as_act_text_reg/03/11.txt

1 line
967 B
Plaintext

\v 11 সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল। \v 12 ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?