add NUM and DEU

This commit is contained in:
Larry Versaw 2023-10-04 12:36:06 -06:00
parent 48d836bd89
commit 75dfb4ecf5
2 changed files with 3693 additions and 0 deletions

2065
04-NUM.usfm Normal file
View File

@ -0,0 +1,2065 @@
\id NUM
\ide UTF-8
\h গননা পুস্তক
\toc1 গননা পুস্তক
\toc2 গননা পুস্তক
\toc3 num
\mt1 গননা পুস্তক
\c 1
\s ইস্ৰায়েলৰ ফৈদ সমূহক গণনা কৰা।
\p
\v 1 পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে,
\v 2 “তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশৰ নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেক জনৰ নাম অনুসাৰে গণনা কৰা।
\v 3 বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।
\p
\v 4 প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।
\v 5 যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল:
\q1 ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।
\q1
\v 6 চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।
\p
\v 7 যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।
\v 8 ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।
\q1
\v 9 জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।
\q1
\v 10 যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গমলিয়েল।
\q1
\v 11 বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।
\q1
\v 12 দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
\q1
\v 13 আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।
\q1
\v 14 গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।
\q1
\v 15 নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।
\p
\v 16 এই সকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠী সমূহৰ প্রধান লোক।
\p
\v 17 তেতিয়া মোচি আৰু হাৰোণে নাম উল্লেখ কৰা সেই লোক সকলক লগত ল’লে,
\v 18 আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোক সকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোক সকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।
\v 19 এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।
\p
\v 20 ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।
\v 21 ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।
\p
\v 22 চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক।
\v 23 চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল।
\p
\v 24 গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 25 গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন আছিল।
\p
\v 26 যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 27 যিহূদা ফৈদৰ গণনা কৰা সেই লোক সকলৰ সংখ্যা চৌসত্তৰ হাজাৰ ছশ জন আছিল।
\p
\v 28 ইচাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 29 ইচাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা চৌৱন্ন হাজাৰ চাৰিশ আছিল।
\p
\v 30 জবূলূন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 31 জবূলূন ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা সাতাৱন হাজাৰ চাৰিশ আছিল।
\p
\v 32 যোচেফৰ সন্তান ইফ্ৰয়িম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 33 ইফ্ৰয়িম ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ আছিল।
\p
\v 34 মনচিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 35 মনচি ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা বত্ৰিশ হাজাৰ দুশ আছিল।
\p
\v 36 বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 37 বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল।
\p
\v 38 দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 39 দান ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা বাষষ্ঠি হাজাৰ সাত শ আছিল।
\p
\v 40 আচেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 41 আচেৰ ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।
\p
\v 42 নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
\v 43 নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোক সকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল।
\p
\v 44 মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে।
\v 45 এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল।
\v 46 গণনা কৰা সেই লোক সকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।
\p
\v 47 কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।
\v 48 কিয়নো যিহোৱাই মোচিক কৈছিল,
\v 49 ‘তুমি লেবী ফৈদক, সকলো ইস্ৰায়েলৰ সন্তান সকলৰ গণনাত অন্তৰ্ভুক্ত নকৰিবা।’
\p
\v 50 কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়া সকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।
\p
\v 51 আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়া সকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
\v 52 ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত তম্বু তৰিব লাগিব।
\p
\v 53 কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়া সকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়া সকলৰ জিম্মাত থাকিব।”
\v 54 ইস্ৰায়েলৰ সন্তান সকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।
\c 2
\s ইস্ৰায়েলৰ সন্তান সকলে ছাউনি পতা আৰু প্ৰস্থান কৰা।
\p
\v 1 যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে,
\v 2 “ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ ছাৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।
\p
\v 3 যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 4 তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।
\p
\v 5 তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 6 নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ।
\p
\v 7 ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 8 জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ।
\p
\v 9 যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।
\p
\v 10 দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 11 ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।
\p
\v 12 তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 13 চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ।
\p
\v 14 তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 15 গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ।
\p
\v 16 ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।
\p
\v 17 তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।
\p
\v 18 সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 19 ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ।
\p
\v 20 তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গমলিয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 21 মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ।
\p
\v 22 তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 23 বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।
\p
\v 24 ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।
\p
\v 25 সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
\v 26 দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ।
\p
\v 27 তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
\v 28 আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ।
\p
\v 29 তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
\v 30 নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল ত্ৰেপন্ন হাজাৰ চাৰিশ।
\p
\v 31 দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”
\p
\v 32 ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল।
\v 33 কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়া সকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।
\p
\v 34 যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।
\c 3
\s লেবীয়া সকলক গণনা কৰা, তম্বুৰ সকলো বস্তু তেওঁলোকক গতাই দিয়া আৰু প্ৰথমে জন্ম পোৱা সকলক মুকলি কৰা।
\p
\v 1 যি কালত যিহোৱাই চীনয় পৰ্বতত মোচিক কথা কৈছিল, সেই সময়ৰ হাৰোণ আৰু মোচিৰ বংশৰ জীৱনি এয়ে।
\v 2 হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।
\p
\v 3 পুৰোহিতৰ কৰ্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে।
\v 4 কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ যিহোৱাই অনুমোদন নকৰা জুই নিওতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম কৰিলে।
\p
\v 5 যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল,
\v 6 “হাৰোণ পুৰোহিতৰ পৰিচৰ্যাত সহায় কৰিবলৈ, তুমি লেবীৰ ফৈদক তেওঁৰ সন্মুখলৈ আনা।
\p
\v 7 আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিব লগীয়া আছে, সেয়া তেওঁলোকে সম্পন্ন কৰিব লাগিব।
\v 8 আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।
\p
\v 9 আৰু তুমি লেবীয়া সকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক গতাই দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক যিহোৱালৈ দিয়া হ’ল।
\v 10 তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক আবাসৰ ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
\p
\v 11 যিহোৱাই মোচিক কৈছিল,
\v 12 “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়া সকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়া সকল মোৰেই হ’ব।
\v 13 কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংস কৰিছিলোঁ, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”
\p
\v 14 চীনয় মৰুপ্রান্তত যিহোৱাই কৈছিল,
\v 15 “তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”
\v 16 তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে।
\p
\v 17 লেবীৰ পুত্ৰ সকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী।
\v 18 আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক কেইজনৰ নাম লিবনী আৰু চিমিয়ী আছিল।
\v 19 আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক কেইজনৰ নাম আছিল অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
\v 20 আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক কেইজনৰ নাম আছিল মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়া সকলৰ বংশধৰ।
\p
\v 21 গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমিয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ’ল গেৰ্চোনীয়া সকলৰ বংশ।
\v 22 এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল।
\v 23 গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব।
\p
\v 24 লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
\v 25 গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা, তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব।
\v 26 আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।
\p
\v 27 কহাতৰ পৰা অম্ৰীময়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়া সকলৰ বংশৰ জন্ম হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী।
\v 28 এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰ স্থানৰ যি যি কৰিব লগীয়া, তাক এওঁলোকেই কৰিব।
\v 29 কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব।
\p
\v 30 আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব।
\v 31 আৰু চন্দুক, মেজ, দীপাধাৰ বেদী, আৰুপবিত্ৰ স্থানৰ পৰিচৰ্যা কৰা আটাই বস্তুবোৰৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য তেওঁলোকে কৰিব।
\v 32 আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰ স্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব।
\p
\v 33 মৰাৰীৰ পৰা মহলীয়া, আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী।
\v 34 এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন।
\v 35 অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰ ফালে কাষত তম্বু তৰি থাকিব।
\p
\v 36 আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব,
\v 37 ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।
\p
\v 38 মোচি, হাৰোণ আৰু তেওঁৰ পুত্র সকলে পূৱফালে আবাসৰ আগত, সূৰ্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।
\v 39 মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।
\p
\v 40 পাছত যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা।
\v 41 আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”
\p
\v 42 মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে।
\v 43 তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল।
\p
\v 44 পাছত যিহোৱাই মোচিক ক’লে,
\v 45 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।
\p
\v 46 তেওঁলোকক মুকলি কৰিবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে,
\v 47 তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ চেকলকৈ ল’বা; বিশ গেৰাই এক চেকল হয়।
\v 48 আৰু সেই সংখ্যাতকৈ বৃদ্ধ লোক সকলক যি ধনেৰে মুকলি কৰা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰ সকলক দিবা।”
\p
\v 49 তেতিয়া লেবীয়া সকলৰ যোগেদি মুকলি কৰা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মুকলি কৰা ধন মোচিয়ে সংগ্রহ কৰিলে।
\v 50 তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোক সকলৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে।
\v 51 পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মুকলি কৰা ধন হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলক দিলে।
\c 4
\s লেবীয়া সকলৰ পুৰুষে কৰা কাৰ্য আৰু সেই কাৰ্য কৰা পুৰুষ সকলৰ গণনা।
\p
\v 1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 2 “তোমালোকে লেবীৰ সন্তান সকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃ-বংশ অনুসাৰে কহাতৰ সন্তান সকলৰ লোক পিয়ল কৰা।
\v 3 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিব তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত, এই লোক সকল অন্তৰ্ভুক্ত হ’ব লাগিব।
\v 4 সাক্ষাৎ কৰা তম্বুত মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ ক্ষেত্ৰত কহাতীয়া সকলে তত্বাৱধান লব।
\p
\v 5 যেতিয়া ছাউনি উঠাব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব।
\v 6 তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কানমাৰি সুমুৱাব।
\p
\v 7 আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাটি, আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থ’ব। আৰু যি ৰুটি অনবৰতে তাত ৰখা হয় সেই ৰুটি তাৰ ওপৰত দৈনিক ৰাখিব লাগিব।
\v 8 সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কানমাৰি সুমুৱাই দিব।
\p
\v 9 আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব।
\v 10 তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ’ব।
\v 11 পাছত তেওঁলোকে সোণৰ বেদীৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব। তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কানমাৰি সুমুৱাই দিব।
\p
\v 12 তেওঁলোকে পবিত্ৰ স্থানত পৰিচৰ্যা কৰিব লগা সকলো সা-সৰঞ্জাম লৈ, নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণেৰে ঢাকি, তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব।
\v 13 আৰু যজ্ঞ বেদীৰ পৰা ছাঁই উলিয়াই পেলাই দি, তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব।
\v 14 আৰু তাৰ ওপৰত তাৰ পৰিচৰ্যা কৰিব লগা আটাই সঁজুলি আদি বেদীৰ সকলো পাত্ৰ ৰাখিব। আৰু তাৰ ওপৰত পৰিচৰ্যাত প্ৰয়োজনত লগা আটাই যতন, আঙঠা ধৰা পাত্ৰ, মাংহ খোচা ত্ৰিশূল, হেতা আৰু বাটি আদি বেদীৰ সকলো বস্তু ৰাখিবা, তেওঁলোকে তাৰ ওপৰত সমুদ্ৰ গাইৰ \f + \ft ইংৰজীত Sea Caw বুলা হৈছিল, এই প্ৰজাতিৰ জন্তু ১৮ শতিকলৈকে আছিলে, বৰ্ত্তমান লুপ্ত \f* ছালৰ আৱৰণ পাৰি ঢাকিব আৰু তাক বৈ নিবলৈ তাত কনমাৰি সুমুৱাই দিব ।
\p
\v 15 ছাউনি উঠি যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম।
\v 16 আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।”
\p
\v 17 এইদৰে যিহোৱাই মোচি আৰু হাৰোণক আৰু ক’লে,
\v 18 “তোমালোকে লেবীয়া সকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা।
\p
\v 19 তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা, এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰ স্থানৰ ওচৰ চাপে,
\v 20 তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈকো পবিত্র স্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়া সকলৰ প্ৰতিজনক নিজ নিজ কৰিব লগীয়া কামত নিযুক্ত কৰিব।”
\p
\v 21 যিহোৱাই মোচিক পুনৰ ক’লে,
\v 22 “তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তান সকলৰো লোক পিয়ল কৰিবা।
\v 23 ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
\p
\v 24 পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীৰ কাম আছিল।
\v 25 তেওঁলোকে আবাসৰ কাপোৰবোৰ সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দা এই সকলো বৈ নিব লাগিব।
\v 26 আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব।
\p
\v 27 গেৰ্চোনৰ সন্তান সকলৰ সকলো ভাৰ বোৱা কাৰ্য, হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মাত দিবা।
\v 28 গেৰ্চোনৰ সন্তান সকলৰ গোষ্ঠীৰ লোক সকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।
\p
\v 29 পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে মৰাৰীৰ সন্তান সকলকো তুমি গণনা কৰা,
\v 30 ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।
\p
\v 31 আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এইবোৰ: আবাসৰ তক্তা, তাৰ ডাং, খুঁটা, চুঙী,
\v 32 আৰু চোতালৰ চাৰিওফালে থকা খুঁটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্যৰ হাতিয়াৰ। তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা।
\p
\v 33 মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এয়ে। তেওঁলোকৰ কাৰ্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।”
\p
\v 34 পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষ সকলে কহাতৰ সন্তান সকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে।
\v 35 তেওঁলোকৰ মাজৰ পৰা ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমাল, তেওঁলোকক গণনা কৰিলে।
\v 36 তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক দুই হাজাৰ সাতশ পঞ্চাশ জন হ’ল।
\p
\v 37 মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠী সকলৰ সেই গণিত লোক এই সকল।
\p
\v 38 গেৰ্চোনৰ সন্তান সকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
\v 39 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমাল,
\v 40 নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক দুই হাজাৰ ছশ ত্ৰিশ জন হ’ল।
\p
\v 41 যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰা গেৰ্চোনৰ গোষ্ঠী সকলৰ সেই গণিত লোক এই সকল।
\p
\v 42 আৰু মৰাৰীৰ সন্তান সকলৰ গোষ্ঠী সকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,
\v 43 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমাল,
\v 44 নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁলোকলৰ মাজৰ সেই গণিত লোক তিনি হাজাৰ দুশ জন হ’ল।
\p
\v 45 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তান সকলৰ গোষ্ঠী সকলৰ সেই গণিত লোক এই সকল।
\p
\v 46 নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোক সকলৰ যিমান লোকক গণনা কৰা হ’ল,
\v 47 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সেৱাকৰ্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল,
\v 48 তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল।
\p
\v 49 কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।
\c 5
\s কুষ্ঠ আদি ৰোগীক বাহিৰ কৰা। পৰ পুৰুষে সৈতে ব্যভিচাৰ কৰা মহিলা, অন্তৰ্জ্বালা আদি বিষয়ৰ বিধি।
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক কলে,
\v 2 “তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
\v 3 তোমালোকৰ পুৰুষেই হওঁক বা স্ত্ৰীয়েই হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।”
\v 4 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।
\p
\v 5 যিহোৱাই মোচিক পুনৰায় ক’লে,
\v 6 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, পৰুষেই হওক কিম্বা স্ত্ৰীয়েই হওঁক যেতিয়া কোনোৱে মানুহৰ মাজত চলি থকা কোনো পাপত পতিত হৈ যিহোৱাৰ গুৰিত অবিশ্বাসী হয় তেন্তে তেওঁ অপৰাধী হয়।
\v 7 তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
\p
\v 8 আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেষৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব।
\v 9 আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।
\v 10 প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, সেয়াও তেওঁৰেই হ’ব।”
\p
\v 11 যিহোৱাই মোচিক আকৌ কলে,
\v 12 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;
\p
\v 13 অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰা নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
\v 14 আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে,
\v 15 তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।
\p
\v 16 তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব।
\v 17 আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।
\p
\v 18 পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব।
\v 19 আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।
\p
\v 20 কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,
\v 21 এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোক সকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;
\v 22 আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’
\p
\v 23 পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।
\p
\v 24 তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব।
\v 25 পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব।
\v 26 আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।
\p
\v 27 আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোক সকলৰ মাজত শাওৰ বিষয় হ’ব।
\v 28 কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।
\p
\v 29 এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
\v 30 যেতিয়া কোনো মানুহৰ মন ঈৰ্ষাম্বিত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি ঈৰ্ষাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।
\p
\v 31 তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”
\c 6
\s নাচৰীয়া লোকৰ, আৰু আশীৰ্ব্বাদৰ বিধি।
\p
\v 1 যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ অথবা স্ত্ৰীলোকে নিজকে বিশেষ উদ্দেশ্যত ব্ৰত ৰূপে নাচৰীয়া ব্ৰত ধৰে, তেতিয়া তেওঁ দ্ৰাক্ষাৰস অথবা সুৰাৰ পৰা পৃথকে থাকিব।
\v 3 দ্ৰাক্ষাৰস অথবা সুৰাৰ পৰা প্ৰস্তুত কৰা কোনো ধৰণৰ ৰস পান কৰিব নোৱাৰিব, এনেকি কেচা বা শুকান দ্ৰাক্ষাফলো খাব নোৱাৰিব।
\v 4 তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।
\p
\v 5 আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।
\p
\v 6 তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।
\v 7 তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব।
\v 8 তেওঁ পৃথক হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।
\p
\v 9 আৰু যদি কোনো লোক তেওঁৰ কাষতে হঠাৎ মৃত্যু হোৱাৰ ফলত তেওঁ নিজকে পৃথক হোৱাৰ মূৰৰ যি চিন সেয়া অশুচি হয়, তেন্তে শুচি হোৱা দিনা তেও তেওঁৰ চুলি খুৰাব, তেওঁ শুচি হোৱা সপ্তম দিনাখনেই চুলি থুৰাৱ।
\p
\v 10 অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব।
\v 11 তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলি স্বৰূপে, আৰু আনটো হোম বলি স্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।
\p
\v 12 তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে ৰাখিব লাগিব। তেওঁ দোষাৰ্থক বলি স্বৰূপে এটা এবছৰীয়া মেষ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।
\p
\v 13 নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে ধৰণৰ: তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব।
\v 14 তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো ঘুন নথকা এটা এবছৰীয়া মতা মেষ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত ঘুন নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেষ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত ঘুন নথকা এটা নিঘূণ মতা মেষ দান কৰিব লাগিব;
\v 15 আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।
\p
\v 16 তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব।
\v 17 খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেষটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।
\p
\v 18 পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি খুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।
\p
\v 19 আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক খুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।
\v 20 আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্য স্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।
\p
\v 21 নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ পৃথকে থকাৰ কাৰণে যিহোৱাক তেওঁ দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰেও তেওঁ নিজৰ শক্তি অনুসাৰে অধিক যি দিবলৈ আগ কৰে, তাকো দিব পাৰিব; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ পৃথকে থকা বিধি পালন কৰিব লাগে’।”
\p
\v 22 পাছত যিহোৱাই পুনৰায় মোচিক ক’লে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা,
\v 23 ‘তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা:
\p
\v 24 যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
\p
\v 25 যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।
\p
\v 26 যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’
\v 27 এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।”
\c 7
\s ইস্ৰায়েলৰ অধ্যক্ষ সকলে দিয়া উপহাৰ।
\p
\v 1 পাছতন আৰু যি দিনা মোচিয়ে আবাস স্থাপন কাৰ্য শেষ কৰি সেই আবাস আৰু তাৰ সকলো বস্তু, যজ্ঞবেদী আৰু সেই যজ্ঞবেদীৰ সকলো বস্তু আৰু সঁজুলি সমূহ অভিষেক আৰু পৱিত্ৰ কৰিলে,
\v 2 সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষ আৰু তেওঁলোকৰ বংশৰ মূৰব্বী সকলে নিজৰ নিজৰ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোক সকলৰ ওপৰত নিযুক্ত হৈছিল।
\v 3 তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে হৈ থকা ছখন গাড়ী আৰু বাৰটা বলদ গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা বলদ গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে।
\p
\v 4 তেতিয়া যিহোৱাই মোচিক কলে,
\v 5 “সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰিবৰ বাবে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়া সকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা।”
\p
\v 6 পাছত মোচিয়ে সেই সকলো গাড়ী আৰু বলদ গৰুবোৰ লৈ লেবীয়াসকলক দিলে।
\v 7 গেৰ্চোনৰ সন্তান সকলক তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাঁড়-গৰু দিলে।
\v 8 তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা বলদ গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।
\p
\v 9 কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰহে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
\p
\v 10 মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষ সকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে।
\v 11 তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষই এদিন যজ্ঞবেদীৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।”
\p
\v 12 তেতিয়া প্ৰথম দিনা যিহূদা ফৈদৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে।
\v 13 তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\v 14 ধূপেৰে পূৰ হোৱা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও তেওঁ দান কৰিছিল।
\p
\v 15 নহচোনে হোমৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ দিছিল।
\v 16 তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল।
\v 17 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেষ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ।
\p
\v 18 দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চূৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে।
\v 19 তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\p
\v 20 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল।
\v 21 নথনেলে হোমৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল।
\v 22 তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী,
\v 23 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল চূৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ।
\p
\v 24 তৃতীয় দিনা, জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে।
\v 25 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 26 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 27 তেওঁ হোমৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল।
\v 28 পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী,
\v 29 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ।
\p
\v 30 চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে।
\v 31 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 32 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 33 তেওঁ হোমৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি;
\v 34 আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল।
\v 35 ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।
\p
\v 36 পঞ্চম দিনা চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলে উপহাৰ আনিলে।
\v 37 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 38 আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল;
\v 39 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি;
\v 40 আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী
\v 41 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলৰ উপহাৰ।
\p
\v 42 ষষ্ঠ দিনা, গাদৰ সন্তান সকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে।
\v 43 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা ৰূপৰ বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 44 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল।
\p
\v 45 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি,
\v 46 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
\v 47 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ।
\p
\v 48 সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে।
\v 49 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 50 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\v 51 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি,
\v 52 পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী,
\v 53 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলীচামাৰ উপহাৰ।
\p
\v 54 অষ্টম দিনা, মনচিৰ সন্তান সকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গমলিয়েলে উপহাৰ আনিলে।
\v 55 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\v 56 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\v 57 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি;
\v 58 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী
\v 59 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গমলিয়েলৰ উপহাৰ।
\p
\v 60 নৱম দিনা, বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে।
\v 61 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
\v 62 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 63 হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা গৰু, এটা মতা মেষ
\v 64 আৰু এটা এবছৰীয়া মেষ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
\v 65 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ।
\p
\v 66 দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে।
\v 67 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\v 68 তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 69 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি;
\v 70 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
\v 71 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ।
\p
\v 72 একাদশ দিনা, আচেৰৰ সন্তান সকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে।
\v 73 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\v 74 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 75 তেওঁ হোম বলীৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি,
\v 76 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী,
\v 77 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।
\p
\v 78 দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে।
\v 79 তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
\v 80 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
\p
\v 81 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা গৰু, এটা মতা মেষ আৰু এটা এবছৰীয়া মতা মেষ পোৱালি,
\v 82 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী,
\v 83 মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা বলদ গৰু, পাঁচটা মতা মেষ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেষ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ।
\p
\v 84 মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষ সকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল।
\v 85 তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেকটো বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল;
\v 86 প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল।
\p
\v 87 তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা গৰু, বাৰটা মতা মেষ, বাৰটা এবছৰীয়া মতা মেষ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল।
\v 88 তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা বলদ গৰু, ষাঠিটা মতা মেষ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেষ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।
\p
\v 89 আৰু মোচিয়ে ঈশ্বৰে সৈতে কথা পাতিবলৈ যেতিয়া সাক্ষাৎ কৰা তম্বুৰ ভিতৰ সোমাল তেতিয়া সাক্ষ্য ফলি ৰখা চন্দুকটোৰ ওপৰত থকা পাপাবৰণৰ কৰূব দুটাৰ মাজৰ পৰা যিহোৱাই তেওঁক কোৱা কথা তেওঁ শুনিলে। এই দৰেই যিহোৱাই মোচিক কথা কলে।
\c 8
\s লেবীয়া সকলক উৎসৰ্গ কৰা।
\p
\v 1 যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
\p
\v 3 তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
\v 4 সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
\p
\v 5 যিহোৱাই মোচিক পুনৰায় ক’লে,
\v 6 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়া সকলক লৈ, তেওঁলোকক শুচি কৰা।
\p
\v 7 তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
\v 8 তাৰ পাছত তেওঁলোকে এটা দমৰা গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
\p
\v 9 তুমি লেবীয়া সকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
\v 10 তাৰ পাছত লেবীয়া সকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়া সকলৰ গাত হাত দিব লাগিব।
\v 11 ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়া সকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
\p
\v 12 পাছত লেবীয়া সকলে সেই দুটা দমৰা গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়া সকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা গৰু পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
\v 13 এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলৰ আগত লেবীয়া সকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
\p
\v 14 এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়া সকলক পৃথক কৰিবা; আৰু লেবীয়া সকল মোৰেই হ’ব।
\v 15 তাৰ পাছত লেবীয়া সকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
\p
\v 16 তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মা সকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
\v 17 কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
\p
\v 18 এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়া সকলক গ্ৰহণ কৰিলোঁ।
\v 19 আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিব লগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়া সকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰ সকলক দান স্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
\p
\v 20 মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়া সকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়া সকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
\v 21 লেবীয়া সকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
\p
\v 22 তেতিয়াৰে পৰা লেবীয়া সকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰ সকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়া সকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেই দৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
\p
\v 23 পাছত যিহোৱাই পুনৰায় মোচিক কলে,
\v 24 “লেবীয়া সকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়া সকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰী সকলৰ শ্ৰেণীত সোমাব।
\p
\v 25 আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰী সকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
\v 26 তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাই সকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়া সকলে কৰিব লগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
\c 9
\s চীনয় অৰণ্যত নিস্তাৰ-পৰ্ব্ব পালন কৰা। যাত্ৰা কৰা নিয়ম।
\p
\v 1 ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে,
\v 2 “ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰপৰ্ব্ব পালন কৰিব লাগে।
\v 3 এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যা পৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”
\p
\v 4 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰপৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে।
\v 5 তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যা পৰত চীনয় মৰুভূমিত নিস্তাৰপৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।
\p
\v 6 কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰপৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল।
\v 7 সেই লোক সকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
\v 8 তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”
\p
\v 9 পাছত যিহোৱাই মোচিক ক’লে,
\v 10 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰপৰ্ব্ব পালন কৰিব লাগিব’।
\p
\v 11 দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যা পৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰপৰ্বৰ বলি খাব।
\v 12 ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰপৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
\p
\v 13 কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰপৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোক সকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।
\v 14 আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰপৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰপৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
\p
\v 15 আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যা বেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
\v 16 এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।
\v 17 পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
\p
\v 18 যিহোৱাৰ আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।
\v 19 আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।
\p
\v 20 আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।
\v 21 আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যা পৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
\p
\v 22 দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।
\v 23 যিহোৱাৰ আজ্ঞা মতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।
\c 10
\s ৰূপৰ দুটা তূৰীৰ বিষয়। চীনয় অৰণ্যৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰস্থান।
\p
\v 1 পাছত যিহোৱাই মোচিক ক’লে
\v 2 “তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপ পিটাই গঢ়াবা। লোক সকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা।
\p
\v 3 সেই দুটা তূৰী বজালে, গোটেই লোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব।
\v 4 কিন্তু এটা তূৰী বজালে, অধ্যক্ষ সকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব।
\v 5 আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱ ফালে থকা ছাউনিবোৰ উঠি যাব।
\p
\v 6 আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণ ফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
\v 7 লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
\v 8 হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
\p
\v 9 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিম আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ কৰিম।
\p
\v 10 আৰু আমোদৰ দিনত, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম আৰু মঙ্গলাৰ্থক বলিৰ উদ্দেশ্যে তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
\p
\v 11 পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
\v 12 তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
\v 13 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।
\p
\v 14 প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোক সকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
\v 15 আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল।
\v 16 আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবূলূন ফৈদৰ সেনাপতি আছিল।
\p
\v 17 পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোন আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে।
\v 18 তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোক সকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।
\v 19 আৰু চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল।
\v 20 আৰু দুৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল।
\p
\v 21 পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোক সকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোক সকলে আবাস স্থাপন কৰিলে।
\v 22 পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোক সকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল।
\v 23 আৰু পদাচূৰৰ পুত্ৰ গমলিয়েল মনচি ফৈদৰ সেনাপতি আছিল।
\v 24 আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।
\p
\v 25 পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোক সকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
\v 26 আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল।
\v 27 আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল।
\v 28 প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে।
\p
\v 29 পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
\v 30 কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতি সকলৰ ওচৰলৈ যাম।”
\p
\v 31 মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুপ্ৰান্তৰ মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকু স্বৰূপ হ’বা।
\v 32 আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।”
\p
\v 33 পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু তেওঁলোকৰ কৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি যিহোৱাৰ নিয়ম চন্দুক তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গল।
\v 34 আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
\p
\v 35 আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতা সকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”
\v 36 আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”
\c 11
\s তবিয়েৰাত আৰু কিব্ৰোৎ-হত্তাবাত কৰা লোক সকলৰ বলকনি।
\p
\v 1 পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোক সকলক গ্ৰাস কৰিবলৈ ধৰিলে।
\v 2 এই কাৰণে লোক সকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল।
\v 3 তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা [দাহ] ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকক দাহ কৰিছিল।
\p
\v 4 তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোক সকলে খঁকুৱা স্বভাৱ দেখুৱাবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তান সকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব?
\v 5 আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, তৰমুজ; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে।
\v 6 আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই।”
\p
\v 7 সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ \f + \ft এবিধ ৰঙীন বহুমলীয়া পাথৰ \f* বৰণৰ নিচিনা আছিল।
\v 8 লোক সকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খুবলিত খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদযুক্ত তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।
\p
\v 9 ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে।
\v 10 পাছে মোচিয়ে লোক সকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱা অতিশয় ক্ৰোধত জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে।
\p
\v 11 পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি কিয় এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?
\v 12 মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষ সকলৰ আগত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?
\p
\v 13 এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘খাবলৈ আমাক মাংস দিয়া।’
\v 14 এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ।
\v 15 তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।”
\p
\v 16 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোক সকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোক সকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক।
\v 17 পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোক সকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোক সকলৰ ভাৰ ব’ব।
\p
\v 18 তুমি লোক সকলক কোৱা, ‘কাইলৈৰ নিমিতে নিজক পবিত্ৰ কৰি প্ৰস্তুত হোৱা।’ তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, ‘আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।’ এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা।
\v 19 তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়;
\v 20 সম্পূৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ নজন্মে, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে, ‘আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ’?”
\p
\v 21 তেতিয়া মোচিয়ে ক’লে, “যি লোক সকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পূৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’
\v 22 তেওঁলোকক আটাই মেৰ, ছাগলী আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক প্ৰয়োজন হোৱাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে?”
\v 23 তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”
\p
\v 24 তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোক সকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰালে।
\v 25 তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।
\p
\v 26 কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোক সকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
\v 27 তাতে এজন ডেকা মানুহে লৰি গৈ মোচিক ক’লে, “ইল্দদ আৰু মেদদে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছে।”
\p
\v 28 তেতিয়া মোচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নুনৰ পুত্ৰ যিহোচূৱাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মোচি, তেওঁলোকক নিষেধ কৰক।”
\v 29 তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।”
\v 30 পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল।
\p
\v 31 পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল।
\v 32 তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে।
\p
\v 33 কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোক সকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে।
\v 34 আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা [খঁকুৱা স্বভাৱৰ লোকসকলৰ মৈদাম] ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱৰ লোকবোৰক মৈদাম দিলে।
\v 35 পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।
\c 12
\s হাৰোণ আৰু মিৰিয়মে মোচিৰ অহিতে দোষ কৰা; আৰু তাৰ দণ্ড।
\p
\v 1 মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
\v 2 তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে।
\v 3 পৃথিৱীত থকা লোক সকলৰ মাজত মোচি সকলোতকৈ নম্ৰ লোক আছিল।
\p
\v 4 পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
\v 5 তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি লৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
\p
\v 6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা।
\q1 তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়,
\q2 তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম,
\q2 নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
\v 7 মোৰ দাস মোচি তেনে নহয়।
\p তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
\v 8 তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ।
\p আৰু তেওঁ মোৰ \f + \ft মোৰ যিহোৱাৰ \f* আকাৰ দেখে।
\p এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
\p
\v 9 তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
\v 10 পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল, তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱা তেওঁ দেখিলে।
\p
\v 11 তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
\v 12 মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
\p
\v 13 তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
\v 14 পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলেহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
\v 15 তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোক সকলে যাত্ৰা নকৰিলে।
\v 16 পাছত লোক সকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুপ্ৰান্তত ছাউনি পাতিলে।
\c 13
\s কনান দেশ চাবলৈ চোৰাংচোৱা পঠোৱা; উভটি আহি কু-সম্বাদ দিয়া।
\p
\v 1 তেতিয়া যিহোৱাই মোচিক ক’লে,
\v 2 “মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকটো ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”
\p
\v 3 তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলো ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
\v 4 তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
\p
\v 5 চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
\v 6 যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
\v 7 ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
\v 8 ইফ্ৰয়িম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোচেয়া।
\p
\v 9 বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী।
\v 10 জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল।
\v 11 যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী।
\v 12 দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।
\p
\v 13 আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ।
\v 14 নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী।
\v 15 গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল।
\v 16 এই এই নামৰ লোক সকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।
\p
\v 17 কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।
\v 18 আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোক সকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে অধিক
\v 19 আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনে ধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা?
\v 20 আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰুৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোক সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।
\p
\v 21 তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশ স্থানলৈকে দেশখন গুপুতে চালে।
\v 22 তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাকৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।
\p
\v 23 পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙি কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
\v 24 ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।
\p
\v 25 চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল।
\v 26 পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
\p
\v 27 আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
\v 28 সেই দেশত থকা লোক সকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ।
\v 29 দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোক সকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোক সকলে বাস কৰিছে।”
\p
\v 30 পাছত কালেবে মোচিৰ আগত লোক সকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
\v 31 কিন্তু যি লোক সকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোক সকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
\p
\v 32 এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশৰ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসী সকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
\v 33 আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিল সকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”
\c 14
\s ইস্ৰায়েলৰ সন্তান সকলে বিদ্ৰোহ-আচৰণ কৰা আৰু তাৰ দণ্ড।
\p
\v 1 পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।
\v 2 আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুপ্ৰান্তত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!
\v 3 যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নী সকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”
\p
\v 4 পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
\v 5 তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।
\p
\v 6 দেশ গুপুতে চাই অহা সকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
\v 7 ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি চাবলৈ যি দেশৰ মাজেদি গৈছিলোঁ সেই দেশ অতি উত্তম ।
\v 8 যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
\p
\v 9 কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোক সকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোকক আমি সহজেই গিলি নিশেষ কৰিব পাৰিম। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
\v 10 কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰাৰ আলচ কৰিলে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।
\p
\v 11 পাছত যিহোৱাই মোচিক ক’লে, “এই লোক সকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
\v 12 মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”
\p
\v 13 মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়া সকলে তাকে শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোক সকলক উলিয়াই আনিলা।
\v 14 আৰু তেওঁলোকে এই দেশ নিবাসী সকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোক সকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
\p
\v 15 এতিয়া যদি তুমি এই লোক সকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
\v 16 ‘যিহোৱাই এই লোক সকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।
\p
\v 17 এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃ সকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
\v 18 তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
\v 19 বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোক সকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
\p
\v 20 তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্য মতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।
\v 21 তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,
\v 22 তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে,
\v 23 তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,
\v 24 কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
\v 25 কিন্তু অমালেকীয়া আৰু কনানীয়া লোক সকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
\p
\v 26 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 27 “মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
\p
\v 28 তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম।
\v 29 তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
\v 30 মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
\p
\v 31 কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
\v 32 কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।
\v 33 আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
\v 34 তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।
\v 35 মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
\p
\v 36 পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,
\v 37 সেই লোক সকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।
\v 38 দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
\p
\v 39 মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোক সকলে অতিশয় শোক কৰিলে।
\v 40 পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”
\p
\v 41 তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।
\v 42 তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।
\v 43 কিয়নো অমালেকীয়া আৰু কনানীয়া লোক সকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
\p
\v 44 তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।
\v 45 তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোক সকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।
\c 15
\s ভক্ষ্য নৈবেদ্য আদি বিষয়ৰ বিধি। বিশ্ৰাম-বাৰ লঙ্ঘন কৰা লোকৰ প্ৰাণদণ্ড।
\p
\v 1 পাছত যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত,
\v 3 যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেষৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,
\p
\v 4 তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰেছাগ সৈতে, হীনৰ চাৰি ভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।
\v 5 আৰু তুমি হীনৰ চাৰি ভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।
\p
\v 6 বা এটা মতা মেৰছাগে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা।
\v 7 আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।
\p
\v 8 আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলি স্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা,
\v 9 তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
\v 10 আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
\p
\v 11 প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰছগ \f + \ft Ram যাৰ শিং পাক খোৱা তাক মেৰছাগ (মেষৰ এটা প্ৰজাতি) আৰু ইংৰজী Sheepক মেষ বুলি আনুবাদ কৰা হৈছে। \f* , বা প্ৰত্যেক মতা মেষ পোৱালি; বা প্ৰত্যেক মেষ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
\v 12 তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
\v 13 স্বদেশীয় লোক সকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
\p
\v 14 আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
\v 15 সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
\v 16 তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
\p
\v 17 পাছত যিহোৱাই মোচিক ক’লে,
\v 18 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
\v 19 তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
\p
\v 20 তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
\v 21 তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
\p
\v 22 মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
\v 23 অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে তোমালোকে যেন ভুলক্ৰমে পালন নকৰা।
\v 24 সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেষ উৎসৰ্গ কৰিব।
\p
\v 25 আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভুলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
\v 26 এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভুলক্ৰমে কৰা হ’ল।
\p
\v 27 আৰু যদি কোনো মানুহে ভুলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেষ উৎসৰ্গ কৰিব লাগিব।
\v 28 আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভুলক্ৰমে পাপ কৰাত, সেই ভুল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
\v 29 ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভুলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
\p
\v 30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোক সকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
\v 31 কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
\p
\v 32 ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
\v 33 আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
\v 34 আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
\p
\v 35 পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
\v 36 তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
\p
\v 37 পাছত যিহোৱাই আকৌ মোচিক ক’লে,
\v 38 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তোমালোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজা আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগোৱা।
\v 39 তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
\p
\v 40 কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
\v 41 তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
\c 16
\s কোৰহৰ চক্ৰান্ত।
\p
\v 1 পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।
\v 2 ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
\v 3 তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
\p
\v 4 যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল।
\v 5 আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।
\p
\v 6 হে কোৰহ আৰু কোৰহৰ দল, তোমালোক এক কাম কৰা,
\v 7 তোমালোকে আঙঠা ধৰা পাত্ৰ এটাত জুই লৈ কাইলৈ যিহোৱাৰ সন্মুখত তাত ধূপ জলাবা, তেতিয়া যিহোৱাই যি জনকে মনোনীত কৰে তেৱেঁই পৱিত্ৰ হব। হে লেবীৰ সন্তান সকল, তোমালোক অতিপাত অভিমানী হৈছা।
\p
\v 8 পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তান সকল, মোৰ কথা শুনা:
\v 9 ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
\v 10 তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তান সকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে
\v 11 সেই বাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। যি জনে যিহোৱাক মানি চলে সেই হাৰোণৰ বিৰুদ্ধে তোমালোকে কিয় আপত্তি দৰ্শাইছা?
\p
\v 12 তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
\v 13 তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
\v 14 কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোক সকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
\p
\v 15 তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
\v 16 পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
\v 17 তেওঁলোক প্ৰতিজনেই একোটাকৈ আঙঠা ধৰা পাত্ৰ লব আৰু সেইবোৰত ধূপ জ্বলাব, সৰ্ব্বনুঠ দুশ পঞ্চাশটা তেনে আঙঠা ধৰা পাত্ৰ লব আৰু সেইবোৰ যিহোৱাৰ গুৰিলৈ আনিব। তুমি আৰু হাৰোণেও আঙঠা ধৰা পাত্ৰ যিহোৱাৰ গুৰিলৈ আনিবা।”
\p
\v 18 পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।
\v 19 আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
\p
\v 20 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 21 “তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।”
\v 22 তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
\p
\v 23 তেতিয়া যিহোৱাই মোচিক ক’লে,
\v 24 “তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”
\p
\v 25 তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধ সকলে তেওঁৰ পাছে পাছে গ’ল।
\v 26 তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোক সকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
\v 27 তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰ মুখত থিয় হ’ল।
\p
\v 28 পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
\v 29 আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোক সমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
\v 30 কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা।
\v 31 পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
\v 32 আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
\p
\v 33 এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল।
\v 34 তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
\v 35 তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
\p
\v 36 আকৌ যিহোৱাই মোচিক ক’লে,
\v 37 “তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিঁচৰতি কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
\v 38 নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোক সকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোক সকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এই হেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
\v 39 তাতে সেই গ্ৰাসিত লোক সকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
\v 40 আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
\p
\v 41 তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজা সকলক বধ কৰিলা।”
\v 42 তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।
\v 43 তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।
\p
\v 44 তেতিয়া যিহোৱাই মোচিক ক’লে,
\v 45 “তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।
\v 46 মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।”
\p
\v 47 গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোক সকলক প্ৰায়শ্চিত্ত কৰিলে।
\v 48 আৰু মৰা ও জীয়া লোক সকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।
\p
\v 49 যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেই সকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।
\v 50 মহামাৰী নিবাৰণ হোৱাৰ পাছত, হাৰোণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মোচিৰ গুৰিলৈ উলটি আহিল।
\c 17
\s হাৰোণৰ পৌৰহিত্যৰ প্ৰমাণ দেখুউৱা।
\p
\v 1 যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষ সকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
\p
\v 3 আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্য লোকৰ বাবে এডালকৈ লাখুটি হ’ব।
\v 4 আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা।
\v 5 পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
\p
\v 6 পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষ সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।
\v 7 তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত থিয় হ’ল।
\p
\v 8 আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল।
\v 9 তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তান সকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে।
\v 10 পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
\v 11 তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
\p
\v 12 পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।
\v 13 যি কোনো লোক ওচৰ চাপে, যি কোনো লোক যিহোৱাৰ আবাসৰ ওচৰ চাপে, তেৱেঁই মৰা পৰে, আমি সকলোৱেই মৰা পৰিম নেকি?
\c 18
\s লেবীয়া সকলে কৰিব লগীয়া কাৰ্য, আৰু পাব লগীয়া ভাগ।
\p
\v 1 যিহোৱাই হাৰোণক ক’লে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰ সকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা।
\v 2 আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰ সকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।
\p
\v 3 তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাব।
\v 4 তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই পৰিচৰ্যাৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব।
\v 5 ইস্ৰায়েলৰ সন্তান সকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদীৰ কৰিব লগীয়া কাৰ্য কৰিবা।
\p
\v 6 আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ পৰিচৰ্যা কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
\v 7 এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিব লগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই পৰিচৰ্যা সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
\p
\v 8 পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব।
\v 9 অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।
\p
\v 10 সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।
\v 11 আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।
\p
\v 12 তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষাৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ।
\v 13 তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।
\p
\v 14 ইস্ৰায়েলৰ মাজত পৃথক কৰি আগ বঢ়োৱা সকলো বস্তু তোমাৰেই হ’ব।
\v 15 মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগ কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা।
\v 16 সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মোকলাই দিব লগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা; বিশ গেৰাই এক চেকল হয়।
\p
\v 17 কিন্তু গৰুৰ বা মেষ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা।
\v 18 সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।
\p
\v 19 ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
\v 20 পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিকাৰ ময়েই।
\p
\v 21 আৰু চোৱা, লেবীৰ সন্তান সকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
\v 22 আৰু ইস্ৰায়েলৰ সন্তান সকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে।
\v 23 কিন্তু লেবীয়া সকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।
\v 24 কিয়নো ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাক মই লেবীয় সকলৰ উত্তৰাধীকাৰ স্ৱৰূপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”
\p
\v 25 পাছত যিহোৱাই মোচিক কলে,
\v 26 “তুমি লেবীয়া সকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।
\v 27 তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
\p
\v 28 তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা।
\v 29 যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
\p
\v 30 এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়া সকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।
\v 31 তোমালোক আৰু তোমালোকৰ পৰিয়ালে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব।
\v 32 আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”
\c 19
\s অশুচিতা-নাশক জলৰ বিধি।
\p
\v 1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 2 “যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়েলৰ সন্তান সকলক, নিখুঁত, নিৰ্ঘূণী আৰু যুৱলি নোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া।
\v 3 পাছত তোমালোকে চেঁউৰি জনীক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ চেঁউৰি জনীক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে চেঁউৰি জনীক বধ কৰিব।
\v 4 তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
\v 5 তেওঁৰ সাক্ষাতে সেই গৰু জনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; ইয়াৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব।
\v 6 সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোচা এচোব বন আৰু অলপ ৰঙা নোম লৈ, গৰু জনীক পোৰা জুইৰ মাজত পেলাই দিব।
\p
\v 7 তাৰ পাছত পুৰোহিত জনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিত জনে সন্ধ্যালৈকে অশুচি হৈ থাকিব।
\v 8 আৰু যিজনে গৰু জনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
\p
\v 9 পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
\v 10 আৰু যি জনে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশী সকলৰো পালন কৰিব লগা চিৰস্থায়ী বিধি।
\p
\v 11 কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
\v 12 তেওঁ তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
\v 13 যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোক জনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
\p
\v 14 যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব, সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
\v 15 আৰু জৰীৰে মেৰিওৱা ঢাকনি বিহীন সকলো মুকলি পাত্ৰ অশুচি হ’ব।
\v 16 আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
\p
\v 17 আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
\v 18 আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মৈদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
\v 19 সেই শুচি লোক জনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোক জনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোক জনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
\p
\v 20 কিন্তু যি লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোক জনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।
\v 21 এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
\v 22 আৰু সেই অশুচি লোকে যিহকে চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।”
\c 20
\s মিৰিয়মৰ মৃত্যু। শিলৰ পৰা পানী উলিওৱা। ইদোমৰ মাজেদি যাব নিদিয়া। হাৰোণৰ মৃত্যু।
\p
\v 1 পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।
\p
\v 2 সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত, লোক সকলে মোচি আৰু হাৰোণৰ অহিতে গোট খালে।
\v 3 তেওঁলোকে মোচিৰে সৈতে বিবাদ কৰি ক’লে, “যিহোৱাৰ আগত আমাৰ ভাই সকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱাহেতেন কেনে ভাল আছিল!
\p
\v 4 আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা?
\v 5 এই কুচ্ছিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিচৰৰ পৰা উলিয়াই আনিলা? এয়ে শস্য বা ডিমৰু, বা দ্ৰাক্ষা, বা ডালিমৰ ঠাই নহয় আৰু খাবলৈকো পানী নাই।”
\p
\v 6 পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।
\p
\v 7 আৰু যিহোৱাই মোচিক ক’লে,
\v 8 “তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায়েৰ হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”
\v 9 তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ডাল ল’লে।
\p
\v 10 তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহী সমাজ শুনা, তোমালোকৰ বাবে এই শিলটোৰ পৰা পানী উলিয়াম?”
\v 11 এই বুলি মোচিয়ে হাত দাঙি, সেই লাখুটিৰে শিলটোত দুবাৰ কোব মাৰিলে; তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে।
\p
\v 12 তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা।
\v 13 সেই ঠাইৰ নাম মিৰীবা [বিবাদ] ৰাখিলে; কিয়নো ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰে সৈতে বিবাদ কৰিলে; আৰু তেওঁ তেওঁলোকৰ মাজত পবিত্ৰ হ’ল।
\p
\v 14 পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, আপোনাৰ ভাতৃ ইস্ৰায়েলে এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক আপুনি জানি আছে।
\v 15 আমাৰ পূৰ্বপুৰুষ সকল মিচৰলৈ নামি গৈছিল, সেই মিচৰতে আমি অনেক দিন বাস কৰি আছিলোঁ। আৰু মিচৰীয় সকলে আমালৈ আৰু আমাৰ পূৰ্বপুৰুষ সকললৈ কু-ব্যৱহাৰ কৰিলে।
\v 16 তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, আৰু তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চাওক, আমি আপোনাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।
\p
\v 17 বিনয় কৰোঁ, আপোনাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়ক। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা বাৰীৰ মাজেদি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজ বাটেদি গৈ থাকিম। যেতিয়ালৈকে আপোনাৰ দেশৰ সীমা পাৰ নহও তেতিয়ালৈকে আমি সোঁ কি বাওঁৱে নুঘূৰিম।”
\p
\v 18 তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।”
\v 19 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে তেওঁক ক’লে, “আমি কেৱল ৰাজ বাটেদি যাম, যদি আমি আৰু আমাৰ পশুবোৰে আপোনাৰ পানী খায়, তেন্তে আমি তাৰ মূল্য দিম; আমাক আন একোকে নালাগে, কেৱল আমাক বাটখিনি খোজকাঢ়ি যাব দিয়া।”
\p
\v 20 কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাব নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল।
\v 21 এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেই বাবেই ইস্ৰায়েল তাৰ পৰা ঘুৰি আন বাটেদি গ’ল।
\p
\v 22 তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ।
\v 23 তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 24 “হাৰোণক নিজ লোক সকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
\p
\v 25 তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা।
\v 26 আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোক সকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।”
\p
\v 27 তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল।
\v 28 আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল।
\v 29 যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।
\c 21
\s লোক সকলক সাপে দংশা। চীহোন আৰু ওগক পৰাজয় কৰা।
\p
\v 1 পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে।
\v 2 তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোক সকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।”
\v 3 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়া সকলক সমৰ্পণ কৰিলে। তেতিয়া লোক সকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
\p
\v 4 পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোক সকলৰ মন অতিশয় অধৈৰ্য হ’ল।
\v 5 আৰু লোক সকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
\p
\v 6 তেতিয়া যিহোৱাই লোক সকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
\v 7 লোক সকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোক সকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
\p
\v 8 যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।”
\v 9 তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীয়ে।
\p
\v 10 তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে।
\v 11 আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
\p
\v 12 তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে।
\v 13 আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়া সকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়া সকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
\p
\v 14 সেয়ে যিহোৱাৰ যুদ্ধ পুস্তকত এই উক্তি আছে,
\q1 “চুফাত ৱাহেব, আৰু অৰ্ণোনৰ উপত্যকা সমূহ,
\q1
\v 15 আৰু উপত্যকা সমূহৰ দাঁতি কষৰীয়া ঠাই,
\q1 যি ঠাই সমূহ আৰ নামৰ ঠাই অভিমুখী,
\q1 আৰু মোৱাবৰ সীনাৰ কষৰীয়া অঞ্চল সমূহ।”
\p
\v 16 তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোক সকলক গোটোৱা, মই তেওঁলোকক পানী দিম, সেই নাদলৈ যাত্ৰা কৰিলে।”
\p
\v 17 সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে:
\q1 “হে নাদ উঠলি উঠা; ইয়াৰ উদ্দেশ্যে গান গোৱা।
\q1
\v 18 এয়ে অধ্যক্ষ সকলে খনা নাদ,
\q1 লোক সকলৰ প্ৰধান সকলে ৰাজ-দণ্ডেৰে
\q1 আৰু নিজ নিজ লাখুটিৰে ইয়াক খন্দিলে।”
\m পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ গল।
\p
\v 19 মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ,
\v 20 আৰু বামোতৰ পৰা মোৱাবৰ উপত্যকালৈ যাত্ৰা কৰি যি পিচগা শৃঙ্গৰ পৰা সমূদায় অৰণ্য ভুমি দেখা পোৱা যায় তেওঁলোক সেই পিচগা শৃঙ্গ পায়গৈ।
\v 21 পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
\v 22 “আপুনি নিজ দেশৰ মাজেদি আমাক যাবলৈ দিয়ক; আমি শস্য বা দ্ৰাক্ষা ক্ষেত্ৰত নোসোমাও আৰু আপোনাৰ নাদৰ পানীও নাখাওঁ। আপোনাৰ দেশৰ সীমা পাৰ নহওঁমানে ৰাজ বাটে গৈ থাকিম।”
\v 23 তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
\p
\v 24 ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
\v 25 এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়া সকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকা বোৰত বাস কৰিবলৈ ধৰিলে।
\v 26 কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
\p
\v 27 এই কাৰণে কবি সকলে কয়,
\q1 “তোমালোক হিচবোনলৈ আহা,
\q1 চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
\q1
\v 28 কিয়নো হিচবোনৰ পৰা অগ্নি আৰু,
\q1 চীহোনৰ পৰা শিখা ওলাই,
\q1 মোৱাবৰ আৰ নগৰ গ্ৰাস কৰিলে,
\q1 আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভু সকলক গ্ৰাস কৰিলে।
\q1
\v 29 হে মোৱাব, তোমাৰ সন্তাপ হ’ল,
\q1 আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট হ’লা,
\q1 সি নিজৰ পুতেক বিলাকক পলাবলৈ,
\q1 আৰু নিজৰ জীয়েক বিলাকক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে,
\q1 ইমোৰীয়া সকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
\q1
\v 30 আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল।
\q1 মেদবালৈ বিস্তৃত
\q1 নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
\p
\v 31 এইদৰে ইস্ৰায়েলে ইমোৰীয়া সকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
\v 32 মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোক সকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়া সকলক দূৰ কৰিলে।
\p
\v 33 তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজা সকল ওলাল।
\v 34 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।”
\v 35 গতিকে তেওঁলোকৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেক বিলাকক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।
\c 22
\s ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পূব পাৰত মোৱাবৰ সমথলত ছাউনি পাতা। বালাক আৰু বিলিয়মৰ বিৱৰণ।
\p
\v 1 যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
\p
\v 2 তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়া সকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল।
\v 3 আৰু মোৱাবে লোক সকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল।
\v 4 মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
\p
\v 5 তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোক সকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
\v 6 মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”
\p
\v 7 পাছে মোৱাব আৰু মিদিয়নৰ বৃদ্ধ সকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।
\v 8 তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষ সকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
\p
\v 9 ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোক সকল কোন?”
\v 10 বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে,
\v 11 ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
\p
\v 12 তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
\v 13 পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষ সকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
\v 14 তাতে মোৱাবৰ অধ্যক্ষ সকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
\p
\v 15 বালাকে এইবাৰ তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষ সকলক পঠিয়ালে।
\v 16 তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
\v 17 কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
\p
\v 18 তেতিয়া বিলিয়মে বালাকৰ দাস বোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
\v 19 এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
\v 20 পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোক সকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
\p
\v 21 বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষ সকলৰ লগত প্ৰস্থান কৰিলে।
\v 22 পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
\v 23 তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
\p
\v 24 তেতিয়া যিহোৱাৰ দূত দুই ফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
\v 25 গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
\p
\v 26 যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
\v 27 তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
\p
\v 28 তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
\v 29 বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
\v 30 গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
\p
\v 31 তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।
\v 32 তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা।
\v 33 আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”
\p
\v 34 বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”
\v 35 তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোক সকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষ সকলেৰে সৈতে গ’ল।
\p
\v 36 পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল।
\v 37 পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
\p
\v 38 তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
\v 39 বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
\v 40 আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।
\p
\v 41 পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।
\c 23
\p
\v 1 বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেষ আয়োজন কৰা।”
\v 2 বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতাছাগ মেৰ উৎসৰ্গ কৰিলে।
\v 3 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱা, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
\p
\v 4 তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেষ উৎসৰ্গ কৰিলোঁ।”
\v 5 তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
\v 6 তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষ সকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।
\p
\v 7 তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে,
\q1 “বালাকে অৰামৰ পৰা মোক অনালে,
\q2 মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে।
\q1 ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া, তেওঁ ক’লে।
\q2 আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
\q1
\v 8 কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম?
\q2 আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?
\q1
\v 9 কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ;
\q2 আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ।
\q1 চোৱা, তেওঁলোক অকলে বাস কৰা লোক
\q2 জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
\q1
\v 10 যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে?
\q2 বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে?
\q1 ধাৰ্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক,
\q2 আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।”
\v 11 তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
\v 12 তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
\p
\v 13 পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
\v 14 তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেষ উৎসৰ্গ কৰিলে।
\v 15 পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
\p
\v 16 তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
\v 17 বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
\v 18 বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে,
\q1 “হে বালাক, উঠি শুনা,
\q2 হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
\q1
\v 19 ঈশ্বৰ মনুষ্য নহয় যে তেওঁ মিছা কথা ক’ব,
\q2 তেওঁ মানুহৰ সন্তানো নহয় যে তেওঁ মন ঘূৰাব।
\q1 তেওঁ কৈ জানো সিদ্ধ নকৰিব?
\q2 তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
\q1
\v 20 চোৱা, মই আশীৰ্ব্বাদ কৰিবলৈ আজ্ঞা পালোঁ।
\q2 তেওঁ আশীৰ্ব্বাদ কৰিলে; মই তাৰ অন্যথা কৰিব নোৱাৰোঁ।
\q1
\v 21 তেওঁ যাকোবত অধৰ্ম দেখা নাই,
\q2 বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই;
\q1 নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে,
\q2 আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
\q1
\v 22 ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে।
\q2 তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।
\q1
\v 23 নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই,
\q2 ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই।
\q1 এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব,
\q2 ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!
\q1
\v 24 চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে,
\q2 সিংহৰ দৰে নিজৰ গা দাঙিছে;
\q2 তেওঁ ধৰা পশু নাখায়মানে নুশুব,
\q2 আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”
\v 25 তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি তেওঁলোকক সমূলি শাৱো নিদিব আৰু সমূলি আশীৰ্ব্বাদো নকৰিব।”
\v 26 তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এই বুলি জানো মই তোমাক কোৱা নাছিলো?”
\v 27 তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”
\p
\v 28 গতিকে বালাকে যিচীমোনৰ ফাললৈ মুখ কৰা পিয়োৰৰ টিঙলৈ বিলিয়মক লৈ গ’ল।
\v 29 বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেষ আয়োজন কৰা।”
\v 30 তেতিয়া বালাকে বিলিয়মৰ বাক্য অনুসাৰে কাৰ্য কৰি, প্ৰত্যেক যজ্ঞবেদীতে এটা এটা ভতৰা আৰু এটা এটা মতা মেষ উৎসৰ্গ কৰিলে।
\c 24
\p
\v 1 যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
\p
\v 2 বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
\v 3 তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে,
\q1 বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল,
\q2 সেই পুৰুষে কৈছে,
\q1
\v 4 যি জনে ঈশ্বৰৰ বাক্য শুনে,
\q2 যি জনে সৰ্ব্বশক্তিমানৰ দৰ্শন পায়,
\q1 তেওঁ মাটিত পৰি চকু মেলি কৈছে,
\p
\v 5 হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ!
\q2 হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
\q1
\v 6 সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত,
\q2 আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ,
\q2 যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা,
\q2 আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।
\q1
\v 7 তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে;
\q2 তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব,
\q1 তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব,
\q2 তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
\q1
\v 8 ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে;
\q1 তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।
\q2 তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব,
\q2 আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব,
\q2 আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
\q1
\v 9 তেওঁ সিংহৰ দৰে পৰি শুলে,
\q2 সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব?
\q1 তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক,
\q2 আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
\p
\v 10 তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
\v 11 এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
\p
\v 12 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
\v 13 ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
\v 14 এতিয়া চোৱা, মই এই স্ব-জাতীয় লোক সকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজা সকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
\p
\v 15 বিলিয়ামে নিজৰ পদ্য গাই ক’লে,
\q1 বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে,
\q2 যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
\q1
\v 16 এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে,
\q1 আৰু সৰ্ব্বোপৰি জনাৰ তত্ত্ব জানে,
\q1 যি জনে সৰ্ব্বশক্তিমানৰ দৰ্শন পায়,
\q1 সেই জনে মাটিত পৰি চকু মেলি কৈছে।
\q1
\v 17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই;
\q1 তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই।
\q1 যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব,
\q1 ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব;
\q1 সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব,
\q1 আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
\q1
\v 18 তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব,
\q1 তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব;
\q1 তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
\q1
\v 19 যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব,
\q1 আৰু নগৰৰ অৱশিষ্ট লোক সকলক বিনষ্ট কৰিব।
\v 20 তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে,
\q1 “এই অমালেক জাতি সমূহৰ মাজত প্ৰথম;
\q1 কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”
\p
\v 21 তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে,
\q1 “তোমাৰ নিবাস অতি দৃঢ়,
\q1 আৰু তোমাৰ বাহ শিলত পতা।
\q1
\v 22 তথাপি কেনীয়ালোক বিনষ্ট হ’ব,
\q1 শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব।
\p
\v 23 তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে,
\q1 হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?
\q1
\v 24 আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব;
\q1 সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব,
\q1 কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”
\v 25 তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।
\c 25
\s ইস্ৰায়েলৰ সন্তান সকলৰ দেৱপূজা আৰু ব্যভিচাৰ।
\p
\v 1 পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোক সকলে মোৱাবৰ জীয়ৰী সকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
\v 2 কিয়নো সেই জীয়ৰী সকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোক সকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
\v 3 ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
\p
\v 4 যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোক সকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
\v 5 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা সকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোক সকলক বধ কৰা।”
\p
\v 6 পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতি সকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
\v 7 তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
\p
\v 8 সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলা গৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
\v 9 আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
\p
\v 10 যিহোৱাই মোচিক ক’লে,
\v 11 “হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তান সকলক বিনষ্ট নকৰিলোঁ।
\p
\v 12 এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
\v 13 সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিলে।”
\p
\v 14 হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়া সকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
\v 15 আৰু সেই হত হোৱা মিদিয়নীয়া মহিলা গৰাকীৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোক সকলৰ মূল মানুহ আছিল।
\p
\v 16 গতিকে যিহোৱাই মোচিক ক’লে,
\v 17 “তুমি মিদিয়নীয়া লোক সকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
\v 18 কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”
\c 26
\s ইস্ৰায়েলৰ সন্তান সকলক দ্বিতীয়বাৰ গণনা কৰা।
\p
\v 1 এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে,
\v 2 “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
\p
\v 3 তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোক সকলক ক’লে,
\v 4 “মোচি, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”
\p
\v 5 ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,
\v 6 হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী;
\v 7 এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।
\p
\v 8 আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।
\v 9 কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।
\p
\v 10 সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতা সকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টান্ত স্বৰূপ হ’ল।
\v 11 কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।
\p
\v 12 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল চিমিয়োনৰ সন্তান:
\q1 নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী,
\q1 যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
\q1 যামীনৰ পৰা যামীনীয়া গোষ্ঠী,
\q1 যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
\q1
\v 13 জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী,
\q1 চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
\v 14 চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
\p
\v 15 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল গাদৰ সন্তান:
\q1 চফোনৰ পৰা চফোনীয়া গোষ্ঠী,
\q1 হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী,
\q1 চূনীৰ পৰা চূনীয়া গোষ্ঠী,
\q1
\v 16 অজনী পৰা অজনীয়া গোষ্ঠী,
\q1 এৰীৰ পৰা এৰীয়া গোষ্ঠী,
\q1
\v 17 অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী,
\q1 অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
\v 18 গাদৰ এই গোষ্ঠীবোৰৰ লোক সকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
\p
\v 19 যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
\v 20 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল যিহূদাৰ সন্তান:
\q1 চেলাৰ পৰা চেলানীয়া গোষ্ঠী,
\q1 পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী,
\q1 জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
\v 21 পেৰচৰ সন্তান এই সকল:
\q1 হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী,
\q1 হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
\v 22 যিহূদাৰ এই গোষ্ঠীবোৰৰ লোক সকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
\p
\v 23 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল ইচাখৰৰ সন্তান:
\q1 তোলাৰ পৰা তোলাইয়া গোষ্ঠী,
\q1 পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
\q1
\v 24 যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী,
\q1 চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।
\v 25 ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোক সকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।
\p
\v 26 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল জবূলূনৰ সন্তান:
\q1 চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী,
\q1 এলোনৰ পৰা এলোনীয়া গোষ্ঠী,
\q1 যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।
\v 27 জবূলূনৰ এই গোষ্ঠীবোৰৰ লোক সকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।
\p
\v 28 নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।
\v 29 মনচিৰ সন্তান এইসকল:
\q1 মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী \f + \ft মাখীৰীয়া গোষ্ঠী মাখীৰৰ গিলিয়দৰ পিতৃ আছিল \f* ,
\q1 সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।
\p
\v 30 গিলিয়দৰ সন্তান এইসকল:
\q1 ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী,
\q1 হেলকৰ পৰা হেলকীয়া গোষ্ঠী
\q1
\v 31 অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী,
\q1 চেখমৰ পৰা চেখমীয়া গোষ্ঠী,
\q1
\v 32 চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী,
\q1 আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।
\p
\v 33 সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েক সকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।
\v 34 এই সকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোক সকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।
\p
\v 35 নিজ নিজ গোষ্ঠী অনুসৰি এই লোক সকল ইফ্ৰয়িমৰ সন্তান:
\q1 চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী,
\q1 বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী,
\q1 তহনৰ পৰা তহনীয়া গোষ্ঠী,
\v 36 আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।
\v 37 ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।
\p
\v 38 নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল:
\q1 বেলাৰ পৰা বেলাইয়া গোষ্ঠী,
\q1 অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী,
\q1 অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,
\q1
\v 39 চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী,
\q1 হূফমৰ পৰা হূফমীয়া গোষ্ঠী।
\p
\v 40 আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।
\v 41 নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।
\p
\v 42 নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোক সকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।
\v 43 চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।
\p
\v 44 নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোক সকল:
\q1 যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী,
\q1 যিচবিৰ পৰা যিচবিয়া গোষ্ঠী,
\q1 বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।
\v 45 বৰীয়াৰ সন্তান এই লোক সকল:
\q1 হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী,
\q1 মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।
\v 46 আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।
\v 47 আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।
\p
\v 48 নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল:
\q1 যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী,
\q1 গূণীৰ পৰা গূণীয়া গোষ্ঠী,
\q1
\v 49 যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী,
\q1 চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।
\v 50 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোক সকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।
\p
\v 51 ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোক সকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।
\p
\v 52 পাছত যিহোৱাই মোচিক ক’লে,
\v 53 “নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোক সকলৰ মাজত দেশ ভাগ কৰা হ’ব।
\p
\v 54 অধিককৈ থকা লোক সকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোক সকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।
\v 55 কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।
\v 56 লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”
\p
\v 57 নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল:
\q1 গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী,
\q1 কহাতৰ পৰা কহাতীয়া গোষ্ঠী,
\q1 মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।
\v 58 লেবীয়া গোষ্ঠী এই লোকসকল:
\q1 লিবনীয়া গোষ্ঠী,
\q1 হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী,
\q1 মুচীয়া গোষ্ঠী
\q1 আৰু কোৰহীয়া গোষ্ঠী।
\p
\v 59 অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবী সকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।
\p
\v 60 হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।
\p
\v 61 কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে যিহোৱাই অনুমোদন নকৰা জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।
\v 62 তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষ সকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।
\p
\v 63 এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।
\v 64 কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোক সকলৰ মাজত নাছিল।
\p
\v 65 কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।
\c 27
\s চলফাদৰ জীয়েক সকলক উত্তৰাধীকাৰ দিয়া, আৰু সেই বিষয়ৰ বিধি। মোচিৰ পদত যিহোচূৱাক নিযুক্ত কৰা।
\p
\v 1 পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
\p
\v 2 তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষ সকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,
\p
\v 3 “আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতা সকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
\p
\v 4 আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাই সকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
\v 5 তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।
\p
\v 6 তেতিয়া যিহোৱাই মোচিক কলে,
\v 7 “চলফাদৰ জীয়েক সকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাই সকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পায় সেই বিষয়ে নিশ্চিত কৰিবা।
\v 8 আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।
\p
\v 9 যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।
\v 10 যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাই সকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।
\v 11 যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধিকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ব বিষয়ক বিধি হ’ব’।”
\p
\v 12 যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
\v 13 তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোক সকলৰ ওচৰলৈ নিয়া হ’ব।
\v 14 কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোক সকলৰ আগত মোক পবিত্ৰ ৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।
\p
\v 15 তেতিয়া মোচিয়ে যিহোৱাক ক’লে,
\v 16 “হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জনে
\v 17 ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
\v 18 তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
\v 19 আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।
\p
\v 20 ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।
\v 21 তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তানে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
\v 22 পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।
\v 23 তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।
\c 28
\s নিৰূপিত সময়ত দিব লগা বলিদান-বিষয়ক বিধি।
\p
\v 1 পাছত যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু সুঘ্ৰাণাৰ্থক ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।
\p
\v 3 এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, ‘তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেষ পোৱালি ল’বা।
\v 4 এটা মেষ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেষ পোৱালি সন্ধিয়া পৰত উৎসৰ্গ কৰিবা।
\v 5 আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।
\p
\v 6 এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰ স্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল।
\v 7 আৰু তাৰ প্ৰথম মেষ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ’ব; তুমি পবিত্ৰ স্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্য স্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা।
\v 8 আৰু দ্বিতীয় মেষ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা।
\p
\v 9 আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিঘূণ মতা মেষ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা।
\v 10 নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।
\p
\v 11 আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেষ আৰু সাতোটা নিঘূণ মতা মেষ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা।
\v 12 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেষটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি,
\v 13 আৰু প্ৰত্যেক মেষ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্য স্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।
\p
\v 14 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেষটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ’ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম।
\v 15 আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলি স্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।
\p
\v 16 পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব হ’ব।
\v 17 আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ’ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব।
\v 18 প্ৰথম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ধৰণৰ কৰ্ম নকৰিবা।
\p
\v 19 কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে দুটা দমৰা গৰু, এটা মতা মেষ আৰু সাতোটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিঘূণ পশু হ’ব।
\v 20 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেষটোৰ কাৰণে দহ ভাগৰ দুভাগ হব।
\v 21 আৰু মেষ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
\v 22 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
\p
\v 23 নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা।
\v 24 এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্য স্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা।
\v 25 আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ধৰণৰ কৰ্ম নকৰিবা।
\p
\v 26 যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা কোনো ধৰণৰ কৰ্ম নকৰিবা।
\v 27 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে দুটা দমৰা গৰু, এটা মতা মেষ আৰু সাতোটা এবছৰীয়া মতা মেষ পোৱালি
\v 28 আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেষটোৰ কাৰণে দহ ভাগৰ দুভাগ লবা।
\p
\v 29 আৰু মেষ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা
\v 30 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
\v 31 নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিঘূণ পশু হ’ব লাগিব’।”
\c 29
\p
\v 1 আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব।
\p
\v 2 সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেষ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেষ পোৱালি ৰাখিবা।
\p
\v 3 আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
\v 4 আৰু মেষ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
\v 5 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলি স্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
\p
\v 6 নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধি মতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 7 সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা।
\v 8 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেষ আৰু সাতোটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব।
\p
\v 9 আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেষটোৰ কাৰণে দহ ভাগৰ দুভাগ,
\v 10 আৰু মেষ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
\v 11 আৰু পাপাৰ্থক বলি স্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 12 আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।
\v 13 আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব।
\p
\v 14 আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেষ দুটাৰ প্ৰত্যেক মেষৰ কাৰণে দহ ভাগৰ দুভাগ,
\v 15 আৰু মতা মেষ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেষ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
\v 16 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 17 আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া নিৰ্ঘূণ মতা মেষ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
\v 18 আৰু দমৰা গৰুৰ, মেষৰ আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধি মতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা।
\v 19 নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 20 আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া নিৰ্ঘূণ মতা মেষ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব।
\v 21 আৰু দমৰা গৰুৰ, মেষ আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
\v 22 আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 23 আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া নিৰ্ঘণ মতা মেষ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।
\v 24 আৰু দমৰা গৰুৰ, মেষ, আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
\v 25 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 26 আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেষ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।
\v 27 আৰু দমৰা গৰু, মেষ, মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব;
\v 28 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 29 আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।
\v 30 আৰু দমৰা গৰু, মেষ আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধি মতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
\v 31 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 32 আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেষ আৰু চৌধ্যটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।
\v 33 আৰু দমৰা গৰু, মেষ আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধি মতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
\v 34 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 35 অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন কৰ্ম নকৰিবা।
\v 36 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেষ আৰু সাতোটা এবছৰীয়া মতা মেষ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।
\p
\v 37 আৰু দমৰা গৰু, মেষ আৰু মেষ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
\v 38 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
\p
\v 39 সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”
\v 40 মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।
\c 30
\s সঙ্কল্প আৰু ব্ৰত-বিষয়ক বিধি।
\p
\v 1 পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ মূল লোক সকলক ক’লে, যিহোৱাই এই আজ্ঞা দিছে,
\v 2 কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।
\p
\v 3 আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে
\v 4 আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।
\p
\v 5 কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।
\p
\v 6 আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনা ৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়,
\v 7 আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
\v 8 কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনা ৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।
\p
\v 9 কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব।
\v 10 আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে,
\v 11 আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
\p
\v 12 কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।
\p
\v 13 মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে।
\v 14 কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলো ভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।
\p
\v 15 কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব।
\v 16 স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।
\c 31
\s মিদিয়নীয়া সকলৰ পৰাজয় আৰু বিনাশ।
\p
\v 1 পাছত যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়া সকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোক সকলৰ মাজত তোমাক নিয়া হ’ব।”
\p
\v 3 তেতিয়া মোচিয়ে লোক সকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।
\v 4 তোমালোকে ইস্ৰায়েলৰ প্রত্যেকটো ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”
\v 5 তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।
\p
\v 6 তাৰ পাছত মোচিয়ে, প্ৰত্যেকটো ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে তুৰী সেই পীনহচৰ হাতত আছিল।
\v 7 মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।
\v 8 আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজা সকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
\p
\v 9 ইস্ৰায়েলৰ সৈন্য সকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেষৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
\v 10 তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
\p
\v 11 তেওঁলোকে লুট-দ্রব্য আৰু বন্দীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।
\v 12 তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
\p
\v 13 তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষ সকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
\v 14 তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতি সকলৰ ওপৰত মোচিৰ খং উঠিল।
\v 15 মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলা সকলক জীয়াই ৰাখিছা নেকি?
\p
\v 16 চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।
\v 17 এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।
\p
\v 18 কিন্তু ছোৱালী বিলাকৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
\v 19 তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোক সকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।
\v 20 আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেষৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
\p
\v 21 পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোক সকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
\v 22 কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
\v 23 আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
\v 24 আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
\p
\v 25 যিহোৱাই পুনৰায় মোচিক ক’লে,
\v 26 “তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষ, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;
\v 27 আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোক সকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;
\p
\v 28 আৰু যুদ্ধলৈ যোৱা লোক সকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেষ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰ স্ৱৰূপে লোৱা;
\v 29 তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।
\p
\v 30 আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেষ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়া সকলক দিয়া।”
\v 31 তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।
\p
\v 32 ৰণুৱা সকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা হৈছে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেষ
\v 33 বাসত্তৰ হাজাৰ ষাঁড়-গৰু,
\v 34 এষষ্ঠী হাজাৰ গাধ,
\v 35 আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।
\p
\v 36 যুদ্ধলৈ যোৱা সৈন্য সকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেষ;
\v 37 সেই মেষবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।
\v 38 ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।
\p
\v 39 গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।
\v 40 মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।
\v 41 তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।
\p
\v 42 আৰু যুদ্ধলৈ যোৱা লোক সকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-
\v 43 মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেষ,
\v 44 ছয়ত্ৰিশ হাজাৰ বলদ গৰু,
\v 45 ত্ৰিশ হাজাৰ পাঁচশটা গাধ
\v 46 আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।
\p
\v 47 ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়া সকলক দিলে।
\p
\v 48 তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতি সকল মোচিৰ ওচৰলৈ আহিল।
\v 49 তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
\p
\v 50 এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰূপে আনিলোঁ।”
\v 51 তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।
\p
\v 52 সহস্ৰপতি আৰু শতপতি সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;
\v 53 কিয়নো সৈন্য সকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।
\v 54 পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতি সকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।
\c 32
\s যৰ্দ্দনৰ সিপাৰৰ দেশ ভাগ বাঁটি দিয়া।
\p
\v 1 ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
\v 2 সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ অধ্যক্ষ সকলক ক’লে,
\v 3 অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
\v 4 এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাস সকল, আমাৰ অধিক পশুৰ জাক আছে।”
\v 5 তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাস বোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”
\p
\v 6 তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাই সকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
\v 7 যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
\p
\v 8 যি কালত মই তোমালোকৰ পিতৃ সকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।
\v 9 কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
\p
\v 10 এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,
\v 11 ‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোক সকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণ ৰূপে নচলিলে;
\v 12 কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
\p
\v 13 এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু-কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
\v 14 এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোক সকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃ সকলৰ ঠাইত উঠিছা।
\v 15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
\p
\v 16 তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম;
\v 17 আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসী সকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।
\p
\v 18 ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।
\v 19 আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
\p
\v 20 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
\v 21 তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈকে তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে।
\v 22 আৰু তেওঁৰ আগত যেতিয়ালৈকে দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধিকাৰ হ’ব।
\p
\v 23 কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
\v 24 তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেষ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।”
\v 25 তেতিয়া গাদ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব।
\v 26 আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নী সকল আৰু মেষ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।
\v 27 কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
\p
\v 28 তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰ, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষ সকলক উপদেশ দিলে।
\v 29 মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
\v 30 কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধিকাৰ পাব।”
\p
\v 31 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেই দৰেই কৰিম।
\v 32 আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধিকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”
\p
\v 33 পাছত মোচিয়ে গাদ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়া সকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।
\p
\v 34 গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
\v 35 অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,
\v 36 বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেষবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে।
\p
\v 37 আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,
\v 38 নবো, আৰু বাল-মিয়োন \f + \ft বাল-মিয়োন পাছলৈ এই নামবোৰ সলনি কৰা হ’ল \f* , আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।
\v 39 আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়া সকলক দূৰ কৰিলে।
\p
\v 40 পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোক সকলে তাৰ মাজত বাস কৰিলে।
\v 41 আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।
\v 42 আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।
\c 33
\s ইস্ৰায়েলৰ সন্তানসকলে বাটে বাটে থাকি ৰাওনা হোৱা ঠাইবোৰৰ তালিকা।
\p
\v 1 ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
\v 2 মোচিয়ে যিহোৱাৰ আজ্ঞা মতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা:
\p
\v 3 প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
\v 4 তেতিয়া মিচৰীয়া সকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
\p
\v 5 ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
\v 6 আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
\v 7 আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
\p
\v 8 তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
\v 9 আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমুক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
\v 10 পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
\p
\v 11 আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
\v 12 পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
\v 13 আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
\v 14 আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোক সকলৰ খাবলৈ পানী নাছিল।
\p
\v 15 পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
\v 16 আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
\v 17 আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
\v 18 আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
\p
\v 19 আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
\v 20 আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
\v 21 আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
\v 22 আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
\p
\v 23 আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
\v 24 পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
\v 25 আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
\v 26 আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
\p
\v 27 আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
\v 28 আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
\v 29 আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
\v 30 আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
\p
\v 31 আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
\v 32 আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
\v 33 আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
\v 34 আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
\p
\v 35 আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
\v 36 আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
\v 37 আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
\p
\v 38 এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
\v 39 হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
\p
\v 40 আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
\p
\v 41 পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
\v 42 আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
\v 43 আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
\p
\v 44 আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
\v 45 আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
\v 46 আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
\p
\v 47 আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
\v 48 আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
\v 49 আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
\p
\v 50 তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
\v 51 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
\v 52 তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
\p
\v 53 আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
\v 54 আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধিকাৰ আৰু তাকৰক কম উত্তৰাধিকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
\p
\v 55 কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
\v 56 আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”
\c 34
\s কনান দেশৰ সীমা আৰু দেশ ভাগ কৰি দিয়া লোকৰ তালিকা।
\p
\v 1 পাছত যিহোৱাই মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰি সীমা অনুসাৰে এয়ে কনান দেশ,
\v 3 তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱ ফালে হ’ব।
\p
\v 4 আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অচমোনলৈকে যাব।
\v 5 পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।
\p
\v 6 আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।
\p
\v 7 আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।
\v 8 পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশ স্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।
\v 9 আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।
\p
\v 10 আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।
\v 11 পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।
\v 12 পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰি ফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”
\p
\v 13 পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
\v 14 কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তান সকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তান সকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
\v 15 যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
\p
\v 16 পাছত যিহোৱাই মোচিক ক’লে,
\v 17 যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।
\v 18 আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।
\p
\v 19 সেই লোক সকলৰ নাম এই:
\p যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
\q1
\v 20 আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।
\p
\v 21 আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।
\q1
\v 22 আৰু দানৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।
\q1
\v 23 আৰু যোচেফৰ পুত্ৰ সকলৰ মাজত মনচিৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।
\q1
\v 24 আৰু ইফ্ৰয়িমৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।
\q1
\v 25 আৰু জবূলূনৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।
\q1
\v 26 আৰু ইচাখৰৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।
\q1
\v 27 আৰু আচেৰৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।
\q1
\v 28 আৰু নপ্তালীৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।
\v 29 কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।
\c 35
\s লেবীয়া সকলৰ নগৰ আৰু আশ্ৰয় নগৰ নিৰূপণ।
\p
\v 1 পাছত যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে,
\v 2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়া সকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।
\p
\v 3 তেতিয়া, তেওঁলোকে নিবাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ’ব আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেষ আদি পশু চৰাবৰ বাবে হ’ব।
\v 4 আৰু তোমালোকে যি যি নগৰ লেবীয়া সকলক দিবা, তাৰ চৰণী ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে এক হাজাৰ হাতলৈকে হ’ব।
\p
\v 5 আৰু তোমালোকে নগৰৰ বাহিৰে, পূৱদিশে দুই হাজাৰ হাত আৰু দক্ষিণ দিশে দুই হাজাৰ হাত, পশ্চিম দিশে দুই হাজাৰ হাত আৰু উত্তৰ দিশে দুই হাজাৰ হাত জুখি দিবা; তাৰ মাজ ঠাইত নগৰ থাকিব; এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ’ব।
\p
\v 6 তোমালোকে যি যি নগৰ লেবীয়া সকলক দিবা, সেইবোৰ নগৰৰ মাজত, মানুহ বধী পলাবৰ কাৰণে ছখন আশ্ৰয় নগৰ হ’ব লাগিব; আৰু তাৰ বাহিৰেও বিয়াল্লিশখন নগৰ তোমালোকে তেওঁলোকক দিবা।
\v 7 তোমালোকে সৰ্ব্বমুঠ আঠচল্লিশখন নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা।
\p
\v 8 আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকৰ পৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়া সকলক দিবা।”
\p
\v 9 পাছত যিহোৱাই মোচিক ক’লে,
\v 10 “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰ হৈ কনান দেশত সোমাবা,
\v 11 তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।
\p
\v 12 আৰু মানুহ বধীটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এই কাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয়স্থান হ’ব।
\v 13 আৰু যি যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ ছখন আশ্ৰয়-নগৰ হ’ব।
\p
\v 14 তোমালোকে তাৰ মাজৰ তিনিখন নগৰ যৰ্দ্দনৰ পূৱ পাৰত আৰু আন তিনিখন কনান দেশত দিবা। সেইবোৰ আশ্ৰয়-নগৰ হ’ব।
\v 15 যিকোনোৱে অজানিতে ঘটনা ক্ৰমে মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।
\p
\v 16 কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহ বধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব।
\v 17 নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
\v 18 নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
\p
\v 19 ৰক্তপাতৰ প্ৰতিকাৰ সাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।
\v 20 আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে,
\v 21 নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰ সাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।
\p
\v 22 কিন্তু যদি শত্ৰু ভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে,
\v 23 বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী গণ্য নহ’ব।
\p
\v 24 তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব।
\v 25 আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।
\p
\v 26 কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়,
\v 27 আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব।
\v 28 কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।
\p
\v 29 আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব।
\v 30 যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।
\p
\v 31 আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
\v 32 আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।
\p
\v 33 এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
\v 34 এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”
\c 36
\s উত্তৰাধিকাৰিণীৰ বিষয়ে দিয়া বিধি।
\p
\v 1 পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,
\v 2 তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েক সকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।
\p
\v 3 কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব।
\v 4 আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”
\p
\v 5 তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে।
\v 6 যিহোৱাই চলফাদৰ জীয়েক বিলাকৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’
\p
\v 7 এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।
\p
\v 8 আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।
\v 9 তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”
\p
\v 10 চলফাদৰ জীয়েক বিলাকে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
\v 11 কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেক সকলৰ সৈতে বিয়া হ’ল।
\v 12 যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।
\p
\v 13 যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।

1628
05-DEU.usfm Normal file
View File

@ -0,0 +1,1628 @@
\id DEU
\ide UTF-8
\h দ্বিতীয় বিৱৰণ
\toc1 তীয় বিৱৰণ
\toc2 দ্বিতীয় বিৱৰণ
\toc3 deu
\mt1 দ্বিতীয় বিৱৰণ
\c 1
\s মোচিয়ে কোৱা ইস্ৰায়েলৰ ইতিহাস, হোৰেব পাহাৰ এৰি যোৱাৰ আজ্ঞা
\p
\v 1 যৰ্দ্দনৰ পূব দিশত মৰু প্ৰান্তৰ চুফ সাগৰৰ সন্মুখৰ অৰাবতি, অৰ্থাৎ পাৰণ, তোফল, লাবন, হচেৰোত আৰু দীবাহোৰেবৰ মাজ স্থানত ইস্ৰায়েলৰ সকলো সন্তানক কব লগীয়া কথাবোৰ মোচিয়ে কৈছিল।
\v 2 হোৰেব \f + \ft হোৰেব চিনয় \f* পাহাৰৰ পৰা চেয়ীৰ পৰ্ব্বতমালাৰ পথেদি কাদেচ-বৰ্ণেয়ালৈ যাবলৈ এঘাৰ দিন লাগে।
\v 3 ইস্রায়েলীয়া সকলে মিচৰ দেশ ত্যাগ কৰাৰ চল্লিশ বছৰৰ বছৰি একাদশ মাহৰ প্রথম দিনা যিহোৱাই ইস্ৰায়েল সকলৰ সম্পর্কে মোচিক যি সকলো আজ্ঞা দিছিল, সেই সকলো কথা তেওঁ তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে।
\v 4-5 যিহোৱাই ইমোৰীয়া সকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত যৰ্দ্দনৰ পূব পাৰে মোৱাব দেশত মোচিয়ে যিহোৱাৰ এই আজ্ঞা সমূহ দিবলৈ ধৰি কলে:
\v 6 “হোৰেব পাহাৰত, আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
\v 7 এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা। ইমোৰীয়া সকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা। তাৰ ওচৰ-পাজৰৰ সকলো ঠাইলৈকে যোৱা। তাৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথল, পাহাৰীয়া অঞ্চল, নিম্ন ভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰ তীৰলৈকে যোৱা। কনানীয়া সকলৰ দেশৰ লগতে লিবানোনৰ পাহাৰলৈকে ইউফ্রেটিচ \f + \ft ইউফ্রেটিচ ফৰাৎ \f* নামৰ মহানদী পর্যন্ত যোৱা।
\v 8 শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।”
\s নেতা নিয়োগ কৰা
\p
\v 9 সেই সময়ত মই তোমালোকক কৈছিলোঁ, “মোৰ পক্ষে তোমালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়।
\v 10 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চোৱা, আজি তোমালোকৰ সংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লা।
\v 11 তোমালোকৰ পূর্ব পুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ তোমালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই তোমালোকৰ তেওঁ আশীৰ্ব্বাদ কৰক।
\v 12 কিন্তু মই অকলে কেনেকৈ তোমালোকৰ সকলো বাদ-বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম?
\v 13 তোমালোককে তোমালোকৰ প্রত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানৱান, বিজ্ঞ আৰু সুখ্যাতিপূর্ণ লোকক বাচি লোৱা; মই তোমালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম।”
\p
\v 14 তোমালোকে তাৰ উত্তৰত মোক কৈছিলা, “আপুনি যি কথা কৈছে তাকে কৰা ভাল।”
\v 15 সেয়ে মই তোমালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোক সকলক লৈ তোমালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।
\v 16 তোমালোকৰ বিচাৰক সকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, “তোমালোকে বাদ-বিবাদৰ সময়ত ভাই সকলৰ দুই পক্ষৰ কথা শুনি ন্যায় ভাৱে বিচাৰ কৰিবা; সেই বিবাদ ইস্রায়েলীয়া ভাই সকলৰ মাজতেই হওঁক বা এজন ইস্রায়েলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওঁক;
\v 17 বিবাদৰ বিচাৰৰ সময়ত তোমালোকে কাৰো পক্ষ নলবা আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিবা। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে তোমালোকে মানুহৰ মুখলৈ চাই ভয় নাখাবা। যদি কোনো বিবাদ তোমালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিবা, মই সেই বিচাৰ কৰিম।”
\v 18 তোমালোকে কৰিব লগীয়া সকলোবোৰেই মই তেতিয়া তোমালোকক আজ্ঞা দিছিলোঁ।
\s কনান দেশলৈ গুপ্তচৰ পঠোৱা
\p
\v 19 ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমোৰীয়া সকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্রা কৰিছিলোঁ। তোমালোকে যি ডাঙৰ আৰু বিপদ সংকুল মৰুপ্ৰান্ত দেখিছিলা, তাৰ মাজেদি আমি গৈ কাদেচ-বৰ্ণেয়া পাইছিলোঁ।
\p
\v 20 তাৰ পাছত মই তোমালোকক কৈছিলোঁ, “তোমালোক ইমোৰীয়া পাহাৰী অঞ্চল আহি পালা। আমাৰ ঈশ্বৰ যিহোৱাই আমাক এই দেশ দিবলৈ গৈ আছে।
\v 21 চোৱা তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ তোমালোকৰ আগত আছে। তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰা: তোমালোকে ভয় নকৰিব, নিৰাশ নহবা।”
\p
\v 22 তেতিয়া তোমালোক সকলোৱে আহি মোক কৈছিলা, “কেইজনমান লোক আগেয়ে পঠাই দিয়া হওঁক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক কব পাৰে কোন পথেৰে গৈ আমি আক্রমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম।”
\v 23 তোমালোকৰ এই প্রস্তাৱ মোৰ ভাল লাগিছিল; সেয়ে মই তোমালোকৰ প্রত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাচি লৈছিলোঁ।
\v 24 তেওঁলোকে পার্বত্য দেশৰ ওপৰলৈ উঠি গৈছিল আৰু ইষ্কোলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল।
\v 25 তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, “আমাৰ ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, ই সঁচাকৈয়ে এক উত্তম দেশ।”
\v 26 কিন্তু তোমালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিলা। তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিলা।
\v 27 তোমালোকে তোমালোকৰ তম্বুত আপত্তি দর্শাই কৈছিলা, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়া সকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
\v 28 এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাই সকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবা-সীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰৰ দৈত্যকায় লোক সকলকো দেখিলোঁ।’”
\p
\v 29 তেতিয়া মই তোমালোকক কৈছিলোঁ, “তোমালোকে ভয় নকৰিবা, সেই লোক সকললৈ ভয় নকৰিব।
\v 30 তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ আগে আগে আছে আৰু তেওঁ তোমালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত তোমালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব।
\v 31 পুনৰ তোমালোকে মৰুপ্ৰন্তত দেখিছিলা যে, কেনেদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি তোমালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে তোমালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক লৈ আনিলে।”
\v 32 তথাপিও ইমানতো তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নকৰিলা।
\v 33 যিহোৱা তোমালোকৰ যাত্রা পথত আগে আগে গৈছিল, যাতে তেওঁ তোমালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি তোমালোক যোৱা উচিত, সেই পথ দেখুৱাই তোমালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নি স্তম্ভৰ মাজেৰে আৰু দিনত মেঘ স্তম্ভৰ মাজেদি তোমালোকৰ আগে আগে গৈছিল।
\v 34 তোমালোকৰ কথা শুনি যিহোৱাই ক্রোধিত হৈ শপত খাই এইদৰে কৈছিলা,
\v 35 “যি উত্তম দেশ তোমালোকৰ পূর্বপুৰুষ সকলক দিম বুলি মই শপত খাইছিলোঁ, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোক সকলৰ মাজৰ এজনেও সেই উত্তম দেশ দেখা নাপাব।
\v 36 কেৱল যিফুন্নিৰ পুত্ৰ কালেবে তাক দেখিব; কালেবে যি ঠাইৰ মাজেদি গৈছিল, সেই ভূমি মই তেওঁক আৰু তেওঁৰ বংশধৰ সকলক দিম। কাৰণ তেওঁ যিহোৱাৰ পথত সম্পুৰ্ণ ভাৱে চলিলে।”
\v 37 তোমালোকৰ বাবে যিহোৱাই মোৰ ওপৰতো ক্রুদ্ধ হৈ কৈছিল, “তুমিও সেই ঠাইত সোমাবলৈ নাপাবা।
\v 38 কিন্তু পৰিচাৰক হিচাবে তোমাৰ আগত থকা নুনৰ পুত্ৰ যিহোচূৱাইহে সেই দেশত প্রৱেশ কৰিব; তুমি যিহোচূৱাক উৎসাহিত কৰিবা, কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেৱেই ইস্ৰায়েল সকলক নেতৃত্ব দি আগবঢ়াই নিব।
\v 39 তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰ ক্ষতিগ্রস্ত হ’ব; কিন্তু শিশুবোৰে সেই দেশত প্রৱেশ কৰিব। কাৰণ, সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বর্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব।
\v 40 কিন্তু তোমালোকে হ’লে চূফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা।”
\v 41 যিহোৱাৰ এই কথা শুনি তোমালোকে মোক কৈছিলা, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ; আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰেই সকলো কার্য কৰিম।” এই বুলি তোমালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ-শস্ত্র লৈ পার্বত্য অঞ্চল আক্রমণ কৰিবলৈ যুগুত হৈছিলা।
\v 42 তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
\p
\v 43 মই তোমালোকক সেই কথা জনাইছিলোঁ, কিন্তু তোমালোকে তাক নুশুনিলা। তোমালোকে যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলা; কিন্তু তোমালোক অভিমানী লোক আৰু পার্বত্য অঞ্চললৈ উঠি গৈছিলা।
\v 44 সেই পৰ্ব্বতত বাস কৰা ইমোৰীয়া সকলে তোমালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে তোমালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে তোমালোকক আঘাত কৰি খেদি নিছিল।
\v 45 তেতিয়া তোমালোকে উলটি আহি যিহোৱাৰ আগত কান্দিছিলা, কিন্তু যিহোৱাই তোমালোকৰ ক্রন্দন নুশুনিলে; তেওঁ তোমালোকৰ ক্রন্দনলৈ কাণ নিদিলে।
\v 46 এইদৰে তোমালোক কাদেচত অনেক দিন ধৰি আছিলা আৰু তাতেই দীর্ঘদিন অতিবাহিত কৰিছিলা।
\c 2
\s মৰুপ্ৰান্তৰ ইস্রায়েলী সকল
\p
\v 1 যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ \f + \ft চেয়ীৰ ইদোম \f* পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
\v 2 তাৰ পাছত যিহোৱাই মোক কৈছিল,
\v 3 “তোমালোকে অনেক দিন ধৰি এই পাহাৰী এলেকাত ঘূৰিলা; এতিয়া উত্তৰ ফালে ঘূৰা।
\v 4 তুমি লোক সকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰ সকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
\v 5 তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।
\p
\v 6 তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা; সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা।
\v 7 কিয়নো, মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিছে; এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে ঘূৰি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই।”
\p
\v 8 সেয়ে আমি আমাৰ ভাই চেয়ীৰৰ বাসিন্দা এচৌৰ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলৎ ও ইচিয়োন-গেবৰ নগৰৰ পৰা অৰাবাৰ বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱা পথৰ ফালে ঘূৰিছিলোঁ।
\p
\v 9 তাৰ পাছত যিহোৱাই মোক কৈছিল, “তোমালোকে মোৱাবীয়া সকলক বিৰক্ত নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা। তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ।”
\p
\v 10 পূর্বে এই ঠাইত এমীয়া সকলে বাস কৰিছিল; এমীয়া জাতিৰ লোক সকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়া সকলৰ দৰে দীৰ্ঘকায়।
\v 11 অনাকীয়া সকলৰ দৰে এমীয়া সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়া সকলে তেওঁলোকক এমীয়া বুলি কয়।
\v 12 চেয়ীৰতো পূর্বে হোৰীয়া সকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰ সকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েল সকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰ সকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়া সকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে।
\p
\v 13 পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ।
\v 14 কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল।
\v 15 ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
\p
\v 16 সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোক সকলৰ মাজৰ পৰা গ’ল।
\v 17 যিহোৱাই মোক কৈছিল,
\v 18 “আজি তোমালোকে মোৱাবৰ সীমাইদি আৰ নগৰ পাৰ হৈ যাব লাগে।
\v 19 তোমালোকে যেতিয়া অম্মোনৰ লোক সকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়া সকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰ সকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
\v 20 সেই দেশকো ৰফায়ীয়া সকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়া সকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়া সকলে তেওঁলোকক জুমজুমীয়া বুলিছিল।
\v 21 এই জাতিৰ লোক সকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়া সকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়া সকলে জুমজুমীয়া সকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।
\v 22 যিহোৱাই চেয়ীৰ-নিবাসী এচৌৰ বংশধৰ সকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহোৱাই এচৌৰ লোক সকলৰ সন্মুখৰ পৰা হোৰীয়া সকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাইৰ আধিপত্য ল’লে; আজি পর্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে।
\p
\v 23 কপ্তোৰৰ পৰা কপ্তোৰীয়া সকলে আহি অবীয়া সকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়া সকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
\s ইমোৰীয়া লোকৰ সৈতে যুদ্ধ
\p
\v 24 তাৰ পাছত যিহোৱাই কৈছিল, “তোমালোক উঠা আৰু যাত্ৰা কৰি অৰ্ণোন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিচবোনৰ ৰজা ইমোৰীয়া চীহোনক আৰু তেওঁৰ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ; তোমালোকে তাক অধিগ্রহণ কৰিবলৈ আৰম্ভ কৰা; সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা।
\v 25 আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ দ্বাৰা এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
\p
\v 26 সেয়ে মই কদেমোৎ মৰুভূমিৰ হিচবোনৰ ৰজা চীহোনলৈ লোক পঠাই শান্তিৰ প্রস্তাৱ দি কৈছিলোঁ,
\v 27 “আপোনাৰ দেশৰ মাজেদি আমাক ৰাজআলিয়েদি যাবলৈ দিয়ক; মই সোঁ বা বাওঁ কোনো ফালে নুঘূৰিম।
\v 28 আপোনালোকে ধনৰ বিনিময়ত আমাক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়ক।
\v 29 চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়া সকলে আমাক তেওঁলোকৰ দেশৰ মাজেদি যাবলৈ দিয়াৰ দৰে আপুনিও আমাক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”
\p
\v 30 কিন্তু হিচবোনৰ ৰজা চীহোনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল, যাতে তেওঁ তোমালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে।
\v 31 পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।”
\v 32 তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চীহোন আৰু তেওঁৰ সকলো লোক যহচ নামৰ ঠাইলৈ ওলাই আহিছিল।
\v 33 আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্র সকলক আৰু তেওঁৰ লোক সকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
\v 34 সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
\v 35 কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
\v 36 অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রু পক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
\v 37 কেৱল অম্মোনৰ বংশধৰ সকলৰ দেশ, যব্বোক নদীৰ কাষলৈ, পার্বত্য অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ যিহোৱাই নিষেধ কৰিছিল, তাৰ ওচৰলৈ তোমালোক যোৱা নাই।
\c 3
\s বাচানৰ লোক সকলৰ সৈতে যুদ্ধ
\p
\v 1 তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গলো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল।
\v 2 তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোক সকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়া সকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”
\p
\v 3 এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
\v 4 সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ আটাইখিনি আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ।
\v 5 সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল।
\v 6 আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ।
\v 7 কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
\p
\v 8 সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়া সকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ।
\v 9 (চীদোনৰ লোক সকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়া সকলে চনীৰ বোলে।)
\v 10 সেই সমথল ভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
\v 11 অৱশিষ্ট ৰফায়ীয়া লোক সকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰ সকলে বাস কৰা ৰব্বা নগৰত নাই?
\s ভূমিৰ ভাগ বিতৰণ
\p
\v 12 সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ।
\v 13 গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়া সকলৰ দেশ বোলা হয়।
\v 14 যায়ীৰ নামেৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)
\v 15 মই মাখীৰক গিলিয়দ দিলোঁ।
\v 16 ৰূবেণীয় আৰু গাদ ফৈদৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যব্বোক নদীলৈকে দিলোঁ। যব্বোক নদীখন অম্মোনৰ বংশধৰ সকলৰ সীমা।
\v 17 ইয়াৰ আন সীমাবোৰ হৈছে যৰ্দ্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ \f + \ft কিন্নৰতৰ গালীল সাগৰ \f* পৰা অৰাবা সাগৰলৈকে \f + \ft অৰাবা সাগৰলৈকে লৱন বা মৰু সাগৰ \f* আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে।
\p
\v 18 সেই সময়ত মই তোমালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু তোমালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, তোমালোকৰ অন্যান্য ইস্ৰায়েল ভাই সকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।
\v 19 অৱশ্যে, মই তোমালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত তোমালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে তোমালোকৰ পশুধনবোৰ থাকিব। মই জানো যে তোমালোকৰ বহুত পশুধন আছে।
\p
\v 20 যিহোৱাই তোমালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে তোমালোকৰ ভাই সকলেও যৰ্দ্দনৰ সিপাৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত তোমালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই তোমালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ তোমালোক প্রত্যেকেই ঘূৰি আহিবা।”
\p
\v 21 সেই সময়ত মই যিহোচূৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব।
\v 22 তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”
\s মোচিয়ে কনানত প্রৱেশৰ অনুমতি নাপালে
\p
\v 23 সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলোঁ,
\v 24 “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে?
\v 25 মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”
\p
\v 26 কিন্তু তোমালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;
\v 27 তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা।
\v 28 তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোক সকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।”
\v 29 সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো।
\c 4
\s মোচিয়ে বাধ্যতাৰ সম্বন্ধে দিয়া উপদেশ।
\p
\v 1 এতিয়া, হে ইস্ৰায়েল সকল শুনা, তোমালোক যেন জীয়াই থাকা আৰু তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত প্রৱেশ কৰি তোমালোকে যেন তাক অধিকাৰ কৰিব পাৰা, সেয়ে মই তোমালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিবা।
\v 2 মই তোমালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিবা আৰু তাৰ পৰা একো বাদ নিদিবা। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই তোমালোকক দিছো, সেইবোৰ তোমালোকে মানি চলিবা।
\v 3 তোমালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলা; তোমালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিলা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে তোমালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
\v 4 কিন্তু তোমালোক যিসকলে তোমালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিলা, তোমালোক সকলো এতিয়াও জীয়াই আছা।
\p
\v 5 শুনা, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি তোমালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে তোমালোকে প্রৱেশ কৰিবলৈ গৈ আছা, সেই দেশত যেন এইবোৰ মানি চলিব পাৰা।
\v 6 তোমালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা; কিয়নো এই সকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোক সকলৰ দৃষ্টিত তোমালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোক সকল জ্ঞানী আৰু বুদ্ধিমান।”
\p
\v 7 চোৱা, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
\v 8 মই আজি তোমালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
\p
\v 9 যিমান দিনলৈকে তোমালোক জীয়াই থাকিবা, সিমান দিনলৈকে তোমালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি তোমালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিবা; তোমালোকে নিজ চকুৰে যি যি দেখিলা, সেইবোৰ যেন পাহৰি নোযোৱা আৰু তোমালোকৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যে তোমালোকে তোমালোকৰ সন্তান-সন্ততি আৰু তোমালোকৰ নাতি-নাতিনী সকলক এই সকলোবোৰৰ বিষয়ে শিকাবা।
\v 10 যি দিনা হোৰেব পর্বতত তোমালোক, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিলা, সেই দিনটোৰ কথা তোমালোকে মনত ৰাখিবা। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোক সকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিবা আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিবা।”
\p
\v 11 সেয়ে তোমালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিলা। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
\v 12 সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা তোমালোকক কথা কৈছিলা; তোমালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু তোমালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিলা, কেৱল এক মাতৰ শব্দহে শুনিছিলা।
\v 13 তেওঁ তোমালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা তোমালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
\v 14 সেই সময়ত যিহোৱাই তোমালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছা, সেই ঠাইত সেইবোৰ মানি চলিব পাৰা।
\p
\v 15 যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা তোমালোকক কথা কৈছিল, তেতিয়া তোমালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিলা; সেয়ে তোমালোক নিজে অতি সাৱধান হোৱা।
\v 16 সাৱধান হোৱা, তোমালোক নিজে ভ্ৰষ্ট নহবা, কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
\v 17 পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
\v 18 নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহবা।
\v 19 আকাশৰ ফালে যেতিয়া তোমালোকে চকু তুলি চাই আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখা, তেতিয়া তোমালোক সাৱধান হবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হবা।
\v 20 অগ্নি কুণ্ডৰ নিচিনা মিচৰ দেশৰ যন্ত্ৰণাদায়ক বন্দীত্বৰ পৰা তোমালোকক বহিৰ কৰি অনিছে, যাতে তেওঁৰ অধিকাৰৰ লোক হোৱা, ঠিক যেনেকৈ এতিয়া হৈ আছা।
\v 21 তাৰ উপৰি তোমালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
\v 22 মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু তোমালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিবা।
\p
\v 23 এই কাৰণে তোমালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকা, প্রভু ঈশ্বৰ যিহোৱাই তোমালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰা আৰু ঈশ্বৰ যিহোৱাই তোমালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজা।
\v 24 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
\p
\v 25 সেই দেশত তোমালোকে পুত্ৰ, নাতি আৰু পৰিনাতি জন্ম দি বহু কাল বাস কৰাৰ পাছত যদি তোমালোক ভ্ৰষ্ট হোৱা, কোনো বস্তুৰ মুৰ্তি ক্ষোদিত প্ৰতিমা নিৰ্ম্মণ কৰা, আৰু তোমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি মন্দ তাকে কৰি তেওঁক অসন্তুষ্ট কৰা,
\v 26 তেন্তে আজি মই তোমালোকৰ বিৰুদ্ধে স্বৰ্গ আৰু মৰ্ত্ত্যক সাক্ষী কৰি কও যে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দন পাৰ হৈ যাবা সেই দেশৰ পৰা উচ্ছন্ন হবা, সেই ঠাইত তোমালোক বহু দিন থকিবলৈ নাপাবা, কিন্তু নিসন্দেহে বিনষ্ট হবা।
\p
\v 27 যিহোৱাই তোমালোকক মানুহৰ মাজত সিঁচৰতি কৰিব আৰু যিহোৱাই যি ঠাইলৈ তোমালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
\v 28 সেই ঠাইত তোমালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা যি কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰে নেদেখে, নুশুনে, খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিবা।
\v 29 কিন্তু সেই ঠাইত থাকি যদি তোমালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰা, তেন্তে তোমালোকে তেওঁক পাবা। তোমালোকে যদি নিজৰ সমস্ত হৃদয়েৰে আৰু আত্মাৰে বিচাৰা তেহে তেওঁক পাবা।
\v 30 যেতিয়া তোমালোকে সঙ্কটত পৰিবা, আৰু এই সকলো ঘটনা তোমালোকলৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত তোমালোকে নিজ ঈশ্বৰ যিহোৱালৈ উলটিবা; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাবা।
\v 31 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ তোমালোকক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু তোমালোকৰ পিতৃ সকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
\p
\v 32-33 কিন্তু চোৱা, পৃথিৱীত ঈশ্বৰে মানুহ সৃষ্টি কৰা দিনৰে পৰা তোমালোকৰ পূৰ্ব্বৰ দিন কালৰ বিষয়ে আকাশ-মণ্ডলৰ এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈকে সোধা যদি এনে মহৎ কাৰ্যৰ তুল্য কৰবাত হৈছে, তোমালোকৰ দৰে কোন জাতিয়ে জুইৰ মাজৰ পৰা ঈশ্বৰৰ মাত শুনি জীয়াই আছে?
\v 34 নাইবা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সাক্ষাতে মিচৰ দেশৰ নানা মহৎ কাৰ্যবোৰে, অৰ্থাৎ নানা পৰীক্ষা, অদ্ভুত লক্ষণ, ৰণ, বলৱান হাত, মেলা বাহু আৰু ভয়ভ্কৰ মহৎ কৰ্ম্মেৰে আন জাতিৰ মাজৰ পৰা এক জাতিক নিজৰ লোক ৰূপে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰাৰ দৰে আন কোনে কৰিছে?
\p
\v 35 যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে যে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো তোমালোককহে দেখুউৱা হ’ল।
\v 36 তেওঁ তোমালোকক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা তোমালোকক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালা।
\p
\v 37 তেওঁ তোমালোকৰ ওপৰ পিতৃ আৰু তোমালোকৰ পাচৰ বংশধৰ বিলাককো প্ৰম কৰাৰ বাবে তোমালোককো মনোনীত কৰি তেওঁ নিজৰ উপস্থিতি আৰু মহা পৰাক্ৰমেৰে মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে,
\v 38 যাতে তোমালোকতকৈ মহান আৰু পৰাক্ৰমী জাতি বিলাকক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰি তোমালোকৰ দেশত তোমালোকক প্ৰৱেশ কৰোৱাব পাৰে আৰু তেওঁলোকৰ দেশত তোমালোকক প্ৰৱেশ কৰোৱাব পাৰে আৰু অধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিব পাৰে আৰু আজি সেই টোৱেই তোমালোকৰ ক্ষেত্ৰত হৈছে।
\v 39 এই হেতুকে, তোমালোকে অৱশ্যেই জ্ঞাত হোৱা যে ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱাই যে ঈশ্বৰ; তেওঁৰ বাহিৰে যে আন কোনো ঈশ্বৰ নাই।
\v 40 সেয়ে আজি মই তোমালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ তোমালোকে অৱশ্যেই মানি চলিবা। তোমালোকৰ আৰু ভাবী সন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন তোমালোকৰ দীর্ঘাযু হয়।
\p
\v 41 ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনিখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
\v 42 সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনা ক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব পাৰে।
\v 43 সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়া সকলৰ কাৰণে বেচৰ; আৰু গাদীয়া সকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
\s দহ আজ্ঞা পুনৰায় প্ৰকাশ কৰা, আৰু লোক সকলৰ ভয়
\p
\v 44 এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
\v 45 এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
\v 46 যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূব ফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীত দিশৰ উপত্যকাত, চিহোন দেশত বসবাস কৰা ইমোৰীয়া সকলৰ ৰজা, যি জন হিচবোন নিবাসী আছিল, মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
\v 47 তেওঁলোকে চীহোন অধিকাৰ কৰি লৈছিল আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়া সকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূব দিশত বাস কৰিছিল।
\v 48 এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ হোৱা, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
\v 49 এই পৰ্ব্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূব ফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।
\c 5
\s মূর্তি-পূজাৰ সম্বন্ধে সাৱধান বাণী
\p
\v 1 তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েল সকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা তোমালোকক জনাম সেইবোৰ শুনা আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিবা।
\v 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
\v 3 যিহোৱাই আমাৰ পূর্বপুৰুষ সকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
\p
\v 4 যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা তোমালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
\v 5 সেই সময়ত জুইৰ ভয়ত তোমালোকে পর্বতৰ ওপৰলৈ উঠা নাছিলা বাবে মই তোমালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা তোমালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
\p
\v 6 ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
\p
\v 7 মোৰ আগত আন কোনো দেৱতা নাথাকক।
\p
\v 8 তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
\v 9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱা পূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
\v 10 কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰা সকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
\p
\v 11 তোমালোকে অনর্থক ৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থক ৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
\p
\v 12 তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
\v 13 সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
\v 14 কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
\v 15 সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
\p
\v 16 নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
\p
\v 17 তোমালোকে নৰবধ নকৰিবা।
\p
\v 18 তোমালোকে ব্যভিচাৰ নকৰিবা।
\p
\v 19 তোমালোকে চুৰ নকৰিবা।
\p
\v 20 তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
\p
\v 21 আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
\p
\v 22 এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই তোমালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
\v 23 সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা তোমালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিলা, তেতিয়া তোমালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোক সকল মোৰ ওচৰলৈ আহিছিলা
\v 24 তোমালোকে কৈছিলা, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
\v 25 কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
\v 26 মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
\v 27 আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনাব, আমি সেইবোৰ শুনি সেইদৰে চলিম।’
\p
\v 28 এই বুলি যেতিয়া তোমালোকে মোক ক’লা, তেতিয়া যিহোৱাই তোমালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোক সকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
\v 29 মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; যাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকে।
\v 30 তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
\v 31 কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
\p
\v 32 এতেকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি আজ্ঞা দিলে, তোমালোকে যত্নেৰে সেইবোৰ পালন কৰা; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিবা।
\v 33 তোমালোক যেন জীয়াই থাকিব পাৰা, তোমালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ তোমালোকে অধিকাৰ কৰিবা, তাত যেন অনেক কাল জীয়াই থাকিব পাৰা, সেইবাবে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত তোমালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে তোমালোক চলিবা।”
\c 6
\s ব্যৱস্থাৰ প্রধান আজ্ঞা
\p
\v 1 তোমালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা তোমালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশত তোমালোকে সেইবোৰ মানি কৰি চলিবা।
\v 2 তোমালোকে, ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰ সকলে যেন তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰা আৰু তাৰ ফলত তোমালোকৰ আয়ুস যেন দীঘল হয়।
\p
\v 3 সেয়ে, হে ইস্ৰায়েল সকল, মনোযোগেৰে শুনা আৰু সেইবোৰ মানি চলা। তোমালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মৌ বোৱা দেশত তোমালোকৰ যেন মঙ্গল হয় আৰু তোমালোকক যেন বহু বংশ হোৱা।
\p
\v 4 হে ইস্ৰায়েল সকল, শুনা আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
\v 5 তোমালোক সকলোৱেই তোমালোকৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।
\v 6 আজি মই তোমালোকক দিয়া আজ্ঞাৰ সকলো কথা তোমালোকৰ হৃদয়ত ৰাখিব লাগে।
\v 7 তোমালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাবা; তোমালোক ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা।
\v 8 তোমালোকৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা, আৰু সেইবোৰ তোমালোকৰ দুই চকুৰ মাজত ভুষণ স্বৰূপ হ’ব লাগে।
\v 9 তোমালোকৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা।
\p
\v 10 তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ তোমালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক তোমালোকে সজা নাই।
\v 11 এনে অনেক উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক তোমালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক তোমালোকে খনা নাই; যিহক তোমালোকে ৰোৱা নাই, এনে দ্ৰাক্ষাবাৰী আৰু জিত গছবোৰ আছে; তাত এই সকলো খাই তৃপ্ত হ’বা।
\v 12 কিন্তু সাৱধান হ’বা, তোমালোকে যিহোৱাক যেন পাহৰি নোযোৱা, যি জনে তোমালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধন গৃহৰ পৰা বাহিৰ কৰি আনিলে।
\p
\v 13 তোমালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবা, কেৱল তেওঁৰেই আৰাধনা কৰিবা, আৰু তেওঁৰ নামেৰেই শপত খাবা।
\v 14 তোমালোকে, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিবা;
\v 15 কিয়নো, তোমালোকৰ মাজত থকা তোমালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা তোমালোকক উচ্ছন্ন কৰিব।
\p
\v 16 তোমালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিলা, তেনেকৈ তেওঁক পৰীক্ষা নকৰিবা।
\v 17 তোমালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
\v 18 ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম তোমালোকে তাকে কৰিবা, তেহে তোমালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলক প্ৰতিজ্ঞা কৰিছিল, তোমালোকে সেই উত্তম দেশ অধিকাৰ কৰিবা;
\v 19 যিহোৱাৰ বাক্য অনুসাৰে তোমালোকৰ আগৰ পৰা তোমালোকৰ সকলো শত্রুক তোমালোকে দূৰ কৰিব পাৰিবা।
\p
\v 20 ভৱিষ্যতে যেতিয়া তোমালোকৰ সন্তানে সুধিব যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
\v 21 তেতিয়া তোমালোকে নিজ সন্তানক ক’বা, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
\v 22 ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
\v 23 সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
\v 24 আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
\v 25 আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”
\c 7
\s ইস্রায়েল ঈশ্বৰৰ বিশেষ লোক
\p
\v 1 আমাৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক লৈ যাব আৰু অনেক জাতিক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি তোমালোকতকৈ বৃহৎ আৰু শক্তিশালী।
\v 2 তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক তোমালোকৰ হাতত আনি দিব আৰু তোমালোকক বিজয়ী কৰাব, তেতিয়া তোমালোকে তেওঁলোকক সমূলি ধ্বংস কৰি পেলাবা। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিবা আৰু তেওঁলোকক দয়া নেদেখুৱাবা;
\v 3 নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিবা; তোমালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিবা, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিবা।
\v 4 কিয়নো সেই ছোৱালীবোৰে তোমালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, তোমালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ তোমালোকক শীঘ্ৰে বিনষ্ট কৰিব।
\v 5 বৰং তোমালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিবা; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাবা, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিবা, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাবা, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাবা।
\p
\v 6 কিয়নো তোমালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোককহে পৃথক কৰি আনিলে।
\v 7 আন সকলো জাতিতকৈ তোমালোক লেখত অধিক বুলি যে যিহোৱাই তোমালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত তোমালোক লেখত তাকৰহে আছিলা।
\v 8 কিন্তু যিহোৱাই তোমালোকক প্ৰেম কৰে, আৰু তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াকে কৰিলে। সেই বাবেই এক ক্ষমতাশালী হাতেৰে তোমালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধন গৃহৰ পৰা উদ্ধাৰ কৰিলে।
\v 9 এতেকে তোমালোকে জানিবা যে, ঈশ্বৰ যিহোৱাই তোমালোকৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰা সকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
\v 10 কিন্তু তেওঁক ঘিণ কৰাসকলক বিনষ্ট কৰি তেওঁ তেওঁলোকক প্ৰতিফল দিয়ে; তেওঁক ঘিণ কৰা লোকলৈ তেনে কৰাত তেওঁ পলম নকৰে; যিহোৱাই তেওঁৰ সাক্ষাতেই তেওঁলোকক প্ৰতিফল দিব।
\v 11 এই হেতুকে, মই আজি তোমালোকক যি সকলো আজ্ঞা, বিধি, আৰু শাসন-প্ৰণালী দিছো, সেই সকলোকে মানি চলি সেইদৰে কাৰ্য কৰিবা।
\s বাধ্যতাৰ পুৰস্কাৰ
\p
\v 12 যদি তোমালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়া আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে তোমালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিবা।
\v 13 তেওঁ তোমালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু তোমালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত তোমালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, তোমালোকৰ পশুবোৰৰ লগতে মেষ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
\p
\v 14 সকলো জাতিতকৈ তোমালোকে অধিক গুণে আশীৰ্ব্বাদ পাবা আৰু তোমালোকৰ মাজৰ কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।
\v 15 যিহোৱাই তোমালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ তোমালোকে দেখিছিলা, সেইবোৰ তেওঁ তোমালোকৰ ওপৰত নিদিব, কিন্তু তোমালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।
\p
\v 16 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতত যি সকলো জাতিক শোধাই দি বিজয়ী কৰাব, তোমালোকে তেওঁলোক সকলোকে গ্ৰাস কৰিবা; তেওঁলোকলৈ তোমালোকে কৃপা-দৃষ্টি নকৰিবা; তেওঁলোকৰ দেৱতাবোৰক সেৱা-পূজাও নকৰিবা, কিয়নো সেয়া তোমালোকলৈ এক ফান্দ স্বৰূপ হ’ব।
\p
\v 17 তোমালোকে নিজৰ মনতে নকবা, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?”
\v 18 তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; তোমালোকৰ ঈশ্বৰ যিহোৱাই ফৰৌণ আৰু গোটেই মিচৰ দেশলৈ যি যি কৰিছিল, তাক সোঁৱৰণ কৰিবা।
\v 19 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তি আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা তোমালোকক বাহিৰ কৰি আনিছিল, তাক তোমালোকে নিজ চকুৰে দেখিছিলা। তোমালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
\p
\v 20 ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক তোমালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব।
\v 21 তোমালোকে তেওঁলোকক ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা যিজন মহান আৰু ভয়ঙ্কৰ ঈশ্বৰ তেওঁ তোমালোকৰ মাজত আছে।
\v 22 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতিবোৰক ক্ৰমে ক্ৰমে দূৰ কৰিব; তেওঁলোক সকলোকে তোমালোকে একেলগে পৰাস্ত নকৰিবা, কাৰণ তেনে কৰিলে তোমালোকৰ চাৰিওফালৰ বনৰীয়া জন্তুবোৰৰ সংখ্যা বাঢ়ি যাব।
\v 23 কিন্তু ঈশ্বৰ যিহোৱাই ভীষণ বিশৃঙ্খলতাৰ মাজত তেওঁলোকক ধ্বংস নকৰালৈকে যুদ্ধক্ষেত্রত তোমালোকৰ হাতত তেওঁলোকক পৰাজয় কৰিবলৈ শোধাই দিব।
\v 24 তেওঁলোকৰ ৰজাসকলক তোমালোকৰ হাতত শোধাই দিব; তাতে তোমালোকে আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিবা। তোমালোকে তেওঁলোকক বিনষ্ট নকৰা মানে তোমালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব।
\p
\v 25 তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ খোদিত মুৰ্ত্তিবোৰ জুইত পুৰি ভষ্ম কৰিবা; তোমালোক যেন ফান্দত নপৰা, এই কাৰণে সেইবোৰত থকা ৰূপ বা সোণলৈ লোভ নকৰিবা আৰু তাক নিজৰ কাৰণে নল’বা; কিয়নো সেইবোৰ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ অতিশয় ঘিণলগীয়া বস্তু।
\v 26 তোমালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিবা। সেইবোৰক তোমালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিবা, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।
\c 8
\s যিহোৱাক মনত ৰাখিবা
\p
\v 1 আজি মই তোমালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা তোমালোক মানি চলিবা যাতে তোমালেক জীয়াই থাকি সংখ্যাত বৃদ্ধি পোৱা আৰু যিহোৱাই পূৰ্বপুৰুষ সকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰা।
\v 2 তোমালোকে অৱশ্যে মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰু প্রান্তৰত তোমালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ তোমালোকক নম্র কৰিবলৈ আৰু তোমালোকে যিহোৱাৰ আজ্ঞা মানি চলিবা নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
\p
\v 3 ভোকত কষ্ট দি, যি মান্নাৰ কথা তোমালোকে আৰু তোমালোকৰ পূর্বপূৰুষ সকলে জনা নাছিল তাক খোৱাই যিহোৱাই তোমালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ তোমালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
\p
\v 4 এই চল্লিশ বছৰত, তোমালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু তোমালোকৰ ভৰিও ফুলা নাছিল।
\v 5 এই কথা তোমালেকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে তোমালোকৰ ঈশ্বৰ যিহোৱায়ো তোমালোকক শাসন কৰিব।
\v 6 তোমালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিবা আৰু তেওঁক ভয় কৰিবা।
\p
\v 7 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ তোমালোকক লৈ গৈাছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
\v 8 সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
\p
\v 9 সেই দেশত তোমালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাবা আৰু তোমালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই তোমালোকে পাবা। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা তোমালোকে খনন কৰি তাম পাবা।
\v 10 তোমালোকে তাত ভোজন কৰি তৃপ্ত হ’বা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিবা।
\p
\v 11 তোমালোক সাৱধান হ’বা; আজি মই তোমালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নোযোৱা।
\v 12 অন্যথা, যেতিয়া জোৰাও কৈ খাবলৈ পাই তোমালোক তৃপ্ত হবা আৰু ঘৰ-বাৰী পাতি বাসকৰিবা;
\v 13 যেতিয়া তোমালোকৰ গৰু-ছাগলী, মেষৰ জাক বৃদ্ধি পাব, অধিক সোণ ৰূপ হব আৰু সম্পত্তি বৃদ্ধি পাব,
\v 14 তেতিয়া তোমালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে তোমালোকক মিচৰ দেশৰ বন্দী গৃহৰ পৰা উলিয়াই আনিলে তোমালোকৰ সেই ঈশ্বৰ যিহোৱাক তোমালোকে পাহৰিবা।
\p
\v 15 তেওঁ তোমালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰা বিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি তোমালোকক আনিলে। তেওঁ কঠিন শিলৰ পৰা তোমালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
\v 16 সেই মৰুপ্ৰান্তত তোমালোকৰ পূৰ্ব্ব পুৰুষ সকলে কেতিয়াও নেদেখা মান্ন আহাৰ ৰূপে তোমালোকক খবলৈ দিছিল, যিহোৱাই তোমালোকক পৰীক্ষা আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত তোমালোকৰ সৰ্ব্বতো প্ৰকাৰে ভাল হয়।
\v 17 তোমালোকে হয়তো মনতে ক’ব পাৰা, “তোমাৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
\p
\v 18 কিন্তু তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিবা; কিয়নো তেৱেঁই তোমালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিছে, আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত যি নিয়মৰ বিষয়ে প্ৰতিজ্ঞা বদ্ধ হৈ কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
\v 19 তোমালোকে যদি কেতিয়াবা তোমালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি আন দেৱতাবোৰৰ পাছত চলা আৰু সেইবোৰৰ সেৱা-পূজা কৰা, তেন্তে আজি মই তোমালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, তোমালোক ধ্বংস হৈ যাবা।
\v 20 তোমালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনে দৰেই বিনষ্ট হ’বা।
\c 9
\s যিহোৱা ইস্ৰায়েলৰ সঙ্গত থাকিব
\p
\v 1 হে ইস্ৰায়েল সকল শুনা; যি সকলো জাতি তোমালোকতকৈ বৃহৎ আৰু শক্তিশালী, তোমালোকে এতিয়া তেওঁলোকৰ আকাশ লঙ্ঘী দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছা।
\v 2 সেই ঠাইৰ লোক সকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। তোমালোকে অনাকীয়া সকলৰ বিষয়ে জানা। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা তোমালোকে শুনিছিলা যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
\p
\v 3 কিন্তু আজি তোমালোকে এই কথা জানি ৰাখা যে, তোমালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ তোমালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰিব; তেঁৱেই তোমালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। তোমালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে তোমালোকে তেওঁলোকক খেদি পঠিয়াবা আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিবা।
\p
\v 4 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত তোমালোকৰ কোনেও যেন মনতে এনে কথা নোকোৱা, “মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।” আচলতে এই সকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।
\v 5 তোমালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছা, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
\p
\v 6 এই হেতুকে তোমালোকে জানিবা যে, তোমালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ তোমালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো তোমালোক এক ঠৰডিঙীয়া জাতি।
\s যিহোৱাৰ ক্রোধৰ কথা মনত ৰাখা
\p
\v 7 তোমালোকে মৰুপ্ৰান্তত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিলা, তাক মনত পেলোৱা, কেতিয়াও পাহৰি নাযাবা। মিচৰ দেশ এৰি অহা দিনৰে পৰা এই ঠাই পোৱালৈকে তোমালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছা।
\v 8 হোৰেবতো তোমালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিলা; তাতে যিহোৱাই তোমালোকৰ ওপৰত ক্ৰোধিত হৈ তোমালোকক ধ্বংস কৰিব খুজিছিল।
\p
\v 9 যিহোৱাই তোমালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই যেতিয়া পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ; তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।
\v 10 যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে। যিদিনা তোমালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিলা, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা তোমালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।
\p
\v 11 সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।
\v 12 যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোক সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”
\p
\v 13 যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোক সকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।
\v 14 তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”
\p
\v 15 সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।
\v 16 তাৰ পাছত মই দেখিলোঁ, তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে তোমালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলা। যিহোৱাই তোমালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে তোমালোকে সেই পথৰ পৰা আঁতৰি গৈছিলা।
\p
\v 17 তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই দিছিলোঁ; তোমালোকৰ চকুৰ আগতে সেই ফলি দুখন ভাঙি পেলাইছিলোঁ।
\v 18 যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি তোমালোকে তেওঁৰ ক্রোধ জগাই তুলিছিলা বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰ দৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।
\p
\v 19 যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, তোমালোকক বিনষ্ট কৰিবলৈ তেওঁ তোমালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।
\v 20 ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।
\p
\v 21 মই তোমালোকৰ পাপ, অৰ্থাৎ তোমালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।
\p
\v 22 ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত তোমালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিলা।
\v 23 তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা তোমালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত তোমালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলা। তোমালোকে তেওঁক বিশ্বাসো নকৰিলা আৰু তেওঁৰ কথালৈ কাণষাৰ নকৰিলা।
\v 24 মই যেতিয়াৰে পৰা তোমালোকক জানিছোঁ, তেতিয়াৰে পৰা তোমালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছা।
\p
\v 25 যিহোৱাই তোমালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।
\v 26 মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোক সকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোক সকলক ধ্বংস নকৰিবা।
\p
\v 27 তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোক সকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
\v 28 কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোক সকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
\p
\v 29 কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”
\c 10
\s দ্বিতীয়বাৰ শিলৰ ফলি দিয়া
\p
\v 1 সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
\v 2 তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
\p
\v 3 সেই বাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
\v 4 যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ তোমালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা তোমালোকক কৈছিল।
\p
\v 5 তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
\p
\v 6 তাৰ পাছত ইস্ৰায়েল সকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
\v 7 সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
\p
\v 8 সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোক সকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
\v 9 সেই কাৰণে লেবীয়া সকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
\s আজ্ঞা পালন কৰিবলৈ উপদেশ।
\p
\v 10 পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। তোমালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
\v 11 যিহোৱাই মোক কৈছিল, “তুমি উঠি লোক সকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষ সকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
\p
\v 12 ইস্ৰায়েল সকল, তোমালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া তোমালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰা, তেওঁৰ সকলো পথত চলা, তেওঁক প্ৰেম কৰা, তোমালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা;
\v 13 লগতে তোমালোকৰ ভালৰ কাৰণে আজি মই তোমালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি তোমালোকক দিছো, সেই সকলোকে যেন পালন কৰা।
\p
\v 14 শুনা, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ।
\v 15 কেৱল তোমালোকৰ পূর্বপুৰুষ সকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ তোমালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও তোমালোক তেওঁৰ সেই মনোনীত জাতি।
\p
\v 16 সেয়ে, তোমালোকে তোমালোকৰ অন্তঃকৰণৰ চুন্নত কৰা; তোমালোক ঠৰডিঙীয়া নহ’বা।
\v 17 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু ভেঁটীও নলয়।
\p
\v 18 তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
\v 19 তোমালোকেও বিদেশীক প্ৰেম কৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী আছিলা।
\p
\v 20 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিবা আৰু তেওঁৰেই আৰাধনা কৰিবা; তেওঁতেই লাগি থাকিবা আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিবা।
\v 21 তেৱেঁই তোমালোকৰ প্ৰশংসা, তেওঁৱেই তোমালোকৰ ঈশ্বৰ। তোমালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ তোমালোকৰ কাৰণেই কৰিছে।
\p
\v 22 তোমালোকৰ যি পূৰ্বপুৰুষ সকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।
\c 11
\s আজ্ঞা পালন কৰা
\p
\v 1 “তোমালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবা আৰু তেওঁ যি বিচাৰিছে, তাক কৰিবা আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিবা।
\p
\v 2 তোমালোকে জনা উচিত যে তোমালোকৰ সতি-সন্তান বিলাক তোমালোকৰ ঈশ্বৰ যিহোৱাৰই দিয়া শাসন প্ৰণালী, নাজানে, দেখা নই। তেওঁলোকে নাজানে, দেখাও নাই, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা আৰু
\v 3 মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্য সমূহ।
\v 4 যিহোৱাই মিচৰীয় সৈন্য দললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া তোমালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো তেওঁলোকে দেখা নাছিল।
\v 5 তোমালোকে এই ঠাই আহি নোপোৱালৈকে তোমালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো তোওঁলোকে দেখা নাছিল।
\p
\v 6 ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল, অর্থাৎ, সমগ্র ইস্ৰায়েল লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোক সকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
\v 7 কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ তোমালোকেই নিজ চকুৰে দেখিছিলা।
\p
\v 8 এই হেতুকে, মই আজি তেমালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিবা যাতে যি দেশ অধিকাৰ কৰিবলৈ তোমালোকে যর্দন নদী অতিক্রম কৰি যাবা, সেই ঠাইলৈ গৈ তোমালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰা আৰু
\v 9 যিহোৱাই তোমালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন তোমালোক অনেক দিন জীয়াই থাকিব পাৰা।
\p
\v 10 কিয়নো যি দেশ অধিকাৰ কৰিবলৈ তোমালোক গৈছা, সেইখন মিচৰ দেশৰ নিচিনা নহয়; য’ত তোমালোকে শস্য সিঁচি, শাকনি বাৰীত ভৰিৰে পানী দিয়াৰ কার্য কৰিছিলা।
\v 11 কিন্তু যর্দন নদী পাৰ হৈ যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈছা, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পায়;
\v 12 তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
\p
\v 13 গতিকে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই তেমালোকক দিলোঁ তাক তোমালোকে বিশ্বস্ততাৰে পালন কৰিবা।
\p
\v 14 তেতিয়া যিহোৱাই সঠিক কালত তোমালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে তোমালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিবা।
\v 15 তোমালোকৰ পশুধন বোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; তোমালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাবা।
\p
\v 16 তোমালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু তোমালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিবা, তাৰ বাবে তেমালোক নিজৰ বিষয়ে সাৱধান হ’বা;
\v 17 তেনে কৰিলে তোমালোকৰ ওপৰত যিহোৱা ক্রোধত প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই তোমালোকক দিব, তাৰ পৰা তোমালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাবা।
\p
\v 18 এতেকে তোমালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিন স্বৰূপে সেইবোৰ হাতত বান্ধিবা আৰু তোমালোকৰ চকুৰ মাজত প্রতীক ৰূপে ভূষিত কৰিবা।
\v 19 তোমালোকৰ নিজৰ সন্তান সকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিবা।
\p
\v 20 তোমালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিখি থ’বা।
\p
\v 21 যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত তোমালোক আৰু তোমালোকৰ সন্তান সকল যিমান কাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিবা।
\p
\v 22 কিয়নো এই যি আজ্ঞাবোৰ মানি চলিবলৈ মই তোমালোকক আদেশ দিছোঁ, তোমালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা, তেওঁৰ সকলো পথত চলা, আৰু তেওঁত লাগি থাকা,
\v 23 তেন্তে যিহোৱাই তোমালোকৰ আগৰ পৰা এই আটাই আন জাতিবোৰক দূৰ কৰিব, আৰু তোমালোকে তেমালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিবা।
\p
\v 24 তোমালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই তোমালোকৰ হ’ব; মৰুপ্ৰান্তৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে তোমালোকৰ সীমা হ’ব।
\v 25 তোমালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; তোমালোকে সেই দেশত যলৈকে যাবা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেমালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত তোমালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।
\s ঈশ্বৰৰ আশীর্বাদ আৰু শাও
\p
\v 26 চোৱা, আজি মই তোমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।
\v 27 আজি মই তোমালোকৰ ওচৰত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেই বোৰলৈ যদি তোমালোকে মনোযোগ দিয়া, তেন্তে তোমালোকে আশীৰ্ব্বাদ পাবা।
\v 28 কিন্তু যদি তোমালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়া, আৰু মই আজি তেমালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি তোমালোকে নজনা আন দেৱতাৰ পাছত চলা, তেন্তে তোমালোকে শাও পাবা।
\p
\v 29 তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছা, তোমালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশলৈ তেমালোকক লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
\v 30 সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিম ফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়া সকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
\p
\v 31 কিয়নো ঈশ্বৰ যিহোৱাই তেমালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে তোমালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাবা। তোমালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিবা।
\v 32 এই কাৰণে, মই আজি তোমালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিবা।”
\c 12
\s ঈশ্বৰৰ আৰাধনাৰ কাৰণে বিশেষ ঠাই নিৰূপণ
\p
\v 1 তোমালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱন কাল তোমালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিবা।
\v 2 তোমালোকে যি জাতিবোৰক উচ্ছেদ কৰিবা, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ তোমালোকে সম্পূর্ণকৈ ধ্বংস কৰিবা।
\p
\v 3 তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাবা, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিবা, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাবা, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাবা আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিবা।
\v 4 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উপাসনা সেই লোকসকলে কৰাৰ দৰে নকৰিবা।
\p
\v 5 কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে তোমালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। তোমালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাবা।
\v 6 তোমালোকে তোমালোকৰ হোম-বলি, বলি উৎসর্গ, দশম ভাগ আৰু তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু, ছাগলী, মেষ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাবা।
\p
\v 7 সেই ঠাইতেই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে আৰু তোমালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিবা আৰু তোমালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ তোমালোকে আনন্দ উল্লাস কৰিবা।
\p
\v 8 আমি এতিয়া ইয়াত যি যি কাৰ্য কৰিছোঁ, সেইবোৰৰ দৰে তোমালোকে সেই ঠাইত নকৰিবা; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখা তাকে নকৰিবা।
\v 9 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য তোমালোকক দিবলৈ গৈছে, তোমালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই।
\p
\v 10 তোমালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ তোমালোকক দিছে, তোমালোকে যৰ্দ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিবা, তেতিয়া তেওঁ তোমালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা তোমালোকক বিশ্রাম দিব আৰু তোমালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিবা।
\p
\v 11 তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিবা অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশম ভাগ, তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।
\p
\v 12 সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে, তোমালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, তোমালোক সকলোৱেই একেলগে আনন্দ কৰিবা।
\p
\v 13 নিজৰ বিষয়ে সাৱধান হ’বা, যি কোনো স্থানতে তোমালোকে হোম-বলি উৎসৰ্গ নকৰিবা;
\v 14 কিন্তু তোমালোকৰ ফৈদৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিবা আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিবা।
\p
\v 15 তথাপি যেতিয়া তোমালোকে তোমালোকৰ যি কোনো নগৰৰ দোৱাৰৰ ভিতৰত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদ অনুসাৰে পশু বধ কৰা তেতিয়া প্ৰয়োজন অনুসাৰে মাংস ভোজন কৰিব পাৰা, অশুচি আৰু শুচি কৃষ্ণসাৰ বা হৰিণৰ মাংস ৰূপে ভোজন কৰিব পাৰিবা।
\v 16 কিন্তু তোমালোকে তেজ নাখাবা; তাক পানীৰ দৰে মাটিত ঢালি পেলাবা।
\p
\v 17 তোমালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশম ভাগ নাইবা গৰু-ছাগলী, মেষ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা তোমালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য তোমালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিবা;
\v 18 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত তোমালোকে, তোমালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোক সকলে সেইবোৰ ভোজন কৰিব আৰু তোমালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদ লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিবা।
\v 19 শুনা, তোমালোকে যিমান দিন তোমালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়া সকলক ত্যাগ নকৰিবা।
\p
\v 20 তোমালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া তোমালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’বা, “মোৰ মাংস খাবলৈ মন!” তেতিয়া তোমালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিবা।
\p
\v 21 তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’বা, সেয়ে যদি তোমালোকৰ পৰা বহু দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে তোমালোকে যিহোৱাই তোমালোকক দিয়া গৰু-ছাগলী, মেষ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিবা আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিবা।
\v 22 কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই তোমালোকে তাক খাবা; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিবা।
\p
\v 23 কিন্তু সাৱধান! তেজ নাখাবা; কিয়নো তেজেই হৈছে প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাবা।
\v 24 তোমালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিবা।
\v 25 তোমালোক আৰু তোমালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে তোমালোকে তেজ পান নকৰিবা; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাকে কৰা হ’ব।
\p
\v 26 যিহোৱাই মনোনীত কৰা ঠাইত কেৱল তোমালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব।
\v 27 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত তোমালোকে তোমালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিবা; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস তোমালোকে খাব পাৰিবা।
\p
\v 28 তোমালোক আৰু তোমালোকৰ পাছত তোমালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা তোমালোকে যত্নেৰে পালন কৰিবা; কাৰণ তেনে কৰিলে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাকে কৰা হ’ব।
\p
\v 29 যি জাতি সমূহৰ আধিপত্য ল’বলৈ তোমালোক গৈছা, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিবা,
\v 30 তেতিয়া সাৱধান হ’বা যাতে তোমালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ তোমালোকে এই বুলি সুধি ফান্দত নপৰিবা “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? সেইদৰে বিচাৰ লৈ শেষত তোমালোকেও কবা, “আমিও তেনেকৈ কৰিম”
\v 31 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণ লগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
\p
\v 32 মই তোমালোকক যি যি আজ্ঞা দিছোঁ, তোমালোকে সেই সকলোকে পালন কৰিবা; ইয়াৰ লগত তোমালোকে একো কথা যোগ নিদিবা আৰু ইয়াৰ পৰা একো কথা বাদ নিদিবা।
\c 13
\s মূৰ্ত্তিপূজাৰ বিৰুদ্ধে সতর্কবাণী
\p
\v 1-3 তোমালোকৰ মাজত যদি কোনো ভাববাদী বা সপোন দেখি ভাৱবাণী কোৱা কোনো লোক ওলাই আচৰিত চিন আৰু অদ্ভুত লক্ষণৰ কথা কৈ ভৱবাণী প্ৰচাৰ কৰে অৰু সেই ভাৱবাণীৰ দৰে ঘটনা ঘটে, আৰু তাৰ পাছত তেওঁ কয়, “আহাহঁক আমি আন দেবতাবোৰক মানো (যি দেৱতাবোৰক তোমালোকে নাজানা) আৰু সেইবোৰক সেৱা কৰো”, তেতিয়া তোমালোকে সেই ভাৱবাদী বা সপোন দেখা জনৰ কথা কেতিয়াও নোশুনিবা। কিয়নো তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰা নে নকৰা, তাক জানিবৰ কাৰণেহে তোমালোকৰ যিহোৱাই তোমালোকক পৰীক্ষা কৰে।
\p
\v 4 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিবা, তেওঁকেই ভয় কৰিবা, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিবা, তেওঁকেই অনুসৰণ কৰিবা, তেওঁৰেই আৰাধনা কৰিবা আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিবা।
\v 5 তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা তোমালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; তোমালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ তোমালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা তোমালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰে; সেয়ে তোমালোকৰ মাজৰ পৰা তেনে দুষ্টতাক তেওঁ লোপ কৰিব।
\p
\v 6 যদি তোমাৰ নিজৰ ভাই বা নিজৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি নিজৰ প্রাণৰ বন্ধুৱে তোমাক বিপথে নিবৰ কাৰণে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ;
\v 7 পৃথিৱীৰ সেইবোৰ দেৱতা যিবোৰ দেৱতাক না তোমালোকে জানা না তোমালোকৰ পিতৃ সকলে জানিছিল? ওচৰৰেই হওঁক বা দেশৰ ইমূৰৰ পৰা সিমূৰৰ দূৰত্বৰেই হওঁক, তোমালোকৰ চাৰিও ফালে থকা আন জাতি সমূহহৰ দেৱতা সেইবোৰ।
\v 8 তোমালোকে সেই মানুহৰ কথাত সন্মত নহ’বা আৰু তেওঁৰ কথালৈ কাণ নিদিবা; তেওঁলৈ দয়া নেদেখুৱাবা; কৃপাও নকৰিবা আৰু তেওঁক লুকুৱাই নাৰাখিবা।
\v 9 কিন্তু অৱশ্যেই সেই জনক বধ কৰিবা। তেওঁক বধ কৰিবলৈ তোমালোকে নিজৰ হাতেৰেই আৰম্ভ কৰিবা; তাৰ পাছত সকলোৱে যোগ দিবা।
\p
\v 10 যিজনে তোমালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; তোমালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা তোমালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক তোমালোকে শিল দলিয়াই হত্যা কৰিবা।
\v 11 তাতে ইস্ৰায়েল সকলে সেই কথা শুনি ভয় খাব আৰু তোমালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
\p
\v 12 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ তোমালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পোৱা যে,
\v 13 সেই নগৰৰ ইস্রায়েল সকলৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই নিবাসী সকলক “আহাহঁক আমি ইতৰ দেৱতাক পূজা কৰো” (যি দেৱতাক তোমালোকে কোনেও নাজানা) বুলি যদি বিপথে সেই নগৰ বাসীক পৰিচালিত কৰে,
\v 14 তেতিয়া বিষয়টো ভালদৰে অনুসন্ধান কৰি তোমালোকে পৰীক্ষা আৰু তদন্ত কৰিবা। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম তোমালোকৰ মাজত হৈছে,
\v 15 তেন্তে তোমালোকে সেই নগৰ-নিবাসী সকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিবা।
\v 16 সেই ঠাইৰ সকলো লুট দ্ৰব্য তোমালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুট দ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিবা; চিৰকালৰ কাৰণে যেন সেই নগৰ ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
\p
\v 17 যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেই বাবে তোমালোকৰ হাতত যেন এই লুট দ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ তোমালোকক কৃপা আৰু দয়া কৰিব লগতে তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত কৰা শপতৰ দৰে তোমালোকৰ বংশ বৃদ্ধি কৰিব।
\v 18 যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি তোমালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিবা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’বা।
\c 14
\s আন ধর্মীয় ৰীতি-নীতি পালনত নিষেধ
\p
\v 1 তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। তোমালোকে মৃত জনৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিবা বা মূৰৰ চুলি নুখুৰাবা।
\v 2 কিয়নো তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই তোমালোকক মনোনীত কৰিলে যাতে তোমালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হোৱা।
\s শুচি আৰু অশুচি আহাৰ
\p
\v 3 তোমালোকে কোনো ঘিণলগীয়া বস্তু নাখাবা।
\v 4 তোমালোকে খাব পৰা পশু এইবোৰ: গৰু, মেষ, ছাগলী,
\v 5 হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেষ।
\v 6 যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু তোমালোকে খাব পাৰিবা।
\v 7 তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল সেই পশুবোৰৰ মাজত তোমালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ তোমালোকৰ কাৰণে অশুচি।
\p
\v 8 গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ নাপাগুলে, সি তোমালোকৰ পক্ষে অশুচি। তোমালোকে সেইবোৰৰ মাংস নাখাবা, সেইবোৰৰ শৱকো নুচুবা।
\p
\v 9 পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ তোমালোকে খাব পাৰিবা।
\v 10 কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাবা। সেইবোৰ তোমালোকৰ কাৰণে অশুচি।
\p
\v 11 তোমালোকে সকলো বিধৰ শুচি চৰাই খাব পাৰিবা।
\v 12 কিন্তু তোমালোকে এইবোৰ খাব নোৱাৰিবা: ঈগল, শগুণ, শেন,
\v 13 শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলো বিধৰ মটিয়া চিলনী,
\v 14 সকলো বিধৰ কাউৰী,
\v 15 উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলো বিধৰ শেন;
\v 16 ফেঁচা, হুদু, বগা-ফেঁচা,
\v 17 হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
\v 18 বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।
\v 19 জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ তোমালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে।
\v 20 কিন্তু আন পাখি থকা শুচি প্রাণীবোৰ তোমালোকে খাব পাৰিবা।
\p
\v 21 নিজে মৰি পৰি থকা কোনো পশু তোমালোকে নাখাবা। কিয়নো তোমালোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিবা আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা তোমালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাবা।
\s দশমাংশৰ বিষয়ে ৰীতি
\p
\v 22 বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ তোমালোকে পৃথক কৰি থবা।
\v 23 যি ঠাই তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত তোমালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ ছাগ, ছাগলীৰ প্রথমে জগাবোৰক তোমালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাবা: তাতে তোমালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিবা।
\v 24 কিন্তু যি ঠাই তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিবা, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে তোমালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰা,
\v 25 তেনেহলে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাবা।
\p
\v 26 তোমালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিবা, যেনে গৰু, মেষ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা তোমালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি তোমালোকে তোমালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিবা।
\v 27 তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকলক নাপাহৰিবা; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই।
\v 28 প্ৰত্যেক তৃতীয় বছৰৰ শেষত, তোমালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি তোমালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিবা।
\v 29 তাতে লেবীয়া সকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দা, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে যেন তৃপ্তিৰে খাবলৈ পাব। তোমালোকৰ হাতে কৰা এই সকলো কাৰ্যত তোমালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিবা।
\c 15
\s ধাৰ ক্ষমা কৰা বছৰ, বন্দী মুক্ত কৰা আৰু প্ৰথমে জগা পশু পবিত্ৰ কৰা।
\p
\v 1 তোমালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিবা।
\v 2 সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
\v 3 তোমালোকে পৰজাতিৰ পৰা দাবী কৰি ঋণ আদায় কৰিব পাৰা; কিন্তু ভাইৰ ওচৰত তোমালোকৰ যি ঋণ আছে, সেয়া এৰি দিবা।
\p
\v 4 কিন্তু তোমালোকৰ মাজত কোনো দৰিদ্রলোক থকিব নোৱাৰিব । কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত তোমালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
\v 5 যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
\v 6 কিয়নো ঈশ্বৰ যিহোৱাই তোমালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই তোমালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া তোমালোকে অনেক জাতিক ঋণ দিবা। কিন্তু অন্য লোকৰ পৰা তোমালোকে ঋণ ল’ব লগা নহ’ব। তোমালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিবা, কিন্তু তেওঁলোকৰ কোনো এজনেও তোমালোকক শাসন কৰিব নোৱাৰিব।
\p
\v 7 ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই তোমালোকৰ দেখাত দুখীয়া, তেতিয়া তোমালোকে তেওঁলৈ হৃদয় কঠিন নকৰিবা, সেই দুখীয়া ভাইলৈ তোমালোকৰ হাত বন্ধ নকৰিবা।
\v 8 কিন্তু তোমালোকে তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিবা।
\p
\v 9 সাৱধান, সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিবা, আৰু তেওঁ তোমালোকৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে তোমালোকৰ পাপ হ’ব।
\v 10 তোমালোকে তেওঁক অৱশ্যে দিবা, দিওঁতে মনত বেজাৰ নকৰিবা। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো কৰ্মত, আৰু তোমালোকে হাত দিয়া আটাই কাৰ্যত তোমালোকক আশীৰ্ব্বাদ কৰিব।
\p
\v 11 কিয়নো দুখীয়া মানুহ দেশৰ পৰা আঁতৰ নহবা, এই কাৰণে মই তোমালোকক এই আজ্ঞা দিছোঁ যে, তোমালোকে নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিবা।
\p
\v 12 যদি তোমালোকৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা তোমালোকৰ হাতত বেচা হয়, আৰু তেওঁ তোমালোকক ছয় বছৰ খাটি দিয়ে, তেন্তে তোমালোকে সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিবা।
\v 13 মুকলি কৰি বিদায় দিয়া সময়ত, তেওঁক শুদা হাতে নপঠাবা।
\v 14 তোমালোকে তোমালোকৰ মেষ আৰু ছাগলী জাকৰ পৰা, মৰণা মৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দিবা।
\p
\v 15 তোমালোকে অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত তোমালোক বন্দী অৱস্থাত আছিলা, আৰু ঈশ্বৰ যিহোৱাই তোমালোকক মুক্ত কৰিলে; তাক সোৱঁৰা; এই কাৰণে মই আজি তোমালোকক এই আজ্ঞা দিছোঁ।
\p
\v 16 কিন্তু তোমালোকৰ পৰিয়ালৰ লোক সকলৰ প্রতি ভাল পোৱা থকাৰ কাৰণে আৰু তোমালোকৰ ওচৰত সুখেৰে আছে বুলি কৈ যদি তোমালোকক এৰি নাযাওঁ বুলি কয়,
\v 17 তেন্তে তোমালোকে তেওঁৰ কাণৰ লতি দুৱাৰত লগাই বিন্ধনাৰে ফুটা কৰিবা। তাৰ পাছৰ পৰা তেওঁ সদায় তোমালোকৰ বন্দী হৈ থাকিব; আৰু বেটীৰ ক্ষেত্ৰতো সেই দৰেই কৰিবা।
\p
\v 18 তেওঁ ছয় বছৰ তোমালোকৰ কাৰণে তোমালোকৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, তোমালোকে তেওঁক মুকলি কৰি বিদায় দিয়াত কষ্টবোধ নকৰিবা; তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ কৰিব।
\p
\v 19 তোমালোকে তোমালোকৰ গৰু, মেষ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিবা; তোমালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাবা, আৰু প্ৰথমে জন্মা মেষৰ নোম নাকাটিবা।
\v 20 যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ সপৰিয়ালে তাক প্ৰতি বছৰে আহাৰ হিচাপে গ্রহণ কৰিবা।
\v 21 যদি তাত কোনো ঘুণ থাকে, অৰ্থাৎ সেইবোৰ যদি খোৰা, কণা, বা আন প্ৰকাৰৰ ঘুণ থকা হয়, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিবা।
\p
\v 22 তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাবা। শুচি আৰু অশুচি সকলো লোকে সমানে বলদ গৰু বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিবা।
\v 23 তোমালোকৰ কেৱল তাৰ তেজ নাখাবা; তাক পানীৰ দৰে মাটিত ঢালি পেলাবা।
\c 16
\s প্ৰধান বাৰ্ষিক পৰ্ব বিষয়ক বিধি
\p
\v 1 তোমালোকে আবীব মাহ মানিবা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবা; কিয়নো আবীব মাহতেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
\v 2 ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে তেওঁ যি ঠাই মনোনীত কৰিব, সেই ঠাইত তোমালোকে তোমালোকৰ পশুৰ \f + \ft মেষ আদি \f* জাকৰ পৰা আৰু জন্তুৰ \f + \ft গৰু আদি \f* জাকৰ পৰা লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিবা।
\p
\v 3 মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকা মানে সোঁৱৰণ কৰিবৰ কাৰণে, তোমালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাবা। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; কিয়নো তোমালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিলা।
\v 4 সাদিনলৈকে তোমালোকৰ সকলো সীমাত, তোমালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনত সন্ধ্যা কালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে অৱশিষ্ট নাথাকক।
\p
\v 5 ঈশ্বৰ যিহোৱাই তোমালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিবা।
\v 6 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যা বেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিবা।
\p
\v 7 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাবা। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাবা।
\v 8 তোমালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাবা; আৰু সপ্তম দিনা তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা তোমালোকে কোনো কাম নকৰিবা।
\p
\v 9 তাৰ পাছত তোমালোকে সাত সপ্তাহ লেখ কৰিবা। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ হিচাপ কৰিবা।
\v 10 আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিবা।
\p
\v 11 আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, তোমালোকৰ পো-জী, বন্দী-বেটী, তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিবা।
\v 12 আৰু তোমালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিলা, তাক সোঁৱৰণ কৰিবা; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিবা।
\p
\v 13 পাছত তোমালোকৰ শস্য মৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, তোমালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিবা।
\v 14 তোমালোকৰ সেই উৎসৱত তোমালোকৰ পো-জী, বন্দী-বেটী আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া সকল, বিদেশী সকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিবা।
\p
\v 15 যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিবা। কিয়নো তোমালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্য আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব, আৰু তোমালোক সকলো ভাৱে আনন্দিত হ’বা।
\p
\v 16 ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মূৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
\v 17 ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ্য অনুসাৰে উপহাৰ আনিবা।
\s দেৱ পূজা নিষেধ, বিচাৰকৰ্ত্তা আৰু ৰজা বিষয়ক বিধি
\p
\v 18 ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো ফৈদ অনুসাৰে তোমালোকক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত তোমালোকৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিবা। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
\v 19 তোমালোকে বলপূর্বক অন্যায় বিচাৰ নকৰিবা, আৰু কাৰো মুখলৈ নাচাবা; আৰু কাৰো পৰা ভেঁটি নল’বা, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটায়।
\v 20 তাতে তোমালোক জীয়াই থাকি, তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলো ভাৱে যি ন্যায়, সেই মতে চলিবা।
\p
\v 21 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিবা, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিবা,
\v 22 আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিবা।
\c 17
\p
\v 1 ঈশ্বৰ যিহোৱালৈ তোমালোকে কোনো ঘুণ কি খূঁত থকা বলদ গৰু বা মেষ বলিদান নকৰিবা। কিয়নো সেয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া।
\p
\v 2 ঈশ্বৰ যিহোৱাই তোমালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰীক তোমাৰ মাজত পোৱা গৈছে, যে, তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ যিহোৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কুকৰ্ম কৰি, আন দেৱতাক সেৱা পূজা কৰিছে;
\v 3 আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিছে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনী সকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰিছে,
\v 4 আৰু সেইবোৰ তোমালোকক কোৱা হৈছে, আৰু তোমালোকে তাক শুনিলা, এই সকলো তোমালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিবা। ইস্ৰায়েলৰ মাজত তেনে ঘিণ লগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়,
\v 5 তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিছে, সেই পুৰুষ কি স্ত্ৰীক তোমালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিবা।
\v 6 কিন্তু তোমালোকে সেই কথা দুজন সাক্ষীৰ মুখেৰে শুনিহে যাৰ প্ৰাণদণ্ড কৰিব লাগে, তাৰ প্ৰাণদণ্ড কৰিবা। এজন সাক্ষীৰ মুখেৰে তেওঁৰ প্ৰাণদণ্ড নহ’ব।
\v 7 তেওঁক বধ কৰিবলৈ, প্রথমে সাক্ষী সকলে, পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে তোমালোকে তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিবা।
\p
\v 8 কোনো ৰক্তপাত বা বিৰোধীতা কৰা বা আঘাত কৰাৰ কথা লৈ কোনো দুজনৰ বিচাৰৰ কাৰণে তোমালোকৰ কোনো নগৰৰ ভিতৰত উপস্থিত হোৱা, আৰু যদি সেই বিচাৰ তোমালোকৰ কাৰণে কঠিন হয়, তেন্তে ঈশ্বৰ যিহোৱাই মনোনীত কৰা ঠাইলৈ তোমালোকে যাবা,
\v 9 আৰু লেবীয়া পুৰোহিত আৰু যথা সময়ৰ বিচাৰকৰ্তা সকলক সুধিবা, তেওঁলোকে বিচাৰত উচিত ৰায়
\v 10 ঈশ্বৰ যিহোৱাই মনোনীত কৰা স্থানত তেওঁলোকে যি সিদ্ধান্ত দিব তোমালোকে সেই মতে কৰিবা। তেওঁলোকে যি কৰিবলৈ কয়, সেইবোৰ খুউব সাৱধানে কৰিবা।
\v 11 তেওঁলোকে তোমালোকক শিকোৱা বিধি আৰু তোমালোকক দিয়া সিদ্ধান্ত অনুসাৰে কাম কৰিবা। তেওঁলোকে যি কৰিবলৈ কয় তাৰ বিপৰীতে তোমালোকে সোঁ কি বাওঁ ফালে নুঘুৰিবাহঁক।
\v 12 কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্যা কৰিবৰ বাবে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। এইদৰে তোমালোকে ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিবা।
\v 13 যাতে সকলো প্ৰজাই তাক শুনি ভয় পাই সেইদৰে আৰু গৰ্ব্ব নকৰিব।
\p
\v 14 ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া কবা, “আমাৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে আমিও আমাৰ ওপৰত এজন ৰজা পাতোঁ”
\v 15 তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিব, সেই জনকেই তোমালোকৰ ওপৰত ৰজা পাতিবা। তোমালোকৰ নিজৰ ভাই সকলৰ মাজৰ পৰা এজনক বাচি লৈ তোমালোকৰ ওপৰত ৰজা পাতিবা। যি জন তোমালোকৰ ভাই নহয়, এনে অনা-ইহুদী লোকক তোমালোকৰ ওপৰত ৰজা পাতিব নোৱাৰিবা।
\p
\v 16 কেৱল ৰজা গৰাকীয়ে নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজা সকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই তোমালোকক কৈছিল, ইয়াৰ পাছত “তোমালোকে সেই বাটেদি পুনৰায় উলটি নাযাবা।”
\v 17 আৰু মন যেন অপথে নাযায় তাৰ কাৰণে বহু বিবাহ যেন নকৰে, আৰু নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ সংগ্ৰহ নকৰে।
\p
\v 18 যেতিয়া তেওঁ সেই ৰাজ সিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিত সকলৰ লগত থকা পুস্তকখনিৰ পৰা এখন পুস্তক নিজৰ কাৰণে লিখি লব।
\v 19 ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তান সকল দীৰ্ঘ জীৱি হবৰ কাৰণে তেওঁ যেন ভাই সকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞাৰ সোঁ কি বাওঁফালে নুঘূৰে,
\v 20 এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।
\c 18
\s পুৰোহিত আৰু লেবীয়া সকলৰ বাবে ব্যৱস্থা
\p
\v 1 লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইস্ৰায়েল সকলৰ দৰে কোনো ভূমি বা সম্পত্তিৰ আধিপত্য নাপাব। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম বলিৰ কাৰণে যি সকলো অনা হ’ব আৰু যিহোৱাক আন যি সকলো আগ বঢ়োৱা হ’ব, তেওঁলোকে সেইবোৰ বস্তুহে খাব।
\v 2 ইস্রায়েলীয়া ভাই সকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰ প্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।
\p
\v 3 লোক সকলে যিবোৰ গৰু-ছাগলী বা মেষ বলি দিব, সেইবোৰৰ কান্ধ, গাল দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিত সকলক দিব; এইবোৰেই হ’ব পুৰোহিত সকলে পাব লগীয়া ভাগ।
\v 4 তোমালোকৰ প্রথমে চপোৱা শস্যৰ ফলবোৰ, নতুন দ্ৰাক্ষাৰস আৰু তেল, আৰু মেষৰ পৰা প্রথমবাৰ কাটি উলিওৱা নোম তোমালোকে পুৰোহিতক দিবা।
\v 5 কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰ সকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
\p
\v 6 ইস্ৰায়েল সকল থকা এখন নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,
\v 7 তেতিয়া আন সকলো লেবীয়া ভাই সকলৰ দৰে তেৱোঁ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পৰিচর্যা কার্য কৰিব লাগিব।
\v 8 সেই লেবীয়া লোকে পৈত্রিক সম্পত্তি বিক্রী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাইৰ আন লেবীয়া সকলৰ লগত আহাৰৰ সমান ভাগ পাব।
\s যিহোৱাই ঘিণ কৰা কার্য
\p
\v 9 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিবলৈ গৈছে, সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিণ লগীয়া কার্য কৰে, তোমালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিবা।
\v 10 তোমালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি নিজৰ সন্তানক হোম বলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়া বিদ্যা, যাদু বিদ্যাৰ অভ্যাস কৰে,
\v 11 যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে।
\v 12 এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণ লগীয়া আৰু এনে ঘৃণনীয় কার্যৰ কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক তোমালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
\v 13 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
\s যিহোৱাৰ ভাৱবাদী
\p
\v 14 তোমালোকে যি জাতিবোৰক দূৰ কৰি তেওঁলোকৰ ভূমি অধিকাৰ কৰিবা, সেই জাতিবিলাকে মায়া বিদ্যা, মঙ্গল চোৱা আৰু ভৱিষ্যত বক্তাসকলৰ কথা শুনে। কিন্তু তোমালোকক হ’লে তোমালোকৰ ঈশ্বৰ যিহোৱাই তেনে কৰিবলৈ নিষেধ কৰিছে।
\p
\v 15 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ মাজৰ ভাই সকলৰ এজনক তোমালোকৰ কাৰণে মোৰ নিচিনা ভাববাদী উৎপন্ন কৰিব। তোমালোকে তেওঁৰ কথা মতে চলিব লাগিব।
\v 16 হোৰেব পাহাৰৰ ওচৰত তোমালোক সকলোৱেই যিহোৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত ইয়াকে প্রার্থনা কৰিছিলা। তোমালোকে এইবুলি প্রার্থনা কৰিছিলা, “ঈশ্বৰ যিহোৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিবা বা এই মহা-অগ্নি আমাক পুনৰ চাবলৈ নিদিবা; সেয়ে হ’লে আমি মৰি যাম।”
\p
\v 17 যিহোৱাই মোক কৈছিল, “তেওঁলোকে ঠিকেই কৈছে।
\v 18 মই তেওঁলোকৰ ভাই সকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।
\v 19 সেই ভাৱবাদীয়ে মোৰ নামেৰে এই যি কথা ক’ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে, তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল’ম।
\p
\v 20 কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি কয়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে কয়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
\s মিছা ভাববাদী
\p
\v 21 “কোনো কথাত তোমালোকে হয়তো মনতে ভাৱিব পাৰা, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?
\p
\v 22 কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা কয় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। তোমালোকে তেওঁক ভয় নকৰিব।”
\c 19
\s আশ্ৰয় নগৰ
\p
\v 1 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু তোমালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিবা,
\v 2 তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক দিব, তোমালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব।
\v 3 সেই ঠাইলৈ যাবলৈ এটা পথো তোমালোকে নির্মাণ কৰি ল’বা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ তোমালোকক নিছে, সেই দেশৰ সীমা তোমালোকে তিনি ভাগত ভাগ কৰিবা যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।
\p
\v 4 সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে,
\v 5 যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব;
\v 6 তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল।
\v 7 এই কাৰণতে মই তোমালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো।
\v 8 যদি তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পূর্বপুৰুষ সকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু তোমালোকৰ সীমাবোৰ বৃদ্ধি কৰে,
\v 9 মই আজি তোমালোকক দিয়া সকলো আজ্ঞা যদি তোমালোকে মানি চলা - যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি তেওঁৰ পথত চলা, তেতিয়া তোমালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিবা।
\v 10 তোমালোকে এইদৰে কার্য কৰিবা, যাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে তোমালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষী লোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত তোমালোকো দোষী নহ’বা।
\p
\v 11 কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰিবলৈ অপেক্ষা কৰি থাকি তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি পলাই যায়,
\v 12 তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰী জনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব।
\v 13 তোমালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাবা। কিন্তু, তাৰ পৰিবর্তে তোমালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাবা। তাতে তোমালোকৰ মঙ্গল হ’ব।
\p
\v 14 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে তোমালোকক প্রৱেশ কৰিবলৈ দিব, সেই দেশত প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাবা। আগৰে পৰাই সেই চিহ্নবোৰ তাত ৰখা হৈছিল।
\s সাক্ষী সম্পর্কে নিয়ম
\p
\v 15 কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হলে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব।
\v 16 যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে,
\v 17 তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰক সকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব;
\v 18 বিচাৰক সকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে,
\v 19 তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব।
\v 20 তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় পাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা তোমালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব।
\v 21 তোমালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাবা প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’বা।
\c 20
\s যুদ্ধ বিষয়ক নিয়ম।
\p
\v 1 যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত তোমালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি তোমালোকে ভয় নকৰিবা, কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিছে, তেওঁ তোমালোকৰ লগত আছে।
\v 2 যেতিয়া তোমালোকে যুদ্ধলৈ যাবলৈ সাজু হ’বা, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’বা,
\v 3 “হে ইস্ৰায়েল শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রু পক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।
\v 4 কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”
\v 5 তাৰ পাছত বিষয়া সকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।
\v 6 দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।
\v 7 বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।”
\v 8 সেই বিষয়া সকলে পুনৰ ক’বা, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; যাতে তেওঁৰ ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি নপৰে।”
\v 9 সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব।
\p
\v 10 তোমালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোক সকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগ বঢ়াবা।
\v 11 যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ তোমালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক তোমালোকৰ অধীনত ক্রীতদাস হ’ব আৰু তোমালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব।
\v 12 কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া তোমালোকে সেই নগৰ অৱৰোধ কৰিবা।
\v 13 তোমালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া তোমালোকক জয়ী কৰিব আৰু সেই ঠাই তোমালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে তোমালোকে বধ কৰিবা।
\v 14 কিন্তু মহিলা, শিশু আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু তোমালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিবা। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক তোমালোকে ভোগ কৰিব পাৰিবা।
\v 15 যিবোৰ নগৰ তোমালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ তোমালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি তোমালোকে সেইদৰে কৰিবা।
\v 16 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ তোমালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে তোমালোকে জীৱিত নাৰাখিবা,
\v 17 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তোমালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোক সকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাবা।
\v 18 এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ তোমালোককো শিকাব। তাতে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিবা।
\v 19 তোমালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিবা, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিবা। কিয়নো সেই গছবোৰৰ ফল তোমালোকে খাব পাৰিবা। সেয়ে তোমালোকে গছবোৰ নাকাটিবা। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক তোমালোকে অৱৰোধ কৰিবা?
\p
\v 20 কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিবা, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিবা আৰু যি ঠাইৰ লোকসকলে তোমালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক তোমালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিবা।
\c 21
\s অজ্ঞাত হত্যাৰ সম্পর্কে কৰা প্ৰায়চিত্ত।
\p
\v 1 তোমালোকৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে তোমালোকক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
\v 2 তেতিয়া তোমালোকৰ মাজৰ বয়োজ্যেষ্ঠ লোক আৰু বিচাৰকৰ্ত্তা সকল বাহিৰলৈ গৈ, সেই হত হোৱা লোক জনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’বা।
\p
\v 3 যেতিয়া তোমালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিবা, সেই নগৰৰ বৃদ্ধ লোক সকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই;
\v 4 পাছত সেই নগৰৰ বৃদ্ধ লোক সকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
\p
\v 5 আৰু লেবী সকলৰ সন্তান পুৰোহিত সকলো অৱশ্যেই তালৈ যাব; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোক সকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
\v 6 সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধ সকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
\v 7 আৰু এই লোক সকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
\p
\v 8 হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
\v 9 এইদৰে তোমালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি তোমালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
\s বন্দী যুৱতীক বিয়া কৰোঁৱা।
\p
\v 10 যেতিয়া তোমালোকে তোমালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবা, তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই লোক সকলক পৰাস্ত কৰিব আৰু তোমালোকে শত্রুবোৰক বন্দী কৰি আনিব পাৰিবা।
\v 11 আৰু সেই বন্দী কৰি অনা লোক সকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ তুমি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজা,
\v 12 তেন্তে তেওঁক তোমালোকে ঘৰলৈ নিবা আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
\v 13 বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, তোমাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত তুমি তাইৰ ওচৰলৈ যাব পাৰিবা বা তেওঁৰ স্বামী হ’বা, আৰু তাই তোমাৰ ভাৰ্য্যা হ’ব।
\v 14 পাছত যদি তুমি তেওঁকলৈ সুখী নোহোৱা, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিবা; কিন্তু কোনো ধন লৈ তাইক নেবেচিবা, তুমি তাইক বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিবা, কিয়নো তুমি তাইক অপদস্থ কৰিলা।
\s বৰ পুত্রই পাব লগীয়া অধিকাৰ
\p
\v 15 যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ, আৰু যদি দুয়ো গৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
\v 16 তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগ কৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
\p
\v 17 কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগী জনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিবা। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্ম পোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
\s বিদ্রোহী সন্তান।
\p
\v 18 কোনো মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা
\v 19 সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়োজ্যেষ্ঠ সকলৰ ওচৰলৈ, তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
\v 20 নগৰৰ বয়োজ্যেষ্ঠ লোক সকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, অপব্যয়ী আৰু মদপী।”
\v 21 তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা। তাতে ইস্ৰায়েলৰ লোক সকলে এই বিষয়ে শুনি ভয় পাব।
\s অন্যান্য নিয়ম।
\p
\v 22 কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহ এডাল গছত আঁৰি ৰাখিবা;
\v 23 কিন্তু তেওঁৰ মৃত দেহটো ৰাতি গছ জোপাৰ ওপৰতে ৰাখি নথবা; বৰং একেদিনাই দেহটো পুতি পেলাবা। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমালোকক দিবলৈ গৈছে, তোমালোকে সেই দেশ অশুচি নকৰিবা।
\c 22
\s ওচৰ-চুবুৰীয়াক দয়া কৰিবলৈ আদেশ
\p
\v 1 তোমালোকে কোনো ভাইৰ গৰু বা মেৰছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিবা। তোমালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিবা।
\v 2 যদি তোমালোকৰ সেই ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানা, তেন্তে সেই পশুক তোমালোকে নিজৰ ঘৰলৈ লৈ যাবা আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক তোমালোকৰ ঘৰতে ৰাখি থ’বা; পাছত বিচাৰি আহিলে তোমালোকে তাক ওলোটাই দিবা।
\p
\v 3 তোমালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিবা; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিবা; তোমালোলোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু তোমালোলোকে পোৱা, সেই সকলো বিষয়তে তোমালোকে একে দৰেই কৰিবা; তোমালোকে নিজৰ মতে লুকুৱাই নাৰাখিবা।
\v 4 তোমালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, তোমালোকে সেইবোৰলৈ অৱহেলা নকৰিবা; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিবা।
\p
\v 5 পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক ঘৃণনীয়।
\p
\v 6 তোমালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পোৱা, তেন্তে তোমালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাবা।
\v 7 তোমালোকে পোৱালিবোৰক লৈ যাব পাৰা, কিন্তু মাকক অৱশ্যেই তোমালোকে এৰি দিবা। তাতে তোমালোকৰ উন্নতি হ’ব আৰু তোমালোকৰ আয়ুস দীঘল হ’ব।
\p
\v 8 ঘৰ নির্ম্মাণ কৰাৰ সময়ত তোমালোকে ছাদৰ চাৰিওঁফালে বেৰা দিবা, যাতে ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহয়।
\p
\v 9 দ্ৰাক্ষাবাৰীত তোমালোকে দুই জাতৰ বীজ নলগাবা; তেনে কৰিলে তোমালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
\v 10 গৰু আৰু গাধ দুয়োকে এক জুঁট কৰি হাল নাবাবা।
\v 11 ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিবা।
\p
\v 12 তোমালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিবা।
\s সহবাস সম্পর্কে নিয়ম
\p
\v 13 কোনো লোকে যদি বিয়া কৰি ভার্যাৰে সৈতে সহবাস কৰাৰ পাছত তাইক পছন্দ নকৰে
\v 14 আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”
\p
\v 15 তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতা সকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব।
\v 16 ছোৱালী জনীৰ বাপেকে বৃদ্ধ নেতা সকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে।
\v 17 এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলি কৈ তেওঁলোকে বৃদ্ধ নেতা সকলৰ আগত কাপোৰখন মেলি দেখুৱাব।
\v 18 পাছত নগৰৰ বৃদ্ধ নেতা সকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব।
\v 19 সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েল কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
\p
\v 20 কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালী জনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,
\v 21 তেন্তে তেওঁলোকে ছোৱালী জনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েল সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এই দৰেই ইস্ৰায়েল সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।
\p
\v 22 যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলা গৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এই দৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।
\p
\v 23 যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে,
\v 24 তেন্তে তোমালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিবা আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিবা। নগৰৰ মাজত থাকিও ছোৱালী জনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েল ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিবা। এইদৰে তোমালোকে তোমালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিবা।
\p
\v 25 কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, কোনো পুৰুষে তাইৰ বলাৎকাৰ কৰে, তেন্তে যি পুৰুষে বলাৎকাৰ কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব;
\v 26 কিন্তু ছোৱালী জনীক হ’লে তোমালোকে একো নকৰিবা। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো এইয়া এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়।
\v 27 পুৰুষ জনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালী জনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
\p
\v 28 বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইক বলাৎকাৰ কৰে আৰু যদি তেওঁলোক ধৰা পৰে,
\v 29 তেন্তে তাইৰ লগত বলাৎকাৰ কৰা পুৰুষে ছোৱালী জনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
\p
\v 30 কোনো পুৰুষে নিজ বাপেকৰ ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।
\c 23
\s ইস্রায়েলৰ সমাজত ভুক্ত হোৱাৰ নিয়ম
\p
\v 1 যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপ্ত অঙ্গৰ চৰ্ম ছ্দেন কৰা হয়, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
\v 2 কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
\p
\v 3 কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
\v 4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত তোমালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং তোমালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম \f + \ft অৰাম-নহৰয়িম মেচোপটেমিয় \f* দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
\v 5 কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; তোমালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই তোমালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।
\v 6 তোমালোক জীয়াই থাকামানে কেতিয়াও তেওঁলোকৰ সৈতে সন্ধি বা চুক্তিৰ চেষ্টা নকৰিবা।
\p
\v 7 কোনো ইদোমীয়া \f + \ft ইদোমীয়া সকল এচৌৰ বংশ \f* লোকক তোমালোকে ঘৃণা নকৰিবা; কিয়নো তেওঁ তোমালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক তোমালোকে ঘৃণা নকৰিবা, কাৰণ তোমালোকে তেওঁৰ দেশত বিদেশী হৈ আছিলা।
\v 8 তোমালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিবা।
\s সৈন্য দলৰ ছাউনিৰ পবিত্রতা ৰক্ষাৰ নিয়ম
\p
\v 9 শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো অশুচি স্থানৰ পৰা তোমালোকে নিজক দূৰৈত ৰাখিবা।
\v 10 তোমালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।
\v 11 সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
\v 12 শৌচ-পেচাবৰ কাৰণে তোমালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’বা।
\v 13 তোমালোকৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। শৌচ কৰাৰ আগতে তোমালোকে তাৰে গাত কৰি লবা, মলখিনি আকৌ মাটিৰে ঢাকি দিবা।
\v 14 তোমালোকক ৰক্ষা কৰিবলৈ, আৰু তোমালোকৰ শত্রুবোৰক তোমালোকৰ হাতত তুলি দিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, তোমালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে তোমালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ তোমালোকৰ পৰা বিমুখ হৈ নাযায়।
\s নানাধৰণৰ নিয়ম
\p
\v 15 কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি তোমালোকৰ ওচৰত আশ্রয় লয়, তোমালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিবা।
\v 16 সেই দাসে যি কোনো এখন নগৰত তোমালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে তাতে বাস কৰিবলৈ দিবা। তাক উপদ্ৰৱ নকৰিবা।
\p
\v 17 ইস্ৰায়েলৰ লোকৰ মাজৰ নাৰীয়েই হওঁক বা পুৰুষেই হওঁক কোনো এজনো যেন মন্দিৰৰ বেশ্যা ৰূপে নাথাকে।
\v 18 পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিবা; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক তোমালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
\p
\v 19 তোমালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিবা - সেই সুদ লাগে ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
\v 20 অন্য জাতিৰ লোক সকলৰ পৰা তোমালোকে ধাৰ দি সুদ ল’ব পাৰা, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰা। এইদৰে চলিলে তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছা, সেই দেশত তোমালোকে যিহতে হাত দিবা, সকলো কাৰ্যতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব।
\p
\v 21 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি তোমালোকে কোনো সঙ্কল্প কৰা, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে তোমালোকৰ পাপ হ’ব।
\v 22 কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
\v 23 তোমালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’বা, তাক তোমালোকে পূৰণ কৰিবই লাগিব, কাৰণ তোমালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছা।
\p
\v 24 আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ তোমালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিবা, কিন্তু লৈ যোৱাৰ বাবে তোমালোকৰ পাত্ৰত অলপো নল’বা।
\v 25 অন্যৰ শস্যক্ষেত্রত গৈ তোমালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিবা, কিন্তু শস্যত কাচি লগাব নোৱাৰিবা।
\c 24
\s ভার্যাক ত্যাগ-পত্ৰ দিয়া
\p
\v 1 কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব।
\v 2 সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব।
\v 3 কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়,
\v 4 তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণ লগীয়া। তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ তোমালোকক দিব, তোমালোকে এই ভাৱে সেই দেশক পাপত নেপেলাবা।
\p
\v 5 অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
\p
\v 6 ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।
\p
\v 7 কোনো মানুহে যদি ইস্ৰায়েলৰ নিজ ভাই সকলৰ মাজত কোনো জনক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে তোমালোকৰ মাজৰ পৰা তোমালোকে দুষ্টতা দূৰ কৰিব লাগিব।
\p
\v 8 চর্মৰোগে দেখা দিলে তোমালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিত সকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি তোমালোকে সেই মতে কাৰ্য কৰিবা।
\v 9 মিচৰ দেশৰ পৰা তোমালোকে ওলাই অহাৰ সময়ত বাটত তোমালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিবা।
\p
\v 10 ওচৰ-চুবুৰীয়াক তোমালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে তোমালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা।
\v 11 বাহিৰত থিয় হৈ থাকিবা আৰু যি জনক ধাৰ দিয়া, তেওঁকেই বন্ধকী বস্তু উলিয়াই তোমালোকৰ ওচৰলৈ আনিব দিবা।
\v 12 মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাবা।
\v 13 সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিবা যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে তোমালোকক আশীৰ্ব্বাদ দিব। তোমালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।
\p
\v 14 তোমালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিবা তেওঁ তোমালোকৰ কোনো ইস্রায়েলীয়া ভায়েই হওক, বা তোমালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।
\v 15 প্রতিদিনে তোমালোকে তেওঁৰ মজুৰি দিবা। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক তোমালোকে পৰিশোধ কৰিবা। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। তোমালোকে এই কার্য কৰিবা নহলে তেওঁ তোমালোকৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে তোমালোকৰ পাপ হ’ব।
\p
\v 16 সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।
\p
\v 17 বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিবা আৰু কোনো বিধৱাৰ বস্ত্ৰ বন্ধক স্বৰূপে নল’বা।
\v 18 মনত ৰাখিবা, মিচৰ দেশত তোমালোক দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা তোমালোকক মুক্ত কৰি আনিছে। এই বাবেই মই তোমালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ।
\p
\v 19 তোমালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যোৱা, তেন্তে তাক আনিবলৈ উলটি নাযাবা; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱা সকলৰ বাবে হ’ব। তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যতে তোমালোকক আশীৰ্ব্বাদ কৰিব।
\v 20 জিত পৰাৰ সময়ত তোমালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাবা। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱা সকলৰ বাবে ৰাখিবা।
\v 21 তোমালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিবা। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিবা।
\v 22 পাহৰি নাযাবা যে তোমালোকো মিচৰ দেশত দাস আছিলা। সেই বাবেই মই তোমালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।
\c 25
\p
\v 1 যদি লোক সকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰক সকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষী আৰু দোষীক দোষী কৰিব;
\v 2 সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব।
\v 3 বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক তোমালোকৰ আগত নীহ কৰা হ’ব।
\p
\v 4 শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা।
\p
\v 5 যদি ককাই-ভাই একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিব লগীয়া কর্তব্য পালন কৰিব।
\v 6 পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা কৰা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব।
\v 7 কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোক সকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিব লগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়,”
\v 8 তেতিয়া সেই নগৰৰ বৃদ্ধ লোক সকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,”
\v 9 তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোক সকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হব।”
\v 10 ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব।
\p
\v 11 দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে,
\v 12 তেতিয়া তোমালোকে তাইৰ হাত কাটি পেলাবা; তাইলৈ তোমালোকে কোনো দয়া নেদেখুৱাবা।
\p
\v 13 তোমালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে।
\v 14 তোমালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে।
\v 15 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিব, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে তোমালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিবা।
\v 16 কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।
\p
\v 17 তোমালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়া সকলে তোমালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰা।
\v 18 তোমালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোক সকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰা। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল।
\v 19 এই হেতুকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ তোমালোকক দিবলৈ গৈছে, সেই দেশত তোমালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া তোমালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়া সকলৰ চিন তোমালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা তোমালোকে নাপাহৰিবা।
\c 26
\s প্রথম শস্যৰ আগ ভাগ আৰু দশমাংশ
\p
\v 1 তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে তোমালোকক দিব, তোমালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিবা,
\v 2 তেতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত তোমালোকে যি শস্য উৎপন্ন কৰিবা, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিবা। তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য তোমালোকে সেই ঠাইলৈ লৈ যাবা।
\p
\v 3 তেতিয়া যি জন পুৰোহিত থাকিব তোমালোকে গৈ তেওঁক ক’বা, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
\v 4 তাতে পুৰোহিত জনে তোমালোকৰ হাতৰ পৰা পাচিটো লৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
\p
\v 5 তাৰ পাছত তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’বা, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
\v 6 মিচৰীয়া সকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰি আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰাইছিল;
\v 7 তেতিয়া আমি আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি শুনিলে। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
\v 8 যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
\v 9 তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
\v 10 সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ আমি আপোনাৰ ওচৰলৈ আনিছোঁ।’ এই বুলি কৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকে তোমালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিবা।
\v 11 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আৰু তোমালোকৰ পৰিয়ালৰ যি সকলো মঙ্গল কৰিছে, তাৰ বাবে তোমালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিবা।
\p
\v 12 প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, তোমালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত তোমালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱা সকলক দিবা। তাতে সেই সকলোৱে তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
\v 13 তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকে এই কথা ক’বা, ‘আমি আপোনাৰ সকলো আজ্ঞা অনুসাৰে আমাৰ আয়ৰ পৰা পবিত্র অংশ ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱা সকলক দিলোঁ; আজ্ঞা সমূহৰ এটাও আমি অমান্য কৰা নাই আৰু সেইবোৰ পাহৰা নাই।
\v 14 মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত আমি পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানার্থে দান কৰা নাই। আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি আমাক দিয়া সকলো আজ্ঞাৰ দৰে আমি কাৰ্য কৰিলোঁ।
\v 15 হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েল সকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্বপুৰুষ সকলৰ আগত আপুনি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছে, সেই দেশক আশীৰ্ব্বাদ কৰক’।”
\s যিহোৱাৰ আজ্ঞা পালন কৰাৰ নির্দেশ
\p
\v 16 আজি তোমালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তোমালোকক আজ্ঞা দিছে; এই হেতুকে তোমালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা,
\v 17 আজিয়েই তোমালোকে স্বীকাৰ কৰিছা যে, যিহোৱাই তোমালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে তোমালোক চলিবা। তোমালোকে স্বীকাৰ কৰিছা যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ তোমালোকে পালন কৰিবা আৰু তেওঁৰ বাক্যলৈ কাণ দিবা।
\v 18 যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেই দৰে তোমালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছা আৰু তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
\v 19 যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত তোমালোকক স্থান দিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই তোমালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’বা।
\c 27
\s এবল পাহাৰৰ যজ্ঞবেদী
\p
\v 1 মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতা সকলক লগত লৈ লোক সকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি তোমালোকক দিছো, তাক তোমালোকে পালন কৰিবা।
\v 2 তোমালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশলৈ যাবা, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’বা আৰু চূণেৰে সেইবোৰ লিপিবা ।
\v 3 সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিবা। তোমালোকৰ পূৰ্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ তোমালোকক দিব, তোমালোক তাত প্ৰৱেশ কৰাৰ পাছত,
\v 4 অর্থাৎ, যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি তোমালোকক যি আজ্ঞা কৰিছোঁ, তোমালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিবা।
\v 5 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তোমালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিবা। সেই শিলবোৰৰ ওপৰত তোমালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিবা।
\v 6 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞ বেদীটো তোমালোকে নকটা শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবা।
\v 7 তোমালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিবা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিবা।
\v 8 সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিবা।”
\s এবল পাহাৰৰ পৰা অভিশাপ উচ্চাৰণ
\p
\v 9 পাছত মোচি আৰু লেবীয়া পুৰোহিত সকলে সকলো ইস্ৰায়েলক ক’লে, “হে ইস্ৰায়েল লোক সকল, তোমালোকে মনে মনে থাকি শুনা; আজি তোমালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’লা।
\v 10 তোমালোকে সেয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিবা। আজি মই তোমালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ তোমালোকে পালন কৰি চলিবা।”
\p
\v 11 সেইদিনা মোচিয়ে লোক সকলক এই আজ্ঞা কৰিলে,
\v 12 “তোমালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোক সকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোক সকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
\v 13 ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোক সকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
\v 14 লেবীয়া সকলে তেতিয়া ইস্ৰায়েলৰ সকলো লোকক বৰ মাতেৰে ক’ব:
\p
\v 15 ‘যি লোকে সাঁচত ঢালি নাইবা খোদিত কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণ লগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
\p
\v 16 যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’
\p
\v 17 যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।
\p
\v 18 যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 19 যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 20 যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 21 যি কোনোৱে পশুৰ সৈতে পতিত হয়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 22 যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 23 যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 24 যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 25 যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\p
\v 26 যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
\c 28
\s বাধ্যতাৰ আশীর্বাদ।
\p
\v 1 তোমালোকে যদি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়া আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ তোমালোকৰ স্থান উচ্চ কৰিব।
\v 2 তোমালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ তোমালোকলৈ আহিব আৰু সেয়ে তোমালোকৰ লগত থাকিব।
\v 3 তোমালোকৰ নগৰ আৰু খেতি পথাৰ আদি সকলোতে তোমালোকে আশীৰ্ব্বাদ পাবা।
\v 4 তোমালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, তোমালোকৰ পশু আৰু মেষ আৰু পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাবা।
\p
\v 5 তোমালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব।
\v 6 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত তোমালোকে আশীৰ্ব্বাদ পাবা।
\p
\v 7 যিহোৱাই তোমালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক তোমালোকৰ আগত ঘটুৱাব; সিহঁতে এক বাটদি তোমালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব।
\v 8 যিহোৱাই তোমালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত তোমালোকে হাত দিবা, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; তোমালোকক যি দেশ দিব, তাত তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰিব।
\v 9 তোমালোকে যদি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলা, তেন্তে যিহোৱাই তোমালোকৰ আগত শপত কৰাৰ দৰে, তোমালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে প্ৰতিষ্ঠিত কৰিব।
\v 10 তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই তোমালোকৰ পৰিচয় আৰু তেওঁলোকে তোমালোকক ভয় কৰি চলিব।
\p
\v 11 যিহোৱাই তোমালোকক যি দেশ দিম বুলি তোমালোকৰ পূর্বপুৰুষ সকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ তোমালোকৰ গৰ্ভফল, তোমালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ সমৃদ্ধিশালী কৰিব।
\v 12 তোমালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু তোমালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই দানৰ অৰ্থে আকাশ ভঁৰাল মুকলি কৰি দিব; তাতে তোমালোকে অনেক জাতিক ঋণ দিব পৰিবা, কিন্তু তোমালোকে নিজে ঋণ লব লগীয়া নহব।
\v 13 যিহোৱাই তোমালোকক মূৰ কৰিব, নেগুৰ নকৰিব; তোমালোকৰ স্থান ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি তোমালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰা,
\v 14 আৰু দেৱতাবোৰৰ সেৱা পূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি তোমালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে তোমালোকে সেই আশীর্বাদ পাবা।
\s অবাধ্যতাৰ অভিশাপ
\p
\v 15 কিন্তু মই আজি তোমালোকক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি তোমালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়া, তেন্তে এই সকলো শাও তোমালোকৰ ওপৰত পৰিব, আৰু তোমালোকত ফলিয়াব।
\v 16 তোমালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে তোমালোকে শাও পাবা।
\v 17 তোমালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব।
\v 18 তোমালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেষ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব।
\v 19 ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত তোমালোকে শাও পাবা।
\p
\v 20 তোমালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে তোমালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে তোমালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নোযোৱা, তেতিয়ালৈকে যিহোৱাই তোমালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব।
\v 21 তোমালোকৰ অধিকাৰৰ অৰ্থে যি দেশত সোমাবলৈ গৈ আছা, সেই দেশৰ পৰা যিহোৱাই তোমালোকক উচ্ছন্ন নকৰেমানে তোমালোকৰ মাজত মহামাৰী লাগিয়েই থাকিব।
\p
\v 22 সংক্রামক ৰোগ, যেনে, ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই তোমালোকক মাৰিব; তোমালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে তোমালোকৰ লগ নেৰিব।
\p
\v 23 তোমালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব।
\v 24 যিহোৱাই তোমালোকৰ দেশত বৰষুণৰ সলনি ধুলি আৰু বালি বৰষাব; তোমালোকে বিনষ্ট নোহোৱালৈকে, সেইবোৰ আকাশৰ পৰা তোমালোকৰ ওপৰত পৰি থাকিব।
\p
\v 25 যিহোৱাই তোমালোকৰ শত্ৰুবোৰৰ আগত তোমালোকক ঘটুৱাব; তোমালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাবা, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিবা; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত তোমালোক সিচঁৰতি হবা।
\v 26 তোমালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব।
\p
\v 27 যিহোৱাই তোমালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।
\v 28 যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি তোমালোকক অধিক কষ্ট দিব।
\v 29 অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ তোমালোকে দিন-দুপৰতে খপিয়াই ফুৰিবা; তোমালোকৰ কোনো কাৰ্যই সফল নহব; তোমালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
\p
\v 30 তোমালোকৰ যি ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে সৈতে তাই সহবাস কৰিব; তোমালোকে ঘৰ সাজিবা, কিন্তু তাত বাস কৰিবলৈ নাপাবা; আৰু দ্ৰাক্ষাবাৰী পাতিবা, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাবা।
\v 31 অন্য লোকে তোমালোকৰ গৰু তোমালোকৰ সন্মুকতে বধ কৰিব, কিন্তু তোমালোকে তাৰ মাংস খাবলৈ নাপাবা; তোমালোকৰ গাধ তোমালোকৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; তোমালোকৰ মেষৰ জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু নিস্তাৰ কৰোঁতা কোনো নাথাকিব।
\p
\v 32 তোমালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোক সকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু তোমালোক ক্লান্ত হৈ পৰিবা, তোমালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।
\p
\v 33 তোমালোকে নজনা এটা জাতিয়ে তোমালোককৰ ভূমিৰ শস্য আৰু তোমালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; তোমালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিবা;
\v 34 তেতিয়া, তোমালোকে চকুৰে যি দেখিবা, তাৰ কাৰণেই তোমালোক মানসিক বিকাৰগ্রস্ত হ’বা।
\p
\v 35 যিহোৱাই তোমালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে তোমালোকক যন্ত্ৰণা দিব।
\p
\v 36 তোমালোকে মনোনীত কৰা ৰজা আৰু তোমালোকক এনে এটা জাতিৰ ওচৰলৈ যিহোৱাই লৈ যাব, যি জাতিক তোমালোকে আৰু তোমালোকৰ পূর্বপুৰুষ সকলেও নাজানে। সেই ঠাইত তোমালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱা পূজা কৰিবা।
\v 37 যিহোৱাই তোমালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেই সকলৰ মাজত তোমালোক এক ত্রাস, অৱজ্ঞা আৰু বিদ্ৰূপৰ বিষয় হবা।
\v 38 তোমালোকে খেতিলৈ অধিক বীজ লৈ যাবা, কিন্তু অলপহে গোটাবা; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।
\v 39 তোমালোকে দ্ৰাক্ষাবাৰী পাতিবা আৰু তাৰ যত্নও ল’বা, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাবা; কিয়নো পোকে তাক খাই পেলাব।
\p
\v 40 তোমালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু তোমালোকে তেল ঘঁহিবলৈ নাপাবা; কিয়নো তাৰ ফল সৰি যাব।
\v 41 তোমালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক তোমালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব।
\v 42 তোমালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জাক জাক ফৰিঙে আহি ভোগ কৰিব।
\v 43 তোমালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে তোমালোকৰ ওপৰলৈ উঠি যাব, কিন্তু তোমালোক ক্ৰমে ক্ৰমে তললৈ যাবা।
\v 44 তেওঁলোকে তোমালোকক ধাৰ দিব, কিন্তু তোমালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিবা; তেওঁলোক মূৰ হ’ব আৰু তোমালোক নেগুৰ হ’বা।
\p
\v 45 এই সকলো শাও তোমালোকৰ ওপৰত পৰিব। তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। তোমালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে তোমালোকৰ পাছ নেৰিব।
\v 46 এই শাওবোৰ তোমালোক আৰু তোমালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব।
\p
\v 47 কাৰণ, তোমালোকে যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিলা, তেতিয়া তোমালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলা।
\v 48 এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই তোমালোকৰ বিৰুদ্ধে পঠাব, তোমালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিবা আৰু তেওঁলোকে তোমালোকক বিনষ্ট নকৰালৈকে তোমালোকৰ ডিঙিত লোহাৰ যুৱলি দিব।
\p
\v 49 যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক তোমালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা তোমালোকে বুজিব নোৱাৰিবা। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি তোমালোকৰ ওপৰলৈ নামি আহিব।
\v 50 সিহঁত এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব।
\v 51 তোমালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে তোমালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত তোমালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, তোমালোকৰ পশুবোৰৰ বা মেষৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব।
\v 52 তেওঁলোকে তোমালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত তোমালোকে ভাৰসা কৰিবা, সেয়ে ভাঙি পৰিব। তোমালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ তোমালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে তোমালোকক অৱৰোধ কৰি ৰাখিব।
\v 53 অৱৰোধৰ কালত শত্রুবোৰে তোমালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান, নিজৰ ল’ৰা-ছোৱালীবোৰৰ মঙহ খাবা।
\v 54 সেই অৱস্থাত তোমালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি অতি নিষ্ঠুৰ হৈ উঠিব।
\v 55 নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া তোমালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত তোমালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব।
\v 56 তোমালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব।
\v 57 সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তান সকলৰ প্ৰতিও তেওঁ নিষ্ঠুৰ হ’ব, তোমালোকক অৱৰোধ কৰাৰ সময়ত তোমালোকৰ শত্রুসকলে যেতিয়া তোমালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব।
\p
\v 58 ‘তোমালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি তোমালোকে যত্নেৰে সৈতে পালন নকৰা,
\v 59 তেন্তে যিহোৱাই তোমালোকৰ আৰু বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব।
\v 60 মিচৰ দেশত যি সকলো ৰোগ দেখি তোমালোকে ভয় কৰিছিলা, তেওঁ সেই সকলোবোৰ তোমালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে তোমালোকক নেৰিব।
\v 61 তাৰ বাহিৰেও, তোমালোকে বিনষ্ট নোহোৱালৈকে যিহোৱাই এনে সকলো ৰোগ আৰু মহামাৰী তোমালোকৰ ওপৰলৈ আনিব, যি এই ব্যৱস্থা-পুস্তকত লিখা হোৱা নাই।
\v 62 তোমালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, তোমালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে জীয়াই থাকিব।
\p
\v 63 তোমালোকৰ মঙ্গল ও তোমালোকক বৃদ্ধি কৰিবলৈ যেনেকৈ যিহোৱাই আনন্দ কৰিছিল, তেনেকৈ তোমালোকক বিনষ্ট কৰি নাশ কৰিবলৈ যিহোৱাই তোমালোকত আনন্দ কৰিব। যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশৰ পৰা তোমালোকক উঘলা যাব।
\v 64 তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত তোমালোকক সিচঁৰতি কৰিব; তোমালোকে সেই ঠাইত তোমালোকৰ বা তোমালোকৰ পূর্বপুৰুষ সকলৰ নজনা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিবা।
\v 65 সেই জাতিবোৰৰ মাজত তোমালোকে একো সুখ নাপাবা আৰু তোমালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত তোমালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব;
\v 66 তোমালোকৰ আগত তোমালোকৰ জীৱন সন্দেহৰ সূতাত ছিগো-ছিগোহৈ ওলমি থাকিব আৰু দিনে-ৰাতিয়ে ভয় ভাৱেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব।
\v 67 তোমালোকে ৰাতিপুৱা কবা, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব! আৰু সন্ধিয়া হ’লে কবা, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব! কাৰণ তোমালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব।
\v 68 মিচৰৰ সম্বন্ধে মই তোমালোকক কৈছিলোঁ ‘তোমালোকে পুনৰ মিচৰৰ পথ নেদেখিবা।’ কিন্তু যিহোৱাই তোমালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত তোমালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিবা, কিন্তু কোনেও তোমালোকক নিকিনিব।
\c 29
\s মোৱাব দেশত মোচিৰ ঘোষণা
\p
\v 1 যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েল সকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েল সকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিছিল।
\p
\v 2 মোচিয়ে সকলো ইস্ৰায়েল লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য তোমালোকে নিজেই দেখিছিলা;
\v 3 তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ তোমালোকে নিজ চকুৰে দেখিছিলা।
\v 4 কিন্তু তোমালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
\p
\v 5 যিহোৱাই চল্লিশ বছৰ ধৰি তোমালোকক মৰুপ্ৰান্তত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত তোমালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট হোৱা নাছিল।
\v 6 তোমালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিলা। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে তোমালোকে বুজি পোৱা যে তেৱেঁই তোমালোকৰ ঈশ্বৰ যিহোৱা।
\p
\v 7 তোমালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
\v 8 আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
\v 9 গতিকে তোমালোকে যি কার্য কৰিবা, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰা, সেই বাবে তোমালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিবা।
\p
\v 10 তোমালোকে সকলোৱে আজি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছা, তোমালোকৰ প্রধান সকল, গোষ্ঠীবোৰ, পৰিচাৰক সকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েল সকল থিয় হৈছে।
\v 11 তোমালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু তোমালোকৰ ছাউনিত বাস কৰা তোমালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
\p
\v 12 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি তোমালোক সকলো ইয়াত আছা।
\v 13 যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু তোমালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ তোমালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই তোমালোকক নিজৰ লোক কৰি ল’ব পাৰে।
\v 14 কেৱল তোমালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই,
\v 15 আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰ পুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
\p
\v 16 তোমালোকে নিজেই জানা, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
\p
\v 17 তোমালোকে লোক সকলৰ মাজত থকা ঘিণ লগীয়া বস্তুবোৰ দেখা পাইছিলা; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোক সকলৰ মাজত দেখিছিলা।
\v 18 সেয়ে তোমালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী হয়। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা তোমালোকৰ মাজত গঢ় লৈ নুঠক।
\v 19 এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজ মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছা মতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম, তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু তোমালোকে সকলোৰে ওপৰত সর্বনাশ মাতি আনিবা; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
\v 20 যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
\v 21 যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
\p
\v 22 এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে তোমালোকৰ উত্তৰ পুৰুষ, সন্তান সকল আৰু দূৰ দেশৰ পৰা অহা বিদেশী সকলে তোমালোকক সেই বিষয়ে প্রশ্ন কৰিব।
\v 23 তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
\v 24 তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?
\p
\v 25 তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
\v 26 তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিবোৰক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
\p
\v 27 এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
\v 28 অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
\p
\v 29 কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।
\c 30
\s যিহোৱাৰ ওচৰত ঘূৰি অহাৰ ফল
\p
\v 1 মই তোমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ তোমালোকৰ ওপৰলৈ আহিব। তাৰ পাছত তোমালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত তোমালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা তোমালোকে সোঁৱৰণ কৰিবা।
\v 2 সেই সময়ত তোমালোক আৰু তোমালোকৰ সন্তান সকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহা আৰু আজি মই তোমালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰা,
\v 3 তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু তোমালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ তোমালোকক সিচঁৰতি কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় তোমালোকক আনি গোটাব।
\p
\v 4 এনেকি দেশান্তৰিত হোৱা তোমালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমাতো যদি থাকে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও তোমালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ তোমালোকক লৈ আনিব।
\v 5 তোমালোকৰ পূর্বপুৰুষ সকলৰ দেশলৈকে তেওঁ তোমালোকক ঘূৰাই আনিব আৰু তোমালোকে তাক পুনৰ অধিকাৰ কৰিবা। তেওঁ তোমালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষ সকলতকৈও তোমালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।
\p
\v 6 তোমালোকে যাতে তোমালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকা, সেই বাবেই তেওঁ তোমালোকৰ আৰু তোমালোকৰ বংশধৰ সকলৰ হৃদয় চুন্নত কৰিব।
\v 7 যি সকলে তোমালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই তোমালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব
\v 8 তেতিয়া তোমালোকে পুনৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিবা আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই তোমালোকক দিছো, সেইবোৰ পালন কৰিবা।
\p
\v 9 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। তোমালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি তোমালোকক ঐশ্বর্যশালী কৰিব। কিয়নো তোমালোকৰ পূর্ব পুৰুষ সকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, তোমালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ তোমালোকক লৈ আনন্দ কৰিব।
\v 10 অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে তোমালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰা; সকলো মন আৰু সকলো প্রাণেৰে সৈতে তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা।
\s জীৱন অথবা মৃত্যু
\p
\v 11 মই আজি যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো তোমালোকৰ কাৰণে কঠিন বা সাধ্যৰ বাহিৰতো নহয়।
\v 12 এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, তোমালোকে কবা, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
\v 13 এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে তোমালোকে ক’বা, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
\v 14 কিন্তু বাক্য তোমালোকৰ নিচেই ওচৰতে আছে; তোমালোকৰ মুখত আৰু হৃদয়তে আছে যাতে তোমালোকে তাক পালন কৰিব পাৰা।
\p
\v 15 শুনা, মই আজি তোমালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ।
\v 16 আজি তোমালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, তোমালোকে ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবা, তেওঁৰ পথত চলিবা, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবা। তেনে কৰিলে তোমালোকে জীয়াই থাকিবা আৰু সংখ্যাত বৃদ্ধি পাবা; যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ গৈ আছা, সেই দেশত তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰিব।
\p
\v 17 কিন্তু যদি তোমালোকৰ অন্তৰ প্রভুৰ পৰা আঁতৰি যায় আৰু তোমালোক তেওঁৰ অবাধ্য হোৱা; যদি তোমালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰা,
\v 18 তেন্তে আজি মই তোমালোকক জনাইছোঁ যে, তোমালোক নিশ্চয়ে ধ্বংস হৈ যাবা। যৰ্দ্দন নদী পাৰ হৈ যি দেশ তোমালোকে আধিপত্যৰ অৰ্থে গৈ আছা, সেই দেশত তোমালোক দীৰ্ঘজীৱি নহ’বা।
\p
\v 19 মই তোমালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই তোমালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, তোমালোক আৰু তোমালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে তোমালোকে জীৱনক মনোনীত কৰা।
\v 20 তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া আৰু তেওঁতেই আসক্ত হৈ থাকা। কাৰণ প্রভুৱেই তোমালোকৰ জীৱন আৰু তেঁৱেই তোমালোকক দীর্ঘজীৱি কৰিব। তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে তোমালোকে জীৱনক মনোনীত কৰা।
\c 31
\s মোচিৰ দায়িত্ব হস্তান্তৰ
\p
\v 1 পাছত মোচিয়ে ইস্ৰায়েল লোক সকলক এইবোৰ কথা ক’লে,
\v 2 “মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
\v 3 তোমালোকৰ ঈশ্বৰ যিহোৱা নিজেই তোমালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই তোমালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবা। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ তোমালোকৰ আগেয়ে পাৰ হৈ যাব।
\v 4 ইমোৰীয়া সকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
\v 5 যুদ্ধ ক্ষেত্রত যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত শোধাই দিব আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে তোমালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিবা।
\v 6 তোমালোক শক্তিশালী হোৱা আৰু অতিশয় সাহিয়াল হোৱা; তেওঁলোকক দেখি ভয় নকৰিবা বা কঁপিও নুঠিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা নিজেই তোমালোকৰ লগত যাওঁতা; তেওঁ তোমালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
\p
\v 7 তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েল লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোক সকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্ব পুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোক সকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশ অধিকাৰ কৰাবা।
\v 8 যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
\s মোচিয়ে ব্যৱস্থা লিপিবদ্ধ কৰা
\p
\v 9 মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিত সকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
\v 10 মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
\v 11 যি সময়ত ইস্ৰায়েল সকলো লোক তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া তোমালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিবা।
\v 12 তোমালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত তোমালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিবা। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
\v 13 তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ তোমালোকে যৰ্দ্দন নদী পাৰ হৈ যাবা, সেই দেশত যিমান দিনলৈকে তোমালোক জীয়াই থাকিবা, সিমান দিনলৈকে তেওঁলোকে তোমালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ তোমালোকে এইদৰে কৰিবা।”
\s ইস্রায়েলক নেতৃত্ব দিবলৈ যিহোচূৱাক নিযুক্ত কৰা
\p
\v 14 পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ কৰা তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
\v 15 তেতিয়া যিহোৱাই মেঘ স্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘ স্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
\p
\v 16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃ সকলৰ লগত নিদ্রিত হ’বা; এই লোক সকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
\p
\v 17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
\v 18 তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেই বাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
\v 19 তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোক সকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
\v 20 কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্ট পুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
\p
\v 21 তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষী স্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰ সকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
\v 22 সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোক সকলক শিকালে।
\p
\v 23 তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতি সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
\p
\v 24 মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
\v 25 তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়া সকলক তেওঁ এই আজ্ঞা দিলে,
\v 26 “এই ব্যৱস্থা পুস্তকখন লৈ তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখা; সেই ঠাইতে এইখন ইস্রায়েল সকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
\v 27 কিয়নো তোমালোক যে বিদ্রোহী আৰু ঠৰডিঙীয়া তাক মই জানো; মই তোমালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া তোমালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছা, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিবা!
\v 28 তোমালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়া সকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
\v 29 কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত তোমালোকে একেবাৰে ভ্ৰষ্ট হৈ যাবা আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা দিছো, সেই পথৰ পৰা তোমালোক আতৰি যাবা; ভৱিষ্যত কালত তোমালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া তোমালোকে তাকে কৰিবা আৰু তোমালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিবা।”
\s মোচিৰ গীত
\p
\v 30 তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।
\c 32
\q1
\v 1 হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা;
\q1 হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
\q1
\v 2 মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক,
\q1 মোৰ কথা নিয়ৰৰ দৰে নামি আহক;
\q1 সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা,
\q1 গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
\q1
\v 3 কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম;
\q1 তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
\q1
\v 4 তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত,
\q1 তেওঁৰ সকলো পথ ন্যায়,
\q1 তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে;
\q1 তেওঁ ন্যায়ৱান আৰু সৎ।
\q1
\v 5 তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে;
\q1 তেওঁলোকৰ পাপৰ কাৰণে
\q1 তেওঁলোক তেওঁৰ সন্তান নহয়,
\q1 তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
\q1
\v 6 হে অবুজ, বুদ্ধিহীন জাতি,
\q1 এই ৰূপেই তোমালোকে যিহোৱাৰ প্ৰতিৰোধ কৰানে?
\q1 তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়?
\q1 তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
\q1
\v 7 সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা,
\q1 অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা,
\q1 সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব;
\q1 বৃদ্ধ সকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
\q1
\v 8 সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে,
\q1 মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে,
\q1 তেতিয়া ইস্ৰায়েল জাতিৰ লোক সংখ্যা অনুসাৰে
\q1 তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
\q1
\v 9 কিয়নো যিহোৱাৰ অংশই
\q1 হৈছে তেওঁৰ লোক সকল,
\q1 যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
\q1
\v 10 তেওঁ তেওঁক এক মৰুভূমিত পালে,
\q1 আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে।
\q1 তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে,
\q1 তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
\q1
\v 11 যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে;
\q1 যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে
\q1 আৰু তাৰ ওপৰত উৰি ফুৰে,
\q1 যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ
\q1 নিজৰ ডেউকা মেলি দিয়ে,
\q1 আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
\q1
\v 12 তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে;
\q1 তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
\q1
\v 13 পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে,
\q1 খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে;
\q1 শিলনিৰ পৰা মধু আৰু শিলাময় পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
\q1
\v 14 গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেষ পালৰ পৰা গাখীৰ দিলে।
\q1 চর্বিযুক্ত মেষ পোৱালিৰ আৰু
\q1 বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু
\q1 উত্তম ঘেঁহু ধানৰ আটা তেওঁক দিলে;
\q1 হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
\q1
\v 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে;
\q1 কিন্তু যিচুৰূণৰ \f + \ft দ্বি: বিৱৰণ 33:5,26 পদ, যিচয়া 44:2 \f* চর্বি বাঢ়িল আৰু লাথ মাৰিলে;
\q1 হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা;
\q1 তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু
\q1 নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
\q1
\v 16 তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে;
\q1 ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
\q1
\v 17 ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়;
\q1 যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল,
\q1 সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল,
\q1 যি দেৱতাবোৰক তোমালোকৰ পূর্বপুৰুষ সকলেও ভয় নকৰিছিল,
\q1
\v 18 যি ঈশ্বৰে তোমালোকক জন্ম দি তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা,
\q1 তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
\q1
\v 19 যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
\q1
\v 20 তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম;
\q1 কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
\q1
\v 21 যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে,
\q1 তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে;
\q1 এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোক সকলৰ দ্বাৰা ঈর্ষা জন্মাম;
\q1 এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
\q1
\v 22 কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে,
\q1 চিয়োলৰ \f + \ft চিয়োল-অর্থ মৈদামৰ স্থান \f* গভীৰলৈকে পুৰিছে,
\q1 ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে,
\q1 পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।
\v 23 মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম;
\q1 তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
\v 24 দেহ শুকাই যোৱা দুর্ভিক্ষ,
\q1 প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী পঠাম।
\q1 তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
\v 25 বাটত তৰোৱালে মাৰিব,
\q1 ভিতৰ-কোঠালিত আতঙ্কত মৰিব।
\q1 যুৱক আৰু কুমাৰী সকলক,
\q1 পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
\v 26 মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম,
\q1 আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
\v 27 কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ,
\q1 কিয়নো তেওঁলোকৰ শত্রু পক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
\q1
\v 28 তেওঁলোক এক বিবেকহীন জাতি;
\q1 তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
\q1
\v 29 তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন;
\q1 শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
\q1
\v 30 এজনে কেনেকৈ এহেজাৰ জনক ছত্রভঙ্গ কৰিব পাৰে?
\q1 আৰু দুজনে দশ সহস্র জনক খেদাব পাৰে?
\q1 যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে,
\q1 যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে?
\v 31 শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়;
\q1 আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
\v 32 সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু
\q1 ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা;
\q1 সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
\v 33 সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ,
\q1 ফেঁটি সাপৰ ভয়ানক বিষ
\q1
\v 34 এই কথা মই জানো সাঁচি ৰখা নাই?
\q1 মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
\v 35 সিহঁতৰ ভৰি পিছল খোৱা সময়ত
\q1 প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য;
\q1 কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু
\q1 সিহঁতলৈ ঘটিব লগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
\v 36 যিহোৱাই যেতিয়া দেখিব যে,
\q1 তেওঁৰ লোক সকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে,
\q1 তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোক সকলৰ পক্ষ লব,
\q1 তেওঁৰ দাসবোৰক কৃপা কৰিব।
\v 37 তেওঁ তেতিয়া ক’ব,
\q1 “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে?
\q1 ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
\v 38 তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল,
\q1 আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল?
\q1 এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক;
\q1 সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
\q1
\v 39 এতিয়া তোমালোকে ভাবি চোৱা,
\q1 মই ময়েই, ময়েই তেওঁ;
\q1 মোৰ বাহিৰে আন কোনো দেৱতা নাই;
\q1 ময়েই মাৰো, আৰু ময়েই জীয়াও;
\q1 ময়েই ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ;
\q1 মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
\v 40 কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো,
\q1 মোৰ চিৰস্থায়ী জীৱনৰ শপত,
\v 41 যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ,
\q1 ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ,
\q1 তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু
\q1 মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
\v 42 হত হোৱা লোক আৰু বন্দী সকলৰ তেজেৰে সৈতে
\q1 মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম,
\q1 মোৰ তৰোৱালে মঙহ খাব,
\q1 দীঘল চুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
\v 43 হে আকাশ মণ্ডল, আনন্দিত হোৱা,
\q1 হে সকলো জাতিৰ লোক সকল,
\q1 তোমালোকে যিহোৱাৰ লোক সকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা
\q1 কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব,
\q1 তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব;
\q1 তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোক সকলৰ অর্থে ভূমি শুচি কৰিব।”
\p
\v 44 এই দৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোক সকলক শুনালে।
\v 45 ইস্ৰায়েল লোক সকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
\v 46 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা তোমালোকৰ বিৰুদ্ধে সাক্ষ্য স্বৰূপে আজি মই তোমালোকক ক’লো, তাক তোমালোকে মনত গুঠি ৰাখা যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে তোমালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰা।
\v 47 কিয়নো তোমালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই তোমালোকৰ জীৱন আছে, আৰু তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাবা, সেই দেশত ইয়াৰ দ্বাৰাই তোমালোক দীর্ঘায়ু হ’ব পাৰা।”
\s মোচিৰ মৃত্যুৰ বিষয়ে কোৱা
\p
\v 48 সেই দিনাখনেই যিহোৱাই মোচিক ক’লে,
\v 49 “তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বত মালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েল সকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
\v 50 যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্ব পুৰুষ সকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্ব পুৰুষ সকলৰ ওচৰলৈ গুচি যাবা।
\v 51 কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েল সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েল সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
\v 52 তথাপিও, মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”
\c 33
\s ইস্রায়েল সকললৈ মোচিৰ অন্তিম আশীৰ্ব্বাদ
\p
\v 1 তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েল সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
\v 2 তেওঁ ক’লে,
\q1 যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল,
\q1 তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল;
\q1 তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল
\q1 তেওঁ অযুত অযুত পবিত্ৰ সকলৰ মাজৰ পৰা আহিল।
\q1 তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
\q1
\v 3 সঁচাই তেওঁ নিজৰ
\q1 লোক সকলক প্ৰেম কৰে;
\q1 তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল;
\q1 তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল;
\q1 প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
\q1
\v 4 মই, মোচিয়ে তোমালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ,
\q1 এই ব্যৱস্থা যাকোবৰ বংশধৰ সকলৰ বাবে এক উত্তৰাধিকাৰ।
\q1
\v 5 যেতিয়া ইস্রায়েলৰ মুখ্য লোক সকল গোট খালে, আৰু
\q1 ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল,
\q1 তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ \f + \ft যিচুৰণৰ অর্থাৎ ইস্রায়েলৰ \f* ৰজা।
\s বাৰ ফৈদৰ প্রতি আশীর্বাদ
\q1
\v 6 ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
\q1
\v 7 যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে,
\q1 “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা,
\q1 তেওঁৰ লোক সকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা,
\q1 তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা;
\q1 তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
\q1
\v 8 লেবীৰ বিষয়ে মোচিয়ে ক’লে,
\q1 “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম \f + \ft যাত্রা 28:30 \f* আছে;
\q1 মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা,
\q1 মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
\q1
\v 9 যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে,
\q1 ‘মই তেওঁলোকক দেখা নাই।’
\q1 নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে,
\q1 এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে;
\q1 তেওঁ তোমাৰ বাক্য পহৰা দিছে আৰু
\q1 তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
\q1
\v 10 লেবী সকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়,
\q1 ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়;
\q1 তোমাৰ আগত ধূপ জ্বলায়,
\q1 যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
\q1
\v 11 হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পতি আশীৰ্ব্বাদ কৰা,
\q1 তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা;
\q1 তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;।
\q1 তেওঁক ঘিণাওঁতা সকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
\q1
\v 12 বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
\q1 “যিহোৱাই যাক প্রেম কৰে,
\q1 বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে;
\q1 যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে,
\q1 আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
\q1
\v 13 যোচেফৰ বিষয়ে মোচিয়ে ক’লে,
\q1 “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে,
\q1 তলত ব্যাপি থকা সাগৰেৰে,
\q1 যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
\q1
\v 14 সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে,
\q1 মাহবোৰৰ উত্তম শস্যৰে,
\q1
\v 15 পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে,
\q1 চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
\q1
\v 16 পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে,
\q1 আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ অনুগ্রহেৰে সৈতে যোচেফৰ মূৰত,
\q1 যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল,
\q1 তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
\q1
\v 17 যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়,
\q1 তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে;
\q1 তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব,
\q1 এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব;
\q1 এই দৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
\q1
\v 18 জবূলূনৰ বিষয়ে মোচিয়ে ক’লে,
\q1 হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা,
\q1 আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
\q1
\v 19 লোক সকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব;
\q1 সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব;
\q1 তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
\q1
\v 20 গাদৰ বিষয়ে মোচিয়ে ক’লে,
\q1 “যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য;
\q1 গাদে সিংহৰ দৰে বাস কৰে,
\q1 তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
\q1
\v 21 তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে,
\q1 কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে;
\q1 তেওঁ লোক সকলৰ মূখ্যৰ লগত আহিল।
\q1 তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু
\q1 ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
\q1
\v 22 দানৰ বিষয়ে মোচিয়ে ক’লে,
\q1 “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
\q1
\v 23 নপ্তালীৰ বিষয়ে মোচিয়ে কলে,
\q1 “হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু
\q1 যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ;
\q1 পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
\q1
\v 24 আচেৰৰ বিষয়ে মোচিয়ে কলে,
\q1 “আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক;
\q1 তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়,
\q1 তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
\q1
\v 25 তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব;
\q1 যিমান দিন তোমাৰ আয়ুস থাকিব,
\q1 সিমান দিন তোমাৰ শক্তি থাকিব।”
\q1
\v 26 মোচিয়ে ক’লে,
\q1 “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই;
\q1 তোমালোকৰ সহায়ৰ কাৰণে তেওঁ
\q1 নিজ গৌৰৱেৰে মেঘ ৰথত উঠি
\q1 আকাশ পথত অহা যোৱা কৰে।
\q1
\v 27 যিজন অনাদি কালৰ ঈশ্বৰ
\q1 তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়,
\q1 অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে;
\q1 তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব,
\q1 তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!
\q1
\v 28 ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব;
\q1 যাকোবৰ ভুমুক শস্য আৰু
\q1 নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব;
\q1 তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
\q1
\v 29 হে ইস্ৰায়েল, তুমি ধন্য;
\q1 যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক,
\q1 তোমালোকৰ সদৃশ কোন আছে?
\q1 তেওঁ তোমালোকৰ সাহায্যকাৰী ঢাল,
\q1 তোমালোকৰ গৌৰৱৰ তৰোৱাল;
\q1 শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব;
\q1 তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”
\c 34
\s মোচিৰ মৃত্যু
\p
\v 1 পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,
\v 2 গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে।
\v 3 তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে।
\p
\v 4 তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এই খনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।”
\p
\v 5 সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল।
\v 6 মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
\v 7 মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল।
\v 8 ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।
\p
\v 9 নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
\p
\v 10 আজি পর্যন্ত ইস্ৰায়েল সকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।
\v 11 যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।
\v 12 গোটেই ইস্ৰায়েল সকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেই দৰে আন কোনো ভাৱবাদীয়ে কৰা নাই। যিহোচূৱা