as_act_text_reg/02/37.txt

1 line
1.1 KiB
Plaintext

\v 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনিসকলক তেওঁলোকে কলে, "হে ভাই সকল, আমি এতিয়া কি কৰিম?" \v 38 তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওঁক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ অাত্মা পাব৷ \v 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই অঙ্গীকাৰ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব। \p