 কিন্তু তেওঁলোকে আটাহ পাৰি কলে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷”
\v 22 তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক কলে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
\p
\v 23 কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গল৷
\v 24 তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে।
\v 25 পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।
\s ক্ৰুচত যীচুৰ মৃত্যু
\p
\v 26 পাছত তেওঁলোকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমোন নামেৰে এজন কুৰীণীয়া মানুহক ধৰি যীচুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে।
\p
\v 27 তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গল।
\v 28 কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি কলে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।
\p
\v 29 কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।
\v 30 তেতিয়া লোক সকলে পর্বতবোৰক কবলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’। \f + \ft যিচ 2:19; হো 10:8; প্ৰ 6:16 \f*
\v 31 কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
\p
\v 32 সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল।
\p
\v 33 পাছত মূৰৰ লাউখোলা \f + \ft আন এটা নাম গলগথা (কালবাৰি) \f* নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
\v 34 তেতিয়া যীচুৱে কলে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; \f + \ft মথি 5:44; পাঁ 3:17, 7:60 \f* কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
\v 35 আৰু লোক সকলে থিয় হৈ চাই থাকোতে \f + \ft গীত 22:17, 18 \f* শাসনকর্তা সকলে তেওঁক উপহাস কৰি কলে, \f + \ft গীত 22:6-8 \f* “ই আন লোককহে ৰক্ষা কৰিব পাৰে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত \f + \ft অভিষিক্ত খ্ৰীষ্ট \f* আৰু তেওঁৰ মনোনীত জনা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
\p
\v 36 সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি \f + \ft গীত 69:21 \f* ঠাট্টা কৰি কলে,
\v 37 “আপুনি যদি যিহূদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
\v 38 আৰু “এওঁ যিহূদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
\p
\v 39 তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি কলে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।”
\v 40 কিন্তু আনজনে সেই দুষ্কৰ্মীক দবিয়াই কলে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে?
\v 41 আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছো৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
\p
\v 42 পাছত তেওঁ কলে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।”
\v 43 যীচুৱে তেওঁক কলে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”
\p
\v 44 তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
\v 45 সূর্যও লুপ্ত হৈ গল আৰু মন্দিৰৰ আঁৰ-কাপোৰ \f + \ft ইব্ৰী 10:19, 20 \f* খন মাজেদি ফাটি গল।
\p
\v 46 পাছত যীচুৱে বৰ মাতেৰে কলে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছো৷” \f + \ft গীত 31:5 \f* এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
\v 47 তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি কলে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
\p
\v 48 এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গল৷
\v 49 কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল।
\s যীচুক মৈদাম দিয়া
\p
\v 50 তেতিয়া তাত উপস্থিত থকা যিহূদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত আৰু যি জন পৰিষদৰ সদস্য \f + \ft যিৰুচালেম মন্দীৰ-পৰিষদৰ সদস্য \f* আছিল,
\v 51 সেই সদস্য জনে তেওঁলোকৰ আলোচনা আৰু কর্মত সন্মতি দিয়া নাছিল৷ তেওঁ অৰিমাথিয়াৰ পৰা আহিছিল৷ এই চহৰ খন আছিল যিহূদী লোকৰ চহৰ৷ তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ \f + \ft লূক 2:25, 38 \f*
\p
\v 52 এই ব্যক্তি জনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ বিচাৰিলে।
\v 53 পাছত তেওঁক নমাই শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই, আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খান্দি উলিওৱা এটা মৈদামত শুৱাই থলে।
\p
\v 54 সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰামবাৰো ওচৰ চাপিছিল।
\v 55 তাতে তেওঁৰ সৈতে গালীল প্ৰদেশৰ পৰা অহা তিৰোতা সকলে \f + \ft লূক 8:2, 3 \f* তেওঁৰ দেহ কেনেকৈ থোৱা হ’ল, সেই বিষয়ে চাবলৈ আহিছিল৷
\v 56 পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ললে।
\c 24
\s যীচুৰ পুনৰুত্থান, শিষ্য সকলক দৰ্শন দিয়া
\p
\v 1 কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল।
\v 2 তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
\v 3 পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে।
\p
\v 4 তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্‌মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল।
\v 5 পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?”
\p
\v 6 “তেওঁ ইয়াত নাই, কিয়নো তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা,
\v 7 তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
\p
\v 8 সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত,
\v 9 তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে।
\v 10 তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা কলে৷
\p
\v 11 কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
\v 12 তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গল।
\p
\v 13 পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল।
\v 14 তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
\p
\v 15 তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে।
\v 16 কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷
\p
\v 17 যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰল।
\v 18 তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি কলে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হবলা?”
\p
\v 19 যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক কলে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
\v 20 তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
\p
\v 21 কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলো। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে।
\p
\v 22 ইয়াৰ উপৰি আমাৰ লগৰ কেইবা গৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে;
\v 23 কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি কলে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জী উঠিল বুলি কোৱা শুনিলে।
\v 24 পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে।
\p
\v 25 যীচুৱে তেওঁলোকক কলে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
\v 26 খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নালাগিছিল নে?”
\v 27 পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই শাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
\p
\v 28 এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
\v 29 কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি কলে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
\p
\v 30 তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
\v 31 এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
\v 32 পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি কলে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু শাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
\v 33 সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
\v 34 তেওঁলোকক কলে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
\v 35 পাছত বাটত যি যি হল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক কলে।
\s যীচুৰ স্বর্গাৰোহণ
\p
\v 36 এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ কলে, “তোমালোকৰ শান্তি হওক।”
\v 37 কিন্তু ভূত দেখিছো বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল।
\p
\v 38 তেতিয়া যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
\v 39 মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হলে হাড় আৰু মাংস নাই”;
\v 40 ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
\p
\v 41 কিন্তু তেওঁলোক আনন্দিত হলেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক কলে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
\v 42 তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে।
\v 43 যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে;
\v 44 আৰু তেওঁ তেওঁলোকক কলে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলো, মোৰ সেই কথা এই।”
\p
\v 45 তেতিয়া তেওঁ শাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
\v 46 আৰু তেওঁ তেওঁলোকক কলে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
\v 47 আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মনপালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হব।
\v 48 তোমালোক এই সকলোৰে সাক্ষী আছা।
\v 49 চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
\p
\v 50 পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্বাদ কৰিলে।
\v 51 এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ’ল।
\p
\v 52 তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল;
\v 53 আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।