Upload files to ''

This commit is contained in:
Franklin Devaraj 2022-06-16 07:47:10 +00:00
parent 67ac943c43
commit 37f974bba7
6 changed files with 1159 additions and 0 deletions

282
50-EPH.usfm.txt Normal file
View File

@ -0,0 +1,282 @@
\id EPH
\ide UTF-8
\h ইফিচীয়া পত্ৰ
\toc1 ইফিচীয়া সকলৰ প্ৰতি লিখা পত্ৰ
\toc2 ইফিচীয়া সকলৰ প্ৰতি লিখা পত্ৰ
\toc3 eph
\mt1 ইফিচীয়া সকলৰ প্ৰতি লিখা পত্ৰ
\s5
\c 1
\p
\v 1 মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত এজন পাঁচনি। ইফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুত বিশ্বাস কৰা পবিত্ৰ লোক সকলৰ সমীপলৈ;
\v 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই তোমালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
\s5
\p
\v 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
\v 4 জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
\s5
\v 5 ঈশ্বৰে প্রেমৰ দ্বাৰা পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।
\v 6 ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।
\s5
\v 7 কিয়নো ঈশ্বৰৰ সেই প্ৰিয় জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
\v 8 সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে।
\s5
\p
\v 9 খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।
\v 10 ঈশ্বৰে স্থিৰ কৰি ৰাখিছিলে যে নিৰূপিত সময় পূর্ণ হলে পৰিকল্পনাৰ কার্য-সাধনৰ অর্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব।
\s5
\v 11 ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেই দৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
\v 12 আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।
\s5
\v 13 তোমালোকেও খ্রীষ্টতে সত্যৰ বাক্য, পৰিত্রাণ লাভৰ শুভবার্তা শুনি তেওঁত বিশ্বাস কৰিলা। তোমালোকক উত্তৰাধিকাৰৰ অর্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ’ল।
\v 14 ঈশ্বৰে যি সকলো প্রতিজ্ঞা কৰিছে, সেই সকলো প্ৰতিজ্ঞা সম্পূর্ণকৈ প্রাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা স্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰাই ঈশ্বৰৰ মহিমাৰ প্রশংসা হব।
\s5
\p
\v 15 এই কাৰণে মই যেতিয়াৰে পৰা প্ৰভু যীচুত তোমালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্র লোক সকলৰ প্রতি তোমালোকৰ প্ৰেমৰ কথা শুনিলো,
\v 16 তেতিয়াৰে পৰা মই তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত তোমালোকৰ নাম উল্লেখ কৰিবলৈ এৰা নাই।
\s5
\v 17 মই এই প্রার্থনা কৰোঁ যেন, তোমালোকক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ অর্থাৎ, সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ব-জ্ঞান প্রকাশ কৰক।
\v 18 ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক তোমালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;
\s5
\v 19 লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি মহা আত্মাৰ দ্বাৰাই কাৰ্য কৰিছে, সেই বিষয়েও যেন তোমালোকে জানিব পাৰা তাৰ বাবে তোমালোকৰ চকু মুকতি হওঁক।
\v 20 সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্রীষ্টক তুলিলে আৰু নিজৰ সোঁ হাতে স্বর্গীয় ঠাইত বহুৱালে।
\v 21 সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল।
\s5
\v 22 ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;
\v 23 সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে। 1
\s5
\c 2
\p
\v 1 পূর্বতে তোমালোক নিজ নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিলা।
\v 2 এইবোৰৰ সৈতে তোমালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিলা। তোমালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিলা।
\v 3 আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
\s5
\v 4 কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,
\v 5 তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টেৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে তোমালোকে পৰিত্ৰাণ পালা;
\v 6 তেওঁ আমাক খ্রীষ্টে যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।
\v 7 ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে।
\s5
\v 8 কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু ঈশ্বৰৰহে দান।
\v 9 কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে মায়া কর্মৰ পৰাও নহয়।
\v 10 কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।
\s5
\p
\v 11 মনত ৰাখিবা যে, মাংসত তোমালোক অনা-যিহুদী লোক আছিলা; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে তোমালোকক অচুন্নৎ লোক বুলি কৈছিল।
\v 12 সেই সময়ত তোমালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিলা; তোমালোক ইস্ৰায়েলৰ নাগৰিক নাছিলা; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত তোমালোকৰ কোনো সম্বন্ধ নাছিল; তোমালোকৰ আশাও নাছিল; এই পৃথিৱীত তোমালোক ঈশ্বৰবিহীন আছিলা।
\s5
\v 13 আগেয়ে তোমালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিলা, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰা ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।
\v 14 তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ যিহুদী আৰু অনা-যিহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
\v 15 খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।
\v 16 তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।
\s5
\v 17 এই বাবেই খ্রীষ্টই আহি তোমালোক যি সকলে দূৰৈত আছিলা, তোমালোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
\v 18 কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।
\s5
\p
\v 19 হে অনা-যিহুদী সকল, তোমালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নোহোৱা, কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে তোমালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছা।
\v 20 এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে তোমালোক গঁথা হৈ আছা।
\v 21 যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷
\v 22 তেওঁতেই তোমালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছা। 2
\s5
\c 3
\p
\v 1 এই কাৰণে মই পৌল, তোমালোক অনা-যিহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
\v 2 তোমালোকে শুনিছা যে তোমালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
\s5
\v 3 ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই তোমালোকলৈ আগেয়ে অলপ লিখিছিলো।
\v 4 তোমালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিবা।
\v 5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
\s5
\v 6 সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-যিহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ যিহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
\v 7 ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
\s5
\p
\v 8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-যিহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
\v 9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।
\s5
\p
\v 10 ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;
\v 11 তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে।
\v 12 খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ।
\v 13 গতিকে মোৰ নিবেদন এই যে, তোমালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে তোমালোক যেন নিৰুৎসাহ নোহোৱা; কাৰণ সেই সকলোবোৰ তোমালোকৰ গৌৰৱৰ বাবেই হৈছে।
\s5
\p
\v 14 এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
\v 15 সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত প্রত্যেক পৰিয়ালে প্ৰকৃত নাম পাইছে।
\v 16 ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি তোমালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই তোমালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
\s5
\v 17 বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে তোমালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হোৱা।
\v 18 তাতে তোমালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্য আৰু বিস্তাৰতা বুজি পাব পাৰা।
\v 19 তোমালোকে জানিব পাৰা যি কোনো ব্যক্তিৰ প্ৰেমতকৈ খ্ৰীষ্টৰ প্ৰেম অতি গভীৰ, অদ্বিতীয় অৰু মবান। মোৰ প্ৰাৰ্থনা তোমালোকে যেন তেওঁৰ সেই প্ৰেম জানা আৰু ঈশ্বৰৰ সকলো পূৰ্ণতাৰে তোমালোক পৰিপূৰ্ণ হোৱা।
\s5
\p
\v 20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, সেয়ে আমাৰ অন্তৰত কাৰ্য কৰে।
\v 21 মণ্ডলীত আৰু খ্ৰীষ্ট যীচুতো, যুগে যুগে, সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন। 3
\s5
\c 4
\p
\v 1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই তোমালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে তোমালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰা।
\v 2 তোমালোকে সকলো সময়তে নম্ৰ ভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
\v 3 শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হোৱা।
\s5
\p
\v 4 শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে তোমালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’লা৷
\v 5 প্ৰভু এক, বিশ্বাস এক , বাপ্তিস্মও এক আৰু
\v 6 এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।
\s5
\p
\v 7 খ্ৰীষ্টই যি পৰিমাণৰ বৰ দান আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে।
\v 8 শাস্ত্রত লিখাৰ দৰে,
\q1 তেওঁ ওপৰলৈ উঠিল,
\q1 বন্দীয়াৰ সকলক বন্দী কৰি নিলে,
\q1 আৰু লোক সকলক নানা বৰ দান দিলে।
\s5
\p
\v 9 যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল?
\v 10 যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে স্বৰগৰ ওপৰলৈ উঠিল।
\s5
\p
\v 11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।
\v 12 ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।
\v 13 যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐকতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।
\s5
\p
\v 14 তেতিয়া আমি পুনৰ শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।
\v 15 কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলো ভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।
\v 16 মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।
\s5
\p
\v 17 এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-যিহুদী লোক সকলৰ দৰে তোমালোকে জীৱন-যাপন নকৰিবা। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।
\v 18 কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰ কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।
\v 19 তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।
\s5
\p
\v 20 কিন্তু তোমালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই;
\v 21 তোমালোকে তেওঁৰ বিষয়ে শুনিছা আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পাইছা,
\v 22 তোমালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালা।
\s5
\v 23 সেই শিক্ষা অনুসাৰে তোমালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ,
\v 24 সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধা।
\s5
\p
\v 25 সেয়ে, তোমালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰা; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
\v 26 ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিবা, বেলি মাৰ নৌ যাওঁতেই তোমালোকৰ কোপ শান্ত হওক;
\v 27 তোমালোকে চয়তানক সুযোগ নিদিবা।
\s5
\p
\v 28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
\v 29 তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কোৱা।
\v 30 মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত তোমালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।
\s5
\p
\v 31 সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো তোমালোকৰ পৰা দূৰ হওক।
\v 32 পৰস্পৰৰ প্ৰতি স্নেহশীল আৰু কোমল চিত্তৰ লোক হোৱা; ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। 4
\s5
\c 5
\p
\v 1 এতেকে তোমালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হোৱা।
\v 2 খ্ৰীষ্টে যেনেকৈ তোমালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকও প্ৰেমৰ পথত চলা।
\s5
\p
\v 3 তোমালোকৰ মাজত ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
\v 4 তোমালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওঁক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা তোমালোকৰ মাজত নহওক।
\s5
\p
\v 5 তোমালোকে নিশ্চয়ে জানা যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকল মূৰ্তিপূজক তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
\v 6 অনৰ্থক বাক্যৰ দ্বাৰা তোমালোকক ভুলাবলৈ কাকো নিদিবা; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
\v 7 গতিকে, তোমালোক তেওঁলোকৰ সহভাগী নহবা।
\s5
\p
\v 8 কিয়নো পূর্বতে তোমালোক যদিও আন্ধাৰত আছিলা কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছা। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰা।
\v 9 কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।
\v 10 ইয়াৰ দ্বাৰাই তোমালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিবা।
\v 11 আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ উন্মুক্ত কৰি দিয়া;
\v 12 কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।
\s5
\v 13 পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়
\v 14 কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে:
\q1 “হে টোপনিওৱা জন সাৰ পোৱা
\q1 আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা;
\q1 তাতে খ্ৰীষ্টই তোমালোকৰ ওপৰত
\q1 পোহৰ দিব।”
\s5
\p
\v 15 এতেকে কিদৰে জীৱন-যাপন কৰিছা, তালৈ সাৱধানে দৃষ্টি কৰা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলা;
\v 16 সুসময়ক কিনি লব, কিয়নো এই কাল মন্দ।
\v 17 এই হেতুকে তোমালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা।
\s5
\p
\v 18 দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা;
\v 19 ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে তোমালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰা।
\v 20 সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা।
\v 21 খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হোৱা।
\s5
\p
\v 22 হে ভাৰ্যা সকল, তোমালোকে যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা;
\v 23 কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।
\v 24 মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক।
\s5
\p
\v 25 হে পুৰুষ সকল, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা;
\v 26 মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
\v 27 তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।
\s5
\v 28 সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।
\v 29 কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট আৰু প্ৰতিপালন কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক প্ৰেমকৰে।
\v 30 কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ।
\s5
\v 31 ‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হব আৰু তাতে দুয়ো এক দেহ হব।’ \f + \ft আদি 2:24 \f*
\v 32 ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ।
\v 33 যি কি নহওক, তোমালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰা আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক। 5
\s5
\c 6
\p
\v 1 হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত।
\v 2 “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” \f + \ft যাত্ৰা 20:12, 2 বিৱৰণ 5:16 \f* এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
\v 3 তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ু লৈ জীৱিত থাকিবা।” \f + \ft যাত্ৰা 20:12, 2বি 5:16 \f*
\s5
\p
\v 4 হে পিতৃ সকল, তোমালোকে নিজ নিজ সন্তানৰ খং নোতোলোবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰা।
\s5
\p
\v 5 হে দাস বিলাক, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু ভয়েৰে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
\v 6 কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱা কৰা।
\v 7 তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা মানুহক যেনিবা নহয় ঈশ্বৰৰহে সেৱা কৰিছা।
\v 8 মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
\s5
\p
\v 9 তোমালোক যি সকল প্রভু, তোমালোকও, তোমালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰা। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ তোমালোকে জানা যে স্বৰ্গত তেওঁলোক আৰু তোমালোকৰ এজন গৰাকী আছে আৰু তেওঁত কোনো পক্ষপাত নাই।
\s5
\p
\v 10 শেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।
\s5
\p
\v 11 ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধা যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰা।
\v 12 কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা আৰু এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।
\v 13 এই হেতুকে, তোমালোকে ঈশ্বৰৰ আটাই সাজ পিন্ধা; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকা। 14
\s5
\p
\v 14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
\v 15 শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকা।
\v 16 যিহেৰে তোমালোকে সকলো পাপ শক্তিৰ অগ্নি শৰ নুমাব পাৰা, এনে বিশ্বাসৰ ঢাল লোৱা।
\s5
\v 17 পৰিত্রাণ \f + \ft মোৰ ৰক্ষা কৰিবলৈ পিন্ধা টুপি৷ \f* শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱাল ৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা।
\v 18 সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকা।
\s5
\p
\v 19 মোৰ কাৰণেও প্ৰার্থনা কৰিবা, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
\v 20 কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈয়ো এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিবা, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে সাহসেৰে কবলৈ পাৰিম৷
\s5
\p
\v 21 মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিবা৷
\v 22 তোমালোকে যেন আমাৰ বিষয়ে জানিব পাৰা আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক তোমালোকৰ ওচৰলৈ পঠালোঁ।
\s5
\p
\v 23 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক।
\v 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টক যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।6

212
51-PHP.usfm.txt Normal file
View File

@ -0,0 +1,212 @@
\id PHP
\ide UTF-8
\h ফিলিপীয়া পত্ৰ
\toc1 ফিলিপীয়া সকলৰ প্ৰতি পত্ৰ
\toc2 ফিলিপীয়া সকলৰ প্ৰতি পত্ৰ
\toc3 php
\mt1 ফিলিপীয়া সকলৰ প্ৰতি পত্ৰ
\s5
\c 1
\p
\v 1 খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে, তেওলোকৰ সৈত তেওঁলোকৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।
\v 2 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 3 তোমালোক যেতিয়াই মোৰ মনলৈ আহা, তেতিয়াই মই, মোৰ ঈশ্ৱৰৰ ধন্যবাদ কৰোঁ৷
\v 4 প্ৰতিবাৰে মই তোমালোকৰ বাবে আনন্দৰে নিবেদন কৰো৷
\v 5 প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত তোমালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷
\v 6 মোৰ দৃঢ়লবাশ্বাস যে জনে তোমালোকৰ অন্তৰত উত্তম কৰ্ম আৰম্ভ কৰিলে, তেৱেই তাক যীচু খ্ৰীষ্টৰ পুনৰাগমণৰ দিনলৈকে \f + \ft 1 কৰি 1:8; 2 পি 3:10 \f* সিদ্ধ কৰিব।
\s5
\p
\v 7 তোমালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ তোমালোক মোৰ হৃদয়ত আছা, মই বন্দী অৱস্হাত থাকোতেও আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাতেও, যি অনুগ্ৰহ পালোঁ, তাৰে তোমালোকো সহভাগী হৈছে।
\v 8 কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই তোমালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।
\s5
\p
\v 9 আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে তোমালোকে প্ৰেমত ওপচি পৰা, সেইদৰে জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰা৷
\v 10 যাতে তোমালোকে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰা আৰু এইদৰে খ্ৰীষ্টৰ দিন নহালাকে নিজকে নিৰ্দোষী আৰু নিৰ্ঘূণী ৰাখা৷
\v 11 নিবেদন কৰোঁ, তোমালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে \f + \ft মথি 5:16; যো 15:8 \f* , যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হোৱা।
\s5
\p
\v 12 এতিয়া হে ভাই সকল, তোমালোকে এই কথা জানি লোৱাটো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল।
\v 13 কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷
\v 14 আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয় ৰূপে ক’বলৈ অধিক সাহস কৰিছে।
\s5
\p
\v 15 কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷
\v 16 এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ।
\v 17 কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে।
\s5
\p
\v 18 তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।
\v 19 কিয়নো মই জানো যে, তোমালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷
\s5
\p
\v 20 এয়ে মোৰ আকাংক্ষা আৰু আশা যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক \f + \ft ৰো 14:7-9 \f* , মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।
\v 21 কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।
\s5
\p
\v 22 কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷
\v 23 কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম! \f + \ft 2 কৰি 5:8; 2 তীম 4:6-8 \f*
\v 24 কিন্তু এতিয়া তোমালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।
\s5
\p
\v 25 আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি তেমালোকৰ লগত থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে তোমালোক সকলোৰে লগত থাকিবলৈ পাম৷
\v 26 মোৰ উপস্থিতিয়ে যাতে তোমালোকৰ আনন্দ খ্ৰীষ্ট যীচুত উপচি পৰে৷
\v 27 তোমালোকে নিশ্চিত ভাবে এনে জীৱন-যাপন কৰা যি জীৱন-যাপনৰখ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ সৈতে সংঙ্গতি থাকে, যতে মই তোমালোকৰ মাজলৈ আহিলেও বা নাহিলেও যেন তোমালোকৰ বিষয়ে ভাল খবৰ শুনিবলৈপাও। শুভবাৰ্তাৰ যোগেদি যি বিশ্বাস তোমালোকলৈ আহিছে সেই বিশ্বৰ পক্ষে তোমালোকে একেটা উদ্দেশেৰে প্ৰাণপন কৰি সকলোৱেএকেলগে বলিষ্ঠ অন্তৰেৰে যে কাম কৰি আছা সেই বিষয়ে যেন মই শুনিবলৈ পাওঁ।
\s5
\p
\v 28 তোমালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়।
\v 29 কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো \f + \ft মথি 5:11, 12; পাঁ 4:41 \f* , তোমালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল,
\v 30 যিহেতু তোমালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলা, আৰু এতিয়াও কৰি থকা শুনিছা, সেইদৰে তোমালোকেও যুদ্ধ কৰা৷
\s5
\c 2
\p
\v 1 এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
\v 2 তেনেহলে তোমালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰা৷
\s5
\p
\v 3 তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ আনক উত্তম বুলি মান্য কৰা৷
\v 4 প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু আনৰ বিষয়ে ভাবক। \f + \ft 1 কৰি 10:24, 33 \f*
\s5
\p
\v 5 খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে তোমালোকৰো হওক \f + \ft মথি 11:29; যো 13:15; 1 পি 2:21 \f* ,
\q1
\v 6 যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী \f + \ft কল 1:15; ইব্ৰী 1:3 \f* আছিল৷
\q1 তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
\q1
\v 7 বৰং নিজকে শূণ্য কৰিলে৷
\q1 আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷
\q1 তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷
\q1 আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
\s5
\v 8 তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে,
\q1 এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল \f + \ft মথি 26:39; ইব্ৰী 5:8; 12:2 \f* ।
\s5
\p
\v 9 এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে,
\q1 আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম \f + \ft ইব্ৰী 1:4 \f* তেওঁক দান কৰিলে,
\s5
\p
\v 10 যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে \f + \ft প্ৰ 5:13 \f* যীচুৰ নামত আঁঠু লয় \f + \ft যিচ 45:23 \f* ৷
\s5
\p
\v 11 আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
\s5
\p
\v 12 তোমালোক যেনেকৈ সদায় আজ্ঞাধীন আছিলা, মোৰ সাক্ষাতেও যি ৰূপে আজ্ঞাধীন আছিলা কেৱল সেই ৰূপে আজ্ঞাধীন নহৈ বৰং মোৰ আসাক্ষাতেও সেইদৰে অধীক আজ্ঞাধীন হৈ ভয় আৰু কম্পমানেৰে সম্পন্ন কৰা। \f + \ft 2 পি 1:5-11 \f* ৷
\v 13 কাৰণ ঈশ্বৰ, নিজৰ হিত-সঙ্কল্পৰ কাৰণে তোমালোকৰ অন্তৰত কাম কৰোঁতা আৰু তেওঁৰ সৎ- ইচ্ছাৰে কাৰ্য সাধন কৰোঁতা ।
\s5
\p
\v 14 বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰা;
\v 15 যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান \f + \ft মথি 5:45; ইফি 5:1, 2; 1 যো 3:1-3 \f* হ’বৰ কাৰণে, তোমালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হোৱা আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেওঁলোকৰ মাজত তোমালোক দীপ্তি স্বৰূপ হোৱা৷
\v 16 জীৱনময় বাক্য ধাৰণ কৰা, এয়ে খ্ৰীষ্টৰ আগমনৰ দিনত মোৰ বাবে গৌৰৱৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
\s5
\p
\v 17 কিন্তু তোমালোকৰ বিশ্বাস ৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই তোমালোকৰ সকলোৰে সৈতে আনন্দ কৰোঁ।
\v 18 এই বিষয়ে তোমালোকও আনন্দ কৰা আৰু মোৰে সৈতে প্ৰফুল্লিত হোৱা৷
\s5
\p
\v 19 মই প্ৰভু যীচুত আশা ৰাখিছো যেতিয়া তোমালোকৰ বিষয়ে জানিবলৈ তালৈ মই তীমথিয়ক পঠাম তেতিয়া তোমালোকৰ বাৰ্ত্তা শুনি সন্তুষ্ট হ’ম।
\v 20 কিয়নো তোমালোকৰ বিষয়ে হিত চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক কোনো মোৰ লগত নাই।
\v 21 কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
\s5
\p
\v 22 কিন্তু তোমালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানা, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱা কৰি আহিছে৷
\v 23 এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷
\v 24 কিন্তু মই নিজেও সোনকালে তোমালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস ৰাখিছো।
\s5
\p
\v 25 মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা তোমালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেওঁক তোমালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷
\v 26 কিয়নো তেওঁ নৰিয়াত পৰা বাৰ্তা তোমালোকে শুনিলা, তেওঁ তোমালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছে আৰু তেওঁ বৰ উদিগ্ন হৈ আছে।
\v 27 তেওঁ নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
\s5
\p
\v 28 এতেকে তোমালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হোৱা আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেওঁক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷
\v 29 সম্পূৰ্ণ আনন্দেৰে তোমালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিবা আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিবা,
\v 30 কিয়নো মোৰ সেৱা শুশ্ৰূষাত তোমালোকৰ যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেওঁ প্ৰাণ-পণে যত্ন কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।
\s5
\c 3
\p
\v 1 শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰা। এই একে কথাকে তোমালোকলৈ বাৰা বাৰে লিখিবলৈ মোৰ কোনো দ্ধাধ-বোধ হোৱা নাই আৰু এই আনন্দই তোমালোকক নিৰাপদে ৰাখিব৷
\s5
\p
\v 2 সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হোৱা আৰু যি বিলাকে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতৰ পৰাও \f + \ft গাল 5:1-12৷ \f* সাৱধানে থাকা।
\v 3 কিয়নো আমিহে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
\s5
\p
\v 4 তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ।
\v 5 মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
\s5
\p
\v 6 মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী \f + \ft পাঁ 22:3, 4; গাল 1:13, 14৷ \f* আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷
\v 7 কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো।
\s5
\p
\v 8 মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
\v 9 আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷
\v 10 এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত \f + \ft 1 পি 4:13৷ \f* মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
\v 11 যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
\s5
\p
\v 12 এই সকলো মই এতিয়াই পালো নতুবা এতিয়াই সিদ্ধ হলো এনে নহয়; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিমন্ত্ৰণ কৰা হ’ল, মই যেন তাক কোনো প্ৰকাৰে ধৰিব পাৰোঁ, তালৈ খেদি গৈ আছোঁ।
\v 13 হে ভাই সকল, মই যে এতিয়াই ধৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে হোৱা নাই; কিন্তু এটা কথা:
\v 14 পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰি খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইলৈ লৰি গৈ আছোঁ। \f + \ft 1 কৰি 9:24; 2 তী 4:7, 8; ইব্ৰী 12:1৷ \f*
\s5
\p
\v 15 এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবোহঁক আৰু যদি কোনো বিষয়ত তোমালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে তোমালোকলৈ প্ৰকাশ কৰিব।
\v 16 কেৱল আমি যি পথৰে চলি এইখিনি পলোহি তাতেই চলি থকোহঁক।
\s5
\p
\v 17 হে ভাই সকল, তোমালোকেও মোৰ অনুকাৰী হোৱা আৰু তোমালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেওঁলোকক অনুসৰণ কৰা।
\v 18 মই তোমালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো টুকিয়েই কওঁ, তোমালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছা;
\v 19 তেওঁলোকৰ শেষ গতি সৰ্ব্বনাশ, পেটেই তেওঁলোকৰ ঈশ্বৰ, নিজ নিজ লাজত তেওঁলোকৰ গৌৰৱ আছে, তেওঁলোকে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
\s5
\p
\v 20 কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ; \f + \ft 1 কৰি 1:7; ইব্ৰী 9:28৷ \f*
\v 21 তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব \f + \ft 1 কৰি 15:40-53৷ \f*
\s5
\c 4
\p
\v 1 এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, তোমালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত তোমালোকে স্থিৰে থাকা৷
\s5
\p
\v 2 মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।
\v 3 প্ৰকৃততে, মই তোমালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, তোমালোকে সেই ভনী দুজনীক সহায় কৰা; কিয়নো তেওঁলোকেই ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত \f + \ft প্ৰ 3:5; 13:8;20:12; 21:27৷ \f* লিখা আছে৷
\s5
\p
\v 4 তোমালোকে প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।
\v 5 তোমালোকেৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ হৈছে।
\v 6 তোমালোকে একোলৈ চিন্তা নকৰিবা, \f + \ft মথি 6:25; 1 পি 5:7৷ \f* কিন্তু সকলো বিষয়তে তোমালোকেৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
\v 7 তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত তোমালোকেৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
\s5
\p
\v 8 শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় চৰ্চা কৰা।
\v 9 তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা আৰু মোক যেনে দেখিলা, তেনেদৰে সকলোৱে আচৰণ কৰা; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ তোমালোকেৰ লগত থাকিব।
\s5
\p
\v 10 মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে তোমালোকেৰ চিন্তা শেষত নবীকৰণ হ’ল৷ যদিও তোমালোকে আগতে চিন্তা কৰিছিলা, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।
\v 11 নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। \f + \ft 1 তী 6:6-8; ইব্ৰী 13:5৷ \f*
\v 12 মই অভাৱত থাকিবলৈ শিকিলো আৰু উপচি পৰা সময়তো থাকিবলৈ শিকিলো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।
\v 13 মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। \f + \ft যো 15:5; 2 কৰি 12:9৷ \f*
\s5
\p
\v 14 তথাপি তোমালোকে যে, মোৰ ক্লেশত সহভাগী হ’লা, সেই বিষয়ে বৰ ভাল কৰিলা।
\v 15 হে ফিলিপীয়া সকল, তোমালোকে নিজেও জানা যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল তোমালোকেইহে হৈছিলা;
\v 16 এনে কি, মই থিচলনীকীত থাকোঁতেও, তোমালোকে বাৰে বাৰে মোৰ প্ৰয়োজনীয় সহায় আগ বঢ়াইছিলা।
\v 17 মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু তোমালোকেৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
\s5
\p
\v 18 সকলো বিষয়তে মই প্ৰয়োজনতকৈ অধিক পাইছো৷ মই উভৈনদাকৈ পইছো। মই ইপাফ্ৰদীতৰ দ্ৱাৰাই তোমালোকেৰ পৰাও উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ \f + \ft আ 8:11; ইফি 5:2৷ \f* আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷ \f + \ft ইব্ৰী 13:16; 1 পি 2:5৷ \f*
\v 19 আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
\v 20 এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
\s5
\p
\v 21 খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিবা। মোৰ লগৰ ভাই সকলে তোমালোকেক মঙ্গলবাদ কৰিছে।
\v 22 সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে তোমালোকক মঙ্গলবাদ কৰিছে।
\s5
\p
\v 23 প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক।

182
52-COL.usfm.txt Normal file
View File

@ -0,0 +1,182 @@
\id COL
\ide UTF-8
\h কলচীয়া পত্ৰ কলচীয়া সকলৰ প্ৰতি পত্ৰ
\toc1 কলচীয়া পত্ৰ কলচীয়া সকলৰ প্ৰতি পত্ৰ
\toc2 কলচীয়া পত্ৰ কলচীয়া সকলৰ প্ৰতি পত্ৰ
\toc3 col
\mt1 কলচীয়া পত্ৰ কলচীয়া সকলৰ প্ৰতি পত্ৰ
\s5
\c 1
\p
\v 1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই,
\v 2 কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা তোমালকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনাই তোমালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷
\s5
\p
\v 4 আমি ঈশ্বৰক ধন্যবাদ দিও, কাৰণ যীচু খ্ৰীষ্টত থকা তোমালকৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো লোকৰ প্ৰতি থকা তোমালোকৰ প্ৰেমৰ বিষয়ে শুনিলো।
\v 5 তোমালকৰ যি স্বৰ্গীয় আশা আছে তাৰ বাবেই তোমালোকে খ্ৰীষ্টত বিশ্বাস ৰাখিছা আৰু ঈশ্বৰৰ লোকসকলক প্ৰেম কৰিছা আৰু তোমালোকে জানা যে যি যি বিষয়ত আশা ৰাখিছা সেই স্বৰ্গত তোমালোকৰ বাবে সঞ্চিত আছে। তোমালকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
\v 6 আৰু যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা তোমালকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
\s5
\p
\v 7 সেইবোৰ তোমালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলা; তেওঁ আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;
\v 8 আৰু পবিত্ৰ আত্মাৰ গুণত \f + \ft গালা 5:22 \f* তোমালোকৰ যি প্ৰেম আছে, তাক তেৱেঁই আমাৰ আগত প্ৰকাশ কৰিলে৷
\s5
\p
\v 9 এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি তোমালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, তোমালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা৷
\v 10 আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, প্ৰভুত তোমলোক সকলো ভাবে উপযুক্ত জীৱন-যাপন কৰা আৰু সকলো দিশত তেওঁক সন্তুষ্ট কৰা, সৎকৰ্মত ফলৱন্ত হোৱা, আৰু ঈশ্বৰৰ তত্ত জ্ঞানতো বৃদ্ধি পোৱা ৷
\s5
\p
\v 11 আমি নিবেদন কৰোঁ যে, তোমালোকে যেন আনন্দ মনে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
\v 12 পিতৃ ঈশ্বৰক ধ্যবাদ দিও, যিজনে তোমালোকক সাধু সকলৰ সৈত্য সই পোহৰৰ ৰাজ্যত অংশীদাৰ হৱলৈ যোগ্য কৰিলে।
\s5
\p
\v 13 তেৱেঁই আমাক আন্ধাৰ অধিপত্যৰ পৰা উদ্ধাৰ কৰি নিজ পুত্ৰৰ প্ৰেমৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
\v 14 তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
\s5
\p
\v 15 সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি \f + \ft 2 কৰি 4:4; ইব্ৰী 1:3 \f* ৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমে জন্মা;
\v 16 কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁৰ দাৰাই আৰু তেওৰ কাৰণেই সৃষ্ট হ’ল। শাসক হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
\v 17 তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
\s5
\p
\v 18 তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত \f + \ft পাঁ 26:23; 1 কৰি 15:20, 23; প্ৰ 1:5 \f* এই কাৰণে সকলো বিষয়তে তেওঁ সৰ্ব্বোচ্চ।
\v 19 সেই কাৰণে ঈশ্বৰে সন্তুষ্ট হৈ সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা \f + \ft যো 1:16; কল 2:9 \f* বাস কৰা উচিত;
\v 20 আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
\s5
\p
\v 21 তোমালোকেও, এসময়ত ঈশ্বৰৰ পৰা পৃথকে আছিলা আৰু দুষ্কৰ্মৰ কৰনে মনেৰে শত্ৰু আছিলা৷
\v 22 তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত তোমালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন কৰিলে৷
\v 23 তোমালোকে যি শুভবাৰ্ত্তা শুনিলা সেই শুভবাৰ্তাতেই যদি তোমালোকৰ বিশ্বাস অব্যাহত ৰাখা, তেতিয়া খ্ৰীষ্টে নিজেই তোমালোকত এই কাম সন্পন্ন কৰিব। তোমালোকে তোমালোকৰ বিশ্বাসত বলৱান আৰু নিশ্চত হোৱা উচিত। শুভবাৰ্ত্তাই দান কৰা আশাৰ পৰা তোমালোক লৰচৰ বোৱা অনুচিত। সেই, একে শুভবাৰ্ত্তা জগতৰ সকলো লোককে দিয়া হৈছে। মই পৌলো সেই শুভবাৰ্ত্তা ঘোষণা কৰাত ব্ৰতী হৈ আছো।
\s5
\p
\v 24 এতিয়া তোমালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ \f + \ft মথি 25:40, 45; পাঁ 9:5; ফিলি 3:10 \f* যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
\v 25 সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, তোমালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰী বাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷
\v 26 সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে;
\v 27 ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-যিহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন তোমালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
\s5
\p
\v 28 সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
\v 29 তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছ \f + \ft ফিলি 4:13 \f* সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণ-পণে মই পৰিশ্ৰমো কৰি আছোঁ।
\s5
\c 2
\p
\v 1 মই, তোমালোকৰ কাৰণে কিমান কঠোৰ সংগ্ৰামৰ সন্মূখীন হৈছোঁ, সেই বিষয়ে তোমালোকে জনাটো মই বিচাৰো, লগতে যি সকল লায়দিকেয়াত আছে আৰু যিমান লোকে ব্যক্তিগত ভাৱে মোৰ লগত সাক্ষাত হোৱা নাই, তেওঁলোকেও মোৰ সংগ্ৰামৰ কথা জনাটো বিচাৰো ৷
\v 2 মোৰ উদ্দেশ্য এই যে তেওঁলোকৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেওলোক প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
\v 3 সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
\s5
\p
\v 4 কোনেও যেন তোমালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
\v 5 আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে তোমালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি তোমালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত তোমালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ।
\s5
\p
\v 6 এতেকে তোমালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰা৷ \f + \ft 1 যো 2:16 \f*
\v 7 তেওঁতেই শিপা ধৰি, আৰু গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিলা, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকা, আৰু ধন্যবাদত উপচি পৰা।
\s5
\p
\v 8 কোনোৱে যেন তোমালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হবা; সেই সকল লোকে পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
\v 9 কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
\s5
\p
\v 10 যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই তোমালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছা৷
\v 11 তেওঁতেই তোমালোকক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই তোমালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’লা৷
\v 12 বাপ্তিস্মত তোমালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’লা \f + \ft ৰো 6:3-5 \f* আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’লা। \f + \ft ৰো 8:11; ইফি 2:7 \f*
\s5
\p
\v 13 আৰু তোমালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে তোমালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
\v 14 আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণপত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে \f + \ft ইফি 2:15, 16 \f* আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
\v 15 তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলি ভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভা যাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
\s5
\p
\v 16 এতেকে কোনেও তোমালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
\v 17 এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট।
\s5
\p
\v 18 কোনো কোনো লোকে এনে আচৰণ যেন তেওঁলোক স্বভাৱিকতেই নম্ৰ লোক। তেওঁলোকে স্বৰ্গৰ দূতক আৰাধনা কৰি ভালপায়। তেওঁলোকে দেখা নানা দৰ্শনৰ কথা কয়। তোমালোকে এইবোৰ নকৰা, সেয়া তোমালোকৰ “ভুল” বুলি তোমালোকক দোষাৰোপ কৰিবলৈ এনে বিলাক মানুহক সুবিধা নিদিবা। এনে বিলাক মানুহ মূৰ্খামী আৰু অহঙ্কাৰেৰে পূৰ্ণ, কৰণ তেওঁলোক সগায় মানুহৰ ভবাৰ দৰেহে ভাবে, ঈশ্বৰৰ ভবাৰ দৰে নহয়
\v 19 এওঁলোকে নিজকে মূৰৰ \f + \ft মূৰৰ হৈছে খ্ৰীষ্ট \f* নিয়ন্ত্ৰণত নাৰাখে । কিন্তু গোটেই শৰিৰ খ্ৰীষ্টৰ সিৰা-উপসিৰা ওপৰত নিৰ্ভৰ কৰে। খ্ৰীষ্টৰ কৰণে শৰীৰৰ আটাইবিলাক অঙ্গ-প্ৰত্যঙ্গই পৰস্পৰে পৰস্পৰিক যতন লয়, পৰস্পৰে-পৰস্পৰপ সহয় কৰে। শৰিৰৰ এনে প্ৰক্ৰিয়াই শৰিৰটোক শক্তিশালী কৰি ৰাখে আৰু তাৰ ফলত ঈশ্বৰে বিচৰাৰ দৰে শৰিৰৰ বৃদ্ধি হয়।
\s5
\p
\v 20 যদি তোমালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিলা, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছা:
\v 21 আন কথাত, তোমালোক কিয় “এইবোৰ নাখাবা, এইবোৰ নাচাকিবা, এইবোৰ নুচুবাএ” বোলা, নিয়মৰ বশবৰ্ত্তী হৈ থাকিব লগীয়া হৈছে? এই সকলোবোৰ নিয়ম ক্ষয় পাবৰহে নিয়ম কাৰণ; এইবোৰ নিয়ম মানুহৰ আদেশ আৰু আদেশৰ ভিত্তিত প্ৰতিস্থিত নিয়ম
\v 22 লোক এই সকলো ক্ষয় পাবৰ কাৰেণেহে হৈছে, এই সকলোৰ ভিত্তি মনুশ্যৰ আদেশ আৰু উপদেশ৷
\v 23 এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰক দুখ দিয়া নিয়ম, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সমৰ্থ নহয়।
\s5
\c 3
\p
\v 1 তোমালোক যিহেতু খ্ৰীষ্টৰ সৈতে তোলা হ’লা; গতিকে যি ঠইত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে ভাবা৷
\v 2 ওপৰৰ বিষয়বোৰ ভাবা, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিবা;
\v 3 কিয়নো তেওঁলোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে তেওঁলোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
\v 4 আমাৰ জীৱনৰ স্বৰূপ, \f + \ft যো 11:25; 14:6৷ \f* খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে তেওঁলোকো প্ৰতাপেৰে প্ৰকাশিত হ’ব। \f + \ft 1 যো 3:2৷ \f*
\s5
\p
\v 5 এতেকে তেওঁলোকে, সকলো পাৰ্থিৱ স্বভাৱ ত্যাগ কৰা, \f + \ft ৰো 8:13; গাল 5:24৷ \f* ; যেনে, ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ, লোভ, আৰু মূৰ্তিপূজা ইত্যাদি৷
\v 6 এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ আহে;
\v 7 পূৰ্বতে তোমালোকে এই পথতে চলিছিলা।,
\v 8 কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰা৷
\s5
\p
\v 9 ইজনে সিজনক মিছা কথা নকবা; কিয়নো তোমালোকে পূৰ্ব্বৰ কর্মৰ সৈতে সেই পূৰাতন পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালা;
\v 10 আৰু নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰা হৈ আছা, \f + \ft ইফি 4:22-24৷ \f* সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলা৷
\v 11 এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া \f + \ft প্ৰাচীন চিদিয়া দেশৰ মানুহ \f* , দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয়ত আৰু সকলোতে ব্যাপ্ত৷
\s5
\p
\v 12 এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা;
\v 13 তোমালোকে পৰস্পৰ সহনশীল হোৱা; ইজনে সিজনৰ প্ৰতি দয়ালু; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰা; কিয়নো প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ ক্ষমা কৰা৷
\v 14 কাৰণ প্ৰেমে এক নিখুঁত একতাৰ উদ্দেশে সকলোকে এক বান্ধোনত ৰাখে।
\s5
\p
\v 15 এতিয়া তোমালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; তোমালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’লা; আৰু তাৰ বাবে কৃতজ্ঞ হোৱা।
\v 16 খ্ৰীষ্টৰ বাক্যৰ জ্ঞান তোমালোকৰ সৈতে বাহুল্য ৰূপে বাস কৰা। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
\v 17 আৰু তোমালোকে যি কৰিব পাৰা, বাক্যতে হওক বা কাৰ্যতে হওক, \f + \ft 1 কৰি 10:31৷ \f* সকলোকে প্ৰভু যীচুৰ নামত কৰা; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা।
\s5
\p
\v 18 হে ভাৰ্যা সকল, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা \f + \ft ইফি 5:22-33; 1 পি 3:1-7৷ \f* কিয়নো এয়ে প্ৰভুৰ মতে উচিত।
\v 19 হে পুৰুষ সকল, তোমালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰা আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিবা।
\v 20 হে সন্তান সকল, তোমালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; \f + \ft ইফি 6:1-3৷ \f* কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।
\v 21 হে পিতৃ সকল, তোমালোকে নিজ নিজ সন্তান সকলক বিৰক্ত কৰি নাথাকিবা, তাতে তেওঁলোক যেন নিৰাশ নহয়।
\s5
\p
\v 22 হে দাস সকল, তোমালোকে সকলো বিষয়তে নিজ নিজ পাৰ্থিব প্ৰভু সকলৰ আজ্ঞাধীন হোৱা। তোমালোকে কেৱল মানুহৰ দৃষ্টিত সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰা৷
\v 23 তোমালোকে যি কৰা, সেই সকলো মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰা
\v 24 তোমালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি তোমালোকে জানা৷ তোমালোকে প্ৰভু যীচু খ্ৰীষ্টৰ কাৰণে সেৱা কৰা। \f + \ft ইফি 6:5-8৷ \f*
\v 25 কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।
\s5
\c 4
\p
\v 1 হে প্ৰভু সকল, তোমালোকে নিজ দাস সকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়া \f + \ft ইফি 6:9৷ \f* আৰু মনত ৰাখিবা যে স্বৰ্গত তোমালোকৰো এজন প্ৰভু আছে৷
\s5
\p
\v 2 তোমালোকে প্ৰাৰ্থনাত লাগি থাকা আৰু ধন্যবাদেৰে সচেতনে থাকিবা \f + \ft লূক 18:1; ফিলি 4:6৷ \f* ৷
\v 3 আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিবা, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ \f + \ft ইফি 6:19, 20 \f* কাৰণে আমি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্য প্ৰচাৰৰ কৰণে দুৱাৰ মেলি দিয়ে৷
\v 4 আৰু প্ৰাৰ্থনা কৰিবা যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷
\s5
\p
\v 5 বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিবা আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিবা।
\v 6 তোমালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহ যুক্ত হৈ থাকে আৰু আস্বাদ যুক্ত লোণৰ দৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন তোমালোকে জ্ঞাত হোৱা।
\s5
\p
\v 7 তুখিকে তোমালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷
\v 8 মই তেওঁক তোমালোকৰ তালৈ পঠিয়ালোঁ, যাতে তোমালোকৰ আগত আমাৰ উদ্দেশ্য, আৰু অৱস্থা প্ৰকাশ কৰিব পাৰে আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে৷
\v 9 আৰু তেওঁৰ লগত ওনীচিমক \f + \ft ফি 10 পদ৷ \f* , যি জন তোমালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা তোমালোকক জনাব।
\s5
\p
\v 10 মোৰ লগৰ বন্দীয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক \f + \ft পাঁ 15:37; 2 তী 4:11৷ \f* , যিজনৰ বিষয়ে তোমালোকে ইতিমধ্যে আদেশ পালা সেয়ে তেওঁ যদি তোমালোকৰ তালৈ যায় তেন্তে গ্ৰহণ কৰিবা।
\v 11 আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে তোমালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।
\s5
\p
\v 12 ইপাফ্ৰা, তোমালোকৰ মাজৰ এজন ভাই আৰু খ্ৰীষ্ট যীচুৰ দাস, তেৱোঁ তোমালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ সদায় তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, যাতে তোমালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু পৰিপক্ক হৈ থাকা৷
\v 13 কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ তোমালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে
\v 14 লূক, \f + \ft 2 তী 4:10, 11৷ \f* প্ৰিয় চিকিৎসক আৰু দীমায়ো তোমালোকক মঙ্গলবাদ কৰিছে।
\s5
\p
\v 15 লায়দিকেয়াত থকা ভাই সকলক, নুম্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মোৰ মঙ্গলবাদ দিবা।
\v 16 তোমালোকৰ তাত এই পত্ৰ পাঠ কৰা হ’লে, লায়দিকেয়াত থকা মণ্ডলীতো যেন পাঠ কৰা হয়, এনে চেষ্টা কৰিবা; আৰু লায়দিকেয়াৰ পৰা যি পত্ৰ পাবা, সেই পত্ৰ তোমালোকেও পাঠ কৰিবা।
\v 17 আৰ্খিপ্পক এই কথা কবা, “তুমি প্ৰভুত যি পৰিচৰ্যা পদ পালা, সেয়া সিদ্ধ কৰিবৰ কাৰণে সাৱধান হ’বা।”
\s5
\p
\v 18 মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। তোমালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিবা। তোমালোকৰ লগত অনুগ্ৰহ থাকক।

162
53-1TH.usfm.txt Normal file
View File

@ -0,0 +1,162 @@
\id 1TH
\ide UTF-8
\h ১থিচলনীকীয়া
\toc1 থিচলনীকীয়া সকলৰ প্ৰতি প্ৰথম পত্ৰ
\toc2 থিচলনীকীয়া সকলৰ প্ৰতি প্ৰথম পত্ৰ
\toc3 1th
\mt1 থিচলনীকীয়া সকলৰ প্ৰতি প্ৰথম পত্ৰ
\s5
\c 1
\p
\v 1 মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 2 আমি সদায় প্ৰাৰ্থনা কালত তোমালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
\v 3 তোমালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে তোমালোকে ধৰি ৰাখিছা, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
\s5
\p
\v 4 হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, তোমালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো;
\v 5 কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে তোমালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আহিছিল। তাতে আমি তোমালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে তোমালোকৰ লগত থকাৰ সময়ত তোমালোকে নিজে জানিছিলা।
\s5
\v 6 বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে তোমালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’লা।
\v 7 তাৰ ফলত তোমালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছা।
\s5
\v 8 মাত্র মাকিদনিয়া আৰু আখায়া \f + \ft প্ৰকৃততে গ্ৰীচ দেশৰ এক অঞ্চল \f* অঞ্চলতে যে তোমালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি তোমালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
\v 9 কাৰণ লোক সকলে আমাক জনাইছে, তোমালোকে কিদৰে আমাক গ্ৰহণ কৰিছিলা আৰু কি ভাবে তোমালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছা৷
\v 10 ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিলে।
\s5
\c 2
\p
\v 1 প্ৰিয় ভাইসকল, তোমালোকে নিজেই জানা যে, তোমালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ’ল;
\v 2 তোমালোকে এই কথাও জানা যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি তোমালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
\s5
\p
\v 3 কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতা উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়;
\v 4 কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
\s5
\v 5 তোমালোকে জানা যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।
\v 6 আমি তোমালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা, পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷
\s5
\v 7 মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও তোমালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ।
\v 8 এইদৰে তোমালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। তোমালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু তোমালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে তোমালোক অতি প্ৰিয়।
\v 9 ভাইসকল, তোমালোকে সোঁৱৰণ কৰা; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ তোমালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি তোমালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
\s5
\p
\v 10 তোমালোকৰ আৰু বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী তোমালোক আছিলা আৰু ঈশ্বৰো আছে।
\v 11 তোমালোকে জানা, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও তোমালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ় ভাবে দিছিলোঁ যাতে,
\v 12 যিজন ঈশ্বৰে তোমালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত তোমালোক যেন যোগ্য জীৱন-যাপন কৰা।
\s5
\p
\v 13 এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া তোমালোকে আমাৰ পৰা পাইছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিলা, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ, যি বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
\s5
\p
\v 14 হে ভাইসকল, যিহূদাত \f + \ft সেই সময়ৰ এখন প্ৰদেশ \f* খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, তোমালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’লা; যিহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছা, সেই একে নিৰ্যাতন তোমালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছা।
\v 15 যিহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে।
\v 16 আমি অনা-যিহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে অগৰে পৰা পাপত পতিত হৈ পাপৰ ওপৰি পাপ কৰি আছে। সেয়ে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
\s5
\p
\v 17 হে ভাইসকল, মনৰ পৰা নহলেও, তোমালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শৰীৰিৰিক ভাবে আতৰত আছোঁ; কিন্তু তোমালোকৰ মুখ পুণৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছোঁ; সেয়েহে তোমালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ।
\v 18 এই কাৰণে আমি, বিশেষকৈ মই পৌলে দুই এবাৰ তোমালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা দি আছে।
\v 19 কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে তোমালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’বা?
\v 20 বাস্তৱিকতে তোমালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।
\s5
\c 3
\p
\v 1 গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰতে থাকিবলৈকে মনস্থ কৰিলোঁ।
\v 2 সেয়ে, তোমালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ,
\v 3 যাতে এনেবোৰ ক্লেশৰ মাজত তোমালোক কোনোও হতাশ নোহোৱা। কাৰণ তোমালোকে জানা যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।
\s5
\p
\v 4 সেই বিষয়ে আমি তোমালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে তোমালোকে জানা।
\v 5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, তোমালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হয়, যদি চয়তানে তোমালোকক পৰীক্ষাত পেলায় আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ব।
\v 6 এতিয়া তীমথিয়ই তোমালোকৰৰ ওচৰৰ পৰা ঘূৰি আহি তোমালোকৰ বিশ্বাস আৰু প্ৰেমৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আমাৰ কাৰণে থকা তোমালোকৰ আন্দদায়ক সোঁৱৰণী আৰু আমাৰ দৰেই তোমালোকেও আমাক লগপাবলৈ হাবিয়াহ কৰাৰ কথা আমাক জনালে।
\v 7 এই কাৰণে, হে ভাইসকল, তোমালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ।
\s5
\p
\v 8 কিয়নো তোমালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ।
\v 9 তোমালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যেনেদৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে তোমালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!
\v 10 তোমালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু তোমালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷
\s5
\p
\v 11 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে তোমালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।
\v 12 তোমালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে তোমালোকৰ প্ৰেম উপচি পৰাকৈ বঢ়াই দিয়ক।
\v 13 ঈশ্বৰে তোমালোকৰ হৃদয় দৃঢ় কৰক। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত তোমালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় থকিব পাৰা, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।
\s5
\c 4
\p
\v 1 সর্বশেষত, হে প্রিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে তোমালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলা, সেই ভাৱেই তোমালোকে চলি থাকা। আমি প্রভু যীচুত থাকি তোমালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, তোমালোকে যেন অধিককৈ সেই ভাৱে জীৱন-যাপন কৰা।
\v 2 কাৰণ প্ৰভু যীচুৰ অধিকাৰৰ দ্বাৰাই আমি তোমালোকক কি কি পৰামৰ্শ দিছিলোঁ, সেই বিষয়ে তোমালোকে জানা।
\s5
\v 3 কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোক যেন পবিত্ৰ হোৱা অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকা।
\v 4 তোমালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানা।
\v 5 ঈশ্বৰক নজনা অনা-যিহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
\v 6 এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে তোমালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
\s5
\v 7 কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰ জীৱন-যাপনৰ কাৰণেহে আমন্ত্ৰণ কৰিলে।
\v 8 এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁক মনুষ্যৰ দ্বাৰা নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা তোমালোকক দান কৰিলে, সেই ঈশ্বৰে হে অগ্ৰাহ্য কৰিলে।
\s5
\p
\v 9 ভাতৃ প্ৰেমৰ বিষয়ে হ’লে তোমালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা তোমালোকে ঈশ্বৰৰ পৰাই শিকিছা।
\v 10 বাস্তৱতে সমুদায় মাকিদনিয়া প্রদেশৰ সকলো বিশ্বাসী ভাই সকলকে তোমালোকে প্রেম কৰা। কিন্তু হে ভাই সকল, আমাৰ পৰামর্শ এই যে, তোমালোকে যেন প্রেমত অধিককৈ উপচি পৰা।
\v 11 আমি তোমালোকক পুনৰ পৰামর্শ দিওঁ যে, তোমালোকে শান্তিপূর্ণ জীৱন-যাপন কৰাৰ বাবে আপ্রাণ চেষ্টা কৰা; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়া, নিজ হাতেৰে শ্রম কৰা।
\v 12 তোমালোকে এনেদৰে জীৱন কটোৱা যাতে বিশ্বাস নকৰা বাহিৰা লোকে তোমালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে তোমালোকৰ যেন একোতে নিৰ্ভৰ কৰিব লগীয়া নহয়।
\s5
\p
\v 13 হে ভাই সকল, যিসকল লোক নিদ্রিত \f + \ft সাধাৰণ অৰ্থত-মৃত্যু \f* হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে তোমালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ তোমালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
\v 14 কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলকো যীচুৰ লগত লৈ যাব।
\s5
\p
\v 15 প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগ নহম।
\v 16 কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
\v 17 তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘ ৰথত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।
\v 18 এতেকে, এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰে পৰস্পৰক সান্ত্বনা দিয়া।
\s5
\c 5
\p
\v 1 হে ভাই সকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই তোমালোকলৈ একো লিখাৰ প্রয়োজন নাই;
\v 2 কিয়নো তোমালোকে নিজেই ভাল দৰে জানা যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনো তেনেকৈয়ে আহিব।
\v 3 যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তাৰ” কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ \f + \ft পুণৰাগমণত যীচুৰ লগত মেঘত সাক্ষাৎ নোহোৱা লোক \f* বিনাশ আহিব আৰু তেওঁলোক কোনো মতেই সাৰিব নোৱাৰিব।
\s5
\v 4 কিন্তু হে ভাই সকল, চোৰৰ দৰে আহি তোমালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া তোমালোক আন্ধাৰত থকা নাই;
\v 5 কিয়নো তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
\v 6 এই হেতুকে আহা, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত \f + \ft সংযত ইন্দ্রিয়-দমন কৰোঁতা \f* হৈ থাকোহঁক।
\v 7 কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
\s5
\v 8 কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহা আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
\v 9 কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
\v 10 আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
\v 11 এতেকে তোমালোকে এতিয়া যেনেকৈ কৰি আছা, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকা আৰু এজনে আন জনৰ প্ৰতিপালন কৰা।
\s5
\p
\v 12 ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত পৰিচালনাত আছে, আৰু তোমালোকক উপদেশ দিয়ে, সেই লোক সকলক তোমালোকে সন্মান কৰা।
\s5
\p
\v 13 আমি পুণৰ কওঁ, তোমালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰা আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখা।
\v 14 ভাই সকল, আমি তোমালোকক এই উপদেশ দিওঁ, অনিয়মত \f + \ft অনিয়মত এলেহুৱা \f* চলা লোকক তোমালোকে সাৱধান কৰা; নিৰুৎসাহী \f + \ft নিৰুৎসাহী ভীৰু \f* লোকক উৎসাহ দিয়া, দুর্বল লোকৰ সাৰথি আৰু সকলোৰে প্রতি সহিষ্ণু হোৱা ।
\s5
\p
\v 15 সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
\v 16 সকলো সময়তে আনন্দ কৰা।
\v 17 নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকা।
\v 18 সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়া; কিয়নো তোমালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
\s5
\p
\v 19 পবিত্ৰ আত্মাক নুনুমাবা।
\v 20 ভাৱবাণী হেয়জ্ঞান নকৰিবা।
\v 21 সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখা।
\v 22 সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকা।
\s5
\p
\v 23 শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু তোমালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত ৰাখক।
\v 24 যি জনে তোমালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেই সকলো কৰিব, কাৰণ তেওঁ বিশ্বাসী।
\v 25 ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিবা।
\s5
\p
\v 26 সকলো ভাইকে পবিত্ৰ চুমাৰে \f + \ft ৰোমী. 16:16; 1কৰি 16:20; 2কৰি 13:12; 1পিত. 5:14; সেই সময়ত ই ভাতৃপ্ৰেমৰ প্ৰতীক আছিল৷ \f* শুভেচ্ছা জনাবা।
\v 27 মই তোমালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
\v 28 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।

92
54-2TH.usfm.txt Normal file
View File

@ -0,0 +1,92 @@
\id 2TH
\ide UTF-8
\h ২ থিচলনীকীয়া সকলৰ প্ৰতি প্ৰত্ৰ
\toc1 থিচলনীকীয়া সকলৰ প্ৰতি দ্বিতীয় পত্ৰ
\toc2 থিচলনীকীয়া সকলৰ প্ৰতি দ্বিতীয় পত্ৰ
\toc3 2th
\mt1 থিচলনীকীয়া সকলৰ প্ৰতি দ্বিতীয় পত্ৰ
\s5
\c 1
\p
\v 1 পৌল, চীল আৰু তীমথিয়, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ;
\s5
\p
\v 2 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
\s5
\p
\v 3 হে ভাই সকল, তোমালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; তাকো সত্যেৰে, কাৰণ তোমালোকৰ বিশ্বাস দিনক দিনে বৃদ্ধি পাইছে আৰু তোমালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছা;
\v 4 তোমালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছা, সেই সকলৰ মাজতো তোমালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছা, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত তোমালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ।
\s5
\p
\v 5 এই সকলো বিষয়ত ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে তোমালোকে দুখভোগ কৰিছা, সেই ৰাজ্যৰ যোগ্য পাত্র ৰূপে তোমালোক গণিত হবা।
\s5
\v 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে তোমালোকক ক্লেশ দিয়ে, সেই সকলকে তেওঁ ক্লেশ দিব,
\v 7 আৰু তোমালোক যি সকলে এতিয়া ক্লেশত আছা, তোমালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমী দূত সকলৰ সৈতে জ্বলন্ত শিখাৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;
\v 8 তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তাত বিশ্বাস নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব।
\s5
\v 9 তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব।
\v 10 সেই দিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; তোমালোকো সেই বিশ্বাসী সকলৰ মাজত আছা, কাৰণ তোমালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলা।
\s5
\v 11 এই কাৰণে আমিও তোমালোকৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকোঁ, যাতে আমাৰ ঈশ্বৰে তোমালোকক তেওঁৰ আমন্ত্রণৰ যোগ্য পাত্র বুলি গণ্য কৰিব৷ তাতে তেওঁৰ শক্তিত তোমালোকে যেন মঙ্গল ভাৱেৰে সকলো ভাল কাম কৰাৰ ইচ্ছা কৰা আৰু বিশ্বাসৰ প্রতিটো কার্য যেন সম্পূর্ণ কৰা;
\v 12 যেন আমাৰ ঈশ্বৰ আৰু প্রভু যীচু খ্রীষ্টৰ অনুগ্রহ অনুসাৰে আমাৰ প্রভু যীচুৰ নাম তোমালোকৰ দ্বাৰাই মহিমাম্বিত হয় আৰু তোমালোকো তেওঁত মহিমান্বিত হোৱা।
\s5
\c 2
\p
\v 1 হে ভাই সকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে তোমালোকক জানাও শুনা।
\v 2 প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি তোমালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা পত্ৰৰ দ্বাৰাই এই বুলি ক’ব পাৰে।
\s5
\v 3 তোমালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিবা; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, বিনাশৰ পাত্ৰজন প্ৰকাশিত হ’ব।
\v 4 ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে ঈশ্বৰ বুলি ঘোষণা কৰিব।
\s5
\v 5 এইবোৰ যে ঘটিব সেই কথা মই তোমালোকৰ লগত থাকোতেই তোমালোকক কৈছিলোঁ; সেই বিষয়ে তোমালোকৰ মনত নপৰেনে?
\v 6 সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, তাক তোমালোকে জানা।
\v 7 কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন শান্তিয়ে জগতখনত ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়েই থাকিব।
\s5
\v 8 তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
\v 9 চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
\v 10 বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহন নকৰিলে।
\s5
\v 11 সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
\v 12 যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
\s5
\p
\v 13 প্ৰভুৰ প্ৰিয় ভাই সকল, তোমালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো তোমালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা তোমালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
\v 14 আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ তোমালোকক আমন্ত্রণ কৰিলে যাতে তোমালোক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হোৱা।
\v 15 এই হেতুকে, হে ভাই সকল, থিৰে থাকি পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি তোমালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখা।
\s5
\p
\v 16 এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে তোমালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
\v 17 আৰু সকলো সৎ কৰ্ম আৰু সদ বাক্যত তোমালোকৰ মন সুস্থিৰ কৰক।
\s5
\c 3
\p
\v 1 শেষতে, হে ভাই সকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰিবা। প্ৰার্থনা কৰিবা যাতে তোমালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুত গতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
\v 2 প্ৰার্থনা কৰিবা যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
\v 3 কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই তোমালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
\s5
\p
\v 4 তোমালোকৰ সম্বন্ধে প্ৰভুত আমাৰ দৃঢ় বিশ্বাস আছে যে, আমি দিয়া সকলো আদেশ তোমালোকে পালন কৰিছা আৰু আগলৈও কৰি থাকিবা।
\v 5 প্ৰভুৱে তোমালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।
\s5
\p
\v 6 হে ভাই সকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা তোমালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তেওঁৰ লগ এৰা।
\v 7 কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে তোমালোকে নিজে জানা। তোমালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
\v 8 মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি তোমালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে কষ্টেৰে পৰিশ্ৰম কৰিছিলোঁ৷
\v 9 ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু তোমালোক যেন আমাৰ অনুকাৰী হোৱা, তাৰ বাবে তোমালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
\s5
\p
\v 10 কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো নকৰক, এই বুলি তোমালোকৰ মাজত থাকোতেই, আমি তোমালোকক আদেশ দিছিলোঁ।
\v 11 কাৰণ, আমি শুনিবলৈ পাওঁ যে, তোমালোকৰ কোনো কোনোৱে এলেহুৱা হৈ অনিয়মত চলি আছে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
\v 12 এনে লোক সকলক আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আদেশ আৰু উপদেশ দিওঁ, তেওঁলোকে শান্তভাবে কাম কৰি নিজৰ নিজৰ আহাৰ ভোজন কৰক।
\s5
\v 13 হে ভাই সকল, সৎ কাম কৰিবলৈ যাওতে তোমালোক কেতিয়াও নিৰুৎসাহ নহবা।
\v 14 এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে তোমালোকে সেই মানুহক চিনি ৰাখিবা আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিবা;
\v 15 কিন্তু তেওঁক শত্ৰুৰ দৰে জ্ঞান নকৰিবা, বৰং ভাই বুলি চেতনা দিবা।
\s5
\p
\v 16 এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলো ভাৱে তোমালোকক শান্তি দান কৰক। প্ৰভু তোমালোক সকলোৰে সঙ্গী হওক।
\v 17 মোৰ এই শুভেচ্ছা, মই পৌলে নিজ হাতে লিখিলোঁ; এয়েই মোৰ প্ৰত্যেক পত্ৰৰ চিন; মই এনেকৈয়ে লিখোঁ।
\v 18 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।

229
55-1TI.usfm.txt Normal file
View File

@ -0,0 +1,229 @@
\id 1TI
\ide UTF-8
\h 1 তীমথিয়
\toc1 1 তীমথিয়
\toc2 1 তীমথিয়
\toc3 1ti
\mt1 1 তীমথিয়
\s5
\c 1
\p
\v 1 মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
\v 2 বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
\s5
\p
\v 3 মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুনৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷
\v 4 কাৰণ তেওঁলোকে বাধাৰ হে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷
\s5
\p
\v 5 এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ-বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷ \f + \ft ৰো 13:8-10; গাল 5:14৷ \f*
\v 6 এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
\v 7 তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
\v 8 কিন্তু বিধান যে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো;
\s5
\p
\v 9 তথাপি, বিধান ধাৰ্মিক লোকৰ নিমিত্তে নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন, বিদ্ৰোহী, ভক্তিহীন, পাপী, অপবিত্ৰ অধার্মিক, পিতৃবধী, মাতৃবধী, নৰবধী,
\v 10 ব্যভিচাৰী, সমকামী, ক্ৰীতদাস সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী, আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কাম কৰা, মিছা শপতকাৰী, আৰু যিসকল মূল শিক্ষাৰ বিপৰীত গামী
\v 11 কিন্তু পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তাৰ শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
\s5
\p
\v 12 যিজনাই মোক শক্তি দিলে \f + \ft 1 কৰি 15:10; 2 কৰি 5:11; ফিলি 4:13৷ \f* আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
\v 13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি \f + \ft লূক 23:34 \f* অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
\v 14 কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্ট যীচুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্য ৰূপে দিয়া হ’ল৷
\s5
\p
\v 15 পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাস যোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
\v 16 এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷
\v 17 এতিয়া অনন্ত কালৰ ৰজালৈ, আৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।
\s5
\p
\v 18 মই তোমাক এই উপদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুদ্ধত প্ৰাণপণ কৰা৷
\v 19 আৰু তুমি যেন বিশ্ৱাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা৷ কোনো কোনো লোকে সেই বিশ্ৱাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ’ল।
\v 20 তেওঁলোকৰ ভিতৰত হুমিনায় আৰু আলেকজেন্দাৰ নামৰ দুজনো আছে৷ এওঁলোকে যেন নিন্দা কৰিবলৈ পুনৰ নিশিকে, তাৰ বাবে মই এওঁলোকক চয়তানৰ হাতত সমর্পণ কৰি দিলোঁ \f + \ft ইয় 2:6, 7; লূক 13:16; 1 কৰি 5:5; 2কৰি 12:7 \f*
\s5
\c 2
\p
\v 1 সৰ্ব্ব প্ৰথমে মোৰ নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷
\v 2 ইয়াৰ উপৰিও ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰ ভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;
\v 3 এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷
\v 4 তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। \f + \ft যিহি 33:11;2 পি 3:9৷ \f*
\s5
\p
\v 5 কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্যৰূপী খ্ৰীষ্ট যীচু;
\v 6 তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷ \f + \ft মথি 20:26; মার্ক 10:45; 1 পি 1:18, 19৷ \f*
\v 7 এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ সঁচাকৈয়ে, অনা-যিহুদী সকলৰ কাৰনে মই সত্য-বিশ্বাসৰ ঘোষণাকাৰী আৰু শিক্ষক হলোঁ৷; মই মিছা কোৱা নাই৷
\s5
\p
\v 8 মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
\v 9 সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য বস্ত্ৰৰে নহয়;
\v 10 কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰসভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷ \f + \ft 1 পি 3:1-4 \f*
\s5
\p
\v 11 মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক।
\v 12 শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অনুমতি নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ।
\s5
\p
\v 13 কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল;
\v 14 আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণ ভাৱে ভুলাই অপৰাধত পেলালে; \f + \ft আ 3:1-17 \f*
\v 15 তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷
\s5
\c 3
\p
\v 1 কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাস যোগ্য।
\v 2 এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন
\v 3 আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধন প্ৰেম নকৰা উচিত৷
\s5
\p
\v 4 সেই জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
\v 5 কিয়নো কোনোজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?
\s5
\p
\v 6 তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷
\v 7 ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷
\s5
\p
\v 8 সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷
\v 9 তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷
\v 10 প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক।
\s5
\p
\v 11 পৰিচাৰিকা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাস যোগ্য হয়৷
\v 12 পৰিচাৰক সকলে এগৰাকী ভাৰ্যাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তম ৰূপে শাসন কৰক।
\v 13 কিয়নো যি পৰিচাৰক সকলে উত্তম ৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷
\s5
\p
\v 14 মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছোঁ৷
\v 15 কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ \f + \ft মথি 16:18 \f* আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
\s5
\p
\v 16 আৰু একেলগে আমি একমত হৈ কওঁ যে,
\q1 “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷
\q1 তেওঁ মাংসত প্ৰকাশিত হ’ল,
\q1 আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল,
\q1 দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল,
\q1 অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল,
\q1 জগতত বিশ্বাস কৰা হ’ল,
\q1 প্ৰতাপত তুলি নিয়া হ’ল।”
\s5
\c 4
\p
\v 1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিব লগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ \f + \ft মথি 24:5, 11, 24; পি 2:1, 2 \f* ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
\v 2 কপট আচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
\s5
\p
\v 3 এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
\v 4 কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে একোৱেই অগ্ৰাহ্য নহয়,
\v 5 যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
\s5
\p
\v 6 এই সকলো কথা ভাই সকলক মনত পেলাই দিলে তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷ \f + \ft যিৰি 15:26; 1 পি 2:2 \f*
\v 7 কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
\v 8 কিয়নো শৰীৰ চর্চ্চাই অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
\s5
\p
\v 9 এই কথা বিশ্বাস যোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
\v 10 কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ।
\s5
\p
\v 11 তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা।
\v 12 তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
\v 13 মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা।
\s5
\p
\v 14 যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
\v 15 এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব।
\v 16 তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা \f + \ft 1 কৰ 9:22; যাক 5:20 \f*
\s5
\c 5
\p
\v 1 বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
\v 2 বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।
\s5
\p
\v 3 যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা।
\v 4 কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
\s5
\p
\v 5 কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক।
\v 6 কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
\s5
\p
\v 7 এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
\v 8 কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
\s5
\p
\v 9 এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
\v 10 তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
\s5
\p
\v 11 কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
\v 12 এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰাৰ কাৰণে পাপত আৱদ্ধ হয়।
\v 13 ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
\s5
\p
\v 14 এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুনৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
\v 15 কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল।
\v 16 যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক যাতে মণ্ডলীয়ে স্বৰূপ বিধৱা সকলক সাহায্য কৰিব পাৰে।
\s5
\p
\v 17 যি যি পৰিচাৰক সকলে উত্তম ৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
\v 18 কিয়নো শাস্ত্ৰত কৈছে \f + \ft দ্বি বি 25:4; লূক 10:7 \f* “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
\s5
\p
\v 19 পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।
\v 20 আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।
\s5
\p
\v 21 ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।। \f + \ft দ্বি বি 1:16, 17 \f*
\v 22 কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
\s5
\p
\v 23 তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ অলপ দ্ৰাক্ষাৰস পান কৰিবা।
\v 24 কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
\v 25 ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।
\s5
\c 6
\p
\v 1 ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে যুৱলিৰ অধীন হোৱা দাস সকলে \f + \ft ইফি 6:5-9; কল 2:9, 10; তীত 2:9, 10 \f* নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।
\v 2 আৰু যি সকল দাস প্রভুৰ বিশ্বাসী, তেওঁলোক পৰস্পৰ ভাই। সেই বাবে দাস বিলাকে তেওঁলোকক অসন্মান কৰা উচিত নহয়। বৰং তেওঁলোকে আৰু ভালদৰে পৰিচৰ্য্যা কৰা কৰা উচিত, যিহেতু যি সকলে সেৱা লাভ কৰিছে, তেওঁলোকো বিশ্বাসী আৰু প্রিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা।
\s5
\p
\v 3 কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰিক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷
\v 4 তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধ ৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
\v 5 মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
\s5
\p
\v 6 কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰ ভক্তিতে সকলো লাভ বিলীন হৈ থাকে। \f + \ft গীত 37:16; হিতো 15:16, 17; 1 তী 4:8; ইব্ৰী 13:5 \f*
\v 7 আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
\v 8 সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷
\s5
\p
\v 9 কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
\v 10 ধন প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
\s5
\p
\v 11 কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক অনুসৰণ কৰা।
\v 12 বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
\s5
\p
\v 13 সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰ ৰূপে সাক্ষ্য \f + \ft যো 18:36, 37 \f* দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
\v 14 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷
\s5
\p
\v 15 সেই পৰম ধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
\v 16 যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ \f + \ft যা 33:20; যো 1:18; 6:46 \f* তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
\s5
\p
\v 17 যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্য ৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷
\v 18 তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত।
\v 19 আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। \f + \ft মথি 6:19-21; 19:21; লূক 16:9 \f*
\s5
\p
\v 20 হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা
\v 21 কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।