as_act_text_reg/04/13.txt

1 line
690 B
Plaintext

\v 13 পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল। \v 14 সেই সুস্থ হোৱা লোকজন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে। \p