as_act_text_reg/02/29.txt

1 line
1.1 KiB
Plaintext

\v 29 হে ভাই সকল, পিতৃকুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷ \v 30 কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি অঙ্গীকাৰ কৰিছিল, \v 31 সেই অঙ্গীকাৰৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে- \p "তেওঁক পৰলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷" \p