as_act_text_reg/04/01.txt

1 line
1.3 KiB
Plaintext

\v 1 পিতৰ আৰু যোহনে লোকসমূহৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷ \v 2 পিতৰ আৰু যোহনে লোকসকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃতলোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ'ল। \v 3 তেওঁঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে। \v 4 কিন্তু যিসকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসীসকলৰ সংখ্যা হিচাপ কৰোতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল। \p