as_act_text_reg/02/05.txt

1 line
1.0 KiB
Plaintext

\v 5 সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী সকল আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্তসকল সেই ঠাইত আছিল। \v 6 যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতি জনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনিসকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ'ল; \v 7 তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু কলে, "যি সকলে এই কথা কৈছে, তেওঁলোক গালীলৰ মানুহ নহয় নে?