add 1KI and 2KI

This commit is contained in:
Larry Versaw 2023-10-07 08:16:31 -06:00
parent 46ec55f7fe
commit 7868e20119
2 changed files with 2332 additions and 0 deletions

1227
11-1KI.usfm Normal file
View File

@ -0,0 +1,1227 @@
\id 1KI
\ide UTF-8
\h 1 ৰাজাৱলী
\toc1 1 ৰাজাৱলী
\toc2 1 ৰাজাৱলী
\toc3 1ki
\mt1 1 ৰাজাৱলী
\c 1
\s দায়ুদৰ আয়ুসৰ শেষ দিন। চলোমনক ৰাজপদত নিযুক্ত কৰা!
\p
\v 1 পাছত ৰজা দায়ুদ বুঢ়া হৈ আহিল আৰু অতিশয় বৃদ্ধ হোৱাৰ বাবে তেওঁৰ গাত অনেক কাপোৰ দিলেও উম নোপোৱা হ’ল।
\v 2 এই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।”
\p
\v 3 সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ গোটেই অঞ্চলত সুন্দৰী ছোৱালী বিচাৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁলোকে চূনেমীয়া অবীচগক বিচাৰি পালে আৰু ৰজাৰ ওচৰলৈ তেওঁক লৈ আহিল৷
\v 4 এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল৷ তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁৰ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে।
\p
\v 5 সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।
\v 6 তেওঁৰ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, “তুমি কিয় এইবোৰ কৰিছা?” অদোনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল, তেওঁ অৱচালোমৰ পাছত জন্মিছিল।
\p
\v 7 তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।
\v 8 কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।
\p
\v 9 পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, বলদ গৰু আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।
\v 10 কিন্তু নাথন ভাববাদী, বনায়াক, প্ৰধান ৰক্ষকসকলক এনেকি নিজ ভায়েক চলোমনক নিমন্ত্ৰণ নকৰিলে।
\p
\v 11 তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?
\v 12 এই হেতুকে আহাঁ, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমনৰ প্ৰাণ ৰক্ষা কৰিবলৈ, মই এতিয়া তোমাক পৰামৰ্শ দিওঁ৷
\p
\v 13 দায়ুদ ৰজাৰ ওচৰলৈ যোৱা; আৰু তেওঁক কোৱাগৈ, যে, ‘হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন অৱশ্যে ৰজা হ’ব আৰু তেৱেঁই মোৰ সিংহাসনত বহিব? তেনেহ’লে অদোনিয়াই কিয় ৰাজত্ব কৰি আছে?
\v 14 আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নৌ হওঁতেই, মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম।”
\p
\v 15 পাছত সেই মতে, বৎচেবা ভিতৰ-কোঠালিত সোমাই ৰজাৰ ওচৰলৈ গ’ল৷ ৰজা অতিশয় বৃদ্ধ হোৱাত চূনেমীয়া অবিচগে ৰজাৰ শুশ্ৰূষা কৰি আছিল।
\v 16 তেতিয়া বৎচেবাই মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, “তোমাক কি লাগে?”
\v 17 তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’
\p
\v 18 কিন্তু এতিয়া, হে মোৰ প্ৰভু মহাৰাজ, চাওঁক, আপুনি নজনাকৈয়েই অদোনীয়া ৰজা হ’ল৷
\v 19 অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।
\p
\v 20 হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়ে তেওঁলোকক জনাওক; তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে।
\v 21 আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ম।”
\p
\v 22 এইদৰে তেওঁ ৰজাৰ লগত কথা হৈ থাকোঁতেই নাথন ভাববাদী ভিতৰলৈ সোমাই আহিল।
\v 23 তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।
\p
\v 24 নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?
\v 25 কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!
\p
\v 26 কিন্তু আপোনাৰ দাস যি মই, মোক আৰু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া আৰু আপোনাৰ দাস চলোমনক হ’লে তেওঁ নিমন্ত্ৰণ নকৰিলে।
\v 27 এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?
\p
\v 28 তেতিয়া ৰজা দায়ূদে উত্তৰ দি ক’লে, “বৎচেবাক মোৰ ওচৰলৈ মাতি আনা।” তেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ আগত থিয় হ’ল৷
\v 29 ৰজাই শপত কৰি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত যিহোৱাৰ শপত,
\v 30 ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু সিয়েই মোৰ পদত মোৰ সিংহাসনত বহিব, এই বুলি তোমাৰ আগত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়েই সেই দৰে কাৰ্য কৰিম।”
\v 31 তেতিয়া বৎচেবাই আঁঠুকাঢ়ি মাটিত মুৰ লগাই ৰজাৰ সন্মূখত প্ৰণিপাত কৰিলে আৰু ক’লে, “মোৰ প্ৰভু ৰজা দায়ুদ চিৰজীৱি হওঁক।”
\p
\v 32 পাছত ৰজা দায়ুদ ক’লে, “চাদোক পুৰোহিতক, নাথন ভাববাদীক আৰু যিহোয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা৷” তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল।
\v 33 তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে নিজ প্ৰভুৰ দাসবোৰক লগত লৈ, মোৰ পুত্ৰ চলোমনক মোৰ নিজৰ খছৰত তুলি গীহোনলৈ লৈ যোৱা৷
\v 34 সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চাদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱি হওক!
\p
\v 35 পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা; তেওঁ আহি মোৰ সিংহাসনত বহিব; কিয়নো মোৰ সলনি তেওঁ ৰজা হ’ব, ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত অধ্যক্ষ হ’বলৈ মই তেওঁকেই নিযুক্ত কৰিলোঁ।”
\v 36 তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উত্তৰ দি ৰজাক ক’লে, “সেই দৰে হওক! মোৰ প্ৰভু মহাৰাজৰ ঈশ্বৰ যিহোৱায়ো সেইদৰে হওঁক বুলি কওঁক৷
\v 37 যিহোৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমনৰ লগতো থাকক আৰু মোৰ প্ৰভু ৰজা দায়ূদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক।”
\p
\v 38 পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।
\v 39 পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”
\v 40 তাৰ পাছত সকলো লোক তেওঁৰ পাছে পাছে উঠি আহিল আৰু লোক সকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে, তাৰ শব্দত পৃথিৱী কপিঁ উঠিল।
\p
\v 41 তেতিয়া অদোনিয়া আৰু তেওঁৰ লগত নিমন্ত্ৰিত লোকসকলে ভোজন শেষ কৰা মাত্ৰে সেই শব্দ শুনিলে। আৰু যোৱাবে শিঙাৰ শব্দ শুনি ক’লে, “নগৰত ইমান কোলাহল কিয় হৈছে?”
\v 42 তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”
\p
\v 43 তেতিয়া যোনাথনে অদোনিয়াক উত্তৰ দি ক’লে, “সঁচাকৈ আমাৰ প্ৰভু ৰজা দায়ূদে চলোমনক ৰাজ-পদত নিযুক্ত কৰিলে৷
\v 44 আৰু ৰজাই চাদোক পুৰোহিতক, নাথন ভাববাদীক, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলক তেওঁৰ লগত পঠালে৷ আৰু তেওঁলোকে তেওঁক ৰজাৰ খছৰত তুলিলে৷
\v 45 আৰু চাদোক পুৰোহিত ও নাথন ভাববাদীয়ে তেওঁক গীহোনত ৰজা অভিষেক কৰিলে আৰু তেওঁলোকে তাৰ পৰা এনেদৰে আনন্দ কৰি কৰি উঠি আহিছে যে, তাৰে গোটেই নগৰ প্ৰতিধ্বনিত হৈ উঠিল। তোমালোকে যি শব্দ শুনিছিলা, সেয়ে সেই ধ্বনি।
\v 46 আৰু চলোমন ৰাজসিংহাসনত বহিল।
\v 47 তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।
\v 48 আৰু ৰজায়ো এই কথা ক’লে যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে৷”
\p
\v 49 তেতিয়া অদোনিয়াৰ লগত থকা নিমন্ত্রিত লোকসকলে ভয় পালে আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ’ল।
\v 50 আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।
\v 51 পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”
\p
\v 52 তাতে চলোমনে ক’লে, “তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ’লে তেওঁৰ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায়, তেন্তে তেওঁৰ প্ৰাণ যাব৷”
\v 53 এই বুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে আৰু চলোমনে তেওঁক ক’লে, “তোমাৰ ঘৰলৈ যোৱা।”
\c 2
\s দায়ুদৰ শেষ আজ্ঞা আৰু মৃ্ত্যু। চলোমনে নিজৰ ৰাজ্য দৃঢ় কৰা।
\p
\v 1 পাছত দায়ুদৰ মৃত্যুৰ দিন ওচৰ চপাত, তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক’লে,
\v 2 “সকলো মৰ্ত্য বাসীয়ে যোৱা পথেৰে মই যাওঁ৷ সেয়েহে তুমি বলৱান হোৱা আৰু নিজৰ পুৰুষালি দেখুউৱা৷
\v 3 তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা, যাতে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমিৰ উন্নতি হ’বা,
\v 4 যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷
\p
\v 5 চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
\v 6 এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা আৰু তেওঁৰ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা।
\p
\v 7 কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
\p
\v 8 আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল, পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’
\v 9 এই হেতুকে তুমি এতিয়া তেওঁক নিৰ্দ্দোষী বুলি নাভাবিবা৷ তুমি এজন জ্ঞানৱান লোক আৰু তেওঁলৈ কি কৰা উচিত, সেই বিষয়ে তুমি জানা৷ তুমি তেওঁৰ পকা চুলি তেজেৰে সৈতে তেওঁক মৈদামলৈ নমাই দিবা।”
\p
\v 10 তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
\v 11 দায়ুদে ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ধৰি ৰাজত্ব কৰিছিল৷ তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল।
\v 12 তেতিয়া চলোমন নিজ পিতৃ দায়ুদৰ সিংহাসনত বহি তেওঁৰ ৰাজ্য অতিশয় দৃঢ় কৰিলে।
\p
\v 13 সেই সময়ত হগ্গীতৰ পুত্ৰ অদোনিয়া চলোমনৰ মাতৃ বৎচেবাৰ ওচৰলৈ আহিল। তেতিয়া বৎচেবাই সুধিলে, “ভালৰ অৰ্থে আহিছা নে?” তেওঁ উত্তৰ দি ক’লে, “ভালৰ অৰ্থেই।”
\v 14 তেওঁ পুনৰ ক’লে, “তোমাৰ আগত কিছু কথা ক’ব লগা আছে।”
\v 15 তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।
\v 16 এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম৷ সেই বিষয়ে তুমি অসন্মত নহ’বা।” তেতিয়া বৎচেবাই ক’লে, “কোৱা।”
\v 17 তেতিয়া অদোনিয়াই ক’লে, “অনুগ্ৰহ কৰি চলোমন ৰজাক কোৱা, তেওঁ যেন চূনেমীয়া অবীচগক মোক পত্নীৰূপে দিয়ে; কিয়নো তেওঁ তোমাত অসন্মত নহ’ব।”
\v 18 তেতিয়া বৎচেবাই ক’লে, “বাৰু, মই তোমাৰ বিষয়ে ৰজাৰ লগত কথা পাতিম।”
\p
\v 19 পাছত বৎচেবাই অদোনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ’ল। তাতে ৰজাই তেওঁক আগবাঢ়ি লগ ধৰিবলৈ উঠি আহিল, আৰু তেওঁৰ আগত প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁৰ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে৷ তেওঁ ৰজাৰ সোঁফালে বহিল।
\v 20 তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
\v 21 তেতিয়া বৎচেবাই ক’লে, “তোমাৰ ককাই অদোনিয়া লগত চূনেমীয়া অবীচগক পত্নীৰূপে দিয়া হওঁক৷”
\p
\v 22 তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
\v 23 তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
\p
\v 24 এই হেতুকে এতিয়া যি জনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে, মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশ স্থাপন কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, আজি নিশ্চয়ে অদোনিয়াৰ প্ৰাণ-দণ্ড হ’ব।”
\v 25 তেতিয়া চলোমন ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে; তেওঁ অদোনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে।
\p
\v 26 পাছত ৰজাই অবিয়াথৰ পুৰোহিতক ক’লে, “তুমি অনাথোতলৈ নিজ উত্তৰাধিকাৰৰ ভুমিলৈ যোৱা৷ তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণ দণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু যিহোৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখ-ভোগ কৰিছিলা।”
\v 27 এইদৰে চীলোত এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়, এই কাৰণে চলোমনে অবিয়াথৰ পুৰোহিতক যিহোৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে৷
\p
\v 28 তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷
\v 29 পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
\p
\v 30 তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷”
\v 31 তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
\p
\v 32 আৰু যিহোৱাই তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰেই ওপৰত থ’ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ূদে নজনাকৈ, তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইস্ৰায়েলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু যিহূদাৰ প্ৰধান সেনাপতি যেথৰৰ পুত্ৰ অমাচাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল।
\v 33 তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”
\p
\v 34 তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উঠি গ’ল, আৰু তেওঁক আক্ৰমণ কৰি বধ কৰিলে৷ পাছত মৰুপ্ৰান্তত থকা তেওঁৰ নিজৰ ঘৰলৈ নিলে, আৰু তেওঁক তাতে মৈদাম দিলে।
\v 35 পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।
\p
\v 36 তাৰ পাছত ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনি ক’লে, “তুমি যিৰূচালেমত নিজৰ কাৰণে এটা ঘৰ সাজা আৰু তাতে আহি বাস কৰা। সেই ঠাইৰ পৰা তুমি আন কোনো ঠাইলৈ ওলাই নাযাবা।
\v 37 কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”
\v 38 গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।
\p
\v 39 কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,
\v 40 তেতিয়া চিমিয়ীয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখীচৰ ওচৰলৈ গ’ল, আৰু গাতৰ পৰা তেওঁৰ বন্দীবোৰক লৈ আহিল।
\p
\v 41 পাছত চিমিয়ী যিৰূচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে।
\v 42 তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
\p
\v 43 এতিয়া যিহোৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই?”
\v 44 ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
\v 45 কিন্তু চলোমন ৰজাই আশীৰ্ব্বাদ পাব আৰু যিহোৱাৰ সন্মুখত দায়ূদৰ সিংহাসন চিৰকাললৈকে থাকিব।”
\v 46 পাছত ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক আজ্ঞা কৰিলে, আৰু বনায়া ওলাই গৈ তেওঁক আক্ৰমণ কৰি বধ কৰিলে। এইদৰে চলোমনৰ হাতত ৰাজ্য দৃঢ় হ’ল।
\c 3
\s দায়ুদৰ শেষ আজ্ঞা আৰু মৃ্ত্যু। চলোমনে নিজৰ ৰাজ্য দৃঢ় কৰা।
\p
\v 1 চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।
\v 2 লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
\v 3 চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
\p
\v 4 পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
\v 5 গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
\p
\v 6 তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
\p
\v 7 এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু আনকি ভিতৰলৈ সোমাবলৈকো নাজানো।
\v 8 আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
\v 9 এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
\p
\v 10 চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
\v 11 তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
\v 12 এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলো যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
\p
\v 13 ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলো। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
\v 14 তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
\p
\v 15 তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
\p
\v 16 সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।
\v 17 তেওঁলোকৰ এজনীয়ে ক’লে, “হে মোৰ প্ৰভু, মই আৰু এই জনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এয়ে সৈতে ঘৰত থকা কালত এটি ল’ৰা প্ৰসৱ কৰিলোঁ।
\p
\v 18 পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এই জনী মহিলায়ো এটি ল’ৰা প্ৰসৱ কৰিলে৷ তেতিয়া আমি একে লগে আছিলোঁ৷ ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীয়ে আছিলোঁ।
\v 19 পাছত ৰাতি এইৰ ল’ৰাটি মৃত্যু হ’ল, কাৰণ এই তাৰ ওপৰত শুলে।
\v 20 তাতে তাই মাজনিশা উঠি, আপোনাৰ এই বেটী টোপনিত থাকোঁতে, মোৰ ল’ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে আৰু নিজৰ মৰা ল’ৰাটি আনি মোৰ বুকুত শুৱাই হ’ল।
\p
\v 21 পাছত ৰাতিপুৱা মই মোৰ ল’ৰাটিক পিয়াহ দিবলৈ উঠি দেখিলোঁ যে, সি মৰা৷ কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে, সি মই জন্ম দিয়া ল’ৰাটি নহয়।”
\v 22 তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
\p
\v 23 তেতিয়াই ৰজাই ক’লে, “এইজনীয়ে কৈছে, ‘জীয়াই থকা ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোমাৰ’, আৰু আন জনীয়ে কৈছে, ‘নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা ল’ৰাটো মোৰ।”
\v 24 তেতিয়া ৰজাই আজ্ঞা কৰিলে, “মোলৈ এখন তৰোৱাল আনা।” তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ’ল।
\v 25 তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
\p
\v 26 তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
\v 27 তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
\v 28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
\c 4
\s দায়ুদৰ শেষ আজ্ঞা আৰু মৃ্ত্যু। চলোমনে নিজৰ ৰাজ্য দৃঢ় কৰা।
\p
\v 1 চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
\v 2 এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷
\v 3 চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস-লিখক আছিল৷
\v 4 যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷
\p
\v 5 নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
\v 6 অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।
\p
\v 7 চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল।
\v 8 তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ,
\v 9 মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
\v 10 আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷
\p
\v 11 অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
\v 12 তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল।
\v 13 ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
\v 14 মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
\p
\v 15 নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
\v 16 আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
\v 17 ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
\p
\v 18 বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
\v 19 আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
\p
\v 20 যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
\v 21 চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
\v 22 চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ \f + \ft কোৰ সেই সময়ত গোটা আৰু জুলীয়া বস্তু জোখা পাত্ৰ, ইয়াত প্ৰায় পঞ্চল্লিচ গেলন বস্তু ধৰে \f* উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
\v 23 দহোটা পুষ্ট বলদ গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু \f + \ft যহমুৰ পহু এবিধ হৰিণ জাতীয় পশু \f* আৰু পুষ্ট পক্ষী।
\p
\v 24 কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
\v 25 চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
\p
\v 26 চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
\v 27 প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
\v 28 তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
\p
\v 29 ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
\v 30 তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
\v 31 তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
\p
\v 32 তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
\v 33 তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।
\v 34 সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।
\c 5
\s মন্দিৰ নিৰ্ম্মাণৰ আয়োজন।
\p
\v 1 যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
\v 2 তেতিয়া চলোমনে হীৰমলৈ কৈ পঠিয়ালে,
\v 3 “আপুনি জানে যে, মোৰ পিতৃ দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশে গৃহ নিৰ্ম্মাণ কৰিব নোৱাৰিলে; কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে, তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ হৈ আছিল।
\p
\v 4 কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।
\v 5 গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’
\p
\v 6 এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”
\p
\v 7 তেতিয়া হীৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহোৱা ধন্য।”
\v 8 পাছত হীৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, “আপুনি মোলৈ পঠিউৱা বাৰ্তা মই শুনিলোঁ৷ মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।
\p
\v 9 মোৰ দাসবোৰে লিবানোনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব আৰু মই ভূৰ বান্ধি সমূদ্ৰপথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম৷ সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব৷ আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব৷”
\p
\v 10 এইদৰে হীৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে।
\v 11 চলোমনে হীৰমৰ লোকসকলৰ বাবে আহাৰৰ যোগান ধৰিবলৈ তেওঁক বিশ হাজাৰ কোৰ ঘেঁহু ধান আৰু বিশ কোৰ শুদ্ধ তেল দিলে৷ এইদৰে চলোমনে বছৰে বছৰে হীৰমক দিলে।
\v 12 যিহোৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে৷ হীৰম আৰু চলোমন, দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাব আছিল আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল।
\p
\v 13 পাছত চলোমন ৰজাই গোটেই ইস্ৰায়েলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী-কাম কৰিবলৈ মানুহ গোটালে; সেই গোট খোৱা লোক ত্ৰিশ হাজাৰ হ’ল।
\v 14 তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷
\p
\v 15 চলোমনৰ সত্তৰ হাজাৰ ভাৰ বোৱা আৰু আশী হাজাৰ শিল-কটিয়া লোক পৰ্ব্বতত আছিল।
\v 16 তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ তিনি হাজাৰ তিনি শ প্ৰধান বিষয়া আছিল।
\p
\v 17 ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল।
\v 18 চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।
\c 6
\s মন্দিৰ নিৰ্ম্মাণ কৰা।
\p
\v 1 ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
\v 2 চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
\p
\v 3 সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
\v 4 আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
\p
\v 5 তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
\v 6 তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
\p
\v 7 শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মাণ কৰিছিল; সেয়ে গৃহ নিৰ্মাণ কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
\v 8 মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
\p
\v 9 এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
\v 10 তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
\p
\v 11 পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
\v 12 “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
\v 13 মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
\p
\v 14 সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
\v 15 তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
\p
\v 16 গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
\v 17 মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
\v 18 গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
\p
\v 19 চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
\v 20 সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
\p
\v 21 এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
\v 22 তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
\p
\v 23 তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
\v 24 এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
\v 25 আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
\v 26 প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
\p
\v 27 পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
\v 28 তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
\p
\v 29 আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
\v 30 আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
\p
\v 31 চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
\v 32 এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
\p
\v 33 সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
\v 34 আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
\v 35 তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
\p
\v 36 পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
\p
\v 37 চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
\v 38 আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
\c 7
\s ৰাজগৃহ আৰু মন্দিৰৰ স্তম্ভ আদি বস্তুবোৰ নিৰ্মাণ কৰা।
\p
\v 1 নিজৰ বাবে ৰাজগৃহ নির্মাণ কৰিবলৈ চলোমনৰ তেৰ বছৰ লাগিছিল।
\v 2 তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
\p
\v 3 সেই গৃহৰ চালখন এৰচ কাঠেৰে সজা হৈছিল; আৰু চালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা পোন্ধৰ টা খুটাৰ ওপৰত পঞ্চল্লিশ টা চৌকাঠ আছিল;
\v 4 কাষৰ দেৱাল দুটাত তিনিযোৰকৈ খুঁটা আছিল আৰু সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
\v 5 খিড়িকিয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ চাৰিচুকীয়া আৰু তিনিযোৰকৈ সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
\p
\v 6 তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।
\p
\v 7 আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।
\p
\v 8 সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।
\p
\v 9 এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷
\v 10 গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷
\p
\v 11 তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।
\v 12 ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
\p
\v 13 পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।
\v 14 হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷
\p
\v 15 তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
\v 16 তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
\v 17 স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
\p
\v 18 তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷
\v 19 বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ আকাৰ লিলি ফুলৰ \f + \ft লিলি ফুল বা কনাৰি ফুল \f* দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
\p
\v 20 স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।
\v 21 পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।
\v 22 এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।
\p
\v 23 পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰপাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷
\v 24 সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
\p
\v 25 সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।
\v 26 সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুলি ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।
\p
\v 27 হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।
\v 28 সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,
\v 29 সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷
\p
\v 30 প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।
\v 31 ইয়াৰ খোলা অংশ, এখন কিৰীটি আকৃতিৰ দৰে ঘূৰণীয়া, বহলে ডেৰ হাত আৰু উচ্চতাত এহাতৰ, মজত আছিল৷ তাৰ মুখৰ দাঁতিতো খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গক্ষেত্ৰৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷
\p
\v 32 চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।
\v 33 সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।
\p
\v 34 প্ৰত্যেক আধাৰৰ চাৰি চুকত চাৰিটা প্ৰক্ষালন-পাত্ৰ-ধৰা ব্যৱস্থা আছিল; সেই প্ৰক্ষালন-পাত্ৰ-ধৰাবোৰ আধাৰৰ লগত সাঁচত গঢ়া হৈছিল।
\v 35 সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।
\p
\v 36 ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷
\v 37 এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।
\p
\v 38 পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷
\v 39 তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।
\p
\v 40 হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি উঠা কাৰ্যবোৰ হ’ল:
\v 41 সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷
\p
\v 42 তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম
\v 43 আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,
\p
\v 44 সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা বলদ গৰু,
\v 45 ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মাণ কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্‌চকিয়া পিতলেৰে নিৰ্মাণ কৰিছিল।
\p
\v 46 ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।
\v 47 চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
\p
\v 48 চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷
\v 49 অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মাণ কৰোঁৱাইছিল।
\p
\v 50 নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
\p
\v 51 এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।
\c 8
\s চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা।
\p
\v 1 পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে।
\v 2 তাতে এথানী নামেৰে সপ্তম মাহৰ উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোক চলোমন ৰজাৰ ওচৰলৈ আহি একগোট হৈছিল।
\p
\v 3 তাৰ পাছত ইস্ৰায়েলৰ পৰিচালকসকল আহিল, আৰু পুৰোহিতসকলে নিয়ম-চন্দুক তুলি ল’লে।
\v 4 তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে৷ এই সকলো বস্তু পুৰোহিত আৰু লেবীয়াসকলে আনিলে।
\v 5 তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য মেষ আৰু গৰু আদি বলিদান কৰিছিল।
\p
\v 6 পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজৰ ঠাইত স্থাপন কৰিছিল।
\v 7 কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ঠাইৰ ওপৰত ডেউকা মেলি আছিল আৰু কৰূব দুটাই নিয়ম-চন্দুক আৰু তাৰ কানমাৰি ঢাকি ধৰি আছিল।
\v 8 সেই দুডাল কানমাৰি ইমান দীঘল যে, তাৰ মুৰ অন্তঃস্থানৰ সন্মুখত থকা পবিত্ৰ স্থানৰ পৰা দেখা যায়; কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়, সেইবোৰ আজিলৈকে সেই ঠাইত আছে।
\p
\v 9 মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম স্থাপন কৰা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে নিয়ম-চন্দুকৰ ভিতৰত যি দুখন শিলৰ ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
\v 10 পাছত পুৰোহিতসকলে পবিত্ৰ-স্থানৰ পৰা ওলাই আহোতে, যিহোৱাৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হৈছিল যে,
\v 11 পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।
\p
\v 12 তেতিয়া চলোমনে ক’লে,
\q1 “যিহোৱাই এইদৰে কৈছে, বোলে,
\q2 তেওঁ ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে,
\q1
\v 13 কিন্তু মই সচাঁকৈয়ে তোমাৰ বাবে সাজিলোঁ,
\q2 এটা বাস কৰা গৃহ,
\q2 এয়ে যুগে যুগে তোমাৰ বাসস্থান হ’ব৷”
\p
\v 14 ইস্ৰায়েলৰ গোটেই সমাজ থিয় হৈ থাকোতে ৰজাই এইদৰে গোটেই সমাজলৈ চাই আশীৰ্ব্বাদ কৰিছিল।
\v 15 তেওঁ আৰু ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; কিয়নো তেওঁ মোৰ পিতৃ দায়ূদক নিজ মুখেৰে কথা কৈছিল আৰু নিজ হাতেৰে এই বাক্য সিদ্ধও কৰিছিল আৰু কৈছিল যে,
\v 16 ‘মোৰ প্ৰজা ইস্ৰায়েলসকলক মিচৰৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ বাবে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই৷ কিন্তু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক মনোনীত কৰিলোঁ।’
\p
\v 17 আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
\v 18 কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ তুমি মন কৰিছা, ভাল কৰিছা৷
\v 19 তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা; কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব; তেঁৱেই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ সাজিব।
\p
\v 20 এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ তাক সাম্ফলো কৰিছিল; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হৈ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
\v 21 আৰু যিহোৱাই আমাৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই অনা কালত তেওঁলোকৰ সৈতে কৰা নিয়মটি থকা যি নিয়ম-চন্দুক, তাৰ বাবে মই ইয়াত এটা ঠাই যুগুত কৰিলোঁ।”
\p
\v 22 চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে।
\v 23 তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা;
\v 24 আপোনৰ দাস মোৰ পিতৃ দায়ূদলৈ আপুনি যি প্ৰতিজ্ঞা কৰিছিল, তাক আপুনি তেওঁলৈ পালন কৰিলে৷ এনে কি আপুনি নিজ মুখেৰে কৈ আজিৰ দৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
\p
\v 25 এই হেতুকে এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদক কৈছিল, ‘তুমি মোৰ আগত যেনেকৈ চলিছা, সেইদৰে যদি তোমাৰ সন্তান সকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহলে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব’, এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক।
\v 26 এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ, মই বিনয় কৰোঁ, আপোনাৰ দাস মোৰ পিতৃ দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে সাম্ফল হওঁক।
\p
\v 27 কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত বাস কৰিব নে? চাওঁক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব!
\v 28 তথাপি, এই নিমিত্তে, আপোনাৰ দাসে এই ঠাইৰ ফাললৈ মুখ কৰি কৰা প্ৰাৰ্থনা শুনিবলৈ, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু মিনতি গ্ৰহণ কৰি, আপোনাৰ দাসে আজি আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
\p
\v 29 হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাকক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷
\v 30 সেয়েহে যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ মিনতিলৈ কাণ দিব, এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু শুনি ক্ষমা কৰিব।
\p
\v 31 কোনোৱে নিজ চুবুৰীয়াৰ অহিতে পাপ কৰিলে, যদি তেওঁক এক শপত খাবলৈ দিয়া যায় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ সন্মুখত শপত খায়,
\v 32 তেন্তে আপুনি স্বৰ্গত থাকি সেই নিবেদন শুনিব আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিস্পত্তি কৰি, দোষীক দোষী কৰি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মূৰৰ ওপৰত দিব আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিব।
\p
\v 33 আপোনাৰ প্ৰজা ইস্ৰায়েলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ বাবে শত্ৰুৰ আগত পৰাজিত হৈ যদি আপোনাৰ ওচৰলৈ ঘূৰি আহে, আৰু আপোনাৰ নাম স্বীকাৰ কৰি এই গৃহত আপোনাৰ সন্মুখত প্ৰাৰ্থনা আৰু মিনতি কৰে,
\v 34 তেন্তে আপুনি স্বৰ্গত থাকি সেই প্রাৰ্থনা, নিবেদন শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভোতাই আনিব।
\p
\v 35 লোকসকলে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে যেতিয়া আকাশ বন্ধ হৈ বৰষুণ নাইকিয়া হ’ব - তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে, আপোনাৰ নাম স্বীকাৰ কৰে, আৰু আপুনি তেওঁলোকক দুখ দিয়া সময়ত নিজ নিজ পাপৰ পৰা ঘূৰে,
\v 36 তেন্তে আপুনি স্বৰ্গত থাকি তাক শুনিব, আৰু আপোনাৰ দাসবোৰৰ আৰু নিজ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰি, তেওঁলোকে যাব লগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলক আধিপত্যৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব।
\p
\v 37 দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয় আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে -
\v 38 তেন্তে যি কোনো আপদ বা ৰোগ হওক, যদি কোনো মানুহে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ মাজৰ কোনো লোকে নিজ মনৰ পীড়া জানি এই গৃহৰ ফাললৈ নিজ হাত মেলে,
\p
\v 39 তেন্তে তেওঁৰ যি কোনো প্ৰাৰ্থনা কি মিনতি হওক, আপুনি নিজ বাসস্থান স্বৰ্গত থাকি তাক শুনিব, ক্ষমা কৰিব আৰু কাৰ্য কৰি প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে আটাই মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব;
\v 40 আমাৰ পূৰ্বপুৰুষসকলক আপুনি দিয়া দেশত তেওঁলোকে জীয়াই থকা আটাই দিনত আপোনাক ভয় কৰিবৰ বাবেই ইয়াকে কৰিব।
\p
\v 41 তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকৰ মাজৰ নোহোৱা বিদেশী লোকে যেতিয়া আপোনাৰ নামৰ গুণ শুনি দূৰ দেশৰ পৰা আহিব -
\v 42 কিয়নো সিহঁতে আপোনাৰ মহান নাম, বলৱান হাত আৰু মেলা বাহুৰ কথা শুনিব; আৰু আহি এই মন্দিৰৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব,
\v 43 তেতিয়া, আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য কৰিব। আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, তাকো যেন জানিব৷
\p
\v 44 আৰু আপুনি আপোনাৰ প্ৰজাক যি কোনো বাটেদি পঠায় সেই বাটেদি যদি তেওঁলোকে তেওঁলোকৰ শত্ৰুৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে মই সজা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে,
\v 45 তেন্তে আপুনি স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু মিনতি শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব।
\p
\v 46 ধৰি লওঁক, তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে, (কিয়নো পাপ নকৰা মানুহ কোনো নাই;) আৰু আপুনি তেওঁলোকলৈ ক্রুদ্ধ হৈ তেওঁলোকক যদি শত্ৰুৰ হাতত শোধাই দিয়ে, আৰু তাতে যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা শত্ৰুৰ দেশলৈ লৈ যায়,
\v 47 তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম কৰিলোঁ’,
\v 48 এই বুলি তেওঁলোকক বন্দী কৰি নিয়া তেওঁলোকৰ শত্ৰুৰ দেশত সকলো মনে সকলো চিত্তে আপোনালৈ উভতি আহে, আৰু তেওঁলোকৰ ওপৰ-পিতৃসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে, আপোনাৰ মনোনীত নগৰৰ ফালে, আৰু আপোনাৰ নামৰ বাবে মই নিৰ্ম্মাণ কৰা এই গৃহৰ ফালে মুখ কৰি যদি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
\v 49 তেন্তে আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু নিবেদন শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব;
\v 50 আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব, আৰু আপোনাৰ বিৰুদ্ধে কৰা তেওঁলোকৰ সকলো অপৰাধ ক্ষমা কৰিব; আৰু তেওঁলোকৰ বন্দী কৰি নিয়াসকলে যেন তেওঁলোকক দয়া কৰিব, এই কাৰণে তেওঁলোকলৈ তেওঁলোকৰ দয়া জন্মাব।
\p
\v 51 কিয়নো তেওঁলোক লোহাৰ কুণ্ড স্বৰূপ মিচৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য।
\v 52 আপোনাৰ দাস আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলী লোকসকলে যি কোনো সময়ত প্ৰাৰ্থনা কৰিব, সেই সময়ত তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবলৈ আপোনাৰ দাস আৰু আপোনাৰ প্ৰজাৰ সেই মিনতিলৈ আপোনাৰ চকু যেন মুকলি হৈ থাকে, এই কাৰণে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব।
\v 53 কিয়নো, হে প্ৰভু যিহোৱা, আমাৰ ওপৰ-পিতৃসকলক মিচৰ দেশৰ পৰা অনা কালত আপোনাৰ দাস মোচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ’বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়েই পৃথক কৰিলে।”
\p
\v 54 যিহোৱাৰ সন্মুখত এইদৰে প্ৰাৰ্থনা আৰু নিবেদন কৰাৰ পাছত, চলোমনে যিহোৱাৰ যজ্ঞবেদিৰ সন্মুখত যেনেদৰে আঠুকাঢ়ি পৰি স্বৰ্গৰ ফালে চাই আছিল, সেইদৰে চাই থকাৰ পৰা তেওঁ উঠি থিয় হ’ল।
\v 55 তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজলৈ চাই, আশীৰ্ব্বাদ কৰি উচ্চস্বৰে ক’লে,
\v 56 “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
\p
\v 57 আৰু আমাৰ ঈশ্বৰ যিহোৱা যেনেকৈ আমাৰ ওপৰ-পিতৃসকলৰ লগত আছিল, তেনেকৈ তেওঁ আমাৰো লগত থাকক৷ আমাক ত্যাগ নকৰক বা আমাক এৰি নাযাওঁক।
\v 58 তেওঁৰ সকলো পথত চলিবলৈ আৰু আমাৰ পূৰ্বপুৰুষসকলক দিয়া তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আমাৰ মন নিজলৈ আকৰ্ষণ কৰক।
\p
\v 59 আৰু যি সকলো কথাৰে মই যিহোৱাৰ আগত নিবেদন কৰিলোঁ, দিনে ৰাতিয়ে তেওঁৰ কাষ চাপা, যাতে দাসকলৰ বাবে তেওঁ সহায় কৰিব, আৰু দিনে দিনে যেনে প্ৰয়োজন, তেনেকৈ তেওঁ নিজ দাস আৰু নিজ প্ৰজা ইস্ৰায়েলৰ বিচাৰ নিস্পত্তি কৰিব;
\v 60 যিহোৱাই যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ বাবে, এই যি সকলো কথাৰ দ্বাৰাই মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈ থাকক।
\v 61 এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”
\p
\v 62 পাছত ৰজা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ সাক্ষাতে বলিদান কৰিলে।
\v 63 আৰু চলোমনে যিহোৱাৰ উদ্দেশে দিয়া মঙ্গলাৰ্থক বলিস্বৰূপে বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া ও ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু ইস্ৰায়েলৰ সকলো সন্তানে যিহোৱাৰ গৃহ প্ৰতিষ্ঠা কৰিলে।
\p
\v 64 সেই দিনা ৰজাই যিহোৱাৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজভাগ পবিত্ৰ কৰিছিল; কিয়নো সেই ঠাইতেই তেওঁ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল; কাৰণ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিবলৈ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদী সৰু আছিল।
\p
\v 65 এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইস্ৰায়েলে হমাতৰ প্ৰবেশ স্থানৰ পৰা মিচৰ-জুৰিলৈকে মহা সমাজ হৈ, সাত দিন আৰু সাত দিন, মুঠতে চৌদ্ধ দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিছিল।
\v 66 পাছত অষ্টম দিনা তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁলোকে ৰজাক ধন্যবাদ কৰি, যিহোৱাই তেওঁৰ দাস দায়ুদ আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকললৈ কৰা মঙ্গলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ’ল।
\c 9
\s ঈশ্বৰে চলোমনৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া। চলোমনে বন্দী কামৰ বাবে মানুহ গোটোৱা। নগৰ আদি নিৰ্মাণ কৰা।
\p
\v 1 চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।
\v 2 গিবিয়োনত দৰ্শন দিয়াৰ দৰে, যিহোৱাই দ্বিতীয় বাৰ চলোমনক দৰ্শন দিলে।
\p
\v 3 যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
\p
\v 4 তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা,
\v 5 তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’
\p
\v 6 কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
\v 7 তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
\p
\v 8 আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?
\v 9 তাতে আন আন লোকবোৰে উত্তৰ দি ক’ব, ‘কিয়নো তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা ঈশ্বৰ যিহোৱাক তেওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ তেওঁলোকে সেইবোৰৰ আগত প্ৰণিপাত কৰি সেইবোৰক সেৱা পুজা কৰিলে৷ সেই কাৰণে যিহোৱাই তেওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’।”
\p
\v 10 যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।
\v 11 তূৰৰ ৰজা হীৰমে চলোমনৰ সকলো ইচ্ছাৰ দৰে, এৰচ কাঠ, দেবদাৰু কাঠ আৰু সোণ যোগান ধৰিছিল। সেই বাবে ৰজা চলোমনে হীৰমক গালীল দেশত থকা বিশখন নগৰ দিছিল।
\p
\v 12 তেতিয়া হীৰমে ৰজা চলোমনে দিয়া নগৰ চাবলৈ তূৰৰ পৰা আহিল, কিন্তু তেওঁ সেই নগৰবোৰ দেখি সন্তুষ্ট নহ’ল।
\v 13 সেয়ে তেওঁ ক’লে, “হে মোৰ ভাই, তুমি মোক কেনেকুৱা নগৰবোৰ দিলা?” এই হেতুকে হীৰমে সেই নগৰবোৰৰ নাম কাবূল দেশ ৰাখিলে, এই নাম আজিলৈকে আছে।
\v 14 হীৰমে এশ বিশ কিক্কৰ সোণ ৰজালৈ পঠাই দিলে।
\p
\v 15 আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
\v 16 মিচৰৰ ৰজা ফৰৌণে উঠি গৈ গেজৰ হাত কৰি লৈ জুইৰে পুৰি ভষ্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানীয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমনৰ ভাৰ্য্যাৰ যৌতুকত দিছিল।
\p
\v 17 আৰু ৰজা চলোমনে গেজৰ, তলৰ বৈৎ-হোৰোণ,
\v 18 বালৎ, দেশৰ মৰুভূমিত থকা তামৰ,
\v 19 তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল-নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকলৰ নগৰবোৰ আদি যিৰূচালেমত ও লিবানোনত আৰু নিজে শাসন কৰা দেশৰ সকলো ফালে যি যি নিৰ্ম্মাণ কৰিবলৈ চলোমনৰ ইচ্ছা আছিল, সেই সকলোকে তেওঁ নিৰ্ম্মাণ কৰিলে।
\p
\v 20 ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নোহোৱা অৱশিষ্ট থকা ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ
\v 21 যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
\p
\v 22 কিন্তু ৰজা চলোমনে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো লোকক বন্দী কামত নলগালে। বৰং তেওঁলোক ৰণুৱা, তেওঁৰ দাস, তেওঁৰ মন্ত্ৰী, তেওঁৰ বিষয়া, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষহে হ’ল।
\p
\v 23 তেওঁলোকৰ মাজৰ পাঁচ শ পঞ্চাশ জন লোক ৰজা চলোমনৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে কাম কৰোঁতা সকলক চলাইছিল।
\p
\v 24 পাছত ৰজা ফৰৌণৰ জীয়েকে দায়ূদৰ নগৰৰ পৰা, তেওঁৰ বাবে চলোমনে সজা নিজ ঘৰলৈ আহিল৷ পিছত ৰজা চলোমনে মিল্লো নিৰ্ম্মাণ কৰিলে।
\p
\v 25 আৰু ৰজা চলোমনে যিহোৱাৰ বাবে যি যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত তিনিবাৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল আৰু তাৰে সৈতে তেওঁ যিহোৱাৰ সন্মুখত থকা বেদীত ধূপ জ্বলাইছিল৷ এইদৰে তেওঁ গৃহটিৰ কাৰ্য সমাপ্ত কৰিছিল।
\p
\v 26 ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
\v 27 তাতে হীৰমে ৰজা চলোমনৰ দাসবোৰৰ লগত, সামুদ্ৰিক কাৰ্যত নিজৰ নিপুণ নাবিক দাসবোৰক জাহাজলৈ পঠিয়াইছিল।
\v 28 তেওঁলোকে ৰজা চলোমনৰ দাসবোৰৰ সৈতে ওফীৰলৈ গৈছিল, আৰু তাৰ পৰা চাৰি শ বিশ কিক্কৰ সোণ ৰজা চলোমনৰ কাৰণে লৈ আহিছিল।
\c 10
\s চলোমনৰ ওচৰলৈ চিবাৰ ৰাণী অহা। চলোমনৰ ধন আৰু ঐশ্বৰ্য্য।
\p
\v 1 যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
\v 2 তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিকৈ ক’লে।
\p
\v 3 তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে৷ ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল৷
\v 4 চিবাৰ ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেওঁ নিৰ্মাণ কৰা ৰাজপ্ৰাসাদ দেখিলে,
\v 5 তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ বাহক সকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।
\p
\v 6 তেতিয়া তেওঁ ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ, সেয়ে সঁচা।”
\v 7 মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলো৷ আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক তেতিয়া আধাও কোৱা নাছিল! মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোকৈয়ো অধিক।
\p
\v 8 আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।
\v 9 যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
\p
\v 10 তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।
\p
\v 11 হীৰমৰ যি জাহাজে ওফীৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই ওফীৰৰ পৰা বিস্তৰ অলমূগ কাঠ আৰু বহুমূল্য মণিও আনিছিল।
\v 12 ৰজাই সেই অলমূগ কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুঁটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল; তেনেকুৱা অলমূগ কাঠ সেই দিনলৈকে কেতিয়াও অনা নাই আৰু কোনেও দেখা নাই।
\p
\v 13 ৰজা চলোমনে চিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে, তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁক সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ ঘূৰি গ’ল।
\p
\v 14 সেই সময়ত, চলোমনে বছৰে ছশ ছয়ষষ্ঠী কিক্কৰ সোণ লাভ কৰিছিল।
\v 15 ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিক সকলও ৰাজহ হিছাপে তেওঁলোকে চলোমনলৈ সোণ আগবঢ়াইছিল আৰু আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষ সকলেও চলোমনলৈ সোণ আৰু ৰূপ আগবঢ়াইছিল৷
\p
\v 16 ৰজা চলোমনে সোণ পিটাই দুশটা বৰ ঢাল সজাইছিল৷ প্ৰত্যেকটো ঢালত ছশ চেকল সোণ প্ৰয়োজন হৈছিল৷
\v 17 তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
\p
\v 18 তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে, আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে।
\v 19 সিংহাসন খনত ছখপিয়া খটখটী আছিল আৰু সিংহাসনৰ ওপৰ ভাগৰ পাছ ফালটো ঘূৰণীয়া আছিল৷ বহা ঠাইৰ দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাইৰ কাষত দুইফালে দুটা সিংহৰ মুৰ্ত্তি থিয় কৰোঁৱা আছিল।
\v 20 সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।
\p
\v 21 ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।
\v 22 সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
\p
\v 23 এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।
\v 24 ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।
\v 25 যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।
\p
\v 26 চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।
\v 27 ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।
\p
\v 28 চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।
\v 29 মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ; এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।
\c 11
\s চলোমনৰ বহু বিবাহ আৰু দেৱপুজা। তেওঁৰ শত্ৰু। তেওঁৰ মৃত্যু।
\p
\v 1 সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
\v 2 যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
\p
\v 3 চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।
\v 4 কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
\p
\v 5 কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷
\v 6 এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
\p
\v 7 সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
\v 8 তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
\p
\v 9 যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল,
\v 10 আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে।
\p
\v 11 সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।
\v 12 কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
\v 13 তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”
\p
\v 14 তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।
\v 15 যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷
\v 16 যোৱাব আৰু সমুদায় ইস্ৰায়েল লোক ইদোমত ছমাহ থাকি ইদোমৰ সকলো পুৰুষক সংহাৰ কৰিছিল৷
\v 17 কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
\p
\v 18 তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল।
\v 19 তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
\p
\v 20 তহপিনেচৰ সেই ভনীয়েকে হদদক এটি পুত্ৰ জন্ম দিলে; তেওঁলোকে তাৰ নাম গনুবৎ ৰাখিলে; তাক তহপিনেচে ফৰৌণৰ ঘৰতে ডাঙৰ-দীঘল কৰিলে৷ গনুবৎ ফৰৌণৰ ঘৰতে ফৰৌণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল।
\v 21 পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”
\v 22 তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”
\p
\v 23 ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
\v 24 আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
\v 25 হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।
\p
\v 26 তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।
\v 27 তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
\p
\v 28 সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
\v 29 যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।
\v 30 তেতিয়া অহীয়াৰ নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি-চিৰি বাৰ ডোখৰ কৰিলে৷
\p
\v 31 তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।
\v 32 কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷
\v 33 কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
\p
\v 34 তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্ত্তা কৰি ৰাখিছো।
\v 35 কিন্তু তেওঁৰ পুত্ৰৰ হাতৰ পৰা ৰাজ্য লৈ তোমাক দহটা ফৈদ দিম।
\v 36 আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম।
\p
\v 37 তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।
\v 38 আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
\v 39 মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”
\p
\v 40 এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।
\p
\v 41 চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
\v 42 চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
\v 43 পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
\c 12
\s দহ ফৈদৰ বিদ্ৰোহ। যাৰবিয়ামৰ ৰাজত্ব। বৈৎএলত কৰা দেৱপূজা।
\p
\v 1 পাছত ৰহবিয়াম চিখিমলৈ গ’ল, কিয়নো তেওঁক ৰজা পাতিবৰ কাৰণে সমুদায় ইস্ৰায়েল চিখিমলৈ আহিছিল।
\v 2 তেতিয়া এনে ঘটিল যে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাতৰি শুনিলে, কিয়নো তেওঁ সেই সময়ত মিচৰত আছিল; চলোমন ৰজাৰ ভয়ত তেওঁ তালৈ পলাই গৈ তাত বাস কৰি আছিল৷
\p
\v 3 তেতিয়া লোকসকলে মানুহ পঠিয়াই ৰহবিয়ামক মাতি আনিলে৷ তেতিয়া যাৰবিয়াম আৰু ইস্ৰায়েলৰ গোটেই সমাজে আহি ৰহবিয়ামক এই কথা ক’লে,
\v 4 “আপোনাৰ পিতৃয়ে আমাক কঠোৰ পৰিশ্ৰম কৰিবলৈ জোৰ কৰিছিল৷ তেওঁ যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাই আছে, সেই কার্যৰ ভাৰ যদি আপুনি কিছু লঘু কৰে; তেতিয়াহলে আমি আপোনাক সেৱা কৰি থাকিম।”
\v 5 তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনলৈ আতৰি থকা, তাৰ পাছত মোৰ ওচৰলৈ ঘূৰি আহা৷” তেতিয়া লোকসকল গুচি গ’ল।
\p
\v 6 পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীয়াই থকাৰ কালত যি বৃদ্ধ লোকসকল তেওঁৰ আগত থিয় হৈছিল, তেওঁলোকৰ লগত আলোচনা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ আপোনালোকে মোক কি পৰামৰ্শ দিব?”
\v 7 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি আজি সেই লোকসকলৰ দাস হৈ তেওঁলোকক সেৱা কৰে আৰু সুকথা কৈ তেওঁলোকক উত্তৰ দিয়ে, তেতিয়া তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
\p
\v 8 কিন্তু ৰহবিয়ামে বৃদ্ধ লোকসকলে দিয়া পৰামৰ্শ তেওঁ অৱজ্ঞা কৰিলে, আৰু তেওঁৰে সৈতে একে লগে ডাঙৰ দীঘল হোৱা যি ডেকাসকল তেওঁৰ সন্মুখত থিয় দি আছিল, তেওঁলোকৰ সৈতে তেওঁ আলোচনা কৰিলে।
\v 9 তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
\p
\v 10 তাতে তেওঁৰে সৈতে ডাঙৰ দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে তেওঁলোকৰ ওপৰত কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল আৰু আপোনাক সেই ভাৰ কিছু লঘু কৰিবলৈ বুলি আপোনাৰ আগত কোৱা সেই লোকসকলক এই কথা ক’ব, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
\v 11 এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত যি কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল, মই সেই ভাৰ পুনৰ গধুৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’৷ এই বুলি তেওঁলোকক ক’ব।”
\p
\v 12 পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
\v 13 তেতিয়া ৰজাই লোকসকলক টান শব্দৰ কথাৰে উত্তৰ দিলে আৰু তেওঁক বৃদ্ধলোক সকলে দিয়া পৰামৰ্শবোৰ তেওঁ অৱজ্ঞা কৰিলে৷
\v 14 সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”
\p
\v 15 এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।
\p
\v 16 যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে,
\q1 “দায়ুদত আমাৰ কি ভাগ আছে?
\q2 যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই!
\q1 হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা!
\q2 হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।”
\q2 তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
\v 17 কিন্তু যিহূদাৰ নগৰ বোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত ৰহবিয়ামেই ৰজা হৈ থাকিল।
\p
\v 18 পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাবোৰৰ অধ্যক্ষ অদোৰামক পঠিয়াওতে, গোটেই ইস্ৰায়েলে তেওঁলৈ এনেকৈ শিল দলিয়ালে যে, তেওঁৰ তাতেই মৃত্যু হ’ল৷ আৰু ৰজা ৰহবিয়ামে যিৰূচালেমলৈ পলাই যাবৰ বাবে বেগা বেগীকৈ নিজৰ ৰথত উঠিল।
\v 19 এইদৰে ইস্ৰায়েলে দায়ুদৰ বংশৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে আৰু আজিলৈকে সেই ভাৱেই আছে।
\p
\v 20 গোটেই ইস্ৰায়েলে যাৰবিয়াম ঘূৰি অহা কথা শুনি, দূত পঠিয়াই তেওঁক সমাজৰ ওচৰলৈ মতাই আনি গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে৷ তাতে কেৱল যিহূদা ফৈদৰ বাহিৰে, আন কোনেও দায়ুদৰ বংশৰ পাছত চলোঁতা নহ’ল।
\p
\v 21 ৰহবিয়াম যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া যিহূদা আৰু বিন্যামীন ফৈদৰ লোকসকলক একগোট কৰিলে, তাতে এক লাখ আশী হাজাৰ যুদ্ধাৰু লোকক মনোনীত কৰিলে, যাতে ইস্ৰায়েলৰ বংশৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰায় আনিব পাৰিব।
\p
\v 22 কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে,
\v 23 “তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক, যিহূদা আৰু বিন্যামীনৰ গোটেই বংশক আৰু আন লোকসকলক কোৱা বোলে,
\v 24 ‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।
\p
\v 25 পাছত যাৰবিয়ামে ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত চিখিম নগৰ সাজি তাৰ মাজতে বাস কৰিলে৷ তেওঁ তাৰ পৰা গৈ পনুৱেল নগৰো সাজিলে।
\v 26 তেতিয়া যাৰবিয়ামে নিজৰ মনতে ভাবিলে, “এতিয়া দায়ূদৰ বংশলৈ ৰাজ্য পুনৰায় ঘূৰি আহিব৷
\v 27 এই লোকসকলে যদি যিৰূচালেমত থকা যিহোৱাৰ গৃহত বলি উৎসৰ্গ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ প্ৰভু যিহূদাৰ ৰজা ৰহবিয়ামলৈ পুনৰায় এই লোকসকলৰ মন ঘূৰিব; তেতিয়া তেওঁলোকে মোক বধ কৰি পুনৰায় যিহূদাৰ ৰজা ৰহবিয়ামৰ ফলীয়া হ’ব।”
\p
\v 28 এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
\v 29 তেওঁ তাৰে এটা বৈৎএলত আৰু আনটো দানত স্থাপন কৰিলে।
\v 30 এই কাৰ্য পাপৰ কাৰণ হ’ল, কিয়নো লোকসকলে সেই দুই প্ৰতিমাৰ আগত সেৱা কৰিবলৈ দানলৈকে বা আনটো ঠাইলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।
\p
\v 31 যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
\v 32 পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
\p
\v 33 অষ্টম মাহত যৰবিয়ামে অৰ্থাৎ যি মাহ তেওঁ নিজ ইচ্ছামতে নিৰূপণ কৰিছিল, সেই অষ্টম মাহৰ পঞ্চদশ দিনা বৈৎএলত তেওঁ নিৰ্ম্মাণ কৰা যজ্ঞবেদীলৈ উঠি গৈছিল; তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে এক উৎসৱ নিৰূপণ কৰিছিল, আৰু ধূপ জ্বলাবৰ বাবে যজ্ঞবেদীলৈ উঠি গৈছিল।
\c 13
\s যাৰবিয়ামৰ দেবপুজাৰ বিৰুদ্ধে কোৱা ভাৱবাণী।
\p
\v 1 সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
\v 2 তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।”
\v 3 এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”
\p
\v 4 যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
\v 5 আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
\p
\v 6 তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
\v 7 ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।”
\p
\v 8 কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,
\v 9 কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।”
\v 10 তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।
\p
\v 11 সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।
\v 12 তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।
\v 13 তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷
\p
\v 14 সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।”
\v 15 তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।”
\v 16 তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ,
\v 17 কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।”
\p
\v 18 তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
\v 19 তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে।
\p
\v 20 তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল;
\v 21 আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
\v 22 আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
\p
\v 23 পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷
\v 24 যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
\v 25 পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।
\p
\v 26 যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
\v 27 তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷
\v 28 পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷
\p
\v 29 তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল।
\v 30 তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে।
\p
\v 31 তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা।
\v 32 কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”
\p
\v 33 এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
\v 34 এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
\c 14
\s যাৰবিয়ামৰ বিৰুদ্ধে অহীয়াই কোৱা ভাৱবাণী। যাৰবিয়ামৰ মৃত্যু। ৰহবিয়ামৰ ৰাজত্ব।
\p
\v 1 সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
\v 2 তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
\v 3 তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
\p
\v 4 তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
\v 5 তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
\p
\v 6 পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
\v 7 তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
\v 8 মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
\p
\v 9 কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
\v 10 এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
\p
\v 11 তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
\v 12 এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
\v 13 তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্‌স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
\p
\v 14 তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
\v 15 কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
\v 16 যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
\p
\v 17 পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
\v 18 তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
\p
\v 19 যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
\v 20 যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
\p
\v 21 সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
\v 22 যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
\p
\v 23 কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
\v 24 সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
\p
\v 25 পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
\v 26 তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
\p
\v 27 তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
\v 28 তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
\p
\v 29 ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
\v 30 ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
\v 31 পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।
\c 15
\s যিহূদাৰ ওপৰত অবিৰাম আৰু আচাৰ ৰাজত্ব।
\p
\v 1 নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
\v 2 তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
\v 3 তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
\p
\v 4 তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
\v 5 কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
\v 6 সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
\p
\v 7 অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
\v 8 পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
\p
\v 9 ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
\v 10 তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
\v 11 আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
\p
\v 12 তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
\v 13 আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
\p
\v 14 কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
\v 15 তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
\p
\v 16 আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
\v 17 ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
\p
\v 18 পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
\v 19 “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
\p
\v 20 তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
\v 21 যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
\v 22 তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
\p
\v 23 আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
\v 24 পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
\s ইস্ৰায়েলৰ ওপৰত নাদব, বাচা, এলা, জিম্ৰী আৰু অম্ৰীৰ ৰাজত্ব।
\p
\v 25 যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
\v 26 তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
\p
\v 27 পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
\v 28 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
\p
\v 29 তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
\v 30 যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
\p
\v 31 নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
\v 32 আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
\p
\v 33 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
\v 34 তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।
\c 16
\p
\v 1 পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
\v 2 “যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।
\p
\v 3 চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।
\v 4 বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
\p
\v 5 বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
\v 6 পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
\p
\v 7 হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
\p
\v 8 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
\v 9 পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
\v 10 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
\p
\v 11 তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
\v 12 এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
\v 13 বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
\p
\v 14 এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
\p
\v 15 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
\v 16 পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
\v 17 পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।
\v 18 যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।
\v 19 তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।
\v 20 জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
\p
\v 21 সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্‌নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।
\v 22 কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্‌নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্‌নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।
\p
\v 23 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।
\v 24 পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।
\p
\v 25 কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
\v 26 কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
\p
\v 27 অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
\v 28 পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
\s আহাবৰ ৰাজত্ব। এলিয়াই বিধৱাৰ ল’ৰা এটিক পুনৰায় জীউৱা।
\p
\v 29 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।
\v 30 তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল।
\p
\v 31 নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
\v 32 তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।
\v 33 তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।
\p
\v 34 তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।
\c 17
\p
\v 1 পাছত গিলিয়দ-প্ৰবাসীসকলৰ মাজৰ তিচবীয়া এলিয়াই আহাবক ক’লে, “মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”
\p
\v 2 পাছত এলিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
\v 3 “তুমি এই ঠাই ত্যাগ কৰা, পূব দিশে যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিলৈ যোৱা, আৰু তাৰ কাষত নিজে গৈ লুকাই থাকা।
\v 4 তাতে তুমি সেই জুৰিৰ পানী পান কৰিবলৈ পাবা আৰু সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাৰ কৰিবলৈ মই ঢোঁৰা-কাউৰীবোৰক আজ্ঞা দিলোঁ।”
\p
\v 5 তেতিয়া তেওঁ গৈ যিহোৱাৰ বাক্য অনুসাৰে সেই কাৰ্য কৰিলে; তেওঁ গৈ যৰ্দ্দনৰ সন্মুখত থকা কৰীৎ জুৰিৰ কাষত বাস কৰিলে।
\v 6 তাতে ঢোঁৰা-কাউৰীবোৰে তেওঁৰ কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল।
\v 7 কিন্তু কিছু সময়ৰ পাছত দেশত বৰষুণ নোহোৱাৰ কাৰণে সেই জুৰিৰ পানী শুকাই গ’ল।
\p
\v 8 সেই সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে,
\v 9 “তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
\v 10 তেতিয়া তেওঁ উঠি চাৰিফতলৈ যাত্ৰা কৰিলে, আৰু যেতিয়া তেওঁ সেই নগৰৰ দুৱাৰ-মুখ পালে, তেতিয়া সেই ঠাইত তেওঁ এজনী বিধৱা মহিলাক খৰি বুটলি থকা দেখিলে৷ তেতিয়া তেওঁ তাইক মাতি ক’লে, “বিনয় কৰোঁ, পান কৰিবৰ বাবে মোলৈ এটা পাত্ৰত পানী অলপ আনা।”
\p
\v 11 তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলৈ পানী আনিবলৈ যাওঁতে, তেওঁ তাইক আকৌ মাতি ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কাৰণে এডোখৰ পিঠাও হাতত লৈ আহিবা।”
\v 12 তেতিয়া তাই ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই; কেৱল বয়ামত এমুঠিমান আটাগুড়ি আৰু টেকেলিত এটোপমান তেল আছে৷ চোৱা, মোৰ আৰু মোৰ ল’ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছোঁ; আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ’ব।
\v 13 তেতিয়া এলিয়াই তাইক ক’লে, “ভয় নকৰিবা। তুমি যি ক’লা, তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰ পাছত তোমাৰ আৰু তোমাৰ ল’ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা।
\p
\v 14 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে যে, “যিহোৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুড়ি উদং নহ’ব আৰু সেই টেকেলিৰ তেলো শেষ নহ’ব।”
\v 15 তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে আৰু তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ ল’ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে।
\v 16 যিহোৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্ৱাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুড়ি উদং নহ’ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল।
\p
\v 17 এই ঘটনা ঘটি যোৱাৰ পাছত, সেই ঘৰৰ গৃহিনীজনীৰ ল’ৰাজন বেমাৰত পৰিল। পাছত ল’ৰাজনৰ বেমাৰ ইমান টান হ’ল যে, তাৰ শৰীৰৰ নিশ্বাস বন্ধ হৈ গ’ল।
\v 18 তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
\p
\v 19 তেতিয়া এলিয়াই তাইক ক’লে, “তোমাৰ ল’ৰাটিক মোক দিয়া।” পাছত তাইৰ কোলাৰ পৰা তেওঁ ল’ৰাজনক ল’লে, আৰু নিজে থকা ওপৰ কোঠালিলৈ তাক লৈ গ’ল; তাতে তেওঁ নিজৰ শয্যাত সেই ল’ৰাজনক শুৱাই থ’লে।
\v 20 তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছোঁ, আপুনি জনো তাইৰ ল’ৰাটিক মাৰি পেলাই তাইলৈয়ো অমঙ্গল ঘটাইছে নে?”
\v 21 তেতিয়া তেওঁ ল’ৰাটিৰ ওপৰত তিনিবাৰ দীঘল হৈ পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই ল’ৰাটিৰ ভিতৰলৈ পুনৰায় প্ৰাণ ঘূৰাই আনক।”
\p
\v 22 তেতিয়া যিহোৱাই এলিয়াৰ সেই কথা শুনিলে; ল’ৰাটিৰ প্ৰাণ তাৰ ভিতৰলৈ পুনৰায় ঘূৰি আহিল আৰু সি সুস্থ হ’ল৷
\v 23 তাৰ পাছত এলিয়াই ল’ৰাটি লৈ ওপৰ কোঁঠালিৰ পৰা নামি আহি ঘৰৰ ভিতৰত সোমাই তাৰ মাতৃৰ হাতত শোধাই দি ক’লে, “চোৱা, তোমাৰ এই ল’ৰাটি জীৱিত আছে।”
\v 24 তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”
\c 18
\s এলিয়াই আহাবৰ সাক্ষাত হোৱা আৰু বালৰ ভাববাদীসকলক জয় কৰা।
\p
\v 1 বহুদিনৰ পাছত যিহোৱাৰ বাক্য এলিয়ালৈ আহিল; সেয়া আছিল বৰষুণ নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহোৱাই ক’লে, “তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম।”
\v 2 তেতিয়া এলিয়াই আহাবক দৰ্শন দিবলৈ গ’ল। সেই কালত চমৰিয়াত অতি বেছি আকাল হৈছিল।
\p
\v 3 পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
\v 4 কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।
\p
\v 5 আহাবে ওবদিয়াক ক’লে, “দেশত যিমান জলৰ ভুমুক আৰু জুৰি আছে, তুমি সেই ঠাইবোৰলৈ যোৱা, কিজানি আমি সেই ঠাইবোৰত কিছু ঘাঁহ পাম; তাতে ঘোঁৰা আৰু খছৰবোৰৰ প্ৰাণ ৰক্ষা কৰাব পাৰিম, সেয়ে হ’লে আমি আটাইবোৰ পশু নেহেৰুৱাম।”
\v 6 তেতিয়া তেওঁলোকে দেশৰ মাজেদি ভ্ৰমণ কৰিবলৈ, তেওঁলোক দুয়োৰে মাজত দেশ ভাগ কৰিলে; তেতিয়া আহাব নিজেই এক বাটেদি আৰু ওবদিয়াও আনটো বাটেদি গ’ল।
\p
\v 7 তেতিয়া ওবদিয়াই বাটত গৈ থাকোতে, হঠাৎ এলিয়াক লগ পালে। ওবদিয়াই তেতিয়া তেওঁক চিনি পালে, আৰু মাটিত মূখ লগাই তেওঁক ক’লে, “আপুনি মোৰ প্ৰভু এলিয়া হয়নে?”
\v 8 তেতিয়া তেওঁ ক’লে, “হয়, মই হওঁ। তুমি যোৱা, আৰু গৈ তোমাৰ প্ৰভুক কোৱা যে, ‘এলিয়া ইয়াত আছে’।”
\p
\v 9 তেতিয়া ওবদিয়াই ক’লে, “মই এনে কি পাপ কৰিলোঁ, আপুনি যে বধ কৰিবৰ বাবে আপোনাৰ দাসক আহাবৰ হাতত শোধাই দিছে?
\v 10 আপোনাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ প্ৰভু ৰজাই আপোনাক বিচাৰিবলৈ মানুহ নপঠিওৱা এনে কোনো দেশ বা ৰাজ্য নাই। সেই দেশ বা ৰাজ্যৰ লোকে যেতিয়া ‘এলিয়া ইয়াত নাই’ এইদৰে কয়, তেতিয়া তেওঁলোকে আপোনাক যে বিচাৰি পোৱা নাই, সেই বিষয়ে সঠিক কৰিবলৈ ৰজাই আপোনাক বিচাৰিবলৈ পঠোৱা লোকসকলক শপতো খুৱাইছিল।
\v 11 এতিয়া আপুনি কৈছে, ‘এলিয়া ইয়াতে আছে, এই বুলি তোমাৰ প্ৰভুৰ আগত কোৱাগৈ’।
\p
\v 12 কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ যিহোৱাৰ আত্মাই আপোনাক লৈ যাব; তাতে মই গৈ আহাবক সংবাদ দিলে, যদি তেওঁ আপোনাক বিচৰি নাপায়, তেতিয়া তেওঁ মোক বধ কৰিব; কিন্তু আপোনাৰ দাস মই হ’লে, ল’ৰাকালৰে পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।
\v 13 ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰা কালত মই যিহোৱাৰ এশ ভাববাদীক পঞ্চাশ জন পঞ্চাশ জনকৈ ভাগ কৰি গুহাত লুকুৱাই ৰাখিছিলো, আৰু তেওঁলোকক অন্ন-জল দি কেনেকৈ প্ৰতিপালন কৰিছিলোঁ, সেই বিষয়ে জানো মোৰ প্ৰভুৱে শুনা নাই?
\p
\v 14 তথাপি এতিয়া আপুনি কৈছে, ‘যোৱা, এলিয়া ইয়াত আছে, এই বুলি তোমাৰ প্ৰভুক কোৱাগৈ’, যাতে তেওঁ মোক বধ কৰিব।
\v 15 তাতে এলিয়াই ক’লে, “মই যিজনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই বাহিনীসকলৰ যিহোৱাৰ জীৱনৰ শপত, মই আজি নিশ্চয়ে আহবক দেখা দিম।”
\p
\v 16 তেতিয়া ওবদিয়াই আহাবক লগত সাক্ষাৎ কৰিলে, আৰু আহাবক এই সংবাদ দিলে; পাছত আহাবে এলিয়াৰ লগত সাক্ষাত কৰিবলৈ আহিল।
\v 17 যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক’লে, “ইস্ৰায়েলক দুখ দিয়া লোকজন তুমি হয় নে?”
\p
\v 18 এলিয়াই উত্তৰ দি ক’লে, “মই ইস্ৰায়েলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশইহে দুখ দিছা, তোমালোকে যিহোৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছা।
\v 19 এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”
\p
\v 20 সেইদৰে আহাবে ইস্ৰায়েলৰ সকলো লোকৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ভাববাদীসকলক কৰ্মিল পৰ্ব্বতত গোট খুৱালে।
\v 21 এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমালোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে।
\p
\v 22 তেতিয়া এলিয়াই লোকসকলক ক’লে, “যিহোৱাৰ এজন মাত্ৰ ভাববাদী মইহে অৱশিষ্ট আছোঁ, কিন্তু বালৰ ভাববাদী চাৰিশ পঞ্চাশজন লোক আছে।
\v 23 এই হেতুকে আমাক দুটা ভতৰা দিয়া হওঁক; তেওঁলোকে তেওঁলোকৰ কাৰণে এটা ষাঁড় লওক, আৰু তাক ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত থওক, কিন্তু তাৰ তলত জুই নিদিয়ক; আৰু ময়ো আনটো ষাঁড় যুগুত কৰি খৰিৰ ওপৰ ৰাখিম, আৰু তাৰ তলত জুই নিদিম।
\v 24 তেতিয়া তোমালোকে তোমালোকৰ দেৱতাৰ নামেৰে প্ৰাৰ্থনা কৰিবা আৰু মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; তাতে যাৰ ঈশ্ৱৰে অগ্নিৰ দ্বাৰাই উত্তৰ দিব, তেওঁৱেই ঈশ্বৰ হওঁক।” তাতে সকলো লোকে উত্তৰ দি ক’লে, “এইটো ভাল কথা।”
\p
\v 25 তেতিয়া এলিয়াই বালৰ ভাববাদীসকলক ক’লে, “প্ৰথমে তোমালোকে তোমালোকৰ কাৰণে এটা ভতৰা লোৱা, আৰু সেই ভতৰাটো যুগুত কৰা, কিয়নো তোমালোক অনেক লোক আছা। পাছত তোমালোকে তোমালোকৰ ঈশ্ৱৰৰ নামেৰে প্ৰাৰ্থনা কৰিবা, কিন্তু তলত জুই নিদিবা।”
\v 26 তেতিয়া তেওঁলোকক দিয়া ভতৰাটো লৈ তেওঁলোকে যুগুত কৰিলে, আৰু ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈকে “হে বাল, আমাক উত্তৰ দিয়া”, এই বুলি কৈ বালৰ নামেৰে প্ৰাৰ্থনা কৰিলে; কিন্তু তেওঁলোকলৈ কোনো বাণী নহ’ল আৰু কোনেও উত্তৰো নিদিলে। তাৰ পাছত তেওঁলোকে সজা যজ্ঞবেদীৰ চাৰিওফালে দেও দি নাচিবলৈ ধৰিলে।
\p
\v 27 দুপৰীয়া সময়ত এলিয়াই তেওঁলোকক ঠাট্টা কৰি ক’লে, “বৰকৈ ৰিঙিওৱাহঁক! তেওঁ এজন ঈশ্বৰ! হয়তো তেওঁ ধ্যান কৰি আছে বা কোনো ঠাইলৈ যাত্ৰা কৰি আছে, নাইবা টোপনিতে আছে আৰু তেওঁক জগাব প্রয়োজন।”
\v 28 তেতিয়া তেওঁলোকে পুনৰ বৰকৈ আটাহ পাৰি মাতিবলৈ ধৰিলে আৰু তেওঁলোকৰ ৰীতিৰ দৰে, কটাৰী আৰু শূলৰ ধাৰেৰে কাতি তেজ নোবোৱালৈকে নিজকে ক্ষত-বিক্ষত কৰিলে।
\v 29 এইদৰে দুপৰ বেলা পাৰ হ’ল আৰু তেওঁলোকে সন্ধ্যাৰ নৈবেদ্য দিয়ালৈকে ভাৱবাণী প্ৰচাৰ কৰিলে; তথাপি উত্তৰ দিবলৈ কোনো নাছিল, কোনেও সঁহাৰি নিদিলে, নতুবা কোনোৱে তেওঁলোকক উত্তৰ দিবলৈ মন নকৰিলে।
\p
\v 30 তেতিয়া এলিয়াই লোকসকলক ক’লে, “মোৰ ওচৰলৈ আহাঁ”, আৰু সকলো লোক তেওঁৰ ওচৰলৈ গ’ল। তেতিয়া তেওঁ যিহোৱাৰ সেই ভগা যজ্ঞ-বেদী মেৰামতি কৰিলে।
\v 31 “তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে।
\v 32 সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে।
\p
\v 33 তাৰ পাছত তেওঁ খৰি ৰীতিমতে সজাই, ভতৰাটো ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত দিলে। তেতিয়া তেওঁ ক’লে “চাৰি কলহ পানী ভৰাই এই হোম-বলিৰ ওপৰত আৰু খৰিবোৰৰ ওপৰত ঢালি দিয়া।”
\v 34 পুনৰায় তেওঁ ক’লে, “দ্বিতীয়বাৰো তেনে কৰা।” তেতিয়া তেওঁলোকে দ্বিতীয়বাৰো তাকেই কৰিলে। তেওঁ আকৌ ক’লে, “তৃতীয়বাৰো তেনেকৈ কৰা।” তাতে তেওঁলোকে তৃতীয়বাৰো কৰিলে।
\v 35 তেতিয়া বেদীৰ চাৰিওফালে পানী বৈ গ’ল আৰু সেই খালো পানীৰে পুৰ কৰিলে।
\p
\v 36 পাছত সন্ধিয়া বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক।
\v 37 হে যিহোৱা, তুমিয়েই যে ঈশ্বৰ আৰু তুমিয়েই যে এওঁলোকৰ মন পুনৰায় তোমালৈ ঘূৰাই আনিছা, সেই বিষয়ে এই লোকসকলে জানিবৰ কাৰণে, হে যিহোৱা, মোৰ এই কথা শুনা।”
\p
\v 38 তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে।
\v 39 লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!”
\v 40 তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
\p
\v 41 পাছত এলিয়াই আহাবক ক’লে, উঠা, গৈ ভোজন-পান কৰা; কিয়নো বৰ বৰষুণৰ শব্দ হৈছে।”
\v 42 তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।
\p
\v 43 পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”
\v 44 পাছত সপ্তমবাৰ চাওঁতে, তেওঁ ক’লে, “চাওঁক, মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে।” তেতিয়া এলিয়াই ক’লে, “তুমি উঠি গৈ আহাবক কোৱা, ‘বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওঁক’।”
\v 45 ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ ক’লা হৈ উঠিল আৰু বৰষুণ হ’ল। আৰু আহাবে ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল।
\v 46 তাৰ অলপ পাছত যিহোৱাৰ হাত এলিয়াৰ ওপৰত স্থিতি হোৱাত, তেওঁ কঁকাল বান্ধি যিজ্ৰিয়েলত সোমাৱা ঠাইলৈকে আহাবৰ আগে আগে লৰ ধৰিলে।
\c 19
\s এলিয়া পলাই যোৱা। তেওঁক ঈশ্বৰে দৰ্শন দিয়া। ইলীচাক আমন্ত্ৰণ কৰা।
\p
\v 1 পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।
\v 2 তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
\v 3 সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
\p
\v 4 কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”
\v 5 তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।”
\v 6 তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে।
\p
\v 7 পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।”
\v 8 তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।
\p
\v 9 তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
\v 10 তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
\p
\v 11 যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
\v 12 ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
\p
\v 13 সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
\v 14 এলিয়াই উত্তৰ দি ক’লে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
\p
\v 15 তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা;
\v 16 আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
\p
\v 17 সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।
\v 18 কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”
\p
\v 19 তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।
\v 20 তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”
\v 21 তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।
\c 20
\s আহাবে দুবাৰ অৰামীয়াসকলক জয় কৰা।
\p
\v 1 পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
\v 2 তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:
\v 3 ‘তোমাৰ ৰূপ আৰু সোণ মোৰ; আৰু তোমাৰ সবাতকৈ উত্তম পত্নীসকল আৰু সন্তান সকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই’।”
\p
\v 4 তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”
\v 5 পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়;
\v 6 কিন্তু কাইলৈ এনে সময়ত মই মোৰ দাসবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ দাসবোৰৰ ঘৰত বিচাৰ কৰি, তেওঁলোকৰ দৃষ্টিত যি উত্তম, সেই সকলোকে দখল কৰি লৈ আহিব’।”
\p
\v 7 তেতিয়া ইস্ৰায়েলৰ ৰজাই দেশৰ বৃদ্ধ লোকসকলক মাতি আনি তেওঁলোকক ক’লে, “মই বিনয় কৰোঁ, তোমালোকে বিবেচনা কৰি চোৱা কিদৰে এই মানুহজনে কেৱল অনিষ্টৰ চেষ্টা কৰিছে। কিয়নো তেওঁ মোৰ ভাৰ্য্যা আৰু সন্তান সকলক নিজৰ কৰিবলৈ আৰু মোৰ ৰূপ ও সোণৰ কাৰণেও আদেশ পঠিওৱাত, মই তেওঁক অস্বীকাৰ কৰা নাই।”
\v 8 তেতিয়া বৃদ্ধ লোকসকল আৰু সকলো প্ৰজাই আহাবক ক’লে, “আপুনি তেওঁৰ কথা নুশুনিব আৰু সেই কথাত সন্মতো নহ’ব।”
\p
\v 9 এই হেতুকে আহাবে বিন-হদদৰ দূতবোৰক ক’লে, “মোৰ প্ৰভু মহাৰাজক ক’বা, ‘আপুনি প্ৰথমে আপোনাৰ দাসৰ ওচৰলৈ দূত পঠিয়াই যি কৈছিল, সেই সকলোকে মই কৰিম, কিন্তু দ্ধিতীয়বাৰ যি দাবী কৰিছে সেই বিষয়ে হ’লে মই কৰিব নোৱাৰোঁ’।” পাছত দূতবোৰে গৈ তেওঁক সেই বাতৰি দিলে।
\v 10 তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
\p
\v 11 তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”
\v 12 পাছত যি সময়ত বিন হদদ আৰু তেওঁৰ লগৰ ৰজাসকলে পঁজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ দাসবোৰক ক’লে, “তোমালোকে ৰণৰ বেহু পাতা।” তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে।
\p
\v 13 চোৱা, এজন ভাববাদীয়ে ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি সেই মহা লোক সকলৰ সৈন্য দলটো দেখিছা নে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়েই যে যিহোৱা সেই বিষয়ে তোমালোকে জানিবা’।”
\v 14 আহাবে ক’লে, “কাৰ দ্বাৰাই এনে কৰিবা?” ভাববাদীজনে ক’লে, “যিহোৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতি সকলৰ ডেকাসকলৰ দ্বাৰাই।” তেতিয়া আহাবে সুধিলে, “যুদ্ধ কোনে আৰম্ভ কৰিব?”
\v 15 তেওঁ ক’লে, “তুমি।” পাছত তেওঁ প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলক একত্রিত কৰিলে। তেতিয়া তেওঁ দুশ বত্ৰিশ জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইস্ৰায়েলৰ আটাই সন্তান সকলক একত্ৰিত কৰি, সাত হাজাৰ লোক হ’ল।
\p
\v 16 পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।
\v 17 তেতিয়া প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলে আগে আগে ওলাই গ’ল। তেতিয়া বিন-হদদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, “চমৰিয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে।”
\p
\v 18 তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”
\v 19 এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ’ল।
\p
\v 20 তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ সন্মুখত থকা লোকক বধ কৰিলে। তেতিয়া অৰামীয়াসকল পলাবলৈ ধৰাত, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। কিন্তু অৰামৰ ৰজা বিন-হদদে কিছুমান অশ্বাৰোহী সেনাৰ সৈতে ঘোঁৰাত উঠি পলাই সাৰিল।
\v 21 তেতিয়া ইস্ৰায়েলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামীয়াসকলৰ মাজত মহা-সংহাৰ কৰিলে।
\p
\v 22 তাৰ পাছত সেই ভাববাদীয়ে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে বোলে, “তুমি গৈ নিজকে বলবান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰায় আহিব।”
\v 23 পাছত অৰামৰ ৰজাৰ দাসবোৰে তেওঁক কলে, “তেওঁলোকৰ দেৱতা পৰ্ব্বতীয়া দেৱতা, এই কাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয়ে তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম।
\p
\v 24 আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।
\v 25 আৰু আপুনি হেৰুওৱা সৈন্য-সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল, সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰিম। তাতে আমি নিশ্চয়ে তেওঁলোকক পৰাজয় কৰিম।” তেতিয়া বিন-হদদে তেওঁলোকৰ কথা শুনিলে, আৰু সেইদৰে কৰিলে।
\p
\v 26 পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
\v 27 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত ছাউনি পাতিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলক ছাগলী পোৱালিৰ দুটা সৰু জাকৰ নিচিনা দেখা গ’ল, কিন্তু অৰামীয়াসকল দেশ জুৰি আছিল।
\p
\v 28 সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
\p
\v 29 তাৰ পাছত তেওঁলোকে সাত দিনলৈকে সন্মুখা-সন্মুখি হৈ ছাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইস্ৰায়েলৰ সন্তান সকলে একে দিনাই অৰামীয়াসকলৰ এক লাখ পদাতিক সৈন্যক সংহাৰ কৰিলে।
\v 30 কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
\p
\v 31 পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওঁক, আমি শুনিছোঁ যে ইস্ৰায়েল-বংশৰ ৰজাসকল দয়ালু ৰজা; এই হেতুকে বিনয় কৰোঁ, আমি ককালত চট পিন্ধি ডিঙিত লেজু লৈ, বাহিৰ হৈ ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ যাওঁহঁক; কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব।”
\v 32 তেতিয়া তেওঁলোকে চট পিন্ধি, ডিঙিত লেজু লৈ, ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস বিন-হদদে কৈছে, ‘মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক’।” তেতিয়া আহাবে ক’লে, “বিন-হদদ এতিয়াও জীয়াই আছে নে? তেওঁ মোৰ ভাই।”
\p
\v 33 তেতিয়া সেই লোকসকলে ইয়াকে শুভ লক্ষণ বুলি বুজি, তেওঁৰ মনৰ ভাব স্পষ্ট কৰি উলিয়াবলৈ বেগাই ক’লে, “আপোনাৰ ভাই বিন-হদদ জীয়াই আছে।” তেতিয়া তেওঁ ক’লে, “তোমালোকে গৈ তেওঁক আনা।” তেতিয়া বিন-হদদ বাহিৰ ওলাই তেওঁৰ ওচৰলৈ অহাত, ৰজাই তেওঁক ৰথত তুলিলে।
\v 34 তেতিয়া বিন-হদদে তেওঁক ক’লে, “মোৰ পিতৃয়ে তোমাৰ পিতৃৰ পৰা যি যি নগৰ লৈছিল, সেই নগৰবোৰক মই তোমাক পুনৰায় ঘূৰাই দিম আৰু মোৰ পিতৃয়ে যেনেকৈ চমৰিয়াত হাট-বজাৰ বহুৱাইছিল, তুমিও তোমাৰ কাৰণে সেইদৰে দম্মেচকত হাট-বজাৰ বহুৱাবা।” আহাবে ক’লে, “মই এই চুক্তিৰেই তোমাক বিদায় কৰিম।” এইদৰে আহাবে তেওঁৰ লগত নিয়ম বান্ধি তেওঁক বিদায় দিলে।
\p
\v 35 পাছত শিষ্য ভাববাদীসকলৰ মাজৰ এজনে তেওঁৰ লগৰ এজনক যিহোৱাৰ বাক্যৰ দ্বাৰাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” কিন্তু সেই লোকজনে মাৰিবলৈ মান্তি নহ’ল।
\v 36 তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
\p
\v 37 তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।
\v 38 পাছত সেই ভাববাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি, বাটত ৰজালৈ বাট চাই থাকিল।
\p
\v 39 তাৰ পাছত ৰজা ওচৰেদি যাওঁতে, তেওঁ বৰ মাতেৰে ৰজাক ক’লে, “আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে, এজন সৈনিক ঘূৰি আহি মোৰ ওচৰলৈ এজন শত্ৰুক আনি ক’লে, ‘এই লোকজনক ৰাখা; যদি তেওঁ কেনেবাকৈ হেৰায়, তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিক্কৰ পৰিমাণ ৰূপ দিব লাগিব।’
\v 40 কিন্তু আপোনাৰ এই দাসে ইফালে সিফালে কামত লাগি থাকোঁতে, সেই লোকজন পলাই গ’ল।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “তেন্তে তোমাৰ তেনে দণ্ড হওঁক- তুমি নিজেই তাক নিশ্চয় কৰিলা।”
\p
\v 41 তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে; তাতে ইস্ৰায়েলৰ ৰজাই, তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন, তাক চিনি পালে।
\v 42 পাছত তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই যি জনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজ হাতৰ পৰা তেওঁক এৰি দিলা; এই কাৰণে তেওঁৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্রাণ যাব’।”
\v 43 তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।
\c 21
\s আহাবে নাবোতক বধ কৰি তেওঁৰ দ্ৰাক্ষাবাৰী অধিকাৰ কৰা।
\p
\v 1 তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
\v 2 আহাবে নাবোতক ক’লে, “তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে; মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহলে তাৰ যি ৰূপ হ’ব, তাৰ মূল্যও তোমাক দিম।”
\p
\v 3 তেতিয়া নাবোতে আহাবক ক’লে, “মই যে মোৰ পৈতৃক সম্পত্তি আপোনাক দিম, যিহোৱাই সেই বিষয়ে নিষেধ কৰক।”
\v 4 তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।
\p
\v 5 তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি যে আহাৰ গ্ৰহণ কৰা নাই, তোমাৰ মনত এনে কি বেজাৰ আছে?”
\v 6 এনেতে ৰজাই তেওঁক ক’লে, “মই যিজ্ৰিয়েলীয়া নাবোতক কৈছিলোঁ, ‘তোমাৰ দ্ৰাক্ষাবাৰীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহলে তাৰ সলনি মই তোমাক আন এখন দ্ৰাক্ষাবাৰীও দিম।’ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, ‘মই মোৰ দ্ৰাক্ষাবাৰী আপোনাক নিদিওঁ’।”
\v 7 তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”
\p
\v 8 পাছত ঈজেবলে আহাবৰ নামেৰে পত্ৰ লিখি তেওঁৰ মোহৰেৰে মোহৰ মাৰি, নাবোতৰ নগৰত বাস কৰা বৃদ্ধ লোকসকললৈ, তেওঁৰ সৈতে সভাত বহা প্ৰধান লোকসকল আৰু তেওঁৰ ওচৰ-চুবুৰীয়া সকলৰ ওচৰলৈ সেই পত্ৰবোৰ পঠিয়াই দিলে।
\v 9 তাই পত্ৰবোৰত এই কথা লিখিছিল, “তোমালোকে উপবাস প্ৰচাৰ কৰা; আৰু লোকসকলৰ মাজত নাবোতক ওখ পদত ঠাই দিয়া;
\v 10 তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।
\p
\v 11 তেতিয়া নাবোতৰ নগৰৰ লোকসকলে, অৰ্থাৎ সেই নগৰবাসী বৃদ্ধ আৰু প্ৰধান লোকসকলে, ঈজেবলে তেওঁলোকলৈ পত্রবোৰত লিখি পঠিওৱাৰ দৰে, সেই লোকসকলে পত্ৰত লিখা আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
\v 12 তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবোতক তেওঁলোকৰ ওপৰত ওখ পদত ঠাই দিলে।
\v 13 আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
\v 14 তাৰ পাছত সেই বৃদ্ধ লোকসকলে ঈজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হ’ল।”
\p
\v 15 তেতিয়া নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্রকে ঈজেবলে আহাবক ক’লে, “উঠা, যিজ্ৰিয়েলীয়া নাবোতে যি দ্ৰাক্ষাবাৰী তোমাক বিক্রী কৰিবলৈ অসন্মত আছিল, তাক অধিকাৰ কৰাগৈ; কিয়নো নাবোত জীয়াই থকা নাই, তেওঁৰ মৃত্যু হ’ল।
\v 16 যেতিয়া আহাবে নাবোতৰ মৃত্যু হোৱাৰ কথা শুনিলে তেতিয়া তেওঁ উঠি যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰীখন অধিকাৰ কৰিবলৈ নামি গ’ল।
\p
\v 17 সেই সময়ত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
\v 18 “উঠা, চমৰিয়া-নিবাসী ইস্ৰায়েলৰ ৰজা আহাবৰ লগত সাক্ষ্য কৰিবলৈ যোৱা। তেওঁ নাবোতৰ দ্ৰাক্ষাবাৰীত আছে; তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ’ল।
\p
\v 19 তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে? আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”
\v 20 তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
\p
\v 21 যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম।
\v 22 আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’
\p
\v 23 আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’
\v 24 আহাবৰ বংশৰ যি জন লোকৰ যেতিয়া নগৰত মৃত্যু হ’ব- তেওঁক কুকুৰবোৰে খাব। আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
\v 25 কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
\v 26 আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
\p
\v 27 যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল।
\v 28 পাছত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
\v 29 “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”
\c 22
\s অৰামীয়াসকলৰ সৈতে আহাব আৰু যিহোচাফটে যুদ্ধ কৰা। আহাবৰ মৃত্যু।
\p
\v 1 পাছত তিনি বছৰলৈকে অৰাম আৰু ইস্ৰায়েলে যুদ্ধ নকৰাকৈ ক্ষান্ত হৈ থাকিল।
\v 2 তেতিয়া সেই তৃতীয় বছৰত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ নামি আহিল।
\p
\v 3 সেই সময়ত ইস্ৰায়েলৰ ৰজাই নিজ দাসবোৰক ক’লে, “ৰামোৎ-গিলিয়দত যে আমাৰ অধিকাৰ আছে, সেই বিষয়ে তোমালোকে জানা নে? তেনেহলে তাক আমি ৰজা অৰামৰ হাতৰ পৰা লৈ আমাৰ অধীন কৰিবলৈ সেই বিষয়ে কিয় একোকে কৰা নাই?”
\v 4 তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”
\p
\v 5 যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ আগত পুনৰায় ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে প্রথমে বিচাৰ কৰক।”
\v 6 তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
\p
\v 7 তেতিয়া যিহোচাফটে ক’লে, “আমাক পৰামৰ্শ দিবলৈ যিহোৱাৰ আন কোনো ভাববাদী ইয়াত আৰু আছে নে?”
\v 8 এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাৱবাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
\v 9 তেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ এজন বিষয়া মাতি তেওঁক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক এতিয়াই লৈ আহা।”
\p
\v 10 সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল; আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰি আছিল।
\v 11 বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”
\v 12 তেতিয়া আন আন ভাববাদীসকলেও সেইদৰেই ভাৱবাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ আটক কৰক; তাতে আপুনি কৃতকাৰ্য্য হ’ব; কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিব।”
\p
\v 13 পাছত যি জন লোকে মীখায়াক মাতিবলৈ গৈছিল, তেওঁ গৈ তেওঁক ক’লে, “চোৱা, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে। মই বিনয় কৰোঁ, তোমাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ দৰে হৈ তুমিও যেন মঙ্গলৰ বাক্য প্ৰচাৰ কৰা।”
\v 14 তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
\v 15 পাছত যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, ৰজাই তেওঁক সুধিলে, “হে মীখায়া আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁ ক’লে, “যাওঁক, আপুনি কৃতকাৰ্য্য হ’ব আৰু যিহোৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব।”
\p
\v 16 তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
\v 17 তেতিয়া তেওঁ ক’লে, “মই সমুদায় ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰ-ছাগৰ জাকৰ দৰে পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘এইবোৰৰ ৰখীয়া নাই; তেওঁলোক প্ৰতিজনে যেন নিজ নিজ ঘৰলৈ শান্তিৰে উলটি যাওঁক’।”
\p
\v 18 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাৱবাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গলহে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পুৰ্ব্বেই আপোনাৰ আগত কোৱা নাই?”
\v 19 মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
\v 20 তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব? তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
\p
\v 21 তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’
\v 22 তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ? তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’
\v 23 এই হেতুকে চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথাও ক’লে।”
\p
\v 24 তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
\v 25 তেতিয়া মীখায়াই ক’লে, “চোৱা, যি দিনা নিজকে লুকাবৰ কাৰণে ভিতৰ-কোঠালিলৈ সোমাই যাবা, সেই দিনাই তুমি সেই বিষয়ে জানিবা।”
\p
\v 26 তাৰ পাছত ইস্ৰায়েলৰ ৰজাই আজ্ঞা কৰিলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্র ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা।
\v 27 তেতিয়া তেওঁক ক’বা, ‘ৰজাই এইদৰে কৈছে, এইজনক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নহালৈকে, তেওঁক খাবৰ কাৰণে অতি কম পৰিমাণে পিঠা আৰু পানী দিবা’।”
\v 28 তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতি সমূহ, এই বিষয়ে সকলোৱে শুনক।”
\p
\v 29 তাৰ পাছত ইস্ৰায়েলৰ ৰজা আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দলৈ উঠি গ’ল।
\v 30 ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ-বস্ত্ৰ পিন্ধি থাকিব লাগিব।” এনেতে ইস্ৰায়েলৰ ৰজাই আন বেশ ধৰি যুদ্ধত সোমাল।
\p
\v 31 কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।
\v 32 এনেতে ৰথৰ অধ্যক্ষসকলে যেতিয়া যিহোচাফটক দেখিলে, তেতিয়া, “অৱশ্যে এওঁৱেই ইস্ৰায়েলৰ ৰজা,” এই বুলি কৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে।
\v 33 তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদিবলৈ এৰিলে।
\p
\v 34 কিন্তু কোনো এজন লোকে আন এজন লোকক মাৰিবলৈ ধনুৰ জোঁৰ টানি দৈৱক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কবচ আৰু উদৰ ৰক্ষাৰ জোৰাতে কাঁড় মাৰিলে। তেতিয়া আহাবে নিজৰ সাৰথিক ক’লে, “ৰথখন ঘূৰাই সৈন্যৰ মাজৰ পৰা মোক উলিয়াই লৈ যোৱা কিয়নো মই বৰকৈ আঘাতপ্রাপ্ত হ’লো।”
\p
\v 35 সেই দিনা বৰকৈ যুদ্ধ হ’ল আৰু অৰামীয়াসকলৰ আগত ৰজাক থিয়কৈ ৰখাই হ’ল; কিন্তু গধূলিৰ সময়ত তেওঁৰ মৃত্যু হ’ল; তেওঁৰ ঘাৰ তেজ বৈ ৰথৰ তললৈ পৰিল।
\v 36 তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”
\p
\v 37 এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
\v 38 পাছত লোকসকলে চমৰিয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ধুই থাকোতে, যিহোৱাৰ বাক্য অনুসাৰে, কুকুৰবোৰে তেওঁৰ সেই তেজ চেলেকি খালে; এইটোৱেই সেই ঠাই, য’ত বেশ্যাবোৰে গা ধুইছিল।
\p
\v 39 আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁৰ সকলো কাৰ্য, তেওঁ নিৰ্ম্মাণ কৰা হাতী দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইস্ৰায়েলৰ ইতিহাস পুস্তকখনত লিখা নাই?
\v 40 এইদৰে আহাব নিজ পূৰ্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত, তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
\s যিহোচাফট আৰু অহজিয়াৰ ৰাজত্ত্ব।
\p
\v 41 তেতিয়া ইস্ৰায়েলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত, আচাৰ পুত্ৰ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে।
\v 42 যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
\p
\v 43 যিহোচাফটে নিজ পিতৃ আচাৰ পথত চলিলে; তেওঁ সেইবোৰৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্র ঠাইবোৰ গুচুউৱা হোৱা নাছিল; লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
\v 44 ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।
\p
\v 45 যিহোচাফটৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ সিদ্ধ কৰা পৰাক্ৰম আৰু তেওঁ কৰা যুদ্ধৰ কথাৰ বিষয়ে জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই?
\v 46 তেওঁৰ পিতৃ আচাৰ ৰাজত্ৱৰ কালত যি নট লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে।
\v 47 সেই কালত ইদোমৰ ৰজা নাছিল; এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল।
\p
\v 48 পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
\v 49 তেতিয়া আহাবৰ পুত্ৰ অহজিয়াই যিহোচাফটক ক’লে, “আপোনাৰ দাসবোৰৰ সৈতে মোৰ দাসবোৰ জাহাজত যাওঁক।” কিন্তু যিহোচাফট সেই কথালৈ মান্তি নহ’ল।
\v 50 পাছত যিহোচাফট তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ ওপৰ-পিতৃ দায়ুদৰ নগৰত, তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। তেতিয়া তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
\p
\v 51 যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
\v 52 তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে।
\v 53 তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।

1105
12-2KI.usfm Normal file
View File

@ -0,0 +1,1105 @@
\id 2KI
\ide UTF-8
\h 2 ৰাজাৱলি
\toc1 2 ৰাজাৱলি
\toc2 2 ৰাজাৱলি
\toc3 2ki
\mt1 2 ৰাজাৱলি
\c 1
\s ৰজা অহজিয়াৰ আঘাত আৰু মৃত্যু।
\p
\v 1 আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
\p
\v 2 অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
\p
\v 3 কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
\v 4 সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
\p
\v 5 পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
\v 6 উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
\p
\v 7 ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
\v 8 তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
\p
\v 9 তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
\v 10 এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
\p
\v 11 ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
\v 12 এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
\p
\v 13 তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
\v 14 চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
\p
\v 15 তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
\p
\v 16 তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
\p
\v 17 যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
\v 18 অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\c 2
\s ৰজা অহজিয়াৰ আঘাত আৰু মৃত্যু।
\p
\v 1 যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
\v 2 এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
\p
\v 3 বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
\v 4 তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
\p
\v 5 যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
\v 6 তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
\p
\v 7 এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
\v 8 এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
\v 9 পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
\v 10 এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
\s এলিয়াক স্বর্গলৈ তুলি নিয়া
\p
\v 11 তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
\v 12 ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
\p
\v 13 তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
\v 14 এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
\p
\v 15 যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
\v 16 তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
\v 17 কিন্তু ভাববাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
\v 18 ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
\s এলিয়াক স্বর্গলৈ তুলি নিয়া
\p
\v 19 এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
\p
\v 20 ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
\v 21 তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
\v 22 এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
\s এলিয়াক স্বর্গলৈ তুলি নিয়া
\p
\v 23 পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
\v 24 তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
\v 25 তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।
\c 3
\s এলিয়াক স্বর্গলৈ তুলি নিয়া
\p
\v 1 যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
\v 2 যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
\v 3 তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
\s এলিয়াক স্বর্গলৈ তুলি নিয়া
\p
\v 4 মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
\v 5 কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
\v 6 সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
\p
\v 7 যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
\v 8 তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
\p
\v 9 সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
\v 10 তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
\v 11 কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
\v 12 যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
\p
\v 13 ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
\v 14 ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
\v 15 কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
\v 16 তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
\v 17 কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
\v 18 যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
\v 19 গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
\p
\v 20 পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
\p
\v 21 ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
\v 22 অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
\v 23 তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
\p
\v 24 কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
\v 25 তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
\p
\v 26 পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
\v 27 তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।
\c 4
\s এগৰাকী বিধৱাক ইলীচাই সাহার্য কৰা
\p
\v 1 এদিন শিষ্য ভাববাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”
\v 2 ইলীচাই তেওঁক সুধিলে, “মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু, মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে?” মহিলাগৰাকীয়ে ক’লে, “এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই।”
\v 3 তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা।
\v 4 তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।”
\p
\v 5 তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল।
\v 6 সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল।
\p
\v 7 তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”
\s ইলীচাই চুনেমীয় মহিলাৰ পুত্রক জীৱিত কৰা
\p
\v 8 এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।
\p
\v 9 মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক’লে, “এই যি লোকজন প্রায়ে আমাৰ বাটেদি অহা-যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে, তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক।
\v 10 আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”
\p
\v 11 এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল।
\v 12 তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল।
\v 13 তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
\p
\v 14 ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।”
\v 15 ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।
\v 16 ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”
\p
\v 17 পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
\v 18 ল’ৰাটি ডাঙৰ হ’বলৈ ধৰিলে। এদিন তেওঁৰ পিতৃ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ’ল।
\v 19 ল’ৰাটিয়ে বাপেকক ক’লে, “ওহ! মোৰ মূৰটো, মোৰ মূৰটো।” বাপেকে এজন দাসক ক’লে, “ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব’লা।”
\v 20 সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল।
\v 21 তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।
\v 22 তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।”
\v 23 তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।”
\v 24 তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”
\p
\v 25 এইদৰে তেওঁ ওলাই গ’ল আৰু কৰ্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি, নিজৰ দাস গেহজীক ক’লে, “সৌৱা, চোৱা, চূনেমীয়া মহিলাগৰাকী;
\v 26 তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে? তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
\p
\v 27 পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”
\v 28 মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?”
\v 29 তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
\v 30 কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।
\v 31 গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।”
\p
\v 32 পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।
\v 33 তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
\v 34 তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল’ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে; তেওঁ ল’ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল’ৰাটিৰ গা গৰম হৈ উঠিল।
\p
\v 35 তাৰ পাছত ইলীচাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে; পাছত পুনৰায় বিচনাত উঠি গৈ ল’ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল’ৰাটিয়ে সাতবাৰ হাঁচি মাৰি চকু মেলি চালে!
\v 36 তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।”
\v 37 তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।
\s বিহ মিহলোৱা চুৰুহা
\p
\v 38 তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাববাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”
\v 39 তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ’ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পাই তাৰ ফল ছিঙি কোঁচত ভৰাই আনিলে; তাৰ পাছত সেইবোৰ কাটি চুৰুহাত দিলে; কিন্তু সেইবোৰ কি আছিল, তাক তেওঁলোকে নাজানিলে।
\v 40 পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।
\v 41 তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।
\s এশজন লোকক খুউৱা
\p
\v 42 এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”
\v 43 তেওঁৰ দাসে ক’লে, “কি! মই ইয়াক এশজন লোকৰ আগত থম নে?” ইলীচাই উত্তৰত ক’লে, “তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া; কিয়নো যিহোৱাই কৈছে, ‘তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব।’”
\v 44 সেই দাসে তেতিয়া তাক নি লোকসকলৰ আগত ৰাখিলে। যিহোৱাই যিদৰে কৈছিল, সেইদৰেই তেওঁলোকে তাক খালে আৰু কিছু বাকীও থাকিল।
\c 5
\s নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা।
\p
\v 1 অৰামৰ \f + \ft অৰামৰ চিৰিয়া \f* ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
\v 2 এবাৰ অৰামীয়া সৈন্যৰ দলে ইস্রায়েলক আক্রমণ কৰিবলৈ ওলাই যাওঁতে, ইস্ৰায়েল দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল; তাই নামানৰ ভাৰ্য্যাৰ সেৱা কৰিছিল।
\p
\v 3 ছোৱালীজনীয়ে নামানৰ ভার্য্যাক ক’লে, “মোৰ ইচ্ছা, প্ৰভুৱে যদি চমৰিয়াত থকা ভাববাদীক সাক্ষাৎ কৰে, বৰ ভাল হয়! তেওঁ নিশ্চয়ে প্রভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব।”
\v 4 তেতিয়া ইস্ৰায়েল দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে।
\v 5 “তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ \f + \ft কিক্কৰ: এক কিক্কৰ প্রায় 34 কিলোগ্রামৰ ওজন। \f* ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
\v 6 লগত ইস্ৰায়েলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল’লে; ৰজালৈ নিয়া পত্র খনত লিখা আছিল, “এই পত্রৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠৰোগ সুস্থ হ’বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো।”
\p
\v 7 ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
\p
\v 8 যেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলীচাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বার্তা পঠালে, “আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক; তাতে তেওঁ জানিব যে ইস্ৰায়েলৰ মাজত এজন ভাববাদী আছে।”
\v 9 সেয়ে, নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰৰে সৈতে আহি, ইলীচাৰ ঘৰৰ দুৱাৰমুখত থিয় হ’ল।
\v 10 ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
\p
\v 11 তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
\v 12 ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
\v 13 তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”
\v 14 তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
\s গেহজীৰ লোভ আৰু শাস্তি
\p
\v 15 নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
\v 16 ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
\v 17 নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
\v 18 কিন্তু, এটা বিষয়ত যেন যিহোৱাই আপোনাৰ এই দাসক ক্ষমা কৰে; মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিম্মোনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহার্যত নির্ভৰ কৰে, সেই সময়ত মই নিজেও ৰিম্মোন দেৱতাৰ গৃহত মূৰ দোৱাঁব লগা হয়; তেতিয়া এই ক্ষেত্রত যিহোৱাই আপোনাৰ দাসক ক্ষমা কৰক।”
\v 19 ইলীচাই তেওঁক ক’লে, “শান্তি মনেৰে যোৱা।” তেতিয়া তেওঁ ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল।
\p
\v 20 নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
\p
\v 21 এইবুলি গেহজীয়ে নামানৰ পাছে পাছে ল’ৰি গ’ল। নামানে গেহজীক তেওঁৰ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ’বলৈ ৰথৰ পৰা নামি সুধিলে, “কি, সকলোবোৰ ঠিকে আছেনে?”
\v 22 গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
\v 23 তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
\v 24 পাছত পাহাৰৰ কাষ গৈ পোৱাত, তেওঁ দাসবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল’লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ’ল।
\p
\v 25 তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
\v 26 কিন্তু ইলীচাই তেওঁক ক’লে, “সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল? ধন, কাপোৰ-কানি, জিত গছৰ বাৰী, দ্ৰাক্ষাবাৰী, মেৰ-ছাগ, গৰু আৰু দাস-দাসী লোৱাৰ এইটো জানো সময়?
\v 27 এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।
\c 6
\s ইলীচাই কুঠাৰ ওপঙোৱা।
\p
\v 1 এদিন শিষ্য ভাববাদীসকলে ইলীচাক ক’লে, “চাওঁক, যি ঠাইত আমি আপোনাৰ লগত থাকো সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু।
\v 2 আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।” তাতে ইলীচাই ক’লে, “বাৰু, তোমালোক আগুৱাই যোৱা।”
\v 3 তেতিয়া এজন শিষ্য-ভাববাদীয়ে ক’লে, “আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।” ইলীচাই কলে, “ঠিক আছে, ময়ো যাম।”
\p
\v 4 এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে।
\v 5 তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
\v 6 তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, “সেইখন ক’ত পৰিল?” সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল।
\v 7 ইলীচাই তেওঁক ক’লে, “সেইটো তুলি লোৱা।” তাতে তেওঁ হাত মেলি তাক ল’লে।
\s অৰামীয়া সৈন্যদল অন্ধ হোৱা
\p
\v 8 সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”
\v 9 তেতিয়া ঈশ্বৰৰ লোকে ইস্ৰায়েলৰ ৰজাক কৈ পঠালে বোলে, “সাৱধান, সেই ঠাইলৈ নাযাব; কাৰণ অৰামীয়াসকল সেই ঠাইলৈ নামি আহিছে।”
\p
\v 10 তেতিয়া ইস্ৰায়েলৰ ৰজাই ঈশ্বৰৰ লোকে তেওঁক সাৱধান কৰি দিয়া ঠাইডোখৰলৈ মানুহ পঠাই নিজক ৰক্ষা কৰিলে। এইদৰে ইলীচাই কৰা সতর্কতাত ৰজা বাৰে বাৰে ৰক্ষা পৰে।
\v 11 এই হেতুকে অৰামৰ ৰজাৰ বৰকৈ খং উঠিল। সেয়ে তেওঁ নিজৰ দাসবোৰক মাতি ক’লে, “আমাৰ মাজৰ কোন মানুহ ইস্ৰায়েলৰ ৰজাৰ পক্ষত আছে, তাক তোমালোকে মোক নোকোৱানে?”
\v 12 তাতে দাসবোৰৰ মাজৰ এজনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আমাৰ মাজত কোনো নাই; কিন্তু আপুনি শোৱা কোঠালিত যি সকলো কথা কয়, সেই কথা পর্যন্ত ইস্ৰায়েলৰ ভাববাদী ইলীচাই ইস্ৰায়েলৰ ৰজাক জনায়!”
\v 13 ৰজাই ক’লে, “তোমালোকে গৈ তেওঁ ক’ত থাকে, তাক চাই আহাঁ; মই মানুহ পঠাই তেওঁক ধৰি আনিম।” পাছত তেওঁক জনোৱা হ’ল যে, “তেওঁ দোথানত আছে।”
\p
\v 14 তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্যৰ দল দোথানলৈ পঠাই দিলে; তেওঁলোকে ৰাতিয়েই গৈ নগৰখন ঘেৰি ধৰিলে।
\v 15 পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে; দাসজনে তেওঁক ক’লে, “হায়, মোৰ প্ৰভু! আমি কি কৰিম?”
\v 16 ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”
\p
\v 17 তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
\v 18 পাছত অৰামীয়াসকল যেতিয়া ইলীচাৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁ যিহোৱাৰ আগত এই প্ৰাৰ্থনা কৰিলে, “মই নিবেদন কৰোঁ, আপুনি এই লোকসকলক অন্ধ কৰি দিয়ক।” তাতে ইলীচাৰ প্রার্থনা অনুসাৰে যিহোৱাই তেওঁলোকক অন্ধ কৰিলে।
\v 19 পাছত ইলীচাই অৰামীয়াসকলক ক’লে, “এইটো সেই বাট নহয় আৰু সেই নগৰো নহয়। আপোনালোক মোৰ পাছে পাছে আহঁক, আপোনালোকে যাক বিচাৰিছে, মই সেই মানুহৰ ওচৰলৈ আপোনালোকক লৈ যাম।” এইবুলি তেওঁ তেওঁলোকক চমৰিয়ালৈ লৈ গ’ল।
\p
\v 20 চমৰিয়া আহি পোৱাৰ পাছত ইলীচাই ক’লে, “হে যিহোৱা, এই লোকসকলৰ চকু মুকলি কৰি দিয়ক যেন তেওঁলোকে দেখা পায়।” তেতিয়া যিহোৱাই তেওঁলোকৰ চকু মুকলি কৰি দিয়াত তেওঁলোকে দেখা পালে; তাতে তেওঁলোকে দেখিলে যে, তেওঁলোক চমৰীয়াৰ মাজত আছে।
\p
\v 21 অৰামীয়াসকলক দেখা পাই ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, “হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিম নে? মই মাৰিম নে?”
\v 22 ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
\v 23 তেতিয়া ৰজাই তেওঁলোকৰ বাবে বৰ ভোজৰ আয়োজন কৰিলে; তেওঁলোকে খোৱা-বোৱা শেষ কৰাৰ পাছত ৰজাই তেওঁলোকক বিদায় দিয়াত তেওঁলোক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ উলটি গ’ল। পাছত অৰামীয়াৰ সেই সৈন্যদল বহুদিন ধৰি ইস্ৰায়েল দেশলৈ পুনৰ অহা নাছিল।
\s ৰজা বিন হদদৰ চমৰীয়া অৱৰোধ
\p
\v 24 ইয়াৰ কিছু কালৰ পাছত অৰামৰ ৰজা বিন-হদদে \f + \ft বিন-হদদে অর্থাৎ হদদৰ পুত্র \f* নিজৰ সকলো সৈন্যসামন্তক একগোট কৰি চমৰিয়া নগৰ অৱৰোধ কৰি আক্রমণ কৰিবলৈ আহিল।
\v 25 সেয়ে চমৰিয়াত ভীষণ আকাল হ’ল; তেওঁলোকে নগৰখন এনেকৈ অৱৰোধ কৰি ৰাখিছিল যে খাবলৈ শেষত এটা গাধৰ মূৰ পর্যন্ত আশীটা ৰূপৰ মুদ্রাত আৰু এনেকি এক ‘কাব’ \f + \ft এক ‘কাব’ প্রায় 1 কিলোৰ চাৰিভাগৰ এভাগৰ সমান \f* জোখৰ কপৌৰ বিষ্ঠাও পাঁচটা ৰূপৰ মুদ্রাত বিক্রী হৈছিল।
\p
\v 26 ইস্ৰায়েলৰ ৰজাই এদিন নগৰৰ দেৱালৰ ওপৰেদি অহা-যোৱা কৰি আছিল; এনে সময়তে এগৰাকী মহিলাই তেওঁক চিঞঁৰি চিঞঁৰি ক’লে, “সহায় কৰক, হে মোৰ প্ৰভু, মহাৰাজ।”
\v 27 ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”
\v 28 ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’”
\v 29 সেইদৰেই আমি মোৰ ল’ৰাটোক সিজাই খালোঁ; পাছদিনা মই তাইক ক’লোঁ, “তোমাৰ ল’ৰাটোক দিয়া আৰু আমি তাক খাওঁ; কিন্তু, তাই নিজৰ ল’ৰাটোক লুকুৱাই ৰাখিলে।”
\v 30 মহিলাগৰাকীৰ এই কথা শুনি ৰজাই নিজৰ কাপোৰ ফালিলে; তেওঁ তেতিয়াও দেৱালৰ ওপৰতে ফুৰি আছিল। তাতে লোকসকলে চাই দেখিলে যে নিজৰ পিন্ধা কাপোৰৰ তলত ৰজাই চট কাপোৰ পিন্ধি আছে।
\v 31 পাছত তেওঁ ক’লে, “আজি চাফটৰ পুতেক ইলীচাৰ মূৰ যদি তেওঁৰ কান্ধৰ ওপৰত থাকে, তেন্তে ঈশ্বৰে যেন মোক দণ্ড দিয়ে, আৰু সেয়া অধিকৰূপেই দিয়ক।”
\p
\v 32 ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?
\p
\v 33 ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ \f + \ft বিপদ আকাল \f* যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”
\c 7
\s ৰজা বিন হদদৰ চমৰীয়া অৱৰোধ
\p
\v 1 ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া \f + \ft চেয়া-অর্থাৎ প্রায় 7 কিলো \f* পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ \f + \ft চেকল-অর্থাৎ প্রায় 11 গ্রাম ৰূপ \f* বিক্রী হ’ব।
\v 2 তেতিয়া যিজন সেনাপতিৰ সাহার্যৰ ওপৰত ৰজা নির্ভৰ কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” উত্তৰত ইলীচাই ক’লে, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
\s অৰামীয়াসকল পলাই যোৱা
\p
\v 3 সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?
\v 4 আমি যদি কওঁ যে, নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহাঁ, আমি অৰামীয়াসকলৰ ছাউনিলৈকে যাওঁ; তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জী থাকিম আৰু যদি মাৰে, তেন্তে মৰিম।”
\p
\v 5 কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগী কেইজন অৰামীয়াসকলৰ ছাউনিত গৈ উপস্থিত হ’ল। তেওঁলোকে ছাউনিৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে।
\v 6 কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
\v 7 সেইবাবে তেওঁলোকে সন্ধিয়া হওঁতেই নিজৰ তম্বু, ঘোঁৰা আৰু গাধ সকলোবোৰ এৰি থৈ পলাই গৈছিল আৰু ছাউনি যেনে আছিল, তেনেকৈয়েই এৰি থৈ তেওঁলোক প্রাণৰ ভয়ত পলাই গৈছিল।
\v 8 তাৰবাবে কুষ্ঠৰোগী কেইজনে ছাউনিৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা-বোৱা কৰিলে আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ-কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে।
\p
\v 9 পাছত তেওঁলোকে ইজনে সিজনে কোৱাকুই কৰিলে, “আমি হ’লে ভাল কাম কৰা নাই। আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰতে আহিব; সেয়ে, ব’লা আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ।”
\v 10 তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”
\v 11 প্রৱেশদ্বাৰৰ প্রহৰীসকলে এই সম্বাদ চিঞঁৰি চিঞঁৰি জনাই দিলে আৰু পাছত ৰাজগৃহৰ ভিতৰতো জনোৱা হ’ল।
\p
\v 12 তেতিয়া ৰজাই ৰাতি উঠি তেওঁৰ দাসবোৰক ক’লে, “মই এতিয়া তোমালোকক ক’ম যে, অৰামীয়াসকলে আমালৈ কি কৰিছে। আমি যে ভোকত আছোঁ অৰামীয়াসকলে জানে আৰু সেইবাবে তেওঁলোকে ছাউনি এৰি পথাৰৰ মাজত গৈ লুকাই আছে। তেওঁলোকে ভাৱিছে, ‘ইস্রায়েলীয়াসকল যেতিয়া নগৰৰ পৰা ওলাই আহিব, তেতিয়া আমি তেওঁলোকক জীৱিত অৱস্থাতে ধৰিম আৰু তেওঁলোকৰ নগৰৰ ভিতৰত সোমাম’।”
\v 13 তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক’লে, “মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যি কেইটা ঘোঁৰা অৱশিষ্ট আছে, তাৰ মাজৰ পৰা পাচঁটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইস্রায়েলৰ অধিক লোকেই মৰিল। ইয়াত অৱশিষ্ট থকা সকলো ইস্রায়েলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ’ব। সেয়ে কি ঘটিছে, তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ।”
\p
\v 14 তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল’লে, আৰু ৰজাই অৰামীয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক’লে, “তোমালোকে গৈ চাই আঁহাগৈ।”
\v 15 তাতে তেওঁলোকে যৰ্দ্দন নদী পর্যন্ত অৰামীয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামীয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ-কানি আৰু বস্তু-বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল, তেওঁলোকে উভটি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে।
\p
\v 16 তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামীয়াসকলৰ ছাউনি লুট কৰিলে; তাতে যিহোৱাৰ বাক্যৰ দৰে, এক চেয়া পৰিমাণৰ ময়দা এক চেকল ৰূপত আৰু দুই চেয়া পৰিমাণৰ যৱ ধান এক চেকল ৰূপত বিক্রী হ’ল।
\v 17 যিজন সেনাপতিৰ সাহার্যৰ হাতত ৰজা নির্ভৰশীল আছিল, সেই সেনাপতিজনক ৰজাই নগৰৰ দুৱাৰ পৰিদর্শনৰ ভাৰ দিলে; কিন্তু লোক সকলে হুৰমূৰকৈ নগৰৰ বাহিৰলৈ ওলাই যাওঁতে প্রৱেশদ্বাৰৰ পথতে লোক সকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল। ঈশ্বৰৰ লোক ইলীচাৰ ওচৰলৈ ৰজা যেতিয়া নামি আহিছিল, তেতিয়া ইলীচাই ৰজাক যি কথা কৈছিল, সেনাপতিজন সেইদৰেই মৰিল।
\p
\v 18 ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”
\v 19 সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
\v 20 তেওঁলৈ ঠিক তেনেদৰেই ঘটিল। কিয়নো দুৱাৰৰ পথত লোকসকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল।
\c 8
\s চুনেমীয়ানীৰ মাটি উদ্ধাৰ
\p
\v 1 যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
\v 2 মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
\v 3 সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
\v 4 ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
\v 5 গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
\v 6 ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
\s চুনেমীয়ানীৰ মাটি উদ্ধাৰ
\p
\v 7 তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
\v 8 ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
\v 9 হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
\v 10 তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব; কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
\v 11 ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
\v 12 হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
\p
\v 13 তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
\v 14 তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
\v 15 কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
\s চুনেমীয়ানীৰ মাটি উদ্ধাৰ
\p
\v 16 যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
\v 17 তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
\v 18 যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
\v 19 তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
\p
\v 20 যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
\v 21 তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
\v 22 ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।
\p
\v 23 যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
\v 24 পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
\s যিহূদাৰ ৰজা অহজিয়া
\p
\v 25 ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
\v 26 অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক। \f + \ft অম্ৰীৰ নাতিনীয়েক আহাবৰ জীয়েক \f*
\v 27 অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
\p
\v 28 পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
\v 29 অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।
\c 9
\s যিহূদাৰ ৰজা অহজিয়া
\p
\v 1 ইলীচা ভাববাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
\v 2 সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
\v 3 তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
\p
\v 4 সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
\v 5 সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাববাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
\p
\v 6 তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাববাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
\v 7 তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
\v 8 আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
\v 9 মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
\v 10 কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাববাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
\p
\v 11 যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
\v 12 তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
\v 13 তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
\s যেহূৱে যোৰাম আৰু অহাজিয়াক হত্যা কৰা
\p
\v 14 এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
\v 15 কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
\v 16 তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
\p
\v 17 যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
\v 18 পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
\p
\v 19 তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
\v 20 সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
\p
\v 21 তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
\v 22 যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
\v 23 এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
\v 24 তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
\p
\v 25 তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
\v 26 ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
\p
\v 27 যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
\v 28 তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
\p
\v 29 আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
\s যেহূৱে যোৰাম আৰু অহাজিয়াক হত্যা কৰা
\p
\v 30 তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
\v 31 যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
\v 32 তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
\v 33 যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
\v 34 তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
\v 35 লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
\v 36 সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
\v 37 আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”
\c 10
\s যেহূৱে আহাবৰ বংশধৰসকলক বধ কৰা
\p
\v 1 চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
\v 2 “আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
\v 3 আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
\p
\v 4 কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
\v 5 এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
\p
\v 6 তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
\v 7 যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
\v 8 তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
\p
\v 9 পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
\v 10 এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
\v 11 এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
\p
\v 12 পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
\v 13 সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
\v 14 তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
\p
\v 15 সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
\v 16 তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
\p
\v 17 পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক \f + \ft ৰাজা 21:21 \f* যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
\s যেহূৱে বাল দেৱতাৰ পুৰোহিতসকলক বধ কৰা
\p
\v 18 তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
\v 19 এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
\v 20 যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
\p
\v 21 যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
\v 22 তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
\v 23 তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
\v 24 তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
\p
\v 25 যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
\v 26 তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
\v 27 তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
\v 28 এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
\p
\v 29 কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
\v 30 যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
\v 31 তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
\p
\v 32 সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
\v 33 তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
\v 34 যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
\v 35 পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
\p
\v 36 যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।
\c 11
\s অথলিয়াই যিহূদাত শাসন কৰা
\p
\v 1 যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।
\v 2 কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
\v 3 যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।
\s যিহূদাৰ ৰজা পদত যোৱাচক অভিষেক কৰা
\p
\v 4 সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
\v 5 তাৰ পাছত তেওঁ তেওঁলোকক নির্দেশ দি ক’লে, “আপোনালোকে এই কাম কৰিব লাগিব: আপোনালোকৰ যিসকলে বিশ্রামবাৰে কাম কৰিবলৈ যাব, তেওঁলোকৰ তিনি ভাগৰ এভাগে ৰাজগৃহ পহৰা দিব।
\v 6 এক ভাগ ছুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক-সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব।”
\p
\v 7 আপোনালোকৰ অন্য দুটা দল, যিসকলে বিশ্রামবাৰে ছুটি পাব, তেওঁলোক সকলোৱে যিহোৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব।
\v 8 আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকে বধ কৰা হওঁক; ৰজা বাহিৰ বা ভিতৰ য’লৈকে যাওঁক, আপোনালোক তেওঁৰ সঙ্গে সঙ্গে থাকিব।
\p
\v 9 সেইদৰেই পুৰোহিত যিহোয়াদাই যিদৰে নির্দেশ দিলে, শত-সেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অর্থাৎ যিসকলে বিশ্ৰাম বাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল, সেই সকলোকে লৈ যিহোয়াদা পুৰোহিতৰ ওচৰলৈ আহিল।
\v 10 পুৰোহিত যিহোয়াদাই তেতিয়া ৰজা দায়ুদৰ যি সকলো যাঠি আৰু ঢাল যিহোৱাৰ গৃহত আছিল, সেইবোৰ লৈ শত-সেনাপতিসকলক দিলে।
\v 11 ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।
\p
\v 12 তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”
\p
\v 13 ৰক্ষক-সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহোৱাৰ গৃহলৈ লোক সকলৰ কাষলৈ আহিল।
\v 14 তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”
\p
\v 15 পুৰোহিত যিহোয়াদাই তেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল, সেই শত-সেনাপতিসকলক নির্দেশ দিলে, “তেওঁক শাৰীবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমর্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰোৱালেৰে বধ কৰিব।” কিয়নো পুৰোহিতে কৈছিল, “তেওঁক যেন যিহোৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়।”
\p
\v 16 সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।
\p
\v 17 তাৰ পাছত যিহোয়াদাই যিহোৱা, ৰজা যোৱাচ আৰু প্রজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ’ল যে, ৰজা আৰু প্রজা উভয়েই যিহোৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্রজা পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে।
\p
\v 18 তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে; সেই ঠাইৰ বেদী আৰু মূৰ্ত্তিবোৰ ভাঙি খণ্ড-বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মত্তনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত যিহোয়াদাই যিহোৱাৰ গৃহত ৰক্ষক-সেনাসকলৰ নিযুক্ত কৰিলে।
\p
\v 19 তাৰ পাছত যিহোয়াদাই শত-সেনাপতি, দেহৰক্ষী, ৰক্ষক-সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ যিহোৱাৰ গৃহৰ পৰা ৰজা যোৱচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক-সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ সোমাই আহিল। এইদৰে যোৱাচ ৰাজ সিংহাসনত বহিল।
\v 20 দেশৰ সকলো প্রজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে।
\p
\v 21 যোৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল।
\c 12
\s যিহূদাত যোৱাচৰ শাসন কাল
\p
\v 1 ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
\v 2 পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
\v 3 কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
\s যোৱাচে মন্দিৰ মেৰামতি কৰা
\p
\v 4 যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা অনুপ্ৰাণিতহৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ ইচ্ছাই অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।
\v 5 পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।”
\p
\v 6 কিন্তু যোৱাচ ৰজাৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত দেখা গ’ল পুৰোহিতসকলে মন্দিৰ মেৰামতিৰ একো কামেই কৰা নাছিল।
\v 7 সেয়ে, যোৱাচ ৰজাই যিহোয়াদা পুৰোহিতক আৰু আন আন পুৰোহিতসকলক মাতি সুধিলে, “আপোনালোকে কিয় মন্দিৰৰ একোৱেই মেৰামতি কৰা নাই? এই হেতুকে, এতিয়াৰ পৰা আপোনালোকে পুনৰ আপোনালোকৰ কৰদাতাসকলৰ পৰা ধন নল’ব, বৰং মন্দিৰ মেৰামতিৰ অর্থে যিখিনি সংগ্রহ কৰা হ’ল সেইখিনি লৈ যেয়ে মেৰামতি কৰিব পাৰে সেইসকলক দি দিয়ক।”
\v 8 তেতিয়া পুৰোহিতসকল সন্মত হ’ল যে, তেওঁলোকে লোকসকলৰ পৰা পুনৰ ধন নল’ব আৰু নিজে মন্দিৰ মেৰামতি কাম নকৰিব।
\p
\v 9 পুৰোহিত যিহোয়াদাই এটা চন্দুক লৈ তাৰ ঢাকনিত এটা বিন্ধা কৰিলে আৰু সেইটো যজ্ঞ-বেদীৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে। যি পুৰোহিতসকলে মন্দিৰৰ প্রৱেশদ্বাৰত পহৰা দিয়ে, তেওঁলোকে যিহোৱাৰ গৃহলৈ অনা সকলো ধন সেই চন্দুকত ৰাখিছিল।
\v 10 এইভাৱে তেওঁলোকে যেতিয়া দেখিছিল যে সেই চন্দুকত বহুত ধন জমা হৈছিল, তেতিয়া ৰজাৰ সচিব আৰু প্ৰধান পুৰোহিতে আহি যিহোৱাৰ গৃহলৈ অনা সকলো ধন হিচাপ কৰি বস্তাবোৰত বান্ধি থৈছিল।
\v 11 পাছত যিমান ধন উঠে তাক ওজন কৰি যিহোৱাৰ মন্দিৰ তদাৰককাৰী সকলৰ হাতত দিছিল। তেওঁলোকে সেই ধন যিহোৱাৰ মন্দিৰ মেৰামতি কৰা লোকসকলক অর্থাৎ বাঢ়ৈ, গৃহ নির্মাণ কৰা বনুৱাসকলক দিছিল।
\v 12 ৰাজমিস্ত্ৰী ও শিল ভঙা লোকসকলক দিছিল; তাৰ উপৰিও, যিহোৱাৰ মন্দিৰ মেৰামতিৰ কাৰণে কাঠ কিনা, শিল ভঙা আৰু প্রয়োজনীয় সকলো সামগ্রীৰ কাৰণে খৰচ কৰিছিল।
\v 13 যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
\v 14 কিন্তু সেই ধন কেৱল তদাৰককাৰীসকলে যিহোৱাৰ গৃহ মেৰামতি কৰা বনুৱাসকলকহে দিছিল।
\v 15 তদাৰককাৰীসকলৰ পৰা তেওঁলোকে কোনো হিচাপ লোৱাৰ আৱশ্যকতা নাছিল, কাৰণ এই লোকসকল সৎ আছিল।
\v 16 কিন্তু যিহোৱাৰ মন্দিৰলৈ দোষাৰ্থক আৰু পাপাৰ্থক বলিৰ ধন অনা হোৱা নাছিল; সেইবোৰ পুৰোহিতসকলে পাইছিল।
\p
\v 17 সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।
\v 18 তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
\s যোৱাচৰ মৃত্যু
\p
\v 19 যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?
\v 20 পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
\v 21 চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
\c 13
\s যোৱাচৰ মৃত্যু
\p
\v 1 যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।
\v 2 যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
\v 3 সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।
\v 4 পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।
\v 5 তেতিয়া যিহোৱাই ইস্ৰায়েলক এজন উদ্ধাৰকর্তা দিলে। তাতে ইস্রায়েলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ’ল আৰু তেওঁলোকে পূৰ্বৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে।
\v 6 তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।
\v 7 পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
\v 8 যিহোৱাহজৰ অন্যান্য সকলো কর্ম আৰু পৰাক্রমৰ বৃত্তান্ত, “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\v 9 পাছত যিহোৱাহজ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ’ল।
\s ইস্রায়েলৰ ৰজা যিহোৱাচ
\p
\v 10 যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
\v 11 তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
\v 12 যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\v 13 পাছত যোৱাচ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু যাৰবিয়াম তেওঁৰ সিংহাসনত বহিল; যোৱাচক ইস্ৰায়েলৰ ৰজাসকলৰ লগত চমৰিয়াত মৈদাম দিয়া হ’ল।
\s ইলীচাৰ মৃত্যু
\p
\v 14 পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”
\v 15 তেতিয়া ইলীচাই তেওঁক ক’লে, “আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহঁক।” ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে।
\v 16 তাৰ পাছত ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ হাত ধনুত ৰাখক।” তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলীচাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে।
\v 17 ইলীচাই ক’লে, “পূব ফালৰ খিড়িকিখন খুলি দিয়ক।” তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলীচাই ক’লে, “কাঁড় মাৰি দিয়ক!” ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলীচাই ক’লে, “এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়; আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্রমণ কৰিব।”
\v 18 তেওঁ পুনৰ ক’লে, “আপুনি কাঁড়বোৰ লওঁক।” ৰজাই সেইবোৰ লোৱাৰ পাছত ইলীচাই ইস্রায়েলৰ ৰজাক ক’লে, “সেইবোৰেৰে মাটিত আঘাত কৰক।” তাতে ৰজাই মাটিত তিনিবাৰ আঘাত কৰিলে।
\v 19 তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্রুদ্ধ হৈ ক’লে, “পাঁচ-ছয়বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। সেয়ে হোৱা হলে, আপুনি অৰামীয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্রমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্রমণ কৰিব পাৰিব।
\p
\v 20 পাছত ইলীচাৰ মৃত্যু হ’ল আৰু তেওঁক মৈদাম দিয়া হ’ল। বছৰৰ আৰম্ভণিতে মোৱাবীয়া দলবোৰ ইস্ৰায়েল দেশত সোমাল।
\v 21 এবাৰ ইস্রায়েলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবীয়া মানুহ দেখি তেওঁৰ শৱটো ইলীচাৰ মৈদামৰ ভিতৰত পেলাই দিলে; তাতে সেই শৱে ইলীচাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জী উঠি নিজৰ ভৰিত ভৰ দি থিয় হ’ল।
\p
\v 22 যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।
\v 23 কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।
\p
\v 24 অৰামৰ ৰজা হজায়েলৰ মৃত্যু হ’ল আৰু তেওঁৰ পুত্ৰ বিন-হদদ তেওঁৰ পদত ৰজা হ’ল।
\v 25 যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।
\c 14
\s অমচিয়াই যিহূদাত ৰাজত্ব কৰা।
\p
\v 1 ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।
\v 2 তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল।
\v 3 যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল।
\v 4 কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।
\v 5 ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।
\p
\v 6 কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।”
\v 7 অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।
\p
\v 8 তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।”
\v 9 কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে।
\v 10 ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”
\p
\v 11 কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।
\v 12 ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল।
\v 13 ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।
\v 14 যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।
\p
\v 15 যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\v 16 পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
\p
\v 17 ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।
\v 18 অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?
\v 19 তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।
\v 20 তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল।
\v 21 পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ।
\v 22 ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।
\s অমচিয়াই যিহূদাত ৰাজত্ব কৰা।
\p
\v 23 যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
\v 24 তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।
\v 25 ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।
\v 26 কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
\v 27 যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।
\p
\v 28 যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?
\v 29 পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।
\c 15
\s অজৰিয়াই যিহূদাত ৰাজত্ব কৰা
\p
\v 1 ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল।
\v 2 তেওঁ ষোল্ল বছৰ বয়সত ৰজা হৈ যিৰূচালেমত বাৱন্ন বছৰ ধৰি ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিখলিয়া। তেওঁ যিৰূচালেমৰ বাসিন্দা আছিল।
\v 3 পিতৃ অমচিয়াৰ নিদর্শনেৰে তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
\v 4 কিন্তু, তেওঁ ওখ ঠাইৰ মঠবোৰ হ’লে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল।
\v 5 পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
\p
\v 6 উজ্জিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বর্ণনা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\v 7 পাছত উজ্জিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষৰে সৈতে তেওঁক মৈদাম দিয়া হ’ল। তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
\s ইস্রায়েলৰ ৰজা জখৰিয়া
\p
\v 8 যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত যাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ ছমাহ ৰাজত্ব কৰিলে।
\v 9 তেওঁ তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া কার্য, তাকেই কৰিলে। নবাটৰ পুতেক যাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
\v 10 পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।
\v 11 জখৰিয়াৰ অন্যান্য বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
\v 12 যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
\s ইস্রায়েলৰ ৰজা চল্লুম
\p
\v 13 যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে।
\v 14 পাছত গাদীৰ পুত্ৰ মনহেমে তিৰ্চাৰ পৰা চমৰিয়ালৈ গৈ যাবেচৰ পুত্ৰ চল্লুমক আক্রমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
\p
\v 15 চল্লুমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁৰ ষড়যন্ত্রৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
\s ইস্রায়েলৰ ৰজা মনহেম
\p
\v 16 পাছত মনহেমে টিপহচ নগৰ আৰু তাত থকা সকলো অধিবাসীৰ লগতে তিৰ্চাৰ চাৰিওকাষৰ সীমাবোৰ আক্রমণ কৰিলে; কাৰণ তেওঁলোকে তেওঁলৈ নগৰৰ দুৱাৰ খুলি দিয়া নাছিল। সেইবাবেই তেওঁ টিপহচ আক্রমণ কৰিছিল আৰু নগৰৰ সকলো গর্ভৱতী মহিলাৰ পেট ফালি দিছিল।
\p
\v 17 যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত গাদীৰ পুত্ৰ মনহেম ইস্রায়েলৰ ৰজা হ’ল। তেওঁ চমৰিয়াত দহ বছৰ ৰাজত্ব কৰিছিল।
\v 18 যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
\p
\v 19 তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।
\v 20 মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।
\v 21 মনহেমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\v 22 পাছত মনহেম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ পকহিয়া তেওঁৰ পদত ৰজা হ’ল।
\s ইস্রায়েলৰ ৰজা পকহিয়া
\p
\v 23 যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ পঞ্চাশ বছৰত মনহেমৰ পুত্ৰ পকহিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে।
\v 24 যিহোৱাৰ দৃষ্টিত যি বেয়া, পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল।
\v 25 পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
\v 26 পকহিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
\s ইস্রায়েলৰ ৰজা পেকহ
\p
\v 27 যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল।
\v 28 যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, পেকহ সেই সকলো পাপ কার্যৰ পৰা আঁতৰ হোৱা নাছিল।
\p
\v 29 ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
\v 30 পাছত উজ্জিয়াৰ পুত্ৰ যোথমৰ ৰাজত্বৰ বিশ বছৰত এলাৰ পুত্ৰ হোচেয়াই ৰমলিয়াৰ পুত্ৰ পেকহৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁক বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
\v 31 পেকহৰ আন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাবিলাকৰ ইতিহাস” পুস্তকখনত লিখা আছে।
\s যিহূদাৰ ৰজা যোথম
\p
\v 32 ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।
\v 33 তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিৰূচা। তেওঁ চাদোকৰ জীয়েক আছিল।
\v 34 তেওঁৰ পিতৃ উজ্জিয়াৰ নিদর্শনত চলি যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোথমে তাকে কৰিছিল।
\v 35 কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। যোথমে যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্ম্মাণ কৰিলে।
\v 36 যোথমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\p
\v 37 সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।
\v 38 পাছত যোথম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল। তেওঁক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল আৰু তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ’ল।
\c 16
\s যিহূদাত আহজৰ ৰাজত্ব।
\p
\v 1 ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
\v 2 আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
\v 3 কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
\v 4 তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
\p
\v 5 অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
\v 6 সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
\p
\v 7 পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
\v 8 আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
\v 9 তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
\p
\v 10 পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
\v 11 সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি‍ শেষ কৰিলে।
\v 12 দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
\v 13 তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
\v 14 তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
\v 15 পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
\v 16 ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
\v 17 তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
\v 18 যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
\v 19 ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\v 20 পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।
\c 17
\s ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্ব।
\p
\v 1 যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
\v 2 যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
\v 3 অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
\p
\v 4 পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
\v 5 তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
\s ইস্রায়েলৰ পতন
\p
\v 6 হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
\s পাপ আচৰণৰ বাবে ইস্ৰায়েলৰ অৱস্থা
\p
\v 7 এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
\v 8 যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
\v 9 ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
\v 10 তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
\v 11 যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
\v 12 তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
\p
\v 13 যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাববাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
\v 14 তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
\v 15 তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
\v 16 তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
\v 17 নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
\v 18 এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
\p
\v 19 কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
\v 20 সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
\p
\v 21 যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
\v 22 ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
\v 23 এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
\s চমৰীয়াত আন লোকক পুনর্বাসিত কৰা
\p
\v 24 অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
\v 25 সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
\v 26 তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
\p
\v 27 তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
\v 28 সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
\v 29 তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
\v 30 সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
\v 31 অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
\v 32 তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
\v 33 তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
\p
\v 34 আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
\v 35 যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
\v 36 কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
\v 37 তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
\v 38 মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
\v 39 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
\p
\v 40 তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
\v 41 এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।
\c 18
\s যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্ব।
\p
\v 1 এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল।
\v 2 তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল।
\v 3 হিষ্কিয়াই তেওঁৰ পূর্বপুৰুষ দায়ুদে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল।
\v 4 তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল।
\p
\v 5 হিষ্কিয়াই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ আগত বা পাছত যিহূদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল।
\v 6 যিহোৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁৰ পাছত চলিবলৈ এৰা নাছিল। যিহোৱাই মোচিক যি যি আজ্ঞা দিছিল, সেই সকলো তেওঁ পালন কৰিছিল।
\v 7 সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।
\v 8 তেওঁ গাজা আৰু তাৰ চাৰিসীমালৈকে, প্রহৰীসকলৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে বসবাস কৰা পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিছিল।
\p
\v 9 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
\v 10 তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিষ্কিয়াৰ ৰাজত্বৰ ছয় বছৰত আৰু ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ নৱম বছৰত অচূৰে চমৰিয়া দখল কৰি ল’লে।
\p
\v 11 অচূৰৰ ৰজাই ইস্ৰায়েলী লোকসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল আৰু হলহ, হাবোৰ নদীৰ পাৰৰ গোজন এলেকা আৰু মাদীয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে।
\v 12 এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
\s ৰজা চনহেৰীবে যিহূদাক আক্রমণ কৰা
\p
\v 13 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।
\v 14 তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ \f + \ft কিক্কৰ = প্রায় 34 কিলো \f* ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে।
\v 15 সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে।
\v 16 তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।
\v 17 তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
\v 18 তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।
\p
\v 19 ৰবচাকিয়ে তেওঁলোকক ক’লে, ৰজা হিষ্কিয়াক গৈ কওঁক যে, মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাই কৈছে, “আপোনাৰ আস্থাভাজনৰ উৎস কি?
\v 20 আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
\v 21 চাওঁক, আপুনিতো মিচৰৰ ওপৰত, অর্থাৎ সেই থেঁতেলা খোৱা নলৰ লাখুটিত নির্ভৰ কৰিছে; কোনোৱে সেই নলৰ লাখুটিৰ ওপৰত ভৰ দিলে, সিটো ভাঙিবই, তাৰ আঁহও তেওঁৰ হাতত ফুটি সোমাব। মিচৰৰ ৰজা ফৰৌণত নির্ভৰ কৰা সকলৰ কাৰণে তেওঁ তেনেকুৱাই হয়।
\p
\v 22 কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ, তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?
\p
\v 23 এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভু অচূৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰো। যদি আপুনি অশ্বাৰোহী দিবলৈ সমর্থ হয়, তেন্তে মই আপোনাক দুই হাজাৰ ঘোঁৰা দিম।
\v 24 যদি ইয়াকে কৰিব নোৱাৰে, তেন্তে মোৰ প্ৰভুৰ দাসবোৰৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনকেইবা আপুনি কেনেকৈ বাধা দি ৰাখিব পাৰিব? আপুনি ৰথ ও অশ্বাৰোহীসকলৰ কাৰণে মিচৰৰ ওপৰত ভাৰসা কৰিছে!
\v 25 তাৰ উপৰি, মই জানো যিহোৱাৰ অবিহনেই এই ঠাইৰ অহিতে যুজঁ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ? যিহোৱাই মোক কৈছিল, ‘তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা’।”
\p
\v 26 তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”
\v 27 কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”
\v 28 তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চস্বৰে ইব্ৰী ভাষাৰে ক’লে, “আপোনালোকে মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাৰ কথা শুনক;
\v 29 ৰজাই এইদৰে কৈছে, ‘হিষ্কিয়া ৰজাই যেন আপোনালোকক প্রতাৰণা নকৰে; কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই।
\v 30 হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”
\p
\v 31 আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।
\v 32 মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব, তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।
\v 33 আন আন জাতিৰ দেৱতাবোৰে জানো অচূৰৰ ৰজাৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে?
\v 34 হমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত আছে? চফৰ্বয়িম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক’ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিলে?
\v 35 সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যেয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে; যিহোৱাইনো মোৰ শক্তিৰ পৰা যিৰূচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব?”
\p
\v 36 কিন্তু লোকসকল মনে মনে থাকিল; তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে; কিয়নো ৰজাই এনে আজ্ঞা দিছিল, “আপোনালোকে তেওঁক উত্তৰ নিদিব।”
\v 37 তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে।
\c 19
\s যিচয়াই ৰজা হিষ্কিয়াক প্রত্যয় জন্মোৱা
\p
\v 1 ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।
\v 2 চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ ওচৰলৈ পঠালে।
\v 3 তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
\v 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
\p
\v 5 ৰজা হিষ্কিয়াৰ দাসবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল,
\v 6 তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
\v 7 শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
\s ৰজা চনহেৰীবে পুনৰ যিহোৱাক ঠাট্টা কৰা
\p
\v 8 পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।
\v 9 তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ \f + \ft কুচ ইথিওপিয়া \f* দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
\v 10 “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
\v 11 চাওঁক, আপুনিতো শুনিছেই যে অচূৰৰ ৰজাই সকলো দেশক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে; তেনেহলে, আপুনি ৰক্ষা পাবনে?
\v 12 মোৰ পূর্বপুৰুষসকলে গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ যি জাতি সমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছিল?
\v 13 হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”
\s ৰজা হিষ্কিয়াৰ প্রার্থনা
\p
\v 14 হিষ্কিয়াই বার্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে; তেওঁ যিহোৱাৰ গৃহলৈ উঠি গ’ল আৰু যিহোৱাৰ সন্মুখত পত্রখন মেলি ধৰিলে।
\v 15 তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
\v 16 হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
\v 17 হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
\v 18 তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
\v 19 এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
\s যিচয়াৰ ভাৱবাণী
\p
\v 20 তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’
\v 21 তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে:
\q1 ‘চিয়োনৰ যুৱতী কন্যাই
\q2 তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে;
\q1 যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
\q1
\v 22 তুমি কাক অপমান
\q2 কৰিলা? কাক নিন্দা কৰিলা?
\q1 তুমি কাৰ বিৰুদ্ধে
\q2 চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা?
\q1 ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ
\q2 বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
\q1
\v 23 তুমি নিজ দূতবোৰৰ
\q2 দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা,
\q1 ‘মোৰ অধিক ৰথবোৰেৰে সৈতে
\q2 পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ,
\q1 লিবানোনৰ আটাইতকৈ
\q2 ওখ ওখ শিখৰলৈকে উঠি গলোঁ;
\q1 মই তাৰ ওখ ওখ এৰচ
\q2 গছবোৰ কাটি পেলাম আৰু
\q2 তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম;
\q1 আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম,
\q2 সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
\q1
\v 24 মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ।
\q1 মই মোৰ ভৰিৰ তলুৱাৰেৰে
\q2 মিচৰৰ নদীবোৰ শুকুৱালো।’
\q1
\v 25 ‘তুমি জানো শুনা নাই যে
\q2 অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ
\q1 আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ?
\q2 এতিয়া মই তাক সিদ্ধ কৰি আছোঁ।
\q2 সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।
\q1
\v 26 সেইবোৰৰ নিবাসীসকল দুর্বলী হ’ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ’ল।
\q2 সিহঁত পথাৰৰ তৃণ, সেউজীয়া ঘাঁহ-বন, ঘৰৰ চালত বা পথাৰত গজা ঘাহঁৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়েই শুকাই যায়।
\q1
\v 27 কিন্তু মই তোমাৰ বহা, এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা-যোৱা কৰা
\q2 আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো।
\q1
\v 28 তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে
\q2 আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে,
\q2 মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম
\q2 আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’
\q1
\v 29 ‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব:
\q2 এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা।
\q2 দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা;
\q2 কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
\q1
\v 30 যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব,
\q2 তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
\q1
\v 31 কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব;
\q2 বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’
\q1
\v 32 এই হেতুকে অচূৰৰ ৰজাৰ বিষয়ে যিহোৱাই এই কথা কৈছে:
\q2 ‘তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব।
\q2 তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব নাইবা ইয়াৰ বিৰুদ্ধে অৱৰোধৰ পথ নির্মাণ নকৰিব।
\q1
\v 33 তেওঁ যি পথেদি আহিল, সেই পথেৰেই উলটি যাব;
\q2 এই নগৰত তেওঁ নোসোমাব;
\q2 এয়ে হৈছে যিহোৱাৰ ঘোষণা।
\q1
\v 34 মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”
\p
\v 35 সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
\v 36 সেয়ে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েলৰ পৰা ঘৰলৈ উভটি গ’ল আৰু নীনবি চহৰত বাস কৰিলে।
\v 37 এদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ’ল।
\c 20
\s ৰজা হিষ্কিয়াৰ অসুস্থতা আৰু আৰোগ্য লাভ
\p
\v 1 এই সময়তে হিষ্কিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁৰ মৃতপ্রায় অৱস্থা হৈছিল। সেয়ে এদিন আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে তেওঁৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।”
\v 2 এই কথা শুনি হিষ্কিয়াই তেওঁৰ মুখ দেৱালৰ ফাললৈ ঘূৰাই যিহোৱাৰ আগত এইদৰে প্ৰাৰ্থনা কৰিলে;
\v 3 “হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে।
\p
\v 4 যিচয়াই ওলাই গৈ ৰাজগৃহৰ চোতালৰ মাজ পোৱাৰ আগেয়েই তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল।
\v 5 “তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা।
\v 6 তোমাৰ আয়ুস মই পুনৰ পোন্ধৰ বছৰ বঢ়াই দিম আৰু মই অচূৰৰ ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম; মোৰ নিজৰ বাবে আৰু মোৰ দাস দায়ুদৰ কাৰণে মই এই নগৰ ৰক্ষা কৰিম’।”
\v 7 যিচয়াই ক’লে, সেই “ডিমৰু গুটিৰ পিটিকা লৈ আনি;” তেতিয়া লোকসকলে তাক আনি হিষ্কিয়াৰ খহুৰ ওপৰত সানি দিয়াত তেওঁ সুস্থ হ’ল।
\p
\v 8 সেই সময়ত হিষ্কিয়াই যিচয়াক ক’লে, “যিহোৱাই যে মোক সুস্থ কৰিব আৰু তৃতীয় দিনা মই যিহোৱাৰ গৃহলৈ উঠি যাম, তাৰ কি চিন হ’ব?”
\v 9 যিচয়াই উত্তৰ দি ক’লে, “যিহোৱাই যে তেওঁৰ প্রতিজ্ঞা সিদ্ধ কৰিব, সেইবাবে যিহোৱাৰ পৰা আপোনাৰ বাবে এই চিন দিব; আপুনিয়ে কওঁক, ছাঁটো দহ খাপ আগবাঢ়ি যাব লাগে নে দহ খাপ পাছলৈ হুঁহকি আহিব লাগে?”
\v 10 তেতিয়া হিষ্কিয়াই ক’লে, “নহয়, ছাঁ দহ ধাপ আগবাঢ়ি যোৱাটো সাধাৰণ কথা; বৰং ছাঁটো দহ ধাপ পাছলৈ হুঁহকি যাওঁক।”
\v 11 তেতিয়া যিচয়া ভাববাদীয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই ছাঁটো দহ ধাপ পিছুৱাই আনিলে; তাতে আহজৰ চিৰিৰ পথত ছাঁটো তললৈ নামি গ’ল।
\s হিষ্কিয়া আৰু বেবিলনৰ দূত
\p
\v 12 সেই সময়ত বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰোদক বলদানে ৰজা হিষ্কিয়াৰ অসুখৰ খবৰ পালে। সেয়ে তেওঁ হিষ্কিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে।
\v 13 হিষ্কিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰ পাছত ৰজাই সেই বার্তাবাহকসকলক সম্পূর্ণ ৰাজপ্রাসাদটো দেখুউৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য, যেনে ৰূপ, সোণ, সুগন্ধি মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্র-সস্ত্র আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিষ্কিয়াৰ ৰাজগৃহত বা তেওঁৰ গোটেই ৰাজ্যত এনে একোৱেই নাথাকিল, যি তেওঁ তেওঁলোকক নেদেখুৱালে।
\v 14 তেতিয়া যিচয়া ভাববাদীয়ে হিষ্কিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, “সেই মানুহবোৰে আপোনাক কি কথা কলে? তেওঁলোক ক’ৰ পৰা আহিছিল?” হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল।”
\v 15 যিচয়াই সুধিলে, “আপোনাৰ ৰাজগৃহত তেওঁলোকে কি কি দেখিলে?” হিষ্কিয়াই ক’লে, “মোৰ ৰাজগৃহৰ সকলোবোৰেই তেওঁলোকে দেখিলে; মোৰ বহুমূল্য দ্ৰব্যবোৰৰ মাজত এনে কোনো বস্তু নাই যি মই তেওঁলোকক দেখুউৱা নাই।”
\p
\v 16 তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, “যিহোৱাৰ কথা শুনক।
\v 17 ‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব।
\v 18 আপোনাৰ নিজৰ সন্তান সকল, যিসকলক আপুনি জন্ম দিলে, তেওঁলোকক তেওঁলোকে লৈ যাব আৰু বেবিলনৰ ৰাজপ্রাসাদত তেওঁলোক নপুংসক হৈ থাকিব।”
\v 19 হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”
\v 20 হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\v 21 পাছত হিষ্কিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।
\c 21
\s যিহূদাৰ ৰজা মনচি
\p
\v 1 মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
\v 2 যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
\v 3 তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
\v 4 যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
\v 5 যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
\v 6 তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
\p
\v 7 তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
\v 8 ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
\v 9 কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
\p
\v 10 তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
\v 11 “যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
\v 12 সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
\v 13 মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
\v 14 মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
\v 15 কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
\p
\v 16 তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
\v 17 মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\v 18 পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
\s যিহূদাৰ ৰজা আমোন
\p
\v 19 বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
\v 20 আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
\v 21 তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
\v 22 তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
\p
\v 23 পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
\v 24 কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
\v 25 আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\p
\v 26 পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।
\c 22
\s যিহূদাত যোচিয়াৰ ৰাজত্ব
\p
\v 1 আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
\v 2 যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
\s যোচিয়াই মন্দিৰ মেৰামতি কৰা
\p
\v 3 যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
\v 4 “আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
\v 5 সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
\v 6 কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
\v 7 কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
\s মন্দিৰত বিধান পুস্তক পোৱা গ’ল
\p
\v 8 প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
\v 9 তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
\v 10 লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
\p
\v 11 ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
\v 12 ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
\v 13 “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
\s ভাৱবাদিনী হুল্দা
\p
\v 14 এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
\v 15 তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
\v 16 “যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
\v 17 কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
\v 18 কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
\v 19 তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
\v 20 ‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।”
\p তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।
\c 23
\s যোচিয়াৰ সংশোধন কার্য
\p
\v 1 পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।
\v 2 যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।
\v 3 স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
\p
\v 4 ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।
\v 5 যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।
\v 6 তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।
\v 7 যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
\p
\v 8 ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
\v 9 ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
\v 10 কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
\v 11 যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।
\v 12 ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।
\v 13 ভ্রষ্টাচাৰ পাহাৰৰ \f + \ft ৰাজা 11:7 \f* দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।
\v 14 ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।
\p
\v 15 ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।
\v 16 তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।
\p
\v 17 ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”
\v 18 তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।
\p
\v 19 চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।
\v 20 মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।
\p
\v 21 ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।
\v 22 ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।
\v 23 কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
\p
\v 24 ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
\v 25 তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
\p
\v 26 তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
\v 27 সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
\p
\v 28 যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
\v 29 যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
\v 30 যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
\s যিহোৱাহজ, যিহোৱাকীম, আৰু যিহোৱাখীনৰ ৰাজত্ব।
\p
\v 31 তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
\v 32 যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।
\v 33 ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ \f + \ft এশ কিক্কৰ 3,400 কিলো \f* ৰূপ আৰু এক কিক্কৰ সোণ \f + \ft এক কিক্কৰ সোণ 34 কিলো \f* জৰিমনা দিবলৈ নিৰূপণ কৰিলে।
\v 34 ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।
\v 35 যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।
\p
\v 36 যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।
\v 37 যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
\c 24
\p
\v 1 যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
\v 2 যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া \f + \ft কলদীয়া বেবিলন \f* , অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
\v 3 যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;
\v 4 আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
\p
\v 5 যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
\v 6 পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।
\p
\v 7 মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।
\s যিহূদাত যিহোৱাখীনৰ ৰাজত্ব
\p
\v 8 ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।
\v 9 যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
\s যিৰূচালেম নগৰ অৱৰোধ কৰা
\p
\v 10 সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।
\v 11 তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।
\v 12 যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।
\p
\v 13 যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
\v 14 তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
\p
\v 15 নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।
\v 16 বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।
\v 17 বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।
\s যিহূদাত চিদিকিয়াৰ ৰাজত্ব
\p
\v 18 একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
\v 19 যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
\v 20 যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
\c 25
\s যিহূদা দেশৰ পতন আৰু বন্দী অৱস্থা
\p
\v 1 চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।
\v 2 এইদৰে চিদিকিয়াৰ ৰাজত্বৰ এঘাৰ বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল।
\v 3 সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
\p
\v 4 পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে \f + \ft কলদীয়াসকলে বেবিলনীয়া \f* তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
\v 5 কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
\p
\v 6 তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।
\v 7 সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
\p
\v 8 বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
\v 9 তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
\v 10 দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে।
\v 11 নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
\v 12 কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
\p
\v 13 কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।
\v 14 তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
\v 15 ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।
\v 16 যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
\v 17 এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে আছিল।
\s যিহূদাৰ লোকসকলক বন্দী কৰা
\p
\v 18 ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
\v 19 সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাচঁজন পৰামর্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্যদলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে।
\p
\v 20 দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল।
\v 21 বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
\s গদলিয়াক যিহূদাৰ শাসনকর্তা নিযুক্ত কৰা
\p
\v 22 বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
\v 23 পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
\v 24 গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক’লে, “আপোনালোকে কলদীয়া অধিকাৰীসকললৈ ভয় নকৰিব; আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ’ব।”
\p
\v 25 কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
\v 26 সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
\s বন্দীত্বৰ পৰা যিহোৱাখীনে মুক্তি পোৱা
\p
\v 27 পৰৱর্তী সময়ত যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰত বেবিলনৰ ৰজা ইবীল-মৰোদকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ বাৰ মাহৰ সাতাইশ দিনৰ দিনা যিহোৱাখীনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে।
\v 28 তেওঁ যিহোৱাখীনৰ লগত ভালভাৱে কথা ক’লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে।
\v 29 ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
\v 30 জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।